Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে?, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে? Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে? Question Answer can be of great value to excel in the examination.
Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে?
Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে? Notes cover all the exercise questions in UGC Syllabus. Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
২৬। গোলকীকৰণৰ সাৰ্বভৌমত্ব সম্পৰ্কে আলোচনা কৰা?
উত্তৰঃ আঞ্চলিক অর্থনৈতিক সংগঠনৰ বিকাশ আৰু বিশ্বায়ন প্রক্রিয়াই উমৈহতীয়াভাৱে ৰাষ্ট্ৰৰ সার্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান আনিছে। তদুপৰি নব্য–উপনিবেশীকতাই উন্নয়নশীল ৰাষ্ট্ৰৰ অর্থনৈতিক, আদর্শগত আৰু সাংস্কৃতিক দিশত নিয়ন্ত্ৰণ কৰি ৰাষ্ট্ৰৰ সাৰ্বভৌমত বাধা আনিছে। গোলকীয় নিৰ্ভৰশীলতা, নব্য–উপনিবেশীকতা, বিশ্বায়ন আৰু উদাৰীকৰণ, ব্যক্তিগতকৰণে সার্বভৌমত্বৰ প্ৰতি এক বৃহৎ সীমাবন্ধতা বা বাধা হিচাপে থিয় দিছে।
বিংশ শতিকাৰ সময়ছোৱাত, কল্যাণকামী ৰাষ্ট্ৰৰ বিকাশ আৰু সাম্যবাদী আদৰ্শৰ অৰ্থনৈতিক বিকাশে, ৰাষ্ট্ৰৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ মূল ইন্ধন হিচাপে কাম কৰিছে। ৰাষ্ট্ৰই লাহে লাহে উদ্যোগৰ স্বত্বাধিকাৰী হ’বলৈ আৰু সমাজৰ অৰ্থনৈতিক জীৱনৰ নিৰ্ণায়ক হ’বলৈ সার্বভৌমত্বক ব্যৱহাৰ কৰিবলৈ লৈছে। অর্থাৎ ৰাষ্ট্ৰই মানুহৰ আৰ্থ–সামাজিক দিশত বৃহৎ পৰিমাণৰ ক্ষমতা লাভ কৰে।
অৱশ্যে, বিংশ শতিকাৰ শেষৰ ফালে অৰ্থনৈতিক–ৰাজনৈতিক উদাৰীকৰণৰ বিকাশে পুৰণি ধাৰণাৰ পৰিবৰ্তন সাধন কৰে। গোলকীকৰণৰ বিকাশে ৰাষ্ট্ৰৰ কল্যাণকামী চৰিত্ৰত পৰিবৰ্তন আনে। তদুপৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ষেত্ৰত ভূমিকা আৰু কাৰ্যৰ হ্ৰাস পাবলৈ ধৰে। যদিও ইয়াৰ ভূমিকা এক ৰক্ষক হিচাপে বাহাল থাকে, তথাপি ইয়াৰ অৰ্থনৈতিক কার্যত বৃহৎ পৰিবৰ্তন আহিবলৈ ধৰে।
ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত প্ৰভাৱ পেলোৱা ক্ষেত্রসমূহ তলত দিয়া ধৰণৰ–
(ক) অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাসঃ উদাৰীকৰণ– ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ অর্থনৈতিক দিশত সীমাবদ্ধতা আনিছে। জনসাধাৰণৰ প্ৰয়োজনীয়তাসমূহ পূৰ কৰাত ৰাজহুৱা খণ্ডৰ ব্যৰ্থতাই ৰাষ্ট্ৰৰ ওপৰত মানুহৰ বিশ্বাস বহু পৰিমাণে হ্ৰাস কৰিছে।
(খ) আঞ্চলিক সক্রিয়তা আৰু সদস্য ৰাষ্ট্ৰৰ উমৈহতীয়া সিদ্ধান্তঃ মুক্ত বাণিজ্য, বজাৰৰ প্রতিযোগিতা, বহুজাতিক প্রতিষ্ঠান আৰু আন্তৰ্জাতিক অর্থনৈতিক সংগঠন আদিৰ বিকাশে ৰাষ্ট্ৰীৰ কাৰ্য বহু পৰিমাণে হ্ৰাস কৰিছে। বিভিন্ন বাণিজ্যিক সংস্থা যেনে— European Union, NAFTA, APEC, ASEAN আদি সংগঠনে আন্তর্জাতিক অর্থনৈতিক সম্পৰ্কত কাম কৰি আহিছে। উদাহৰণস্বৰূপে European Unionৰ সদস্যসমূহে ইয়াৰ নীতি–নিয়ম অনুসৰি কাৰ্য কৰিব লাগে।
(গ) সিদ্ধান্ত গ্ৰহণত আন্তর্জাতিক নিৰ্দেশনাৰ সীমাবদ্ধতাঃ বৰ্দ্ধিত আত্ম নিৰ্ভৰশীলতাই ৰাষ্ট্ৰসমূহক বাহ্যিক সাৰ্বভৌমত্বত বাধা মানি চলিবলৈ বাধ্য কৰায়। বৰ্তমান প্রত্যেক ৰাষ্ট্ৰই আন্তর্জাতিক অর্থনৈতিক সংগঠন যেনে WTO, World Bank আৰু IMF আদিৰ নীতি নির্দেশনা মানি চলাটো গুৰুত্বপূৰ্ণ বুলি ভাবে।
(ঘ) সামৰিক শক্তিৰ গুৰুত্ব হ্রাসঃ ৰাষ্ট্ৰ এখনে ইয়াৰ সামৰিক শক্তিক ৰাষ্ট্ৰীয় শক্তিৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। কিন্তু আন্তর্জাতিক শক্তি আৰু সহঃঅৱস্থানৰ ধাৰণাই লাহে লাহে সামৰিক শক্তিৰ গুৰুত্ব কিছু পৰিমাণে হ্ৰাস কৰিছে।
(ঙ) প্রত্যেক ৰাষ্ট্ৰৰ চুক্তিৰ বাধ্যবাধকতাঃ বহুতো আন্তর্জাতিক সন্মিলন আৰু চুক্তিয়ে প্রত্যেক ৰাষ্ট্ৰৰ ওপৰত কিছু সীমাবদ্ধতা আনি দিছে। প্রত্যেক ৰাষ্ট্ৰৰ বৰ্তমান কোনোবা নহয়, কোনোবা চুক্তিৰ নিয়মৰ দায়বদ্ধ। বর্ধিত সন্ত্ৰাসবাদ, পাৰমাণৱিক শক্তিৰ বৃদ্ধি তথা পৰিবেশ ৰক্ষাৰ বাবে কৰা সামূহিক চুক্তিয়ে সকলো ৰাষ্ট্ৰকে ইয়াৰ নীতি–নিয়ম মানিবলৈ বাধ্য কৰিছে।
(চ) জনসাধাৰণৰ গোলকীয় প্ৰৱাহৰ বিকাশঃ গোলকীকৰণে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক গঢ় লৈ উঠাত সহায় কৰিছে। তথ্য প্ৰযুক্তিৰ বিকাশ আৰু যাতায়াত দ্রুত বিকাশে গোটেই বিশ্বখনকে এখন গোলকীয় গাৱত পৰিহত কৰিছে। মানুহে এতিয়া কেৱল এখন নির্দিষ্ট দেশৰ নাগৰিক বুলি পৰিচয় দিয়াৰ পৰিবৰ্তে, গোটেই পৃথিৱীখনকে নিজৰ ঘৰ বুলি অনুভৱ কৰে।
সেইদৰে গোলকীকৰণ আৰু কিছুমান অন্য উপাদানে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি হেচা প্ৰয়োগ কৰিছে। ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ পৰিবৰ্তন আনিছে। তদুপৰি গোলকীকৰণৰ উপৰিও নব্য আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থাৰ উদ্দেশ্যসমূহে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্রতি বাধা আনিছে।
২৭। গোলকীকৰণ আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব সম্পর্কে আলোচনা কৰা?
উত্তৰঃ গোলকীকৰণৰ ধাৰণাৰ বিকাশে ৰাষ্ট্ৰই সাৰ্বভৌমত্বৰ ওপৰত ব্যাপকভাৱে প্রভাৱ পেলাইছে। পূৰ্বতে নব্য– উপনিবেশীকতাবাদৰ প্ৰভাৱৰ ফলত হোৱা উন্নত ৰাষ্ট্ৰৰ নিয়ন্ত্রণে উন্নয়নশীল বা অনুন্নত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত বহু প্ৰভাৱ বিস্তাৰ কৰিছিল। বৰ্দ্ধিত গোলকীয় নিৰ্ভৰশীলতা, নব্য–উপনিবেশবাদ, গোলকীকৰণ আৰু উদাৰীকৰণ– ব্যক্তিগতকৰণ প্ৰক্ৰিয়াও ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত সীমাবদ্ধতা আনিছে।
বিংশ শতিকাত কল্যাণকামী ৰাষ্ট্ৰৰ বিকাশ আৰু অর্থনৈতিক বিকাশৰ সমাজবাদী আৰ্হিৰ জনপ্রিয়তাই ৰাষ্ট্ৰৰ কাৰ্য বৃদ্ধিত ইন্ধন যোগাইছিল। ৰাষ্ট্ৰই ইয়াৰ উদ্যোগসমূহৰ স্বতাধিকাৰী হোৱাৰ বাবে আৰু ইয়াৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ নিয়ত্ৰেণক হ’বলৈ সাৰ্বভৌমত্বৰ ব্যৱহাৰ কৰিবলৈ ধৰে। সমান্তৰালভাৱেই জনসাধাৰণৰ সামাজিক, অর্থনৈতিক জীৱনত বৃহৎ ক্ষমতা প্রয়োগ কৰিবলৈ ধৰে।
কিন্তু বিংশ শতিকাৰ শেষৰ ফালে সমাজবাদী অর্থনৈতিক আৰ্হি দুৰ্বল হ’বলৈ ধৰে আৰু অৰ্থনৈতিক ৰাজনৈতিক ক্ষেত্ৰত উদাৰীকৰণৰ এক শক্তিশালী প্রবাহ আহে। আন্তর্জাতিক অর্থনৈতিক আৰু বাণিজ্যৰ ক্ষেত্ৰত গোলকীকৰণৰ বিকাশ সাধন হয়। ই পর্যায়ক্রমে অর্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাস কৰি আনে। যদিও ৰাষ্ট্ৰৰ ভূমিকা এক ৰক্ষক আৰু জনসাধাৰণৰ কল্যাণকর্তা হিচাপে বাহাল থাকে; ইয়াৰ অৰ্থনৈতিক কাৰ্যত ব্যাপক পৰিবৰ্তন আহে।
ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত সীমাবদ্ধতা অনা মূল উপাদানসমূহ তলত দিয়া ধৰণৰ —
(ক) অর্থনৈতিক সম্পৰ্কৰ ৰাষ্ট্ৰ ভূমিকা হ্ৰাসঃ উদাৰীকৰণ ব্যক্তিগতকৰণৰ প্ৰসাৰৰ ফলত ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভূমিকা হ্ৰাস পাইছে। জনসাধাৰণৰ প্ৰয়োজনসমূহ পূৰণত ব্যৰ্থতাই ৰাষ্ট্ৰৰ অর্থনৈতিক কাৰ্য হ্ৰাস কৰিছে।
(খ) সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সিদ্ধান্ত আৰু আঞ্চলিক কার্যকলাপঃ মুক্ত বাণিজ্যৰ বিকাশ, বজাৰ প্ৰতিযোগিতা, বহুজাতিক প্রতিষ্ঠান আৰু আন্তর্জাতিক অর্থনৈতিক সংগঠন আৰু বাণিজ্যিক সংস্থা যেনে— ইউৰোপিয়ান ইউনিয়ন (European Union), NAFTA, APEC, ASEAN আদিৰ উত্থানে ৰাষ্ট্ৰৰ আন্তৰ্জাতিক অর্থনৈতিক কার্যত সীমাবদ্ধতা আনিছে। তদুপৰি অর্থনৈতিক সংস্থাৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহে সেই সংস্থাৰ নীতি–নিয়ম মানি চলিবলৈ বাধ্য।
(গ) আন্তর্জাতিক নিৰ্দেশনাৰ সিদ্ধান্তত সীমাবদ্ধতাঃ বর্দ্ধিত আন্তর্জাতিক নির্ভৰশীলতাই ৰাষ্ট্ৰসমূহক সাৰ্বভৌমত্বৰ বাবে অহা সীমাবদ্ধতা মানি চলিবলৈ বাধ্য কৰাইছে। প্রত্যেক ৰাষ্ট্ৰই বর্তমান আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থা যেনে— WTO, The World Bank আৰু IMF আদিৰ নীতি–নিয়ম মানিবলৈ বাধ্য।
(ঘ) প্রত্যেক ৰাষ্ট্ৰ চুক্তিৰ বাধ্যবাধকতাঃ বহুতো আন্তর্জাতিক চুক্তি আৰু সন্মিলন আদিৰ নীতি–নিয়মে প্রত্যেক ৰাষ্ট্ৰৰ ওপৰত সীমাবদ্ধতা আনে। সকলো ৰাষ্ট্ৰই এনে সম্মিলনৰ নীতি–নিয়মৰ ধাৰা আবদ্ধ।
(ঙ) সামৰিক শক্তিৰ গুৰুত্ব হ্ৰাসঃ ৰাষ্ট্ৰ এখনে সামৰিক শক্তিক ইয়াৰ জাতীয় শক্তিৰ প্রয়োজনীয় মাত্রা হিচাপে ব্যৱহাৰ কৰে। তদুপৰি আন্তৰ্জাতিক শান্তি আৰু শান্তিপূর্ণ সহঅৱস্থান ৰাষ্ট্ৰসমূহৰ জীৱন ধাৰণৰ মূল পন্থা হিচাপে পৰিগণিত হোৱাৰ ফলত সামৰিক শক্তিৰ গুৰুত্ব হ্ৰাস পাবলৈ ধৰে।
এনেদৰে গোলকীকৰণ তথা অন্য কিছুমান উপাদানে একেলগে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ লগতে অর্থনৈতিক ক্ষেত্ৰতো ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাস পাবলৈ ধৰিছে।
২৮। ৰাষ্ট্ৰৰ অৰ্থ ব্যাখ্যা কৰক। ৰাষ্ট্ৰৰ চাৰিটা উপাদানৰ বিষয়ে আলোচনা কৰক?
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ মূল বিষয় বস্তু হ’ল ৰাষ্ট্ৰ। নিজৰ নগৰ ৰাষ্ট্ৰ সমূহক বুজাবলৈ পোন প্রথমে গ্রীক সকলে ‘পলিচ’ শব্দৰ ব্যৱহাৰ কৰিছিল। বৰ্তমান ৰাষ্ট্ৰ শব্দটো টিউটন সকলৰ দ্বাৰা ব্যৱহৃত ষ্টেটাচ শব্দৰ পৰা উৎপন্ন হৈছে।
ৰাষ্ট্ৰৰ অৰ্থ বুজাবলৈ বিভিন্ন জন ৰাজনীতি বিজ্ঞানী তথা চিন্তাবিদে মতামত আগবঢ়াইছে প্রাচীন গ্রীক দার্শনিক এৰিষ্ট’টলৰ মতে, ‘ৰাষ্ট্ৰ হৈছে পৰিয়াল আৰু গাওঁসমূহৰ এটা সংঘ যাৰ দ্বাৰা এটা সুসংগঠিত আৰু স্বয়ং সম্পূৰ্ণ জীৱন লাভৰ দ্বাৰা সুখী আৰু সন্মানজনক জীৱন লাভ কৰিব পাৰি।’
ব্লাণ্টচৰ মতে, এটা নিৰ্দিষ্ট ভূখণ্ডত ৰাজনৈতিক ভাবে সংগঠিত জন সাধাৰণৰ সমষ্টিয়েই হৈছে ৰাষ্ট্র।’
বাজেছৰ মতে, নির্দিষ্ট ভূখণ্ডৰ মানুহৰ সংঘবদ্ধ জীৱনকে ৰাষ্ট্ৰ বোলে।
ওপৰত উল্লেখ কৰা সংজ্ঞাবোৰ বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে ৰাষ্ট্ৰ হ’ল এক স্বাধীন ৰাজনৈতিক সম্প্রদায়, ইয়াৰ এক সুনির্দিষ্ট ভৌগলিক চাৰিসীমা থাকে আৰু এই চাৰিসীমাৰ ভিতৰত ৰাষ্ট্ৰ হৈছে সাৰ্বভৌমত্বৰ গৰাকী।
ৰাষ্ট্ৰ এখন গঠনৰ বাবে মূলতঃ চাৰিটা উপাদানৰ দৰকাৰ হয়। যেনে– জনসমষ্টি, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব। তাৰে প্ৰথম দুটা হৈছে প্ৰাকৃতিক উপাদান, তৃতীয়টো ৰাজনৈতিক উপাদান আৰু চতুৰ্থটো অশৰীৰী উপাদান। তলত ৰাষ্ট্ৰৰ চাৰিটা মৌলিক উপাদানৰ বিষয়ে
আলোচনা কৰা হৈছে—
(ক) জনসমষ্টি অথবা জনসাধাৰণৰ সংখ্যাঃ ৰাষ্ট্ৰৰ মৌলিক উপাদান হ’ল জনসমষ্টি। মানুহবিহীন ৰাষ্টৰ কল্পনা কৰিব নোৱাৰি। কিন্তু ৰাষ্ট্ৰ এখনত কিমান জনসংখ্যা থাকিব তাৰ কোনো ধৰা বন্ধা নিয়ম নাই। গ্রীক দার্শনিক প্লেট’ৰ মতে, এখন আদৰ্শ ৰাষ্ট্ৰ হ’বৰ বাবে তাৰ জনসংখ্যা হ’ব লাগিব ৫০৪০ জন। এৰিষ্ট’টলে মত প্ৰকাশ কৰিছিল যে, এখন ৰাষ্ট্ৰৰ জনসংখ্যা স্বয়ং সম্পূৰ্ণ হোৱাকৈ অধিক হ’ব লাগিব আৰু উচিতভাবে শাসিত হ’ব পৰাকৈ কম হ’ব লাগিব। ৰুছ’ৰ মতে, এখন ৰাষ্ট্ৰৰ আদৰ্শ সংখ্যক জনসংখ্যা হৈছে ১০,০০০ জন। বর্তমান বিশ্বত এফালে ভাৰতবৰ্ষ আৰু চীন দেশৰ দৰে বৃহৎ সংখ্যক জনসাধাৰণৰ দেশ আছে, আনহাতে ম’নাক’ আৰু চানমানি’ৰ দৰে কম সংখ্যক জনসংখ্যাৰ দেশো আছে।
এখন দেশৰ জনসাধাৰণ বুলি ক’লে দেশখনত থকা জনসাধাৰণৰ সংখ্যা অকল অধ্যয়ন নকৰি গুণগত দিশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে। এৰিষ্ট’টলৰ মতে ভাল জনসাধাৰণে এখন ভাল ৰাষ্ট্ৰ আৰু বেয়া জনসাধাৰণে এখন বেয়া ৰাষ্ট্ৰৰ সৃষ্টি কৰে। আকৌ, এখন দেশত বিভিন্ন জাতি, ধর্ম, সংস্কৃতি, ভাষাৱলম্বী জনসাধারণ থাকিব পাৰে। ঠিক তেনেদৰেই ৰাষ্ট্ৰ এখনৰ গঠনৰ বাবে কিমান জনসংখ্যাৰ প্ৰয়োজন, তাৰ নিৰ্দিষ্ট সীমা বান্ধি দিব নোৱাৰি। সম্পদসমূহৰ উচিত ব্যৱহাৰেৰে এখন ৰাষ্ট্ৰৰ জনসাধাৰণে নিজৰ প্ৰয়োজনীয় উপকৰণসমূহ পূৰণ কৰিব পৰাকৈ পৰিপূৰ্ণ হোৱাটোহে গুৰুত্বপূৰ্ণ বিষয়।
(খ) ভূখণ্ড অথবা নির্দিষ্ট বাসস্থানঃ নির্দিষ্ট ভূখণ্ড ৰাষ্ট্ৰৰ দ্বিতীয় প্রয়োজনীয় উপাদান। বসবাসৰ বাবে নির্দিষ্ট ভূখণ্ড নোহোৱাকৈ যদি কোনো মানুহে এখন ঠাইৰ পৰা আন ঠাইলৈ ঘুৰা–ফুৰা কৰি থাকে, তেনে ক্ষেত্ৰত ৰাষ্ট্ৰ গঠন হ’ব নোৱাৰে। জিপ্চি আৰু ন’মাড সকলে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰিছিল বাবে তেওঁলোকৰ কোনো ৰাষ্ট্ৰ নাছিল। এখন ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূখণ্ড বুলিলে ইয়াৰ চাৰিসীমাৰ ভিতৰত থকা ভূমিকে অকল নুবুজায়; নদ–নদী, হ্রদ, পাহাৰ– পৰ্বত, সাগৰ, আকাশমার্গ সকলোকে ই সামৰি লয়। এখন আদৰ্শ ৰাষ্ট্ৰৰ আয়তন কিমান হ’ব লাগিব সেয়া নির্ণয় কৰাটো অতিশয় টান। চানমাৰিন’ নামৰ ৰাষ্ট্ৰৰ আয়তন মাত্র ৩৮ বর্গ কিলোমিটাৰ। পোপৰ ৰাজত্বৰ ভেটিকান চিটিয়ে মাত্র এশ আঠ একৰ মাটিকালিক সামৰি লৈছে। অন্যহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন দেশৰ এক বৃহৎ ভূখণ্ড আছে। দেশ এখনৰ আয়তনতকৈ ইয়াৰ সম্পদসমূহৰ উচিত ব্যৱহাৰহে বেছি গুৰুত্বপূৰ্ণ, যিয়ে দেশখনক বিকশিত আৰু সমৃদ্ধিশালী কৰি তোলে।
(গ) চৰকাৰঃ ৰাষ্ট্ৰ এখনৰ তৃতীয়টো মৌলিক উপাদান হৈছে চৰকাৰ। কেৱলমাত্ৰ জনসংখ্যা আৰু ভূখণ্ডই এখন ৰাষ্ট্ৰৰ সৃষ্টি কৰিব নোৱাৰে। এখন দেশৰ জনগণ যদি একন সুসংগঠিত
চৰকাৰৰ দ্বাৰা পৰিচালিত নহয়, তেন্তে ই ৰাষ্ট্ৰ হ’ব নোৱাৰে। চৰকাৰ হৈছে ৰাষ্ট্ৰৰ ৰাজনৈতিক যন্ত্ৰ যি ৰাষ্ট্ৰক পৰিচালিত কৰে। চৰকাৰ হৈছে ৰাষ্ট্ৰৰ নিয়ামক অনুষ্ঠান যাৰ দ্বাৰা ৰাষ্ট্ৰৰ সমূহীয়া ইচ্ছা, নির্ধাৰণ, প্ৰকাশ আৰু কাৰ্যকৰী কৰা হয়। ৰাষ্ট্ৰৰ প্ৰতিনিধি হিচাপে চৰকাৰে সমাজখনক ৰাজনৈতিকভাৱে সংঘবদ্ধ কৰে, উমৈহতীয়া আঁচনিবোৰ তৈয়াৰ কৰে আৰু উমৈহতীয়া প্রয়োজনবোৰ পূৰণ কৰাত অৰিহণা যোগায়। সেয়েহে ৰাষ্ট্ৰৰ আভ্যন্তৰীণ শান্তি–শৃংখলা বজাই ৰখাৰ উপৰিও সামৰিক দিশত, অর্থনৈতিক ক্ষেত্ৰত, বৈদেশিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্ক ৰক্ষাত, ৰাস্তা–পদূলি, দলং, যাতায়ত আৰু যোগাযোগ ব্যৱস্থাত পানী, বিদ্যুৎ যোগান, স্বাস্থ্য আৰু শিক্ষাখণ্ডত চৰকাৰে নিজৰ দায়িত্ব পালন কৰিবলগীয়া হয়। চৰকাৰ বিভিন্ন প্ৰকাৰৰ আছে। কোনো প্ৰকাৰৰ চৰকাৰ এখন ৰাষ্ট্ৰত অপৰিহাৰ্য সেয়া কোৱাটো অতি কঠিন কার্য। বেলেগ বেলেগ দেশত বেলেগ বেলেগ ধৰণৰ চৰকাৰ থাকে।
(ঘ) সার্বভৌমত্বঃ ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান হৈছে সাৰ্বভৌমত্ব। মানুহৰ আন বিভিন্ন অনুষ্ঠানৰ পৰা ৰাষ্ট্ৰক এই উপাদানটোৱে পৃথক কৰে। সাৰ্বভৌমত্ব অবিহনে ৰাষ্ট্ৰৰ প্রাণ প্রতিষ্ঠা হ’ব নোৱাবে। বহল অর্থত, সার্বভৌমত্ব ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। সার্বভৌমত্ব দুই ধৰণৰ থাকে। আভ্যন্তৰীণ সার্বভৌমত্ব আৰু বহিঃ সার্বভৌমত্ব। আভ্যন্তৰীণ সার্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰ নিজৰ আভ্যন্তৰীণ বিষয়ত সকলো দিশত সৰ্বোচ্চ। ৰাষ্ট্ৰই ইয়াৰ অন্তৰ্গত সকলো ব্যক্তি আৰু প্ৰতিষ্ঠানৰ ওপৰত চৰম ক্ষমতা প্রয়োগ কৰে আৰু তেওঁলোকেও ৰাষ্ট্ৰক মানি চলিব লাগে। বহিঃ সার্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰ সকলো বিদেশী শক্তিৰ নিয়ন্ত্রণমুক্ত হৈ থাকে। যদি কোনো এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ অধীনত থাকে তেন্তে সেই ৰাষ্ট্ৰক কোনোপধ্যে সার্বভৌম ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। বৰঞ্চ সেই অধীনস্থ ৰাষ্ট্ৰখন আনখন ৰাষ্ট্ৰৰ এটা অংগৰাষ্ট্ৰ ৰূপেহে চিনাক্ত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টৰ আগৰ গ্ৰেট বৃটিইনৰ অধীনত থকা ভাৰতবৰ্ষক সেয়েহে ৰাষ্ট্ৰ আখ্যা দিব নোৱাৰি।
২৯। ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পর্কে থকা বিভিন্ন মত আলোচনা কৰক?
উত্তৰঃ ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পর্কে বিভিন্ন ধৰণৰ মত দেখা যায়। ৰাষ্ট্ৰৰ প্ৰকৃতিৰ বিষয়ে এক স্পষ্ট ধাৰণা লোৱাৰ বাবে কিছুমান অতি প্রয়োজনীয় ধাৰণা বা দৃষ্টিভঙ্গীৰ বিষয়ে আলোচনা কৰা দৰকাৰ।
(ক) বৈধ দৃষ্টিভঙ্গী বা ধাৰণাঃ ৰোমান সাম্ৰাজ্যই ৰাষ্ট্ৰৰ বৈধ ধাৰণাৰ জন্ম দিছিল। আধুনিক সময়ত বহুকেইজন চিন্তাবিদ যেনে ব’ডিন, হ’বচ্, বেন্থাম আৰু অষ্টিনে ৰাষ্ট্ৰৰ বৈধ ধাৰণাৰ
ওপৰত মত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, ৰাষ্ট্ৰ এক বৈধ অনুষ্ঠান। আইন প্রস্তুত, ইয়াৰ ব্যাখ্যা আৰু কাৰ্যকৰীকৰণৰ জৰিয়তে মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ বাবেই মূলতঃ ৰাষ্ট্ৰৰ জন্ম হৈছে। ৰাষ্ট্ৰ এক ন্যায়িক সত্তা। আইন ভংগকাৰীক শাস্তি প্রদান কৰা এক অনুষ্ঠানৰূপেও ৰাষ্ট্রই কাৰ্য সম্পাদন কৰে। ৰাষ্ট্ৰৰ বৈধ ধাৰণা বা দৃষ্টিভঙ্গীক এক সম্পূর্ণ মতবাদ নহয় বুলি বহুতো পণ্ডিতে সমালোচনা কৰিছে। সমালোচকসকলৰ মতে, আইন প্ৰণয়নৰ বাহিৰেও ৰাষ্ট্ৰই জনগণৰ অন্যান্য নীতিগত আৰু আধ্যাত্মিক জীৱনকো পৰিচালিত কৰে।
(খ) নৈতিক দৃষ্টিভঙ্গী বা ধাৰণাঃ ৰাষ্ট্ৰৰ প্ৰকৃতিৰ নৈতিক ধাৰণাৰ পৃষ্ঠপোষক আছিল প্লেটো আৰু এৰিষ্ট’টল। বৌদ্ধিক, নৈতিক আৰু বস্তুগত উন্নয়নৰ বাবে ৰাষ্ট্ৰ অপৰিহাৰ্য। ৰাষ্ট্র মানৱ সৃষ্ট অনুষ্ঠান নহয়, ই এক প্ৰাকৃতিক অনুষ্ঠান। তেওঁলোকৰ মতে, ৰাষ্ট্ৰই চৰম নৈতিকতাক প্ৰতিনিধিত্ব কৰে। ৰাষ্ট্ৰ এখনে যি কৰে, সেয়া সদায় ভাল কার্য বুলিয়ে বিবেচনা কৰা হয়। ৰুছ’, কান্ট, হেগেল, টি. এইচ. গ্ৰীণ আৰু অন্যান্য ৰাজনীতিবিদসকলে ৰাষ্ট্ৰক এখন চৰন নৈতিক অনুষ্ঠান বুলি কৈ ৰাষ্ট্ৰৰ নৈতিক ধাৰণাক সমৰ্থন আগবঢ়াইছে। এই ধাৰণাটোক বহুতো ৰাজনৈতিক পণ্ডিতে সমালোচনা কৰিছে। তেওঁলোকৰ মতে, ৰাষ্ট্ৰ মানুহৰ নৈতিক আৰু বৌদ্ধিক বিকাশ সাধন কৰিব পৰা আহিলা নহয়, বৰঞ্চ ই নিজেই এটা উদ্দেশ্য। বর্তমান সময়ত, এনেধৰণৰ দৃষ্টিভঙ্গীৰ বাবে সৰ্বাত্মক ৰাষ্ট্ৰৰ ধাৰণাৰ ভেঁটিয়ে গঢ় লৈ উঠিছে।
(গ) প্রয়োজনীয় অশুভ অনুষ্ঠানৰূপে ৰাষ্ট্ৰঃ ব্যক্তিবাদীসকলৰ মতে, ৰাষ্ট্ৰ এটা প্রয়োজনীয় অশুভ অনুষ্ঠান। তেওঁলোকৰ মতে, ৰাষ্ট্ৰ এক অশুভ বা অকল্যাণকৰ অনুষ্ঠান। অন্যহাতে, তেওঁলোকে ক’ব খোজে যে, যদি প্রতিজন ব্যক্তিক নিজৰ মতে কাম কৰিবলৈ এৰি দিয়া হয়, তেতিয়াহ’লে নিজ স্বার্থ সিদ্ধি কৰিবৰ বাবে এজনে আনজনৰ অপকাৰ কৰিবলৈকো কুণ্ঠাবোধ নকৰিব। যাৰ ফলত সমাজৰ শান্তি–শৃংখলা ব্যাহত হ’ব। সেয়েহে শান্তি শৃংখলা ৰক্ষাৰ বাবে আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰ এখনৰ প্ৰয়োজনীয়তা আছে। আদাম স্মিথ, বেন্থাম আৰু হার্বাটি স্পেন্চাৰ এই মতবাদৰ সমৰ্থক। কিন্তু, সমালোচকসকলৰ মতে, ৰাষ্ট্ৰ নকৰাত্মক অনুষ্ঠান নহয়। সমাজৰ কল্যাণৰ বাবে ৰাষ্ট্ৰই বহুতো ধনাত্মক কার্য সম্পাদন কৰিবলৈ সক্ষম হয়।
(ঘ) এখন অপ্রয়োজনীয় অশুভ অনুষ্ঠানৰূপে ৰাষ্ট্ৰৰ অৰাষ্ট্ৰবাদী ধাৰণাঃ অৰাষ্ট্ৰবাদীসকলৰ মতে, ৰাষ্ট্ৰ এখন অপ্ৰয়োজনীয় অশুভ অনুষ্ঠান আৰু সেইবাবে মানুহৰ স্বতঃস্ফূর্ত বিকাশৰ বাবে ইয়াক যিমান পাৰি সিমান সোনকালে নাইকিয়া কৰা উচিত। তেওঁলোকৰ মতে, ব্যক্তিৰ চৰিত্ৰ আৰু স্বভাৱৰ ক্ৰমবৰ্দ্ধমান বিকাশৰ লগে লগে মানুহৰ চৰিত্ৰ গঠনকাৰী হিচাপে ৰাষ্ট্ৰই গ্ৰহণ কৰা ভূমিকাও ক্ৰমাৎ নাইকিয়া হৈ পৰে।
(ঙ) ৰাষ্ট্ৰৰ বহুত্ববাদী ধাৰণাঃ বহুত্ববাদীসকলৰ মতে ৰাষ্ট্ৰ হৈছে পৰিয়াল, গীর্জা, শ্রমিক সংঘ, সামাজিক সংস্থা আদিৰ দৰে জনসাধাৰণৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰা এটা স্থায়ী অনুষ্ঠান। সেইবাবে ৰাষ্ট্ৰক এই অনুষ্ঠানবোৰৰ লগতে সমমর্যাদা দিয়াটো জৰুৰী। বহুত্ববাদীসকলে ৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে আৰু ৰাষ্ট্ৰক অন্যান্য স্থায়ী অনুষ্ঠানবোৰতকৈ কোনো শুণেই শ্ৰেষ্ঠ বুলি বিবেচনা নকৰে। এই তত্ত্বৰ মুখ্য প্ৰবক্তা হ’ল মেকআইভাৰ আৰু লাস্কি। কিন্তু সমাজৰ বিভিন্ন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰিবৰ বাবে ৰাষ্ট্ৰৰ দৰে এই শ্ৰেষ্ঠ অনুষ্ঠান থকাটো জৰুৰী বুলি সমালোচকসকলে মতপোষণ কৰে।
(চ) সৰ্বাত্মক ৰাষ্ট্ৰঃ এই মতবাদ অনুসৰি ৰাষ্ট্ৰ হৈছে সর্বোচ্চ ক্ষমতাৰ অধিকাৰী আৰু ব্যক্তিসকলৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো অধিকাৰ নাই। ৰাষ্ট্ৰই জনসাধাৰণৰ সমস্ত জীৱনৰ ওপৰত সম্পূর্ণ নিয়ন্ত্ৰণ কৰিব পাৰে। হেগেল, নিয়েৎজে আদি দার্শনিক, বাৰ্ণহাৰ্ডি আৰু ট্ৰেইটস্কেৰ দৰে লিখক, মুছ’লিনি আৰু হিটলাৰৰ দৰে একনায়কত্ববাদী শাসকসকলে সৰ্বাত্মক ৰাষ্ট্ৰৰ ধাৰণাক সমৰ্থন কৰিছিল। কিন্তু সমালোচকসকলৰ মতে, সৰ্বাত্মক ৰাষ্ট্ৰৰ ধাৰণা অমূলক; কাৰণ এই ধৰণৰ ৰাষ্ট্ৰ অগণতান্ত্ৰিক আৰু ইয়াত ব্যক্তিৰ ব্যক্তিত্বৰ মৰ্যাদাক গুৰুত্ব দিয়া নাযায়।
(ছ) ৰাষ্ট্ৰৰ ক্ষমতা সম্পৰ্কীয় ধাৰণাঃ এই ধাৰণাৰ প্ৰবক্তাসকলে ৰাষ্ট্ৰক বিশেষ শক্তিশালী অনুষ্ঠান ৰূপত বৰ্ণনা কৰে। জার্মান লেখক বিশেষকৈ বাৰহাণ্ডি আৰু ট্রেইটস্কে আদিয়ে ৰাষ্ট্ৰক এক ক্ষমতাসম্পন্ন ব্যৱস্থা বুলি অভিহিত কৰিছে যাৰ হাতত যুদ্ধ ঘোষণা কৰা আৰু শান্তি স্থাপন কৰাৰ অসীম কর্তৃত্ব আছে। যেতিয়াই মানুহবোৰে ইজনে সিজনৰ সান্নিধ্যলৈ আহে, তেতিয়াই সমাজত সংঘৰ্ষ আৰু মত বিৰোধ হ’বলৈ আৰম্ভ হয়। সমাজত থকা বিভিন্ন ধৰণৰ মানুহৰ দাবীসমূহ পূৰণৰ বাবে আৰু সমাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবৰ বাবে ৰাষ্ট্ৰই নিজৰ ক্ষমতা ব্যৱহাৰ কৰিবলগীয়া হয়। ৰাষ্ট্ৰৰ প্ৰকৃতিৰ অধ্যয়নত ক্ষমতা সম্পৰ্কীয় ধাৰণাক বহুতো লেখকে গ্ৰহণ কৰা নাই । তেওঁলোকৰ মতে বলক ৰাষ্ট্ৰৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰিলেও; বল ৰাষ্ট্ৰ এখনৰ ভেঁটি হ’ব নোৱাৰে। ৰাষ্ট্ৰ এখনক জঘন্য ক্ষমতাৰ দ্বাৰা কেতিয়াও জুখিব নোৱাৰি। আচলতে, ক্ষমতাক কর্তৃত্বলৈ ৰূপান্তৰিত কৰাটো দৰকাৰ। আনহাতে, সামাজিক লক্ষ্য প্ৰাপ্তিৰ বাবে আৰু জনগণৰ মতামত অনুসৰি ৰাষ্ট্ৰই নিজৰ ক্ষমতা ব্যৱহাৰ কৰা উচিত।
(জ) কল্যাণকামী অনুষ্ঠান হিচাপে ৰাষ্ট্ৰঃ সাম্প্ৰতিক উদাৰবাদী ধাৰণাই ৰাষ্ট্ৰক এক কল্যাণকামী অনুষ্ঠান বুলি কৈছে। এই ধাৰণাৰ সমৰ্থকসকল হ’ল – জে. এচ. মিল, টি. এইচ্.গ্ৰীন, মেকআাইভাৰ আৰু লাস্কি। এই মতবাদ মতে নাই কেৱল আইন শৃংখলা ৰক্ষাকাৰী অনুষ্ঠানেই নহয়, বৰং সমাজত শান্তি–শৃংখলা ৰক্ষাৰ উপৰিও অন্যান্য বহুবোৰ সকাৰাত্মক কার্য সম্পাদন কৰা এক কল্যাণকামী অনুষ্ঠান। ই মানুহৰ কল্যাণ সাধন কৰে। ই গোটেই সমাজৰ ইচ্ছা পূৰণ কৰে। ৰাষ্ট্র এখনে শ্রমিকসকলৰ কৰ্মক্ষেত্ৰৰ অৱস্থা, শিক্ষা সম্প্রসাৰা, জনগণৰ ৰক্ষা সমাজসেৱা আৰু সামাজিক কুসংস্কাৰ আদি দুৰ কৰাৰ বাবে অহৰহ চেষ্টা কৰিব লাগে।
৩০। ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কীয় মার্ক্সীয় তত্ত্বটোৰ সমালোচনাত্মক বিশ্লেষণ আগবঢ়াওক?
উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তি ব্যাখ্যা কৰা এটা গুৰুত্বপূৰ্ণ তত্ত্ব হ’ল মার্ক্সীয় তত্ত্ব। মার্ক্সীয় তত্ত্বৰ প্ৰথম পৃষ্ঠপোষক হ’ল জার্মান দার্শনিক কার্ল মার্ক্স আৰু ফ্ৰেডৰিক এঞ্জেলছ। এই তত্ত্ব অনুসৰি ৰাষ্ট্ৰ এক স্বাভাৱিকভাৱে সৃষ্ট অনুষ্ঠান নহয়। সমাজৰ ধনী শ্ৰেণীক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু এই শ্ৰেণীটোৰ স্বাৰ্থজড়িত বিষয়বোৰৰ পৃষ্ঠপোষকতা কৰিবলৈহে ৰাষ্ট্ৰৰ উৎপত্তি হৈছিল। সমাজ সকলো শ্ৰেণীৰ লোকৰে কল্যাণ সাধন কৰাটো ৰাষ্ট্ৰৰ লক্ষ্য আৰু উদ্দেশ্য নহয়। এই তত্ত্বৰ সমৰ্থকসকলে ৰাষ্ট্ৰক শোষণৰ এক আহিলা বুলি গণ্য কৰে। ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কীয় মার্ক্সীয় তত্ত্বটোৰ মতে মানৱ ইতিহাসৰ এক নিৰ্দিষ্ট পৰ্য্যায়ত ৰাষ্ট্ৰৰ উৎপত্তি হৈছে আৰু ৰাষ্ট্ৰৰ উৎপত্তিৰ সৈতে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো জড়িত হৈ আছে। ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোৰ উৎপত্তিৰ লগে লগে সমাজখন দুটা শ্ৰেণীত বিভক্ত হৈ পৰিছিল। এটা শ্ৰেণী হ’ল সম্পত্তিৰ গৰাকী অথবা দমনকাৰী শ্রেণী যিয়ে ব্যক্তিগত সম্পত্তিৰ গৰাকী শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰে। আনটো শ্ৰেণী হ’ল সম্পত্তি বিহীন অথবা শোষিত শ্রেণী যিয়ে সম্পত্তি বিহীন শ্রেণীটোক প্রতিনিধিত্ব কৰে। মানৱ ইতিহাসৰ প্ৰতিটো পৰ্য্যায়তে ৰাষ্ট্ৰ ব্যক্তিগত সম্পত্তিৰ গৰাকী শ্ৰেণীটোৰ দ্বাৰা সম্পত্তি বিহীন শ্ৰেণীটোৰ ওপৰত শোষণ আৰু দমন চলোৱাৰ এক আহিলাত পৰিণত হয়। গতিকে ৰাষ্ট্ৰ হৈছে অমীমাংসিত শ্ৰেণী সংঘাতৰ ফলত উদ্ভৱ হোৱা এটা অনুষ্ঠান।
ৰাষ্ট্ৰৰ উৎপত্তিৰ মার্ক্সীয় তত্ত্ব আলোচনা কৰাৰ সময়ত এই কথাটো মনত ৰখা ভাল হ’ব যে ই সমাজৰ আন্তঃগাঁথনি অথবা ভেঁটি অথবা অতি–গাঁথনিৰ মাজত থকা বৈসাদৃশ্যবোৰৰ ওপৰত বেছি জোৰ দিয়ে। আন্তঃগাঁথনি অথবা ভেঁটি বোলোতে সাধাৰণতে সমাজৰ অৰ্থনৈতিক গাঁথনিটোৰ কথা বুজোৱা হয়। এই গাঁথনিটোৱে উৎপাদনৰ আহিলাবোৰৰ মালিকীস্বত্বৰ কথা বুজায়। অতি গাঁথনিয়ে সমাজৰ অন্য দিশবোৰ যেনে – সামাজিক, আইনগত, ৰাজনৈতিক, সাংস্কৃতিক, ধার্মিক, দার্শনিক আৰু আদৰ্শগত দিশবোৰৰ কথা বুজায়। মার্ক্সীয় তাত্ত্বিকসকলৰ মতে আন্তঃগাঁথনি অথবা অর্থনৈতিক গাঁথনিটোৱে সমাজৰ অন্য দিশবোৰ নিয়ন্ত্ৰণ কৰে। মার্ক্সীয় তাত্ত্বিকসকলে যুক্তি দর্শায় যে ৰাষ্ট্ৰ হ’ল সমাজৰ অতি–গাঁথনিৰ ভিতৰুৱা ধাৰণা আৰু ইয়াক সমাজৰ আন্তঃগাঁথনি অথবা অর্থনৈতিক শক্তিবোৰে নিয়ন্ত্ৰণ কৰে।
ইয়াৰ ফলত ৰাষ্ট্ৰ উৎপাদনৰ আহিলাবোৰৰ মালিকীস্বত্ব থকা এমুঠিমান লোকৰ স্বাৰ্থপূৰণৰ আহিলা হৈ পৰে। ৰাষ্ট্ৰই কেৱল এই শ্ৰেণীটোৰ আদৰ্শকহে ৰক্ষণাবেক্ষণ দিয়ে। এই ব্যৱস্থাটোৰ ফলত দুৰ্বল শ্ৰেণীটোক, যাৰ হাতত উৎপাদনৰ আহিলাৰ কোনো মালিকীস্বত্ব নাথাকে। শোষণ–দমন কৰাৰ পথ সুচল হয়। মার্ক্সীয় তত্ত্বৰ মতে এনেদৰেই ৰাষ্ট্ৰ হ’ল এটা শ্ৰেণী অনুষ্ঠান অথবা সংগঠন – সম্পত্তিশালী শ্ৰেণীটোৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা এক অনুষ্ঠান অথবা সংগঠন।
৩১। বস্তুতঃ আৰু বিধিতঃ সাৰ্বভৌমত্বৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা?
উত্তৰঃ বস্তুতঃ আৰু বিধিতঃ সার্বভৌমত্বঃ কেতিয়াবা এখন দেশৰ প্ৰতিষ্ঠিত শাসন ব্যৱস্থাক অসাংবিধানিক পদ্ধতিৰে ওফৰাই পেলোৱা হয়। সামৰিক অভিযানবোৰ ইয়াৰ উৎকৃষ্ট উদাহৰণ এনে ক্ষেত্ৰত বৈধভাৱে নতুন সার্বভৌম শক্তি গঠিত আৰু স্বীকৃত নোহোৱালৈকে তাত দুই ধৰণৰ সাৰ্বভৌমত্ব থাকে। প্রথমতে, আইনগত দৃষ্টিত যি ইতিমধ্যে ক্ষমতাৰ পৰা অপসাৰিত হৈছে আৰু দ্বিতীয়তে, ব্যৱহাৰিক দৃষ্টিত– যি আইনগত ভাৱে এতিয়াও গঠিত হোৱা নাই। বস্তুতঃ সাৰ্বভৌমত্ব হ’বৰ বাবে আইন অনুসৰি ক্ষমতা লাভ নকৰিলেও হয়। বস্তুতঃ সার্বভৌমত্ব সার্বভৌম কর্তৃপক্ষই শক্তি প্ৰয়োগৰ দ্বাৰা অথবা নৈতিক স্বীকৃতি লাভ কৰি জনসাধাৰণৰ ওপৰত নিজৰ ইচ্ছা বলবৎ কৰি তেওঁলোকৰ পৰা আনুগত্য লাভ কৰে। এনেকুৱা পৰিস্থিতিত বৈধ আৰু আনুষ্ঠানিক সাৰ্বভৌমত্বক বিধিতঃ আৰু আচল সার্বভৌমত্বক বস্তুতঃ সার্বভৌমত্ব বোলা হয়। বর্তমান বিশ্বৰ প্ৰেক্ষাপটত নিৰ্বাচিত চৰকাৰক ওফৰাই সামৰিক শাসন স্থাপিত কৰি ৰাষ্ট্ৰৰ সকলোবোৰ ক্ষমতা বলপূৰ্বকভাৱে কাঢ়ি লোৱাৰ বহুতো উদাহৰণ পোৱা যায়। সামৰিক প্রধানজন এইক্ষেত্ৰত বস্তুতঃ সার্বভৌমত্ব অথবা প্রকৃত ক্ষমতাৰ বাঘজৰী হাতত লোৱা সার্বভৌমত্বৰ উদাহৰণ।
কিন্তু যি ৰাষ্ট্ৰত পূৰ্বৰ শাসন ওফোৰাই নেপেলোৱাকৈ বেলেগ এটা শাসন প্রতিষ্ঠিত হয়। তাত সেই পূৰ্বৰ বৈধ আৰু আনুষ্ঠানিক সার্বভৌমত্বটোক বিধিতঃ সার্বভৌমত্ব বোলে। এনেবোৰ দেশত সময়ৰ অগ্ৰগতিৰ লগে লগে জনসাধাৰণৰ পৰা নিৰ্বাচনৰ জৰিয়তে অথবা অন্য উপায়েৰে যদি বস্তুতঃ সার্বভৌমত্বই আনুগত্য লাভ কৰিবলৈ লয়, তেন্তে বস্তুতঃ সার্বভৌমত্ব বিধিতঃ সার্বভৌমত্ব ৰূপান্তৰিত হয়। জেনেৰেল ফ্রাংকোৱে স্পেইনৰ ৰিপাব্লিক চৰকাৰক আঁতৰাই নিজ শাসন স্থাপন কৰাটো বৰ্তমান সময়ত ইয়াৰ আটাইতকৈ উৎকৃষ্ট উদাহৰণ। শক্তি প্রয়োগৰ দ্বাৰা তেওঁ শাসনৰ গাদী দখল কৰিছিল যদিও জনসাধাৰণৰ পৰা স্বীকৃতি লাভ কৰি বিধিতঃ সাৰ্বভৌমত্ব নিজ হাতলৈ অনাৰ বাবে অহৰহ প্ৰচেষ্টা কৰি আছিল। বস্তুতঃ সাৰ্বভৌমত্বৰ জন্মৰ বহুবোৰ উদাহৰণ ইতিহাসৰ পাতৰ পৰাও আহৰণ কৰিব পাৰি। ইংলেণ্ডত ক্ৰমৱেল ফ্রাঞ্চত নেপোলিয়ন আৰু ১৯৭১ চনত ৰাছিয়াৰ বলচেভিষ্ট দলে। আহৰণ কৰা সাৰ্বভৌমত্বও ইয়াৰ উদাহৰণ।
৩২। সার্বভৌমত্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা?
উত্তৰঃ সাৰ্বভৌমত্বৰ কেইবাটাও বৈশিষ্ট্য আছে। সেইবোৰ তলত আলোচনা কৰা হ’ল —
(ক) অসীমতাঃ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ক্ষমতা অসীম আৰু চূড়ান্ত। অর্থাৎ, ৰাষ্ট্ৰৰ অভ্যন্তৰত আৰু বাহিৰত কোনো ক্ষমতাই সাৰ্বভৌমত্বৰ উৰ্দ্ধত হ’ব নোৱাৰে। ৰাষ্ট্ৰ এখনত সাৰ্বভৌমজনৰ ইচ্ছাই সর্বোচ্চ বুলি ধৰা হয়। ই ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰৰ কোনো ব্যক্তি অথবা সংস্থাৰ বহতীয়া নহয়। ৰাষ্ট্ৰৰ পৰিধিৰ ভিতৰত এনে কোনো অনুষ্ঠান নাই, যিয়ে সার্বভৌম ক্ষমতা দাবী কৰিব পাৰে আৰু বাহ্যিক ক্ষেত্ৰতো এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত কোনো কৰ্তৃপক্ষই হস্তক্ষেপ কৰিব নোৱাৰে। ৰাষ্ট্ৰই আভ্যন্তৰীণ আৰু বাহ্যিক উভয় ক্ষেত্রতে সর্বোচ্চ ক্ষমতা প্রয়োগ কৰে।
(খ) স্থায়িত্বঃ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব স্থায়ী স্বাধীন ৰাষ্ট্ৰৰ অস্তিত্ব থকালৈকে সার্বভৌমত্ব জীয়াই থাকিব। ৰাষ্ট্ৰৰ হৈ সাৰ্বভৌম ক্ষমতাৰ ব্যৱহাৰ কৰা ৰজা অথবা ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যু অথবা চৰকাৰৰ পৰিৱৰ্তনে সার্বভৌমত্বৰ সমাপ্তি ঘটাব নোৱাৰে। সার্বভৌমত্ব অবিহনে ৰাষ্ট্ৰ অস্তিত্ব নাথাকে। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰ এখনৰ জীৱিকা শক্তি।
(গ) সার্বজনীনতাঃ সার্বভৌমত্বৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে সাৰ্বজনীনতা অথবা সর্বব্যাপকতা। সার্বভৌমত্ব বিশ্বজনীন, ব্যাপক আৰু ই সকলো দিশ সামৰি লয়। ৰাষ্ট্ৰৰ ভিতৰত সকলোবোৰ ব্যক্তি, সংস্থা, অনুষ্ঠান, ক্ষেত্ৰ আৰু বস্তুলৈকে ই ব্যাপ্ত হৈ থাকে। ৰাষ্ট্ৰ এখনে ইয়াব সমগ্ৰ চাৰিসীমাৰ ভিতৰতে সার্বভৌম ক্ষমতা প্রয়োগ কৰে। কোনো ব্যক্তি বা ব্যক্তিসমষ্টিয়ে ইয়াৰ উৰ্দ্ধত হ’ব নোৱাৰে। অৱশ্যে, বিদেশী কুটনৈতিক বিষয়াসকলৰ ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে। এনে ধৰণৰ সীমাবদ্ধতাক অৱশ্যে আন্তঃ ৰাষ্ট্ৰীয় বুজাবুজি আৰু নিজৰ সুবিধাৰ বাবে নিজে সৃষ্টি কৰি লোৱা হয়।
(ঘ) অহস্তান্তৰযোগ্যতাঃ সার্বভৌমত্ব কোনোপধ্যে হস্তান্তৰ কৰিব নোৱাৰি। ৰাষ্ট্ৰই ইয়াক কাকো প্ৰদান কৰিব নোৱাৰে। যদি ৰাষ্ট্ৰ এখনে সার্বভৌম হস্তান্তৰ কৰিব বিচাৰে, তেন্তে ৰাষ্ট্ৰ ক্ষমতাক ধ্বংসপ্রাপ্ত হয়। যদিহে সার্বভৌমত্ব হস্তান্তৰিত হয়, তেন্তে ৰাষ্ট্ৰৰ অস্তিত্ব নাইকিয়া হ’ব। সার্বভৌমত্ব আৰু ৰাষ্ট্ৰ পৃথকে থাকিব নোৱাৰে, বৰঞ্চ এটাৰ সৈতে আনটোৱে সহাবস্থান কৰে।
(ঙ) অবিভাজ্যতাঃ সার্বভৌমত্ব এক চৰম ক্ষমতা, বিভিন্ন ব্যাক্তি অথবা সংস্থাৰ মাজত সাৰ্বভৌমত্বক ভাগ বটোৱাৰা কৰিব নোৱাৰি। প্ৰত্যেক ৰাষ্ট্ৰতে এক বৈধ আৰু যোগ্য কর্তৃপক্ষক হাতত সার্বভৌম ক্ষমতা ন্যস্ত থাকে, যিয়ে ক্ষমতাৰ প্ৰয়োগ কৰে। সার্বভৌম ক্ষমতা প্রয়োগ কৰিব পৰা বেলেগ কর্তৃপক্ষ থাকিলে তাৰ পৰা মতানৈক্য আৰু অস্পষ্ট আদেশৰ সৃষ্টি হ’ব পাৰে। সাৰ্বভৌমত্বৰ বিভাজনে ইয়াৰ বিনাশ ঘটাক বুজায়। সার্বভৌমত্ব একক হিচাপে বিৰাজ কৰে, বিভক্ত হিচাপে নহয়।
(চ) অবিনাশীঃ সার্বভৌমত্ব অবিনাশী। ইয়াৰ বিনাশ নাই। বহুদিনলৈকে ইয়াৰ ব্যৱহাৰ নহ’লেও ইয়াৰ বিনাশ নঘটে। কেতিয়াবা কেতিয়াবা, বিদেশী ৰাষ্ট্ৰৰ অধীনত থকাৰ বাবে এখন ৰাষ্ট্ৰই সাৰ্বভৌম ক্ষমতাৰ প্ৰয়োগ কৰিব নোৱাৰিবও পাৰে। প্ৰয়োগ নকৰিলেই ই লুপ্ত হৈ নাযায়। নতুন কর্তৃপক্ষলৈ এই ক্ষমতা হস্তান্তৰিত হয়।
(ছ) মৌলিকতাঃ সার্বভৌমত্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ইয়াৰ মৌলিকতা। সার্বভৌমত্বক কোনেও উৎপাদন অথবা গঠন কৰিব নোৱাৰে। ই নিজে নিজে উৎপন্ন হয়।। ৰাষ্ট্ৰ এখনে যদি আন কাৰোবাৰ কাষত এই ক্ষমতাৰ বাবে নিৰ্ভৰ কৰিব লাগে, তেন্তে ৰাষ্ট্ৰ খনক সাৰ্বভৌম ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। সার্বভৌমত্ব স্ব–উপার্জিত ক্ষমতা।
(জ) অনন্যতাঃ অনন্যতা সার্বভৌমত্বৰ আন এক বৈশিষ্ট্য। সার্বভৌমত্ব হৈছে সর্বাত্মক ক্ষমতা। সার্বভৌমত্বৰ ওপৰত ৰাষ্ট্ৰৰ একচেতীয়া অধিকাৰ আছে। সার্বভৌম ক্ষমতা কেৱল ৰাষ্ট্ৰইহে প্ৰয়োগ কৰিব পাৰে। আন কথাত ক’বলৈ গ’লে ৰাষ্ট্ৰ আৰু সাৰ্বভৌমত্বই সহাৱস্থান কৰে। অন্য কোনো ব্যক্তি অথবা অনুষ্ঠানে ৰাষ্ট্ৰৰ সৈতে সার্বভৌম ক্ষমতা ভাগ কৰি উপভোগ কৰিব নোৱাৰে। সাৰ্বভৌম ক্ষমতা কেৱল ৰাষ্ট্ৰৰ সৈতেহে বিৰাজ কৰে।
৩৩। সাৰ্বভৌমত্বৰ বিভিন্ন ৰূপসমূহ ব্যাখ্যা কৰা?
উত্তৰঃ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত সাৰ্বভৌমত্বৰ বিভিন্ন স্বৰূপ দেখিবলৈ পোৱা যায়। এইবোৰ তলত আলোচনা কৰা হ’ল–
(ক) নামমাত্ৰ আৰু প্ৰকৃত সাৰ্বভৌমত্বঃ কোনো ৰাষ্ট্ৰৰ মুৰব্বী জনে যদি নামতহে সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈ থাকে। কিন্তু প্রকৃত ক্ষমতাৰ প্ৰয়োগ বা ব্যৱহাৰ কৰিব নোৱাৰে তেনে সার্বভৌমত্বক নামমাত্র সার্বভৌমত্ব বোলা হয়। যদিও সার্বভৌম ক্ষমতা তেওঁৰ নামত ব্যৱহৃত হয়, প্রকৃত পক্ষে কিন্তু সেই ক্ষমতা বেলেগ এজন ব্যক্তিৰ হাততহে ন্যস্ত থাকে। সংসদীয় গনতন্ত্ৰত এনেধৰণৰ সাৰ্বভৌমত্ব দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, ইংলেণ্ডৰ ৰজা বা ৰাণী হৈছে নামমাত্ৰ শাসক আৰু তেওঁ প্ৰকৃত সার্বভৌম ক্ষমতা উপভোগ কৰিব নোৱাৰে। প্রকৃত সার্বভৌমত্ব সংসদস্থ ৰজাৰ হাতত ন্যস্ত থাকে। ভাৰতবৰ্ষতো ৰাষ্ট্ৰপতি জন নামমাত্র শাসক। ইয়াত প্রকৃত সাৰ্বভৌমত্বৰ গৰাকী প্ৰধানমন্ত্রী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ।
(খ) বস্তুতঃ আৰু বিধিতঃ সার্বভৌমত্বঃ কেতিয়াবা এখন দেশৰ প্ৰতিষ্ঠিত শাসন ব্যবস্থার অসাংবিধানিক পদ্ধতিৰে ওফৰাই পেলোৱা হয়। সামৰিক অভিযানবোৰ ইয়াৰ উৎকৃষ্ট উদাহৰণ এনে ক্ষেত্ৰত বৈধভাৱে নতুন সার্বভৌম শক্তি গঠিত আৰু স্বীকৃত নোহোৱালৈকে তাত দুই ধৰণৰ সাৰ্বভৌমত্ব থাকে। প্রথমতে, আইনগত দৃষ্টিত যি ইতিমধ্যে ক্ষমতাৰ পৰা অপসাৰিত হৈছে আৰু দ্বিতীয়তে, ব্যৱহাৰিক দৃষ্টিত– যি আইনগত ভাৱে এতিয়াও গঠিত হোৱা নাই। বস্তুতঃ সার্বভৌমত্ব হ’বৰ বাবে আইন অনুসৰি ক্ষমতা লাভ নকৰিলেও হয়। বস্তুতঃ সার্বভৌমত্বত সার্বভৌম কর্তৃপক্ষই শক্তি প্ৰয়োগৰ দ্বাৰা অথবা নৈতিক স্বীকৃতি লাভ কৰি জনসাধাৰণৰ ওপৰত নিজৰ ইচ্ছা বলবৎ কৰি তেওঁলোকৰ পৰা আনুগত্য লাভ কৰে। এনেকুৱা পৰিস্থিতিত বৈধ আৰু আনুষ্ঠানিক সাৰ্বভৌমত্বক বিধিতঃ আৰু আচল সার্বভৌমত্বক বস্তুতঃ সার্বভৌমত্ব বোলা হয়।
বর্তমান বিশ্বৰ প্ৰেক্ষাপটত নিৰ্বাচিত চৰকাৰক ওফৰাই সামৰিক শাসন স্থাপিত কৰি ৰাষ্ট্ৰৰ সকলোবোৰ ক্ষমতা বলপূর্বকভাৱে কাঢ়ি লোৱাৰ বহুতো উদাহৰণ পোৱা যায়। সামৰিক প্রধানজন এইক্ষেত্ৰত বস্তুতঃ সার্বভৌমত্ব অথবা প্রকৃত ক্ষমতাৰ বাঘজৰী হাতত লোৱা সাৰ্বভৌমত্বৰ উদাহৰণ। কিন্তু যি ৰাষ্ট্ৰত পূৰ্বৰ শাসন ওফোৰাই নেপেলোৱাকৈ বেলেগ বেলেগ এটা শাসন প্রতিষ্ঠিত হয় তাত সেই পূৰ্বৰ বৈধ আৰু আনুষ্ঠানিক সার্বভৌমত্বটোক বিধিতঃ সার্বভৌমত্ব বোলে। এনেবোৰ দেশত সময়ৰ অগ্ৰগতিৰ লগে লগে জনসাধাৰণৰ পৰা নিৰ্বাচনৰ জৰিয়তে অথবা অন্য উপায়েৰে যদি বস্তুতঃ সার্বভৌমত্বলৈ আনুগত্য লাভ কৰিবলৈ লয়, তেন্তে বস্তুতঃ সার্বভৌমত্ব বিধিতঃ সার্বভৌমত্ব ৰূপান্তৰিত হয়। জেনেৰেল ফ্রাংকোৱে স্পেইনৰ ৰিপাব্লিক চৰকাৰক আঁতৰাই নিজ শাসন স্থাপন কৰাটো বৰ্তমান সময়ত ইয়াৰ আটাইতকৈ উৎকৃষ্ট উদাহৰণ।
শক্তি প্ৰয়োগৰ দ্বাৰা তেওঁ শাসনৰ গাদী দখল কৰিছিল যদিও জনসাধাৰণৰ পৰা স্বীকৃতি লাভ কৰি বিধিতঃ সার্বভৌমত্ব নিজ হাতলৈ অনাৰ বাবে অহৰহ প্ৰচেষ্টা কৰি আছিল। বস্তুতঃ সার্বভৌমত্বৰ জন্মৰ বহুবোৰ উদাহৰণ ইতিহাসৰ পাতৰ পৰাও আহৰণ কৰিব পাৰি। ইংলেণ্ডত ক্ৰমৱেল ফ্রাঞ্চত নেপোলিয়ন আৰু ১৯৭১ চনত ৰাছিয়াৰ বলচেভিষ্ট দলে আহৰণ কৰা সাৰ্বভৌমত্ব ইয়াৰ উদাহৰণ।
(গ) বৈধ আৰু ৰাজনৈতিক সার্বভৌমত্বঃ ৰাষ্ট্ৰ এখনত আইন প্ৰণয়ন কৰাৰ চৰম ক্ষমতা থকা সার্বভৌম কর্তৃপক্ষকে বৈধ সার্বভৌমত্ব বোলা হয়। প্রত্যেক স্বাধীন ৰাষ্ট্ৰই কেতবোৰ আইন প্রণয়ন কৰে যাৰ প্ৰতি জনসাধাৰণে নিজৰ আনুগত্য প্রকাশ কৰিব লাগে। সেই আইনসমূহৰ প্রণয়ন, বলবৎ আৰু আদেশ দিয়াৰ বাবে এটা বৈধ কর্তৃপক্ষ থাকে, যাক বৈধ সার্বভৌম বোলা হয়। এজন ব্যক্তি বা ব্যক্তিসমূহৰ হাতত এই ক্ষমতা ন্যস্ত থাকে। আইনৰ ভাষাত, বৈধ সার্বভৌমত্বই ৰাষ্ট্রেৰ ইচ্ছাক ব্যক্ত কৰে। সাৰ্বভৌমজনৰ আদেশেই হৈছে আইন আৰু যিয়ে এই আইন অৱমাননা। কৰে, তেওঁৰ শান্তিৰ যোগ্য ইংলেণ্ডত ‘সংসদ ৰজা বৈধ সাৰ্বভৌমত্বৰ উদাহৰণ।
ৰাজনৈতিক সার্বভৌমত্ব ন্যস্ত থাকে ভোটাৰ, জনমত আৰু ৰাষ্ট্ৰৰ অন্য প্ৰভাৱবোৰৰ হাতত, যি জনগণৰ মতক এটা নিশ আৰু আকাৰ প্ৰদান কৰে। ৰাজনৈতিক সার্বভৌমত্বক প্রতিনিধিত্ব কৰে ৰাষ্ট্ৰ এখনৰ জনসাধাৰণে। ভোটাৰ সকল, অর্থাৎ ৰাজনৈতিক সার্বভৌমত্বই সংসদৰ সদস্যসকলক অর্থাৎ বৈধ সার্বভৌমত্বক নির্বাচিত কৰে। গতিকে ৰাজনৈতিক সার্বভৌমত্বই বৈধ সাৰ্বভৌমত্বক নিয়ন্ত্ৰণ কৰে। ব্ৰিটিছ আইনজ্ঞ এ. ভি. ডাইচিৰ মতে, “আইনজ্ঞই স্বীকৃতি দিয়া সাৰ্বভৌমত্বৰ অন্তৰালত আৰু এটা সাৰ্বভৌমত্ব আছে যাৰ ওচৰত বৈধ সাৰ্বভৌমত্বই মূৰ দোঁৱাব লাগে”।
(ঘ) জন সার্বভৌমত্বঃ জনসাধাৰণৰ হাতত ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা থকাকে জন সার্বভৌমত্ব বোলে। জনসাধাৰণৰ সামূহিক ইচ্ছাৰ পৰাই চৰকাৰৰ আটাইবোৰ বিভাগ – কাপালিকা, ন্যায়পালিকা আৰু সংসদে নিজৰ ক্ষমতা আৰু কৰ্তৃত্ব লাভ কৰে। ভাৰতবৰ্ষৰ সংবিধাণ, প্রস্তাৱনাতো জন সার্বভৌমত্বৰ ধাৰণা নিহিত হৈ আছে। প্ৰস্তাৱনাৰ প্ৰথমচোৱা আৰম্ভ হৈছে – “ আমি ভাৰতৰ জনগণে ” আৰু সমাপ্ত হৈছে এইদৰে – “ইয়াৰ দ্বাৰা এই সংবিধান গ্রহণ কৰিছোঁ, অধিনিয়মিত কৰিছোঁ আৰু নিজকে অৰ্পণ কৰিছোঁ”।
৩৪। অষ্টিনৰ সাৰ্বভৌমত্ব তত্ত্বটোৰ সমালোচনাত্মক আলোচনা প্ৰস্তুত কৰা?
উত্তৰঃ বৃটিছ দার্শনিক চিডৱিক, বৃটিছ আইনজ্ঞ আৰু ইতিহাসবিদ চাৰ হেনৰি মেইন আদি চিন্তাবিদে অষ্টিনৰ সাৰ্বভৌমত্ব তত্ত্বৰ ওপৰত কঠোৰ সমালোচনা কৰিছে। অষ্টিনৰ তত্ত্বক সমালোচনা কৰাৰ মুখ্য কাৰণ হ’ল এই তত্ত্ব বর্তমান জন সার্বভৌমত্ব ধাৰণাৰ পৰিপন্থী। সাৰ্বভৌমত্বৰ আইনগত দৃষ্টিক অধিক গুৰুত্ব দিবলৈ গৈ অষ্টিনে জন সার্বভৌমত্বক একেবাৰে নুই কৰিছে য’ত জনসাধাৰণ হৈছে সকলো ক্ষমতাৰ চৰম অধিকাৰী।
অষ্টিনৰ সাৰ্বভৌমত্ব তত্ত্বটোৱে এজন সৰ্বশক্তিমান শাসকৰ জন্ম দিব পাৰে। যিজন ব্যক্তি অথবা যিটো ব্যক্তি সমষ্টিয়ে সাৰ্বভৌম ক্ষমতা প্রয়োগ কৰে, তেওঁ অথবা সেই ব্যক্তি সমষ্টি অতি ক্ষমতাশীল হৈ উঠে আৰু ব্যক্তিজন অথবা ব্যক্তি সমষ্টিটোৰ কাৰো প্ৰতি দায়বদ্ধতা। নাথাকে। গতিকে এই তত্ত্বটোৱে এখন দায়িত্বহীন চৰকাৰৰ জন্ম দিব পাৰে, যিখনে নিজৰ ইচ্ছা অনুযায়ী সকলো কাম কৰিব পাৰে আৰু কাৰ্যসমূহৰ বাবে কাৰো ওচৰত জবাবদিহি হ’ব নালাগে। ফলত এনে ধৰণৰ চৰকাৰে জনসাধাৰণৰ কল্যাণ আৰু স্বাৰ্থৰ বিপৰীতেও সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
এইটো কোৱা হয় যে সার্বভৌম ক্ষমতা সদায় নির্দিষ্ট নহব’ও পাৰে। এখন যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰত সাৰ্বভৌম শক্তিক বিচাৰি উলিওৱাটো অতিশয় কঠিন কাৰ্য। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰত সাৰ্বভৌম ক্ষমতা ৰাষ্ট্ৰপতি অথবা সংসদ অর্থাৎ কংগ্ৰেছ কাৰো হাততেই ন্যস্ত নাথাকে। সংবিধানে ব্যক্ত কৰা অনুসৰি এই ক্ষমতা দেশৰ জনগণৰ হাততহে থাকে। ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়।
আকৌ, সার্বভৌমত্বৰ আদেশেই আইন বোলা কথাটো শুদ্ধ নহয়। বহুবোৰ দেশত প্ৰথাগত আইনবোৰেই সর্বোচ্চ আইন। কিন্তু, সেইবোৰ আদেশৰ ৰূপত প্ৰকাশ কৰা নাযায়। কিন্তু এনে আইনে স্বেচ্ছাচাৰী শাসনৰ ওপৰতো বহুলভাৱে প্ৰভাৱ বিস্তাৰ কৰে। অষ্টিনৰ সৰ্বোচ্চ ক্ষমতাশালী মানুহৰ ধাৰণাৰ লগত খাপ খোৱাকৈ পাঞ্জাৱৰ ৰঞ্জিত সিঙৰ উদাহৰণ চাৰ হেনৰি মেইনে দাঙি ধৰিছে। কিন্তু ৰঞ্জিত সিঙৰ দৰে স্বেচ্ছাচাৰী শাসকেও জনগনৰ আচৰণবিধিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা প্রথাগত আইনসমূহৰ সলনি কৰিবলৈ সাহস কৰা নাছিল।
শক্তিৰ ওপৰত অতিমাত্ৰা গুৰুত্ব দিয়াৰ বাবেও অষ্টিনৰ সাৰ্বভৌমত্ব তত্ত্বটো সমালোচিত হৈছে। জন অষ্টিনৰ মতে জনসাধাৰণে শান্তিৰ ভয়ৰ কাৰণেহে আইন মানি চলে। কিন্তু এই ধাৰণাটো আংশিকভাবেহে শুদ্ধ। বহু ক্ষেত্ৰত আইনসমূহে মানুহৰ চাহিদাসমূহ পূৰ্ণ কৰে কাৰণেও তেওঁলোকে আইনসমূহ মানি চলে। আকৌ এইটোও কোৱা হয় যে এই তত্ত্বটো অগণতান্ত্ৰিক কাৰণ এই তত্ত্বটোৱে ৰাষ্ট্ৰৰ জনমতক কোনো ধৰণৰ স্থান অথবা গুৰুত্ব প্ৰদান কৰা নাই। চৰকাৰৰ কাম– কাজৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ জনসাধাৰণৰ নাই আৰু তেওঁলোক চৰকাৰৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য।
সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ সমৰ্থকসকলে আকৌ ৰাষ্ট্ৰক অন্য সংস্থাসমূহৰ দৰেই এটা অনুষ্ঠান বুলি বিবেচনা কৰিছে। তেওঁলোকে। মত পোষণ কৰিছে যে সার্বভৌম ক্ষমতা কেৱল ৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰিব নালাগে, বৰঞ্চ ৰাষ্ট্ৰৰ অন্তৰ্গত বিভিন্ন দল তথা সংস্থাসমূহেও ৰাষ্ট্ৰৰ সৈতে সমানে সার্বভৌম ক্ষমতাৰ অংশীদাৰ হ’ব লাগে।
জন অষ্টিনৰ সাৰ্বভৌমত্বৰ একাত্মবাদী ধাৰণাটো যথেষ্ট পৰিমাণে সমালোচনাৰ সন্মুখীন হৈছে যদিও এই কথা স্বীকাৰ কৰিবই লাগিব যে অষ্টিনে বৈধ আৰু আনুষ্ঠানিক দিশৰ পৰা চৰম আৰু অসীম সাৰ্বভৌমত্বৰ ব্যাখ্যা কৰিছে। তেওঁ এটা দায়িত্বহীন সার্বভৌমত্ব কৰ্তৃপক্ষৰ কথা ব্যক্ত কৰা নাই, বৰঞ্চ কৈছে যে সার্বভৌম কর্তৃপক্ষ তেওঁৰ দৰে অন্য এক সার্বভৌম কৰ্তৃপক্ষৰ তলতীয়া নহয়। তেওঁৰ সাৰ্বভৌমজন নিজৰ অধিকাৰ ক্ষেত্ৰত ভিতৰৰ সকলো ব্যক্তি আৰু গোটসমূহতকৈ ওপৰৰবৈধ সর্বোচ্চ ক্ষমতাসম্পন্ন। অষ্টিনে অতি নিখুঁতভাৱে বৈধ সার্বভৌমত্বক ৰাজনৈতিক সার্বভৌমত্বৰ পৰা পৃথক কৰিছে।
৩৫। বহুত্ববাদৰ নীতিসমূহ আলোচনা কৰা। সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ সমালোচনা কৰাৰ কাৰণসমূহ ফহিয়াই চাওঁক?
উত্তৰঃ সমাজৰ বহুত্ববাদী প্রকৃতিঃ সাৰ্বভৌমত্বৰ বহুত্ববাদী তত্ত্বই জনসাধাৰণে নিজৰ বিভিন্ন গুণৰ বিকাশৰ বাবে গঠন কৰা বিভিন্ন সংস্থা বা সংগঠনসমূহৰ ভূমিকাক যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এনে সংগঠনবোৰ হ’ল গীর্জাকে আদি কৰি অন্যান্য ধর্মীয় অনুষ্ঠান, শ্রমিক সংঘ, সমবায় সমিতি, বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান আদি। ৰাষ্ট্ৰ হৈছে সমাজত থকা বিভিন্ন সংস্থাবোৰৰ ভিতৰৰে এটা সংস্থা যি আন সংস্থাবোৰৰ একে পৰ্যায়ৰ। ই কেতিয়াও আনবোৰতকৈ ওপৰত হ’ব নোৱাৰে। ৰাষ্ট্ৰ অন্য সংস্থাবোৰৰ পৰা পৃথক এক বেলেগ ধৰণৰ অনুষ্ঠান হ’ব নোৱাৰে।
সমন্বয় ৰক্ষাকাৰীৰূপে ৰাষ্ট্ৰৰ ভূমিকাঃ এটা সংস্থা সমন্বয় ৰক্ষাকাৰীৰূপে ৰাষ্ট্ৰৰ ভূমিকাঃ এটা সংস্থাই নিজৰ সদস্যবোৰৰ মাজত সমন্বয় ৰক্ষা কৰাৰ দৰে ৰাষ্ট্ৰয়ো সমাজৰ আন আন সংস্থা আৰু সংগঠনবিলাকৰ মাজত সমন্বয় ৰক্ষাকাৰী সংস্থা হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সংস্থাবোৰৰ মাজৰ বিৰোধপূর্ণ দাবীবোৰ সমাধান কৰাৰ এক আহিলা ৰাষ্ট্ৰ। ৰাষ্ট্ৰই নিজ ইচ্ছা সংস্থাবোৰৰ ওপৰত জাপি নিদি সংস্থাবোৰৰ কাৰ্য্যৱলীৰ এটা উমৈহতীয়া ভেঁটি তৈয়াৰ কৰি দিয়ে আৰু ই বিভিন্ন স্বাৰ্থবোৰক একেলগ কৰি সমন্বয় স্থাপন কৰে যাৰ দ্বাৰা গোটেই সমাজখনৰে সাৰ্বজনীন কল্যাণ সাধন হয়।
কৰ্তৃত্বৰ ওপৰত নিজৰ দাবীক ৰাষ্ট্ৰই বিচাৰ কৰা উচিতঃ বহুত্ববাদীসকলে কৈছে যে ৰাষ্ট্ৰই নিজকে সর্বোচ্চ কর্তৃত্বশীল অনুষ্ঠান বুলি দাবী কৰা কথাটো স্বীকাৰ কৰি ল’ব নোৱাৰি। ৰাষ্ট্ৰই ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰৰ সকলো ব্যক্তি আৰু সংস্থাৰ ওপৰতে ইয়াৰ অধিকাৰ স্থাপন কৰাৰ বাবে এক সুবিধাজনক অৱস্থান লাভ কৰে। ই দমনমূলক ক্ষমতাৰ অধিকাৰী যাৰদ্বাৰা ৰাষ্ট্ৰৰ আদেশ পালন নকৰা সকলে শাস্তি লাভ কৰে। কিন্তু এই বিশেষ ক্ষমতা প্রয়োগ কৰিবলৈ ৰাষ্ট্ৰই যথেষ্ট চালিজাৰি চাব লাগে। সংস্থাবোৰৰ সংস্থা হিচাপে নিজৰ কৰ্তৃত্ব স্থাপন কৰোতে ৰাষ্ট্ৰ এখনে এখন সমাজৰ স্বাৰ্থবোৰৰ মাজত সমন্বয় স্থাপন কৰাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰা উচিত আৰু ‘ন্যস্ত স্বার্থ’ সমূহক প্ৰভাৱ বিস্তাৰ কৰাৰ সুবিধা প্ৰদান কৰাটো অনুচিত।
কৰ্তৃত্বৰ বিকেন্দ্রীকৰণঃ বহুত্ববাদীসকলৰ মতে, বর্তমান বিশ্বৰ জটিল অর্থনৈতিক আৰু ৰাজনৈতিক সম্পৰ্কবোৰ ৰাষ্ট্ৰৰ একাত্মবাদী তত্ত্বই সামৰি লোৱা নাই। সেয়েহে, সামাজিক কল্যাণ সাধণৰ বাবে বিভিন্ন সংস্থা সংগঠনবোৰে নিজে নিজে পালন কৰা কাৰ্য্য অনুসৰি সমাজৰ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ দৰে দায়িত্বক নিজৰ মাজত ভগাই ল’ব লাগে। সেয়েহে, বহুত্ববাদীসকলে কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ হোৱা কথাটিও অধিক গুৰুত্ব প্ৰদান কৰে যাতে সকলো ক্ষমতা আৰু কৰ্তৃত্ব ৰাষ্ট্ৰৰ হাততে কেন্দ্ৰীভূত নহয়।
বহুত্ববাদী তত্ত্বৰ সমালোচনাত্মক আলোচনাঃ সাৰ্বভৌমত্বৰ বহুত্ববাদী তত্ত্বটো সমালোচনা কৰাৰ যুক্তি হ’ল – যদি সম্পর্ক থকা বিভিন্ন সংস্থাবোৰৰ মাজত সাৰ্বভৌম শক্তিৰ বিভাজন কৰা হয় তেন্তে এনে বিভাজনে সার্বভৌম ধ্বংস মাতি আনিব। সার্বভৌম ক্ষমতাক ভাগ কৰিলে ই মূল্যহীন হৈ পৰিব। ইয়ে ৰাষ্ট্ৰখনক বিখণ্ডিত ৰ পথলৈ আগবঢ়াই নিব। যদি ৰাষ্ট্ৰখন বিখণ্ডন হয় তেন্তে সমগ্র সমাজে ইয়াৰ কুফল ভোগ কৰিব লাগিব। ৰাষ্ট্ৰৰ কর্তৃপক্ষ অবিহনে। এটা শান্তিপূৰ্ণ আৰু নিৰাপদ জীৱনৰ কল্পনা কৰাটো অতি কষ্টসাধ্য।
সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বটোৰ বিপক্ষে থকা আন এটা সমালোচনা হৈছে। যদিহে সার্বভৌম ক্ষমতা ৰাষ্ট্ৰ আৰু অন্যান্য অনুষ্ঠানসমূহে প্রয়োগ কৰে, তেন্তে বেমেজালিৰ সৃষ্টি হ’ব। এনে ক্ষেত্ৰত প্ৰত্যেক সার্বভৌম ক্ষমতাৰ গৰাকী হ’ব আৰু কাৰো কথা কোনেও নুশুনিব। এনেকুৱা পৰিস্থিতিত বিভিন্ন সংস্থা আৰু অনুষ্ঠানৰ কাৰ্য্যসমূহৰ মাজত সমন্বয় ৰক্ষাকাৰীৰ অভাৱ ঘটি বিভিন্ন প্ৰকাৰৰ স্বাৰ্থৰ মাজত সংঘাতৰ সৃষ্টি হ’ব। ফলত সমাজখনত অৰাজকতাৰ উদ্ভৱ হ’ব। তদুপৰি, সমাজৰ কিছুমান গোট বা সংস্থা, অন্য গোট বা সংস্থাতকৈ অধিক পৰিমাণে সংগঠিত আৰু মাত মাতিব পৰা ধৰণৰ হয় তেন্তে, তেনেধৰণৰ প্ৰভাৱশালী গোটৰ স্বাৰ্থ অন্যান্য সাধাৰণ শ্ৰেণীৰ লোকৰ ওপৰত হকে বিহকে জাপি দিব বিচৰা যায়। এনে পৰিস্থিতিত, জনস্বার্থক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত থাকে। ৰাষ্ট্ৰই বিভিন্ন সংস্থা বা সংগঠনবোৰক স্বতন্ত্ৰতা প্ৰদান কৰি নিজ নিজ ক্ষেত্ৰত কাম কৰিবলৈ দিয়াৰ লগতে, সিহঁতৰ মাজত দ্বন্দ–কাজিয়াৰ মীমাংসা কৰি দিয়ে আৰু সমাজত সমতা স্থাপন কৰে।
সমালোচকসকলে মত প্রকাশ কৰিছে যে সাৰ্বভৌমত্বৰ বহুত্ববাদী তত্ত্বটো গঠনমূলক নহয়, বৰং ই ধ্বংসাত্মক। সমালোচকসকলে মত প্রকাশ কৰিছে যে সার্বভৌম ক্ষমতা কেৱল এটা অনুষ্ঠানৰ হাততহে ন্যস্ত থাকিব লাগে আৰু সেই অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰ। আইন–প্ৰণয়ন আৰু আইন মানি তলিবলৈ বাধ্য কৰোৱাৰ ক্ষমতা কেৱল ৰাষ্ট্ৰৰ থাকিব লাগে। যদিহে অন্যান্য বহুতো অনুষ্ঠানৰ আইন প্ৰণয়নৰ ক্ষমতা থাকে, তেন্তে সমাজখন ধ্বংসপ্রাপ্ত হ’ব।
যদিও সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ সমালোচনা কৰা হৈছে, তথাপিও এই কথা স্বীকাৰ কৰিবই লাগিব যে ৰাষ্ট্ৰৰ চৰম ক্ষমতাৰ বিৰুদ্ধে গণতান্ত্রিক প্ৰতিক্ৰিয়াৰ ফলত সাৰ্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰৰ ভিতৰৰ অন্যান্য গোট, সংস্থা আৰু অনুষ্ঠানবোৰৰ গুৰুত্ব আৰু ভূমিকাক স্বীকৃতি প্ৰদান কৰি ই ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ ওপৰত সীমাবদ্ধতা আঙুলিয়াই দেখুৱাইছে।
৩৬। চমুটোকা লিখাঃ
(ক) ভূখণ্ড অথবা নির্দিষ্ট বাসস্থান।
উত্তৰঃ নিৰ্দিষ্ট ভূখণ্ড ৰাষ্ট্ৰৰ দ্বিতীয় প্রয়োজনীয় উপাদান। বসবাসৰ বাবে নিৰ্দিষ্ট ভূখণ্ড নোহোৱাকৈ যদি মানুহে এখন ঠাইৰ পৰা আন ঠাইলৈ ঘুৰা–ফুৰা কৰি থাকে, তেনে ক্ষেত্ৰত ৰাষ্ট্ৰ গঠন হ’ব নোৱাৰে। জিপ্চি আৰু ন’মাড সকলে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰিছিল বাবে তেওঁলোকৰ কোনো ৰাষ্ট্ৰ নাছিল। একন ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূখণ্ড বুলিলে ইয়াৰ চাৰিসীমাৰ ভিতৰত থকা ভূমিকে অকল নুবুজায়; নদ–নদী, হ্রদ, পাহাৰ–পৰ্বত, সাগৰ, আকাশমার্গ সকলোকে ই সামৰি লয়। এখন আদৰ্শ ৰাষ্ট্ৰৰ আয়তন কিমান হ’ব লাগিব সেয়া নিৰ্ণয় কৰাটো অতিশয় টান। চানমাৰিন’ নামৰ ৰাষ্ট্ৰৰ আয়তন মাত্র ৩৮ বর্গ কিলোমিটাৰ। পোপৰ ৰাজত্বৰ ভেটিকান চিটিয়ে মাত্র এশ আঠ একৰ মাটিকালিক সামৰি লৈছে। অন্যহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন দেশৰ এক বৃহৎ ভূখণ্ড আছে। দেশ এখনৰ আয়তনতকৈ ইয়াৰ সম্পদসমূহৰ উচিত ব্যৱহাৰহে বেছি গুৰুত্বপূৰ্ণ, যিয়ে দেশখনক বিকশিত আৰু সমৃদ্ধিশালী কৰি তোলে।
(খ) চৰকাৰ।
উত্তৰঃ ৰাষ্ট্ৰ এখনৰ তৃতীয়টো মৌলিক উপাদান হৈছে চৰকাৰ। কেৱলমাত্ৰ জনসংখ্যা আৰু ভূখণ্ডই এখন ৰাষ্ট্ৰৰ সৃষ্টি কৰিব নোৱাৰে। এখন দেশৰ জনগণ যদি এখন সুসংগঠিত চৰকাৰৰ দ্বাৰা পৰিচালিত নহয়, তেন্তে ই ৰাষ্ট্ৰ হ’ব নোৱাৰে। চৰকাৰ হৈছে ৰাষ্ট্ৰৰ ৰাজনৈতিক যন্ত্ৰ যি ৰাষ্ট্ৰক পৰিচালিত কৰে। চৰকাৰ হৈছে ৰাষ্ট্ৰৰ নিয়ামক অনুষ্ঠান যাৰ দ্বাৰা ৰাষ্ট্ৰৰ সমূহীয়া ইচ্ছা, নিৰ্ধাৰণ, প্ৰকাশ আৰু কাৰ্যকৰী কৰা হয়। ৰাষ্ট্ৰৰ প্ৰতিনিধি হিচাপে চৰকাৰে সমাজখনক ৰাজনৈতিকভাৱে সংঘবদ্ধ কৰে, উমৈহতীয়া আঁচনিবোৰ তৈয়াৰ কৰে আৰু উমৈহতীয়া প্রয়োজনবোৰ পূৰণ কৰাত অৰিহণা যোগায়। সেয়েহে ৰাষ্ট্ৰৰ আভ্যন্তৰীণ শান্তি–শৃংখলা বজাই ৰখাৰ উপৰিও সামৰিক দিশত, অর্থনৈতিক ক্ষেত্রত, বৈদেশিক আৰু আন্তঃ ৰক্ষাত ৰাস্তা–পদূলি, দলং, যাতায়ত আৰু যে, যোগাযোগ ব্যবস্থাত পানী, বিদ্যুৎ যোগান, স্বাস্থ্য আৰু শিক্ষার্থণ্ডত চৰকাৰে নিজৰ দায়িত্ব পালন কৰিবলগীয়া হয়। চৰকাৰ বিভিন্ন প্ৰকাৰ আছে। কোনো প্ৰকাৰৰ চৰকাৰ এখন ৰাষ্ট্ৰত অপৰিহাৰ্য সেয়া কোৱাটো অতি কঠিন কার্য। বেলেগ বেলেগ দেশত বেলেগ বেলেগ ধৰণৰ চৰকাৰ থাকে।
(গ) সার্বভৌমত্ব।
উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান হৈছে সার্বভৌমত্ব। মানুহৰ আন বিভিন্ন অনুষ্ঠানৰ পৰা ৰাষ্ট্ৰক এই উপাদানটোৱে পৃথক কৰে। সাৰ্বভৌমত্ব অবিহনে ৰাষ্ট্ৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব নোৱাৰে। বহল অর্থত, সার্বভৌমত্ব ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। সার্বভৌমত্ব দুই ধৰণৰ থাকে। আভ্যন্তৰীণ সার্বভৌমত্ব আৰু বহিঃ সার্বভৌমত্ব। আভ্যন্তৰীণ সার্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰ নিজৰ আভ্যন্তৰীণ বিষয়ত সকলো দিশত সর্বোচ্চ। ৰাষ্ট্ৰই ইয়াৰ অন্তৰ্গত সকলো ব্যক্তি আৰু প্ৰতিষ্ঠানৰ ওপৰত চৰম ক্ষমতা প্রয়োগ কৰে আৰু তেওঁলোকেও ৰাষ্ট্ৰক মানি চলিব লাগে। বহিঃ সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰ সকলো বিদেশী শক্তিৰ নিয়ন্ত্রণমুক্ত হৈ থাকে। যদি কোনো এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ অধীনত থাকে তেন্তে সেই ৰাষ্ট্ৰক কোনোপধ্যে সাৰ্বভৌম ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। বৰঞ্চ সেই অধীনস্থ ৰাষ্ট্ৰখন আনখন ৰাষ্ট্ৰৰ এটা অংগৰাষ্ট্ৰ ৰূপেহে চিনাত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টৰ আগৰ গ্ৰেট বৃটিইনৰ অধীনত থকা ভাৰতবৰ্ষক সেয়েহে ৰাষ্ট্ৰ আখ্যা দিব নোৱাৰি।
(ঘ) বৈধ দৃষ্টিভঙ্গী বা ধাৰণা।
উত্তৰঃ ৰোমান সাম্ৰাজ্যই ৰাষ্ট্ৰৰ বৈধ ধাৰণাৰ জন্ম দিছিল। আধুনিক সময়ত বহুকেইজন চিন্তাবিদ যেনে ব’ডিন, হ’বচ্, বেন্থাম আৰু অষ্টিনে ৰাষ্ট্ৰৰ বৈধ ধাৰণাৰ ওপৰত মত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে ৰাষ্ট্ৰ এক বৈধ অনুষ্ঠান। আইন প্রস্তুত, ইয়াৰ ব্যাখ্যা আৰু কাৰ্যকৰীকৰণৰ জৰিয়তে মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ বাবেই মূলতঃ ৰাষ্ট্ৰৰ জন্ম হৈছে। ৰাষ্ট্ৰ এক ন্যায়িক সত্তা। আইন ভংগকাৰীক শাস্তি প্ৰদান কৰা এক অনুষ্ঠানৰূপেও ৰাষ্ট্ৰই কাৰ্য সম্পাদন কৰে। ৰাষ্ট্ৰৰ বৈধ ধাৰণা বা দৃষ্টিভঙ্গীক এক সম্পূৰ্ণ মতবাদ নহয় বুলি বহুতো পণ্ডিতে সমালোচনা কৰিছে। সমালোচকসকলৰ মতে, আইন প্ৰণয়নৰ বাহিৰেও ৰাষ্ট্ৰই জনগণৰ অন্যান্য নীতিগত আৰু আধ্যাত্মিক জীৱনকো পৰিচালিত কৰে।
(ঙ) নৈতিক দৃষ্টিভঙ্গী বা ধাৰণা।
উত্তৰঃ ৰাষ্ট্ৰৰ প্ৰকৃতিৰ নৈতিক ধাৰণাৰ পৃষ্ঠপোষক আছিল প্লেটো আৰু এৰিষ্ট’টল। বৌদ্ধিক, নৈতিক আৰু বস্তুগত উন্নয়নৰ বাবে ৰাষ্ট্ৰ অপৰিহাৰ্য। ৰাষ্ট্ৰ মানৱ সৃষ্ট অনুষ্ঠান নহয়, ই এক প্ৰাকৃতিক অনুষ্ঠান। তেওঁলোকৰ মতে, ৰাষ্ট্ৰই চৰম নৈতিকতাক প্ৰতিনিধিত্ব কৰে। ৰাষ্ট্ৰ এখনে যি কৰে, সেয়া সদায় ভাল কার্য বুলিয়ে বিবেচনা কৰা হয়। ৰুছ’, কাণ্ট, হেগেল, টি. এইচ. গ্ৰীণ আৰু অন্যান্য ৰাজনীতিবিদসকলে ৰাষ্ট্ৰক একন চৰম নৈতিক অনুষ্ঠান বুলি কৈ ৰাষ্ট্ৰৰ নৈতিক ধাৰণাক সমৰ্থন আগবঢ়াইছে। এই ধাৰণাটোক বহুতো ৰাজনৈতিক পণ্ডিতে সমালোচনা কৰিছে। তেওঁলোকৰ মতে, ৰাষ্ট্ৰ মানুহৰ নৈতিক আৰু বৌদ্ধিক বিকাশ সাধন কৰিব পৰা আহিলা নহয়, বৰঞ্চ ই নিজেই এটা উদ্দেশ্য। বর্তমান সময়ত, এনেধৰণৰ দৃষ্টিভঙ্গীৰ বাবে সৰ্বাত্মক ৰাষ্ট্ৰৰ ধাৰণাৰ ভেঁটিয়ে গঢ় লৈ উঠিছে।
(চ) প্রয়োজনীয় অশুভ অনুষ্ঠানৰূপে ৰাষ্ট্ৰ।
উত্তৰঃ ব্যক্তিবাদীসকলৰ মতে, ৰাষ্ট্ৰ এটা প্ৰয়োজনীয় অশুভ অনুষ্ঠান। তেওঁলোকৰ মতে, ৰাষ্ট্ৰ এক অশুভ বা অকল্যাণকৰ অনুষ্ঠান। অন্যহাতে, তেওঁলোকে ক’ব খোজে যে, যদি প্ৰতিজন ব্যক্তিক নিজৰ মতে কাম কৰিবলৈ এৰি দিয়া হয়, তেতিয়াহ’লে নিজ স্বার্থ সিদ্ধি কৰিবৰ বাবে এজনে আনজনৰ অপকাৰ কৰিবলৈকো কুণ্ঠবোধ নকৰিব। যাৰ ফলত সমাজৰ শান্তি–শৃংখলা ব্যাহত হ’ব। সেয়েহে শান্তি শৃংখলা ৰক্ষাৰ বাবে আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰ এখনৰ প্ৰয়োজনীয়তা আছে। আদাম স্মিথ, বেন্থাম আৰু হার্বাট স্পেন্চাৰ এই মতবাদৰ সমৰ্থক। কিন্তু, সমালোচকসকলৰ মতে, ৰাষ্ট্ৰ নকৰাত্মক অনুষ্ঠান নহয়। সমাজৰ কল্যাণৰ বাবে ৰাষ্ট্ৰই বহুতো ধনাত্মক কার্য সম্পাদন কৰিবলৈ সক্ষম হয়।
(ছ) এখন অপ্রয়োজনীয় অশুভ অনুষ্ঠানৰূপে ৰাষ্ট্ৰৰ অৰাষ্ট্ৰবাদী ধাৰণা।
উত্তৰঃ অৰাষ্ট্ৰবাদীসকলৰ মতে, ৰাষ্ট্ৰ এখন অপ্রয়োজনীয় অশুভ অনুষ্ঠান আৰু সেইবাবে মানুহৰ স্বতঃস্ফূর্ত বিকাশৰ বাবে ইয়াক যিমান পাৰি সিমান সোনকালে নাইকিয়া কৰা উচিত। তেওঁলোকৰ মতে, ব্যক্তিৰ চৰিত্ৰ আৰু স্বভাৱৰ ক্ৰমবৰ্দ্ধমান বিকাশৰ লগে লগে মানুহৰ চৰিত্ৰ গঠনকাৰী হিচাপে ৰাষ্ট্ৰই গ্ৰহণ কৰা ভূমিকাও ক্ৰমাৎ নাইকিয়া হৈ পৰে।
(জ) ৰাষ্ট্ৰৰ বহুত্ববাদী ধাৰণা।
উত্তৰঃ বহুত্ববাদীসকলৰ মতে ৰাষ্ট্ৰ হৈছে পৰিয়াল, গীর্জা, শ্রমিক সংঘ, সামাজিক সংস্থা আদিৰ দৰে জনসাধাৰণৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰা এটা স্থায়ী অনুষ্ঠান। সেইবাবে ৰাষ্ট্ৰক এই অনুষ্ঠানবোৰৰ লগতে সমমর্যাদা দিয়াটো জৰুৰী। বহুত্ববাদীসকলে ৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে আৰু ৰাষ্ট্ৰক অন্যান্য স্থায়ী অনুষ্ঠানবোৰতকৈ কোনো গুণেই শ্রেষ্ঠ বুলি বিবেচনা নকৰে। এই তত্ত্বৰ মুখ্য প্ৰবক্তা হ’ল মেকআইভাৰ আৰু লাস্কি। কিন্তু সমাজ বিভিন্ন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰিবৰ বাবে ৰাষ্ট্ৰৰ দৰে এই শ্ৰেষ্ঠ অনুষ্ঠান থকাটো জৰুৰী বুলি সমালোচকসকলে মতপোষণ কৰে।
(ঝ) কল্যাণকামী অনুষ্ঠান হিচাপে ৰাষ্ট্ৰ।
উত্তৰঃ সাম্প্ৰতিক উপাৰবাদী ধাৰণাই ৰাষ্ট্ৰক এক কল্যাণকামী অনুষ্ঠান বুলি কৈছে। এই ধাৰণাৰ সমৰ্থকসকল হ’ল – জে. এচ. মিল, টি. এইচ্. গ্রীন, মেকআইভাৰ আৰু লাস্কি। এই মতবাদ মতে ৰাষ্ট্ৰ কেৱল আইন শৃখলা ৰক্ষাকাৰী অনুষ্ঠানেই নহয়, বৰং সমাজত শান্তি–শৃংখলা ৰক্ষাৰ উপৰিও অন্যান্য বহুবোৰ সকাৰাত্মক কাৰ্য সম্পাদন কৰা এক কল্যাণকামী অনুষ্ঠান। ই মানুহৰ কল্যাণ সাধন কৰে। ই গোটেই সমাজৰ ইচ্ছা পূৰণ কৰে। ৰাষ্ট্ৰ এখনে শ্ৰমিকসকলৰ কৰ্মক্ষেত্ৰৰ অৱস্থা, শিক্ষা সম্প্ৰসাৰণ, জনগণৰ স্বাস্থ্য ৰক্ষা, সমাজসেৱা আৰু সামাজিক কুসংস্কাৰ আদি দূৰ কৰাৰ বাবে অহৰহ চেষ্টা কৰিব লাগে।
(ঞ) ৰাষ্ট্ৰীয় জৈৱিক দৃষ্টিভঙ্গী।
উত্তৰঃ ৰাষ্ট্ৰীয় জৈৱিক দৃষ্টিভঙ্গীয়ে ৰাষ্ট্ৰক এক প্ৰাণৱন্ত জীৱৰ লগত আৰু ব্যক্তিসকলক ইয়াৰ অঙ্গৰ লগত তুলনা কৰিছে। যেনেকৈ এটা সম্পূৰ্ণ মানৱ শৰীৰ অবিহনে হাত, ভৰি, মূৰ ইত্যাদি অংগৰ পৃথক পৃথককৈ কোনো অস্তিত্ব থাকিব নোৱাৰে তেনেকৈ ৰাষ্ট্ৰৰ অবিহনে ব্যক্তি বা ব্যক্তিসমূহৰো পৃথক পৃথককৈ কোনো অস্তিত্বই থাকিব নোৱাৰে। ৰাষ্ট্ৰক এটা প্ৰাণৱন্ত শৰীৰৰ লগত তুলনা কৰিব পাৰি। শৰীৰৰ প্ৰতিটো অংগ যেনেকৈ পৰস্পৰ নিৰ্ভৰশীল তেনেকৈ ৰাষ্ট্ৰত থকা ব্যক্তিসকলো পৰস্পৰ নিৰ্ভৰশীল। ব্যক্তি অবিহনে ৰাষ্ট্ৰৰ কোনো অস্তিত্ব নাই আৰু ৰাষ্ট্ৰৰ পৰা পৃথক হৈ ব্যক্তিয়েও কোনো ভূমিকা পালন কৰিব নোৱাৰে। ৰাষ্ট্ৰৰ এই জৈৱিক তত্ত্বৰ লগত জড়িত ৰাজনৈতিক চিন্তাবিদসকল হ’ল ৰুছ’, হার্বাট স্পেনচাৰ আৰু জাৰ্মান দার্শনিক ফিষ্টে। সমাজ আৰু ব্যক্তিৰ মাজৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা ফিষ্টে য়ে পোন প্রথমে আঙুলিয়াই দিছিল। ব্লান্টট্লিয়ে ৰাষ্ট্ৰক মানৱ শৰীৰৰ লগত তুলনা কৰিছে। সমালোচকসকলে কিন্তু ৰাষ্ট্ৰ আৰু জীৱৰ মাজত কৰা তুলনাক তৰাং আখ্যা দিছে।
(ট) ৰাষ্ট্ৰৰ শ্ৰেণী সম্পৰ্কীয় দৃষ্টিভঙ্গী।
উত্তৰঃ কিছুমান লেখকে ৰাষ্ট্ৰক এটা শ্ৰেণীস্বাৰ্থ ৰক্ষা কৰা অনুষ্ঠানৰূপে অভিহিত কৰিছে। ব্যক্তিগত সম্পত্তিৰ উদ্ভাৱনৰ লগে লগে সমাজখন দুটা শ্ৰেণীলৈ ৰূপান্তৰিত হ’ল– শাসক শ্ৰেণী, যি ব্যক্তিগত সম্পত্তিৰ মালিক আৰু আনটো হৈছে শাসিত বা শোষিত অর্থাৎ সম্পত্তিহীন শ্রেণী। মালিক অর্থাৎ শাসক শ্ৰেণীয়ে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে শাসিত শ্ৰেণীৰ সকলো স্বাৰ্থক আওকাণ কৰিবলৈকো কুণ্ঠবোধ নকৰে। কাৰ্ল মার্ক্সৰ মতে, ধনী শ্রেণীয়ে দুখীয়া শ্ৰেণীক শোষণ কৰিবৰ বাবে ব্যৱহাৰ কৰা আহিলাই হ’ল ৰাষ্ট্ৰ। কিন্তু, সমালোচকসকলে কৈছে যে, সমাজত শাসক আৰু শাসিত বুলি দুটা শ্ৰেণীৰ মাজত কোনো স্পষ্ট আৰু কঠোৰ ধৰণৰ বিভাজন নাই। তেওঁলোকৰ যুক্তি হ’ল আচলতে ৰাষ্ট্ৰই শক্তিশালী শ্ৰেণীৰ স্বাৰ্থৰক্ষক হিচাপে নহয় সৰ্বসাধাৰণৰ বাবেহে কাৰ্য সম্পাদন কৰে।
(ঠ) জনজাতীয় ৰাষ্ট্ৰ।
উত্তৰঃ জনজাতীয় ৰাষ্ট্ৰক প্ৰথম ৰাজনৈতিক সংগঠন বুলিব পাৰি। জনজাতীয় ৰাষ্ট্ৰবোৰ সৰু আয়তনৰ আছিল। জনজাতীয় মুৰব্বীজন ৰাষ্ট্ৰৰ ক্ষমতাৰ অধিকাৰী আছিল আৰু তেওঁ এটা উপদেষ্টা পৰিষদৰ সহায়ত শাসনকার্য চলাইছিল। জনজাতীয় মুৰব্বীজনে দিয়া আদেশ জনজাতিটোৰ সকলোৱে মানি চলিছিল। তেওঁৰ আদেশ উলংঘা কৰোঁতাজনক মুৰব্বীগৰাকীয়ে সেই জনজাতিৰ নিজস্ব ৰীতি–নীতি আৰু পৰম্পৰাৰ দ্বাৰা শাস্তি প্ৰদান কৰিছিল। মূলতঃ অন্তর্বর্ত্তি শাসন বজাই ৰখাৰ বাবে আৰু অন্য কাৰণত জনজাতীয় ৰাষ্ট্ৰবোৰৰ গঠন হৈছিল। এই ৰাষ্ট্ৰবিলাকৰ মাজত উমৈহতীয়া ধৰ্ম, বাণিজ্যিক সম্পৰ্ক আৰু জন্ম ব্যৱস্থাৰ যোগসূত্র দেখা যায়।
(ড) গ্রীক নগৰ ৰাষ্ট্ৰ।
উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ আন এটা স্তৰ হৈছে গ্ৰীক নগৰ ৰাষ্ট্ৰৰ গঠন। গ্ৰীচ দেশৰ ভৌগোলিক অৱস্থানে নতুন ধৰণৰ ৰাজনৈতিক অনুষ্ঠান হিচাপে নগৰ ৰাষ্ট্ৰসমূহ জন্ম দিছিল পৰ্বত–পাহাৰ আৰু সাগৰবোৰে এই অঞ্চলক সৰু সৰু উপত্যকা আৰু দ্বীপবোৰত ভাগ কৰিছিল। সৰু সৰু অঞ্চলত বসবাস কৰা বিভিন্ন জাতিবোৰে নিজৰ নিজৰ বৈশিষ্ট্যবোৰৰ বিকাশ সাধন কৰিছিল। সেয়েহে প্রাচীন গ্ৰীচ দেশত বহুপ্ৰকাৰৰ ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হৈছিল। গ্রীক ৰাষ্ট্ৰবোৰ সৰু আয়তনৰ বাবে সেইবোৰক সৰু সৰু নগৰলৈ ৰূপান্তৰিত কৰিব পৰা হৈছিল যিবোৰ সকলো কামৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। স্থানীয় দেশপ্ৰেমবোধৰ ফলস্বৰূপে নগৰ ৰাষ্ট্ৰবোৰৰ জন্ম হৈছিল। ‘এথেন্স’ আৰু ‘স্পার্টা’ নামৰ দুখন নগৰ ৰাষ্ট্ৰই ৰাজনৈতিক বিকাশ আৰু ব্যক্তিগত স্বাধীনতা প্ৰদান কৰাৰ ক্ষেত্ৰত উচ্চ স্থান লাভ কৰিছিল। কিন্তু, নিজৰ মাজতেই মতভেদ, সঘন যুদ্ধ–বিগ্ৰহ আৰু বৈদেশিক আক্ৰমণৰ কাৰণে এই গ্ৰীক নগৰ–ৰাষ্ট্ৰবোৰ ধ্বংসপ্রাপ্ত হৈছিল।
(ঢ) আধুনিক জাতীয় ৰাষ্ট্ৰ।
উত্তৰঃ আধুনিক ৰাষ্ট্ৰবোৰক বিশদভাৱে জাতীয় ৰাষ্ট্ৰ বুলি কোৱা হয়। সামস্ত প্রথাই জাতীয় ৰাষ্ট্ৰ জন্ম হোৱাত সহায় কৰে। এনে ৰাষ্ট্ৰৰ জনসাধাৰণৰ একেধৰণৰ ধৰ্ম, ভাষা, জাতীয়তাবোধ হোৱাৰ বাবে তেওঁলোকে ৰাষ্ট্ৰীয় অর্থাৎ একতাৰ সূত্ৰত আবদ্ধ হয়। এই ৰাষ্ট্ৰবোৰে প্ৰাকৃতিক চাৰিসীমাও গঠন কৰিছিল। ৰাষ্ট্ৰ গঠনৰ এনে প্ৰক্ৰিয়াৰ ফলস্বৰূপে ষষ্ঠদশ শতিকাত ফ্ৰান্স, স্পেইন, ইংলণ্ড, চুইজাৰলেণ্ড, নেদাৰলেণ্ড, ৰাছিয়া আৰু পিছলৈ জাৰ্মানী আৰু ইটালী নামৰ জাতীয় ৰাষ্ট্ৰই গঢ় লৈ উঠিল। প্ৰথম কালছোৱাত, জাতীয় ৰাষ্ট্ৰবোৰত ঘাইকৈ চৰম ৰাজতন্ত্ৰৰ প্রচলন আছিল। কিন্তু অষ্টাদশ শতিকাৰ মাজভাগত বেছিভাগ ৰাষ্ট্ৰতে চৰম ৰাজতন্ত্ৰৰ পৰা সাংবিধানিক ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ প্ৰচলন হ’বলৈ ধৰে। গণতন্ত্ৰৰ বিকাশ আৰু বিস্তাবৰ লগে লগে স্বতন্ত্রতা, সমতা, জন সার্বভৌমত্ব আদিৰ ধাৰণাই বেছিভাগ ৰাষ্ট্ৰতে গা কৰি উঠে। সপ্তদশ শতিকাৰ আৰম্ভণিতে, কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই কেঁচা সামগ্ৰী, কম মজুৰিব শ্রমিক আৰু নতুন বজাৰৰ সন্ধানত এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশবোৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ল’লে।
ঊনবিংশ শতিকাত গ্রেট বৃটেইনকে আদি কৰি বিভিন্ন ৰাষ্ট্ৰই ঔপনিবেশিক ৰাষ্ট্ৰবোৰত নিজৰ নিজৰ উপনিবেশ স্থাপন কৰে। বিশেষকৈ প্ৰথম বিশ্বযুদ্ধৰ পাছত বেছিভাগ উপনিবেশতেই ৰাজনৈতিক সজাগতা আৰু স্বাধীনতাৰ বাবে হোৱা জাতীয় আন্দোলনে বিদেশী শক্তিৰ বিৰুদ্ধে জনবিপ্লৱ গঢ়ি তুলিছিল। ফলস্বৰূপে, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিভিন্ন দেশে এখনৰ পিছত এখনকৈ নিজৰ ঔপনিবেশিক শাসকৰ পৰা স্বাধীনতা লাভ কৰিবলৈ ধৰিলে। ভাৰতবৰ্ষ, পাকিস্তান, ব্ৰহ্মদেশ, শ্রীলংকা, ইজিপ্ত, নাইজেৰিয়া আদি এনে দেশৰ উদাহৰণ।