Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Chapter – 7

ভূগোল

Multiple Choice Questions & Answers

1. গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল—

(a) মিথেন।

(b) নাইট্ৰাছ অক্সাইড।

(c) ক্ল’ৰফ্ল’ৰ কাৰ্বন।

(d) কার্বন-ডাই-অক্সাইড।

উত্তৰঃ (d) কার্বন-ডাই-অক্সাইড।

2. গোলকীয় উত্তাপ বৃদ্ধি এটা— 

(a) স্থানীয় সমস্যা।

(b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।

(c) আঞ্চলিক সমস্যা।

(d) ব্যক্তিগত সমস্যা।

উত্তৰঃ (b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।

3. বহনক্ষম উন্নয়ন হৈছে— 

(a) অর্থনৈতিক উন্নয়ন।

(b) বিবেচনাসম্পন্ন উন্নয়ন।

(c) পাৰিৱেশিক উন্নয়ন।

(d) গোলকীয় উন্নয়ন।

উত্তৰঃ (b) বিবেচনাসম্পন্ন উন্নয়ন।

4. বৰ্তমান পৃথিৱীৰ বয়স—

(a) ৪৭০০ নিযুত বছৰ।

(b) ৪৬০০ নিযুত বছৰ।

(c) ৩৪০০ নিযুত বছৰ।

(d) ৫০০০ নিযুত বছৰ। 

উত্তৰঃ (b) ৪৬০০ নিযুত বছৰ।

5. পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে— 

(a) প্রায় ২০ শতাংশ।

(b) প্রায় ৩৫ শতাংশ।

(c) প্রায় ২৫ শতাংশ।

(d) প্রায় ৩০ শতাংশ।

উত্তৰঃ (b) প্রায় ৩৫ শতাংশ।

6. ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে— 

(a) ২৮০ কি. মি.।

(b) ৫৮০ কি.মি.।

(c) ৩৮০ কি.মি.।

(d) ১০,০০০ কি.মি.।

উত্তৰঃ (d) ১০,০০০ কি.মি.।

7. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়— 

(a) মেৰু অঞ্চলত।

(b) ঔদ্যোগিক অঞ্চলত।

(c) অৰণ্য অঞ্চলত।

(d) ঘাঁহনি অঞ্চলত।

উত্তৰঃ (b) ঔদ্যোগিক অঞ্চলত।

8. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? 

(a) কার্বন ডাইঅক্সাইড। 

(b) অ’য’ন 

(c) মিথেন।

(d) নাইট্ৰাছ অক্সাইড।

উত্তৰঃ (b) অ’য’ন।

9. বায়ুমণ্ডলত থকা নাইট্ৰ ‘জেন গেছৰ পৰিমাণ—

(a) 77.07%

(b) 78.08%

(c) 76.06%

(d) 74.04%

উত্তৰঃ (b) 78.08%

10. বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ—

(a) 20.98%

(b) 21.12%

(c) 19.90%

(d) 03.35%

উত্তৰঃ (a) 20.98%

11. বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ— 

(a) 0.08%

(b) 0.93%

(c) 0.81%

(d) 0.01%

উত্তৰঃ (b) 0.93%

12. বায়ুমণ্ডলত থকা কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ— 

(a) 0.035%

(b) 0.031%

(c) 0.036%

(d) 0.032%

উত্তৰঃ (a) 0.035% 

13. জনমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে— 

(a) 61%

(b) 51%

(c) 71%

(d) 73%

উত্তৰঃ (c) 71%

14. জীবমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা—

(a) ১.৬৫ নিযুত।

(b) ১.৫৫ নিযুত।

(c) ১.৪৫ নিযুত।

(d) ১.৭৫ নিযুত।

উত্তৰঃ (d) ১.৭৫ নিযুত।

15. ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যা সমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি? 

(a) ৩ ধৰণে।

(b) ৫ ধৰণে।

(c) ৪ ধৰণে।

(d) ৬ ধৰণে।

উত্তৰঃ (a) ৩ ধৰণে।

16. ফিলিপিন্‌ছৰ মাউন্ট পিনাটু’ৰ’ আগ্নেয়গিৰিটোৰ উদ্‌গীৰণ ঘটিছিল— 

(a) 1992

(b) 1993

(c) 1991 

(d) 1990

উত্তৰঃ (c) 1991.

17. শিল্প বিপ্লৱ আৰম্ভ হৈছিল 

(a) এচিয়াত।

(b) আফ্ৰিকাত।

(c) উত্তৰ আমেৰিকাত।

(d) ইউৰোপত।

উত্তৰঃ (d) ইউৰোপত।

18. ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন হৈছিল—

(a) ব্রাজিলত।

(b) নাইৰ’বিত।

(c) মেক্সিকোত।

(d) ৰোমত।

উত্তৰঃ (b) নাইৰ’বিত।

19. মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ’ল-

(a) উত্তৰ আমেৰিকা।

(b) দক্ষিণ আমেৰিকা।

(c) এচিয়া

(d) আফ্রিকা।

উত্তৰঃ (a) উত্তৰ আমেৰিকা।

20. উত্তৰ মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে— 

(a) 27%

(b) 23%

(c) 24%

(d) 21%

উত্তৰঃ (a) 27%

Very Short & Short Type Questions Answers

1. পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ মাটিয়ে আগুৰি আছে? 

উত্তৰঃ ২৯%

2. স্থলমণ্ডল কিহৰ দ্বাৰা গঠিত? 

উত্তৰঃ শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত। 

3. পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ মাটিয়ে আগুৰি আছে? 

উত্তৰঃ ৭১%

4. ভূ-পৃষ্ঠৰ কিমান উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে?

উত্তৰঃ প্ৰায় ১০,০০০ কিঃমিঃ উচ্চতালৈ। 

5. জীৱমণ্ডলত কিমান প্ৰজাতিৰ উদ্ভিদ আছে? 

উত্তৰঃ ১.৭৫ মিলিয়ন। 

6. সাধাৰণ অৱস্থাত বায়ুমণ্ডলত কিমান পৰিমাণৰ কার্বন-ডাই-অক্সাইড থাকে? 

উত্তৰঃ ০.০৩৫%

7. বায়ুমণ্ডলে কিমান শতাংশ সৌৰ শক্তি শুহি লয়? 

উত্তৰঃ 19%

৪. বায়ু প্ৰদুষণৰ মূল কাৰণ কি? 

উত্তৰঃ আগ্নেয়গিৰি উদ্‌গীৰণ। 

9. ‘মাউণ্ট পিনাটুব’ৰ আগ্নেয়গিৰিৰ উদ্‌গীৰণ কেতিয়া হৈছিল? 

উত্তৰঃ ১৯৯১ চনত। 

10. পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ মাটি মৰুভূমিয়ে আগুৰি আছে? 

উত্তৰঃ প্ৰায় ২০%

11. পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা প্রভাবিত?

উত্তৰঃ প্ৰায় ৩৫%

12. পৃথিৱীৰ কোনখন মহাদেশৰ সৰ্বমুঠ শুকান ঠাঁইৰ বেছিখিনিয়েই মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্রস্থ? 

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশ। 

13. ‘স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিয়ে হ’ল পৰিৱেশ’ এই কথাষাৰি কোনে কৈছে? 

উত্তৰঃ প্ৰখ্যাত ভূ-গোল বিজ্ঞানী পিটাৰ হেগেটে কৈছে। 

14. দুটা সেউজগৃহ গেছৰ নাম লিখা? 

উত্তৰঃ মিথেন আৰু আৰ্গন। 

15. পৃথিৱীৰ কোনটো অংশ জীৱমণ্ডলে সামৰি লয়?

উত্তৰঃ জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্রাণী থকা অংশবোৰক সমাৰি লয়। 

16. শীতল মৰুভূমি কাক বোলে?

উত্তৰঃ মেৰু অঞ্চলৰ বৰফে আগুৰি থকা অঞ্চলটোকে শীতল মৰুভূমি বোলে। 

17. ভূমিস্খলন কাক বোলে?

উত্তৰঃ ঢালৰ ওপৰেদি মাটি খহি যোৱা প্ৰক্ৰিয়াকে ভূমিস্খলন বোলে।

18. বৰ্তমান পৃথিৱীৰ কিমানখন দেশ মৰুকৰণৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত? 

উত্তৰঃ প্ৰায় ১০০ খন দেশ। 

19. চাহাৰা মৰুভূমি ক’ত আছে? 

উত্তৰঃ আফ্রিকা মহাদেশত।

20. গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা? 

উত্তৰঃ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাই বায়ুমণ্ডলৰ উষ্ণতা বঢ়া কার্যকে গোলকীয় উত্তাপ বৃদ্ধি বোলে। গোলকীয় উত্তাপ বৃদ্ধিয়ে গোটেই পৃথিৱীকে সামৰি লয়।

21. পৰিৱেশ মানে কি?

উত্তৰঃ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত মানৱ জাতিৰ চৌপাশৰ যি অৱস্থাৰ সৃষ্টি হয় তাকে পৰিৱেশ বোলে। 

22. খৰাং অৱস্থা কাক বোলে?

উত্তৰঃ বহুদিনৰ বাবে বৃষ্টিপাতৰ অভাৱ হ’লে তাক খৰাং অৱস্থা বোলে। 

23. ‘বান্ধ’ কি?

উত্তৰঃ বান্ধ হ’ল সাধাৰণতে কংক্রিট বা শিলৰ পৰা তৈয়াৰ কৰা পানী জমা কৰা এটা ব্যৱস্থা। 

24. মৰুকৰণ কি? 

উত্তৰঃ মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যি ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমি পৰিণত কৰে। 

25. মাটিৰ খহনীয়া মানে কি? 

উত্তৰঃ বাৰিষা অতি বৃষ্টিৰ ফলত পৰ্বতৰ ঢালযুক্ত ঠাইৰ মাটি তললৈ খহি আহাটোকে বুজায়। 

26. প্ৰদূষণ কাক বোলে?

উত্তৰঃ অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে প্রদূষণ বোলে। 

27. পৰিৱেশৰ স্থানীয় সমস্যা কাক বোলে?

উত্তৰঃ উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা পৰিৱেশৰ কিছুমান সমস্যা একো একোটা নির্দিষ্ট অঞ্চলতে সমীবদ্ধ। এনেকুৱা সমস্যাক পৰিৱেশৰ স্থানীয় সমস্যা বোলে। যেনে-এটা ক্ষুদ্র উদোগে কৰা সীমিত ভূমি প্রদূষণ। 

28. পৰিৱেশৰ আঞ্চলিক সমস্যা বুলিলে কি বুজা? 

উত্তৰঃ পৰিৱেশৰ কিছুমান সমস্যা একো একোটা ভৌগোলিক অঞ্চলজুৰি সৃষ্টি হ’ব পাৰে ৷ এনে সমস্যাক পৰিৱেশৰ আঞ্চলিক সমস্যা বোলে। যেনে- অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত থকা বানপানীৰ সমস্যা।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল—

(ক) মিথেন।

(খ) নাইট্রাছ অক্সাইড।

(গ) ক্ল’ৰফ্ল’ৰ কাৰ্বন।

(ঘ) কার্বন-ডাই-অক্সাইড।

উত্তৰঃ (ঘ) কার্বন-ডাই-অক্সাইড।

২। গোলকীয় উত্তাপ বৃদ্ধি এটা—

(ক) স্থানীয় সমস্যা।

(খ) আন্তঃৰাষ্ট্ৰীয় সমস্যা।

(গ) আঞ্চলিক সমস্যা।

(ঘ) ব্যক্তিগত সমস্যা।

উত্তৰঃ (খ) আন্তঃৰাষ্ট্ৰীয় সমস্যা।

৩। ভাৰতৰ পশ্চিম হিমালয় অঞ্চলত স্থানীয়ভাৱে গঢ়ি উঠা পৰিৱেশ আন্দোলনটোৰ নাম—

(ক) চিপকো।

(খ) বহনক্ষম।

(গ) আমচাৎ।

(ঘ) পৰিৱেশ।

উত্তৰঃ (ক) চিপ্‌কো।

৪। বহনক্ষম উন্নয়ন হৈছে–

(ক) অর্থনৈতিক উন্নয়ন।

(খ) বিবেচনাসম্পন্ন উন্নয়ন।

(গ) পাৰিৱেশিক উন্নয়ন।

(ঘ) গোলকীয় উন্নয়ন।

উত্তৰঃ (খ) বিবেচনাসম্পন্ন উন্নয়ন। 

৫। বৰ্তমান পৃথিৱীৰ বয়স-

(ক) ৪৭০০ নিযুত বছৰ।

(খ) ৪৬০০ নিযুত বছৰ।

(গ) ৩৪০০ নিযুত বছৰৰ।

(ঘ) ৫০০০ নিযুত বছৰ।

উত্তৰঃ (খ) ৪৬০০ নিযুত বছৰ।

৬। পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে—

(ক) প্রায় ২০ শতাংশ।

(খ) প্রায় ৩৫ শতাংশ।

(গ) প্রায় ২৫ শতাংশ।

(ঘ) প্রায় ৩০ শতাংশ।

উত্তৰঃ (খ) প্রায় ৩৫ শতাংশ।

৭। ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে—

(ক) ২৮০ কি. মি.

(খ) ৫৮০ কি.মি. 

(গ) ৩৮০ কি.মি. 

(ঘ) ৪৮০ কি.মি.

উত্তৰঃ (ঘ) ৪৮০ কি.মি.

৮। এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়—

(ক) মেৰু অঞ্চলত।

(খ) ঔদ্যোগিক অঞ্চলত।

(গ) অৰণ্য অঞ্চলত।

(ঘ) ঘাঁহনি অঞ্চলত।

উত্তৰঃ (খ) ঔদ্যোগিক অঞ্চলত।

৯। তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?

(ক) কার্বন ডাইঅক্সাইড।

(খ) অ’য’ন।

(গ) মিথেন।

(ঘ) নাইট্ৰাছ অক্সাইড।

উত্তৰঃ (খ) অ’য’ন।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 

উত্তৰঃ ২৯ শতাংশ।

প্রশ্ন ২। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ ৭১ শতাংশ।

প্রশ্ন ৩। ভূ-পৃষ্ঠৰ পৰা কিমান কিলমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে?

উত্তৰঃ প্ৰায় ৪৮০ কিলোমিটাৰ।

প্রশ্ন ৪ । জীৱমণ্ডলত এতিয়ালৈকে কিমান উজ্জি আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে?

উত্তৰঃ প্রায় ১.৭৫ নিযুত।

প্রশ্ন ৫। প্ৰদূষক কাক বোলে?

উত্তৰঃ ঘাইকৈ মানুহে সৃষ্টি কৰা দ্রব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ’লে জীৱজন্তুৰ ক্ষতি সাধন কৰিব পাৰে। এনে দ্রব্যক প্ৰদূষক বোলে৷

প্রশ্ন ৬। ১৯৯১ চনৰ উদ্‌গীৰণটোৰ নাম কি?

উত্তৰঃ মাউণ্ট পিনাটুব’ৰ (Mount Pinatubo)।

প্রশ্ন ৭। এই উদ্‌গিৰণ কিমান টন ছালফাৰ-ডাই-অক্সাইড গেছৰায়ুমণ্ডললৈ এৰি দিছিল?

উত্তৰঃ ১৫-২০ নিযুত টন।

প্রশ্ন ৮। বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ’জেন গেছ আছে?

উত্তৰঃ ৭৮.০৮ শতাংশ।

প্রশ্ন ৯। বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কার্বন-ডাই-অক্সাইড গেছ আছে?

উত্তৰঃ ০.০৩%

প্রশ্ন ১০। দুবিধ সেউজ গৃহৰ গেছৰ নাম লিখা।

উত্তৰঃ (i) মিথেন। আৰু 

(ii) আৰ্গন।

প্রশ্ন ১১। পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াত অন্তর্ভুক্ত হৈছে?

উত্তৰঃ প্রায় ৩৫ শতাংশ।

প্রশ্ন ১২। শীতল মৰুভূমি কি?

উত্তৰঃ মেৰু অঞ্চলত বৰফাবৃত্ত এলেকাবোৰক শীতল মৰুভূমি বোলে।

প্রশ্ন ১৩। অসম ৰাজ্যখন মূলতঃ কোনটো ভূকম্পবলয়ৰ অন্তৰ্গত?

উত্তৰঃ আল্পছ হিমালয়।

প্রশ্ন ১৪। অসমৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ পাৰিৱেশিক সমস্যাৰ সৈতে কোনকেইখন ৰাষ্ট্ৰৰ জড়িত?

উত্তৰঃ ভাৰত, চীন, ভূটান আৰু বাংলাদেশ।

প্রশ্ন ১৫। অসমত ৰিখটাৰ স্কেলত ৮°৭ হাৰত প্ৰৱল ভূমিকম্প কিমান চনত হৈছিল?

উত্তৰঃ ১৮৭৯ চনত আৰু ১৯৫০ চনত।

প্রশ্ন ১৬। বায়ুমণ্ডলত স্বাভাৱিকতে কিমান শতাংশ কার্বন-ডাই-অক্সাইড গেছ আছে?

উত্তৰঃ বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত ০.০৩৫ শতাংশ কার্বন-ডাই-অক্সাইড গেছ আছে।

প্রশ্ন ১৭। তিনিবিধ সেউজগৃহ গেছৰ নাম লিখা।

উত্তৰঃ তিনিবিধ সেউজগৃহ গেছৰ নাম হল-

(ক) মিথেন (CH₄)।

(খ) নাইট্ৰাছ অক্সাইড (N₂O)। আৰু 

(গ) ক্লৰফুৰ’ কাৰ্বনছ (CFCS)।

প্রশ্ন ১৮। গোলকীয় পাৰিৱেশিক সমস্যা ৩ টা লিখা।

উত্তৰঃ গোলকীয় পাৰিৱেশিক সমস্যা ৩টা হ’ল— 

(ক) গোলকীয় উত্তাপ বৃদ্ধি।

(খ) সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি। আৰু 

(গ) বায়ু প্ৰদূষণ আদি।

প্রশ্ন ১৯। বৰাক অৱবাহিকাৰ মাটিকালিৰ পৰিমাণ কিমান?

উত্তৰঃ প্রায় ৫২,০০০ বর্গ কিল’মিটাৰ।

প্রশ্ন ২০। কোনটো ঋতুত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানীৰ পৰিমাণ বেছি হয়?

উত্তৰঃ প্ৰাক্ মৌচুমী ঋতুত।

প্রশ্ন ২১। ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকা দুটাত বছৰটোৰ মুঠ বৰষুণৰ কিমান শতাংশ কেৱল দক্ষিণ-পশ্চিম মৌচুমীৰ কাৰ্যকালৰ ভিতৰত হয়?

উত্তৰঃ প্রায় ৭০ শতাংশ (জুন ছেপ্টেম্বৰ মাহত) হয়।

প্রশ্ন ২২। ডেভিদ জ’নছ কোন?

উত্তৰঃ ডেভিদ জ’নছ এজন লণ্ডন বিশ্ববিদ্যালয়ৰ ভূগোলবিজ্ঞানী আছিল।

প্রশ্ন ২৩। ‘ভূমিস্খলন’ মানে কি?

উত্তৰঃ বাৰিষা অতি বৃষ্টিৰ ফলত পৰ্বতৰ ঢালযুক্ত ঠাইৰ মাটি তললৈ খহি আহাটোকে বুজায়।

প্রশ্ন ২৪। ভাৰতৰ পূৰ্বাংশ কোনটো ভূকম্পন বলয়ৰ অন্তৰ্গত?

উত্তৰঃ আল্লছ-হিমালয় ভূ-কম্পন বলয়ৰ অন্তৰ্গত।

প্রশ্ন ২৫। আল্লছ হিমালয় ভূকম্পন বলয়টো কোন দুখন বৃহৎ ফলকৰ মাজত অৱস্থিত?

উত্তৰঃ দক্ষিণে ভাৰতীয় ফলক আৰু উত্তৰে ইউৰেছিয়া ফলকৰ মাজত অৱস্থিত।

প্রশ্ন ২৬। ভাৰতীয় ফলকখনে বছৰি কিমান ছেণ্টিমিটাৰ হাৰত উত্তৰলৈ গতি কৰি আছে?

উত্তৰঃ বছৰি প্ৰায় ৫ চেণ্টিমিটাৰ হাৰত।

প্রশ্ন ২৭। ভূমিকম্পৰ দৰে আকস্মিক দুৰ্যোগৰ’ পৰা ৰক্ষা পাবলৈ লোৱা প্ৰথম সাৱধানী বা প্রয়োজনটো কি?

উত্তৰঃ প্রথম প্রয়োজনটো হ’ল ব্যাপক জনচেতনা।

প্রশ্ন ২৮। সমগ্ৰ পৃথিৱীৰ মানুহক পৰিৱেশ সুৰক্ষাৰ প্ৰতি অনুপ্রাণিত কৰা স্থানীয় আন্দোলনটোৰ নাম কি?

উত্তৰঃ চিপ্‌কো আন্দোলন।

প্রশ্ন ২৯। জলমণ্ডল কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ পৃথিৱীৰ উপৰি ভাগৰ সাগৰ – মহাসাগৰবোৰক জলমণ্ডল বুলি কোৱা হয়৷ উদাহৰণ: নদ-নদী, হ্রদ আদি। জলাশয়বোৰ জলমণ্ডলৰ অন্তৰ্গত।

প্রশ্ন ৩০। বায়ুমণ্ডল কাক বোলে?

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪৮০ কিলোমিটাৰ উচ্চতালৈ এটা গেছীয় তৰপ আছে। এই তৰপটোক বায়ুমণ্ডল বোলে।

প্রশ্ন ৩১। জীৱমণ্ডল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে একেলগে জীৱমণ্ডল বোলে।

প্রশ্ন ৩২। মাটি প্ৰদূষণৰ বাবে জড়িত প্ৰধান কাৰক কেইটা লিখা।

উত্তৰঃ (i) আধুনিক কৃষিকাৰ্য।

(ii) উদ্যোগৰ প্ৰসাৰ। আৰু 

(iii) বনানি ধ্বংস।

প্রশ্ন ৩৩। বায়ুমণ্ডল দূষিত হোৱা কেইটামান কাৰকৰ নাম লিখা।

উত্তৰঃ (i) শিল্প উদ্যোগৰ প্ৰসাৰ। 

(ii) নগৰীকৰণ। 

(iii) যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ।

প্রশ্ন ৩৪। বায়ুমণ্ডল প্ৰদূষিত কৰা তিনিটা গেছৰ নাম লিখা।

উত্তৰঃ (i) কার্বন মন ‘অক্সাইড (CO₂)। 

(ii) নাইট্ৰ’জেন’ ডাই অক্সাইড (NO₂)।

(iii) হাইড্ৰ’কার্বন।

প্রশ্ন ৩৫। কি কি কাৰণত গোলকীয় উত্তাপ বৃদ্ধি হৈছে লিখা।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ কাৰণ দুটা হ’ল-

(ক) বায়ুমণ্ডলত থকা সেউজ গৃহ গেছবোৰ।

(খ) বায়ুমণ্ডলত থকা CO₂ গেছৰ পৰিমাণ বৃদ্ধি।

প্রশ্ন ৩৬। সেউজ গৃহ গেছ কাক বোলে?

উত্তৰঃ যিবোৰ গেছে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌরশক্তি শোষণ কৰে আৰু বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠৰ উত্তাপ বাহাল ৰখাত সহায় কৰে, তাকে সেউজগৃহ গেছ বোলে।

প্রশ্ন ৩৭। কেইবিধমান সেউজগৃহ গেছৰ নাম লিখা?

উত্তৰঃ কেইবিধমান সেউজগৃহ গেছৰ নাম হ’ল-

(ক) কার্বন-ডাই-অক্সাইড (CO₂) গেছ।

(খ) মিথেন (CH₄)।

(গ) নাইট্রাছ অক্সাইড (N₂O)।

(ঘ) ক্লৰফুৰ’ কাৰ্বনছ (CFCs)।

(ঙ) জলীয় বাষ্প আদি।

প্রশ্ন ৩৮। বৰ্তমান অৱস্থাত ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি হোৱাৰ কাৰণসমূহ লিখা।

উত্তৰঃ বৰ্তমান অৱস্থাত ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি হোৱাৰ কাৰণসমূহ হ’ল—

(ক) যানবাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা।

(খ) শিল্প উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা কাৰ্বন-ডাই-অক্সাইড গেছ।

(গ) অৰণ্য আৰু আদভূমিসমূহ ধ্বংস।

প্রশ্ন ৩৯। ভূ-আন্দোলনজনিত সমস্যাৰ ৪ টা উদাহৰণ দিয়া।

উত্তৰঃ ভূ-আন্দোলনজনিত সমস্যাৰ ৪ টা উদাহৰণ হ’ল—

(i) ভূমিকম্প।

(ii) আগ্নেয়গিৰি।

(iii) ছুনামি। আৰু 

(iv) বানপানী।

প্রশ্ন ৪০। বায়ুপ্রবাহ জনিত সমস্যাৰ ৪ টা উদাহৰণ দিয়া।

উত্তৰঃ বায়ু প্রবাহজনিত সমস্যাৰ ৪ টা উদাহৰণ হ’ল-

(i) ঘূর্ণীবতাহ।

(ii) ধুমুহা বতাহ।

(iii) বৰদৈচিলা। আৰু 

(iv) কালবৈশাখী।

প্রশ্ন ৪১। নির্বণনীকৰণ জনিত সমস্যাৰ ৪ টা উদাহৰণ দিয়া।

উত্তৰঃ নিবৰ্ণনীকৰণ জনিত সমস্যাৰ ৪ টা উদাহৰণ হ’ল—

(i) ভূমিক্ষয়।

(ii) ভূমিস্খলন।

(iii) গৰাখহনীয়া। আৰু 

(iv) অনুৰ্বৰ মাটি।

প্রশ্ন ৪২। প্রদূষণজনিত সমস্যাৰ ৪ টা উদাহৰণ দিয়া।

উত্তৰঃ প্ৰদূষণজনিত সমস্যাৰ ৪ টা উদাহৰণ হ’ল – 

(i) বায়ুপ্ৰদূষণ।

(ii) জলপ্রদূষণ।

(iii) ভূমিপ্রদূষণ। আৰু 

(iv) শব্দ প্ৰদূষণ।

প্রশ্ন ৪৩। স্থানীয় পাৰিৱেশিক সমস্যা কাক বোলে?

উত্তৰঃ যিবোৰ পাৰিৱেশিক সমস্যা একেটা সৰু এলেকাত সীমাৱদ্ধ হৈ থাকে সেই সমস্যাবোৰক স্থানীয় পাৰিৱেশিক সমস্যা বোলা হয়। 

প্রশ্ন ৪৪। গোলকীয় পাৰিৱেশিক সমস্যা কাক বোলে? 

উত্তৰঃ যিবোৰ পাৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীকে ধৰি সামৰি লয়। সেই সমস্যাবোৰক পাৰিৱেশিক গোলকীয় সমস্যা বোলা হয়। 

প্রশ্ন ৪৫। স্থলমণ্ডল কি কি উপাদানৰ দ্বাৰা গঠিত?

উত্তৰঃ শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত।

প্রশ্ন ৪৬। পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ কি পদাৰ্থৰ দ্বাৰা গঠিত?

উত্তৰঃ গেছীয় পদাৰ্থৰ দ্বাৰা৷

প্রশ্ন ৪৭। কি কি গুণৰ বাবে এটা সম্পদক সম্পত্তি বুলি কোৱা হয়?

উত্তৰঃ সম্পদ সম্পত্তি হ’বলৈ বিনিময় মূল্য আৰু হস্তান্তৰ যোগ্য হ’ব লাগিব।

প্রশ্ন ৪৮। মানুহক কিয় মানৱ সম্পদ বোলা হয়?

উত্তৰঃ মানুহ সম্পদৰ উৎপাদন বা সৃষ্টি কৰ্তা। মানুহৰ নিজৰ চিন্তা, শক্তি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা প্ৰকৃতিৰ সম্পদসমূহৰ পৰা নতুন সম্পদৰ সৃষ্টি কৰিব পাৰিছে। সেইকাৰণে মানুহক মানৱ সম্পদ বোলা হয়।

প্রশ্ন ৪৯। অসমৰ বনাঞ্চলৰ চাৰিটা সম্পদৰ নাম লিখা।

উত্তৰঃ (ক) কাঠ, বাঁহ।

(খ) হাতীৰ দাঁত।

(গ) জীৱ-জন্তু। আৰু 

(ঘ) ঔষধি গছ-লতা।

প্রশ্ন ৫০। বনাঞ্চলৰ ওপৰত গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ (ক) কাগজ উদ্যোগ। আৰু 

(খ) জুইশলা উদ্যোগ।

প্রশ্ন ৫১। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰাকৃতিক কাৰক চাৰিটা লিখা।

উত্তৰঃ (ক) ভূমিকম্প।

(খ) আগ্নেয়গিৰি উদগীৰণ।

(গ) ভূমিস্খলন। আৰু 

(ঘ) বনজুই।

প্রশ্ন ৫২। UNEP-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ United Nations Environmental Programme.

প্রশ্ন ৫৩। WWFN-ৰ সম্পূৰ্ণ অর্থ কি?

উত্তৰঃ World Wide Fund for Nature.

প্রশ্ন ৫৪। পানী দূষিত হোৱা তিনিটা উৎসৰ নাম লিখা।

উত্তৰঃ (ক) শিল্প উদ্যোগ।

(খ) মহানগৰৰ আৱৰ্জনা।

(গ) আধুনিক কৃষিকাৰ্যত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ।

প্রশ্ন ৫৫। ভূমি অৱক্ষয়ৰ ৰোধ কৰাৰ দুটা উপায় উল্লেখ কৰা।

উত্তৰঃ (ক) গছ-গছনি সংৰক্ষণ কৰা। আৰু 

(খ) প্রয়োজন সাপেক্ষে বৃক্ষৰোপণ কৰা।

প্রশ্ন ৫৬। বায়ু প্ৰদূষিত কৰা প্ৰধান গেছসমূহ কি কি?

উত্তৰঃ কার্বন-মন-অক্সাইড, ছালফাৰ – ডাই – অক্সাইড, নাইট্রিক অক্সাইড, হাইড্ৰকার্বন।

প্রশ্ন ৫৭। পৰিৱেশ সংৰক্ষণ আৰু নিয়ন্ত্ৰণৰ বাৰে গঢ়ি উঠা চাৰিটা আন্তর্জাতিক সংগঠনৰ নাম লিখা?

উত্তৰঃ GPI, EEA, IPCC, UNEP.

প্রশ্ন ৫৮। অসমৰ কৃষি সম্পৰ্কীয় তিনিটা প্রধান সমস্যা লিখা।

উত্তৰঃ (ক) বানপানীৰ সমস্যা।

(খ) খৰালিৰ জলসিঞ্চনৰ সমস্যা। আৰু 

(গ) কৃষকৰ দৰিদ্ৰতাৰ সমস্যা।

প্রশ্ন ৫৯। উষ্ণ মৰুভূমি আৰু শীতল মৰুভূমিৰ এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ উষ্ণ মৰুভূমি — থৰ মৰুভূমি।

শীতল মৰুভূমি — গ্ৰীণলেণ্ড।

প্রশ্ন ৬০। বায়ু কি কি উপাদানেৰে গঠিত? সিহঁতৰ পৰিমাণ সমূহ লিখা।

উত্তৰঃ বায়ু তলত দিয়া উপাদান সমূহৰ দ্বাৰা গঠিত-

(ক) নাইট্ৰজেন ৭৪.০৯% 

(খ) অক্সিজেন ২০.৯৪%,

(গ) আর্গন ০.৯৩% 

(ঘ) অন্যান্য ০.০৪%

প্রশ্ন ৬১। মৰুকৰণ কি?

উত্তৰঃ মকৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ক্রান্তীয় উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে।

1 thought on “Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top