United Nations And Global Conflicts Unit 1 The United Nations – I

United Nations And Global Conflicts Unit 1 The United Nations – I Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, United Nations And Global Conflicts Unit 1 The United Nations – I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. United Nations And Global Conflicts Unit 1 The United Nations – I Question Answer can be of great value to excel in the examination.

United Nations And Global Conflicts Unit 1 The United Nations – I

Join Telegram channel

United Nations And Global Conflicts Unit 1 The United Nations – I Notes cover all the exercise questions in UGC Syllabus. The United Nations And Global Conflicts Unit 1 The United Nations – I provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাষ্ট্ৰসংঘ – ১

POLITICAL SCIENCE

UNITED NATIONS AND GLOBAL CONFLICTS

অতি চমু প্রশ্নোত্তৰঃ

১। কেতিয়া ৰাষ্ট্ৰসংঘ (United Nations Organisation) ৰ জন্ম হৈছিল?

উত্তৰঃ ২৪ অক্টোবৰ, ১৯৪৫ ইং।

২। ৰাষ্ট্ৰসংঘৰ উত্তৰসূৰী অনুষ্ঠানটোৰ নাম কি আছিল?

উত্তৰঃ জাতিসংঘ (League of Nations), ১৯২০ ইং।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। জাতিসংঘ কিয় জীয়াই নাথাকিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ ৰোধ কৰিব নোৱাৰিছিল কাৰণে।

৪। দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিত কোন ৰাষ্ট্ৰ প্ৰধানকৈ জগৰীয়া?

উত্তৰঃ জার্মানী।

৫। দ্বিতীয় মহাসমৰৰ সময়ছোৱা উল্লেখ কৰা?

উত্তৰঃ চেপ্তেম্বৰ, ১৯৩৯ আগষ্ট, ১৯৪৫।

৬। কোনখন চুক্তিক ৰাষ্ট্ৰসংঘ স্থাপনৰ প্ৰথম পদক্ষেপ বুলি কোৱা যায়?

উত্তৰঃ আটলান্টিক চনদ— ১৪ আগষ্ট, ১৯৪১।

৭। ৰাষ্ট্ৰসংঘ (United Nations)ৰ ধাৰণা কোন জন নেতাৰ আছিল?

উত্তৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি — ৰুজভেল্ট।

৮। ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?

উত্তৰঃ ৫১

৯। কেতিয়া ৰাষ্ট্ৰসংঘৰ শব্দটো প্ৰথমে ব্যৱহাৰ হৈছিল?

উত্তৰঃ ১ জানুৱাৰী, ১৯৪২

১০। বর্তমানে কিমানলৈ ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা বৃদ্ধি পায়?

উত্তৰঃ ১৯৩ (ইং ২০১১)

১১। ৰাষ্ট্ৰসংঘৰ দিৱস কোন তাৰিখে পালন কৰি অহা হৈছে?

উত্তৰঃ ২৪ অক্টোবৰ।

১২। ৰাষ্ট্ৰসংঘৰ মূল আইনখন কি নামেৰে জনা যায় ?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চন্দ (U.N. Charter)।

১৩। ৰাষ্ট্ৰসংঘৰ চনদত কিমান অনুচ্ছেদ আছে?

উত্তৰঃ ১১১ অনুচ্ছেদ আছে।

১৪। ‘We, the people of the United Nations are determined to save the succeeding generation……’ বাক্যষাৰ চনদৰ ক’ত উল্লেখ আছে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদ।

১৫। ৰাষ্ট্ৰসংঘৰ জন্মৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু আন্তর্জাতিক সহযোগিতাৰে মানৱ জাতিৰ কল্যাণ সাধন কৰা।

১৬। ৰাষ্ট্ৰসংঘৰ চনদৰ ১ আৰু ২ নং অনুচ্ছেদত কি উল্লেখ আছে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতি।

১৭। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য কেইটা?

উত্তৰঃ ৪ টা।

১৮। ৰাষ্ট্ৰসংঘৰ মূল বা প্রধান অংগ কেইটা?

উত্তৰঃ ৬ টা।

১৯। কোনটো অংগত ৰাষ্ট্ৰসংঘৰ আটাইবোৰ সদস্য ৰাষ্ট্ৰ বাধ্যতামূলক?

উত্তৰঃ সাধাৰণ সভা (General Assembly)।

২০। ৰাষ্ট্ৰসংঘৰ কোনটো অংগক প্ৰথম বুলি কোৱা যায়?

উত্তৰঃ সাধাৰণ সভা।

২১। এখন সদস্য ৰাষ্ট্ৰই সাধাৰণ সভালৈ কেইজন প্রতিনিধি থাকিব পাৰে?

উত্তৰঃ ৫ জন।

২২। সাধাৰণ সভাত এখন সদস্যৰ ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ হাতত কেইটা ভোটৰ অধিকাৰ থাকে?

উত্তৰঃ এটা।

২৩। ৰাষ্ট্ৰসংঘৰ কোনটো অংগক সর্ববৃহৎ বা অধিক জনপ্রিয় তথা প্রতিনিধিত্বমূলক বুলি কোৱা হয়?

উত্তৰঃ সাধাৰণ সভা।

২৪। কাক ‘Town meeting of the Whole World’ বুলি আখ্যা দিয়া যায়?

উত্তৰঃ সাধাৰণ সভা।

২৫। সাধাৰণ সভাৰ নিয়মিত অধিৱেশন বছৰৰ কোন বাৰত বহে?

উত্তৰঃ চেপ্তেম্বৰ মাহৰ তৃতীয় মঙ্গলবাৰ।

২৬। ৰাষ্ট্ৰসংঘৰ কোনটো অংগ আটাইতকৈ ক্ষমতাশালী?

উত্তৰঃ নিৰাপত্তা পৰিষদ (Security Council)।

২৭। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ দায়িত্ব ৰাষ্ট্ৰসংঘৰ কোনটো অংগৰ ওপৰত দিয়া হৈছে?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ ওপৰত।

২৮। নিৰাপত্তা পৰিষদ কেইধৰণৰ সদস্যৰে গঠিত?

উত্তৰঃ স্থায়ী আৰু অস্থায়ী— দুই ধৰণৰ সদস্যৰে গঠিত।

২৯। নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা কিমান?

উত্তৰঃ মুঠ সদস্য ৰাষ্ট্ৰ ১৫ (৫ স্থায়ী আৰু ১০ অস্থায়ী)।

৩০। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ কাৰ্যকাল কিমান?

উত্তৰঃ দুবছৰ ৷

৩১। ৰাষ্ট্ৰসংঘৰ চনদ কোনে সংশোধন কৰিব পাৰে?

উত্তৰঃ সাধাৰণ সভা।

৩২। ভেটো (Veto) ক্ষমতাধাৰী এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ইংলেণ্ড।

৩৩। ভেটো ক্ষমতা নিৰাপত্তা পৰিষদৰ কোন সদস্যৰ হাতত থাকে?

উত্তৰঃ স্থায়ী সদস্য ৰাষ্ট্ৰ।

৩৪। ভেটো ক্ষমতা মানে কি?

উত্তৰঃ ভেটো মানে হৈছে বাধা অর্থাৎ কোনো প্রস্তাব বা সিদ্ধান্ত গ্রহণত বাধা দিব পৰা সামর্থ্য্য।

৩৫। ‘ECOSOC’ ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰঃ The United Nations Economic and Social Council ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।

৩৬। আন্তর্জাতিক কল্যাণমূলক কাম-কাজ ৰাষ্ট্ৰসংঘৰ কোনটো অংগৰ দ্বাৰা প্ৰধানকৈ পৰিচালিত হয়?

উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ দ্বাৰা।

৩৭। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ কিমান সদস্যৰে গঠিত?

উত্তৰঃ ৫৪ জন সদস্য।

৩৮। বিশ্বৰ অনুন্নত দেশবোৰৰ অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰসংঘৰ কোনটো অংগৰ অৰিহণা সর্বাধিক?

উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিষদ।

৩৯। আন্তর্জাতিক আদালত (International court of Justice) ত থকা ন্যায়াধীশৰ সংখ্যা কিমান?

উত্তৰঃ বর্তমানে ১৫।

৪০। কোনে আন্তর্জাতিক আদালতৰ ন্যায়াধীশসকলক নির্বাচন কৰিব পাৰে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে।

৪১। আন্তর্জাতিক আদালতৰ বিচাৰপতিসকলৰ কাৰ্যকাল কিমান?

উত্তৰঃ ৯ বছৰ।

৪২। কিমানজন বিচাৰপতি উপস্থিত থাকিলে থুল (Quorum) গঠিত হয়?

উত্তৰঃ ৯ জন।

৪৩। একোখন ৰাষ্ট্ৰৰ পৰা দুজন ব্যক্তি আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশ হ’ব পাৰেনে?

উত্তৰঃ নোৱাৰে।

৪৪। আন্তর্জাতিক আদালতে নিজে (স্বইচ্ছাই) গোচৰ থাকিব পাৰেনে?

উত্তৰঃ নোৱাৰে।

৪৫। জাতিসংঘৰ মেণ্ডেট্‌ছ ব্যৱস্থাৰ সলনি ৰাষ্ট্ৰসংঘৰ কোনটো অংগ গঠন কৰা হৈছে?

উত্তৰঃ ন্যাসৰক্ষী পৰিষদ (Trusteeship Council)।

৪৬। কোনটো অংগক ৰাষ্ট্ৰসংঘৰ প্ৰশাসনীয় গোট বুলি কোৱা যায়?

উত্তৰঃ সচিবালয় (Secretariat)।

৪৭। সচিবালয়ৰ সমস্ত কাম-কাজৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা যায়?

উত্তৰঃ সচিব প্রধান (Secretary General)।

৪৮। কোনজন ব্যক্তিক ৰাষ্ট্ৰসংঘৰ আটাইতকৈ শীর্ষ প্রশাসনিক বিষয়া বুলি কোৱা যায়?

উত্তৰঃ সচিব প্রধান।

৪৯। কোনে সচিব প্রধানক নিযুক্তি দিয়ে?

উত্তৰঃ সাধাৰণ সভাৰ অনুমোদন মৰ্মে নিৰাপত্তা পৰিষদে নিযুক্তি দিয়ে।

৫০। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান?

উত্তৰঃ ৫ বছৰ।

৫১। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান পুনৰ নিৰ্বাচিত হ’ব পাৰেনে?

উত্তৰঃ পাৰে।

৫২। ৰাষ্ট্ৰসংঘ এক সার্বভৌম সংঘ হয় নে?

উত্তৰঃ নহয় ।

৫৩। ৰাষ্ট্ৰসংঘ কাৰ আন্তর্জাতিক সংগঠন?

উত্তৰঃ বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰৰ আন্তর্জাতিক অনুষ্ঠান।

৫৪৷ কেতিয়া ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল?

উত্তৰঃ ৩০ অক্টোবৰ, ১৯৪৫।

৫৫। ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ আন্তর্জাতিক আদালতৰ বাহিৰে আন মূল অংগৰ কাৰ্যালয় আমেৰিকাৰ নিউইয়র্ক চহৰত।

৫৬। আন্তর্জাতিক আদালতৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ নেদাৰলেণ্ডৰ হে’গ চহৰত।

৫৭। ৰাষ্ট্ৰসংঘৰ বাজেট কোনে পাছ কৰিব লাগে?

উত্তৰঃ সাধাৰণ সভা।

৫৮। ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা কেইটা?

উত্তৰঃ ৬ টা। (চীনা, ইংৰাজী, ফ্রান্স, ৰাছিয়ান, স্পেনিছ আৰু আৰাবিক)।

৫৯ ৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাবে কোনে কাৰ্যনিৰ্বাহ কৰিব লাগে?

উত্তৰঃ সচিব প্রধান।

৬০। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল কিমান?

উত্তৰঃ তিনি বছৰ।

৬১। “The United Nations was not created to take humanity to heaven, but to save it from hell’- কথাষাৰ কাৰ?

উত্তৰঃ দাগ হাম্মাৰ্জন্দ (Dag Hammarskjold)।

চমু প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাত আগভাগ লোৱা বিশ্বৰ দুজন বৰেন্য নেতাৰ নাম লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি— ৰুজভেল্ট আৰু গ্রেট ব্রিটেইনৰ প্ৰধানমন্ত্ৰী— উইনষ্টন চার্চিল।

২। দ্বিতীয় বিশ্ব যুদ্ধৰ পক্ষ দুটাৰ নাম লিখা।

উত্তৰঃ অক্ষ বা চক্ৰ শক্তি (Axis Power) আৰু মিত্ৰ পক্ষ (Allied Power) বা মিত্র শক্তি।

৩। মিত্ৰ পক্ষৰ শক্তিধাৰি চাৰিখন দেশৰ নাম লিখা।

উত্তৰঃ ক) ইংলেণ্ড।

খ) ফ্রান্স।

গ) আমেৰিকা। আৰু

ঘ) চোভিয়েট ৰাছিয়া।

৪। ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা প্ৰস্তাৱনা, অনুচ্ছেদ আৰু অধ্যায় আছে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদত এটা প্ৰস্তাৱনা, ১১১টা অনুচ্ছেদ আৰু ১৯টা অধ্যায় আছে।

৫। আটলান্টিক চনদ কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু ব্ৰিটিছ প্ৰধানমন্ত্রী চাৰ্চিলৰ মাজত হৈছিল।

৬। নিৰাপত্তা পৰিষদৰ কোন কেইখন স্থায়ী সদস্য ৰাষ্ট্ৰ পুঁজিবাদৰ সমৰ্থক?

উত্তৰঃ আমেৰিকা, ইংলেণ্ড, ফ্রান্স আৰু ৰাছিয়া।

৭। ৰাষ্ট্ৰসংঘ গঠনৰ পটভূমিত হোৱা দুখন আন্তর্জাতিক আলোচনা চক্ৰৰ নাম লিখা।

উত্তৰঃ আটলান্টিক চনদ আৰু মস্কো ঘোষণা।

৮। ৰাষ্ট্ৰসংঘৰ গঠনত নেতৃত্ব লোৱা বিশ্বৰ চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।

খ) গ্রেট ব্রিটেইন। 

গ) ৰাছিয়া। আৰু 

ঘ) চীন।

৯। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ শীতল যুদ্ধৰ সময়ত বিশ্বৰ দুই শক্তি গোষ্ঠীৰ নাম লিখা।

উত্তৰঃ ক) আমেৰিকাৰ নেতৃত্বত পুঁজিবাদী গোষ্ঠী। আৰু 

খ) ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী গোষ্ঠী।

১০। কাৰ নিৰ্বাচনত নিৰাপত্তা পৰিষদৰ অনুমোদনৰ আৱশ্যক?

উত্তৰঃ সচিব প্রধান আৰু আন্তর্জাতিক আদালতৰ বিচাৰ পতিসকলৰ নিৰ্বাচনত নিৰাপত্তা পৰিষদৰ অনুমোদনৰ দৰকাৰ।

১১। সচিব প্রধানৰ কাৰ্য কি?

উত্তৰঃ সচিবালয় সচিব প্ৰধানৰ দায়িত্বত থাকে। সেয়ে তেওঁ ইয়াৰ সকলো প্ৰশাসনীয় কাম-কাজ সম্পাদন কৰে। তদুপৰি ৰাষ্ট্ৰসংঘৰ বাজেট প্রস্তুত আৰু কাৰ্যকৰীকৰণৰ কাম সচিব প্রধানে সম্পাদন কৰে।

১২। আন্তর্জাতিক আদালতৰ পৰামৰ্শমূলক ক্ষমতা মানে কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ কোনো অংগ বা শাখাই আইনৰ লগত জড়িত বিষয়ৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আদালতৰ পৰা পৰামৰ্শ বিচাৰে তেতিয়া এই আদালতে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পৰামৰ্শ মনাটো বাধ্যতামূলক নহয় যদিও বিশেষ তাৎপর্য থাকে।

১৩। ৰাষ্ট্ৰসংঘক সার্বভৌম অনুষ্ঠান নহয় বুলি কিয় কোৱা হয়?

উত্তৰঃ সার্বভৌমত্ব ৰাষ্ট্ৰৰহে থাকে। সার্বভৌমত্বৰ যিবোৰ বৈশিষ্ট্য আছে, সেইবোৰ ৰাষ্ট্ৰসংঘত পোৱা নাযায়। ৰাষ্ট্ৰসংঘ হৈছে বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰবোৰৰ এক সন্মিলিত অনুষ্ঠান। বিশ্বৰ কোনো ৰাষ্ট্ৰই ইয়াৰ সদস্য পদ ল’ব পাৰে বা সদস্য পদ উঠাই ল’ব পাৰে। যেনেদৰে আমেৰিকা ৰাষ্ট্ৰই ‘জাতিসংঘ’ৰ সদস্য নোহোৱাকৈ আছিল। সাৰ্বভৌম অনুষ্ঠানৰ পৰা কোনো সদস্য আঁতৰি অহাৰ অধিকাৰ নাপায়।

১৪। ৰাষ্ট্ৰসংঘ মানে কি?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ ফলস্বৰূপে ৰাষ্ট্ৰসংঘৰ জন্ম হয়। ই বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ এক উমৈহতীয়া আন্তর্জাতিক সংগঠন। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু আন্তর্জাতিক পাৰস্পৰিক সহযোগিতাৰে মানৱ জাতিৰ সামগ্ৰিক কল্যাণ বৃদ্ধি কৰা।

১৫। জাতিসংঘতকৈ ৰাষ্ট্ৰসংঘ শক্তিশালী বুলি ভবাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ শক্তিশালী বুলি ভবাৰ দুটা কাৰণ হ’ল—

(ক) জাতিসংঘৰ জন্মৰ পৰা ২০ বছৰ ন হওঁতে দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টি হ’বলৈ পালে। কিন্তু ৰাষ্ট্ৰসংঘই বিশ্বযুদ্ধৰ পৰা আঁতৰত থাকি ৭৫ বছৰ কৰিব পাৰিলে।

(খ) জাতিসংঘৰ তুলনাত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য বহলমুখী আৰু অধিক কল্যাণকামী।

১৬। ৰাষ্ট্ৰসংঘৰ সদস্য পদ প্রাপ্তি আৰু হৰণৰ বিষয়ে লিখা।

উত্তৰঃ বিশ্বৰ সকলো শান্তিকামী ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সদস্য পদ ল’ব পাৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি, আদৰ্শ আগ্ৰহী ৰাষ্ট্ৰই ইয়াৰ সদস্য পদৰ বাবে প্ৰথমে নিৰাপত্তা পৰিষদলৈ আবেদন জনাব লাগে। যদি নিৰাপত্তা পৰিষদে অনুমোদন জনায় আৰু সাধাৰণ সভাই ২/৩ সদস্যৰে গ্ৰহণ কৰে তেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য পদ লাভ কৰে।

আনহাতে, যদি ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি কোনো ৰাষ্ট্ৰৰ দ্বাৰা ভংগ হয়, তেনে ৰাষ্ট্ৰক নিৰাপত্তা পৰিষদৰ অনুমোদন মৰ্মে সাধাৰণ সভাই বহিষ্কাৰ কৰিব পাৰে।

১৭। ছানফ্রাঞ্চিছকো সন্মিলন (Sanfransico conference) সম্পর্কে চমুকৈ লিখা। বা ৰাষ্ট্ৰসংঘৰ জন্ম হোৱা আলোচনা চক্ৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ শেষ আন্তর্জাতিক সন্মিলনখন হৈছে ছানফ্রাঞ্চিছকো সন্মিলন। এই সন্মিলন ১৯৪৫ চনৰ ২৪ এপ্রিলৰ পৰা জুনৰ ২৬ তাৰিখলৈ চলিছিল। ইয়াত ৰাষ্ট্ৰসংঘ চনদৰ বিষয়ে বিতং আলোচনা হৈছিল, চূড়ান্ত ৰূপ দিয়া হৈছিল আৰু ২৬ জুন তাৰিখে ৫১ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে স্বাক্ষৰ দান দিয়াৰ লগে লগে ৰাষ্ট্ৰসংঘৰ জন্ম হয়। 

১৮। সাধাৰণ সভাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া কেনেকুৱা?

উত্তৰঃ সাধাৰণ সভাই সাধাৰণ সংখ্যা গৰিষ্ঠ ভোটৰ সমৰ্থনেৰে সাধাৰণ বিষয়ৰ ওপৰত সিদ্ধান্ত লয়। কিন্তু গুৰুত্বপূৰ্ণ বিষয়ৰ বেলিকাত (যেনে— আন্তর্জাতিক শান্তি বা নিৰাপত্তাৰ সমস্যাৰ প্ৰশ্ন উদ্ভৱ হ’লে) ২/৩ অংশ সদস্যৰ সমৰ্থনেৰে সিদ্ধান্ত লোৱা হয়।

১৯। নিৰাপত্তা পৰিষদে কেনেকৈ সিদ্ধান্ত লয়?

উত্তৰঃ নিৰাপত্তা পৰিষদে ইয়াৰ স্থায়ী সদস্য ৫ সহ মুঠ ৯ জন সদস্যৰ সমৰ্থনেৰে সিদ্ধান্ত লোৱা হয়। যদি কোনো স্থায়ী সদস্যৰ হাতত থকা ভেটো ক্ষমতা ব্যৱহাৰ কৰে তেতিয়া কোনো প্ৰস্তাৱ গ্ৰহণ নহয়। যদি কোনো স্থায়ী সদস্যই ভোট দানৰ পৰা বিৰত থাকে যি ভেটো হিচাবে বিবেচিত নহয়। ভেটো হিচাবে বিবেচিত হ’বলৈ হ’লে সভাত প্ৰয়োগ কৰিব লাগিব। অর্থাৎ স্থায়ী সদস্যৰ সমৰ্থন থাকিব লাগিব।

২০। নিৰাপত্তা পৰিষদ কেই ধৰণৰ সদস্যৰে গঠিত হয় লিখা।

উত্তৰঃ নিৰাপত্তা পৰিষদ দুই ধৰণৰ সদস্যৰে গঠিত। স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৫ খন যেনে— ইংলেণ্ড, আমেৰিকা, ফ্রান্স, ৰাছিয়া আৰু চীন। অস্থায়ী সদস্যৰ সংখ্যা ১০। সাধাৰণ সভাই এইবোৰ সদস্যক দুবছৰৰ বাবে নিৰ্বাচন কৰে।

২১। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য ইয়াৰ চনদৰ ১ নং অনুচ্ছেদত বর্ণনা আছে। তলত ইয়াৰ দুটা উদ্দেশ্য হ’ল—

(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(খ) সম অধিকাৰ আৰু আত্ম নিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্ৰতিষ্ঠা কৰা ৷

২২। ৰাষ্ট্ৰসংঘৰ দুটা নীতি লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নীতিসমূহ চনদৰ ২ নং অনুচ্ছেদত লিখা আছে। তাৰে দুটা হৈছে—

(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ, ৰাষ্ট্ৰসমূহ শান্তিপূর্ণভাৱে মীমাংসা কৰিব।

(খ) সদস্য ৰাষ্ট্ৰসমূহে চনদত উল্লেখ থকা দায়িত্বসমূহ পালন কৰিব।

২৩। নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল স্থায়ী নে অস্থায়ী?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসকলৰ কাৰ্যকাল স্থিৰ, তেওঁলোকৰ হৰণ-ভগন নাথাকে। আনহাতে আন সদস্যসকল দুই বছৰৰ বাবেহে নিৰ্বাচিত হয়। গতিকে তেনে সদস্যৰ কাৰ্যকাল অস্থায়ী।

২৪। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক কিহৰ ভিত্তিত নিৰ্বাচন কৰা হয়?

উত্তৰঃ দুটা বিশেষ নীতিৰ ভিত্তিত ১০ খন সদস্য ৰাষ্ট্ৰক সাধাৰণ সভাই নিৰাপত্তা পৰিষদলৈ নিৰ্বাচিত কৰি পঠায়।

(ক) বিশ্বশান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ অৰিহণা কিমান আৰু

(খ) পৃথিৱীৰ বিভিন্ন অঞ্চলৰ দেশ ইয়াৰ সদস্য হ’ব পাৰিছেনে—ইয়াকে বিবেচনা কৰি নির্বাচন কৰা হয়।

২৫। অর্থনৈতিক আৰু সামাজিক পৰিষদৰ দুটা কাৰ্য লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ কল্যাণমূলক কাম-কাজৰ দায়িত্ব ইয়াৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ ওপৰত থাকে। ইয়াৰ দুটা বিশেষ কাৰ্য হৈছে –

(ক) আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আদিৰ বিষয়ে অনুসন্ধান কৰি সাধাৰণ সভা তথা ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰলৈ প্ৰতিবেদন পঠাব লাগে।

(খ) এই পৰিষদে ইয়াৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত আন্তর্জাতিক সন্মিলন আহ্বান কৰিব পাৰে।

২৬। আন্তর্জাতিক ন্যায়ালয়ৰ দুটা ক্ষমতা লিখা।

উত্তৰঃ আন্তর্জাতিক ন্যায়ালয়ে লাভ কৰা ক্ষমতাবোৰৰ দুটা বিশেষ ক্ষমতা হৈছে –

(ক) ইয়ে ৰাষ্ট্ৰসংঘৰ চনদ, চুক্তি বা সন্মিলনসমূহত সন্নিৱিষ্ট বিষয়ৰ ওপৰত বিচাৰ কৰিব পাৰে। আৰু

(খ) কোনো বিবাদত জড়িত দুয়োটা পক্ষই যদি বিচাৰৰ বাবে এই আদালতত আবেদন কৰে তেতিয়া আদালতে বিচাৰ কৰি ৰায় দিব পাৰে।

২৭। ৰাষ্ট্ৰসংঘৰ দুটা সামাজিক আৰু অৰ্থনৈতিক লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ চনদৰ ৫৫ নং অনুচ্ছেদত এনে লক্ষ্যসমূহৰ বিষয়ে বর্ণনা আছে। ইয়াৰে অন্যতম দুটা লক্ষ্য হৈছে—

(ক) আন্তর্জাতিক অর্থনৈতিক, সামাজিক, স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সমাধানৰ বাবে চেষ্টা চলাব।

(খ) জাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে সকলো মানুহৰ হ’কে মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ অক্ষুণ্ণ ৰাখিবৰ বাবে চেষ্টা কৰিব।

২৮। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান আৰু বৰ্তমানৰ সচিব প্রধানৰ নাম কি?

বা

ৰাষ্ট্ৰসংঘৰ অন্যতম দুজন সচিব প্রধানৰ নাম লিখা।

উত্তৰঃ প্রথম সচিব প্রধান হৈছে— ট্রিগভিলি আৰু বৰ্তমান জনৰ নাম হৈছে— এন্টোনিও গুটেৰেচ (১ এপ্রিল, ২০১৭)।

২৯। সাধাৰণ সভাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ দুটা কাৰণ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বিষয়কে ধৰি বিশ্বৰ সকলো বিষয় সাধাৰণ সভাই আলোচনা কৰিব পৰাৰ বাবে ইয়াৰ গুৰুত্ব লাহে লাহে বৃদ্ধি পাইছে। তদুপৰি আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ দায়িত্বত নিৰাপত্তা পৰিষদৰ হেমাহি দেখিলে সাধাৰণ সভাই শান্তি প্রতিষ্ঠাৰ বাবে সামূহিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিব পাৰে আৰু ইয়াৰ বাবে বিশ্ব ৰাজনীতিত ইয়াৰ গুৰুত্ব প্ৰকাশ পাইছে।

৩০। নিৰাপত্তা পৰিষদৰ গুৰুত্ব/প্ৰভাৱ হ্ৰাস হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ ইয়াৰ স্থায়ী সদস্যসকলে নিজৰ স্বাৰ্থত ভেটো ক্ষমতা ব্যৱহাৰ কৰা কাৰ্যই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিৰাপত্তা পৰিষদৰ ভাবমূর্তি লাঘব কৰে। তেনেকৈ ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত সাধাৰণ সভাৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৫১ আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল ৫ খন। বর্তমানে সাধাৰণ সভাৰ সদস্য ১৯৩লৈ বৃদ্ধি পায় যদিও পৰিষদৰ স্থায়ী সদস্য বৃদ্ধি নহ’ল বাবে পৰিষদৰ বিপৰীতে সাধাৰণ সভাৰহে গুৰুত্ব বাঢ়ে।

৩১। ৰাষ্ট্ৰসংঘ চনদৰ প্ৰস্তাৱনাত থকা দুটা আদর্শ লিখা।

উত্তৰঃ (ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে ঐক্যৱদ্ধ শক্তি শক্তিশালী কৰা।

(খ) সকলো মানুহৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ হ’কে চেষ্টা চলোৱা।

(গ) লিংগ আৰু দেশ নির্বিশেষে সম অধিকাৰৰ ওপৰত বিশ্বাস ৰখা আদিয়ে প্ৰস্তাৱনাৰ আদর্শ।

৩২। চমুটোকা (Short Note)।

(ক) ৰাষ্ট্ৰসংঘ গঠনৰ আৱশ্যকতা বা প্রয়োজনীয়তা।

উত্তৰঃ দুখনকৈ হোৱা বিশ্বযুদ্ধই প্ৰমাণ কৰি গ’ল যে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা নিশ্চিত নহ’লে মানৱ জাতি পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব। সেয়ে ইয়াক দৃঢ়ভাৱে নিশ্চিত কৰাৰ স্বাৰ্থত জাতিসংঘৰ ঠাইত ৰাষ্ট্ৰসংঘক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন হৈ পৰিছিল। 

দ্বিতীয়তে আন্তঃৰাষ্ট্ৰীয় বিবাদ-মতভেদ দৃঢ় কৰাৰ বাবে শান্তিপূর্ণ আলোচনাৰ নিতান্ত দৰকাৰ আৰু ই আন্তর্জাতিক সংগঠনৰে ফলপ্ৰসূ হ’ব।

তৃতীয়তে বর্তমান বিশ্বত এনে কিছুমান সমস্যা (পৰিৱেশ প্ৰদূষণ, সন্ত্রাসবাদ আদি) উদ্ভৱ হৈছে যিবোৰ এখন দেশৰ গাইগুটীয়া সমস্যা নহয়। এনে গোলকীয় সমস্যা সমাধান কৰিবলৈ বিশ্বৰ দেশসমূহ ঐক্যৱদ্ধ হ’ব লাগিব আৰু ইয়াৰ বাবে আন্তর্জাতিক সংগঠনৰ প্ৰয়োজন।

চতুৰ্থতে বিশ্বৰ সকলো মানুহ, অঞ্চল বা দেশ সমানে আগবঢ়া নহয়। সমবিকাশ সাধিবলৈ আন্তর্জাতিক অনুষ্ঠানৰ প্ৰয়োজন৷

পঞ্চমতে মানুহ সমাজপ্রিয়। প্রেম, ভ্রাতৃত্ব, বন্ধুত্ব, পাৰস্পৰিক সহযোগিতা আদিৰ বিকাশত আন্তর্জাতিক সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা লয় ।

এনেদৰে বিভিন্ন কাৰণত বিশ্ব পৰ্যায়ত এক বলিষ্ঠ আন্তর্জাতিক সম্মিলন—‘ৰাষ্ট্ৰসংঘ’ গঠনৰ প্রয়োজনীয়তা দ্বিতীয় মহাসমৰৰ সময়ত উপলব্ধি কৰা হৈছিল।

(খ) আটলান্টিক চন্দ (Atlantic Charter) |

উত্তৰঃ আটলান্টিক চনদ ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰথম গুৰুত্বপূৰ্ণ পদক্ষেপ। ১৯৪১ চনৰ ১৪ আগষ্টত আটলান্টিক মহাসাগৰত এক যুদ্ধ জাহাজত আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্রী চাৰ্চিলৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তিখনত ৮ টা নীতি আছিল। সেইবোৰ হ’ল –

১। ‘সকলো জাতিয়ে ভয় আৰু অভাৱৰ পৰা নিৰাপদে শান্তিৰে নিজৰ দেশৰ ভিতৰত থাকিব পৰাকৈ শান্তিৰ ব্যৱস্থা কৰা হ’ব।

২। জনগণৰ সন্মতি অবিহনে ভৌগোলিক পৰিসীমাৰ পৰিবৰ্তন কৰা নহ’ব।

৩। সকলো জাতিৰ নিজৰ চৰকাৰ গঠনৰ অধিকাৰক শ্রদ্ধা জনোৱা যাব।

৪। বিজিত-পৰাজিত সকলো দেশেই অর্থনৈতিক উন্নয়নৰ বাবে ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সমান অধিকাৰ লাভ কৰিব।

৫। সাগৰ-মহাসাগৰত সকলো জাতিৰ সমান অধিকাৰক শ্রদ্ধা জনোৱা হ’ব।

৬। সকলো জাতিৰ সামাজিক আৰু অৰ্থনৈতিক উন্নতিত সহযোগিতা আগবঢ়াব।

৭। মহাযুদ্ধৰ পিছত পুনৰ সাৰ্বজনীন শান্তি প্রতিষ্ঠা হ’ব।

৮। আক্ৰমণকাৰী দেশৰ ওপৰত নিঃসামৰিকৰণ নীতি প্ৰয়োগ কৰা হ’ব।

এনেদৰে আটলান্টিক চনদৰ জৰিয়তে বিশ্বত শান্তি স্থাপনৰ পথ মুকলি হৈছিল আৰু ইয়াৰ গুৰুত্ব ইমান যে ৰাষ্ট্ৰসংঘৰ চনদৰ মূল ইয়াৰ ওপৰতে প্রতিষ্ঠিত।

(গ) ডাম্বাৰটন ওকচ্‌ সভা (Dumbarton Oaks Conference)।

উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল ডাম্বাৰটন ওক্‌চ সন্মিলন (২১ আগষ্ট— ৭ অক্টোবৰ, ১৯৪৪)। এই সন্মিলনত আমেৰিকা, ইংলেণ্ড আৰু ছোভিয়েট ৰাছিয়াৰ প্ৰতিনিধি মিলিত হৈ আন্তর্জাতিক শাস্তি আৰু নিৰাপত্তাৰ ৰক্ষাৰ নামত এক আন্তর্জাতিক সংগঠন ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। তেনেকৈ এই সভাতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অর্থনৈতিক আৰু সামাজিক পৰিষদ, আন্তর্জাতিক ন্যায়ালয় আৰু সচিবালয় গঠনৰ বিষয়ে আলোচনা কৰা হয়। নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে আমেৰিকা, ইংলেণ্ড, ফ্রান্স, চীন আৰু ৰাছিয়াক আৰু আন ৬ খন দেশক অস্থায়ী সদস্য হিচাপে ৰখাৰ কথাও বিবেচিত হয়। বিশ্বৰ সকলো শান্তিকামী ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ সদস্যপদ দিয়াৰ কথাও বিবেচনা কৰা হৈছিল।

গতিকে ইয়াৰ পৰা জনা যায় যে ৰাষ্ট্ৰসংঘ গঠনৰ মূল কথাবিলাক এই সভাতে চৰ্চিত হৈছিল।

(ঘ) সাধাৰণ সভাৰ গঠন প্রণালী।

উত্তৰঃ সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰথম আৰু বৃহৎ অংগ, ই বিধান মণ্ডলৰ দৰে।

ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত সকলো ৰাষ্ট্ৰ সাধাৰণ সভাৰো সদস্য। গতিকে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক লৈ সাধাৰণ সভা গঠিত। অৱশ্যে সদস্য ৰাষ্ট্ৰ এখনে ৫ জনকৈ প্ৰতিনিধি ইয়ালৈ পঠাব পাৰে। কিন্তু ভোটৰ অধিকাৰ মাত্ৰ এটাহে।

ইয়াৰ সভাত সভাপতিত্ব কৰাৰ বাবে ইয়াৰ এজনক সভাপতি হিচাপে সাধাৰণ সভাই এবছৰৰ বাবে নির্বাচিত কৰি লয়। সভাপতিৰ উপৰি আন ২১ জন উপ-সভাপতি থাকে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সকলো ইয়াৰ উপ-সভাপতি হয়।

সাধাৰণ সভাৰ অধিবেশন বছৰেকত এবাৰ (চেপ্টেম্বৰ মাহৰ তৃতীয় মংগলবাৰ) বহে। তদুপৰি নিৰাপত্তা পৰিষদৰ অনুৰোধ মৰ্মে বা ৰাষ্ট্ৰসংঘৰ গৰিষ্ঠ সংখ্যক সদস্যৰ অনুৰোধ মৰ্মে সচিব প্ৰধানে ইয়াৰ বিশেষ অধিবেশন আহ্বান কৰিব পাৰে।

সাধাৰণ সভাৰ কাম-কাজ নিয়াৰিকৈ সম্পন্ন হোৱাৰ বাবে ইয়াত দুই ধৰণৰ কমিটি থাকে — প্ৰধান কমিটি আৰু বিশেষ কমিটি।

সাধাৰণ সভাই সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটেৰে সাধাৰণ বিষয়ৰ ওপৰত সিদ্ধান্ত লয়। কিন্তু গুৰুত্বপূৰ্ণ বিষয়ৰ বেলিকাত দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থন দৰকাৰ হয়।

(ঙ) নিৰাপত্তা পৰিষদ গঠন।

উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আটাইবোৰ অংগৰ ভিতৰত ক্ষমতাশালী গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ গঠন সম্বন্ধে ৰাষ্ট্ৰসংঘ চনদৰ ২৩ অনুচ্ছেদত বর্ণনা আছে–

ই স্থায়ী আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰে গঠিত। স্থায়ী সদস্য ৰাষ্ট্ৰবোৰ হ’ল— আমেৰিকা, ইংলেণ্ড, ফ্রান্স, ৰাছিয়া আৰু চীন। ইয়াৰ কাৰ্যকাল স্থায়ী। আনহাতে অস্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে ১০ আৰু দুবছৰৰ বাবে সাধাৰণ সভাই নিৰ্বাচন কৰি লয়। অর্থাৎ এই সদস্যবোৰৰ কার্যকাল অস্থায়ী। মুঠতে ১৫ জন সদস্য ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ গঠিত হয়।

নিৰাপত্তা পৰিষদৰ সভাপতি পদটো ১৫ জন সদস্য ৰাষ্ট্ৰৰ মাজত ঘূৰি থাকে। প্রতিমাহৰ মূৰে মূৰে সভাপতি সলনি হোৱাৰ নিয়ম থাকে।

নিৰাপত্তা পৰিষদৰ সকলো সদস্যৰ হাতত এটাকৈ ভোট থাকে। কিন্তু স্থায়ী সদস্যৰ হাতত ভেটো ক্ষমতা দিয়া হৈছে। কোনো সদস্যই ভেটো ক্ষমতা ব্যৱহাৰ কৰিলে কোনো প্ৰস্তাৱ পাছ হ’ব নোৱাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত সিদ্ধান্ত ল’বলৈ হ’লে স্থায়ী ৫ সদস্যসহ মুঠ ৯ জন সদস্যৰ সন্মতিৰ প্ৰয়োজন।

তদুপৰি ৰাষ্ট্ৰসংঘৰ সদস্য নোহোৱা দেশৰ বিষয় নিৰাপত্তা পৰিষদত আলোচনা চলিলে তাত সেই দেশৰ প্ৰতিনিধি উপস্থিত থাকিব পাৰে, কিন্তু ভোটৰ অধিকাৰ নাথাকে৷

(চ) অর্থনৈতিক আৰু সামাজিক পৰিষদৰ গঠন।

উত্তৰঃ বিশ্বৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ দায়িত্বত থকা ৰাষ্ট্ৰসংঘৰ অংগটোৰ নাম হৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।

অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ গঠনৰ বিষয়ে চনদৰ ৬১ নং অনুচ্ছেদত পোৱা যায়। আৰম্ভণিতে ১৮ জন সদস্যৰে পৰিষদ গঠন হৈছিল যদিও ১৯৬৬ চনত ২৭ জনলৈ আৰু ইয়াৰ পিছত ১৯৭৩ চনত ৫৪ জনলৈ বৃদ্ধি কৰা হয়।

পৰিষদৰ এই সদস্যসকলক সাধাৰণ সভাই তিনি বছৰৰ বাবে নিৰ্বাচন কৰে। প্ৰত্যেক বছৰে ইয়াৰ ১/৩ অংশ সদস্যই অৱসৰ গ্ৰহণ কৰে আৰু ইয়াৰ বাবে নতুনকৈ সদস্য নির্বাচিত হৈ আহে। সাধাৰণতে উদ্যোগৰ বিষয়ত উন্নত আৰু শক্তিশালী দেশক এই পৰিষদৰ সদস্য হিচাপে নিৰ্বাচন কৰা হয়।

পৰিষদৰ সভাত সভাপতিত্ব কৰাৰ বাবে এজন সভাপতি থাকে আৰু তেওঁক এবছৰৰ বাবে নিৰ্বাচিত কৰা হয় ৷ তেওঁ পুনৰ নিৰ্বাচিত হোৱাৰ নিয়ম আছে। 

ইয়াৰ অধিবেশন বছৰত দুবাৰ বহাৰ নিয়ম আছে। তদুপৰি প্ৰয়োজন সাপেক্ষে ইয়াৰ বিশেষ অধিবেশন বহিব পাৰে৷

অধিৱেশনত উপস্থিত থকা সদস্যসকলৰ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিষদৰ কাম-কাজ নিয়াৰকৈ কৰাৰ বাবে ইয়াত কিছুমান কমিটি গঠন কৰা হয়।

(ছ) আন্তর্জাতিক আদালতৰ গঠন।

উত্তৰঃ আন্তর্জাতিক আদালত ৰাষ্ট্ৰসংগৰ ন্যায়িক অংগ। কার্যতঃ ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ইয়াৰো সদস্য হয়। ১৫ জন ন্যায়াধীশেৰে এই আদালত গঠিত হয়। বিচাৰপতি হ’বলৈ হ’লে নিজ দেশৰ সৰ্বোচ্চ আদালতৰ বিচাৰপতি হোৱাৰ অৰ্হতা থাকিব লাগিব। তদুপৰি উচ্চ নৈতিক চৰিত্ৰ, আইনৰ অভিজ্ঞতা আৰু স্বাধীনভাৱে বিচাৰ কৰিব পৰা গুণ থাকিব লাগিব। সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে গোপন ভোটৰ মাধ্যমত বিচাৰপতিসকলক ৯ বছৰৰ বাবে নিৰ্বাচন কৰে। ইয়াৰে ১/৩ অংশ বিচাৰপতিয়ে তিনি বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে।

বিচাৰপতি সকলৰ মাজৰ পৰা এজনক সভাপতি আৰু আন এজনক উপসভাপতি হিচাপে ৩ বছৰৰ বাবে নিৰ্বাচিত কৰা হয়।

আন্তর্জাতিক ন্যায়ালয়ৰ থূল ৯ জন সদস্যৰে গঠিত। সকলো সিদ্ধান্ত সংখ্যাগৰিষ্ঠ ভোটৰ জৰিয়তে লোৱা হয়। যদি দুয়োটা পক্ষৰ ভোট সমান হয় তেতিয়া সভাপতিয়ে নির্ণায়ক ভোট ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰ প্ৰধান কাৰ্যালয় হে’গত অৱস্থিত। অৱশ্যে বিশ্বৰ আন ঠাইতো ইয়াৰ কাৰ্য সম্পাদন হ’ব পাৰে ।

(জ) ন্যাসৰক্ষী পৰিষদৰ ভূমিকা তথা তাৎপর্য।

উত্তৰঃ ন্যাসৰক্ষী পৰিষদ ৰাষ্ট্ৰসংঘৰ মূল অংগৰ এটা অনুষ্ঠান। জাতিসংঘৰ মেণ্ডেট্‌ছ ব্যৱস্থাৰ সলনি ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।

দ্বিতীয় মহাযুদ্ধৰ পিছত এছিয়া, আফ্রিকা মহাদেশৰ ভালেমান দেশ স্বাধীন হৈছিল যদিও তাত স্বাধীনতা লাভৰ উপযুক্ত পৰিৱেশ ঠন ধৰি উঠা নাছিল। উপনিৱেশিক শাসনৰ নামত যাতে পিছপৰা অঞ্চলত শোষণ, বঞ্ছনা, উৎপীড়ন, অত্যাচাৰ আদি আঁতৰ হৈ তাৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিকাশত পৰিষদে অভূতপূর্ব রৰঙণি আগবঢ়াব আৰু শান্তিপূর্ণ উপায়েৰে উপনিৱেশসমূহক স্বাধীনতা লাভ কৰাত ইয়ে গুৰুত্বপূৰ্ণ ভূমিকা লয়। অর্থাৎ বিশ্বৰ পিছপৰা অঞ্চলৰ উন্নয়নৰ দায়িত্ব লৈ ন্যাসৰক্ষী পৰিষদে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ উৎকৰ্ষ সাধন কৰিছে, সামাজিক- অর্থনৈতিক- ৰাজনৈতিক- শিক্ষা আদিৰ উন্নয়নেৰে পিছপৰা অঞ্চলৰ নাগৰিকৰ সকলোধৰণৰ অধিকাৰ প্ৰাপ্তিৰ যথেষ্ট অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে।

ন্যাসৰক্ষী পৰিষদৰ সবল ভূমিকাৰ বাবে বিশ্বৰ বহু দেশে স্বাধীনতা উপভোগ কৰিবলৈ সক্ষম হ’ল। ফলত বর্তমানে এই পৰিষদৰ অধীনস্থ অঞ্চল প্রায় নোহোৱা হ’ল। ১৯৯৪ চনত ইয়াৰ অধীনত থকা শেষ অঞ্চল-পালাউ (Palau) ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হৈ পৰে। ইয়াৰ লগে লগে ন্যাসৰক্ষী পৰিষদৰ অৱস্থিতি প্রায় শূন্য হৈ যায়। ফলত বৰ্তমানে কাগজৰ পাততহে ইয়াৰ মূল্য আছে, ব্যৱহাৰত ইয়াৰ ভূমিকা নোহোৱা হৈছে। চনদ সংশোধনৰ জৰিয়তে ইয়াৰ পৰিবৰ্তন জৰুৰী হৈ পৰিছে।

(ঝ) সচিবালয়ৰ গঠন।

উত্তৰঃ সচিবালয় ৰাষ্ট্ৰসংঘৰ এক অন্যতম মূল অংগ। ইয়াক ৰাষ্ট্ৰসংঘৰ প্ৰশাসনীয় গোট বুলি জনা যায়।

সচিবালয় কাৰ্যালয়ৰ মুৰব্বীজন হৈছে সচিবপ্ৰধান। তেওঁ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ প্রশাসনীয় মূৰব্বী। সচিবপ্রধান আৰু অন্যান্য কৰ্মচাৰীক লৈ সচিবালয় গঠন হৈছে। সচিবালয়ত প্রায় ৩৫ হাজাৰতকৈ অধিক কৰ্মচাৰীয়ে কাম কৰি আছে। সচিবালয়ৰ সকলো কৰ্মচাৰী সচিব প্ৰধানৰ অধীন।

সচিবপ্ৰধানক সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অনুমোদন মৰ্মে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। তেওঁ পুনৰ নিৰ্বাচিত হোৱাৰ নিয়ম আছে।

সচিবপ্ৰধানৰ কাম-কাজত সহায় কৰা বাবে সহায়কাৰী সচিবপ্ৰধান থকাৰ উপৰিও অৱৰ সচিবপ্রধান নিয়োগ হয়।

সচিবালয়ৰ কাম-কাজ সংঘবদ্ধভাৱে সমাপন কৰাৰ বাবে সচিবালয়ৰ ১১টা ভাগৰ কাৰ্যালয় থকাৰ উপৰি ইয়াৰ ৮ বিভাগো আছে। সচিবপ্রধান আৰু সচিবালয়ত আন আন কৰ্মচাৰীয়ে স্বাধীনভাৱে কাম কৰিব পাৰে। সকলো কামৰ বাবে সকলো কৰ্মচাৰী সচিব প্রধানৰ ওচৰত দায়বদ্ধ থাকে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰসংঘ গঠনৰ পটভূমি চমুকৈ বৰ্ণনা কৰা

অথবা

ৰাষ্ট্ৰসংঘৰ ক্ৰমবিকাশৰ বুৰঞ্জী বর্ণনা কৰা৷

অথবা

ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰাকৃক্ষণত হোৱা আন্তর্জাতিক আলোচনা চক্ৰবোৰৰ বিষয়ে এক আলোচনা আগবঢ়োৱা।

অথবা

কি কি আলোচনাৰ মৰ্মে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল তাৰ এক ৰচনা লিখা।

উত্তৰঃ মহাযুদ্ধসমূহৰ ফলস্বৰূপে বিশ্বত আন্তর্জাতিক অনুষ্ঠান (জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘ)সমূহৰ জন্ম হৈছিল। পিচে জাতিসংঘ যেনেদৰে এখন চুক্তি (পেৰিচ শান্তি চুক্তি)ৰ জৰিয়তে সৃষ্টি হৈছিল তেনেকৈ ৰাষ্ট্ৰসংঘ এখন চুক্তিৰ ফলস্বৰূপে প্ৰতিষ্ঠা পোৱা নাছিল। দ্বিতীয় বিশ্ব যুদ্ধ (চেপ্তেম্বৰ ১৯৩৯- আগষ্ট ১৯৪৫) ৰোধত যেতিয়া জাতিসংঘ বিফল হৈছিল তেতিয়া তাৰ ঠাইত এক অধিক শক্তিশালী আন্তর্জাতিক অনুষ্ঠান সৃষ্টিৰ বাবে বিশ্বৰ বৰেণ্য নেতাসকলে যুদ্ধকালীন সময়ছোৱাত কেইবাখনো আলোচনাত মিলিত হৈছিল। আলোচনাবিলাক তলত চমুকৈ বৰ্ণনা কৰা হ’ল—

(ক) আটলান্টিক চনদ – ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ হিচাবে চিহ্নিত হয় আটলান্টিক চনদ। ১৯৪১ চনৰ ১৪ আগষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চার্চিল আটলান্টিক মহাসাগৰৰ এক যুদ্ধ জাহাজত মিলিত হৈ এই চুক্তি স্বাক্ষৰিত কৰিছিল৷ এই চুক্তিত ৮টা নীতি সন্নিৱিষ্ট কৰা হৈছিল আৰু আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে এক আন্তর্জাতিক সংস্থা স্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

(খ) ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্র (United Nations Declaration) – ১৯৪২ চনৰ ১ জানুৱাৰী তাৰিখে মিত্ৰ পক্ষৰ আমেৰিকা, ইংলেণ্ড, চীন আৰু ছোভিয়েট ৰাছিয়াৰ নেতাসকল আমেৰিকাৰ ওৱাচিংটনত মিলিত হয় আৰু আটলান্টিক চনদত পূর্ণ সমর্থন জনাই আৰু এক নতুন আন্তর্জাতিক সংগঠন— ৰাষ্ট্ৰসংঘ গঠনৰ কথা ঘোষণা কৰে।

(গ) মস্কো সন্মিলন (Mosco Conference) – ইয়াৰ পিছত ১৯৪৩ চনৰ নৱেম্বৰ মাহত আমেৰিকা, ইংলেণ্ড, চীন আৰু ছোভিয়েট ৰাছিয়াৰ বৈদেশীক মন্ত্ৰীসকল মস্কো চহৰত মিলিত হৈ বিশ্ব শাস্তি আৰু নিৰাপত্তাৰ কাৰণে মস্কো ঘোষণাত স্বাক্ষৰ কৰে।

(ঘ) ডাম্বাৰ্টন ওক্‌চ সম্মিলন (Dumbarton Oaks Conference) – এই সন্মিলনে ৰাষ্ট্ৰসংঘ গঠনৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা লয়। ১৯৪৪ চনৰ আগষ্ট মাহত আমেৰিকা, ইংলেণ্ড, ৰাছিয়া আৰু চীন দেশৰ প্ৰতিনিধিয়ে এই সভাত লগ লাগি সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অর্থনৈতিক আৰু সামাজিক পৰিষদ, আন্তর্জাতিক আদালত আৰু সচিবালয় গঠনৰ বিষয়ে বিতং আলোচনা কৰে। তদুপৰি নিৰাপত্তা পৰিষদত আমেৰিকা, ইংলেণ্ড, ফ্রান্স, চীন আৰু ছোভিয়েট ৰাছিয়াক স্থায়ী সদস্য হিচাপে ৰখাৰ উপৰি আন ছয়খন দেশক অস্থায়ী সদস্য হিচাপে ৰখাৰ সিদ্ধান্ত লৈছিল। লগতে বিশ্বৰ সকলো শান্তিকামী ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ সদস্যপদ দিয়াৰ ওপৰত সভাই সিদ্ধান্ত লয়।

(ঙ) য়াল্টা সম্মিলন (Yalta Conference) – ১৯৪৫ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকা, ইংলেণ্ড আৰু ৰাছিয়াৰ মাজত এই সন্মিলন চলিছিল আৰু ইয়াত নিৰাপত্তা পৰিষদৰ ভোটদান প্ৰক্ৰিয়াৰ সম্বন্ধে আলোচনা চলিছিল। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনে কেনেকৈ ভোটদান কৰিব তাৰ ওপৰতো চূড়ান্ত পদক্ষেপ লৈছিল।

(চ) ছানফ্রান্সিচকো সন্মিলন (San Francisco Conference) – এই সম্মিলন ১৯৪৫ চনৰ এপ্ৰিল মাহৰ ২৪. তাৰিখৰ পৰা জুন মাহৰ ২৬ তাৰিখলৈ চলিছিল। এই সন্মিলনে প্ৰস্তাৱিত ৰাষ্ট্ৰসংঘৰ চনদত চূড়ান্ত ৰূপ দিয়ে আৰু ২৬ জুন তাৰিখে ৫০ খন দেশৰ প্ৰতিনিধিয়ে চহী দিয়াৰ লগে লগে ৰাষ্ট্ৰসংঘৰ জন্ম হয়। অক্টোবৰ মাহত পোলেণ্ড ইয়াৰ স্বাক্ষৰকাৰী হোৱাৰ লগে লগে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৫১ লৈ বৃদ্ধি পায়। এই চনদখন ১৯৪৫ চনৰ ২৪ অক্টোবৰৰ পৰা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয়। সেইবাবে ২৪ অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা দিৱস হিচাবে পালন কৰা হয়।

উল্লেখযোগ্য যে ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘত যোগদান কৰিছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে কেবাখনো আন্তর্জাতিক সন্মিলনৰ সন্মিলিত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। বর্তমানে ই ৭৫ বছৰ অতিক্ৰম কৰিলে। গতিকে জাতিসংঘৰ তুলনাত ৰাষ্ট্ৰসংঘই অধিক শক্তিশালী হিচাপে বিশ্বত জীয়াই থাকিব পাৰিছে ভয় আৰু অভাৱৰ পৰা মুক্ত হৈ নিৰাপদে বিশ্বৰ জনগণে জীয়াই থাকিব পাৰিছে।

২। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ক্ষমতা-কাৰ্যৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা। আন্তর্জাতিক ৰাজনীতিত ইয়াৰ স্থিতি নির্ণয় কৰা।

অথবা

সাধাৰণ সভাৰ কাৰ্যাৱলী তথা ভূমিকাৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ প্ৰথম, বৃহৎ আৰু জনপ্রিয় অংগ, ই বিধানমণ্ডলৰ দৰে। সাধাৰণ সভাই বিশ্বৰ বিষয় আলোচনা কৰিব পৰাৰ জৰিয়তে বিশ্বৰ জনগণৰ দৃষ্টি আকর্ষণ কৰিব পাৰিছে । ইয়াৰ ক্ষমতা আৰু কাৰ্যবোৰ তলত আলোচনা কৰা হ’ল–

(ক) আলোচনামূলক আৰু পৰামৰ্শমূলক কাৰ্য – সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য আৰু ৰাষ্ট্ৰৰ প্রতিনিধিসকল মিলিত হোৱাৰ স্থান। সেয়ে ই মূলতঃ এক আলোচনা কক্ষ। চনদৰ ১০ নং অনুচ্ছেদ অনুযায়ী সাধাৰণ সভাই চনদত উল্লেখিত সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পৰাৰ উপৰি ৰাষ্ট্ৰসংঘৰ আন অংগ তথা শাখাৰ বিষয়েও আলোচনা কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা থাকিলে সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। এনেদৰে ইয়াৰ আলোচনাধৰ্মী কাৰ্যৰে বিশ্বত জনমত সৃষ্টি কৰি শান্তি আৰু প্ৰগতিৰ বাতাবৰণ আনিব পাৰে।

(খ) নীতি-নিয়ম প্রস্তুত কৰাৰ ক্ষমতা – সাধাৰণ সভাৰ আইন প্রণয়নৰ ক্ষমতা নাই যদিও ইয়ে কিছুমান নীতি-নিয়ম, নিৰ্দেশনা ৰচনা কৰিব পাৰে। ইয়ে আলোচনাৰ জৰিয়তে গ্ৰহণ কৰা প্ৰস্তাৱ, পৰামৰ্শবোৰ সদস্য ৰাষ্ট্ৰসমূহে পালন কৰিলে যিয়ে নিয়মৰ মৰ্যাদা পায়। তেনেকৈ বিশ্ব শান্তিৰ কাৰণে নিৰস্ত্ৰীকৰণ বা মর্যাদাপূর্ণ জীৱনৰ বাবে মানৱ অধিকাৰ বিষয়ক বিষয়ৰ ওপৰত ইয়ে নীতি-নিয়ম ৰচনা কৰি বিশ্বত ঐক্য শান্তি আৰু শৃঙ্খলা ৰক্ষাত অৰিহণা-আগবঢ়াব পাৰিছে।

(গ) ৰাজনৈতিক ক্ষমতা – বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ দায়িত্ব নিৰাপত্তা পৰিষদৰ যদিও সাধাৰণ সভাৰো ৰাজনৈতিক ক্ষমতা আছে। ইয়ে বৰ্তমান ৰাজনৈতিক মীমাংসা, শান্তি প্ৰতিষ্ঠা আৰু শান্তি ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব পাৰে। সাধাৰণ সভাই এনে বিষয়ৰ ওপৰত পৰামৰ্শ সদস্য ৰাষ্ট্ৰবোৰলৈ প্ৰেৰণ কৰিব পাৰে। এনে পৰামৰ্শ বাধ্যতামূলক নহয় যদিও ইয়াৰ গুৰুত্বক অস্বীকাৰ কৰিব নোৱাৰি।

(ঘ) পর্যবেক্ষণমূলক ক্ষমতা – সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সকলো অংগ, বিভাগ, শাখা আদিৰ কাম-কাজ পৰ্যবেক্ষণ কৰাৰ অধিকাৰ পাইছে। নিৰাপত্তা পৰিষদকে ধৰি সকলো অংগই ইয়াৰ কামৰ বিষয়ে প্রতিবেদন সাধাৰণ সভাত দাখিল কৰিব লাগে। গতিকে পর্যবেক্ষণ ক্ষমতাৰ জৰিয়তে সাধাৰণ সভাই সকলো অংগৰ কামৰ ওপৰত নজৰ ৰাখিব পাৰে।

(ঙ) বিত্তীয় ক্ষমতা – সচিব প্ৰধানৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ বাজেট সাধাৰণ সভাত দাখিল হয়। তেতিয়া সাধাৰণ সভাই বাজেট বিতৰ্ক আৰু পাছ কৰা প্ৰক্ৰিয়াৰ মাজেৰে ৰাষ্ট্ৰসংঘৰ সকলো কাম-কাজৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে।

(চ) সংশোধনীমূলক ক্ষমতা – ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰাৰ কৰ্তৃত্ব আছে সাধাৰণ সভাৰ। সাধাৰণ সভাই ইয়াৰ ২/৩ অংশ সদস্যৰ সমৰ্থনেৰে চনদৰ বিষয় সংশোধন কৰি ল’ব পাৰে।

(ছ) নির্বাচনী ক্ষমতা – সাধাৰণ সভাৰ নিৰ্বাচন বিষয়ক ক্ষমতা আছে। সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক, অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক, আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক, সচিবালয়ৰ সচিব প্রধানক, ন্যাসৰক্ষী পৰিষদৰ সদস্যসকলক নির্বাচন কৰিব লাগে। অৱশ্যে এই বিষয়ত নিৰাপত্তা পৰিষদৰো কৰণীয় থাকে, তদুপৰি কোনো সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চন্দৰ নীতি-নিয়ম ভংগ কৰিলে তেনে ৰাষ্ট্ৰক সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ কৰিব পাৰে।

(জ) স্থিতি – ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ ওপৰত অৰ্পিত গুৰুত্বপূৰ্ণ ক্ষমতাসমূহে ইয়াৰ গুৰুত্ব বিশ্বত দিনক দিনে বঢ়াই তুলিব পাৰিছে। ই একেৰাহে ৰাষ্ট্ৰসংঘৰ প্ৰথম অংগ, গণতান্ত্রিক সদন, সর্ববৃহৎ সদন, বিশ্বজনগণৰ মত বিনিময়ৰ সদন আৰু ৰাষ্ট্ৰসংঘৰ সকলো অনুষ্ঠানৰ অভিভাৱকস্বৰূপ। ইয়াৰ পৰামৰ্শ কোনোৱে আওকাণ কৰিব নোৱাৰাৰ বাবে ইয়ে বিশ্বত শান্তি, নিৰাপত্তা তথা আন্তর্জাতিক সহযোগিতা বৃদ্ধিত যথেষ্ট অৰিহণা আগবঢ়াব পাৰিছে। গুডস্পিদ (Goodspeed) “General Assembly is the central focus of the manifold activities of the UNO. “

৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাৰ্য, ক্ষমতা আৰু ভূমিকাৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা।

অথবা

আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ ভূমিকা বিশ্লেষণ কৰা।

উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ শ্রেষ্ঠতম বা ক্ষমতাশালী অংগ। ইয়াক ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যৰ ‘কাৰ্যবাহী গোট’ (Executive Arms) বুলি গণ্য কৰা হয়। ইয়াৰ ওপৰত বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ দায়িত্ব অর্পণ কৰা আছে (অনুচ্ছেদ নং ২৪)। সেয়ে বিশ্ব ৰাজনীতিত নিৰাপত্তা পৰিষদৰ তাৎপর্য অসীম।

ক্ষমতা আৰু কাৰ্য – নিৰাপত্তা পৰিষদে নিজৰ এই দায়িত্ব শাসনৰ বাবে স্থায়ী, অস্থায়ী আৰু কিছুমান বিশেষ কমিটি গঠন কৰি লয়। তেনেকৈ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ প্ৰধানসকলক লৈ ইয়াৰ এক ‘সামৰিক বাহিনী আয়োগ’ আছে। তদুপৰি ইয়াৰ নিৰস্ত্ৰীকৰণ আয়োগৰ জৰিয়তে বিশ্বত অস্ত্ৰৰ প্ৰতিযোগিতা বন্ধ কৰাৰ চেষ্টা চলি আছে। এনেকৈয়ে চনদৰ VI, VII, VIII আৰু XII অধ্যায় অৰ্পণ কৰা নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ সম্পাদন হয়। নিৰাপত্তা পৰিষদৰ প্ৰধান দায়িত্ববোৰ হৈছে –

(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰা নিৰাপত্তা পৰিষদৰ প্ৰধান দায়িত্ব। ৰাষ্ট্ৰসংঘ চনদৰ ৩৩ নং অনুচ্ছেদত উল্লেখ আছে যে বিশ্ব শান্তি আৰু নিৰাপত্তা ব্যাহত হ’ব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হলে তাক শান্তিপূর্ণ উপায়েৰে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰাষ্ট্ৰসংঘৰ ৬৫ বছৰীয়া ইতিহাসৰ নিৰাপত্তা পৰিষদৰ এনে কাৰ্যৰ বহুতো উদাহৰণ আছে যাৰ ফলত আজিলৈ বিশ্বই আন এখন বিশ্বযুদ্ধ দেখিবলৈ পোৱা নাই।

(খ) যেতিয়া কোনো ৰাষ্ট্ৰৰ কাৰ্যৰ ফলত বিশ্ব শান্তি বা নিৰাপত্তা ভংগ হোৱাৰ সম্ভাৱনা থাকে তেতিয়া নিৰাপত্তা পৰিষদে সামৰিক আৰু অসামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। বিবাদমান ৰাষ্ট্ৰৰ বিৰুদ্ধে ইয়ে কূটনৈতিক আৰু অৰ্থনৈতিক সম্পর্ক ছেদ কৰাৰ বাবে ব্যৱস্থা ল’ব পাৰে। তদুপৰি সামৰিক ব্যৱস্থাৰ দ্বাৰা ৰাষ্ট্ৰখনৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰিব পাৰে।

(গ) কোনো ঘটনাৰ পৰা বিশ্ব শান্তি ভংগ হোৱাৰ সম্ভাৱনা থাকিলে সাধাৰণ সভা বা সচিবপ্ৰধানে নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিলে নিৰাপত্তা পৰিষদে তাৰ যাৱতীয় ব্যৱস্থা ল’ব লগে।

(ঘ) নিৰাপত্তা পৰিষদে অনুসন্ধান-গৱেষণাৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ নিষ্পত্তিৰ বাবে পৰামৰ্শ দিব পাৰে। আনকি ইয়ে আন্তর্জাতিক আদালতৰ সহযোগিতাৰ যোগেদি বিবাদ মীমাংসাৰ কাৰণে পৰামৰ্শ দিব পাৰে।

(ঙ) নিৰাপত্তা পৰিষদে বিশ্বৰ দেশসমূহৰ বাবে নিৰস্ত্ৰীকৰণৰ আঁচনি প্ৰস্তুত কৰি সাধাৰণ সভাত দাখিল কৰিব পাৰে। তদুপৰি নিৰাপত্তা পৰিষদে ইয়াৰ সামৰিক ষ্টাফ সমিতিৰ সহায়ত নিৰস্ত্ৰীকৰণৰ হকে নানা দায়িত্ব পালন কৰে।

(চ) নিৰাপত্তা পৰিষদে ন্যাস অঞ্চলৰ কাম-কাজ পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰিব লাগে। এই অঞ্চলৰ সামাজিক অর্থনৈতিক উন্নয়নৰ হ’কৈ এই পৰিষদৰ বহু কৰণীয় থাকে। নিৰাপত্তা পৰিষদৰ সবল ভূমিকাৰ বাবে ন্যাসৰক্ষী পৰিষদৰ অধীনত থকা বহু অঞ্চল, ৰাজ্যই স্বাধীন হ’বলৈ পালে।

(ছ) নিৰাপত্তা পৰিষদৰ আন কিছুমান দায়িত্ব আছে। সচিব প্ৰধানৰ নিযুক্তি, ৰাষ্ট্ৰসংঘত নতুন ৰাষ্ট্ৰক সদস্য পদ দিয়া, কোনো সদস্য ৰাষ্ট্ৰক ইয়াৰ পৰা বহিষ্কাৰ কৰা, আন্তর্জাতিক আদালতৰ ন্যায়াধীশসকলৰ নিযুক্তি আদি বিভিন্ন বিষয়ত নিৰাপত্তা পৰিষদৰ কৰণীয় থাকে।

ভূমিকা – ওপৰৰ আলোচনাৰ পৰা বুজা যায় যে ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য ‘বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা’ বাস্তৱত ৰূপায়িত কৰাৰ দায়িত্ব নিৰাপত্তা পৰিষদৰ। আজি ৰাষ্ট্ৰসংঘই ৭৫ বছৰ অতিক্ৰম কৰিলে। অৰ্থাৎ বিশ্ব শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ কামত জাতিসংঘৰ তুলনাত ৰাষ্ট্ৰসংঘই সবল ভূমিকা পালন কৰিব পাৰিছে আৰু বিশ্ববাসীয়ে তৃতীয় বিশ্বযুদ্ধৰ ভয়াবহতাৰ পৰা শান্তিৰে বাস কৰিব পাৰিছে। ভালেমান আন্তঃৰাষ্ট্ৰীয় বিবাদ-মতভেদ ইয়াৰ উদ্যোগত নিষ্পত্তি হ’ল। য’ত শান্তি ত’ত প্ৰগতি। আন্তর্জাতিক সহযোগিতাৰ বান্ধোনেৰে বিশ্বই আজি উন্নতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হ’ল।

অৱশ্যে নিৰাপত্তা পৰিষদৰ কাম-কাজ একেৰাৰে সমালোচনাৰ উৰ্ধত নহয়। অধ্যাপক গুডৰিছে আৰু পালমাৰ আৰু পাৰকিনছে নিৰাপত্তা পৰিষদৰ দুৰ্বলতাৰ কথা উল্লেখ কৰিছে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভেটো ক্ষমতাৰ অপব্যৱহাৰে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ নীতিক দুৰ্বল কৰে। আনহাতে সাধাৰণ সভাৰ সদস্য সংখ্যা বহুগুণে বৃদ্ধি পোৱাত নিৰাপত্তা পৰিষদৰ তুলনাত সাধাৰণ সভাৰহে গুৰুত্ব বৃদ্ধি হয়। তদুপৰি বিশ্বৰ বিভিন্ন অঞ্চলত সম্পাদিত হোৱা বিভিন্ন ধৰণৰ চুক্তি আদিয়ে নিৰাপত্তা পৰিষদৰ গুৰুত্ব হ্রাস হোৱাত সহায় কৰিছে।

যিয়ে নহওক নিৰাপত্তা পৰিষদৰ কাম-কাজত কিছু সমালোচনা থাকিলেও আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাত ইয়াৰ গুৰুত্বক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে।

৪। সচিবপ্ৰধানৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

অথবা

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা।

অথবা

আন্তর্জাতিক ৰাজনীতিত সচিবালয়ৰ গুৰুত্ব বর্ণনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ আন এক গুৰুত্বপূৰ্ণ অংগ হৈছে সচিবালয়। সচিবালয়ে ৰাষ্ট্ৰসংঘৰ দৈনন্দিন কাম-কাজবোৰ সম্পাদিত কৰাৰ দায়িত্ব পায় আৰু এই দায়িত্ব সচিবালয়ৰ শীৰ্ষ প্ৰশাসনীয় বিষয়া-সচিবপ্ৰধানৰ হাতত থাকে। সচিবপ্রধানে তেওঁৰ তলতীয়া ভালেমান কৰ্মচাৰীৰ সন্মিলিত প্ৰচেষ্টাৰে সচিবালয়ৰ কাম-কাজত সবল ভূমিকা লয়। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭-১০২ অনুচ্ছেদত তেওঁৰ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে বর্ণনা আছে। সচিবপ্ৰধানৰ গুৰুত্বপূৰ্ণ ক্ষমতাবোৰ তলত বর্ণনা কৰা হ’ল—

(ক) প্রশাসনীয় কার্য – চনদৰ ৯৭ নং অনুচ্ছেদ অনুযায়ী সচিব প্রধান হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য প্রশাসনিক বিষয়া। প্রধান প্রশাসনিক বিষয়া হিচাপে তেওঁ পালন কৰিবলগীয়া কাৰ্যবোৰ হৈছে—

১। ৰাষ্ট্ৰসংঘৰ সকলো কাম-কাজ সংগঠিত আৰু পৰিকল্পিতভাৱে পৰিচালনা কৰা।

২। ৰাষ্ট্ৰসংঘৰ সকলো অংগ আৰু কমিটিসমূহৰ কাম-কাজ দক্ষতাৰে সম্পাদিত হোৱাত সহায় কৰা।

৩। তেওঁ সচিবালয় কাৰ্যালয়ৰ মুখ্য নিয়ন্ত্রক।

৪। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন, প্ৰস্তাৱ, সিদ্ধান্ত আদিৰ খচৰা প্ৰস্তুতৰ কামত সহায় কৰা ।

৫। সাধাৰণ সভাৰ সিদ্ধান্তসমূহ কাৰ্যকৰণ কৰা।

৬। কাৰিকৰী আৰু আইনগত দিশত পৰামৰ্শ আগবঢ়োৱা।

৭। ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিশেষ অংগসমূহৰ মাজত সু-সম্বন্ধ ৰক্ষা কৰা।

৮। বিশেষ আলোচনা চক্ৰসমূহৰ সভাৰ কাৰ্যবিৱৰণী, খচৰা আদি প্ৰস্তুত কৰা আদি।

(খ) কৰ্মচাৰী নিযুক্তিৰ ক্ষমতা – সচিবালয়ৰ অধীনত প্ৰায় ৩৫,০০০ হাজাৰতকৈ অধিক কৰ্মচাৰী আছে। প্রধান প্রশাসনিক বিষয়া হিচাপে তেওঁ অৰ্হতাসম্পন্ন ব্যক্তিক সচিবালয়ৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়ে। কৰ্মচাৰীৰ দক্ষতাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ পাৰদৰ্শিতা নিৰ্ভৰ হয় বাবে তেওঁ পৃথিৱীৰ বিভিন্ন দেশৰ মাজৰ পৰা উপযুক্তজনক নিযুক্তি দিয়াৰ দায়িত্ব পালন কৰিব লাগে।

(গ) বিত্তীয় ক্ষমতা – সচিবপ্ৰধানৰ ভালেমান বিত্তীয় ক্ষমতা আছে –

১। ৰাষ্ট্ৰসংঘৰ বাজেট প্রস্তুত কৰা।

২। বিভিন্ন শিতানৰ ধন ধার্য কৰা আৰু সেইমতে খৰচ কৰা।

৩। সদস্য ৰাষ্ট্ৰৰ পৰা অৰিহণা সংগ্ৰহ কৰা।

৪। বিশেষ সংগঠনসমূহৰ বাবে সমূহীয়া বিত্তীয় নিয়ম- নীতি- নির্দেশনাৱলী নিৰ্ধাৰণ কৰা ।

(ঘ) ৰাজনৈতিক ক্ষমতা – সচিবপ্রধান প্রশাসনিক বিষয়া হ’লেও আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ খাতিৰত তেওঁৰ কিছুমান ৰাজনৈতিক ক্ষমতাও আছে—

১। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ব্যাহত হ’ব পৰা কোনো ঘটনা দৃষ্টিগোচৰ হ’লে তেওঁ নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

২। পৰিস্থিতিৰ প্ৰয়োজনত তেওঁ নিৰাপত্তা পৰিষদৰ বিশেষ অধিবেশন আহ্বান কৰিব পাৰে।

৩। কোনো আন্তর্জাতিক বিবাদৰ বেলিকাত আইনগত পৰামৰ্শৰ বাবে উদ্যোগ ল’ব পাৰে।

৪  ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া কাম প্রতিবেদন প্রস্তুত আৰু দাখিল কৰিব লাগে।

৫। আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিৰ বাবে বিবাদমান অঞ্চল ভ্রমণ কৰিব পাৰে আৰু তথ্যপাতিৰ আদান-প্রদান কৰিব পাৰে।

(ঙ) প্রতিনিধিত্বমূলক ক্ষমতা –

১। সচিবপ্ৰধান ৰাষ্ট্ৰসংঘৰ মূল প্রতিনিধি। সেয়ে ৰাষ্ট্ৰসংঘৰ 

কাম-কাজত তেওঁ প্রতিনিধি কৰিব লাগে।

২। প্ৰধানে সচিবালয়ৰ লগত আন সকলো অনুষ্ঠান প্রতিষ্ঠানৰ যোগাযোগ ৰক্ষা কৰিব লাগে।

৩। আন্তর্জাতিক আদালতৰ ওচৰত সচিবপ্ৰধানে ৰাষ্ট্ৰসংঘৰ স্বাৰ্থক প্রতিফলিত কৰিব লাগে।

৪। ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে ইয়াৰ সকলো অংগৰ সহযোগিতামূলক কামত আগভাগ ল’ব লাগে।

(চ) চুক্তি পঞ্জীয়ন – সচিবপ্ৰধানৰ আন এক অন্যতম কাৰ্য হৈছে ৰাষ্ট্ৰসংঘৰ অধীনত হোৱা চুক্তিসমূহ পঞ্জীয়ন কৰা আৰু সেইবোৰ প্ৰকাশ কৰা। তদুপৰি এইবোৰ যথাযথভাৱে কাৰ্যকৰী কৰা কামো সচিবপ্ৰধানৰ ।

(ছ) ভূমিকা বা স্থান – ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে সচিবালয় বা সচিবপ্ৰধানে ৰাষ্ট্ৰসংঘৰ কার্য সম্পাদনৰ মূল কেন্দ্ৰবিন্দু। সেয়ে আন্তর্জাতিক ৰাজনীতিত সচিবপ্ৰধানৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেওঁ প্ৰশাসনীয় ক্ষমতা ভোগ কৰাৰ উপৰি ৰাজনৈতিক ক্ষমতাও লাভ কৰিব পাৰিছে। তেৱেঁ হৈছে ৰাষ্ট্ৰসংঘৰ একমাত্ৰ বিষয়া যিজনে ৰাষ্ট্ৰসংঘক প্রতিনিধিত্ব কৰিব পাৰে, বিভিন্ন অংগৰ মাজত সমন্বয় সাধন কৰিব পাৰে, পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব পাৰে বা কোনো কামৰ বাবে দৃষ্টি আকৰ্ষণ কৰিব পাৰে। তেওঁৰ সবল ভূমিকাৰ ওপৰতে ৰাষ্ট্ৰসংঘৰ কামৰ পাৰদৰ্শিতা নিৰ্ভৰ কৰে। সেয়ে এই পদবীৰ ব্যক্তি বিশেষ ব্যক্তিত্বসম্পন্নৰ অধিকাৰী হোৱা উচিত। ৰাষ্ট্ৰসংঘৰ প্ৰথম প্ৰধান সচিব ট্রিগভি লী তথা ইউ থান্ট, বান. কি মুন আদিয়ে ৰাষ্ট্ৰসংঘক সবল নেতৃত্ব দিব পাৰিছিল।

৫। আন্তর্জাতিক আদালতৰ ক্ষমতাসমূহ কি কি? ইয়াৰ ভূমিকা বহলাই আলোচনা কৰা।

অথবা

আন্তঃৰাষ্ট্ৰীয় আদালতৰ ক্ষমতা, কাৰ্য আৰু ইয়াৰ স্থান ব্যাখ্যা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ 92 নং অনুচ্ছেদ অনুযায়ী আন্তর্জাতিক আদালত ৰাষ্ট্ৰসংঘৰ এটা প্রধান অংগ। ই ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ এই আদালতৰ সদস্য। যিবোৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য নহয় তেনেবোৰ দেশো আদালতৰ সদস্য হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ চনদে সদস্যৰাষ্ট্ৰৰ পাৰস্পৰিক বিবাদবোৰ আন্তর্জাতিক আদালতৰ জৰিয়তে নিষ্পত্তি কৰাৰ বাবে আহ্বান জনাইছে। যাতে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বিশ্বত বজাই থাকে।

কার্য ক্ষমতা – আন্তর্জাতিক আদালতৰ মুখ্য কাৰ্য হৈছে দুই বা তাতোধিক দেশৰ মাজত সৃষ্টি হোৱা বিবাদ নিষ্পত্তি কৰা। আন্তঃৰাষ্ট্ৰীয় আদালতৰ কৰ্মৰ অধিকাৰক তিনিটা ভাগত ভগোৱা হৈছে—

(ক) স্বেচ্ছাপূর্বক ক্ষমতা – স্বেচ্ছাপূর্বক অধিকাৰ ক্ষেত্ৰত বিবাদত জড়িত ৰাষ্ট্ৰই যদি আন্তর্জাতিক আদালতৰ গোচৰ নিষ্পত্তিৰ বাবে আবেদন কৰে তেতিয়া এই আদালতে বিচাৰৰ দায়িত্ব লয় আৰু ন্যায়িক প্ৰক্ৰিয়াৰে গোচৰৰ ৰায় প্ৰদান কৰে। কিন্তু বিবাদত জড়িত কোনো ৰাষ্ট্ৰই আদালতৰ ওচৰ নাচাপি নিজাববীয়াকৈও বিবাদ নিষ্পত্তিৰ পথ উলিয়াই ল’ব পাৰে।

(খ) বাধ্যতামূলক অধিকাৰ ক্ষেত্ৰ – আন্তর্জাতিক আদালতৰ কিছুমান বিবাদৰ বেলিকাত বাধ্যতামূলক অধিকাৰ থাকে। কোনো আন্তঃৰাষ্ট্ৰীয় চুক্তি, আন্তঃৰাষ্ট্ৰীয় আইন, আন্তঃৰাষ্ট্ৰীয় দায়িত্বৰ ব্যাখ্যাৰ প্ৰশ্ন আহিলে আন্তর্জাতিক আদালতে তেনে বিষয়ৰ ওপৰত ৰায় দিব লাগে। যদি কোনো ৰাষ্ট্ৰই তেনে ৰায় গ্ৰহণ নকৰে তেতিয়া নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰি তাক কাৰ্যকৰী কৰিবৰ কাৰণে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তেনেকৈ কোনো এটা বিষয় আদালতে বিচাৰ কৰাৰ কৰ্তৃত্ব আছেনে নাই, সেই বিষয়ে প্রশ্ন উত্থাপন হ’লে আদালতে সেই বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

(গ) পৰামৰ্শমূলক অধিকাৰ ক্ষেত্ৰ – আন্তর্জাতিক আদালতৰ ওপৰত পৰামৰ্শমূলক ক্ষমতা প্ৰদান কৰা হৈছে। আইন সংক্রান্ত বিষয়ৰ ক্ষেত্ৰত যদি সাধাৰণ সভা, নিৰাপত্তা পৰিষদ বা আন কোনো অংগই বা বিভাগে আন্তর্জাতিক আদালতৰ পৰা পৰামৰ্শ বিচাৰে তেতিয়া আন্তর্জাতিক আদালতে পৰামৰ্শ আগবঢ়াব লাগে। অৱশ্যে পৰামৰ্শ গ্ৰহণ কৰাতো বাধ্যতামূলক নহয়। অর্থাৎ আইনৰ দিশৰ ওপৰত ৰাষ্ট্ৰসংঘৰ কোনো অনুষ্ঠানে আন্তর্জাতিক আদালতৰ পৰা ব্যাখ্যা বিচাৰিলে আদালতে পৰামৰ্শ আগবঢ়ায়। ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ

কিছুমান বিশেষ অংগই — ILO, FAO, UNESCO, IBRD, WHO আদিয়ে ইয়াত আগভাগ লৈছে।

স্থান – বিশ্ব ৰাজনীতি আন্তর্জাতিক আদালতৰ ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ! যুদ্ধ বা বিশ্বযুদ্ধ সৃষ্টিৰ মূল কাৰক হিচাপে চিহ্নিত হয় আন্তর্জাতিক বিবাদ। কিন্তু আন্তঃৰাষ্ট্ৰীয় আদালতে এনে বিবাদ শান্তিপূর্ণভাৱে নিষ্পত্তি কৰাত সবল ভূমিকা ল’ব পাৰিছে। ১৯৭৩ চনৰ ফ্ৰান্সৰ নিউক্লিয়াৰ পৰীক্ষাৰ বিষয়, এংলো-নিউজেৰিয়ান, ইন্দো-পৰ্টুগীজ আদিৰ বিবাদত আন্তর্জাতিক ন্যায়ালয়ৰ ভূমিকা প্রশংসনীয়। গতিকে এনেদৰে দেখা যায় যে আন্তর্জাতিক আদালতে বিবাদ নিষ্পত্তিকৰণৰ জৰিয়তে বিশ্বত শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠাত বৰঙণি যোগাব পাৰিছে। এইক্ষেত্ৰত পাল্‌মাৰ আৰু পাৰ্‌কিন্সে (Palmer & Parkins) এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়— “The cases which have come before the Court are already numerous, thereby indicating that the court fills on important place in the international organisation of the society of States. Its special contribution is of course, in the area of furthering pacific settlement of International disputes of a legal nature and in giving opinions which may assist in the extension and development of international law and order.”

আন্তর্জাতিক ন্যায়িক প্রক্রিয়া ৰাজনীতিৰ পৰা মুক্ত হয়, ন্যায়িক পদ্ধতি যদি সৰলীকৰণ হয় আৰু বিশ্বৰ মানুহক প্রতিনিধিত্ব কৰিব পৰাকৈ বিচাৰপতিৰ সংখ্যা যথোপযুক্ত হয় তেতিয়া আন্তর্জাতিক আদালতৰ মান-মর্যাদা বৃদ্ধি পাব আৰু বিশ্ব শান্তি আৰু নিৰাপত্তাৰ ধাৰণা শক্তিশালী হৈ উঠিব।

৬। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ উদ্দেশ্য, ক্ষমতা আৰু কাৰ্য বৰ্ণনা কৰি ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা।

অথবা

বিশ্ব ৰাজনীতিত ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিষদ ৰাষ্ট্ৰসংঘৰ আন এক অন্যতম অংগ। যদিও ই প্রধান অংগ, বাস্তৱ ক্ষেত্ৰত ই সাধাৰণ সভাৰ এটা সহযোগী অনুষ্ঠানহে। ইয়াৰ কোনো আইন প্রণয়ন বা কাৰ্যনিৰ্বাহকৰ ক্ষমতা নাই। ই সাধাৰণ সভাৰ কৰ্তৃত্বৰ অধীনত নিজৰ দায়িত্ব পালন কৰিব লাগে। কিন্তু অর্থনৈতিক আৰু সামাজিক পৰিষদ গঠনৰ উদ্দেশ্য মহান— ‘ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহ সমাধান কৰা। ইয়াৰ উদ্দেশ্যবোৰ হৈছে –

(ক) বিশ্বৰ নিবনুৱাৰ সমস্যা দৃঢ় কৰি জনগণৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰা ৷

(খ) ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক, সামাজিক, স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা চলাব। শিক্ষা-সংস্কৃতি আদি বিষয়ৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। আৰু

(গ) জাতি-ধর্ম-বর্ণ-নির্বিশেষে সকলো ৰাষ্ট্ৰৰ লোকে সমান মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।

ক্ষমতা আৰু কাৰ্যাৱলী – ওপৰৰ উদ্দেশ্যসমূহৰ ভিত্তিত পৰিষদে ভালেমান কাম-কাজ কৰাৰ দায়িত্ব পাইছে (ৰাষ্ট্ৰসংঘৰ চনদৰ ৬২-৭২ অনুচ্ছেদ)।

(ক) পৰিষদে বিশ্বৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আন সংশ্লিষ্ট বিষয়ৰ ওপৰত অধ্যয়ন চলাই তাৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা, সদস্য ৰাষ্ট্ৰ, বিশেষ অংগ আদিলৈ পৰামৰ্শ আগবঢ়াব পাৰে।

(খ) পৰিষদে ইয়াৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত আন্তর্জাতিক সন্মিলন আহ্বান কৰিব পাৰে।

(গ) ৰাষ্ট্ৰসংঘৰ বিশেষ অংগসমূহৰ কাম-কাজৰ মাজত সমন্বয় ৰক্ষা কৰিব লাগে। প্রয়োজন মৰ্মে কোনো বিশেষ অংগৰ লগত সাধাৰণ সভাৰ অনুমোদন সাপেক্ষে চুক্তি সম্পাদন কৰিব পাৰে।

(ঘ) পৰিষদে কিছুমান খচৰা-নিয়মাৱলী প্ৰস্তুত কৰি সাধাৰণ সভাত দাখিল কৰিব পাৰে।

(ঙ) পৰিষদৰ আন এক দায়িত্ব হৈছে বিশেষ অংগ- সংস্থাসমূহৰ পৰা প্ৰতিবেদন গ্রহণ কৰি পৰীক্ষা কৰিব লাগে, প্রয়োজনবোধে তেনে প্রতিবেদন সাধাৰণ সভাত দাখিল কৰিব পাৰে; বিভিন্ন আয়োগ গঠন কৰিব পাৰে আৰু আনকি নিৰাপত্তা পৰিষদৰ কাম-কাজতো সহায় আগবঢ়াব পাৰে।

এনেধৰণে অর্থনৈতিক আৰু সামাজিক পৰিষদৰ হাতত ভালেমান কাৰ্য দিয়া হৈছে। এনেধৰণৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ভালেমান আঞ্চলিক আয়োগ আৰু আন আন আয়োগো আছে। আয়োগসমূহৰ উপৰি ইয়াৰ ভালেমান কমিটিও আছে।

ভূমিকা, স্থান বা মূল্যায়ন – বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাত এহাতে নিৰাপত্তা পৰিষদৰ বিশেষ ভূমিকা থকাৰ দৰে আনহাতে অর্থনৈতিক আৰু সামাজিক পৰিষদৰো বিশেষ ভূমিকা আছে। বিশ্বযুদ্ধৰ ভয়ৰ পৰা বিশ্বই পৰিত্ৰাণ পালেও আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা নিশ্চিত নহ’ব যদিহে বিশ্বৰ জনগণে অভাৱ-অনাটন-আন আন সমস্যাসমূহৰ পৰা পৰিত্ৰাণ নাপায়। এই উদ্দেশ্য আগত ৰাখিয়ে গঠিত হোৱা অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ বৰ্তমানে যথেষ্ট কাম-কাজৰ দায়িত্ব আছে। ইয়াৰ কাম-কাজ বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ সংগঠনো বিশাল আকৃতিৰ ৰূপ লৈছে। ই ৰাষ্ট্ৰসংঘৰ সকলো অংগৰ ভিতৰত বৃহৎ আৰু জটিল। বিশ্বৰ জনগণৰ আৰ্থিক সামাজিক, স্বাস্থ্য, শিক্ষা আদিৰ উন্নয়নেৰে বিশ্ব মানৱক এক মর্যাদাপূর্ণ জীৱন প্ৰদানৰ প্ৰচেষ্টাৰে অৰ্থনৈতিক আৰু সামাজিক পৰিষদে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখাত এক বুনিয়াদ ৰচনা কৰিবলৈ সক্ষম হৈছে।

পিচে অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কাম-কাজ সমালোচনাৰ উৰ্ধত নহয়। ইয়াৰ বিষয়সংক্রান্ত কামৰ ক্ষেত্ৰত আধিপত্যৰ ৰাজনীতি, শীতল যুদ্ধৰ ৰাজনীতি আদিয়ে ইয়াৰ কাম-কাজত বিধি পথালি নিদিয়াকৈ থকা নাছিল। কিন্তু বর্তমানে সামাজিক আৰু অৰ্থনৈতিক পৰিষদে বিশ্বৰ মানৱক এক সুখকৰ উন্নত জীৱন দানত বিশেষ ভূমিকা ল’ব পাৰিছে। পালমাৰ আৰু পাৰকিনছৰ মতে সাম্প্ৰতিক কালৰ ৰাজনৈতিক সমস্যাতকৈ এই পৰিষদে সমাধান কৰা সমস্যাবোৰক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা উচিত। নৰমান এল. হিলৰ মন্তব্যও প্রনিধানযোগ্য—”The makers of the charter of the United Nations left no doubt as to the importance which they attached to the economic and social bases of an orderly world………..”

৭। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতিসমূহ কি কি? ব্যাখ্যা আগবঢ়োৱা।

অথবা

কি কি উদ্দেশ্য সাধনৰ বাবে ৰাষ্ট্ৰসংঘ গঠন হৈছিল? ৰাষ্ট্ৰসংঘৰ নীতিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ বিশ্ব ৰাজনীতিত জাতিসংঘৰ পিছত ৰাষ্ট্ৰসংঘ গঠন হয়। দ্বিতীয় বিশ্বযুদ্ধ ৰোধত জাতিসংঘ দুর্বল বুলি প্রমাণিত হোৱাৰ পৰিণামস্বৰূপে বিশ্বৰ নেতাসকলে এক নতুন আন্তর্জাতিক সংগঠনক ‘ৰাষ্ট্ৰসংঘ’ শক্তিশালী ৰূপত জন্ম দিছিল। সেয়ে জাতিসংঘৰ তুলনাত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য-নীতি বহলমুখী হৈছিল। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যবোৰ ৰাষ্ট্ৰসংঘ চনদৰ ১ নং অনুচ্ছেদত আৰু নীতিসমূহ চনদৰ ২ নং অনুচ্ছেদত লিখা আছে।

উদ্দেশ্য – ৰাষ্ট্ৰসংঘ চনদৰ প্ৰস্তাৱনাৰ আদৰ্শসমূহক অনুসৰণ কৰি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ অংকিত কৰা হয়। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য চাৰিটা এনে ধৰণৰ—

(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। যদি কোনো ৰাষ্ট্ৰই শান্তি ভংগৰ ভাবুকি দিয়ে তাক সামূহিকভাৱে আৰু ফলপ্রসূভাৱে বাধা প্ৰদান কৰিব। সেইদৰে আন্তর্জাতিক বিবাদ সৃষ্টি হ’লে তাক শান্তিপূর্ণভাৱে মীমাংসা কৰিব।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভেটিত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত বন্ধুত্ব স্থাপনৰ বাবে চেষ্টা চলাব।

(গ) আন্তর্জাতিক সহায়-সহযোগিতাৰ ভেটিত বিশ্বৰ অৰ্থনৈতিক, সামাজিক, মানৱীয় আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু জাতি-ধৰ্ম-বৰ্ণ-নিবিশেষে যাতে সকলো শ্ৰেণীৰ লোকে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।

(ঘ) উল্লিখিত উদ্দেশ্যসমূহ কাৰ্যকৰী কৰিব কাৰণে ৰাষ্ট্ৰসংঘই সমন্বয় ৰক্ষাকাৰী কেন্দ্ৰ হিচাপে কাম কৰিব।

ৰাষ্ট্ৰসংঘৰ মূল নীতি – ৰাষ্ট্ৰসংঘৰ মূল নীতি হৈছে সাতটা, সেইবোৰ হ’ল—

(ক) এই সংগঠন বিশ্বৰ সকলো ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত প্ৰতিষ্ঠা হ’ব। অৰ্থাৎ ইয়াৰ সকলো সদস্য ৰাষ্ট্ৰক সমান বুলি গণ্য কৰা যাব।

(খ) সকলো সদস্য ৰাষ্ট্ৰই চনদত উল্লেখ থকা দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিব।

(গ) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ সদস্য নোহোৱা ৰাষ্ট্ৰবিলাকে চনদৰ নিয়মসমূহ যাতে মানি চলে তাৰ প্ৰতি লক্ষ্য ৰাখিব।

(ঘ) সকলো সদস্য ৰাই তেওঁলোকৰ মাজত উদ্ভৱ হোৱা বিবাদসমূহ শান্তিপূর্ণভাৱে মীমাংসা কৰিব যাতে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ভংগ নহয় ৷

(ঙ) সদস্য ৰাষ্ট্ৰবোৰে কোনো ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা ভংগ হ’ব পৰা আন্তর্জাতিক কাম-কাজৰ পৰা বিৰত থাকিব।

(চ) চনদ অনুসৰি ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰবোৰে ৰাষ্ট্ৰসংঘক প্রয়োজনীয় সহায় আগবঢ়াব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰাৰ পৰা বিৰত থাকিব। আৰু

(ছ) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। অৱশ্যে ভীতি প্ৰদৰ্শন বা আক্ৰমণৰ ভীতি আদি কাৰণত ৰাষ্ট্ৰসংঘই কোনো এখন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ থাকিব।

এনেধৰণেৰে ৰাষ্ট্ৰসংঘক বিশ্বৰ এক উল্লেখযোগ্য সংগঠন হিচাপে গঢ় দিয়া হৈছে। আন্তর্জাতিক সংগঠনৰ ইতিহাসত ই এক বলিষ্ঠ সংগঠন। সমগ্র মানৱ জাতিৰ চকুত ই এক সার্বজনীন প্রয়োজনীয় অত্যাৱশ্যকীয় অনুষ্ঠান হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top