Understanding Global Politics Unit 4 কিহে পৃথিৱীখনক পৃথক কৰি তোলে?

Understanding Global Politics Unit 4 কিহে পৃথিৱীখনক পৃথক কৰি তোলে?, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Global Politics Unit 4 কিহে পৃথিৱীখনক পৃথক কৰি তোলে? Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Global Politics Unit 4 কিহে পৃথিৱীখনক পৃথক কৰি তোলে? Question Answer can be of great value to excel in the examination.

Understanding Global Politics Unit 4 কিহে পৃথিৱীখনক পৃথক কৰি তোলে?

Join Telegram channel

Understanding Global Politics Unit 4 কিহে পৃথিৱীখনক পৃথক কৰি তোলে? Notes cover all the exercise questions in UGC Syllabus. Understanding Global Politics Unit 4 কিহে পৃথিৱীখনক পৃথক কৰি তোলে? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

What Drives The World Apart?

POLITICAL SCIENCE

UNDERSTANDING GLOBAL POLITICS

(গোলকীয় ৰাজনীতিৰ বোধগম্যতা)

অতি চমু প্রশ্নোত্তৰঃ

১। ‘যুদ্ধতকৈ বাক–বিতণ্ডাই বহুত ভাল’ – কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ইংলেণ্ডৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী চাৰ্চিলে কৈছিল।

২। যেতিয়া ৰাষ্ট্ৰসংঘৰ চনদ গঠিত হৈছিল তেতিয়া কেইখন সদস্য ৰাষ্ট্ৰই তাত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ৫১ খন সদস্য ৰাষ্ট্ৰই।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

৪। ৰাষ্ট্ৰসংঘত বৰ্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে?

উত্তৰঃ ১৯২ জন।

৫। IAEA ৰ সম্পূৰ্ণ নামটো লিখা?

উত্তৰঃ International Atomic Energy Agency (আন্তর্জাতিক পাৰমাণৱিক শক্তি সংগঠন)।

৬। ভেটো ক্ষমতা মানে কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰোধিতা কৰিব পৰা ক্ষমতাই হ’ল ভেটো ক্ষমতা।

৭। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান কোন আছিল?

উত্তৰ: নৰৱে’ৰ ট্রিগ্‌ভি লি।

৮। ৰাষ্ট্ৰসংঘলৈ অধিক অৱদান আগবঢ়োৱা একমাত্ৰ দেশখনৰ নাম কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

৯। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখনৰ নাম লিখা।

উত্তৰঃ ইংলেণ্ড, ফ্রান্স, আমেৰিকা, ৰুছিয়া আৰু কমিউনিষ্ট চীন হ’ল নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ।

১০। পাৰমাণৱিক শক্তি আয়োগ কিমান চনত গঠন হৈছিল?

উত্তৰঃ ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পাৰমাণৱিক শক্তি আয়োগ এটা গঠন কৰিছিল।

১১। ল’কার্ণো চুক্তিত স্বাক্ষৰ কৰা সন্মিলিত সদস্য ৰাষ্ট্ৰ, কেইখনৰ নাম লিখা।

উত্তৰঃ ১৯২৫ চনৰ ল’কাৰ্ণো চুক্তিত স্বাক্ষৰ কৰা সন্মিলিত সদস্য ৰাষ্ট্ৰকেইখন হ’ল– ইংলেণ্ড, ফ্রান্স, জার্মানী, ইটালী আৰু বেলজিয়াম।

১২। পেৰিচ চুক্তি বুলিলে কোনখন চুক্তিক জনা যায়?

উত্তৰঃ ১৯২৮ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে স্বাক্ষৰিত হোৱা কেলগ ব্রিয়াও চুক্তিখনকে পেৰিচ চুক্তি বুলি জনা যায়।

১৩। কিমান চনত বাৰুচ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল?

উত্তৰঃ ১৯৪৬ চনত বাৰুত পৰিকল্পনা তৈয়াৰ কৰা হৈছিল।

১৪। বাৰুচ পৰিকল্পনা তৈয়াৰৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ পাৰমাণবিক অস্ত্ৰৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে বাৰুচ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল।

১৫। IAEA ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ International Atomic Energy Agency.

১৬। কিমান চনত আই.এ.ই.এ. তৈয়াৰ হৈছিল?

উত্তৰঃ ১৯৫৭ চনত আই.এ.ই.এ. তৈয়াৰ হৈছিল।

১৭। PTBT ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ Partial Test Ban Treaty.

১৮। এন.পি.টি. ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ The Treaty on the Non–proliferation Nuclear weapons.

১৯। কিমান চনত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) স্বাক্ষৰিত হয়?

উত্তৰঃ ১৯৬৮ চনত ১ জুলাই পাৰমানৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি স্বাক্ষৰিত হয়।

২০। কিমান চনত সোভিয়েত ইউনিয়ন পাৰমাণৱিক বোমা প্রস্তুত কৰে?

উত্তৰঃ ১৯৪৯ চনত ছোভিয়েত ইউনিয়ন পাৰমাণৱিক বোমা প্রস্তুত কৰে।

২১। কিমান চনত আৰু ক’ত মার্কিন যুক্তৰাষ্ট্ৰই পাৰমাণৱিক বোমা বিস্ফোৰণ কৰিছিল?

উত্তৰঃ ১৯৪৫ চনত আগষ্ট মাহত জাপানৰ নামাজকি আৰু হিবোচিমাৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্রই পাৰমাণৱিক বোমা বিস্ফোৰণ কৰিছিল।

২২। কিমান বছৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) কাৰ্যকৰ হৈছিল? 

উত্তৰঃ ২৫ বছৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি কাৰ্যকৰ হৈছিল।

২৩। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিত (NPT) স্বাক্ষৰকাৰী ৰাষ্ট্ৰপক্ষৰ সংখ্যা কিমান আছিল?

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰপক্ষৰ সংখ্যা আছিল ১৮৯। 

২৪। পাঁচটা পৰমাণু শক্তিসম্পন্ন ৰাষ্ট্ৰৰ নাম লিখা?

উত্তৰঃ পাঁচটা পৰমাণু শক্তিসম্পন্ন ৰাষ্ট্ৰৰ নাম হ’ল — যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ফ্রান্স, ৰাছিয়া আৰু চীন। 

২৫ । কিমান চনত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) কাৰ্যকৰ হৈছিল?

উত্তৰঃ ১৯৭০ চনৰ ৫ মাৰ্চ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি কাৰ্যকৰী কৰা হৈছিল।

২৬। N.P.R. ৰ সম্পূৰ্ণ নাম লিখা।

উত্তৰঃ Nuclear Non–proliferation regime.

২৬। C.T.B.T. ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ Comprehensive Nuclear Test Ban Treaty.

২৮। কিমান চনত জেনেভাত সন্মিলিত জাতিপুঞ্জৰ সমৰ্থনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্রান্ত আলোচনা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৯৪ চনৰ জানুৱাৰী মাহত জেনেভাত সন্মিলিত জাতিপুঞ্জৰ সমৰ্থনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্রান্ত আলোচনা আৰম্ভ হৈছিল।

২৯। কিমান চনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্রান্ত প্রস্তাৱ বিপুল সংখ্যা গৰিষ্ঠতাত অনুমোদিত হয়?

উত্তৰঃ ১৯৯৬ চনত ১০ ছেপ্তেম্বৰত সৰ্বাত্মক পৰামাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্রান্ত প্রস্তাৱ বিপুল সংখ্যা গৰিষ্ঠতাত অনুমোদিত হয়।

৩০। নিৰাপত্তা মানে কি?

উত্তৰঃ সাধাৰণ অৰ্থত নিৰাপত্তা মানে ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্ত এটা অৱস্থা বা পৰিবেশৰ কথাক বুজো।

৩১। ভাৰতে আণৱিক পৰীক্ষা সম্পন্ন কৰাৰ কাৰণ কি?

উত্তৰঃ অস্ত্ৰ–শস্ত্ৰৰ প্ৰসাৰণ ৰোধ কৰা, লগতে আণৱিক বিস্ফোৰণৰ ভয়াবহতা ৰোধ কৰা। 

৩২। বিশ্ব ভাবুকিৰ এটা উদাহৰণ দিয়া?

উত্তৰঃ সন্ত্রাসবাদ আৰু বিশ্ব দৰিদ্ৰতা।

৩৩। আন্তর্জাতিক সন্ত্রাসবাদ মানে কি?

উত্তৰঃ যেতিয়া কোনো এটা সংগঠনে এক ৰাজনৈতিক উদ্দেশ্য লৈ চৰকাৰৰ বিৰোধিতা কৰে বা নিজে চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ শক্তি প্ৰয়োগ কৰি সন্ত্ৰাসমূলক কাৰ্য্যত জড়িত হৈ বিশ্বব্যাপী পৰে তেতিয়া তাক আন্তর্জাতিক সন্ত্রাসবাদ বোলে।

৩৪। সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এটা ডাবুকি বুলি ভাবানে? কিয়?

উত্তৰঃ কিয়নো, ই জনসাধাৰণৰ মনত ভয়ৰ সৃষ্টি কৰে, যাৰ কাৰণে জনসাধাৰণে আজিকালি মুকলিভাৱে ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰে, ল’ৰা–ছোৱালীক স্কুললৈ পঠাবলৈ ভয় কৰে। সন্ত্ৰাসবাদৰ কাৰণে জনসাধাৰণে নিজৰ নিৰাপত্তা নাই বুলি ভাবে। সেয়েহে সন্ত্রাসবাদ নিৰাপত্তাৰ প্রতি এক ভাবুকি।

৩৫। সন্ত্রাসবাদ বুলিলে কি বুজা?

উত্তৰঃ শৃংখলাবদ্ধ সমাজ ব্যৱস্থাৰ শান্তি ভংগ কৰি জনসাধাৰণক সন্ত্রাসিত বা জীৱন আৰু সম্পত্তিৰ হানিৰ আশংকা বঢ়াই তুলি চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ এক কৌশলেই হৈছে সন্ত্রাসবাদ।

৩৬। সন্ত্ৰাসবাদৰ এটা প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ বৈপ্লৱিক আৰু যুদ্ধ সম্বন্ধীয় সন্ত্ৰাসবাদ।

৩৭। সন্ত্ৰাসবাদৰ যিকোনো এটা লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ সমাজ আৰু চৰকাৰৰ পৰিৱৰ্তন সাধন কৰা।

৩৮। ফৌজদাৰী আইন একত্রীকৰণ সন্মিলনে সন্ত্রাসবাদৰ সংজ্ঞা কেনেদৰে নিৰূপণ কৰিছে? 

উত্তৰঃ ফৌজদাৰী আইন একত্রীকৰণ সন্মিলনে সন্ত্রাসবাদৰ সংজ্ঞা নিৰূপণ কৰি কৈছে যে সা–সম্পত্তি বিনষ্টকাৰী, মানৱ জীৱন আৰু স্বাস্থ্যৰ লগতে শাৰীৰিক সুস্থতা বিনষ্টকাৰী সামূহিক ক্ষতিসাধন কৰা বা জনজীৱন বিপন্ন কৰাৰ উদ্দেশ্যে পৰিচালিত সকলো কাৰ্যই হৈছে সন্ত্রাসবাদ।

৩৯। ‘Longman Modern English Dictionary’ সন্ধাসবাদৰ সংজ্ঞাটো আগবঢ়োৱা।

উত্তৰঃ ‘Longman Modern English Dictionary’ ত সন্ত্রাবাদৰ সংজ্ঞা এনেদৰে পোৱা যায়— “সন্ত্রাসবাদে ৰাজনৈতিক বিৰোধিতা বা শাসনৰ এক পন্থা বুজায় যি পন্থাই সন্ত্রাস সৃষ্টি কৰাৰ ওপৰত বিশ্বাস কৰে”।

৪০। আন্তঃৰাষ্ট্রীয় সন্ত্ৰাসবাদৰ মূল প্ৰকৃতি কি?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ মূল প্ৰকৃতি হৈছে হিংসাত্মক কার্যত বিশ্বৰ অন্যান্য সন্ত্রাসবাদী গোটৰ সমৰ্থন বা সহযোগিতা কৰা আৰু আন্তঃৰাষ্ট্ৰীয় মতামতক প্ৰভাৱিত কৰা।

৪১। সন্ত্ৰাসবাদৰ যিকোনো এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ৰাজনৈতিক কাৰণ।

৪২। ২০০১ চনৰ ১১ চেপ্তেম্বৰৰ পিছত সন্ত্রাসবাদী গোষ্ঠীসমূহে সমগ্ৰ বিশ্বখনক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ ২০০১ চনৰ ১১ চেপ্তেম্বৰৰ পিছত সন্ত্রাসবাদী গোষ্ঠীসমূহে সমগ্র বিশ্বখনক দুটা ভাগত ভাগ কৰিছে— ইছলামিক আৰু অ–ইছলামিক।

৪৩। কোনে আধুনিক সন্ত্রাসবাদক সর্বোচ্চ সন্ত্রাসবাদ আখ্যা দিছিল?

উত্তৰঃ স্কুইচজাৰ আৰু ডৰ্চ (Schweitzer and Dorch) এ আধুনিক সন্ত্রাসবাদক সর্বোচ্চ সন্ত্রাসবাদ আখ্যা দিছিল।

৪৪। ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া সন্ত্ৰাসবাদী গোষ্ঠীৰ ক্রিয়াকলাপ স্থানীয় অঞ্চলৰ পৰিধি ভাঙি ৰাষ্ট্ৰীয় পৰ্যায় সাঙুৰি লয়, তেতিয়া তাক ৰাষ্ট্ৰীয় সন্ত্রাসবাদ বুলি কোৱা হয়।

৪৫। স্থানীয় সন্ত্রাসবাদ কাক বোলে?

উত্তৰঃ যেতিয়া কোনো সন্ত্ৰাসবাদী গোষ্ঠীৰ কাৰ্যকলাপ কেৱল এটা স্থানীয় এলেকাতে সীমাবদ্ধ থাকে তেতিয়া তাক স্থানীয় সন্ত্রাসবাদ বোলে।

৪৬। আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদ বুলিলে কি বুজা? 

উত্তৰঃ সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহৰ জনগণৰ মনত হিংসাত্মক উপায় অৱলম্বনেৰে সন্ত্ৰাসৰ সৃষ্টি কৰি মাত স্বাৰ্থ পুৰণৰ বাবে চলোৱা প্ৰচেষ্টাকে আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ বুলিব পাৰি। ৰাষ্ট্ৰসংঘৰ সন্ত্রাসবাদ সম্পৰ্কীয় তদর্থ সমিতিৰ মতে মানৱ জীৱন কাঢ়ি লোৱা বা তেওঁলোকৰ মৌলিক স্বাধীনতাসমূহ উপভোগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা হিংসাত্মক কার্যকলাপে যদি এখনতকৈ অধিক ৰাষ্ট্ৰৰ জনসাধাৰণৰ ক্ষতিসাধন কৰে তেতিয়া তেনে কার্যকলাপক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বুলিব পাৰি।

৪৭। কেতিয়া ভাৰতে কিয়’ট’ প্ৰট’ক’লত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ২০০২ চনত।

৪৮। ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ দুটা উপাদান কি কি?

উত্তৰঃ বিশ্বাস প্রতিষ্ঠা আৰু নিৰস্ত্ৰীকৰণ, ক্ষমতাৰ ভাৰসাম্য।

৪৯। আন্তর্জাতিক সংগঠনৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰিবৰ কাৰণে আন্তর্জাতিক সংগঠনৰ প্ৰয়োজন। আন্তঃৰাষ্ট্ৰীয় সমস্যাবিলাক শাস্তি–আলোচনাৰ মাজেৰে সমাধান কৰাৰ কাৰণে আন্তর্জাতিক সংগঠনৰ প্ৰয়োজন আছে।

৫০। বিশ্বব্যাপী বৈষম্যৰ প্ৰভাৱ কি?

উত্তৰঃ বিশ্বব্যাপী বৈষম্যৰ ফলত বিশ্বব্যাপী বহুলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ পৰে। যিহেতু নিম্ন স্তৰৰ উপাৰ্জন আৰু সম্পদেও প্রায়ে স্বাস্থ্যসেৱাৰ অপৰ্যাপ্ত প্রৱেশাধিকাৰ বুজায়, বহুলোক গুৰুত্বৰ স্বাস্থ্য অৱস্থা বা আনকি মৃত্যুৰ সম্মুখীন হ’ব পাৰে কিয়নো তেওঁলোকে উপযুক্ত চিকিৎসা প্রাপ্ত কৰিব নোৱাৰে।

৫১। আন্তর্জাতিক সংগঠন এক শ্ৰেষ্ঠ ৰাষ্ট্ৰ বুলি তুমি ভাবানে? কাৰণ দর্শোৱা।

উত্তৰঃ আন্তর্জাতিক সংগঠনক এক শ্ৰেষ্ঠ ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। আন্তৰ্জাতিক সংগঠনবোৰ কোনো সার্বভৌম অনুষ্ঠান নহয়। সার্বভৌম ৰাষ্ট্ৰসমূহৰ ইচ্ছা আৰু বুজাবুজিৰ জৰিয়তেহে আন্তর্জাতিক সংগঠন গঢ় লৈ উঠে।

৫২। নিৰাপত্তা পৰিষদত স্থায়ী সদস্যবোৰে লাভ কৰা দুটা সুবিধা লিখা।

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰে লাভ কৰা দুটা সুবিধা হ’ল– 

(ক) ভেটো ক্ষমতা।

(খ) একনায়কত্ববাদীৰ সুবিধা।

৫৩। আন্তর্জাতিক ক্ষমাদান মানে কি?

উত্তৰঃ আন্তর্জাতিক ক্ষমাদান এটা বেচৰকাৰী আন্তঃৰাষ্ট্ৰীয় সংগঠন। ১৯৫১ চনত লণ্ডনত আইনজীৱী পিটাৰ বেনেনচনে (Peter Benenson) এ এই সংস্থাটো প্রতিষ্ঠা কৰিছিল। মানৱ অধিকাৰৰ প্ৰতি দেখুওৱা বেয়া আচৰণ ৰোধ আৰু ভংগ কৰা এই সংগঠনৰ প্ৰধান উদ্দেশ্য।

৫৪। বর্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?

উত্তৰঃ বিশ্বত আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ দৰে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ পৰা বৰ্তমানলৈকে বিশ্বযুদ্ধৰ পুনৰাবৃত্তি হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি।

৫৫। হোমাৰ ডিক্চনৰ (Homer Dixon) মতে আধুনিক সন্ত্ৰাসবাদৰ দুটা ধাৰা লিখা।

উত্তৰঃ Homer Dixon ৰ মতে আধুনিক সন্ত্রাসবাদৰ দুটা ধাৰা লক্ষ্য কৰা যায়। প্ৰথমটোত দেখা যায় যে এক সৰু গোষ্ঠী বা ব্যক্তিৰ হাততো প্ৰযুক্তিগত সক্ষমতা আহি পৰাত ধন–জন হানি কৰিব পৰা হৈছে। দ্বিতীয়তে অর্থনীতি আৰু প্ৰযুক্তিবিদ্যাৰ সহযোগত কোনো আক্রমণ সংঘটিত কৰিবলৈ তেনেই সহজ হৈ পৰিছে। ফলস্বৰূপে এই দুয়োটা কাৰকে এক নতুন আৰু কুটিল গণ ধ্বংস কৰিবলৈ সন্ত্রাসবাদী গোষ্ঠীবিলাকক সহায় কৰাত সন্ত্ৰাসবাদে এক জটিলতাৰ ৰূপ ধাৰণ (Complex Form) কৰিছে।

৫৬। বিশ্বব্যাপী বৈষম্যৰ কাৰণ কি?

উত্তৰঃ ঐতিহাসিক প্ৰক্ৰিয়া যেনে— যুদ্ধ, ঔদ্যোগিকৰণ, উপনিবেশস্থাপন লগতে বৰ্তমানৰ বাণিজ্য ব্যবস্থা, বিত্তীয় প্রণালী আৰু গোলকীয় ৰাজনীতিয়ে দেশৰ বিতৰত ৰাষ্ট্ৰ, ব্যক্তি আৰু গোটৰ মাজত বৈষম্য প্রভাৱিত কৰে।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

১। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তিত স্বাক্ষৰিত (NPT) হোৱা তিনিটা বিষয় উল্লেখ কৰা?

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তি (NPT) স্বাক্ষৰিত হোৱা তিনিটা বিষয় হল–

(ক) ভৱিষ্যতত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ কৰা।

(খ) পাৰমাণৱিক শক্তিৰ অপব্যৱহাৰ বন্ধ আৰু তাৰ শান্তিপূর্ণ ব্যৱহাৰক সুনিশ্চিত কৰা।

(গ) অস্ত্র প্রতিযোগিতাত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ লগে পাৰমাণৱিক নিৰস্ত্ৰীকৰণকো উৎসাহিত কৰা।

২। গোলকীয় স্তৰীকৰণ বুলিলে কি বুজা?

উত্তৰঃ স্তৰীকৰণমানে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ মাজত সম্পদৰ ব্যৱধানক বুজায়। যদিও অৰ্থনৈতিক সমতা যথেষ্ট চিন্তাৰ বিষয়, সামাজিক সমতাও, যেনে— জাতি, লিংগ, ধৰ্ম আৰু যৌন অভিমুখীতাৰ পৰা উদ্ভৱ হোৱা বৈষম্য। যদিও বিশ্বব্যাপী বৈষম্য একো নতুন নহয়, বিশ্বাব্যাপী বজাৰ আৰু তথ্য আদান–প্ৰদানৰ গতিৰ দৰে কেইবাটাও কাৰকে ইয়াক আগতকৈ অধিক প্ৰাসংগিক কৰি তোলে। গৱেষকসকলে বিশ্বব্যাপী বৈষম্যক শ্রেণীবদ্ধ কৰি ইয়াক এনে কাৰক অনুসৰি বুজিবলৈ চেষ্টা কৰে যেনে এখন ৰাষ্ট্ৰ কিমান ঔদ্যোগিক, ই উৎপাদনৰ মাধ্যম হিচাপে কাম কৰে নে মালিক হিচাপে কাম কৰে, আৰু ই কি উপাৰ্জন কৰে।

৩। ৰাষ্ট্ৰসংঘ এখন সঠিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে? কাৰণ দৰ্শোৱা।

উত্তৰঃ হয়, ৰাষ্ট্ৰসংঘক এটা সঠিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবো।

ইয়াৰ কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

(খ) ৰাষ্ট্ৰসংঘ জন্ম হোৱাৰ পিছৰ পৰা এতিয়ালৈকে বিশ্বযুদ্ধৰ সৃষ্টি হোৱা নাই।

(গ) আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূর্ণ উপায়েৰে মীমাংসা কৰাৰ ক্ষেত্ৰতো অগ্রণী ভূমিকা গ্ৰহণ কৰিছে।

৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত এখন স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাব লাগে বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দেখুওৱা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্য ৰাষ্ট্ৰৰ স্বীকৃতি পাব লাগে বুলি ভাবো।

ইয়াৰ সপক্ষে কেইবাটাও মুক্তি আছে—

(ক) জনসংখ্যাৰ ভিতৰত ভাৰত বিশ্বৰ দ্বিতীয় সর্ববৃহৎ ৰাষ্ট্ৰ।

(খ) ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে অংশ গ্ৰহণ কৰি আহিছে।

(গ) ৰাষ্ট্ৰসংঘলৈ আগবঢ়াবলগীয়া বৰঙণিৰ ক্ষেত্ৰত ভাৰতে অবহেলা কৰা নাই।

(ঘ) ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠা প্ৰচেষ্টাত ভাৰতে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে।

৫। সন্ত্ৰাসবাদৰ পাঁচটা প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ সন্ত্ৰাসবাদৰ পাঁচটা প্ৰকাৰ হ’ল—

(ক) আদর্শগত সন্ত্রাসবাদ।

(খ) পাৰমাণৱিক সন্ত্রাসবাদ।

(গ) ধর্মভিত্তিক সন্ত্রাসবাদ।

(ঘ) জটিলতাৰ সন্ত্ৰাসবাদ।

(ঙ) জৈৱ সন্ত্রাসবাদ।

৬। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটা কি কি?

উত্তৰঃ সন্মিলিত ৰাষ্ট্ৰসংঘৰ ছটা অংগ আছে। সেইকেইটা হ’ল—

(ক) সাধাৰণ সভা।

(খ) নিৰাপত্তা পৰিষদ।

(গ) আর্থিক আৰু সামাজিক পৰিষদ।

(ঘ) ন্যায়ৰক্ষী পৰিষদ।

(ঙ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়। আৰু

(চ) সচিবালয়।

৭। অর্থনৈতিক বৈষম্যৰ তিনিটা প্ৰকাৰ কি কি? 

উত্তৰঃ অৰ্থনৈতিক বৈষম্যৰ তিনিটা প্ৰকাৰ হ’ল—

(ক) উপাৰ্জনৰ বৈষম্য।

(খ) বেতন বৈষম্য।

(গ) সম্পদবৈষম্য।

৮। বিদেশী বিৰোধ সন্ত্ৰাসবাদ আৰু জ্ঞাতি সন্ত্ৰাসবাদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ কেতিয়াবা কেতিয়াবা সন্ত্রাসবাদী গোষ্ঠীয়ে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকৰ বিপক্ষে সন্ত্ৰাসবাদৰ পন্থা অৱলম্বন কৰি নিজৰ ৰাজনৈতিক লক্ষ্য পূৰণ কৰিব বিচাৰে। সাধাৰণতে দেশৰ ভূ–খণ্ডৰ বিচ্ছিন্নতা আদিৰ বাবে সৃষ্টি হোৱা এনে সন্ত্রাসবাদী গোষ্ঠীয়ে ৰাজনৈতিক একত্ৰীকৰণ আদিৰ লক্ষ্যৰে এনে কাৰ্য সম্পাদন কৰে। এনেদৰে বিদেশী নাগৰিকৰ বিৰুদ্ধে গ্ৰহণ কৰা সন্ত্ৰাসবাদী কাৰ্যক বিদেশী বিৰোধী সন্ত্ৰাসবাদ ফুলিব পাৰি।

কেতিয়াবা কেতিয়াবা কোনো সন্ত্রাসবাদী গোষ্ঠীয়ে নিজ দেশৰ জনগণৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সন্ত্ৰাসৰ পন্থা অৱলম্বন কৰে। এনেদৰে নিজৰ জ্ঞাতি–ভাইসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা সন্ত্রাসবাদক জ্ঞাতি সন্ত্রাসবাদী বুলিব পাৰি। এনে সন্ত্রাসবাদত সন্ত্রাসবাদী গোটটোৱে হিংসাত্মক কাৰ্য সম্পাদন কৰোতে সাৱধানতা অৱলম্বন কৰিব লগা হয়, যাতে নিজৰ দেশী ভাইসকলৰ একো অপকাৰ নহয়।

৯। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰৰ নিৰাপত্তা, জাতীয় নিৰাপত্তা বা সামৰিক নিৰাপত্তাক বুজায়, কিন্তু অপৰম্পৰাগত নিৰাপত্তাই জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত জড়িত দিশবোৰক বুজায়।

১০। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ প্ৰব্ৰজনকাৰীসকলে সাধাৰণতে স্বইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন ঠাইলৈ যায় কিন্তু শৰণাৰ্থীসকল হ’ল যুদ্ধৰ ভয়ত, প্রাকৃতিক দুৰ্যোগৰ কবলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ পলাই যোৱা লোক।

১১। মানৰ নিৰাপত্তা কি? ইয়াৰ সংকীৰ্ণ আৰু বহুল অর্থ উল্লেখ কৰা।

উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়ে ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে অৱশ্যে মানৱ নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা প্ৰায়েই একে হোৱা দেখা যায়। কিন্তু ৰাষ্ট্ৰ সুৰক্ষিত হ’লেই জনগণ নিজে নজে সুৰক্ষিত নহয়। বিদেশী আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ প্ৰদান কৰাটো ব্যক্তিৰ নিৰাপত্তাৰ এক প্ৰয়োজনীয় চৰ্ত, কিন্তু ইয়েই পর্যাপ্ত নহয়।

১২। যুদ্ধ পৰিহাৰ কৰাৰ বাবে কেইটামান পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ যুদ্ধৰ ভাবুকিৰ প্ৰত্যুত্তৰ দিবলৈ এখন চৰকাৰৰ প্ৰধানত তিনিটা বিকল্প থাকে।

সেইকেইটা হ’ল—

(ক) আত্মসমৰ্পণ কৰা।

(খ) যুদ্ধত অতিমাত্ৰা ব্যয় হ’ব বুলি ঘোষণা কৰি প্ৰতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা।

(গ) যেতিয়া প্ৰকৃততে যুদ্ধ হয় নিজকে প্ৰতিৰক্ষা প্ৰদান কৰি আক্ৰমণকাৰী ৰাষ্ট্ৰৰ উদ্দেশ্য ব্যর্থ কৰা আৰু আক্ৰমণকাৰী শক্তিক ওভোতাই পঠোৱা নাইবা সম্পূৰ্ণৰূপে পৰাস্ত কৰা।

১৩। বাহ্যিক নিৰাপত্তাৰ পৰা ভাবুকি অহা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত থকা চাৰিটা উপাদান কি কি?

উত্তৰঃ বাহ্যিক নিৰাপত্তাৰ পৰা ভাবুকি অহা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত থকা চাৰিটা উপাদান হ’ল—

(ক) সামৰিক ব্যৱস্থা।

(খ) প্ৰতিৰোধ আৰু প্ৰতিৰক্ষা।

(গ) ক্ষমতাৰ ভাৰসাম্য।

(ঘ) মিত্র জোঁট গঠন।

১৪। “নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটোৱে নিৰাপত্তাৰ প্ৰতি পৰিবৰ্তনশীল ভাবুকিবোৰৰ ক্ষেত্ৰত মনোযোগ দিছে”। এই নতুন ভাবুকিবোৰ কি কি?

উত্তৰঃ অপৰম্পৰাগত ধাৰণাই নিৰাপত্তাৰ ভাবুকিৰ পৰিৱর্তনীয় প্ৰকৃতিৰ বিষয়ে উল্লেখ কৰিছে।

যেনে—

(ক) সন্ত্রাসবাদ।

(খ) পৰিৱেশ অৱক্ষয়।

(গ) মানৱ অধিকাৰ উলংঘন।

(ঘ) গণহত্যা।

(ঙ) দৰিদ্ৰতা।

(চ) উচ্চ হাৰত জনসংখ্যা বৃদ্ধি।

(ছ) শৰণার্থী সমস্যা।

(জ) মহামাৰী ৰোগ যেনে – এইচ. আই. ভি., এইডছ।

১৫। গোষ্ঠী নিৰপেক্ষ আন্দোলন মানে কি?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰাই গোষ্ঠী নিৰপেক্ষ দাৰণাটোৱে প্ৰাধান্য লাভ কৰিবলৈ আৰম্ভ কৰে। এছিয়া আৰু আফ্ৰিকাৰ বহুতো দেশ দ্বিতীয় মহাযুদ্ধৰ আগতে পশ্চিমীয়া সাম্রাজ্যবাদী উপনিৱেশ আছিল। কিন্তু যুদ্ধৰ পিছত স্বাধীনতা লাভ কৰা ৰাজ্যবোৰে নিজৰ স্বাধীনতা বজাই ৰাখিবৰ বাবে চলোৱা প্ৰচেষ্টাৰ ফলশ্ৰুতিৰে গোষ্ঠী নিৰপেক্ষ আন্দোলনে গা কৰি উঠে। ১৯৪৭ চনত সমগ্ৰ এছিয়াবাসীৰ মাজত দিল্লীত এখন সন্মিলন হৈছিল। ১৯৪৭ চনৰ মাৰ্চ এপ্ৰিল মাহত হোৱা এই অনুষ্ঠানত ২৮ খন দেশে যোগদান কৰিছিল।

১৬। গোলকীয় সামাজিক আন্দোলনৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ কেইটামান উদাহৰণ হ’ল—

(ক) 1999 চনৰ চিঅ’টলৰ প্ৰতিবাদ।

(খ) জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে প্রতিবাদ।

(গ) পৰিৱেশ প্ৰদূষণৰ বাবে প্ৰতিবাদ।

(ঘ) নিবনুৱা সমস্যা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ।

১৭। সন্ত্ৰাসবাদৰ বিপক্ষে ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সন্ত্ৰাসবাদে বিশ্বজনীন ৰূপ লোৱাত বিশ্ব সম্প্রদায়ে ইয়াৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। সেই মৰ্মে ৰাষ্ট্ৰসমূহে নিজাকৈ দ্বিপাক্ষিক বা বহুপাক্ষিক চুক্তি, সন্ধি বা বুজা বুজিৰ জৰিয়তে ব্যৱস্থা লোৱাৰ উপৰি ৰাষ্ট্ৰসংঘৰ উদ্যোগতো ব্যবস্থা গ্ৰহণ কৰা দেখা গৈছে।

ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলীঃ ৰাষ্ট্ৰসংঘই ইয়াৰ প্ৰতিষ্ঠাৰ কালৰে পৰাই সন্ত্রাসবাদৰ বিপক্ষে ব্যৱস্থা গ্ৰহণ কৰি অহা দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ চনদ অনুচ্ছেদ ২ (৪) ত কোৱা হৈছে যে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই প্ৰত্যেক ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক সন্মান জনাই শক্তি প্রয়োগ বা শক্তি প্রয়োগৰ ভাবুকি দিয়াৰ পৰা বিৰত থাকিব। তদুপৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সময়ে সময়ে সন্ত্রাসবাদ প্রতিৰোধৰ বাবে সন্মিলন, চুক্তিপত্ৰ আদিৰ ব্যৱস্থা কৰিছে। এইসমূহৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ সংঘবদ্ধ প্ৰচেষ্টাৰে সন্ত্ৰাসবাদৰ দৰে অপৰম্পৰাগত নিৰাপত্তাৰ বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱা দেখা গৈছে।

১৮। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) পটভূমি সম্পর্কে লিখা।

উত্তৰঃ ১৯৯৫ চনৰ সন্মিলনত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিৰ (এন.পি.টি) ব্যর্থ প্ৰতিশ্ৰুতিৰ ফলত পৰমাণু শক্তিধৰ দেশবোৰ পৰমাণু অস্ত্ৰৰ বিস্ফোৰণ আৰু পৰীক্ষা সম্পূর্ণ নিষিদ্ধ কৰাৰ উদ্দেশ্যে চি.টি.বি.টি. বা সর্বাত্মক পাৰমাণৱিক বিস্ফোৰণ পৰীক্ষণ নিষিদ্ধকৰণৰ বাবে উদ্যোগী হয়। পাৰমাণৱিক নিৰস্ত্ৰীকৰণ সম্পর্কে সাম্প্রতিক কালত যিমানবোৰ চুক্তি হৈছে, চি.টি.বি.টি. সেইবোৰৰ মাজত অন্যতম আৰু গুৰুত্বপূৰ্ণ। পৰমাণু অস্ত্ৰ পৰীক্ষা ৰোধ কৰাৰ উদ্দেশ্যলৈ প্ৰথমতে জেনেভাত ১৯৯৬ চনৰ জুলাই মাহত ৬১ টা দেশত এখন সন্মিলনত কোনো সৰ্বসন্মত সিদ্ধান্ত গৃহীত হোৱা নাই। ভাৰত প্ৰস্তাৱিত চুক্তিটোৰ বিৰোধী আছিল। ভাৰতৰ বিদেশমন্ত্ৰীয়ে মন্তব্য কৰিছে, সমগ্ৰ বিশ্বকে পৰমাণু অস্ত্ৰ মুক্ত কৰাত পাঁচটা পৰমাণু শক্তিধৰ দেশকে (মার্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ব্ৰিটেইন, ফ্রান্স আৰু চীন) সুনির্দিষ্ট কৰি সময়সীমা জনাব লাগে। ভাৰতৰ বক্তব্য হল কেৱল পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধ কৰিলেই বিশ্বৰ মজুত পৰমাণু অস্ত্রভাণ্ডাৰ ধ্বংস নহ’ব। বৰঞ্চ বিশ্ব দুখন ভাগত ভাগ হৈ যাব। ভাৰতৰ বক্তব্যক যণ্ডন কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে কৈছে যে, নির্দিষ্ট সময়সীমাৰ মাজত পৰমাণু অস্ত্ৰ ধ্বংস কৰাৰ দাবি মানি লোৱা সম্ভৱপৰ নহয়। ধাপে ধাপেই বিশ্ব পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ফালে আগুৱাই যাব। যি কি নহওঁক, সন্মিলিত জাতিপুঞ্জৰ সাধাৰণ সভাত নতুন কৰি প্ৰস্তাৱ আনি ১৯৯৬ চনৰ ১২ ছেপ্তেম্বৰৰ মাজত চুক্তিটোক অনুমোদন কৰি লোৱা হয়। সাধাৰণ সভাৰ ১৮৫ সদস্যৰ মাজত ১৫৮ টা ভোট চি.টি.বি.টি. প্রস্তাৱ পাছ হয়। এই চুক্তিৰ প্ৰধান ব্যক্তি হৈছে ডাচ কূটনীতিক জাপ ৰামকেৰ।

১৯। জাতিসংঘৰ বিফলতাৰ কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ ভয়াবহতাই পৃথিৱীৰ বহুতো শান্তিকামী লোককে বাৰুকৈয়ে সচকিত কৰিছিল। আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি উইদ্র উইলচনে তেওঁৰ ১৪ দফীয়া শাস্তি প্ৰস্তাৱত এটি জাতিসংঘ প্রতিষ্ঠাৰ পোষকতা কৰিছিল। আন্তৰ্জাতিক শান্তি প্ৰতিষ্ঠাৰ আদৰ্শৰে জাতিসংঘৰ জন্ম হয়। প্রথম অৱস্থাত জাতিসংঘই শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেও ই বিফল হয়।

তলত কাৰণসমূহ উল্লেখ কৰা হ’ল—

(ক) জাতিসংঘই সৰু সৰু দেশৰ বিবাদসমূহ সুকলমে সমাধান কৰিলেও বৃহৎ শক্তিৰ স্বার্থ জড়িত বিবাদ মীমাংসা কৰিব পৰা নাছিল।

(খ) সেই সময়ৰ দুটা বৃহৎ শক্তি আমেৰিকা আৰু ছোভিয়েট ৰাচিয়া জাতিসংঘৰ প্ৰতিষ্ঠাপক সদস্য পদত নাছিল। জার্মানী প্রথম অৱস্থাত সভ্য নাছিল। ১৯৩৩ চনত জাপান আৰু জাৰ্মানী আৰু ১৯৩৭ চনত ইটালীয়ে সদস্য পদ ইস্তফা দিছিল। ফলত আৰম্ভণিৰে পৰা জাতিসংঘ দুর্বল আছিল।

(গ) জাতিসংঘৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা আছিল নিজস্ব সৈন্যবাহিনী নথকাটো। দোষী সদস্য ৰাষ্ট্ৰক শক্তি দিবলৈ জাতিসংঘ কোনো নিজা সামৰিক শক্তি নাছিল। ফলত জাতিসংঘই কোনোধৰণৰ প্ৰত্যক্ষ পদক্ষেপ ল’ব পৰা নাছিল।

(ঘ) জাতিসংঘ সৃষ্টি ভার্চাইসন্ধিৰ এটি দফা মতেই হৈছিল। জার্মানীয়ে ভার্সাই সন্ধি অৱমাননা কৰাৰ পিছত জাতিসংঘৰো পতন আৱশ্যম্ভাৱী হৈ পৰিছিল।

(ঙ) বিজিত দেশসমূহে জাৰ্মানীৰ প্ৰতি সদায়ে বৈৰীভাৱে প্ৰদৰ্শন কৰি আহিছিল। জাতিসংঘ সদস্যপদ গ্ৰহণ কৰাৰ পিছতো জার্মানীক সমজ্ঞানেৰে ব্যহাৰ কৰা হোৱা নাছিল।

স্বাভাৱিকতে জাতিসংঘ আছিল অন্তনির্হিতভাৱে দুর্বল আন্তর্জাতিক অনুষ্ঠান। বিশ্বশান্তি ৰক্ষাৰ স্বার্থত কোনো সদস্যই নিষ্ঠাৰে প্ৰচেষ্টা চলোৱা নাছিল। জাতিসংঘ পতন হ’লেও ই আন্তর্জাতিক অনুষ্ঠান জন্ম দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ৰাষ্ট্ৰসংঘ জন্ম জাতি সংঘৰ অভিজ্ঞতাৰ ফলশ্রুতি।

২০। আন্তর্জাতিক সন্ত্রাসবাদ সম্পর্কে এটি চমুটোকা লিখা।

উত্তৰঃ সন্ত্ৰাসবাদ বুলি ক’লে সাংবিধানিক আৰু শান্তিপূর্ণ পদ্ধতিক আওঁকাণ কৰি সন্ত্ৰাস, বল প্রয়োগ, শক্তি প্রয়োগ ইত্যাদি হিংসাত্মক পদ্ধতি ব্যৱহাৰৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চলোৱা প্ৰচেষ্টাক বুজা যায়। সন্ত্ৰাসবাদৰ ফলত ব্যক্তি আৰু দেশে সকলো দিশতে নিৰাপত্তাহীনতাত ভুগিব লগা হয়।

সাম্প্রতিক সময়ত সন্ত্রাসবান এক আন্তঃৰাষ্ট্ৰীয় সমস্যা। সাধাৰণতে যি বিলাক দেশে স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় প্ৰশ্নৰ ক্ষেত্ৰত অসন্তুষ্টি প্রকাশ কৰে তেনে দেশতে সন্ত্রাসবাদ সমস্যাই গা কৰি উঠে। সন্ত্ৰাসবাদ এক ধ্বংসাত্মক কাৰ্য্য। ইয়াক ৰাষ্ট্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰাত যথেষ্ঠ সমস্যাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ নেতাসকলে প্ৰায়ে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰে কিয়নো চৰকাৰী নেতাৰ সক্ৰিয় কার্যকলাপত সন্ত্রাসবাদীসকলে অসন্তুষ্ট হ’লে নিজৰ লগতে সাধাৰণ জনসাধাৰণৰো ক্ষতি সাধন কৰিব পাৰে বুলি অশিংকা থাকে। সন্ত্ৰাসবাদীসকলে প্রত্যক্ষ সংগ্ৰামৰ পৰা বিৰত থাকে। তেওঁলোকে আত্মগোপন কৰি থাকে আৰু সবিধা বুজি আক্ৰমণ কৰে। সেইবাবে চৰকাৰে যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে।

সন্ত্ৰাসবাদ সৃষ্টিৰ মূলতে আছে অসন্তুষ্টি, উপায়হীনতা আৰু প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্য। কিন্তু সন্ত্ৰাসবাদেৰে কোনো সমস্যা সমাধান কৰিব পৰা নাযায়। ইয়ে ধ্বংস আৰু অশান্তি নমাই আনে। এনে সন্ত্রাসবাদে নিজৰ লগতে পৰিয়াল আত্মীয়স্বজনৰ লগতে সমাজ আৰু দেশৰ অনিষ্ট সাধন কৰে।

সন্ত্রাসবাদে ধ্বংসহে মাতি আনিছে। ইয়াৰ দ্বাৰা কোনো মহৎ উদ্দেশ্য সাধন নহয়। তৃতীয় বিশ্বব ৰাষ্ট্ৰসমূহত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তৃতীয় বিশ্বৰ ৰাষ্ট্রসমূহৰ সন্ত্ৰাসবাদী অপৰাধী, চোৰাংচোৱা ব্যৱসায়ী আৰু ৰাজনীবিদসকলৰ মাজত এক গোপন বুজাবুজি পৰিলক্ষিত হৈছে। সেইবাবে চৰকাৰ আৰু ৰাষ্ট্ৰই নাগৰিকসকলক সন্ত্রাসবাদ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে।

সন্ত্রাসবাদে নিৰপৰাধী, নিৰীহ মানুহক হত্যা, অপহৰণ, হাৰাশাস্তি, ভাবুকি, ৰাজহুৱা সা–সম্পদ ধ্বংস কৰিছে। সন্ত্রাসবাদে মানৱ জাতিৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিছে। ইয়ে মানৱ অধিকাৰ খর্ব কৰিছে। গতিকে সন্ত্ৰাসবাদক সমাজৰ আৰু দেশৰ এক মহাব্যাধি বুলি অভিহিত কৰিব পাৰি।

২১ বিশ্ব সন্ত্ৰাসবাদীৰ কাৰ্যকলাপসমূহ আলোচনা কৰা।

উত্তৰঃ বিশ্ব সন্ত্রাসবাদে পৃথিৱীৰ বহুতো ঠাইত আতঙ্ক সৃষ্টি কৰিছে। সন্ত্ৰাসবাদ এতিয়া কোনো এখন দেশৰ আভ্যন্তৰীণ সমস্যা হৈ থকা নাই। যিবিলাক দেশত সন্ত্রাসবাদীসকল সক্রিয়, সেইবিলাক দেশে ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰি আছে।

কিছুমান ৰাষ্ট্ৰত সন্ত্রাসবাদী কার্যকলাপত চৰকাৰেও সহায় আগবঢ়াইছে। উদাহৰণস্বৰূপে, পাকিস্তান, ইৰাক, ইৰাণ, আফগানিস্থান আদি দেশৰ নাম উল্লেখ কৰিব পাৰি। পাকিস্তানৰ সন্ত্ৰাসবাদীসকলে ভাৰতবৰ্ষৰ অৱস্থাক জুৰুলা কৰি পেলাইছে।

যিকোনো আন্তর্জাতিক প্রতিযোগিতাত সন্ত্রাসবাদে সদায় এক ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিশ্ব সন্ত্রাসবাদে পৃথিৱীৰ বিভিন্ন দেশত এনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যে অলিম্পিক খেলতো ইয়াৰ বিৰুদ্ধে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়।

বিশ্ব সন্ত্রাসবাদে এখন ৰাষ্ট্ৰৰ ভূ–খণ্ডগত অখণ্ডতাক ভাবুকি প্ৰদান কৰিছে। কাৰণ, এখন ৰাষ্ট্ৰই সন্ত্ৰাসবাদীৰ জৰিয়তে আন ৰাষ্ট্ৰত ধ্বংসমূলক কার্যকলাপত সহায় কৰিছে। বিশ্ব সন্ত্ৰাসবাদ আন ৰাষ্ট্ৰৰ সহায়ত গঢ়ি উঠে। পঞ্জাৱ আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক পাকিস্তানে সামৰিক প্ৰশিক্ষণ আৰু আধুনিক অস্ত্রশস্ত্ৰ সৰবৰাহ কৰি আছে।

ওচামা বিন লাডেনৰ নেতৃত্বত গঠিত ‘আল কায়দ্ম’ নামৰ বিশ্ব সন্ত্ৰাসবাদী সংগঠনে গোটেই বিশ্বত আতংকৰ সৃষ্টি কৰিছে। ‘আল কায়দা’ ধ্বংসাত্মক কাৰ্যাৱলীৰ বাবেই আমেৰিকাই আফগানিস্তান আক্ৰমণ কৰি সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল।

ভাৰতবৰ্ষ, নেপাল, শ্রীলংকা, বাংলাদেশ, পেলেষ্টাইন আদি ৰাষ্ট্ৰত সন্ত্রাসবাদীয়ে সদায় আতংকৰ সৃষ্টি কৰি আছে। এই সন্ত্ৰাসবাদীসকলক সেইবিলাক ৰাষ্ট্ৰৰ চৰকাৰে কোনো উপায়ে দমন কৰিব পৰা নাই।

২২। গোলকীয় বৈষম্যৰ পৰিচয়ৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ২০০০ চনত পৃথিৱীখনে এক নতুন সহস্রাব্দত প্ৰৱেশ কৰে। নৱবৰ্ষৰ এক বৃহৎ পৰিসৰৰ সংকল্পৰ ভাৱনাত, এইটো উচ্চ আকাংক্ষা আৰু পৃথিৱীখন সলনি কৰাৰ সপোনৰ সময় আছিল। এয়া সহস্রাব্দ উন্নয়ন লক্ষ্যৰ (এমডিজি) সময় আছিল, যি হৈছে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা নিৰ্ধাৰিত উচ্চাকাংক্ষী লক্ষ্যৰ এক শৃংখলা। এম.ডি.ডি. যে, যিহেতু তেওঁলোক জনাজাত হৈছিল, বিশ্বজুৰি চৰম দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে এক ব্যৱহাৰিক আৰু নির্দিষ্ট পৰিকল্পনা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। প্ৰায় ২০০ খন দেশে স্বাক্ষৰ কৰিছিল, আৰু তেওঁলোকে ৬০ টা সূচকৰ সৈতে ২১ টা লক্ষ্যৰ এটা শৃংখলা সৃষ্টি কৰিবলৈ কাম কৰিছিল, ২০১৫ চনৰ ভিতৰত সেইবোৰত উপনীত হোৱাৰ এক উচ্চাভিলাষী লক্ষ্যৰ সৈতে। লক্ষ্যবোৰ আঠটা শ্ৰেণীত বিস্তৃত আছিল।

(ক) অত্যাধিক দৰিদ্ৰতা আৰু ভোক দূৰ কৰা।

(খ) সার্বজনীন প্রাথমিক শিক্ষা প্রাপ্ত কৰা।

(গ) লিংগ সমতাৰ প্ৰচাৰ আৰু মহিলাসকলক শক্তিশালী কৰা।

(ঘ) শিশু মৃত্যুহ্ৰাস কৰা।

(ঙ) মাতৃৰ স্বাস্থ্য উন্নত কৰা।

(চ) এইচ.আই. ভি বা এইডছ, মেলেৰিয়া আৰু অন্যান্য ৰোগৰ সৈতে যুঁজিবলৈ।

(ছ) পাৰিপার্শ্বিক স্থিৰতা নিশ্চিত কৰা।

(জ) উন্নয়নৰ বাবে এক বিশ্বব্যাপী অংশীদাৰীত্ব বিকশিত কৰা।

ইয়াত কোনো প্রশ্ন নাই যে এইবোৰ কাম কৰাৰ বাবে সুচিন্তিত উদ্দেশ্য আছিল। বহু বছৰৰ পিছত, কি ঘটিছে? ২০১০ চনৰ ফলাফল দস্তাবেজ অনুসৰি, কিছুমান এম.ডি.জি. ৰ ক্ষেত্ৰত যথেষ্ট অগ্রগতি হৈছে, আনহাতে আনবোৰ এতিয়াও যথেষ্ট পিছপৰি আছে। দৰিদ্ৰতা, শিক্ষ, শিশু মৃত্যু, আৰু পৰিষ্কাৰ পানীৰ প্ৰৱেশাধিকাৰৰ সৈতে সম্পর্কিত লক্ষ্যবোৰে যথেষ্ট অগ্রগতি দেখিছে। কিন্তু এই সফলতাবোৰে এক বৈষম্য দেখুৱাইছে, কিছুমান ৰাষ্ট্ৰই যথেষ্ট উন্নতি কৰা দেখা গৈছে, আনহাতে আন কিছুমানে কোনো প্রগতি দেখা নাই। উন্নতিবোৰ অনিয়মীয়া হৈ আছে, ২০০৭ চনৰ পৰা ২০০৯ চনলৈ ভোক আৰু পুষ্টিহীনতা বৃদ্ধি পাইছে, আগৰ সফলতাবোৰ অসম্পূর্ণ কৰি। এইচ.আই.ভি. সংক্ৰমণৰ হাৰ হ্ৰাস হোৱাৰ দৰে নিযুক্তিও আগবাঢ়িবলৈ লেহেম হৈ আছে, যি চিকিৎসা প্রাপ্ত কৰা লোকৰ সংখ্যাতকৈ অধিক হৈ আহিছে। মাতৃ আৰু নৱজাতকেৰ মৃত্যু আৰু স্বাস্থ্য সেৱাৰ হাৰো সামান্য উন্নতি প্রদর্শন কৰে। আনকি লাভ কৰা ক্ষেত্ৰবোৰতো, সফলতাবোৰ দুৰ্বল। আৰু বিশ্বব্যাপী মন্দাৱস্থাৰ ফলত প্রতিষ্ঠানগত আৰু ব্যক্তিগত দুয়োধৰণৰ পুঁজি হ্রাস হোৱাৰ সৈতে, লক্ষ্যবোৰ প্ৰাপ্ত কৰাটো যথেষ্ট প্ৰশ্নৰ বিষয়। যিহেতু আমি এই উচ্চাভিলাষী লক্ষ্যবোৰ পূৰণ কৰাৰ বিশ্বব্যাপী প্ৰচেষ্টাৰ বিষয়ে বিবেচনা কৰোঁ। আমি ভাবিব পাৰো যে কেনেকৈ পৃথিৱীৰ লোকসকল এনে ভিন্ন পৰিস্থিতিত শেষ হৈছে।

২৩। বিশ্ব সন্ত্রাসবাদ নির্মূল কৰাৰ উপায়সমূহ আলোচনা কৰা।

উত্তৰঃ সন্ত্ৰাসবান এতিয়া কোনো এখন ৰাষ্ট্ৰ বা ইয়াৰ কোনো এটা অঞ্চলৰ ভিতৰত সীমাবদ্ধ নহয়। ই বিশ্বৰ বহুতো ঠাইত বিয়পি পৰিছে। সন্ত্রাসবাদে কিছুমান ৰাষ্ট্ৰত সংকটৰ সৃষ্টি কৰিছে। বিশ্ব–সন্ত্রাসবাদক এখন ৰাষ্ট্ৰই দমন কৰিব নোৱাৰে। সন্ত্রাসবাদে মানৱ সভ্যতাক ধ্বংসৰ ফালে পৰিচালিত কৰিছে। বিশ্ব–সন্ত্রাসবাদক নির্মূল কৰিবৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। সেই ব্যবস্থাবিলাক তলত উল্লেখ কৰা হ’ল —

(ক) বিশ্ব সন্ত্ৰাসৰ বিৰুদ্ধে বিশ্বব্যাপী জনমত গঠন কৰিব লাগিব। ইয়াৰ বিৰুদ্ধে বিশ্বৰ জনগণ থিয় নিদিলেই জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যাব। সন্ত্রাসবাদ বিৰাজ কৰিলে কোনো দেশৰ মানুহে শাস্তিত বসবাস কৰিব নোৱাৰে। গতিকে সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্ব–জনমত গঠন কৰা একান্ত প্রয়োজন।

(খ) যিবিলাক ৰাষ্ট্ৰই বিশ্ব–সন্ত্ৰাসবাদৰ প্ৰতি সহায় আৰু সহযোগিতা আগবঢ়ায় সেইবিলাক ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কোনো ৰাষ্ট্ৰই যাতে সন্ত্ৰাসবাদীসকলক প্রশ্রয় নিদিয়ে তাৰ বাবে সকলো ৰাষ্ট্ৰক সাৱধান কৰিব লাগিব।

(গ) সন্ত্রাসবাদে প্ৰথমে ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ কাৰ্যকলাপ সংগঠিত কৰে। গতিকে সন্ত্রাসবাদ হ’ল প্ৰথমে কোনো এখন ৰাষ্ট্ৰৰ সমস্যা আৰু সেই ৰাষ্ট্ৰই এই সমস্যা সমাধানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কেতিয়াবা ৰাষ্ট্ৰীয় স্তৰতো সন্ত্ৰাসবাদৰ ওপৰত প্ৰয়োজনীয় গুৰুত্ব আৰোপ কৰা নহয়। সংশ্লিষ্ট ৰাষ্ট্ৰই ইয়াক অঙ্কুৰতে বিনাশ কৰা উচিত।

(ঘ) সন্ত্রাসবাদ বৰ্তমান বিশ্বৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। সেয়েহে এই সমস্যাৰ প্ৰতি ৰাষ্ট্ৰসংঘ সদায় সচেতন থাকিব লাগে। ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা প্রয়োজন। এই আন্তর্জাতিক সংগঠনে সকলো সদস্য ৰাষ্ট্ৰক সন্ত্রাসবাদ নির্মূলৰ বাবে সতৰ্ক ৰখা দৰকাৰ।

(ঙ) বিশ্ব–সন্ত্রাসবাদ নির্মূল কৰিবৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা থকা বৰ প্রয়োজন। সন্ত্রাসবাদ দমনৰ ক্ষেত্ৰত এখন দেশে আন এখন দেশত সকলো প্ৰকাৰে সহায় কৰিব লাগে।

(চ) কিছুমান ৰাষ্ট্ৰই সন্ত্রাসবাদৰ বিৰুদ্ধে দুমুখীয়া নীতি গ্রহণ কৰা দেখা যায়। সেয়েহে সন্ত্রাসবাদক দমন কৰিবৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে কিছুমান নীতি–নিয়ম ৰচনা কৰা উচিত।

(ছ) সন্ত্রাসবাদীসকলক বহুতো ৰাষ্ট্ৰই আশ্রয় প্ৰদান কৰে আৰু সেইবিলাকক প্ৰশিক্ষণ দিয়াৰ লগতে অস্ত্ৰ–শস্ত্ৰ সৰবৰাহ কৰে। এনে কাৰ্যৰ পৰা যাতে সকলো ৰাষ্ট্ৰ বিৰত থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(জ) বহুতো দেশত সন্ত্রাসবাদীসকলৰ সৈতে কিছু সংখ্যক জনসাধাৰণ আৰু কিছুমান ৰাজনৈতিক দলে ঘনিষ্ঠ সম্পৰ্ক ৰখা দেখা যায়। কেতিয়াবা কিছুমান ৰাজনৈতিক দলে সন্ত্রাসবাদী দলৰ সহায়ত ৰাষ্ট্ৰৰ শাসন ক্ষমতা লাভ কৰে। তাৰোপৰি এতিয়া সন্ত্ৰাসবাদৰ জৰিয়তে নেতৃত্ব লাভ কৰাও সহজ হৈ পৰিছে। এনে ৰাষ্ট্ৰবিৰোধী লোক আৰু ৰাজনৈতিক দলৰ প্ৰতি এখন দেশৰ জনসাধাৰণ সদায় সজাগ থাকিব লাগে।

(ঝ) সন্ত্ৰাসবাদৰ উদ্ভৱৰ কাৰণবিলাক দূৰ কৰিবৰ বাবে সকলো ৰাষ্ট্ৰই সময়মতে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জনসাধাৰণৰ দাবীৰ প্ৰতি চৰকাৰ সদায় সচেতন থকা উচিত।

(ঞ) প্রত্যেক ৰাষ্ট্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী জনমত গঠন কৰিব লাগে। কাৰণ, কোনো এখন দেশৰ জনসাধাৰণৰ সমৰ্থন নাপালে সন্ত্ৰাসবাদে সেই দেশত ইয়াৰ ভেটি স্থাপন কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় ভিত্তিত সন্ত্ৰাসবাদক নির্মূল কৰিব পাৰিলে ই কেতিয়াও বিশ্ব–সন্ত্রাসবাদত পৰিণত হ’ব নোৱাৰে।

২৪। বিশ্ব সন্ত্ৰাসবাদৰ কাৰ্য প্ৰণালী সম্পর্কে আলোচনা কৰা।

উত্তৰঃ বিশ্ব–সন্ত্ৰাসবাদীসকলৰ প্ৰধান লক্ষ্য হ’ল তেওঁলোকৰ সমস্যাবিলাকৰ প্ৰতি বিশ্বৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা। যিবিলাক ৰাষ্ট্ৰৰ প্ৰতি সন্ত্ৰাসবাদীসকলৰ মনোভাব একেবাৰে বেয়া সেই ৰাষ্ট্ৰবিলাকক আৰু সেইবিলাকৰ জনসাধাৰণক ভীতিগ্ৰস্ত কৰিবৰ বাবে নানা ধৰণৰ কুটাঘাতমূলক কাৰ্য সংগঠিত কৰে। বিশ্ব–সন্ত্ৰাসবাদীসকলৰ কাৰ্য পদ্ধতিবিলাক হ’ল—

(ক) সন্ত্রাসবাদীসকলে আন ৰাষ্ট্ৰত তেওঁলোকৰ সংগঠনৰ শাখা–প্রশাখাবিলাক গঠন কৰে। কেতিয়াবা বিদেশী কোনো ৰাষ্ট্ৰত তেওঁলোকৰ মুখ্য কাৰ্যালয় গঠন কৰি ইয়াৰ নিৰ্দেশমতে দেশ–বিদেশত সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে।

(খ) প্ৰায়বিলাক ৰাষ্ট্ৰতে কিছুমান সন্ত্রাসবাদী সংগঠন আছে। বিশ্ব–সন্ত্রাসবাদী গোটে স্থানীয়, সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু ইয়াৰ সহায়ত যিকোনো ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কার্যকলাপ সংগঠিত কৰে।

(গ) কোনো বিশ্ব–সন্ত্রাসবাদী গোটে আন ৰাষ্ট্ৰত তেওঁলোকৰ দূত নিয়োগ কৰি সেইবিলাকৰ যাৰা যিকোনো হিংসাত্মক কাৰ্য সম্পাদন কৰি চৰকাৰ আৰু জনসাধাৰণৰ মনত ত্ৰাসৰ সৃষ্টি কৰিব পাৰে।

(ঘ) বিশ্ব–সন্ত্রাসবাদীসকলে তেওঁলোকৰ কাৰ্য সম্পাদনত বিদেশী ৰাষ্ট্ৰৰো সহায় ল’ব পাৰে। উদাহৰণস্বৰূপে – পাকিস্তান, আফগানিস্তান, ইৰাক আদি ৰাষ্ট্ৰত বিশ্ব–সন্ত্রাসবাদী সংগঠনক সকলো প্ৰকাৰে সহায় কৰা হয়। এইবিলাক ৰাষ্ট্ৰৰ পৰাই সন্ত্রাসবাদীসকলে যিকোনো দেশত হিংসাত্মক কাৰ্য কৰিব পাৰে।

(ঙ) বিশ্বৰ কিছুমান সন্ত্ৰাসবাদী সংগঠনৰ আৰ্থিক অৱস্থা বৰ টনকিয়াল। এই সংগঠনবিলাক অত্যাধুনিক অস্ত্র–শস্ত্ৰেৰে সুসজ্জিত। সেয়েহে এই সন্ত্রাসবাদীসকলে যিকোনো সময়ত যিকোনো দেশত হিংসাত্মক কাৰ্যৰ দ্বাৰা সংকট সৃষ্টি কৰিব পাৰে।

(চ) বিশ্ব–সন্ত্রাসবাদী সংগঠনবিলাকে সন্ত্রাসবাদীসকলক সকলোধৰণৰ প্ৰশিক্ষণ দিয়ে যাতে তেওঁ সুচাৰুৰূপে সন্ত্রাসমূলক কাৰ্য সংগঠিত কৰিব পাৰে।

(ছ) অনুন্নত বা উন্নয়নশীল দেশৰ সন্ত্ৰাসবাদীসকলে উন্নত ৰাষ্ট্ৰবিলাকৰ পৰা অস্ত্ৰ–শস্ত্ৰ সংগ্ৰহ কৰে আৰু তেওঁলোকৰ কৰ্মীসকলক সেইবিলাক ৰাষ্ট্ৰত উচ্চমানৰ প্ৰশিক্ষণ দিয়ে যাতে তেওঁলোক লক্ষ্যভ্রষ্ট নহয়।

(জ) পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত থকা শক্তিশালী সন্ত্রাসবাদী সংগঠনবিলাকে সেইবিলাকৰ মাজত

পাৰস্পৰিক যোগাযোগ ৰাখে আৰু বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰে যাতে এটাই আনটোক প্রয়োজন হ’লে সহায় কৰিব পাৰে। 

(ঝ) প্রায়বিলাক বিশ্ব–সন্ত্ৰাসবাদী সংগঠনৰ আত্মঘাতী গোট আছে। এই গোটবিলাকৰ সদস্যসকলক বিশেষ প্রশিক্ষণ আৰু উদ্‌গনি দিয়া হয় যাতে তেওঁলোকে নিজক বলিদান কৰিও সংগঠনৰ লক্ষ্য সাধন কৰাত ইতস্ততঃ নকৰে।

(ঞ) সন্ত্রাসবাদী সংগঠনবিলাকে যিকোনো ধৰণৰ কুটাঘাতমূলক কার্য সম্পাদন কৰিবৰ বাবে সাজু থাকে। তেওঁলোকে স্থান, কাল, পাত্র ভেদে নানাধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে যাতে সহলোৰে মনত ভয়ৰ সঞ্চাৰ হয়। কাৰণ, এইবিলাক হিংসাত্মক কার্যই তেওঁলোকক তেওঁলোকৰ লক্ষ্য সাধন কৰাত সহায় কৰে।

(ট) বিশ্ব–সন্ত্রাসবাদী সংগঠনবিলাকে দুর্গম অঞ্চলবিলাকত বিভিন্ন ধৰণৰ কাৰ্যালয়, প্রশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰে যাতে তেওঁলোক সহজতে কাৰো হাতত ধৰা নপৰে। সন্ত্ৰাসবাদীসকল বহুতো সময়ত গেৰিলা যুদ্ধত লিপ্ত থাকে আৰু সুযোগ পালেই শত্রুপক্ষক আক্ৰমণ কৰে। বিশ্ব–সন্ত্রাসবাদীসকলে সাধাৰণতে ওপৰত উল্লেখ কৰা ধৰণৰ কৌশলবিলাক প্ৰয়োগ কৰি নিজৰ সংগঠনবিলাকক সক্ৰিয় কৰি ৰাখিছে।

২৫। বিশ্ব সন্ত্ৰাসবাদৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ যি সন্ত্ৰাসবাদে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্যত লিপ্ত থাকি ৰাষ্ট্ৰবিলাকৰ নিৰাপত্ত অনিশ্চিত কৰিব বিচাৰে সেই সন্ত্রাসবাদক বিশ্ব সন্ত্ৰাসবাদ বুলি কোৱা হয়। সন্ত্রাসবাদী সংগঠনবিলাকে দেশত তেওঁলোকৰ ভিন্‌ ভিন্‌ ধৰণৰ দাবী পূৰণৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰে। সন্ত্রাসবাদ বিশ্ব–সন্ত্রাসবাদত পৰিণত হোৱাৰ বহুতো কাৰণ আছে। ইয়াৰ প্ৰধান কাৰণবিলাক তলত উল্লেখ কৰা হ’ল–

(ক) কিছুমান ৰাষ্ট্ৰৰ আন ৰাষ্ট্ৰৰ প্ৰতি শত্ৰুতা আছে। সেই ৰাষ্ট্ৰবিলাকে শত্রুপক্ষৰ সৈতে, প্রত্যক্ষ সংঘৰ্ষ নকৰি কিছুমান সন্ত্ৰাসবাদী সংগঠনক সেই ৰাষ্ট্ৰত হিংসাত্মক কার্যকলাপ কৰিবলৈ ইন্ধন যোগায় যাতে অশান্তি আৰু অৰাজকতাৰ সৃষ্টি হয়।

(খ) যেতিয়া এখন ৰাষ্ট্ৰই সন্ত্ৰাসবাদী সংগঠনক কঠোৰভাবে দমন কৰে বা সেইবিলাকক জাতিদ্রোহী বুলি ঘোষণা কৰে তেতিয়া এই সংগঠনবিলাকে বিদেশৰ পৰা ইয়াৰ হিংসাত্মক কার্য অব্যাহত ৰাখে।

(গ) বহুতো দেশে আন দেশৰ সন্ত্ৰাসবাদীসকলক প্রশ্রয় দিয়া দেখা যায়। এই সন্ত্রাসবাদী গোটবিলাকক নানাভাবে সহায় কৰে। গতিকে অন্যান্য ৰাষ্ট্ৰৰ প্ৰৰোচনাতো বিশ্ব–সন্ত্রাসবাদ চাৰিওফালে বিয়পি পৰিছে।

(ঘ) কিছুমান দেশত ৰাজনীতিৰ সৈতে ধৰ্মক সাঙুৰি লোৱা হৈছে। এইবিলাকে দেশত মৌলবাদী শক্তি বৰ শক্তিশালী। এনে শক্তিয়ে দেশৰ শাসন ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিব পাৰে।

(ঙ) নিবনুৱা সমস্যাক বিশ্ব–সন্ত্ৰাসবাদৰ উদ্ভৱৰ আন এটা কাৰণ বুলি কোৱা হয়। নিবনুৱাসকলে জীৱিকা–নিৰ্বাহৰ আন কোনো উপায় নাপাই সন্ত্রাসবাদী সংগঠনত যোগদান কৰে আৰু পৃথিৱীৰ যিকোনো ৰাষ্ট্ৰত সন্ত্রাসবাদী কার্যকলাপ সংগঠিত কৰাৰ বাবে সাজু থাকে।

(চ) বিভিন্ন ৰাষ্ট্ৰৰ চোৰাংচোৱা গোটবিলাকেও বিশ্ব–সন্ত্রাসবাদ বিয়পোৱাত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে পাকিস্তানৰ আই.  এছ.  আই. এ ভাৰতবৰ্ষত সন্ত্রাসবাদী কার্য সংগঠিত কৰিবৰ বাবে সন্ত্ৰাসবাদী সংগঠনবিলাকক সকলো প্ৰকাৰে সহায় কৰে।

(ছ) কিছুমান দেশত অৱহেলিত এক শ্ৰেণীৰ মানুহে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰিব পাৰে আৰু অৱশেষত তেওঁলোকে লক্ষ্য পূৰণ কৰিবৰ বাবে সন্ত্ৰাসবাদৰ আশ্ৰয় ল’ব পাৰে।

(জ) কোনো কোনো ৰাজনৈতিক দলৰ উগ্ৰ ভাবধাৰা থাকে। এই ভাবধাৰা কোনো দলে বিদেশতো বিস্তাৰ কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। তেতিয়া এই দলে সন্ত্ৰাসবাদী গোটৰ সহায় হ’ব পাৰে।

(ঝ) বিশ্ব–সন্ত্ৰাসবাদৰ সম্প্ৰসাৰণত চোৰাং বেপাৰ–বাণিজ্যই যথেষ্ট সহায় কৰিছে। এই ব্যৱসায়ীসকলে বিনা বাধাই যাতে অন্যান্য দেশৰ সৈতে নিষিদ্ধ দ্রব্যাদিৰ বেহা–বেপাৰ নিৰ্বিঘ্নে কৰিব পাৰে তাৰ বাবে তেওঁলোকে আন্তর্জাতিক সন্ত্রাসবাদীসকলৰ সহায় ল’ব পাৰে।

(ঞ) অনুন্নত দেশৰ কিছুমান মানুহে উন্নত দেশবিলাকক তেওঁলোকৰ শোচনীয় অৱস্থাৰ বাবে দায়ী বুলি ভাবে। কাৰণ উন্নত দেশবিলাকে অনুন্নত দেশবিলাকক নানাভাৱে শোষণ কৰি আছে। এই শোষণৰ পৰা ৰক্ষা পাবৰ বাবে অনুন্নত এখন দেশৰ কিছু সংখ্যক মানুহে সন্ত্ৰাসবাদৰ ল’ব পাৰে।

(ট) বিশ্ব–সন্ত্রাসবাদক সকলোৱে এটা জটিল সমস্যা বুলি বিবেচনা কৰে। কিন্তু নিজৰ সুবিধাৰ বাবে কোনো ৰাষ্ট্ৰই ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে। এনে অৱস্থাত সন্ত্রাসবাদে বিশ্বৰ চাৰিওফালে ইয়াৰ শাখা–প্রশাখা বিনা বাধাই বিস্তাৰিত কৰিব পাৰিছে।

ওপৰত উল্লেখ কৰা কাৰণবিলাকৰ বাবে সন্ত্রাসবাদে প্রায়বিলাক দেশতে জটিল অৱস্থাৰ সৃষ্টি কৰা দেখা যায়। সন্ত্ৰাসবাদৰ কাৰণবিলাক নিৰ্মূল কৰিব পাৰিলেহে বিশ্ববাসী সন্ত্ৰাসৰ বিভীষিকাৰ পৰা ৰক্ষা পাব পাৰে।

২৬। জাতিসংঘই নিৰস্ত্ৰীকৰণৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিছিল?

উত্তৰঃ জাতিসংঘই নিৰস্ত্ৰীকৰণ ফলপ্ৰসু কৰিবৰ কাৰণে ইয়াৰ কাৰ্যকাৰীকতাৰ কালছোৱাত বহুতো ব্যৱস্থা গ্ৰহণ কৰিছিল। লীগে বিভিন্ন স্তৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

(ক) স্থায়ী পৰামৰ্শকাৰী আয়োগ (Permanent Advisory Commission): ১৯২০ চাত লীগে এখন স্থায়ী নিৰস্ত্ৰীকৰণ পৰামৰ্শকাৰী আয়োগ গঠন কৰে। এই আয়োগখন সামৰিক, নৌ, আৰু বিমানবাহিনীৰ বিশষজ্ঞক লৈ গঠিত হৈছিল। লীগ পৰিষদৰ প্ৰতিখন দেশকে স্থায়ী সৰামর্শকাৰী আয়োগৰ প্ৰতিনিধিত্বৰ সুবিধা দিছিল। এই আয়োগে পৰিষদৰ নিৰস্ত্ৰীকৰণ সম্পর্কে পৰামৰ্শ দিয়াৰ কৰ্তৃত্ব লাভ কৰে। ১৯২০ চনৰ ডিচেম্বৰ মাহত স্থায়ী আয়োগে পৰিষদক এই বুলি পৰামৰ্শ দিছিল যে, বর্তমান সময়ত নিৰস্ত্ৰীকৰণ কৰাটো বহুত আগতীয়া হৈছে।

(খ) অস্থায়ী মিশ্রিত আয়োগ (Temporary Mixed Commission): ১৯২০ চনৰ ডিচেম্বৰ মাহত অস্থায়ী মিশ্রিত আয়োগ গঠন কৰা হয়। এই আয়োগৰ উদ্দেশ্য হ’ল অস্ত্র সীমিতকৰণ সম্পৰ্কে পৰিষদক পৰামৰ্শ দিয়া। এই নতুন আয়োগটোৱে যুটীয়াভাৱে স্থায়ী পৰামৰ্শকাৰী আয়োগৰ লগত কাম কৰি ১৯২৩ চনত পাৰস্পৰিক সাহায্যৰে আয়োগৰ এখন খচৰা চুক্তি (Draft Treaty of Mutual Assistance, 1923) উদ্ভাৱন কৰে। এই চুক্তি অনুসৰি আক্ৰমণৰ বলি হোৱা দেশবিলাকক আন্তর্জাতিক সাহায্য দিব। দ্বিতীয়তে এই খচৰা চুক্তিমতে দুবছৰৰ ভিতৰত অস্ত্ৰ সীমিত কৰিব লাগিব। তৃতীয়তে যুদ্ধ আৰম্ভ হ’লে পৰিষদে চাৰিদিনৰ ভিতৰতে কোন আক্ৰমণকাৰী, তাক নিৰ্ধাৰণ কৰিব।

ইয়াৰ আগতেও অস্থায়ী মিশ্ৰিত আয়োগে নিৰস্ত্ৰীকৰণ সম্পৰ্কত কিছুমান নীতি দাঙি ধৰিছিল। সেই নীতি জাতিসংঘৰ তৃতীয়খন সভাই ১৯২২ চনত গ্ৰহণ কৰিছিল।

আয়োগে আগবঢ়ো নীতিবিলাক হ’ল—

১। কোনো নিবন্ধীকৰণ আঁচনি কাৰ্যকৰী হ’বলৈ হ’লেই সার্বজনীন হ’ব লাগিব।

২। চৰকাৰবিলাকে তেওঁলোকৰ হাতত থকা অস্ত্ৰ–শস্ত্ৰ হ্ৰাস কৰিবলৈ হ’লে তেওঁলোকক নিৰাপত্তা দিব লাগিব।

৩। তেনে নিৰাপত্তা এখন প্ৰতিৰক্ষামূলক পাৰস্পৰিক চুক্তিৰ দ্বাৰাহে সম্ভৱপৰ। আন কথাত এই নিৰাপত্তা প্ৰতিৰক্ষামূলক চুক্তিৰ ওচৰচুবুৰীয়া এখন দেশৰ পৰা তৎকালে সাহায্য দি নিশ্চিত কৰিব পাৰি।

৪। পাৰস্পৰিক চুক্তি কৰা প্ৰথমটো চৰ্ত হ’ব অস্ত্ৰ–শস্ত্ৰ হ্ৰাস কৰাটো আৰু এনে অস্ত্ৰ–শস্ত্র হ্ৰাস কৰিবলৈ সাধাৰণ চুক্তি সম্পাদন কৰিব লাগে।

(গ) জেনেভা প্রট’কোল (The Geneva Protocol, 1924): ১৯২৩ চনত অস্থায়ী মিশ্ৰিত আয়োগে পাৰস্পৰিক সাহায্যৰ খচৰা চুক্তিখনত অনুমোদন কৰিছিল যদিও সেই চুক্তি নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সফল নহ’ল। ১৯২৪ চনৰ ২ অক্টোবৰ তাৰিখে জাতিসংঘৰ সভাই জেনেভা প্রট’কোল গ্ৰহণ কৰে। এই প্রট’কোলখনত ১৯ খন দেশে স্বাক্ষৰ কৰিছিল। জেনেভা প্ৰট’কোলৰ প্ৰতি ১৯ খন দেশে সমর্থন জনাইছিল যদিও ১৯২৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা পৰিষদৰ অধিবেশনত প্ৰট’কোলখনৰ প্ৰতি সাধাৰণ সমৰ্থন লাভ কৰিবলৈ সমৰ্থন হোৱ নাছিল। বিশেষকৈ ব্রিটেইনে ইয়াৰ বিৰোধিতা কৰাৰ কাৰণে প্ৰট’কোলখন পৰিত্যাগ কৰিবলগীয়া হয়। সেইদৰে ইয়াৰ লগত প্ৰস্তাৱিত নিবন্ধীকৰণ সন্মিলনখনো বাতিল কৰা হৈছে। গতিকে দেখা যায় যে, নিৰস্ত্ৰীকৰণৰ বিষয়টো সামূহিক নিৰাপত্তাৰ লগত জড়িত কৰিবলৈ বিচাৰিছিল যদিও সেই চেষ্টা বিফল হয়।

জেনেভা প্ৰট’কোলৰ প্ৰধান নীতিসমূহ আছিল— 

১। যিকোনো পৰিস্থিতিত যুদ্ধৰ আশ্ৰয় লোৱাটো নিষিদ্ধ কৰা হৈছে।

২। আক্ৰমণকাৰী চিনাক্তকৰণৰ উপায় নিৰ্ধাৰণ কৰা হৈছে। যদি কোনো ৰাষ্ট্ৰই ন্যায়াধিকৰণৰ কোনো ৰায় নাইবা পৰিষদে নিৰ্ধাৰণ কৰা ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ অনিচ্ছুক হয় তেনে দেশকে আক্ৰমণকাৰী বুলি চিনাক্ত কৰিব।

৩। কোনো দেশক আক্ৰমণকাৰী হিচাপে নিৰ্ধাৰণ কৰাৰ পিছত, সেই দেশৰ ওপৰত বাধ্যতামূলক ব্যৱস্থাৱলী কাৰ্যকৰী কৰিব।

ইয়াৰ পিছত ১৯২৪ চনৰ ৩ অক্টোবৰত পৰিষদে অস্থায়ী মিশ্রিত আয়োগৰ সলনি নিৰস্ত্ৰীকৰণ সমস্যা সমাধানৰ কাৰণে এখন সমন্বয় আয়োগ গঠন কৰে। কিন্তু এই আয়োগখনেও নিৰস্ত্ৰীকৰণ সমস্যা সমাদান কৰাৰ ক্ষেত্ৰত সফল নোহোৱাৰ কাৰণে পিছত ভংগ কৰি দিয়া হয়। এই সমন্বয়ৰক্ষী আয়োগ নাইবা প্ৰস্তুতি আয়োগখনে একেৰাহে ৬ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰস্তুতি আয়োগে এখন খচৰা কন্‌ভেন্‌ছন প্ৰস্তুত কৰি নিৰস্ত্ৰীকৰণ সন্মিলনত উত্থাপন কৰিছিল।

প্রস্তুতি আয়োগৰ কন্‌ভেন্‌হনৰ নীতিবিলাক হ’ল—

(ক) সামৰিক বাজেট সানিতকৰণ কৰা।

(খ) সামৰিক সেৱাৰ সময় সীমাবদ্ধ কৰা।

(গ) সামৰিক, নৌ আৰু বিমানবাহিনীৰ কাৰ্যৰ কাম সীমিত কৰা।

(ঘ) লণ্ডনত নৌ–চুক্তিত সন্নিবিষ্ট কৰা নিয়মাৱলী গ্ৰহণ কৰা আৰু

(ঙ) জেনেভাত সময়ে সময়ে অনুষ্ঠিত কৰিবৰ কাৰণে এখন স্থায়ী নিৰস্ত্ৰীকৰণ আচোগ গঠন কৰা। এই আয়োগে লীগ পৰিষদক প্ৰস্তাৱিত নিৰস্ত্ৰীকৰণ চুক্তি কাৰ্যকৰীতাৰ সম্পৰ্কে পৰামৰ্শ দিব।

লীগৰ উদ্যোগত প্ৰথমখন নিৰস্ত্ৰীকৰণ সন্মিলন জেনেভাত ১৯২৩ চনৰ ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। এই সন্মিলত লীগৰ সদস্যভুক্ত নোহোৱা ৫ খন দেশকে ধৰি মুঠতে ৬১ খন দেশে অংশগ্রহণ কৰিছিল। সন্মিলনে বিভিন্ন সময়ত প্রায় দুবছৰ ধৰি আলোচনা কৰাৰ পাছত নিৰঞ্জীকৰণ সম্পর্কে কেইবাটাও বিষয়ত সাধাৰণ ঐক্যমত প্ৰকাশ কৰে।

(ক) যুদ্ধৰ কিছুমান পদ্ধতি নিষিদ্ধ কৰা হয়।

(খ) বিমানৰ পৰা বোমাবর্ষণ আৰু ৰাসায়নিক, উদ্ভিদবিষয়ক আৰু গৃহদাহ সম্পর্কীয় অস্ত্র প্রয়োগ নিষিদ্ধ কৰা।

(গ) পাৰমাণৱিক আৰু ঋণাত্মক অস্ত্ৰ সীমিতকৰণৰ নীতি গ্ৰহণ কৰা।

(ঘ) প্রত্যেক দেশৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাজেট প্ৰচাৰ কৰা। আৰু

(ঙ) ইয়াৰ কাৰ্যকৰীতাৰ পৰিদৰ্শন কৰা।

এইদৰে ১৯৩২ চনত অনুষ্ঠিত হোৱা জেনেভা সম্মিলনে নিৰস্ত্ৰীকৰণৰ বিষয়ে ভালেকেইটা নীতি গ্ৰহণ কৰিছিল। অৱশ্যে এই নীতিবিলাক কার্যকৰীতাৰ বিষয়লৈ কোনো উপায় সম্পর্কত সদস্যসকল একমত হোৱা নাছিল। কেতবোৰ অশুভ শক্তিয়ে দেখা দিয়াৰ ফলত জেনেভা সন্মিলনৰ নিৰস্ত্ৰীকৰণ আলোচনা বিফল হ’ব বুলি ক’ব পাৰি। ১৯৩৩ চনৰ ১৪ অক্টোবৰত জার্মানীয়ে নিবন্ধীকৰণ সন্মিলনৰ পৰানিজৰ সদস্য পদ প্ৰত্যাহাৰ কৰে। সেই সময়তে জার্মানীয়ে জাতিসংঘৰ সদস্য পদো ত্যাগ কৰে। নিৰস্ত্ৰীকৰণ সন্মিলনখন স্থাপিত হোৱাৰ পিছত ১৯৩৪ চনৰ ২৯ মে’ তাৰিখে পুনৰ অনুষ্ঠিত হৈছিল। কেইদিনমান আলোচনা হোৱাৰ পাছত পুনৰ ইয়াৰ সদস্যসকলে সন্মিলন ত্যাগ কৰে। ইয়াৰ পাছত ১৯৩৫ চনৰ ১৬ মাৰ্চত জার্মানীয়ে ভাটাই চুক্তিত নিৰস্ত্ৰীকৰণ সম্পৰ্কে থকা বিভিন্ন দফাবিলাক ভংগ কৰাৰ খতা ঘোষণা কৰে। জার্মানীয়ে ১৯৩৬ চনৰ ৭ মাৰ্চত লোকানোৰ চুক্তি ভংগ কৰাৰ কথা ঘোষণা কৰে। জার্মানীয়ে আনকি ভাটাই চুক্তিৰ ৪২ আৰু ৪৩ অনুচ্ছেদ ভংগ কৰি ৰাইনলেণ্ডলৈ তেওঁলোকৰ সেনাবাহিনী প্ৰেৰণ কৰে।

২৭। নিৰস্ত্ৰীকৰণ ব্যৱস্থা কি কি কাৰণে বিফল হৈছিল?

উত্তৰঃ প্ৰথম মহাযুদ্ধৰ পিছৰ পৰা দ্বিতীয় মহাযুদ্ধৰ আগলৈকে জাতিসংঘৰ ভিতৰে–বাহিৰে নিৰস্ত্ৰীকৰণৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থা সফল নোহোৱাৰ বহুতো কাৰণ আছে।

(ক) অর্থনৈতিক সংকটঃ ১৯২৯–৩১ চনৰ ভিতৰত বিশ্বত যি অর্থনৈতিক সংকটে দেখা দিছিল তাৰ ফলত প্ৰায় সকলো বৃহৎ দেশৰে আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল। এই দেশবিলাকে নিৰস্ত্ৰীকৰণৰ নিচিনা বিষয়ৰ আলোচনাৰ ওপৰত গুৰুত্ব দিয়াতকৈ কি উপায়েৰে দেশে সন্মুখীন হোৱা গুৰুতৰ অৰ্থনৈতিক সংকট আতৰ কৰিব পাৰে তাৰ ওপৰতহে মনোনিবেশ কৰিছিল।

(খ) দূৰ–প্ৰাচ্যত জাপানৰ আক্ৰমণাত্মক নীতিঃ নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত কিছুমান বৃহৎ শক্তিগোষ্ঠীয়ে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও জাপান আদি দেশে আক্রমণাত্মক নীতি গ্রহণ কৰাৰ ফলত বিভিন্ন সময়ত অনুষ্ঠিত হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনসমূহ সফল হ’ব পৰা নাছিল। জাপানে প্রথম মহাযুদ্ধৰ পিছৰ পৰা অধিক শক্তিশালী হৈ সাম্ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰি চীনৰ ভূখণ্ডত আক্ৰমণ কৰিছিল। জাপানৰ আক্ৰমণৰ ফলত আন কিছুমান দেশে এইক্ষেত্ৰত সফল হ’ব পৰা নাছিল।

(গ) জাতিসংঘৰ বিফলতাঃ জাতিসংঘৰ চনদত সমূহীয়া নিৰাপত্তা ব্যৱস্থা আছিল যদিও লীগে অক্ৰমণকাৰীৰ ওপৰত কোনো ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল। কিছুমান দেশে মুকলিভাৱে আন দেশ আক্ৰমণ কৰি জাতিসংঘৰ নীতি উলংঘা কৰিলেও সেই দেশক আক্ৰমণকাৰী বুলি দোষাৰোপ কৰিব নোৱাৰিছিল। সামূহিক নিৰাপত্তাৰ প্ৰতি বৃহৎ শক্তিগোষ্ঠীৰ দৃষ্টিভংগী একে নোহোৱাৰ ফলতো নিৰস্ত্ৰীকৰণ বিফল হৈছিল। ব্রিটেইন আদি দেশে নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও ফ্রান্সে নিজৰ নিৰাপত্তাৰ কথা দোহাই দি নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল।

(ঘ) ইটালী আৰু জাৰ্মানীৰ দৃষ্টিভংগীঃ পেৰিছ শাস্তি শান্তিচুক্তিৰ দ্বাৰা জাৰ্মানী আৰু ইটালী বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল। ভাৰ্চাই চুক্তিয়ে তেওঁলোকক নিৰস্ত্র কৰাৰ লগতে তেওঁলোকক চুক্তিখনত চহী কৰিবলৈ বাধ্য কৰিছিল। গতিকে প্রবল শক্তিশালী জাৰ্মানীৰ নিচিনা এটা জাতিয়ে শান্তি চুক্তিত লাঞ্ছিত হৈ তেওঁলোকে প্রতিহিংসাৰ মনোভাব গ্রহণ কৰি আছিল। সেই মনোভাবৰ ফলতে জার্মানী আৰু ইটালীয়ে পুনৰ সুসজ্জিত হৈ শত্ৰুপক্ষৰ ওপৰত জাপি পৰাৰ কাৰণে নিৰস্ত্ৰ হোৱাৰ পৰিবৰ্তে অস্ত্ৰ–শস্ত্ৰৰে সুসজ্জিত হ’বৰ কাৰণেহে চেষ্টা কৰিছিল।

(ঙ) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত থকা মত পার্থক্যঃ বৃহৎ শক্তিগোষ্ঠীৰ নিৰস্ত্ৰীকৰণৰ বিষয় লৈ মত পাৰ্থক্য থকাৰ ফলতে ই বিফল হয়। বৃহৎ শক্তিগোষ্ঠিৰ মাজত কি কি বিষয়ৰ অস্ত্ৰ হ্ৰাস কৰিব লাগিব, এই সম্পৰ্কেও মতভেদ হৈছিল। উদাহৰণস্বৰূপে, নিৰস্ত্ৰীকৰণ সন্মিলনত ফ্রান্সে নৌ–শক্তি সীমিত কৰাৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে ইংলেণ্ডে স্থল সৈন্যবাহিনীৰ সংখ্যা হাস কৰিবলৈ বিচাৰিছিল।

(চ) দুর্বল প্ৰতিনিধিত্বঃ লীগৰ ভিতৰে–বাহিৰে অনুষ্ঠিত হোৱা নিৰন্ত্ৰীকৰণ সন্মিলনসমূহত বৃহৎ শক্তিগোষ্ঠীৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰাতকৈ তেওঁলোকৰ প্ৰতিনিধিবিলাকেহে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ফলত সন্মিলনসমূহত প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিসকলে অকলে কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল, কাৰণ দেশৰ মুৰব্বীৰ অনুমোদনৰ অবিহনে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ বিষয়ত তেওঁৰ প্ৰতিনিধিয়ে অকলে সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱপৰ নাছিল।

(ছ) পুঁজিপতিৰ ষড়যন্ত্ৰঃ পুঁজিপতিৰ ষড়যন্ত্ৰত নিৰঞ্জীকৰণ বিফলতাৰ আন এটা কাৰণ। পুঁজিপতি দেশবিলাকত ব্যৱসায়ীসকলে বিভিন্ন ধৰণৰ যুদ্ধৰ সঁজুলি প্ৰস্তুত কৰি প্ৰচুৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। পুঁজিপতি দেশবিলাকে প্রায় সকলো অনুন্নত দেশবিলাকলৈ বিভিন্ন যুদ্ধৰ অস্ত্ৰ–শস্ত্ৰ ৰপ্তানি কৰে। ইয়াৰ পৰ তেওঁলোকে প্ৰচুৰ পৰিমাণে ধন উপার্জন কৰিবলৈ সক্ষম হয়। কিন্তু নিৰস্ত্ৰীকৰণ ব্যৱস্থা কাৰ্যকৰী হ’লে পুঁজিপতিসকলৰ উৎপাদন হ্রাস পোৱাৰ লগতে উপাৰ্জনো হ্ৰাস পাব। এনে পৰিস্থিতিত পুঁজিপতিসকলে যিকোনো প্ৰকাৰে নিৰস্ত্ৰীকৰণ যাতে সফল নহয় তাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল। পুঁজিপতিসকলৰ এনে দৃষ্টিভংগীৰ কাৰণে নিৰস্ত্ৰীকৰণ সফল নোহোৱাটো অস্বাভাৱিক নহয়।

(জ) আগ্ৰহৰ অভাৱঃ বিভিন্ন সময়ত নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সন্মিলন অনুষ্ঠিত কৰিলে তাৰ প্ৰতি প্ৰায়বিলাক ৰাষ্ট্ৰৰ আগ্ৰহ নাছিল। ইউৰোপৰ যি সময়ত প্ৰায় সকলো দেশতে সঘনে ইটো–সিটো কাৰণত সঘৰ্ষ হৈ আছিল আৰু যিটো সময়ত জার্মানী, ইটালী আৰু জাপানে অস্ত্র–শস্ত্ৰৰে সুসজ্জিত হৈ বিশ্ব মহাযুদ্ধৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছিল, তেনে সময়তে সৰু–বৰ ৰাষ্ট্ৰবিলাক নিৰস্ত্ৰীকৰণৰ প্ৰতি আগ্ৰহী নোহোৱাৰ যুক্তি নথকাও নহয়। এনে কিছুমান কাৰণৰ ফলতো নিৰস্ত্ৰীকৰণ সফল নহ’ল।

(ঝ) নিৰস্ত্ৰীকৰণ সংজ্ঞাৰ অভাৱঃ নিৰস্ত্ৰীকৰণ বিফল হোৱাৰ আন এটা কাৰণ হ’ল ইয়াৰ প্রকৃত সংজ্ঞাৰ অভাৱ। নিৰস্ত্ৰীকৰণ বুলি কওঁতে বাস্তৱিকতে কিকি যুদ্ধৰ সঁজুলিৰ ক্ষেত্ৰত প্রতিবন্ধকতা আৰোপ কৰিব লাগিব, সেই বিষয়ে এটা ঐক্যমতত উপনীত হোৱাটো সম্ভৱপৰ নাছিল। কিছুমান নিৰস্ত্ৰীকৰণ বুলি কওঁতে যুদ্ধৰ জাহাজ, টেঙ্ক, যুঁজাৰু বিমান আৰু বন্দুক আদি নিয়ন্ত্ৰণ কৰা কথাটোকে বুজায়। আন কিছুমান যুঁজাৰু সঁজুলি বুলি কওঁতে এটা জাতিয়ে যুদ্ধৰ সময়ত প্ৰয়োগ কৰা সকলো অস্ত্ৰ–শস্ত্ৰৰ কথাকে প্ৰকাশ কৰে। এইক্ষেত্ৰত তেওঁলোকে কেৱল অস্ত্ৰ–শস্ত্ৰৰ কথাকে প্ৰকাশ নকৰে, আনকি ইয়াৰ লগত জড়িত মানুহৰ কথাকো প্ৰকাশ কৰে। যুদ্ধৰ সঁজুলি কেৱল টেঙ্গ, যুদ্ধৰ জাহাজ আদি নুবুজায়। বৰং যুদ্ধৰ কাৰ্যাৱলী, ৰাসায়নিক পদার্থ উৎপাদনৰ গৱেষণাগাৰ আদিয়ো অন্তর্ভুক্ত হয়। গতিকে যুদ্ধৰ সঁজুলি নিয়ন্ত্রণ বুলি কওঁতে বৃহৎ শক্তিগোষ্ঠিৰ মাজত এটা অস্পষ্ট ধাৰণা থকাৰ ফলতো নিৰস্ত্ৰীকৰণ সন্মিলনসমূহ বিফল হৈছিল।

(ঞ) বৈজ্ঞানিক আৱিষ্কাৰৰ প্ৰভাৱঃ বৈজ্ঞানিক গৱেষণাৰ ফলত দিনে দিনে নতুন নতুন বুদ্ধৰ সামগ্রী উৎপাদন হোৱাৰ ফলতো এনে উৎপাদনৰ ক্ষেত্ৰত এক সীমাবদ্ধতা আৰোপ কৰাটো সম্ভৱপৰ নহয়। কোনো এখন নিৰস্ত্রীকৰণ সন্মিলনে কেইখনমান দেশৰ কিছুমান যুদ্ধৰ সঁজুলিৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰিলেও বৈজ্ঞানিক আৱিষ্কাৰৰ ফলত আন কোনো এখন দেশে যুদ্ধৰ সঁজুলিৰ গৰাকী হ’লেও নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বৈজ্ঞানিকৰ নতুন আৱিষ্কাৰেও নিৰস্ত্ৰীকৰণ বিষয়ত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল।

(ট) আক্রমণাত্মক আৰু প্ৰতিৰক্ষামূলক সঁজুলিৰ পাৰ্থক্যৰ অভাৱঃ নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত দেখা দিয়া আন এটা দুর্বলতা হ’ল আক্রমণাত্মক আৰু প্ৰতিৰক্ষামূলক অস্ত্র প্রয়োগৰ ক্ষেত্ৰত থকা পাৰ্থক্যৰ সীমাবদ্ধতা। যিবিলাক অস্ত্ৰক কোনো এখন দেশে আজি প্ৰতিৰক্ষামূলক সঁজুলি হিচাপে প্ৰয়োগ কৰিছে দুদিনৰ পিছত সেইবিধ সঁজুলিকেই আক্রমণাত্মক সঁজুলি হিচাপে প্রয়োগ কৰিব পাৰে।

২৮। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিটো (NPT) কি? আলোচনা কৰা।

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিটো হৈছে ইয়াৰ উদ্দেশ্যে কৰা এটা চুক্তিপত্র। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৃথিৱীৰ শান্তিকামী জনসাধাৰণে পাৰমাণৱিক অস্ত্ৰৰ আৱির্ভাব আৰু তাৰ ধ্বংসাত্মক পৰিণতিৰ ফলত আতংকিত হৈ উঠে।

১৯৪৫ চনত আগষ্ট মাহত জাপানৰ নাগাছাকি আৰু হিৰোচিমাৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰ পাৰমাণবিক বোমা বর্ষণ কৰে। তাৰ পিছত ১৯৪৯ চনত ছোভিয়েত ইউনিয়ন পাৰমাণৱিক বোমা প্রস্তুত কৰে আৰু ১৯৫২ চনত গ্রেট ব্রিটেন পাৰমাণৱিক বোমা বিস্ফোৰণত সফল হয়। ১৯৬০ চনত ফ্রান্স আৰু ১৯৬৪ চনত চিন পাৰমাণৱিক বোমাৰ অধিকাৰী হয়। এই পাঁচখন দেশক বাদ দি বর্তমান যিবোৰ দেশ পৰমাণু শক্তিধৰ তালিকাত অন্তৰ্ভুক্ত হৈছে সেই দেশসমূহ হৈছে— ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া, ইৰাক, ইজৰায়েল, আর্জেন্টিনা আৰু ব্ৰাজিল। পাৰমানৱিক শক্তি হিচাপে বিশ্বৰ পাঁচটা বৃহৎ শক্তিৰ নীতি সাধাৰণতে একে ধৰণৰ হয়। জাতীয় নিৰাপত্তাৰ কাৰণে নিজৰ পাৰমাণবিক অস্ত্ৰ সম্ভাৰ বজায় ৰাখিব বিচাৰে। কিন্তু আন কোনো দেশে পৰমাণু অস্ত্ৰ উৎপাদন নকৰে আৰু যদিও কৰে তেতিয়াহ’লে সেয়া ধ্বংস কৰি দিয়ে। কাৰণ পাৰমাণৱিক অস্ত্ৰ–শস্ত্ৰ বিভিন্ন দেশত বিয়পি পৰিলে অৱস্থা আৰু জটিলতৰ হ’ব আৰু সাধাৰণভাৱে পৃথিৱীৰ নিৰাপত্তা বিপন্ন হৈ পৰিব। সেই কাৰণে পাৰমাণৱিক শক্তিৰ প্ৰচাৰৰ ৰোধ কল্পত সেই পাঁচখন দেশে উদ্যোগ লয়। অৱশেষত ১৯৬৮ চনৰ জুন মাহত সন্মিলিত জাতিপুঞ্জত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তি (Nuclear Non–proliferation Treaty) গৃহীত হয় আৰু এই চুক্তিটো ১৯৭০ চনৰ ৫ মাৰ্চত ২৫ বছৰৰ বাবে কাৰ্যকৰী হয়। ১৯৭০ চনত পাঁচটা বৃহৎ শক্তিসহ ১৭০ খন দেশে এই এন.পি.টি. চুক্তিত স্বাক্ষৰ কৰে। কেৱল ভাৰত, পাকিস্তান আৰু ইজৰায়েলে এই চুক্তিত স্বাক্ষৰ কৰা নাছিল। এন.পি.টি. চুক্তিত স্বাক্ষৰকাৰী পাৰমাণৱিক অস্ত্ৰবিহীন দেশসমূহ এই মৰ্মত অংগীকাৰবদ্ধ হয় যে, তেওঁলোকে পাৰমাণৱিক বিস্ফোৰণ বা অস্ত্ৰ তৈয়াৰৰ কৌশল ফর্মূলা বা প্রয়োজনীয় পদাৰ্থসমূহ অৰ্জন কৰিব নোৱাৰে। পাৰমাণৱিক শক্তিধৰ দেশবোৰে অনুৰূপভাৱে অংগীকাৰ কৰে যে, অন্যান্য দেশসমূহক যাতে এনেধৰণৰ কোনো সহায় কৰা নহয়।

কার্যক্ষেত্ৰত এইধৰণৰ অংগীকাৰ স্বীকাৰ কৰা হোৱা নাছিল। এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত পাৰমাণৱিক অস্ত্ৰ হ্ৰাসৰ পৰিৱৰ্তে বৃদ্ধি হৈছে। কেইখনমান পাৰমাণৱিক অস্ত্রবিহীন দেশে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰৰ বাবে সামর্থ অর্জন কৰিছে। ক’ব পৰা যায় যে— এই বেপাৰত পৰমাণু শক্তিধৰ দেশসমূহৰ সাহায্যও সেইবোৰে পাইছে।

১৯৭০ চনত পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰ বোধ চুক্তিটো (NPT) কাৰ্যকৰী হোৱাৰ সময়লৈকে পৃথিৱীৰ বিভিন্ন দেশত ১,০০,০০০ ৰ বেছি পাৰমাণৱিক অস্ত্র উৎপাদিত হৈছে। ছোভিয়েত ইউনিয়ন আৰু মার্কিন যুক্তৰাষ্ট্ৰ ‘ষ্ট্রাটেজিক আর্মচ লিমিটেশন চুক্তি’ (SALT) অনুযায়ী পাৰমাণৱিক অস্ত্ৰৰ পৰিমাণ হ্ৰাস কৰিলেও বর্তমান সেই দুখন দেশৰ হাততে প্রায় ৬০,০০০ পাৰমাণৱিক অস্ত্ৰ আছে।

পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী দেশবোৰে কেৱল নিজৰ হাতত অস্ত্ৰ ৰাখি ক্ষান্ত হোৱা নাছিল, কেইটামান দেশক পাৰমাণৱিক অস্ত্ৰ উৎপাদনৰ সামৰ্থ অৰ্জনত সহযোগিতা কৰিছিল। ইজৰায়েল, পাকিস্তান, দক্ষিণ আফ্রিকা প্রভৃতি দেশসমূহে কোনোবা নহয় কোনোবা পৰমাণু শক্তিধৰ দেশৰ সহায়তে পাৰমাণৱিক বোমা উৎপাদনৰ যোগ্যতা অৰ্জন কৰিছে। কেলভোকোৰেচিয়ে (Calvocoressi) মন্তব্য কৰিছে— “The advanced powers which were helping developing states to build reactors were engaging in proliferation”.

পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি অনুসৰি পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধ। কিন্তু বাস্তৱতে কোনো দেশেই এই চৰ্ত অনুসৰি কাম–কাজ নকৰে। প্ৰতিটো পৰমাণু অস্ত্ৰৰ অধিকাৰী দেশেই প্রকাশ্যে অথবা গোপনে এইবোৰ লৈ পৰীক্ষা কৰিছিল। ১৯৭০ চনৰ পাছৰ পৰা পাৰমাণৱিক অস্ত্রৰ প্ৰসাৰ ৰোধ হোৱা নাছিল। বৰঞ্চ মাৰাত্মক পাৰমাণৱিক অস্ত্ৰৰ সম্প্রসাৰণ ঘটিছে।

আৰম্ভণিতে এন.পি.টি. চুক্তি ২৫ বছৰৰ কাৰণে বলবৎ আছিল। ১৯৯৫ চনত পুনর্বিবেচনা কৰি চুক্তিটোৰ ম্যাদ বঢ়াই দিয়া হয়। এই চুক্তিৰ ম্যাদ বৃদ্ধিক ১৭৮ টা দেশে সমর্থন জনায়। ভাৰতে এন.পি.টি. চুক্তি গ্ৰহণত সন্মত হোৱা নাছিল। তেওঁৰ মতে এই চুক্তি বৈষম্যমূলক। ১৯৯৫ চনৰ ১১ মাৰ্চত ১৭৮ খন দেশে সর্বসন্মতভাৱে অনির্দিষ্টকালৰ কাৰণে এন.পি.টি.ৰ ম্যাথ সম্প্ৰসাৰণত স্বাক্ষৰ কৰিলেও এই চুক্তিৰ বিৰুদ্ধে ক্ষোভ পাৰমাণৱিক অস্ত্রহীন দেশসমূহৰ মাজত পুঞ্জীভূত হৈছে।

২৯। সৰ্বাত্মক অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) বিৰুদ্ধে ভাৰতসহ কিছুমান ৰাষ্ট্ৰৰ অভিযোগসমূহ লিখা। 

উত্তৰঃ প্ৰকৃতপক্ষে চি.টি.বি.টি. অনেক দেশৰ বাবে গ্ৰহণযোগ্য হোৱা নাছিল। ভাৰতসহ লিবিয়া, মিচৰ, লেবানন, মৰিশাচ, তানজানিয়া, কিউবা আদিয়ে এই চুক্তিৰ বিৰুদ্ধে একাধিক অভিযোগ আনিছে। অভিযোগসমূহ হ’ল–

(ক) চি.টি.বি.টিৰ মাধ্যমেৰে কেৱল পৰমাণু অস্ত্ৰ লৈ পৰীক্ষণ নিষিদ্ধ কৰা হৈছে। কিন্তু ইমান দিনৰ মজুত পৰমাণু অস্ত্ৰৰ কি হ’ব, সেই সম্পৰ্কত একো কোৱা হোৱা নাছিল। সাম্প্রতিক এক হিচাপৰ পৰা জনা যায় যে, মার্কিন যুক্তৰাষ্ট্ৰৰ হাতত সঞ্চিত বিভিন্ন শক্তিসম্পন্ন পৰমাণু অস্ত্ৰৰ মুঠ পৰিমাণ ৮,৭১১ টা, ৰাছিয়াত ৬,৮৩৩ টা, ফ্ৰান্সত ৫২৪ টা, ব্রিটেনত ২০০ টা আৰু চিনত ৪৫০ টা। বর্তমান পৃথিৱীত এই মূহুৰ্তত যি পৰিমাণ অস্ত্র আছে, তাৰ পৰিমাণ ১২,০০০ মেগাটনৰো বেছি। এই পৰিমাণ অস্ত্ৰ দি পৃথিৱীক কেইবাবমান ধ্বংস কৰা যাব। চি.টি.বি.টি চুক্তিৰ মাধ্যমেৰে পাঁচটা পৰমাণু শক্তিধৰ দেশৰ মজুত পাৰমাণৱিক অস্ত্ৰ ৰখাৰ বন্দোৱস্ত কৰা হৈছে।

(খ) চি.টি.বি.টি. ত কেৱলমাত্ৰ পাৰমাণৱিক বিস্ফোৰণজনিত পৰীক্ষা–নিৰীক্ষা বন্ধৰ ওপৰত জোৰ দিয়া হৈছে। প্ৰকৃত ঘটনাটো হ’ল এই যে, বিশ্বৰ পাঁচটা পৰমাণু শক্তিধৰ দেশেই উন্নত পৰমাণু প্ৰযুক্তিৰ সহায়তে বিস্ফোৰণ এৰি পাৰমাণৱিক পৰীক্ষা–নিৰীক্ষা চলোৱাত সক্ষম হৈছে। সেই কাৰণে সমালোচকসকলে মন কৰে যে, চি.টি.বি.টি. সৰ্বাত্মকো নহয়, আকৌ মজুত পৰমাণু অস্ত্ৰক বজায় ৰখা বা উন্নত কৰাৰ বিৰোধীও নহয়। (“… neither comprehensive nor opposed to the maintenance of exiting stockpile or new additions to it”.)

(গ) চি.টি.বি.টি. ৰ বিৰুদ্ধে আন এটা অভিযোগ হ’ল এই যে ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নটোক সম্পূৰ্ণকৈ অগ্ৰাহ্য কৰিছে। ভাৰতৰ প্রতিবেশী দেশ চীন পৰমাণু শক্তিধৰ দেশ। আন এক প্রতিবেশী পাকিস্তান পৰমাণু অস্ত্ৰৰ অধিকাৰী। সর্বাত্মক পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ভাৰতৰ নিৰাপত্তা পৰিস্থিতিক বিঘ্নিত কৰিব।

(ঘ) চি.টি.বি.টি. ৰ ধাৰাটোৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু সেয়া হ’ল “Entry Into Force” বা বলপূর্বক স্বাক্ষৰ দান। উক্ত ধাৰাত কোৱা হৈছে যে ১৯৯৬ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা তিনি বছৰৰ মাজত প্ৰতিখন ৰাষ্ট্ৰই চুক্তিত চহী কৰিব লাগে। যদি কোনো ৰাষ্ট্ৰই চহী নকৰে, তেতিয়াহলৈ বৰ্তমান স্বাক্ষৰদানকাৰী ৰাষ্ট্ৰসমূহ সেই ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ভাৰতৰ মতে, এয়া যিকোনো দেশৰ সাৰ্বভৌম অধিকাৰৰ বিৰোধী আৰু মুষ্টিমেয় কেইটামান পৰমাণু শক্তিধৰ দেশৰ সুবিধাজনক অৱস্থাৰ স্বীকৃতিদানৰ ব্যৱস্থা। প্রচলিত আন্তৰ্জাতিক আইনৰ নিয়মনীতি অনুসৰি, কোনো দেশক জোৰ কৰি কোনো চুক্তিত চামিল কৰিব নোৱাৰে।

১৯৯৬ চনত এফালে পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি লৈ আলোচনা কৰা হৈছিল, অন্যফালে এই চুক্তিত চামিল হৈ চীনে তেওঁৰ পৰমাণু অস্ত্ৰ পৰীক্ষা চলাই গৈছে। ১৯৯৮ চনত ভাৰতে পোখৰানত পাঁচটা পৰমাণু বিস্ফোৰণ ঘটায়। তাৰ পিছত পাকিস্তানে পৰমাণু বিস্ফোৰণ ঘটায়। এতিয়ালৈকে এই দুখন ৰাষ্ট্ৰৰ বিৰুদ্ধে চি.টি.বি.টি. ৰ তৰফৰ পৰা তেনেকুৱা কোনো কাৰ্যকৰী পদক্ষেপ লোৱা নাছিল।

বিশ্বক প্ৰকৃতপক্ষত পাৰমাণৱিক অস্ত্রমুক্ত কৰিব হ’লে পৰমাণু শক্তিৰ দেশসমূহক ঘোষণা কৰিব লাগিব—

(ক) পৃথিৱীৰ কোনো ৰাষ্ট্ৰ কোনো অৱস্থাতেই অন্য ৰাষ্ট্ৰৰ বিৰুদ্ধে পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ কৰিব নোৱাৰে।

(খ) এটা নিৰ্দিষ্ট সময়সীমাৰ মাজত পৃথিৱীৰ প্ৰতিটো পৰমাণু শক্তিধৰ ৰাষ্ট্ৰ তেওঁৰ যাৱতীয় পৰমাণু অস্ত্ৰ আৰু সা–সৰঞ্জাম ধ্বংস কৰি পেলাব।

(গ) পৃথিৱীৰ ৰাষ্ট্ৰ আৰু পৰমাণু অস্ত্র উৎপাদন কৰিব নোৱাৰে। কেৱল ঘোষণা কৰিলেই নহ’ব, এই ব্যাপাৰত আন্তৰিক প্ৰয়াস একান্ত প্রয়োজন।

পৰিশেষত উল্লেখযোগ্য, ২০০৬ চনত মার্কিন যুক্তৰাষ্ট্ৰৰ পক্ষৰ পৰা ভাৰতক পাৰমাণৱিক সহযোগিতাৰ প্ৰতিশ্ৰুতি আৰু অসামৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ দুখন দেশৰ কূটনৈতিক সম্পর্কে এক নতুন গতি দান কৰিছে। ২০০৮ চনত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত এই চুক্তি বাস্তৱ ৰূপ গ্ৰহণ কৰে।

৩। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিৰ (NPT) উদ্দেশ্য আৰু প্ৰকৃতি সম্পর্কে আলোচনা কৰা?

উত্তৰঃ (ক) চুক্তিৰ ১ নং ধাৰা অনুযায়ী NWS (Nuclear Weapons States) বা পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰে পাৰমাণৱিক শক্তিহীন ৰাষ্ট্ৰসমূহক কোনোৰূপ পাৰমাণৱিক অস্ত্ৰ কিম্বা প্রযুক্তি হস্তান্তৰ কৰিব নোৱাৰে আৰু কোনো ভাৱেই অস্ত্র নির্মাণত সাহায্য, উৎসাহ দিব নোৱাৰে।

(খ) চুক্তিৰ ২ নং ধাৰাত কোৱা হৈছে যে পাৰমাণৱিক অস্ত্রহীন ৰাষ্ট্ৰসমূহ পাৰমাণৱিক বিস্ফোৰণ বা অস্ত্ৰ তৈয়াৰৰ কৌশল, ফর্মূলা বা প্রয়োজনীয় পদার্থ ইত্যাদিৰ ক্ষেত্ৰত পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহৰ পৰা কোনো ধৰণৰ সাহায্য ল’ব নোৱাৰে।

(গ) ৩ নং ধাৰা অনুযায়ী পাৰমাণৱিক অস্ত্রবিহীন দেশসমূহ পাৰমাণৱিক শক্তিক কি উদ্দেশ্যত ব্যৱহাৰ কৰিছে সেয়া তদাৰকিৰ বাবে আন্তর্জাতিক আণৱিক শক্তি সংস্থা (International Atomic Energy Agency) গঠন কৰিব লাগে। অস্ত্ৰবিহীন ৰাষ্ট্ৰসমূহ IAEA ৰ নিৰ্দেশনাৱলী মানি চলিবলগীয়া হয়।

(ঘ) ৪ নং ধাৰাৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰবোৰৰ শাস্তিপূর্ণ উদ্দেশ্যত পাৰমাণৱিক গৱেষণাৰ অধিকাৰ স্বীকাৰ কৰা হৈছে।

(ঙ) ৫ নং ধাৰা অনুযায়ী পাৰমাণৱিক অস্ত্রবিহীন দেশসমূহৰ শান্তিপূৰ্ণ পাৰমাণৱিক বিস্ফোৰণৰ অধিকাৰ স্বীকাৰ কৰি লোৱা হয়।

(চ) ৬ নং ধাৰাত পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহক যিকোনো ধৰণৰ পাৰমাণৱিক অস্ত্র প্রতিযোগিতা বন্ধ কৰাৰ কথা কোৱা হৈছে।

(ছ) ৭ নং ধাৰা অনুযায়ী চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ পাৰস্পৰিক আলোচনাৰ মাধ্যমত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ উদ্দেশ্যত প্রয়োজনীয় কাৰ্যকৰী ব্যৱস্থা লয়।

(জ) ৮ নং ধাৰাত কোৱা হৈছে যে প্ৰতি পাঁচ বছৰ অন্তৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন আহ্বান কৰা হয়।

যদিও চুক্তিটো ২৫ বছৰৰ বাবে কাৰ্যকৰ আছিল, কিন্তু চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ ১৯৯৫ চনৰ ১১ মে’ পর্যালোচনা সন্মিলনে (Review conference) এই চুক্তিৰ ম্যাদ অনিৰ্দিষ্টকালৰ কাৰণে সম্প্ৰসাৰণ কৰে। সেই হিচাপত ১৯৭৫, ১৯৮০, ১৯৮৫, ১৯৯০ আৰু ১৯৯৫ চনৰ পৰা ২০০০, ২০০৫ আৰু ২০১৫ চনত চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ পৰ্যালোচনা সন্মিলন। (Review conference) অনুষ্ঠিত হয়।

৩১। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) প্ৰস্তাৱনাৰ গুৰুত্ব সম্পর্কে লিখা। 

উত্তৰঃ সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) প্ৰস্তাৱনাত বিশ্বব্যাপী পাৰমাণৱিক অস্ত্ৰ হ্ৰাস আৰু সার্বিক নিৰস্ত্ৰীকৰণ। ইয়াৰ অনিবাৰ্য লক্ষ্য হ’ল আন্তর্জাতিক নিয়ন্ত্ৰণৰ মাধ্যমেৰে সম্পূৰ্ণ নিৰস্ত্ৰীকৰণ। CTBT ৰ ১ নং ধাৰাত কোৱা হৈছে যে চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ যিকোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ–পৰীক্ষাৰ কাৰণে বিস্ফোৰণ ঘটাব নোৱাৰে আৰু তেওঁলোকৰ নিয়ন্ত্রণাধীন কোনো অঞ্চলত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা প্ৰতিৰোধ কৰিব। চুক্তিৰ ২ নং ধাৰাত সংগঠন সম্পর্কে আলোচনা কৰা হৈছে, চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন, এটা কাৰ্যনিৰ্বাহী পৰিষদ আৰু এটা সচিবালয় থাকিব। চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ সন্মিলন সমগ্র অংশগ্রহণকাৰী ৰাষ্ট্ৰৰ সমন্বয়ত গঠিত হ’ব আৰু এয়া হৈছে চূড়ান্তনীতি প্রণয়নকাৰী সংস্থা। সন্মিলন কর্তৃক নির্বাচিত ৫১ জন সদস্য লৈ গঠিত হয় কার্যনির্বাহী পৰিষদ। এইটো হ’ব চুক্তিৰ প্ৰধান সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা। সচিবালয় আন্তর্জাতিক তথ্য কেন্দ্ৰৰ সূচনাসহ চুক্তিটো বাস্তৱতে যথাযথভাৱে ৰূপায়িত হৈছে নে নাই তাৰ আন্তর্জাতিক পর্যবেক্ষণ কৰিব। চুক্তিৰ ৩ নং ধাৰা অনুযায়ী স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ চুক্তিৰ বাধ্যবাধকতাসমূহ জাতীয় স্তৰত মানি চলিব আৰু তাৰ লগত অন্যান্য ৰাষ্ট্ৰসমূহৰ আৰু সংগঠনৰ লগত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। চুক্তিৰ ৪ নং ধাৰাত আন্তর্জাতিক তদাৰকি ব্যৱস্থা গঢ়ি তোলাৰ কথা কোৱা হৈছে। বিশ্বৰ এই ব্যৱস্থাৰ মাধ্যমেৰে বিশ্বৰ কোনোবা স্থানত পাৰমাণৱিক বিস্ফোৰণ হৈছে নে হোৱা নাই তাক চিহ্নিত কৰাটো সম্ভৱ। চুক্তিৰ ৫ নং ধাৰা অনুযায়ী স্বাক্ষৰকাৰী ৰাষ্ট্ৰ চুক্তি ভংগ কৰিলে সন্মিলনে তাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিব পাৰিব। চুক্তি লংঘনৰ ঘটনা ঘটিলে সন্মিলনক স্বাক্ষৰকাৰী ৰাষ্ট্ৰবোৰৰ যৌথ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শৰ ক্ষমতা দিয়া হৈছে। চুক্তিৰ ৬ নং ধাৰাত অস্ত্ৰ প্ৰতিযোগিতা বন্ধৰ ওপৰত জোৰ দিয়া হৈছে। চুক্তিৰ ৭ নং ধাৰা অনুযায়ী প্ৰতি দহ বছৰ মূৰে মূৰে স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন (Review conferance) অনুষ্ঠিত হোৱাৰ কথা কোৱা হৈছে।

৩২। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) প্ৰস্তাৱনা আৰু বিষয়বস্তু সম্পর্কে লিখা।

উত্তৰঃ CTBT ৰ চুক্তিটোৰ প্ৰস্তাৱনাত বিশ্বব্যাপী পামাণৱিক অস্ত্র হ্রাস আৰু সার্বিক নিৰস্ত্রীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰস্তাৱনাত সৰ্বাত্মক পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা ৰোধক পাৰমাণৱিক নিৰস্ত্রীকৰণৰ এটা অর্থবহ পদক্ষেপ (“A meaningful step in the realization of a systematic process to achieve nuclear disarmament”) বুলি ঘোষণা কৰা হৈছে। CTBT ৰ ২ নং ধাৰাত ইয়াৰ গঠন সম্পর্কে কোৱা হৈছে যে—

(ক) চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন।

(খ) এটা কাৰ্যনিৰ্বাহী পৰিষদ। আৰু

(গ) এটা প্রয়োগিক সচিবালয় ( A Technical secretariat) ক লৈ CTBT ৰ সংগঠন গঠিত হ’ব। সংগঠনৰ বাবে চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহকে প্রয়োজনীয় পৰামৰ্শ দিয়া আৰু সহযোগিতা কৰা হ’ব। ভিয়েনাত গঠিত হ’ব সংগঠনৰ কাৰ্যালয়। চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ সন্মিলন হৈছে সংগঠনৰ পৰিচালক সংস্থা। এই সন্মিলনৰ দায়িত্ব হ’ল চুক্তি–সংক্রান্ত নীতিগত বিষয় আৰু চুক্তিৰ ৰূপায়নৰ তদাৰক কৰা। সন্মিলন কর্তৃক নির্বাচিত ৫১ জন সদস্য লৈ গঠিত হয় CTBT ৰ কাৰ্যনিৰ্বাহী পৰিষদ। এই পৰিষদ হৈছে CTBT ৰ প্ৰধান সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা আৰু প্রায়োগিক সচিবালয়ৰ কাৰ্য হ’ব চুক্তিটো বাস্তৱতে যথাযথভাৱে ৰূপায়িত হৈছে নে নাই সেয়া পর্যবেক্ষণ কৰা। CTBT ৰ ৩ নং ধাৰাত কোৱা হৈছে যে প্ৰতিটো স্বাক্ষৰকাৰী ৰাষ্ট্ৰ চুক্তিৰ দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। CTBT ৰ ৪ নং ধাৰাত আন্তর্জাতিক তদাৰকিৰ ব্যৱস্থা গঢ়ি তোলাৰ কথা কোৱা হৈছে। এই তদাৰকি ব্যৱস্থাৰ কাম হ’ল বিশ্বৰ কোনোবা স্থানত পাৰমাণৱিক বিস্ফোৰণ হৈছে নে হোৱা নাই সেয়া পর্যবেক্ষণ কৰা হ’ব। ৫ নং ধাৰাত কোৱা হৈছে যে, স্বাক্ষৰকাৰী কোনো ৰাষ্ট্ৰয়ে চুক্তিভংগ কৰিলে সন্মিলনে তাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিব পাৰিব অথবা সংশ্লিষ্ট বিষয়ত জাতিপুঞ্জৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। ৬ নং ধাৰাত চুক্তিৰ প্ৰয়োগ আৰু ব্যাখ্যা সংক্রান্ত বিষয়ত বিৰোধ উপস্থিত হ’লে তাৰ মীমাংসা কৰা। ৭ নং ধাৰাত কোৱা হৈছে যে CTBT ক সংশোধন কৰিব হ’লে চুক্তি স্বাক্ষৰকাৰী প্ৰতিটো ৰাষ্ট্ৰৰ সন্মতি লোৱা প্ৰয়োজন। চুক্তিৰ ৮ নং ধাৰাত প্ৰতি ১০ বছৰৰ মূৰে মূৰে এটা পৰ্যালোচনা সন্মিলন আহ্বান কৰাৰ কথা কোৱা হৈছে।

৩৩। সন্ত্ৰাসবাদৰ লক্ষ্য আৰু কৌশলসমূহ আলোচনা কৰা।

উত্তৰঃ সন্ত্ৰাসবাদী গোটসমূহৰ কাৰ্যকলাপসমূহ লক্ষ্য কৰিলে কেতবোৰ প্ৰধান লক্ষ্য চকুত পৰে। সেইসমূহ হ’ল—

(ক) চৰকাৰৰ ভেঁটি লৰোৱাঃ সন্ত্ৰাসবাদৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত নিমজ্জিত সাংবিধানিক চৰকাৰটোৰ জন সমর্থন নাইকিয়া কৰা। ইয়াৰ বাবেই সন্ত্ৰাসবাদী সংগঠনসমূহে জনসাধাৰণক হিংসাত্মক কাৰ্যৰ লক্ষ্য কৰি লয়।

(খ) সন্ত্ৰাসবাদৰ শত্ৰুৰ বিপক্ষে ভাবুকি দিয়াঃ সন্ত্রাসবাদী সংগঠনসমূহে নির্দিষ্ট কেতবোৰ গোষ্ঠীক (লাগিলে প্রতিষ্ঠিত চৰকাৰেই হওঁক) দমনকাৰী, শোষণকাৰী বুলি ভাবে। সেয়ে সন্ত্ৰাসবাদী কাৰ্যৰ দ্বাৰা তেওঁলোকৰ এই শত্ৰু শ্ৰেণীটোক ভাবুকি দিয়াটোও সন্ত্রাসবাদী সংগঠনসমূহৰ মুখ্য উদ্দেশ্য।

(গ) সমাজ আৰু চৰকাৰৰ পৰিৱৰ্তন সাধন কৰাঃ সন্ত্ৰাসবাদ সৃষ্টিত প্রতিষ্ঠিত সমাজ আ বাষ্ট্ৰ ব্যৱস্থাইও মুখ্য ভূমিকা পালন কৰে। সেয়েহে সন্ত্রাসবাদী সংগঠনসমূহে মানুহৰ মনত এক পৰিৱৰ্তনমুখিতাৰ সৃষ্টি কৰি প্ৰতিষ্ঠিত সমাজ বা ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰিৱৰ্তন আনিবৰ প্রচেষ্ট চলায়।

সন্ত্ৰাসবাদৰ কৌশলসমূহঃ

(ক) সাধাৰণতে এটা সৰু ফিৰিঙতিৰ পৰাই সন্ত্ৰাসবাদৰ সূচনা হয় বুলিলেও ভুল কোৱ নহ’ব। আৰম্ভণিতে সন্ত্রাসবাদী গোষ্ঠীসমূহে গোপনভাৱে সংগঠিত হোৱাৰ চেষ্টা কৰে। এই

সময়তে ই জনসাধাৰণৰ পৰা ধনদাবী আদিৰ জৰিয়তে পুঁজি সংগ্ৰহৰ প্ৰচেষ্টা চলায়। তদুপৰি বেংক আদি বিত্তীয় প্রতিষ্ঠানসমূহত লুটপাত চলায়, ব্যবসায়ী আদি অপহৰণ কৰি ধন দাবী কৰে। এনেদৰে বিত্তীয় অৱস্থা সৱল হোৱাৰ পাছত বিদেশী ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী গোষ্ঠী বা কোম্পানীসমূহৰ সহযোগত অস্ত্ৰ–শস্ত্ৰ সংগ্ৰহৰ প্ৰচেষ্টা চলায় আৰু যুদ্ধৰ প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰে।

(খ) সন্ত্রাসবাদী সংগঠনসমূহে প্রথমে আৰক্ষী বাহিনী, সামৰিক, অৰ্দ্ধ সামৰিক বাহিনীৰ লোকসকলক লক্ষ্য হিচাপে লোৱাৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ লোকসকলকো লক্ষ্য কৰি লৈ জনসাধাৰণৰ মনত ভিত্তি ভাৱৰ সৃষ্টি কৰিব বিচাৰে।

(গ) অপহৰণ, বিমান অপহৰণ, লুটপাত, পনবন্দী কৰা আদি সন্ত্ৰাসবাদৰ আন পন্থা। এনেধৰণৰ কাৰ্যপন্থাৰ দ্বাৰা নিৰাপত্তা বাহিনীৰ লোকসকলৰ মনোবল ভাঙি দিয়াৰ লগতে দুৰ্বল কৰি তোলাটোৱেই হৈছে সন্ত্ৰাসবাদীৰ আন এক লক্ষ্য।

(ঘ) সাধাৰণ জনসাধাৰণৰ মনত ভয়ৰ ভাব জাগ্ৰত কৰি সন্ত্ৰাসবাদীৰ অস্তিত্ব প্ৰতিপন্ন কৰাটোও সন্ত্ৰাসবাদৰ এক লক্ষ্য, সেয়ে সন্ত্রাসবাদে দোষী নিৰ্দোষী কাকো বিচাৰ নকৰে।

জনসমাগম থকা ঠাইত বোমা–বাৰুদ নিক্ষেপৰ জৰিয়তে সাধাৰণ জনতাক হত্যা কৰা, আঘাতপ্ৰাপ্ত কৰাটোও সন্ত্ৰাসবাদী গোষ্ঠীৰ এক কৌশল।

(ঙ) সন্ত্ৰাসবাদীসকলৰ এক নির্দিষ্ট লক্ষ্য থাকে আৰু সেই লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁলোকে জীৱন পাত কৰিবলৈও কুণ্ঠাবোধ নকৰে। আনহাতে নিজৰ জীৱন উৎসৰ্গাৰ দ্বাৰা

দলৰ আন সদস্যক অনুপ্ৰাণিত কৰাটোও সন্ত্ৰাসবাদীৰ পবিত্র ধর্ম বুলি ভবা হয়। সেয়েহে মানৱ বোমা আদিৰ দ্বাৰাও সন্ত্ৰাসবাদীয়ে জনসাধাৰণৰ মাজত সন্ত্রাস বিয়পোৱাৰ চেষ্টা কৰে।

(চ) বৰ্তমানৰ উন্নত প্রযুক্তিবিদ্যা আৰু বৈজ্ঞানিক উদ্ভাৱনে সন্ত্রাসবাদী সকলকো সহায় কৰিছে। এখন ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে ব্যৱহৃত সকলো ধৰণৰ অস্ত্ৰ–শস্ত্ৰ বৰ্তমানৰ সন্ত্ৰাসবাদীৰ হাততো দেখিবলৈ পোৱা যায়। গতিকে সন্ত্ৰাসবাদীৰ কৌশল বা পন্থাসমূহ নিত্য নতুন হৈ থাকে বাবে নিৰাপত্তা বাহিনীৰ বাবেও সন্ত্রাসবাদ প্রতিহত কৰাটো দুৰূহ হৈ পৰিছে।

৩৪। সন্ত্ৰাসবাদৰ প্ৰকাৰসমূহ বহলাই আলোচনা কৰা।

উত্তৰঃ সন্ত্ৰাসবাদৰ প্ৰকাৰসমূহ তলত আলোচনা কৰা হ’ল—

(ক) ৰাষ্ট্ৰীয় / দমনমূলক সন্ত্রাসবাদঃ কেতিয়াবা কেতিয়াবা ৰাষ্ট্ৰযন্ত্ৰই নিজা শাসনৰ গাদী ৰাখিবৰ বাবে ৰাষ্ট্ৰৰ সমালোচক বা বিক্ষোভকাৰীসকলক ৰাষ্ট্ৰৰ শক্তি বাহিনীৰ দ্বাৰা কঠোৰ হাতেৰে দমন কৰিব বিচাৰে। এনেধৰণৰ ৰাষ্ট্ৰৰ শত্ৰু বুলি বিবেচিত কার্য বা মন্তব্যৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰা কাৰ্যই জনসাধাৰণক প্রতিষ্ঠানবিৰোধী কাৰ্য কৰা বা মাত মতাৰ ক্ষেত্ৰত ভিতিগ্ৰস্ত কৰি ৰাখে। এনেধৰণৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত হিংসাত্মক কার্যকলাপক দমনমূলক বা ৰাষ্ট্ৰ নিয়ন্ত্রিত সন্ত্রাসবাদ বুলি কোৱা হয়।

(খ) বৈপ্লৱিক আৰু যুদ্ধ সম্বন্ধীয় সন্ত্রাসবাদঃ কেতিয়াবা কেতিয়াবা কোনো এক দুর্নীতিগ্রস্থ আৰু দমনমূলক শাসনতন্ত্র ওফৰাই নতুন জনমুখী শাসন প্রতিষ্ঠাৰ বাবে কোনো বিপ্লৱী সংগঠনে সন্ত্রাসবাদৰ কৌশলসমূহ প্ৰয়োগ কৰিব পাৰে। এনেদৰে প্ৰতিষ্ঠিত শাসনতন্ত্র ওফৰাই পঠোৱাৰ বাবে প্ৰয়োগ কৰা সন্ত্ৰাসবাদী কৌশলক বৈপ্লৱিক সন্ত্রাসবাদ বুলি কোৱা হয়। আনহাতে যুদ্ধৰ সময়ত যুদ্ধত লিপ্ত ৰাষ্ট্ৰসমূহে সাধাৰণ জনগণক সন্ত্রাসিত কৰিব বিচাৰে। এনেদৰে যুদ্ধৰ সময়ত ৰণুৱা ৰাষ্ট্ৰৰ দ্বাৰা সৃষ্টি কৰা সন্ত্ৰাসবাদ যুদ্ধক সন্ত্রাস বুলি কোৱা হয়।

(খ) ৰাষ্ট্ৰৰ দ্বাৰা পোষকতা কৰা সন্ত্ৰাসবাদঃ কেতিয়াবা কেতিয়াবা কোনো সার্বভৌম ৰাষ্ট্রই অন্য সাৰ্বভৌম ৰাষ্ট্ৰৰ শক্তি বিনষ্ট কৰা বা ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰা উদ্দেশ্যে কোনো গোষ্ঠীক সন্ত্রাসবাদী কাৰ্য পৰিচালনা কৰাৰ বাবে প্ৰৰোচিত কৰিব পাৰে। এনেদৰে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্রাসবাদী কার্যকলাপ পৰিচালনা কৰা প্ৰক্ৰিয়াক ৰাষ্ট্ৰৰ দ্বাৰা পোষকতা কৰা সন্ত্ৰাসবাদ বুলি কোৱা হয়। এনে সন্ত্রাসবাদত ৰাষ্ট্ৰই কোনো সন্ত্ৰাসবাদী গোষ্ঠীক গোপনে অস্ত্ৰ–শস্ত্ৰ, টকা–পইচা বা প্রশিক্ষণ আদি প্ৰদান কৰে। সাধাৰণতে এনে সন্ত্রাসবাদী গোষ্ঠীসমূহ বিদেশী ৰাষ্ট্ৰখনৰ স্থানীয় সমস্যাসমূহৰ সৈতে জড়িত হৈ পৰে আৰু তেনেদৰেই স্থানীয় ভিত্তি লৈ সন্ত্রাসবাদী কার্যকলাপ আৰম্ভ কৰে।

(ঘ) ধর্মভিত্তিক সন্ত্রাসবাদঃ কেতিয়াবা কেতিয়াবা কেতবোৰ সন্ত্ৰাসবাদী গোষ্ঠী ধর্মীয় আৱেগ–অনুভূতিৰ ভিত্তিত গঠিত হয়। এনে সন্ত্রাসবাদী গোষ্ঠীসমূহে ধর্মীয় ব্যাখ্যাৰ দ্বাৰা সন্ত্রাসবাদক এক পবিত্র কর্তব্য বুলি ব্যাখ্যা কৰে। ইহুদী সন্ত্রাসবাদী গোষ্ঠী, ভাৰতৰ শিখ সন্ত্রাসবাদী গোষ্ঠী, হিন্দু সন্ত্রাসবাদী গোষ্ঠী, ইছলামিক সন্ত্রাসবাদী গোষ্ঠী আদি তেনে ধর্মভিত্তিক গঠিত সন্ত্রাসবাদী গোষ্ঠী সমগ্র বিশ্বতে বিৰাজমান। ২০০১ চনৰ ১১ ছেপ্তেম্বৰৰ পিছত সমগ্ৰ বিশ্বখনকে সন্ত্রাসবাদী গোষ্ঠীসমূহে ইছলামিক আৰু অ–ইছলামিক (Islamic and non–Islamic) এই দুটা ভাগত বিভক্ত কৰা দেখা গৈছে।

(ঙ) আদর্শগত সন্ত্রাসবাদঃ কেতিয়াবা কেতিয়াবা কেতবোৰ আদৰ্শগত কাৰণতো সন্ত্রাসবাদী গোষ্ঠী গঠিত হোৱা দেখা যায়। নক্সালবাদী, মাওবাদী গোট আদি তেনে সন্ত্ৰাসবাদী গোটৰ উদাহৰণ।

(চ) আত্মঘাতী সন্ত্রাসবাদঃ যেতিয়া সন্ত্রাসবাদী গোষ্ঠীয়ে নিজৰ মৃত্যুৰ দ্বাৰা হ’লেও আনৰ ক্ষতি সাধন কৰিব বা সন্ত্ৰাসৰ সৃষ্টি কৰিব বিচাৰে তেতিয়া তেনে সন্ত্রাসবাদক আত্মঘাতী সন্ত্রাসবাদ বুলি ক’ব পাৰি। আত্মঘাতী সন্ত্রাসবাদে আত্মঘাতী বোমা আদিৰ দ্বাৰা জনসাধাৰণৰ সমাগম থকা ঠাইত বোমা–বাৰুদৰ বিস্ফোৰণ ঘটাই সন্ত্ৰাসৰ সৃষ্টি কৰে।

(ছ) পাৰমাণৱিক সন্ত্রাসবাদঃ বৰ্তমানৰ উন্নত প্রযুক্তিবিদ্যাৰ সন্ত্ৰাসবাদী গোষ্ঠীসমূহেও যে পাৰমাণৱিক অস্ত্ৰ–শস্ত্ৰ আহৰণ কৰা নাই সেই লৈ বিশ্বৰ জনসাধাৰণক সন্দিহান কৰি তুলিছে। ফলত সন্ত্ৰাসবাদী গোষ্ঠীসমূহৰ দ্বাৰা পাৰমাণৱিক অস্ত্ৰ–শস্ত্ৰ প্ৰয়োগ কৰাৰ সম্ভাৱনীয়তাক সমগ্ৰ বিশ্বৰ জনসাধাৰণ সন্ত্রাসিত হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেদৰে পাৰমাণৱিক অস্ত্ৰ–শস্ত্ৰ প্ৰয়োগৰ সম্ভাৱনীয়তাৰ সৃষ্টি হোৱাৰ সন্ত্ৰাসবাদক পাৰমাণৱিক সন্ত্রাসবাদ বুলি ক’ব পাৰি।

(জ) চাইবাৰ সন্ত্ৰাসবাদঃ সন্ত্রাসবাদী গোষ্ঠীসমূহে উপগ্রহ, ইণ্টাৰনেটৰ সহযোগত জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা দেখা যায়। সাধাৰণতে লক্ষ্য নিৰ্দ্ধাৰিত ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষামূলক তথ্য আদি গোপনে সংগ্ৰহ কৰা, সন্ত্রাস বিয়পাব বিচৰা ঠাইসমূহৰ সম্পূৰ্ণ ছবি কোনো এক কোণত বহি থাকিয়েই নিৰীক্ষণ কৰি তাত নিয়োজিত সন্ত্রাসবাদক নির্দেশ দিয়া, সন্ত্ৰাসবাদীৰ জিঘাংসা প্রদর্শিত ছবি বা ঘটনা ইন্টাৰনেটৰ জৰিয়তে প্ৰচাৰ কৰা আদি কাৰ্য আজিকালি প্ৰায়বোৰ সন্ত্ৰাসবাদী গোষ্ঠীয়েই প্রয়োগ কৰা দেখা যায়। এনেদৰে ইন্টাৰনেট, উপগ্ৰহীয় সেৱা আদিৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদক চাইবাৰ সন্ত্ৰাসবাদ বুলি কোৱা হয়।

(ঝ) জৈৱ সন্ত্রাসবাদঃ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণে উদ্ধাৱন কৰা জৈৱিক অস্ত্ৰ–শস্ত্ৰই জনগণৰ মাজত অদেখা, অজানা বেমাৰৰ বীজাণু আদি বিয়পাই জনজীবন বিপন্ন কৰিব পৰা হৈছে। এনে পৰিস্থিতিত সন্ত্রাসবাদী গোষ্ঠীসমূহে জৈৱিক বোমাৰে বা অস্ত্ৰ–শস্ত্ৰই মানুহৰ মাজত সন্ত্রাস বিয়পোৱাৰ চেষ্টা কৰিলে তাক জৈৱিক সন্ত্রাসবাদ বুলিব পাৰি। যোৱা ৩০ বছৰত প্ৰায় ১৫ বাৰ তেনেধৰণৰ জৈৱিক অস্ত্ৰৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সূচনা হোৱা দেখা গৈছে। ভিয়েটনামবাসীয়ে লাওচ, আংগোলাক দক্ষিণ আফ্রিকীয় শক্তিগোষ্ঠী, আফগানিস্তানত ছোভিয়েট বাহিনী, কিউবাত CIA, ইৰাণত ইৰাকী সন্ত্ৰাসবাদী গোষ্ঠীয়ে এনে জৈৱিক অস্ত্ৰ প্ৰয়োগ কৰিছে।

(ঞ) জটিলতাৰ সন্ত্ৰাসবাদঃ বৰ্তমানৰ উন্নত যোগযোগ ব্যৱস্থাৰ লগতে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই সন্ত্রাসবাদীসকলক জটিলৰ পৰা জটিলত পন্থা অৱলম্বন কৰাত সহায় কৰাবলৈ চাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ চিন্তাবিদসকলে আধুনিক সন্ত্রাসবাদক নৱ্য সন্ত্রাসবাদ বা জটিলতৰ সন্ত্রাসবাদ (Neo–terrorism or complex terrorism) বুলিব বিচাৰিছে। Homer Dixon ৰ মতে আধুনিক সন্ত্ৰাসবাদৰ দুটা ধাৰা লক্ষ্য কৰা যায়। প্ৰথমটোত দেখা যায় যে এক সৰু গোষ্ঠী বা ব্যক্তিৰ হাততো প্ৰযুক্তিগত সক্ষমতা আহি পৰাত ধন–জন হানি কৰিব পৰা হৈছে। দ্বিতীয়তে অর্থনীতি আৰু প্ৰযুক্তিবিদ্যাৰ সহযোগত কোনো আক্রমণ সংঘটিত কৰিবলৈ তেনেই সহজ হৈ পৰিছে। ফলস্বৰূপে এই দুয়োটা কাৰকে এক নতুন আৰু কুটিল গণ ধ্বংস কৰিবলৈ সন্ত্রাসবাদী গোষ্ঠীবিলাকক সহায় কৰাত সন্ত্ৰাসবাদে এক জটিলত ৰূপ ধাৰণ (Complex Form) কৰিছে।

৩৫। সন্ত্ৰাসবাদৰ মুখ্য কাৰণসমূহ বহলাই আলোচনা কৰা।

উত্তৰঃ সন্ত্ৰাসবাদৰ মুখ্য কাৰণসমূহ তলত আলোচনা কৰা হ’ল—

(ক) ৰাজনৈতিক কাৰণঃ বিশ্বৰ সন্ত্ৰাসবাদী গোষ্ঠীসমূহলৈ লক্ষ্য কৰিলে দেখা যাব যে ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবেও বহুতো সন্ত্ৰাসবাদী সংগঠনৰ জন্ম হৈছে। কেতিয়াবা কেতিয়াবা কোনো এক শ্ৰেণীৰ লোকে ৰাজনৈতিক সমস্যা সমাধানৰ উদ্দেশ্যে সাংবিধানিক উপায় অৱলম্বন কৰাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদৰ পন্থা অৱলম্বন কৰে। তেনেদৰে ৰাজনৈতিক নেতৃত্বৰ অৱহেলাৰ বাবে কোনো ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ক্ষমতা দখলৰ জৰিয়তে তেনে সমস্যা সমাধানৰ প্ৰয়াস কৰি সন্ত্ৰাসবাদৰ আশ্ৰয় লয়। ইজৰাইল–পেলেষ্টাইনৰ সন্ত্ৰাসবাদ তেলে ৰাজনৈতিক কাৰণতেই গঢ় লৈ উঠা বুলিব পাৰি।

(খ) অৰ্থনৈতিক কাৰণঃ অর্থনৈতিক শোষণ, অসমতা আৰু নিৰ্ভৰশীলতাৰ বাবেও বিশ্বত সন্ত্রাসবাদ সূচনা হোৱা দেখা যায়। বিশেষকৈ উন্নত ৰাষ্ট্ৰসমূহৰ একালৰ শোষণ আৰু বৰ্তমানৰো অৰ্থনৈতিক অসমতুল নীতিৰ বাবে বিশ্বৰ কিছু কিছু অঞ্চল সদায়ে এইসমূহ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে। এনে নিৰ্ভৰশীলতা, উন্নয়নৰ অসমতা আৰু বিশ্বৰ অসম অর্থনৈতিক শৃংখলাৰ বাবেও আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ সূচনা হোৱা দেখা গৈছে।

(গ) ধৰ্মীয় কাৰণঃ কেতিয়াবা কেতিয়াবা ধর্মীয় উন্মাদনাৰ কাৰণতো জনসাধাৰণে সন্ত্রাসবাদৰ আশ্ৰয় লোৱা দেখা যায়। তদুপৰি কোনো ধৰ্মীয় গোষ্ঠীৰ লোকে বৰ্তমানৰ শাসনাধিষ্ঠিত ৰাষ্ট্ৰখনৰ পৰা ফালৰি কাটি অন্য চুবুৰীয়া ৰাষ্ট্ৰৰো সেই ধৰ্মৰ লোকসকলক লৈ এখন নতুন ধৰ্মীয় ৰাষ্ট্ৰ গঠন কৰাৰ বাবেও সন্ত্ৰাসবাদৰ আশ্ৰয় লোৱা দেখা যায়। ১৯৩০ ৰ পৰা ১৯৪০ ৰ দশকত পেলেষ্টাইনৰ ইহুদী উগ্ৰপন্থীয়ে ইজৰাইল গঠনৰ বাবে পেলেষ্টাইনীসকলক খেদি পঠাবৰ বাবে সন্ত্ৰাসৰ পন্থা লোৱা আৰু পৰৱৰ্তী সময়ত (১৯৫০ ৰ দশকৰ পৰা) পেলেষ্টাইনীসকলে অনুৰূপ পন্থাকে লোৱাত ইজৰাইলী আৰু পেলেষ্টাইনী উগ্ৰপন্থীৰ হিংসাত্মক কাৰ্যৰ পৰা আজিও জনসাধাৰণ মুক্ত হ’ব পৰা নাই। তেনেদৰে তালিবান, হৰকত উল মুজাহিদীন আদি সন্ত্রাসবাদী সংগঠন এনে ধৰ্মীয় বিশ্বাসৰ ভিত্তিতে গঠিত হৈছে। এনে সন্ত্রাসবাদী সংগঠনসমূহে মানুহৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি চলাই যোৱা সন্ত্ৰাসৰ কাৰ্যকলাপৰ প্রকৃতি লক্ষ্য কৰি বিখ্যাত চিন্তাবিদ চেমুৱেল হাণ্টিণ্টনে (Samuel Huntington) ইয়াক সভ্যতাৰ সংঘাত (Clash of Civilization) বুলি আখ্যা দিব বিচাৰিছে। তেওঁৰ মতে ভবিষতে যদি এখন বিশ্বযুদ্ধ সংঘটিত হ’বলগীয়া হয় তেতিয়াহলৈ ধৰ্মীয় উন্মাদনাৰ বাবেই হ’ব।

(ঘ) অস্ত্ৰ–শস্ত্ৰৰ মুক্ত সৰবৰাহঃ হাতে হাতে লৈ ফুৰিব পৰা মৰাণাস্ত্ৰসমূহৰ উদ্ভাৱনৰ ফলস্বৰূপেও সন্ত্রাসবাদে ব্যাপক ৰূপ ধাৰণ কৰা দেখা গৈছে। আজিৰ সন্ত্ৰাসবাদী গোটসমূহে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ বীজ ৰোপণ কৰাৰ মানসেৰে সৰু সৰু উগ্রবাদী গোষ্ঠীসমূহকো অস্ত্র–শস্ত্ৰ যোগান ধৰা, প্ৰশিক্ষণ আদিৰ সুবিধা দিয়াতো সমগ্ৰ বিশ্বতে সৰু সৰু সন্ত্ৰাসবাদী গোট নিত্য নতুন ৰূপত গঠিত হোৱা দেখা গৈছে। তদুপৰি অস্ত্ৰ উৎপাদনকাৰী কোম্পানীসমূহৰ লাভা–লাভৰ হাবিয়াসেও অস্ত্ৰ–শস্ত্ৰৰ চোৰাং কাৰবাৰী মাফিয়া আদি য’তে ত’তে সক্ৰিয় হৈছে। এনে হোৱাৰ বাবেও উগ্ৰপন্থীসমূহে ধ্বংসাত্মক অস্ত্ৰ–শস্ত্ৰ সহজতে পাব পৰা হৈছে যাৰ বাবে সন্ত্রাসবাদী গোটসমূহ গোজেই গঁজালি হোৱাত সহায়ক হৈছে।

(ঙ) উন্নত যোগাযোগ ব্যৱস্থাঃ যোগাযোগ ব্যৱস্থাৰ দ্রুত উন্নতিয়েও সন্ত্ৰাসবাদক সাৰ–পানী যোগাইছে বুলিব পাৰি। দ্রুত যোগাযোগ ব্যৱস্থাই বিশ্বৰ প্ৰত্যেকটো কোণৰ খবৰ তৎমুহূৰ্ততে পাব পৰা কৰাত বিভিন্ন সামাজিক, ৰাজনৈতিক, গোষ্ঠীগত বা ভৌগোলিক এলেকাত সংঘবদ্ধ সৰু সৰু সন্ত্রাসবাদী গোটৰ সৈতেও অন্য প্রান্তৰৰ সন্ত্ৰাসবাদী গোটসমূহে স্থাপন কৰিব পৰা হ’ল। যোগাযোগৰ উন্নতিয়ে সন্ত্রাসবাদী গোটসমূহক নিজৰ লক্ষ্যৰ ৰাষ্ট্ৰখনতে সংঘবন্ধ নহৈ অন্য ৰাষ্ট্ৰত সংঘটিত, প্রশিক্ষিত আৰু বিত্তীয় সাহায্যপ্রাপ্ত হৈ লক্ষ্য ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্য চলাই যাব পাৰে।

(চ) মাদক দ্রব্য সৰবৰাহ আৰু সংগঠিত অপৰাধঃ মাদক দ্রব্য সৰবৰাহকাৰী, অস্ত্ৰ–শস্ত্র সৰবৰাহকাৰী আদি সংগঠিত অপৰাধীৰ সৈতে সন্ত্ৰাসবাদী সংগঠনসমূহৰ বৰ্দ্ধিত সংযোগীকৰণেও সন্ত্রাসবাদক উচতনি দিয়া দেখা গৈছে। যদিও সন্ত্রাসবাদী সংগঠনৰ উদ্দেশ্য আদর্শগত আৰু ৰাজনৈতিক তথাপিও বিত্তীয় লাভ আহৰণৰ লগত জড়িত সংগঠিত অপৰাধীচক্র, যেনে— নিচাযুক্ত দ্ৰব্যৰ মাফিয়া (Drug Mafia) বা অস্ত্ৰ–শস্ত্ৰৰ মাফিয়াৰ লগত এক যোগাযোগ আছে। অস্ত্ৰ–শস্ত্ৰৰ মাফিয়াই বিত্তীয় লাভা–লাভৰ বাবে সন্ত্রাসবাদী সংগঠনক অস্ত্র যোগান ধৰে। আনহাতে বিত্তীয় অৱস্থা টনকীয়াল কৰাৰ স্বাৰ্থত সন্ত্ৰাসবাদী সংগঠনসমূহে ড্ৰাগছ মাফিয়াৰ সহায় লয়। অন্যহাতে এই অস্ত্ৰ–শস্ত্ৰ আৰু ড্ৰাগছ মাফিয়াই দশক দশক জুৰি লাভ কৰা ধনেৰে সন্ত্ৰাসবাদী সংগঠনসমূহক ধনৰ যোগান ধৰাৰ কাৰ্যই সন্ত্ৰাসবাদী সংগঠনসমূহক ব্যাপক উচতনি দিছে।

(ছ) ৰাষ্ট্ৰৰ উৎসাহঃ যদিও ৰাষ্ট্ৰসংঘৰ দৰে অন্তঃৰাষ্ট্ৰীয় সংগঠনে প্রত্যেক ৰাষ্ট্ৰই ইখনে সিখনৰ সাৰ্বভৌমত্বক সন্মান জনোৱা আৰু কাৰোৰে আভ্যন্তৰীণ স্বাধীনতাত হস্তক্ষেপ নকৰাৰ দৰে নীতি নিৰ্দ্ধাৰণ কৰিছে তথাপিও চুবুৰীয়া ৰাষ্ট্ৰসমূহে ইখনে সিখনৰ আভ্যন্তৰীণ শান্তি–শৃংখলা বিনষ্ট কৰা ধৰণৰ কাৰ্যকলাপ চলায়ে আছে। আধুনিক ৰাষ্ট্ৰসমূহে নিজ ৰাষ্ট্ৰত গঢ়ি উঠা সন্ত্রাসবাদী সংগঠনসমূহক চুবুৰীয়া ৰাষ্ট্ৰত সন্ত্ৰাস চলাই নিয়াত সহায় কৰাৰ উপৰিও বহু ৰাষ্ট্ৰই অন্য ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠনক প্রশিক্ষণ, অস্ত্ৰ–শস্ত্ৰ যোগান ধৰা আদি কাৰ্যত সহায় কৰা দেখা যায়। উদাহৰণস্বৰূপে তালিবানৰ শাসনকালত আফগানিস্তানত ইছলামিক উগ্ৰপন্থী আৰু সন্ত্রাসবাদীক দিয়া আশ্ৰয় তথা প্ৰশ্ৰয়ৰ কথা উল্লেখ কৰিব পাৰি।

(জ) বিচ্ছিন্নতাবাদঃ কেতিয়াবা কেতিয়াবা বহু ভাষা–ভাষী, জাতি–জনগোষ্ঠীৰ ৰাষ্ট্ৰ এখনৰ কোনো এক অঞ্চলৰ জনসাধাৰণে মূল সুঁতিৰ পৰা ফালৰি কাটি এখন নতুন স্বাধীন ৰাষ্ট্ৰৰ বাবে দাবী উত্থাপন কৰিও বিচ্ছিন্নতাবাদৰ আশ্ৰয় ল’ব পাৰে। স্বাধীন আয়াৰলেণ্ডৰ দাবীৰে গঠিত আইৰিছ গণৰাজ্যিক আন্দোলন (Irish republican movement), কানাডাৰ কোৱেকর্ডচ (Quebecords in Canada), স্পেইনৰ বাস্কৰ (Basques in Spain), য়োগোশ্লোভিয়াৰ ক্রোৱেচিয়ান (Croatians in Yugoslavia), তুৰষ্কৰ আৰমেনিয়ান (Armenian in Turkey), শ্ৰীলংকাৰ তামিল (Tamil in Sri Lanka), ভাৰতৰ আলফা, খালিস্তানি (ULFA, Khalistani in India), ফিলিপাইনৰ মাৰোচ (Maros in Philippines) আদি তেনে সন্ত্রাসবাদত বিশ্বাসী বিচ্ছিন্নতাবাদী গোষ্ঠী।

(ঝ) বিশ্ব দাৰিদ্ৰ আৰু নিবনুৱা সমস্যাঃ বিশ্বৰ উন্নত বা অনুন্নত সকলো ৰাষ্ট্ৰতে নিবনুৱা সমস্যা আৰু দাৰিদ্ৰই ভয়াবহ ৰূপ ধাৰণ কৰা দেখা যায়। জীৱন নিৰ্বাহৰ উপায়ৰ অভাৱ, শোষণ, ধনী আৰু দুখীয়াৰ আয় আৰু উপভোগৰ অসমতাই এক শ্ৰেণীৰ হতাশগ্রস্ত লোকক সন্ত্রাসবাদৰ পন্থা ল’বলৈ বাধ্য কৰাইছে।

(ঞ) সন্ত্ৰাসবাদ ৰপ্তানিঃ সন্ত্ৰাসবাদী সংগঠনসমূহে ইয়াৰ গঠনৰ উদ্দেশ্য, কাৰ্যপন্থা, দাবীৰ যুক্তিযুক্ততা আদি সহ নিজস্ব ধ্যান–ধাৰণা সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলোৱাৰ বাবেও সন্ত্রাসবাদৰ উদ্ভৱ হৈছে বুলিব পাৰি।

৩৬। সন্ত্ৰাসবাদৰ প্ৰভাৱসমূহ বহলাই আলোচনা কৰা।

উত্তৰঃ সন্ত্ৰাসবাদৰ প্ৰভাৱসমূহ তলত আলোচনা কৰা হ’ল—

(ক) বৈদেশিক নীতি নিৰ্দ্ধাৰণত প্ৰভাৱঃ সন্ত্রাসবাদে বিশ্বৰ সৰু বৰ সকলো ৰাষ্ট্ৰকে চুই যোৱাত সন্ত্ৰাসত জৰ্জৰিত ৰাষ্ট্ৰ, সন্ত্ৰাসৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰ আদিৰ শ্ৰেণীকৰণ কৰিলৈ অনুৰূপ ধৰণে সুৰক্ষামূলক নীতি প্ৰস্তুত কৰা বৈদেশিক সম্পর্ক দিশ নিৰ্ণয় কৰি সেইমতে জাতীয় স্বাৰ্থ সুৰক্ষাৰ বাবে আগবঢ়াটো বৰ্তমানৰ ৰাষ্ট্ৰসমূহৰ বাবে ব্যাপক প্ৰত্যাহ্বানৰ দৰে হৈ পৰিছে।

(খ) ৰাষ্ট্ৰৰ সম্পৰ্কৰ অৱনতিঃ সন্ত্ৰাসবাদৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসক প্ৰৰোচিত কৰা ৰাষ্ট্ৰসমূহৰ লগত ভুক্তভোগী ৰাষ্ট্ৰখনৰ সম্পৰ্কৰ অৱনতি ঘটা দেখা যায়। ভাৰত, বাংলাদেশ, শ্রীলংকা, পাকিস্তান, ভূটান, চীন আদি ৰাষ্ট্ৰত ভাৰতৰ বহুতো সন্ত্ৰাসবাদী সংগঠনে আশ্রয় লোৱাৰ উপৰি এইকেইখন ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সন্ত্রাসবাদী সংগঠনৰ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বহু অৱনতি ঘটা দেখা যায়। উদাহৰণস্বৰূপে ভাৰতৰ সংসদ ভৱনত কৰা আক্ৰমণ, তাজ হোটেলত পাকিস্তানী সন্ত্রাসবাদীয়ে কৰা আক্ৰমণ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ প্ৰতিৰোধকল্পে ভাৰতে লোৱা ব্যৱস্থাই দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ বহুখিনি অৱনতি ঘটাইছিল।

(গ) আন্তঃৰাষ্ট্ৰীয় জোঁট বন্ধনঃ সন্ত্ৰাসবাদী সংগঠনসমূহৰ সন্ত্ৰাসৰ পৰা যিহেতু আমেৰিকাৰ দৰে সর্বোচ্চ শক্তিৰ ৰাষ্ট্ৰও হাত সাৰি থাকিব পৰা নাই সেয়েহে ৰাষ্ট্ৰসমূহে সংঘৱদ্ধ উপায়ৰ দ্বাৰা সন্ত্ৰাসবাদীৰ বিপক্ষে যুঁজিবৰ বাবে প্ৰচেষ্টা চলোৱা দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰাষ্ট্রীয় অনুষ্ঠানৰ উপৰি ইউৰোপীয়ান ইউনিয়ন, ছার্ক (SAARC), আছিয়ান (ASEAN) আদি আঞ্চলিক মঞ্চ আৰু ৰাষ্ট্ৰসমূহেও দ্বিপাক্ষিক বা বহুপাক্ষিক চুক্তি, বুজাবুজি আদিৰে সংঘবন্ধ হোৱা দেখা গৈছে।

(ঘ) প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকিঃ সন্ত্ৰাসবাদৰনন কৌশলৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসমূহৰ নিৰাপত্তাৰ প্রতি অন্য ধৰণৰ ভাবুকি অহা দেখা গৈছে। ফলত পূৰ্বৰ পৰম্পৰাগত নিৰাপত্তাৰ দিশসমূহ নতুনকৈ চালি জাৰি চাই সন্ত্ৰাসবাদ দমনৰ দৰে নিশসমূহ বিবেচনা কৰিব লগাত পৰিছে। ৰাষ্ট্ৰই সন্ত্ৰাসবাদীৰ অনিশ্চিত হিংসাত্মক কাৰ্যৰ প্ৰতিৰোধ কৰিব পৰাকৈ তথ্য প্রযুক্তি তথা দেশখনৰ সৰ্বস্তৰৰ গতি বিধি লক্ষ্য কৰি থাকিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছে। ফলত ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতাৰ প্রতিযোগিতাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদ দমনৰ বাবদ সহযোগিতাৰহে সূচনা হৈছে।

(ঙ) অর্থনৈতিক মন্দাৱস্থাঃ সন্ত্ৰাসবাদৰ বৰ্দ্ধিত কার্যকলাপে ৰাষ্ট্ৰৰ লগতে জনসাধাৰণক কৰা ক্ষয়–ক্ষতি তথা পুনৰ সংস্থাপনৰ বাবে ৰাষ্ট্ৰই চিন্তা কৰিবলগীয়া হোৱাৰ উপৰি প্ৰতিৰক্ষাৰ নামত অত্যাধিক ব্যয় কৰিব লগা হোৱা বাবে ৰাষ্ট্ৰখনৰ উন্নয়ন স্থবিৰ হয়। আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে ষ্টক মার্কেটৰ দৰে অৰ্থনৈতিক ব্যৱস্থাৰ নিম্নগামিতাৰ পৰিপ্ৰেক্ষিতত সমগ্র বিশ্বই অর্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হ’বলগীয়া হোৱাটো আধুনিক সন্ত্ৰাসবাদৰ এক ডাঙৰ প্ৰভাৱ।

(চ) সন্ত্রাস প্ৰতিৰোধী ব্যৱস্থাৱলীঃ সন্ত্ৰাসবাদৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসমূহে নিৰাপত্তাৰ ব্যৱস্থাৱলীৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। ইয়াৰ ভিতৰত বিদেশী নাগৰিকৰ প্রৱেশ পত্র, পাৰ পত্ৰ আৰু ইয়াৰ নিয়ম আদি পুনৰ নিৰ্দ্ধাৰণ কৰিব লগাত পৰে। ফলত সাধাৰণ মানুহে ভ্রমণ আদি নানা কাৰণত জীয়াতু ভুগিব লগা অৱস্থাত পৰে। ৯/১১ ঘটনাৰ পিছত আমেৰিকাৰ বিমান বন্দৰত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি আব্দুল কালাম, চিত্র তাৰকা শ্বাহৰুখ খানৰ দৰে ব্যক্তিয়ে সন্মুখীন হোৱা ব্যৱস্থাৱলী আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাষ্ট্ৰৰ কূটনৈতিক বিনিময়ৰ ক্ষেত্ৰত দেখা দিয়ো পৰিৱর্তন সর্বজনবিদিত।

(ছ) বিশ্বৰ পুনৰ বিভাজনঃ সন্ত্ৰাসবাদৰ গোলকীয় প্ৰকৃতিৰ বাবেই সমগ্ৰ বিশ্বখন শীতল যুদ্ধৰ পিছতো পুনৰ বিভাজিত হোৱা দেখা যায়। বিশেষকৈ ইছলামিক সন্ত্রাসবাদৰ প্ৰভাৱত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ইছলামিক আৰু অ–ইছলামিক এই দুটা ভাগত বিভক্ত হৈ পৰে। অৱশ্যে আমেৰিকাৰ নেতৃত্বৰ সন্ত্ৰাসবাদৰ বিৰোধী গোট আৰু সন্ত্ৰাসবাদৰ খোপনি থকা ৰাষ্ট্ৰসমূহৰ গোটৰ মাজত শীতল যুদ্ধৰ দিনৰ দৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ দুই শক্তি গোষ্ঠী সৃষ্টি কৰাত সন্ত্রাসবাদ জড়িত আছে বুলিলে ভুল কোৱা হ’ব।

(জ) আফগানিস্তান আৰু ইৰাকৰ শাসনৰ পৰিৱৰ্তনঃ আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্রেত কৰা আঘাতৰ পিছতেই সন্ত্ৰাসবাদৰ বিপক্ষে যুদ্ধ ঘোষণা কৰা আমেৰিকাই ২০০১ চনৰ অক্টোবৰ মাহত ‘Operation enduring freedom’ ঘোষণা কৰি আফগানিস্তানৰ পৰা তালিবানী শাসন অন্ত পেলোৱাৰ প্রচেষ্টা চলায়। এখন সার্বভৌম ৰাষ্ট্ৰৰ বিপক্ষে অন্য এখন সার্বভৌম ৰাষ্ট্ৰই অভিযান আৰম্ভ কৰাৰ দৰে ব্যৱস্থা যদিও আন্তৰাষ্ট্ৰীয় আইনৰ পৰিপন্থী তথাপিও সন্ত্ৰাসবাদৰ ভয়াবহতাই জোকাৰি যোৱা বিশ্ব সম্প্রদায়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ নং ১৩৬৮ আৰু ১৩৭৩ ৰ জৰিয়তে ২০০১ চনৰ ছেপ্টেম্বৰ মাহত অনুমোদন জনায়। আমেৰিকাৰ নেতৃত্বত ৰাষ্ট্ৰসংঘই ২০০১ চনৰ ডিচেম্বৰ মাহলৈ তালিবানী শাসনৰ সামৰণি পেলাই বন (Bonn) চুক্তিৰ জৰিয়তে গণতান্ত্রিক শাসন প্ৰতিষ্ঠাৰ প্ৰচেষ্টা চলায়। লগে লগে গণতন্ত্ৰৰ বিৰোধী দলসমূহক (তালিবান, সাম্যবাদী দল, আফগান) নিষিদ্ধ কৰা হয়। Loya Jirga নামৰ এক গণতান্ত্ৰিক পৰিষদ গঠন কৰা হয়। ২০০২ চনৰ জুন মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত লয়া জার্গাই হামিদ কাৰজাইক ক্ষমতাৰ দায়িত্ব দিয়ে।

(ঝ) ৰাষ্ট্ৰসংঘৰ প্ৰতি প্ৰত্যাহ্বানঃ ৰাষ্ট্ৰসংঘই ১৯৯৭ আৰু ১৯৯৯ চনত দুখন আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰৰ জৰিয়তে বিশ্ব সন্ত্রাসবাদক স্বীকৃতি দিয়াৰ উপৰিও সন্ত্ৰাসবাদ দমনৰ বাবে ৰাষ্ট্ৰসমূহৰ সামূহিক ব্যৱস্থাৰ গুৰুত্বক স্বীকৃতি দিয়া হয়। অন্যহাতে ২০০২ চনত ৰাষ্ট্ৰসংঘই Suppression of the financing terrorism নামৰ আন এখন চুক্তি পত্ৰ গ্ৰহণ কৰি সন্ত্ৰাসবাদ নির্মূলৰ বাবে বিশ্ব সম্প্রদায়ক সন্ত্ৰসবাদৰ বিপক্ষে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তদুপৰি ২০০১ চনত ছেপ্তেম্বৰ মাহত গ্ৰহণ কৰি নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱনামা ১৩৬৮ আৰু ১৩৭৩ ও এইক্ষেত্র উল্লেখযোগ্য।

এনেদৰে ৰাষ্ট্ৰসংঘই নিৰাপত্তা পৰিষদ সাধাৰণ সভা অর্থনৈতিক আৰু সামাজিক পৰিষদৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিপক্ষে ব্যৱস্থাৱলী গ্ৰহণ কৰিছে যদিও সন্ত্ৰাসবাদক সাৰ–পানী যোগোৱা ৰাষ্ট্ৰ আফগানিস্তান আৰু ইৰাকৰ বিপক্ষে আমেৰিকাই একপক্ষীয়ভাৱে লোৱা ব্যৱস্থাই ৰাষ্ট্ৰসংঘৰ ভূমিকা বহু পৰিমাণে স্তিমিত কৰে। ফলত বিশ্বৰ অন্যান্য সৰু–বৰ ৰাষ্ট্ৰৰ পৰা সামূহিক নিৰাপত্তাৰ ব্যৱস্থাৰ প্ৰতি আস্থা আদায় কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই এক নতুন প্ৰত্যাহ্বানৰ মুখামুখি হয়।

(ঞ) আমেৰিকাৰ আধিপত্য প্রতিষ্ঠাঃ ছাদ্দাম হুছেইনৰ পৰাজয়, ওচামা বিন লাডেনক হত্যা কৰাৰ দৰে ঘটনাই সমগ্ৰ বিশ্ববাসীৰ মনত আমেৰিকাৰ সামৰিক শক্তিৰ লগতে সর্বোচ্চ শক্তি হিচাপে ইয়াৰ আধিপত্য পুনৰ প্ৰতিষ্ঠাত সহায় কৰে। আমেৰিকাই পুনৰবাৰ ইয়াৰ সৰ্বোচ্চ শক্তি প্ৰদৰ্শন কৰাত সন্ত্ৰাসবাদী আক্রমণে সহায় কৰাৰ উপৰি এছিয়া মহাদেশৰ কেন্দ্ৰীয় অঞ্চলত সামৰিক ঘাটি প্রতিষ্ঠাতো ই সহায় কৰে। ফলত প্রাকৃতিৰ সম্পদত চহকী এই অঞ্চলটোৱে আমেৰিকাক পুনৰ নব্য উপনিৱেশ প্রতিষ্ঠাত সহায় কৰে।

৩৭। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ কাৰণবোৰ লিখা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ কাৰণবোৰ তলত আলোচনা কৰা হ’ল—

(ক) উপনিবেশবাদৰ বিৰোধীতা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ মুখ্য কাৰণ আছিল। দ্বিতীয় মহাযুদ্ধৰ পিছত পশ্চিমীয়া শক্তিৰ শাসনাধীন হৈ থকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ বহু ৰাষ্ট্ৰই উপনিবেশিকতাৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হয়। পূৰ্বৰ পৰা স্বাধীনভাৱে বসবাস কৰা ৰাষ্ট্ৰৰ পৰাধীনতাৰ অভিজ্ঞতাই জনসাধাৰণক ঐক্যবদ্ধ কৰি তুলিবলৈ সক্ষম হয়।

(খ) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমেৰিকা আৰু ৰাছিয়াই নিজৰ অনুগামী দেশবোৰক লৈ বিশ্বৰ দুই মহাশক্তিৰূপে মূৰ দাঙি উঠে। এই দুয়ো পক্ষই নির্দিষ্ট গোষ্ঠীৰ অধীন হোৱাৰ পৰিৱৰ্তে দুয়োপক্ষৰ লগত মিলি থাকি নিজ নিজ দেশৰ উন্নতিৰ বাবে গ্ৰহণ কৰা মধ্যমপন্থাৰ পৰিপ্ৰেক্ষিততে গোষ্ঠীনিৰপেক্ষ আন্দোলনে শক্তিশালী ৰূপত বিকাশ হ’বলৈ ধৰিলে।

(গ) এছিয়া আৰু আফ্ৰিকাৰ উপনিবেশবোৰৰ কবলত থকা জাতীয়তাবাদী নেতা সকলে নিজ নিজ দেশৰ স্বাধীনতাৰ বাবে চলোৱা কঠোৰ সংগ্ৰামৰ ফলতে গোষ্ঠীনিৰপেক্ষ আন্দোলনে গা কৰি উঠে। তেওঁলোকে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দৰে পৰিষদ গঠন কৰি আন্তৰ্জাতিক আৰু আভ্যন্তৰীণ শান্তি শৃংখলা বজাই ৰখা আৰু নিৰাপত্তা ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আলোচনা বিলোচনা চলায়।

(ঘ) স্বাধীনত ৰাষ্ট্ৰবোৰে আৰ্থিক উন্নয়নৰ বাবে আৰু অৰ্থনৈতিক অনগ্ৰসৰতা ৰোধ কৰিব বাবে চলোৱা প্ৰচেষ্টাৰ ফলতো গোষ্ঠী নিৰপেক্ষবাদে গা কৰি উঠে।

(ঙ) ৰাষ্ট্ৰসংঘৰ সদস্যসকলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত মত বিনিময়ৰ সুবিধা পোৱাৰ ফলত সেই ৰাষ্ট্ৰবোৰৰ মাজত পাৰস্পৰিক আদান–প্ৰদানৰ সুবিধা হয়। ইয়াৰ ফলতো গোষ্ঠীনিৰপেক্ষ আন্দোলনে গা কৰি উঠে।

(চ) বিভিন্ন ঔপনিৱেশিক ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে কেৱল নেতাসকলৰ সহযোগত জনসাধাৰণে কঠোৰ সংগ্ৰাম কৰি দেশক স্বাধীন কৰে আৰু পুনৰ যাতে সাম্রাজ্যবাদীৰ কবলত নপৰে তাৰ প্ৰতি সদাসচেতন থাকে। ফলত গোষ্ঠী নিৰপেক্ষ আন্দোলনে গা কৰি উঠে।

৩৮। সামূহিক কিন্তু পৃথক দায়বদ্ধতা বুলিলে কি বুজা?

উত্তৰঃ উত্তৰৰ উন্নত ৰাষ্ট্ৰসমূহে পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ এনে ৰাষ্ট্ৰসমূহৰ বৰ্তমান অৱস্থিতিৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিব বিচাৰে আৰু পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ৰোধৰ ক্ষেত্ৰত সকলো ৰাজ্যকে সমভাবে দায়বদ্ধ থকাটো বিচাৰে। আনহাতে দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহে ভাবে যে সমগ্ৰ বিশ্বতে পাৰিপাৰ্শ্বিকতাৰ যি অৱক্ষয় ঘটিছে তাৰ বাবে বহুলাংশে উন্নত ৰাষ্ট্ৰসমূহে সৃষ্টি কৰা উদ্যোগীকৰণ জগৰীয়া। যিহেতু উন্নত ৰাষ্ট্ৰসমূহ পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে বেছি জগৰীয়া সেয়েহে তেওঁলোকে এতিয়া পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণৰ বাবে বেছি মূল্য দিব লাগিব। ইয়াৰোপৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে এতিয়াহে উদ্যোগীকৰণ আৰম্ভ কৰিছে। গতিকে উন্নত ৰাষ্ট্ৰসমূহত প্রযোজ্য হোৱা বাধা–নিষেধসমূহ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰতো সমভাবে প্রযোজ্য হোৱাটো উচিত নহয়। এনেদৰে পৰিৱেশ সংক্রান্তীয় আন্তঃৰাষ্ট্ৰীয় নীতি, আইন আদিৰ সৃষ্টি, ব্যাখ্যা আৰু প্ৰয়োগৰ ক্ষেত্ৰত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিশেষ প্রয়োজনীয়তাসমূহ মনত ৰখা উচিত। এই যুক্তিটো ১৯৯২ চনৰ ৰিঅ’ শীৰ্ষ সন্মিলনত গৃহীত হোৱা ৰিঅ’ ঘোষণা পত্ৰত মানি লোৱা হৈছিল। এই নীতিটোক সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা বুলি জনা যায়।

ৰিঅ’ ঘোষণা পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে “পৃথিৱীক পৰিস্থিতিতন্ত্ৰৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্ব অংশীদায়িত্বৰ ভাৱনা উদ্বুদ্ধ হৈ সহযোগিতা কৰা উচিত। বিশ্বৰ পাৰিপার্শ্বিকতা নষ্ট কৰাৰ ক্ষেত্ৰত পৃথক অংশীদায়িত্ব থকাৰ হেতুকে পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা থাকিব। উন্নত ৰাষ্ট্ৰসমূহে এই দায়িত্ব স্বীকাৰ কৰিছে যে তেওঁলোকৰ সমাজসমূহে উপভোগ কৰি অহা আৰ্থিক আৰু প্রযুক্তিগত সম্পদৰাজিয়ে বিশ্বৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত পেলোৱা কু–প্ৰভাৱৰ কথা মনত ৰাখি তেওঁলোকেও বহনক্ষম উন্নয়ন নীতি অনুসৰণ কৰিব। ১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সংক্রান্তীয় কার্টাম চুক্তি পত্ৰয়ো এইটো ঘোষণা কৰিছে যে বিশ্বৰ সমূহ ৰাষ্ট্ৰই সমতা তথা সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা আৰু নিজৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি বিশ্বৰ জলবায়ুৰ সুৰক্ষাৰ বাবে সচেষ্ট হোৱা উচিত। এই চুক্তিপত্ৰৰ স্বাক্ষৰকাৰীসকলে এইটো স্বীকৃত কৰিছিল যে বায়ুমণ্ডলত সৃষ্টি হোৱা গ্ৰীণহাউছ গেছৰ অধিকাংশই অতীতটো আৰু বৰ্তমানে উন্নত ৰাষ্ট্ৰসমূহৰ সৃষ্টি। এইটো কথাও স্বীকাৰ কৰা হৈছিল যে বর্তমানেও উন্নয়নশীল ৰাষ্ট্ৰসমূহে জনমূৰি নিৰ্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নিৰ্গমনৰ তুলনাত যথেষ্ট কম। সেয়েহে চীন, ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহক কীয়টো আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছিল। কীয়টো আচৰণবিধি হ’ল এক আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ যি উন্নত উদ্যোগীক ৰাষ্ট্ৰসমূহে নির্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। কাৰ্বন–ডাই–অক্সাইড, মিথেন, হাইড্ৰফ্লুৰ কাৰ্বনৰ দৰে গেছসমূহক বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে এই গ্ৰহটোৰ প্ৰতিয়েই চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱর্তন সংক্রান্তীয় কাঠাম চুক্তিপত্ৰ অনুসৰি জাপানৰ কীয়টো ১৯৯৭ চনত এই আচৰণ বিধিখন গ্ৰহণ কৰা হৈছিল।

৩৯। গোলকীয় প্ৰতিৰোধৰ বিষয়ে সমালোচনামূলক ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ গোলকীয় প্ৰতিবোধ বর্তমান সময়ত প্ৰচলিত এটি অতি বহুলভাৱে প্রচলিত অৱধাৰণা। অর্থগত দিশৰ পৰা চালে ই গোলকীকৰণ বা বিশ্বায়নৰ প্ৰতিৰোধ কৰা বুজায়। অর্থাৎ সচাঁ অৰ্থত ক’বলৈ গ’লে গোলকীয় প্ৰতিৰোধ হৈছে গোলকীকৰণৰ বিৰুদ্ধে ব্যৱহৃত এক ধাৰণা। গোলকীকৰণ হৈছে, নব্য উদাৰতাবাদৰ এক পৰিণতি। গোলকীকৰণে মূলতঃ ৰাজ্য বা দেশৰ পৰিসৰ বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই সৃষ্টি হৈছিল। ইয়াৰ জৰিয়তে বিশ্বৰ সামগ্ৰী, উৎপাদিত দ্রব্য, চাকবি, সেৱা, মূলধন, শ্রম আৰু জনসাধাৰণৰ মাজত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ঐক্য স্থাপন হোৱাটোৱেই হ’ল মূল উদ্দেশ্য। প্ৰকৃতাৰ্থত, দেশসমূহে অর্থনৈতিক উন্নতিৰ বাবেই ইয়াৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব দিয়ে। গোলকীকৰণক গ্ৰহণ কৰাৰ মুখ্য উদ্দেশ্য এয়ে আছিল যে, অর্থনৈতিক উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ জীৱন নিৰ্বাহ উন্নত হ’ব। কিন্তু এই উন্নয়নৰ চাবি কাঠী প্রভাৱশালী অনুষ্ঠান প্রতিষ্ঠান, ব্যক্তিগত খণ্ড, প্রভাৱশালী নেতাৰ প্ৰভাৱতহে থকা দেখা গ’ল। যদিওবা গোলকীকৰণৰ ফলত সর্বোন্নয়নৰ আশা কৰা হৈছিল কিন্তু বাস্তৱত ইয়াৰ সম্পূর্ণ ওলোটা প্রতিচ্ছৱিহে পৰিলক্ষিত হয়। অৰ্থাৎ ইয়াৰ সঞ্চাৰাত্মক দিশৰ পৰিৱৰ্তে ভালেমান ক্ষেত্ৰত নঞাৰ্থক দিশৰ উমান পোৱা গ’ল। উন্নয়নৰ মুখ্য দিশবিলাক যেনে খাদ্য, পানী, আশ্রয়স্থল ইত্যাদিত কোনো বিশেষ উন্নয়ন পৰিলক্ষিত ন’হল। তাৰ পৰিৱর্তে পুঁজিবাদৰ এক নব্য ৰূপৰ উত্থান দেখা গ’ল। সেয়েহে বিভিন্ন বেচৰকাৰী সংস্থা, সমূহ ইত্যাদিৰ দ্বাৰা ইয়াৰ প্রতিবাদ সৃষ্টি হ’ল যাক অন্য অৰ্থত গোলকীয় প্ৰতিৰোধ বুলি জনা যায়। অর্থাৎ গোলকীয় প্ৰতিৰোধৰ উদ্ভৱ হৈছিল গোলকীকৰণ আৰু পুঁজিবাদৰ নঞাৰ্থক প্ৰভাৱৰ বিৰুদ্ধে। এই প্ৰতিৰোধক এইবাবে গোলকীয় কোৱা হ’ব যে ইয়াৰ প্ৰতিবাদ বা প্ৰতিৰোধসমূহ কোনো নির্দিষ্ট দেশত সীমাবদ্ধ নাথাকি সকলো দেশতে এক সমূহীয়া সমস্যা ৰূপে প্ৰতিবাদৰ আৰম্ভ হৈছিল। অৱশ্য 1990 চনৰ শেষভাগৰ পৰাহে গোলকীয় প্ৰতিৰোধৰ জনপ্ৰিয়ভাৱে বহিঃপ্রকাশ ঘটে।

1990 দশকৰ পৰাই নব্য উদাৰতাবাদী গোলকীকৰণৰ ফলাফল সমূহৰ এক অসামঞ্জস্যতা দেখা গৈছিল। কিয়নো গোলকীকৰণৰ নামত চৰকাৰসমূহে গ্ৰহণ কৰা নীতিবোৰ যিবোৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ ওপৰত উন্নয়নৰ দায়িত্ব দিছিল, যিবোৰে কেৱল ব্যক্তিগত লাভালাভ আৰু পুঁজিবাদৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ ফলত বিভিন্ন ঠাইত বিভিন্ন কাৰণত প্ৰতিবাদৰ সৃষ্টি হয় আৰু বিশ্বব্যাপী মনোনীত হয়। এই প্রতিবাদ বা প্রতিৰোধসমূহ বিভিন্ন বেচকাৰী সংস্থা, গোলকীয় নাগৰিক সংস্থা আৰু গোলকীয় সামাজিক আন্দোলন জৰিয়তে প্ৰকাশ হৈছিল।

উদাহৰণস্বৰূপে মেক্সিকোত 1994 চনত হোৱা জাপাটিষ্ঠা আন্দোলনৰ কথা ক’ব পাৰি। জাপাটিষ্ঠী আন্দোলনৰ মূলতঃ আছিল মেক্সিকো প্রশাসনে গ্ৰহণ কৰা NAFTA চুক্তি। ইয়াৰ দ্বাৰা গোলকীকৰণৰ লগত খোজ মিলোৱাৰ অর্থে দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে মেক্সিকো প্রশাসনে NAFTA গ্রহণ কৰি আমেৰিকা আৰু কানাডাৰ সৈতে আন্তঃসংযোগী মুক্ত ব্যৱসায়ৰ চুক্তি কৰিছিল। চুক্তিৰ এক অংশ অনুসৰি মেক্সিকোৰ থলুৱা ভূমি ব্যক্তিগত খণ্ডই ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিব। কিন্তু এই চুক্তিয়ে থলুৱা লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰতি ভয়ৰ সৃষ্টি কৰিছিল কাৰণ এই ভূমি ব্যৱহাৰে ব্যক্তিগত খণ্ডকহে লাভান্বিত কৰিব আৰু ক্ৰমান্বয়ে থলুৱা লোকসকলৰ স্বাধীনতা খর্ব হ’ব। সেয়েহে, জাপাটিষ্টাসকলে নব্য উদাৰতাবাদ আৰু বিশ্বায়নৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। গোলকীয় প্ৰতিৰোধৰ এইটো আছিল এটা অন্যতম আৰম্ভণি। গোলকীয় প্ৰতিৰোধৰ অন্য এক নিদর্শন হৈছে, চিঅটল প্ৰতিবাদ। 1999 চনত চিত্রটলত বিশ্ব স্বাস্থ্য সংস্থাৰ এক মন্ত্রীসভাত অর্থনৈতিকভাৱে শক্তিশালী ৰাজ্যৰ অন্যায়মূলক ব্যবসায়িক প্ৰক্ৰিয়াৰ বিৰুদ্ধে ব্যাপক প্রতিবাদী কাৰ্যসূচী হৈছিল। এই প্ৰতিবাদৰ মুখ্য কাৰণ আছিল যে, গোলকীকৰণ আৰু নব্য উদাৰতাবাদৰ জৰিয়তে আৰম্ভ হোৱা ব্যৱসায়ৰ দ্বাৰা বিকাশমূলক গোলকীয় ব্যৱস্থাত উন্নয়নশীল দেশসমূহক গুৰুত্ব দিয়া হোৱা নাছিল।

গোলকীয় প্ৰতিৰোধৰ উদ্দেশ্যৰ বহুত্বতাৰ যোগেদি ইয়াৰ পৰিচয়ৰ প্ৰকাশ ঘটে। নব্য উদাৰতাবাদৰ আৰু গোলকীকৰণৰ লাভসমূহ কেৱল পুঁজিপতিৰ হাততেই সীমাবদ্ধ হৈ থাকিল। সেয়েহে, বিভিন্ন ৰাজনৈতিক পণ্ডিতে ৰাষ্ট্ৰক আকৌ আগৰ অৱস্থালৈ (ৰাষ্ট্ৰৰ হাতত সকলো ক্ষমতা) ঘূৰাই অনাৰ সমৰ্থন কৰে। কিয়নো নব্য উদাৰতাবাদৰ নীতিসমূহৰ দ্বাৰা অধিক ক্ষেত্ৰতে অন্যায়হে দেখা যায়। সেয়েহে, নব্য উদাৰতাবাদৰ নামত চলা পুঁজিবাদৰ দৌৰাত্ম্যৰ বিৰুদ্ধে বিভিন্ন গোলকীয় সামাজিক আন্দোলনৰ আৰম্ভ হ’ল। এই আন্দোলনসমূহক আগুৱাই লৈ যায় বিভিন্ন বেচৰকাৰী সংস্থা বা সমূহে।

৪০। গোলকীয় সামাজিক আন্দোলন বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ গোলকীয় সামাজিক আন্দোলন ব্যক্তি, সমূহ আৰু সংগঠনৰ এক মুক্ত নেটৱৰ্ক যিটো দেশীয় সীমা অতিক্রমি গোটেই বিশ্বতে এক সমূহীয়া কাৰ্যসূচীৰ বাবে কাম কৰে। ইয়াৰ দ্বাৰা সামাজিক আন্দোলনে এক অনন্য পৰিচয়ৰ সৃষ্টি কৰে বা গঢ়ি তোলে আৰু ইয়াৰ দ্বাৰা গোলকীয় প্ৰশাসনৰ এক প্ৰভাৱশালী অংশ হৈ পৰে। গোলকীয় সামাজিক আন্দোলন হৈছে এক প্ৰকাৰৰ সামাজিক আন্দোলন যিয়ে সময় আৰু বিশেষ ঠাইৰ পৰা মুক্ত। এই আন্দোলনে আন্তঃৰাজ্যিক সম্পর্ক বা বান্ধোনৰ বহু ওপৰত অৰ্থাৎ দেশৰ সীমা অতিক্ৰমি প্ৰসাৰতা লাভ কৰে। সেয়েহে, ই গোলকীয় সামাজিক আন্দোলন হৈ পৰে। অৰ্থাৎ গোলকীয় সামাজিক আন্দোলন হৈছে সেইবিলাক আন্দোলন যিবোৰ আন্তঃৰাষ্ট্ৰীয়, স্থানীয়, ৰাষ্ট্ৰীয় ক্ষেত্ৰত কাৰ্যকৰী হয়।

গোলকীয় সামাজিক আন্দোলন হৈছে, এক আন্দোলন যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোলকীয় সমাজৰ হিতৰ বাবে সামাজিক পৰিৱৰ্তনৰ পোষকতা কৰে। আন্তঃৰাষ্ট্ৰীয় স্তৰত আন্দোলনৰ উদ্দেশ্যয়ে গোলকীয় তাৰ বাবে প্ৰতিবাদ। প্ৰচাৰ অভিযান আৰু অন্য ধৰণৰ কাৰ্য কৰে যিবোৰে এখনতকৈ অধিক ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংগঠনক লক্ষ্য হিচাপে লয়। কিয়নো আন্তঃৰাষ্ট্ৰীয় নীতি–নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংগঠন ইত্যাদিবোৰে বিশেষ ভূমিকা পালন কৰে।

গোলকীয় সামাজিক আন্দোলনসমূহ গোলকীয় সামাজিক ন্যায়ৰ সৈতেও জড়িত। অর্থাৎ নব্য উদাৰতাবাদে বিশ্বায়নৰ নামত এক শোষণ আৰু কৰ্তৃত্বশালী শাসনৰ সূচনা কৰিছে। যাৰ ফলত উন্নত দেশবোৰ উন্নত হৈছে আছে আৰু অনুন্নয়ন দেশবোৰত শোষণ কৰি আছে। গোলকীয় সামাজিক আন্দোলনে নব্য উদাৰতাবাদৰ শোষণকাৰী নীতিসমূহ প্ৰত্যাহাৰৰ দাবী জনাই সর্বব্যাপী প্রতিবাদ কৰি আহিছে।

গোলকীয় সামাজিক আন্দোলনৰ বৈশিষ্ট্যঃ 

গোলকীয় সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ—

(ক) যিহেতু, ই এক গোলকীয়ভাৱে হোৱা সামাজিক আন্দোলন, সেয়েহে এই আন্দোলনৰ পোষকসমূহৰ মাজত এক শিথিল বান্ধোন থাকে। কিয়নো ই দেশীয় সীমা অতিক্ৰম কৰি যায়। এই আন্দোলনসমূহৰ সম্পৰ্ক শিথিল হোৱা বাবে সময়ানুসাৰে ইয়াৰ চানেকি বাৰ্তা আৰু সমষ্টি ইত্যাদি অতি ক্ষীপ্ৰ ৰূপত সলনি হৈ থাকে।

(খ) এই আন্দোলনসমূহ পর্যায়ক্রমে বিয়পি আৰু বিস্তাৰিত হৈ গৈ থাকে সেয়েহে ইয়াৰ উদ্দেশ্য, অৱধাৰণা ইত্যাদি সলনি হৈ গৈ থাকে, যাৰ ফলত এইবোৰৰ কেতিয়াবা অস্পষ্ট আৰু পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা থাকে।

(গ) গোলকীয় সামাজিক আন্দোলনে কিছুমান এনেকুৱা ধাৰণা সন্মুখলৈ আগবঢ়াই আনে যিবোৰ গোলকীয় বিশ্বত অতি কম গুৰুত্ব লাভ কৰে। যেনে— সামাজিক ন্যায়, গণতন্ত্রব

অৱস্খলন, শাস্তিৰ প্ৰতিবন্ধকতা, অসমতা, অংশগ্ৰহণৰ সীমাবদ্ধতা, জৈৱিক অবক্ষয়, ক্ষমতাৰ অসমতা ইত্যাদি।

(ঘ) গোলকীয় সামাজিক আন্দোলনে গোলকীকৰণৰ ফলত সৃষ্টি হোৱা ৰাষ্ট্ৰৰ ক্ষমতা হ্রাস কৰা, ব্যক্তিগত খণ্ডত অত্যাধিক ক্ষমতা প্ৰদান কৰা, জলবায়ুৰ প্ৰতি ভাবুকি সৃষ্টি কৰা, মুক্ত ব্যৱসায়, ৰাজসাহায্য হ্রাস কৰা ইত্যাদি নীতিৰ বিৰোধীতা কৰে। তাৰ পৰিৱর্তেই নব্য উদাৰতাবাদ আৰু বিশ্বায়নৰ অন্য নীতিৰ পোষকতা কৰে যিবোৰ তৃণমূল অঞ্চলৰ পৰাই উন্নয়ন লাভ কৰে বা কৰাত সহায় কৰে।

(ঙ) গোলকীয় সামাজিক আন্দোলনক আন কিছুমান নামেৰেও জানা যায়। উদাহৰণস্বৰূপে— গোলকীয় ন্যায় আন্দোলন, গোলকীয় গণতান্ত্রিক আন্দোলন, বিকল্প গোলকীকৰণ আন্দোলন, সমালোচনাত্মক গোলকীকৰণ আন্দোলন, গোলকীয় সামাজিক ন্যায় আৰু গণতান্ত্রিক আন্দোলন ইত্যাদি।

(চ) গোলকীয় সামাজিক আন্দোলনৰ যোগেদি বিভিন্ন আন্দোলনকাৰী দল তথা সমাজসেৱীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কৌশলেৰে নব্য উদাৰতাবাদৰ আৰু গোলকীকৰণৰ অমানৱীয় নীতি সমূহৰ বিৰুদ্ধে প্রতিবাদ কৰে।

(ছ) গোলকীয় সামাজিক আন্দোলনৰ আন এক বৈশিষ্ট্য হৈছে— ইণ্টাৰনেট সেৱা আৰু চ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ কৰা। ইয়াৰ যোগেদি কৰ্তৃত্বশালী

নব্যউদাৰতাবাদৰ বিৰোধীতা কৰাৰ উপৰিও, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলো দেশৰ সমান অংশগ্রহণ (নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত) সকলো দেশকে সামৰি লোৱাৰ পোষকতা কৰে।

(জ) গোলকীয় সামাজিক আন্দোলনক উত্তৰ আধুনিকতাবাদৰ ফল হিচাপে গণ্য কৰা হয়। ইয়াৰোপৰি এই আন্দোলনে গোলকীয় নাগৰিক সমাজৰ এইকাৰণে পোষকতা কৰে যে, এই সমাজে ৰাষ্ট্ৰতকৈ অধিক ভাল পথেৰে জনসাধাৰণক আগুৱাই লৈ যাব বুলি বিশ্বাস কৰে। কেইটামান গোলকীয় সামাজিক আন্দোলনৰ উদাহৰণঃ

(a) কিছুমান জনপ্রিয় সংগঠন যিবোৰে গোলকীয় সামাজিক আন্দোলনৰ প্ৰতিনিধিত্ব কৰে—

(i) মেক্সিকোৰ ‘জাপাটিষ্টা’।

(ii) জেনেভাত প্রতিষ্ঠা কৰা ‘পিপলচ্‌ গ্লোবেল একচন’।

(iii) বিশ্ব সামাজিক মঞ্চ।

(iv) ইংলেণ্ডত গঢ়ি উঠা ‘গোলকীয় প্রতিবোধ’ ইত্যাদি।

(b) নব্যউদাৰতাবাদী বিশ্বায়নৰ বিৰুদ্ধে সংঘটিত হোৱা কেইটামান উল্লেখযোগ্য প্রতিবাদ যেনে—

(i) চিঅটলৰ প্ৰতিবাদ, আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ii) প্ৰেগুত্ৰত হোৱা আন্তঃৰাষ্ট্ৰীয় মুদ্রাকোষ আৰু বিশ্ব বাণিজ্য সংস্থাৰ সন্মিলন (2000) ৰ সময়ত পোৱা পুঁজিবাদ বিৰোধী আন্দোলন।

(iii) 2001 জুলাইত জেনেভাত হোৱা G8 সন্মিলনৰ সময়ত হোৱা ব্যাপক প্রতিবাদ।

(iv) গোথেন বাৰ্গত হোৱা ইউৰোপীয়ান ইউনিয়নৰ সন্মিলন (2001) ৰ সময়ত হোৱা ব্যাপক প্রতিবাদ।

(v) 2002 ত হোৱা প্ৰথম ইউৰোপীয়ান সামাজিক মঞ্চ।

(vi) গ্রেটা থানবাৰ্গৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন প্রতিবাদ ইত্যাদি।

সামৰণিত ক’ব পাৰি যে, গোলকীয় সামাজিক আন্দোলন হৈছে এক শিথিল নেটৱৰ্ক যিয়ে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত সামাজিক পৰিৱৰ্তনৰ সূচনা কৰে। ই নব্য উদাৰতাবাদী গোলকীকৰণৰ নকাৰাত্মক দিশবোৰৰ বিৰোধীতা কৰাৰ লগতে ৰাষ্ট্ৰৰ ক্ষমতাৰ ওপৰত সম্পূর্ণ গুৰুত্ব আৰোপ কৰে। গোলকীয় নাগৰিক সমাজে গোলকীয় সামাজিক আন্দোলনৰ দ্বাৰা ইয়াৰ উদ্দেশ্য পূৰণ কৰে য’ত সামাজিক আন্দোলনে সাংগঠনিক ভেঁটি হিচাপে বেচৰকাৰী সংস্থাৰ ব্যৱহাৰ কৰে। বর্তমান সময়ত গোলকীকৰণৰ আগ্ৰাসন ৰোধ কৰাৰ ক্ষেত্ৰত গোলকীয় সামাজিক আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তথাপি ইয়াৰ জনপ্ৰিয়তা তৃণমূল পৰ্যায়লৈ বিয়পি পৰাৰ ক্ষেত্ৰত বহু দূৰ বাকী আছে।

৪১। বেচৰকাৰী সংস্থা হিচাপে গোলকীয় সামাজিক আন্দোলনত বিশ্ব সামাজিক মঞ্চৰ ভূমিকা লিখা।

উত্তৰঃ বিশ্বায়নৰ পৃথিৱীত গোলকীয় সামাজিক আন্দোলনৰ অংশ হিচাপে এক অনন্য ভূমিকা পালন কৰা এক অন্যতম বেচৰকাৰী সংস্থা হৈছে— বিশ্ব সামাজিক মঞ্চ। বিশ্ব সামাজিক মঞ্চই গোলকীকৰণৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিশ্ব সামাজিক মঞ্চ হৈছে এখন গোলকীয় মঞ্চ, যিয়ে মানৱ অধিকাৰ সুৰক্ষা কৰ্মী, পৰিৱেশবিদ আৰু নাৰী / মহিলা সুৰক্ষা কৰ্মীক একত্ৰিক হোৱাৰ সুযোগ দিয়ে।

বিশ্ব সামাজিক মঞ্চ আৰম্ভণিঃ বিশ্ব সামাজিক মঞ্চ হৈছে কেইবাটাও বছৰ জুৰি গোলকীকৰণৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ ফলাফল। 1999 চনত ৱাছিংটনৰ চিঅটলত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীবৰ্গীয় আলোচনা হৈ থকা সময়তে বিশ্ব বাণিজ্য সংস্থাৰ বিৰুদ্ধে এক প্ৰতিবাদৰ সূচনা হয়। এই প্ৰতিবাদৰ গুৰি ধৰিছিল বিভিন্ন সামাজিক কৰ্মী আৰু সমূহে। এই প্ৰতিবাদৰ মূল কাৰন আছিল যে, নব্য উদাৰতাবাদী বিশ্বায়নৰ নামত বিশ্ব বাণিজ্য সংস্থাই এক অন্যায়মূল ব্যৱসায়িক প্রক্রিয়া চলাই আছে যাৰ দ্বাৰা উন্নয়নৰ লভ্যাংশ কেৱল উন্নত দেশসমূহৰ মাজতে সীমাবদ্ধ হৈ আছে আৰু অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ কোনো লাভ হোৱা নাই। ইয়াৰ দ্বাৰা অৰ্থনৈতিকভাৱে উন্নত দেশসমূহে ব্যৱসায়ৰ নামত অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ ওপৰত শোষণ চলাই আহিছে। এইটো আছিল বিশ্ব বাণিজ্য সংস্থাৰ বিৰুদ্ধে কৰা প্ৰথমটো সমূহৰ প্ৰতিবাদ।

এই প্রতিবাদক অনুসৰণ কৰিয়েই পৰৱৰ্তী সময়ত আন তিনিখন / তিনিটা প্ৰতিবাদ কাৰ্যসূচী সংঘটিত হয় ক্রমে ৱাছিংটন ডিচি (2000), প্রাগুত্র (2000) ত আৰু জেনোৱা (2001) ত। কিন্তু এই প্রতিবাদী কাৰ্যসূচীসমূহৰ দ্বাৰা কোনো বিশেষ ফলাফল দেখা নগ’ল। ফলস্বৰূপে, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা সদস্যসমূহ যেনে— শ্রমিক, যুব আৰু নাৰী সুৰক্ষা কৰ্মী আন্দোলনকাৰী, পৰিৱেশবিদ আৰু মানৱ অধিকাৰ কৰ্মী সকলে মতামত প্ৰকাশ কৰি একেলগ হৈ এটা সক্ৰিয় আৰু শক্তিশালী সংগঠনৰ জন্ম দিয়ে। যাক বিশ্ব সামাজিক মঞ্চ হিচাপে জনা যায়। 2001 চনৰ জানুৱাৰী মাহত ব্ৰাজিলৰ পৰ্ট এলেগ্ৰেত বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ শ্ল’গান আছিল ‘অন্য এক পৃথিৱীৰ সম্ভাৱনা আছে’ (Another World is Possible) অর্থাৎ ই নব্য উদাৰতাবাদৰ বিৰোধীতা কৰি বিকল্প আদৰ্শৰ পোষকতা কৰে। বিশ্ব সামাজিক মঞ্চৰ মতে ৰাষ্ট্ৰসমূহে নব্য উদাৰতাবাদৰ বিকল্পৰ আদৰণি জনাব লাগে।

2004 চনত ভাৰতত বিশ্ব সামাজিক সংস্থাৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয়। কিন্তু 2006 চনৰ পৰা বিশ্ব সামাজিক সংস্থাই একেলগে বিভিন্ন দেশত বৈঠক অনুষ্ঠিত কৰে যাতে ইয়াৰ সদস্যৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে জনসাধাৰণক ভালদৰে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰোপৰি বিভিন্ন দেশত ই সহায়কাৰী মঞ্চও স্থাপন কৰে। যেনে— ভাৰতীয় সামাজিক মঞ্চ।

বিশ্ব সামাজিক মঞ্চক গোলকীয় নাগৰিক সমাজৰ এক স্বচ্ছ / দৃশ্যমান প্ৰকাশ বুলি ক’ব পাৰি। বিশ্ব সামাজিক মঞ্চই আন্তঃৰাষ্ট্ৰীয় সংহতিৰ বাবে বেচৰকাৰী সংগঠন, প্রতিবাদ সাব্যস্ত আৰু আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সামাজিক আন্দোলনৰ পোষকতা কৰে। বিশ্ব সামাজিক মঞ্চই নিজকে এক মুক্ত মঞ্চ হিচাপে আগবঢ়ায় যিয়ে বিকেন্দ্ৰীকৰণ বিতৰ্ক, প্রস্তাৱ সৃষ্টি, অভিজ্ঞতা সালসলনি আৰু আন্দোলনসমূহৰ মাজত ঐক্য স্থাপন কৰিবলৈ উৎসাহিত কৰে। ই হৈছে এটা নব্য উদাৰতাবাদৰ বিৰুদ্ধে গঢ়ি উঠা বিকল্প প্রক্রিয়া বা মঞ্চ।

গোলকীয় সামাজিক আন্দোলনত বিশ্ব সামাজিক মঞ্চৰ ভূমিকাঃ

(ক) বিশ্ব সামাজিক মঞ্চই নব্য উদাৰতাবাদৰ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ বিৰোধীতা কৰে। ইয়াৰ পৰিৱৰ্তে ই স্থানীয়, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সমূহ, বেচৰকাৰী সংস্থা ইত্যাদিক আলোচিত সমস্যাসমূহ চিনাক্ত কৰাত সহায় কৰে আৰু ইয়াৰ সমাধানৰ বাবে গোলকীকৰণৰ বিকল্প পথৰ অনুসন্ধান কৰাৰ পৰামৰ্শ আগবঢ়ায়।

(খ) আলোচিত সমস্যাসমূহ বিয়পাই বিশ্ব সামাজিক মঞ্চই সহায় কৰে যাতে, গোলকীকৰণে সৃষ্টি কৰা সমস্যাসমূহ গোটেই বিশ্ববাসীৰ পৰিলক্ষিত হয়।

(গ) বিশ্ব সামাজিক মঞ্চ‍ই বিশ্ব নাগৰিক সমাজৰ হৈ প্ৰতিনিধিত্ব কৰে।

অৱশ্যে, বিশ্ব সামাজিক মঞ্চই গোলকীকৰণ আৰু নব্য উদাৰতাবাদৰ বিৰুদ্ধে কৰা বিৰোধীতাক বহুতে অর্থহীন বুলি ক’ব খোজে। কিয়নো সকলো ৰাষ্ট্ৰই নব্য উদাৰতাবাদ গ্ৰহণ কৰি যিকোনো উপায়ে আর্থিকভাৱে উন্নতি কৰিব বিচাৰে। সেয়েহে, বিশ্ব সামাজিক মঞ্চৰ মতানুসাৰে গোলকীকৰণক নস্যাৎ কৰাটো অতি কঠিন।

ৰাজনৈতিক চিন্তাবিদ ‘কোহলেৰ’ৰ মতে, “বিশ্ব সামাজিক মঞ্চৰ এক শক্তিশালী শ্ল’গান আছে কিন্তু প্রকৃতাৰ্থত বিশ্বত ই বিশেষ প্রভাৱ পেলাব পৰা নাই।”

কিন্তু এইটোও সত্য যে, বিশ্ব সামাজিক মঞ্চই গোলকীয় নাগৰিক সমাজ তথা বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ দ্বাৰাই গোলকীকৰণ আৰু নব্য উদাৰতাবাদে আওকাণ কৰা সমস্যাসমূহ উত্থাপিত হয়।

৪২। গোলকীয় সামাজিক আন্দোলনৰ অংশ হিচাপে এমনেষ্টি ইন্টাৰনেচনেলৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ যিটো সময়ত নব্য উদাৰতাবাদৰ প্ৰসাৰতাই গোটেই বিশ্বতে প্ৰসাৰ লাভ কৰিছে ঠিক সেইটো সময়তেই নব্য উদাৰতাবাদে কেৱল আর্থিক উন্নয়ন, প্রযুক্তি বিদ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন স্পর্শকাতৰ বিষয় যেনে— মানৱ অধিকাৰ, মহিলা সৱলীকৰণ, খাদ্য, পৰিপুষ্টি যোগান, ন্যায় প্রদান, শোষণৰ অন্ত ইত্যাদি বিষয়ৰ প্ৰতি আওকাণ কৰা দেখা গৈছে। ক্ষমতা আৰু লাভালাভৰ দৌৰাত্মাও এনে বিষয়সমূহ প্ৰায়ে অৱহেলিত হৈ ৰয়। এমনেষ্টি ইণ্টাৰনেচনেল হৈছে এনেকুৱা এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা যিয়ে মানৱ অধিকাৰৰ হ’কে কাম কৰে।

এমনেষ্টি ইন্টাৰনেচনেলৰ জন্ম আৰু গঠনঃ এমনেষ্টি ইন্টাৰনেচনেল গঠন কৰা হৈছিল 1961 চনৰ জুলাই মাহত, লণ্ডনত। এমনেষ্টি ইন্টাৰনেচনেলে মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলোৱাৰ লগতে আন্তর্জাতিক আইন আৰু মানদণ্ড সুচাৰুৰূপে পালন কৰাত অৰিহণা যোগায়। ই মানৱ অধিকাৰ উলংঘন হোৱা ঘটনাস্থলীৰ পৰা জনসাধাৰণৰ মতামত কার্যকৰী কৰে যাতে এইবোৰে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। এমনেষ্টি ইণ্টাৰনেচনেল মূলতঃ স্বেচ্ছাসেৱক সদস্যৰ দ্বাৰা গঠিত। দেশসমূহৰ ক্ষেত্ৰত প্ৰত্যেকখন দেশতেই ইয়াৰ একো একোটা শাখা আছে। এই সংগঠনটো চেক্ৰেটাৰী জেনেৰেলৰ দ্বাৰা পৰিচালিত হয়।

এমনেষ্টি ইন্টাৰনেচনেলৰ আৱৰণ পৰিসৰঃ এমনেষ্টি ইন্টাৰনেচনেলে নিজৰ পৰিসৰৰ ভিতৰত নিম্নলিখিত ধাৰণাসমূহ / সমস্যাসমূহ অন্তর্ভুক্ত কৰে—

(ক) মহিলা, ল’ৰা–ছোৱালী / শিশু, সংখ্যালঘু আৰু থলুৱালোকৰ অধিকাৰ।

(খ) শোষণৰ অন্ত।

(গ) মৃত্যুদণ্ডৰ অৱসান।

(ঘ) প্ৰব্ৰজনকাৰীৰ অধিকাৰ।

(ঙ) কয়দীসকলৰ বিবেচনাপূৰ্ণ অধিকাৰ।

(চ) মানৱীয় মর্যাদা ৰক্ষা কৰা ইত্যাদি।

এমনেষ্টি ইন্টাৰনেচনেলে চৰকাৰৰ দ্বাৰা, সশস্ত্ৰ ৰাজনৈতিক সমূহ, ব্যক্তিগত খণ্ড ইত্যাদিয়ে কৰা মানৱ অধিকাৰ উলংঘনৰ বিষয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।

এমনেষ্টি ইন্টাৰনচনেলে কৰা কাৰ্যবোৰ হ’ল—

(ক) সশস্ত্র সংঘাতঃ বর্তমান সময়ত ব্যাপক হাৰত সশস্ত্র সংঘাত সংঘটিত হৈ থকা দেখা যায়। এনে সংঘাতৰ ফলত ভালেসংখ্যক নাগৰিকে অত্যাচাৰ, হত্যা, লুণ্ঠন আদিৰ সন্মুখীন হয়। এমনেষ্টি ইন্টাৰনেশ্যনেলে এনেবোৰ সংঘাতৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ লগতে এনে সংঘাত অমানৱীয় দিশসমূহ চৰকাৰৰ ওচৰত উদঙাই তোলে।

(খ) জলবায়ু পৰিৱৰ্তনঃ নব্য উদাৰতাবাদে ব্যাপক হাৰত প্ৰযুক্তিবিদ্যাৰ উন্নয়ন আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত কৰা শোষণৰ ফলত জনসাধাৰণে বিশেষকৈ থলুৱা লোকসকলে সমস্যাত ভুগিবলগীয়া হৈছে। প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যবহাৰ আৰু প্ৰযুক্তিবিদ্যাৰ দ্রুত উন্নয়নে জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায়। ফলস্বৰূপে স্থানীয় জনসাধাৰণৰ বাবে ই ভাবুকি স্বৰূপ হৈ পৰে। এমনেষ্টি ইণ্টাৰনেচনেলে এনেবোৰ ভাবুকিৰ প্ৰতি প্ৰত্যাহ্বান জনাই জীৱনৰ অধিকাৰ, গৃহৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ ইত্যাদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(গ) বিভিন্ন নিগমঃ যদিওবা ব্যক্তিগত নিগমসমূহে বহুতো সুবিধাৰ সৃষ্টি, কৰে অধিক সময়ত এই বিলাকে সমস্যাৰো সৃষ্টি কৰি আহিছে। দুৰ্বল দেশসমূহক নিয়ন্ত্ৰণ কৰি নিগমসমূহে জনসাধাৰণৰ আৰু সম্প্ৰদায়ৰ ওপৰত ধ্বংসাত্মক প্রভাৱ পেলোৱা এটা অন্যতম উদাহৰণ। এমনেষ্টি ইন্টাৰনেচনেলে এনে ধৰণৰ নিগমসমূহক ৰোধ কৰাত আৰু মানৱ অধিকাৰ ৰক্ষাৰ পোষকতা কৰে।

(ঘ) মৃত্যুদণ্ডঃ মৃত্যুদণ্ড হৈছে এক অমানৱীয় আৰু সর্বোচ্চ নিষ্ঠুৰতা। বিভিন্ন কাৰণত ব্যক্তিক মৃত্যুদণ্ড প্রদান কৰা হয় যদিও এমনেষ্টি ইন্টাৰনেচনেলে ইয়াক মানৱ অধিকাৰৰ দিশৰ পৰা বিৰোধীতা কৰে।

(ঙ) মানৱীয় মৰ্যাদাৰ বাবে মানৱ অধিকাৰঃ বিশ্বৰ অধিকসংখ্যক মানুহ ভোক, দুর্বল আশ্রয়স্থল, খোৱা পানীৰ অসুবিধা ইত্যাদিৰ বাবে মৃত্যুৰ সন্মুখীন হ’বলগা হয়। ইয়াৰ বাবে এমনেষ্টি ইন্টাৰনেচনেলে ব্যক্তিক পর্যাপ্ত পৰিমানে সুবিধা প্ৰদান কৰে যাতে তেওঁলোকে চৰকাৰৰ ওচৰত তেওঁলোকৰ অসুবিধাৰ আৰু উন্নত জীৱন নিৰ্বাহৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে।

ইয়াৰোপৰিও ই থলুৱা লোক, বৈষমতা, মত প্ৰকাশৰ অধিকাৰ, আন্তঃৰাষ্ট্ৰীয় ন্যায়, আৰক্ষী সংঘাত, অত্যাচাৰ ইত্যাদিৰ বাবে মাত মাতে যিটো গোলকীকৰণ যুগত আওকাণ কৰা দেখা

গৈছে। এনেদৰে এমনেষ্টি ইন্টাৰনেচনেলে উপেক্ষিত হোৱা বিষয়সমূহক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ আনি বিশ্বব্যাপী সচেতনতা বৃদ্ধি কৰে।

বিভিন্ন সময়ত এমনেষ্টি ইন্টাৰনেচনেলে সমালোচনাৰ সন্মুখীন হৈ আহিছে। যেনে—

(ক) বেছিভাগ সময়তে এমনেষ্টি ইন্টাৰনেচনেলে সহায় কৰাৰ ক্ষেত্ৰত বাছনি কৰোতে পক্ষপাতী কৰে।

(খ) ই বেছিভাগ ক্ষেত্রতে বিফল হৈছে। ৰাষ্ট্ৰসমূহে এমনেষ্টি ইন্টাৰনেচনেলে দাবী কৰা তথ্য সমূহ নিৰপেক্ষ নহৈ একপক্ষীয় বুলি দাবী কৰে।

(গ) কেথলিক চার্চে এমনেষ্টি ইন্টাৰনেচনেলক কেথলিক সংখ্যাগৰিষ্ঠ দেশসমূহক অবহেলা কৰে বুলি মত পোষণ কৰে।

তথাপি আন্তঃৰাষ্ট্ৰীয় স্তৰত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।

৪৩। গোলকীয় সামাজিক আন্দোলনৰ সপক্ষে কেইটামান যুক্তি দিয়া।

উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ সপক্ষে দিব পৰা কেইটামান যুক্তি হ’ল—

(ক) গোলকীয় সামাজিক আন্দোলনে গোলকীকৰণৰ শোষণকাৰী অগণতান্ত্রিক, বহিষ্কৃত আৰু অসমতাপূর্ণ নীতিৰ বিষয়ে অৱগত কৰে আৰু গোলকীকৰণৰ বিকল্প পথৰ কথা কয়।

(খ) গোলকীয় সামাজিক আন্দোলনে বিকাশমূলক গুণ উদাহৰণস্বৰূপে সামাজিক ন্যায়, গণতন্ত্র, শান্তি, জৈৱিক / পাৰিৱেশিক বহনক্ষমতা, সমতা আৰু ব্যাপকতাৰ সমৰ্থন কৰে।

(গ) গোলকীয় সামাজিক আন্দোলনে বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ প্ৰতি গোলকীকৰণৰ কৰ্তৃত্বশালী উদাৰতাবাদী অর্থনৈতিক নীতিৰ বিৰোধীতা কৰে।

(ঘ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় নাগৰিক সমাজ গঠনত অৰিহণা যোগায়।

(ঙ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় দক্ষিণৰ দাঁতিকাষৰীয়া জনসাধাৰণক বাবে মাত মাতে।

(চ) গোলকীয় সামাজিক আন্দোলনে পৰিৱেশৰ অৱক্ষয়, মানৱ অধিকাৰ, শ্ৰম আৰু লিংগ ন্যায়ৰ বাবে দাবী উত্থাপন কৰে যিবোৰ গোলকীকৰণৰ লগত একেবাৰে সম্পর্কিত। 

(ছ) গোলকীয় সামাজিক আন্দোলনে সর্বোচ্চত্তৰৰ পৰা গোলকীকৰণ আৰম্ভণিৰ বিপৰীতে তৃণমূল পৰ্যায়ৰ পৰা ইয়াৰ আৰম্ভণিৰ সমৰ্থন কৰে।

(জ) গোলকীয় সামাজিক আন্দোলনে উন্নত ৰাষ্ট্ৰসমূহক, বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ আৰু বিশ্ব বেংকক নব্য উদাৰ বিশ্বায়নৰ নঞাৰ্থক বিষয় সমূহৰ বাবে দায়বদ্ধ, স্বচ্ছ, নিয়ন্ত্রিত আৰু চিন্তিত হ’বলৈ বাধ্য কৰে।

৪৪। গোলকীয় সামাজিক আন্দোলনৰ বিপক্ষে কেইটামান যুক্তি দিয়া।

উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ বিপক্ষে দিব পৰা কেইটামান যুক্তি হ’ল—

(ক) বাস্তৱত গোলকীয় সামাজিক আন্দোলন গোলকীয় উত্তৰৰ আদর্শমতে পৰিচালিত হয়।

(খ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় দক্ষিণৰ দাবী, স্বাৰ্থ আৰু উচ্চাকাংক্ষাত এতিয়াও ভালদৰে প্ৰতিনিধিত্ব কৰিব পৰা নাই।

(গ) গোলকীয় সামাজিক আন্দোলনে তৃণমূল পৰ্যায়ৰ স্বাৰ্থক লৈ বিশেষ গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰে।

(ঘ) গোলকীয় সামাজিক আন্দোলনে বাস্তৱত কোনো তৃণমূল, স্বচ্ছ, অংশগ্রহণকাৰী আৰু প্রতিনিধিত্বমূলক ব্যবস্থা গ্রহণ কৰিব পৰা নাই।

(ঙ) গোলকীয় আন্দোলনৰ সংগঠনসমূহৰ মাজত কোনো ঐক্যতা নাই আৰু সেয়েহে আন্দোলসমূহ অতি সোনকালে ভংগন হয়। এই আন্দোলনসমূহ সুসংবদ্ধ নহয়।

(চ) গোলকীয় সামাজিক আন্দোলনসমূহ যিহেতু সীমা অতিক্রমি হৈ থাকে অর্থাৎ কোনো এখন বিশেষ ৰাষ্ট্ৰতে সীমাবদ্ধ নহয়, সেয়েহে এই আন্দোলন এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বিয়পি পৰোতে ইয়াৰ উদ্দেশ্য অস্পষ্ট হৈ উঠে আৰু পুনৰাবৃত্তি ঘটি থাকে।

(ছ) গোলকীয় সামাজিক আন্দোলনৰ সাংগঠনিক ভেঁটি অত্যন্ত দুর্বল। কিয়নো ই সদায় বেচৰকাৰী সংস্থা, সমূহ ইত্যাদিৰ দ্বাৰা পৰিচালিত হৈ থাকে। ইয়াৰ কোনো নিজা পুঁজি নাই।

(জ) যদিও ই গোলকীকৰণৰ বিৰোধীতা কৰে, এই আন্দোলনসমূহে নিজে গোলকীকৰণৰ

পথেৰেই পৰিচালিত হৈ থাকে।

(ঝ) গোলকীয় সামাজিক আন্দোলনৰ ভিতৰত কিছুমান অতি হিংসাত্মক আৰু অৰাজক পদ্ধতিৰেও পৰিচালিত হয়। যেনে— জাপাটিষ্টা আন্দোলন, মেক্সিকো।

৪৫। বিশ্বায়ন বিৰোধী আন্দোলনসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বিশ্বায়নৰ আৰম্ভণিৰ সময়ৰে পৰাই বিশ্বায়ন বিৰোধী বিভিন্ন স্তৰত বিভিন্ন আন্দোলন হৈ আছে। বিশ্বায়নৰ বিৰুদ্ধে হোৱা আন্দোলনসমূহক চাৰিটা ভাগত আলোচনা কৰিব পাৰি। যেনে—

(ক) ব্যক্তিৰ দ্বাৰা আৰম্ভ হোৱা বিশ্বায়ন বিৰোধী আন্দোলনঃ বিশ্বায়ন বিরোধী আন্দোলনৰ প্ৰথম ভাগটো হৈছে ব্যক্তিৰ দ্বাৰা আৰম্ভ হোৱা বিশ্বায়ন বিৰোধী আন্দোলন। এনেধৰণৰ আন্দোলনৰ ক্ষেত্ৰত প্ৰথম আৰু মুখ্য হিচাপে জোছে বোভৰ নাম ল’ব পাৰি। এনে আন্দোলনে থলুৱা উৎপাদিত বস্তুৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি নব্য উদাৰ গোলকীকৰণৰ ফলত প্রচলিত আন্তঃৰাষ্ট্ৰীয় বা গোলকীয় বস্তু ব্যবস্থাৰ নকৰিবলৈ আহবান জনায় নাইবা ব্যৱহাৰ হোৱাত বাধা দিয়ে। উদাহৰণস্বৰূপে জোছে বোভে ফ্ৰান্সত মেকডোনাল্ডৰ প্ৰসাৰতাৰ বিৰুদ্ধে কাম কৰিছিল। ভাৰতবৰ্ষত ৰামদেৱে সৃষ্টি কৰা সামগ্ৰীসমূহৰ কথা ক’ব পাৰি যিবোৰে গোলকীয় সামগ্ৰী ব্যৱহাৰ কৰাত বাধা জন্মায়। অর্থাৎ ব্যক্তিয়ে গোলকীয়ভাৱে প্রচলিত বা ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদানৰ উদ্দেশ্যে স্থানীয়ভাৱে সামগ্রী উৎপাদন কৰে।

অৱশ্যে, এই আন্দোলন বেছি প্ৰভাৱশালী নহয় কাৰণ ইয়াৰ কোনো সাংগঠনিক ভিত্তি নাথাকে। 

(খ) স্থানীয় সমূহৰ দ্বাৰা বিশ্বায়ন বিৰোধী আন্দোলনঃ নব্যউদাৰ গোলকীকৰণ অহাৰ পিছৰে পৰা মুক্ত ব্যৱসায়ে প্রাধান্য পায়। এনে ক্ষেত্ৰত বিভিন্ন ব্যক্তিগত খণ্ড, কোম্পানীবোৰ নিজৰ লাভালাভৰ বাবে বিভিন্ন ঠাই দখল কৰে, স্থানীয় জনসাধাৰণক উচ্ছেদ কৰে আৰু ব্যৱসায় প্রতিষ্ঠান আৰম্ভ কৰিবলৈ লয়। এই ব্যৱস্থাই স্থানীয় জনসাধাৰণৰ জীৱন ধাৰণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। সেয়েহে এনে স্থানীয় জনসাধাৰণে এনেকুৱা ব্যৱসায়িক প্রতিষ্ঠানবোৰৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উদাহৰণস্বৰূপে, আংগুমে আৰু কামোৰে নামৰ দুটা জাতি যিয়ে পাপুৱাৰ খিলঞ্জীয়া জাতি আছিল, পিছলৈ তেওঁলোক ইন্দোনেছীয়াত বসবাস কৰিবলৈ লয়। দুয়োটা জাতিয়েই স্বাৱলম্বী জীৱন–যাপন কৰি বসবাস কৰি আছিল। কিন্তু 1967 চনত ফ্ৰীপোৰ্ট মেকমোৰাণ ক’পাৰ এগু গোল্ড কৰ্পোৰেচন নামৰ এটা কয়লা খনিৰ কোম্পানীয়ে তেওঁলোকৰ ঠাই দখল কৰি ব্যৱসায় প্রতিষ্ঠান মুকলি কৰে। ফলস্বৰূপে তেওঁলোকৰ জীৱন নির্বাহ প্রক্রিয়াত যথেষ্ট ক্ষতি হয়। 1996 চনত আখুযমে জনসাধাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ত এই প্রতিষ্ঠানটোৰ বিৰুদ্ধে এক গোচৰ দিয়ে যদিও ই কোনোধৰণৰ আশানুৰূপ ফলাফল নেদেখুৱায়। ইয়াৰোপৰি, দুয়োটা জাতিয়ে ব্যক্তিগত প্রতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰে যদিও ইয়াৰ কোনো পৰিৱৰ্তন নহ’ল।

2001 চনত 27th তম GB সন্মিলনৰ বিৰুদ্ধে জেনোয়া (ইটালী) ত এক প্রতিবাদী কাৰ্যসূচীৰ সূচনা হয়। ইয়াত বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্রাকোষ ইত্যাদি যিবোৰ গোলকীকৰণৰ মূল চাবি–কাঠী সেইবোৰৰ বিৰোধীতা কৰে।

(গ) বিশ্বায়নन বিৰুদ্ধে শ্রমিক আন্দোলনঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডত মার্ক্সবাদী চিন্তাধাৰা আৰু শীতল যুদ্ধৰ পিছত শ্রমিক সংঘ অতি শক্তিশালী হৈ পৰিছিল। কিন্তু 1980 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰোণাল্ড ৰেগান আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্রী মার্গাৰেট থেটচাৰে নব্যউদাৰতাক গ্ৰহণ কৰে। ইয়াৰ পিছতে শ্রমিক সংগঠন দুৰ্বল হৈ পৰে। নব্য উদাৰতাবাদে গোলকীকৰণৰ উত্থান ঘটায় আৰু ফলস্বৰূপে বহুজাতিক কোম্পানী, গোলকীয় বা আন্তর্জাতিক সংস্থা ইত্যাদি অত্যাধিক শক্তিশালী হৈ উঠে। এই কোম্পানী আৰু সংস্থাসমূহে দেশসমূহক বিভিন্ন উপায়েৰে প্ৰভাৱিত কৰিবলৈ ধৰিলে যে, শ্রমিক সংগঠনে অতি দুৰ্বল হৈ পৰে। ইয়াৰোপৰি এই সংস্থাসমূহে শ্রমিক সংগঠনৰ ওপৰত শোষণ কৰিবলৈ যায়। সেয়েহে শ্রমিক সংগঠালৈ গোলকীকৰণৰ এনে নঞর্থক প্রভাৱৰ বিৰোধীতা কৰি গোলকীয় শ্রমিক সংগঠনৰ সূচনা কৰে যিয়ে বহুজাতিক কোম্পানীসমূহত শ্ৰমিকসকলৰ ওপৰত চলোৱা শোষণৰ বিৰুদ্ধে মাত মাতে ন্যায় বিচাৰ কৰে আৰু ইয়াৰ দ্বাৰা গোলকীকৰণৰ বিৰোধীতা কৰিব পাৰে।

(ঘ) গোলকীয় বা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাৰ দ্বাৰা গোলকীকৰণৰ বিৰুদ্ধে আন্দোলনঃ গোলকীকৰণৰ বিৰুদ্ধে চলা আন্দোলনৰ ভিতৰত এইটো অতি গুৰুত্বপূৰ্ণ আৰু প্রভাৱশালী আন্দোলন। এই আন্দোলনসমূহৰ এক সাংগঠনিক ভেঁটি থাকে।

ৰেইনফ’ৰেষ্ট এলায়েঞ্চঃ ৰেইনফ’ৰেষ্ট এলায়েঞ্চ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন যাৰ সাংগঠনিক ভেঁটি নিউয়র্ক চহৰ আৰু আমষ্টাৰডামত অৱস্থিত। এই সংগঠনে গোলকীকৰণৰ বেয়া দিশ সমূহ আঙুলিয়াই দিয়াৰ লগতে পৰিৱেশ সম্বন্ধীয় সচেতনতা বৃদ্ধি কৰে। ই বহুজাতিক কৰ্পোৰেচনসমূহে পৰিৱেশৰ ওপৰত কৰা শোষণৰ বিৰুদ্ধে মাত মাতে।

গ্রীণপিচঃ গ্রীণপিচ হৈছে অন্য এটা বেচৰকাৰী সংগঠন যিয়ে 55 খন দেশত কাৰ্যকৰী হৈ আছে। এই সংগঠনটোৱে গোলকীকৰণৰ বিৰোধিতা কৰি পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰে।

৪৬। চমু টোকা লিখাঃ

(ক) বিশ্ব সন্ত্রাসবাদ।

উত্তৰঃ যি সন্ত্রাসবাদে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত সন্ত্রাসবাদী কাৰ্যত লিপ্ত থাকি ৰাষ্ট্ৰবিলাকৰ নিৰাপত্তা অনিশ্চিত কৰিব বিচাৰে সেই সন্ত্রাসবাদক বিশ্ব সন্ত্রাসবাদ বুলি কোৱা হয়। বিশ্ব সন্ত্রাসবাদীসকলৰ প্রধান লক্ষ্য হ’ল তেওঁলোকৰ সমস্যাবিলাকৰ প্ৰতি বিশ্ব জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা। যিবিলাক ৰাষ্ট্ৰৰ প্ৰতি সন্ত্রাসবাদীসকলৰ মনোভাৱ একেবাৰে বেয়া সেই ৰাষ্ট্ৰবিলাকক আৰু সেইবিলাকৰ জনসাধাৰণক ভীতিগ্ৰস্ত কৰিবৰ বাবে নানা ধৰণৰ কূটাঘাতমূলক কাম সংগঠিত কৰে।

বিশ্ব সন্ত্রাসবাদীসকলে তেওঁলোকৰ সংগঠনৰ জনপ্ৰিয়তা বঢ়াবলৈ কিছুমান কাৰ্য পদ্ধতি অনুসৰণ কৰে। যেনে— সন্ত্রাসবাদীসকলে আন ৰাষ্ট্ৰত তেওঁলোকৰ সংগঠনৰ শাখা–প্রশাখাবিলাক গঠন কৰে। কেতিয়াবা বিদেশী কোনো ৰাষ্ট্ৰত তেওঁলোকৰ মুখ্য কাৰ্যালয় গঠন কৰি ইয়াৰ নির্দেশমতে দেশ–বিদেশত সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। প্ৰায়বিলাক ৰাষ্ট্ৰতে কিছুমান সন্ত্রাসবাদী সংগঠন আছে। বিশ্ব সন্ত্রাসবাদী গোটে স্থানীয় সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু ইয়াৰ সহায়ত যিকোনো ৰাষ্ট্ৰত সন্ত্রাসবাদী কার্যকলাপ সংগঠিত কৰে।

সন্ত্রাসবাদ বিশ্ব সন্ত্রাসবাদত পৰিণত হোৱাৰ বহুতো কাৰণ আছে। ইয়াৰ ভিতৰত নিবনুৱা সমস্যাক বিশ্ব–সন্ত্রাসবাদৰ উদ্ভৱৰ এটা কাৰণ বুলি কোৱা হয়। বিভিন্ন ৰাষ্ট্ৰৰ চোৰাংচোৱা গোটবিলাকেও বিশ্ব সন্ত্রাসবাদ বিয়পোৱাত সহায় কৰিব পাৰে। কিছুমান দেশত অৱহেলিত এক শ্ৰেণীৰ মানুহে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰিব পাৰে আৰু অৱশেষত তেওঁলোকে লক্ষ্য পূৰণ কৰিবৰ বাবে সন্ত্ৰাসবাদৰ আশ্ৰয় ল’ব লাগে। বিশ্ব সন্ত্রাসবাদৰ সম্পসাৰণত চোৰাংচোৱা বেপাৰ–বাণিজ্যই যথেষ্ট সহায় কৰিছে। বিশ্ব সন্ত্রাসবাদে পৃথিৱীৰ বহুতো ঠাইত আতংকৰ সৃষ্টি কৰিছে। সন্ত্রাসবাদ এতিয়া কোনো এখন দেশৰ আভ্যন্তৰীণ সমস্যা হৈ থকা নাই। ই এতিয়া বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰিছে। যিবিলাক দেশত সন্ত্রাসবাদীসকল সক্রিয়, সেইবিলাক দেশে ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰি আছে। বিশ্ব সন্ত্ৰাসবাদক নির্মূল কৰিবৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, যেনে— বিশ্ব সন্ত্ৰাসৰ বিৰুদ্ধে বিশ্বব্যাপী জনমত গঠন কৰিব লাগিব। যিবিলাক ৰাষ্ট্ৰই বিশ্ব সন্ত্ৰাসবাদৰ প্ৰতি সহায় আৰু সহযোগিতা আগবঢ়ায় সেইবিলাক ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিশ্ব সন্ত্ৰাসবাদক নির্মূল কৰিবৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা থকা বৰ প্রয়োজন।

গতিকে বিশ্ব শাস্তি আৰু প্ৰগতিৰ বাবে সন্ত্ৰাসবাদ এক বাধাস্বৰূপ। এই বাধা অতিক্ৰম কৰিবলৈ সকলো ৰাষ্ট্ৰ আৰু জনসাধাৰণ সচেতন হোৱা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top