United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War

United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War Question Answer can be of great value to excel in the examination.

United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War

Join Telegram channel

United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War Notes cover all the exercise questions in UGC Syllabus. The United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৭। কেতিয়া আফগানিস্তান প্রজাতন্ত্ৰ বুলি ঘোষিত হয়?

উত্তৰঃ ইং ১৯৭৩ চন।

৮। আফগানিস্তানৰ শেষ ৰজাজনৰ নাম কি?

উত্তৰঃ জাহিৰ চাহ।

৯। আফগানিস্তানৰ প্ৰথম ৰাষ্ট্ৰপতি কোন?

উত্তৰঃ যহঃ ডাউদ খা।

১০। কোন ৰাজনৈতিক দলৰ সহায়ত আফগানিস্তানৰ প্ৰথম ৰাষ্ট্ৰপতি ডাউদ খাই শাসন পাইছিল?

উত্তৰঃ পিপলচ ডেমক্রেটিক পার্টি।

১১। আফগানিস্তানৰ পিপলচ ডেমক্রেটিক পাৰ্টিৰ আদৰ্শ কি?

উত্তৰঃ সাম্যবাদ।

১২। আফগানিস্তানৰ পিপলচ ডেমক্রেটিক পাৰ্টিৰ জন্ম কেতিয়া?

উত্তৰঃ ইং ১৯৬৫ চন।

১৩। মুজাহিদীন মানে কি?

উত্তৰঃ মুজাহিদীন মানে হৈছে সেই সকল মুছলিম লোক যিসকলে গৰিলা যুদ্ধৰ কৌশলেৰে ইছলাম বিৰোধীৰ লগত যুজ দিয়ে। আফগানিস্তান মুজাহিদীন সকলে প্রথমে চোভিয়েট আগ্ৰাসনত্ শংকিত হৈছিল আৰু আফগানিস্তানৰ সাম্যবাদী চৰকাৰৰ বিৰুদ্ধে যুজ দিছিল।

১৪। তালিবান মানে কি?

উত্তৰঃ সহজভাবে তালিবানৰ অৰ্থ হৈছে ইছলাম ধৰ্মীয় শিক্ষাৰ ছাত্ৰ (তালি)। ইছলাম ধর্ম ৰক্ষাৰ্থে প্ৰথমতে পাকিস্তানৰ মাদ্ৰাছা স্কুলত অস্ত্ৰ শস্ত্ৰৰে প্ৰশিক্ষণ দি যুদ্ধৰ বাবে সাজু কৰি তোলা হৈছিল। এই সকলক ইছলাম ধৰ্মৰ কঠোৰ পন্থী আছে ধৰ্ম যুদ্ধ ক্ষেত্ৰৰ যুজাৰু হ’বলৈ প্রশিক্ষণ সম্পূৰ্ণকৈ দিয়া যায়।

১৫। ছোভিয়েট ৰাছিয়াৰ আফগানিস্তান আক্ৰমনৰ মূল কাৰণ বা উদ্দেশ্য কি আছিল?

উত্তৰঃ ছোভিয়েট ইউনিয়নে আফগানিস্তানত সাম্যবাদী চৰকাৰ স্থায়ী কৰি পুঁজিজবাদৰ আক্রমনক ৰোধ কৰাৰ লক্ষ্য ৰাখিছিল।

১৬। ছেভিয়েট ইউনিয়নৰ আফগানিস্তান আক্ৰমনৰ সময়সীমা কিমান আছিল?

উত্তৰঃ ইং ১৯৭৯- ইং ১৯৮৮চন।

১৭। কেতিয়া আফগানিস্তানত তালিবানৰ উৎপত্তি হৈছিল?

উত্তৰঃ ইং ১৯৯৪ চন।

১৮। মুজাহিদীন গ্রুপক সমৰ্থন কৰা বৈদেশীক ৰাষ্ট্ৰবোৰ কি কি আছিল?

উত্তৰঃ পাকিস্তান, চৌদি আৰৱ আৰু আমেৰিকা যুক্তৰাষ্ট।

১৯। আফগানিস্তানত কিমান বছৰ তালিবানৰ শাসন চলিছিল?

উত্তৰঃ ইং ১৯৯৬-২০০১ চনলৈ।

২০। কেতিয়া আফগানিস্তানত তালিবানৰ শাসন ওফৰাই পেলোৱা হয়?

উত্তৰঃ আমেৰিকা আফগানিস্তানৰ আক্ৰমণ (অক্টোবৰ-ডিচেম্বৰ, ২০০১) ৰ লগে লগে তালিবান চৰকাৰ উৎখাত হয়।

২১। কোন নেতাই তালিবান শক্তিৰ বিৰুদ্ধে নিজৰ অঞ্চলৰ শাসন ৰক্ষা কৰি চলিছিল?

উত্তৰঃ আহমদ চাহ যাচুদ।

২২। “…..both men and women are Created by the Almighty Both have equal rights….. Women can play a role in Society ….. just like men.” মাফগানিস্তানৰ কোন জন নেতাৰ বক্তব্য?

উত্তৰঃ আহমদ চাহ মাচুদ ।

২৩। কেতিয়া আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ সুউচ্চ যুগ্ম অট্টালিকা ধ্বংস কৰা হৈছিল?

উত্তৰঃ ১১ চেপ্তেম্বৰ, ২০০১ চন, যাক ৯/১১ বুলি বিশ্বই মনত ৰাখিছে।

২৪। কোন সন্ত্রাসবাদী সংগঠনক আমেৰিকাৰ বিশ বাণিজ্য কেন্দ্ৰৰ যুগ্ম অট্টালিকা ধ্বংস কৰাৰ কাৰ্যত দায়ী কৰা হৈছিল?

উত্তৰঃ ওচমা বিন লাডেনৰ আল কয়েদা সংগঠনক।

২৫। ১৯৯৬-২০০১ ইং চনৰ আফগানিস্তানৰ গৃহযুদ্ধ কাৰ কাৰ মাজত চলিছিল?

উত্তৰঃ তালিকাবানী পক্ষ আৰু নৰ্থান (Northern) মিত্ৰপক্ষৰ মাজত।

২৬। আমেৰিকাৰ আফগান আক্ৰমন সময়ত ইয়াৰ প্ৰধান বন্ধু ৰাষ্ট্ৰ কোন আছিল?

উত্তৰঃ ইংলেণ্ড।

২৭। আমেৰিকাৰ আফগনিস্তান আক্ৰমনৰ অভিষানটোৰ নাম কি আছিল?

উত্তৰঃ অপাৰেচন ইনডিউৰিং ফ্রিডম (Operation Enduring Freedom)।

২৮। আমেৰিকাৰ কোনজন ৰাষ্ট্ৰপতিৰ নেতৃত্বত “Operation Enduring Freedom”ৰ অভিযান আফগানিস্তানত চলোৱা হৈছিল?

উত্তৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুচ।

২৯। আল কায়েদা সন্ত্রাসবাদী সংগঠনৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ ওচামা বিন লাডেন।

৩০। তালিবানৰ নেতৃত্বত থকা ব্যক্তিজন কোন?

উত্তৰঃ মহঃ ওমাৰ।

৩১। কেতিয়া ৰাষ্ট্ৰসংঘৰ সাহায্য অভিযান (UN Assistance Mission) আফগানিস্তানৰ বাবে লোৱা হৈছিল?

উত্তৰঃ মাৰ্চ, ২০০২ ইং চন।

৩২। কোনে নিৰাপত্তা পৰিষদৰ পৰা ‘International Security Assistance Force’ গঠন কৰাৰ কৰ্তৃত্ব পায়?

উত্তৰঃ আমেৰিকা যুক্তৰা; আৰু নেটো (NATO) য়ে।

৩৩। বিশ্বৰ কোনখন দেশ সন্ত্রাসবাদত আটাইতকৈ ক্ষতি গ্রস্ত হয়?

উত্তৰঃ আফগানিস্তান (Institute of Economics and Peace) ।

৩৪। বিশ্বৰ কোনটো সন্ত্রাসবাদী সংগঠনক আটাইতকৈ মাৰাত্মক বুলি কোৱা হয়?

উত্তৰঃ তালিবান গ্ৰুপক।

৩৫। ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি ‘PEACE’ ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ Poverty Eradication and Community Empowerment ।

চমু প্রশ্নোত্তৰঃ

১। কোন কোন জনগোষ্ঠীৰ লোক আফগানিস্তানৰ বাসিন্দা?

উত্তৰঃ আফগানিস্তানত বাস কৰা জনগোষ্ঠীবোৰ হৈছে—

নাম সমূহ – জনসংখ্যাৰ শতকৰা হিচাপ

(ক) পাঠান – ৪২

(খ) তাজিক – ২৭

(গ) হাজৰা – ৯

(ঘ) উজবেক – ৯

(ঙ) আইযাক আৰু অন্যান্য – ৪

২। আফগানিস্তান ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ নে?

উত্তৰঃ ই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ নহয়। ৯৯ শতাংশ লোক ইছলামধৰ্মী। অৱশ্যে চৰকাৰী ভাবে ১৯৯২ চনতহে ই ইছলামি ৰাষ্ট্ৰ হিচাপে ঘোষিত হৈছিল আৰু ই চৰকাৰী ভাবে ইছলামিক ৰাষ্ট্ৰ হিচাপে জনা যায়।

৩। আফগানিস্তানৰ চাৰিসীমাত থকা ৰাষ্ট্ৰবোৰ কি কি?

উত্তৰঃ আফগানিস্তানৰ পূৱ আৰু দক্ষিণত পাকিস্তান, পশ্চিমত ইৰান, উত্তৰত তুর্কমেনিস্তান, উজবেকিস্তান আৰু তাজিকিস্তান আৰু উত্তৰ-পূৱত ৰঙা চীন আছে।

৪। আফগানিস্তান চৰকাৰ আৰু পাকিস্তান চৰকাৰৰ মাজৰ বিবাদৰ কাৰণ কি আছিল?

উত্তৰঃ দুয়োখন ৰাষ্ট্ৰৰ সীমা (Durand fine) সমস্যাক লৈ মতভেদ আছে। তদুপৰি পাকিস্তান চৰকাৰে আফগানিস্তানৰ সন্ত্রাসবাদী সংগঠনমূলক সহায় কৰাক লৈ দুয়োপক্ষৰ মাজৰ সম্পৰ্ক জটিল আছে।

৫। মুজাহিদীন সকলৰ আক্ৰমণৰ লক্ষ্য কি আছিল?

উত্তৰঃ মুজাহিদীন সকলৰ আক্ৰমনৰ লক্ষ্য আছিল চোভিয়েট বাহিনীৰ আক্ৰমনক বাধা দিয়া, আফগানিস্তানৰ সাম্যবাদৰ অনুগামী চৰকাৰক প্ৰতিহত কৰা আৰু ইছলাম বিৰোধী আচৰণ ৰোধ কৰা।

৬। তালিবান সকলৰ আক্ৰমণৰ লক্ষ্য কি আছিল?

উত্তৰঃ তালিবানৰ সকল ইছলাম ধৰ্মৰ মৌলবাদী যিসকলে ইছলামৰ বিৰোধ কৰা কাৰ্যক প্রতিহত কৰা, আফগানিস্তানৰ চৰকাৰ উৎখাত কৰি ধৰ্মীয় ৰাষ্ট্ৰৰ শাসন প্রতিষ্ঠান কৰা আৰু আমেৰিকাৰ আফগানিস্তানৰ আক্ৰমণক ওফৰাই দিয়াৰ লক্ষ্য ৰাখে।

৭। কিয় আৰু কি কাৰণে বা উদ্দেশ্যত আমেৰিকাই আফগানিস্তান আক্রমণ চলায়?

উত্তৰঃ ২০০১ চনৰ ১১ চেপ্তেম্বৰত আমেৰিকাৰ ৱাছিংটন চহৰত থকা বিশ্ব বাণিজ্য কেন্দ্ৰৰ যুগ্ম অট্টালিকা আফগানিস্তানৰ আল কায়েদা সন্ত্রাসবাদী সংগঠনৰ দ্বাৰা ধ্বংস হোৱাৰ পৰিণাম স্বৰূপে আমেৰিকাই আল কায়েদাকউৎখাত কৰিবলৈ আৰু তালিবানক ক্ষমতাৰ পৰা আঁতৰ কৰাৰ উদ্দেশ্যত আফগানিস্তান আক্রমন কৰে (৭ অক্টোবৰ, ২০০১ চন)।

৮। তোৰা বৰা যুদ্ধমান কি?

উত্তৰঃ আমেৰিকাৰ আফগান আক্ৰমনৰ এক যুদ্ধ। তোৰা বৰা আছিল আল-কায়েদা সংগঠনৰ প্রধান কার্যালয় আৰু ওচামা বিন লাডেন তাত আছিল বুলি ভাবিছিল। সেয়ে আমেৰিকা আৰু ইয়াৰ বন্ধু ৰাষ্ট্ৰবোৰে তোৰা বৰাত আক্ৰমন চলাই তালিবানক পৰাস্ত কৰিছিল। কিন্তু ওচামা বিন লাডেন আন ঠাইলৈ পলাই যোৱাৰ বাবে কাৰায়ত্ব নহ’ল।

৯। আমেৰিকাই আফগানিস্তানত আক্রমণ চলোৱা অভিযানবোৰ কি কি আছিল?

উত্তৰঃ আমেৰিকাৰ নেতৃত্বত চলা অভিযানবোৰ আছিল Operation valiant strike – 2003, Operation Asbury Park-2004, Operation Red Wings – 2005, Operation Whalers-2005 আদি। নেটো (NATO) ৰ নেতৃত্বত হোৱা অভিযানৰ নাম আছিল Operation Medusa-2006 আৰু Operation Mountain fury-2006-07 আদি।

১০। আফগান নাগৰিকৰ সুৰক্ষা আৰু বিকাশৰ বাবে ৰাষ্ট্ৰসংঘৰ কি কি আঁচনি আছিল? (চাৰিখনৰ নাম উল্লেখ কৰা)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বিকাশ (উন্নয়ন) আঁচনি, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি, ৰাষ্ট্ৰসংঘৰ শিশু নিধি আৰু শৰনাৰ্থীৰ ৰাষ্ট্ৰসংঘৰ উচ্চায়ুক্ত ।

১১। আফগানিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ নাম কেইটামান লিখা।

উত্তৰঃ আফগানিস্তান সন্ত্রাসবাদৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্রস্ত। আফগান চৰকাৰ প্ৰতিৰক্ষা বিভাগৰ সূত্ৰমতে ২০ টা আন্তর্জাতিক আৰু আঞ্চলিক সন্ত্রাসবাদী সংগঠনে আফগান চৰকাৰৰ বিৰুদ্ধে যুজ কৰি আছে। সেইবোৰল— হাক্কানি নেটওৱৰ্ক, অল কায়দা নেওৱৰ্ক, ডাশ (Daesh) গ্রুপ, লস্কৰ-ই-তাইবা, জইচ-ই-মহম্মদ, মুজাহিদ্দীন ইউনাইটেদ কাউন্সিল ইত্যাদি। সন্ত্রাসবাদী সকলৰ বেছিভাগেই পাকিস্তানৰ পৰা সৃষ্টি আৰু আন কিছুমান আফগানিস্তানৰ পৰা উৎপত্তি হয়। তালিবান হৈছে বিশ্বৰ ভিতৰত মাত্মক সংগঠন।

১২। চোভিয়েট ৰাছিয়াই আফগানিস্তানৰ ওপৰত আক্ৰমন চলোৱা উদ্দেশ্য বা অভিযান কি আছিল?

উত্তৰঃ শীতল যুদ্ধৰ শংকাৰ বাবে চোভিয়েট ৰাছিয়ান আফগানিস্তানৰ ওপৰত আক্ৰমন চলাইছিল। ইতিমধ্যে আফগানিস্তানৰ সীমামূৰীয়া ৰাষ্ট্ৰ-পাকিস্তান আৰু ইৰানত পুঁজিবাদৰ প্ৰভাৱত পৰিছিল। সেয়ে আফগানিস্তানক পুঁজিবাদৰ প্ৰভাৱৰ ঠাইত সাম্যবাদৰ প্ৰভাৱ পেলাবৰ উদ্দেশ্য, সাম্যবাদী আদৰ্শৰ সামৰিক নেতা আৰু পিপলচ ডেমক্রেটিক পাৰ্টিৰ উত্থানত সহায় কৰিছিল। কিন্তু যেতিয়া পিপলচ ডেমক্রেটিক পার্টিক ক্ষমতাচ্যুত বা প্ৰভাৱ নাইকীয়া কৰিব ধৰিছিল তেতিয়া ১৯৭৯ চনৰ ২৪ ডিচেম্বৰত চোভিয়েট ৰাছিয়াই আফগানিস্তান আক্রমন কৰে আৰু তাত তেওঁলোকৰ পচন্দৰ চৰকাৰ প্ৰতিষ্ঠা কৰে।

১৩। আফগানিস্তানৰ সাংবিধানীক শাসনতন্ত্ৰৰ পৰিবৰ্তনৰ ৰূপৰেখা চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ আফগানিস্তানত চোভিয়েট ইউনিয়নৰ আক্ৰমন হোৱাৰ পৰা তাত অশান্তিয়ে বাহ ললে আৰু বৰ্তমান আফগানিস্তান বিশ্বৰ ভিতৰতে সন্ত্রাসবাদৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্রস্ত দেশ বুলি চিহ্নিত হৈছে। সেয়ে আফগানিস্তানত সঘনে সাংবিধানিক শাসনতন্ত্র সলনি আহি আছে। তাৰ পৰিৱৰ্তনবোৰ এনে ধৰণৰ–

(ক) ১৯১৯ চনৰ ১৯ আগষ্ঠৰ তৃতীয় এংলো — আফগানৰ ৰাৱালপিন্দিৰ চুক্তিৰে ৰজা আমানুল্লাহ খানে আফগানিস্তানক সার্বভৌম ৰাষ্ট্ৰ বুলি ঘোষণা কৰে আৰু ১৯৭৩ চনলৈ ৰাজতন্ত্র ব্যৱস্থা চলে।

(খ) ১৯৭৩-১৯৭৮ ইং চনলৈ ৰাজতন্ত্ৰৰ ঠাইত প্রজাতন্ত্র প্রতিষ্ঠা হয় আৰু ৫ বছৰ প্রজাতন্ত্ৰৰ শাসন চলে।

(গ) ১৯৭৮-১৯৮৭ ইং চনত আফগানিস্তানত গণতান্ত্রিক প্রজাতন্ত্ৰৰ শাসন চলিছিল।

(ঘ) ১৯৮৭-১৯৯২ ইং চনত পুনৰ প্ৰজাতন্ত্র প্রতিষ্ঠা হয়।

(ঙ) ১৯৯২-২০০২ ইং চনত ইছলামিক ৰাষ্ট্ৰ ঘোষিত হয়।

(চ) ২০০২-২০০৪ ইং চনত ট্রেনজিশ্বনেল ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা হয়।

(ছ) ২০০৪- বৰ্তমানলৈ ইছলামিক গণৰাজ্যৰ শাসন চলি আছে।

১৪। ‘Six plus two’ গ্ৰুপৰদেশসমূহ কি কি আৰু ইয়াৰ উদ্দেশ্য কি চমুকৈ লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘই আফগান সমস্যাসমাধানৰ বাবে চলোৱা প্ৰচেষ্টা সমূহৰ ভিতৰত ‘Six plus two’ (১৯৯৭-২০০১) প্রচেষ্টাও এটা অন্যতম আছিল। এই গ্ৰুপৰ দেশবোৰ আছিল আফগানিস্তানৰ চাৰিসীমাত থকা ৰাষ্ট্ৰসমূহ (পাকিস্তান, ইৰান, টাজিকিস্তান, তার্কনিস্তান, উজবেকিস্তান আৰু চীন) ৰ সৈতে চোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট। এই গ্ৰুপৰ আলোচনাত সকলোৱে এক মতত উপনিত হৈছিল আৰু আফগানৰ ৰাজনৈতিক সমাধানত আফগান লোকক সহায় কৰিব, সকলো জনগোষ্ঠীৰ মুক্ত পচন্দৰ ভিত্তিত চৰকাৰ গঠন কৰাত সহায় কৰিব, তালিবান শাসন আৰু সন্ত্রাসবাদৰ পৰা আফগান লোকক উদ্ধাৰ কৰিব আৰু আল কায়েদাৰ নেটৱৰ্ক নিঃশেষ কৰাত আগবাঢ়িব। লগতে আফগান শৰণাৰ্থীৰ সমস্যা সমাধানৰ বাবেও কাম কৰাৰ লক্ষ্য ৰাখে।

১৫। আফগানিস্তানৰ সংকটৰ মূল কাৰণবোৰ চিহ্নিত কৰা আৰু চমুকৈ লিখা।

উত্তৰঃ বিশ্বৰ সংকটৰ দেশসমূহৰ ভিতৰত আফগানিস্তান এক অন্যতম। আফগানিস্তানত শান্তি আৰু নিৰাপত্তা সৃষ্টি কৰিবলৈ ৰাষ্ট্ৰসংঘইও হাৰ মানিব লগা হৈছে। আফগানিস্তানত সংকট সৃষ্টি হোৱাৰ মূল কাৰণবোৰ তলত বৰ্ণনা কৰা হ’ল।

(ক) ভৌগোলিক অৱস্থিতি – আফগানিস্তান মধ্য এছিয়াৰ কেন্দ্ৰস্বৰূপ। ভৌগোলিক ভাবে ই সুবিধাজনক স্থিতিত থাকিলেও সামৰিক দিশত দুৰ্বল দেশ হোৱা বাবে বিশ্বৰ আন আন উন্নত দেশবোৰে বিশেষকৈ চোভিয়েট ৰাছিয়া, আমেৰিকা, ইৰান আৰু পাকিস্তান চৰকাৰে ইয়াৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ চলাই সংকট ঘনীভূত কৰিছে।

(খ) আভ্যন্তৰীণ ক্ষমতাৰ লালসৰে ৰাজনীতি – আফগানিস্তান বিভিন্ন জনগোষ্ঠীৰ স্থান। তদুপৰি ই মুছলিম প্রধান ঠাই হলেও ইয়াৰ জনগণ আধুনিক সংস্কাৰৰ পক্ষপাতি নহয়। ফলত বিভিন্ন জনগোষ্ঠীৰ মাজত কেইবাটাও বিদ্রোহী সংগঠন গঢ় লৈ আফগানৰ শান্তি নোহোৱা কৰিছে ।

(গ) অনুন্নত অর্থনৈতিক অৱস্থা – অর্থনৈতিক দুৰাৱস্থা আফগান সমস্যা দৃষ্টিৰ আন এটা কাৰণ। আফগানিস্তান বহু বছৰ ৰাজতন্ত্ৰৰ শাসনত আছিল। লগতে মুছলিম প্রধান সমাজ ৰক্ষণশীল আছিল। গতিকে অর্থনৈতিক অৱস্থাৰ গতিশীলতাৰ অভাবে সমস্যা ভয়াবহ কৰি তুলিছিল।

(ঘ) শীতল যুদ্ধৰ সংঘাত – শীতল যুদ্ধৰ সংঘাত আছিল আফগান সমস্যাৰ এক মূল কাৰণ। চোভিয়েট ৰাছিয়াই ভাবিছিল যদি আফগানিস্তানত পূজিবাদে খোপনি লয় তেতিয়া তেওঁলোকৰ প্ৰতি ডাঙৰ প্ৰত্যাহবান হ’ব আৰু সেয়ে পুঁজিবাদৰ প্ৰভাৱৰ পৰা আফগানিস্তানক ৰক্ষা কৰি থাকিবৰ বাবে ইয়ে আফগানিস্তান আক্রমন কৰে। ফলত সংকট জটিল হৈ উঠে।

(ঙ) তৎকালীন কাৰণ – ৭০ ৰ দশকত সমাজবাদী ভাৱদৰ্শৰ দ্বাৰা প্ৰভাৱিত আফগানিস্তানৰ পিপলচ ডেমক্রেটিক পার্টিক পাৰ্টিৰ নেতৃত্বত এক সামৰিক উত্থান হৈ প্ৰজাতন্ত্র প্রতিষ্ঠা কৰে আৰু ই আফগানৰ সামাজিক অর্থনৈতিক সংস্কাৰৰ বাবে আগবাঢ়ে। কিন্তু জনগোষ্ঠীয় মুছলমানে সংস্কাৰৰ পক্ষপতি আছিল আৰু বিপৰীত স্থান লোৱাৰ লগে লগে সংঘাত তীব্র হয়। বিদ্ৰোহীৰ পক্ষত পাকিস্তান আৰু আমেৰিকাই থিয় দিয়াত এই পৰিস্থিতি ভয়ানক ৰূপ লয় আৰু আজি পর্যন্ত আফগানিস্তান সংকটৰ পৰা উদ্ধাৰ হ’ব পৰা নাই।

১৬। আমেৰিকাই আফগানিস্তান আক্ৰমন কৰাৰ ফলস্বৰূপে কি কি তাৎক্ষনিক পৰিৱৰ্তন হৈছিল?

উত্তৰঃ আমেৰিকাৰ আফগানিস্তান যুদ্ধ ইং ২০০১ চনৰ ৭ অক্টোবৰত আৰম্ভ হয় আৰু ১৭ ডিচেম্বৰত শেষ হয়। এই আক্ৰমনৰ ফলস্বৰূপে তলৰ পৰিৱৰ্তনবোৰ দেখা পোৱা যায়।

(ক) আফগানিস্তানত তালিবান চৰকাৰৰ পতন ঘটে।

(খ) আফগানিস্তানত অন্তৱৰ্তী প্রশাসন গঠন হয়।

(গ) আন্তর্জাতিক নিৰাপত্তা সহায়ক বাহিনী (ISAF) গঠন কৰা হয়।

(ঘ) ১৯৯৬-২০০১ ইং চনৰ গৃহযুদ্ধৰো অৱসান ঘটে।

(ঙ) তালিবানৰ সন্ত্ৰাসবাদী কার্যকলাপ পুনৰ মূৰ দাঙি উঠে।

১৭। ৰাষ্ট্ৰসংঘৰ সহায়ক অভিযান (UN Assistance Mission in Afghan, 2002), ২০০২ ৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ আফগান চৰকাৰৰ অনুৰোধ মৰ্মে ২০০২ চনৰ মাৰ্চ মাহত নিৰাপত্তা পৰিষদে (সিদ্ধান্ত নং ১৪০১) এই ৰাজনৈতিক অভিযান-আফগানিস্তানৰ শান্তি ৰক্ষাৰ বাবে গ্ৰহণকৰে। এই অভিযানৰ ম্যাদ ২০২১ ইং চনৰ চেপ্তেম্বৰ মাহলৈ বঢ়োৱা হৈছে। এই অভিযানৰ মূল কাম হৈছে শান্তি, নিৰাপত্তা আৰু গণতন্ত্র প্রতিষ্ঠা কৰা। তাৰ বাবে এই অভিযানে আফগানিস্তানত ৰাজনৈতিক সংহতিৰ কাৰ্য কৰিব, নির্বাচন সত্তাৰ কাম কৰিব, স্থানীয় চৰকাৰৰ গঠনৰ ক্ষেত্ৰত সহায় কৰিব, আইনৰ শাসন আৰু মানৱ অধিকাৰ ৰক্ষাৰ বাবে চেষ্টা কৰিব, আঞ্চলিক আৰু আন্তর্জাতিক সহযোগিতাৰ উৎকৰ্ষত সহায় কৰিব ইত্যাদিৰে ৰাষ্ট্ৰীয় সক্ষমতা বৃদ্ধিৰ লক্ষ্য ৰাখিছে। NATO ৰ যোগেদিও আফগানিস্তানৰ নিৰাপত্তা আৰু উন্নয়নৰ কাম আগবঢ়াই নিছে। এই আঁচনিৰ হৈ ১২০০ তকৈ অধিক বিষয়াই সেৱা আগবঢ়াই আছে।

ৰাষ্ট্ৰসংঘৰ এই আঁচনিকে ধৰি ইয়াৰ অধীনত আৰু আন আন বহুতো অনুষ্ঠানৰ কাৰ্যব্যৱস্থাই আফগানিস্তানৰ শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। তথাপি সন্ত্ৰাসবাদীৰ বৰ্ধিত কার্যকলাপে ৰাষ্ট্ৰ সংঘৰ শাস্তি উদ্দেশ্যত ব্যাঘাত জন্মাই আছে।

১৮। আফগানিস্তানৰ তালিবান শাসনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৰ্তমান বিশ্বৰ ভিতৰত তালিবান হৈছে আটাইতকৈ মাৰাত্মক বিদ্রোহী সংগঠন। ১৯৯৪ চনত মাদ্ৰাছা স্কুলত প্রশিক্ষন প্রাপ্ত কেইজনমান ছাত্ৰক লৈ থোল্লাহ ওমাৰে তালিবান পন্থা সৃষ্টি কৰিছিল। তালিবান ইছলামৰ গোড়া মৌলবাদী এক সংগঠন। তালিবান সকলে দক্ষিণ আফগানিস্তানৰ ভালেমান অঞ্চল নিজৰ নিয়ন্ত্ৰন আনিব পাৰিছিল। ইতিমধ্যে ১৯৯২ চনত আফগানিস্তানত চোভিয়েটৰ পুতলা চৰকাৰৰ নেতা নাজিবুল্লাহে পদত্যাগ কৰে আৰু শান্তি প্ৰক্ৰিয়াৰ বাবে আহব্বান জনায়। কিন্তু তালিবান পন্থীয়ে শান্তি প্রক্রিয়াত অংশ লবলৈ অস্বীকাৰ কৰে আৰু কাবুলত যধে মধে গুলিবর্ষন কৰে কিন্তু ১৯৯৫ চনৰ যুদ্ধত ই সফল হ’ব নোৱাৰিলে। ১৯৯৬ ইং চনত পাকিস্তান আৰু চৌদি আৰৱৰ সামৰিক আৰু আৰ্থিক শক্তিৰ সমৰ্থনেৰে তালিবান পক্ষই পুনৰ আক্ৰমন কৰি ২৭ চেপ্তেম্বৰত Islamic Emirate শাসন আফগানিস্তানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

১৯৯৬ চনৰ পৰা আমেৰিকাৰ আফগান আক্ৰমনৰ সময়লৈকে আফগানিস্তানত তালিবানৰ কঠোৰ শাসন চলিছিল। ‘ইছলামৰ ধাৰ্মিক মৌলবাদীৰ তলত হাজাৰ হাজাৰ লোকৰ জীৱন নাশ হৈছিল, অন্যায় অত্যাচাৰ সহিব লগা হৈছিল। মহিলাসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছিল। বোৰ্খা / পৰ্দা পৰিধান কৰিব লাগিছিল, ঘৰত আবদ্ধ হৈ থাকিব লাগিছিল ৰাজহুৱা জীৱন পোৱা নাছিল ইত্যাদি সকলো মানৱ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল বিচাৰ নোহোৱাকৈ তেওঁলোকৰ ইচ্ছাত মানুহক হত্যা কৰা হৈছিল, আটক কৰা হৈছিল, চিয়া পন্থীসকলৰ নিঃশেষ কৰা হৈছিল, ইৰানীয়ান সৈন্য, আমেৰিকান সৈন্যক হত্যা কৰা হৈছিল। তালিবান সকলে ১৫ বাৰকৈ গণহত্যা সংঘটিত কৰি আফগানিস্তানৰ শান্তি আৰু নিৰাপত্তা নোহোৱা কৰিছিল। তালিবান পুষ্ট আল-কায়েদাই আমেৰিকাত ৯/১১ ৰ ধ্বংসৰে বিশ্বক কপাই তুলিছিল আৰু তাৰ পোতক স্বৰূপে আমেৰিকাই আলকায়েদাক নিঃশেষ কৰাৰ কাৰণে আৰু তালিবানক ক্ষমতাৰ পৰা উৎখাত কৰাৰ লক্ষৰে আফগানিস্তানত আক্রমন চলায়, আলকায়েদাৰ নেতাওচামা বিন লাডেনক হত্যা কৰে আৰু তালিবান শাসনৰ ওৰ পেলায়।

তালিবানৰ শাসনৰ পৰিণাম স্বৰূপে – (ক) আফগানিস্তানৰ শান্তি নিৰাপত্তা আৰু প্ৰগতি বহু পিছ পৰি যায়। 

(খ) লাখ লাখ লোকৰ জীৱন শেষ হয়, শৰণাৰ্থী হয়, গণতন্ত্র, আইনৰ শাসন, মানৱ অধিকাৰ ধূলিসাৎ হয়। 

(গ) সন্ত্রাসবাদী কার্যকলাপে আন দেশলৈ প্ৰসাৰিত হৈ বিশ্ব শাস্তিৰ ভাবুকি হৈ উঠে। 

(ঘ) পাকিস্তানে তালিবানক সহায় কৰি আফগানিস্তানত প্ৰৱেশ কৰে আৰু ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টাত আউল লগায়।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। আফগানিস্তানৰ গৃহযুদ্ধসমূহৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ বিশ্বৰ ভিতৰতে আফগানিস্তান সন্ত্রাসবাদৰ দ্বাৰা বেছিকৈ ক্ষতিগ্রস্ত হোৱা দেশ। ১৯৮৯ ইং চনৰ পৰা আফগানিস্তানত যি মুজাহিদীনৰ দ্বাৰা গৃহকন্দল আৰম্ভ হ’ল তাৰ সংকটৰ জটিলতাই আজিলৈকে আফগানিস্তানক অশান্ত কৰি ৰাখিছে। আফগানিস্তানৰ তালিবান হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ মাৰাত্মক সন্ত্রাসবাদী সংগঠন। তেতিয়াৰ পৰা এতিয়ালৈকে আফগানিস্তানত তিনিবাৰকৈ গৃহযুদ্ধ হৈছে। কাবুল দখলক কেন্দ্ৰ কৰি চৰকাৰী পক্ষ আৰু বিদ্ৰোহী পক্ষৰ যুদ্ধৰ দ্বাৰা আফগানিস্তান জৰ্জৰিত হয় আৰু কেতিয়াবা বিদ্রোহী সংগঠনৰ মাজত চলা যুদ্ধই আফগানিস্তানক ৰক্তাক্ত কৰে। বিশ্বত বিদ্রোহী সংগঠনৰ বাবে যিমান মানুহক মৃত্যু হৈছে অকল আফগানিস্তানতে ৪১ শতাংশৰ মৃত্যু হৈছে, আফগানিস্তানৰ গৃহযুদ্ধ সমূহৰ বৰ্ণনা তলত দিয়া হ’ল—

(ক) আফগান গৃহ যুদ্ধ (১৯৮৯-১৯৯২ ইং চন) – এইখনক আফগানিস্তানৰ প্ৰথম গৃহযুদ্ধ বুলি কোৱা হয়। ই ১৯৮৯ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯৯২ চনৰ ২৭ এপ্ৰিললৈ চলিছিল। এই গৃহযুদ্ধৰ পক্ষ দুটা আছিল – এফালে আফগানিস্তানৰ প্ৰজাতান্ত্রিক চৰকাৰ আৰু ইয়াক সহায় কৰা দেশবোৰ আছিল চোভিয়েট ইউনিয়ন, উবেকিস্তান, তাজিস্তান আৰু তাৰ্কমেনিস্তান আৰু আনফালে আছিল মুজাহিদীন পক্ষ। মুজাহিদীনৰ পক্ষত প্ৰায় ১২ টা বিদ্রোহী সংগঠন (জমাইট-ই-ইছলামি, চুৰা-ইনজৰ, হেজৱ-ইইছলামী গালবুদ্দিন, হৰকত-আই এছ ইছলামী, আদি) আছিল আৰু সহায়ক বিদেশী ৰাষ্ট্ৰবোৰ হ’ল পাকিস্তানৰ আই. এচ. আই (Inter Service Intelligence), চীন, আমেৰিকা, ইৰান আৰু চৌদি আৰৱ।

চোভিয়েট বাহিনী তথা আফগানিস্তানৰ প্ৰজাতান্ত্রিক চৰকাৰৰ বিৰুদ্ধে মুজাহিদীন সকলে আগৰেল পৰা সংগ্ৰাম কৰিছিল। যেতিয়া ১৯৮৯ চনৰ ১৫ ফেব্ৰুৱাৰীত আফগানিস্তানৰ পৰা চোভিয়েট সৈন্য অপসাৰিত হয় তেতিয়া মুজাহিদীন পক্ষ তথা আমেৰিকাই ৩-৬ মাহৰ ভিতৰত কাবুলত নিজৰ শাসন প্রতিষ্ঠা কৰিব পাৰিম বুলি ভাবিছিল। কিন্তু ছেভিয়েট ৰাছিয়াই আফগান চৰকাৰক বহুত অস্ত্ৰ-ধন-সামৰিক বিশেষজ্ঞ দি যোৱাৰ বাবে ১৯৮৯ চনৰ জালালবাদ যুদ্ধত মুজাহিদীন পক্ষই জয়লাভ কৰিব নোৱাৰিলে।

ইতিমধ্যে ১৯৯১ চনত চোভিয়েট ৰাছিয়াৰ পতন ঘটে আৰু ৰাছিয়াই আফগানিস্তানলৈ সাহায্য কৰ্তন কৰে। সেয়েহে ১৯৯২ চনৰ সময়ত আফগানিস্তানৰ নাজিবুল্লাহ চৰকাৰ দুৰ্বল হৈ পৰে আৰু ১৮ মাৰ্চত আফগানিস্তানত এখন নিৰপেক্ষ অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বাবে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰে। কিন্তু নাজিবুল্লাহৰ এই প্ৰস্তাৱ মুজাহিদীনৰ এটা সংগঠনে গ্ৰহণ কৰিলেও আন সংগঠনে গ্ৰহণ নকৰাৰ ফলত কাবুল দখলক লৈ তেওঁলোকৰ মাজত যুদ্ধ চলে। এই সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই শান্তিৰ প্রস্তাব আনিছিল যদিও শেষত গৃহীত নহ’ল। ১৯৯২ চনৰ এপ্ৰিলৰ শেষত মুজাহিদীন সকলৰ মুজাদ্দিদিৰ সভাপতিত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ কাবুল প্রতিষ্ঠিত হয়।

এই গৃহযুদ্ধত নাজিবুল্লাহ চৰকাৰ দখল হোৱাৰ কাৰণ আছিল চোভিয়েটৰ পতন, নাজিবুল্লাহ চৰকাৰৰ বিৰোধী দলৰ মতৰ বিভাজন আৰু চৰকাৰৰ অৰ্থনৈতিক দুৰবস্থা।

(খ) দ্বিতীয় গৃহযুদ্ধ (১৯৯২-১৯৯৬ ইং চন) – ক্ষমতাক লৈ বিদ্রোহী সংগঠনসকলৰ মাজত এই গৃহযুদ্ধ চলিছিল। চৰকাৰীভাবে ১৯৯২ চনত ৰাব্বানীয়ে আফগান ইছলামিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হয়। ১৯৯৪ চনৰ যুদ্ধত ৰাব্বানী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী আহমদ চাহ মাচুদে কাবুল ৰাজধানীক ৰক্ষা কৰিব পাৰিছিল। বিভিন্ন বিদ্রোহী সংগঠনৰ নেতাৰ যুদ্ধৰ বাবে আফগানিস্তানৰ চাৰিওফালে ধ্বংসৰ যজ্ঞ চলিছিল। ১৯৯৪ চনত মোল্লাহ ওমৰে তালিবান গঠন কৰিলে আৰু কান্দাহাৰ প্ৰদেশ দখল কৰে। ১৯৯৫ চনত তালিবান বাহিনীয়ে কাবুল দখল কৰিবলৈ সক্ষম হয়।

তালিবান সকলৰ পাকিস্তানৰ মাদ্ৰাছা বিলাকত প্রশিক্ষণ দিয়া হৈছিল বাবে আফগানৰ দ্বিতীয় গৃহযুদ্ধত পাকিস্তানে তালিবান সকলক সর্বোতপ্ৰকাৰ সহায় কৰিছিল।

(গ) তৃতীয় গৃহযুদ্ধ (১৯৯৬-২০০১ ইং চন) – ১৯৯৬ ইং চনত তালিবান সকলে ইছলামিক এমিৰেট (Islamic Emirate) শাসন প্রতিষ্ঠা কৰে আৰু ইছলাম ধৰ্মৰ গইনালৈ মহিলাৰ সকলো অধিকাৰ খৰ্বৰ কৰে তেওঁলোকক পৰ্দা আৰু ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিব বিচাৰিছিল। সেই সময়ত তালিবান শাসনৰ বিৰুদ্ধে আহমদ চাহ মাচুদ আৰু ডষ্টানৰ নেতৃত্বত এক যৌথ বাহিনী (United Front) গঠন হয় আৰু ইয়াত ৰাছিয়া, ইৰান, তাজিকিস্তান আৰু ভাৰতে সমর্থন দিয়ে। এই বাহিনীয়ে আফগানৰ ৩০ শতাংশ লোকৰ ওপৰত শাসন চলাবলৈ সক্ষম হৈছিল। এনেদৰে দুয়োটা পক্ষৰ যুদ্ধত হাজাৰ হাজাৰ লোকৰ জীৱন আৰু সম্পত্তি ধ্বংস হৈছিল, গৃহহীন হৈছিল, শৰনাৰ্থী হৈছিল। ওচামা বিন লাডেনৰ ০৫৫ বাহিনীয়ে অগনন লোকৰ জীৱন নাশ কৰিছিল। এই সময়ত তালিবান সকলে ১৫ বাৰ গণহত্যা সংঘটিত কৰি আফগানিস্তানক কবৰত পৰিণত কৰিছিল। শেষত আমেৰিকাৰ আফগান আক্রমনে (২০০১ চন ৭ অক্টোবৰ) তালিবানৰ শাসনৰ অন্ত পেলায়।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে চৰকাৰৰ বিৰুদ্ধে সংগ্রাম বা বিদ্রোহ কৰাৰ বিপৰীতে বিদ্ৰোহী সংগঠনৰ সমূহৰ মাজতহে হোৱা যুদ্ধসমূহ বেছি লেখতলবলগীয়া। প্রথম গৃহ যুদ্ধতহে চৰকাৰী পক্ষৰ বিপৰীতে যুঁজ দিয়া হৈছিল। আন বাকী গৃহ যুদ্ধ সমূহ বিদ্রোহী/সন্ত্ৰাসবাদী সংগঠন সমূহৰ ক্ষমতা লাভৰ বাবেহে হৈছিল।

দ্বিতীয়তে আফগানৰ গৃহযুদ্ধত বৈদেশীক দেশ সমূহ জড়িত হোৱা বাবে সমস্যাই জটিল ৰূপ লৈছে।

তৃতীয়তে আফগানিস্তান সন্ত্রাসবাদীৰ জন্ম স্থানৰ দৰেই । ইথান সন্ত্রাসবাদী সংগঠনৰ কার্যকলাপ চলি থকাৰ বাবে আফগানিস্তানত ৰাষ্ট্ৰৰ অৱস্থিতি নাই থকা বুলিয়ে কব পাৰি।

চতুৰ্থতে আফগানিস্তানত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সন্ত্রাসবাদী সংগঠন থকাৰ বাবে, শান্তিৰ বাবে মধ্যস্থতা কৰাটো কঠিন আৰু ইয়াৰ বাবে ৰাষ্ট্ৰ সংঘৰ শান্তি ৰক্ষাৰ প্ৰচেষ্টা সফল হ’ব পৰা নাই।

পঞ্চমতে আফগানৰ পিছপৰা সামাজিক অৱস্থাই এই সমস্যা সমাধানত ব্যাঘাত জন্মাই আছে।

২। চোভিয়েট ইউনিয়নে আফগানিস্তানৰ ওপৰত কিয় আক্রমন চলাইছিল? আক্ৰমণৰ কথা বর্ণনা কৰি ইয়াৰ ফলাফল সম্পর্কে লিখা।

অথবা

আফগানিস্তানৰ ওপৰত চোভিয়েট ৰাছিয়াৰ আক্ৰমণৰ বিষয়ে বর্ণনা আগবঢ়োৱা।

উত্তৰঃ আৰম্ভনীৰে পৰা আফগানিস্তানত ৰাজতন্ত্ৰৰ শাসন চলিছিল। অৱশ্যে কুৰি শতিকাৰ ৬০ দশকত সীমিত ৰাজতন্ত্র প্রতিষ্ঠা হৈছিল। কিন্তু ১৯৭৩ চনত মহঃ ডাউড খানৰ নেতৃত্ব এক সামৰিক উত্থান ৰজা- জাহিৰ চাহক উৎখাত কৰি প্ৰজাতন্ত্র প্রতিষ্ঠা কৰে আৰু নিজে আফগানিস্তানৰ প্ৰথম ৰাষ্ট্ৰপতি হয়। এই উত্থানত সাম্যবাদী আদৰ্শৰ পিপলচ ডেমক্রেটিক পাৰ্টিয়ে যথেষ্ট সহায় কৰিছিল আৰু তাৰ বাবে ৰাষ্ট্ৰপতিয়ে চোভিয়েট ৰাছিয়াৰ লগত ওচৰ সম্পৰ্ক ৰাখে। লাহে লাহে আফগানিস্তানৰ সামৰিক আৰু অসামৰিক বিষয়ত ৰাচিয়াৰ বিনিয়োগ আৰু শক্তি বাঢ়িছিল। পিপলচ ডেমক্রেটিক পাৰ্টিৰ বৰ্ধিত ক্ষমতাত শংকিত হৈ ৰাষ্ট্ৰপতি ডাউড খানে দলটোৰ ক্ষমতা হ্ৰাস কৰিছিল আৰু নিষিদ্ধ কৰি দলৰ নেতাসকলক আটক কৰিছিল। 

ফলত ১৯৭৮ চনৰ ২৭ এপ্ৰিলৰ দিনা সাম্যবাদী দলৰ অনুগামী সামৰিক বাহিনীৰ ব্যক্তিয়ে ৰাষ্ট্ৰশক্তিক হত্যা কৰি কাবুল দফল কৰে। চোভিয়েট চৰকাৰৰ সমৰ্থন পুষ্ট পিপলচ ডেমক্রেটিক পার্টিক মুজাহিদীন সকলে সমৰ্থন জনোৱা নাছিল আৰু তাৰ বিৰুদ্ধে বিদ্রোহী হৈ উঠিছিল। আফগানিস্তানৰ প্ৰথম সাম্যবাদী নেতা-নুৰ মহঃ তাৰোকিক তেওঁৰ সহকৰ্মী আমিনে হত্যা কৰি নিজে শাসনকর্তা হয় আৰু কঠোৰ শাসন চলোৱাৰ বাবে সাধাৰণ লোকৰ মৃত্যু হৈছিল আৰু শ শ লোকক আটক কৰাত পৰিৱেশ বেয়াৰ ফালে ঢাল লৈছিল। পিচে ১৯৭৯ চনৰ ২৪ ডিচেম্বৰত চোভিয়েট ৰাছিয়াই আফগানিস্তানতে আক্রমণ চলাই আমিনক ক্ষমতাৰ পৰা আঁতৰ কৰে আৰু নিজৰ অনুগত চৰকাৰ প্ৰতিষ্ঠা কৰে৷

ছেঙিয়েট ৰাছিয়াই আফগানিস্তান আক্ৰমণ কৰাৰ মূল কাৰণ আছিল পুঁজিবাদৰ ভয়। দ্বিতীয় মহা যুদ্ধৰ পিছত শীতল যুদ্ধৰ ভূটে ৰাছিয়া আৰু আমেৰিকাক খেদি ফুৰিছিল। আফগানিস্তান মধ্য এছিয়াৰ কেন্দ্ৰ বিন্দু হোৱা হেতুকে সামৰিক দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল আৰু দুয়োখন মহাবলী দেশে ইয়াৰ ওপৰত আধিপত্য বিস্তাৰৰ বাবে সুযোগ চাই আছিল। ইতিমধ্যে পাকিস্তান আৰু ইৰান আমেৰিকাৰ পক্ষ লৈছিল। গতিকে ৰাছিয়াই ভাবি লৈছিল যিকোনো প্ৰকাৰে আফগানিস্তানত পুঁজিবাদৰ প্ৰবেশত বাধা দিব আৰু সেয়ে পিপলচ ডেমক্রেটিক পাৰ্টিৰ যোগেদি ৰাছিয়াই আফগানিস্তানত হস্তক্ষেপ কৰে আৰু জনকল্যাণৰ বাবে সংস্কাৰৰ কাম হাতত লয়।

কিন্তু বিদেশী সমর্থন পুষ্ট আফগান চৰকাৰ’ আৰু ইয়াৰ সংস্কাৰমুখী কাম-কাজত আফগান নাগৰিকে সমর্থন জনোৱা নাছিল। আফগানিস্তান বিভিন্ন জনগোষ্ঠীৰ ইছলাম ধৰ্মী লোকৰ স্থানৰ বাবে সৰহ সংখ্যাৰে ৰক্ষণশীল। ইছলাম ধৰ্মৰ শাসন প্ৰতিষ্ঠাৰ বাবে মুজাহিদীন সকলে বিদ্ৰোহৰ পথ লৈ চোভিয়েট বাহিনী আৰু আফগান চৰকাৰৰ বিৰুদ্ধে যুদ্ধত নামে আৰু আফগানিস্তানৰ সংকট ঘণীভূত হয়। মুজাহিদীনৰ উত্থানত আমেৰিকা, পাকিস্তান, ইৰান আদিয়ে ইন্ধন যোগাইছিল যাতে আফগানিস্তানৰ পৰা চোভিয়েট বাহিনী আঁতৰ হয় আৰু সাম্যবাদৰ প্ৰভাৱৰ পৰা ৰক্ষা হয়। গতিকে সাম্যবাদ সমর্থন পুষ্ট আফগান চৰকাৰ আৰু পুঁজিবাদ সমর্থ পুষ্ট মুজাহিদীন বিদ্ৰোহীৰ যুদ্ধত আফগানিস্তানৰ ৰাজনীতি ৰক্তাক্ত হৈ পৰে । মুজাহিদীন পক্ষত কমেও ১২ টা বিদ্রোহী সংগঠনে যোগ দিছিল আৰু ৰাছিয়াৰ সৈন্য আৰু শাসনৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল।

১৯৭৯ ইং চনৰ পৰা ১৯৮৯ ইং চনলৈ প্ৰায় দহ বছৰ আফগানিস্তানত ৰাছিয়াৰ আক্ৰমন চলে। ৰাছিয়াৰ সৈন্য আৰু আফগান চৰকাৰৰ শক্তিয়ে মুজাহিদীন শক্তিক পৰাভূত কৰাৰ বাবে অহৰহ চেষ্টা কৰিছিল। চোভিয়েট চৰকাৰে বিদ্রোহ দমনৰ নামত আফগান চৰকাৰক যথেষ্ট ধন, অস্ত্র-শস্ত্র, সৈন্য, ৰচদ-পাতি যোগান ধৰিছিল। এই যুদ্ধৰ বাবে প্ৰায় ২ মিলিয়ন মানুহৰ মৃত্যু হয়। ১০ মিলিয়ন লোক পলাই গৈ পাকিস্তান, ইৰান আদি দেশত শৰণাৰ্থী হয় আৰু ২ লাখ লোক আভ্যন্তৰীণ ভাৱে বিতাড়িত হয়। যেনেকৈ. আফগানিস্তান লোকৰ অর্থনৈতিক সম্পত্তি যথেষ্ট নাশ হয়, তেনেকৈ চোভিয়েট ৰাছিয়াৰ কমেও ১৪,৪৫৩ জন সৈন্যৰ মৃত্যু হয়।

লাহে লাহে চোভিয়েট চৰকাৰে উপলব্ধি কৰিছিল যে আফগানিস্তানৰ সংকট সামৰিক শক্তিৰে সমাধান সম্ভব নহ’ব, শান্তি পূর্ণ উপায়েৰে সমাধান হ’ব লাগিব। ইতিমধ্যে চোভিয়েট ৰাছিয়াৰ ৰাজনীতিত মিখাইল গর্ভাচেভ আহ আৰু গৰ্ভাচেভে আফগানিস্তানত কাৰমান চৰকাৰৰ ঠাইত নাজিবুল্লাহৰ হাতত চৰকাৰ অৰ্পণ কৰে। মিখাইল গৰ্ভাচেভে ১৯৮৯ চনৰ ১৫ ফেব্ৰুৱাৰীত আফগানিস্তানৰ পৰা ৰাছিয়াৰ সৈন্য অপসাৰণ কৰাৰ কথা ঘোষণা কৰে।

ওপৰৰ আলোচনাৰ পৰা বুজা যায় যে আফগান যুদ্ধত ৰাছিয়া জয় হ’ব নোৱাৰিলে৷ ৰাছিয়াই মুজাহিদীন বিদ্ৰোহীক পৰাভুত কৰিব নোৱাৰি নিজৰ সৈন্য ওভতাই আনিবলৈ বাধ্য হৈছিল।

দ্বিতীয়তে, এই যুদ্ধৰ নামত চোভিয়েট ৰাষ্ট্ৰৰ বহুত ধন-জন সম্পত্তি নষ্ট হৈছিল। বৃহৎ অর্থ শক্তিৰ অপচয়ে, চো ভিয়েট ৰাছিয়াৰ পতনৰ আন এক কাৰক হৈ পৰে।

তৃতীয়তে এই যুদ্ধৰ বাবে আফগানিস্তানৰ অশেষ ক্ষতি হৈছিল। লাখ লাখ মানুহৰ জীৱনসম্পত্তি নাশ হয়, শৰনাৰ্থী হয়, দৰিদ্ৰৰ মুখামুখী হয় আৰু অৰ্থনৈতিক উন্নয়ন স্তব্ধ হৈ পৰে।

চতুৰ্থতে, এই যুদ্ধৰ বাবে আফগানিস্তান সন্ত্রাসবাদী সংগঠনৰ বিচৰণ ভুমি হয়। কেবাটাও সন্ত্রাসবাদী সংগঠন সৃষ্টি হয় আৰু বিশ্বৰ চাৰিফালে সিচৰিত হৈ ই বিশ্বৰ শান্তি আৰু নিৰাপত্তা লংঘন কৰিব ধৰিছে। ৯/১১ ৰ ঘটনা ইয়াৰে উদাহৰণ।

পঞ্চমতে চোভিয়েটে আফগানিস্তান এৰাৰ পিচত আমেৰিকাকে ধৰি ইউৰোপৰ দেশ সমূহে আফগানিস্তানৰ সমস্যা সমাধানৰ বিষয়টো পাকিস্তানৰ হাতত এৰি থৈ আহিছিল। কিন্তু পাকিস্তানে তালিবান সৃষ্টিক আফগানিস্তানৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে আফগানৰ সমস্যা পুনৰ জটিল ৰূপ লয়।

শেষত, চোভিয়েট ৰাছিয়াৰ আফগানিস্তানৰ আক্ৰমনেই আফগানিস্তানৰ গৃহযুদ্ধসমূহৰ উৎপত্তিৰ মূল কাৰণ বুলি কোৱা হৈছে।

৩। কিয় আৰু কি কাৰণৰ বাবে আমেৰিকাই আফগানিস্তান আক্রমণ কৰিছিল? আমেৰিকাৰ আফগান আক্ৰমণৰ ফলাফল বর্ণনা কৰা।

অথবা

আমেৰিকাৰ আফগান যুদ্ধৰ বিষয়ে এক আলোচনা আগবঢ়োৱা ।

উত্তৰঃ ইং ২০০১ চনৰ ১১ চেপ্তেম্বৰৰ দিনা আফগানিস্তানৰ সন্ত্রাসবাদী নেতা ওচামা বিন লাডেনৰ ‘আল-কায়েদা’ সংগঠনৰ আত্মঘাতী যুজাৰুয়ে উৰাজাহাজ অপহৰণৰে আমেৰিকাস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰৰ সুউচ্চ যুগ্ম অট্টালিকা ধ্বংস কৰিছিল। বিশ্ব কপোৱা এই সন্ত্রাসবাদী কাৰ্যক সমগ্র বিশ্বই গৰিহনা দিছিল। এই আক্রমনৰ পোতক তোলাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই ২০০১ চনৰ অক্টোবৰ মাহৰ ৭ তাৰিখে আল-কায়েদাক নিঃশেষ কৰিবলৈ আৰু তালিবানক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে আফগানিস্তানত আক্রমন চলায়।

ইং ১৯৯৮ চনতে মার্কিন বুশ প্রশাসনে ওচামা বিন লাডেনক আমেৰিকাৰ হাতত অৰ্পন কৰাৰ বাবে তালিবান পক্ষক কৈ আছিল। কিন্তু তালিবান সকলে আমেৰিকাৰ কথা নাছিল। ৯/১১ ঘটনাত ওচমা বিন লাডেন প্রত্যক্ষ ভাবে জড়িত থকাত আমেৰিকাই ‘Operation Enduring Freedom’ ৰে আফগানিস্তানত আক্ৰমন আৰম্ভ কৰে আৰু ১৭ডিচেম্বৰৰ ভিতৰত তালিবানক কাবুলৰ পৰা খেদি পঠাবলৈ সক্ষম হৈছিল। এই যুদ্ধ ২০০১ চনৰ পৰা বৰ্তমানলৈ অন্ত পৰা নাই। আমেৰিকাই উৰাজাহাজেৰে বোমা পেলাই তালিবান সকলক ধৰাশায়ী কৰিছিল আৰু তালিবানে কাবুল এৰিবলৈ বাধ্য হৈছিল। ১৬ ডিচেম্বৰত ওচমা বিন লাডেন পাকিস্তানলৈ পলাই যায়। আমেৰিকাই আফগানিস্তানত হামিদ কাজাই (Hamid Karzai) ৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ প্ৰতিষ্ঠা কৰে।

২০০২ ইং চনৰ মাৰ্চত আমেৰিকাৰ সামৰিক বাহিনীয়ে তালিবানৰ বিৰুদ্ধে অনাকন্দ অভিযান (Operation Anaconda) আৰম্ভ কৰিছিল আৰু আনহাতে বুশ প্রশাসনে আফগানিস্তানত পুনৰ গঠনৰ কাম আৰম্ভ কৰে।

২০০৩ চনৰ পৰা নেটো (NATO) ৰ নেতৃত্বত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযান পৰিচালিত হয় আৰু ইয়াত বিশ্বৰ ৪০ খন দেশৰ কমেও ১ লাখ ৩০ হাজাৰ সৈন্যই যোগদান কৰিছিল।

২০০৪ চনত আফগানিস্তানত এখন নতুন সংবিধানে Islamic Republic of Afghanistan’ গৃহীত হয় আৰু প্ৰথম মুক্ত সাধাৰণ নিৰ্বাচন পতা হয়। নির্বাচনৰে হামিদ কাজাইয়ে ইছলামিক প্রজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি হয়। ২০০৫ চনত আমেৰিকাৰ বুশ প্রশাসন আৰু আফগানৰ ৰাষ্ট্ৰপতিৰ মাজত চুক্তি স্বাক্ষৰিত হয় আৰু স্থানীয় পৰ্যায়ত মুক্তভাবে সাধাৰণ নিৰ্বাচন পতা হয়। ২০০৯ চনত বাৰাক অ’বামা আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ আফগানিস্তানলৈ পুনৰ সৈন্য প্ৰেৰণ কৰে। আফগানিস্তানৰ ৰাষ্ট্ৰপতি হামিদ কাৰজাই পুনৰ নিৰ্বাচিত হয়। ২০১০ চনত দক্ষিণ আফগানিস্তানৰ পৰা তালিবান উত্থাত কৰাৰ কৰণে নেটোৱে সৈন্য বাহিনী প্ৰেৰন কৰিছিল। 

২০১১ চনৰ ১ মে’ত আমেৰিকাৰ বিশেষ বাহিনীয়ে পাকিস্তানৰ এবোটাবাদ (Abbottabad) ত ওচমা বিন লাডেনক হত্যা কৰে। সেই চনতে আমেৰিকাই তালিবানৰ সৈতে শান্তিৰ কথা আৰম্ভ কৰিছিল। ২০১২ চনত আমেৰিকাই সৈন্য অপসাৰণৰ কথা ঘোষণা কৰে। এনেদৰে আমেৰিকাই তালিবানৰ বিৰুদ্ধে বহুত অভিযান হাতত লৈছিল আৰু শান্তিৰ বাবে আলোচনা কৰিছিল। তালিবান সকলে আমেৰিকাৰ বিৰুদ্ধে অস্ত্ৰ চলাইয়ে আছে। তথাপি ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত আমেৰিকা আৰু তালিবানৰ মাজত শান্তি চুক্তি সম্পাদিত হৈছিল আৰু ইয়াৰ চৰ্তমতে আমেৰিকাই ১৪ মাহৰ ভিতৰত আফগানিস্তানৰ পৰা নিজৰ সৈন্য অপসাৰণ কৰিব লাগিব আৰু আনহাতে তালিবান সকলে আফগানিস্তানক সন্ত্রাসবাদৰ পৰা মুক্ত কৰি ৰাখিব লাগিব আৰু ২০২০ চনৰ মাৰ্চৰ ভিতৰত আফগান চৰকাৰৰ লগত বুজাবুজিত উপনিত হ’ব লাগিব।

এইদৰে মোটামুটিভাৱে ২০ বছৰীয়া আমেৰিকাৰ আফগান আক্ৰমনৰ অন্ত হয়। এই যুদ্ধৰ ফলাফলবোৰ তলত উল্লেখ কৰা হ’ল–

(ক) আফগান যুদ্ধ আমেৰিকাৰ যুদ্ধ ইতিহাসৰ আটাইতকৈ আন এক দীঘলীয়া যুদ্ধ ।

(খ) এই যুদ্ধত তালিবানৰ পৰাজয় ঘটে আৰু আমেৰিকাই বিজয় সাব্যস্ত কৰে।

(গ) আমেৰিকাৰ আফগান যুদ্ধৰ অভিযান প্ৰধানকৈ দুটা ভাগৰ আছিল – Operation Enduring Storm: (2001-14) আৰু Operation Freedom’s Sentinel (2015-Present)

(ঘ) যুদ্ধত প্রায় এক লক্ষ অসামৰিক লোক আৰু প্ৰায় ২ লক্ষ সামৰিক লোকৰ মৃত্যু ঘটে। তেনেকৈ সা-সম্পত্তি আৰু দেশৰ সম্পদ নষ্ট হয়।

(ঙ) ১৯৯৬-২০০১চনৰ আফগানিস্তানৰ গৃহযুদ্ধৰ অন্ত হয়।

(চ) এই যুদ্ধত নেটোকে ধৰি বিশ্বৰ ৪০ খন দেশে অংশ লৈছিল।

(ছ) আফগানিস্তানত অন্তৱৰ্তীকালীন চৰকাৰ গঠন সম্ভব হয়।

(জ) তালিবান পুনৰ গঠিত হৈ সন্ত্ৰাস আৰম্ভ কৰিবলৈ লয়।

৪। আফগানিস্তানৰ শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ নামত ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলীৰ বিষয়ে বর্ণনা আগবঢ়োৱা।

অথবা

আফগানিস্তানৰ সংকটৰ মুজত ৰাষ্ট্ৰসংঘৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ আফগানিস্তান মধ্য এছিয়াৰ কেন্দ্ৰস্থল। সামৰিক দিশৰ পৰা ই অত্যন্ত গুৰুত্বপূৰ্ণ হোৱা বাবে পৃথিৱীৰ দুই মহাশক্তি (আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চোভিয়েট ৰাছিয়া) কে ধৰি পাকিস্তান, চীন, ইৰান, চৌদি আৰৱে ইয়াৰ ওপৰত প্রভাব বিস্তাৰৰ সুযোগ লব বিচাৰে আৰু তাৰ ফলত আফগানিস্তানৰ সংকট গুৰুতৰ হৈ উঠে। আফগানিস্তানৰ সংকট বিশ্বৰ বহু দেশৰ সংকটতকৈ জটিল আৰু দীঘলীয়া। আফগানিস্তানৰ বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ ভিতৰত তালিবান হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ মাৰাত্মক সংগঠন। এক সমীক্ষা মতে সন্ত্রাসবাদৰ কবলত যিমান মানুহৰ মৃত্যু হৈছিল তাৰ ভিতৰত আফগানিস্তানতে ৪০ শতাংশতকৈ অধিক লোকৰ মৃত্যু হৈছে। আফগানিস্তানত তিনিখনকৈ গৃহযুদ্ধ হয় আৰু দুখনকৈ বিদেশী ৰাষ্ট্ৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চোভিয়েট ৰাছিয়া) ই আফগানিস্তানত আক্ৰমণ চলাই আফগান লোকৰ শান্তি, নিৰাপত্তা, আৰু সামগ্ৰিক জীৱন পংগু কৰি তুলিছিল। 

লাখ লাখ সাধাৰণ লোক আৰু সামৰিক লোকৰ জীৱন নিঃশেষ হৈছিল, পংগু হৈছিল, সম্পত্তি নাশ হৈছিল শৰনাৰ্থী হৈছিল আৰু আভ্যন্তৰীণ ভাবে বিতাড়িত হ’ব লাগিছিল। ১৯৭৯ চনৰ পৰা যি চোভিয়েটৰ আফগান আক্রমন হৈছিল তেতিয়াৰ পৰা আফগানৰ ভূমিত শান্তি আৰু নিৰাপত্তা পৰ্বতত কাঁচৰ কণী বিচৰাৰ দৰে হৈ থাকিল। ইয়াৰ পিছত তিনিখনকৈ গৃহ যুদ্ধ সৃষ্টি হয় আৰু ২০০১ চনৰ পৰা আমেৰিকাৰ আক্ৰমণ আৰম্ভ হৈ বৰ্তমানলৈ আফগানিস্তানত স্থায়ী শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠা হ’ব পৰা নাই।

ৰাষ্ট্ৰসংঘৰ ভূমিকাবোৰ–

(ক) যুদ্ধবিৰ্তী তথা শান্তি ৰচনা – আফগানিস্তানত শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘই আপ্রাণ চেষ্টা চলাইছিল। এই প্রচেষ্টা ১৯৮২ চনত জেনেভা আলোচনাৰে আৰম্ভ হৈছিল। এই প্রচেষ্টাই যুদ্ধ বিৰতীৰ পৰিকল্পনাত ভালেখিনি কাম কৰিলেও চোভিয়েটৰ সেনা আফগানিস্তানৰ পৰা প্রত্যাহাৰ হোৱাৰ পিছত কেনে ধৰণৰ চৰকাৰ হ’ব তাৰ স্পষ্টতা নথকা বাবে এই আলোচনা শেষত ফলপ্ৰসূ হৈ নুঠিল। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ দূত বেনন চেবন (Benon Sevan) য়ে শাস্তিৰ উদ্দেশ্য আফগানিস্তানৰ বিভিন্ন দলৰ লগত আলোচনা চলাইছিল। ঠিক তেনেদৰে ১৯৯২ চনত ৰাষ্ট্ৰসংঘই আয়াৰলেণ্ডৰ উলষ্টাৰ ইউনিভাৰচিটিৰ (Ulster University) সহযোগত পেছৱাৰে (Peshawar) চুক্তি ৰচনা কৰি উলিয়াইছিল। কিন্তু মুজাহিদীনৰ সকলো দলে সন্মত নিদিয়াৰ বাবে ই বিফল হয়। ইয়াৰ পিছত আফগানিস্তানত শান্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ বাহিৰৰ পৰাও উদ্যোগ লোৱা হৈছিল। তেনে অসফল প্রচেষ্টা আছিল ইছলামিক দেশ সমূহৰ সংগঠন (DIC) ৰ প্ৰচেষ্টা আৰু চেণ্ট্ৰেল আমেৰিকান প্ৰেচিডেন্টৰ সভাৰ প্ৰচেষ্টা।

আফগানিস্তানত শান্তি ৰচনাৰ কামত জড়িত হৈছিল ৰাষ্ট্ৰসংঘৰ অধীনত ‘Six plus two– ‘১৯৯২-২০০১ ৰ সদস্য ৰাষ্ট্ৰসমূহ— পাকিস্তান, ইৰান, তুর্কমেনিস্তান, তাজিকিস্তান উজবেকিস্তান, চীন সহ চোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। তেনেকৈ ২০০৮ চনত আফগানৰ শান্তিৰ বাবে ‘Six plus three’ ৰ সদস্যবোৰে আগবাঢ়িছিল। ২০০৯ চনকো ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাত আফগানিস্তানৰ ওপৰত আন্তর্জাতিক আলোচনা চক্ৰ-‘হেগ চহৰ’ ত এদিনিয়াকৈ অনুষ্ঠিত হৈছিল।

এনেদৰে দেখা যায় ৰাষ্ট্ৰসংঘৰ নিজা প্ৰচেষ্টাৰ লগত ৰাষ্ট্ৰসংঘৰ বাহিৰতো আফগানৰ শান্তিৰ হকে কাম কৰা হৈছিল। কিন্তু আটাইবোৰ প্ৰচেষ্টা বিফল হৈছিল। ইয়াৰ প্ৰধান কাৰণ হৈছে আফগান সংকটত কেবাজনো বৈদেশীক ৰাষ্ট্ৰৰ হস্তক্ষেপ। তদুপৰি আফগানৰ বিভিন্ন জনগোষ্ঠীৰ বিদ্রোহী সংগঠনসমূহৰ মাজৰ মতানৈক্য।

শেষত ২০০১ চনৰ আমেৰিকাৰ আক্ৰমণত তালিবান পৰাভূত হয় আৰু লাহে লাহে ইয়াৰ শক্তি দূর্বল হোৱাত ২০২০ চনত তালিবানৰ লগত আমেৰিকাৰ চুক্তি সম্পাদিত হয়।

(খ) শান্তি ৰক্ষা আৰু শান্তি নিৰ্মাণ – ২০০১ চনৰ ৭ অক্টোবৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আফগানিস্তান যুদ্ধ আৰম্ভ হৈ ১৭ ডিচেম্বৰত তালিবান পক্ষ পৰাভূত হোৱাত এই আক্রমণ সাময়িকভাবে স্থগিত হয়। তেতিয়া ৰাষ্ট্ৰসংঘই আফগানিস্তানত শান্তি ৰক্ষাৰ বাবে উদ্যোগ গ্ৰহণ কৰে। ২০০১ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আন্তর্জাতিক নিৰাপত্তা সহায়ক বাহিনী (ISAF) গঠন কৰে। ২০০২ চনৰ ২৮ মাৰ্চত নিৰাপত্তা পৰিষদে আফগানিস্তানত স্থায়ী শান্তি আৰু বহনক্ষম বিকাশৰ উদ্দেশ্যত ৰাষ্ট্ৰসংঘৰ সহায়ক অভিযান (UNAM) গ্ৰহণ কৰে। আফগানিস্তানত ৰাষ্ট্ৰসংঘই লোৱা ১৬ খন শান্তি ৰক্ষা অভিযানৰ ভিতৰত এই ৰাজনৈতিক অভিযানখন অন্যতম আছিল। এই অভিযানৰ লক্ষ্যবোৰ আছিল – সন্ত্রাসবাদ ৰোধ কৰা, আফগান জাতীয় নিৰাপত্তা বাহিনীক শক্তিশালী কৰা, ভাৰতবৰ্ষৰ ২ বিলিয়ন ডলাৰৰ আঁচনিবোৰে আফগানৰ জাতীয় সক্ষমতা বৃদ্ধিত সহায় আগবঢ়োৱা, আইন আৰু শৃংখলা ৰক্ষা কৰি শান্তি বজাই ৰখা, High Peace council ক পৰামৰ্শ আগবঢ়োৱা আৰু আফগান জাতীয় সামৰিক বাহিনীক শক্তিশালী কৰা আদিয়ে অন্যতম। এই আঁচনিৰ উপৰি আফগানৰ শান্তি ৰক্ষা আৰু শান্তি নিৰ্মাণৰ বাবে ৰাষ্ট্ৰসংঘৰ বহুতো ব্যৱস্থা আছে। তাৰ বিষয়ে চমুকৈ তলত উল্লেখ কৰা হ’ল—

১। বন আলোচনা মর্মে হামিদ কাৰজাইৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ প্ৰতিষ্ঠা কৰা।

২। আন্তর্জাতিক নিৰাপত্তা সহায়ক বাহিনীৰ ম্যাদ বৃদ্ধি কৰা।

৩। চাৰিপক্ষীয় সমন্বয়ক গ্ৰুপৰ জৰিয়তে আফগানিস্তান বিদ্রোহী সংগঠনবোৰক শান্তিৰ ক্ষেত্ৰলৈ ঘূৰাই অনাৰ চেষ্টা চলোৱা।

৪। আফগানিস্তানৰ শান্তি নিৰ্মানত ৰাষ্ট্ৰসংঘৰ আন কামবোৰ আছিল — ৰাষ্ট্ৰসংঘৰ বিকাশ আচনি, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আচনি, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থীৰ উচ্চায়ুক্ত, ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধি, ৰাষ্ট্ৰসংঘৰ শিশু নিধি, ৰাষ্ট্ৰসংঘৰ মহিলাৰ বিকাশ নিধি, ৰাষ্ট্ৰসংঘৰ ক্ষতিপূৰণ আয়োগ, ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন, বিশ্ব স্বাস্থ্য সংগন, বিশ্ব খাদ্য আঁচনি, আন্তর্জাতিক শ্রমিক সংস্থা, ৰাষ্ট্ৰসংঘৰ উদ্যোগিক বিকাশ সংগঠন ইত্যাদি।

(গ) ভাৰতবৰ্ষৰ অংশগ্ৰহণ – আফগানিস্তানৰ শান্তি নিৰ্মান প্ৰক্ৰিয়াত ভাৰতৰ সক্রিয় অংশগ্রহণ জড়িত হৈ আছে। ১৯৯৬-২০০১ চনৰ তালিবানৰ শাসনত ভাৰতবৰ্ষই আফগানলৈ সহায় আগবঢ়োৱা নাছিল। ২০০১ চনৰ নৱেম্বৰৰ পৰা ভাৰতে ৩.১ বিলিয়ন ডলাৰৰ বালেমান আঁচনিলৈ আফগানৰ উন্নয়নত সহায় কৰিছে। কাবুলৰ বাসিন্দাক বিশুদ্ধ খোৱা পানীৰ আঁচনিকে ধৰি ইয়াৰ আন্তঃগাথনিৰ উন্নতিৰ হকে সহায় আগবঢ়াইছে। মানৱ সম্পদ বিকাশ আৰু সক্ষমতা বৃদ্ধিত সহায় আগবঢ়াইছে, শক্তি উৎপাদন আঁচনিত সহায় আগবঢ়াইছে। মানৱ সম্পদ বিকাশ আৰু সক্ষমতা বৃদ্ধিত সহায় আগবঢ়াইছে। এনেদৰে ৰাষ্ট্ৰসংঘৰ উদ্দ্যোগকে ধৰি বিশ্বৰ আন বহু দেশে আফগানৰ শান্তি নিৰ্মানত সহায় কৰিছে।

বালকান সংকট চাৰ্বিয়া আৰু ব’চনীয়া সংকট (BALKANS : SERBIA AND BOSNIA)

অতি চমু প্রশ্নোত্তৰঃ

১। বালকান (Balkan) অঞ্চল কত অবস্থিত?

উত্তৰঃ ইউৰোপ মহাদেশৰ দক্ষিণ পূৱ দিশৰে এদ্রিয়াটিক (Adriatic) সাগৰৰ পুৱ পাৰত অৱস্থিত।

২। চাৰ্বিয়া আৰু ব’চনিয়া স্বাধীন হোৱাৰ পূর্বে কোন ৰাষ্ট্ৰৰ অংগ আছিল?

উত্তৰঃ সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্র যুগোশ্লাভিয়া (Yugoslavia) ৰ অংগ আছিল।

৩। চাৰ্বিয়াৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ যুগোশ্লাভিয়া প্রজাতন্ত্র।

৪। কোন চনত ব’চনিয়া স্বাধীন হয়?

উত্তৰঃ ১৯৯২ ইং চনৰ ১ মাৰ্চত স্বাধীন হয় আৰু ১৯৯২ চনৰ ২২ মে’ত ৰাষ্ট্ৰসংঘৰ সদস্য হয়।

৫। ব’চনিয়াক চৰকাৰী ভাবে কেনেকৈ জনা যায়?

উত্তৰঃ ৰিপাব্লিক অৱ ব’চনিয়া এন্দ হাৰজেগোভিনা / ব’চনিয়া আৰু হাৰজেগোভিনা প্রজাতন্ত্র।

৬। যুগোশ্লাভিয়া প্রজাতন্ত্ৰৰ প্ৰধান অঞ্চলবোৰ কি কি?

উত্তৰঃ চার্বিয়া, মন্টেনেগ্ৰো আৰু ক’চভো হৈছে ইয়াৰ প্ৰধান অঞ্চল।

৭। মন্টেনেগ্ৰো আৰু ক’চডোয় যুগোশ্লাভিয়া প্রজাতন্ত্ৰৰ পৰা নে সমাজবাদী যুক্তৰাষ্ট্ৰ প্রজাতন্ত্ৰৰ পৰা স্বাধীন হৈছিল?

উত্তৰঃ যুগোশ্লাভিয়া প্রজাতন্ত্ৰৰ পৰা ।

৮। চাৰ্বিয়া আৰু ব’চনিয়াৰ ৰাজধানী চহৰ দুখনৰ নাম কি?

উত্তৰঃ চাৰ্বিয়া আৰু ব’চনিয়াৰ ৰাজধানী হৈছে ক্ৰমে বেলগ্ৰেদ আৰু চাৰাজেভা।

৯। ১৯৯২ চনৰ গণনির্দেশে ব’চনিয়াক স্বাধীন হোৱাৰ সপেক্ষে নে বিপক্ষে ৰায় দিছিল?

উত্তৰঃ সপেক্ষে ৰায় দিছিল।

১০। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপ মহাদেশৰ কোন খন দেশত প্ৰথম গণহত্যাৰ ঘটনা সংঘটিত হৈছিল?

উত্তৰঃ ব’চনিয়া (৬ এপ্রিল, ১৯৯২-১৪ ডিচেম্বৰ, ১৯৯৫)।

১১। কেতিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে যুগোশ্লাভিয়াৰ বাবে শান্তি ৰক্ষাৰ অভিযানৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ ১৯৯১ চনৰ ২৭ নৱেম্বৰ।

12. “Our Optimum is a Greater Serbia, and if not that, then a Federal Yugoslavia” – কোনে কৈছিল?

উত্তৰঃ বছনিয়ান চাৰ্ব ৰাজনৈতিক নেতা-ৰাডোভান কাৰাজিকে (Radovan Karadzic) কৈছিল।

চমু প্রশ্নোত্তৰঃ

১। কোন দুখন অংগ ৰাজ্যই প্রথমে সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্র যুগোশ্লাভিয়াৰ পৰা স্বাধীন বুলি ঘোষণা কৰিছিল?

উত্তৰঃ শ্লোভেনিয়া আৰু ক্ৰোৱেচিয়া (Slovenia & Croatia)।

২। কিমান চনত ব’চনিয়ান যুদ্ধ আৰম্ভ হৈ কেতিয়া শেষ হৈছিল?

উত্তৰঃ ব’চনিয়ান যুদ্ধ ১৯৯২ চনৰ ৬ এপ্ৰিলত আৰম্ভ হৈ ১৯৯৫ চনৰ ১৪ ডিচেম্বৰত শেষ হৈছিল।

৩। ব’চনিয়ান যুদ্ধত ৰাষ্ট্ৰসংঘই চলোৱা দুটা অভিযানৰ নাম লিখা।

উত্তৰঃ Operation Deliberate Force আৰু Operation Amanda.

৪। ব’চনিয়ান যুদ্ধত NATO ৰ নেতৃত্ব চলা দুটা অভিযানৰ নাম লিখা।

উত্তৰঃ Operation Deny Flight আৰু Operation Sharp Guard.

৫। চার্বিয়া বাহিনীয়ে ঘটোৱা দুটা গণহত্যা / ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰঃ ব’চনিয়াৰ চাৰাজোভো / ৯২ আৰু শ্ৰী ব্রেনিকা /৯৫ গণহত্যাৰ ঘটনা ঘটিছিল।

৬। চার্বিয়া কেনেকৈ জন্ম / স্বাধীন হয়?

উত্তৰঃ যেতিয়া ২০০৬ চনৰ ৩ জুনত মন্টেনেগ্রোয়ে যুগোশ্লাভিয়া প্রজাতন্ত্ৰৰ পৰা স্বাধীনতা পায়, তেতিয়া ২০০৬ চনৰ ৫ জুনৰ পৰা যুগোশ্লাভিয়া প্রজাতন্ত্রই চার্বিয়া প্রজাতন্ত্ৰ বুলি পৰিচয় লাভ কৰে।

৭। তৃতীয় যুগোশ্লাভ বুলিলে কি বুজায়?

উত্তৰঃ তৃতীয় বালকান যুদ্ধৰ পৰিণাম স্বৰূপে সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্র যুগোশ্লাভিয়াৰ পতন হয় আৰু ইয়াত ৫ খন নতুন ৰাষ্ট্ৰৰ জন্ম হয়। চার্বিয়া, মন্টেনেগ্রো আৰু ক’চভোক লৈ পুনৰ যুগোশ্লাভিয়া প্রজাতন্ত্র গঠন হয় আৰু ইয়াকে তৃতীয় যুগোশ্লাভ বোলে।

৮। চাৰ্বিয়া গণৰাজ্যৰ প্ৰধান জনগোষ্ঠীবোৰৰ নাম লিখা।

উত্তৰঃ চাৰ্বিয়া জনগনৰ ৪/৫ অংশইচাৰ্ব। ইয়াৰ প্ৰধান সংখ্যালঘিষ্ঠ সম্প্ৰদায় হৈছে ব’চনিয়ান মুছলিম লোক তদুপৰি ক্ৰোটছ ৰোমানিয়াকে ধৰি আন সৰু জাতিৰ লোকে বাস কৰিছিল।

৯। প্রথম, দ্বিতীয় আৰু তৃতীয় যুগোশ্লাভিয়া মানে কি বুজা?

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ পেৰিচ শান্তি চুক্তিৰ মৰ্মে ১৯১৯ চনৰ পৰা ১৯৪১ চনলৈ প্ৰথম যুগোশ্লাভ ৰাষ্ট্ৰ গঠন হৈ তাত সাংবিধানীক ৰাজতন্ত্র, দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ১৯৪৫১৯৯২ চনলৈ সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্ৰ যুগোশ্লাভিয়া দু বাৰ গঠন হয় আৰু ১৯৯২ চনত এই যুগোশ্লাভৰ পতন ঘটে আৰু ১৯৯২ চনৰ পৰা ২০০৬ চনলৈ চার্বিয়া, মন্টেনেগ্রো আৰু ক’চভো অঞ্চলৰ লৈ পুনৰ এক যুগোশ্লাভিয়া প্রজাতন্ত্র গঠন হৈছিল আৰু ইয়াকে তৃতীয় যুগোশ্লাভিয়া বোলে।

১০। যুগোশ্লাভ প্রজাতন্ত্ৰৰ পৰা কি কি নতুন ৰাষ্ট্ৰৰ জন্ম হয়?

উত্তৰঃ দ্বিতীয় যুগোশ্লাভিয়া (১৯৪৫-১৯৯২) ৰ পতনৰ পিছত ১৯৯২ চনৰ ২৭ এপ্ৰিলত চার্বিয়া, মন্টেনেগ্ৰো আৰু ক’চভোকলৈ যুগোশ্লাভিয়া প্রজাতন্ত্র গঠন হৈছিল। কিন্তু ২০০১ চনৰ ৩ জুনত মন্টেনেগ্ৰোয়ে তাৰ পৰা ওলাই আহি স্বাধীন হয় আৰু সেই চনৰে ৫ জুনৰ পৰা যুগোশ্লাভিয়া প্রজাতন্ত্ৰ ঠাইত চাৰ্বিয়া গণৰাজ্যৰ সৃষ্টি হয়। পুনৰ ২০০৮ চনৰ ১৭ ফেব্ৰুৱাৰীত ক’চভো চাৰ্বিয়াৰ পৰা স্বাধীন হয়। বর্তমানে ক’চভো ৰাষ্ট্ৰসংঘৰ সদস্য হোৱা নাই।

১১। দ্বিতীয় মহাযুদ্ধৰ পিছত কোন কোন অংগ ৰাজ্যক লৈ যুগোশ্লাভিয়া গঠন হৈছিল আৰু ইয়াৰ শাসন পদ্ধতি কেনেকুৱা আছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তলৰ ৰাজ্যসমূহক লৈ যুগোশ্লাভিয়া গঠন হৈছিল। অংগ ৰাজ্যবোৰ হ’ল-শ্লোভেনিয়া, ক্রোৱেচিয়া, ব’চনিয়া আৰু হাৰজেগোভিনা, চার্বিয়া, মন্টেনেগ্রো আৰু মেচিডনিয়া ৷ তদুপৰি ভজভেদিনা আৰু ক’চভো আত্মশাসিত অঞ্চল আছিল। ইয়াত সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্র স্থাপিত হৈছিল আৰু সাম্যবাদী নেতা- টিটোয়ে ১৯৮০ চনলৈ শাসন ভাৰ লৈছিল। ১৯৯২ চনত দ্বিতীয় যুগোশ্লাভৰ পতন ঘটে।

১২। ব’চনিয়াত বাস কৰা জনগোষ্ঠীবোৰৰ নামবোৰ লিখা।

উত্তৰঃ ব’চনিয়াত বাস কৰা প্ৰধান জনগোষ্ঠীবোৰ হৈছে ব’চনিয়াক (বচনিয়ান মুছলিম)- ৪৪%, চার্বচ (খ্রীষ্টিয়ান) ৩২.৫%, ক্রোটচ (খ্ৰীষ্টিয়ান) ১৭% আৰু অন্যান্য। ইয়াৰে ব’চনিয়াক সম্প্ৰদায়ৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ বাবে পিছত জাতিগত সংঘাতে যুদ্ধৰ ৰূপ লৈছিল (১৯৯২-১৯৯৫)।

১৩। সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্ৰ যুগোশ্লাভিয়াৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ দ্বিতীয় যুগোশ্লাভিয়া ৰাষ্ট্ৰ পতনৰ বহুতো কাৰণ আছে। যেনে—ৰাজনৈতিক গাঠনিৰ দুৰ্বলতা, টিটোৰ মৃত্যু আৰু সাম্যবাদৰ দুৰ্বলতা, আমোলাতন্ত্ৰ বিৰোধী প্ৰতিবাদ অর্থনৈতিক স্থৱিৰতা আৰু উগ্র জাতীয়তাবাদৰ প্ৰভাব ।

১৪। ৰ’চনিয়ান যুদ্ধৰ পক্ষ দুটাৰ নাম কি আছিল?

উত্তৰঃ ১৯৯২-১৯৯৫ চনত ব’চনিয়া আৰু হাৰজেগাভিনা প্রজাতন্ত্ৰত গৃহ যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত চৰকাৰী সৈন্য পক্ষত সংখ্যাগৰিষ্ঠ মুছলিম সম্প্ৰদায়ৰ সমৰ্থন আছিল আনহাতে ইয়াৰ বিপক্ষে আছিল সংখ্যা লঘিষ্ঠ সম্প্রদায় চাৰ্বচ আৰু ক্রোৱেটছ সকলৰ সম্মিলিত বাহিনী। এই বাহিনীক সহায় কৰা দেশবোৰ হৈছে চাৰ্বিয়া বা যুগোশ্লাভৰ জাতীয় বাহিনী আৰু (JNA) আৰু ক্রোৱেচিয়া প্ৰতিৰক্ষা বাহিনী।

১৫। তৃতীয় যুগোশ্লাভ মানে কি বুজা?

উত্তৰঃ দ্বিতীয় যুগোশ্লাভ মানে সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্র। এই যুগোশ্লাভৰ পতন আৰম্ভ হয় যেতিয়া শ্লেভেনিয়া আৰু ক্ৰোৱেচিয়াই ১৯৯১ চনৰ ২৫ জুনত স্বাধীনতা ঘোষণা কৰিছিল। তেনেকৈ ১৯৯২ চনৰ ১ মাৰ্চত ব’চনিয়া আৰু হাৰজেগোভিনাই স্বাধীনতাৰ ঘোষণা কৰিছিল৷ ফলস্বৰূপে ১৯৯২ চনৰ ২৭ এপ্ৰিলত চাৰ্বিয়া আৰু মন্টেনেগ্ৰোয়ে পুৰণা সমাজবাদী যুক্তৰাষ্ট্ৰ যুগোশ্লাভিয়াৰ উত্তৰাধিকাৰী হিচাপে নতুন ‘ফেডাৰেল ৰিপাব্লিক অৱ যুগোশ্লাভিয়া – (যুক্তৰাষ্ট্ৰ প্রজাতন্ত্ৰিক যুগোশ্লাভিয়া) ৰাষ্ট্ৰ বুলি ঘোষণা কৰে৷ এই ৰাষ্ট্ৰকে তৃতীয় যুগোশ্লাভ বুলি কোৱা হয়।

১৬। ডেয়টন শান্তি চুক্তি (Dayton Peace Agreement) ৰ চৰ্তবোৰ কি লিখা।

উত্তৰঃ যেতিয়া ব’চনিয়ান যুদ্ধত ৰাষ্ট্ৰসংঘৰ সন্মিলিত বাহিনীয়ে আক্ৰমণ আৰম্ভ কৰিলে তেতিয়া চাৰ্ব পক্ষৰ শক্তি দুৰ্বল হৈ পৰিল আৰু ১৯৯৫ চনৰ ২৬ চেপ্তেম্বৰত শান্তিৰ আলোচনাত বহিবলৈ সন্মতি প্ৰকাশ কৰিছিল। ১৯৯৫ চনৰ ১৪ ডিচেম্বৰত আমেৰিকাৰ ওহিও ৰাজ্যৰ ডেয়টন চহৰত ব’চনিয়ান যুদ্ধৰ শান্তি চুক্তি যুগোশ্লাভিয়া যুক্ত ৰাষ্ট্ৰ প্ৰজাতন্ত্র, ব’চনিয়া আৰু হাৰজেগোভিনা প্রজাতন্ত্ৰ, আৰু ক্ৰোৱেচিয়া প্রজাতন্ত্ৰ চৰকাৰৰ প্ৰতিনিধিৰ মাজত স্বাক্ষৰিত হয়। এই চুক্তিৰ চৰ্তবোৰ হৈছে-

(ক) ডেয়টন চুক্তিৰ প্ৰধান উদ্দেশ্য হৈছে ব’চনিয়া অংগৰাজ্যত শান্তি আৰু নিৰাপত্তা সৃষ্টি কৰা।

(খ) ব’চনিয়া আৰু হাৰজেগোভিনা এক ৰাষ্ট্ৰ হৈ থাকিব।

(গ) ৰাষ্ট্ৰখন প্ৰধানকৈ দুটা ভাগত গঠিত হব – ব’চৈনিয়া আৰু হাৰজেগোভিনা যুক্তৰাষ্ট্ৰ, আৰু চাৰ্বিয়া প্রজাতন্ত্র।

(ঙ) ৰাষ্ট্ৰখনৰ ৰাজধানী চাৰাজেভোয়ে হ’ব।

১৭। বালকান অঞ্চলত গঢ়ি উঠা যুগোশ্লাভিয়া ৰাষ্ট্ৰৰ ক্ৰমরিকাশ বৰ্ণনা কৰা

অথবা

প্রথম আৰু দ্বিতীয় যুগোশ্লাভিয়াৰ শাসন পদ্ধতি বর্ণনা কৰা।

উত্তৰঃ বালকান মানে হৈছে দক্ষিণ পূৱ ইউৰোপ মহাদেশৰ এড্রিয়াটিক সাগৰৰ পূৱ পাৰৰ বৃহত্তৰ অঞ্চলক বুজায়। এই অঞ্চলত শ্লাভ সকলে বাস কৰে বাবে যুগোশ্লাভ বুলি কোৱা হয়। প্রথম বিশ্ব যুদ্ধৰ পিছত বালকান অঞ্চলত যুগোশ্লাভিয়া নামেৰে ৰাষ্ট্ৰ গঠন হৈছিল আৰু ১৯২২ চনৰ ১৩ জুলাইত ইয়াত স্থাপিত হোৱা ৰাজতন্ত্র ব্যৱস্থাই আন্তর্জাতিক স্বীকৃতি লাভ কৰে। ইয়াৰ ৰাজধানী আছিল বেলগ্ৰেদ চহৰ। তেতিয়াৰ পৰা ১৯৪১ চনলৈ কেতিয়াবা একাত্মক সাংবিধানীক ৰাজতন্ত্র, কেতিয়াবা একাত্মক চৰম ৰাজতন্ত্ৰ নতুবা সাংবিধানীক ৰাজতন্ত্র বা যুক্তৰাষ্ট্ৰ সংবিধানীক ৰাজতন্ত্ৰৰ শাসন চলিছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত যুগোশ্লাভিয়াত যুক্তৰাষ্ট্ৰ গঠন হয়। 

ইয়াৰ অংগ ৰাজ্যবোৰ আছিল শ্লোভেনিয়া, ক্রোৱেচিয়া, মেচিড নিয়া, ব’চনিয়া আৰু হাৰজেগোভিয়া, মন্টেনেগ্ৰো আৰু চাৰ্বিয়া। এই দ্বিতীয় যুগোশ্লাভিয়া আছিল সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্ৰ। ইয়াৰ সদৰ স্থান বেলগ্রেদে আছিল। সাম্যবাদী নেতা টিটোৰ নেতৃত্বত এই শাসনে ১৯৮০ চনলৈ চলিছিল। টিটোৰ পিচতো ১৯৯২ চনলৈ সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্ৰৰ শাসন চলি আছিল।

১৮। তৃতীয় বালকান যুদ্ধ মানে কি লিখা।

অথবা

তৃতীয় বালকান যুদ্ধৰ পৰিণাম স্বৰূপে কি কি নতুন ৰাষ্ট্ৰৰ জন্ম হৈছিল চমুকৈ লিখা।

অথবা

সমাজবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্র যুগোশ্লাভিয়াৰ পতনৰ ফলত কি কি নতুন ৰাষ্ট্ৰৰ জন্ম হ’ল চমুকৈ লিখা।

উত্তৰঃ কুৰি শতিকাৰ ৯০ ৰ দশকত বালকান যুদ্ধৰ সৃষ্টি হৈছিল। ১৯৮০ চনত সাম্যবাদী নেতা-টিটোৰ মৃত্যুৰ পিছত যুগোশ্লাভিয়াৰ সাম্যবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্ৰৰ শাসন দুৰ্বল হৈ পৰে। যুক্তৰাষ্ট্ৰৰ অংগৰাজ্য বিলাক বহুদলীয় নির্বাচন আৰম্ভ হয় আৰু নির্বাচন বিলাকত জাতীয়তাবাদী দল বিলাকৰ প্ৰভাৱ বাঢ়িবলৈ লয়। ইতিমধ্যে বার্লিন দেবোলৰ পতন ঘটে ১৯৮৯ চনত; তেনেকৈ সমাজবাদী চোভিয়েট ৰাছিয়াৰ পতন ঘটে ১৯৯১ চনত। গতিকে অংগৰাজ্যবিলাকৰ নৃগোষ্ঠীয় মতভেদ, বহুদলীয় ব্যৱস্থা, উগ্রজাতীয়তাবাদ, আন্তর্জাতিক ক্ষেত্ৰত সাম্যবাদৰ পতন আদিৰ বাবে যুগোশ্লাভিয়াত এক ৰাজনৈতিক অস্থিৰতা সৃষ্টি হয়। অংগৰাজ্য বিলাকৰ ভিতৰত আগবঢ়া শ্লোভেনিয়া আৰু ক্রোৱেচিয়াই ১৯৯১ চনৰ ২৫ জুনত প্রথমে যুগোশ্লাভিয়াৰ পৰা স্বাধীনতা ঘোষণা কৰিলে। 

কিন্তু বৃহত্তম তথা জনবহুল চাৰ্বিয়া গণৰাজ্যই যুগোশ্লাভিয়াৰ পতন নিবিচাৰিছিল বাবে তেনে মুক্তিকামী আন্দোলনৰ বিৰুদ্ধে সামৰিক শক্তি কঠোৰ ভাবে ব্যৱস্থা কৰিছিল আৰু বৃহত্তৰ চাৰ্বিয়া গঠনৰ পৰিকল্পনাত চার্ব বাহিনীয়ে আচাৰ্ব লোকৰ ওপৰত অমানসিক অত্যাচাৰ চলাইছিল। তদুপৰি ১৯৯২ চনৰ ব’চনিয়া আৰু হাৰজেগোভিনাই স্বাধীনতা ঘোষণা কৰাত আৰু পৰিস্থিতি বেয়া হয়। ইয়াৰ মুছলিম লোকক হত্যা কৰা হয়, মছজিদ, সা-সম্পত্তি ধ্বংস কৰা হয়। এনেদৰে ২০০৬ চনৰ ভিতৰত যুগোশ্লাভিয়াৰ পতন হয় আৰু তাৰ ঠাইত তলৰ ৰাষ্ট্ৰসমুহ সৃষ্টি হয়। নতুন ৰাষ্ট্ৰবোৰ হ’ল-শ্লোভেনিয়া, ক্রোৱেনিয়া, ব’চনিয়া আৰু হাৰজেগোভিনা, মেচিডনিয়া, মন্টেনেগ্ৰো আৰু চাৰ্বিয়া। পুনৰ ২০০৮ চনৰ ১৭ ফেব্ৰুৱাৰীত ক’চ’ভোয়ে চাৰ্বিয়াৰ পৰা স্বাধীন হৈ পৰে বাবে পুৰণি সমাজবাদী যুগোশ্লাভিয়াৰ পৰা ৭ খন নতুন ৰাষ্ট্ৰৰ জন্ম হৈছিল।

১৯। বালকান বা যুগোশ্লাভিয়া যুদ্ধত সৃষ্টি হোৱা যুদ্ধ অপৰাধৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ ১৯৮০ চনত যুগোশ্লাভিয়াৰ সাম্যবাদী যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্ৰৰ শাসন কৰ্তা-টিটোৰ মৃত্যু হয় আৰু তাৰ পিছৰ পৰা ইয়াৰ অংগ ৰাজ্য বিলাকত জাতীয়তাবাদ বা উগ্র জাতীয়বাদীৰ প্রভাব বাঢ়িবলৈ লয়। চাৰ্বিয়া অংগ ৰাজ্যৰ বাহিৰে আন অংগৰাজ্যবোৰত অন্য নৃগোষ্ঠীয় লোক আছিল। আনহাতে চাৰ্বিয়াৰ চাৰ্ব সকলে বৃহত্তৰ চাৰ্ব ৰাষ্ট্ৰ গঠনৰ ধাৰণা গঢ় দিছিল। এনেকুৱা পটভূমিৰ পৰিপ্ৰেক্ষিতত অংগৰাজ্যবোৰ এখনৰ পিছত আন এখনে যুগোশ্লাভিয়াৰ পৰা স্বাধীনত্ব ঘোষণা কৰিছিল। প্রথমে ১৯৯১ চনত শ্লোভনীয়া আৰু ক্ৰোৱেচিয়াই আৰু ১৯৯২ চনত ব’চনিয়াই স্বাধীনতা ঘোষণা কৰাত যুদ্ধ সৃষ্টি হৈছিল। শ্লোভেনিয়াৰ যুদ্ধক ১০ দিনৰ যুদ্ধ বুলি জনা যায়। কিন্তু ক্রোৱাচিয়া যুদ্ধ ১৯৯৪-৯৫, বচনিয়ান যুদ্ধ ১৯৯২-৯৫, ক’চভো যুদ্ধ ১৯৯৮-১৯৯৯, মেচিড’নিয়া যুদ্ধ ২০০১ আদিৰ যুদ্ধ সহজতে শেষ হোৱা নাছিল। আটাইবোৰ যুদ্ধক প্রতিহত কৰাৰ বাবে চাৰ্ব বাহিনীয়ে জপিয়াই পৰিছিল আৰু হত্যাৰ ধ্বংস লীলা ঘটাইছিল। 

এই যুদ্ধবোৰ হৈছিল বিচ্ছিন্নতাবাদী বা উগ্রজাতীয়তাবাদী বা নৃগোষ্ঠীয় স্বতন্ত্ৰতাৰ আন্দোলনৰ বাবে আৰু সেয়ে চাৰ্বিয়াৰ পৃষ্ঠাপোষকতাত বা সমর্থন পুষ্ট বাহিনী ( J.N.A. চার্বিয়া অৰ্ধ সামৰিক বাহিনী, চার্বিয়ান ব্ৰজিনা সৈন্য দল, চৰপক্কা প্রজাতন্ত্ৰৰ সৈন্যবাহিনী, চাৰ্ভিয়া আৰক্ষী বাহিনী আদি ) বোৰে সকলো অংগৰাজ্যৰ স্বাধীনতাকামী আন্দোলনৰ ওপৰত জপিয়াই পৰিছিল। অ-চাৰ্ব লোকৰ ওপৰত নিৰ্মৰ অত্যাচাৰ চলাই গণহত্যা, নৃগোষ্ঠীয় ধ্বংস, যৌন নির্যাতন, আদিৰ দৰে অমানৱীয় কাৰ্য সংঘটিত কৰি যুদ্ধ অপৰাধত জড়িত হৈ পৰিছিল। আন্তর্জাতিক ন্যায়িক আদালতে এনে জঘন্য কাৰ্যৰ বাবে চার্ব বাহিনী সমূহক দোষাৰোপ কৰিছিল আৰু সামৰিক বিষয়া সকলকে ধৰি ৰাজনৈতিক নেতাসকলকো বিচাৰ কৰিব শাস্তি বিহিছিল। উদাহৰণস্বৰূপে ২০১১ চনত ন্যায়ালয়ে চার্বিয়া নেতা-ৰডোভান কাৰড্‌জিকক দোষী সাবস্ত্য কৰি আজীৱন কাৰাবাসৰ শাক্তিৰ বিধান দিছিল৷ শাস্তিৰ ভয়ত বহুতো নেতা আদালতৰ পৰা আঁতৰি আছিল।

গতিকে যুদ্ধৰ নামত অমানৱীয় অত্যাচাৰ বন্ধৰ বাবে ৰাষ্ট্ৰসংঘই বালকানত যি ভূমিকা লৈছে তাৰ বাবে সি ভৱিষ্যতৰ দৃষ্টান্ত হ’ব পাৰিব।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ 

১। ব’চনিয়ান স্বাধীনতা যুদ্ধৰ বিষয়ে বর্ণনা আগবঢ়োৱা আৰু এই যুদ্ধৰ ফলাফল উল্লেখ কৰা।

অথবা

ব’চনিয়ান স্বাধীনতা যুদ্ধৰ নামত হোৱা নৃ-গোষ্ঠীয় সংঘাতৰ ওপৰত বৰ্ণনা আগবঢ়াই তাৰ পৰিণামবোৰ উল্লেখ কৰা।

উত্তৰঃ বালকান অঞ্চলৰ বেছিভাগতে চাৰ্ব সকলে বাস কৰে বাবে যুগোশ্লাভ ৰাষ্ট্ৰৰ জন্ম হৈছিল৷ চাৰ্ব জনগোষ্ঠীৰ উপৰিও আন আন জনগোষ্ঠীৰ লোকো থকা বাবে যুগোশ্লাভিয়াত যুক্তৰাষ্ট্ৰ গঠন হৈছিল। ৬ খন অংগ ৰাজ্যৰ ভিতৰত ব’চনিয়ত প্ৰধানকৈ তিনিটা জনগোষ্ঠীৰ লোক আছিল৷ ইয়াত চাৰ্ব জনগোষ্ঠী দ্বিতীয় স্থানত আছিল প্রথমত আছিল বচনিয়াক মুছলিম গোষ্ঠী আৰু মুঠ জনসংখ্যাৰ ৪০ শতাংশৰ ওপৰত আছিল । তৃতীয় জনগোষ্ঠীৰ লোক আছিল ক্রেটচসকল ৷ চাৰ্বসকলৰ বাসভূমিয়ে যুগোশ্লাভ হোৱা বাবে তেওঁলোকে যুগোশ্লাভৰ পতন বিচৰা নাছিল।

টিটোৰ মৃত্যুৰ পিছত যুগোশ্লাভিয়া যুক্তৰাষ্ট্ৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিবলৈ ধৰিলে। অংগৰাজ্য বূিলাকৰ জাতীয়তাবাদী শক্তিবোৰ তথা ভিন্ন জনগোষ্ঠীৰ আন্দোলন বিলাকে শূৰ দাঙি উঠি যুগোশ্লাভিয়া যুক্তৰাষ্ট্ৰৰ পৰা আঁতৰি অহাৰ যুদ্ধ আৰম্ভ কৰিছিল। শ্লোভনিয়া আৰু ক্ৰোৱেচিয়াই স্বাধীনতা ঘোষণা কৰাৰ পিছত ব’চনিয়া আৰু হাৰজেগোভিনা অংগৰাজ্যই ১৯৯২ চনত যুগোশ্লাভিয়াৰ পৰা স্বাধীনতা বিচাৰিলে আৰু তাৰ লগে লগে বচনিয়ত গৃহ যুদ্ধ আৰম্ভ হ’ল । এপ্ৰিল মাহত স্বাধীনতাৰ বাবে যি গণনিৰ্দেশৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাত সৰহ সংখ্যক ৬০% বচনিয়াক মুছলমানে ভোট দিছিল য’ত চাৰ্বসকলৰ সন্মতি নাছিল। তাৰ ফলত ব’চনিয়া চৰকাৰ আৰু ব’চনিয়াক মুছলিমৰ বিৰুদ্ধে চার্ব তথা যুগোশ্লাভিয়াৰ সৈন্য বাহিনীয়ে জপিয়াই পৰে। ব’চনিয়া চাৰ্ব আৰু যুগোশ্লাভিয়াৰ সৈন্য বাহিনী (J.N.A) য়ে ১৯৯২ চনৰ পৰা ১৯৯৫ চনলৈকে বচনিয়া চৰকাৰ আৰু ব’চনিয়াক মুছলমানৰ বিৰুদ্ধে অহৰহ সামৰিক সংঘর্ষ চলাই থৈছিল আৰু নিৰ্মমভাবে অত্যাচাৰ, লুণ্ঠন, হত্যা, ধ্বংস আদি মাৰাত্মক কাৰ্য সংঘাটিত কৰিছিল। ব’চনিয়া কাৰ্য আৰু J.N.A ৰ পক্ষই ব’চনিয়া অংগ ৰাজ্যৰ ভালেমান ঠাই নিজৰ নিয়ন্ত্ৰণত আনিছিল আৰু তেনেবোৰ ঠাইত চৰপক্কা গণৰাজ্য ( Republic of Srpska) প্ৰতিষ্ঠা কৰিছিল।

চাৰ্ব আৰু যুগোশ্লাভিয়াৰ সৈন্যদলে ব’চনিয়াৰ মুছলমানসকলক আক্ৰমনৰ লক্ষ্য কৰি লৈ তেওঁলোকৰ ওপৰত অমানসিক বৰ্বৰতা চলাইছিল। বচনিয়াৰ ৰাজধানী –‘চাৰাজেভো’ অতি সোনকালে দখল কৰি লয় আৰু ৪৪ মাহ ধৰি দখল কৰি আছিল। ফলত প্রায় ৩ লাখ বচনিয়াই আৱশ্যকীয় বয়-বস্তুৰ বাবে হাহাকাৰ কৰিব লাগিছিল। প্রায় ১০ হাজাৰ বচনিয়াক লোক চাৰ্বৰ অত্যাচাৰত মৃত্যু হৈছিল। বচনিয়ান যুদ্ধত চার্বসকলে ইয়াৰ / অংশ অঞ্চলত নিজৰ নিয়ন্ত্ৰণত আনিব পাৰিছিল আৰু বচনিয়াক মুছলিমলোক নানান ধৰণৰ অত্যাচাৰৰ বলি হৈছিল। অসংখ্য লোকক খেদি পঠোৱা হৈছিল, ঘৰ দুৱাৰ সা-সম্পত্তি নষ্ট কৰা হৈছিল, মছজিদ ধ্বংস কৰা হৈছিল, মহিলাৰ ওপৰত যৌন নির্যাতন চলোৱা হৈছিল ইত্যাদি। তেনেকৈ ১৯৯৫ চনৰ জুলাই মাহত ‘শ্ৰীৱেনিকা’ ত গণহত্যা চলোৱা হৈছিল। পূৱ ব’চনিয়াত অৱস্থিত ৰাষ্ট্ৰসংঘৰ তত্ত্বাবধানত থকা শ্ৰীঘ্ৰেনিকা চাৰ্বসকলৰ দখলত পৰে আৰু তাত প্ৰায ৮ হাজাৰ মুছলমান লোকক হত্যা কৰা হৈছিল। এনেদৰে বচনিয়ান যুদ্ধত যি  নৃগোষ্ঠীয় / গণহত্যাৰ ধ্বংস লীলা সংঘটিত কৰা হৈছিল সি দ্বিতীয় মহাযুদ্ধৰ পিচত ইউৰোপৰ প্রথম ঘটনা হয়।

‘শ্ৰীৱেনিকা’ৰ গণহত্যাৰ ঘটনাৰ পিছত ১৯৫৫ চনৰ আগষ্ট মাহত NATO বাহিনীয়ে আকাশী যানেৰে ব’চনিয়াত আক্রমন চলায়, চার্বসকলৰ ওপৰত গোলাবর্ষণ কৰে৷ শ্ৰীঘ্ৰেনিকা আৰু চাৰাজেভোক চাৰ্ব দখলৰ পৰা উদ্ধাৰ কৰে। ৰাষ্ট্ৰসংঘৰ সুৰক্ষা বাহিনী (UNPROFOR) তত্ত্ববধানত ভালেমান অভিযান (যেনে – Operation Summer Operation Storm, Operation Deliberate Force, Operation Sena ইত্যাদি) বোৰে চাৰ্বৰ আক্রমনক প্ৰতিহত কৰিবলৈ ধৰে। আৰু লাহে লাহে চাৰ্বৰ দখলৰ ৰা সকলো অঞ্চল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৫ চনৰ ৩০ আগষ্টত NATO ৰ সচিব প্রধানে Operation Deliberate Force আৰম্ভ কৰে আৰু ৰাষ্ট্ৰসংঘৰ সুৰক্ষা বাহিনীৰ সহযোগত চাৰ্ব তথা চৰপক্কা গণৰাজ্যৰ ওপৰত মাধমাৰ সোধাবলৈ সক্ষম হৈছিল। শেষত চার্ব পক্ষহ ২৬ চেপ্তেম্বৰত শান্তি আলোচনাত বহিবলৈ সন্মতি দিয়াত ১৪ অক্টোবৰৰ পৰা যুদ্ধবিৰতী আৰম্ভ হয়। ১৯৯৫ চনৰ ১৪ ডিচেম্বৰত ডেয়টন শান্তি চুক্তি (Dayton Peace Agreement) স্বাক্ষৰিত হোৱাৰ লগে লগে ব’চনিয়ান যুদ্ধৰ লগত অন্ত হয়।

যুদ্ধৰ ফলাফল—

(ক) ডেয়টন চুত্তি মৰ্মে বচনিয়া আৰু হাৰজেগোভিনা একক ৰাষ্ট্ৰ হৈ থাকিব। কিন্তু এই ৰাষ্ট্ৰ খন দুই ভাগত বিভত্ত হ’ব—ত্ৰোট যুক্তৰাষ্ট্ৰ, আৰু বচনিয়ান চাৰ্ব প্ৰজাতন্ত্র।

(খ) বচনিয়ান যুদ্ধ ১৯৯২ চনৰ ৬ এপ্ৰিলৰ পৰা ১৯৯৫ চনৰ ১৪ ডিচেম্বৰলৈ ৩ বছৰ ৮ মাহ ১৩ দিন চলিছিল।

(গ) বচনিয়া যুদ্ধ ইউৰোপ মহাদেশত সংঘটিত হোৱা প্ৰথম গণহত্যা।

(ঘ) এই যুদ্ধত নৃগোষ্ঠীয় সংঘাতৰ বাবে ১ লাখতকৈ অধিক মুছলমানলোক নিহত হৈছিল আৰু যুদ্ধ অপৰাধৰ বহুতো কাৰ্য ঘটিছিল।

(ঙ) নেটো (NATO) ৰ নেতৃত্বত শান্তিৰক্ষা অভিযানে শান্তি চুক্তিৰ চৰ্ত পর্যবেক্ষন কৰিব।

(চ) শান্তি চুক্তিৰ চৰ্ত বাস্তবায়িত কৰাৰ বাবে এখন ‘Peace Implementation Council’ গঠন কৰা হ’ব।

২। বালকান অঞ্চলৰ যুদ্ধত চাৰ্বিয়া / যুগোশ্লাভিয়া চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা।

অথবা

বালকান যুদ্ধত চাৰ্বিয়াৰ স্থিতি বৰ্ণনা কৰি তাৰ পৰিণামবোৰ উল্লেখ কৰা।

উত্তৰঃ বালকান অঞ্চলৰ বৃহৎ জনগোষ্ঠী হৈছে চাৰ্ব। চাৰ্বৰ উপৰিও বচনিয়াক মুছলমান, ক্রোট আদি অন্য জনগোষ্ঠী তাত বাস কৰিছিল। চাৰ্বৰ বাসভূমিয়ে যুগোশ্লাভিয়ান সেয়ে প্রথম দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত যুগোশ্লাভ ৰাষ্ট্ৰ সৃষ্টি হৈছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ৬ খন অংগৰাজ্যক লৈ সমাজবাদী যুক্তৰাষ্ট্ৰ যুগোশ্লাভিয়া গঠন হয়। কিন্তু ১৯৮০ চনত যেতিয়া সাম্যবাদী নেতা টিটোৰ মৃত্যু হয় ১৯৮৯ আৰু ১৯৯১ চনত বাৰ্লিন দেৱাল আৰু চোভিয়েটৰ পতন ঘটে তেতিয়া বালকান অঞ্চলৰ জনগোষ্ঠীৰ মাজৰ জাতীয়তাবাদী আন্দোলনবিলাকে যুক্তৰাষ্ট্ৰীয় যুগোশ্লাভিয়াৰ পৰা স্বাধীনতা বিচাৰে আৰু সশস্ত্র বিপ্লৱ আৰম্ভ কৰিছিল। আনহাতে চাৰ্বসকলে যুগোশ্লাভিয়াৰ পতন বিচৰা নাছিল যিহেতু চাৰ্ব মানে যুগোশ্লাভিয়া। সেয়ে অংগ ৰাজ্যৰ চাৰ্ব সকল আৰু যুগোশ্লাভিয়াৰ চৰকাৰ আৰু সৈন্যবাহিনী এক হৈ অংগৰাজ্যবোৰত গঢ়ি উঠা স্বাধীনতা আন্দোলনবোৰৰ বিৰুদ্ধে যুঁজ দিছিল।

সমাজবাদী যুক্তৰাষ্ট্ৰ যুগোশ্লাভিয়াৰ ৬ খন অংগ ৰাজ্যৰ ভিতৰত চাৰ্বিয়া (পিছত যুগোশ্লাভিয়া যুক্তৰাষ্ট্ৰ প্ৰজাতন্ত্ৰ) আছিল বৃহৎ আৰু জনবহুল অংগ। ইয়াৰ ৮০% কৈ অধিক চার্ব জনতা আছিল। তদুপৰি আন অংগবোৰতো চাৰ্ব জনগোষ্ঠীৰ লোক আছিল। অন্য জনগোষ্ঠীৰ মাজত যেনেদৰে স্ব-জাতিয়তাবাদ গঢ়ি উঠিছিল তেনেকৈ চাৰ্বসকলৰ নিজৰ মাজতো বৃহত্তৰ চার্বিয়া (Generator Serbia) গঠনৰ জাতিয়তাবাদ জনপ্ৰিয় হৈ উঠিছিল। ব’চনিয়ান চার্ব ৰাজনৈতিক নেতা ৰাডোডান কাৰাড্‌জিকে কৈছিল ‘Our optimum is a Federal Serbia, and if not that, then a Republic’. তেনেকৈ গৃহযুদ্ধ সময়ৰ চাৰ্বিয়াৰ ৰাষ্ট্ৰপতি হৈ থকা নেতা -শ্লোবোদন মিলোচেভিকে এইদৰে ভাবিছিল যে প্রথম বিশ্ব যুদ্ধৰ পিছত চাৰ্ব ৰাজনৈতিক নেতাসকলে সকলো চার্ব জনতাকে লৈ এখন বৃহত্তৰ চাৰ্ব ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰিলে সেই কামটো এই সময়তে (গৃহ যুদ্ধৰ সময়তে) কৰাৰ উপযুক্ত সময় হ’ব। গতিকে যেতিয়া অংগৰাজ্যবিলাকে যুগোশ্লাভিয়া চৰকাৰে কঠোৰ হাতেৰে তাক দমন কৰিবলৈ আহিছিল আৰু যুদ্ধক্ষেত্ৰ ৰক্তাক্ত হৈ পৰিছিল।

সমাজবাদী যুক্তৰাষ্ট্ৰ যুগোশ্লাভিয়াৰ পৰা প্ৰথমে ১৯৯১ চনৰ মাৰ্চত শ্লোভেনিয়া আৰু ক্রোৱেচিয়াই স্বাধীনতা ঘোষণা কৰিছিল আৰু লগে লগে চাৰ্ব আৰু যুগোশ্লাভৰ সামৰিক বাহিনীৰ পক্ষই জপিয়াই পৰে। ফলত গৃহযুদ্ধ সৃষ্টি হয়। অৱশ্যে শ্লোভেনীয়া যুদ্ধ দীঘলীয়া হোৱা নাছিল। ইয়াক ১০ দিনৰ যুদ্ধ বুলি জনা যায় আৰু ইয়াত মিলিত শক্তি পৰাভূত হৈছিল। আনহাতে ক্ৰোৱেচিয়া যুদ্ধ, বচনিয়ান যুদ্ধ, ক’চভো যুদ্ধ আদি সোনকালে শেষ হোৱা নাছিল ৷ উদাহৰণস্বৰূপে ব’চনিয়া যুদ্ধ ৩ বছৰতকৈ অধিক কাল চলিছিল। এনেদৰে ১৯৯১ চনৰ পৰা ৯৭ চনলৈ বালকান অঞ্চলত গৃহযুদ্ধ চলি আছিল।

এই যুদ্ধ নৃগোষ্ঠীয় যুদ্ধত পৰিণত হৈছিল। লাখ লাখ অন্য সম্প্রদায় বিশেষকৈ মুছলমান লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল চাৰ্ব সকলে। চাৰ্ব আৰু যুগোশ্লাভিয়াৰ বাহিনীবোৰে অনা চাৰ্বৰ ওচৰত জপিয়াই পৰিছিল, তেওঁলোকক খেদি পঠোৱা হৈছিল, অমানৱীয় অত্যাচাৰ চলোৱা হৈছিল, সা-সম্পত্তি তথা মছজিদ আদি ধ্বংস কৰা হৈছিল, মহিলাৰ ওপৰত যৌন নির্যাতন চলোৱা হৈছিল আৰু গণহত্যাৰে লাখ লাখ লোকৰ জীৱন নিঃশেষ কৰি বিশেষ জাতিক বিচ্ছিন্ন কৰিব বিচাৰিছিল। উদাহৰণস্বৰূপে কচভো যুদ্ধত ৭ লাখ আলবানিয়া জনগোষ্ঠীৰ লোকক খেদি পঠোৱা হৈছিল, ২২৭ টা টা মছজিদ ধ্বংস কৰা হৈছিল। বচনিয়ান যুদ্ধত চাৰাজেভো আৰু শ্ৰীৱেনিকা দখলৰ সময়ত গণহত্যা কৰা হৈছিল। এনেদৰে প্ৰতিটো স্বাধীনতা আন্দোলন দমনৰ নামত চাৰ্ব জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে চাৰ্ব বাহিনীয়ে অন্য জনগোষ্ঠীৰ ওপৰত ধ্বংস লীলা চলাইছিল।

ৰাষ্ট্ৰসংঘই শ্লোভেনিয়া, ক্ৰোৱেচিয়া বা বচনিয়ানৰ স্বাধীনতাক সোনকালে স্বীকৃতি দিছিল। তদুপৰি চাৰ্ব পক্ষৰ অমানৱীয় যুদ্ধ ৰোধ কৰিবলৈ এই যুদ্ধত লাগি পৰে আৰু চাৰ্ব পক্ষৰ বিপৰীতে ভালেমান অভিযান (Operation Storm, Operation Senator, Operation Summer, Operation Deliberate Force ইত্যাদি) প্ৰয়োগ কৰি গৃহযুদ্ধৰ অন্ত পেলাবলৈ সক্ষম হৈছিল৷ তদুপৰি যুগোশ্লাভিয়াৰ ওপৰত নানান বাধা আৰোপ কৰি দিয়া হৈছিল। ফলত যুগোশ্লাভিয়া আৰু চাৰ্বৰ সন্মিলিত শক্তিয়ে যুগোশ্লাভিয়াৰ পতনৰ পথ ৰুধ কৰিব নোৱাৰিলে আৰু তাৰ পৰা কেবাখনো নতুন ৰাষ্ট্ৰৰ সৃষ্টি হয়।

বালকান যুদ্ধত যুগোশ্লাভিয়া চৰকাৰ তথা চাৰ্ব পক্ষই যি ধৰণে নামি পৰিছিল যি যথেষ্ট ধৰণে সমালোচিত হৈছিল। বৃহত্ত ৰ চাৰ্ব গঠনৰ জাতীয়তাবাদৰ নায়ক অন্য গোষ্ঠীৰ ওপৰত যি অমানৱীয় অত্যাচাৰ, লুণ্ঠন, ধ্বংস কাৰ্য কৰিলে সি ঘৃণনীয়। গণহত্যা, নৃগোষ্ঠীয় ধ্বংস কাণ্ড, যৌন নির্যাতন আদিৰ অভিযোগত চার্ব পক্ষৰ সকলে (চার্বিয়ান অৰ্ধসামৰিক বাহিনী, যুগোশ্লাভিয়াৰ জাতীয় বাহিনী, চার্বিয়ান ক্লাজিনা সৈন্যদল চৰপক্কা প্রজাতন্ত্ৰৰ সৈন্যদল, চাৰ্বিয়ান আৰক্ষী বাহিনী আদি) কে জগৰীয়া কৰা হয় আৰু আন্তর্জাাতিক ন্যায়িক আদালতে সামৰিক আৰু ৰাজনৈতিক নেতাসকলক বিচাৰ কৰি দোষী সাব্যস্ত কৰিছিল। বহুতো ৰাজনৈতিক নেতা এই আদালতৰ বিচাৰৰ পৰা আঁতৰি আছিল।

পৰিণামঃ— তৃতীয় বালকান যুদ্ধক্ষেত্ৰসমূহত যুগোশ্লাভিয়া গণৰাজ্য চৰকাৰ তথা চাৰ্ব বাহিনীয়ে যি ভূমিকা লৈছিল তাৰ পৰা তেওঁলোক সফল হ’ব নোৱাৰিলে। তেওঁলোকৰ পৰিকল্পনাই কোনো এখন যুদ্ধতে জয়লাভ আনিব নোৱাৰিলে। সকলো অংগ ৰাজ্যই যুগোশ্লাভিয়া ৰাষ্ট্ৰৰ পৰা স্বাধীন হ’ল আৰু আন্তৰাষ্ট্ৰীয় ৰাজনীতিত যুগোশ্লাভিয়াৰ স্থিতি বিচ্ছিন্ন হৈ তাৰ পৰা নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হ’ল।

(ক) বালকান যুদ্ধত যুগোশ্লাভিয়া চৰকাৰৰ নেতৃত্বত চাৰ্বিয়া পক্ষই যি ধৰণে সামৰিক কৌশল প্রয়োগ কৰিছিল তাৰ ফলত নৃ-গোষ্ঠীয় ধ্বংসৰ যজ্ঞ হৈছিল আৰু তাৰ বাবে চর্বিয়া বাহিনীক দোষাৰোপে কৰা হৈছিল। ই হৈছে দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ ইউৰোপ মহাদেশত হোৱা প্ৰথম গণহত্যাৰ উদাহৰণ।

(খ) বৃহত্তৰ চাৰ্বিয়া গঠনৰ ধাৰণা বা জাতীয়তাবাদীৰ সপোন বাস্তৱত ৰূপায়িত নহ’ল।

(গ) লাখ লাখ আচৰ্বলোকৰ জীৱন-সম্পত্তি ধ্বংস হৈছিল। তেনেকৈ শৰণাৰ্থী আৰু আভ্যন্তৰীণভাবে বিতাড়িত লোকৰ সমস্যা ভয়াবহ ৰূপ লয়।

(ঘ) ৰাষ্ট্ৰসংঘৰ সবল ভূমিকাৰ বাবে কোনো এখন যুদ্ধই যথেষ্ট দীঘল নহল আৰু শান্তি আৰু নিৰাপত্তা পুনৰ প্ৰতিষ্ঠা হ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top