Tulonamulak Sahitya Padhoti Aru Proyug Unit 4 অসমত তুলনামূলক সাহিত্য

Tulonamulak Sahitya Padhoti Aru Proyug Unit 4 অসমত তুলনামূলক সাহিত্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Tulonamulak Sahitya Padhoti Aru Proyug Unit 4 অসমত তুলনামূলক সাহিত্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Tulonamulak Sahitya Padhoti Aru Proyug Unit 4 অসমত তুলনামূলক সাহিত্য Question Answer can be of great value to excel in the examination.

Tulonamulak Sahitya Padhoti Aru Proyug Unit 4 অসমত তুলনামূলক সাহিত্য

Join Telegram channel

Tulonamulak Sahitya Padhoti Aru Proyug Unit 4 অসমত তুলনামূলক সাহিত্য Notes cover all the exercise questions in UGC Syllabus. The Tulonamulak Sahitya Padhoti Aru Proyug Unit 4 অসমত তুলনামূলক সাহিত্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমত তুলনামূলক সাহিত্য

ASSAMESE

তুলনামূলক সাহিত্যৰ পদ্ধতি আৰু প্ৰয়োগ

অতি চমু প্রশ্নোত্তৰঃ

১। গুৱাহাটী বিশ্ববিদ্যালয়ত কেতিয়াৰ পৰা তুলনামূলক সাহিত্য বিষয়টো অন্তর্ভুক্ত কৰা হয়? 

উত্তৰঃ ২০০২ চনৰ পৰা।

২। ভাৰতবৰ্ষত কেতিয়া পোনপ্ৰথমে তুলনামূলক সাহিত্য বিভাগটো খোলা হয়?

উত্তৰঃ ১৯৫৬ চনত যাদবপুৰ বিশ্ববিদ্যালয়ত।

৩। অসমত তুলনামূলক ভাৰতীয় সাহিত্যৰ বাবে সিংহদুৱাৰ মুকলি কৰি দিওঁতা বুলি কাক জনা যায়?

উত্তৰঃ ড° নগেন শ‍ইকীয়া।

৪। তুলনামূলক সাহিত্য কি?

উত্তৰঃ তুলনামূলক সাহিত্য হ’ল – সাহিত্য অধ্যয়নৰ সাহিত্য বিচাৰৰ দৃষ্টিভংগী বিশেষ। 

৫। তুলনামূলক সাহিত্যৰ উৎপত্তিক  ক’ত হয়?

উত্তৰঃ ইউৰোপত।

৬। অসমীয়া সাহিত্যৰ প্ৰসংগত তুলনামূলক সাহিত্যৰ প্ৰয়োগ কেই ধৰণে কৰিব পাৰি?

উত্তৰঃ দুই ধৰণে।

৭। তুলনামূলক সাহিত্য আৰু অনুবাদ কলা এই গ্ৰন্থখনৰ ৰচক কোন? 

উত্তৰঃ ড° কৰবী ডেকা হাজৰিকা।

৮। “ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়ন” এইখন কাৰ গ্ৰন্থ? 

উত্তৰঃ ড° প্রফুল্ল কুমাৰ নাথ।

৯। ‘তুলনামূলক ভাৰতীয় সাহিত্য’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ ড° নীৰাজনা মহন্ত বেজবৰা।

১০। ‘পটভূমিকাও তুলনামূলক সাহিত্য’ এইখন কাৰ গ্ৰন্থ?

উত্তৰঃ ড° নীৰাজনা মহস্ত বেজবৰা।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

১। তুলনামূলক সাহিত্যৰ ক্ষেত্ৰত অসমৰ স্থান সম্পর্কে এটি টোকা প্ৰস্তুত কৰা?

উত্তৰঃ অসম এখন সংমিশ্রিত সংস্কৃতিৰ ৰাজ্য। এই ৰাজ্যৰ পাহাৰে-ভৈয়ামে নানা জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা, সংস্কৃতি আৰু নিজস্ব জীৱন-ধাৰণ পদ্ধতি জীয়াই ৰাখিছে। প্রাচীন কালৰে পৰা এই ৰাজ্য নানা জাতি-উপজাতিৰ মিলন স্থান বুলি জনাজাত হৈ আহিছে। বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত থকা একতাৰ প্ৰকাশ অসমীয়া সংস্কৃতিৰ গৌৰৱময় দিশ। অসমীয়া সাহিত্যতো পুৰণি কালৰে পৰা তাৰ প্ৰকাশ দেখিবলৈ পোৱা যায়।

প্রাকশংকৰী যুগৰে পৰা অসমীয়া মানুহে বহল ভাৰতীয় সাহিত্য-সংস্কৃতিৰ লগত সম্পৰ্ক ৰক্ষা কৰি আহিছে। এই অসম ৰাজ্যখন প্রাকৃতিক কাৰণত ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ থকাৰ দৰেই আছিল যদিও মানসিক সংযোগ অব্যাহত আছিল। ৰামায়ণ আৰু মহা ভাৰতৰ কাহিনীয়ে প্ৰয়োদশ শতিকাতে অসম স্পৰ্শ কৰাৰ সাহিত্যিক উদাহৰণ আমি দেখিবলৈ পাওঁ। অষ্টম-নৱম শতিকাত বৌদ্ধ আৰু শাক্ত সাহিত্যই এই দেশত প্ৰসাৰতা লাভ কৰিছিল। পঞ্চাদশ শতিকাত শংকৰদেৱৰ হাতত সৃষ্টি হোৱা নৱবৈষ্ণৱ সাহিত্য আছিল সৰ্বভাৰতীয় চিন্তাৰ লগত অসমীয়া মনক সংযোগ কৰাৰ প্ৰধান মাধ্যম। গীত-নাট-কাব্য আৰু অংকীয়া ভাওনাৰ দ্বাৰা শংকৰদেৱে বৃহত্তৰ ভাৰতীয় মনৰ লগত অসমীয়া মানুহক চিনাকি কৰি দিছিল। সৰ্বভাৰতীয় ভক্তি আন্দোলনত শংকৰদেৱৰ অৰিহণা আছিল যথেষ্ট। মিশ্রিত ভাষা ব্ৰজাৱলীৰ ব্যৱহাৰ (ড° সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ মতে “মৈথেলী আৰু অৱহট্ট ভাষাৰ লগত অসমীয়া প্ৰকাশ ৰীতি বা ঠাঁচ আৰু শব্দাৱলী সংযোগ কৰি অসমীয়া ব্ৰজাৱলী ভাষা সৃষ্টি হৈছে”), বিভিন্ন গ্ৰন্থৰ অনুবাদ আদি কাৰ্যৰে শংকৰদেৱে অসমীয়া সমাজ আৰু সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল।

তেওঁৰ ৰচনাত, বিশেষকৈ নাটকসমূহত একেলগে সংস্কৃত, অসমীয়া আৰু ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰা হৈছিল। তুলনামূলক অধ্যয়নৰ প্ৰাচীন ইতিহাস বিচাৰি চাবলৈ গ’লে এয়া এক গুৰুত্বপূৰ্ণ কথা। যদিও তুলনামূলক সাহিত্য শব্দটো পুৰণি অসমত নালাগে, আজিৰ অসমতো নতুন— এই কথা ঠিক যে— শংকৰদেৱে তুলনাৰ বাবে তেওঁৰ সাহিত্যৰ সৃষ্টি কৰা নাছিল। তেওঁৰ মনত আছিল একে ধৰণৰ আনৰ্শৰ বহল আৰু সহজ প্ৰচাৰৰ ধাৰণা। তাকে কৰিবলৈ গৈ তেওঁ একাধিক কবিয়ে ব্যৱহাৰ কৰা কৃত্রিম ভাষা আৰু বিষয় গ্ৰহণ কৰিছিল, অৱশ্যে তেওঁৰ নিজা প্ৰতিভাৰ মিশ্ৰণেৰে। তেওঁৰ পিচৰ কালৰ কবিসকলেও অনুবাদ আৰু অনুকুলনৰ ধাৰাটো অব্যাহত ৰাখিছিল। গতিকে সৰ্বভাৰতীয় সাহিত্যৰ লগত অসমীয়া সাহিত্যৰ সম্পৰ্ক ক্ৰমে দৃঢ় হৈ আহিছিল।

দ্বিজৰাম ‘চাহাপৰী উপাখ্যান’ বা ‘মৃগাবতী চৰিত্ৰ’ আৰু অজ্ঞাত কবি ‘মধুমালতী’ কাব্য অসমীয়া সাহিত্যত দুটি বিশিষ্ট সংযোজন। চুফীবাদী চিন্তাৰ এই দুখন ইছলামীয় কাব্যক অসমীয়া কৰিয়ে স্থানীয় ঠাঁচত পেলাই বৈষ্ণৱ আৰ্হিত ৰচনা কৰিছে। সেইদৰে আজান ফকীৰৰ জিকিৰ গীতসমূহো হিন্দু আৰু মুছলমান দৰ্শনৰ অপূৰ্ব সংযোগ।

এইদৰে দেখা যায় যে কোনেও অনুভৱ নকৰাকৈ অসমীয়া সাহিত্যত বিভিন্ন ভাষা-সাহিত্যৰ চিন্তা আৰু অনুভৱ আগৰে পৰাই সোমাই আছিল। বৰ্তমানৰ সময়ত সৰ্বভাৰতীয় চিন্তা-জগতত তুলনামূলক সাহিত্যই স্থান পোৱাৰ লগে লগে অসমতো এক সচেতনতাৰ প্ৰয়োজন হৈছে। অসমীয়া ভাষা উপভাষাৰে সমৃদ্ধ। তদুপৰি বড়ো, মিচিং, ৰাভা আদি ভাষাসমূহৰ বহুতো উপাদান অসমীয়া ভাষাই ব্যৱহাৰ কৰিছে। এই ভাষাসমূহৰ সুন্দৰ সাহিত্য আছে। সেই সাহিত্যৰ অধ্যয়ন এক প্ৰয়োজনীয় বিষয় । যিদৰে বিশ্বৰ বিভিন্ন ভাষা-সাহিত্যৰ, ভাৰতৰ আঞ্চলিক সাহিত্যসমূহৰ মাজত তুলনামূলক অধ্যয়ন সম্ভৱপৰ সেইদৰে অসমীয়া সাহিত্যৰো নিজৰ মাজৰে সৰু সৰু গোটবিলাকৰ তুলনামূলক অধ্যয়ন প্রয়োজনীয়। এনে অধ্যয়নে সচেতনভাৱে মন নকৰা ঐক্য আৰু সাদৃশ্যৰ ছবি পৰিষ্কাৰকৈ দাঙি ধৰিব। বৰ্তমান অসমৰ অস্থিৰতা, অশান্তি আৰু ভুল বুজা-বুজিৰ পৰিৱেশত সেয়েহে তুলনামূলক সাহিত্যই উৎসাহজনক ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

২। অসমীয়া সাহিত্যত অনুবাদৰ স্থান সম্পৰ্কে বহলাই আলোচনা কৰা? 

উত্তৰঃ অসমীয়া সাহিত্য চহকী আৰু পুৰণি। সময়ে সময়ে বিভিন্ন ৰজা বা বিষয়াৰ পৃষ্ঠপোষকতাত এই অসম ৰাজ্যত সাহিত্যৰ ৰচনা, অধ্যয়ন আৰু চৰ্চা হৈছিল। তাৰ দ্বাৰা ভাৰতবৰ্ষৰ বিশাল সাহিত্য সম্ভাৰৰ লগত উৎসাহীসকলৰ পৰিচয় সম্ভৱপৰ হৈ উঠিছিল। এই ৰচনা কাৰ্য সাধাৰণতেই আছিল অনুবাদ তথা ছায়া লৈ কৰা ৰচনা। ৰামায়ণ, মহাভাৰতৰ লগতে ভাগৱত পুৰাণ আছিল অসমীয়া কবি- নাট্যকাৰসকলৰ মূল প্ৰেৰণা। অসমীয়া সাহিত্যৰ আটাইবোৰ স্তৰতে এই গ্ৰন্থকেইখনৰ অনুবাদ দেখা যায়। এই কথাখিনিৰ আলোচনাৰ ভিত্তিত ক’ব পাৰি যে অসমত অনুবাদ চৰ্চাৰ এক প্ৰাচীন পৰম্পৰা বিৰাজমান। সেই বিষয়ে আলোচনা কৰা হ’ল— প্ৰথমতে চোৱা যাওঁক প্ৰাচীন অসমীয়া সাহিত্যলৈ। মাধৱ কন্দলিয়ে মুকলি কৰা প্ৰাকশংকৰী যুগৰ কাব্য সাহিত্যৰ মূল ভেঁটি আছিল— ৰামায়ণ আৰু মহাভাৰত। কন্দলিয়ে কৰা ৰামায়ণৰ পঞ্চকাণ্ডৰ প্ৰাপ্ত অনুবাদেই প্রথম অসমীয়া অনুবাদ সাহিত্যৰ নিদৰ্শন। অসমৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু মূল্যবান সাহিত্য যুগৰ স্ৰষ্টা শংকৰদেৱৰ ৰচনাসমূহ অনুবাদ কলাৰ সুন্দৰ নিদর্শন। শংকৰদেৱ, মাধৱদেৱ তথা তেওঁলোকৰ পৰৱৰ্তী কবিসকলৰ ৰচনাসমূহ ঘাইকৈ অনুবাদেই। তেওঁলোকে প্রয়োজনীয় বুলি ভবা গ্ৰন্থসমূহ সংস্কৃত সাহিত্যৰ পৰা পোনে পোনে অনুবাদ কৰিছিল নাইবা মূল গ্ৰহণ কৰি নিজাকৈ কাব্য, নাট ৰচনা কৰি সিবোৰত স্বকীয় প্ৰতিভাৰ সংযোগ ঘটাইছিল। শংকৰদেৱৰ ভাগৱত পুৰাণ এক বিশাল অনুবাদ কর্ম ।

অনুবাদ যে পুনঃ সৃজনহে সেই কথাত পতিয়ন যাব পাৰি মাধৱদেৱৰ ‘নামঘোষা লৈ মন কৰিলে। ‘ভক্তি-ৰত্নাৱলী’ৰ মাজত মাধৱদেৱৰ অনুবাদ ৰীতি তুলনামূলকভাৱে সংৰক্ষণশীল। মহাপুৰুষ দুজনৰ পিছৰ অন্য এজন প্ৰসিদ্ধ আৰু সাৰ্থক অনুবাদক হ’ল— ৰামসৰস্বতী। তেওঁ সততে চকু দিছিল লোকজীৱনৰ ৰুচি আৰু প্ৰয়োজনীয়তাৰ ফালে। সেয়েহে মূলৰ কথা কেতিয়াবা ব্যাখ্যা কৰি, কেতিয়াবা চমু কৰি, কেতিয়াবা মূলত নথকা কাহিনীও যুক্ত কৰি তেওঁ মহাভাৰতৰ অনুবাদ উপভোগ্য কৰি তুলিছিল। এয়া এজন সফল অনুবাদকৰে লক্ষণ।

অসমীয়া সাহিত্যত অনুবাদৰ পৰম্পৰা ইয়াৰ পিছত বাগৰি আহে অন্য এটা সুঁতিৰে। সেয়া হ’ল— খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য। খ্ৰীষ্টান মিছনেৰীসকলে নিজৰ উদ্দেশ্যৰ লগত খাপ খোৱা গ্ৰন্থৰ অনুবাদ কৰিবলৈ লৈছিল। ১৮১৩ চনত প্ৰকাশ পোৱা আত্মাৰাম শৰ্মাই কৰা বাইবেলৰ অনুবাদেই বিদেশী ভাষাৰ পৰা অসমীয়ালৈ কৰা প্ৰথম অনুবাদ আৰু প্ৰথম প্ৰকাশিত অনূদিত পুথি। অৰুণোদই যুগত ধৰ্ম প্ৰচাৰৰ লগে লগে সাহিত্য আৰু ভাষাৰ উন্নতিৰ প্ৰতি দৃষ্টি ৰাখি মিছনেৰীসকলে ভালেমান ৰচনা ঘাইকৈ ইংৰাজীৰ পৰা, আৰু কেতিয়াবা বঙলাৰ পৰা অনুবাদ। কৰি উলিয়াইছিল। এই ক্ষেত্ৰত উৎসাহজনক ভূমিকা গ্ৰহণ কৰিছিল অৰুণোদই সংবাদপত্রই। ড° মাইলছ ব্ৰন্সনে বাইবেলৰ কিছুমান স্তুতিগীত সৰল অসমীয়ালৈ অনুবাদ কৰিছিল।

বিদেশী লেখকসকলৰ সাহিত্য ৰচনাৰ অনুবাদ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা অসমীয়া লেখকসকলৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আদি। আধুনিক অসমীয়া সাহিত্যত অনুবাদে এক বুজন অংশ অধিকাৰ কৰি আছে। সাহিত্যৰ প্ৰতিটো দিশৰে অনুবাদ ভাৰতৰ ভিতৰৰ আৰু বাহিৰৰ বিভিন্ন ভাষাৰ পৰা কৰা হৈ আছে। অনুবাদৰ যোগেদি দেশ-বিদেশৰ বিভিন্ন লেখনিৰ স্বাদ-বৈচিত্র্য লাভ কৰাৰ ফলত অসমীয়া পাঠকৰ আৰু লেখকৰো, ৰুচি-অভিৰুচিৰ জগতলৈ নতুনত্ব আহি পৰিছে। প্ৰথমতে কবিতাৰ অনুবাদলৈ চালে দেখা যায়। জোনাকী যুগৰে পৰা অসমীয়া সাহিত্যত কবিতাৰ অনুবাদ চলি আছে। আনন্দ চন্দ্ৰ আগৰৱালাই জীৱন-সংগীত, চহা আৰু পণ্ডিত, সুখৰ ঠাই আদি অনুবাদ কবিতাৰ মাজত অনুপম দক্ষতাৰ পৰিচয় নিছিল। আধুনিক অসমীয়া কবিতাত ভালেমান বছা বছা কবিতাৰ অনুবাদ হোৱা দেখা যায়। শ্যেলী, কীট্ছ, ৱৰ্ডছৱৰ্ণৰ দৰে ৰোমাণ্টিক কবি, এজৰা পাউণ্ড, ইলিয়টৰ দৰে আধুনিক কবিৰ কবিতাই অনূদিত ৰূপতো পাঠকক মুগ্ধ কৰিছে।

অসমীয়া উপন্যাস সাহিত্যত ভালেকেইখন বিদেশী উপন্যাসৰ ভাঙনি পোৱা যায়। আর্নেষ্ট হেমিংৱে, চার্লছ ডিকেন্স, পার্ল বাক আদি বিখ্যাত লেখকৰ একাধিক উপন্যাস অনূদিত হৈছে। বুঢ়া আৰু সাগৰ, যুদ্ধ আৰু শান্তি, পাপ আৰু প্ৰায়শ্চিত্ত, মা, ড্রেগন, কুমাৰী পৃথিৱী, দুখন নগৰৰ কাহিনী আৰু বহুতো উপন্যাসৰ সুন্দৰ ভাঙনি অসমীয়া সাহিত্যত পোৱা যায়।

অসমীয়া সাহিত্যৰ অন্যান্য দিশৰ তুলনাত আপেক্ষিকভাৱে দুর্বল হ’ল নাট্য সাহিত্য। অসমীয়া নাট্যকাৰসকলে দুখনমান অতি সুন্দৰ নাট ৰচনা কৰিলেও নাটকৰ সংখ্যা আশানুৰূপ নহয়, অৱশ্যে অনুবাদ সাহিত্যৰ ক্ষেত্ৰত অনূদিত নাটকে বহুখিনি অৰিহণা যোগাইছে। প্রথমে যদি একাংকিকা নাটৰ কথা আলোচনা কৰা যায়, তেন্তে দেখা যায় যে, পঞ্চাছৰ দশকত ভালেমান নাটক ইংৰাজীৰ পৰা অনুবাদ কৰা হৈছিল। তাৰে দুখনমান হ’ল— প্ৰফুল্ল দত্ত গোস্বামীৰ ‘জোনৰ পোহৰত’ (The Rising of the moon) আৰু সাগৰ অভিমুখে (Riders to the sca) আদি সার্থক একাংকিকা অনুবাদৰ উদাহৰণ। পূৰ্ণাংগ নাটক অনুবাদৰ ক্ষেত্ৰত প্ৰথমেই মনলৈ আহে অতুলচন্দ্ৰ হাজৰিকাৰ নাম। ইংৰাজীৰ পৰা অশ্রুতীর্থ (King Lear) বণিজ কোঁবৰ (The Merchant of Venice), বাংলাৰ পৰা বিসর্জন, তপতী আদি নাট তেওঁ অনুবাদ কৰিছিল।

আধুনিক কালত বেছিকৈ সমাদৃত হৈছে ইবচেনৰ নাটসমূহ। এইখিনি আলোচনাৰ ভিত্তিত ক’ব পাৰি যে— সাহিত্যৰ আলোচনা সহজ নহয় যদিও জনপ্রিয়। অসমত অনুবাদ চৰ্চাৰ পৰম্পৰা প্রাচীন আৰু বিকাশশীল। সৃষ্টিশীল লেখকসকলেই অসমত অনুবাদৰ দায়িত্বও পালন কৰে। সাহিত্য একাডেমিৰ অনুবাদৰ বাবে থকা বঁটাৰ বাবেও অসমীয়া পাঠক আৰু লেখক উৎসাহিত হৈছে। 

সাম্প্ৰতিক কালত অসমত হৈ থকা বিবিধ দিশৰ অনুবাদ কার্যৰ বিষয়ে এতিয়াও বিশেষ আলোচনা হোৱা নাই। ই আলোচনা আৰু বিশ্লেষণৰ বিস্তৃত বিষয়।

শিশু সাহিত্যৰ অনুবাদ অসমত যথেষ্ট আছে। ই এক মনোমোহা আৰু আনন্দদায়ক বিষয়।

এনে অনুবাদৰ প্ৰকাৰ হ’ল— বিদেশী ভাষাৰ শিশু সাহিত্যৰ অনুবাদ, ভাৰতীয় ভাষাৰ শিশু সাহিত্যৰ অনুবাদ আৰু অসমৰ বিবিধ জনজাতীয় ভাষাৰ শিশু-সাহিত্যৰ অনুবাদ। বিভিন্ন সাধুকথা, বিজ্ঞান-কাহিনী, প্রাণী জগতৰ কথা আদিৰো প্ৰচুৰ অনুবাদ অসমীয়া সাহিত্যত কৰা হৈছে। 

৩। অসমত তুলনামূলক সাহিত্যৰ প্ৰয়োগ সম্পৰ্কে লিখা।

উত্তৰঃ অসমীয়া সাহিত্যৰ বিশেষ প্ৰসংগত তুলনামূলক সাহিত্যৰ দুই ধৰণৰ প্ৰয়োগ হ’ব পাৰে।

(ক) অসমীয়া সাহিত্যৰ পৰিসীমাৰ ভিতৰতে তুলনামূলক অধ্যয়ন। এই অধ্যয়ন পদ্ধতিগতভাৱে অন্য ধৰণৰ সাহিত্য অধ্যয়ন পদ্ধতিবিলাকতকৈ বেলেগ প্ৰকৃতিৰ অৰ্থাৎ, তুলনামূলক সাহিত্যৰ পদ্ধতিবিজ্ঞান (methodology) অনুসৰি হ’ব। এই অধ্যয়নে জাতীয় সাহিত্যৰ বৈশিষ্ট্যবিলাক উদ্‌ঘাটন কৰিব পাৰিব।

(খ) দুই বা ততোধিক ভাৰতীয় সাহিত্যৰ সম্পৰ্ক জড়িতভাৱে অসমীয়া সাহিত্যৰ অধ্যয়ন। এই ধৰণৰ অধ্যয়ন নিশ্চিতভাৱেই অসমীয়াৰ লগত ওচৰ সম্পৰ্ক (ভাষিক, সাহিত্যিক, সাংস্কৃতিক আদি দিশত) থকা বাংলা, হিন্দী, উড়িয়া আদিৰ নিচিনা সাহিত্যৰ লগত হ’ব। অৱশ্যে এই ধৰণৰ অধ্যয়ন অন্য ভাষাত দক্ষতা আৰু অনুবাদৰ সহজলভ্যতাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব। ইয়াৰ প্ৰথম বিধত, অর্থাৎ তুলনামূলক সাহিত্যৰ একক সাহিত্যিক পন্থাত অধ্যয়নকাৰী সম্পূৰ্ণভাৱে অসমীয়া সাহিত্যৰ অধ্যয়নৰ প্ৰতি সমৰ্পিত। দ্বিতীয় বিধত, তুলনামূলক সাহিত্যৰ বহু সাহিত্যিক পন্থা গ্ৰহণ কৰা হয়। প্রথম বিধত তুলনামূলক সাহিত্যৰ আংশিক আৰু পিছৰ বিধত সম্পূর্ণ প্রয়োগ ঘটে। অসমীয়া সাহিত্যৰ ক্ষেত্ৰত প্রথম বিধৰ যথেষ্ট প্রাসংগিকতা আছে। 

কিন্তু ভাৰতৰ নিচিনা বহুভাষিক অবস্থাত একক সাহিত্যৰ অধ্যয়নৰ প্ৰকৃতিও বেলেগ নহ’লে অর্থাৎ তুলনামূলক নহ’লে ইংৰাজী বা আমেৰিকান সাহিত্যৰ অধ্যয়নৰ নিচিনা একক পদ্ধতিৰে ফলপ্ৰসূতা অৰ্জন কৰিব নোৱাৰি। পশ্চিমৰ একোবিধ সাহিত্যৰ ক্ষেত্ৰত একক সাহিত্যিক সমালোচক একোজনৰ যি গুৰুত্ব ভাৰতৰ ক্ষেত্ৰত তেনে সমালোচকতকৈ তুলনা বিশাৰদৰ গুৰুত্ব বেছি। অসমীয়া সাহিত্যৰ স্থিতি সদায় অসমীয়া। এনে অৱস্থাত একক সাহিত্য সমালোচকৰ ভূমিকা সম্পূৰ্ণ ফলপ্ৰসূ হোৱাৰ আশা কৰিব নোৱাৰি। সেয়েহে তুলনামূলক সাহিত্যৰ প্ৰথম বিধৰ পন্থা গ্ৰহণ কৰিও ভাষাৰ আপাতদৃষ্টিত দুলংঘো যেন লগা প্ৰাচীৰ অতিক্ৰম কৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰত দ্বিতীয় বিধৰ পন্থা অধিক বিবেচনা কৰি চাবলগীয়া।

অসমীয়া সাহিত্যৰ বহুভাষিক তথা ঔপনিবেশিক— এই দুই ধৰণৰ স্থিতিৰ কাৰণতে পশ্চিমীয়া একক সাহিত্য অধ্যয়নৰ ‘ফ্রেম’ বা ব্যৱস্থা ইয়াত ফলপ্রসূ হ’ব নোৱাৰে। বহুভাষিক স্থিতি বোলোতে সৰ্বভাৰতীয় স্থিতিৰ লগতে পূৰ্বাঞ্চলৰ (অসমৰ ভিতৰুৱা আৰু অন্য ৰাজ্যৰ) বিশেষ স্থিতিৰ কথাও আছে।

সামগ্রিকভাৱে ক’বলৈ হ’লে, অসমীয়া সাহিত্যৰ অধ্যয়নত তুলনামূলক সাহিত্যই বস্তুতাত্ত্বিকভাৱে, বিধাগতভাৱে, ঐতিহাসিকভাৱে তথা বিভিন্ন সাহিত্যিক আৰু সাহিত্যৰ সম্পৰ্কৰ বিশ্লেষণেৰে এককভাবে অসমীয়া সাহিত্যৰ অধ্যয়নত আৰু বহু সাহিত্যিক অধ্যয়নৰ অংশ হিচাপেও অসমীয়া সাহিত্যৰ অধ্যয়নৰ বাবে বিশেষ দৃষ্টিভংগী প্ৰদান কৰিব পাৰে।

তুলনামূলক সাহিত্যই ৰাষ্ট্ৰীয় গোড়ামি, আঞ্চলিকতাবাদৰ ঠেক গণ্ডী অতিক্ৰম কৰি সাহিত্য অধ্যয়নক বিস্তৃত কৰাৰ কথা কয়। কিন্তু তাৰ অৰ্থ বিভিন্ন ৰাষ্ট্ৰীয় সাহিত্যৰ পৰম্পৰাৰ অস্তিত্ব আৰু গুৰুত্ব (ভাৰতৰ ক্ষেত্ৰত বিভিন্ন প্রাদেশিক সাহিত্যৰ) উপেক্ষা বা হ্ৰাস কৰা নহয়। তুলনামূলক সাহিত্যই সাহিত্যৰ বিস্তৃত প্ৰেক্ষাপট নিৰ্মাণৰ, সেই প্ৰেক্ষাপটত সাহিত্যৰ মূল্য নিৰ্দ্ধাৰণৰ, সাহিত্যৰ অন্তর্নিহিত মানৱীয় মূল্য উদ্‌ঘাটনৰ যত্ন কৰে। অসমীয়া সাহিত্যৰ সৰ্বতোমুখী, পুংখানুপুংখ অধ্যয়ন অসমত তুলনামূলক সাহিত্যৰ প্ৰথম খোজ।

বিভিন্ন লিখক, বিভিন্ন সময়, ধাৰা, যুগ, আন্দোলন, সেইবিলাকৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, মনোবৈজ্ঞানিক আদি সামগ্রিক ধৰাতল, কিহৰ প্ৰভাবত বা সম্পৰ্কত কি হ’লগৈ বা নহ’লগৈ, কেতিয়া, ক’ৰ পৰা কেনেকৈ কি আহিছে আটাইবোৰ চাই তুলনামূলক সাহিত্যই আমাৰ অসমীয়া জাতিৰ সৃজনী শক্তি, জাতীয় সাহিত্যত তাৰ প্ৰতিফলন, আমাৰ জাতিৰ মূল্যবোধ, আমাৰ সাহিত্যৰ অন্তৰ্নিহিত সনাতন মূল্য উলিয়াব খোজে। অসমীয়া সাহিত্য অধ্যয়নৰ অন্য কোনো পদ্ধতিৰে তুলনামূলক সাহিত্যই বিৰোধ নকৰে। অসমীয়া সাহিত্যৰ অধ্যয়নেই অসমত তুলনামূলক সাহিত্যৰ অধ্যয়নৰ মূল ভেঁটি। এই মূল ভেঁটিৰ পৰা অন্য সাহিত্যলৈ, সাহিত্য ভিন্ন অন্য যিবিলাক বিষয়ে আমাৰ সাহিত্যক প্রভাৱিত কৰিছে বা যিবিলাকৰ সম্পৰ্কলৈ আমাৰ সাহিত্য আহিছে, সেই বিলাকলৈও তুলনামূলক সাহিত্যই বাহু প্ৰসাৰিত কৰিব খোজে।

৪। অসমত তুলনামূলক সাহিত্যৰ প্ৰাসংগিকতা সম্পৰ্কে লিখা?

উত্তৰঃ তুলনামূলক সাহিত্যই অধ্যয়নক অধিক বিস্তৃতি প্ৰদান কৰে। পৃথিৱীৰ সমস্ত সাহিত্যকে ই এক সাহিত্য বুলি গ্ৰহণ কৰাৰ কথা কয়। তুলনামূলক সাহিত্যৰ এই পৃথিৱীৰ সমস্ত সাহিত্যকে একক সাহিত্য বুলি গ্ৰহণ কৰাৰ ধাৰণা আবেগিক কল্পনামাত্ৰ নহয়। ই সাহিত্যৰ প্ৰত্যেক লক্ষণ, বৈশিষ্ট্য সূক্ষ্মাতি-সূক্ষ্মভাৱে ফঁহিয়াই চাব খোজে। তাৰ উৎস, তাৰ চাৰিসীমাৰ ভিতৰৰ ওচৰ-পাজৰৰো প্ৰত্যেকটো বিষয়ৰ লগত সম্পৰ্ক জড়িতভাৱে সাহিত্যৰ অধ্যয়নলৈ সম্পূর্ণতা, বিশিষ্টতা, ফলপ্রসূতা, যুগানুকূলতা আনিব খোজে। এইদৰে সাহিত্যৰ প্ৰতিটো বিষয়, লক্ষণ ফঁহিয়াই চাওঁতে, সম্পর্ক জড়িত কৰি চাওঁতে, ব্যক্তিগত, জাতীয় অথবা ৰাষ্ট্ৰীয় আৰু ক্ৰমে সাহিত্যৰ সার্বজনীন অথবা বিশ্বাকে বৈশিষ্ট্য ওলাই পৰে। উদাহৰণস্বৰূপে বংগৰ মাইকেল মধুসূদন দত্তৰ প্ৰসংগ আনিব পাৰি। সাহিত্যৰ সাধাৰণ ইতিহাসে তেওঁৰ গ্ৰীকশৈলী গ্ৰহণৰ কথা, প্রাচ্য-পাশ্চাত্য সংমিশ্ৰণৰ কথা ক’ব । সাহিত্যৰ সাধাৰণ অধ্যয়নে তেওঁৰ ৰচনাৰ প্ৰাচ্য-পাশ্চাত্য তত্ত্ব উদ্‌ঘাটন কৰিব। কিন্তু তুলনামূলক সাহিত্যই তেওঁৰ ৰচনাৰ সমস্ত পৰিসীমা আলোচনালৈ আনিব। গ্রীক সাহিত্যৰ ধৰণ-কৰণ গ্ৰহণ কৰিব লাগে বুলি তেওঁ কিয় ভাবিলে, ইয়াতকৈও বিস্তৃত পৰিসৰত, কেৱল মধুসূদনৰ ব্যক্তিগত চৰিত্ৰ, আগ্ৰহতে সীমাবদ্ধ নেথাকি তুলনামূলক সাহিত্যই মধুসূদন দত্ত এক প্রধান ব্যক্তিত্ব হিচাপে থকা ঊনবিংশ শতিকাৰ সমগ্ৰ বাংলা সাহিত্যৰ চৰিত্ৰ বিশ্লেষণৰ যত্ন কৰিব। “মোগল যুগত নাটক ৰচনা তথ্য নাট্য চৰ্চাৰ অভাৱ, ‘বেজবৰুৱাৰ যুগৰ অসমীয়া সাহিত্যত দাৰ্শনিক চিন্তাৰ অভাৱ বুলিয়ে ক্ষান্ত নেথাকি তুলনামূলক সাহিত্যই সেই সময়ছোৱাৰ ভিতৰত তাৰ সামাজিক, ধার্মিক, মনোবৈজ্ঞানিক আদি কাৰণ বিশ্লেষণৰ যত্ন কৰিব। 

ব্ৰজাৱলী ভাষাৰ সংগীত প্ৰধান অংকীয়া ভাওনাৰ পৰা ক্ৰমে ছন্দগান্ধী পুৰণি অসমীয়া ভাওনাৰ মাজেৰে ৰাণী, মোৰ বৰ পিয়াহ লাগিছে ৰহ’নিচিনা সংলাপেৰে প্লাষ্টিকৰ জাবৰ পৰা পানী উলিয়াই খোৱা ভাওনালৈ ভাওনাৰ পাঁচশ বছৰীয়া যাত্ৰাৰ প্ৰতিটো পর্যায়ৰ সংলাপ, অভিনেয়, গীত-নৃত্য-বাদ্যাংশ আদিৰ পৰিৱৰ্তন-পৰিৱর্দ্ধনৰ কাৰণ, সেই কাৰণৰ অন্তৰালত থকা পৰিস্থিতিসমূহৰ বিশ্লেষণ কৰি চাব তুলনামূলক সাহিত্যই। প্রকৃতপক্ষে, ভাৰতৰ প্রত্যেক বিধৰ সাহিত্য অধ্যয়নৰ কাৰণে ভাৰতীয়সকলক তুলনামূলক সাহিত্যৰ নিচিনা এটা দৃষ্টিভংগী অনিবার্যভাবেই লাগে। অসমতো ইয়াৰ বাৰুকৈয়ে আৱশ্যক।

৫। অসমীয়া সাহিত্যৰ অন্তৰ্ভুক্ত হিচাপে অংকীয়া নাট আৰু আধুনিক নাটকৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা? 

উত্তৰঃ অংকীয়া নাট আৰু আধুনিক নাটকৰ এটি তুলনামূলক আলোচনা তলত দাঙি ধৰা হ’ল— 

(ক) মহাপুৰুষ শংকৰদেৱ বিৰচিত নাটকৰ সৰহভাগেই দশমস্কন্ধ ভাগৱতৰ বিষয়ৰ আধাৰত প্রতিষ্ঠিত। একমাত্ৰ ৰামবিজয় নাটৰ বিষয়বস্তুহে ৰামায়ণৰ পৰা আহৰণ কৰা হৈছে। আনহাতে আধুনিক নাটকৰ বিষয়বস্তু সুকীয়া। পৌৰাণিক নাটকৰ বাবে ৰামায়ণ, মহাভাৰত বা পুৰাণৰ আৰু ঐতিহাসিক নাটকৰ বাবে ইতিহাসৰ পৰা বিষয়বস্তু আহৰণ কৰা হৈছে।

(খ) অংকীয়া নাটত শংকৰদেৱে সাহিত্যিক গুণসমৃদ্ধ ভাষা আৰু উপমাদি অলংকাৰ প্ৰয়াগ কৰি নাট্যবস্তু আকষণীয় কৰি তুলিছে। কিন্তু আধুনিক নাটকৰ সৰহ সংখ্যকেই সাহিত্যিক দিশৰ পৰা সমৃদ্ধ বুলিব নোৱাৰি।

(গ) শংকৰদেৱৰ নাটসমূহত ব্যৱহৃত সংস্কৃত শ্লোকসমূহত সাধাৰণতে অনুষ্টুপ ছন্দৰ প্ৰয়োগ ঘটিছে। পৰৱৰ্তী অন্যান্য নাট্যকাৰৰ অংকীয়া নাটতো শ্লোকৰ ব্যৱহাৰ আছে। কিন্তু আধুনিক নাটকত সংস্কৃত শ্লোকৰ ব্যৱহাৰ দেখা নাযায়।

(ঘ) শংকৰদেৱ, মাধবদের, ৰামচৰণ ঠাকুৰ আদিৰ নাটত পুৰণি অসমীয়া ভাষাৰ লগে লগে হিন্দী, ভোজপুৰী, মৈথেলী আদি ভাষাৰ সংমিশ্রণ চকুত লগা। আনহাতে আধুনিক নাটকত বিশেষকৈ সামাজিক নাটকত ইংৰাজী, বাংলা, হিন্দী আদি শব্দৰ প্ৰয়োগ স্থানবিশেষে চকুত পৰে। 

(ঙ) অংকীয়া নাটসমূহত সাধাৰণতে দুটাকৈ নান্দী শ্লোক ব্যৱহাৰ কৰা হৈছে আৰু শংকৰদেৱৰ প্ৰায়বোৰ নাটকতেই ভটিমাৰ সংখ্যা সাধাৰণতে দুটা। অৱশ্যে ৰামবিজয় আৰু ৰুক্মিণী হৰণ নাটকত চাৰিটাকৈ ভটিমা প্রয়োগ কৰিছে। আধুনিক নাটকত নান্দী আৰু ভটিমাৰ প্ৰয়োগ দেখা নাযায়।

(চ) শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰায়বোৰ নাটতেই কৃষ্ণ চৰিত্ৰই প্ৰাধান্য লাভ কৰিছে। পৰৱৰ্তীকালত ৰচিত প্ৰায়বোৰ অংকীয়া নাটতো তাৰ ব্যতিক্ৰম নহয়। কিন্তু আধুনিক নাটৰ বিষয়বস্তু বহুধা বিভক্ত, গতিকে চৰিত্ৰও বিচিত্র।

(5) মাধৱদেৱে ‘অর্জুন ভঞ্জন’ নাটৰ বিষয়বস্তু দশম স্কন্ধ ভাগৱতৰ পৰা গ্ৰহণ কৰিছে যদিও তেওঁৰ ঝুমুৰাসমূহৰ বিষয়বস্তু সংগ্ৰহ কৰিছে বিল্বমংগল স্ত্রোত্ৰৰ পৰাহে। আধুনিক পূৰ্ণাংগ নাটক আৰু একাংকিকাৰ মাজত যেনেদৰে পাৰ্থক্য বিদ্যমান, অনুৰূপভাৱে অংকীয়া নাট আৰু ঝুমুৰাৰ মাজতো পার্থক্য বিদ্যমান।

৬। নৱকান্ত বৰুৱাৰ ‘কপিলীপৰীয়া সাধু’ আৰু মানিক বন্দোপাধ্যায়ৰ ‘পদ্মানদীৰ মাঝি’ দুয়োখন নদীকেন্দ্রিক উপন্যাস। এই উপন্যাস দুখনৰ তুলনামূলক আলোচনা দাঙি ধৰা? 

উত্তৰঃ (ক) কপিলাপৰীয়া সাধু উপন্যাসৰ নায়ক ৰূপাইৰ জীৱনৰ সৈতে কপিলীৰ অবিচ্ছিন্ন সম্পৰ্কৰ দৰে পদ্মানদীৰ মাঝিৰ নায়ক কুবেৰৰ পদ্মানদীৰ সৈতে সম্পৰ্কও এৰাব নোৱাৰা।

(খ) পদ্মানদীৰ মাঝি উপন্যাসৰ অন্তৰালত নদীখনে অখণ্ড প্ৰভাৱ বিস্তাৰ কৰিছে। উপন্যাসখনৰ কাহিনী আৰু চৰিত্ৰ সকলোৰে ওপৰত নৈখনৰ প্ৰভাৱ পৰিছিল। আনহাতে কপিলীপৰীয়া সাধুতো কপিলী নৈয়ে ইয়াৰ নায়ক আৰু অন্যান্য কেইবাটাও চৰিত্ৰৰ ওপৰত অখণ্ড প্ৰভাৱ বিস্তাৰ কৰিছে।

(গ) পদ্মানদীৰ মাঝিত কেতুপুৰ অঞ্চলৰ দৰিদ্ৰ মাঝিসকলৰ প্রাত্যহিক জীৱনৰ ব্যৱহাৰ কৰা অপূৰ্ব কথনশৈলীৰ প্ৰয়োগৰ দৰেই কপিলীপৰীয়া সাধুতো ঔপন্যাসিকে নগাঁৱৰ গ্ৰাম্যাঞ্চলৰ মাত কথাৰ সাৰ্থক ব্যৱহাৰ কৰিছে।

(ঘ) দুয়োখন উপন্যাসতেই ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ জনসাধাৰণৰ ভাগ্যচক্র নিয়ন্ত্রিত কৰিছে নদীয়ে। নদীক বাদ দি যেন নৈপৰীয়া জনগণৰ কোনো অস্তিত্ব নাই। বানে বিধ্বস্ত কৰা সর্বশ্রান্ত লোকসকলে নিজ মাতৃৰ দৰেই জ্ঞান কৰে নদীক আৰু সেয়ে সুখে-দুখে সকলো সময়তে নৈৰ সান্নিধ্য ত্যাগ কৰিব বিচাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top