United Nations And Global Conflicts Unit 2 The Specialised Agencies

United Nations And Global Conflicts Unit 2 The Specialised Agencies Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, United Nations And Global Conflicts Unit 2 The Specialised Agencies Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. United Nations And Global Conflicts Unit 2 The Specialised Agencies Question Answer can be of great value to excel in the examination.

United Nations And Global Conflicts Unit 2 The Specialised Agencies

Join Telegram channel

United Nations And Global Conflicts Unit 2 The Specialised Agencies Notes cover all the exercise questions in UGC Syllabus. The United Nations And Global Conflicts Unit 2 The Specialised Agencies provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাষ্ট্ৰসংঘৰ বিশেষ অংগসমূহ

POLITICAL SCIENCE

UNITED NATIONS AND GLOBAL CONFLICTS

অতি চমু প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰসংঘৰ সৰ্বাধিক কাৰ্যালয় থকা চহৰখনৰ নাম কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ ইয়র্ক চহৰ।

২। ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সর্বাধিক কার্যালয় ক’ত আছে?

উত্তৰঃ চুইজাৰলেণ্ডৰ জেনেভা চহৰত।

৩। ৰাষ্ট্ৰসংঘৰ বিশেষ অংগৰ সংখ্যা কিমান?

উত্তৰঃ ১৫ টা (২০২১ চন)।

৪। ৰাষ্ট্ৰসংঘৰ জন্মৰ আগৰে পৰা ইয়াৰ কোনটো বিশেষ অংগই কাম কৰি আছিল?

উত্তৰঃ আন্তর্জাতিক শ্রমিক সংঘ (ILO- International Labour Organisation)।

৫। ৰাষ্ট্ৰসংঘৰ প্ৰথম বিশেষ অংগ হিচাপে কাৰ স্বীকৃতি আছে?

উত্তৰঃ আন্তর্জাতিক শ্রমিক সংঘ, 1946।

৬। আন্তর্জাতিক শ্রমিক সংঘৰ সদৰ কাৰ্যালয় ক’ত?

উত্তৰঃ চুইজাৰলেণ্ডৰ জেনেভা চহৰত।

৭। কোন আন্তর্জাতিক চুক্তি মর্মে আন্তর্জাতিক শ্রমিক সংঘ প্রথমে গঠন হৈছিল?

উত্তৰঃ পেৰিচ শান্তি চুক্তি, ১৯১৯।

৮। ৰাষ্ট্ৰসংঘৰ কোনটো বিশেষ অংগ আটাইতকৈ পুৰণি?

উত্তৰঃ আন্তর্জাতিক শ্রমিক সংঘ।

৯। বর্তমান আন্তর্জাতিক শ্রমিক সংঘৰ সদস্য কিমান?

উত্তৰঃ ১৮৬।

১০। আন্তর্জাতিক শ্রমিক সংঘৰ প্ৰধান লক্ষ্য কি?

উত্তৰঃ ইয়াৰ প্ৰধান লক্ষ্য হৈছে শ্ৰমিকৰ কামৰ অধিকাৰ আৰু ইয়াৰ সা-সুবিধা বৃদ্ধি কৰা, উপযুক্ত কর্ম সংস্থাপনত উৎসাহ যোগোৱা, সামাজিক নিৰাপত্তাত আৰু কৰ্ম সংক্রান্তত সহায় আগবঢ়োৱা।

১১। আন্তর্জাতিক শ্রমিক দিৱস কোন তাৰিখে পালন হয়?

উত্তৰঃ ১ মে’।

১২। UNESCO ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰঃ The United Nations Education Scientific and Cultural Organisation (ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন)।

১৩। UNESCOৰ সদৰ কাৰ্যালয় ক’ত আছে?

উত্তৰঃ ফ্ৰান্সৰ পেৰিচ চহৰত ।

১৪। কোন চনত UNESCO য়ে ৰাষ্ট্ৰসংঘৰ বিশেষ অংগ বুলি স্বীকৃতি পায়?

উত্তৰঃ ১৪ ডিচেম্বৰ, ১৯৪৬।

১৫। কিমান সদস্যৰে UNESCO গঠিত হয়?

উত্তৰঃ বর্তমানে ১৯৩ সদস্য ৰাষ্ট্ৰৰ উপৰি আন ১১ সহযোগী সদস্যৰে গঠিত।

১৬। UNESCOৰ সদস্য পদ ত্যাগ কৰা এখন ডাঙৰ ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়ে ২০১৮ চনৰ ৩১ ডিচেম্বৰত সদস্য পদ উঠাই লৈছিল।

১৭। UNESCOৰ মাতৃ সংগঠন বুলি কাক কোৱা যায়?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদক (ECOSOC)।

১৮। UNESCOত ৰাষ্ট্ৰসংঘৰ সদস্যৰ বাহিৰে আন দেশে ইয়াৰ সদস্য পদ পাব পাৰেনে?

উত্তৰঃ পাৰে।

১৯। UNESCO ৰ জন্মত কোন জন ব্যক্তিৰ বৰঙণি সৰ্বাধিক?

উত্তৰঃ ব্ৰিটিছ শিক্ষামন্ত্ৰী ৰাব বাট্‌লাৰ (Rab Butler)।

২০। UNESCOৰ উত্তৰসূৰী সংগঠন কোনটো?

উত্তৰঃ জাতিসংঘৰ বৌদ্ধিক সহযোগিতাৰ আন্তর্জাতিক কমিটি।

২১। World Heritage Committee ৰাষ্ট্ৰসংঘৰ কোনটো বিশেষ অংগৰ ভিতৰুৱা বিষয়?

উত্তৰঃ UNESCO।

২২। UNESCO ৰ নিজৰ চৰকাৰী সংগঠন এটাৰ নাম লিখা?

উত্তৰঃ আন্তর্জাতিক বিশ্ববিদ্যালয় সংস্থা বা আন্তর্জাতিক বিজ্ঞান পৰিষদ।

২৩। বহনক্ষম বিকাশৰ লক্ষ্য (SDG-Sustainable Development Goals) কিমান চনত ৰাষ্ট্ৰসংঘই লৈছিল?

উত্তৰঃ সাধাৰণ সভাই ২০১৫ চনত লৈছিল।

২৪। চৰকাৰীভাৱে বিশ্ব স্বাস্থ্য সংগঠন (WHO-World Health Organisation) জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ৭ এপ্রিল, ১৯৪৭।

২৫। বিশ্ব স্বাস্থ্য সংগঠনৰ প্ৰধান কাৰ্যালয় ক’ত আছে?

উত্তৰঃ চুইজাৰলেণ্ডৰ জেনেভা চহৰত।

২৬। বিশ্ব স্বাস্থ্য সংগঠনৰ জন্মৰ আৰু বৰ্তমানৰ সদস্য কিমান?

উত্তৰঃ প্ৰতিষ্ঠাপক সদস্যৰ সংখ্যা ২৬ আৰু বৰ্তমানৰ ১৯৩ সহ দুই সহযোগী সদস্য ৰাষ্ট্ৰ।

২৭। বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ ৭ এপ্রিল।

২৮। বিশ্ব স্বাস্থ্য সংগঠনৰ ভিতৰত কোন শ্রেষ্ঠ?

উত্তৰঃ বিশ্ব স্বাস্থ্য সভা (World Health Assembly)।

২৯। বিশ্ব স্বাস্থ্য সংগঠনলৈ কোন ৰাষ্ট্ৰই সৰ্বাধিক বৰঙণি আগবঢ়ায়?

উত্তৰঃ জার্মানী।

৩০। বিশ্ব স্বাস্থ্য সংগঠনৰ মূল লক্ষ্য কি?

উত্তৰঃ ইয়াৰ মূল লক্ষ্য হৈছে বিশ্বৰ সকলো মানুহৰ বাবে সু-স্বাস্থ্য প্ৰদান কৰা ।

৩১। বিশ্ব স্বাস্থ্য সংগঠনে কেতিয়া ‘সকলোৰে বাবে স্বাস্থ্য’ (Health for all) ঘোষণা কৰিছিল?

উত্তৰঃ ১৯৮১ চনত।

৩২। বিশ্ব স্বাস্থ্য সংগঠনৰ প্ৰস্তাৱনাত কি উদ্দেশ্যৰ কথা কোৱা হৈছে?

উত্তৰঃ সকলোৰে বাবে সু-স্বাস্থ্য।

৩৩। ভাৰতবৰ্ষৰ এখন স্বাস্থ্য আঁচনিৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (NRHM)।

৩৪। UNICEF – ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ The United Nations International Children’s Emergency Fund (ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক শিশু আকস্মিক নিধি)।

৩৫। কোন চনত (UNICEF) গঠন হৈছিল?

উত্তৰঃ ১১ ডিচেম্বৰ, ১৯৪৬।

৩৬। কোন চনৰ পৰা UNICEF ৰ পৰা International আৰু Emergency শব্দ দুটা পৰিহাৰ হয়?

উত্তৰঃ ১৯৫৩ চনৰ পৰা।

৩৭। UNICEF ৰ প্ৰধান কার্যালয় ক’ত?

উত্তৰঃ আমেৰিকাৰ নিউ ইয়র্ক চহৰত।

৩৮। প্রতিষ্ঠা সময়ৰ UNICEF ৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ দ্বিতীয় মহাযুদ্ধত ক্ষতিৰ সন্মুখীন হোৱা শিশু আৰু মাতৃসকলক সোনকালে উদ্ধাৰ কৰা।

৩৯। UNICEF ৰ বৰ্তমান লক্ষ্য কি?

উত্তৰঃ শিশুৰ অধিকাৰ ৰক্ষা কৰা আৰু ইয়াৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰা।

৪০। শান্তিৰ ন’বেল বঁটা পোৱা ৰাষ্ট্ৰসংঘৰ এক বিশেষ অংগৰ নাম লিখা।

উত্তৰঃ UNICEF, ১৯৬৫।

৪১। UNICEF ৰ এক বেচৰকাৰী অন্তর্জাতিক সংগঠনৰ নাম লিখা।

উত্তৰঃ ‘Save the Children’।

৪২। UNICEF ৰ কাৰ্যসূচীৰ অনুৰূপ ভাৰতৰ দুখন আঁচনিৰ নাম কি?

উত্তৰঃ ১। সংহত শিশু উন্নয়ন, ২। পলিঅ’ নিৰ্মূলকৰণ আঁচনি বা জল বিপ্লৱ।

৪৩। শিশু কল্যাণৰ লগত জড়িত থকা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা।

উত্তৰঃ ১। Child Rights and You (CRY) আৰু ২। Smile Foundation.

৪৪। ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ (UNDP-United Nations Development Programme) ৰ আৰম্ভণি কেতিয়া হৈছিল?

উত্তৰঃ ২২ নৱেম্বৰ, ১৯৬৫।

৪৫। UNDP ৰ সদৰ কাৰ্যালয় কত?

উত্তৰঃ আমেৰিকাৰ নিউ ইয়র্ক চহৰত।

৪৬। UNDP ৰ মাতৃ সংগঠন কোনটো?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।

৪৭। UNDP ৰ এটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ সকলো প্ৰকাৰৰ দৰিদ্ৰতা দূৰ কৰা।

৪৮। বিশ্বৰ ভিতৰতে কাৰ অতি স্বচ্ছ উন্নয়ন অভিকৰণ হোৱাৰ সুনাম আছে?

উত্তৰঃ UNDP ৰ।

৪৯। UNDPৰ কাৰ্যবাহী পৰিষদ’ কিমান সদস্যৰে গঠিত?

উত্তৰঃ বিশ্বৰ ৩৬ খন দেশৰ প্ৰতিনিধিৰে গঠিত।

৫০। ‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ (UNEP- United Nations Environment Programme) কেতিয়া সৃষ্টি হয়?

উত্তৰঃ ৫ জুন, ১৯৭২।

৫১। “বিশ্ব পৰিৱেশ দিৱস’ কোন তাৰিখত হয়?

উত্তৰঃ ৫ জুন।

৫২। ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক পৰিবেশ সম্পৰ্কীয় আঁচনিখনৰ নাম কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি।

৫৩। বিশ্বৰ কোন চহৰত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ মুখ্য কাৰ্যালয় আছে?

উত্তৰঃ কেন্যাৰ নাইৰ’বি চহৰত।

৫৪। কোনখন আন্তর্জাতিক আলোচনাৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিবেশ আঁচনি’ৰ জন্ম হয়?

উত্তৰঃ চুইডেনৰ ষ্টকহ’ম চহৰত হোৱা ‘মানৱ পৰিৱেশ সম্পৰ্কীয় আলোচনা ১৯৭২।

৫৫। ১৯৭২ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সম্বন্ধীয়’ অধিবেশনত ভাৰতে ভাগ লৈছিলনে?

উত্তৰঃ লৈছিল।

৫৬। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ৰ মুৰব্বী কাক কোৱা হয়?

উত্তৰঃ কাৰ্যবাহী পৰিচালক।

৫৭। ‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ৰ জন্মদাতা কোন?

উত্তৰঃ সাধাৰণ সভা।

৫৮। ‘ধৰিত্ৰী সম্মিলন’ কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৯২ চনত।

৫৯। শৰনাৰ্থীৰ বাবে ৰাষ্ট্ৰসংঘৰ উচ্চায়ুক্ত’ (UNHCR- United Nation High Commissioner for Refugees) কেতিয়া সৃষ্টি হয়?

উত্তৰঃ ১৪ ডিচেম্বৰ, ১৯৫০ চনত।

৬০। ৰাষ্ট্ৰসংঘৰ কোনটো বিশেষ অংগৰ সুনামৰ বাবে দুবাৰকৈ শাস্তিৰ ন’বেল বঁটা পায়?

উত্তৰঃ UNHCR (১৯৫৪ আৰু ১৯৮১ চনত)।

৬১। ইন্দিৰা গান্ধী পুৰষ্কাৰ ৰাষ্ট্ৰসংঘৰ কোন অংগই লাভ কৰে?

উত্তৰঃ UNHCRয়ে ২০১৫ চনত।

৬২। UNHCR ৰ প্ৰধান লক্ষ্য কি?

উত্তৰঃ বিশ্বৰ শৰনাৰ্থীসকলৰ অধিকাৰ আৰু কল্যাণ ৰক্ষা কৰা।

৬৩। ৰাষ্ট্ৰসংঘৰ কোন অংগৰ সিদ্ধান্ত মৰ্মে UNHCRৰ জন্ম হয়?

উত্তৰঃ সাধাৰণ সভা।

৬৪। শৰণাৰ্থী মানে কি?

উত্তৰঃ যুদ্ধৰ ভয়ত বা প্রাকৃতিক দুৰ্যোগৰ বাবে বা ৰাজনৈতিক হাৰাশাস্তিৰ বাবে যিসকল লোক অন্য দেশলৈ গুচি যায় তেওঁলোকক শৰণাৰ্থী বুলি কোৱা হয়।

৬৫। ১৯৭২ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সম্বন্ধীয় আলোচনা চক্রই কি সিদ্ধান্ত লৈছিল?

উত্তৰঃ এই আন্তর্জাতিক আলোচনা চক্ৰই মানুহৰ স্বাভাৱিক জীৱন-যাত্ৰাৰ বাবে প্ৰয়োজনীয় পৰিৱেশক সুৰক্ষা দিয়া আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছিল।

চমু প্রশ্নোত্তৰঃ

১। পৰিৱেশৰ মূল উপাদান দুটা কি?

উত্তৰঃ জৈৱিক (গছ-গছনি, জীৱ-জন্তু, কীট-পতংগ) আৰু অজৈৱিক (বায়ু, পানী, ৰশ্মি) উপাদান।

২। অস্বাস্থ্যকৰ পৰিৱেশ সম্বন্ধীয় আন্তর্জাতিক আলোচনা চক্ৰখন কোন চনত হৈছিল?

উত্তৰঃ ২০১৮ (৩০ অক্টোবৰ – ০১ নৱেম্বৰ)।

৩। বিশ্বৰ পৰিবেশ অস্বাস্থ্যকৰ হোৱাৰ কাৰবোৰ কি?

উত্তৰঃ মূল কাৰকবোৰ হ’ল—বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ, ৰাসায়নিক বিক্রিয়া, শব্দ প্ৰদূষণ আদি।

৪। মানৱ অধিকাৰৰ লগত জড়িত দুটা বেচৰকাৰী আন্তর্জাতিক অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ (ক) Amnesty International আৰু 

(খ ) Human Rights Watch.

৫। জলবায়ু পৰিবৰ্তন সম্বন্ধীয় কিঅটো সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল আৰু কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল?

উত্তৰঃ ১৯৯৭ চনত গৃহীত হয় আৰু ২০০৫ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হয়।

৬। UNHCR ৰ মুৰব্বী কোন আৰু তেওঁক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ ইয়াৰ মুৰব্বী উপায়ুক্ত আৰু তেওঁক সাধাৰণ সভাই নিযুক্তি দিয়ে।

৭। ভাৰতৰ দুখন শিশু বিকাশ আঁচনিৰ নাম লিখা।

উত্তৰঃ ১) সংহত শিশু বিকাশ আঁচনি। আৰু 

২) মধ্যাহ্ন ভোজন আঁচনি।

৮। পৰিৱেশ সংৰক্ষণৰ বাবে গঢ়ি উঠা বিশ্বৰ কেইটামান আন্দোলনৰ নাম লিখা।

উত্তৰঃ ফিলিপাইনচৰ‘সেউজ সংগঠন’, ভাৰতৰ চিপকো আন্দোলন, নর্মদা বচাও আন্দোলন আৰু অসমৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন।

৯। পৰিৱেশ প্ৰদূষণ নিয়ন্ত্রক বিষয়ক ভাৰতৰ দুখন আইনৰ নাম লিখা।

উত্তৰঃ পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ) আইন ১৯৭৪ আৰু পৰিৱেশ (সুৰক্ষা) আইন—১৯৮৬।

১০। জৈৱ বৈচিত্ৰতা সংৰক্ষণ বিষয়ক ভাৰতৰ দুখন আইনৰ নাম লিখা।

উত্তৰঃ (ক) বন (সংৰক্ষণ) আইন— ১৯৮০ আৰু (খ) অসম বনৰীয়া হাতী সংৰক্ষণ (সংশোধিত) আইন— ১৯৫৯।

১১। চিপকো আন্দোলন আৰু নর্মদা আন্দোলনৰ নেতা দুগৰাকী কোন?

উত্তৰঃ চিপকো আন্দোলনৰ নেতা— সুন্দৰ লাল বহুগুন আৰু নৰ্মদা বচাও আন্দোলনৰ নেতা— মেধা পাটেকাৰ।

১২। বিশ্বৰ কোন কোন শ্ৰেণীৰ কল্যাণৰ লগত UNHCR জড়িত?

উত্তৰঃ বিশ্বৰ শৰনাৰ্থী, আভ্যন্তৰীণভাৱে বিতাড়িত আৰু বৰ্তমানে প্রবজিত লোকৰ কল্যাণৰ বাবে UNHCR ক দায়িত্ব দিয়া হৈছে।

১৩। শৰনাৰ্থী আৰু প্ৰবজনকাৰী একে নে?

উত্তৰঃ নহয়। দুয়োৰে মাজত পাৰ্থক্য আছে। প্ৰবজনকাৰী মানে হৈছে উন্নত জীৱনৰ সন্ধানত নিজৰ দেশ এৰি আন দেশলৈ যোৱা লোক আৰু শৰনাৰ্থী মানে হৈছে ৰাজনৈতিক হিংসাঅত্যাচাৰৰ বাবে নিৰাপত্তা বিচাৰি অন্য দেশলৈ যোৱা লোক।

১৪। আমাৰ দেশত আভ্যন্তৰীণভাৱে বিতাড়িত হৈ থকা দুটা সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ জন্ম-কাশ্মীৰৰ কাশ্মীৰী পণ্ডিত আৰু অসমৰ কোকৰাঝাৰ জিলাৰ আদিবাসী আৰু মুছলিম লোক।

১৫। শৰনাৰ্থী সমস্যা তীব্রতৰ কৰা বিশ্বৰ কেইখনমান ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ তলৰ দেশবোৰ শৰনাৰ্থী সমস্যাৰ বাবে ঘাইকৈ দায়ী যেনে— ছিৰিয়া, চ’মালিয়া, কচোভো, আফগানিস্তান, ইৰাক, পাকিস্তান, ম্যানমাৰ, লেবানন, কংগো আদি।

১৬। UNHCRৰ কামত সহযোগিতা আগবঢ়োৱা ৰাষ্ট্ৰসংঘৰ চাৰিটা অংগৰ নাম লিখা।

উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিষদ, মানৱ অধিকাৰৰ উপায়ুক্ত, বিশ্ব বেংক, খাদ্য আৰু কৃষি সংগঠন।

১৭। ভাৰতত শ্রমিক কাক বোলা হয়?

উত্তৰঃ দেশৰ অৰ্থনীতিত নিয়োজিত হোৱা ব্যক্তিক শ্রমিক বোলা হয়। কায়িক আৰু মানসিক পৰিশ্ৰম কৰা আটাইবোৰ ব্যক্তিকে শ্রমিক নামেৰে কোৱা যায়। ২০২০ চনত ভাৰতত এনে শ্রমিকৰ সংখ্যা ৫০.১ কোটি আৰু ইয়াৰ বাবে ভাৰত চীনৰ পিচতে দ্বিতীয় বৃহৎ সংখ্যক শ্রমিক থকা ৰাষ্ট্ৰ।

১৮। শ্রমিকৰ শ্ৰেণীবোৰৰ নাম কি?

উত্তৰঃ শ্ৰমিকৰ শ্ৰেণীবোৰ হ’ল –

(ক) কায়িক আৰু মানসিক শ্রমিক।

(খ) দক্ষ আৰু অদক্ষ শ্রমিক। আৰু

(গ) উৎপাদনশীল আৰু অনুৎপাদনশীল শ্রমিক।

১৯। আন্তর্জাতিক শ্রমিক সংঘৰ কন্‌ভেন্সনৰ ১৮২ নংৰ অৰ্থ কি?

উত্তৰঃ বিপদজনক কামত শিশু শ্রমিক ৰোধৰ বাবে ১৯৯৯ চনত এই অধিবেশন বহিছিল আৰু সিদ্ধান্ত লোৱা হৈছিল যে আন্তর্জাতিক শ্রমিক সংঘৰ সদস্যসকলে ততাতৈয়াকৈ আইনগত ব্যৱস্থা ল’ব।

২০। আন্তর্জাতিক শ্রমিক সংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ এই সংগঠনৰ দুটা উদ্দেশ্য হৈছে—

(ক) বিশ্বৰ শ্ৰমিকসকলৰ অৱস্থাৰ উন্নতিৰ হকে চেষ্টা চলোৱা।

(খ) এই লক্ষ্যক অনুসৰণ কৰি সকলো আন্তর্জাতিক আর্থিক আৰু বিত্তীয় নীতিসমূহ পৰীক্ষা কৰা আৰু বিবেচনা কৰা।

২১। আন্তর্জাতিক শ্রমিকৰ ফিলাডেলফিয়া আলোচনা চক্ৰৰ সিদ্ধান্তসমূহ কি আছিল?

উত্তৰঃ (ক) শ্ৰম কেতিয়াও পণ্য হ’ব নোৱাৰে।

(খ) উন্নয়নৰ বাবে ভাব প্রকাশ আৰু সংঘবদ্ধ হোৱাৰ অধিকাৰ প্ৰয়োজনীয়।

(গ) দৰিদ্ৰতা উন্নয়নৰ ডাঙৰ প্ৰতিবন্ধক।

(ঘ) অভাৱৰ বিৰুদ্ধে যুঁজিবলৈ শ্ৰমিক, মালিক আৰু চৰকাৰী পক্ষই গণতান্ত্রিক পদ্ধতিৰে অহৰহভাৱে কাম কৰি যাব।

২২। UNESCO ৰ প্ৰধান লক্ষ্য কি?

উত্তৰঃ ইয়াৰ প্ৰধান লক্ষ্য হৈছে শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰত সহযোগিতা স্থাপন কৰি দৰিদ্ৰতা দূৰ কৰা আৰু বহনক্ষম বিকাশৰ উন্নতি ঘটাই বিশ্বত শান্তি আৰু নিৰাপত্তাৰ বাতাৱৰণ সুস্থ কৰি ৰখা।

২৩। UNESCO ৰ অধীনৰ উল্লেখযোগ্য আন্তর্জাতিক দিৱসৰ নাম লিখা।

উত্তৰঃ (ক) ৮ মাৰ্চ— আন্তর্জাতিক নাৰী দিৱস।

(খ) ৫ জুন – বিশ্ব পৰিৱেশ দিৱস।

(গ) ১২ আগষ্ট— আন্তর্জাতিক যুৱ দিৱস।

(ঘ) ১৫ চেপ্টেম্বৰ— আন্তর্জাতিক গণতন্ত্র দিৱস।

(ঙ) ২১ চেপ্টেম্বৰ— আন্তর্জাতিক শান্তি দিৱস।

(চ) ২ অক্টোবৰ— আন্তর্জাতিক অহিংসা দিৱস।

২৪। UNESCO ৰ দুবিধ কাৰ্যৰ নাম লিখা।

উত্তৰঃ UNESCO ৰ কাৰ্য দুটা হ’ল –

(ক) জ্ঞানৰ গৱেষণা আৰু বিস্তাৰ সাধন কৰা।

(খ) শিক্ষাক সার্বজনীন কৰি তোলা আৰু সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা ।

২৫। বিশ্ব স্বাস্থ্য সংগঠনৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ সংবিধানৰ প্ৰস্তাৱনাত থকা দুটা উদ্দেশ্য এনেধৰণৰ—

(ক) জাতি, ধর্ম, ৰাজনীতি, অর্থনীতি আৰু সামাজিক অৱস্থা নির্বিশেষে সকলো মানুহ সু-স্বাস্থ্যৰ অধিকাৰী হোৱা।

(খ) স্বাস্থ্য মানে হ’ব শাৰীৰিক, মানসিক আৰু সামাজিক কল্যাণৰ পূৰ্ণ অৱস্থাৰ এক প্রাপ্তি।

২৬। বিশ্ব স্বাস্থ্য সংগঠনৰ সদস্যপদ কিমান?

উত্তৰঃ এই সংগঠনৰ সদস্যপদ সকলো ৰাষ্ট্ৰৰ বাবে মুকলি থাকে। সেয়ে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ ইয়াৰ সদস্য হোৱাৰ উপৰি আন দুই সহযোগী ৰাষ্ট্ৰ আছে। বর্তমান ইয়াৰ মুঠ সদস্য ১৯৩+ ২ = ১৯৫।

২৭। বিশ্ব স্বাস্থ্য সম্বন্ধীয় দুটা বেচৰকাৰী আন্তর্জাতিক সংস্থাৰ নাম লিখা।

উত্তৰঃ (ক) IFRC – International Federation of Red Cross আৰু

(খ) CARE-Cooperative for Assistance and Relief Everywhere.

২৮। বিশ্ব স্বাস্থ্য সংগঠনৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ নাম লিখা।

উত্তৰঃ (ক) মেলেৰীয়া ৰোগ নিয়ন্ত্ৰণ কৰা।

(খ) মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ যতন।

২৯। UNICEF ৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ UNICEF ৰ দুটা উদ্দেশ্য হ’ল–

(ক) শিশুৰ জীৱন ৰক্ষা কৰা। আৰু

(খ) শিক্ষাৰ অধিকাৰ নিশ্চিত কৰা, শিশুৰ সম্পূৰ্ণ বিকাশ সাধন কৰা।

৩০। শিশুৰ মৌলিক মানৱ অধিকাৰবোৰ কি কি?

উত্তৰঃ শিশুৰ মৌলিক মানৱ অধিকাৰবোৰ হৈছে –

(ক) খাদ্যৰ অধিকাৰ।

(খ) বস্ত্ৰৰ অধিকাৰ।

(গ) বাসস্থানৰ অধিকাৰ।

(ঘ) শিক্ষাৰ অধিকাৰ।

(ঙ) স্বাস্থ্যৰ অধিকাৰ। আৰু

(চ) মনোৰঞ্জনৰ অধিকাৰ।

৩১। UNICEF ৰ ৰাজহ উৎস কোনবোৰ?

উত্তৰঃ ইয়াৰ ৰাজহৰ প্ৰধান উৎসবোৰ হৈছে সদস্য ৰাষ্ট্ৰৰ বৰঙণি আৰু স্বেচ্ছামূলক বৰঙণিসমূহ। তদুপৰি বিশ্বৰ ২৬ খন উন্নত দেশত থকা ইয়াৰ জাতীয় কমিটিয়ে ব্যক্তিগত খণ্ডৰ বিভিন্ন কৰ্তৃপক্ষৰ পৰা অৰিহণা সংগ্ৰহ কৰে।

৩২। UNICEF কেনেকৈ পৰিচালিত হয়?

উত্তৰঃ UNICEF ৰ কাম-কাজ পৰিচালনাৰ বাবে এখন কাৰ্যবাহী পৰিষদ (Executive Board) আছে। ই ৩৬ জন সদস্যৰে গঠিত আৰু তেওঁলোকক ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে নির্বাচন কৰে। তেওঁলোকৰ মাজত এজন সভাপতি আৰু ৪ জন উপসভাপতি থাকে।

৩৩। ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ মূল লক্ষ্য কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য হৈছে উন্নয়নশীল দেশৰ বিকাশত সৰ্বোতপ্ৰকাৰে সহায় কৰা। আন্তর্জাতিকভাৱে বহনক্ষম বিকাশৰ লক্ষ্য সাধনৰ কামত জড়িত থাকি দৰিদ্ৰতা দূৰীকৰণ, এইডছ নিয়ন্ত্রণ, গণতান্ত্রিক সুশাসন, শক্তি আৰু পৰিৱেশ আৰু সামাজিক উন্নয়নৰ বিকাশ সাধন কৰিব।

৩৪। ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ মুখ্য প্রশাসকক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ এই আঁচনিৰ মুৰব্বীজনক ‘প্রশাসক’ (Administrator) বুলি কোৱা হয়৷ তেওঁক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ৪ বছৰৰ বাবে নিযুক্তি দিয়ে। অৱশ্যে এই নিযুক্তিত সাধাৰণ সভাৰ সন্মতি লাগিব । পদমর্যদাৰ ফালৰ পৰা ৰাষ্ট্ৰসংঘৰ তৃতীয় শীর্ষ প্রশাসক। এওঁৰ স্থান ৰাষ্ট্ৰসংঘৰ সচিব প্রধান আৰু উপসচিব প্রধানৰ পিছতে। তেওঁক সহায় কৰাৰ কাৰণে সহযোগী আৰু সহায়কাৰী প্ৰশাসক থাকে। তদুপৰি তেওঁ ৰাষ্ট্ৰসংঘৰ বহনক্ষম বিকাশ গ্ৰুপৰ উপ-সভাপতিও।

৩৫। ৰাষ্ট্ৰসংঘৰ বিকাশ গ্রুপ (UM Development Group) সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ১৯৯৭ চনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে এই গ্ৰুপ সৃষ্টি কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল দেশীয় পৰ্যায়ত ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনিৰ পাৰদৰ্শিতা বৃদ্ধি কৰা। ইয়াৰ কাম হৈছে উন্নয়নৰ কামত কাম কৰি থকা গোটসমূহৰ মাজত সমন্বয় সাধন কৰা, উন্নয়ন আঁচনিৰ বিকাশ সধা, আঁচনি ৰূপায়ণ কৌশল ৰচনা কৰা, উন্নয়নৰ ফলাফল বিচাৰ কৰা, সহস্ৰবাদ বিকাশৰ লক্ষ্য সিদ্ধিত সহায় কৰা আদি। ৩২ টা ৰাষ্ট্ৰসংঘৰ অভিকৰণে এই গ্ৰুপৰ সদস্য হৈ আছে আৰু উন্নয়নৰ কামত লাগি আছে।

৩৬। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ লক্ষ্য কি?

উত্তৰঃ ১৯৭২ চনত স্থাপিত এই আঁচনিৰ মূল লক্ষ্য হৈছে আঞ্চলিক আৰু বিশ্বৰ পৰিৱেশৰ যতন লোৱা যাতে বিশ্বৰ মানুহে ভৱিষ্যতে এক সুন্দৰ জীৱন ভোগ কৰিব পাৰে। ইয়াৰ বাবে ইয়াৰ মূল কাম হ’ব – 

(ক) দেশীয়, আঞ্চলিক আৰু বিশ্ব স্তৰৰ পৰিৱেশ অৱস্থা মূল্যায়ন কৰা। 

(খ) আন্তর্জাতিক চুক্তি কাম কৰা। আৰু 

(গ) উচিত পৰিৱেশ ব্যৱস্থাপনাৰ অনুষ্ঠানসমূহ শক্তিশালী কৰা।

৩৭। পৰিৱেশ মানে কি আৰু ইয়াৰ গুৰুত্ব কি?

উত্তৰঃ পৃথিৱীক আৱৰি থকা জৈৱিক আৰু অজৈৱিক উপাদানৰ সমষ্টিয়ে হৈছে পৰিৱেশ। পৃথিৱী হৈছে সকলো জীৱৰ আশ্রয়স্থল। ইয়াৰ সকলোৰে খাদ্য, পানী, বায়ু আদিৰ দৰে আৱশ্যকীয় বস্তুৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। যদি পৰিৱেশ দুষিত হয় বা উপাদানসমূহৰ ভাৰসাম্য হ্রাস হয় তেতিয়া মানুহকে ধৰি আন জীৱ পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব। সেয়ে প্ৰতিজন ব্যক্তিয়ে আমাৰ পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ দৰকাৰ।

৩৮। বিশ্বৰ উমৈহতীয়া সম্পদ মানে কি?

উত্তৰঃ যিবোৰ বিষয়ৰ ওপৰত এজন ব্যক্তিৰ পৰিৱৰ্তে এটা সম্প্ৰদায়ৰ অধিকাৰ থাকে তাক বিশ্বৰ উমৈহতীয়া বোলে। পৃথিৱীৰ এনে কিছুমান বিষয়, অঞ্চল আৰু উপাদান আছে যিবোৰ এখন সার্বভৌম ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ ভিতৰত নপৰে। অৰ্থাৎ আন্তর্জাতিক সম্প্ৰদায়ৰ অধীনত থাকে। যেনে— বায়ুমণ্ডল, মহাকাশ, সাগৰ, এণ্টাৰটিকা মহাদেশ আদিবোৰ হৈছে বিশ্বৰ উমৈহতীয়া সম্পদ।

৩৯। বৈধ আৰু অবৈধ শৰণাৰ্থী মানে কি?

উত্তৰঃ যিসকলে ৰাজনৈতিক আশ্রয়ৰ বাবে আবেদন জনায় আৰু ৰাষ্ট্ৰসংঘৰ জৰিয়তে স্থায়ী সংস্থাপন বিচাৰে তেওঁলোক বৈধ শৰনাৰ্থী আৰু যিসকলে কৰ্তৃপক্ষক খবৰ নিদিয়াকৈ আন দেশত থাকিবলৈ লয় তেওঁলোকক অবৈধ শৰণাৰ্থী বুলি কোৱা হয়।

৪০। আন্তর্জাতিক শ্রমিক সংগঠনৰ গঠন বর্ণনা কৰা।

উত্তৰঃ এই সংগঠনৰ প্ৰধান অংগ তিনিটা। সেইবোৰ হ’ল– 

(ক) আন্তর্জাতিক শ্রমিক সন্মিলন।

(খ) পৰিচালনা সংস্থা। আৰু 

(গ) আন্তর্জাতিক শ্রমিক কার্যালয়। 

সন্মিলনত সদস্য ৰাষ্ট্ৰৰ ৪ জনকৈ প্ৰতিনিধি থাকে। ইয়াৰে দুজন চৰকাৰৰ, এজন শ্ৰমিকসকলৰ আৰু আন এজন নিয়োগকর্তাসকলৰ। ২/৩ অংশ সদস্যৰ সমৰ্থনেৰে ইয়াৰ সভাত সিদ্ধান্ত লোৱা হয়। পৰিচালনা সংস্থা আন্তর্জাতিক শ্রমিক সংগঠনৰ কাৰ্যনিৰ্বাহক হিচাপে দায়িত্ব পালন কৰে। ই ৪৮ জন সদস্যক লৈ গঠিত। ইয়াৰে ২৪ জন চৰকাৰৰ প্ৰতিনিধি, ১২ জন শ্রমিক চামৰ আৰু ১২ জন উদ্যোগ ব্যৱস্থাপনা পক্ষৰ। আন্তর্জাতিক শ্রমিক কার্যালয় এই সংগঠনৰ সচিবালয় হিচাপে কাম কৰে। এনেদৰে আন্তর্জাতিক শ্রমিক সংগঠনটোৱে তিনিটা অংগৰ জৰিয়তে ইয়াৰ কাম-কাজ পৰিচালনা কৰে।

৪১। আন্তর্জাতিক শ্রমিক সন্মিলনৰ দায়িত্ব কি?

উত্তৰঃ আন্তর্জাতিক শ্রমিক সংগঠনৰ তিনিটা বিভাগ আছে। ইয়াৰ প্ৰথম বিভাগটো হৈছে আন্তর্জাতিক শ্রমিক সন্মিলন। ইয়াক সাধাৰণ সভা বা এই সংগঠনৰ বিধানমণ্ডল বুলি ক’ব পাৰি। শ্রমিক সন্মিলনৰ মুখ্য কাৰ্য হৈছে শ্ৰমিকৰ জীৱন ধাৰণ মানদণ্ড, কামৰ মানদণ্ড আন্তর্জাতিকভাৱে নিৰূপণ কৰা। তদুপৰি সন্মিলনে পৰিচালনা সংস্থাৰ সদস্যসকলক নিৰ্বাচন কৰা, সংগঠনৰ বাৰ্ষিক বাজেট গ্ৰহণ কৰা, সদস্য ৰাষ্ট্ৰৰ শ্ৰমিক সম্পৰ্কীয় প্রতিবেদন পর্যালোচনা কৰা আদিৰ কাম-কাজ সম্পাদন কৰিব লাগে।

৪২। আন্তর্জাতিক শ্রমিক সংগঠনৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকুৱা?

উত্তৰঃ ভাৰতবৰ্ষই আন্তর্জাতিক শ্রমিক সংগঠনৰ জন্মৰ সময়ৰ পৰাই সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে। ১৯২২ চনতে ভাৰতে আন্তর্জাতিক শ্রমিক সংগঠনৰ গুৰুত্বপূৰ্ণ অংগৰ কামত অংশ গ্ৰহণ কৰাৰ সুবিধা পাইছিল। আন্তর্জাতিক শ্রমিক সংগঠনৰ মূল অংগ তিনিটাত ভাৰতৰ প্রতিনিধিয়ে কাম কৰাৰ সুবিধা পাইছে। ভাৰতৰ ৪ জন লোক শ্রমিক সন্মিলনৰ সভাপতি হ’ব পাৰিছে। তদুপৰি ৮ জন ভাৰতীয়ই ইয়াৰ উপসভাপতি হ’ব পাৰিছে। আন্তর্জাতিক শ্রমিক সংগঠনৰ পৰিচালনা সংস্থাটোত ভাৰতৰ ৪ জন ব্যক্তি সভাপতি হ’ব পাৰিছে । পৰিচালনা সংস্থাৰ আকৌ ভালেমান সমিতি আছে আৰু ইয়াৰ সমিতিসমূহত ভাৰতৰ প্ৰতিনিধি আছিল। আন্তর্জাতিক শ্রমিক কার্যালয়তো ভাৰতৰ কৰ্মচাৰীয়ে কাম কৰিব পাৰিছে।

আন্তর্জাতিক শ্রমিক সংগঠনৰ কাৰ্যালয়সমূহত ভাৰতবাসীৰ সক্রিয় অংশগ্রহণ থকাৰ উপৰি ইয়াৰ আন্তর্জাতিক আলোচনাসমূহত সন্মতি আছিল। এতিয়ালৈ ৪৭ খনতকৈ অধিক আলোচনা গৃহীত হয় আৰু ইয়াৰে ৪১ খনতে ভাৰতৰ সন্মতি আছে। গতিকে ভাৰতবৰ্ষ আন্তর্জাতিক শ্রমিক সংগঠনৰ এজন সক্রিয় সমর্থক।

তেনেকৈ ভাৰতবৰ্ষই নিজাকৈও শ্রমিক শ্ৰেণীৰ উৎকৰ্ষৰ বাবে ভালেমান ব্যৱস্থা হাতত লৈছে ৷ স্বাধীন ভাৰতৰ সংবিধানত শ্ৰমিকৰ কল্যাণৰ বাবে ইয়াৰ তৃতীয় আৰু চতুর্থ অধ্যায়ত কিছুমান অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছে আৰু ইয়াৰ আধাৰত ভালেমান আইন-কানুন, আঁচনি আদিৰ কাম চলি আছে।

৪৩। বিশ্ব স্বাস্থ্য সংগঠনৰ গঠন-প্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ বিশ্ব স্বাস্থ্য সংগঠনৰ তিনিটা প্রধান বিভাগ আছে। সেইবোৰ হ’ল –

(ক) বিশ্ব স্বাস্থ্য সভা – সকলো সদস্য ৰাষ্ট্ৰক লৈ এই সভা গঠিত হয়। ই সংগঠনৰ সাধাৰণ সভাৰ লেখিয়া। ইয়াৰ অধিৱেশন বছৰেকত এবাৰ বহে।

(খ) কার্যবাহী পৰিষদ – এই পৰিষদক বিশ্ব স্বাস্থ্য সংগঠনৰ কাৰ্যবাহী গোট বুলি আখ্যা দিয়া হয়। ই জন স্বাস্থ্য বিশেষজ্ঞকলৈ গঠিত। ই সম্পূৰ্ণৰূপে অৰাজনৈতিক আৰু কাৰিকৰী গোট।

(গ) সচিবালয় – বিশ্ব স্বাস্থ্য সংগঠনৰ দৈনন্দিন কাম-কাজ সচিবালয়ৰ জৰিয়তে সম্পাদিত হয়। ইয়াত বহুতো কৰ্মচাৰী থাকে। পৰিচালক প্ৰধানৰ অধীনত ইয়াৰ কাম-কাজ পৰিচালিত হয়। প্রধান তিনিটা অংগৰ বাহিৰেও ইয়াৰ ৬ টা আঞ্চলিক আৰু ১৫০ টা ক্ষেত্ৰ ভিত্তিক কার্যালয় আছে।

৪৪। বিশ্ব স্বাস্থ্য সভাৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ ই বিশ্ব স্বাস্থ্য সংগঠনৰ এক গুৰুত্বপূৰ্ণ তথা প্রথম অংগ। ই বিধানমণ্ডলৰ দৰে কাম কৰে। এই সভাত বিশ্ব স্বাস্থ্য সংগঠনৰ সকলো সদস্য, সদস্য হৈ থাকে। সদস্য ৰাষ্ট্ৰবোৰে ইয়ালৈ প্ৰতিনিধি পঠায়। ইয়াৰ অধিৱেশন বছৰেকত এবাৰ বহে। সভাত সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোটৰ অধিকাৰ থাকে।

বিশ্ব স্বাস্থ্য সভা বিশ্ব স্বাস্থ্য সংগঠনৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণ কৰ্তা। ইয়ে ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য অভিযানৰ সকলো আইন, নীতি, আঁচনি, প্ৰকল্পৰ চূড়ান্ত প্রণেতা। এই সভাই কাৰ্যবাহী পৰিষদৰ ৩৪ স্বাস্থ্য বিশেষজ্ঞক নির্বাচন কৰে আৰু কাৰ্যবাহী পৰিষদক পৰামৰ্শ আগবঢ়ায়। সভাই পৰিচালক প্ৰধানক নির্বাচন কৰে, বিশ্ব স্বাস্থ্য সংগঠনৰ বাজেট পাছ কৰে আৰু সুস্বাস্থ্যৰ বাবে আন ভালেমান কাম কৰিব লাগে। বিশ্বৰ সকলোৰে বাবে সু-স্বাস্থ্যকৰ জীৱন প্ৰদানত এই সভাই গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ সক্ষম হৈছে।

৪৫। বিশ্ব স্বাস্থ্য সংগঠনৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ চনদৰ ৫৫ নং অনুচ্ছেদে স্বাস্থ্যক বিশ্ব শান্তিৰ এক চৰ্ত হিচাবে গণ্য কৰিছিল । এই অনুসৰিয়ে বিশ্ব স্বাস্থ্য সংগঠনৰ সংবিধান গ্ৰহণ কৰা হয় আৰু সংবিধানৰ প্ৰস্তাৱনাত বিশ্ব স্বাস্থ্য সংগঠনৰ উদ্দেশ্যসমূহৰ উল্লেখ পোৱা যায়।

(ক) স্বাস্থ্য হৈছে মানুহৰ দৈহিক, মানসিক আৰু সামাজিক কল্যাণৰ পূৰ্ণতাৰ এক অৱস্থা; ই অকল বেমাৰহীনতা বা দুর্বলহীনতাক নুবুজায়।

(খ) জাতি, ধর্ম, ৰাজনৈতিক বিশ্বাস, অর্থনৈতিক আৰু সামাজিক অৱস্থা নির্বিশেষে এক উচ্চ মানদণ্ডৰ স্বাস্থ্য প্রাপ্তিয়ে মানুহৰ এক মৌলিক অধিকাৰ।

(গ) শান্তি আৰু নিৰাপত্তাৰ প্ৰাপ্তিত সকলোৰে বাবে স্বাস্থ্যই মৌলিক বুলি বিবেচিত হ’ব।

(ঘ) প্ৰস্তাৱনাই গুৰুত্ব দিয়া আন এক বিষয় হৈছে শিশুৰ স্বাস্থ্যসন্মত বিকাশ।

ওপৰৰ পৰা জনা যায় যে সকলোৰে বাবে সু-স্বাস্থ্যৰ ব্যৱস্থাই বিশ্ব স্বাস্থ্য সংগঠনৰ মূল উদ্দেশ্য।

৪৬। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ পাঁচটা উদ্দেশ্য লিখা।

উত্তৰঃ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি আৰু নিৰাপত্তাৰ ভাৱ শক্তিশালী কৰিব বিচাৰিছে আৰু এই লক্ষ্যত উপনীত হ’বৰ বাবে এই সংগঠনৰ জন্ম দিছে। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ পাঁচটা উদ্দেশ্য এনেধৰণৰ–

(ক) সকলোৰে বাবে জীৱনযোৰা তথা মানদণ্ড সম্পন্ন শিক্ষাৰ ব্যৱস্থা কৰা।

(খ) বহনক্ষম বিকাশৰ বাবে বিজ্ঞান শিক্ষাক সৱলীকৰণ কৰা।

(গ) সাম্প্ৰতিক সময়ৰ সামাজিক তথা নৈতিক প্ৰত্যাহ্বানৰ সৈতে পৰিচিত হোৱা।

(ঘ) বাৰেবৰণীয়া সংস্কৃতি তথা শান্তিৰ সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰা। আৰু

(ঙ) তথ্য আৰু যোগাযোগৰ মাধ্যমত জ্ঞানগর্ভ সমাজ প্রতিষ্ঠা কৰা।

এনেধৰণৰ উদ্দেশ্য আগত ৰাখি এই সংগঠনে বিশ্বৰ বিভিন্ন দেশৰ মাজত শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিব বিচাৰিছে।

৪৭। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ গঠন বর্ণনা কৰা।

উত্তৰঃ এই সংগঠনৰ তিনিটা প্ৰধান অংগ আছে। সেইবোৰ হ’ল—

(ক) সাধাৰণ সভা – সকলো সদস্য ৰাষ্ট্ৰৰ একোজন প্রতিনিধিকলৈ এই সভা গঠিত হয়। সভাত সদস্য ৰাষ্ট্ৰসমূহৰ এটাকৈ ভোটৰ অধিকাৰ থাকে। ইয়াৰ সভা বছৰেকত দুবাৰকৈ বহে। সাধাৰণ সভাই সংগঠনৰ সকলো কাম-কাজৰ ওপৰত আলোচনা কৰে আৰু ইয়াৰ বাজেট পাছ কৰিব লাগে।

(খ) কাৰ্যনিৰ্বাহক পৰিষদ – ৩৪ জন সদস্যৰে এই পৰিষদ গঠন হয় আৰু এই সদস্যসকলক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৪ বছৰৰ বাবে নিৰ্বাচন কৰে। প্ৰতিবছৰে ৬ জন সদস্যক নতুনকৈ নিৰ্বাচন কৰাৰ নিয়ম আছে।

(গ) সচিবালয় – শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ কাৰ্যপালিকা বুলি সচিবালয়ক কোৱা হয়। ইয়াৰ মুৰব্বী হৈছে সঞ্চালক প্ৰধান। তেওঁক সাধাৰণ সভাই ৪ বছৰৰ বাবে নিয়োগ কৰে । এই কাৰ্যালয়ৰ অধীনত কমেও ৭০০ কৰ্মচাৰীয়ে কাম কৰি আছে। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ কাম-কাজৰ বাবে সঞ্চালকে প্রধান দায়ী থাকে। 

এই তিনিটা প্রধান অংগৰ উপৰি মাণ্ডলিক কাৰ্যালয় আৰু প্ৰান্তীয় কার্যালয়, সমিতি আদি আছে।

৪৮। ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক শিশু আকস্মিক নিধিৰ গুৰুত্ব ক’ত? বর্ণনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এই সংগঠনৰ উদ্দেশ্য হৈছে বিশ্ব শিশুসকলৰ স্বাস্থ্য, পুষ্টিসাধন আৰু কল্যাণ সাধনৰ কামত সহায়-সহযোগিতা আগবঢ়োৱা। শিশুৰ পূৰ্ণ বিকাশৰ বাবে শিক্ষাৰ লগত জড়িত বিষয় যেনে – স্বাস্থ্য, শিক্ষা, কাৰিকৰী শিক্ষা, যতন আৰু পৰিপুষ্টি, কল্যাণ আদিৰ ব্যৱস্থা কৰা, চৰকাৰক তথ্যপাতিৰ যোগান ধৰা, কাৰ্যসূচী প্রণয়নত আৰু ৰূপায়ণত সহায় আগবঢ়োৱা আদি হৈছে এই সংগঠনৰ প্ৰধান কাম-কাজ। শিশু কল্যাণৰ ভালেমান আঁচনি থকা বিষয়বোৰ হৈছে – কেঁচুৱাৰ যতন আৰু পুষ্টিসাধন, বালক-বালিকাৰ বিকাশ, শিশু সুৰক্ষা, লিংগ সমতা, স্বাস্থ্য, শিক্ষা, ৰোগ নিয়ন্ত্ৰণ ইত্যাদি। এই আঁচনিসমূহ সম্পাদিত হোৱাৰ বাবে শকত ধনৰ প্ৰয়োজন হয় আৰু এনে ৰাজহ জমা হোৱাত বিশ্বৰ চৰকাৰসমূহৰ অৰিহণা থকাৰ উপৰি বেচৰকাৰী পক্ষৰ পৰাও ভালেখিনি বৰঙণি আহি আছে।

ৰাষ্ট্ৰসংঘৰ এই সংগঠনে মানৱ সমাজৰ নিষ্পেষিত শিশুসকলৰ কল্যাণ কামত ব্ৰতী হৈ তেওঁলোকৰ অধিকাৰসমূহ ৰক্ষা কৰিব পাৰিছে, জনতাৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰিছে, জৰুৰী অৱস্থাত বা বিপদৰ সময়ত উদ্ধাৰ কৰিব পাৰিছে, অৱহেলিত শিশুক সুন্দৰ জীৱন দিব পাৰিছে আৰু দেশৰ ভৱিষ্যৎ নাগৰিক হিচাপে গঢ় দিব পাৰিছে। এই সংগঠন সেৱা মানৱ জাতিৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু সংগঠনৰ পাৰদৰ্শিতাৰ বাবে শান্তিৰ ন’বেল বঁটা লাভ কৰিব পাৰিছে।

৪৯। ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক শিশু আকস্মিক নিধিৰ অৰ্থ আৰু উদ্দেশ্য কি? বহলাই লিখা।

উত্তৰঃ ১৯৩৩ চনত ‘ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক শিশু আকস্মিক নিধি’ৰ পৰা ‘আন্তর্জাতিক’ আৰু ‘আকস্মিক’ শব্দ দুটা পৰিহাৰ কৰা হয় আৰু বৰ্তমানে ইয়াক ‘ৰাষ্ট্ৰসংঘৰ শিশু নিধি’ বুলি জনা যায়। দ্বিতীয় বিশ্ব যুদ্ধৰ দুর্ভোগৰ বলি হৈ থকা শিশু আৰু মাতৃসকলক উদ্ধাৰ কৰা আৰু কল্যাণ সাধন কৰা লক্ষ্যৰে ৰাষ্ট্ৰসংঘই এই অনুষ্ঠানৰ জন্ম দিছিল। কিন্তু বিশ্বৰ অনুন্নত দেশৰ শিশু আৰু মাতৃসকলৰ অৱস্থা অতিকে শোচনীয় হৈ থকা বাবে তেওঁলোকৰ উন্নয়নৰো লক্ষ্য সাধিবলৈ অনুষ্ঠানটোৰ সংস্কাৰ ঘটোৱা হয় আৰু ইয়াক নতুন নাম দি ৰাষ্ট্ৰসংঘৰ এক স্থায়ী বিশেষ অংগ হিচাপে ৰখা হয়। গতিকে এই অনুষ্ঠানৰ প্ৰধান লক্ষ্য হৈছে বিশ্বৰ শোষিত, নিষ্পেষিত আৰু বঞ্চিত শিশু আৰু মাতৃসকলক উদ্ধাৰ কৰি এক উন্নত সভ্য জীৱন দান দিয়া। ইয়াৰ প্ৰধান উদ্দেশ্যবোৰ হৈছে– 

(ক) শিশুৰ জীৱন ৰক্ষা কৰা আৰু সুৰক্ষিত কৰা।

(খ) শিশুৰ অধিকাৰ নিশ্চিত কৰা।

(গ) শিশুৰ সম্পূৰ্ণ বিকাশ সাধন কৰা। 

(ঘ) মাতৃসকলৰ কল্যাণ বৃদ্ধি কৰা আদি। 

গতিকে তৃতীয় বিশ্বৰ দেশসমূহৰ অৱস্থা উন্নত নোহোৱা পর্যন্ত এই নিধিৰ আৱশ্যকতা তথা আদর্শসমূহ থাকি যাব।

৫০। ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ কাৰ্যবাহী পৰিষদ কেনেকৈ গঠিত হয় লিখা।

উত্তৰঃ বিশ্বৰ উন্নয়নৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ এই বিশেষ আঁচনিৰ ১৯৬৫ চনৰ ২২ নৱেম্বৰত জন্ম হয়। বিশ্ব উন্নয়নৰ কাম পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মজিয়াৰ পৰাই ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ এখন কাৰ্যবাহী পৰিষদ (Executive Board) গঠন হয়। ৩৬ দেশৰ প্ৰতিনিধিৰে এই পৰিষদ গঠন হয় আৰু তেওঁলোকক ৫ বছৰৰ বাবে নির্বাচন সাধাৰণ সভাই নির্বাচন কৰে। এই পৰিষদৰ প্ৰথম সভাত এজন সভাপতি আৰু আন ৪ জন উপসভাপতি হিচাপে এবছৰৰ বাবে নির্বাচিত হয়। কার্যবাহী পৰিষদ অধিৱেশন বছৰৰ আৰম্ভণীতে হয়। ইয়াৰ বিশেষ অধিৱেশনো পতাৰ নিয়ম আছে। ইয়াৰ সভাত বিশেষভাৱে আমন্ত্রিত সদস্যও উপস্থিত থাকিব পাৰে।

কাৰ্যবাহী পৰিষদত এজন প্রশাসক থাকে। তেওঁক সহায় কৰা বাবে সহযোগী প্ৰশাসক আৰু সহায়কাৰী প্ৰশাসক থাকে আৰু আন বহুতো কৰ্মচাৰীয়ে ইয়াত কৰ্মৰত হৈ থাকে।

৫১। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ৰ প্ৰশাসনীয় গাঠনি বর্ণনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ আন এক উল্লেখনীয় বিশেষ অংগ হৈছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি। ইয়াৰ কাম-কাজ পৰিচালনাৰ বাবে এখন কাৰ্যবাহী পৰিষদ আছে। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ এই সংগঠনৰ সদস্য। ৫৮ সদস্য ৰাষ্ট্ৰৰ প্রতিনিধিৰে ই গঠিত। পিচত অর্থাৎ ২০১২ চনত কাৰ্যবাহী পৰিষদৰ ঠাইত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সভা গঠন কৰা হয় আৰু ৰাষ্ট্ৰসংঘৰ আটাইবোৰ সদস্য (১৯৩) এই সভাৰো সদস্য হয়। ইয়াৰ অধিৱেশন বছৰেকত দুবাৰ বহে। এই সংগঠনৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াজনক কাৰ্যবাহী পৰিচালক বোলে৷ ইয়াৰ প্ৰথম পৰিচালক আছিল মৈৰিচ ষ্টং আৰু বৰ্তমানৰ জন হৈছে ইঞ্জাৰ এন্দাৰাচন (২০১৯) ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ কাম-কাজ ইয়াৰ ৮ টা ভাগেৰে সম্পাদিত হয়। সেইবোৰ হৈছে— বিজ্ঞান বিভাগ, নীতি আৰু আঁচনি বিভাগ, জীৱ ব্যৱস্থা বিভাগ, অর্থনীতি বিভাগ, শাসন পৰিক্ৰমাৰ কাৰ্যালয়, আইন বিভাগ, যোগাযোগ বিভাগ আৰু কৰ্পৰেট সেৱা বিভাগ।

৫২। বহনক্ষম বিকাশ বা উন্নয়নৰ লক্ষ্যসমূহ কি?

বা

Agenda 2030 মানে কি? বুজাই লিখা।

উত্তৰঃ বহনক্ষম বিকাশ (Sustainable Development) মানে হ’ল ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয় বিঘ্নিত নকৰাকৈ বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰিব পৰা উন্নয়নৰ এক ব্যৱস্থা। ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই বহনক্ষম বিকাশৰ লক্ষ্যসমূহ নিৰ্ধাৰণ কৰে আৰু ২০৩০ চনৰ ভিতৰত লক্ষ্যসমূহ পূৰণ কৰাৰ প্ৰস্তাৱ লয়। সাধাৰণ সভাৰ এই সিদ্ধান্তক ২০৩০ এজেন্দা (কাৰ্যসূচী) বা এজেন্দা ২০৩০ বুলি জনা যায়। এই কাৰ্যসূচীত ১৭ টা লক্ষ্য আছে (সেইবোৰ হ’ল — সকলো প্ৰকাৰৰ দৰিদ্ৰতা নিৰ্মূল, ‘ভোকগ্ৰস্ততা নির্মূল, সু-স্বাস্থ্য আৰু কল্যাণ, উন্নত শিক্ষা, লিংগ সমতা, পৰিষ্কাৰ পানী আৰু স্বাস্থ্যসম্মত জীৱন, সহজলব্ধ শক্তি, সুন্দৰ কৰ্ম আৰু আৰ্থিক বিকাশ, উদ্যোগৰ আৰু আন্তগাঠনি, বৈষম্য দূৰীকৰণ, বহনক্ষম নগৰ আৰু সমাজ, দায়বদ্ধ ভোগ আৰু উৎপাদন, জলবায়ু ৰক্ষন, সাগৰীয় জীৱ, ভূমিৰ জীৱ, শান্তি ন্যায়ৰ শক্তিশালী অনুষ্ঠান আৰু লক্ষ্যসমূহৰ সামূহিক অংশগ্রহণ।

এই লক্ষ্যসমূহ যথাযথভাৱে পূৰণৰ বাবে ভালেমান নিয়ন্ত্ৰণৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰে কিছুমান লক্ষ্য পূৰণৰ নিৰ্দিষ্ট সময়সীমা ধৰা হৈছে আৰু আন কিছুমান লক্ষ্য ২০৩০ চনৰ ভিতৰত পূৰণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

৫৩। বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য বৰ্ণনা কৰা ।

উত্তৰঃ প্রতিবছৰৰ ৫ জুন তাৰিখে সমগ্ৰ বিশ্বত ‘বিশ্ব পৰিৱেশ দিৱস’ পালন কৰা হয়। ১৯৭২ চনৰ ৫ জুন তাৰিখে ষ্টকহ’মত ‘মানৱ পৰিৱেশ’ সম্পৰ্কীয় আন্তর্জাতিক আলোচনা চক্ৰ হৈছিল আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব বিশ্বত প্রকাশ পাইছিল। ১৯৭৪ চনৰ ৫ জুনৰ পৰা প্ৰতিবছৰে বিশ্বই বিশ্ব পৰিৱেশ দিৱস পালন কৰি আহিছে। ইয়াৰ উদ্দেশ্য হৈছে কেনেকৈ পৃথিৱীক প্ৰদূষণ মুক্ত কৰিব পৰা যায় আৰু কেনেকৈ পৰিৱেশ সংৰক্ষণৰ বিষয়ে বিশ্বৰ জনগণৰ মাজত সজাগতা আনিব পৰা যায়। পৃথিৱীক ৰুগীয়া কৰিবলৈ ওলোৱা বায়ু প্ৰদূষণ, জল প্রদূষণ, মাটি প্রদূষণ, পাৰমানৱিক প্ৰদূষণ, জনসংখ্যা বিস্ফোৰণ, বনাঞ্চল ধ্বংস আৰু মৰুভূমিকৰণ ইত্যাদি সমস্যাৰ সৈতে গোটেই পৃথিৱীবাসী একত্ৰিতভাৱে যুঁজ দি অদূৰ ভৱিষ্যতে এক নিৰাপদ আৰু প্ৰাচুৰ্যৰে ভৰা পৃথিৱীত বাস কৰাৰ লক্ষ্যয়ে হৈছে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপর্য।

প্ৰতিটো বিশ্ব পৰিৱেশ দিৱসৰ একোটা মূল বিষয় থাকে। বিশ্বৰ প্ৰায় ৰাষ্ট্ৰই পৰিৱেশ সংৰক্ষণ বিষয়ক আইন, আঁচনি আদি গ্ৰহণ কৰিছে আৰু তদাৰক কৰাৰ বাবে অনুষ্ঠান-প্রতিষ্ঠান আদি প্ৰতিষ্ঠা কৰিছে। বিশ্ব পৰিৱেশ দিৱসত বিশ্বৰ জনগণে বাৰে বৰণীয়া কাৰ্যসূচী (যেনে— পদযাত্রা, চাইকেল ৰেলী, বৃক্ষৰোপন, চাফাই অভিযান, ৰচনা প্রতিযোগিতা, পোষ্টাৰ প্ৰতিযোগিতা ইত্যাদি)ৰে পৰিৱেশ সংৰক্ষণৰ ধাৰণাক শক্তিশালী কৰিব পাৰিছে।

৫৪। ৰিঅ’ সন্মিলন বা ধৰিত্ৰী সন্মিলন বা ভূ-সন্মিলনৰ বিষয়ে চমুকৈ লিখা। (Rio Summ)

উত্তৰঃ ৰিঅ’ সন্মিলন বিশ্ব ৰাজনীতিৰ পৰিৱেশ সম্পৰ্কীয় আলোচনাসমূহৰ ভিতৰত অন্যতম। এই সভা ৰাষ্ট্ৰসংঘৰ উদ্যোগত ১৯৯২ চনৰ ৩-১৪ জুনত ব্ৰাজিলৰ ৰিঅ’দি জেনেইৰ’ত অনুষ্ঠিত হৈছিল। ইয়াৰ উদ্দেশ্য আছিল পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ দেশসমূহৰ পাৰস্পৰিক সহযোগিতাৰে এক নতুন যুগৰ সূচনা কৰা। এই সন্মিলনৰ প্ৰধান বিষয়বোৰ আছিল তেজষ্ক্ৰিয় ৰাসায়নিক দ্ৰব্যৰ নিয়ন্ত্রণ, জৈৱিক ইন্ধনৰ বিকল্পৰ সন্ধান, যান-বাহনৰ ধোৱা নিয়ন্ত্রণ, বায়ু প্ৰদূষণ, পানীৰ নাটনি দুৰ ইত্যাদি। এই সম্মিলনত ১৭২ খন দেশৰ চৰকাৰী আৰু বেচৰকাৰী সংগঠনৰ ২৪০০ প্রতিনিধিয়ে যোগদান কৰে। এই সন্মিলনক ভূ-সন্মিলন বুলিও জনা যায়। সন্মিলনত বিশ্বৰ উত্তৰ অঞ্চল (উন্নত দেশ) আৰু দক্ষিণ অঞ্চল (অনুন্নত দেশ)ৰ মাজত পৰিৱেশ দূষিতকৰণ আৰু সংৰক্ষণ বিষয়ত মতভেদ সৃষ্টি হৈছিল যদিও শেষত ‘পৰিৱেশ আৰু উন্নয়নৰ ৰিঅ’ৰ ঘোষণা পত্ৰ ঘোষিত হয় আৰু উন্নয়ণৰ ২১ দফীয়া নীতি (Agenda 21) গৃহীত হয়। কিছুমান বিষয়ত মতভেদ থাকিলেও সকলোৱে কিন্তু ‘বহনক্ষম উন্নয়ন’ত একমত পোষণ কৰে। যিয়ে নহওঁখ ৰিঅ’ সন্মিলনে পৰিৱেশ সংৰক্ষণৰ বিষয়ত বিশ্বৰ সকলো দেশৰ দায়বদ্ধতাৰ কথা সোঁৱৰাই দিবলৈ সক্ষম হয়।

৫৫। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থীৰ উচ্চায়ুক্ত (United Nations High Commissioner for Refugees) ৰ গঠন বর্ণনা কৰা ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা এই আয়োগৰ জন্মদাতা আৰু সাধাৰণ সভা, অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ অধীনত এই আয়োগৰ কাম-কাজ পৰিচালিত হয়।

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ মুৰব্বীজন হৈছে উচ্চায়ুক্ত। তেওঁক সাধাৰণ সভাই নিযুক্তি দিয়ে। তেওঁৰ কাৰ্যকাল সাধাৰণতে ৫ বছৰ। তেওঁৰ কামত সহায় কৰাৰ বাবে এখন ‘কাৰ্যবাহী সমিতি’ থাকে। কাৰ্যালয়ৰ কামৰ বাবে উচ্চায়ুক্ত সাধাৰণ সভাৰ ওচৰত দায়ী থাকে আৰু প্ৰতিবছৰে তেওঁ বছৰেকীয়া প্রতিবেদন সভাৰ ওচৰত দাখিল কৰিব লাগে। উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কামত বহুতো কৰ্মচাৰী জড়িত হৈ থাকে। ২০১৮ চনৰ হিচাপ মতে ১৩৮ খন দেশত ১৬,৭৬৫ জন কৰ্মচাৰীয়ে ইয়াৰে কামত কাৰ্যনিৰ্বাহ কৰি আছে।

৫৬। শৰণাৰ্থী আৰু প্ৰব্ৰজনৰ নিউ ইয়র্ক ঘোষণা চমুকৈ (New York Declaration for Refugees and Migrants) লিখা।

উত্তৰঃ বিশ্বৰ শৰণাৰ্থীসকলৰ সমস্যা সমাধানৰ স্বাৰ্থত সাধাৰণ সভা, অর্থনৈতিক আৰু সামাজিক পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থীৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে ভালেমান সন্মিলিত প্রচেষ্টা চলাই আহিছে। তেনে এক উদাহৰণ হৈছে- ২০১৬ চনৰ ৰাষ্ট্ৰসংঘৰ এই শীর্ষ সন্মিলনখন। সাধাৰণ সভাৰ আহ্বান অনুষ্ঠিত এই সভাত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত, বিশ্ব বেংক, ড্ৰাগছ আৰু অপৰাধৰ কাৰ্যালয় আদিয়ে অংশগ্ৰহণ কৰিছিল আৰু শেষত শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীৰ নিউ ইয়র্ক ‘ঘোষণা পত্র’ গৃহীত হয়। এই ঘোষণাত ২০টা খচৰা নীতি অন্তৰ্ভুক্ত হয় ৷ সেইবোৰ হৈছে মানৱ অধিকাৰ, বৈষম্যহীনতা, উদ্ধাৰ আৰু সাহায্য, ন্যায়দান, সীমান্ত শাসন, প্রত্যাৱৰ্তন, হিংসা, আটক, পাৰিবাৰিক ঐক্য, শিশু প্ৰব্ৰজন, নাৰী প্ৰব্ৰজন, স্বাস্থ্যৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, জীৱন ধাৰণৰ মানদণ্ড, তথ্য অধিকাৰ, আন্তর্জাতিক সহযোগিতা আদি।

৫৭। শৰণাৰ্থী সমস্যাৰ কাৰকবোৰ কি কি লিখা।

উত্তৰঃ মানৱ নিৰাপত্তাত শৰণাৰ্থীৰ সমস্যা এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। দ্বিতীয় মহাসমৰৰ সময়ৰ পৰা এই সমস্যাই জটিল ৰূপ ল’বলৈ ধৰে আৰু এই সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰসংঘই ইয়াৰ এক উচ্চায়ুক্ত গঠন কৰি দিয়ে। দ্বিতীয় বিশ্ব যুদ্ধৰ অন্তৰৰ কিছু বছৰৰ ভিতৰতে এই সমস্যাৰ সমাধান হ’ব বুলি ভবা হৈছিল যদিও বাস্তৱ ক্ষেত্ৰত এই সমস্যা বেছিহে বৃদ্ধি হ’ল। শৰনাৰ্থীৰ সমস্যা সৃষ্টিত জড়িত থকা কাৰকবোৰ হৈছে–

বিশ্বযুদ্ধ, দুই দেশৰ মাজৰ যুদ্ধ, গৃহযুদ্ধ, শীতল যুদ্ধ, নিঃউপনিৱেশবাদৰ প্ৰভাৱ, ৰাজনৈতিক অস্থিৰতা, নৃ-গোষ্ঠীয় সংঘাত, দৰিদ্ৰতা আৰু প্ৰাকৃতিক দুৰ্যোগ। এইবিলাকৰ ভিতৰত যুদ্ধাই হৈছে মুখ্য কাৰণ। ১৯৯০ চনৰ পৰা ১৯৯৫ চনৰ মাজত পৃথিৱীৰ ৭০ খন দেশত ৯৩ খন যুদ্ধ তথা যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হৈছিল। ইয়াৰ ফলত লাখ লাখ লোক শৰণাৰ্থী হ’বলৈ পালে।

৫৮। সমন্বয়ক কেন্দ্ৰ হিচাপে ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ৰ ভূমিকা বর্ণনা কৰা।

অথবা

ৰাষ্ট্ৰসংঘৰ উন্নয়ন গ্রুপ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই সামাজিক, অর্থনৈতিক উন্নয়নৰ বহুতো কামত আগভাগ লৈছে। উন্নয়নৰ কাম-কাজ তত্ত্বাৱধান কৰিবলৈ ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ নামৰ এক সংস্থা আছে। এই আঁচনিয়ে ৰাষ্ট্ৰসংঘৰ সকলো উন্নয়নমূলক আঁচনিসমূহৰ মাজত সমন্বয় সাধন কৰিব লাগে আৰু সমন্বয়ক কেন্দ্ৰ হিচাপে ইয়াৰ বিশেষ গুৰুত্ব আছে। এই আঁচনিয়ে ৰাষ্ট্ৰসংঘৰ উন্নয়ন গ্ৰুপৰ সহায়েৰে উন্নয়নমূলক আঁচনিৰ কাম-কাজসমূহত নেতৃত্ব দিয়ে। এই গ্রুপৰ সভাপতিজন হৈছে ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ৰ প্ৰশাসকজন।

ৰাষ্ট্ৰসংঘৰ উন্নয়ন গ্রুপে বিভিন্ন আঁচনিৰ নীতিসমূহ প্ৰস্তুত কৰে, দেশসমূহৰ সমস্যা বিশ্লেষণ কৰে, আঁচনি ৰূপায়ণৰ কৌশল উদ্ভাৱন কৰে, আঁচনি ৰূপায়ণৰ ফলাফল বিচাৰ কৰে আৰু পৰিৱৰ্তনৰ বাবে উদ্যোগ গ্রহণ কৰে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন গ্ৰুপৰ এনে ধৰণৰ প্ৰচেষ্টাই অনুন্নত দেশসমূহক সহস্ৰবাদৰ উন্নয়নৰ লক্ষ্যসমূহ, বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ সফল হোৱাৰ দিশত ভালেখিনি সহায় কৰিব পাৰিছে। ৰাষ্ট্ৰসংঘৰ ৩২ টাকৈ অংগ এই গ্ৰুপৰ সদস্য আৰু এইবোৰেও উন্নয়নমূলক কামত সহায় আগবঢ়াইছে। এনেকৈ ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ সমন্বয়মূলক কামৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক আঁচনিসমূহৰ সফল ৰূপায়ণ সম্ভৱ হৈছে আৰু ইয়াৰ উন্নয়ন প্ৰশাসনৰ পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য সফল হোৱাত সহায় হৈছে।

৫৯। বিশ্ব স্বাস্থ্য সংগঠনত ভাৰতৰ ভূমিকা কি আছিল?

অথবা

বিশ্ব স্বাস্থ্য সংগঠন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক নির্ণয় কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বিশ্ব স্বাস্থ্য সংগঠনৰ সৈতে ভাৰতবৰ্ষই ওচৰ সম্পৰ্ক অটুট ৰাখি আহিছে। ১৯৪৮ চনৰ ১২ জানুৱাৰীত ভাৰতে বিশ্ব স্বাস্থ্য সংগঠনৰ সংবিধানত সমর্থন জনাইছে। ১৯৪৮ চনৰ ৪-৫ অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূৱ এছিয়াৰ মাগুলিক কমিটিৰ অধিৱেশন ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্রণালয়ত অনুষ্ঠিত হৈছিল। এই অধিৱেশনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী জৱাহৰলাল নেহেৰুৱে উদ্বোধন কৰিছিল। ভাৰতবৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ দেশীয় (Country Office) কার্যালয় দিল্লীত কাৰ্যনিৰ্বাহ কৰি আছে। এই কার্যালয়ে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ সহযোগিতাৰে ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সম্বন্ধীয় কাৰ্যাৱলী আগবঢ়াই লৈ যায়। 

এইক্ষেত্ৰত Country Cooperative Strategy (দেশীয় সহযোগীতাৰ কৰ্মকৌশল উপায়েৰে) বিশ্ব স্বাস্থ্য আঁচনি ৰূপায়ণত, পৰিকল্পনাত, গৱেষণাত, পৰিৱৰ্তনত আগভাগ ল’ব পাৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় নীতি— ২০১৭, আয়ুস্মান ভাৰত আদি ভাৰতত কাৰ্যকৰী হৈ আছে। সোঁচৰা, অসোঁচৰা, জটিল ৰোগৰ নিয়ন্ত্ৰণৰ চিতাকৰণ, ঔষধ আদিৰ আঁচনি, মাতৃ আৰু শিশু কল্যানৰ আঁচনি, সামাজিক স্বাস্থ্য উৎকৰ্ষৰ পানী যোগান আঁচনিক ধৰি আন ভালেমান আঁচনি, ৰাজহুৱা স্থানৰ পৰিষ্কাৰ-পৰিছন্নতাৰ আঁচনি, পৰিৱেশ প্ৰদূষণ ৰোধৰ আঁচনিকে ধৰি স্বাস্থ্য বিষয়ক বহুবোৰ আঁচনিৰ কাম ভাৰতত অব্যাহত আছে।

বিশ্ব স্বাস্থ্য সংগঠনত ছয়টা (আফ্রিকান অঞ্চলৰ গ্ৰুপ, আমেৰিকান অঞ্চলৰ গ্ৰুপ, ইউৰোপীয়ান অঞ্চলৰ গ্ৰুপ, ভূমধ্যসাগৰ পূৱ অঞ্চলৰ গ্ৰুপ, পশ্চিম প্রশান্ত অঞ্চলৰ গ্ৰুপ আৰু দক্ষিণ-পূৱ এছিয়া অঞ্চলৰ গ্ৰুপ) মণ্ডলৰ মাজৰ পৰাই প্ৰতি বছৰে এটা গ্ৰুপৰ পিছত আন এটা গ্রুপ বিশ্ব স্বাস্থ্য সংগঠনৰ কাৰ্যবাহী পৰিষদৰ সভাপতি হয়। Covid-19 মহামাৰীৰ সময়তে দক্ষিণপূৱ এছিয়াৰ মণ্ডলৰ হৈ ভাৰতৰ স্বাস্থ্য মন্ত্ৰী ডঃ হর্ষ বর্ধনে এই গুৰুত্বপূৰ্ণ অংগৰ সভাপতি পদৰ দায়িত্ব লয় ২০২০ চনৰ ২২ মে’ত। তদুপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ আন দুটা গুৰুত্বপূৰ্ণ (বাহ্যিক হিচাপ পৰীক্ষক আৰু মুখ্য বৈজ্ঞানিক) পদবীত ভাৰতীয়ই কাৰ্যনিৰ্বাহ কৰাৰ দায়িত্ব পাইছে। উল্লেখযোগ্য যে Covid-19ৰ পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংগঠনৰ কাম-কাজলৈ আমেৰিকাকে ধৰি ভালমান ৰাষ্ট্ৰই সমালোচনা আনিছিল আৰু ভাৰতবৰ্ষইও বিশ্ব স্বাস্থ্য সংগঠনৰ সংস্কাৰৰ হকে পৰামৰ্শ আগবঢ়াইছিল।

এনেদৰে দেখা যায় যে ভাৰতবৰ্ষই বিশ্ব স্বাস্থ্য সংগঠনৰ সকলো কাম-কাজতে সহায় আগবঢ়াই আহিছে । ইয়াৰ আন্তর্জাতিক আলোচনাসমূহত ভাগ লোৱা আঁচনি ৰূপায়ণ কৰা আৰু শকত পৰিমাণৰ আৰ্থিক বৰঙণি প্ৰদান কৰি বিশ্ব স্বাস্থ্য সংগঠনত এক সবল স্থিতি ল’বলৈ সক্ষম হৈছে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ  

১। আন্তর্জাতিক শ্রমিক সংগঠনৰ কাৰ্যসমূহ বর্ণনা কৰা৷

অথবা

আন্তর্জাতিক শ্রমিক সংগঠনৰ তাৎপৰ্য ব্যাখ্যা কৰা।

অথবা

বিশ্বৰ শ্রমিক জাতিৰ উন্নয়নত আন্তর্জাতিক শ্রমিক সংগঠনৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ আন্তর্জাতিক শ্রমিক সংগঠন ৰাষ্ট্ৰসংঘৰ ফালৰ স্বীকৃতিপ্রাপ্ত প্রথম বিশেষ অংগ। সমাজৰ এচাম (শ্রমিক) লোক প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকে তেতিয়া তেনে সমাজত কেতিয়াও শান্তি থাকিব নোৱাৰে। সেয়ে আন্তর্জাতিক শ্রমিক সংগঠনৰ সংবিধানৰ প্ৰস্তাৱনাত থকা বাক্যষাৰে বিশেষ তাৎপর্য বহন কৰিব পাৰিছে- “Universal and lasting peace can be established only if it is based upon social justice.” বিশ্বৰ শ্রমিক শ্ৰেণীৰ কল্যাণৰ জৰিয়তে আন্তর্জাতিক শ্রমিক সংগঠনে বিশ্বৰ শান্তি আৰু নিৰাপত্তাত অৰিহণা আগবঢ়াব পাৰিছে।

এই সংগঠনৰ মূল লক্ষ্য হৈছে বিশ্বৰ শ্ৰমিকসকলৰ অৱস্থাৰ উন্নতি সাধন কৰা 1 আন্তর্জাতিক শ্রমিক সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ ১৯৪৯ চনৰ ১৯ মে’ত গ্ৰহণ কৰা ফিলাডেলফিয়া ঘোষণাত অন্তৰ্ভুক্ত হৈ আছে। শ্রমিক নিযুক্তিৰ সম্পূৰ্ণ সুযোগ পোৱা আৰু মানদণ্ড সম্পন্ন জীৱন পোৱা, শ্রমিকে কর্মক্ষেত্ৰত উপযুক্তভাৱে সমূহীয়া কল্যাণত সেৱা কৰিব পৰা, শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ উৎকৰ্ষ সাধনত সহায় কৰা আৰু ত্ৰিপাক্ষিক চৰকাৰ-মালিক আৰু শ্রমিক) আলোচনা তথা সামাজিক আলোচনাৰ উৎকৰ্ষ সাধন কৰাই হৈছে এই সংগঠনৰ কামৰ মূল কৌশল।

শ্ৰমিকৰ কল্যাণৰ বাবে আন্তর্জাতিক শ্রমিক সংগঠনে তলৰ কাৰ্যসমূহ সম্পাদন কৰিব লাগে। সেইবোৰ হৈছে–

(ক) নিয়োগৰ সম্পূৰ্ণ সুযোগ আৰু শ্ৰমিক জীৱনৰ মানদণ্ড বৃদ্ধি কৰা ।

(খ) কামৰ পৰিৱেশ উপযুক্ত হোৱা আৰু কৰ্ম সম্পাদনৰে সামূহিক উন্নতিত সহায় কৰা।

(গ) শ্রমিক প্রশিক্ষণ আৰু বদলিকৰণ।

(ঘ) সেৱাৰ চৰ্তসমূহ নিৰ্ধাৰণ আৰু ইয়াৰ নীতিসমূহৰ কাম কৰা।

(ঙ) শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ অধিকাৰ স্বীকৃতি, শ্রমিক-মালিকৰ সহযোগিতামূলক ব্যৱস্থাপনা, সামাজিক আৰু অৰ্থনৈতিক নিৰাপত্তামূলক কামত শ্রমিক-মালিকৰ মাজত সদিচ্ছাৰ সৃষ্টিৰ কাম-কাজ।

(চ) শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ উৎকৰ্ষ সাধন।

(ছ) কর্মক্ষেত্ৰত শ্ৰমিকৰ জীৱন আৰু স্বাস্থ্যৰ সম্পূৰ্ণ সুৰক্ষা।

(জ) শিশু কল্যাণ আৰু মাতৃৰ সুৰক্ষাৰ নিয়ম-নীতি।

(ঝ) শ্ৰমিকৰ জিৰণী, আনন্দ আৰু সংস্কৃতিৰ বাবে পর্যাপ্ত সা-সুবিধাৰ ব্যৱস্থা কৰা৷ 

(ঞ) শিক্ষাৰ সা-সুবিধা নিশ্চিত কৰা।

(ট) শ্রমিক সংগঠন গঠন কৰাৰ নীতি।

(ঠ) সমান কামৰ বাবে সমান মজুৰীৰ নীতি ইত্যাদি।

এনেদৰে আন্তর্জাতিক শ্রমিক সংগঠনৰ হাতত বহুতো কামৰ দায়িত্ব দিয়া আছে। বিশ্বত শান্তি আৰু নিৰাপত্তা অটুট ৰখাৰ উদ্দেশ্যত শ্রমিক কল্যাণ বৰ্তমান বিশ্বৰ এক জৰুৰী বিষয় হৈ পৰিছে। শ্ৰমিকৰ কল্যাণৰ বাবে এই সংগঠনে বহুতো কাম (সংবিধান প্রণয়ন, আলোচনা, ঘোষণা, পৰামৰ্শ, মানৱ অধিকাৰ, শিশুৰ অধিকাৰ, মাতৃ কল্যাণ, শ্ৰমৰ মানদণ্ড, শ্ৰমিকৰ জীৱন-ধাৰণৰ মানদণ্ড, অর্থনৈতিক আৰু সামাজিক নিৰাপত্তা আদি)ত সক্রিয় ভূমিকা ল’ব লগা হৈছে। শ্রমিক শ্ৰেণীৰ হ’কে এনে কল্যাণমূলক কাম আগবঢ়াই নিবলৈ আন্তর্জাতিক শ্রমিক সংগঠনে চৰকাৰ, মালিক কৰ্তৃপক্ষ বা নিয়োগকর্তা, শ্রমিক নেতা বা সংস্থা, বেচৰকাৰী সংস্থা আদিৰ লগত আলোচনা কৰিব লাগে আৰু এই সকলোবিলাক পক্ষৰ পৰা সমৰ্থন পোৱাটো আৱশ্যক। এইবিলাকৰ সদিচ্ছা তথা সমর্থন নহ’লে শ্রমিক সমস্যা সমাধান হোৱাটো অসম্ভৱ। শিশু শ্রমিক বন্ধ হ’ব যদিহে মালিক পক্ষৰ সদিচ্ছা থাকে।

আন্তর্জাতিক শ্রমিক সংগঠনৰ আন এক ভূমিকা আছে আৰু সেয়া হৈছে সজাগতা সৃষ্টি কৰা। সজাগতা স্বতন্ত্ৰতাৰ চাবিকাঠী বুলি কোৱা হয়। সজাগতা যিমানেই শক্তিশালী হ’ব সিমানেই শ্ৰমিকৰ কল্যাণ নিশ্চিত হ’ব।

সেয়েহে বিশ্বত আন্তর্জাতিক শ্রমিক সংগঠনৰ ভূমিকা আৰু তাৎপৰ্য উল্লেখনীয়।

২। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন কাৰ্য আৰু ভূমিকাৰ বিষয়ে আলোচনা কৰা ।

অথবা

বিশ্বত ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ গুৰুত্ব কেনে ফহিয়াই আলোচনা কৰা ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ মূল লক্ষ্য হৈছে শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক বিষয়ত আন্তর্জাতিক সহযোগিতা বৃদ্ধিৰে বিশ্বত শান্তি আৰু নিৰাপত্তাৰ ভেঁটি শক্তিশালী কৰি তোলা। সংগঠনৰ ১৯৩ সদস্য, ১১ সহযোগী সদস্য, ১৯৯ জাতীয়, আয়োগ আৰু ৫৩ আঞ্চলিক ক্ষেত্ৰৰ কাৰ্যালয়ৰ সন্মিলিত প্রচেষ্টাৰে সংগঠনৰ মূল লক্ষ্য সফল কৰিবলৈ ইয়ে বহুতো কাৰ্য ব্যৱস্থা হাতত লৈছে। ইয়াৰ এক কৰ্ম আঁচনি আছে আৰু এই আঁচনিৰ কাম-কাজসমূহক ৫ টা ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ হ’ল— 

(ক) শিক্ষা।

(খ) প্রাকৃতিক বিজ্ঞান।

(গ) সামাজিক আৰু মানৱীয় বিজ্ঞান।

(ঘ) সংস্কৃতি। আৰু 

(ঙ) যোগাযোগ আৰু বা-বাতৰিৰ আদান-প্রদান।

এই সংগঠনে বিশ্বত সাক্ষৰতা প্ৰসাৰৰ বাবে, শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ উন্নয়নৰ বাবে, বিজ্ঞানৰ উন্নতিৰ বাবে, প্ৰেছৰ স্বাধীনতা ৰক্ষাৰ বাবে, কলা-সংস্কৃতিৰ ঐতিহ্য অটুট ৰাখিবলৈ ভালেমান আলোচনা চক্র, আঁচনি, প্রকল্প, কাৰ্যপন্থা আদিৰ কাম কৰি আহি আছে। Sustainable Development Goals, Global Education Agenda 2030, Education for All, Convention against Discrimination in education, Global Geopark Network, Biosphere Reserve, Endangered Language Project, Water Resource Management, World Heritage sites, World Digital Library, International Programme for the Development of Communication, আদি এনে ভালেমান আঁচনি, সভা-সমিতি, কাৰ্যপন্থাৰ যোগেদি ৰাষ্ট্ৰসংঘৰ শিক্ষা-বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনে বিশ্বত ন ন জ্ঞানৰ উন্মেষ ঘটাই আৰু ইয়াৰ প্ৰসাৰৰ জৰিয়তে বিশ্ব জনতাক ঐক্যৱদ্ধ কৰিবলৈ সক্ষম হয় আৰু বিশ্ব শান্তি আৰু নিৰাপত্তাৰ ভেঁটি শক্তিশালী হোৱাত যথেষ্ট সহায় কৰে।

এই সংগঠনৰ প্ৰধান কামবোৰ হৈছে –

(ক) শিক্ষাৰ বিকাশ আৰু প্ৰসাৰণ।

(খ) বিজ্ঞানসন্মত জ্ঞানৰ অনুসন্ধান আৰু গৱেষণা কৰা।

(গ) জাতিগত অন্ধবিশ্বাস দৃঢ় কৰা।

(ঘ) কলা-সংস্কৃতিৰ বিকাশ।

(ঙ) নিৰক্ষৰতা দৃঢ় কৰা।

(চ) মতামত বিনিময় কৰা।

(ছ) অনুন্নত দেশলৈ কাৰিকৰী তথ্য আৰু পৰামৰ্শ আগবঢ়োৱা ।

(জ) জাতীয় ঐতিহ্য, স্মৃতিৰ সংৰক্ষণৰ কাম কৰা ইত্যাদি।

এই সংগঠনৰ আন এক উল্লেখযোগ্য কাম হৈছে আন্তর্জাতিক দিৱস পালনৰ যোগেদি বিশ্বৰ জনতাক সচেতনশীল কৰি তোলা। এই সংগঠনৰ উদ্যোগত ভালেমান আন্তর্জাতিক দিৱস পালন কৰা হয়। আন্তর্জাতিক সাক্ষৰতা দিৱস – ৮ চেপ্তেম্বৰ, বিশ্ব শিক্ষক দিৱস – ৫ অক্টোবৰ, আন্তর্জাতিক পুৰুষ দিৱস— ১৯ নৱেম্বৰ, বিশ্ব প্ৰেছ দিৱস – ৩ মার্চ, আন্তর্জাতিক অহিংসা দিৱস— ২ অক্টোবৰ আদি এনে ধৰণৰ আন বহুতো দিৱস পৃথিৱীবাসীয়ে পালন কৰি আহিছে আৰু বিশ্ব শান্তিত ই সহায় কৰিব পাৰিছে।

তদুপৰি এই সংগঠনে শিক্ষা বিজ্ঞান আৰু সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবে বঁটা প্ৰদানৰ কাৰ্যসূচী লৈছে আৰু পুৰষ্কাৰ প্ৰদান জৰিয়তে সংগঠনৰ লক্ষ্য পূৰণ কৰিব বিচাৰে। কিছুমান বঁটাৰ নাম হৈছে— UNESCO Award for Women in Science, UN Literacy Prize, Kalinga Prize, UN Prize for Environmental preservation, UN Prize for the Promotion of a culture of Human Rights, World Press Freedom ইত্যাদি।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ কাম-কাজ অনেক আৰু ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হৈছে। বিশ্ব শান্তি আৰু নিৰাপত্তা নীতি শক্তিশালী হোৱাত ইয়াৰ ভূমিকাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। তথাপি ইয়াৰ কাম-কাজক লৈ সমালোচনাও নথকা নহয় ৷ কিছুমান ইয়াক সাম্যবাদী আৰু উন্নয়নশীল দেশৰ মঞ্চ বুলি ক’ব বিচাৰিলেও কিন্তু বিশ্বৰ ঐক্য সাধনাত এই সংগঠনৰ বলিষ্ঠ ভূমিকা আছে।

৩। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিৰ সংগঠনৰ সৈতে ভাৰতৰ সম্পর্ক নির্ণয় কৰা।

অথবা

UNESCO ৰ সম্পৰ্কত ভাৰতবৰ্ষৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ “Since wars begin in the minds of men; it is in the minds of men that the defences of peace must be constructed”. ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত বাক্যষাৰে সংগঠনটোৰ গুৰুত্ব বাৰুকৈয়ে প্ৰকাশ কৰিছে। এনেহেন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসংঘৰ সংগঠনটোৰ সৈতে ভাৰতবৰ্ষই প্রাকৃস্বাধীন কালৰে পৰা সু-সম্পর্ক বজাই ৰাখি আহিছে। ১৯৪৬ চনৰ ৪ নৱেম্বৰত ইয়াৰ সংবিধানত ভাৰতবৰ্ষই সন্মতি দিয়ে আৰু ভাৰত ইয়াৰ এজন প্ৰতিষ্ঠাপক সদস্য হয়। এই সংবিধানৰ দুই এটি আদর্শ স্বাধীন ভাৰতৰ সংবিধানৰ চতুর্থ অধ্যায়ত স্থান পায়। তদুপৰি ভাৰতৰ বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ, বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ আৰু বহু ভাষা-ভাষীৰ দেশ হিচাপে UNESCOৰ কাম-কাজত ইয়াৰ সক্রিয় অংশগ্রহণ আছে। ১৯৪৬ চনৰে পৰা UNESCOৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য হৈ আহিছে। 

ইয়াৰ সাধাৰণ পৰিষদত (General Conference) বহুবাৰ উপসভাপতি হৈছে। ভাৰত উন্নয়নশীল দেশ হৈও ইয়াৰ বাজেটলৈ শকত পৰিমাণৰ (৫ শতাংশ) ধন আগবঢ়াব পাৰিছে। ভাৰতত UNESCOৰ দুটা প্রধান কার্যালয় আছে। ইয়াৰে এটা হৈছে দক্ষিণ-পূৱ এছিয়াৰ ১১ খন দেশৰ বাবে আৰু আনটো হৈছে The Mahatma gandhi Institute of Education for Peace and Sustainable Development। ইয়াৰ উপৰি আন আন আঞ্চলিক কেন্দ্র আছে। আন এক উল্লেখযোগ্য অনুষ্ঠান হৈছে The National Commission for India’s Cooperation with UNESCO। ই UNESCO আৰু ভাৰতৰ মাজৰ সমন্বয়ক কেন্দ্ৰ । ইয়াৰ জৰিয়তে ভাৰতবৰ্ষত UNESCOৰ কাম-কাজ পৰিচালিত হয়। এই আয়োগৰ দায়িত্বত ভাৰত চৰকাৰৰ শিক্ষামন্ত্রী থাকে।

এনেধৰণে UNESCO ৰ সাংগঠনিক দিশত ভাৰতৰ ওচৰ সম্পৰ্ক থকাৰ দৰে ইয়াৰ সকলো কামতো ভাৰতৰ ভূমিকা পৰিলক্ষিত হয়। এই সংগঠনে শিক্ষা-বিজ্ঞান আৰু সাংস্কৃতিক বিকাশ আৰু প্ৰসাৰৰ জৰিয়তে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ ভেঁটি কটকটীয়া কৰাৰ উদ্দেশ্যেৰে যিবোৰ লক্ষ্য (যেনে— সকলোৰে বাবে গুণগত শিক্ষা, বহনক্ষম উন্নয়নৰ বাবে বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰ, সাম্প্ৰতিক সময়ৰ সামাজিক তথা নৈতিক প্ৰত্যাহ্বানৰ সৈতে পৰিচয়, সাংস্কৃতিক বিচিত্ৰতা আৰু শান্তিৰ সংস্কৃতি বজাই ৰখা, তথ্য আৰু যোগাযোগেৰে জ্ঞানলব্ধ সমাজ প্রতিষ্ঠা) নিৰ্ধাৰণ কৰা হৈছে আৰু তাৰ ৰূপায়ণৰ কামত ভাৰত নানা ধৰণে জড়িত হৈ আছে। ঠিক তেনেকৈ এছিয়াৰ নেতৃত্বত থকা ভাৰতে এই অঞ্চলৰ পিচপৰা শিক্ষাক সংস্কাৰৰ বাবে, বহনক্ষম উন্নয়নৰ বাবে আৰু শাক্তিৰ বাবে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ বাবে UNESCOৰ সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী পৰিষদলৈ সময়ে সময়ে পৰামৰ্শ আৰু আন আন প্ৰস্তাৱ আগবঢ়াই আহিছে। 

UNESCOৰ আন কিছুমান প্রচেষ্টা (যেনে-উত্তৰোত্তৰ 2015ৰ বিশ্বজনীন শিক্ষা কাৰ্যসূচী, শিশুৰ যতন আৰু শিক্ষা, কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ, মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা আদি) তো ভাৰতবৰ্ষই সহায়-সহযোগিতা আগবঢ়ায়। “Education is the most basic foundation for building lasting peace and sustainable development” আৰু এইক্ষেত্ৰত থকা ‘The Mahatma Gandhi Institute of Education for Peace and Sustainable Development’ ৰ কাৰ্যক্ৰমনিকা শলাগ ল’বলগীয়া। দক্ষিণ এছিয়াৰ সন্মিলনসমূহৰ উপৰিও UNESCOৰ আন্তর্জাতিক আলোচনা চক্ৰসমূহত ভাগ লৈ আছে। ভাৰত বিশ্ব ঐতিহ্য সমিতিৰ এজন সদস্য আৰু ভাৰতৰ সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ বিষয়ত ইয়ে বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। ভাৰতৰ ৪০ খন বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে UNESCOৰ স্বীকৃতি পায়। ঠিক তেনেকৈ তথ্য প্রযুক্তি বিদ্যাৰ বিকাশতো ভাৰতৰ সক্রিয় অংশগ্রহণ আছে আৰু ইয়াৰ এজন সদস্য হিচাপে যোগাযোগ বিকাশৰ বিভিন্ন কামকাজ (যেনে— বিশ্ব ৰেডিঅ দিৱস, Community Radio Programme, South Asia Network on Community Media)ত ভাৰতে সঁহাৰি জনাইছে।

UNESCOৰ নানান কামত ভাৰতৰ যোগদান থকাৰ উপৰিও UNESCOৰ আন্তর্জাতিক পৰ্যায়ৰ পুৰষ্কাৰসমূহৰ কামত, ইয়াৰ বিভিন্ন ক্ষেত্ৰৰ আসনসমূহত, বা UNESCOৰ দায়িত্বপূৰ্ণ বিভিন্ন কামত ভাৰতে সেৱা আগবঢ়াই আহিছে আৰু ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ উৎকৰ্ষত ইয়াৰ অশেষ অৰিহণা আছে।

এনেদৰে দেখা যায় যে UNESCOৰ কাম-কাজৰ সংখ্যা অনেক আৰু এই দীঘলীয়া কৰ্মৰাজিৰ পৰিক্ৰমাত ভাৰতে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে। শিক্ষা-বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য (বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা) বাস্তৱায়িত কৰিবলৈ UNESCOই যি যি কাম হাতত লৈছিল সেইবোৰত ভাৰতৰ ভূমিকা নিঃসন্দেহে মন কৰিবলগীয়া। সেয়ে UNESCO আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অতুলনীয়।

৪। বিশ্ব স্বাস্থ্য সংগঠন (WHO)ৰ কাৰ্যাৱলীৰ বিষয়ে এক আলোচনা আগবঢ়োৱা।

অথবা

বিশ্বত বিশ্ব স্বাস্থ্য সংগঠনৰ ভূমিকা নিৰ্ণয় কৰা।

উত্তৰঃ বিশ্ব স্বাস্থ্য সংগঠন ৰাষ্ট্ৰসংঘৰ এক উল্লেখনীয় বিশেষ অংগ। এই বিশেষ অংগৰ ওপৰতে বিশ্বৰ কৌটি কৌটি লোকৰ স্বাস্থ্য ৰক্ষাৰ দায়িত্ব অপৰ্ণ হয়। স্বাস্থ্য হৈছে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ এক মূল ভেঁটি। কগীয়া ব্যক্তিৰে সুস্থ বিশ্বৰ কথা ভাবিব নোৱাৰি। ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদে স্বাস্থ্যক বিশ্বৰ বন্ধুত্বপূৰ্ণ আৰু শান্তিপূর্ণ সম্পৰ্কৰ অন্যতম চৰ্ত বুলি গুৰুত্ব দিছে।

বিশ্ববাসীৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে বিশ্ব স্বাস্থ্য সংগঠনৰ ওপৰত বহুতো কাম-কাজৰ দায়িত্ব দিয়া হৈছে। বিশ্ব স্বাস্থ্য সংগঠনৰ সংবিধানৰ ২ অধ্যায়ত ইয়াৰ কামবোৰ উল্লেখ আছে। প্রধান কাৰ্যসমূহ হৈছে এনে ধৰণৰ –

(ক) আন্তর্জাতিক স্বাস্থ্য সম্বন্ধীয় কামৰ সমন্বয়মুলক আৰু পৰিচালনাৰ দায়িত্ব লোৱা।

(খ) স্বাস্থ্য সেৱা ক্ষেত্ৰত চৰকাৰসমূহক সহায় কৰা, পৰামৰ্শ দিয়া আৰু অনুৰোধ জনোৱা ।

(গ) ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগ, শাখা, সংগঠন, বিশেষজ্ঞ বা স্বাস্থ্য প্ৰশাসনৰ লগত ওচৰ সম্পর্ক বজাই ৰখা।

(ঘ) চৰকাৰৰ আহ্বান বা অনুৰোধৰ ভেঁটিত বা জৰুৰী সময়ত চৰকাৰ সমূহলৈ কাৰিকৰী পৰামৰ্শ, উপায় বা অন্য তথ্যৰ যোগান ধৰা ।

(ঙ) মহামাৰী, অতি মহামাৰী বা অন্য ৰোগ নিয়ন্ত্ৰণৰ বাবে গৱেষণা অনুসন্ধান বা অধ্যয়নৰ কাম আগবঢ়াই নিয়া।

(চ) স্বাস্থ্যসন্মত পৰিৱেশৰ বাবে সামাজিক আৰু অৰ্থনৈতিক নিৰাপত্তাৰ কৰণীয় কামবোৰ (যেনে—পানী, পুষ্টিসাধন, পৰিষ্কাৰ-পৰিচ্ছন্নতা, বাসস্থান, শৌচালয়, কল-কাৰখানা আদি)ৰ উৎকর্ষ সাধনৰ বাবে প্রতিষ্ঠিত অনুষ্ঠান সমূহৰ লগত কাম কৰা।

(ছ) স্বাস্থ্য শিক্ষা আৰু প্ৰশিক্ষণৰ মানদণ্ড উৎকৰ্ষত সহায় কৰা।

(জ) ৰোগ নিৰ্ণয় আৰু ঔষধ উৎপাদনৰ প্ৰক্ৰিয়াৰ বিষয়ত আন্তর্জাতিক মানদণ্ড নিৰ্ণয়ত সহায় কৰা ।

(ঝ) মানসিক স্বাস্থ্যৰ বিকাশত গুৰুত্ব দিয়া।

(ঞ) শিশু আৰু মাতৃৰ স্বাস্থ্য আৰু কল্যাণৰ উন্নতি সাধন কৰা।

(ট) খাদ্য, ঔষধ আদিৰ ক্ষেত্ৰত আন্তর্জাতিক মানদণ্ড নিৰূপণ কৰা ।

বিশ্ব স্বাস্থ্য সংস্থা প্রতিষ্ঠা হোৱাৰ পিচৰ পৰা বিশ্বৰ জনগণৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো উন্নতি ঘটিছে। ১৯৪৭ চনত ইজিপ্তত দেখা দিয়া কলেৰা মহামাৰীৰ পৰা আৰম্ভ কৰি Covid-194 মহামাৰীৰ সময়লৈকে ৰাষ্ট্ৰসংঘৰ এই অনুষ্ঠানে সকলো বেমাৰ (অতি মহামাৰী, মহামাৰী, অমহামাৰী, প্রাণঘাতক আদি)ৰ নিয়ন্ত্ৰণত সবল ভূমিকা ল’ব পাৰিছে আৰু মৃত্যুৰ বিভীষিকাৰ পৰা বিশ্ববাসীক জীয়াই ৰাখিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। সাধাৰণ, জটিল, সোঁচৰা আদি সকলো ৰোগৰ ওপৰত ইয়ে অহৰহ গৱেষণাৰ কাম আগবঢ়াই নি ফলপ্রসূ ঔষধ উলিয়াবলৈ সক্ষম হয় আৰু ৰোগ নিয়ন্ত্ৰণত ইয়াৰ অৰিহণা অশেষ।

ৰোগৰ বাহিৰেও বিশ্বত মানুহ অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে বলি হ’ব লগা হৈছে। সেয়ে অস্বাস্থ্যকৰ পৰিৱেশৰ বলি হৈ যাতে বিশ্বৰ লাখ লাখ লোক আক্রান্ত নহয় বা মৃত্যু মুখত নপৰে তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। বায়ু, পানী, মাটি, প্রদূষণ, ৰাসায়নিক প্ৰদূষণ, বতৰ পৰিবৰ্তন আদিৰ বাবে বিশ্বৰ পৰিৱেশ প্ৰদূষণ হোৱাৰ ফলত পৃথিৱীত বসবাসৰ স্থান অদৃঢ় ভৱিষ্যতে নহ’ব। সেয়ে ইয়ে অস্বাস্থ্যকৰ পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ভালেমান কাম কৰা উপৰি আন আন আন্তর্জাতিক সংগঠনৰ লগত লগ হৈ আন্তর্জাতিক সন্মিলন, আলোচনা চক্ৰ আদিৰ আয়োজন কৰিছে আৰু সজাগতা আনিবলৈ সক্ষম হৈছে।

স্বাস্থ্য সজাগতাত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা আয়োজিত আন্তর্জাতিক দিৱস (বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব মেলেৰীয়া দিৱস, ধপাত বিৰোধী দিৱস, বিশ্ব এইডছ দিৱস আদি) বোৰৰ বহুতো তাৎপর্য আছে।

তদুপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শৱলীৰ ওপৰত ভিত্তি কৰিয়ে বিশ্বৰ স্বাস্থ্য নীতিসমূহ প্রণয়ন হয়। ঠিক তেনেকৈ বিশ্বৰ বিভিন্ন চৰকাৰে ইয়াৰ পৰামৰ্শ অনুসৰণ কৰিয়ে নিজ নিজ দেশৰ স্বাস্থ্য নীতি, আঁচনি গ্ৰহণ আৰু কাৰ্যকৰী কৰিছে।

শেষত মানুহৰ জীৱনৰ নিৰাপত্তা, শিশুৰ নিৰাপত্তা, মাতৃৰ নিৰাপত্তা, খাদ্য নিৰাপত্তা, সামাজিক অৰ্থনৈতিক নিৰাপত্তা প্ৰদানত বিশ্ব স্বাস্থ্য সংস্থাৰ অশেষ ভূমিকা থকাৰ উপৰিও বহনক্ষম উন্নয়নৰ দিশতো এই সংস্থাই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰিছে।

গতিকে দেখা যায় বিশ্ব স্বাস্থ্য সংস্থা বিশ্বৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগণী ৰণুৱা। ইয়াৰ সবল ভূমিকাৰ বাবে বিশ্ববাসীয়ে এক স্বাস্থ্যকৰ জীৱনৰ ভাগীদাৰ হ’ব পাৰিছে । তথাপি ইয়াৰ কাম-কাজৰ ওপৰত সমালোচনা নোহোৱাকৈ থকা নাই। Covid-19ৰ সম্পৰ্কত বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি আমেৰিকাৰ ট্রাম্প প্রশাসনে ইয়াৰ লগত সম্পৰ্ক নাৰাখে বুলি খেদ প্ৰকাশ কৰিছে। যিয়েই নহওঁক বিশ্ব স্বাস্থ্য সংগঠনৰ পাৰদৰ্শিতা যিমানেই বাঢ়িব সিমানেই আমি স্বাস্থ্যসন্মত জীৱনৰ গৰাকী হ’ব পাৰিম।

৫। ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ (UNDP) ৰ উদ্দেশ্য আৰু ইয়াৰ কাম-কাজসমূহ আলোচনা কৰা।

অথবা

‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ মানে কি? ইয়াৰ কাম-কাজসমূহ কি কি ? বিশ্বৰ উন্নয়ন পৰিক্ৰমাত ইয়াৰ গুৰুত্ব বর্ণনা কৰা।

উত্তৰঃ বিশ্বই ৰাইজৰ ৰাজনৈতিক নিৰাপত্তাৰ দায়িত্ব লোৱাৰ উপৰিও সামাজিক, অর্থনৈতিক আৰু পৰিৱেশীক বিষয়ৰ নিৰাপত্তাৰ দায়িত্ব ল’ব লগা হৈছে। সেয়ে ৰাষ্ট্ৰসংঘই উন্নয়নৰ ভালেমান দিশো চাব লগা হৈছে। বিশ্বৰ উন্নয়নমূলক আঁচনিসমূহক নেতৃত্ব দিয়াৰ বাবে আৰু উন্নয়নমূলক কামবিলাকৰ মাজত সমন্বয় সাধনৰ বাবে ৰাষ্ট্ৰসংঘই ১৯৬৫ চনৰ ২২ নৱেম্বৰত ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ নামৰ এক অনুষ্ঠানৰ জন্ম দিয়ে। ইয়াৰ বিশ্ব উন্নয়নৰ এক প্রকল্প বুলি বুজা যায়। ইয়াৰ উদ্দেশ্য হৈছে পৃথিৱীৰ দেশসমূহক বিশেষকৈ পিচপৰা দেশসমূহক উন্নয়নৰ সকলো আঁচনি ৰূপায়ণত কাৰিকৰী দিশকে ধৰি সকলো ধৰণৰ সহায়সহযোগিতা আগবঢ়োৱা।

‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিয়ে বিশ্বৰ প্ৰায় ১৭৭ খন দেশত কাম কৰি আছে। এই আঁচনিয়ে স্থানীয় দেশৰ বা চৰকাৰৰ লগ লাগি উন্নয়নৰ কাম সমাধা কৰে। ইয়াৰ কাম-কাজবোৰ তলত দিয়া ধৰণৰ–

(ক) উন্নয়নৰ আঁচনি উদ্ভাৱনত সহায় কৰা।

(খ) বহন উন্নয়নৰ লক্ষ্যসমূহ ৰূপায়ণত বিশ্বৰ দেশসমূহ সহায় কৰা।

(গ) উন্নয়নৰ আঁচনি বাস্তৱায়িত হোৱাত সহায় কৰা।

(ঘ) উন্নয়নৰ দিশত নেতৃত্ব প্ৰদান কৰা আৰু সমন্বয়ৰ ভূমিকা লোৱা।

(ঙ) উন্নয়নৰ বাবে বিশ্বৰ দেশসমূহক সৰ্বোতপ্ৰকাৰে সহায় কৰা।

(চ) পৰিৱৰ্তন আৰু সংস্কাৰ সাধনৰ স্বাৰ্থত নতুন আঁচনিৰ পৰিকল্পনা কৰা।

(ছ) আলোচনা, গৱেষণা, অধ্যয়ন চলোৱা।

(জ) মানৱ উন্নয়নৰ প্ৰতিবেদন প্রস্তুত কৰা।

(ঝ) প্রয়োজন সাপেক্ষে বিভিন্ন অংগৰ পৰা পৰামৰ্শ বা সহায় লোৱা ইত্যাদি।

য’তে প্ৰগতি ত’তে শান্তি আৰু তাতে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ গুৰুত্ব জড়িত হৈছে । বিশ্বৰ দেশসমূহৰ উন্নয়নত সহায় কৰাই হৈছে এই আঁচনিৰ মূল লক্ষ্য। এই লক্ষ্যত উপনীত হ’বৰ বাবে ইয়ে বিশ্বৰ দেশসমূহক সংগ দিয়ে আৰু উন্নয়নৰ পথ প্রশস্ত কৰিব বিচাৰে। সেয়ে উন্নয়নৰ পথত থকা প্ৰতিবন্ধকতাবোৰ ইয়ে প্রথমে চিনাক্ত কৰিব বিচাৰে আৰু প্ৰতিবন্ধকতাবোৰ অতি সোনকালে দূৰ কৰিব বিচাৰে। এই আঁচনিয়ে প্ৰগতিৰ হেঙাৰবোৰ ৫ ভাগত ভগাই তাৰ পৰিত্ৰাণৰ ওপৰতো কাম কৰি আছে। প্রতিবন্ধকতাৰ পৰিত্ৰাণৰ উপায়বোৰ হৈছে—

(ক) গণতান্ত্রিক শাসন (Democratic Governance) – গণতান্ত্রিক শাসন উন্নয়নৰ বাটকটীয়া স্বৰূপ আৰু সেয়ে এই আঁচনিয়ে জনগণৰ মাজত শিক্ষাৰ প্ৰসাৰ গণতন্ত্ৰৰ কাৰণে শাসনৰ সংস্কাৰ, আলোচনা-বিলোচনা-সহমত পদ্ধতি আদিৰ ওপৰত জোৰ দি উন্নয়নৰ গতি ক্ষীপ্ৰ কৰিব বিচাৰে আৰু ইয়াৰ বাবে ই ভালেমান কাম অতিৰিক্তভাৱে কৰিব লগা হৈছে।

(খ) দৰিদ্ৰতা দূৰীকৰণ – দৰিদ্ৰতা উন্নয়নৰ অভিশাপস্বৰূপ। সেয়ে দৰিদ্ৰতা নুই কৰাৰ বাবে এই আঁচনিয়ে চৰকাৰী- বেচৰকাৰী সকলো সংগঠনৰ পৰা সহায় লয়, মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ আঁচনি হাতত লয়, ক্ষুদ্ৰ বেপাৰ-বাণিজ্যৰ সম্প্ৰসাৰণৰ হকে সহায়ৰ কাম কৰে আৰু ঋণ ৰেহাই দিয়াৰ কামতো মনোনিবেশ কৰে৷

(গ) সংকট দূৰীকৰণ আৰু উদ্ধাৰ – এই আঁচনিৰ আন এক গুৰুত্বপূৰ্ণ কাম হৈছে বিশ্বৰ যিবোৰ অঞ্চল সশস্ত্র সংঘর্ষ, বিবাদ বা কাজিয়াৰ দ্বাৰা জৰ্জৰিত হৈ আছে সেইবোৰ অঞ্চলৰ জনগণক অশান্তিৰ পৰা উদ্ধাৰ কৰা আৰু তাৰ বাবে যিবোৰ কুটনীতিৰ কৌশল, অস্ত্ৰসম্বৰণ, নিৰস্ত্ৰীকৰণ, মূলসুতীত চামিলকৰণ আদিৰ দৰকাৰ হয় তাৰ ক্ষেত্ৰত সহায় কৰা। এনেধৰণে সমাজ এখনৰ উন্নয়নৰ সক্ষমতাক বৃদ্ধি কৰাৰ পৰিকল্পনাৰ কাম এই আঁচনিয়ে কৰে।

(ঘ) পৰিৱেশ আৰু শক্তি (Energy) – পৰিৱেশ প্ৰদূষণৰ ফলত সমাজৰ দুখীয়া চাম বেয়াকৈ ক্ষতিগ্রস্ত হয় আৰু তেওঁলোকে কিছুমান অত্যাৱশ্যকীয় সেৱা (যেনে-পানী, স্বাস্থ্য, শক্তি আদি)ৰ পৰা বঞ্চিত হৈ থাকে। সেয়ে এই আঁচনিয়ে পৰিৱেশৰ এনে বিষয়ৰ ওপৰত কাম কৰি উন্নয়নৰ পথ সহজ কৰি তোলে! পানী ব্যৱস্থাপনা, বহনক্ষম মাটিৰ ব্যৱস্থাপনা, বহনক্ষম শক্তিৰ ব্যৱস্থাপনা আদিত এই আঁচনিয়ে বিশেষ ভূমিকা লয়।

(ঙ) এইড্‌ছ আৰু এইচ আই ভি (AIDS/HIV) – ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ আঁচনিয়ে এই জটিল ৰোগ নিয়ন্ত্ৰণৰ কামতো দেশসমূহক সহায় কৰে আৰু উন্নয়নৰ গতিধাৰাত দেশসমূহক যথেষ্ট সহায় কৰিছে।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে দেশৰ প্ৰগতি ‘’ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ৰ তাৎপৰ্য মন কৰিবলগীয়া। কিয়নো পিচ পৰা অঞ্চলত কেতিয়াও শান্তি আহিব নোৱাৰে। সেয়ে বিশ্বৰ দেশসমূহক উন্নয়নৰ কামৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ প্ৰয়োজন, তাৰ বাবে এই আঁচনিয়ে বহুতো, কাম সম্পাদন কৰিছে। সমগ্ৰ বিশ্বৰ উন্নয়নৰ কাম-কাজ চোৱাচিতাৰ বাবে এই আঁচনিৰ অধীনত ৬টা নীতিকেন্দ্ৰ আছে। এই আঁচনিয়ে প্রতিবছৰে মানৱ উন্নয়ন প্রতিবেদন (Human Development Report) প্ৰকাশ কৰে আৰু উন্নয়নৰ অৱস্থা দেশবোৰে জানিব পৰাৰ ফলত উন্নয়নৰ ভৱিষ্যত পন্থা কেনে হ’ব তাকো দেশবোৰে জানিব পাৰিছে।

৬। ‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ (UNEP) য়ে কি সূচায়? ইয়াৰ কাম-কাজৰ খতিয়ান দাঙি ধৰা ৷

অথবা

‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ মানে কি বুজা? এই আঁচনিৰ সফলতাৰ বিষয়ে এক বর্ণনা আগবঢ়োৱা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্বন্ধীয় কাম-কাজৰ উৎকৰ্ষ, নেতৃত্ব তথা সমন্বয় সাধনৰ বাবে সাধাৰণ সভাই ১৯৭২ চনত ‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ নামেৰে এক অনুষ্ঠানৰ জন্ম দিয়ে । ইয়াৰ প্ৰধান লক্ষ্য হ’ব বিশ্বৰ পৰিৱেশ মানৱ জাতিৰ কল্যাণৰ বাবে স্বাস্থ্যকৰ কৰি ৰখা। ইয়াৰ বাবে এই আঁচনিয়ে ন ন জ্ঞান, অভিজ্ঞতা আৰু কৌশল ব্যৱহাৰ কৰিব, দেশসমূহৰ মাজত তথ্য-পাতি আদান-প্রদান কৰিব, সজাগতা বৃদ্ধি কৰিব, সকলো অঞ্চলৰ সহযোগিতাত উৎসাহ জন্মোৱা আৰু পৰিৱেশ বিষয়ত নেতৃত্ব প্ৰদান কৰি বিশ্বৰ পৰিৱেশ সুস্থ কৰি ৰখাটোৱে হৈছে এই আঁচনিৰ মূল উদ্দেশ্য।

কাৰ্য – বিশ্বৰ পৰিৱেশ সুৰক্ষাৰ দায়িত্বৰ দৰে এক গুৰু দায়িত্বৰ কাম ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ ওপৰত অৰ্পণ কৰা হয়। মানুহৰ নিৰাপত্তা ৰাজনৈতিক কাৰণত বা অর্থনৈতিক আৰু সামাজিক সমস্যাৰ বাবে অকল বিঘ্নিত নহয়, বৰ্দ্ধিত পৰিৱেশ প্ৰদূষণে যে মানৱ জাতীক পৃথিৱীৰ পৰা এদিন নিঃশেষ কৰি দিব পাৰে সেই ভাবুকি ৰোধৰ বাবে এই আঁচনিয়ে বহুতো কাম-কাজ কৰিব লগা হয়। আঁচনিখনে ইয়াৰ কাম-কাজবোৰ ৬টা ভাগত বিভক্ত কৰিছে। সেইবোৰ হ’ল—

(১) জলবায়ু পৰিৱৰ্তনৰ কাৰ্যসূচী।

(২) দ্বিতীয় বিশ্ব যুদ্ধৰ পিচৰ পৰিৱেশ সম্বন্ধীয় সংকট আৰু দুর্যোগ ব্যৱস্থাপনা।

(৩) জীৱজগত ব্যৱস্থাৰ ব্যৱস্থাপনা।

(৪) পৰিৱেশ সম্বন্ধীয় শাসন।

(৫) ক্ষতিকাৰক আৱৰ্জনাৰ ব্যৱস্থাপনা। আৰু 

(৬) সম্পদৰ সংৰক্ষণ বা বহনক্ষম উৎপাদন আৰু ভোগ।

বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে এই আঁচনিয়ে ১৯৭২ চনৰ পৰা এক সবল ভূমিকা লয়। ইয়ে ইতিমধ্যে ভালেমান আলোচনা (Convention on Biological Diversity, Minamata Convention on Mercury, Convention on Migratory Species, Convention on International Trade in Endangered Species of Wild Fauna and Flora) সমূহ আয়োজন কৰিছে; পৰিৱেশ বিষয়ক আন্তর্জাতিক চুক্তি সম্পন্ন কৰিছে; পৰামৰ্শ গোট গঠন কৰিছে, পৰিৱেশ বিজ্ঞানৰ উন্নতি সাধিছে, সজাগতা বৃদ্ধি কৰিছে আৰু বিশ্বৰ বিভিন্ন দেশৰ পৰিৱেশ সংৰক্ষণৰ আঁচনিসমূহত সহায় আগবঢ়াব পাৰিছে।

ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’য়ে আন আন বিষয়তো বিশেষ সফলতা লাভ কৰিছে। সেইবোৰৰ নামবোৰ হৈছে— মনট্ৰিল প্ৰট’ক’ল, সৌৰ শক্তি আঁচনি, আন্তর্জাতিক পৰিৱেশ শিক্ষা আঁচনি (১৯৭৫-১৯৯৫), বিদ্যুৎ চালিত বাহন, আন্তর্জাতিক দিৱসবোৰৰ কাৰ্যসূচী, জৈৱ-বৈচিত্ৰ্যৰ আন্তর্জাতিক বর্ষ-২০১০, আন্তর্জাতিক বন বর্ষ – ২০১১ সকলোৰে বাবে বহনক্ষম শক্তিৰbআন্তর্জাতিক বর্ষ, বঁটা (যেনে- Global 500 Roll of Honour, Champion of the Earth আদি) বিতৰণৰ আঁচনি আদি।

গুৰুত্ব বা ভূমিকা – ‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে বিশ্বজুৰি পৰিৱেশ বিষয়ত সজাগতা আনিবলৈ সক্ষম হৈছে। ‘মানৱ পৰিৱেশ ঘোষণা’-১৯৭২ ৰ প্ৰথমতে লিখা আছে— “স্বাধীনতা আৰু অধিকাৰৰ লগতে এক উচ্চ মানৰ প্ৰাকৃতিক পৰিৱেশত জীৱন যাপন কৰাৰ অধিকাৰো মানুহৰ এক মৌলিক অধিকাৰ…।” ১৯৯২ চনৰ ৩-১৪ জুনলৈ চলা ৰিঅ’দি জেনেৰিঅ’ৰ ধৰিত্ৰী সন্মিলনত বিশ্বৰ প্ৰায় ৪০ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি মানৱ সভ্যতাই সন্মুখীন হোৱা বায়ুমণ্ডল, জলমণ্ডল, বনাঞ্চল, মৰুভূমিকৰণ, জনসংখ্যা, পাৰমাণৱিক আদিৰ সমস্যাৰ বিষয়ে আলোচনা কৰে আৰু এই বিষয়ে ঐক্যমতৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়ে। গতিকে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ সবল ভূমিকাৰ বাবে পৰিৱেশ সংৰক্ষণ বিষয়ক বহুতো আইনকানুন, আঁচনি, অনুষ্ঠান আদিৰ সৃষ্টি হৈছে। আমাৰ ভাৰতবৰ্ষইও পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে আৰু সম্পদ সংৰক্ষণৰ বাবে ভালেমান আইন, আঁচনি আৰু অনুষ্ঠান সৃষ্টি কৰিছে৷ চমুকৈ পৃথিৱীবাসীৰ আন্তৰিকতাইয়ে বিশ্বক পৰিৱেশ প্ৰদূষণৰ পৰা ৰোধ কৰিব পাৰিব আৰু অদূৰলৈ পৃথিৱী জীয়াই থাকিব পাৰিব।

৭। ‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰা।

অথবা

‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’ৰ কাৰ্যক্ৰমণিকাত ভাৰতৰ ভূমিকা কেনেকুৱা ব্যাখ্যা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ কাম-কাজত ভাৰতৰ অংশগ্ৰহণ প্ৰশংসনীয়। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত প্ৰাচীন কালৰে পৰা সজাগ আছিল আৰু ইয়াৰ সত্যতা ভাৰতৰ বৈদিক শাস্ত্ৰত পোৱা যায়— ‘মহাসাগৰেই হৈছে তোমাৰ কৰধনী, পৰ্বতবিলাক হৈছে তোমাৰ হৃদয়স্থল, হে ধৰিত্ৰী আই, তোমাক অষ্টাংগ প্রণাম জনাইছোঁ…।” ঠিক তেনেকৈ কৌটিল্য ‘অৰ্থশাস্ত্ৰ’ত ‘বন্যপ্রাণী চিািকৰ নীতি’ৰ কথা উল্লেখ আছে। প্ৰকৃতাৰ্থত ১৯৬৫ চনৰ ‘ভাৰতী বন আইন’ৰ পৰাই ভাৰতত পৰিৱেশ সুৰক্ষা সম্বন্ধীয় আইন-কানুনৰ সূত্ৰপাত হয় আৰু ১৯৫০ চনৰ ভিতৰত ভালেকেইখন আইন ইয়াৰ ওপৰত প্ৰণয়ন হৈছিল। স্বাধীন ভাৰত সংবিধানৰ ৪৮ক অনুচ্ছেদ, ৫১. অনুচ্ছেদ, ৪২তম সংশোধন আদিত পৰিৱেশ সংৰক্ষণৰ কথা লিপিৱদ্ধ কৰা আছে। এইবোৰ কাৰ্যই ভাৰতক পৰিৱেশ সজাগতাৰ আগশাৰীৰ দেশ বুলি প্ৰমাণ কৰে।

নতুন সংবিধান কাৰ্যকৰী কৰাৰ সময়ৰ পৰাই ‘ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি’-১৯৭২ চনলৈকে আৰু এতিয়ালৈকে ভাৰতবৰ্ষই পৰিৱেশ প্ৰদূষণ আৰু সংৰক্ষণ বিষয়ত ৫০ খনতকৈ অধিক আইন প্রণয়ন কৰিছে। ‘মানৱ পৰিৱেশ সম্বন্ধীয় আন্তর্জাতিক সন্মিলন’-১৯৭২, ‘ধৰিত্ৰী সন্মিলন’-১৯৯২ আদিকে ধৰি পৰিৱেশ সম্বন্ধীয় আন্তর্জাতিক আলোচনা, সন্মিলন, প্রকল্পসমূহত সক্রিয় অংশগ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ আলোচনাসমূহৰ আধাৰত ভাৰত চৰকাৰে বহুকেইখন আইনৰ ব্যৱস্থা কৰে। ভাৰতবৰ্ষই পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবেও আৰু প্ৰাকৃতিক সম্পদৰাজীৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ হকেও আইন প্রণয়ন কৰিছে। পৰিৱেশ প্ৰদূষণৰ আইনৰ নাম হৈছে—পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ) আইন-১৯৭৪, বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ) আইন-১৯৮১, পৰিৱেশ (সুৰক্ষা) আইন-১৯৮৮ আদি। জৈৱ বৈচিত্র্য সংৰক্ষণৰ উল্লেখযোগ্য আইন কেইখনমান হৈছে— বন্য প্রাণী (সুৰক্ষা) আইন১৯৭২, বন (সংৰক্ষণ) আইন-১৯৮০ আদি।

ভাৰতবৰ্ষত পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত তথা সংৰক্ষণৰ ক্ষেত্ৰত স্বাস্থ্য বিষয়ৰ ওপৰত ঠিক তেনেকৈ শিক্ষা, উদ্যোগ, পর্যটন, নদ-নদী, বন, নগৰ-চহৰ ইত্যাদি বিষয়ৰ ওপৰত ভালেমান আঁচনিৰ কাম চলি আছে। পৰিৱেশত সজাগতা সৃষ্টি কৰিবৰ বাবে পৰিৱেশৰ বিভিন্ন দিৱসবোৰ ভালেমান কাৰ্যসূচীৰে পালন কৰা হৈছে।

ভাৰতবৰ্ষত প্রাকৃতিক সম্পদ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে বহুসংখ্যক আইন-কানুনবোৰ বাস্তৱত সফলভাৱে ৰূপায়ণৰ বাবে কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ব্যৱস্থা আছে। কিন্তু দেশৰ সীমাহীন দুৰ্নীতি, চৰকাৰী শিথিলতা, পৰিৱেশ সুৰক্ষাৰ সুস্থ জনমতৰ অভাব আদিৰ বাবে ভাৰতত পৰিৱেশ সুৰক্ষিত হৈ উঠিব পৰা নাই৷ গতিকে ষ্টকহ’মত হোৱা মানৱ পৰিৱেশ বিষয়ক আলোচনা চক্ৰৰ ঘোষণা পত্ৰ যি উদ্দেশ্যত লোৱা হৈছিল তাৰ সফলতাত ভাৰতবৰ্ষৰ আৰু কৰণীয় আছে। পৰিৱেশ সংৰক্ষণত চৰকাৰৰ দৃঢ়তা, জনগণৰ সচেতনতা আৰু চৰকাৰী-বেচৰকাৰী খণ্ডৰ সংঘৱদ্ধ প্ৰচেষ্টাৰ নিত্যান্ত দৰকাৰ আৰু তেতিয়াহে আমি সুস্থ পৰিৱেশৰ ভাগীদাৰ হ’ব পাৰিম৷

৮। বিশ্বৰ শৰণাৰ্থীৰ সংকট মানে কি বুজা? শৰণাৰ্থীৰ সমস্যা সমাধানত ৰাষ্ট্ৰসংঘৰ উচ্চায়ুক্তৰ ভূমিকা বর্ণনা কৰা।

উত্তৰঃ প্রথম বিশ্ব যুদ্ধৰ তুলনাত দ্বিতীয় বিশ্ব যুদ্ধৰ পৰিণাম ভয়াৱহ আছিল। এই ভয়াৱহতাৰ ফলত বিশ্বত অনেক লোক শৰণাৰ্থী হ’বলৈ বাধ্য হয় আৰু এই শৰণাৰ্থীৰ সমস্যাই বিশ্বক চিন্তাত পেলাইছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ শেষ হোৱাৰ দুই-চাৰি বছৰৰ সময়ৰ ভিতৰত এই সমস্যা শেষ হৈ যাব বুলি ভবা হৈছিল বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই শৰণাৰ্থীৰ বাবে এক উচ্চায়ুক্ত তিনি বছৰৰ বাবে গঠন কৰি দিছিল। কিন্তু লাহে লাহে বিশ্বত শৰণাৰ্থীৰ সমস্যাই জটিল ৰূপ ল’বলৈ ধৰাত সাধাৰণ সভাই উচ্চায়ুক্তক ৰাষ্ট্ৰসংঘৰ এক বিশেষ অংগ হিচাপে কামৰ দায়িত্ব দিয়ে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থীৰ উচ্চায়ুক্তই শৰণাৰ্থীকে ধৰি নিৰাপত্তাৰ ভয়ত পলাই অহা ব্যক্তিৰ নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰে।

শৰণাৰ্থী সমস্যাৰ সৃষ্টিত প্ৰথম কাৰণ মহাযুদ্ধ আছিল যদিও দ্বিতীয় বিশ্ব যুদ্ধৰ পৰিণামস্বৰূপে বিশ্বৰ বহু দেশত ভালেমান সমস্যা (ৰাজনৈতিক অস্থিৰতা, যুদ্ধ, গৃহযুদ্ধ, শীতল যুদ্ধ, নিঃউপনিবাদ, দৰিদ্ৰতা, সন্ত্রাসবাদ, সাম্প্রদায়িকতা, নৃ-গোষ্ঠীয় সংঘাত আদি)ৰ প্ৰকোপ বাঢ়িবলৈ লয় আৰু দিনক দিনে শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীৰ সংখ্যা বৃদ্ধি হয়। বিশ্বৰ উত্তৰ গোলাৰ্ধৰ তুলনাত দক্ষিণ গোলাৰ্ধৰ দেশসমূহৰ সমস্যা আৰু সংঘাত বেছি। ১৯৯০ চনৰ পৰা ১৯৯৫ চনৰ ভিতৰত বিশ্বৰ ৭০ খন দেশৰ মাজত ৯৩ খন যুদ্ধ বা যুদ্ধ সদৃশ পৰিৱেশ দেখা গৈছিল। ইয়াৰ বাবে প্রায় ৫৫ লাখ লোকৰ মৃত্যু হৈছিল আৰু বহুলোক শৰণাৰ্থী হ’বলৈ বাধ্য হৈছিল। ৰাজনৈতিক অস্থিৰতা বা গৃহকন্দলৰ বাবে বিশ্বত দিনক দিনে শৰণাৰ্থী, প্ৰব্ৰজন বা ৰাষ্ট্ৰহীন মানুহৰ সংখ্যা কোটিৰ ঘৰ চুয়েগৈ আৰু তেনে লোকৰ জীৱন-মৰণৰ সমস্যাই তীব্ৰ ৰূপ লয়৷ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থীৰ উচ্চায়ুক্তই তেনেলোকৰ সংস্থাপন, কল্যাণ আৰু মানৱ অধিকাৰ নিশ্চিত কৰিব আৰু সমস্যাৰ সমাধান ঘটাব।

এই লক্ষ্যত উপনীত হ’বৰ বাবে শৰণাৰ্থীৰ উচ্চায়ুক্তই সাধাৰণ সভা, অর্থনৈতিক আৰু সামাজিক পৰিষদৰ অধীনত ভালেমান কাম সম্পাদন কৰিছে। ভালেমান আন্তর্জাতিক চনদ, বুজাবুজি পত্র, ঘোষণাপত্র স্বাক্ষৰিত হয়। ৰাষ্ট্ৰসংঘৰ আন অংগ (যেনে— খাদ্য আৰু কৃষি সংগঠন, মানৱ অধিকাৰৰ উচ্চায়ুক্ত, বিশ্ব বেংক)ৰ সৈতে লগ হৈও শৰণাৰ্থীৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ে। ২০১৬ চনতো ‘প্ৰব্ৰজন তথা শৰণাৰ্থীৰ বাবে নিউ ইয়র্ক ঘোষণা পত্র’ গৃহীত হয় আৰু ইয়াত ২০টা খচৰা নীতি সন্নিৱিষ্ট কৰা আছে।

দায়িত্ব পালনৰ বাবে উচ্চায়ুক্তই বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ সংঘর্ষ জড়িত দেশসমূহত ইয়াৰ কাম-কাজ চলি আছে। শৰণাৰ্থীৰ সংঘাতত জড়িত দেশ লেবানন, দক্ষিণ চুড়ান, কংগো, ইৰাক, আফগানিস্তান, চিৰিয়া, কচ্‌ভো, ম্যানমাৰ আদি অঞ্চলত উচ্চায়ুক্তই দিনে ৰাতি কাম কৰি আছে। এইবিলাক কামৰ বাবে বহুতো পৰিমানৰ ধনৰ দৰকাৰ হয়। ইয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ বাজেটৰ ধন আন আন অংগতকৈ বেছি। সদস্য ৰাষ্ট্ৰৰ অৰিহণা, বেচৰকাৰী অনুষ্ঠান প্রতিষ্ঠান ব্যক্তিৰ অৰিহণায়ে ইয়াৰ ৰাজহৰ প্ৰধান উৎস। এই ধনেৰে উচ্চায়ুক্তই শৰণাৰ্থীৰ সুৰক্ষা, আশ্রয়, স্বাস্থ্য, শিক্ষা, জৰুৰী সাহায্য, পুনৰ সংস্থাপন, প্রত্যাৱৰ্তন আদিকে ধৰি তেওঁলোকৰ কল্যাণমূলক কামসমূহ সম্পাদন কৰে।

শৰণাৰ্থীৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ আন এক কাম হৈছে সজাগত সৃষ্টি কৰা। ইয়াৰ বাবে ই বিশ্বৰ বিভিন্ন ঠাইত ৰাজহুৱাকৈ সভা, সমিতি, আলোচনা, কর্মশালা, তথ্যচিত্র, ফটো প্ৰদৰ্শন আদিৰ আয়োজন কৰে আৰু শৰণাৰ্থীৰ দুৰ্দশাৰ তথ্য বিশ্ববাসী অৱগত কৰে আৰু সমস্যা সমাধানত ৰাইজৰ সদিচ্ছা বিচৰা হয়। সজাগতা সৃষ্টিৰ বাবে বছৰে বছৰে ‘Fair Play Football Cup পতা হয়। সজাগতা বৃদ্ধিৰ বাবে প্ৰচাৰ মাধ্যম বিলাকৰ পৰা সহায় লয়।

এনেদৰে দেখা যায় যে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থীৰ উচ্চায়ুক্তই ১৯৫০ চনৰে পৰা শৰণাৰ্থীৰ সমস্যা সমাধানৰ বাবে অহৰহৰ্ভাৱে নানান ধৰণৰ কাম কৰি আহি আছে ৷ এই উচ্চায়ুক্তৰ কৰ্মকুশলতাৰ বাবে শান্তিৰ ন’বেল বঁটা দুবাৰকৈ ১৯৫৪ আৰু ১৯৮১ চনত লাভ কৰিব পাৰিছে, ২০১৫ চনত ইন্দিৰা গান্ধী বঁটা পাইছে, ১৯৯১ চনত ‘Prince of Asturias Award for International Cooperation’ পাব পাৰিছে। তথাপি কিন্তু বিশ্বৰ দেশসমূহৰ প্ৰগতি হ’লেও শৰণাৰ্থীৰ সমস্যা নুই হ’ব পৰা নাই। এই সমস্যাৰ আশু সমাধান হ’ব যদিহে এই সমস্যাৰ কাৰকসমূহ নোহোৱা হয় আৰু ইয়াৰ বাবে লাগিব সকলো চৰকাৰৰ সম্পূর্ণ সহযোগিতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top