United Nations And Global Conflicts Unit 5 Assessment of the United Nations as an International Organisation: Imperatives of Reforms and the Process of Reforms

United Nations And Global Conflicts Unit 5 Assessment of the United Nations as an International Organisation: Imperatives of Reforms and the Process of Reforms Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, United Nations And Global Conflicts Unit 5 Assessment of the United Nations as an International Organisation: Imperatives of Reforms and the Process of Reforms Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. United Nations And Global Conflicts Unit 5 Assessment of the United Nations as an International Organisation: Imperatives of Reforms and the Process of Reforms Question Answer can be of great value to excel in the examination.

United Nations And Global Conflicts Unit 5 Assessment of the United Nations as an International Organisation: Imperatives of Reforms and the Process of Reforms

Join Telegram channel

United Nations And Global Conflicts Unit 5 Assessment of the United Nations as an International Organisation: Imperatives of Reforms and the Process of Reforms Notes cover all the exercise questions in UGC Syllabus. The United Nations And Global Conflicts Unit 5 Assessment of the United Nations as an International Organisation: Imperatives of Reforms and the Process of Reforms provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

আন্তর্জাতিক সংগঠন হিচাপে ৰাষ্ট্ৰসংঘৰ মূল্যায়নঃ ইয়াৰ সংস্কাৰৰ প্ৰক্ৰিয়া আৰু সংস্কাৰৰ

POLITICAL SCIENCE

UNITED NATIONS AND GLOBAL CONFLICTS

অতি চমু প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰসংঘৰ আৰম্ভণি সময়ৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?

উত্তৰঃ ৫১ খন সদস্য ৰাষ্ট্ৰ আছিল।

২। বর্তমানে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমানলৈ বৃদ্ধি হৈছে?

উত্তৰঃ ১৯৩ (২০২০ ইং)।

৩। ৰাষ্ট্ৰসংঘক বিশ্বৰ চৰকাৰ (World Government) বুলি ক’ব নোৱাৰাৰ যুক্তি কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘ বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰবিলাকৰ এক সংস্থাহে।

৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইধৰণৰ সদস্য থাকে?

উত্তৰঃ দুই ধৰণৰ – স্থায়ী আৰু অস্থায়ী সদস্য।

৫। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে নে?

উত্তৰঃ এতিয়ালৈ হোৱা নাই।

৬। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা কেতিয়া বৃদ্ধি কৰা হয়?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৬ ৰ পৰা ১০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ইং ১৯৬৩ চনত লৈছিল যদিও নিৰাপত্তা পৰিষদে ১৯৬৫ চনতহে সন্মতি দিছিল।

৭। ‘Agenda for Peace’ প্রতিবেদন কোনে প্রস্তুত কৰি তুলিছিল?

উত্তৰঃ ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সচিব প্রধান বট্রাচ ট্রাচ ঘালীয়ে (Boutros Boutros Ghali)।

৮। Vision : Fifty Years of the United Nations, 1945-95′ কিতাপখন কোৱে উলিয়াইছিল?

উত্তৰঃ ১৯৯৫ চনত ৰাষ্ট্ৰসংঘৰ সচিব প্রধান ট্রাচ ট্রাচ ঘালীয়ে।

৯। ‘Uniting for Consensus’ গ্রুপক অন্য কি নামেৰে জনা যায়?

উত্তৰঃ কফি ক্লাৱ (Coffee Club) নামেৰে জনা যায়।

১০। ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সচিব প্রধান বান কি মুনে কোন জাতীয় লোকক ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ কাৰ্যত নিয়োগ কৰিছিল?

উত্তৰঃ অতুল খাৰে (Atul Khare) ক নিয়োগ কৰিছিল।

১১। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান কফি আন্নানৰ কোন প্রতিবেদনত ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বিষয় প্রকাশ পাইছিল?

উত্তৰঃ ‘In Larger Freedom’ প্রতিবেদনত প্ৰকাশ পাইছিল।

১২। ‘United nation reform is the need of the hour’ বুলি কোনে ভাষ্য ৰাখিছিল?

উত্তৰঃ ২০২০ চনৰ সাধাৰণ সভাৰ আলোচনাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে ভাষণত প্ৰকাশ কৰে।

১৩। নিৰাপত্তা পৰিষদত স্থায়ী সদস্য নথকা যিকোনো এখন মহাদেশৰ নাম লিখা।

উত্তৰঃ আফ্ৰিকা বা দক্ষিণ আমেৰিকা বা অষ্ট্রেলিয়া।

১৪। কোনখন মহাদেশৰ সাৰ্বাধিক ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হৈ আছে?

উত্তৰঃ ইউৰোপ মহাদেশৰ ৩ খন ৰাষ্ট্ৰ – ইংলেণ্ড, ৰাছিয়া আৰু ফ্রান্সে স্থায়ী সদস্য হৈ আছে।

১৫। ৰাষ্ট্ৰসংঘ সংস্কাৰৰ G-4 দেশ (Nation) ৰ প্ৰস্তাৱক কোন গ্রুপে বিৰোধ কৰিছে?

উত্তৰঃ ইটালীৰ নেতৃত্বত থকা কফি ক্লাৱে (Coffee Club)।

১৬। ‘শান্তি আৰু বিবাদ অধ্যয়ন’ (Peace & Conflict Studies) ৰ ভেঁটি হিচাবে ৰাষ্ট্ৰসংঘৰ কোনখন প্রতিবেদনক গণ্য কৰা হয়?

উত্তৰঃ বট্ৰচ বট্ৰাট ঘালীৰ ১৯২৬ চনৰ An Agenda for Peace ক জনা যায়।

১৭। ‘No reform of the V.N. will be complete without the reform and expansion of the security Council.’ কোনে কৈছিল?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি— প্ৰনৱ মুখার্জীয়ে।

চমু প্রশ্নোত্তৰঃ 

১। ৰাষ্ট্ৰসংঘ সংস্কাৰৰ ক্ষেত্ৰত ভূমিকা লোৱা দুজন ৰাষ্ট্ৰসংঘৰ সচিব প্রধানৰ নাম লিখা।

উত্তৰঃ কফি আন্নান আৰু বেন-কি-মুন

২। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কেনেকৈ কৰিব পৰা যায় তাক বুজায় লিখা

অথবা

ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰাৰ পদ্ধতি চমুকৈ লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মূল ভেঁটি বা আইন হৈছে ইয়াৰ চনদ। গতিকে চনদ সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সংস্কাৰে সাধন কৰা হয়।

ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰাৰ দায়িত্ব পাইছে ইয়াৰ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে। প্রথমে সাধাৰণ সভাই সংশোধনী প্ৰস্তাৱ ইয়াৰ ২/৩ অংশ সদস্যৰ সমৰ্থনেৰে পাচ কৰিব লাগিব। তাৰ পিছত ই নিৰাপত্তা পৰিষদৰ ঐক্যখণ্ডত পাচ হ’ব লাগিব। যদি কোনো এখন সদস্য ৰাষ্ট্ৰই ভেটো ক্ষমতা প্রয়োগ কৰে তেতিয়া সি পাছ নহ’ব। অর্থাৎ সকলো স্থায়ী সদস্যৰ সমৰ্থনত পাচ হলেহে চনদ সংশোধন হোৱাক বুজায়।

৩। কোন কোন মহাদেশৰ ৰাষ্ট্ৰবোৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ পৰা বঞ্চিত হৈ আছে?

উত্তৰঃ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এচিয়া মহাদেশৰ বাহিৰে আন কোনো মহাদেশ দক্ষিণ আমেৰিকা, আফ্রিকা, অষ্ট্ৰেলিয়া আৰু এন্টার্কটিকা মহাদেশৰ কোনো ৰাষ্ট্ৰকে স্থায়ী সদস্য পদ দিয়া হোৱা নাই।

৪।  কেতিয়াৰ পৰা ৰাষ্ট্ৰসংঘই উন্নয়নমূলক কামৰ ওপৰত গুৰুত্ব দিব লগা হৈছে?

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত এছিয়া আৰু আফ্রিকা মহাদেশৰ বহুতো দেশে উপনিৱেশ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা অর্জন কৰিছিল আৰু এই পিছপৰা দেশবোৰ ৰাষ্ট্ৰসংঘৰ সদস্য হৈ পৰাৰ পিছত ৰাষ্ট্ৰসংঘই এই দেশবোৰত উন্নয়নৰ বাবে গুৰুত্ব দিবলৈ বাধ্য হৈছিল আৰু তাৰ ফলস্বৰূপে ১৯৬৫ চনত ৰাষ্ট্ৰসংঘই – UNDP গ্ৰহণ কৰিছে।

৫। G-4 nation মানে কি?

উত্তৰঃ ইং ২০০৫ চনত জাৰ্মানী, ভাৰত, জাপান আৰু ব্ৰাজিলে লগ হৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ সংখ্যা বৃদ্ধিৰ সংশোধনী পৰামৰ্শ আগবঢ়াই নিজৰ প্ৰাৰ্থীত্বৰ দাবী আগবঢ়াইছিল। এই চাৰিখন দেশৰ গ্ৰুপটোক G-4 বুলি জনা যায়।

৬। G-77 ৰ অৰ্থ কি?

উত্তৰঃ জি-৭৭ মানে হৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত বিশ্বৰ ৭৭ খন উন্নয়নশীল ৰাষ্ট্ৰৰ এক সন্মিলিত সংঘ। ইং ১৯৬৪ চনৰ ১৫ জুনত গঠিত হৈছিল ইয়াৰে সদস্য ৰাষ্ট্ৰৰ সামূহিক অর্থনৈতিক উন্নয়নৰ স্বাৰ্থ তথা ৰাষ্ট্ৰসংঘৰ কাৰ্যত সক্রিয় অংশগ্ৰহন কৰাৰ লক্ষৰে। এই গ্রুপে বিশ্বত ‘নতুন আন্তর্জাতিক অর্থনৈতিক শৃংখলা’ (NIEO) ৰ দাবী উত্থাপন কৰে উপনিৱেশীক শক্তিৰ হেঁচাৰ পৰা নিজৰ সম্পদৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখিব বিচাৰে। বর্তমানে এই গ্ৰুপৰ সংখ্যা ১৩৪ জনলৈ বৃদ্ধি পাইছে।

৭। G-16 মানে কি লিখা।

উত্তৰঃ অষ্ট্রেলিয়া, ব্রাজিল, ইন্দিয়া, ইজিপ্ত, ইন্দোনেচীয়া, কানাডা, চেক গণৰাজ্য, আয়াৰলেণ্ড, আইভৰি কষ্ট, জমাইকা, জাপান, মেক্সিকো, নেডাৰলেণ্ড, দক্ষিণ কোৰিয়া, দক্ষিণ আমেৰিকা আৰু চুইডেনক লৈ G-16 গ্রুপ গঠন হৈছিল। ৰাষ্ট্ৰসংঘৰ ৫০ বছৰীয়া উৎসৱ পালনৰ অধিৱেশনত ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বিষয় জনপ্ৰিয় কৰাৰ কাৰণে এই গ্রুপে আগভাগ লবলৈ আহে।

৮। Coffee Club / Uniting for Consensus (UFS) ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ Coffee Club – কফি ক্লাৱৰে অন্য এটা নাম হৈছে Uniting for Consensus যাৰ উদ্দেশ্য হৈছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা বৃদ্ধিৰ G-4 ৰ সংস্কাৰৰ প্ৰস্তাৱক বিৰোধ কৰা। ইং ১৯৯৫ চনত ইটালীৰ নেতৃত্বত গঠিত ইয়াৰ মূল দেশবোৰ আছিল – পাকিস্তান, ইজিপ্ত, মেক্সিকোকে ধৰি পিছত ইয়াৰ সদস্য ৰাষ্ট্ৰ ৫০ লৈ বৃদ্ধি পাইছিল। এই গ্ৰুপৰ লক্ষ্য আছিল G-4 ৰ ৰাষ্ট্ৰবোৰৰ প্ৰাৰ্থীত্বক বিৰোধ কৰা । তাৰ বিপৰীতে অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১০ ৰ পৰা ২০ লৈ বৃদ্ধি কৰাৰ জৰিয়তে নিৰাপত্তা পৰিষদ সংস্কাৰ কৰাৰ দাবী আগবঢ়াইছিল কফি ক্লাৱে।

৯। L.69 Group মানে কি?

উত্তৰঃ ২০০৭ চনৰ ১১ চেপ্তেম্বৰত নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা বৃদ্ধিৰ যি L.69 প্রস্তাব আছিল তাৰ পৰা এই গ্ৰুপৰ নাম ৰখা হয়। এই গ্রুপ বিশ্বৰ বিভিন্ন অঞ্চল— (আফ্রিকা, লেটিন আমেৰিকা, কোৰিয়ান, এছিয়া আৰু প্ৰশান্ত) ৰ উন্নয়নশীল দেশক লৈ গঠিত। বৰ্তমান এই গ্ৰুপৰ সদস্য ৰাষ্ট্ৰ ৪২ লৈ বৃদ্ধি পায়। এই গ্ৰুপৰ প্ৰধান উদ্দেশ্য হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্পূৰ্ণ আৰু স্থায়ী সংস্কাৰ হোৱা যাৰ জৰিয়তে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য সংখ্যা বৃদ্ধি হোৱাৰ লগতেই অধিক প্রতিনিধিত্বমূলক, স্বচ্ছ তথা দায়বদ্ধ অনুষ্ঠানত পৰিণত কৰা হ’ব। এই গ্ৰুপৰ প্ৰধান দেশবোৰ হৈছে – ভাৰত, ব্রাজিল, দক্ষিণ আফ্রিকা, ফিদি, ইথিওপিয়া, ভূটান, আদি।

১০। শীতল যুদ্ধৰ পিছত আন্তর্জাতিক ৰাজনীতিত কি কি পৰিৱৰ্তন দেখা দিলে চমুকৈ লিখা।

অথবা

২১ শতিকাৰ বিশ্ব ৰাজনীতিৰ পৰিবৰ্তনৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

অথবা

ৰাষ্ট্ৰসংঘ কিয় স্কাৰ হ’ব লাগে তাৰ পটভূমি বর্ণনা কৰা।

উত্তৰঃ কুৰি শতিকাৰ ৪ দশকৰ পটভূমিত আন্তর্জাতিক ৰাজনীতিত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। ৫০ বছৰৰ পিছত কিন্তু ৰাজনীতিত অভূতপূৰ্ব পৰিৱৰ্তন আহে অৰ্থাৎ ১৯৯১ চনত চোভিয়েট ৰাছিয়াৰ পতনৰ ফলত বিশ্ব ৰাজনীতিত তলৰ পৰিৱৰ্তনবোৰ দেখা দিয়ে–

(ক) চেভিয়েট ৰাছিয়া খণ্ড বিখণ্ড হয় আৰু তাৰ পৰা ২৫ খন নতুন ৰাষ্ট্ৰৰ জন্ম হয়।

(খ) শীতল যুদ্ধৰ পতন হয় আৰু বিশ্বত দুই মেৰুৰ ঠাইত এক মেৰু আমেৰিকা যুক্তৰাষ্টৰৰ আধিপত্য বাঢ়ে।

(গ) চাভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী ৰাছিয়াৰ উদাৰ গণতন্ত্ৰ ৰ লগত আমেৰিকাৰ সম্পৰ্ক উন্নত হয়।

(ঘ) এছিয়াৰ অৰ্থনীতি বিশেষকৈ চীন আৰু ভাৰতৰ অর্থনৈতিক বিকাশ দ্রুত গতিত আগবাঢ়ে।

(ঙ) ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা বহু বৃদ্ধি পায়।

(চ) বিশ্বত বহুতো নতুন সমস্যাৰ উদ্ভৱ হ’ল আৰু মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকি হোৱা বিষয়বোৰ যেনে গণহত্যা, গৃহযুদ্ধ, নৃগোষ্ঠীয় সংঘাত, সন্ত্রাসবাদ, পৰমানু বোমা উৎপাদন, বিশ্ব পৰিৱেশ প্ৰদূষণ, মহামাৰী আৰু অতিমহামাৰীয়ে বিশ্ববাসীক চিন্তিত কৰি তোলে।

(ছ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ অৱনতি বা গুৰুত্ব হ্রাস হয়।

গতিকে কুৰি শতিকাৰ বিশ্বৰ তুলনাত ২১ শতিকাৰ বিশ্বৰ পটভূমি সম্পূৰ্ণকৈ পৃথক আৰু এই পৰিবৰ্তীত পটভূমিৰ উপযোগী হোৱাকৈ ৰাষ্ট্ৰসংঘ সংস্কাৰ হোৱা উচিত আৰু তাৰ বাবে বিশ্বত দাবী উত্থাপন হবলৈ ধৰিলে।

১১। ৰাষ্ট্ৰসংঘ সংস্কাৰৰ বাবে সাধাৰণ সভাই কি তিনিটা যুক্তি (দাবী) আগবঢ়াইছিল উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংস্কাৰে প্ৰধানকৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ কথাকে বুজাব খোজে। কিয়নো সকলো অংগৰ ভিতৰত ই শক্তিশালী। সেয়ে বর্তমান পৰিস্থিতিৰ লগত নিৰাপত্তা পৰিষদক উপযোগী কৰা দৰকাৰ। ১৯৯২ চনত সাধাৰণ সভাই ইয়াৰ সংস্কাৰৰ বাবে তিনিটা যুক্তি বা দাবী আগবঢ়াইছিল। সেইবোৰ হ’ল–

(ক) বর্তমান নিৰাপত্তা পৰিষদে সমসাময়িক ৰাজনীতিৰ সত্যতাক প্ৰতিফলিত নকৰে।

(খ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য যিহেতু প্ৰাচাত্য দেশৰে যথেষ্ট সেয়ে ইয়ে পশ্চিমীয়া মূল্যবোধ আৰু স্বাৰ্থকহে প্রতিনিধিত্ব কৰি আহিছে।

(গ) তদুপৰি ইয়ে সম প্ৰতিনিধিত্ব কৰা নাই।

সেয়ে সময়ৰ সৈতে ৰাষ্ট্ৰসংঘক আগবঢ়াই নিয়াৰ যথেষ্ট দৰকাৰ হৈ পৰিছে আৰু তাৰ প্ৰসংগত ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধন হোৱা উচিত বুলি সাধাৰণ সভাই দোহাৰিছিল।

১২। নিৰাপত্তা পৰিষদৰ নতুন সদস্যৰ ক্ষেত্ৰত অৰ্হতা কেনে ধৰনৰ হোৱা উচিত বুজাই লিখা।

অথবা

নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি হলে নতুন সদস্যৰ ক্ষেত্ৰত কি কি অৰ্হতা থকা প্রয়োজন সেইবোৰ উল্লেখ কৰা।

উত্তৰঃ সংশোধনৰ জৰিয়তে নিৰাপত্তা পৰিষদৰ সংখ্যা বৃদ্ধি কৰা হ’লে নতুন সদস্য ভৰ্তিৰ ক্ষেত্ৰত তলত দিয়া মান দত্তবোৰ নিৰ্ধাৰন কৰা উচিত।

(ক) অর্থনৈতিক ক্ষেত্ৰত ই শক্তিশালী ৰাষ্ট্ৰ হোৱা উচিত।

(খ) সামৰিকভাবে ই শক্তিশালী হোৱা দৰকাৰ।

(গ) ৰাষ্ট্ৰসংঘলৈ আর্থিক বৰঙনি আকর্ষণীয় হোৱা উচিত।

(ঘ) জনসংখ্যাৰ ক্ষেত্ৰটো ৰাষ্ট্ৰখন ডাঙৰ হব লাগে।

(ঙ) গণতন্ত্ৰ আৰু মানৱ অধিকাৰক শ্রদ্ধা জনোৱা ৰাষ্ট্ৰ হ’ব লাগে। আৰু

(চ) বিশ্বৰ ভৌগোলিক আৰু সাংস্কৃতিক ভিন্নতাৰ মাজৰে নিৰাপত্তা পৰিষদক বেছিকৈ প্রতিনিধিত্ব কৰিব পৰা ৰাষ্ট্ৰ হ’ব লাগে।

ওপৰত উল্লেখ কৰা মানদণ্ডেৰে নতুন সদস্যই নিৰাপত্তা পৰিষদত ভর্তি হ’ব লাগে বুলি বহুতো মতপোষণ কৰিছে।

১৩। ৰাষ্ট্ৰসংঘৰ কোনবিলাক বিষয় প্রধানকৈ সংশোধীত হোৱা উচিত উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ তলত দিয়া বিষয়বোৰ প্ৰধানকৈ সংশোধন হোৱা দৰকাৰ বুলি মতামত উত্থাপন কৰা হৈছে–

(ক) ‘No reform of the U.N. would be complete without reform of the security council.’ ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা বৃদ্ধিৰ বিপৰীত নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি পোৱা নাই। গতিকে ইয়াৰ প্ৰতিনিধিত্বৰ চৰিত্ৰ আৰু কাৰ্য প্ৰণালী-সংশোধন হোৱা উচিত।

(খ) ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ প্ৰশাসনৰ চৰিত্ৰ অধিক স্বচ্ছ, দায়বদ্ধ আৰু নিখুঁত কৰাৰ দৰকাৰ আৰু তাৰ বাবে ই সংস্কাৰ হ’ব লাগে।

(গ) ৰাষ্ট্ৰসংঘ অধিক গণতান্ত্ৰিক হোৱা দৰকাৰ। উদাহৰণস্বৰূপে সাধাৰণ সভা দ্বিসদনীয় বিধান মণ্ডলৰ দৰে গঠিত হলে বিশ্ব জনমত ভালদৰে প্ৰতিফলিত হ’ব, সেয়ে ৰাষ্ট্ৰসংঘক বিশ্ব চৰকাৰলৈ ৰূপান্তৰিত হোৱাৰ দৰে সংশোধন হ’ব লাগে।

(ঘ) বৰ্তমান সময়ৰ ভালেমান বিশ্বজনীন সমস্যাৰ সমাধানৰ উপযোগী হোৱাকৈ ৰাষ্ট্ৰসংঘক অধিক গণতান্ত্রিক বহুমুখী সংস্থা হিচাপে সংস্কাৰ হোৱা নিত্যান্তই দৰকাৰ।

(ঙ) ৰাষ্ট্ৰসংঘৰ কামৰ অনুপাতে ধনৰ দৰকাৰ। গতিকে ৰাষ্ট্ৰসংঘৰ বিত্তীয় সংকট দূৰ কৰাৰ কাৰণেও সংস্কাৰ সাধন কৰা দৰকাৰ।

(চ) মানৱ অধিকাৰ ৰক্ষা আৰু শ্ৰদ্ধা কৰা ৰাষ্ট্ৰসংঘৰ প্ৰতি সদস্য ৰাষ্ট্ৰৰে কৰ্তব্য যদিও কিছুমান দেশ (যেনে- লিঠিয়া, চুড়ান, আলজেৰিয়া, চীন, কিউবা আদি) ত মানৱ অধিকাৰ সঘনে উলংঘা হৈ আছে। গতিকে মানৱ অধিকাৰ আয়োগ শক্তিশালী হব লাগিব যাতে কোনো ৰাষ্ট্ৰই মানৱ অধিকাৰ লংঘন কৰিব নোৱাৰে আৰু সেয়ে সংস্কাৰৰ প্ৰয়োজন৷

১৪। ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বাবে G-4 ৰ প্ৰস্তাব / দাবীত উত্থাপিত হোৱা বিষয়বোৰ বর্ণনা কৰা।

অথবা

নিৰাপত্তা পৰিষদ সংস্কাৰৰ বাবে G-4 য়ে কি পৰামৰ্শ আগবঢ়াইছিল লিখা।

উত্তৰঃ ২০০৫ চনত জাৰ্মানীয়ে ভাৰত, ব্রাজিল আৰু জাপানৰ সহযোগত নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ উদ্দেশ্যত এক প্রস্তাৱ প্ৰস্তুত কৰি উলিয়াইছিল। এই প্রস্তাৱত উল্লেখ থকা পৰামৰ্শবোৰ আছিল এনেধৰণৰ–

(ক) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা পুনৰ ৬ খনলৈ বৃদ্ধি কৰা হ’ক। এছিয়া মহাদেশৰ পৰা দুখন— ভাৰত আৰু জাপান, পশ্চিম ইউৰোপৰ পৰা এখন জাৰ্মানী, দক্ষিণ আমেৰিকাৰ পৰা ব্ৰাজিল আৰু দুখন আসন আফ্রিকা মহাদেশৰ পৰা হ’ব লাগে। এনেদৰে স্থায়ী সদস্য সংখ্যা ১১ লৈ বৃদ্ধিৰ প্ৰস্তাৱ লয়।

(খ) অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা পুনৰ চাৰিখনলৈ বৃদ্ধি হোৱা উচিত। আফ্রিকা, এছিয়া, লেটিন আমেৰিকা আৰু পূৱ ইউৰোপ অঞ্চলৰ পৰা একোখনকৈ আসন পূৰণ কৰা হ’ক আৰু এনেকৈ ইয়াৰ মুঠ সদস্য ১৪ লৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়ায়।

(গ) কাৰ্য প্ৰক্ৰিয়াৰ সংশোধনৰে ইয়াক দায়বদ্ধশীল কৰি তোলা।

(ঘ) প্রতি ১৫ বছৰ অন্তৰে অন্তৰে ৰাষ্ট্ৰসংঘৰ চনদ পুনঃ নিৰীক্ষন হোৱা দৰকাৰ।

এনেধৰণে G-4 গ্রুপে নিৰাপত্তা পৰিষদ সংস্কাৰৰ বাবে পৰামৰ্শৰৌৰ আগবঢ়াইছিল। কিন্তু Coffee Club য়ে G-4 ৰ প্ৰস্তাৱত আপত্তি দৰ্শাইছিল।

১৫। নিৰাপত্তা পৰিষদ সংস্কাৰ হোৱাৰ কাৰণ / যুক্তি / প্রয়োজনবোৰ কি কি বর্ণনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ জন্মৰ সময়ৰ তুলনাত বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা প্রায় ৪ গুণলৈ বৃদ্ধি পায়। গতিকে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা বৃদ্ধি নোহোৱা মানে ই বহল প্ৰতিনিধিত্বৰ চৰিত্ৰ হেৰুৱাই পেলাইছে আৰু সেই কাৰণে ই সংস্কাৰ হ’ব লাগে।

(ক) সাধাৰণ সভাতকৈ নিৰাপত্তা পৰিষদ অধিক শক্তিশালী। সাধাৰণ সভাৰ সিদ্ধান্ত কোনো সদস্য ৰাষ্ট্ৰই অনুসৰণ কৰিবও পাৰে বা নকৰিবও পাৰে। কিন্তু নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত বাধ্যতামূলক। কোনো ৰাষ্ট্ৰই অমান্য কৰিব নোৱাৰে। অৰ্থাৎ নিৰাপত্তা পৰিষদে কৰ্তৃত্ব আৰু বৈধ্যতা পাবলৈও ইয়াৰ প্ৰতিনিধিত্বৰ চৰিত্ৰ বিশ্বৰ সকলো অঞ্চললৈ প্ৰসাৰিত হোৱা দৰকাৰ আৰু সেয়ে সংস্কাৰৰ প্ৰয়োজন।

(খ) ১৯৬৫ চনত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা মাত্র ৪ খনহে বৃদ্ধি কৰিলে যাৰ জৰিয়তে বিশ্বৰ বহু অঞ্চলে ইয়াত প্ৰতিনিধিত্ব কৰাৰ সুবিধা পাব নোৱাৰিলে আৰু তাৰ বাবে সংস্কাৰৰ প্ৰয়োজন আছে।

(গ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ আছে যে যিবোৰ ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘলৈ বুজন পৰিমানৰ বৰঙণি আগবঢ়ায় সেইবোৰে নিৰাপত্তা পৰিষদৰ সদস্য হোৱা উচিত। জার্মানী আৰু জাপানে যথেষ্ট বৰঙনি আগবঢ়াইছে যদিও স্থায়ী সদস্য হ’ব পৰা নাই।

(ঘ) যদি নিৰাপত্তা পৰিষদ সংস্কাৰ কৰা নহয় তেতিয়া ভৱিষ্যতে সিদ্ধান্ত গ্ৰহনৰ প্ৰক্ৰিয়া অন্য অনুষ্ঠানৰ হাতলৈ যোৱাৰ সম্ভাৱনা থাকিব। সেয়ে নিৰাপত্তা পৰিষদ অতিসোনকালে সংস্কাৰ হোৱাৰ দৰকাৰ।

(ঙ) নিৰাপত্তা পৰিষদৰ ভেটো প্ৰক্ৰিয়াৰ জটিলতা যথেষ্ট বেছি হোৱা বাবে ইয়াৰ সংস্কাৰৰ প্রয়োজন অতি জৰুৰী হৈ আছে।

ওপৰৰ কাৰণৰ বাবে নিৰাপত্তা পৰিষদ সংস্কাৰ হোৱাৰ প্রশ্নই বিশ্বৰ জনতাৰ আগত থিয় দিছে।

১৬। ৰাষ্ট্ৰসংঘই (নিৰাপত্তা পরিষদে) বিশ্বৰ সকলো অঞ্চলক সমান প্রতিনিধিত্ব কৰিব পৰা নাই- যুক্তি সহকাৰে প্ৰমান কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংস্কাৰে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ওপৰতহে গুৰুত্ব দিয়ে। কাৰণ ৰাষ্ট্ৰসংঘৰ সকলো অংগৰ ভিতৰত ই শক্তিশালী। সাধাৰণ সভাৰ সিদ্ধান্ত সকলো সদস্য ৰাষ্ট্ৰৰ বাবে বাধ্যতামূলক নহয়। কিন্তু নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত পালন কৰিবলৈ সকলোৱে বাধ্য। এনেহেন শক্তিশালী গুৰুত্বপূর্ণ অনুষ্ঠান সময়ে সময়ে সংস্কাৰ হোৱা দৰকাৰ। কিন্তু ৭৫ বছৰ অতিক্ৰম হোৱাৰ পিছতো নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ সংস্কাৰ হোৱা নাই। মাত্ৰ ১৯৬৩/৬৫ চনত ইয়াৰ অস্থায়ী সদস্য সংখ্যা ৬ ৰ পৰা ১০ লৈ বৃদ্ধি কৰা হৈছিল। ১৯৪৫ চনৰ তুলনাত বৰ্তমানে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৯৩ লৈ বৃদ্ধি পালে। 

অথচ স্থায়ী পদৰ সংখ্যা আৰু অস্থায়ী সদস্যৰ সংখ্যা সীমিত হৈয়ে থাকিল। তদুপৰি কুৰি শতিকাৰ বিশ্ব আৰু ২১ শতিকাৰ বিশ্বৰ পৰিস্থিতি একে নহয়। সেয়ে নিৰাপত্তা পৰিষদে বৰ্তমান সময়ক প্রতিনিধিত্ব কৰিব পৰা নাই। ভৌগোলিক ভাবেও ই বিশ্বৰ সকলো অঞ্চলক সমভাবে প্রতিনিধিত্ব কৰিব পৰা নাই। অকল ইউৰোপ মহাদেশৰ পৰায়ে ইয়াত ৩ খন ৰাষ্ট্ৰই স্থায়ী সদস্য হৈ আছে। উত্তৰ আমেৰিকা আৰু এছিয়াৰ পৰা মাত্ৰ এখনকৈ ৰাষ্ট্ৰহে স্থায়ী সদস্য হৈ আছে। তলত বিশ্বৰ মহাদেশসমূহৰ এক তথ্য দিয়া হ’ল—

গতিকে ইয়াত স্পষ্ট যে নিৰাপত্তা পৰিষদ বিশ্বৰ অঞ্চলসমূহক সমভাবে প্রতিনিধিত্ব কৰা নাই আৰু তাৰ বাবে ইয়াক সময়োপযোগী কৰিবলৈ সোনকালে সংস্কাৰ কৰা উচিত।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। বিশ্বত ৰাষ্ট্ৰসংঘৰ গুৰুত্ব / স্থান / তাৎপর্য / ভূমিকা / আৱশ্যকতা ফহিয়াই আলোচনা কৰা। ৰাষ্ট্ৰসংঘই বৰ্তমান সময়ৰ সত্যতা বা বাস্তৱতাক কিয় প্রতিফলিত কৰিব পৰা নাই যুক্তি আগবঢ়োৱা।

উত্তৰঃ ১৯২০ চনত স্থাপিত হোৱা জাতিসংঘই দ্বিতীয় বিশ্ব যুদ্ধ ৰোধ কৰিব নোৱাৰিলে আৰু জাতিসংঘৰ ঠাইত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ জন্ম পালে। ইয়াৰ উদ্দেশ্য আছিল বিশ্বত শান্তি আৰু নিৰাপত্তা বজায় ৰখাৰ লগতে সামাজিক অর্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰে মানৱ অধিকাৰ নিশ্চিত কৰা। ইয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ মূল অংগ ৬ টাৰ উপৰি আন আন বিশেষ অংগ, অনুষ্ঠান আৰু কাৰ্যসূচী, অভিযান আদিৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ ৰাষ্ট্ৰসংঘই বিভিন্ন উপায়েৰে (তলত উল্লেখ কৰা হ’ল) মানৱজাতিৰ শান্তি আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰি তোলাৰ বাৱে অংশগ্ৰহন কৰিছিল।

শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা –

(ক) শান্তি আৰু নিৰাপত্তা বজাই ৰখা – দ্বিতীয় মহাযুদ্ধৰ পিছতে বিশ্বৰ ভালেমান ৰাষ্ট্ৰত যুদ্ধ বা যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হৈছিল আৰু ৰাষ্ট্ৰসংঘৰ তৎপৰতাত সেই যুদ্ধই ভয়াবহ বা বিশ্ব যুদ্ধলৈ ৰূপান্তৰিত হ’ব নোৱাৰিলে। নিৰাপত্তা পৰিষদৰ অধীনত ৬৯ টা শান্তি ৰক্ষাৰ অভিযানে এই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

(খ) শান্তি ৰচনা – যুদ্ধবিৰতিৰ দায়িত্ব লোৱাৰ উপৰিও শান্তি ৰচনা আৰু শান্তি গঢ়াৰ কামতো ৰাষ্ট্ৰসংঘই সবল ভূমিকা লৈছিল আৰু বিবাদমান অঞ্চলত পুনৰ শান্তি স্থাপন কৰি বিশ্বৰ শান্তি আৰু নিৰাপত্তা শক্তিশালী কৰি তুলিব পাৰিছিল।

(গ) পাৰমানৱিক বোমা নিয়ন্ত্ৰন – যুদ্ধৰ মাৰাত্মক অস্ত্ৰ হৈছে পাৰমাণৱিক বোমাাা । ইয়াৰ উৎপাদন আৰু ব্যৱহাৰ নিষেধ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ IAEA য়ে কঠোৰ নিয়ন্ত্ৰণ ৰাখিছে আৰু মানব জাতিক তেনে যুদ্ধৰ পৰা ৰক্ষা কৰিব পাৰিছে।

(গ) নিৰস্ত্ৰীকৰন নিশ্চিত কৰা – যুদ্ধ শাস্তিৰ বিপৰীত। সেয়ে ৰাষ্ট্ৰসংঘই অস্ত্ৰীকৰণ প্রতিযোগীতা ৰোধ কৰাত, নিৰস্ত্ৰীকৰন চুক্তি স্বাক্ষৰিত হোৱাত আগভাগ লব পৰিছিল ৷

(ঘ) আন্তর্জাতিক সন্ত্রাস দমন – ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদ তথা আন্তর্জাতিক সন্ত্রাসবাদ দমন তথা নিয়ন্ত্রণত বলিষ্ঠ পদক্ষেপ লোৱা দেখা গৈছে।

(ঙ) তেনেকৈ গণহত্যা, মহিলা যৌন নির্যাতন ৰোধ কৰাৰ বেলিকাতো আগভাগ লৈছে।

অর্থনৈতিক উন্নয়ন –

(ক) ৰাষ্ট্ৰসংঘৰ ২/৩ অংশ সদস্য ৰাষ্ট্ৰয়ে উন্নয়নশীল অৱস্থাৰ বাবে ১৯৬৫ চনৰ পৰা আৰ্থিক বিকাশৰ বাবে UNDP গ্ৰহণ কৰিছে। মুঠতে আর্থিক উন্নয়নৰ বাবে –দৰিদ্ৰতা, দুর্ভিক্ষ ৰোধ কৰা, মহিলা শিশুৰ কল্যাণ সাধন, শ্ৰমিকৰ কল্যাণ সাধন, ব্যৱসায়ৰ সম্প্ৰসাৰণ, উদ্যেগীকৰণৰ প্ৰসাৰ, অর্থনৈতিক সংস্কাৰ, আকাশী-সাগৰীয় পথৰ উন্নয়ন, বিশ্বজনীন যোগাযোগৰ উন্নয়ন আদিত ৰাষ্ট্ৰসংঘই সবল ভূমিকা লৈছিল আৰু মানব জাতিয়ে প্ৰগতিৰ পথত আগবাঢ়ি গৈছিল।

সামাজিক আৰু সাংস্কৃতিক বিকাশ –

(ক) সমাজত শান্তিৰে কাম কৰিবলৈ ৰাষ্ট্ৰসংঘ তথা ইয়াৰ বিভিন্ন অংগ আৰু আঁচনিবোৰ বিশ্বৰ দেশসমূহৰ সামাজিক-সাংস্কৃতিক অৱস্থাৰ উন্নতিকল্পে অহৰহভাবে কাম কৰিছে। যাৰ বাবে নিৰক্ষৰতা হ্রাস, শিক্ষাৰ প্ৰসাৰ, সাংস্কৃতিক পর্যটন ক্ষেত্ৰৰ সংৰক্ষণ, শৈক্ষিক-সাংস্কৃতিক বিনিময় আদিৰ উন্নতি ঘটি মানুহৰ সামাজিক-সাংস্কৃতিক বিকাশ কৰিব পাৰিছে।

মানৱ অধিকাৰ – মানৱ অধিকাৰ বিকাশত ৰাষ্ট্ৰসংঘৰ অৰিহণা অনেক।

(ক) ইয়াৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক তথা খিলঞ্জীয়াৰ অধিকাৰৰ ব্যৱস্থা কৰিছে আৰু নিশ্চিত কৰনৰ বাবে ভালেমান আইনআঁচনি-সংস্থা আদিৰ ব্যৱস্থা কৰিছে যাৰ ফলত সকলো মানুহে শিশু, মহিলা, শ্রমিক, বিশেষভাবে সক্ষম, সংখ্যালঘু আদি আটাইবোৰ শ্ৰেণীয়ে এক সন্মান জনক ভাবে জীৱন যাপন কৰিব পাৰিছে। মানৱ অধিকাৰ, গণতন্ত্ৰৰ বিকাশত ৰাষ্ট্ৰসংঘৰ অৰিহণা তাৎপর্য।

পৰিৱেশ আৰু বহনক্ষম বিকাশ –

(ক) পৰিবেশ প্ৰদূষনৰোধ আৰু বহনক্ষম বিকাশৰ ওপৰত যিবোৰ আঁচনি-আইন-কানুন-সংস্থা নিয়োগ কৰা হৈছে তাৰ পৰা ৰাষ্ট্ৰসংঘৰ সবল ভূমিকাৰ কথা জানিব পৰা যায়।

স্বাস্থ্য –

(ক) বিশ্বৰ মানুহৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ এক বিশেষ অংগ WHO ৰ ব্যৱস্থা আছে যাৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগৰ ঔষধ, টিকাকৰন কাৰ্যব্যৱস্থা আদি ফলৱৰ্তী কৰাৰ প্ৰয়োগ কৰা হৈছে আৰু সু-স্বাস্থ্য প্ৰদান কৰা হৈছে।

মানৱীয় কার্য –

(ক) মানুহৰ দুৰ্যোগৰ সহায়ত ৰাষ্ট্ৰসংঘই সদায় সহায়ৰ হাত আগবঢ়াই আছে। বিভিন্ন প্ৰাকৃতিক দুর্যোগত, শৰণাৰ্থীৰ সমস্যাত ৰাষ্টৰসংঘৰ যিবোৰ অৰিহণা আছে তাৰ পৰা ৰাষ্ট্ৰসংঘৰ গুৰুত্বক সকলোৱে স্বীকাৰ কৰে।

এনেদৰে দেখা যায় মানৱ জাতিৰ কল্যাণত ৰাষ্ট্ৰসংঘৰ গুৰুত্ব / স্থান / প্রয়োজনীয়তা / ভূমিকা কিমান বেছি অপৰিসীম সেয়া অনুমেয়।

কিন্তু ৰাষ্ট্ৰসংঘৰ জন্মৰ বিশ্বৰ পৰিস্থিতিৰ তুলনাত ২১ শতিকাৰ (বিশেষকৈ চোভিয়েট ৰাছিয়াৰ পতনৰ পিছত) বিশ্বৰ পৰিস্থিতিত বহুত পৰিৱৰ্তন দেখা দিলে যাৰ বাবে ৰাষ্ট্ৰসংঘই বৰ্তমানৰ সত্যতা বা বাস্তৱতাক প্রতিফলিত কৰিব পাৰা নাই। ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা ৫১ পৰা ১৯৩ লৈ বৃদ্ধি পালে। অথচ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা ৫ খনতে থকাৰ বাবে ই সকলো অঞ্চলক প্রতিনিধিত্ব কৰিব পৰা নাই। দুই মেৰুৰ বিপৰীতে এক মেৰু (আমেৰিকা) ৰ আধিপত্যৰ যুগত ৰাষ্ট্ৰসংঘ শক্তিশালী হৈ থাকিব পাৰিবানে? দ্রুতগতিত শক্তিশালী হোৱা চীন দেশত যি হাৰত মানৱ অধিকাৰ লংঘন হৈছে ৰাষ্ট্ৰসংঘই ৰোধ কৰিব পাৰিছেনে? মানৱ নিৰাপত্তাত চৰম ভাবুকি তথাবিশ্ব জনীন সমস্যাসমূহ নিয়ন্ত্ৰণত ৰাষ্ট্ৰসংঘৰ ভূমিকা কিমান উৎসাহজনক? ইত্যাদি পৰিস্থিতিত ৰাষ্ট্ৰসংঘক উপযোগী কৰি তুলিব লাগিব আৰু তাৰ বাবে ৰাষ্ট্ৰসংঘৰ বহু বিষয় সংস্কাৰিত হ’ব লাগিব। অন্যথা ই অকাৰ্যকৰী হৈ পৰিব।

২। ২১ শতিকাৰ বিশ্বত ৰাষ্ট্ৰসংঘক কেনেকৈ কার্যক্ষম / উপযোগী কৰি তুলিব পৰা যাব তাৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা।

অথবা

বৰ্তমান বিশ্বৰ পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজন আছে নে? আৰু’ কার্যক্ষেত্ৰ/ অধিকাৰ ক্ষেত্ৰ কি হোৱা উচিত আলোচনা কৰা।

উত্তৰঃ ১৯২০ চনত স্থাপিত হোৱা জাতি সংঘই দ্বিতীয় বিশ্বযুদ্ধ ৰোধ কৰিব নোৱাৰাৰ ফলস্বৰূপে ১৯৪৫ চনত বিশ্বত ৰাষ্ট্ৰসংঘৰ জন্ম হ’ল। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু প্ৰগতি আগবঢ়াই নিয়া। ইয়াৰ দীঘলীয়া পৰিক্ৰমত ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ কল্যানণৰ বাবে বহুতো কাম কৰিলে।

কিন্তু সময়ৰ অগ্ৰগতিত বিশ্বত বহুতো পৰিৱৰ্তন দেখা দিলে। ১৯৪৫ চনৰ পৰিস্থিতিৰ তুলনাত ২১ শতিকাৰ বিশেষকৈ শীতল যুদ্ধৰ সমাপ্তৰ পিছৰ আন্তর্জাতিক পৰিস্থিতিৰ মাজত বহুতো পাৰ্থক্য সৃষ্টি হয়। বিশ্ব ৰাজনীতিত দেখা দিয়া পৰিৱৰ্তনবোৰ হ’ল—

(ক) ১৯৯১ চনত চোভিয়েট ৰাছিয়াৰ পতন হয় আৰু তাৰ পৰা বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয়।

(খ) চোভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অন্ত হয় আৰু বিশ্বত দুই মেৰুৰ বিপৰীতে এক মেৰু জীয়াই থাকে।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বাঢ়ে।

(ঘ) চীনে দ্রুত গতিত শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে আৰু ভাৰতৰো দ্ৰুত গতিত বিকাশ হয়।

(ঙ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা হ্রাস হয়।

(চ) বিশ্বৰ মানৱ জাতিৰ নিৰাপত্তাত নতুন নতুন প্রত্যাহবান আহে। সেইবোৰ হ’ল— গণহত্যা, গৃহযুদ্ধ, নৃ-গোষ্ঠীয় সংঘাত, সন্ত্রাসবাদ, পৰিৱেশ প্ৰদূষণ, মহামাৰী আদি।

এনেকুৱা পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰসংঘই বৰ্তমান সময়ৰ বিশ্ব ৰাজনীতিৰ সত্যতা তথা বাস্তৱতাক প্রতিফলিত কৰিব পৰা নাই। ১৯৪৫ চনতে স্থাপিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা বৃদ্ধি কৰা হোৱা নাই। অথচ জন্মৰ সময়ৰে ৫১ খন সদস্য ৰাষ্ট্ৰৰ বিপৰীতে বতমান ৰাষ্ট্ৰসংঘ সদস্য সংখ্যা ১৯৩ লৈ বৃদ্ধি হয়। গতিকে নিৰাপত্তা পৰিষদে বিশ্বৰ সকলো অঞ্চল বা মহাদেশক সমানে প্রতিনিধিত্ব কৰিব পৰা নাই। বিশ্বৰ সকলো জনতাৰ স্বাৰ্থ বা মূল্যবোধ প্রতিফলিত হ’ব পৰানাই। তেনেকৈ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ ভেটো ক্ষমতাৰ জটিলতাই বিশ্বৰ জলন্ত সমস্যা ৰোধত আহুকাল সৃষ্টি কৰে। ৰাষ্ট্ৰসংঘত আমেৰিকা তথা উন্নত দেশৰ প্রভাৱত উন্নয়নশীল দেশ নিঃষ্প্রভ হব লগা অৱস্থা আদি ধৰণৰ অভিযোগসমূহো বিশ্বত প্রকাশিত হ’ব ধৰিছে আৰু ৰাষ্ট্ৰসংঘক বিশ্বৰ পৰিৱৰ্তিত পৰিস্থিতিৰ উপযোগী হোৱাকৈ সংশোধন হোৱাৰ হকে বিশ্বৰ দেশসমূহত জনমত গঢ় লৈ উঠিব ধৰিছে।

২০০৫ চনত ৰাষ্ট্ৰসংঘই ৬০ বছৰ পূৰ্ণ হোৱা বাৰ্ষিক অধিৱেশনত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ মুৰব্বীসকল মিলিত হৈছিল আৰু পৰিৱৰ্তিত পৰিস্থিতিত ৰাষ্ট্ৰসংঘই কৈনেকৈ মোকামিলা কৰি আগবাঢ়ি লব পাৰে তাৰ ওপৰত আলোচনা কৰিছিল। বিশ্বৰ পৰিৱৰ্তিত পৰিস্থিতিত ৰাষ্ট্ৰসংঘক অধিক প্ৰাসংগিক কৰি তোলাৰ বাবে ইয়াৰ অধিকাৰক্ষেত্ৰ তলত দিয়াৰ দৰে হ’ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল।

(ক) বর্তমান সমগ্র বিশ্ব নানা সংঘাতেৰে ব্যতিব্যস্ত। সেয়ে ৰাষ্ট্ৰসংঘ এখন শান্তি স্থাপনকাৰী আয়োগ হিচাপে কাম কৰিব লাগে।

(খ) যদি জাতীয় চৰকাৰে নিজৰ নাগৰিকৰ নিৰাপত্তা প্ৰদানত ব্যর্থ হয় তেনে অৱস্থাত তাৰ দায়িত্ব বিশ্বই লব লাগে।

(গ) ২০০৬ চনৰ কাৰ্যকৰী হোৱাকৈ এখন মানৱ অধিকাৰ পৰিষদ গঠন কৰিব লাগে।

(ঘ) সহস্ৰবাদ হিকাশৰ লক্ষ্য সাধন হোৱাকৈ চুক্তিবদ্ধ হোৱা উচিত।

(ঙ) সকলো প্ৰকাৰ সন্ত্রাসবাদ মোকাবিলা কৰিব পৰাকৈ ইয়াক গঢ় দিয়া।

(চ) গণতন্ত্ৰৰ ভিত্তি সুদৃঢ় কৰিব পৰাকৈ সংস্কাৰ হোৱা।

(ছ) ন্যায় অঞ্চল নথকা বাবে ন্যাসৰক্ষী পৰিষদৰ বিলুপ্ত হোৱা আদি।

এনেদৰে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধন হ’লে ই অদূৰ ভৱিষ্যতে কার্যক্ষম হৈ থাকিব পাৰিব।

৩। ৰাষ্ট্ৰসংঘৰ কি কি বিষয় সংশোধন হোৱাৰ হকে দাবী উত্থাপন হৈছে আলোচনা কৰা।

অথবা

ৰাষ্ট্ৰসংঘৰ কোনবোৰ বিষয় সংস্কাৰ হ’ব লাগে তোমাৰ অভিমত আগবঢ়োৱা ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰাষ্ট্ৰসংঘক গঠন কৰা হৈছিল। সময়ৰ পৰিৱৰ্তনত বিশ্বৰ ৰাজনীতিত বহুত পৰিৱৰ্তন দেখা দিলে। ১৯৯১ চনৰ পিছত আন্তর্জাতিক ৰাজনীতিৰ যিবোৰ পৰিৱৰ্তন সৃষ্টি হ’ল তাক মোকামিলা কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজন হ’ল আৰু তাৰ বাবে বিশ্বত জনমত গঢ় লৈ উঠিব ধৰিলে। ৰাষ্ট্ৰসংঘক সময়োপযোগী কৰি তুলিবলৈ হ’লে ৰাষ্ট্ৰসংঘৰ তলৰ বিষয়বোৰ সংস্কাৰ হোৱা দৰকাৰ।

(ক) ১৯৪৫ চনৰ তুলনাত ২১ শতিকাৰ বিশ্বৰ বিচার্য বিষয় বহুত। সেয়ে ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ পৰিসৰ বা ইয়াৰ অধিকাৰ ক্ষেত্র সংশোধন হ’ব লাগে যাতে আধুনিক বিশ্বৰ জলন্ত বিষয়বোৰো ইয়াৰ এক্টিয়াৰ ভিতৰত পৰে।

(খ) ৰাষ্ট্ৰসংঘৰ প্ৰথম অংগ হৈছে সাধাৰণ সভা। ই চৰকাৰ এখনৰ বিধানমণ্ডলৰ দৰে। সেয়ে ইয়াৰ গঠন অধিক গণতান্ত্রিক হলে বিশ্বৰ জনমত ভালদৰে প্ৰতিফলিত হ’ব পাৰিব। সাধাৰণ সভা এসদনীয় হোৱাৰ বিপৰীতে দ্বি-সদনীয় হ’ব লাগে।

(গ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ শক্তিশালী অংগ হৈছে নিৰাপত্তা পৰিষদ। কিন্তু নিৰাপত্তা পৰিষদৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ সীমিত হৈ আছে। ১৯৬৫ চনত ইয়াৰ অস্থায়ী সদস্যৰ সংখ্যা সামান্য (৪ টা) বৃদ্দি কৰা হৈছে। অথচ বর্তমানে ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা ১৯৩ লৈ বৃদ্ধি পালওে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৫ তে সীমাবদ্ধ হৈ আছে। সেয়ে নিৰাপত্তা পৰিষদক অধিক প্রতিনিধিত্বমূলক কৰাৰ উদ্দেশ্য ই সংস্কাৰ হোৱা উচিত।

তদুপৰি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ হাতত থকা ভেটো ক্ষমতাই জৰুৰী সিদ্ধান্ত লোৱাত বহুতো অসুবিধা সৃষ্টি কৰাৰ স্থল থকা বাবে ই সংস্কাৰ হ’ব লাগে।

(ঘ) ৰাষ্ট্ৰসংঘৰ প্ৰশাসনীয় অংগ হৈছে সচিবালয়। সেয়ে সচিবালয়ৰ প্ৰশাসনীয় মানদণ্ড উন্নত কৰাৰ হ’কে ইয়াৰ সংস্কাৰ হ’ব লাগে বুলি মতামত উত্থাপন হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় আমেৰিকা আৰু আন বহু কাৰ্যালয় ইউৰোপত স্থাপিত হোৱা বাবে কার্যালয় সমূহত পশ্চিমীয়া ৰাষ্ট্ৰৰ লোক সৰহ আৰু পশ্চিমীয়া মূল্যবোধ তথা স্বাৰ্থৰ দ্বাৰা কাৰ্যালয় সমূহ একপক্ষীয় ভাবে পৰিচালিত হোৱাৰ অভিযোগ আহিছে। সেয়ে সচিবালয়ক স্বচ্ছ, দক্ষ গণমুখী কৰি তুলিবলৈ ইয়াৰ সংস্কাৰৰ প্ৰয়োজন আছে।

(ঙ) ৰাষ্ট্ৰসংঘৰ আন এটা বিষয় বিত্তীয় সংস্কাৰৰ প্ৰয়োজন হৈ আছে। সকলো সদস্য ৰাষ্ট্ৰই যাতে নিয়মীয়াকৈ ৰাষ্ট্ৰসংঘলৈ বৰঙনি দিবলৈ বাধ্য থাকে, তাক নিশ্চিতকৰণৰ বাবে সংস্কাৰ সাধন হ’ব লাগে।

(চ) মানৱ অধিকাৰ সংস্কাৰৰ প্ৰয়োজনো দেখা দিছে। মানৱ অধিকাৰ ঘোষণা পত্ৰত সকলো সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিলেও কিছুমান সদস্য ৰাষ্ট্ৰত (চীন, কিউবা, চুড়ান,ভিয়েট নাম আদিত) মানৱ অধিকাৰ মুক্তভাৱে লংঘন হৈ আছে। গতিকে মানৱ অধিকাৰ, আইনৰ শাসন, স্বাধীনতা তথা গণতন্ত্ৰৰ প্ৰসাৰৰ উদ্দেশ্য ইয়াৰ সংস্কাৰ হ’ব লাগে।

(ছ) ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কার্যকলাপ রিশ্ববেংক তথা আন্তৰাষ্ট্ৰীয় ক্ষুদ্ৰা নিধি আদি বিশেষ অংগৰ অধিপত্যৰ পৰা আতৰত ৰখাৰ বাবেও তাক সংস্কাৰ কৰাৰ দাবী আহিছে।

(জ) ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগ আৰু বিশেষ অংগৰ সকলো গণমুখী আঁচনিসমূহ ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনিৰ অধীনত পৰিচালিত হোৱাৰ দৰকাৰ আছে বাবে ওই সংস্কাৰ হ’ব লাগে।

(ঝ) ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযান তথা শান্তি গঢ়া অভিযানবোৰ অধিক শক্তিশালী কৰাৰ দৰকাৰ আৰু সেয়ে এই ক্ষেত্ৰত সংশোধনৰ দাবী আহিছে।

(ঞ) ১৯৪৫ চনত যেনেদৰে যুদ্ধই শান্তিৰ প্ৰধান শত্ৰু আছিল তেনেকৈ বৰ্তমান বিশ্বৰ মানৱ নিৰাপত্তাৰ প্ৰধান ভাবুকি হৈছে দৰিদ্ৰতা-দুৰ্ভীক্ষ, স্বাস্থ্য মহামাৰী পৰিৱেশ প্ৰদূষন, সন্ত্রাসবাদ, গৃহযুদ্ধ, গণহত্যা, নৃ-গোষ্ঠীয় সংঘাত আদি। সেয়ে এই বিলাকৰ পৰা মানৱ জাতিক উদ্ধাৰ কৰিবলৈ ৰাষ্ট্ৰসংঘক উপযোগীকৈ গঢ়াৰ নিত্যান্ত প্রয়োজন আৰু তাৰ বাবে সংস্কাৰ অতি জৰুৰী।

(ট) বর্তমানে ৰাষ্ট্ৰসংঘৰ কিছুমান অংগ বা চনদৰ অনুচ্ছেদ অলাগতীয়াল হৈ পৰিছে। যেনে ন্যায়ৰক্ষী অঞ্চলৰ অৱস্থিতি প্রায় শূন্য হৈ পৰিছে৷ গতিকে চনদৰ তেনেকুৱা অনুচ্ছেদ বিধানৰ ব্যৱস্থা বিলুপ্তি ঘটোৱাৰ বাবে ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন হোৱাৰ আৱশ্যকতা আহি পৰিছে।

গতিকে এনেদৰে দেখা যায় যে ৰাষ্ট্ৰসংঘৰ ভালেমান বিষয় সংস্কাৰ হোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু তেতিয়াহে বৰ্তমান ৰাজনীতিৰ প্ৰসংগত ৰাষ্ট্ৰসংঘ উপযোগী হৈ উঠিব পাৰিব।

৪। ৰাষ্ট্ৰসংঘ সংস্কাৰৰ প্ৰধান পৰামৰ্শৰ প্ৰস্তাৱবোৰ ব্যাখ্যা কৰা।

অথবা

নিৰাপত্তা পৰিষদ সংস্কাৰৰ বাবে থকা প্ৰধান পৰামৰ্শবোৰ কোনে আগবঢ়াইছে ব্যাখ্যা কৰা।

অথবা

ৰাষ্ট্ৰসংঘ সংকাৰৰ হকে আগবঢ়োৱা প্ৰধান পৰামৰ্শৰ প্ৰস্তাৱবোৰ বৰ্ণনা কৰা।

উত্তৰঃ বিশ্বৰ সবাতকৈ ডাঙৰ, প্ৰয়োজনীয় ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, মানৱীয় অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰ সংঘ। দ্বিতীয় মহাসমৰৰ পটভূমিত আন্তর্জাতিক শান্তি, আৰু নিৰাপত্তা আৰু প্ৰগতি বজায় ৰখাৰ উদ্দেশ্যে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘক জন্ম দিয়া হৈছিল। কিন্তু তাৰ পিছত বিশ্বৰ পটভূমিত বহু পৰিৱৰ্তন আহিল আৰু ২১ শতিকাৰ পৰিস্থিতিত উপযোগী হোৱাকৈ ৰাষ্ট্ৰসংঘক সংস্কাৰ হ’ব লাগে বুলি বিশ্বত জনমত প্ৰচাৰ হ’বলৈ ধৰিলে।

ৰাষ্ট্ৰসংঘ এক বৃহৎ অনুষ্ঠান। ইয়াৰ বহুতো বিষয় সংস্কাৰ হোৱাৰ স্থল আছে যদিও সদ্যহতে ৰাষ্টৰসংঘৰ সংস্কাৰ হোৱাৰ মানে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ কথাকে সূচায়। কাৰণ সাধাৰণ সভাতকৈ ই অধিক শক্তিশালী। সাধাৰণ সভাৰ সিদ্ধান্ত সদস্যৰ বাবে বাধ্যতামূলক নহয়, কিন্তু নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত সকলো সদস্যৰ বাবে বাধ্যতামূলক। তদুপৰি বিশ্ব শান্তি আৰু নিৰাপত্তাৰ দায়িত্ব এই অংগৰ ওপৰতে দিয়া হৈছে। সেয়ে গুৰুত্বপূৰ্ণ অংগ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ সংস্কাৰৰ হকে বিশ্বৰ চাৰিওফালে মতামত গঠন হৈছে।

নিৰাপত্তা পৰিষদৰ সংস্কাৰ বুলিলে প্ৰধানকৈ দুই ধৰণৰ সংস্কাৰৰ প্ৰশ্ন উত্থাপিত হৈছে। প্ৰথমটো হৈছে ইয়াৰ গঠন সম্পৰ্কত আৰু দ্বিতীয়টো হৈছে ভেটো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত, ১৯৬৩/৬৫ চনত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যাক ৬ ৰ পৰা ১০ লৈ বৃদ্ধি কৰা হৈছিল যদিও বৰ্তমান সময়ৰ প্ৰসংগত সি তেনেই সীমিত। কিয়নো ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল মাত্র ৫১। কিন্তু এতিয়া এই সংখ্যা প্রায় ৪ গুণলৈ (১৯৩ লৈ) বৃদ্ধি পালে। অথচ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা ৫ তে সীমিত হৈছে। অর্থাৎ ইয়াৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ অতি সীমিত। সেয়ে ইয়াৰ গণতান্ত্রিক চৰিত্ৰ বৃদ্ধি বা বিশ্বৰ বহু অঞ্চলক প্রতিনিধিত্ব কৰিব পৰাৰ বাবে ইয়াৰ স্থায়ী তথা অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ পৰামৰ্শ উত্থাপিত হবলৈ ধৰিছে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হব’লৈ হলে নতুন সদস্য ৰাষ্ট্ৰখনৰ মানদণ্ড / অৰ্হতাবোৰ কেনে হ’ব তাৰ পৰামৰ্শ এনেধৰণৰ দিয়া হৈছে—

(ক) ৰাষ্ট্ৰখন অর্থনৈতিক ভাবে শক্তিশালী হ’ব।

(খ) ৰাষ্ট্ৰখন সামৰিকভাৱে শক্তিশালী হ’ব।

(গ) ৰাষ্ট্ৰসংঘলৈ ৰাষ্ট্ৰখনৰ আৰ্থিক বৰঙনি আকর্ষণীয় হ’ব লাগে।

(ঘ) জনসংখ্যাৰ ফালৰ পৰা বৃহৎ হ’ব লাগে।

(ঙ) গণতন্ত্র আৰু মানৱ অধিকাৰৰ প্ৰতি সম্মান জনোৱা ৰাষ্ট্ৰ হ’ব।

(চ) ভৌগোলিক, আৰ্থিক আৰু সাংস্কৃতিক ভিন্নতাৰ মাজেৰে নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰখনে বেছিকৈ প্ৰতিনিধিত্ব কৰা হ’ব লাগে।

নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত G-4 ৰাষ্ট্ৰৰ প্ৰস্তাৱ এক উল্লেখনীয়। ইং ২০০৫ চনত G-4 ৰ দেশ (জার্মানী, ভাৰত, আপান আৰু ব্ৰাজিল) বোৰে নিৰাপত্তা পৰিষদ সংস্কাৰৰ বাবে এক পৰামৰ্শ আগবঢ়াইছিল। G-4 ৰ পৰামৰ্শ অনুসৰি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা পুনৰ ৬ খন বৃদ্ধি কৰি তাত তেওঁলোকক সদস্যপদ দিব লাগে। আৰু আন দুখন সদস্য পদ আফ্রিকা মহাদেশৰ পৰা পূৰন হ’ব লাগে। এনেদৰে স্থায়ী সদস্য পদ সংখ্যা এঘাৰলৈ বৃদ্ধিৰ পৰামৰ্শ দিছিল। তদুপৰি অস্থায়ী সদস্যৰ সংখ্যা পুনৰ ৪ খন বৃদ্ধি কৰি ইয়াৰ মুঠ সদস্য ১৪ লৈ বৃদ্ধিৰ পৰামৰ্শ দিয়ে। নতুন চাৰিখন আসন আফ্রিকা, এছিয়া, পূৱ ইউৰোপ, আৰু লেটিন আমেৰিকাৰ পৰা পূৰ্ণ হ’ব লাগে। নিৰাপত্তা পৰিষদৰ কাৰ্য পদ্ধতিৰ লগতে ৰাষ্ট্ৰসংঘৰ চনদও প্ৰতি ১৫ বছৰ অন্তৰে অন্তৰে সংশোধন হোৱাত পৰামৰ্শ আগবঢ়ায়।

তদুপৰি নিৰাপত্তা পৰিষদ সংস্কাৰৰ বাবে কফি ক্লাবেও পৰামৰ্শৰ প্ৰস্তাৱ উত্থাপন কৰিছে। ইটালীৰ নেতৃত্বত পাকিস্তান, আর্জেটিনা, মেক্সিকো, স্পেইন আদি বিশ্বৰ ৫০ খন দেশকলৈ গঠিত কফি ক্লাবে G-4ৰ প্ৰস্তাৱ নাকচ কৰে আৰু এই গ্রুপে অস্থায়ী সদস্যৰ সংখ্যা দহ লৈ বৃদ্ধি কৰাৰ পোষকতা কৰে তেনেকৈ স্থায়ী সদস্যৰ বিপৰীতে অর্ধ-স্থায়ী (Semi-Permanent) সদস্য সৃষ্টিৰ বাবে পৰামৰ্শ আগবঢ়ায়। স্থায়ী সদস্যৰ হাতত থকা ভেটো ক্ষমতাৰ ব্যৱহাৰ বিষয়ভেদে সীমিত কৰিব বিচাৰিছে।

আফ্রিকান ইউনিয়নোৰ আন এক পৰামৰ্শ আছে। এই গ্রুপে নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰ সংখ্যাৰ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু তাত তেওঁলোকৰ দুখন আসনৰ দাবী জনায়৷ তদুপৰি অস্থায়ী সদস্য ৫ খন বঢ়াৰ কথা উল্লেখ কৰিছে।

ৰাষ্ট্ৰসংঘৰ সামগ্রিক সংস্কাৰৰ লগতে নিৰাপত্তা পৰিষদ সংস্কাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান সকলেও পৰামৰ্শ আগবঢ়াইছিল। তেওঁলোকৰ ভিতৰত সচিব প্রধান কফি আন্নান (১৯৯৭-২০০৬) ৰ প্ৰস্তাৱটো আছিল এনে ধৰণৰ। তেখেতৰ পৰিকল্পনাই ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ চাৰিটা দিশৰ ওপৰত গুৰুত্ব দিয়ে। প্রথম তিনিটাই বিকাশ, নিৰাপত্তা আৰু মানৱ অধিকাৰ ৰাষ্ট্ৰসংঘৰ । তিনিটা লক্ষ্যৰ সংস্কাৰৰ ওপৰত গুৰুত্ব দিছিল। সংস্কাৰৰ চতুৰ্থ অধ্যায়টো আছিল ৰাষ্ট্ৰসংঘৰ গঠন বিষয়কলৈ। ওপৰৰ তিনিটা লক্ষ্য সফল কৰিবলৈ নিৰাপত্তা পৰিষদ শক্তিশালী হ’ব লাগিব আৰু ইয়াৰ সদস্য সংখ্যা বৃদ্ধি হ’ব লাদিব বুলি কয়। তেখেতে নিৰাপত্তা পৰিষদ আন্তর্জাতিক সমাজত অধিক প্রতিনিধিত্বমূলক হোৱাটো বিচাৰিছে।

ৰাষ্ট্ৰসংঘ সংস্কাৰৰ বাবে কফি আন্নানে প্ৰস্তুত কৰা প্ৰতিবেদন “In Larger Freedom : Towards Development, Security and Human Rights for All.” উল্লেখনীয়। এনেদৰে ৰাষ্ট্ৰসংঘ সংস্কাৰৰ বাবে কুৰি শতিকাৰ নৱম দশকৰ পৰাই দাবী উত্থাপিত হৈ আহিছে আৰু অদৃঢ় ভৱিষ্যতে ই সংস্কাৰ হবলৈ বাধ্য হ’ব ।

৫। নিৰাপত্তা পৰিষদ সংস্কাৰৰ বাবে ভাৰতৰ দাবী কেনেধৰণৰ আছিল বর্ণনা কৰা।

অথবা

ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদত স্থায়ী পদ পাবৰ বাবে কি কি যুক্তি আগবঢ়াইছিল বাখ্যা কৰা।

অথবা

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থান / ভূমিকা নিৰ্ণয় কৰা।

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ প্ৰসংগত আন্তর্জাতিক শক্তি নিৰাপত্তা আৰু বিকাশৰ উদ্দেশ্যে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হৈছিল। কিন্তু ২১ শতিকাৰ বিশ্ব ৰাজনীতিত অভূতপূর্ব পৰিৱৰ্তন সৃষ্টি হৈছিল যাৰ বাবে ৰাষ্ট্ৰসংঘ সংস্কাৰ হোৱাৰ বাবে বিশ্বত জনমত গঠন হবলৈ ধৰিলে, ৰাষ্ট্ৰসংঘৰ সকলো অংগৰ ভিতৰত নিৰাপত্তা পৰিষদ অতি শক্তিশালী আছিল। ৫১ ৰ পৰা ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ ১৯৩ লৈ বৃদ্ধি পালে, কিন্তু নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা আজিলৈ বৃদ্ধি হোৱা নাই। তদুপৰি ইয়াৰ ভেটো প্ৰক্ৰিয়াৰ জটিলতাই কেতিয়াবা বিশ্ব শান্তি আৰু নিৰাপত্তাৰ প্ৰশ্নত আউল লগাইছে। সেয়ে নিৰাপত্তা পৰিষদৰ গঠন অধিক প্ৰতিনিধিত্বমূলক আৰু কাৰ্য পদ্ধতি সহজ হোৱাৰ উদ্দেশ্য ই সংস্কাৰিত হ’ব লাগে বুলি বিশ্বত নানন প্ৰস্তাৱ উত্থাপিত হবলৈ পালে।

নিৰাপত্তা পৰিষদ সংস্কাৰৰ হকে ভাৰতবৰ্ষই G-4 ত চামিল হৈছে। G-4 ৰ প্রস্তাব মর্মে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৫ ৰ পৰা ১১ লৈ অৰ্থাৎ নতুন ৬ টা পদ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু এই অতিৰিক্ত পদত G-4 ৰ আন তিনিখন দেশ-জার্মান, ব্রাজিল আৰু জাপানৰ লগতে ভাৰতবৰ্ষই দাবী জনায় আৰু আন ২ খন পদত আফ্রিকা মহাদেশৰ বাবে দাবী জনাইছিল। তদুপৰি অস্থায়ী সদস্য সংখ্যা ১০ ৰ পৰা ১৪ লৈ বৃদ্ধিৰ পৰামৰ্শ, ভেটো প্ৰক্ৰিয়াৰ লগতে সময়ে সময়ে ৰাষ্ট্ৰসংঘৰ চন্দ সংশোধন হোৱাৰ পৰামৰ্শ দিছিল।

নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে দাবী জনাইছিল আৰু ইয়াৰ সমৰ্থনত তলৰ যুক্তিবোৰ আগবঢ়াইছিল।

(ক) ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় জনবহুল দেশ। বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭.৭ শতাংশ লোক ইয়াত বাস কৰে।

(খ) আয়তনৰ পৰা ভাৰত বিশ্বৰ ভিতৰত ৭ তম স্থানত আছে আৰু ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰে। অৰ্থাৎ ই এক ক্ষুদ্ৰ বিশ্ব বুলি কব পাৰি।

(গ) গণতন্ত্ৰ দিশৰ পৰা ভাৰত বিশ্বৰ ভিতৰত প্ৰথম। ভাৰতত গণতন্ত্ৰ আৰু মানৱ অধিকাৰক যথেষ্ট সন্মান দিয়া হয়।

(ঘ) ভাৰতে ৰাষ্ট্ৰসংঘৰ সকলো কামতে সহায় আগবঢ়াইছে।

(ঙ) ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ কামতো ভাৰতে শক্তিশালী ভূমিকা লৈছে।

(চ) অর্থনৈতিক দিশত ভাৰত শক্তিশালী হৈ আহিছে। মুঠ ঘৰুৱা উৎপাদন (GDP) ত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান হৈছে ৫ম।

(ছ) ভাৰতে ৰাষ্ট্ৰসংঘৰ বাজেটলৈ নিয়মিতভাবে বৰঙণি দি আছে।

এনেদৰে যুক্তিৰ আধাৰত ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হোৱাৰ হ’কে দাবী জনাইছে।

ভাৰতৰ আটাইবোৰ যুক্তি ন্যায়সংগত। ৰাষ্ট্ৰসংঘৰ জৰিয়তে ভাৰতৰ ভূমিকা নিঃসন্দেহে উল্লেখনীয়। ৰাষ্ট্ৰসংঘৰ জন্ম লগ্নৰে পৰা ভাৰতে সক্রিয়ভাৱে অংশগ্ৰহণ কৰি আহি আছে। ৰাষ্ট্ৰসংঘৰ বিকাশ আৰু উন্নতিত ভাৰতৰ অংশগ্ৰহণবোৰ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) ১৯৪২ চনৰ ১ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ যি ঘোষণা পত্ৰ স্বাক্ষৰিত হৈছিল তাত ভাৰতৰ গিৰিজা শঙ্কৰ বাজপেয়ীয়ে সমৰ্থন জনাই ৰাষ্ট্ৰসংঘৰ জন্মত নজৰ ৰাখিব পাৰিছিল।

(খ) ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল আৰু ৩০ অক্টোবৰত ভাৰত ইয়াৰ সদস্যভুক্ত হয়।

(গ) ড° হান্‌চা মেহটাই মানৱ অধিকাৰ ঘোষণা পত্ৰ প্ৰস্তুতকৰণৰ কামত উল্লেখনীয় বৰঙণি আগবঢ়ায়।

(ঘ) বিজয় লক্ষ্মী পণ্ডিত ১৯৫৩ ইং চনৰ সাধাৰণ সভাৰ প্রথম মহিলা সভাপতি হৈ কাৰ্যনিৰ্বাহ কৰিছিল।

(ঙ) আৰ্কট ৰামাস্বামী মুডালিয়াৰ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ প্ৰথম সভাপতি হৈ সেৱা আগবঢ়াইছিল।

(চ) কোৰিয়ান যুদ্ধ ১৯৫৩, জেনেভা চুক্তি ১৯৫৪, চুয়েজ সংকট ১৯৫৬ আদিত ভাৰতৰ ভূমিকা প্রশংসনীয়।

(ছ) ভাৰত নিৰাপত্তা পৰিষদৰ ৮ বাৰকৈ অস্থায়ী সদস্য পদত নিৰ্বাচিত হৈ ৰাষ্ট্ৰসংঘলৈ বিশেষ সেৱা আগবঢ়াব পাৰিছিল।

(জ) ৰাষ্ট্ৰসংঘৰ সকলো মূল আৰু বিশেষ অংগৰ কামত ভাগ লৈ তাৰ অগ্ৰগতিত অৰিহণা আগৱঢ়াইছিল ।

(ঝ) সকলো ধৰণৰ জাতিগত বৈষম্যৰ অধিৱেশন- ১৯৬৫, পৰিৱেশ আৰু বিকাশৰ আলোচনা- ১৯৯২ কে ধৰি ৰাষ্ট্ৰসংঘৰ সকলো চুক্তিপত্র, ঘোষণা পত্ৰ আদিত ভাৰতে সমৰ্থন জনাইছে আৰু সেইমতে কামত আগৱঢ়িছে।

(ঞ) ভাৰতে বিশ্বৰ বিভিন্ন আঞ্চলিক সংগঠন (G-77, G-15, G-4, NAM, আদি) ৰ সদস্য হৈ বিশ্বৰ সামগ্রিক উন্নয়নত অংশ লৈছে।

(ট) ভাৰতে ১৯৭৪ চনত পাৰমাণৱিক বোমাৰ সফল পৰীক্ষন ঘটাই সামৰিক শক্তিত ভাৰত বৰ্তমান বিশ্বৰ ভিতৰত ৬ ষ্ঠ স্থানত আছে।

(ঠ) বিশ্বৰ শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে নিৰাপত্তা পৰিষদে যিবোৰ শান্তি ৰক্ষাৰ অভিযান হাতত লৈছিল ভাৰতে সংক্রিয় অংশ লৈছিল আৰু এই ক্ষেত্ৰত ভাৰতৰ স্থান ৪ র্থ হব পাৰিছে।

(ড) ভাৰতৰ যোগ আৰু অহিংসাৰ ধাৰণাই আন্তর্জাতিক স্বীকৃতি পায় আৰু ৰাষ্ট্ৰসংঘই প্রতিবছৰৰ ২১ জুনত আন্তর্জাতিক যোগ দিৱস আৰু অক্টোবৰত আন্তর্জাতিক অহিংসা দিৱস পালন কৰে।

গতিকে ইয়াত স্পষ্ট যে ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ মজিয়াত সক্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ সম্পূৰ্ণ যুক্তিযুক্ততা আছে। নতুন সদস্য ৰাষ্ট্ৰৰ যিবোৰ মানদণ্ড ধৰা হৈছে সেই আটাইবোৰ ভাৰতৰ আছে। নিঃসন্দেহে ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ অৰিহণা উল্লেখনীয় আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থান উজ্জল হৈ থাকিব ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top