Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে?, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে? Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে? Question Answer can be of great value to excel in the examination.
Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে?
Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে? Notes cover all the exercise questions in UGC Syllabus. Understanding Global Politics Unit 1 কিহে পৃথিৱীখনক কি কৰি তোলে? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
What Makes The World What It Is?
POLITICAL SCIENCE
UNDERSTANDING GLOBAL POLITICS
(গোলকীয় ৰাজনীতিৰ বোধগম্যতা)
অতি চমু প্রশ্নোত্তৰঃ
১। গোলকীকৰণ শব্দটো কোনে পোনপ্ৰথমে উদ্ভাৱন কৰিছিল?
উত্তৰঃ থিওডোৰ লেভিট (Theodore Levitt)।
২। ‘সার্বভৌমত্ব’ (Sovereignty) শব্দটো কোনটো ভাষাৰ পৰা আহিছে?
উত্তৰঃ লেটিন ভাষাৰ পৰা।
৩। সার্বভৌমত্ব (Sovereignty)ৰ ধাৰণাটো কোনে পোন প্ৰথমে আগবঢ়াইছিল?
উত্তৰঃ জিন বোডিন (Jean Bodin)
8। বিশ্বায়ন মানে কি?
উত্তৰঃ বিশ্বায়ন মানে হ’ল বিশ্বব্যাপী আন্তঃসংযোগ।
৫। ৰাষ্ট্ৰৰ সামৰ্থৰ ওপৰত বিশ্বায়নৰ এটা সকাৰাত্মক প্ৰভাৱ উল্লেখ কৰা।
উত্তৰঃ প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্ৰয়োজনীয় তথ্যপাতি প্রদান কৰিব পাৰে।
৬। এৰিষ্ট’টলে আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো উল্লেখ কৰক?
উত্তৰঃ গ্রীক দার্শনিক এৰিষ্ট’টলে আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো হ’ল— ‘ৰাষ্ট্ৰ হৈছে পৰিয়াল আৰু গাওঁসমূহৰ এটা সংঘ যাৰ দ্বাৰা এটা সুসংগঠিত আৰু স্বয়ং সম্পূৰ্ণ জীৱন লাভৰ দ্বাৰা সুখী আৰু সন্মানজনক জীৱন লাভ কৰিব পাৰি।’
৭। ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পৰ্কে থকা বৈধ ধাৰণাৰ দুজন সমৰ্থকৰ নাম লিখ?
উত্তৰঃ বৈধ ধাৰণাৰ দুজন সমৰ্থকৰ নাম হ’ল— ব’ডিন আৰু হ’বচ।
৮। বিশ্বায়নে কিদৰে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক প্ৰভাৱিত কৰে?
উত্তৰঃ বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ক্ষমতা সীমিত হৈ পৰিছে বুলি কোৱা হয়। ৰাষ্ট্রই কেৱল আইন শৃংখলা নিয়ন্ত্ৰণ আৰু নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ দায়িত্বতে সীমাৱদ্ধ হ’ব লগা হৈছে। জনকল্যাণমুখী ৰাষ্ট্ৰৰ ঠাইত এতিয়া বজাৰকেন্দ্ৰিক ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে।
৯। গ্রীক সকলে ‘চিডিটাচ’ শব্দটো কিয় প্ৰয়োগ কৰিছিল?
উত্তৰঃ এখন নগৰৰ নাগৰিকত্ব আৰু সমাজ কল্যাণৰ ধাৰণাক একেলগে প্রতিফলিত কৰিবৰ বাবে ৰোমান সকলে ‘চিভিটাচ’ শব্দটো প্ৰয়োগ কৰিছিল।
১০। কোনে পোন প্ৰথমে ৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰিছিল?
উত্তৰঃ ষষ্ঠদশ শতিকাত ৰাজনীতি বিজ্ঞানৰ আধুনিক লেখাত ইটালীৰ ৰাজনৈতিক বিজ্ঞানী নিক’ল’ মেকিয়াভেলিয়ে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰিছিল।
১১। টিউটন কি?
উত্তৰঃ উত্তৰ ইউৰোপত ১০০ খ্ৰীষ্টপূৰ্বলৈকে বাস কৰা এক জনজাতি।
১২। জন উইলিয়াম বাজেছ কোন?
উত্তৰঃ তেওঁ এগৰাকী মার্কিন ৰাজনীতি বিজ্ঞানী। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।
১৩। চাৰ ৰবাৰ্ট যোচেফ মিলিমোৰ কোন?
উত্তৰঃ তেওঁ এগৰাকী ইংৰাজ বিচাৰক আৰু ৰাজনীতিবিদ আছিল।
১৪। ৰাষ্ট্ৰৰ উপাদান কেইটাৰ নাম লিখা?
উত্তৰঃ জনসমষ্টি, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব।
১৫। ৰাষ্ট্ৰৰ প্ৰাকৃতিক উপাদান কেইটা কি কি?
উত্তৰঃ জনসমষ্টি আৰু নিৰ্দিষ্ট ভূখণ্ড।
১৬। ৰাষ্ট্ৰৰ ৰাজনৈতিক উপাদানটো কি?
উত্তৰঃ চৰকাৰ।
১৭। ৰাষ্ট্ৰৰ অশৰীৰী উপাদানটো কি?
উত্তৰঃ সার্বভৌমত্ব।
১৮। প্লেটোৰ মতে এখন আদৰ্শ ৰাষ্ট্ৰ হ’বলৈ হ’লে তাৰ জনসংখ্যা কিমান হ’ব লাগিব?
উত্তৰঃ ৫০৪০ জন।
১৯। ৰুছ’ৱে এখন আদৰ্শ ৰাষ্ট্ৰৰ জনসংখ্যা কিমান ঠাৱৰ কৰিছে?
উত্তৰঃ ১০,০০০ জন।
২০। ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূখণ্ডই কাক বুজায়?
উত্তৰঃ এখন ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূখণ্ড বুলিলে ইয়াৰ চাৰিসীমাৰ ভিতৰত থকা ভূমিকে অকল নুবুজায়, নদ নদী, হ্রদ, পাহাৰ–পৰ্বত, সাগৰ, আকাশমার্গ সকলোকে সামৰি লয়।
২১। ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব কি?
উত্তৰঃ ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাই হ’ল সার্বভৌমত্ব।
২২। সার্বভৌমত্ব কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ সার্বভৌমত্ব দুই প্ৰকাৰৰ। আভ্যন্তৰীণ সার্বভৌমত্ব আৰু বহিঃ সার্বভৌমত্ব।
২০। আভ্যন্তৰীণ সার্বভৌমত্ব কি?
উত্তৰঃ আভ্যন্তৰীণ সার্বভৌমত্ব হ’ল ৰাষ্ট্ৰ নিজৰ আভ্যন্তৰীণ বিষয়ত সকলো দিশত সর্বোচ্চ।
২৪। বহিঃসার্বভৌমত্ব কি?
উত্তৰঃ ৰাষ্ট্ৰইসকলোবোৰ বিদেশী শক্তিৰ নিয়ন্ত্রণ মুক্ত হৈ থকাটোৱেই হৈছে বহিঃসার্বভৌমত্ব।
২৫। সার্বভৌমত্বৰ উপাদানৰ ভিত্তিত ভাৰতবৰ্ষক কোন সময়ত স্বাধীন ৰাষ্ট্ৰ আখ্যা দিব নোৱাৰি?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ আগত গ্রেট বৃটেইনৰ অধিনত থকা ভাৰতবৰ্ষক ৰাষ্ট্ৰ আখ্যা দিব নোৱাৰি।
২৬। প্লেটো আৰু এৰিষ্ট্ৰ’টলৰ মতে ৰাষ্ট্ৰ কি?
উত্তৰঃ ৰাষ্ট্ৰ মানৱ সৃষ্ট অনুষ্ঠান নহয়, ই এক প্রাকৃতিক অনুষ্ঠান।
২৭। কোনে কোনে ৰাষ্ট্ৰক এখন চৰম নৈতিক অনুষ্ঠান বুলি কৈছে?
উত্তৰঃ ৰুছ’, কান্ট, হেগেল, টি এইচ্ গ্রীণ আদিয়ে।
২৮। সৰ্বাত্মক ৰাষ্ট্ৰ কি?
উত্তৰঃ এই মতবাদ মতে ৰাষ্ট্ৰ হৈছে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আৰু ব্যক্তিসকলৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো অধিকাৰ নাই।
২৯। সৰ্বাত্মক ৰাষ্ট্ৰক ধাৰণাক কোনে সমৰ্থন জনাইছিল?
উত্তৰঃ হেগেল, নিয়েঙজে, আদি দার্শনিক। বাৰ্ণহাৰ্ডি আৰু ট্রেইটস্কে আলি লিখক, মুছলিনি আৰু হিটলাৰৰ দৰে একনায়কত্ববাদী শাসক সকল।
৩০। সমাজ আৰু ব্যক্তিৰ মাজৰ পাৰম্পৰিক নিৰ্ভৰশীলতাৰ কথা কোনে পোন প্রথমে আঙুলিয়াই দিছিল?
উত্তৰঃ ফিষ্টে।
৩১। ৰাষ্ট্ৰক কোনে মানৱ শৰীৰৰ লগত তুলনা কৰিছে?
উত্তৰঃ ব্লাণ্টচলিয়ে।
৩২। দুখন নগৰৰ ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ‘এথেন্স’ আৰু ‘স্পার্টা’।
৩৩। গ্রীক নগৰ ৰাষ্ট্ৰবোৰ কিয় ধ্বংস হৈছিল?
উত্তৰঃ নিদৰ মাজতেই মতভেদ, সঘন যুদ্ধ বিগ্ৰহ আৰু বৈদেশিক আক্ৰমণৰ কাৰণে এই গ্ৰীক নগৰ ৰাষ্ট্ৰবোৰ ধ্বংস প্রাপ্ত হৈছিল।
৩৪। ৰোমান সাম্ৰাজ্যত ৰজাই নিজৰ কাৰ্যবোৰ কেনেদৰে সম্পাদন কৰিছিল?
উত্তৰঃ ৰজাই Council of Elders ৰ লগত আলোচনা বিলোচনা কৰি নিজৰ কাৰ্য সম্পাদন কৰিছিল।
৩৫। উপনিৱেশ কি?
উত্তৰঃ আন এখন ৰাষ্ট্ৰৰ অধীনত থকা এখন দেশ বা ভূখণ্ড।
৩৬। জাতীয় ৰাষ্ট্ৰ কি?
উত্তৰঃ আধুনিক ৰাষ্ট্ৰবোৰক বিশদভাৱে জাতীয় ৰাষ্ট্ৰ বুলি কোৱা হয়।
৩৭। ৰাষ্ট্ৰ এখনক কিহে স্বাধীন কৰি ৰাখে?
উত্তৰঃ সাৰ্বভৌমত্বই।
৩৮। ফ্রাঞ্চৰ ৰজা হেনৰি তৃতীয়ৰ দিনত অধিক গুৰুত্ব পোৱা ফৰাচী আইনজ্ঞ জনৰ নাম কি?
উত্তৰঃ জিন ব’ডিন।
৩৯। সাৰ্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ যিকোনো দুজন প্রবক্তাৰ নাম লিখা?
উত্তৰঃ জি. ডি. এইচ ক’ল আৰু প্ৰফেচাৰ হেৰল্ড লাস্কি।
৪০। পোন প্রথমে সার্বভৌমত্বৰ আধুনিক ধাৰণাৰ কোনে জন্ম দিছিল?
উত্তৰঃ জিন ব ‘ডিনে।
৪১। ব্ৰিটিছ আইনজ্ঞ ব্লেক ষ্টোনৰ মতে, সার্বভৌমত্বৰ মতামত টো লিখা?
উত্তৰঃ “সার্বভৌমত্ব চৰম, অপ্ৰতিৰোধ্য আৰু চর্তহীন কর্তৃত্ব য’ত বৈধ ক্ষমতাই বিৰাজ কৰে।”
৪২। ৰাজনীতি বিজ্ঞানী সকলে সার্বভৌম শব্দটোৰ দ্বাৰা কি সূচাইছে।
উত্তৰঃ সার্বভৌমত্ব শব্দটোৰ জৰিয়তে ৰাষ্ট্ৰৰ চৰম, সর্বোচ্চ সীমাহীন অহস্তান্তৰ যোগ্য, অবিভাজ্য আৰু স্থায়ী ক্ষমতাক সুচায়ছে।
৪৩। মধ্যযুগত সার্বভৌমত্বই কি বুজাইছিল?
উত্তৰঃ মধ্যযুগত সাৰ্বভৌমত্বহ ৰজাৰ কৰ্তৃত্ব নাইবা পোন বা ধর্মযাজকৰ কর্তৃত্বক বুজাইছিল।
৪৪। অষ্টিনৰ সাৰ্বভৌমত্বৰ তত্ত্বৰ মতে ৰাষ্ট্ৰ কি?
উত্তৰঃ অষ্টিনৰ সাৰ্বভৌমত্বৰ তত্ত্ব মতে ৰাষ্ট্ৰ হৈছে এটা বৈধ শৃংখলা, য’ত এটা চৰম ক্ষমতা সম্পন্ন নির্দিষ্ট কর্তৃপক্ষ থাকে।
৪৫। কোনে কোনে অষ্টিনৰ সাৰ্বভৌমত্বৰ তত্ত্বৰ কঠোৰ সমালোচনা কৰিছে?
উত্তৰঃ বৃটিছ আইনজ্ঞ হেনৰি মেইন আৰু দার্শনিক চিডৱিকে।
৪৬। বহুত্ববাদী সার্বভৌমত্ব তত্ত্বৰ মূল প্রবক্তা কোন?
উত্তৰঃ ফৰাচী সমাজতাত্ত্বিক এমিল ডাৰখেইন।
৪৭। সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ জনসাধাৰণে নিজৰ বিভিন্ন গুণৰ বিকাশৰ বাবে গঠন কৰা বিভিন্ন সংস্থা সমূহ কি কি?
উত্তৰঃ গীর্জা, অন্যান্য ধর্মীয় অনুষ্ঠান, শ্রমিক সংঘ সমবায় সমিতি, বিভিন্ন স্বেচ্ছাসেবী অনুষ্ঠান আদি।
৪৮। ৰাজনৈতিক চিন্তাবিদ ফিলিমোৰ মতামতটো কি?
উত্তৰঃ “ৰাষ্ট্ৰ হৈছে এটা জনসমষ্টি, যি এটা নিৰ্দিষ্ট ভূখণ্ডক স্থায়ীভাবে অধিকাৰ কৰি আছে, যি একেধৰণৰ আইন আচৰণ আৰু ৰীতি–নীতি মানি চলে আৰু সুসংবদ্ধ চৰকাৰৰ দ্বাৰা পৰিচালিত হয়, যি চৰকাৰ স্বাধীন আৰু সাৰ্বভৌম, ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত সকলো মানুহ আৰু বস্তুৰ ওপৰতে কতৃত্ব আছে, যি যুদ্ধ ঘোষণা আৰু বিশ্বৰ সকলো জনগোষ্ঠিৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষম।”
৪৯। জিন ব’ডিনৰ মতে সাৰ্বভৌমত্ব কি?
উত্তৰঃ সাৰ্বভৌমত্ব হ’ল নাগৰিক আৰু জনগনৰ ওপৰত প্ৰযুক্ত আইনৰ দ্বাৰা অনিয়ন্ত্রিত চূড়ান্ত ক্ষমতা আৰু এই চুড়ান্ত ক্ষমতা হৈছে নিৰন্তৰ, চৰ্তসাপেক্ষে অথবা চৰ্তহীন, অহস্তান্তৰ যোগ্য, অপ্রত্যক্ষ আৰু আইনৰ বাধাহীন।
৫০। নামমাত্র সার্বভৌমত্ব কি?
উত্তৰঃ ৰাষ্ট্ৰৰ মুৰব্বীজনে যদি নামতহে সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈ থাকে, কিন্তু প্রকৃত ক্ষমতাৰ প্ৰয়োগ বা ব্যৱহাৰ কৰিব নোৱাৰে তেনে সাৰ্বভৌমত্বক নামমাত্র সার্বভৌমত্ব বোলা হয় প্রকৃত সার্বভৌম কর্তৃপক্ষই প্রকৃততে সার্বভৌম ক্ষমতা প্রয়োগ কৰে।
৫১। বিষতঃ সার্বভৌমত্ব কি?
উত্তৰঃ যেতিয়া এখন দেশৰ প্ৰতিষ্ঠিত শাসন ব্যৱস্থাক অসাংবিধানিক পদ্ধতিৰে ওফৰাই পেলোৱা হয়, যি কৰ্তৃপক্ষক ওফৰাই পেলোৱা হয়, তাক বিধিতঃ সার্বভৌমত্ব বোলা হয়। যি কর্তৃপক্ষই বলপূর্বকভাৱে শাসন প্রতিষ্ঠা কৰে তাক বস্তুতঃ সাৰ্বভৌমত্ব বোলা হয়।
৫২। বৈধ সার্বভৌমত্ব কি?
উত্তৰঃ ৰাষ্ট্ৰ এখনত আইন প্ৰণয়ন কৰা, বলবৎ আৰু আদেশ দিয়াৰ বাবে যি বৈধ কর্তৃপক্ষ থাকে, তাক বৈধ সার্বভৌম বোলা হয়। ৰাজনৈতিক সার্বভৌমত্ব ন্যস্ত থাকে ভোটাৰ, জনমত আৰু ৰাষ্ট্ৰৰ অন্য প্ৰভাৱবোৰৰ হাতত, যি জনগণৰ মতক এটা দিশ আৰু আকাৰ প্ৰদান কৰে।
৫৩। জন সার্বভৌমত্ব কি?
উত্তৰঃ জন সার্বভৌমত্বই ইয়াকে সূচায় যে ৰাষ্ট্ৰ সৰ্বোচ্চ ক্ষমতা জনসাধাৰণৰ হাতত ন্যস্ত থাকে।
৫৪। সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ যিকোনো দুজন নীতি উল্লেখ কৰা?
উত্তৰঃ (ক) সমাজৰ একাত্মবাদী প্রকৃতি।
(খ) কৰ্তৃত্বৰ ওপৰত নিজৰ দাবীক ৰাষ্ট্ৰই বিচাৰ কৰা উচিত।
৫৫। ৰাষ্ট্ৰৰ উৎপত্তি আৰু বিকাশ কেনেদৰে হৈছে?
উত্তৰঃ হাজাৰ হাজাৰ বছৰৰ ক্ৰমবিবৰ্ত্তনৰ ফলত, সগোত্রতা, ধর্ম, সম্পত্তি, যুদ্ধ কাৰিকৰী দিশৰ বিকাশ আৰু ৰাজনৈতিক চেতনা আদি বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত ৰাষ্ট্ৰৰ উৎপত্তি হৈছে আৰু বিকাশ ঘটিছে।
৫৬। মার্ক্সীয় তত্ত্বৰ মতে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোৰ ফলত কি হ’ল?
উত্তৰঃ সময় বাগৰাৰ লগে লগে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোৰ জন্ম হ’ল। ইয়াৰ ফলশ্ৰুতিত সমাজত বিভিন্ন শ্ৰেণীৰ সৃষ্টি হ’ল। সামাজিক বিকাশৰ প্ৰতিটো স্তৰত প্ৰধানতঃ দুটা শ্ৰেণীৰ মানুহৰ সৃষ্টি হৈছিল – এটা হৈছে শোষক আৰু আনটো হৈছে শোষিত।
৫৭। সার্বভৌমত্বৰ একাত্মবাদী তত্ত্ব’ এই তত্ত্বটোক এইদৰে আখ্যা দিয়াৰ কাৰণ কি?
উত্তৰঃ ইয়াক সার্বভৌমত্বৰ একাত্মবাদী তত্ত্ব বুলিও জনা যায় কারণ, এই তত্ত্বৰ মতে এখন ৰাষ্ট্ৰত এজনেই সার্বভৌম থাকে।
৫৮। সার্বভৌমত্ব তত্ত্ব দুটা কি?
উত্তৰঃ (ক) অষ্টিনৰ সাৰ্বভৌমত্বৰ তত্ত্ব বা বৈধ একাত্মবাদী তত্ত্ব।
(খ) সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্ব।
৫৯। উনাৰ প্ৰতিষ্ঠানবাদ তত্ত্ব কি?
উত্তৰঃ প্ৰতিষ্ঠানগত উদাৰবাদ বা উদাৰ প্ৰতিষ্ঠানবাদ হৈছে আন্তর্জাতিক সম্পৰ্কৰ এক আধুনিক তত্ত্ব যিয়ে দাবী কৰে যে আন্তর্জাতিক প্রতিষ্ঠান আৰু সংগঠন যেনে ৰাষ্ট্ৰসংঘ (ইউএন), উত্তৰ আটলান্টিক চুক্তি সংগঠন (নাটো) আৰু ইউৰোপীয় ইউনিয়নে (ইউৰোপীয় ইউনিয়ন) ৰাজ্যসমূহৰ মাজত সহায় আৰু সহযোগিতা বৃদ্ধি কৰিব পাৰে।
চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
১। ঐতিহাসিক ক্ৰমৰিবৰ্তনৰ লগে লগে সৃষ্টি হোৱা ৰাষ্ট্ৰবোৰ কি?
উত্তৰঃ একাদিক্ৰমে ৰাষ্ট্ৰবোৰ হ’ল—
(ক) জনজাতীয় ৰাষ্ট্ৰ।
(খ) প্ৰাচ্যৰ সাম্ৰাজ্য।
(গ) গ্ৰীক নগৰ ৰাষ্ট্ৰ।
(ঘ) ৰোমান বিশ্ব সাম্রাজ্য।
(ঙ) সামন্ত ৰাষ্ট্ৰ আৰু শেষত।
(চ) আধুনিক ৰাষ্ট্ৰ।
২। ৰাষ্ট্ৰৰ সৰ্বভৌমত্বৰ দিশ দুটা আলোচনা কৰা?
উত্তৰঃ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ দুটা দিশ দেখিবলৈ পোৱা যায়— সেয়া হ’ল আভ্যন্তৰীণ সার্বভৌমত্ব আৰু বহিঃ সার্বভৌমত্ব। ৰাষ্ট্ৰৰ আভ্যন্তৰীণ সার্বভৌমত্ব ক্ষমতাৰ বাবে ৰাষ্ট্ৰই আইন প্ৰণয়নকাৰী, আদেশ প্রদানকাৰী আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণকাৰী চূড়ান্ত আহিলা ৰূপে কাৰ্যনিৰ্বাহ কৰে। এখন ৰাষ্ট্ৰই নিজৰ সাৰ্বভৌমত্ব শক্তিৰ দ্বাৰা নিজৰ বৈদেশিক নীতি প্ৰস্তুত কৰাৰ লগতে যুদ্ধ ঘোষণা আৰু শান্তি স্থাপন কৰিব পাৰে। এনে ধৰণৰ সর্বতোমত্বক বহিঃসার্বভৌমত্ব বোলে।
৩। কোনে আধুনিক সার্বভৌমত্বৰ ধাৰণাক জন্ম দিছিল।
উত্তৰঃ জিন ব’ৰ্ডিন পোন প্ৰথমে সাৰ্বভৌমত্বৰ আধুনিক ধাৰণাৰ জন্ম দিছিল আৰু এই ধাৰণাক শৃংখলিতভাৱে গঢ় দিছিল। তেওঁ তেওঁৰ ‘দ্যা চিকচ্ বুকচ্ অব দ্যা পিৰাব্লিক’ নামৰ গ্ৰন্থত সাৰ্বভৌমত্বৰ বিষয়ে বিস্তৃত আলোচনা অৰু পৰ্যালোচনা কৰিছে।
8। বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগী কি?
উত্তৰঃ বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগীৰ অর্থ হৈছে কঠোৰ চৰকাৰী নিয়ম আৰু নিয়মৰ অধীনত ৰাজ্যসমূহৰ মাজত একত্ৰীকৰণ আৰু যোগাযোগ। উদাহৰণস্বৰূপে কঠোৰ চৰকাৰী নিয়ন্ত্রণত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় মুকলি কৰা।
৫। সাৰ্বভৌমত্বৰ বৈশিষ্ট কেইটাৰ নাম লিখা?
উত্তৰঃ সাৰ্বভৌমত্বৰ বৈশিষ্ট্যসমূহ হৈছে – অসীমতা, স্থায়ীত্ব, সার্বজনীনতা, অহস্তান্তৰ যোগ্যতা, অবিভাজ্যতা, অবিনাশী, অনন্যতা আৰু মৌলিকতা।
৬। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ বিভিন্ন স্বৰূপ দেখিবলৈ পোৱা যায়। সেইবোৰ কি?
উত্তৰঃ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ বিভিন্ন স্বৰূপ দেখিবলৈ পোৱা যায়। সেইবোৰ হৈছে ক্রমে নামমাত্ৰ আৰু প্ৰকৃত সার্বভৌমত্ব, বস্তুতঃ অৰু বিধিতঃ সার্বভৌমত্ব, বৈধ আৰু ৰাজনৈতিক সার্বভৌমত্ব, জন সার্বভৌমত্ব।
৭। মার্ক্সীয় তত্ত্বৰ মতে কিয় ৰাষ্ট্ৰ এটা কৃত্ৰিম আনুষ্ঠান বুলি কৈছে?
উত্তৰঃ মার্ক্সীয় তত্ত্ব মতে সমাজত শ্ৰেণীৰ সৃষ্টি হোৱাৰ পাছত এই শ্ৰেণী দুটাৰ মাজত বিভিন্ন স্বার্থজড়িত দ্বন্দৰ সুচনা হ’ল। এনে বিবাদ আৰু দ্বন্দৰ মীমাংসা কৰাৰ বাবে মানুহে কোনো সংগঠন নাইবা সংস্থাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। এনে প্ৰেক্ষাপটত ৰাষ্ট্ৰৰ উদ্ভৱ হ’ল। গতিকে ৰাষ্ট্ৰৰ উৎপত্তিৰ মার্ক্সীয় তত্ত্ব মতে ৰাষ্ট্ৰ হ’ল এটা কৃত্রিম অনুষ্ঠান। সম্পত্তিৰ গৰাকী শ্ৰেণীটোৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰৰ উৎপত্তি হৈছে।
৮। মার্ক্সীয় তত্ত্বই ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰাৰ সময়ত কিহৰ ওপৰত বেছি গুৰুত্ব দিয়ে?
উত্তৰঃ মার্ক্সীয় তত্ত্বই ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে আলোচনা কৰাৰ সময়ত সমাজৰ আন্তঃগাঁথনি অথবা ভেটি অথবা অতি–গাঁথনিৰ মাজত থকা বৈসাদৃশ্যবোৰৰ ওপৰত বেছি জোৰ দিয়ে। আন্তঃগাঁথনি অথবা ভেঁটি বোলোতে সাধাৰণতে সমাজৰ অৰ্থনৈতিক গাঁথনিটোৰ কথা বুজোৱা হয়। অতি গাঁথনিয়ে সমাজৰ অন্য দিশবোৰ, যেনে— সামাজিক, আইনগত, ৰাজনৈতিক, সাংস্কৃতিক, ধার্মিক, দার্শনিক আৰু আদৰ্শগত দিশবোৰৰ কথা বুজায়। আন্তঃগাঁথনি অথবা অর্থনৈতিক গাঁথনিটোৱে সমাজৰ অন্য দিশবোৰ নিয়ন্ত্রণ কৰে। মার্ক্সীয় তাত্ত্বিকসকলে যুক্তি দর্শাই যে ৰাষ্ট্ৰ হ’ল সমাজৰ অতি গাঁথনিৰ ভিতৰুৱা ধাৰণা আৰু ইয়াক সমাজৰ আন্তঃগাঁথনি অথবা অর্থনৈতিক শক্তিবোৰে নিয়ন্ত্ৰণ কৰে।
৯। অষ্টিনৰ সাৰ্বভৌমত্ব তত্ত্বৰ দুটা সমালোচনা উল্লেখ কৰা?
উত্তৰঃ (ক) জন অষ্টিনৰ সাৰ্বভৌমত্বৰ একাত্মবাদী তত্ত্ব বৰ্তমানৰ জন সার্বভৌমত্ব ধাৰণাৰ পৰিপন্থী। সাৰ্বভৌমত্বৰ আইনগত দৃষ্টিক অধিক গুৰুত্ব দিবলৈ গৈ অঙ্কিনে জন সার্বভৌমত্বক একেবাৰে নুই কৰিছে য’ত জনসাধাৰণ হৈছে সকলো ক্ষমতাৰ চৰম অধিকাৰী।
(খ) সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ সমৰ্থকসকলে আকৌ ৰাষ্ট্ৰক অন্য সংস্থাসমূহৰ দৰেই এটা অনুষ্ঠান বুলি বিবেচনা কৰিছে। তেওঁলোকে মত পোষণ কৰিছে যে সার্বভৌম ক্ষমতা কেৱল ৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰিব নালাগে, বৰঞ্চ ৰাষ্ট্ৰৰ অন্তৰ্গত বিভিন্ন দল তথা সংস্থাসমূহেও ৰাষ্ট্ৰৰ সৈতে সমানে সার্বভৌম ক্ষমতাৰ অংশীদাৰ হ’ব লাগে।
১০। সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বৰ দুটা সমালোচনা আঙুলিয়াই দিয়া?
উত্তৰঃ (ক) সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্ব এই কাৰণে সমালোচনা কৰা হৈছে যে, যদি সার্বভৌম ক্ষমতাক সমাজত থকা বিভিন্ন সংস্থাৰ মাজত বিভাজন কৰা হয়, তেন্তে ই সাৰ্বভৌমত্ব ধ্বংস মাতি আনিব।
(খ) সার্বভৌমত্বৰ বহুত্ববাদী তত্ত্বটোৰ বিপক্ষে থকা আন এটা সমালোচনা হৈছে যদিহে সার্বভৌম ক্ষমতা ৰাষ্ট্ৰ আৰু অন্যান্য অনুষ্ঠানসমূহে প্রয়োগ কৰে, তেন্তে বেমেজালিৰ সৃষ্টি হ’ব। এনে ক্ষেত্ৰত প্ৰত্যেকে সার্বভৌম ক্ষমতাৰ গৰাকী হ’ব আৰু কাৰো কথা কোনেও নুশুনিব। এনেকুৱা পৰিস্থিতিত বিভিন্ন সংস্থা আৰু অনুষ্ঠানৰ কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষাকাৰীৰ অভাৱ ঘটি বিভিন্ন প্ৰকাৰৰ স্বাৰ্থৰ মাজত সংঘাত সৃষ্টি হ’ব। ফলত সমাজখনক অৰাজকতাৰ উদ্ভৱ হ’ব।
১১। সার্বভৌমত্বৰ অৰ্থৰ বিষয়ে এটি চমুটোকা লিখা?
উত্তৰঃ সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সবাতোকৈ প্ৰয়োজনীয় উপাদান কাৰণ ইয়াৰ অবিহনে ৰাষ্ট্ৰৰ অস্তিত্ব নাথাকে। ‘সার্বভৌমত্ব’ অর্থাৎ চোভাবেইনটি’ শব্দটো লেটিন শব্দ ‘চুপাৰেনাচ’ শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হ’ল শ্ৰেষ্ঠ। ফ্র্যাঞ্চৰ ৰজা হেনৰি তৃতীয়ৰ দিনত সবাতোকৈ গুৰুত্ব পোৱা ফৰাচী আইনজ্ঞ আৰু ৰাজনীতি বিজ্ঞানী জিন ব’ডিনে পোনপ্রথমে সার্বভৌমত্বৰ আধুনিক ধাৰণাৰ জন্ম দিছিল। আৰু এই ধাৰণাক শৃংখলিতভাৱে গঢ় দিছিল। তেওঁ তেওঁৰ বিখ্যাত গ্রন্থ “দ্যা চিকচ্ বুক অব দ্যা ৰিপাব্লিক” ত ১৫৭৬ চনত পোন প্ৰথমবাৰৰ বাবে সার্বভৌমত্ব’ৰ বিষয়ে বিস্তৃত আলোচনা আৰু পৰ্য্যালোচনা কৰিছিল। ব’ডিনে মত প্ৰকাশ কৰিছিল যে সার্বভৌমত্ব হ’ল নাগৰিক আৰু জনগণৰ ওপৰত প্ৰযুক্ত আইনৰ দ্বাৰা অনিয়ন্ত্রিত চূড়ান্ত ক্ষমতা আৰু এই চূড়ান্ত ক্ষমতা হৈছে নিৰন্তৰ, চৰ্তসাপেক্ষে অথবা চর্তহীন, অহস্তান্তৰযোগ্য, অপ্ৰত্যক্ষ আৰু আইনৰ বাধাহীন।
এইখিনিতে এইটো কথা উল্লেখ কৰিব পাৰি যে প্ৰচম কালতো সার্বভৌমত্বৰ ধাৰণাটোৰ বিষয়ে বিভিন্ন দার্শনিক পণ্ডিতে উল্লেখ কৰিছিল। ৰাজনীতি বিজ্ঞানৰ পিতৃত্বৰূপ এৰিষ্ট’টলে ৰাষ্ট্ৰত সৰ্বোচ্চ ক্ষমতাৰ বিষয়ে কৈছিল। ৰোমৰ আইনজ্ঞসকলে আৰু বহুতো মধ্যযুগীয় পণ্ডিতে ৰাষ্ট্ৰৰ পূৰ্ণ ক্ষমতাৰ বিষয়ে উল্লেখ কৰিছিল। গতিকে দেখা যায় যে বিভিন্ন কালত পণ্ডিতসকলে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব অথবা সর্বোচ্চ ক্ষমতাৰ বিষয়ে আলোচনা কৰি আহিছে। পণ্ডিতসকলে তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰ মাধ্যমেৰে সাৰ্বভৌমত্ব সংজ্ঞা নিৰ্ধাৰণ কৰিছে। সাৰ্বভৌমত্বৰ কেইটামান সংজ্ঞা তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি।
১২। নামমাত্ৰ আৰু প্ৰকৃত সাৰ্বভৌমত্বৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা?
উত্তৰঃ নামমাত্ৰ আৰু প্ৰকৃত সার্বভৌমত্বঃ কোনো ৰাষ্ট্ৰৰ মুৰব্বীজনে যদি নামতহে সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈ থাকে। কিন্তু প্রকৃত ক্ষমতাৰ প্ৰয়োগ বা ব্যৱহাৰ কৰিব নোৱাৰে তেনে সার্বভৌমত্বক নামমাত্র সার্বভৌমত্ব বোলা হয়। যদিও সার্বভৌমত্ব ক্ষমতা তেওঁৰ নামত ব্যৱহৃত হয়, প্রকৃত পক্ষে কিন্তু সেই ক্ষমতা বেলেগ এজন ব্যক্তিৰ হাততহে ন্যস্ত থাকে। সংসদীয় গণতন্ত্ৰত এনেধৰণৰ সাৰ্বভৌমত্ব দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, ইংলেণ্ডৰ ৰজা বা ৰাণী হৈছে নামমাত্ৰ শাসক আৰু তেওঁ প্ৰকৃত সার্বভৌম ক্ষমতা উপভোগ কৰিব নোৱাৰে। প্রকৃত সার্বভৌমত্ব সংসদস্থ ৰজাৰ হাতত ন্যস্ত থাকে। ভাৰতবৰ্ষতো ৰাষ্ট্ৰপতিজন নামমাত্র শাসক। ইয়াত প্ৰকৃত সার্বভৌমত্বৰ গৰাকী প্ৰধানমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ।
১৩। গোলকীকৰণৰ ৰাজনৈতিক প্রভাৱ সম্পর্কে লিখা?
উত্তৰঃ গোলকীকৰণৰ ৰাজনৈতিক প্রভাৱ আলোচনা কৰা হ’ল—
(ক) ৰাষ্ট্ৰৰ ক্ষমতাত সীমাবন্ধতাঃ গোলকীকৰণে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমবদ্ধতা আনি দিছে। বহু ক্ষেত্ৰতে ৰাষ্ট্ৰৰ সিদ্ধান্তৰ ওপৰত বহুজাতিক প্ৰতিষ্ঠানৰ পৰোক্ষ প্ৰভাৱ পৰা দেখা যায়।
(খ) ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচী সংকুচিতঃ গোলকীকৰণৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচীক সংকুচিত কৰিছে।
(গ) ব্যক্তিগত ক্ষেত্ৰত গুৰুত্বঃ গোলকীকৰণৰ ফলত বিভিন্ন দেশৰ চৰকাৰে ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিকভাৱে ব্যস্ত হৈ পৰে।
(ঘ) ব্যাপক দুর্নীতিঃ গোলকীকৰণৰ ফলত বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দুর্নীতিৰো সূচনা কৰিছে।
১৪। বিশ্বায়নৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ পৰিবৰ্ধিত আৰু সংকুচিত ভূমিকা আলোচনা কৰা?
উত্তৰঃ বিশ্বায়নৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰসমূহে যি আঁচনি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে তাৰ ওপৰত এক প্ৰভাৱ বিস্তাৰ কৰে। কাৰণ এখন দেশে অন্য এখন দেশৰ লগত ব্যৱসায়িক সম্পর্ক স্থাপনৰ বেলিকা দুইখন দেশৰ চৰকাৰৰ মাজত থকা চুক্তিসমূহৰ প্ৰতি বিবেচনা কৰিব লাগে। এই ক্ষেত্ৰত বিশ্ব বাণিজ্যিক সংস্থা, বিশ্ব শ্রমিক সংস্থা আদিৰ নীতি–নিয়মৰ দ্বাৰা চৰকাৰ প্রভাবিত হয়। বহু সময়ত এই আন্তর্জাতিক সংস্থাই শ্ৰমিকৰ নিৰাপত্তা আৰু ব্যৱসায়িক কাম–কাজৰ সুস্থ পৰিৱেশৰ বাবে ৰাজনৈতিক নীতি–নিয়মক সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। উদাহৰণস্বৰূপে আন্তর্জাতিক ব্যৱসায়–প্রতিষ্ঠানসমূহৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰৰ সিদ্ধান্তৰ এক প্ৰভাৱ আৰোপ কৰিছে। অৱশ্যে বিশ্বায়নে সকলো সময়তে চৰকাৰৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। সেয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহে দেশৰ আইন আৰু নীতিৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাক বজাই ৰাখিবলৈ প্ৰয়োজন হোৱা সকলো কাৰ্যাৱলী গ্ৰহণ কৰিব পাবে।
আনহাতে, বিশ্বায়নৰ ফলত উন্নতি হোৱা প্ৰযুক্তি ক্ষেত্ৰখনৰ সহায়ত চৰকাৰে নিজৰ নীতি–নিয়মসমূহক অধিক সু– পৰিকল্পিতভাৱে বাস্তৱ ক্ষেত্ৰত ৰূপায়ন কৰিবলৈ সমৰ্থ হৈছে। সেয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বেলিকা বিশ্বায়নৰ পাচত অধিক শক্তিশালী আৰু ফলপ্রসুভাবে নিজৰ ৰাষ্ট্ৰীয় আঁচনিসমূহ ৰূপায়ন কৰি লক্ষ্যত উপনীত হ’ব পাৰিছে।
১৫। ৰাষ্ট্ৰৰ চাৰিটা উপাদানৰ বিষয়ে সংক্ষেপে বর্ণনা কৰা?
উত্তৰঃ ৰাষ্ট্ৰ এখন গঠনৰ বাবে মূলতঃ চাৰিটা উপাদানৰ দৰকাৰ হয়। যেনে–জনসমষ্টি, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব।
জনসমষ্টি অথবা জনসাধাৰণৰ সংখ্যাঃ ৰাষ্ট্ৰৰ মৌলিক উপাদান হ’ল জনসমষ্টি। ৰাষ্ট্ৰ এখন কিমান জনসংখ্যা থাকিব লাগিব তাৰ কোনো নিৰ্দিষ্ট সীমা নাই। গ্রীক দার্শনিক প্লেট’ৰ মতে এখন আদৰ্শ ৰাষ্ট হ’বৰ বাবে তাৰ জনসংখ্যা হ’ব লাগিব ৫০৪০ জন। ৰুছ’ৰ মতে জনসংখ্যা হ’ব লাগিব ১০,০০০ জন।
ভূখণ্ড অথবা নির্দিষ্ট বাসস্থানঃ নিৰ্দিষ্ট ভূখণ্ড ৰাষ্ট্ৰৰ দ্বিতীয় প্রয়োজনীয় উপাদান। বসবাসৰ বাবে নির্দিষ্ট ভূখণ্ড নহোৱাকৈ যদি কোনো মানুহে এখন ঠাইৰ পৰা আন ঠাইলৈ ঘুৰা ফুৰা কৰি থাকে, তেনে ক্ষেত্ৰত ৰাষ্ট্ৰ গঠন হ’ব নোৱাৰে। ৰাষ্ট্ৰ এখনৰ নিৰ্দিষ্ট ভূখণ্ড বুলিলে ইয়াৰ চাৰিসীমাৰ ভিতৰত থকা ভূমিকে অকল নুবুজায়; নদ–নদী, হ্রদ, পাহাৰ–পৰ্বত, সাগৰ, আকাশ মার্গ সকলোকে ই সামৰি লয়।
চৰকাৰঃ ৰাষ্ট্ৰ এখনৰ তৃতীয়টো মৌলিক উপাদান হৈছে চৰকাৰ। কেৱলমাত্ৰ জনসংখ্যা আৰু ভূখণ্ডই এখন ৰাষ্ট্ৰৰ সৃষ্টি কৰিব নোৱাৰে। চৰকাৰ হৈছে ৰাষ্ট্ৰৰ ৰাজনৈতিক যন্ত্ৰ যি ৰাষ্ট্ৰক পৰিচালিত কৰে। চৰকাৰ বিভিন্ন প্ৰকাৰৰ আছে। কোন প্ৰকাৰৰ চৰকাৰ এখন ৰাষ্ট্ৰত অপৰিহাৰ্য সেয়া কোৱাটো অতি কঠিন কার্য। বেলেগ বেলেগ দেশত বেলেগ বেলেগ ধৰণৰ চৰকাৰ থাকে।
সাৰ্বভৌমত্বঃ ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান হৈছে সার্বভৌমত্ব। সার্বভৌমত্ব অবিহনে ৰাষ্ট্ৰৰ প্ৰাণ প্রতিষ্ঠা হব নোৱাৰে। বহল অৰ্থত সাৰ্বভৌমত্ব ৰাষ্ট্ৰৰ সৰ্ব্বোচ্চ ক্ষমতা। সাৰ্বভৌমত্ব দুই ধৰণৰ থাকে। আভ্যন্তৰীণ সার্বভৌমত্ব আৰু বহিঃসার্বভৌমত্ব। আভ্যন্তৰীণ সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰ নিজৰ আভ্যন্তৰীণ বিষয়ত সকলো দিশত সর্বোচ্চ। বহিঃ সার্বভৌমত্ব হ’ল ৰাষ্ট্ৰ সকলো বিদেশী শক্তিৰ নিয়ন্ত্ৰণ মুক্ত হৈ থকা।
১৬। ৰাষ্ট্ৰৰ প্ৰকৃতিৰ অৰাষ্ট্ৰবাদী ধাৰণাৰ ব্যাখ্যা কৰা?
উত্তৰঃ ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পর্কে বিভিন্ন ধৰণৰ মত দেখা যায়। ৰাষ্ট্ৰৰ প্ৰকৃতিৰ বিষয়ে এক স্পষ্ট ধাৰণা লোৱাৰ বাবে কিছুমান অতি প্রয়োজনীয় ধাৰণা বা দৃষ্টিভঙ্গীৰ বিষয়ে আলোচনা কৰা দৰকাৰ
ৰাষ্ট্ৰৰ প্ৰকৃতিৰ ধাৰণাবোৰ হ’ল—
(ক) বৈধদৃষ্টিভংগী বা ধাৰণা।
(খ) নৈতিক দৃষ্টিভংগী বা ধাৰণা।
(গ) প্রয়োজনীয় অশুভ অনুষ্ঠান ৰূপে ৰাষ্ট্ৰ।
(ঘ) এখন অপ্রয়োজনীয় অশুভ অনুষ্ঠান ৰূপে ৰাষ্ট্ৰৰ অৰাষ্ট্ৰবাদী ধাৰণা।
(ঙ) ৰাষ্ট্রৰ বহুত্ববাদী ধাৰণা।
(চ) সর্বাত্মক ৰাষ্ট্ৰ।
(ছ) ৰাষ্ট্ৰৰ ক্ষমতা সম্পৰ্কীয় ধাৰণা।
(জ) কল্যাণকামী অনুষ্ঠান হিচাপে ৰাষ্ট্ৰ।
(ঝ) ৰাষ্ট্ৰৰ জৈৱিক দৃষ্টিভংগী আৰু
(ঞ) ৰাষ্ট্ৰৰ শ্ৰেণী সম্পৰ্কীয় দৃষ্টিভংগী।
ৰাষ্ট্ৰৰ অৰাষ্ট্ৰবাদী ধাৰণাটো আলোচনা কৰা হ’ল— অৰাষ্ট্ৰ বানীসকলৰ মতে, ৰাষ্ট্ৰ এখন অপ্রয়োজনীয় অশুভ অনুষ্ঠান আৰু সেইবোৰ মানুহৰ স্বতঃস্ফূর্ত বিকাশৰ বাবে ইয়াক যিমান পাৰে সিমান সোনকালে নাইকীয়া কৰা উচিত। তেওঁলোকৰ মতে, ব্যক্তিৰ চৰিত্ৰ আৰু স্বভাৱৰ ক্ৰমবৰ্দ্ধমান বিকাশৰ লগে লগে মানুহৰ চৰিত্ৰ গঠনকাৰী হিচাপে ৰাষ্ট্ৰই গ্ৰহণ কৰা ভূমিকাও ক্ৰমাৎ নাইকিয়া হৈ পৰে।
১৭৷ ৰাষ্ট্ৰৰ প্ৰকৃতিৰ জৈৱিক দিশৰ বিষয়ে বৰ্ণনা কৰা?
উত্তৰঃ ৰাষ্ট্ৰৰ জৈৱিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰক এক প্রাণৱন্ত জীৱৰ লগত আৰু ব্যক্তি সকলক ইয়াৰ অংগৰ লগত তুলনা কৰিছে। যেনেকৈ এটা সম্পূৰ্ণ মানৱ শৰীৰ অবিহনে হাত, ভবি, মূৰ ইত্যাদি অংগৰ পৃথক পৃথককৈ কোনো অস্তিত্ব থাকিব নোৱাৰে তেনেকৈ ৰাষ্ট্ৰৰ অবিহনে ব্যক্তি বা ব্যক্তিসমূহৰো পৃথক পৃথক কৈ কোনো অস্তিত্বই থাকিব নোৱাৰে। ৰাষ্ট্ৰক এটা প্ৰাণবন্ত শৰীৰৰ লগত তুলনা কৰিব পাৰি। শৰীৰৰ প্ৰতিটো অংগ যেনেকৈ পৰস্পৰ নিৰ্ভৰশীল তেনেকৈ ৰাষ্ট্ৰত থকা ব্যক্তিসকলো পৰস্পৰ নিৰ্ভৰশীল। ব্যক্তি অবিহনে ৰাষ্ট্ৰৰ কোনো অস্তিত্ব নাই। আৰু ৰাষ্ট্ৰৰ পৰা পৃথক হৈ ব্যক্তিয়েও কোনো ভূমিকা পালন কৰিব নোৱাৰে। ৰাষ্ট্ৰৰ এই জৈৱিক তত্ত্বৰ লগত জড়িত ৰাজনৈতিক চিন্তাবিদ সকল হ’ল– ৰুছ’, হার্বাট স্পেনচাৰ আৰু জার্মান দার্শনিক ফিষ্টে। সমাজ আৰু ব্যক্তিৰ মাজৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা ফিষ্টে পোন প্ৰথমে আঙুলিয়াই দিছিল। ব্লান্টচলি য়ে ৰাষ্ট্ৰক মানৱ শৰীৰৰ লগত তুলনা কৰিছে। সমালোচক সকলে কিন্তু ৰাষ্ট্ৰ আৰু জীৱৰ মাজত কৰা তুলনাক তৰাং আখ্যা দিয়ে।
১৮। ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কীয় মার্ক্সীয় তত্ত্বৰ মূল বিষয়বস্তুটো চমুকৈ লিখক?
উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তি ব্যাখ্যা কৰা এটা গুৰুত্বপূৰ্ণ তত্ত্ব হ’ল মার্ক্সীয় তত্ত্ব। মার্ক্সীয় তত্ত্বৰ প্ৰধান পৃষ্ঠপোষক হ’ল জার্মান দার্শনিক কার্ল মার্ক্স আৰু ফ্ৰেডৰিক এঞ্জেলছ। এই তত্ত্ব অনুসৰি ৰাষ্ট্ৰ এক স্বাভাৱিকভাৱে সৃষ্ট অনুষ্ঠান নহয়। সমাজৰ ধনী শ্ৰেণীক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু এই শ্ৰেণীটোৰ স্বাৰ্থজড়িত বিষয়বোৰৰ পৃষ্ঠপোষকতা কৰিবলৈহে ৰাষ্ট্ৰৰ উৎপত্তি হৈছিল।সমাজৰ সকলো শ্ৰেণীৰ লোকৰে কল্যাণ সাধন কৰাটো ৰাষ্ট্ৰৰ লক্ষ্য আৰু উদ্দেশ্য নহর। এই তত্ত্বৰ সমৰ্থকসকলে ৰাষ্ট্ৰক শোষণৰ এক আহিলা বুলি গণ্য কৰে। ৰাষ্ট্ৰৰ উৎপত্তিসম্পৰ্কীয় মার্ক্সীয় তত্ত্বটোৰ মতে মানৱ ইতিহাসৰ এক নিৰ্দিষ্ট পৰ্য্যায়ত ৰাষ্ট্ৰৰ উৎপত্তি হৈছে আৰু ৰাষ্ট্ৰৰ উৎপলি সৈতে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো জড়িত হৈ আছে।
ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোৰ উৎপত্তিল লগে লগে সমাজখন দুটা শ্ৰেণীত বিভক্ত হৈ পৰিছিল। এটা শ্ৰেণী হ’ল সম্পত্তিৰ গৰাকী অথবা দমনকাৰী শ্রেণী যিয়ে ব্যক্তিগত সম্পত্তিৰ গৰাকী শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰে। আনটো শ্ৰেণী হ’ল সম্পত্তি বিহীন অথবা শোষিত শ্রেণী যিয়ে সম্পত্তি বিহীন শ্ৰেণীটোক প্রতিনিধিত্ব কৰে। মানৱ ইতিহাসৰ প্ৰতিটো পৰ্য্যায়তে ৰাষ্ট্ৰ ব্যক্তিগত সম্পত্তিৰ গৰাকী শ্ৰেণীটোৰ দ্বাৰা সম্পত্তি বিহীন শ্ৰেণীটোৰ ওপৰত শোষণ আৰু দমন চলোৱাৰ এক আহিলাত পৰিণত হয়। গতিকে ৰাষ্ট্ৰ হৈছে অমীমাংসিত শ্ৰেণী সংঘাতৰ ফলত উদ্ভৱ হোৱা এটা অনুষ্ঠান।
১৯৷ ৰাষ্ট্ৰৰ ক্ৰমবিৱৰ্তনৰ সংক্ৰান্তত আধুনিক জাতীয় ৰাষ্ট্ৰৰ বিষয়ে নিজৰ ভাষাত বৰ্ণনা কৰা?
উত্তৰঃ আধুনিক ৰাষ্ট্ৰবোৰক বিশদভাৱে জাতীয় ৰাষ্ট্ৰ বুলি কোৱা হয়। সামন্ত প্রথাই জাতীয় ৰাষ্ট্ৰ জন্ম হোৱাত সহায় কৰে। এনে ৰাষ্ট্ৰৰ জনসাধাৰণৰ একেধৰণৰ ধৰ্ম, ভাষা, জাতীয়তাবোধ হোৱাৰ বাবে তেওঁলোকে ৰাষ্ট্ৰীয় অর্থাৎ একতাৰ সূত্ৰত আবদ্ধ হয়। এই ৰাষ্ট্ৰবোৰে প্ৰাকৃতিক চাৰিসীমাও গঠন কৰিছিল। ৰাষ্ট্ৰ গঠনৰ এনে প্ৰক্ৰিয়াৰ ফলস্বৰূপে ষষ্ঠদশ শতিকাত ফ্রান্স, স্পেইন, ইংলণ্ড, চুইজাৰলেণ্ড, নেদাৰলেণ্ড, ৰাচিয়া আৰু পিছলৈ জাৰ্মানী আৰু ইটালী নামৰ জাতীয় ৰাষ্ট্ৰই গঢ় লৈ উঠিল। প্রথম কালছোৱাত, জাতীয় ৰাষ্ট্ৰবোৰত ঘাইকৈ চৰম ৰাজতন্ত্ৰৰ প্রচলন আছিল। কিন্তু অষ্টাদশ শতিকাৰ মাজ ভাগত বেছিভাগ ৰাষ্ট্ৰতে চৰম ৰাজতন্ত্ৰৰ পৰা সাংবিধানিক ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ প্ৰচলন হ’বলৈ ধৰে। গণতন্ত্ৰৰ বিকাশ আৰু বিস্তাৰৰ লগে লগে স্বতন্ত্রতা, সমতা, জন সার্বভৌমত্ব আদিৰ ধাৰণাই বেছিভাগ ৰাষ্ট্ৰতে গা কৰি উঠে। সপ্তদশ শতিকাৰ আৰম্ভণিতে, কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই কেঁচা সামগ্ৰী, কম মজুৰিৰ শ্রমিক আৰু নতুন বজাৰৰ সন্ধানত এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশবোৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ল’লে।
ঊনবিংশ শতিকাত গ্রেট বৃটেইনকে আদি কৰি বিভিন্ন ৰাষ্ট্ৰই ঔপনিবেশিক ৰাষ্ট্ৰবোৰত নিজৰ উপনিবেশ স্থাপন কৰে। বিশেষকৈ প্ৰথম বিশ্বযুদ্ধৰ পাছত বেছিভাগ উপনিবেশতেই ৰাজনৈতিক সজাগতা আৰু স্বাধীনতাৰ বাবে হোৱা জাতীয় আন্দোলনে বিদেশী শক্তিৰ বিৰুদ্ধে জনবিপ্লৱ গঢ়ি তুলিছিল। ফলস্বৰূপে, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিভিন্ন দেশে এখনৰ পাছত এখনকৈ নিজৰ ঔপনিবেশিক শাসকৰ পৰা স্বাধীনতা লাভ কৰিবলৈ ধৰিলে। ভাৰতবর্ষ, পাকিস্তান, ব্রহ্মদেশ, শ্রীলংকা, ইজিপ্ত, নাইজেৰিয়া আদি এনে দেশৰ উদাহৰণ।
২০। বিশ্বায়নৰ প্ৰতি উদাৰ দৃষ্টিভংগী কি?
উত্তৰঃ উদাৰবাদীসকলে বিশ্বায়নৰ প্ৰতি নিৰন্তৰ ইতিবাচক মনোভাৱ গ্ৰহণ কৰে। অৰ্থনৈতিক উদাৰবাদীসকলৰ বাবে, বিশ্বায়নে ‘অযৌক্তিক’ ৰাষ্ট্ৰীয় আনুগত্য আৰু ‘স্বেচ্ছাচাৰী’ ৰাজ্যিক সীমাৰ ওপৰত বজাৰৰ বিজয় প্রতিফলিত কৰে। বজাৰৰ অলৌকিক তাৎপৰ্য হৈছে যে ই সম্পদবোৰ তেওঁলোকৰ আটাইতকৈ লাভজনক ব্যৱহাৰৰ দিশত আকৰ্ষণ কৰে, এনেদৰে ব্যক্তি, পৰিয়াল, কোম্পানী আৰু সমাজৰ বাবে সমৃদ্ধি আনিব। সেয়েহে অর্থনৈতিক বিশ্বায়নৰ আকৰ্ষণ হৈছে যে ইবজাৰসমূহক বিশ্বব্যাপী কাম কৰিবলৈ অনুমতি দিয়ে, মুক্ত বাণিজ্যৰ ‘অগতীৰ’ একত্ৰীকৰণ আৰু একক গোলকীয় অৰ্থনীতিৰ ‘গভীৰ’ একত্ৰীকৰণৰ সৈতে পাৰস্পৰিক নিৰ্ভৰশীলতা তীব্ৰ কৰে। বৰ্ধিত উৎপাদনশীলতাৰ দ্বাৰা উৎপন্ন হোৱা প্ৰতিযোগিতাই ইয়াৰ ভিতৰত অংশগ্ৰহণ কৰা সকলো সমাজক লাভান্বিত কৰে, যি প্ৰদৰ্শন কৰে যে অর্থনৈতিক বিশ্বায়ন হৈছে ইতিবাচক পৰিমাণৰ খেল, বিজয়ী আৰু বিজয়ীৰ খেল। উদাৰবাদীসকলে এইটোও বিশ্বাস কৰে যে বিশ্বায়নে সামাজিক আৰু ৰাজনৈতিক লাভালাভ আনিছে।
সমগ্র বিশ্বতে তথ্য আৰু ধাৰণাসমূহৰ মুক্ত প্রবাহে ব্যক্তিগত আত্ম–বিকাশৰ সুযোগ বহুল কৰে আৰু অধিক গতিশীল আৰু শক্তিশালী সমাজ সৃষ্টি কৰে। তদুপৰি, উদাৰ দৃষ্টিকোণৰ পৰা বজাৰ পুঁজিবাদৰ প্ৰসাৰ উদাৰ গণতন্ত্ৰৰ অগ্ৰগতি, অৰ্থনৈতিক স্বাধীনতাৰ ৰাজনৈতিক স্বাধীনতাৰ দাবীৰ সৈতে সদায়ে সম্পর্কিত। উদাৰবাদীসকলৰ বাবে, বিশ্বায়নে বিশ্ব ইতিহাসত এক জলবিভাজিকা চিহ্নিত কৰে, য’ত ই সেই সময়ছোৱাত সমাপ্ত হয় য’ত ৰাষ্ট্ৰ–ৰাজ্য প্ৰভাৱশালী গোলকীয় আছিল।
অভিনেতা শক্তিৰ এক (স্বাভাৱিকভাৱে অস্থিৰ) ভাৰসাম্যৰ দ্বাৰা বিশ্ব শৃংখলা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বিপৰীতে, গোলকীয় যুগত শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতি প্ৰৱণতা আৰু লগতে বিশ্বশক্তিৰ বিছুৰণৰ দ্বাৰা, বিশেষকৈ উদ্ভৱৰ জৰিয়তে চিহ্নিত কৰা হয়। গোলকীয় নাগৰিক সমাজ আৰু আন্তৰ্জাতিক সংগঠনসমূহৰ বৰ্ধিত গুৰুত্ব।
২১। বিশ্বায়নৰ প্ৰতি মৌলিক দৃষ্টিভংগী কেনেকুৱা?
উত্তৰঃ বিশ্বায়নৰ মধ্যমীয়া বিৱৰণে স্বীকাৰ কৰে যে ‘সমসাময়িক গোলকীয় অর্থনীতিত ৰাষ্ট্ৰ–ৰাজ্যসমূহ মুখ্য খেলুৱৈ হৈ আছে’ থিচিছৰ মৌলিক সংস্কৰণবোৰে অৱশ্যে এক স্বায়ত্তশাসিত সিদ্ধান্ত গ্রহণকারী সংস্থা হিচাপে ৰাজ্যখনৰ অৱনতিৰ ওপৰত জোৰ দিয়ে। এনে মৌলবাদী তত্ত্ববোৰৰ ভিতৰত আছে বিশ্বায়নক আকৰ্ষণ কৰা লেখকসকল আৰু যিসকলে মুক্তি নিয়ে যে বহুজাতিক কোম্পানী (এমএনচি) আৰু অৰ্থনৈতিক সমৃদ্ধিৰ আটাইতকৈ কার্যক প্ৰদানকাৰী ৰাজ্য নহয়। তেওঁলোক বিশ্বায়নৰ কট্টৰ সমালোচকৰ পৰাও আহিছে যিয়ে তথাপিও স্বীকার কৰে যে বিশ্বায়নে নাটকীয় সামাজিক পৰিৱৰ্তনলৈ লৈ গৈছে। বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগীৰ অৰ্থ হৈছে কঠোৰ চৰকাৰী নিয়ন্ত্ৰণত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় মুকলি কৰা। চৰকাৰ সকলো সিদ্ধান্ত লোৱা আৰু পৰিকল্পনাত সক্ৰিয়া।
বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগীৰ অৰ্থ হৈছে কঠোৰ চৰকাৰী নিয়ম আৰু নিয়মৰ অধীনত ৰাজ্যসমূহৰ মাজত একত্ৰীকৰণ আৰু যোগাযোগ। উদাহৰণস্বৰূপে কঠোৰ চৰকাৰী নিয়ন্ত্রণত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় মুকলি কৰা।
বিশ্বায়নৰ মধ্যমীয়া বিৱৰণে স্বীকাৰ কৰে যে ‘ৰাষ্ট্ৰ–ৰাজ্যসমূহ সমসাময়িক গোলকীয় অর্থনীতিত মুখ্য খেলুৱৈ হৈ আছে’। অৱশ্যে থিচিছৰ মৌলিক সংস্কৰণবোৰে এক স্বায়ত্তশাসিত সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে ৰাজ্যখনৰ অৱনতিৰ ওপৰত জোৰ দিয়ে।
এনে মৌলবাদী তত্ত্ববোৰৰ ভিতৰত আছে বিশ্বায়নক আকৰ্ষণ কৰা লেখকসকল আৰু যিসকলে যুক্তি দিয়ে যে ই বহুজাতিক কোম্পানী (এমএনচি) আৰু অৰ্থনৈতিক সমৃদ্ধিৰ আটাইতকৈ কাৰ্যকৰী প্ৰদানকাৰী ৰাজ্য নহয়। তেওঁলোক বিশ্বায়নৰ কট্টৰ সমালোচকৰ পৰাও আহিছে যিয়ে তথাপিও স্বীকাৰ কৰে যে বিশ্বায়নৰ ফলত নাটকীয় সামাজিক পৰিৱৰ্তন হৈছে।
২২। আমূল বিশ্বায়নে কোনবোৰ কাৰকৰ ওপৰত গুৰুত্ব আৰোপ কৰে?
উত্তৰঃ (ক) ফাইবাৰ–অপটি কেবল, ফেক্স মেচিন, ডিজিটেল ট্ৰেন্সমিচন আৰু উপগ্ৰহৰ দৰে কম ব্যয়ৰ টেলিকমমু– নিকেচন প্ৰযুক্তিৰ বিকাশ আৰু বিস্তৃত উপলব্ধতা,যাৰ অৰ্থ হৈছে যে ৰাজ্যসমূহৰ জনসংখ্যা ক্ৰমান্বয়ে এক ‘গোলকীয় সংস্কৃতিৰ অধীন হৈ পৰিছে যি নিয়ন্ত্ৰণ ৰখাৰ বাবে ব্যক্তিগত শাসন–শক্তিৰ বাহিৰত।
(খ) ২. এম. এন. চি.ৰ উত্থান যাৰ এতিয়া বহুতো ৰাজ্যক প্রতিদ্বন্দিতা কৰাৰ বাবে সম্পদ আছে, কিন্তু ৰাজ্যবোৰৰ বিপৰীতে ভূগোলত নিহিত নহয় আৰু স্থানান্তৰিত চাহিদা আৰু সস্তীয়া মজুৰী ব্যয়, কম ব্যৱসায়কৰ আৰু দুৰ্বল ট্রেড ইউনিয়নৰ দৰে স্থানীয় সুবিধাৰ উপলব্ধতা অনুসৰি তেওঁলোকৰ প্ৰকল্পবোৰ সহজে স্থানান্তৰ কৰিবলৈ সক্ষম হয়।
(গ) বাণিজ্যৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী প্রকৃতি, যাৰ ফলত ৰাজ্যসমূহে কাৰ্যকৰী অৰ্থনৈতিক নীতি বিকশিত কৰিবলৈ অক্ষম হৈছে। ৰাজ্যবোৰে তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কাৰক যেনে এম এনচিৰ ইম্পেৰা–টিভি আৰু বিশ্বৰ বিক্ৰীয় বজাৰৰ তাৰতম্যৰ প্ৰতি ক্ৰমান্বয়ে সঁহাৰি দিব লাগিব। সামগ্রিকভাৱে, এইটো দাবী কৰা হয় যে বিশ্ববজাৰ আৰু এম এনচিবোৰ ৰাজ্যতকৈ আন্তর্জাতিক বিষয়ত অধিক শক্তিশালী শক্তি আৰু বিশ্ব্যানেৰ এই নতুন শক্তিবোৰ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰি।
২৩। গোলকীয় ৰাজনীতিৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ মূল বৈশিষ্ট্যবোৰ বৰ্ণ না কৰা?
উত্তৰঃ বিশ্বৰ ৰাজনীতিৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ ভিতৰত আছে পাৰস্পৰিকভাৱে লাভজনক ফলাফল প্রাপ্ত কৰাৰ বাবে ৰাষ্ট্ৰ–ৰাজ্যসমূহৰ মাজত সহযোগিতাৰ ওপৰত বিশ্বাস। বাস্তৱবাদী আৰু নৱ–বাস্তৱবাদী তত্ত্বৰ বিপৰীতে, উদাৰ তাত্ত্বকসকলে আপেক্ষিক লাভৰ সলনি পৰমৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ অৰ্থ হ’ব যে ৰাষ্ট্ৰবোৰে আন্তৰ্জাতিক ক্ষেত্ৰত তেওঁলোকৰ স্থানতকৈ লাভজনক ফলাফলৰ বাবে অধিক যত্ন লয়; উদাৰবাদীসকলৰ বাবে, আন্তর্জাতিক ৰাজনীতি এক শূণ্য ৰাশিৰ খেল নহয়। ৰাষ্ট্ৰসংঘৰ উদাৰ দৃষ্টিভংগীৰ দ্বাৰা ইয়াক সৰ্বশ্ৰেষ্ঠভাৱে দেখুওৱা হৈছে, যাৰ দ্বাৰা ৰাষ্ট্ৰসমূহে গোলকীয় সমস্যাৰ হিংসাত্মক সমাধানৰ ওপৰত গুৰুত্ব নিদিয়াকৈ সহযোগিতা কৰিব পাৰে। উদাৰবাদৰ এই দিশটো ইমানুৱেল কান্টৰ দ্বাৰা প্ৰাৰম্ভিক ৰূপত প্ৰচাৰ কৰা হৈছিল, যিয়ে এক বিশ্বজনীন পৃথিৱীৰ থিঅ’ৰাইজ কৰিছিল য’ত দেশবোৰে আন্তর্জাতিক বিভাজন হ্ৰাস কৰিবলৈ সহযোগিতা কৰিব পাৰে। গোলকীয় ৰাজনীতিৰ প্রতি উদাৰ দৃষ্টিভংগীয়ে ব্যক্তিজনৰ ওপৰত দুটা ধৰণে গুৰুত্ব দিয়ে; তেওঁলোকৰ সাৰ্বভৌমত্ব আৰু তেওঁলোকৰ অ–আক্রমণাত্মক মানৱ প্রকৃতি।
উদাৰবাদী দার্শনিক জন লকে ব্যক্তিগত সার্বভৌমত্বৰ এজন গধুৰ প্ৰবক্তা আছিল, আনকি ৰাজ্যৰ ওপৰতো “প্ৰতিজন মানুহৰ নিজৰ ব্যক্তিৰ এটা সম্পত্তি আছে”। মানৱ অধিকাৰ আৰু বিশ্বায়নৰ উদ্ভৱত অধিক আধুনিক সময়ত ব্যক্তিৰ অধিকাৰ আৰু সাৰ্বভৌমত্বৰ সপক্ষে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব হ্রাস হোৱা দেখা গৈছে। মানৱ প্ৰকৃতিৰ প্ৰতি উদাৰ দৃষ্টিভংগী, একেদৰে, বাস্তৱবাদী তাত্ত্বিকসকলৰ তুলনাত অধিক আশাবাদী। থমাছ হব ছৰ নিৰাশাবাদী দৃষ্টিভংগীৰ বিপৰীতে যে প্ৰকৃতিৰ অৱস্থা “বেয়া, নিষ্ঠুৰ আৰু চুটি”, উদাৰবাদীসকলে এই কথাৰ ওপৰত গুৰুত্ব দিয়ে যে আমি স্বাভাৱিকভাৱে সহযোগিতা কৰিব পাৰোঁ আৰু যেতিয়া আন্তর্জাতিক ক্ষেত্ৰলৈ অনুবাদ কৰা হয় ৰাষ্ট্ৰবোৰ নিৰন্তৰ ‘যুদ্ধৰ অৱস্থা’ত নাথাকে।
এইটো সম্ভৱতঃ কিউবাৰ মিছাইল সংকটত আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে দেখা গৈছে, য’ত দুটা বিৰোধিতা কৰা মহাশক্তিয়ে পাৰমাণৱিক যুদ্ধ এৰাই চলিছিল, যদিও কোনো উমৈহতীয়া ভিত্তি নাছিল। সেয়েহে, উদাৰ তাত্ত্বিকসকলে জোৰ দি কয় যে যুদ্ধ অনিবার্য নহয়, আৰু এক শান্তিপূর্ণ মানৱ প্ৰকৃতিয়ে এনেধৰণৰ বহুতো সংঘৰ্ষ উদ্ভৱ হোৱাত বাধা দিব পাৰে।
২৪। গোলকীকৰণৰ সাৰ্বভৌমত্ব সম্পর্কে আলোচনা কৰা?
উত্তৰঃ আঞ্চলিক অর্থনৈতিক সংগঠনৰ বিকাশ আৰু বিশ্বায়ন প্রক্রিয়াই উমৈহতীয়াভাৱে ৰাষ্ট্রৰ সার্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান আনিছে। তদুপৰি নব্য–উপনিবেশীকতাই উন্নয়নশীল ৰাষ্ট্রৰ অর্থনৈতিক, আদর্শগত আৰু সাংস্কৃতিক দিশত নিয়ন্ত্রণ কৰি ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত বাধা আনিছে। গোলকীয় নিৰ্ভৰশীলতা, নব্য–উপনিবেশীকতা, বিশ্বায়ন আৰু উদাৰীকৰণ, ব্যক্তিগতকৰণে সাৰ্বভৌমত্বৰ প্ৰতি এক বৃহৎ সীমাবদ্ধতা বা বাধা হিচাপে থিয় দিছে।
বিংশ শতিকাৰ সময়ছোৱাত, কল্যাণকামী ৰাষ্ট্ৰৰ বিকাশ আৰু সাম্যবাদী আদৰ্শৰ অৰ্থনৈতিক বিকাশে, ৰাষ্ট্ৰৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ মূল ইন্ধন হিচাপে কাম কৰিছে। ৰাষ্ট্ৰই লাহে লাহে উদ্যোগৰ স্বত্বাধিকাৰী হ’বলৈ আৰু সমাজৰ অৰ্থনৈতিক জীৱনৰ নিৰ্ণায়ক হ’বলৈ সাৰ্বভৌমত্বক ব্যৱহাৰ কৰিবলৈ লৈছে। অর্থাৎ ৰাষ্ট্ৰই মানুহৰ আৰ্থ–সামাজিক দিশত বৃহৎ পৰিমাণৰ ক্ষমতা লাভ কৰে।
অৱশ্যে, বিংশ শতিকাৰ শেষৰ ফালে অৰ্থনৈতিক–ৰাজনৈতিক উদাৰীকৰণৰ বিকাশে পুৰণি ধাৰণাৰ পৰিবৰ্তন সাধন কৰে। গোলকীকৰণৰ বিকাশে ৰাষ্ট্ৰৰ কল্যাথকামী চৰিত্ৰত পৰিবৰ্তন। আনে। তদুপৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ষেত্ৰত ভূমিকা আৰু কাৰ্যৰ হ্ৰাস পাবলৈ ধৰে। যদিও ইয়াৰ ভূমিকা এক ৰক্ষক হিচাপে বাহাল থাকে, তথাপি ইয়াৰ অৰ্থনৈতিক কার্যত বৃহৎ পৰিবৰ্তন আহিবলৈ ধৰে।
ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত প্ৰভাৱ পেলোৱা ক্ষেত্রসমূহ তলত দিয়া ধৰণৰ–
(ক) অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাসঃ উদাৰীকৰণ– ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ অর্থনৈতিক দিশত সীমাবদ্ধতা আনিছে। জনসাধাৰণৰ প্ৰয়োজনীয়তাসমূহ পূৰ কৰাত ৰাজহুৱা খণ্ডৰ ব্যৰ্থতাই ৰাষ্ট্ৰৰ ওপৰত মানুহৰ বিশ্বাস বহু পৰিমাণে হ্ৰাস কৰিছে।
(খ) আঞ্চলিক সক্রিয়তা আৰু সদস্য ৰাষ্ট্ৰৰ উমৈহতীয়া সিদ্ধান্তঃ মুক্ত বাণিজ্য, বজাৰৰ প্রতিযোগিতা, বহুজাতিক প্রতিষ্ঠান আৰু আন্তৰ্জাতিক অর্থনৈতিক সংগঠন আদিৰ বিকাশে ৰাষ্ট্ৰীৰ কাৰ্য বহু পৰিমাণে হ্ৰাস কৰিছে। বিভিন্ন বাণিজ্যিক সংস্থা যেনে— European Union, NAFTA, APEC, ASFAN আদি সংগঠনে আন্তর্জাতিক অর্থনৈতিক সম্পৰ্কত কাম কৰি আহিছে। উদাহৰণস্বৰূপে European Unionৰ সদস্যসমূহে ইয়াৰ নীতি–নিয়ম অনুসৰি কাৰ্য কৰিব লাগে।
(গ) সিদ্ধান্ত গ্ৰহণত আন্তর্জাতিক নিৰ্দেশনাৰ সীমাবদ্ধতাঃ বর্দ্ধিত আত্ম নিৰ্ভৰশীলতাই ৰাষ্ট্ৰসমূহক বাহ্যিক সাৰ্বভৌমত্বত বাধা মানি চলিবলৈ বাধ্য কৰায়। বৰ্তমান প্রত্যেক ৰাষ্ট্ৰই আন্তর্জাতিক অর্থনৈতিক সংগঠন যেনে WTO, World Bank আৰু IMF আদিৰ নীতি নির্দেশনা মানি চলাটো গুৰুত্বপূৰ্ণ বুলি ভাবে।
(ঘ) সামৰিক শক্তিৰ গুৰুত্ব হ্রাসঃ রাষ্ট্র এখনে ইয়াৰ সামৰিক শক্তিক ৰাষ্ট্ৰীয় শক্তিৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। কিন্তু আন্তর্জাতিক শক্তি আৰু সহঃঅৱস্থানৰ ধাৰণাই লাহে লাহে সামৰিক শক্তিৰ গুৰুত্ব কিছু পৰিমাণে হ্ৰাস কৰিছে।
(ঙ) প্রত্যেক ৰাষ্ট্ৰৰ চুক্তিৰ বাধ্যবাধকতাঃ বহুতো আন্তর্জাতিক সন্মিলন আৰু চুক্তিয়ে প্রত্যেক ৰাষ্ট্ৰৰ ওপৰত কিছু সীমাবন্ধতা আনি দিছে। প্রত্যেক ৰাষ্ট্ৰৰ বৰ্তমান কোনোবা নহয়, কোনোবা চুক্তিৰ নিয়মৰ দায়বদ্ধ। বর্ধিত সন্ত্ৰাসবাদ, পাৰমাণৱিক শক্তিৰ বৃদ্ধি তথা পৰিবেশ ৰক্ষাৰ বাবে কৰা সামূহিক চুক্তিয়ে সকলো ৰাষ্ট্ৰকে ইয়াৰ নীতি–নিয়ম মানিবলৈ বাধ্য কৰিছে।
(চ) জনসাধাৰণৰ গোলকীয় প্ৰৱাহৰ বিকাশঃ গোলকীকৰণে পৃথিৱীৰ বিভিন্ন প্রান্তৰ মানুহৰ মাজত সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক সম্পর্ক গঢ় লৈ উঠাত সহায় কৰিছে। তথ্য প্ৰযুক্তিৰ বিকাশ আৰু যাতায়াত দ্রুত বিকাশে গোটেই বিশ্বখনকে এখন গোলকীয় গাৱত পৰিহত কৰিছে। মানুহে এতিয়া কেৱল এখন নিৰ্দিষ্ট দেশৰ নাগৰিক বুলি পৰিচয় দিয়াৰ পৰিবৰ্তে, গোটেই পৃথিৱীখনকে নিজৰ ঘৰ বুলি অনুভৱ কৰে।
সেইদৰে গোলকীকৰণ আৰু কিছুমান অন্য উপাদানে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি হেচা প্ৰয়োগ কৰিছে। ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ পৰিবৰ্তন আনিছে। তদুপৰি গোলকীকৰণৰ উপৰিও নব্য আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থাৰ উদ্দেশ্যসমূহে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্রতি বাধা আনিছে।
২৫। ৰাষ্ট্ৰীয় স্বাৰ্থ বুলিলে কি বুজা? বিভিন্ন শ্ৰেণীৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ে আলোচনা কৰা?
উত্তৰঃ যি স্বাৰ্থৰ দ্বাৰা ৰাষ্ট্ৰবিলাকে আন এখন ৰাষ্ট্ৰৰ সম্পৰ্কত সুৰক্ষা দিবলৈ যত্নপৰ হয় তাকে ৰাষ্ট্ৰীয় স্বার্থ বোলা হয়। ই এক অস্পষ্ট ধাৰণা। মুঠতে আন এখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ ক্ষেত্ৰত এখন ৰাষ্ট্ৰই স্বার্থ সুৰক্ষা কৰিবলৈ চেষ্টা কৰাকে ৰাষ্ট্ৰীয় স্বাৰ্থ বোলা হয়।
ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰকাৰঃ ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰকাৰসমূহ তলত আলোচনা কৰা হ’ল—
(ক) প্রাথমিক স্বার্থঃ যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰখনৰ বাবে স্থায়ী আৰু যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰখনৰ শাৰীৰিক, ৰাজনৈতিক,সাংস্কৃতিক বৈশিষ্ট্য আন দেশৰ হস্তক্ষেপৰ পৰা সুৰক্ষিত তেনে স্বার্থকে প্রাথমিক স্বার্থ বোলা হয়।
(খ) গৌণ স্বার্থ যি স্বার্থই বিদেশত থকা নিজ নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰে আৰু লগতে কুটনৈতিক বিষয়াসকলৰ সা–সুবিধা সুৰক্ষিত কৰে তেনে স্বাৰ্থক গৌণ স্বাৰ্থ বোলা হয়।
(গ) স্থায়ী স্বার্থঃ যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰ এখনৰ বাবে দীর্ঘম্যাদী আৰু যিবোৰৰ পৰিৱৰ্তন ধীৰ গতিত সংঘটিত হয় তেনে স্বার্থক স্থায়ী স্বার্থ বোলা হয়।
(ঘ) পৰিৱৰ্তনশীল স্বাৰ্থঃ ৰাষ্ট্ৰৰ যিবিলাক স্বার্থই বিশেষ পৰিস্থিতিত ৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰাৰ কথা প্ৰকাশ কৰে তেনে স্বার্থকে পৰিৱৰ্তনশীল স্বার্থ বোলা হয়।
(ঙ) সাধাৰণ স্বাৰ্থঃ যিবিলাক স্বাৰ্থ কেৱল ৰাষ্ট্ৰৰ ক্ষমতাৰ ভাৰসাম্যতাৰ ক্ষেত্ৰতহে প্রযোজ্য তেনে স্বার্থক সাধাৰণ স্বার্থ বোলা হয়।