United Nations And Global Conflicts Unit 3 Peace keeping, Peace making and Enforcement, Peace Building and Responsibility to Protect, Millennium Development Goals

United Nations And Global Conflicts Unit 3 Peace keeping, Peace making and Enforcement, Peace Building and Responsibility to Protect, Millennium Development Goals Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, United Nations And Global Conflicts Unit 3 Peace keeping, Peace making and Enforcement, Peace Building and Responsibility to Protect, Millennium Development Goals Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. United Nations And Global Conflicts Unit 3 Peace keeping, Peace making and Enforcement, Peace Building and Responsibility to Protect, Millennium Development Goals Question Answer can be of great value to excel in the examination.

United Nations And Global Conflicts Unit 3 Peace keeping, Peace making and Enforcement, Peace Building and Responsibility to Protect, Millennium Development Goals

Join Telegram channel

United Nations And Global Conflicts Unit 3 Peace keeping, Peace making and Enforcement, Peace Building and Responsibility to Protect, Millennium Development Goals Notes cover all the exercise questions in UGC Syllabus. The United Nations And Global Conflicts Unit 3 Peace keeping, Peace making and Enforcement, Peace Building and Responsibility to Protect, Millennium Development Goals provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শান্তি ৰক্ষা, শান্তি ৰচনা আৰু বলবৎ, শান্তি নিৰ্মাণ আৰু ৰক্ষাৰ দায়বদ্ধতা, সহস্ৰাবাদ বিকাশৰ লক্ষ্যসমূহ

POLITICAL SCIENCE

UNITED NATIONS AND GLOBAL CONFLICTS

অতি চমু প্রশ্নোত্তৰঃ

১। কেতিয়া শান্তি ৰক্ষাৰ অভিযান ৰাষ্ট্ৰসংঘই আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৪৮ চনত।

২। আধুনিক সময়ত শান্তি ৰক্ষাৰ পিতৃস্বৰূপ বুলি কাক কোৱা যায়?

উত্তৰঃ এল. বি. পিয়েৰচন (Laster Bowles Pearson)।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ প্ৰথম অভিযান ক’ত হৈছিল?

উত্তৰঃ আৰব-ইজৰাইলৰ মাজৰ বিবাদ সম্পর্কত।

৪। ৰাষ্ট্ৰসংঘৰ কোন অংগৰ দ্বাৰা শান্তি ৰক্ষাৰ অভিষান গঠিত হয়?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইয়াক গঠন কৰিব পাৰে।

৫। আন্তর্জাতিক নিৰাপত্তা ৰক্ষাৰ ৰাষ্ট্ৰসংঘৰ কোনটো কৌশল আটাইতকৈ শক্তিশালী ধৰণৰ?

উত্তৰঃ শান্তি ৰক্ষাৰ অভিযান।

৬। কেতিয়া শান্তিৰ ন’বেল বঁটা ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযানে লাভ কৰিব পাৰিছিল?

উত্তৰঃ ১৯৮৮ চনত।

৭। শান্তি ৰক্ষা অভিযানত বিশ্বৰ ভিতৰত ভাৰতৰ স্থিতি কেনে?

উত্তৰঃ তৃতীয়। ইটালীৰ পিচতে ভাৰতৰ সৰ্বাধিক লোক অভিযানত নিয়োজিত হৈ আছে।

৮। শান্তি ৰক্ষা অভিযানৰ বাবে বিশ্বৰ কোন দেশে সর্বাধিক অৰিহণা (ধন) আগবঢ়ায়?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

৯। শান্তি ৰক্ষাৰ অভিযানত বিশ্বৰ কোন দেশৰ সৰ্বাধিক সেনা নিয়োজিত হৈছে?

উত্তৰঃ ইথোপিয়া।

১০। ‘Blue Helmet’ (নীলা মূৰৰক্ষবন্ধনী) বুলি কাক কোৱা হয়?

উত্তৰঃ ন্তি ৰক্ষা অভিযানৰ সেনানীসকলক।

১১। ‘শান্তি নির্মাণ আয়োগ’ কেতিয়া গঠন হৈছিল?

উত্তৰঃ ২০ ডিচেম্বৰ, ২০০৫।

১২। ৰাষ্ট্ৰসংঘত শান্তি ৰক্ষা অভিযানৰ বিভাগ কেতিয়া সৃষ্টি কৰা হয়?

উত্তৰঃ ১৯৯২।

১৩। ৰাষ্ট্ৰসংঘৰ শান্তি নির্মাণ আয়োগৰ সংগঠক বা সৃষ্টিকর্তা কোন?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে নিৰাপত্তা পৰিষদে ইয়াক গঠন কৰে।

১৪। ‘শান্তি নির্মাণ আয়োগ’ৰ বৈধ্যতাৰ ভেঁটি ৰাষ্ট্ৰসংঘৰ চনদৰ ক’ত উল্লেখ আছে?

উত্তৰঃ চনদৰ ২২ আৰু ২৯ অনুচ্ছেদত উল্লেখ আছে।

১৫। শান্তি ৰক্ষা অভিযানৰ সেনানীসকল যুদ্ধক্ষেত্ৰৰ সৈনিকৰ দৰে নে চুক্তিৰ পৰ্যবেক্ষকৰ দৰে কৰ্তব্য পালন কৰে?

উত্তৰঃ নিৰপেক্ষ হৈ সাধাৰণতে পর্যবেক্ষকৰ কাম কৰিব লাগে।

১৬। প্রথম শান্তি ৰক্ষাৰ অভিযানটোৰ নাম কি আছিল?

উত্তৰঃ United Nations Truce Supervision Organization.

১৭। কাৰ ওপৰত ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষা অভিযানৰ দায়িত্ব অর্পণ কৰে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ‘শান্তি অভিযান বিভাগ’ (Department of Peace Operation)ৰ হাতত দিয়ে।

১৮। ‘শান্তি ৰক্ষা অভিযান’ৰ পৰিকল্পনাৰ কাম কোনে কৰে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে। অৱশ্যে মিলিটাৰী ষ্টাফ কমিটি (Military Staff Committee)ৰ সহায় লয়।

১৯। ৰাষ্ট্ৰসংঘৰ ‘মিলিটাৰী ষ্টাফ কমিটি’ কাক লৈ গঠিত?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ সামৰিক বাহিনীৰ সেনাধ্যক্ষসকলক লৈ গঠিত হয়।

২০। চনদৰ কোন অনুচ্ছেদৰ আধাৰত ৰাষ্ট্ৰসংঘই বিশ্ব শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত শক্তি প্রয়োগ কৰিব পাৰে?

উত্তৰঃ চনদৰ ৪৪ নং অনুচ্ছেদ।

২১। ৰাষ্ট্ৰসংঘ চন্দৰ কোন অনুচ্ছেদে নিৰাপত্তা পৰিষদক শান্তি ৰক্ষা বাহিনী গঠন কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে?

উত্তৰঃ চনদৰ ৪৩-৪৭ অনুচ্ছেদবোৰে কৰ্তৃত্ব দিয়ে।

২২। কোনখন মহাদেশত সর্বাধিক শান্তি ৰক্ষাৰ অভিযান ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ আফ্রিকা মহাদেশত।

২৩। বর্তমানে (২০১৯-২০) বিশ্বত কিমানটা ৰাষ্ট্ৰসংঘৰ অভিধান চলি আছে?

উত্তৰঃ ১৩ টা।

২৪। শান্তি ৰক্ষা আৰু শান্তি বলৰকৰণ এই দুয়োটা প্ৰক্ৰিয়াৰে কোনটোত সামৰিক শক্তি ব্যৱহাৰৰ ওপৰত জোৰ দিয়া হয়?

উত্তৰঃ শান্তি বলবৎকৰণ অভিযানত।

২৫। শান্তি ৰক্ষা অভিযান’ সফল হৈ উঠাৰ এটা চৰ্তৰ নাম লিখা।

উত্তৰঃ বৈধতা।

২৬। শান্তি ৰক্ষা অভিযান’ৰ সেনানীয় শক্তিৰ ব্যৱহাৰ কৰা মানেই অভিযানৰ পৰাজয়ক সূচায়নে?

উত্তৰঃ নুসূচায় ৷

২৭। ‘শান্তি নিৰ্মাণ’ৰ কাম কৰা এটা আন্তর্জাতিক সংস্থাৰ নাম লিখা।

উত্তৰঃ United Nations Peace building Support Office।

২৮। ‘শান্তি নিৰ্মাণ’ প্ৰক্ৰিয়াৰ কামত ৰাষ্ট্ৰসংঘৰ কোনখন আঁচনিয়ে বিশেষভাৱে সহায় কৰে?

উত্তৰঃ ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ (UNDP)।

২৯। ভাৰতৰ কোন বিষয়াই ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত বিশেষ বৰঙণি যোগাৰ পাৰিছে?

উত্তৰঃ সতিশ নামবিঅৰ (Satish Nambiar)।

৩০। ৰাষ্ট্ৰসংঘৰ প্ৰথম সশস্ত্র সামৰিক অভিযানটোৰ নাম কি?

উত্তৰঃ UN Emergency Force I, 1956।

৩১। কেতিয়া ৰাষ্ট্ৰসংঘই ‘সহলবাদ বিকাশৰ লক্ষ্য’ গৃহীত কৰিছিল?

উত্তৰঃ UN Millennium Summit, 2000।

৩২। ‘সহস্রাবাদ বিকাশৰ লক্ষ্য’ পূৰণৰ অন্তিম সময় কিমান বছৰলৈ ধৰা হৈছিল?

উত্তৰঃ ২০১৫ ইং।

৩৩। UN Millennium Summit, 2000ত বিশ্বৰ কিমান দেশৰ অংশগ্ৰহণ আছিল?

উত্তৰঃ বিশ্বৰ ১৯৩ খন দেশ আৰু ২২ টা আন্তর্জাতিক সংগঠনৰ অংশগ্ৰহণ আছিল।

৩৪। সহস্রাবাদ বিকাশৰ লক্ষ্যৰ পাছত কেতিয়া ৰাষ্ট্ৰসংঘই বহনক্ষম বিকাশৰ লক্ষ্য গ্ৰহণ কৰিছিল?

উত্তৰঃ ২৫ চেপ্তেম্বৰ, ২০১৫ ইং।

৩৫। ‘বহনক্ষম বিকাশৰ লক্ষ্য পূৰণৰ শেষ সময় কেতিয়ালৈকে লোৱা হৈছে?

উত্তৰঃ ২০৩০ ইং।

৩৬। ৰাষ্ট্ৰসংঘৰ মতে শান্তি মানে কি?

উত্তৰঃ শান্তিৰ বিপৰীত যুদ্ধ। কিন্তু ৰাষ্ট্ৰসংঘৰ মতে শান্তিৰ অৰ্থ অকল যুদ্ধহীনতা নহয়। ইয়াৰ বহল অৰ্থ হৈছে সকলোৰে বাবে কল্যাণ আৰু মৰ্যাদাৰ জীৱন।

৩৭। ৰক্ষাৰ দায়বদ্ধতা (Responsibility to Protect) কোনখন বিশ্ব সন্মিলনৰ ফল?

উত্তৰঃ ২০০৫ চনৰ বিশ্ব শীৰ্ষ সন্মিলন (UN World Summit )।

৩৮। ‘ৰক্ষাৰ দায়বদ্ধতা’ৰ উদ্দেশ্য কি?

উত্তৰঃ বিশ্বৰ বিভিন্ন অঞ্চলত দেখা দিয়া গণহত্যা, নৃগোষ্ঠীয় নিঃশেষকৰণ, যুদ্ধ অপৰাধ আৰু মানৱ অপৰাধ ৰোধ কৰা।

৩৯। ৰক্ষাৰ দায়বদ্ধতাৰ কোনটো অপৰাধৰ বিষয় আন্তর্জাতিক আইনৰ ভিতৰত নপৰে?

উত্তৰঃ নৃগোষ্ঠীৰ নিঃশেষকৰণ।

৪০। কেতিয়া সাধাৰণ সভাই ‘ৰক্ষাৰ দায়বদ্ধতা’ৰ বিষয়টো গ্ৰহণ কৰে?

উত্তৰঃ ২০০৫ চনৰ অক্টোবৰ।

৪১। কেতিয়া নিৰাপত্তা পৰিষদে ‘ৰক্ষাৰ দায়বদ্ধতা’ক গ্ৰহণ কৰে?

উত্তৰঃ ২০০৬ চনত।

৪২। ৰাষ্ট্ৰসংঘৰ আগতে কোনে ৰক্ষাৰ দায়বদ্ধতা’ৰ বিষয়ে আলোচনা কৰিছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় সার্বভৌমত্ব আৰু হস্তক্ষেপৰ আন্তর্জাতিক আয়োগে (২০০১) আলোচনা কৰিছিল।

৪৩। প্রাকৃতিক দুর্যোগ বা পৰিৱেশ বিপৰ্যয়ৰ বিষয় ‘ৰক্ষাৰ দায়বদ্ধতা’ৰ ভিতৰত পৰেনে?

উত্তৰঃ নপৰে।

৪৪। ৰাষ্ট্ৰসংঘৰ এটা বৃহৎ শান্তি ৰক্ষা অভিযানৰ নাম লিখা।

উত্তৰঃ ডাৰফুৰত চলা ৰাষ্ট্ৰসংঘৰ আফ্রিকান সংঘৰ মিছন।

৪৫। কোনটো বৰ্ষক সাধাৰণ সভাই শান্তিৰ সংস্কৃতিৰ আন্তর্জাতিক বৰ্ষ বুলি ঘোষণা কৰিছিল?

উত্তৰঃ ২০০০ চন।

৪৬। এতিয়ালৈ বিশ্বত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযানৰ সংখ্যা কিমান হৈছে?

উত্তৰঃ ৭৩ টা।

৪৭। কোন তাৰিখত শান্তিৰ আন্তর্জাতিক দিবস / আন্তর্জাতিক শান্তি দিৱস পালন কৰা হয়?

উত্তৰঃ ২১ চেপ্তেম্বৰ।

৪৮। কাক শান্তি অধ্যয়ন বা গৱেষণাৰ পিতৃ বুলি কোৱা হয়?

উত্তৰঃ জ’হান গাটুঙ্গ (Johan Gultung)।

৪৯। শান্তি অধ্যয়ন / শান্তি আৰু সংঘাত অধ্যয়নৰ এটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ শান্তি আৰু সংঘাত অধ্যয়নৰ অনুষ্ঠান, নতুন দিল্লী (IPCS, New Delhi)।

৫০। শান্তিৰ এখন আলোচনীৰ নাম লিখা।

উত্তৰঃ শান্তি গৱেষণাৰ আলোচনী (Journal of Peace Research), SAGE Publication.

চমু প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযান সফল হোৱাৰ দুটা সংকটৰ নাম লিখা।

উত্তৰঃ ইজৰাইলৰ স্বাধীনতাক লৈ আৰব-ইজৰাইলৰ যুদ্ধ আৰু চুয়েজ খালৰ সংকট।

২। শান্তি ৰক্ষাৰ মূল নীতিবোৰ কি কি? উল্লেখ কৰা।

উত্তৰঃ শান্তি ৰক্ষাৰ মূল নীতি তিনিটা। সেইবোৰ হ’ল— সন্মতি, নিৰপেক্ষতা আৰু আত্মৰক্ষাৰ বাহিৰে অন্য ক্ষেত্ৰত শক্তিৰ নূন্যতম ব্যৱহাৰ।

৩। শান্তি ৰক্ষাৰ অভিযান কোনে গঠন কৰে আৰু কাক চলোৱাৰ দায়িত্ব দিয়ে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই অভিযান গঠন কৰে আৰু ইয়াক চলোৱাৰ দায়িত্ব ৰাষ্ট্ৰসংঘৰ ‘শান্তি অভিযান বিভাগ’ক দিয়া হয়।

৪। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযান বিফল হোৱা দুটা অঞ্চলৰ নাম উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযানসমূহৰ আটাইবোৰ সফল হোৱা নাছিল । শান্তি ৰক্ষাৰ অভিযানে চোমালিয়া আৰু ৰাৱান্দাত সংঘাতৰ ঠাইত শান্তি ৰক্ষা কৰিবলৈ সক্ষম হ’ব পৰা নাই।

৫। নিৰাপত্তা ৰক্ষাৰ বাধ্যতামূলক ব্যৱস্থা বা শক্তিৰ উপায়বোৰ কি কি?

উত্তৰঃ বিবাদ নিষ্পত্তিত শান্তিপূর্ণ উপায়বোৰ বিফল হোৱাৰ পিচত শক্তিৰ মাধ্যম লোৱা হয় ৷ বাধ্যতামূলক ব্যৱস্থাবোৰ হৈছে শাক্তিমূলক অর্থনৈতিক বর্জন, যোগাযোগ বন্ধ, আৰু শক্তিৰ শেষ উপায় হৈছে সামৰিক প্ৰয়োগ।

৬। ৰাষ্ট্ৰসংঘৰ প্ৰথম শান্তিৰক্ষা অভিযানটোৰ নাম কি আছিল আৰু কি কাৰণৰ বাবে লোৱা হৈছিল?

উত্তৰঃ অভিযানটোৰ নাম আছিল- United Nations Truce Supervision Organisation. ইজৰাইলে যেতিয়া স্বাধীনতা ঘোষণা কৰে তেতিয়া ইজৰাইল আৰু আৰৱৰ মাজত যুদ্ধৰ সৃষ্টি হয় আৰু সেই সংঘাতৰ কাৰণত এই অভিযান পঠোৱা হৈছিল।

৭। শান্তি ৰক্ষাৰ অভিযান সফল কৰাৰ চৰ্তবোৰ কি কি?

উত্তৰঃ শান্তি ৰক্ষাৰ অভিযান সফল কৰি তুলিবলৈ হ’লে ই তিনিটা চৰ্ত মানি চলিব লাগিব। সেই চৰ্তবোৰ হৈছে– 

(১) বৈধতা।

(২) বিশ্বাসযোগ্যতা। আৰু 

(৩) শক্তিৰ নূন্যতম ব্যৱহাৰ কৰা।

৮। শান্তি ৰচনা আৰু শান্তি বলবৎকৰণ পৰ্যায়ৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ শান্তি ৰচনাই কুটনৈতিক প্রচেষ্টাৰে সংঘাতৰ ওৰ পেলাব বিচাৰে। আনহাতে শক্তিৰ উপায়েৰে শান্তি বলবৎকৰণৰ কাম কৰা যায়। শান্তি ৰচনাই শান্তি পূৰ্ণ উপায়েৰে কাম কৰিব বিচাৰে। আনহাতে শান্তি বলবৎকৰণ প্ৰক্ৰিয়াত শক্তিৰ ওপৰত জোৰ দিয়া হয়।

৯। ইতিবাচক শান্তিৰ স্তম্ভবোৰ /ভেঁটিবোৰ কি কি?

উত্তৰঃ ইতিবাচক শান্তিৰ ৮ টা স্তম্ভ আছে। সেইবোৰ চৰকাৰৰ সুস্থ কাম-কাজ, সুস্থ ব্যৱসায়ৰ পৰিৱেশ, সম্পদৰ সমবিতৰণ, অন্যৰ অধিকাৰত সন্মতি, ওচৰ-চুবুৰীয়াৰ সৈতে সু-সম্পর্ক, খৰচৰ সুচল প্ৰবাহ, উচ্চ স্তৰৰ মানৱ মূলধন আৰু নূন্যতম দুর্নীতি।

১০। চাৰিজন শান্তি ৰচকৰ নাম লিখা।

উত্তৰঃ চাৰ্জিন বিশ্ব বিখ্যাত শান্তি ৰচকৰ নাম হৈছে — মহাত্মা গান্ধী, নেলচন মেন্দেলা, দালাই লামা (১৪), আৰু চান চু কি।

১১। শান্তি ৰচনাৰ কৌশলসমূহ কি কি?

উত্তৰঃ শান্তি ৰচনাৰ ক্ষেত্ৰত তলৰ কৌশলবোৰ বিশেষ সহায় কৰে। সেইবোৰ হৈছে পুনৰ গঠন, বৈধ শাসনৰ অংগসমূহ শক্তিশালী কৰা, ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ বৃদ্ধিৰ জৰিয়তে সমাজৰ গণতান্ত্রিক সক্ষমতা শক্তিশালী কৰা আৰু স্থানীয় অনুষ্ঠানবোৰৰ সক্ষমতা বৃদ্ধি কৰা ।

১২। ‘ৰক্ষাৰ দায়বদ্ধতা’ৰ সিদ্ধান্তসমূহ কোন কোন দেশৰ ক্ষেত্ৰত বেছিকৈ লোৱা হৈছিল?

উত্তৰঃ ‘ৰক্ষাৰ দায়বদ্ধতা’ৰ সিদ্ধান্তসমুহ নিৰাপত্তা পৰিষদে তলৰ দেশসমূহৰ বাবে সঘনে ল’ব লগা হৈছিল। সংঘৰ্ষ জড়িত দেশবোৰ হ’ল— লিবিয়া— ২০১১, আইভ’ৰি কষ্ট— ২০১১, য়েমেন- ২০১১ আৰু চিৰিয়া– ২০১২।

১৩। শান্তি নিৰ্মাণৰ প্ৰথম পদক্ষেপৰ কৰ্ম/ৰণ কৌশল দুটাৰ নাম লিখা।

উত্তৰঃ শান্তি নিৰ্মাণৰ প্ৰথম ক্ষেপত বিবাদমান পক্ষবোৰক শান্তিৰ পথত মনোনিৱেশ কৰাৰ কামক বুজায় ৷ ইয়াৰ বাবে ৰণ কৌশল হ’ল— ১) দীৰ্ঘদিনীয়া হিংসাৰ সমস্যাসমূহ চিনাক্ত কৰি লোৱা, ২) শান্তি নিৰ্মাণৰ প্ৰতিবন্ধকবোৰ বাছি উলিওৱা ।

১৪। ৰাষ্ট্ৰসংঘৰ বাহিৰে বিশ্বৰ আন কোনোবাই শান্তি ৰক্ষা অভিযানৰ কাম কৰিব পাৰেনে?

উত্তৰঃ ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষাৰ অভিযান চলোৱাৰ দৰে বিশ্বৰ আন অনুষ্ঠান বা সংস্থাৰ দ্বাৰাও চলিব পাৰে। তেনে কিছুমানৰ নাম হৈছে— ‘NATO’ৰ কচ’ভো অভিযান, ইউৰোপীয়ান ইউনিয়নৰ অভিযান, আফ্রিকান ইউনিয়নৰ অভিযানৰ নাম উল্লেখযোগ্য। তদুপৰি বেচৰকাৰী পৰ্যায়ৰ অহিংসা শান্তি বাহিনী, বেডব্ৰুচ ছ’চাইটি (Redcross Society) আদিয়েও শান্তি ৰক্ষাৰ অভিযানত ভূমিকা লৈছে।

১৫। ৰাষ্ট্ৰসংঘৰ চনদ কোন অনুচ্ছেদৰ আধাৰত ই আন স্বাধীন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব পাৰে লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ চনদৰ ২ নং অনুচ্ছেদৰ ৭ নং ধাৰাত ইয়াৰ বিষয়ে উল্লেখ আছে। ৰাষ্ট্ৰসংঘই বিশ্বৰ কোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ৰ ভিতৰত হস্তক্ষেপ কৰিব পাৰিব যদিহে—

(ক) কোনো আভ্যন্তৰীণ বিবাদে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি অনাৰ সম্ভাৱনা দেখে।

(খ) আভ্যন্তৰীণ বিবাদ ৰোধৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাষ্ট্ৰখনৰ সদিচ্ছাৰ অভাৱ দেখে। আৰু

(গ) সংঘাত নিৰাময়ৰ অন্য কোনো সহজ পদ্ধতি গ্ৰহণ কৰা নহয়।

১৬। বর্তমানে বিশ্বত ৰাষ্ট্ৰসংঘৰ কিমানটা শান্তি ৰক্ষাৰ অভিযান চলি আছে, তাৰ যিকোনো তিনিটাৰ নাম লিখা।

উত্তৰঃ বর্তমানে বিশ্বত ১৩ টা শান্তি ৰক্ষাৰ অভিযান চলি আছে।

অভিযান চলি থকা তিনিটা সংকটৰ নাম হ’ল— 

(ক) দক্ষিণ চুডানৰ গৃহযুদ্ধ।

(খ) মালিৰ সংকট। আৰু 

(গ) চেণ্ট্ৰেল আফ্রিকান গণৰাজ্যৰ গৃহযুদ্ধ।

১৭। শান্তি ৰক্ষা আৰু শান্তি বলবৎকৰণৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ বিবাদমান অঞ্চলৰ কোনো পক্ষৰ অনুমতি সাপেক্ষে শান্তি ৰক্ষাৰ অভিযান প্ৰেৰণ কৰাৰ নিয়ম আছে। এই অভিযানৰ মূল লক্ষ্য হৈছে যুদ্ধ বিৰতিৰ চৰ্তানুযায়ী বিবাদমান অঞ্চলত শান্তি ৰক্ষা কৰিব লাগে আৰু আত্মৰক্ষাৰ বাহিৰে অন্য ক্ষেত্ৰত শক্তিৰ ব্যৱহাৰ নকৰা। অৰ্থাৎ নূন্যতম শক্তিৰ জৰিয়তে শান্তি ৰক্ষা কৰা। আনহাতে য’ত সন্মতি অবিহনে অভিযান চলোৱা হয় তাক শক্তি বলবৎকৰণৰ অভিযান বুলি কোৱা হয়। শক্তি প্রয়োগৰ জৰিয়তে বিবাদমান অঞ্চলত শান্তি ৰক্ষা কৰিবলৈ চেষ্টা চলোৱা যায়। ইয়াত শক্তিৰ নূন্যতম ব্যৱহাৰ নহয় ।

১৮। মানৱ হিতৈষী সংগঠন বা আন্দোলন মানে কি?

উত্তৰঃ মানৱ হিতৈষী সংগঠনৰ লক্ষ্য হৈছে দুর্দশাগ্রস্ত, জীৱন মৰণৰ যন্ত্ৰণাত পৰি থব সমাজক উদ্ধাৰ কৰা। বিশ্বৰ যিবোৰ অঞ্চলত যুদ্ধ বা ৰাজনৈতিক অস্থিৰতাৰ বাবে জনগণৰ জীৱন দুৰ্যোগৰে ভৰি থাকে তেনে অঞ্চলত মানৱ হিতৈষী সংগঠনে কল্যাণমূলক কাম সেৱা আগবঢ়ায়। তেনেকুৱা সংগঠন হৈছে আন্তর্জাতিক ৰেডব্ৰু’চ সমিতি আৰু জাতীয় পৰ্যায়ৰ সংস্থা হৈছে ৰেড ক্ৰিচেণ্ট সমিতি আদি৷ এইবোৰৰ সামূহিক প্রচেষ্টাক আন্দোলন বুলি কোৱা হয়।

১৯। ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ উপায়সমূহ প্ৰধানকৈ কেইভাগত বিভক্ত কৰিব পাৰি?

উত্তৰঃ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ উপায়সমূহ প্ৰধানকৈ দুই ধৰণৰ– 

(ক) বিবাদ নিষ্পত্তিৰ জৰিয়তে। আৰু 

(খ) বিকাশৰ জৰিয়তে। 

আকৌ বিষাদ নিষ্পত্তিৰ উপায়সমূহ দুই ধৰণৰ– 

(ক) শান্তিপূর্ণ মাধ্যমসমূহ। আৰু 

(খ) শক্তি বা বলপূর্বক মাধ্যম।

২০। ক্রমৰিকাশৰ ভেঁটিত শান্তি ৰক্ষাৰ অভিযানৰ স্তৰ কেইটা?

উত্তৰঃ শান্তি ৰক্ষাৰ অভিযানসমূহক দুটা স্তৰত ভাগ কৰি আলোচনা কৰিব পাৰি ।

(ক) প্রথম প্ৰজন্মৰ অভিযান – শীতল যুদ্ধৰ সময়ৰ শান্তি ৰক্ষাৰ অভিযানসমূহক প্রথম প্ৰজন্মৰ অভিযান বুলি কোৱা হয়। এই অভিযানসমূহৰ প্ৰধান ঠাইসমূহ আছিল আফ্রিকা মহাদেশৰ অঞ্চলসমূহ। এই অভিযানত শক্তিৰ প্ৰয়োগ কৰিব লগা হৈছিল।

(খ) দ্বিতীয় প্ৰজন্মৰ অভিযান – শীতল যুদ্ধৰ পিছৰ অভিযানসমূহক দ্বিতীয় প্ৰজন্মৰ অভিযান বুলি কোৱা হয়। এই অভিযানত শান্তি নিৰ্মাণ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া যায়।

২১। বিবাদ নিষ্পত্তিৰ উপায়বোৰৰ বিষয়ে ৰাষ্ট্ৰসংঘ চনদৰ কোন অধ্যায় / অনুচ্ছেদত উল্লেখ আছে?

উত্তৰঃ বিবাদ নিষ্পত্তিৰ শান্তিপূর্ণ উপায়বোৰ চনদৰ ৬ নং অধ্যায়ত (অনুচ্ছেদ ৩৩-৩৮ নং লৈ) বর্ণনা কৰা আছে।

বলপূর্বক বা শক্তি প্ৰয়োগৰ বিষয়ে চনদৰ ৭ নং অধ্যায়ত (অনুচ্ছেদ ৩৯-৫০ নং লৈ) বর্ণনা কৰা হয়।

২২। জ’হান গালটুঙ্গৰ মতে শান্তি কেইপ্ৰকাৰৰ?

উত্তৰঃ জ’হান গালটুঙ্গৰ মতে শান্তি দুই প্ৰকাৰ— 

(ক) নেতিবাচক শান্তি। আৰু 

(খ) ইতিবাচক শান্তি।

নেতিবাচক শান্তিয়ে যুদ্ধ বা হিংসা নথকাক বুজায় আৰু ইতিবাচক শান্তিয়ে মানৱ সমাজৰ একতাৰ শক্তিক বুজায়।

২৩। শান্তি নির্মাণ নিধি (Peacebuilding Fund) মানে কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অনুৰোধ মর্মে সচিব প্রধানে ২০০৬ চনত শান্তি নিৰ্মাণ নিধি গঠন কৰে। ইয়াৰ উদ্দেশ্য হৈছে সংঘৰ্ষত জৰ্জৰিত অঞ্চলৰ স্থায়ী শান্তি প্রতিষ্ঠাৰ কামৰ আঁচনি, কাৰ্যসূচী, সংগঠন আদিক সহায় কৰা। ই এনেধৰণৰ কাম-কাজত সহায় কৰে যিবোৰৰ জৰিয়তে স্থানীয় আৰু জাতীয় চৰকাৰৰ লগত জড়িত অনুষ্ঠানৰ সামৰ্থ বৃদ্ধি হয়। এই নিধিৰ অধীনত কমেও ১২০ খন প্ৰকল্পৰ বিশ্বৰ ২৫ খন দেশত চলি আছে।

২৪। সহস্ৰবাদ বিকাশৰ লক্ষ্য সাধনৰ নিধি (Millennium Development Goal Achievement Fund) মানে কি?

উত্তৰঃ এই নিধি গঠন কৰা হয় ২০০৭ চনত। স্পেইন চৰকাৰৰ যত্নৰ বাবে ৰাষ্ট্ৰসংঘই নিধি সৃষ্টি কৰে। সহস্ৰবাদৰ লক্ষ্যসমূহ বাস্তৱত সাফল্য কৰি তোলাৰ উদ্দেশ্যত এই নিধিৰ ধন ব্যৱহাৰ কৰা হয়। এই নিধিয়ে সহস্ৰবাদ বিকাশৰ ৮ টা লক্ষ্যৰ ১৩০ খন আঁচনিৰ সফলতাৰ বাবে ধনৰ যোগান ধৰে। এই আঁচনিবোৰে বিশ্বৰ প্ৰায় ৫০ খন দেশৰ প্ৰগতিত সহায় কৰি শান্তি সাধনত সহায় আগবঢ়াইছে।

২৫। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা মানে কি?

উত্তৰঃ বিবাদমান অঞ্চলত যুদ্ধ বিৰতিৰ চুক্তিৰ চৰ্তসমূহ চুক্তিৰ দুয়োপক্ষই মানি চলে তাৰ বাবে ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষাৰ দল প্ৰেৰণ কৰে আৰু ইয়াৰ কাম-কাজকেই শান্তি ৰক্ষা বোলে৷ শান্তি ৰক্ষকসকলৰ দায়িত্ব হৈছে শান্তি ৰক্ষা কৰা, অশান্তি সৃষ্টি কৰিব বিচৰা শত্ৰু বা দুষ্কৃতিকাৰী কাৰ্য ৰোধ কৰা আৰু বিপদগ্রস্ত জনগণক শান্তিপূর্ণ জীৱন পোৱাৰ ক্ষেত্ৰত সহায় কৰা। তেওঁলোক সৈনিক যদিও যুদ্ধক্ষেত্ৰৰ সৈনিকৰ দৰে অস্ত্ৰ ব্যৱহাৰ নকৰে; আত্মৰক্ষাৰ প্ৰয়োজনতহে শক্তিৰ ব্যৱহাৰ কৰিব লাগে। শাস্তিত বিশ্বাস বৃদ্ধি কৰা কাৰ্যকে শান্তি ৰক্ষা বোলে।

২৬। শান্তি ৰক্ষা অভিযানৰ বাজেট / ধনৰ ব্যৱস্থা কি?

অথবা

শান্তি ৰক্ষাৰ ধন কেনেকৈ, কোনে সংগ্রহ কৰে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি শান্তি ৰক্ষাৰ অভিযানৰ খৰচ সদস্য ৰাষ্ট্ৰবোৰে ৰাষ্ট্ৰসংঘক যোগান ধৰিব লাগে। সাধাৰণ সভাই কিছুমান নিয়মৰ ভেঁটিত প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ নিজৰ অংশৰ ধন নিৰ্ধাৰণ কৰে আৰু সেই মতে পৰিশোধ কৰে। সাধাৰণ সভাই বার্ষিক ভিত্তি বাজেট গ্ৰহণ কৰে। ইয়াৰ বিত্তীয় বৰ্ষ বছৰৰ ১ জুলাইত আৰম্ভ হৈ ৩০ জুনত অন্ত পৰে।

২৭। শান্তি নিৰ্মাণৰ দুটা সংজ্ঞা উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি অনুসৰি— “শান্তি ভৱনত সংঘর্ষ ব্যৱস্থাপনাৰ বাবে সকলো স্তৰৰ ৰাষ্ট্ৰীয় ক্ষমতা শক্তিশালী কৰি বহনক্ষম শান্তি আৰু উন্নয়ণৰ আধাৰ শিলা স্থাপন কৰি সংঘৰ্ষত পৰিণত হোৱাৰ আশাংকা হ্রাস কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপৰ এক বাজি অন্তর্ভুক্ত আছে”।

সহস্ৰ সংঘৰ্ষ প্ৰতিৰোধৰ বাবে পোলকীয় অংশীদাৰীত্ব অনুসৰি, শান্তি ভৱনত সংঘাতৰ সামাজিক আৰু ৰাজনৈতিক উৎসৰ মোকাবিলা কৰাৰ লগতে মীমাংসা অন্তর্ভুক্ত থাকে।

২৮। ছুয়েজখালৰ সংকট সম্পর্কে চমুকৈ লিখা।

অথবা

পিয়াৰচন (Pearson) ক কিয় আধুনিক সময়ৰ শান্তি ৰক্ষাৰ পিতৃ বুলি কোৱা হয়?

উত্তৰঃ ১৯৪৮ চনৰ আৰৱ-ইজৰাইলৰ সংকটৰ পিছত ১৯৫৬ চনত ছুয়েজখালৰ সংঘাতে দেখা দিয়ে। ইজিপ্তৰ ৰাষ্ট্ৰপতি নাছাৰে ছুয়েজখালটো ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগে লগে ইংলেণ্ড আৰু ফ্রান্সে ঘোৰ আপত্তি কৰে আৰু পিচত যুদ্ধৰ সৃষ্টি হয়। যুদ্ধৰ এফালে ইজিপ্ত আৰু আনফালে ইংলেণ্ড, ফ্রান্স আৰু ইজৰাইল। ইজিপ্তক আৰৱ ৰাষ্ট্ৰসমূহে সহায় কৰাৰ লগে জটিলতা বৃদ্ধি পায়। যেনিবা ১৯৫৭ চনত এক যুদ্ধ বিৰতিৰ চুক্তি স্বাক্ষৰিত হয়। তেতিয়া কানাডাৰ বৈদেশীক মন্ত্ৰী পিয়াচনে ৰাষ্ট্ৰসংঘৰ শাস্তি ৰক্ষা বাহিনী তাত ৰাখি চুক্তিৰ চৰ্তসমূহ যাতে দুয়োপক্ষই মানি চলে তাৰ বাবে ৰাষ্ট্ৰসংঘক পৰামৰ্শ দিছিল। তেওঁক এই বিশেষ অৰিহণাৰ বাবে আধুনিক শান্তি ৰক্ষাৰ পিতৃ বুলি কোৱা হয়। শেষত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ চেষ্টাৰ বাবে ১৯৫৭ চনত ছুয়েজখালৰ সংকট দূৰ হয়।

২৯। শান্তি ৰক্ষা অভিযান কেনেকৈ গঠন কৰা হয়? ইয়াৰ কাম-কাজ তথা দায়বদ্ধতাৰ বিষয়ে লিখা।

উত্তৰঃ বিবাদমান অঞ্চলত যুদ্ধ বিৰতিৰ চৰ্তানুযায়ী শান্তিৰ ৰক্ষাৰ বাবে যি বাহিনী পঠোৱা হয় তাকে শান্তি ৰক্ষাৰ অভিযান বোলে। ইয়াত সামৰিক সৈনিক, বিষয়া থকাৰ উপৰিও প্রশাসনিক বিষয়া, অসামৰিক বিষয়া আৰু স্বাস্থ্য সেৱাৰ কৰ্মচাৰীও থাকে। শান্তি ৰক্ষাৰ অভিযানবোৰ নিৰাপত্তা পৰিষদে গঠন কৰে।

শান্তি ৰক্ষা বাহিনীৰ মূল কাম হৈছে চুক্তিৰ চৰ্তসমূহ দুয়োপক্ষই মানি চলে তাৰ ওপৰত চকু দিয়া, শান্তিৰ পৰিৱেশ যাতে কোনো পক্ষই বা দুষ্কৃতিকাৰীয়ে বিনষ্ট নকৰে তাৰ ওপৰত নজৰ দিয়া, সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তা দিয়া আৰু কল্যাণ সাধনৰ কাম কৰা, শান্তিৰ বাবে সভা-সমিতিৰ আয়োজন কৰা, মানৱ অধিকাৰ ৰক্ষা কৰা, নির্বাচন সম্বন্ধীয় কাম-কাজ পৰিচালনা কৰা ইত্যাদি কাম-কাজৰ জৰিয়তে শান্তি প্রতিষ্ঠা গঢ়াৰ দায়িত্ব পায়।

৩০। শান্তি ৰচনাৰ নীতিবোৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ শান্তি ৰচনাৰ নীতিবোৰ হৈছে—

(ক) শাস্তি ৰচনাই সমস্যাৰ স্থায়ী সমাধান বিচাৰে।

(খ) ন্যায় হৈছে শান্তিৰ মূলধন। কোনোধৰণৰ অসমতাই গুৰুত্ব নাপায়।

(গ) শান্তি ৰচনাৰ কাম অত্যন্ত জটিল। ৰচকসকলৰ প্ৰতি শ্ৰদ্ধা আৰু নিৰাপত্তাৰ ব্যৱস্থা নিশ্চিত হয়।

(ঘ) শান্তি ৰচনাৰ কৌশলবোৰ সৃজনীমূলক আৰু কৌতূহলপূৰ্ণ।

(ঙ) বিবাদৰ দুয়োটা পক্ষৰ সত্যাসত্যৰ ওপৰত গুৰুত্ব দিয়া।

(চ) বিবাদমান বিষয়বোৰৰ অনুসন্ধানৰ ভেঁটিত নিৰাপদ পৰিৱেশ ৰচনা হ’ব লাগে।

(ছ) শান্তি ৰচকসকলে এনে এক পৰিৱেশৰ বাবে কাম কৰে যত সকলোৱে ভয়হীনভাৱে ভাবৰ আৰু কামৰ আদান-প্ৰদান কৰিব পাৰিব।

(জ) শান্তি ৰচকে বিবাদৰ মূল কাৰণ উদ্ঘাটনৰ জৰিয়তে সমাজে ভাবিব নোৱাৰাকৈ সমাধান সূত্ৰৰ সন্ধান দিয়া ইত্যাদিয়ে শান্তি ৰচনাৰ নীতি হিচাপে বিবেচনা কৰে।

৩১। ৰাষ্ট্ৰসংঘৰ শান্তি নির্মাণ আয়োগ (UN Peacebuilding Commission) সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ শীতল যুদ্ধৰ পিচত বিশ্ব ৰাজনীতিত বহুতো নতুন সংঘাতে দেখা দিয়ে আৰু তাৰ সৈতে মুখামুখী হ’ব পৰাৰ বাবে ২০০৩ চনত ১৬ জনীয়া ‘High Level Threat Panel’ গঠিত হয়। এই গোটৰ মূল ৬টা বিচার্য বিষয়ৰ ১নং বিষয় (ৰাষ্ট্ৰৰ ভিতৰৰ হিংসা, গৃহযুদ্ধ, গণহত্যা, মানৱ অধিকাৰ লংঘন)ৰ সমস্যাৰ প্ৰতিৰোধৰ বাবে আগবঢ়োৱা পৰামৰ্শৰ ভেঁটিত নিৰাপত্তা পৰিষদে সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে ২০০৫ চনৰ ২০ ডিচেম্বৰত শান্তি নিৰ্মাণ আয়োগ গঠন কৰে। ৰাষ্ট্ৰসংঘ চনদৰ ২২ আৰু ২৯ নং অনুচ্ছেদৰ আধাৰত ইয়াক গঠন কৰা হয় বাবে ইয়াৰ এক আনুসংগিক গোট। ই ৩১ খন সদস্য ৰাষ্ট্ৰৰে গঠিত। ইয়াৰ কামত সহায় কৰাৰ কাৰণে Peacebuilding Support Office থাকিব। আয়োগে ইয়াৰ বছৰেকীয়া প্রতিবেদন সাধাৰণ সভাত দাখিল কৰিব।

এই আয়োগৰ কাম হৈছে সংঘৰ্ষৰ পৰিৱেশ স্বাভাৱিক অৱস্থালৈ পৰিবৰ্তন কৰা। দুৰ্যোগৰ পিচত কেনেকৈ শান্তি প্রতিষ্ঠা কৰিব পৰা যায় তাৰ হ’কে কাম কৰা। ইয়াৰ বাবে ই আঁচনিৰ পৰিকল্পনা কৰা, ৰাষ্ট্ৰ গঠনৰ পুনৰ নিৰ্মাণৰ কাম কৰা আৰু বহনক্ষম বিকাশৰ বাবে কাম কৰা, জাতীয় চৰকাৰৰ লগত লগ হৈ সংকট মোচনৰ কাম কৰা, আদিৰ জৰিয়তে শান্তি নিৰ্মাণৰ লক্ষ্য ৰাখে।

৩২। মিলিটাৰী ষ্টাফ কমিটি (Military Staff Committee) ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ চনদৰ ৪৭নং অনুচ্ছেদৰ আধাৰত এই কমিটি গঠন কৰা হয়। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ মুখ্য সেনাপতি সকলক লৈ এই আয়োগ গঠন হয়। ইয়াৰ কাম হৈছে নিৰাপত্তা পৰিষদক আৰু সচিব প্ৰধানক ৰাষ্ট্ৰসংঘৰ সামৰিক বিষয়ৰ ওপৰত পৰামৰ্শ প্ৰদান কৰিব, অস্ত্ৰীকৰণ আৰু নিৰস্ত্ৰীকৰণৰ নিয়মাৱলীৰ ওপৰত পৰামৰ্শ আগবঢ়াব, শান্তি ৰক্ষা অভিযানৰ নিয়মাৱলীৰ কাম কৰা, শান্তি ৰক্ষা বাহিনীৰ গঠনত সহায় কৰা, সশস্ত বাহিনী পৰিচালনাৰ কামত সহায় কৰা, আঞ্চলিক উপ-সমিতি গঠনত সহায় কৰা আদিবোৰ হৈছে মিলিটাৰী ষ্টাফ কমিটিৰ কাম-কাজ ৷

গতিকে বিশ্বৰ নিৰাপত্তা সুৰক্ষিত কৰি ৰখাৰ ওপৰত মিলিটাৰী ষ্টাফ কমিটিয়ে নিৰাপত্তা পৰিষদকে ধৰি ৰাষ্ট্ৰসংঘক সহায় আগবঢ়াব পাৰিছে আৰু ৰাষ্ট্ৰসংঘক শক্তিশালী কৰি ৰাখিব পাৰিছে।

৩৩। সহস্ৰবাদ বিকাশৰ লক্ষ্যসমূহ কি কি?

উত্তৰঃ ২০০০ চনৰ চেপ্টেম্বৰত বিশ্বৰ নেতাসকল ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয়ত লগ হৈ ৰাষ্ট্ৰসংঘৰ সহস্ৰবাদৰ ঘোষণাত স্বাক্ষৰ কৰে আৰু ইয়াৰ লক্ষ্যসমূহ সফল কৰি তোলাৰ শেষ সময় ২০১৫ চন বুলি বান্ধি লয়। সহস্ৰবাদ বিকাশৰ মুঠ লক্ষ্য আছিল ৮টা। সেইবোৰ হৈছে–

(ক) দৰিদ্ৰতা আৰু দুর্ভিক্ষ দূৰ কৰা ৷

(খ) সার্বজনীন প্রাথমিক শিক্ষাৰ ব্যৱস্থা কৰা।

(গ) লিংগ বৈষম্য দূৰ কৰা আৰু মহিলাৰ সবলীকৰণ শক্তিশালী কৰা।

(ঘ) শিশুৰ মৃত্যুৰ হ্ৰাস কৰা ।

(ঙ) মানসিক স্বাস্থ্য উন্নতি কৰা।

(চ) AIDS/HIV ৰ ৰোগকে ধৰি মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰা।

(ছ) পৰিৱেশিক বহনক্ষমতা বৃদ্ধি কৰা আৰু

(জ) বিকাশৰ বাবে বিশ্বজনীন সহযোগিতা বৃদ্ধি কৰা।

সহস্ৰবাদ বিকাশৰ প্ৰধান লক্ষ্য হৈছে বিশ্বৰ উন্নয়নশীল দেশৰ অৱস্থাৰ উন্নয়ন ঘটোৱা। এই লক্ষ্যসমূহৰ আচনি সফল কৰাৰ বাবে বিশ্ব বেংক, আন্তর্জাতিক মুদ্রা নিধি, আফ্রিকান বিকাশ নিধি আদিয়ে যথেষ্ট ধনৰ যোগান ধৰিছে। এই লক্ষ্যসমূহ সফল কৰাৰ বাবে কেবাবাৰো আলোচনাত মিলিত হৈছিল। তথাপি ইয়াৰ লক্ষ্যসমূহ সম্পূৰ্ণকৈ সফল হ’ব পৰা নাই।

৩৪। সহস্ৰবাদ বিকাশৰ লক্ষ্য আৰু বহনক্ষম বিকাশৰ লক্ষ্যৰ মাজৰ পাঁচটা পার্থক্য বর্ণনা কৰা ।

উত্তৰঃ (ক) সহস্ৰক বিকাশৰ লক্ষ্য বিশেষকৈ বিশ্বৰ উন্নয়নশীল দেশৰ সমস্যা সমাধানৰ বাবে লোৱা হৈছিল। বহনক্ষম বিকাশৰ লক্ষ্য বিশ্বৰ সকলো দেশৰ প্ৰগতিৰ বাবে লোৱা হৈছে।

(খ) সহস্ৰক বিকাশৰ লক্ষ্যৰ সংখ্যা বহনক্ষম বিকাশৰ লক্ষ্যৰ সংখ্যাতকৈ কম।

(গ) সহস্ৰক বিকাশৰ লক্ষ্যই সমাজৰ তিনিটা বিষয়ৰ কল্যাণৰ ওপৰত গুৰুত্ব দিছিল। সেয়ে ইয়াত পৰিৱেশ কল্যাণৰ বিষয় অন্তর্ভুক্ত হোৱা নাছিল। আনহাতে বহনক্ষম বিকাশৰ লক্ষ্যৰ পৰিধি যথেষ্ট বহল।

(ঘ) সহস্ৰক বিকাশৰ লক্ষ্যই সমাজৰ সমসাময়িক সমস্যা বা প্ৰত্যাহ্বান দূৰ কৰাৰ ওপৰত জোৰ দিছিল। কিন্তু বহনক্ষম বিকাশৰ লক্ষ্যই সমাজত সমস্যা বা প্রত্যাহ্বান প্রতিহত কৰাৰ লক্ষ্য ৰাখে।

(ঙ) খৰচৰ দিশৰ পৰা সহস্ৰক বিকাশৰ লক্ষ্যতকৈ বহনক্ষম বিকাশৰ লক্ষ্যৰ ধন যথেষ্ট বেছি।

(চ) ৰাষ্ট্ৰসংঘই সহস্ৰবাদ আৰু বহনক্ষম বিকাশৰ লক্ষ্যৰ জৰিয়তে বিশ্ব শান্তি আৰু নিৰপেক্ষতাৰ নীতিক শক্তিশালী কৰি তুলিব বিচাৰিছে।

৩৫। শান্তি ৰক্ষাৰ অভিযান সফল হোৱাৰ চৰ্তবোৰ চমুকৈ লিখা।

উত্তৰঃ শান্তি ৰক্ষাৰ কামত বা অভিযানত যেনেদৰে তিনিটা নীতি অনুসৰণ কৰা হয় তেনেদৰে শান্তি ৰক্ষাৰ অভিযান সফল হোৱাৰ ক্ষেত্ৰতো তিনিটা চৰ্তই বিশেষ সহায় কৰে। সেই তিনিটা চৰ্ত হ’ল বৈধতা (Legitimacy), বিশ্বাসযোগ্যতা (Credibility) আৰু স্থানীয় আৰু জাতীয় চৰকাৰৰ অনুষ্ঠানত অংশগ্ৰহণৰ স্বত্ব।

(ক) বৈধতা – বৈধতা মানে আইনগত বা বিধানমণ্ডল তথা চৰকাৰৰ সন্মতি থকাক বুজায়। বৈধতা থাকিলে জনগণে স্বেচ্ছাই মানি লয়। শান্তি ৰক্ষা অভিযানবোৰৰ বৈধতা আছে। ই চনদৰ আধাৰত আৰু আন্তর্জাতিক আইনৰ আধাৰত প্ৰতিষ্ঠিত আৰু ইয়াৰ দ্বাৰা পৰিচালিত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধীনত এই অভিযানবোৰে কাম কৰে বাবে ই সফলতাৰ এক চৰ্ত হৈ পৰে।

(খ) বিশ্বাসযোগ্যতা – যিবোৰ সেৱাই সকলো মানুহৰ হিত সাধন কৰা লক্ষ্য থাকে তেনে কামৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা সৃষ্টি হয়। শান্তি ৰক্ষাৰ অভিযানে নিৰপেক্ষভাৱে সকলো পক্ষৰ হৈ কাম কৰি সকলোৰে কল্যাণ কৰাৰ সেৱা কৰে বাবে অভিযানবোৰৰ প্ৰতি মানুহৰ বিশ্বাস বাঢ়ে আৰু তেনে বিশ্বাসৰ বাবে অভিযান সফল হৈ উঠে।

(গ) স্থানীয় আৰু জাতীয় চৰকাৰৰ অনুষ্ঠানত অংশগ্ৰহণৰ স্বত্ব – শান্তি ৰক্ষাৰ অভিযানৰ লক্ষ্যই শান্তি নিৰ্মাণৰ পথ প্রশস্ত কৰে। বিকাশৰ প্ৰক্ৰিয়াৰ কামত স্থানীয় লোকৰ অনুষ্ঠান আৰু জাতীয় পৰ্যায়ৰ অনুষ্ঠানৰ অংশগ্রহণ নিশ্চিত হলে শান্তি ৰক্ষাৰ অভিযান সফল হ’ব পাৰিব ।

গতিকে শান্তি ৰক্ষাৰ অভিযানত বৈধতা, বিশ্বাসযোগ্যতা আৰু স্থানীয় জাতীয় অনুষ্ঠানৰ অংশগ্রহণ থাকিলে সেয়া সোনকালে সফল হৈ উঠিব।

৩৬। শান্তি ৰক্ষা অভিযানৰ উদ্দেশ্যসমূহ কি কি লিখা।

উত্তৰঃ আৰম্ভণি সময়ৰ শান্তি ৰক্ষা অভিযানৰ উদ্দেশ্য সীমিত আছিল। কিন্তু বর্তমানে ইয়াৰ উদ্দেশ্য ছটালৈ ব্যাপ্ত হৈছে। সেই আটাইবোৰ তলত দিয়া হ’ল—

(ক) ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বিবাদমান অঞ্চলত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

(খ) দ্বিতীয় উদ্দেশ্য হৈছে বিবাদমান পক্ষৰ নিৰস্ত্ৰীকৰণ, সৈন্য বাহিনী ভংগ কৰা আৰু বিদ্রোহী/সংগ্রামীসকল মুল সূৰ্তিত চামিল কৰা।

(গ) অসামৰিক লোকৰ জীৱনৰ নিৰাপত্তা দিয়া।

(ঘ) নিৰ্বাচন পতাৰ ব্যৱস্থা কৰা।

(ঙ) মানৱ অধিকাৰ ৰক্ষণা-বেক্ষণ দিয়া আৰু বিকাশ সাধন কৰা।

(চ) আইন শাসন পুনৰ প্ৰতিষ্ঠা হোৱাত সহায় কৰা।

এনেদৰে বৰ্তমানে শান্তি ৰক্ষা অভিযানৰ কাৰ্যৰ পৰিসৰ বৃদ্ধি পাইছে আৰু তাৰ বাবে ইয়াৰ গুৰুত্বও যথেষ্ট বৃদ্ধি পাইছে।

৩৭। ৰক্ষাৰ দায়বদ্ধতা আৰু সহস্ৰবাদ বিকাশৰ লক্ষ্যৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ ৰক্ষাৰ দায়বদ্ধতা আৰু সহস্ৰবাদ বিকাশৰ শেষ লক্ষ্য হৈছে একে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ নীতি শক্তিশালী কৰি তোলা। এইক্ষেত্ৰত সাদৃশ্য একে ধৰণৰ হ’লেও দুয়োটাৰ মাজত ভালেমান পার্থক্য আছে—

(ক) ৰক্ষাৰ দায়বদ্ধতাৰ মূল বিষয় মাত্ৰ চাৰিটা। কিন্তু সহস্ৰবাদ বিকাশৰ লক্ষ্য হৈছে ৮টা। অর্থাৎ কাৰ্যৰ পৰিসৰ বেলেগ বেলেগ।

(খ) ৰক্ষাৰ দায়বদ্ধতাৰ কাৰ্যসমূহ জীৱনৰ নিৰাপত্তা আৰু স্বাধীনতাৰ লগত বিশেষকৈ জড়িত। আনহাতে সহস্ৰবাদ বিকাশৰ লক্ষ্য নাগৰিকৰ সামাজিক নিৰাপত্তাৰ লগত জড়িত।

(গ) ৰক্ষাৰ দায়বদ্ধতাত আর্থিক প্ৰগতিৰ কথা ভবা নহয়। কিন্তু সহস্ৰবাদ বিকাশৰ লক্ষ্যই আর্থিক প্ৰগতিৰ ওপৰত জোৰ দিয়ে।

(ঘ) ৰক্ষাৰ দায়বদ্ধতা নিৰাপত্তা জনিত হোৱা বাবে ইয়াত শক্তিৰ প্ৰয়োগ হ’ব পাৰে। কিন্তু সহস্ৰবাদ বিকাশৰ লক্ষ্য পূৰণত মাত্ৰ সহযোগিতাহে বিচৰা হয়।

(ঙ) ৰক্ষাৰ দায়বদ্ধতাই হত্যা-অপৰাধ বন্ধ কৰি শান্তিৰ স্থিতাৱস্থা অনাত সহায় কৰে। কিন্তু সহস্ৰবাদ বিকাশ লক্ষ্যই প্ৰগতিৰে স্থায়ী শান্তি সৃষ্টিত বিশেষ অৰিহণা যোগায়।

৩৮। জ’হান গালটুঙ্গৰ শান্তিৰ পদ্ধতিসমূহ লিখা।

উত্তৰঃ জ’হান গাট্রুঙ্গ (Johan Galtung)ৰ মতে শান্তি পদ্ধতি হৈছে তিনিটা। সেইবোৰ চমুকৈ তলত বৰ্ণনা কৰা হ’ল–

(ক) শান্তি ৰক্ষা পদ্ধতি – এই পদ্ধতিয়ে হিংসা, সংঘৰ্ষ প্ৰতিৰোধ কৰে, হিংসাৰ পৰিবেশ গঢ় ল’বলৈ নিদিয়ে আৰু সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰে। শান্তি ৰক্ষাৰ অভিযানৰ লক্ষ্য হৈছে হিংসাৰ ঠাইত শান্তি সৃষ্টি কৰা। যুদ্ধ বিৰতিৰ চৰ্তানুযায়ী চুক্তিৰ পক্ষবোৰে যাতে শান্তি ভংগ নকৰে, দুষ্কৃতিকাৰীয়ে যাতে শান্তি ভংগ কৰিব নোৱাৰে, সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তা থাকে সেইবোৰেই হৈছে শান্তি ৰক্ষাৰ উদ্দেশ্য। শান্তি ৰক্ষাৰ তিনিটা নীতি আছে— যেনে সন্মতি, নিৰপেক্ষতা আৰু শক্তিৰ ন্যূনতম ব্যৱহাৰ।

(খ) শান্তি ৰচনা – শান্তি ৰক্ষাৰ কামৰ সময়ত শান্তি ৰচনাৰ কামৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ৰাষ্ট্ৰসংঘৰ মতে শান্তি ৰচনা মানে হৈছে কূটনৈতিক প্রচেষ্টাৰে বিবাদৰ অন্ত পেলোৱা। শান্তি ৰচনাৰ কামৰ দায়িত্বত সাধাৰণতে বিশেষ দূত, চৰকাৰী বিষয়া, সমাজৰ শ্ৰদ্ধাশীল ব্যক্তি বা কোনো বেচৰকাৰী সংস্থা থাকিব পাৰে। শান্তি ৰচনাৰ প্ৰক্ৰিয়াই স্থায়ী শান্তিৰ চৰ্তসমূহ ৰচনা কৰে আৰু বিবাদৰ পক্ষসমূহৰ মতামতত শান্তি চুক্তি চূড়ান্ত হৈ শান্তি স্থায়ীভাৱে সৃষ্টি হয়।

(গ) শান্তি নির্মাণ – শান্তি ৰক্ষা আৰু শান্তি ৰচনাৰ পিচত শান্তি নিৰ্মাণ আৰম্ভ হয়৷ ই শান্তি প্ৰতিষ্ঠাৰ শেষ পদ্ধতি। এই সময়ত সংঘৰ্ষত জৰিত অঞ্চলৰ জনগণৰ কল্যাণ সাধনৰ কামকাজ আৰম্ভ হয় । ৰাজনৈতিক নিৰাপত্তা, সামাজিক নিৰাপত্তা, অৰ্থনৈতিক নিৰাপত্তা, সাংস্কৃতিক নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগ, শাখা আৰু আঁচনিয়ে চেষ্টা চলায়। সহস্ৰবাদ বিকাশৰ লক্ষ্য, বহনক্ষম বিকাশৰ লক্ষ্যৰ আঁচনি সফলৰ চেষ্টা থাকে আৰু জনগণৰ আৰ্থ- সামাজিক ৰাজনৈতিক অংশগ্রহণ বৃদ্ধিৰে শান্তি নিৰ্মাণ ভেটি তৈয়াৰ কৰা হয় আৰু অশান্ত অঞ্চলত শান্তিৰ বাতাৱৰণ সুস্থ হৈ পৰে।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে শান্তিৰ প্ৰতিষ্ঠাৰ তিনিওটা পদ্ধতিয়ে গুৰুত্বপূৰ্ণ। তাৰে ভিতৰত শান্তি নিৰ্মাণৰ কাম-কাজ জটিল তথা দীর্ঘম্যাদী ধৰণৰ।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযানত ভাৰতবৰ্ষৰ অংশগ্ৰহণ/অৰিহণা/ভূমিকাৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিচতে বিশ্বৰ বহু ঠাইৰ যুদ্ধ, গৃহযুদ্ধ, নৃগোষ্ঠীয় সংঘাত, ৰাজনৈতিক অস্থিৰতা, দৰিদ্ৰতাৰ দুৰ্যোগ আদিয়ে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা নীতি শক্তিশালী হোৱাত বাধা দিয়ে। সেয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদৰ আলোচনা মর্মে শান্তি ৰক্ষাৰ অভিযান আৰম্ভ হয়। ইং ১৯৪৮ চনৰ পৰা এতিয়ালৈ ৰাষ্ট্ৰসংঘৰ ৭১টা অভিযানৰ ভিতৰত ভাৰতে ৪৯টা অভিযানত সক্রিয় অংশগ্ৰহণ কৰে। তেনে অভিযানৰ ঠাইবোৰৰ নাম হ’ল—ক’ৰিয়ান সংকট (১৯৫০-৫৪), ইন্দো-চীনা (১৯৫৪-৭০), মধ্য প্রাচ্য (১৯৫৬ ৬৭), কংগো (১৯৬০-৬৪), কম্বোডিয়া (১৯৯২-৯৩), চ’মালিয়া (১৯৯৩-৯৪), ৰাৱাণ্ডা (১৯৯৪-৯৬), ইথোপীয়া (২০০৬-০৮), চুডান আৰু দক্ষিণ চুডান (২০০৫ৰ পৰা) ইত্যাদি।

(ক) এতিয়ালৈ ভাৰতে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ কামত দুজন সামৰিক উপদেষ্টা, দুজন আৰক্ষী উপদেষ্টা, এজন উপসামৰিক উপদেষ্টা, ১৪ জন কামান্দাৰ, কেবাজনো আৰক্ষী আয়ুক্তকে ধৰি বহুতো সেনানীয়ে সেৱা আগবঢ়াইছে। তদুপৰি ইয়াৰ আন আন আনুসংগিক আয়োগ, কমিটি আদিত ভাৰতৰ লোকৰ অংশগ্ৰহণ আছে। এনেধৰণে শান্তি ৰক্ষা অভিযানত ভাৰতৰ সামৰিক লোকে প্রত্যক্ষভাৱে সেৱা আগবঢ়াইছে।

(খ) ভাৰতে শান্তি ৰক্ষাৰ অভিযানত অন্য দেশৰ সৈনিকৰ বাবে প্ৰশিক্ষণৰ সেৱা আগবঢ়ায়। ১৯৫৮ ইং চনত ভাৰতৰ সামৰিক বাহিনীয়ে গাজাৰ সাগৰৰ পাৰত চুইডেনৰ শান্তি ৰক্ষাৰ সেনাসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। এনেধৰণৰ প্ৰশিক্ষণৰ দ্বাৰাই ভাৰতে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ সামৰিক শক্তি বৃদ্ধি কৰিব পাৰিছিল।

(গ) ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত ভাৰতে প্রথম মহিলাৰ অন্তৰ্ভুক্তি কৰি এক ইতিহাস ৰচনা কৰিলে। ১৯৬০ চনতে সামৰিক বাহিনীৰ স্বাস্থ্য সেৱাৰ মহিলা কৰ্মী কংগোৰ অশান্ত অঞ্চল সেৱা আগবঢ়াইছিল। ২০০৭ চনতো শান্তি ৰক্ষা অভিযানত প্রথম মহিলা সামৰিক বাহিনী Female Formed Police Unit গঠন হৈছিল আৰু নাইবেৰিয়াৰ অশান্ত অঞ্চলত দিনে-ৰাতি ২৪ ঘণ্টাই কাম কৰি নাইবেৰিয়ান আৰক্ষীৰ মনোবল বৃদ্ধি কৰিব পাৰিছিল।

(ঘ) ভাৰতৰ শান্তি ৰক্ষাৰ কৰ্মীসকলে বিশ্বৰ বিভিন্ন ঠাইৰ সংঘাতত জীৱন-সম্পত্তি ৰক্ষা কৰিব পাৰিছে, শান্তি পৰিৱেশ ঘূৰাই অনাত সহায় কৰিব পাৰিছে। ইয়াৰ উপৰি জনকল্যাণৰ বাবে আন কিছুমান বিশেষ সেৱাও আগবঢ়াইছে। ইৰিট্ৰিয়াত ভাৰতৰ অভিযন্তাসকলে ৰাস্তাপদুলি আদিৰ আন্তঃগাঠনিৰ উন্নতি ঘটাই যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিছিল ।

(ঙ) তেনেকৈ স্বাস্থ্য খণ্ডতো ভাৰতৰ শান্তি ৰক্ষাৰ অভিযানে অৰিহণা আগবঢ়াইছিল আৰু দুৰ্ভগীয়া লোকৰ স্বাস্থ্যৰ সুৰক্ষা প্ৰদান কৰে। কংগোৰ দুর্দশাগ্রস্ত লোককে ধৰি বিশ্বৰ বিভিন্ন অশান্ত অঞ্চলৰ লোকৰ কল্যাণৰ হ’কে স্বাস্থ্যৰ সেৱা আগবঢ়াইছিল আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰ অভিযানত সবল ভূমিকা লৈছিল।

(চ) মানুহৰ স্বাস্থ্যৰ যতন লোৱাৰ উপৰিও ভাৰতৰ অভিযানৰ সেৱকসকলে পশু-পক্ষীৰ স্বাস্থ্য সেৱাতো অংশগ্ৰহণ কৰিছিল।

(ছ) ভাৰতবৰ্ষৰ শান্তি ৰক্ষাৰ অভিযানবোৰে অত্যন্ত জটিল প্রতিকূল পৰিৱেশতো কাম কৰি ঘূৰি আহিব পাৰিছে। দক্ষিণ চুডানৰ দৰে জটিল পৰিৱেশত আমাৰ দেশৰ অভিযানে সাহসেৰে কাম কৰিব পাৰিছিল।

(জ) ভাৰতৰ আন এক উল্লেখ্য অৰিহণা আছিল ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত যোগাসনৰ অনুশীলন আৰম্ভ কৰা আৰু প্ৰচাৰ কৰা। লেবাননৰ সংকটৰ সময়ত ভাৰতৰ শান্তিৰক্ষাৰ লোকসকলে আন্তর্জাতিক যোগাসন দিৱস পালন কৰিছিল আৰু বিশ্বত যোগাসনৰ জনপ্রিয়তা বঢ়াই শান্তি স্থাপনত অৰিহণা আগবঢ়াইছিল ৷

ওপৰৰ আলোচনাৰ পৰা বুজা যায় যে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযানত ভাৰতৰ অংশগ্ৰহণ তথা ভূমিকা উল্লেখনীয়। বর্তমানে ৬৭০০ জনতকৈ অধিক সামৰিক লোকে এই কামত কৰ্তব্যৰত হৈ আছে। ১৬০ জন সেনাই এই সেৱাৰ নামত জীৱন উছৰ্গা কৰিছে। কেবাজনো এই সেৱাৰ লোকে ভাৰত চৰকাৰৰ পৰা সম্মান, বঁটা, পুৰষ্কাৰ পাব পাৰিছে। সেয়ে বিশ্বত ভাৰতৰ শান্তি ৰক্ষা অভিযানৰ অৰিহণা অন্যতম।

২। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ বিষয়ে বর্ণনা আগবঢ়োৱা।

অথবা

শান্তি ৰক্ষা অভিযান কি কাৰণত কেনেকৈ গঠন কৰা হয়? ইয়াৰ কামৰ ধৰণ-কৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ আন্তর্জাতিক শাস্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ জন্ম হয়। ইয়াৰ চনৰ ১ আৰু ২ নং অনুচ্ছেদ মৰ্মে বিশ্বৰ শান্তি আৰু নিৰাপত্তাত ভাবুকি আহিলে ৰাষ্ট্ৰসংঘই নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু সমূহীয়াভাৱে প্ৰতিৰোধৰ ব্যৱস্থা ল’ব আৰু প্ৰয়োজনত যিকোনো ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ থাকিব। এইটো কাৰণতে দ্বিতীয় বিশ্বযুদ্ধৰ পিচত যেতিয়া বিশ্বৰ কিছুমান দেশৰ যুদ্ধ, গৃহ যুদ্ধ, ৰাজনৈতিক অস্থিৰতা আদিয়ে বিশ্ব শান্তিত ভাবুকিৰ আশংকা আহে তেতিয়া তাৰ প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষাৰ অভিযান সৃষ্টি কৰিব লগা হয়। শান্তি ৰক্ষা অভিযান গঠনৰ দায়িত্ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ হাতত অৰ্পণ কৰে। এই অভিযানৰ পৰিকল্পনাত নিৰাপত্তা পৰিষদে মিলিটাৰী ষ্টাফ কমিটি (Military Staff Committee)ৰ পৰামৰ্শ লয়। তদুপৰি শান্তি ৰক্ষা অভিযানৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত ইয়াৰ কাম-কাজ তদাৰক কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ‘শান্তি অভিযানৰ বিভাগ’ (Department of Peace Operation) সৃষ্টি কৰা হয়।

ৰাষ্ট্ৰসংঘৰ নিজা শান্তি ৰক্ষা বাহিনী নাই। সেয়ে অভিযানৰ বাবে ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰলৈ সৈন্য পঠোৱাৰ বাবে আহ্বান জনায় আৰু সদস্য ৰাষ্ট্ৰই স্বেচ্ছাই শান্তি ৰক্ষাৰ বাহিনীসমূহ ৰাষ্ট্ৰসংঘলৈ যোগান ধৰে। ৰাষ্ট্ৰসংঘৰ হৈ কাম কৰে যদিও তেওঁলোক নিজ নিজ দেশৰ সামৰিক বাহিনীৰ অন্তৰ্ভুক্ত হৈ থাকে। তদুপৰি ইয়াত আৰক্ষী বিষয়া আৰু অসামৰিক সেৱাৰ কৰ্মীও থাকে । আৰু এনেদৰে শান্তি ৰক্ষাৰ অভিযান গঠন হয়।

এই অভিযান গঠনৰ মূল উদ্দেশ্য হৈছে বিবাদমান অঞ্চলৰ শান্তি ৰক্ষা কৰা। যুদ্ধ বিৰতি বা শান্তি চুক্তিৰ জৰিয়তে যেতিয়া যুদ্ধ বা সংঘর্ষ বন্ধ হয় তাত পুনৰ যাতে যুদ্ধ হ’ব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষাৰ অভিযান প্ৰেৰণ কৰে। এই অভিযানৰ মূল কাম হয় চুক্তিৰ চৰ্তানুযায়ী শান্তি বজাই ৰখা, কোনো বিবাদী পক্ষই বা দুষ্কৃতিকাৰীয়ে শান্তি ভংগ নকৰে তাৰ ওপৰত দৃষ্টি ৰখা, হিংসাৰ পৰা নাগৰিকৰ জীৱন ৰক্ষা কৰা আৰু নাগৰিকক সহায় কৰা আদি। এই অভিযানৰ সেনানীসকল শান্তি ৰক্ষকহে; যুদ্ধ ক্ষেত্ৰৰ সেনানী নহয়। সেয়ে নিজৰ আত্ম ৰক্ষাৰ বাহিৰে অন্য বিষয়ত শক্তিৰ ব্যৱহাৰ কৰিবলৈ নিবিচাৰে। আৰু ইয়াৰ বাবে তেওঁলোকক ‘Blue Helmet’ বুলি আখ্যা দিয়া যায়।

১৯৪৮ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ অভিযানৰ কাম আৰম্ভ হয়। এতিয়ালৈ ৭৩টা ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযান বিশ্বৰ বিভিন্ন ঠাইত চ’লে। তাৰে কিছুমান অভিযানৰ নাম হৈছে— কংগোৰ অভিযান, নামিবিয়া অভিযান, চ’মোলীয়াৰ অভিযান, চুড়ান অভিযান, ৰাৱন্দা অভিযান, হাইটি অভিযান আদি। বর্তমানে ১৩টা অভিযান চলি আছে। ৰাষ্ট্ৰসংঘৰ এই শান্তি ৰক্ষা অভিযানসমূহত বিশ্বৰ কমেও ১৩০ খন দেশে সহযোগিতা আগবঢ়াইছে। ২০১৬ চনত বিশ্বৰ ১২৪ খন দেশৰ এক লাখতকৈ অধিক কর্মীয়ে সেৱা আগবঢ়াইছে। আৰু ভাৰতৰ ৭ হাজাৰতকৈ অধিক লোক ইয়াত নিয়োজিত হৈ আছে। এই দিশত ভাৰত তৃতীয় স্থানত আছে। অভিযানৰ সমস্ত খৰচ ৰাষ্ট্ৰসংঘই বহন কৰে আৰু সদস্যবোৰে নিজৰ অংশ স্বেচ্ছাই ৰাষ্ট্ৰসংঘক যোগান ধৰে।

ৰাষ্ট্ৰসংঘৰ অধীনত বহুতো শান্তি ৰক্ষাৰ অভিযানে কাম কৰি আছে। শান্তি ৰক্ষাৰ কাম হ’লেও ইয়ে শান্তি নির্মাণ পথ প্রশস্ত কৰে। সেয়ে ইয়াৰ কাম-কাজৰ পৰিসৰ বৃদ্ধি পায়। সেয়ে এই অভিযানৰ সমস্ত কাম-কাজ শান্তি অভিযানৰ বিভাগে ক্ষমতাৰ তিনিটা কেন্দ্ৰৰ দ্বাৰা সম্পাদিত হয়। ইয়াৰে এটা কেন্দ্ৰ হৈছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ প্রতিনিধিৰ কাৰ্যালয়। তেওঁ অভিযানৰ ৰাজনৈতিক আৰু কূটনৈতিক কামৰ বাবে দায়বদ্ধ। দ্বিতীয় ক্ষমতাৰ কেন্দ্ৰ হৈছে অভিযানটোৰ সেনা নায়ক (Force Commander)। তেওঁ অভিযানটোৰ সামৰিক বাহিনীৰ কাম-কাজৰ বাবে দায়ী থাকে আৰু ক্ষমতাৰ তৃতীয় কেন্দ্ৰৰ বিষয়া হৈছে মুখ্য প্রশাসক। তেওঁ অভিযানটোৰ সকলো বয়বস্তুৰ যোগানৰ বাবে দায়বদ্ধ থাকে।

এনেধৰণে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি ৰক্ষাৰ অভিযানৰ কাম-কাজ আগবঢ়াই নিছে। ইয়াৰ কিছুমান অভিযানত সফল হ’ব পাৰিছে আৰু কিছুমান সফল হ’ব পৰা নাই। কিন্তু বেছিভাগতে সফল হৈ বিশ্বত শান্তি আৰু নিৰাপত্তা শক্তিশালী কৰিব পাৰিছে।

৩। বিশ্বৰ শান্তি আৰু নিৰাপত্তা ৰক্ষাত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযানৰ অৰিহণা বা গুৰুত্ব ব্যাখ্যা কৰা।

অথবা

ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ ভুমিকা আৰু তাৎপর্য বর্ণনা কৰা।

অথবা

শান্তি ৰক্ষা অভিযানৰ ফলাফল আলোচনা কৰা ।

উত্তৰঃ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদক সকলো প্ৰকাৰে সহায় কৰাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ চনদে আহ্বান জনাইছে। সেই মর্মে ১৯৪৮ চনৰ পৰা আৰম্ভ হোৱা শান্তি ৰক্ষাৰ অভিযানবোৰত সমগ্ৰ বিশ্বৰ দেশবোৰে সহযোগ আগবঢ়াইছে। এতিয়ালৈ বিশ্বত ৭৩ টা শান্তি ৰক্ষাৰ অভিযান হৈছে। ২০১৬ চনত বিশ্বৰ ১২৪ খন দেশৰ ১ লাখতকৈ অধিক ব্যক্তিয়ে এই অভিযানৰ কামত সেৱা আগবঢ়াইছে। গতিকে শান্তি ৰক্ষাৰ অভিযানে বিশ্বৰ বহু দুর্দশাগ্রস্ত অঞ্চলত সেৱা আগবঢ়াবলগীয়া হৈছে। শান্তি ৰক্ষা অভিযানৰ মূল উদ্দেশ্য হৈছে সংঘৰ্ষত জৰ্জৰিত অঞ্চলত যুদ্ধ বিৰতিৰ চুক্তিৰ চৰ্ত মতে শান্তিৰ কাম কৰা যদিও ই শান্তি ৰচনা আৰু শাস্তি নিৰ্মাণৰ পথ প্রশস্ত কৰে। অশান্ত অঞ্চলত জনগণৰ জীৱনৰ নিৰাপত্তা দিয়া কামৰ উপৰি জনগণৰ কল্যাণৰ কামত লাগি দিয়া, জনতাৰ অংশগ্ৰহণত উৎসাহ প্রদান কৰা, চৰকাৰ গঠনৰ নিৰ্বাচনত সহায় কৰা, মানৱ অধিকাৰ আৰু আইনৰ শাসন ৰক্ষাৰ হ’কে কাম কৰা ইত্যাদি। গতিকে স্থায়ী শান্তিৰ পৰিৱেশ ৰচনাত শান্তি ৰক্ষাৰ অভিযানে বিশেষ অৰিহণা যোগাব পাৰিছে। বিশ্বৰ শান্তি প্ৰতিষ্ঠাৰ সেৱাত শান্তি ৰক্ষাৰ অভিযানৰ অশেষ অৰিহণা থকা বাবে ১৯৮৮ চনত শান্তিৰ ন’বেল বঁটা পাবলৈ সক্ষম হৈছে। শান্তি ৰক্ষা অভিযানৰ ফলাফলবোৰ তলত আলোচনা কৰা হ’ল—

শান্তি ৰক্ষাৰ ফলাফল—

(ক) বিশ্বত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে যিমানবোৰ (৭৩ বাৰ) অভিযান চলোৱা হৈছিল তাৰ বেছি ভাগতে সফল হ’ব পাৰিছে। গতিকে বিশ্বৰ নিৰাপত্তা শক্তিশালী হৈ উঠাত শান্তি ৰক্ষাৰ অভিযানৰ ভূমিকা জড়িত হৈ আছে।

(খ) শান্তি ৰক্ষাৰ অভিযানবোৰৰ বাবে যুদ্ধ, সংঘর্ষ, লুণ্ঠন, অত্যাচাৰ, অবিচাৰ তথা অশান্তি হ্রাস যথেষ্টভাৱে হয়, অসামৰিক লোকৰ জীৱন ৰক্ষা হয়। গতিকে অস্থিৰ অৱস্থাৰ পৰা সুস্থিৰ অৱস্থালৈ পৰিৱৰ্তিত হোৱাত এই অভিযানবোৰ যথেষ্ট সহায় কৰিছে।

(গ) তদুপৰি শান্তি ৰক্ষাৰ অভিযানবোৰ বিদ্ৰোহীসকলক, সংগ্রামীসকলক, বিপথে পৰিচালিত হোৱা ব্যক্তিসকলক মূল সুঁতিত চামিল হোৱাত, বুজাবুজিত উপনীত হোৱাত বহুখিনি সহায় কৰে আৰু শাস্তি স্থাপনত অৰিহণা আগবঢ়াইছে।

(ঘ) শান্তি ৰক্ষাৰ অভিযানবোৰে সন্ত্ৰাসেৰে তিক্ত কৰা জীৱনৰ ঠাইত নিৰাপত্তা নিশ্চিত কৰি জনগণৰ কল্যাণ সাধন কৰিব পাৰিছে। ৰাইজৰ সামাজিক অংশগ্রহণ, অর্থনৈতিক ৰাজনৈতিক অংশগ্ৰহণ আদি বৃদ্ধি কৰি গণতন্ত্ৰৰ প্ৰসাৰ কৰিব পাৰিছে । গতিকে শান্তি ৰক্ষাৰ অভিযানবোৰৰ গুৰুত্ব অপৰিসীম।

শান্তি ৰক্ষাৰ অভিযানবোৰৰ সুফলৰ বিপৰীতে সমালোচনা নথকাও নহয়। মানৱ অধিকাৰ লংঘন, আইনৰ শাসন উলংঘন, মহিলাৰ শ্লীলতাহানী আদিৰ অভিযানবোৰে শান্তি ৰক্ষা অভিযানৰ সুনাম বৃদ্ধিত ব্যাঘাত জন্মাইছে।

যি নহওঁক শান্তি ৰক্ষা অভিযানে বিশ্বৰ শান্তি আৰু নিৰাপত্তা বজাই ৰখাত বিশেষ গুৰুত্ব বহন কৰিছে। ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ বিশ্বৰ ৭০ খন দেশত ৯৩ খন যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হোৱা পৰিস্থিতিয়ে শান্তি ৰক্ষা অভিযানৰ প্ৰাসংগিতা বৃদ্ধি কৰিছে আৰু তাৰ বাবে বিশ্বই তৃতীয় বিশ্ব যুদ্ধৰ পৰা হাত সাৰি থাকিব পাৰিছে।

৪। ৰাষ্ট্ৰসংঘই চনদৰ কোন কোন নিয়মৰ যোগেদি আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে ব্যৱস্থা ল’ব পাৰে তাৰ বৰ্ণনা কৰা।

অথবা

আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে নিৰাপত্তা পৰিষদে অনুসৰণ কৰা ৰাষ্ট্ৰসংঘৰ চনদৰ বিধানবোৰ ব্যাখ্যা কৰা।

অথবা

শান্তিৰক্ষা অভিযান গঠনৰ পটভূমিত ৰাষ্ট্ৰসংঘৰ চনদৰ কোনবোৰ নিয়মে সহায় কৰিছে উল্লেখ কৰি বৰ্ণনা কৰা।

উত্তৰঃ যুদ্ধ শান্তিৰ প্ৰতি এক ডাঙৰ ভাবুকি। যুদ্ধ বা কোনো সংঘর্ষই আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাত ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষাৰ অভিযানবোৰৰ ব্যৱস্থা লৈছে। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা হৈছে ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য (অনুচ্ছেদ – ১, ৰাষ্ট্ৰসংঘৰ চনদ)। এই উদ্দেশ্য ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ চনদে ভালেমান বিধানৰ ব্যৱস্থা ৰাখিছে।

চনদৰ ২ (৭) নং অনুচ্ছেদত কোৱা আছে যে ৰাষ্ট্ৰসংঘই সাধাৰণতে কোনো ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। কিন্তু কোনো ৰাষ্ট্ৰৰ সংঘাতে বা অশান্তিয়ে বিশ্বৰ শান্তি আৰু নিৰাপত্তাত যেতিয়া বাধা দিয়ে তেতিয়া সেই দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ পাব পাৰিব। অনুচ্ছেদ ২৪য়ে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ দায়িত্ব নিৰাপত্তা পৰিষদৰ ওপৰত অৰ্পণ কৰে। অনুচ্ছেদ ৩৯ নং মৰ্মে নিৰাপত্তা পৰিষদে বিশ্বৰ কোনো দেশৰ সংঘৰ্ষই বিশ্বৰ শান্তি আৰু নিৰাপত্তা ভংগ হোৱা বুলি বা শান্তিৰ প্ৰতি ভাবুকি হ’ব পাৰে বুলি প্ৰত্যয় যায় তেতিয়া আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ হেতু চনদৰ ৪১ আৰু ৪২ নং অনুচ্ছেদৰ আধাৰত নিৰাপত্তা পৰিষদে কিছুমান প্ৰতিৰোধৰ ব্যৱস্থা ল’ব পাৰিব। 

৪০ নং অনুচ্ছেদ মৰ্মে নিৰাপত্তা পৰিষদে প্ৰতিৰোধৰ ব্যৱস্থা লোৱাৰ আগতে বিবাদমান পক্ষক হিংসাৰ পৰিহাৰ কৰাৰ নিয়মবোৰ মানি চলাৰ বাবে আহ্বান কৰিব আৰু তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব। ৪১ নং অনুচ্ছেদ অনুযায়ী নিৰাপত্তা পৰিষদে সদস্য ৰাষ্ট্ৰবোৰক সেই ৰাষ্ট্ৰৰ বিৰুদ্ধে অর্থনৈতিক সম্পর্ক বিচ্ছিন্ন কৰাৰ কাৰণে, বায়ু-স্থূল-জল পথ, ডাক সেৱাকে ধৰি সকলো সম্পর্ক ছেদ কৰাৰ আহ্বান জনাব। ৪২ নং অনুচ্ছেদত লিখা আছে যে যদি শান্তি ৰক্ষাৰ বাবে ৪১ নং অনুচ্ছেদৰ উপায়বোৰ পৰ্যাপ্ত নহয় তেতিয়া নিৰাপত্তা পৰিষদে স্থলজল-বায়ু বাহিনীৰ দ্বাৰাই আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ ব্যৱস্থা ল’ব পাৰিব। চনদৰ ৪৩ নং অনুচ্ছেদ মর্মে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰখাৰ উদ্দেশ্যৰ নিৰাপত্তা পৰিষদে সদস্য ৰাষ্ট্ৰবোৰক সৈন্যবাহিনীকে ধৰি আন আৱশ্যকীয় বয়-বস্তুসমূহ ৰাষ্ট্ৰসংঘক যোগান ধৰিবলৈ আহ্বান জনাব। ৪৪ নং অনুচ্ছেদে নিৰাপত্তা পৰিষদে সামৰিক শক্তি ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে। তদুপৰি ৪৫ নং অনুচ্ছেদৰ আধাৰত নিৰাপত্তা পৰিষদে বায়ুসেনা ব্যৱহাৰ কৰিব পাৰিব। ৪৬ নং অনুচ্ছেদৰ আধাৰত শান্তি ৰক্ষা অভিযানৰ পৰিকল্পনাৰ কামত নিৰাপত্তা পৰিষদে মিলিটাৰী ষ্টাফ কমিটি (Military Staff Committee)ৰ সহায় ল’ব পাৰিব। 

৪৭ নং অনুচ্ছেদত মিলিটাৰী ষ্টাফ কমিটিৰ গঠন আৰু কাৰ্যৰ বিষয়ে বর্ণনা আছে। ৪৮ নং অনুচ্ছেদ অনুযায়ী শান্তি ৰক্ষা অভিযানৰ দায়িত্ব ৰাষ্ট্ৰসংঘৰ সকলো সদস্যই ল’ব পাৰিব বা কেইখনমান ৰাষ্ট্ৰই ল’ব পাৰিব নতুবা তেওঁলোকৰ কোনো সংগঠনেও ল’ব পাৰিব। ৪৯ নং অনুচ্ছেদত এয়াও কোৱা আছে যে নিৰাপত্তা পৰিষদে লোৱা সকলো কার্যত সদস্য ৰাষ্ট্ৰবোৰে সম্পূৰ্ণ সহায় কৰিব লাগিব। ৫০ নং অনুচ্ছেদ অনুযায়ী শান্তি ৰক্ষাৰ অভিযানত যদি ৰাষ্ট্ৰসংঘৰ কোনো সদস্য বা সদস্য নোহোৱা কোনো সদস্যই বা সংগঠনে অর্থনৈতিক সমস্যাৰ মুখামুখী হয় তেতিয়া সেই বিষয়ৰ ওপৰত নিৰাপত্তা পৰিষদে আলোচনা কৰাৰ অধিকাৰ থাকিব। শেষত ৫১ নং অনুচ্ছেদত বর্ণনা আছে যে ৰাষ্ট্ৰসংঘৰ কোনো সদস্য ৰাষ্ট্ৰৰ বিৰুদ্ধে আক্রমণ হয় তেতিয়া নিৰাপত্তা পৰিষদে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰালৈকে আৰু নিৰাপত্তা পৰিষদৰ স্বাৰ্থত আঘাত নপৰাকৈ ৰাষ্ট্ৰখনে ব্যক্তিগতভাৱে বা সমূহীয়াভাৱে আত্মৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’ব পাৰিব।

এনেদৰে দেখা যায় যে বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ভালেমান বিধান চনদত দিয়া আছে। ১ আৰু ২ নং অনুচ্ছেদৰ বাহিৰে আন সকলোবোৰ বিধান চন্দৰ সপ্তম অধ্যায়ত আছে। এইবোৰেই হৈছে শান্তি ৰক্ষা অভিযানৰ আইনসন্মত ভেঁটি।

আন এটা উল্লেখযোগ্য কথা যে যদি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বিষয়ত একমতত উপনীত হ’ব নোৱাৰে তেতিয়া সাধাৰণ সভাই এই বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰাৰ কৰ্তৃত্ব পাইছে আৰু তাক কার্যকৰী কৰিব পাৰে। (১৯৫০ চনৰ ৩ নৱেম্বৰত গৃহীত হোৱা সাধাৰণ সভাৰ- Uniting for Peace Resolution মৰ্মে)। এতিয়ালৈ ৰাষ্ট্ৰসংঘই বহুবোৰ শান্তিৰক্ষাৰ অভিযান চলাইছে আৰু বহু ঠাইত সফলো। হৈছে। দুই এটা অভিযানত সফল নহ’লেও শান্তি ৰক্ষাৰ অভিযানবোৰে বিশ্বৰ শান্তি আৰু নিৰাপত্তাত সক্ৰিয় অংশ লৈছে।

৫। বিবাদ নিষ্পত্তিৰ বা সংঘাত নিৰাময়ৰ শান্তিপূর্ণ উপায়/পদ্ধতিবোৰৰ বিষয়ে আলোচনা কৰা।

অথবা

ৰাষ্ট্ৰসংঘৰ চনদত বিবাদ নিষ্পত্তিৰ কি কি শান্তিপূর্ণ উপায়ৰ কথা উল্লেখ আছে তাৰ বৰ্ণনা দিয়া।

উত্তৰঃ যুদ্ধ শাস্তিৰ প্ৰতি ভাবুকি বুলি বিশ্বৰ সকলো মানৱ প্ৰেমীয়ে গণ্য কৰে। সেয়ে আন্তর্জাতিক, দেশীয় সকলো বিবাদ হিংসাত্মক ৰূপ লোৱাৰ আগতে নিষ্পত্তি কৰাৰ বাবে গুৰুত্ব দিয়া হয়। ৰাষ্ট্ৰসংঘ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে বিশেষকৈ গঠন কৰা হয়। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰাষ্ট্ৰসংঘৰ চনদত ৩২ বাৰ উল্লেখ কৰা কাৰ্যই ইয়াৰ গুৰুত্ব প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘ চনদৰ ১ নং, ৩৩ (ক, খ) আৰু ৩৪ নং অনুচ্ছেদত বিবাদ নিষ্পত্তিৰ শান্তিপূৰ্ণ উপায়বোৰৰ কথা কোৱা আছে। গতিকে বিবাদ নিষ্পত্তিত শক্তি প্ৰয়োগ কৰাৰ আগতে শান্তিপূর্ণ উপায়বোৰ ব্যৱহাৰ কৰে। সেই উপায়বোৰ হ’ল—আলোচনা (Negotiation), মধ্যস্থতা (Meditation), আপোচ বা এৰা-ধৰা (Conciliation), অনুসন্ধান (Enquiry), উমৈহতীয়া বিচাৰ (Adjudication), আৰু ন্যায়িক নিষ্পত্তি (Judicial Settlement) |

(ক) আলোচনা-বিলোচনা – বিবাদ নিষ্পত্তিৰ আটাইতকৈ সহজ উপায় হৈছে আলোচনা-বিলোচনাৰ মাজেৰে বিবাদ নিষ্পত্তি কৰা। এই পদ্ধতিত সংঘৰ্ষত লিপ্ত থকা পক্ষৰ মাজত আলোচনা আৰম্ভ কৰা হয় আৰু বুজাবুজিৰ দ্বাৰাই সমস্যাৰ সমাধানৰ পথ উলিওৱা হয়। সাধাৰণতে কোনো এটা পক্ষৰ প্ৰতিনিধিয়ে আন পক্ষৰ লগত নতুবা তাৰ প্ৰতিনিধিৰ সৈতে মুখামুখী আলোচনাত বহে নতুবা কূটনৈতিক মাধ্যমত আলোচনাত আহে আৰু সমস্যা সমাধানৰ সূত্ৰ উলিয়াই শান্তিৰ পথ প্রশস্ত কৰি তোলে।

(খ) মধ্যস্থতা – যেতিয়া সংঘৰ্ষৰ দুয়োটা পক্ষৰ মাজত সহজে সমস্যা সমাধান হোৱাৰ আশা নাথাকে আৰু সমস্যাই জটিল ৰূপ ল’বলৈ ধৰে তেতিয়া তৃতীয় পক্ষই এই বিষয়ত সহায় কৰাৰ কাৰণে আহিব পাৰে। যদি বিবাদ জড়িত পক্ষই তৃতীয় পক্ষৰ প্ৰস্তাৱ মানি লয় তেতিয়া তেনে প্রতিনিধিৰ চেষ্টাৰ বাবে বিবাদ মীমাংসা হৈ শান্তি সৃষ্টি হয়।

(গ) মিটমাত বা আপোচ – সমস্যাৰ শান্তিপূর্ণ সমাধানৰ আন এক উপায় আপোচ বা মিটমাত। এনে পদ্ধতিত সমস্যা সমাধানৰ বাবে জ্ঞানী ব্যক্তি বা পৰামৰ্শদাতা বা কোনো উপদেষ্টা গোটৰ সহায় লোৱা হয়। আৰু আলোচনা মর্মে বাদী-বিবাদী দুয়ো পক্ষই এৰা-ধৰাৰ মাজেৰে শান্তিপূর্ণ সিদ্ধান্তত উপনীত হয়।

(ঘ) অনুসন্ধান – কেতিয়াবা বিবাদ নিষ্পত্তিত অনুসন্ধান উপায় অৱলম্বন কৰা হয়। অনুসন্ধান গোটে দুয়োটা পক্ষৰ অভিযোগ আপত্তি আৰু তাৰ তথ্যবোৰ অনুসন্ধান কৰে আৰু তাৰ ভিত্তিত শান্তিৰ সূত্ৰৰ সন্ধান দিয়ে।

(ঙ) উমৈহতীয়া বিচাৰ – উমৈহতীয়া বিচাৰ মাধ্যমৰ জৰিয়তেও কেতিয়াবা সমস্যাৰ শান্তিপূর্ণ সমাধান ওলায়। জাতিসংঘ থকাৰ সময়ত এই পদ্ধতিৰ বেছ জনপ্রিয়তা আছিল। সাধাৰণতে আইনজ্ঞ ব্যক্তিক এই কামৰ দায়িত্ব দিয়া হয় আৰু শান্তিপূর্ণ সমাধান হয়।

(চ) ন্যায়িক নিষ্পত্তি – আন্তর্জাতিক বিবাদ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ— আন্তর্জাতিক আদালতৰ ব্যৱস্থা আছে। বিবাদত জড়িত কোনো পক্ষই বিবাদ নিষ্পত্তিৰ বাবে এই আদালতত আবেদন কৰিব পাৰে আৰু তেতিয়া আন্তর্জাতিক আদালতে বিবাদ নিষ্পত্তিৰ ৰায় দি শান্তি প্রতিষ্ঠা কৰিব পাৰে।

এনেদৰে দেখা যায় যে বিবাদ নিষ্পত্তিৰ ভালেমান শান্তি উপায় আছে আৰু এনে উপায়ৰ জৰিয়তে ভালেমান বিবাদৰ শান্তিপূর্ণ সমাধান হৈছে। ইমানবোৰ শান্তিপূর্ণ উপায় থকাৰ পিচতো বিশ্বৰ বহু অঞ্চলৰ সমস্যা জটিল হৈ থাকে যাৰ বাবে ৰাষ্ট্ৰসংঘই শক্তি প্রয়োগ কৰিব লগা হৈছে। মুঠতে সকলো ধৰণৰ উপায়েৰে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰাখিব বিচাৰে।

৬। ৰাষ্ট্ৰসংঘই শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াত কি কি কাৰ্য ব্যৱস্থা বা পদ্ধতি গ্ৰহণ কৰে আলোচনা কৰা ।

অথবা

শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াৰ পদ্ধতিসমূহ পর্যায়ক্রমে আলোচনা কৰা।

অথবা

শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াৰ পৰ্যায়সমূহ বর্ণনা কৰা।

উত্তৰঃ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য। বর্তমান সময়ত যুদ্ধৰ দৰে গৃহযুদ্ধ, জাতিগত সংঘাত, ৰাজনৈতিক অস্থিৰতা আদিয়ে বিশ্ব শান্তি আৰু নিৰাপত্তাত ভাবুকি হৈ পৰিছে। উদাহৰণস্বৰূপে ১৯৯০-১৯৯৫ চনৰ সময়ত বিশ্বৰ ৭০ খন দেশত ৯৩ খন যুদ্ধ বা যুদ্ধসদৃশ পৰিস্থিতি চলি আছিল। সেয়ে ই বিশেষ চিন্তাৰ বিষয়। এইবিলাকে যাতে বিশ্ব শান্তি আৰু নিৰাপত্তা নষ্ট কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘই শান্তি প্ৰতিষ্ঠাৰ হ’কে ভালেমান কার্যব্যৱস্থা গ্রহণ কৰে। সংঘাতেৰে জৰ্জৰিত দেশসমূহত শান্তি প্ৰতিষ্ঠাৰ বাবে নিৰাপত্তা পৰিষদে তলত দিয়া কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি গৈ আছে। সেইবোৰ পর্যায়ক্রমে হৈছে— সংঘাত প্ৰতিৰোধ আৰু মধ্যস্থতা (Conflict Prevention and Meditation), শান্তি ৰক্ষা (Peace keeping), শান্তি ৰচনা (Peace Making), শান্তি বলবৎ (Peace Enforcement) আৰু শান্তি নির্মাণ (Peace Building) ।

(ক) সংঘাত প্ৰতিৰোধ আৰু মধ্যস্থতা – সংঘাত বা বিবাদে হিংসাত্মক বা জটিল ৰূপ লোৱাৰ আগতে কূটনৈতিক উপায়েৰে শান্তি প্রতিষ্ঠাৰ প্ৰচেষ্টা চলোৱা হয়। বিবাদত জড়িত পক্ষৰ অভিযোগ-প্রতিঅভিযোগ আদিৰ তথ্য ভিত্তিত সূক্ষ্মভাৱে বিশ্লেষণ কৰা হয় আৰু বাস্তৱতাৰ ভেঁটিত সমস্যা সমাধানৰ পৰামৰ্শ দিয়া হয়। ৰাষ্ট্ৰসংঘৰ ৰাজনৈতিক পৰিক্ৰমাৰ মন্ত্রণালয়ে মধ্যস্থতাৰ ভূমিকা লৈ শান্তিৰ পথ প্রশস্ত কৰে। এনেদৰে যুদ্ধ বিৰতি বা শান্তি চুক্তি স্বাক্ষৰিত হয়।

(খ) শান্তি ৰক্ষা – বিবাদমান অঞ্চলত শান্তি চুক্তি ভংগ কৰি কোনো পক্ষই যাতে শান্তি ভংগ কৰিব নোৱাৰে তাৰ বাবে কোনো পক্ষই নিৰাপত্তা পৰিষদক শান্তি ৰক্ষাৰ বাবে অনুৰোধ কৰিলে নিৰাপত্তা পৰিষদে তালৈ শান্তি ৰক্ষাৰ অভিযান প্ৰেৰণ কৰে। গতিকে শান্তি ৰক্ষা ব্যৱস্থাত শান্তি চুক্তিৰ চৰ্ত কোনো শত্ৰুয়ে ভংগ নকৰে তাৰ প্ৰতি শান্তি ৰক্ষা অভিযানে সতৰ্ক দৃষ্টি ৰাখিব, দুষ্কৃতিকাৰীৰ হিংসাত্মক কার্যকলাপ বন্ধ কৰিব, অসামৰিক লোকৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব আৰু কল্যাণমূলক কাম কৰি যাব, জনগণৰ সামাজিক-অর্থনৈতিক ৰাজনৈতিক-সাংস্কৃতিক কাম-কাজত অংশগ্রহণ বৃদ্ধি কৰিব, নির্বাচন সম্বন্ধীয় কাম-কাজৰ আয়োজন কৰিব, মানৱ অধিকাৰ ৰক্ষা আৰু বিকাশ কৰিব আৰু আইনৰ শাসন প্রতিষ্ঠা হোৱাত সহায় কৰিব । 

এনেদৰে শান্তি ৰক্ষা অভিযানৰ সেনানীসকলে জনগণৰ জীৱন সুৰক্ষিত কৰি ৰাজনৈতিক জীৱনো সুৰক্ষিত হোৱাত ভালেখিনি সহায়ৰ কাম কৰে। যিহেতু এওঁলোক দুর্দশাগ্রস্ত জনগণৰ কাষত থিয় তেওঁলোকৰ জীৱনৰ কল্যাণৰ বাবে সেৱা আগবঢ়াই শান্তি ৰক্ষকৰ ভূমিকা পালন কৰে আৰু বিবাদমান অঞ্চলত শান্তিৰ পৰিৱেশ সৃষ্টি হয়।

(গ) শান্তি ৰচনা – শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াৰ আন এক অন্যতম কাৰ্য ব্যৱস্থা হৈছে শান্তি ৰূচনা। শান্তি ৰচনাৰ কাম শান্তি ৰক্ষা অভিযানৰ আগে-পাছে হ’ব পাৰে। এই সময়ত শান্তি চিৰস্থায়ী হোৱাৰ কাৰণে দুয়োপক্ষৰ দাবী, অভিযোগ-প্রতিঅভিযোগ আদি সূক্ষ্মভাৱে চোৱাৰ কাৰণে বিশেষ দূত, চৰকাৰী ব্যক্তি, বেচৰকাৰী ব্যক্তি, বা সংগঠন, গোট বা সমাজৰ অতি শ্রদ্ধাশীল ব্যক্তিক নিয়োগ কৰা হয়। তেওঁলোকে বিবাদৰ মূল কাৰণসমূহ তথ্যভিত্তিত দুয়োপক্ষৰ মাজত আলোচনা কৰে আৰু দুয়োপক্ষৰ সম্মতি হোৱাকৈ বুজাবুজি চুক্তিৰ চৰ্তাৱলী লিপিবদ্ধ কৰে আৰু বুজাবুজিৰ চুক্তিত সকলো পক্ষই স্বাক্ষৰ কৰাৰ লগে লগে স্থায়ী শান্তি আৰম্ভ হয়।

(ঘ) শান্তি বলবৎকৰণ – শান্তি প্রতিষ্ঠাৰ এক কঠোৰ পদ্ধতি হৈছে শান্তি বলবৎ কৰণ ৷ বিবাদ নিষ্পত্তিৰ আন সকলো প্ৰচেষ্টা বিফল হোৱাৰ পিচত নতুবা বিবাদ বন্ধ কৰাৰ সাৱধানবাণী প্ৰেৰণ কৰাৰ পিচতো যদি পৰিস্থিতি বেয়াৰ ফালে  ঢাল লৈ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাত ভাবুকি দেখা দিয়ে তেতিয়া ৰাষ্ট্ৰসংঘই শক্তিমূলক উপায় হিচাপে সামৰিক শক্তি প্রয়োগ কৰিব আৰু সামৰিক ব্যৱস্থাৰ দ্বাৰাই তাত শান্তি প্রতিষ্ঠা কৰিব। এইক্ষেত্ৰত প্ৰয়োজন হ’লে নিৰাপত্তা পৰিষদে আঞ্চলিক সংগঠনৰ সহায় ল’ব আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব।

(ঙ) শান্তি নির্মাণ – শান্তি নিৰ্মাণৰ কাৰ্যব্যৱস্থা শান্তি প্ৰতিষ্ঠাৰ বাবে গুৰুত্বপূৰ্ণ। ই শান্তি প্ৰতিষ্ঠা প্ৰক্ৰিয়াৰ শেষ পদ্ধতি। অশান্ত অঞ্চলত জীৱন স্বাভাৱিক হোৱাৰ বাবে যিবোৰ দায়িত্বপূর্ণ কাম কৰিব লগা হয় সেয়াই হৈছে শান্তি নিৰ্মাণৰ ভেঁটি। সেয়ে এই প্ৰক্ৰিয়াৰ কাম-কাজ বাৰেবৰণীয়া জটিল আৰু দীৰ্ঘম্যাদী হয়। সহস্ৰবাদ বিকাশৰ লক্ষ্য, বহনক্ষম বিকাশৰ লক্ষ্য পূৰণৰ মাজেৰে স্থায়ী শান্তিৰ ভেঁটি গঢ় লৈ উঠিব। শান্তি নিৰ্মাণৰ কাৰ্যৰ পৰিসৰ নিৰাপত্তাৰ দিশতে আৱদ্ধ নাথাকি মানৱ কল্যাণৰ সকলো দিশ জড়িত থাকে আৰু ইয়াৰ উন্নয়ন সাধনৰ বাবে ৰাষ্ট্ৰসংঘৰ বিভিন্ন আঁচনি, অনুষ্ঠানে সহায় আগবঢ়ায়। শান্তি নিৰ্মাণৰ বহুমুখী কাৰ্যব্যৱস্থাই দেশৰ চৰকাৰ, অনুষ্ঠান আদিৰ সক্ষমতা বৃদ্ধি কৰিব পাৰিলে শান্তি নিৰ্মাণৰ প্ৰক্ৰিয়া শেষ হোৱাক বুজাব আৰু বিবাদমান অঞ্চলত শান্তি পুনৰ প্ৰতিষ্ঠা হ’ব।

ওপৰৰ আলোচনাৰ পৰা জনা যায় যে শান্তি প্রতিষ্ঠাৰ ভালেমান পর্যায় বা পদ্ধতি আছে।। তাৰ মাজত কিছু পার্থক্য থাকিলেও তাৰ ওচৰ সম্বন্ধহে মনকৰিবলগীয়া আৰু তাৎপর্যপূর্ণ।

৭। শান্তি ৰক্ষাৰ নীতিসমূহ কি কি আলোচনা কৰা।

অথবা

শান্তি ৰক্ষা অভিযান কৃতকাৰ্য হোৱাৰ চৰ্তসমূহ বর্ণনা কৰা।

উত্তৰঃ শান্তি ৰক্ষা কামৰ কিছুমান নীতি আছে। এই নীতিবোৰে শান্তি ৰক্ষা বাহিনীৰ ব্যক্তিসকলক দায়িত্ব পালনত দিক নির্ণয় কৰে। এই নীতিসমূহ থকাৰ বাবে শাস্তি ৰক্ষাৰ কৰ্মীসকলে কেনেকৈ কাৰ লগত কাৰ বাবে কেনেকৈ কাম কৰিব লাগে তাক স্পষ্টকৈ জানিব পাৰে। শান্তি ৰক্ষাৰ মূলতঃ তিনিটা নীতি আছে। সেইবোৰ হৈছে – 

(ক) সন্মতি (Consent)। 

(খ) নিৰপেক্ষতা (Impartiality)। আৰু 

গ) আত্মৰক্ষাৰ বাহিৰে অন্য বিষয়ত শক্তিৰ নূন্যতম ব্যৱহাৰ। এই নীতিবোৰ শাস্তি ৰক্ষাৰ সময়ত পালন কৰা হয়।

(ক) সন্মতি – সন্মতি মানে অনুমতি দিয়া। অর্থাৎ সম্মতি দিয়া অঞ্চলতহে শান্তি ৰক্ষাৰ অভিযান বা কাম চলিব পাৰে। শান্তি চুক্তিৰ কোনো পক্ষই অশান্ত অঞ্চলত শান্তি অটুট ৰখাৰ বাবে নিৰাপত্তা পৰিষদক অনুৰোধ কৰে আৰু তেতিয়া নিৰাপত্তা পৰিষদে শান্তি ৰক্ষা অভিযান গঠন কৰি তেনে অঞ্চললৈ প্ৰেৰণ কৰে। গতিকে সন্মতি পালেহে শান্তি ৰক্ষা অভিযান প্ৰেৰিত হয়। যদি সন্মতি নাথাকে বা মাজ সময়ত সম্মতি উঠাই লয় তেতিয়া নিৰাপত্তা পৰিষদে শান্তি ৰক্ষাৰ অভিযান নচলায় আৰু উঠাই আনে। সন্মতি নোপোৱা অঞ্চলত শান্তি ৰক্ষাৰ অভিযান চলাব লগা হ’লে যথেষ্ট বাধাৰ সম্মুখীন হ’ব লাগে ৷ তেতিয়া তেনে অভিযান শান্তি ৰক্ষাৰ বুলি ক’ব নোৱাৰি, সি শান্তি বলবৎকৰণৰ বুলিহে ক’ব লাগিব। গতিকে শান্তি ৰক্ষাৰ কামত্ব সন্মতি লাগিব। কাৰণ সন্মতি দানে অকল চুক্তিত স্বাক্ষৰ কৰাকে নুবুজায়; ইয়ে অভিযানৰ লক্ষ্য প্রাপ্তিত সহায় কৰাক বুজায়।

(খ) নিৰপেক্ষতা – নিৰপেক্ষতা মানে কাৰো পক্ষ নোলোৱা অৰ্থাৎ চুক্তিৰ স্বাক্ষৰকাৰীৰ কোনো এটাৰ হ’কে বা আনটোৰ বিপৰীতে কাম কৰাক নুবুজায়। শান্তি ৰক্ষাৰ কৰ্মীসকলে কাৰো পক্ষৰ হৈ কাম নকৰে; চুক্তিৰ চৰ্তমতে নিৰপেক্ষভাৱে শান্তি ৰক্ষা কৰিব লাগে। অভিযানৰ উদ্দেশ্যৰ হৈয়ে কাম কৰিব লাগে। কাৰো স্বাৰ্থৰ কথা নাভাবি অভিযান সফল হোৱাৰ স্বাৰ্থত কাম কৰিব লাগে। নিৰপেক্ষতাই কোনো কাম নকৰা, মনে মনে বহি থকা বা নিষ্ক্রিয় হৈ থকাক নুবুজায়। শান্তি ৰক্ষাকাৰীসকলক এখন খেলৰ ৰেফাৰীৰ লগত তুলনা কৰা যায়। খেল পৰিচালনাত ৰেফাৰীয়ে সম্পূৰ্ণ নিৰপেক্ষ হৈ খেল আগবঢ়াই লৈ যায়। খেলৰ নিয়ম ভংগ কৰিলে তাৰ শাস্তিৰ ব্যৱস্থা কৰে। তেনেকৈ শান্তি রক্ষাৰ অভিযানেও শান্তি চৰ্তমতে কাম কৰিব আৰু কোনোবাই শান্তি ভংগ কৰিলে শাক্তিৰ ব্যৱস্থা কৰিব। ইয়াৰ অৰ্থ এই যে নিৰপেক্ষভাৱে শান্তি অভিযানৰ উদ্দেশ্য পূৰণ কৰিব লাগে।

(গ) শক্তিৰ ন্যূনতম ব্যৱহাৰ – ইয়াত শক্তিৰ অৰ্থ হৈছে অস্ত্ৰৰ ব্যৱহাৰ। শান্তি ৰক্ষা অভিযানৰ নীতি হৈছে শক্তিৰ ন্যূনতম ব্যৱহাৰ কৰা। এই অভিযানৰ ব্যক্তিসকল শান্তিৰ সেনানীহে, যুদ্ধক্ষেত্ৰৰ সেনানী নহয়। তেওঁলোকে আত্মৰক্ষাৰ কাৰণৰ বাহিৰে অন্য বিষয়ত অস্ত্ৰৰ ব্যৱহাৰ প্ৰায়ে নকৰে। শক্তিৰ ব্যৱহাৰ নকৰা মানে সংযম হৈ কাম কৰা, হিংসাৰ কামবোৰ অহিংসাৰ মাধ্যমত কৰা, যথাযথভাৱে নিষ্পত্তি কৰা আদিক বুজায়। ন্যূনতম শক্তিৰে অভিযানৰ লক্ষ্য পূৰণ কৰাৰ চেষ্টা কৰিব লাগে।

শান্তি ৰক্ষাৰ কামত যেনেদৰে তিনিটা নীতি অনুসৰণ কৰা হয় তেনেকৈ শান্তি ৰক্ষা সফল হোৱাৰ ক্ষেত্ৰতো তিনিটা চৰ্ত থাকে। সেই চৰ্তবোৰ হৈছে–

(ক) বৈধতা (Legitimacy) – বৈধতা মানে আইনগত বা বিধানমণ্ডল তথা চৰকাৰৰ সন্মতি থকা কার্যক বুজায়। বৈধতা থাকিলে জনগণে স্বেচ্ছাই মানি লয়। শান্তি ৰক্ষা অভিযানবোৰৰ বৈধতা আছে। ইয়াৰ ভেঁটি হৈছে ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি-নিয়মবোৰ আৰু আন্তর্জাতিক আইনবোৰ। শান্তি ৰক্ষাৰ অভিযানবোৰ আইনৰ ভেটিত কাম কৰে বাবে ইয়াত জনতাৰ সমৰ্থন থাকে আৰু ই সহজে সফল হয়।

(খ) বিশ্বাসযোগ্যতা – যিবোৰ সেৱাই মানুহৰ হিত সাধন কৰে তাৰ প্ৰতি সহজে বিশ্বাস বাঢ়ে। শান্তি ৰক্ষাৰ অভিযানে নিৰপেক্ষভাৱে কাম কৰি সকলোৰে কল্যাণৰ কাম কৰে বাবে/অভিযানবোৰৰ প্ৰতি মানুহৰ বিশ্বাস বাঢ়ে আৰু অভিযানৰ কাম-কাজ সহজে সফল হৈ যায়।

(গ) স্থানীয় আৰু জাতীয় অংশগ্ৰহণৰ স্বত্ব – শান্তি ৰক্ষা অভিযানৰ লক্ষ্যই শান্তি নিৰ্মাণৰ পথ প্ৰশস্ত কৰি তোলে। ইয়াৰ বিকাশ প্ৰক্ৰিয়াৰ কামত স্থানীয় লোক, অনুষ্ঠান আৰু জাতীয় পৰ্যায়ৰ অনুষ্ঠান-পাতিৰ অংশগ্রহণ নিশ্চিত হ’লে শান্তি ৰক্ষাৰ অভিযান সহজে সফল হ’ব পাৰে।

গতিকে শান্তি ৰক্ষাৰ অভিযানত নীতি আৰু চৰ্তবোৰ অনুসৰণ হ’লে অভিযানে উদ্দেশ্য সাধন কৰিব পাৰিব।

৮। ৰক্ষাৰ দায়বদ্ধতা মানে কি? ইয়াৰ নীতিসমূহ কি কি? ইয়াৰ কাৰ্যৰ পৰিসৰ কি? ৰক্ষাৰ দায়বদ্ধতা আৰু শান্তি ৰচনাৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰা।

উত্তৰঃ ৰক্ষাৰ দায়বদ্ধতা (Responsibility to Protect) ই বিশ্বজনীন ৰাজনৈতিক প্রতিশ্রুতিক বুজায়। ই সার্বভৌমত্বৰ ধাৰণা, আন্তর্জাতিক আইন আৰু সাধাৰণ আইন নীতিৰ ওপৰত প্রতিষ্ঠিত। সার্বভৌমত্ব তথা আইনৰ উদ্দেশ্য হৈছে জনতাক শান্তি আৰু নিৰাপত্তা দিয়া। ২০০৪ ইং চনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ৰাৱান্দা আৰু বালকানৰ গণহত্যাৰ ওপৰত বিশেষ উপদেষ্টা নিয়োগ কৰে আৰু ইয়ে গণহত্যা ৰোধৰ বাবে ৰক্ষাৰ দায়বদ্ধতাৰ নীতিৰ কথা দোহাৰে। ২০০৫ ইং চনৰ বিশ্ব সন্মিলন (World Summit)ত ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই গণহত্যা, নৃ-গোষ্ঠীয় হত্যা, যুদ্ধ অপৰাধ আৰু মানৱ অপৰাধৰ বিৰুদ্ধে থিয় হয় আৰু ‘ৰক্ষাৰ দায়বদ্ধতা’ গ্ৰহণ কৰে। গতিকে ৰক্ষাৰ দায়বদ্ধতাই সকলো ধৰণৰ হত্যা আৰু অপৰাধ ৰোধ কৰি জনতাৰ জীৱন ৰক্ষা কৰে।

নীতি – ‘ৰক্ষাৰ দায়বদ্ধতা’ৰ তিনিটা নীতি আছে। প্ৰথমটো হৈছে ৰাষ্ট্ৰ ৰক্ষাৰ দায়বদ্ধতা। ইয়াৰ আধাৰত বিশ্বৰ ৰাষ্ট্ৰবিলাকে জনগণক হত্যা, অপৰাধ আদিৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব পাব। দ্বিতীয় নীতি হৈছে আন্তর্জাতিক সহযোগিতা আৰু সক্ষমতা। এই নীতিৰ আধাৰত যিবোৰ ৰাষ্ট্ৰৰ সংঘাত প্ৰতিৰোধৰ সামৰ্থ নাথাকে বা দুৰ্বল হয় তেনে ৰাষ্ট্ৰবোৰে আন্তর্জাতিক সমৰ্থন পাব পাৰিব। আৰু তৃতীয় নীতি হৈছে উপযুক্ত সময়ত উপযুক্ত উত্তৰ। এই নীতিৰ আধাৰত বিবাদ নিষ্পত্তিৰ শান্তিপূর্ণ উপায় লোৱাৰ উপৰিও শক্তি প্রয়োগৰে জনগণক যথাসময়ত বিপদৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব ল’ব। এনেদৰে ৰক্ষাৰ দায়বদ্ধতাৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব শক্তিশালী কৰি ৰখা৷

পৰিসৰ/পৰিসীমা – ইং ২০০৫ চনৰ বিশ্ব শীর্ষ সন্মিলনে ৰক্ষাৰ দায়বদ্ধতাৰ ওপৰত বিশদ আলোচনা চলায় আৰু ইয়াৰ এক ফলশ্ৰুতি নথি (Outcome Document) গ্ৰহণ কৰে। ইয়াৰ ১৩৮ নং দফাত উল্লেখ আছে যে প্রত্যেক দেশৰ জনগণক গণহত্যা, নৃগোষ্ঠীয় সংঘাত, যুদ্ধ অপৰাধ আৰু মানৱ অপৰাধৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব থাকিব। তদুপৰি তেনেকুৱা দায়িত্ব কাৰ্যকৰীকৰণ কৰাৰ বাবে বিশ্ব সমাজে ৰাষ্ট্ৰসমূহক সহায় কৰিব আৰু ৰাষ্ট্ৰসংঘক শক্তিশালী কৰিব। ১৩৯ নং দফাৰ মৰ্মে ওপৰোক্ত সংঘাতসমূহৰ বিৰুদ্ধে সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তর্জাতিক আইনৰ আধাৰত ব্যৱস্থা ল’ব পাৰিব৷ ১৪০ নং দফাত কোৱা আছে যে এই সভাই গণহত্যা ৰোধৰ ওপৰত সচিব প্ৰধানে গঠন কৰি যে ৰক্ষাৰ দায়বদ্ধতাৰ কাৰ্যৰ পৰিসৰৰ দিয়া বিশেষ উপদেষ্টাৰ পৰামৰ্শাৱলীসমূহক সমৰ্থন জনাইছিল। গতিকে ইয়াৰ পৰা স্পষ্ট বিষয় হ’ব চাৰিটা যেনে— গণহত্যা, নৃগোষ্ঠীয় ধ্বংস আৰু নিঃশেষকৰণ, যুদ্ধ অপৰাধ আৰু মানৱ অপৰাধ নিয়ন্ত্ৰণ। 

বর্তমান বিশ্বত যুদ্ধৰ দৰে এই বিলাকৰ ধ্বংসলীলা কম নহয় আৰু বিশ্বৰ অগণন লোকৰ শান্তি আৰু সুখী জীৱন হৰণ কৰি আছে। অশান্তি হৈছে প্ৰগতিৰ বিৰোধী। সেয়ে আন্তর্জাতিক শান্তি, নিৰাপত্তা আৰু প্রগতিত বাধা হিচাপে থিয় দিছে গণহত্যা, নৃগোষ্ঠীয় সংঘাত, যুদ্ধ অপৰাধ আৰু মানৱ অপৰাধ। এইকেইটা বিষয়ক ৰক্ষাৰ দায়বদ্ধতাৰ মূল আলোচ্য বিষয় আৰু ইয়াৰ মূল কাৰ্য। ৰক্ষাৰ দায়বদ্ধতা’ত এইকেইটা বিষয়ৰ উপৰিও আন বিষয় ইয়াত থকাৰ বাবে ৰাষ্ট্ৰীয় সার্বভৌমত্ব আৰু হস্তক্ষেপৰ আন্তর্জাতিক আয়োগে’ যি পৰামৰ্শ আগবঢ়াইছিল সেই পৰামৰ্শ বিশ্ব শীর্ষ সন্মিলনে গ্রহণ নকৰিলে। এনেদৰে ৰক্ষাৰ দায়বদ্ধতাৰ কাৰ্যৰ পৰিসীমা ওপৰৰ চাৰিটা বিষয়তে সীমাবদ্ধ হৈ থাকিল ।

ৰক্ষাৰ দায়বদ্ধতা আৰু শান্তি ৰচনাৰ মাজৰ সম্পৰ্ক – ৰক্ষাৰ দায়বদ্ধতা আৰু শান্তি ৰচনা এই দুয়োটা শান্তি প্ৰতিষ্ঠাৰ সুকীয়া কাৰ্য ব্যৱস্থাৰ হয় যদিও দুয়োটাৰে শেষ লক্ষ্য হৈছে অশান্ত (হিংসাৰ দ্বাৰা জৰ্জৰিত) অঞ্চলত শান্তিৰ সৃষ্টি কৰা। ৰক্ষাৰ দায়বদ্ধতাই গণহত্যা, নৃগোষ্ঠীয় নিঃশেষকৰণ, যুদ্ধ অপৰাধ আৰু মানৱ অপৰাধ ৰোধ কৰি জনতাৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব লৈ শান্তি ঘূৰাই আনে। অশান্ত অঞ্চলত স্থায়ী শান্তিৰ ভেঁটি কটকটীয়া কৰাৰ বাবে শান্তি ৰচনাই শান্তিৰ চৰ্তসমূহ প্ৰস্তুত কৰি উলিয়ায় আৰু গৃহীত কৰাৰ কাৰণে বিবাদৰ পক্ষসমূহক আহ্বান জনায় আৰু তাৰ ফলত স্থায়ী শান্তি সৃষ্টি হয়। অর্থাৎ ৰক্ষাৰ দায়বদ্ধতাৰ কামৰ বাবে অশান্ত অঞ্চলত শান্তিৰ স্থিতাৱস্থা বাহাল হয় আৰু তেনে স্থিতাৱস্থাই যাতে স্থায়ী শান্তিলৈ উন্নীত হয় তাৰ বাবে শান্তি ৰচনাই কাম কৰি যায়। শান্তি ৰচনাৰ ক্ষেত্ৰত কিছুমান নীতি মানি চলিব লগা হয়। যেনেকৈ শান্তি ৰচনাই সমস্যাৰ স্থায়ী সমাধান বিচাৰে তেনেকৈ ন্যায় হৈছে শান্তিৰ মূলধন। 

কোনো ধৰণৰ অসমতাই যেন পুনৰ বিৰাজ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ৰখা ইত্যাদি। ৰক্ষাৰ দায়বদ্ধতাই মানৱ সমাজৰ চাৰিটা মূল সমস্যা ৰোধ কৰাৰ দায়িত্ব পায় আৰু তেনে অঞ্চলত ন্যায়, সমতা স্থায়ীভাৱে ঘূৰি অহাৰ বাবে শান্তি ৰচনাই কাম কৰি যায় । ৰাষ্ট্ৰসংঘৰ অধীনত ৰক্ষাৰ দায়বদ্ধতাই বিশ্বৰ কিছুমান অশান্ত অঞ্চলৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কামত অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণত ই কেতিয়াবা সফল হৈছে আৰু কেতিয়াবা বিফল হৈছে। সফল হোৱাৰ এক উদাহৰণ হৈছে ইং ২০০৭ চনৰ কেন্যাৰ হিংসা নিয়ন্ত্ৰণ। ২০১০ চনৰ কিৰগিস্তানৰ নৃ-গোষ্ঠীয় সংঘাতত ৰক্ষাৰ দায়বদ্ধতাই সবল ভূমিকা ল’ব নোৱাৰিলে। ২০০৮ চনৰ নাৰ্গিচ ধুমুহাত বাৰ্মাৰ বিস্তৰ ক্ষতিৰ পৰিস্থিতিত ৰক্ষাৰ দায়বদ্ধতাই অংশ লৈছিল যদিও প্রাকৃতিক দুৰ্যোগৰ বিষয় ৰক্ষাৰ দায়বদ্ধতাৰ ভিতৰত নপৰে বাবে সেই দায়িত্ব অসম্পূৰ্ণ হৈ ৰয়।

গতিকে এনেদৰে দেখা যায় যে ৰক্ষাৰ দায়বদ্ধতাই গণহত্যাৰ দৰে জটিল সমস্যাৰ সৈতে যুঁজি বিধ্বস্ত সমাজত শান্তিৰ সৃষ্টিত সহায় কৰিব পাৰিছে আৰু শান্তি ৰচনাৰ কাম প্ৰশক্ত কৰি তুলিছে। শান্তি প্ৰৱৰ্তনত ৰক্ষাৰ দায়বদ্ধতাৰ লগতে শান্তি ৰচনাৰ বহু কৰণীয় থাকে। অৱশ্যে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বত ৰক্ষাৰ দায়বদ্ধতাৰ হেঁচা থকাৰ সমালোচনা নথকা নহয়। তথাপি বিশ্বৰ শান্তি আৰু নিৰাপত্তা বজাই ৰখাত ইয়াৰ ভূমিকা উল্লেখনীয়।

৯। শান্তি নিৰ্মাণ আৰু সহস্ৰবাদ বিকাশৰ লক্ষ্যৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰা।

উত্তৰঃ শান্তি নিৰ্মাণ শান্তি প্ৰতিষ্ঠাৰ এক গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থা। ইয়াক শান্তি প্ৰতিষ্ঠাৰ শেষ পদ্ধতি বুলি গণ্য কৰা হয়। অশান্ত অঞ্চলত জীৱন স্বাভাৱিক হোৱাৰ বাবে যিবোৰ দায়িত্বপূৰ্ণ কাম কৰিব লগা হয় সেয়াই হৈছে শান্তি নিৰ্মাণৰ ভেঁটি। সেয়ে এই প্ৰক্ৰিয়াৰ কাম-কাজ বাৰেবৰণীয়া জটিল আৰু দীৰ্ঘম্যাদী হয়। সহস্ৰবাদ বিকাশৰ লক্ষ্য, বহনক্ষম বিকাশৰ লক্ষ্যসমূহ পূৰণৰ মাজেৰে সংঘৰ্ষ জৰ্জৰিত অঞ্চলত স্থায়ী শান্তিৰ ভেঁটি গড় লৈ উঠিব। শান্তি নিৰ্মাণৰ কাৰ্যৰ পৰিসৰ নিৰাপত্তা দিশৰ লগতে আৱদ্ধ নাথাকি সমাজ কল্যাণৰ সকলো দিশ (যেনে— শিক্ষা, স্বাস্থ্য, ন্যায়, যোগাযোগ, শিশু কল্যাণ, মানৱ অধিকাৰ, আইনৰ শাসন আদি)ৰ লগত জড়িত হৈ পৰে। গতিকে অঞ্চলটোৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে ৰাষ্ট্ৰসংঘৰ বিভিন্ন আঁচনি, সংস্থা আদিয়ে সহযোগিতা আগবঢ়ায়। শান্তি নিৰ্মাণৰ বহুমুখী কাৰ্যব্যৱস্থাই দেশৰ চৰকাৰ, অনুষ্ঠান-পাতিৰ সক্ষমতা বৃদ্ধি কৰিব পাৰিলে শান্তি নিৰ্মাণৰ প্ৰক্ৰিয়া শেষ হোৱাক বুজায়। 

গতিকে শান্তি নির্মাণ প্ৰক্ৰিয়াত সহস্ৰবাদ বিকাশৰ লক্ষ্যৰ বিশেষ ভূমিকা থাকে। সহস্রবাদ বিকাশৰ আঠোটা লক্ষ্য সামাজিক নিৰাপত্তা, অর্থনৈতিক নিৰাপত্তাৰ লগত জড়িত যিবোৰ শাস্তি নিৰ্মাণৰ ভেঁটিত সহায়ক হয়। আঠটা লক্ষ্যৰ ভিতৰত দুটা লক্ষ্যৰ বিশেষ গুৰুত্ব দেখা যায় ৷ সেই দুটা হ’ল— চৰম দৰিদ্ৰতা আৰু ভোকৰ অভাৱ দূৰ কৰা আৰু লিংগ সমতা আৰু মহিলা সবলীকৰণ ঘটোৱা। এই দুটা লক্ষ্যৰ পূৰণে শান্তি নিৰ্মাণৰ ভেঁটি সহজ কৰি তোলে।

বিশ্বৰ প্ৰায় ১০/১/২ কৌটি লোক হিংসা জৰ্জৰিত এলেকাত বসবাস কৰে। নিৰাপত্তাহীনতা, দৰিদ্ৰতা, অন্যায়, অসমতা, লিংগ বৈষম্য, মানৱ অধিকাৰ লংঘন আদি এনে অঞ্চলৰ বৈশিষ্ট্য। গতিকে বিশ্বৰ বহু অঞ্চলত বিশেষকৈ উন্নয়নশীল দেশৰ এনে যুদ্ধ সদৃশ পৰিস্থিতিয়ে বিশ্বৰ শান্তি আৰু নিৰাপত্তাৰ ভোঁট দুৰ্বল কৰে। সেয়ে বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘই তেনে অঞ্চল (কংগোঁ, আফগানিস্তান, চাৰবিয়া, হাইটি, লেবানন, চুডান, দক্ষিণ চুডান আদি)বোৰত নিৰাপত্তাকে ধৰি স্থায়ী শান্তিৰ ভেঁটি গড়াৰ বাবে সহস্ৰবাদ বিকাশৰ লক্ষ্য পূৰ্ণৰ ভালেমান আঁচনি গ্রহণ কৰিছে। লগতে আন কিছুমান প্রকল্প যেনে—সু-শাসনৰ প্ৰকল্প, পুনৰ সংস্থাপনৰ প্ৰকল্প, সুসম্পৰ্কৰ প্ৰকল্প, পৰিৱৰ্তনশীল ন্যায়ৰ প্ৰকল্পৰ কাম চলি আছে। শান্তি নিৰ্মাণ হ’ব যদিহে মানুহৰ মাজৰ পৰা ভয়, অভাৱ নোহোৱা হয় আৰু সামাজিক- অর্থনৈতিক- ৰাজনৈতিক সাংস্কৃতিক নিৰাপত্তাৰ সুবিধাসমূহ সহজলভ্য হয়। সহস্ৰবাদ বিকাশ লক্ষ্যসমূহ পূৰণ হ’লে বিবাদমান অঞ্চলৰ জনগণৰ মাজত শান্তিৰ সংস্কৃতি গঢ় লৈ উঠিব পাৰিব। সেয়ে সহস্ৰবাদ বিকাশ লক্ষ্যৰ সাফল্য নিধি (MDGAF)য়ে আঁচনিসমূহ সাফল্য হৈ উঠাৰ বাবে ভালেখিনি ধন যোগান ধৰি আহিছে। আৰু আন আন দিশৰ পৰাও ধন আহিছে। এনেধৰণৰ কিছুমান আঁচনিৰ নাম হৈছে–

(ক) আফগানিস্তানত ন্যায়ৰ জৰিয়তে শান্তি।

(খ) বলিভিয়াত সামাজিক বিবাদৰ সংহত প্ৰতিৰোধ আৰু গঠনমূলক পৰিবৰ্তন।

(গ) কংগোত বিবাদ প্ৰতিৰোধ আৰু সুস্থিৰতাৰ প্ৰকল্প।

(ঘ) লেবাননত শান্তি নির্মাণ আৰু বিবাদ প্ৰতিৰোধ।

(ঙ) চাৰবিয়াত শান্তি নির্মাণ উন্নয়ন।

(চ) চুড়ানত বিকাশৰ বাবে স্থায়ী শান্তি ইত্যাদি।

এনেধৰণৰ যৌথ আঁচনিসমূহৰ ফলত বিশ্বৰ সংঘৰ্ষ জড়িত অঞ্চলৰ হাজাৰ হাজাৰ লোকে ন্যায় পাব পাৰিছে, সা-সুবিধাসমূহ পাব পাৰিছে, ৰাজনৈতিক-অর্থনৈতিক বিষয়ত অংশগ্রহণ কৰিবলৈ সমৰ্থ হৈছে আৰু এক সুস্থিৰ জীৱন প্ৰাপ্তিত উপনীত হ’ব পাৰিছে। অৰ্থাৎ শান্তি নিৰ্মাণৰ ভেঁটি শক্তিশালী হ’ব পাৰিছে৷ গতিকে শান্তি নিৰ্মাণ আৰু সহস্ৰবাদ বিকাশৰ লক্ষ্যৰ মাজত ওতঃপ্রোত সম্পর্ক আছে।

1 thought on “United Nations And Global Conflicts Unit 3 Peace keeping, Peace making and Enforcement, Peace Building and Responsibility to Protect, Millennium Development Goals”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top