Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Question Answer can be of great value to excel in the examination.
Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য
Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Notes cover all the exercise questions in UGC Syllabus. The Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য
ASSAMESE
তুলনামূলক সাহিত্যৰ পদ্ধতি আৰু প্ৰয়োগ
অতি চমু প্রশ্নোত্তৰঃ
১। পৃথিৱীৰ প্ৰথম সাহিত্য বেদৰ সৃষ্টি ক’ত হৈছিল?
উত্তৰঃ পৃথিৱীৰ প্ৰথম সাহিত্য বেদৰ সৃষ্টি হৈছিল ভাৰতবৰ্ষত ।
২। ভাৰতীয় সাহিত্য শব্দটো প্ৰথমতে কোনে, ক’ত ব্যৱহাৰ কৰিছিল?
উত্তৰঃ ভাৰতীয় সাহিত্য শব্দটো প্ৰথমতে বিদেশী (ভাৰতৰ বাহিৰৰ মানুহে) ভাৰতৰ বাহিৰত ব্যৱহাৰ কৰিছিল।
৩। কোনজন ব্যক্তিয়ে পোনপ্রথমে ‘Indian Literature’ শব্দটো ব্যৱহাৰ কৰিছিল?
উত্তৰঃ কবি আগষ্ট বিলহেল্ম ভন শ্লেগেলে পোনপ্রথমে ‘Indian Literature’ শব্দটো ব্যৱহাৰ কৰিছিল।
৪। কবি আগষ্ট বিলহেল্ম ক’ৰ লোক আছিল?
উত্তৰঃ কবি আগষ্ট বিলহেল্ম জাৰ্মানৰ লোক আছিল।
৫। কিমান চনত আৰু কিহৰ বাৰে আগষ্ট বিলহেল্মে Indian Literature’ পদটো ব্যৱহাৰ কৰে?
উত্তৰঃ ১৮২৩ চনত মূলতঃ সংস্কৃত সাহিত্যসমূহক বুজাবলৈ জার্মান কবিজনে ‘Indian Literature’ পদটো ব্যৱহাৰ কৰে।
৬। কোন কেইজন ব্যক্তিয়ে প্রথমে ভাৰতৰ বাহিৰত ‘Indian Literature’ শব্দটো ব্যৱহাৰ কৰিছিল?
উত্তৰঃ August Wilhelm, Albert Webers, Winternitzs.
৭। Albert Webers ৰ গ্ৰন্থখনৰ নাম কি? সেইখন কিমান চনত প্ৰকাশিত হয়?
উত্তৰঃ গ্ৰন্থখন হ’ল — ‘The history of Indian literature’ আৰু এইখন ১৮৫২ চনত প্রকাশিত হয়।
৮। প্ৰকৃতাৰ্থত ‘ভাৰতীয় সাহিত্য’ নামটোৱে আত্মপ্ৰকাশ কৰা প্ৰথমখন আলোচনী কি?
উত্তৰঃ প্ৰকৃতাৰ্থত ‘ভাৰতীয় সাহিত্য’ নামটোৱে আত্মপ্ৰকাশ কৰা প্ৰথমখন আলোচনী হৈছে — নিউ ইণ্ডিয়ান লিটাৰেচাৰ।
৯। ‘হাওৰা বংগীয় সাহিত্য সন্মিলন’ৰ সভাপতি কোন আছিল?
উত্তৰঃ আশুতোষ মুখার্জী।
১০। ‘সাহিত্য অকাডেমী’ ক’ত প্ৰতিষ্ঠা হয়?
উত্তৰঃ ‘সাহিত্য অকাডেমী’ নিল্লীত প্রতিষ্ঠা হয়।
১১। ‘সাহিত্য অকাডেমী’ কেতিয়া প্রতিষ্ঠিত হয়?
উত্তৰঃ ১৯৫৪ চনত প্ৰতিষ্ঠিত হয়।
১২। ১৯৫৭ চনত ‘সাহিত্য অকাডেমী’ৰ মুখপত্ৰ কি আছিল?
উত্তৰঃ Indian Literature.
১৩। ভাৰতীয় প্ৰগতিশীল লেখক সংঘৰ (Indian Progressive writers Association) কেতিয়া প্রতিষ্ঠা হয়?
উত্তৰঃ ভাৰতীয় প্ৰগতিশীল লেখক সংঘৰ ১৯৩৬ চনত প্রতিষ্ঠা হয়।
১৪। ‘ভাৰতীয় প্ৰগতিশীল লেখক’ সংঘৰ দ্বাৰা প্ৰকাশিত ‘নিউ ইণ্ডিয়ান লিটাৰেচাৰ’ কেতিয়া প্রকাশিত হয়?
উত্তৰঃ ১৯৩৯ চনত প্ৰকাশিত হয়।
১৫। ‘ভাৰতীয় প্ৰগতিশীল লেখক’ সংঘৰ দ্বাৰা প্ৰকাশিত ‘নিউ ইণ্ডিয়ান লিটাৰেচাৰ’ কোন ঠাইৰ পৰা পকাশ পাইছিল?
উত্তৰঃ লক্ষ্ণৌ চহৰৰ পৰা প্ৰকাশ পাইছিল।
১৬। ইন্দ্ৰনাথ চৌধুৰীয়ে তুলনামূলক সাহিত্যৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ “তুলনামূলক সাহিত্য কী ভূমিকা।”
১৭। “Aspects of comparative Literature” গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ Dr. Indranath Choudhury.
১৮। The Idea of Indian Literature কাৰ ৰচনা?
উত্তৰঃ Umashankar Yoshi ৰ ৰচনা।
১৯। “বিশ্বসাহিত্য” এই পৰিভাষাটোৰ প্ৰৱৰ্তক কোন?
উত্তৰঃ ৰবীন্দ্রনাথ ঠাকুর।
২০। “তুলনামূলক সাহিত্য” সম্পর্কীয় প্ৰথমখন গ্ৰন্থ কোনে ৰচনা কৰিছিল?
উত্তৰঃ “তুলনামূলক সাহিত্য” সম্পর্কীয় প্ৰথমখন গ্রন্থ পচনেটে ৰচনা কৰিছিল।
২১। ভাৰতবৰ্ষত বিশ্বসাহিত্য” সম্পর্কীয় প্রথম বক্তৃতা প্ৰদান কৰা ব্যক্তিগৰাকী কোন?
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ।
২২। “তুলনামূলক সাহিত্য”ৰ পাঠ্যক্ৰম থকা তিনিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ মানুৰাই কামৰাজ বিশ্ববিদ্যালয়, হায়দৰাবাদৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়।
২৩। ১৯০৭ চনত “Comparative Literature” সম্পর্কে কোনে ভাষণ প্র কৰিছিল?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে ভাষণ প্ৰদান কৰিছিল।
২৪। তুলনামূলক সাহিত্য সম্পর্কে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোনে ভাষণ প্ৰদান কৰিছিল?
উত্তৰঃ ড৹ সত্যেন্দ্রনাথ শর্মাদেৱে।
২৫। ভাৰতবৰ্ষৰ কোন বিশ্ববিদ্যালয়ত প্রথমে MIL (আধুনিক ভাৰতীয় ভাষা) বিভাগৰ প্রতিষ্ঠা হয়?
উত্তৰঃ কলিকতা বিশ্ববিদ্যালয়ত ।
২৬। ড° সৰ্বপল্লী ৰাধাকৃষ্ণৰ সাহিত্য অকাডেমীৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ “Contemporary Indian Literature.”
২৭। ‘তুলনামূলক সাহিত্যৰ ব্যুৎপত্তিগত অর্থ কি?
উত্তৰঃ তুলনা যি কৰে, তেনে যিকোনো সাহিত্যকর্ম (any literary work that compares)।
২৮। ভাৰতৰ প্ৰাদেশিক ভাষা – সাহিত্যই বিদ্যায়তনিক অনুশীলনৰ (academic discipline) স্বীকৃতি কেতিয়া লাভ কৰে?
উত্তৰঃ ১৯১৯ চনত আশুতোষ মুখার্জীৰ উদ্যমত কলিকতা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বাংলা – ভাষা সাহিত্যই অন্তর্ভুক্তি লাভ কৰাৰ লগে লগেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰাদেশিক ভাষা সাহিত্যই বিদ্যায়তনিক অনুশীলনৰ (academic discipline) স্বীকৃতি লাভ কৰে।
২৯। বাংলা উপন্যাসক মূলতঃ কেইটা ভাগত বিভক্ত কৰা হৈছে?
উত্তৰঃ বাংলা উপন্যাস মূলতঃ দুটা ভাগত বিভক্ত কৰা হৈছে।
৩০। মাণিক বন্দোপাধ্যায়ৰ ক’ত কেতিয়া জন্ম হৈছিল?
উত্তৰঃ মাণিক বন্দোপাধ্যায়ৰ বৰ্তমানৰ ঝাড়খণ্ডৰ দুমকা চহৰত ১৯০৮ চনৰ ১৯ মে’ তাৰিখে জন্ম হৈছিল।
৩১। মাণিক বন্দোপাধ্যায়ৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰঃ মাণিক বন্দোপাধ্যায়ৰ পিতৃ হৰিহৰ বন্দোপাধ্যায় আৰু মাতৃ নিৰোদাসুন্দৰী দেবী।
৩২। মাণিক বন্দোপাধ্যায়ে খোলা প্রেছটোৰ নাম কি?
উত্তৰঃ ‘উদয়াচল প্রিন্টিং এণ্ড পাবলিছিং হাউছ’।
৩৩। মাণিক বন্দোপাধ্যায়ে সর্বমুঠ কিমানখন উপন্যাস ৰচনা কৰিছিল?
উত্তৰঃ সৰ্বমুঠ ৪০খন উপন্যাস ৰচনা কৰিছিল।
৩৪। কিমান চনত ‘পদ্মা নদীৰ মাঝি’ ৰচনা কৰা হৈছিল?
উত্তৰঃ ১৯৩৬ চনত।
৩৫। মাণিক বন্দোপাধ্যায়ৰ কেইখনমান উল্লেখযোগ্য উপন্যাসৰ নাম লিখা?
উত্তৰঃ জননী, পুতুলা নাচেৰ ইতিকথা, পদ্মা নদীৰ মাঝি, চিহ্ন, জীয়ন্ত আদি ।
৩৬। ‘পদ্মা নদীৰ মাঝি’ কি নদীক কেন্দ্ৰ কৰি ৰচনা কৰিছে?
উত্তৰঃ পদ্মা নদীক কেন্দ্ৰ কৰি ।
৩৭। নিৰুপমা বৰগোহাঞিৰ সৰ্বমুঠ উপন্যাস কেইখন?
উত্তৰঃ ৩৩ খন।
৩৮। নিৰুপমা বৰগোহাঞিৰ কেইখনমান উল্লেখযোগ্য উপন্যাসৰ নাম লিখা?
উত্তৰঃ সেই নদী নিৰবধি (১৯৬৩), অন্তঃস্রোতা (১৯৬৫), এজন বুঢ়া মানুহ (১৯৬৬), কেক্টাচৰ ফুল (১৯৭৩), ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ (১৯৭১), অন্য জীৱন (১৯৮৭) আদি।
৩৯। নিৰুপমা বৰগোহাঞিৰ দুখন জীৱনীভিত্তিক উপন্যাসৰ নাম লিখা?
উত্তৰঃ অভিযাত্রী আৰু অগ্রগামিনী।
৪০। নিৰুপমা বৰগোহাঞিৰ কেতিয়া, ক’ত জন্ম হৈছিল?
উত্তৰঃ নিৰুপমা বৰগোহাঞিৰ জন্ম ১৯৩২ চনত নলবাৰীৰ শিমলীয়া গাঁৱত হৈছিল।
৪১। নিৰুপমা বৰগোহাঞিয়ে কোনখন উপন্যাসৰ জৰিয়তে ঔপন্যাসিকৰূপে আত্মপ্রকাশ কৰিছিল?
উত্তৰঃ ‘সেই নদী নিৰবধি’।
৪২। কোন নদীক কেন্দ্ৰ কৰি ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’ ৰচনা কৰা হৈছে?
উত্তৰঃ পাগলাদিয়া নদীক।
৪৩। ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’ কি উপন্যাস?
উত্তৰঃ নদীকেন্দ্ৰিক আঞ্চলিক উপন্যাস।
৪৫। ‘অভাগীৰ স্বৰ্গ’ চুটি গল্পটোৰ লেখক কোন?
উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়।
৪৬। বঙলা চুটিগল্পৰ জনক বুলি কাক জনা যায়?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰক বাংলা চুটি গল্পৰ জনক বুলি জনা যায়।
৪৭। ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম চুটিগল্পটো কি বুলি জনা যায় আৰু ই ক’ত কেতিয়া প্রকাশ পায়?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘ভিখাৰিণী’ নামৰ চুটিগল্পটো প্রথম চুটিগল্প বুলি জনা যায়। আৰু এই গল্পটো ১৮৭৭ চনত ‘ভাৰতী’ আলোচনীত প্ৰকাশ পায়।
৪৮। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দুটা বিখ্যাত গল্পৰ নাম লিখা।
উত্তৰঃ অভাগীৰ স্বৰ্গ আৰু মহেশ।
৪৯। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ক কি বুলি জনা যায়?
উত্তৰঃ শৰৎচন্দ্র চট্টোপাধ্যায়ক ‘কথাশিল্পী” বুলি জনা যায়।
৫০। কাঙালী কাৰ পুতেক আছিল?
উত্তৰঃ কাঙালী ‘অভাগীৰ’ পুতেক আছিল।
৫১। বৃদ্ধ মুখোপাধ্যায়ৰ ল’ৰা – ছোৱালীকেইটা আছিল?
উত্তৰঃ বৃদ্ধ মুখোপাধ্যায়ৰ চাৰিটা পুত্ৰ আৰু তিনিগৰাকী কন্যা আছিল।
৫২। শৰৎচন্দ্ৰ চট্টোপাধ্যায় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পৰ এটি পার্থক্য লিখা?
উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পৰ এটি পার্থক্য হ’ল — শৰৎচন্দ্ৰৰ গল্পত ভাব প্রকাশৰ গভীৰতা বিশেষভাৱে লক্ষণীয়। তাত কল্পনাতকৈ বাস্তৱৰ পয়োভৰ অধিক, সেয়ে কাব্যিক বর্ণনাও প্রায় অনুপস্থিত। আনহাতে ৰবীন্দ্ৰনাথে সামান্য একোটা ঘটনাকে কল্পনা, বিশ্লেষণ আৰু মনস্তত্ত্বৰ সংযোগ ঘটাই সাহিত্যিক সৌন্দৰ্যৰে তাক ৰমনীয় কৰি তোলে।
৫৩। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ কেইটামান বিখ্যাত গল্পৰ নাম উল্লেখ কৰা?
উত্তৰঃ দেৱদাস (১৯১৭), বড়দিদি (১৯১৩), পৰিণীতা (১৯১৪), চন্দ্রনাথ (১৯১৬), কাশীনাথ আদি।
৫৪। ‘স্বামী’, ‘নিষ্কৃতি’, ‘বিন্দুৰ ছেলে’ আদি গল্পৰ গল্পকাৰ কোন?
উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়।
৫৫। ‘বিৰাজ বৌ’ গল্পটোৰ লেখক কোন?
উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়।
৫৬। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম ১৮৭৬ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে বেংগলৰ হুগলী জিলাৰ অন্তৰ্গত দেবানন্দপুৰ নামে ঠাইত হৈছিল।
৫৭। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ মৃত্যু ক’ত, কেতিয়া হৈছিল?
উত্তৰঃ তেওঁৰ মৃত্যু হৈছিল ১৯৩৮ চনৰ ১৬ জানুৱাৰী তাৰিখে কলকাতাত ।
৫৮। ‘ৱাপচী’ গল্পটোৰ লেখক কোন?
উত্তৰঃ উষা প্রিয়ম্বদা।
৫৯। উষা প্রিয়ম্বদাৰ দুখন গল্প সংকলনৰ নাম লিখা?
উত্তৰঃ এক কোঈ দুসৰা আৰু জিন্দাগী ঔৰ গুলাব কে ফুল।
৬০। ‘ৱাগচী’ কি ভাষাৰ গল্প?
উত্তৰঃ হিন্দী ভাষাৰ গল্প।
৬১। অমৰৰ দেউতাকৰ নাম কি আছিল?
উত্তৰঃ অমৰৰ দেউতাকৰ নাম আছিল —গজাধৰ।
৬২। উষা প্রিয়ম্বদাৰ কেতিয়া, ক’ত জন্ম হৈছিল?
উত্তৰঃ উষা প্রিয়ম্বদাৰ ১৯৩০ চনৰ ২৪ ডিচেম্বৰ তাৰিখে কানপুৰত জন্ম হৈছিল।
৬৩। উষা প্রিয়ম্বদাই কি সন্মান লাভ কৰিছিল?
উত্তৰঃ ‘পদ্মভূষণ’ সন্মান লাভ কৰিছিল।
৬৪। প্রিয়ম্বদাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা?
উত্তৰঃ লাল তিৱাৰে।
৬৫। প্রথম হিন্দী চুটিগল্পটো কোনে ৰচনা কৰিছিল আৰু গল্পটো কি?
উত্তৰঃ কিশোৰীলাল গোস্বামীয়ে ৰচনা কৰা ‘ইন্দুমতী’ নামৰ গল্পটো হৈছে প্ৰথম হিন্দী চুটিগল।
৬৬। ‘উষা প্রিয়ম্বদাৰ’ গল্প এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ উষা প্রিয়ম্বদাৰ গল্পৰ এটি বৈশিষ্ট্য হৈছে তেওঁৰ গল্পত আধুনিক জীবনবোধ গভীৰ।
৬৭। গজাধৰ বাবুৱে কি কামৰ পৰা অৱসৱ লৈছিল?
উত্তৰঃ গজাধৰ বাবুৱে ৰে’লৰ চাকৰিৰ পৰা অৱসৰ লৈছিল।
৬৮। পৰিয়ালটোৱে গজাধৰ বাবুৰ থকাৰ ব্যৱস্থা ক’ত কৰিছিল?
উত্তৰঃ ভঁৰাল ঘৰৰ চালপীৰাত কৰিছিল।
৬৯। গজাধৰ বাবুৱে অকলে কিমান বছৰ কামত অতিবাহিত কৰিছিল?
উত্তৰঃ গজাধৰ বাবুৱে তেওঁৰ চাকৰি আৰু শিশুৰ উচ্চ শিক্ষাত তেওঁৰ পৰিয়ালৰ উন্নতিৰ বাবে ওচৰৰ পৰিয়ালৰ পৰা দূৰত ৰেলৱে কোৱাৰ্টাৰত পয়ঁত্রিশ বছৰৰ দীঘলীয়া সময় অতিবাহিত কৰিছিল।
৭০। গজাধৰ বাবুৰ বাবে সুৰা সংগীত কি আছিল?
উত্তৰঃ ট্ৰেকৰ ৰেলৰ চকাবোৰ গজাধৰ বাবুৰ বাবে এক উচ্চ মানদণ্ডৰ সুৰা সংগীতৰ দৰে আছিল।
৭১। গান্ধীৰ বিষয়ে প্রথম মহান কন্নড় উপন্যাস কাৰ দ্বাৰা ইংৰাজীত লিখা হৈছিল?
উত্তৰঃ ৰাজা ৰাওৰ দ্বাৰা ।
৭২। গান্ধীৰ বিষয়ে প্রথম লিখা উপন্যাসখনৰ নাম কি?
উত্তৰঃ কান্তপুৰা (১৯৩৮)।
৭৩। বেছগাহাল্লিয়ে ক’ৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ মহীশূৰৰ পৰা।
৭৪। কিমান চনত ন্যায়াধীশসকলে ‘শস্যচর্চা’ৰ বাবে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰঃ ১৯৬৫ চনত ।
৭৫। বেছগাহাল্লিয়েৰ ‘যাদমালী’ আৰু ‘শ টকাৰ নোট’ক’ত সংগৃহীত হৈ আছে?
উত্তৰঃ জ্ঞানপীঠ বঁটা সমিতিৰ দ্বাৰা প্ৰকাশিত ‘ভাৰতী কাহানিয়া’ৰত সংগৃহীত হৈ আছে।
৭৬। ‘নির্মলা’ উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ প্রেমচন্দ।
৭৭। ‘নিৰ্মলা’ কি শ্ৰেণীৰ উপন্যাস?
উত্তৰঃ নিৰ্মলা এখন সামাজিক শ্ৰেণীৰ উপন্যাস।
৭৮। প্রেমচন্দ্ৰৰ প্ৰকৃত নাম কি?
উত্তৰঃ প্রেমচন্দৰ প্ৰকৃত নাম হ’ল— মুন্সী ধনপত ৰায়।
৭৯। তেওঁ কি ভাষাৰে প্ৰথম সাহিত্য চৰ্চা কৰিছিল?
উত্তৰঃ উর্দু ভাষাৰে।
৮০। প্রেমচন্দৰ উৰ্দু উপন্যাস দুখনৰ নাম লিখা।
উত্তৰঃ প্রেমচন্দৰ উৰ্দু উপন্যাস দুখনৰ নাম হ’ল— অসবাৰে মআবিদ আৰু ৰুঠীৰাণী।
৮১। প্রেমচন্দৰ কেতিয়া জন্ম হৈছিল?
উত্তৰঃ ১৮৮০ চনত ।
৮২। প্রেমচন্দই অসমপূৰ্ণ অৱস্থাত এৰি যোৱা উপন্যাসখনৰ নাম কি?
উত্তৰঃ মংগল সূত্র।
৮৩। প্রেমচন্দৰ উপন্যাসৰ মূল প্ৰেৰণা কি?
উত্তৰঃ সামাজিক কল্যাণৰ ভাবনা প্রেমচন্দৰ উপন্যাসৰ মূল প্ৰেৰণা।
৮৪। প্রেমচন্দই কি কি কাকতৰ সৈতে জড়িত আছিল?
উত্তৰঃ হংস (১৯৩০) আৰু জাগৰণ (১৯৩২) কাকতৰ সৈতে প্ৰেমচন্দ জড়িত আছিল।
৮৫। প্রেমচন্দই কিমান গল্প লিখিছিল?
উত্তৰঃ প্রেমচন্দই প্রায় ৩০০ গল্প লিখিছিল।
৮৬। প্রেমচন্দই ৰচনা কৰা কেইটামান গল্পৰ নাম লিখা?
উত্তৰঃ প্ৰেমচন্দ্ৰই ৰচনা কৰা কেইটামান গল্প হ’ল— প্রেম পূর্ণিমা, প্রেমপঞ্চমী, প্রেমদ্বাদশী, মানস সৰোবৰ, সমৰ যাত্ৰা, কফন আদি।
৮৭। কর্বলা আৰু প্ৰেম কী বেদী এই দুখন প্রেমচন্দৰ কি বিষয়ক ৰচনা?
উত্তৰঃ কর্বলা আৰু প্ৰেম কী বেদী এই দুখন প্রেমচন্দৰ নাট্য সংকলন বিষয়ক ৰচনা।
৮৮। প্রেমচন্দৰ মৃত্যু কেতিয়া হয়?
উত্তৰঃ ১৯৩৬ চনৰ ৮ অক্টোবৰত প্ৰেমচন্দ্ৰৰ মৃত্যু হয়।
৮৯। প্রেমচন্দৰ কিমান বছৰ বয়সত মৃত্যু হয়?
উত্তৰঃ ৫৫ বছৰ বয়সত।
১০। ‘নির্মলা’ উপন্যাসখনৰ মূল বিষয়বস্তু কি আছিল?
উত্তৰঃ যৌতুক প্রথা আৰু অসামান্য এখন বিবাহৰ এক অত্যন্তকৰণ পৰিণতি এই উপন্যাসখনৰ মূল বিষয়বস্তু আছিল। য’ত লেখকে তোতাৰাম আৰু নিৰ্মলাৰ চৰিত্ৰৰ যোগেদি সাধাৰণ গার্হস্থ্য জীৱনৰ এক বিষময় পৰিণতিক সফলতাৰে ৰূপায়ণ কৰিছে।
৯১। প্রেমচন্দৰ প্ৰথম উপন্যাসখন কি? আৰু এইখন কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ প্রেমচন্দৰ প্ৰথম উপন্যাসখন হ’ল— অসৰাৰে মআবিদ আৰু এইখন ১৯০১ চনত ৰচনা কৰে।
৯২। প্রেমচন্দই কিমান চনত মেট্ৰিক পাছ কৰিছিল?
উত্তৰঃ ১৮৯৮ চনত ।
৯৩। প্রেমচন্দই ‘নির্মলা’ উপন্যাসখন কেতিয়া ৰচনা কৰে?
উত্তৰঃ ১৯২২ – ২৩ চনত।
৯৪। ‘নির্মলা’ উপন্যাসখনত প্ৰধানকৈ কোনবোৰ কথাই স্থান পাইছে?
উত্তৰঃ উপন্যাসখনত প্ৰধানকৈ মধ্যবিত্ত সমাজ জীৱনৰ পটভূমিত বিশেষকৈ অমিল বিবাহ আৰু যৌতুক প্ৰথাৰ কুৎচিত চিত্রই স্থান পাইছে।
৯৫। বাবু উদয়ভানুৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ কল্যাণী।
৯৬। বাবু উদয়ভানুৰ ল’ৰা – ছোৱালী কেইটা আছিল আৰু তেওঁলোকৰ নাম লিখা?
উত্তৰঃ বাবু উদয়ভানুৰ ল’ৰা – ছোৱালী চাৰিটা আছিল। তেওঁলোক হ’ল— নিৰ্মলা, কৃষ্ণা, চন্দ্ৰভানু আৰু সূৰ্যভানু।
৯৭। তোতাৰাম কোন আছিল?
উত্তৰঃ তোতাৰাম আছিল – নিৰ্মলাৰ স্বামী।
৯৮। প্রেমচন্দৰ শ্ৰেষ্ঠ উপন্যাস কি?
উত্তৰঃ গোদান।
৯৯। প্রেমচন্দ কিহৰ কাৰণে চৰকাৰৰ ৰোষত পৰে?
উত্তৰঃ ‘সোজেৱাতন’ৰ বাবে।
১০০। প্রেমচন্দই মুঠ কেইখন উপন্যাস ৰচনা কৰে ?
উঃ ১৫ খন।
১০১। প্রেমচন্দৰ ‘গোদান’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল?
উত্তৰঃ নিৰুপমা ফুকনে ।
১০২। ‘নিৰ্মলা’ উপন্যাসখনৰ লগত সাদৃশ্য থকা অসমীয়া উপন্যাস এখনৰ নাম লিখা?
উত্তৰঃ ‘নিৰ্মলাৰ লগত সাদৃশ্য থকা অসমীয়া উপন্যাস এখন হ’ল— বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’।
১০৩। তোতাৰামৰ পুত্ৰ সন্তান কেইটাৰ নাম কি?
উত্তৰঃ মনসাৰাম, জিয়াৰাম আৰু সিয়াৰাম।
১০৪। তোতাৰামৰ ভনীয়েকৰ নাম কি আছিল?
উত্তৰঃ ৰুক্মিণী।
১০৫। ‘নিৰ্মলা’ উপন্যাসখনৰ দুটা নাৰী চৰিত্ৰৰ নাম লিখা?
উত্তৰঃ সুধা আৰু ৰংগিলীবাই।
১০৬। তোতাৰাম বৃত্তিত কি আছিল?
উত্তৰঃ তোতাৰাম বৃত্তিত উকীল আছিল।
১০৭। সুধা কোন আছিল?
উত্তৰঃ নিৰ্মলাৰ বান্ধবী আছিল।
১০৮। সুধাৰ স্বামী কোন আছিল?
উত্তৰঃ সুধাৰ স্বামীৰ নাম আছিল – ডাঃ ভুবনমোহন সিনহা।
১০৯। ভালচন্দ্র কোন আছিল?
উত্তৰঃ ভালচন্দ্ৰ স্কুল শৰীৰৰ, কৃষ্ণ বৰ্ণৰ বৃত্তিধাৰী চৰকাৰী বিষয়া। তেওঁ ঘোচখোৱা আৰু নিচা সেৱনত অভ্যস্ত। তেওঁ স্বাৰ্থপৰ, সুবিধাবাদী, বিশ্বাসঘাটক আৰু দুতলীয়া মনোবৃত্তিৰ আছিল।
১১০। প্রেমচন্দৰ উপন্যাসৰ ভাষা কেনে আছিল?
উত্তৰঃ প্রেমচন্দ্ৰৰ উপন্যাসৰ ভাষা সহজ – সৰল আৰু সকলোৰে বোগধম্য হ’ব পৰা বিধৰ আছিল। চৰিত্ৰ অনুযায়ী ভাষা প্ৰয়োগৰ ক্ষেত্ৰত অইন কোনো সাহিত্যিকে প্রেমচন্দ্ৰৰ দৰে পাকৈত নাছিল।
চমু প্রশ্নোত্তৰঃ
১। ভাৰতীয় সাহিত্য কি?
উত্তৰঃ ভাৰতীয় সাহিত্য মূলতঃ ভাৰতীয় মন আৰু আত্মাৰ ধ্বনি – প্রতিধ্বনিৰে সমৃদ্ধ সাহিত্য। বহু ভাষাত ৰচিত হ’লেও ভাৰতীয় সাহিত্য মূলতঃ একক লক্ষণযুক্ত। ভাৰতীয় সাহিত্যই একতা, সম্প্রীতি আৰু জাতীয় চেতনা বিকাশত সহায় কৰে। মহান জাতীয় ঐতিহ্যৰ প্ৰতিফলন এইবিধ সাহিত্যৰ মন কৰিবলগীয়া বৈশিষ্ট্য। মুঠতে ধর্ম – অর্থ – কাম – মোক্ষৰে ত্যাগ আৰু ভোগৰ সমন্বয় সাধন, সৌন্দর্য তথা আনন্দ আৰু নীতিবোধৰ সু – সমন্বয় ভাৰতীয়তাৰ লক্ষণ।
২। তুলনামূলক ভাৰতীয় সাহিত্য সম্পৰ্কীয় ধাৰণাটো কেনেদৰে গঢ় লৈ উঠিছিল?
উত্তৰঃ তুলনামূলক সাহিত্যৰ ধাৰণাতো বিদ্যায়তনিক বিষয় হিচাপে পোন প্ৰথমে পশ্চিমৰ পৰা ভাৰতত প্ৰৱেশ কৰে। ১৯০৭ চনত ৰবীন্দ্রনাথ ঠাকুৰে ভাৰতীয় শিক্ষা পৰিষদৰ আমন্ত্রণক্রমে ‘comparative Literature’ বিষয়ত দিয়া ভাষণত বিশ্ব সাহিত্য পদটোৱে তুলনামূলক সাহিত্যৰ ধাৰণাৰ কিছু ব্যাখ্যা দাঙি ধৰিছিল। ইংৰাজী ‘comparative Literature’ শব্দটোৰ সমাৰ্থক হিচাপে বাংলা ভাষাত ‘বিশ্ব সাহিত্য’ পদটো গ্ৰহণ কৰি এই মনীষীজনাই সেই ভাষণত এক প্ৰকাৰে ক’বলৈ গ’লে ভাৰতীয়সকলক সাহিত্য অধ্যয়নৰ দিশত এক সুবিস্তৃত পথাৰলৈ আঙুলিয়াই দেখুৱাইছিল।
৩। ভাৰতীয় সাহিত্য আৰু জাতীয় সাহিত্য সম্পর্কীয় ধাৰণাৰ প্ৰচলন কেনেদৰে সংঘটিত হয়?
উত্তৰঃ বিশ্ব সাহিত্যৰ প্ৰয়োজন সম্পৰ্কে ৰবীন্দ্ৰনাথৰ বিচাৰ নিবেদনৰ প্ৰায় সমসামায়িক ভাবেই ভাৰতত ‘জাতীয় সাহিত্য’ বা ‘ভাৰতীয় সাহিত্য’ৰ ধাৰণাৰ যুগপৎ আৱিৰ্ভাবে তাৰ পুষ্টি সাধন কৰে। সাহিত্য সম্পৰ্কীয় এনে সচেতনতাৰ ফলস্বৰূপে ভাৰতত ‘বিশ্বসাহিত্য’ ‘তুলনামূলক সাহিত্য’ আৰু ‘জাতীয় সাহিত্য’ এই তিনিওটাই ধাৰণাৰ উৎপত্তি আৰু প্ৰচলন আৰম্ভ হয়। ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ত প্রথমে আধুনিক ভাৰতীয় ভাষা বিভাগৰ প্ৰতিষ্ঠা কৰা হয়।
৪। তুলনামূলক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ সাদৃশ্য কোনখিনিত?
উত্তৰঃ তুলনামূলক সাহিত্যই যদি বহল অর্থত সাহিত্যিক জ্ঞান আৰু একতাৰ সন্ধান দিয়ে, তুলনামূলক ভাৰতীয় সাহিত্যই বিভিন্ন ভাষাৰ সাহিত্যত অন্তৰ্নিহিত হৈ থকা ভাৰতীয় জ্ঞান আৰু একতাৰ সন্ধান দিয়ে। প্রকৃতপক্ষে তুলনামূলক সাহিত্যৰ ব্যাপক ধাৰণাৰ অন্তৰ্গত পৃথিৱীৰ সমস্ত সাহিত্যকে এক বুলি গ্ৰহণ কৰাৰ আগতে প্রত্যেকেই নিজৰ নিজৰ সাহিত্যক তলিৰে পৰা জানিব লাগিব।
৫। ‘তুলনামূলক ভাৰতীয় সাহিত্য’ কি?
উত্তৰঃ ‘ভাৰতীয় সাহিত্য’ বুলি কোনো বিশেষ সাহিত্য নাই, আছে ভাৰতীয় সাহিত্যসমূহ।’ এই ভাৰতীয় সাহিত্যসমূহক অধ্যয়নৰ বাবে যি পদ্ধতি, সেয়ে তুলনামূলক ভাৰতীয় সাহিত্য।
৬। ভাৰতীয় সাহিত্যৰ একতাৰ মূল কাৰণ কেইটা আৰু কি কি?
উত্তৰঃ ইন্দ্ৰনাথ চৌধুৰীয়ে ভাৰতীয় সাহিত্যৰ একতাৰ মূল কাৰণ দুটা বুলি দেখুৱাইছে। সেই দুটা হ’ল —
(ক) একেই মূল স্রোতৰ পৰা প্ৰেৰণা গ্রহণ।
(খ) প্ৰায় ধৰণৰ আবেগাত্মক তথা বৌদ্ধিক অনুভূতিৰ প্ৰেৰণাৰে ৰচিত।
৭। ভাৰতীয় সাহিত্যত ভাৰতীয়ত্ব কেনেদৰে সংৰক্ষিত হৈছে?
উত্তৰঃ একোখন দেশৰ প্ৰতিষ্ঠিত সাহিত্যৰ আঁৰত সেই দেশৰ জাতীয় চিন্তা, প্রচলিত কাহিনী, লোক – সংস্কৃতি আৰু জীৱন দৰ্শনৰ প্ৰতিফলন ঘটে। ভাৰতীয় সাহিত্যৰ সুগঠিত শৰীৰতো এনেবোৰ দিশৰ প্ৰকাশ লক্ষণীয়। বিশাল ভাৰতৰ জনচিন্তাত পৌৰণিক আখ্যান, ধৰ্মীয় ভাবধাৰা, লোক সাহিত্য আৰু বিভিন্ন সম্ভৰ দাৰ্শনিক চিন্তাৰ প্ৰভাৱত উদ্ভৱ হোৱা এক সদৃশ অনুভূতিৰ অস্তিত্ব ভাৰতীয় সাহিত্যৰ মাজত বিৰাজমান। এইখিনিৰ সন্ধান আৰু বিশ্লেষণ কৰিলেই ভাৰতীয় সাহিত্যৰ ভাৰতীয়তাৰ উমান পোৱা যায়।
৮। ভাৰতীয় সাহিত্য তুলনামূলক হোৱাৰ ভিত্তি কি?
উত্তৰঃ ভাৰতীয় সাহিত্য তুলনামূলক হোৱাৰ যথাৰ্থ ভিত্তি আছে। আমাৰ তুলনামূলক সাহিত্য নিশ্চিতভাৱে তুলনামূলক ভাৰতীয় সাহিত্যই হ’ব লাগিব। কিয়নো আমাৰ সাহিত্য অধ্যয়নৰ কাৰণে অন্য কোনো সংগত আধাৰ নাই। আমাৰ তুলনামূলক সাহিত্য সম্পৰ্কীয় ধাৰণাই তেতিয়াহে গা কৰি উঠিব পাৰিব, যেতিয়া আমি আমাৰ নিজৰ ঐতিহাসিক স্থিতি সম্পর্কে ভালকৈ অৱগত হ’ব পাৰিম।
৯। ভাৰতীয় সাহিত্যৰ মূল আৰ্হি সম্পৰ্কত ইন্দ্ৰনাথ চৌধুৰীৰ বক্তব্য কেনে ধৰণৰ আছিল?
উত্তৰঃ ইন্দ্ৰনাথ চৌধুৰীয়ে ভাৰতীয় সাহিত্যৰ মূল আৰ্হি সম্পৰ্কত তিনিটা মূল কথা গৈছে —
(ক) পাৰমার্থিক সত্তাক একমাত্ৰ সত্তা বুলি গ্ৰহণ কৰা বেদণ্ডাৰ ধাৰণা।
(খ) আদর্শবাদ।
(খ) মানৱতাবাদ।
১০। জাতীয় সাহিত্য কি?
উত্তৰঃ জাতীয় সাহিত্য হ’ল – একো একোটা জাতিৰ উমৈহতীয়া সম্পত্তি। জাতীয় সাহিত্যত কোনো লোকেই আগধৰি ভাবি – চিন্তি ধাৰণা, আদৰ্শ ৰূপ আদি আৰোপ নকৰে। ই নিজে নিজে গঢ় লৈ উঠে। জাতিৰ মানসিক আৰু আধ্যাত্মিক চিন্তা, সুকুমাৰ চেতনা আৰু ৰুচিবোধৰ প্ৰতিফলন ঘটে একোটা জাতিৰ সাহিত্যত। ভিন্ ভিন্ কালৰ ভিন্ ভিন্ লেখকৰ ৰচনাৰ মাজেদি এডাল মালাৰ দৰেই জাতীয় সাহিত্য গ্ৰন্থিত হৈ পৰে। এইবিধ সাহিত্যৰে যেতিয়াই একোটা জাতিৰ জীৱন আৰু সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰিব পৰা যায়, তেতিয়া ই ৰাষ্ট্ৰীয় সাহিত্যৰূপে স্বীকৃত হয়। জাতীয় চেতনাৰ সৈতে ৰাষ্ট্ৰীয় সাহিত্যৰ সম্পৰ্ক আছে।
১১। তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়নৰ প্ৰধান বিষয়সমূহ কি কি?
উত্তৰঃ তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়নৰ প্ৰধান বিষয়সমূহ হ’ল —
(ক) প্ৰভাৱঃ দুই বা ততোধিক সাহিত্যত কোনো প্রাচীন সাহিত্য, বিদেশী সাহিত্য, কোনো বিচাৰধাৰা, লোক সাহিত্য আদিৰ প্ৰভাৱ অধ্যয়ন।
(খ) পৰম্পৰা আৰু প্ৰবৃত্তিঃ আধাৰ সাহিত্যসমূহত দৃষ্টিগোচৰ হোৱা একে পৰম্পৰা বা একে ধৰণৰ গতিবিধিৰ অধ্যয়ন।
(গ) সমান্তৰাল অধ্যয়নঃ সমান্তৰালভাৱে ৰাখি আধাৰ সাহিত্যসমূহৰ নিজ নিজ বিশেষত্বৰ উদ্ঘাটনেৰে সমতা আৰু বিষমতাৰ অধ্যয়ন।
(ঘ) অন্তর্বিদ্যাৱতী অধ্যয়নঃ সাহিত্যৰ সৈতে অন্য সুকুমাৰ কলাসমূহৰ তথা জ্ঞানৰ অন্য ক্ষেত্ৰসমূহৰ আন্তৰিক সম্বন্ধৰ অধ্যয়ন।
১২। ভাৰতীয় সাহিত্যত একতাৰ স্বৰূপ ব্যাখ্যাৰ প্ৰধান প্ৰচেষ্টাসমূহ কি?
উত্তৰঃ প্ৰধান প্ৰচেষ্টাসমূহ হ’ল —
(ক) ভাৰতীয় প্ৰেক্ষাপটত ভাৰতীয় সাহিত্য (Indian Literature) ৰ বিস্তৃত ধাৰণা ।
(খ) ১৯১৯ চনত ছাৰ আশুতোষ মুখার্জীৰ দ্বাৰা পোনপ্ৰথম কলিকতা বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা (MIL) বিভাগৰ প্ৰতিষ্ঠা হয়।
(গ) ১৯২০ চনত শ্ৰী অৰবিন্দৰ ‘আর্য’ আলোচনীত ধাৰাবাহিকভাৱে ‘ভাৰতীয় সাহিত্য’ শীর্ষক এলানি প্রবন্ধ প্রকাশ।
১২। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ গল্প সম্পর্কে বিশিষ্ট সমালোচক শ্ৰীকুমাৰ বন্দোপাধ্যায়ে কি মন্তব্য আগবঢ়াইছিল?
উত্তৰঃ শ্ৰীকুমাৰ বন্দোপাধ্যায়ে কৈছিল যে – “নিষিদ্ধ, সমাজ – বিগর্হিত প্ৰেমৰ বিশ্লেষণত আমাৰ সামাজিক ৰীতি – নীতি আৰু চিৰাচৰিত সংস্কাৰসমূহৰ তীক্ষ্ণ – তীব্র সমালোচনাত, স্ত্রী – পুৰুষৰ সম্পৰ্কৰ নিৰ্ভীক পুনৰ্বিচাৰত তেওঁ যি সাহসিকতা, যি অকুণ্ঠিত সহানুভুতি আৰু উদাৰ মনোবৃত্তিৰ পৰিচয় দিছে, তাত তেওঁ বঙালীৰ মনৰ সংকীৰ্ণ গণ্ডী বহুদূৰ অতিক্ৰম কৰি অতি আধুনিক ইউৰোপীয় সাহিত্যৰ সৈতে আত্মীয়তাত স্থাপন কৰিছে।”
১৩। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ গল্পৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা?
উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ গল্পৰ দুটা বৈশিষ্ট্য হ’ল —
(ক) তেওঁৰ গল্পসমূহত বাংলাৰ পাৰিবাৰিক আৰু সামাজিক জীৱনৰ বিভিন্ন ঘাত-প্রতিঘাতৰ মনোৰম চিত্র অংকিত হৈছে।
(খ) শৰৎচন্দ্ৰ গল্পবোৰ সংক্ষিপ্ত পৰিসৰৰ, সংযত আৰু কলা নৈপুণ্যেৰে পৰিপূৰ্ণ ।
১৪। ‘ৱাপচী’ কাহিনীৰ শিৰোনামটোৰ যৌক্তিকতাৰ ওপৰত তোমাৰ চিন্তাধাৰা আগবঢ়োৱা?
উত্তৰঃ লেখিকা উষা প্রিয়ম্বদাৰ ‘ৱাপচী’ কাহিনীটোৰ শিৰোনাম সঠিক ৰাখিছে। তাত দুটা ভিত্তি আছে –
প্রথম ভিত্তিটো হৈছে গজাধৰ বাবু পয়ত্ৰিশ বছৰ ৰেলৰ কোৱাৰ্টাৰত অকলে থাকি বহু আশা বুকুত বান্ধি আত্মীয় স্বজনৰ ওচৰলৈ উভতি আহিছিল।
দ্বিতীয় ভিত্তিটো হৈছে – পৰিয়ালৰ মাজত থাকিও গজাধৰ বাবু নিজকে অচিনাকি যেন অনুভৱ কৰিছিল। তেওঁৰ জীৱন বোজা হৈ পৰিছিল, আনকি পত্নীও তেওঁক উপেক্ষা কৰিছিল। শেঠ ৰামজীমলৰ চাকৰিৰ কাৰণে চেনী মিলত ঘুৰি অহাটোৱেই হৈছে ‘ৱাগচী’। এই ৱাপচীয়ে হৈছে জীৱনৰ সত্য আৰু বৃদ্ধকালৰ যথাৰ্থতাৰ বাস্তৱ ৰূপ প্ৰকট কৰি তুলিছে কিন্তু এই ৱাপচীৰ দুখতে যেন সুখ আছিল। ওপৰোক্ত আলোচনাৰ পৰা স্পষ্ট হৈ পৰিছে যে কাহিনীৰ শিৰোনাম ‘ৱাপচী” একেবাৰেই উচিত আৰু সাৰ্থক হৈছে।
১৫। গজাধৰ বাবুৱে তেওঁৰ পত্নীৰ স্বভাবত কি কি পৰিৱৰ্তন দেখিছিল?
উত্তৰঃ পত্নীয়ে এসময়ত ২ বজালৈকে জুইৰ কাষত বহি আছিল আৰু গাধৰ বাবুৰ বাবে পাৰঘৰৰ ফালে দৌৰি গৈ গৰম খাদ্য তৈয়াৰ কৰিছিল। সেই গৰাকী পত্নীয়ে ঘৰলৈ উভতি অহা স্বামীৰ বাবে এতিয়া পাকঘৰলৈ গৈ স্বামীৰ খাদ্যৰ যোগান ধৰাৰ পৰিৱৰ্তে মুখেৰে ভোৰভোৰাবলৈ ধৰিছিল। প্রেমমূলক বার্তালাপৰ পৰিৱর্তে সকলো সময়তে গাধৰ বাবুৰ পত্নীয়ে কেৱল অভিযোগহে কৰিছিল, য’ত নাছিল কোনো ধৰণৰ আত্মীয়তা তথা সহানুভূতি। পত্নীৰ মৃদু স্পর্শ, সৌন্দর্যতা আদি কটাক্ষপূর্ণ বাণীলৈ পৰিৱৰ্তিত হৈছিল। যিগৰাকী নাৰীৰ বাবেই স্বামীয়েই আছিল সর্বোচ্চ, তেওঁ আজি কেৱল ভোজনৰ কাহিটো স্বামীৰ সন্মুখত ৰাখিয়েই সকলো কৰ্তব্যৰ পৰা আঁতৰি আহিছিল। ঘিউ -চেনী, আচাৰৰ বটলেই যেন আছিল পত্নীৰ পৃথিবী। গজাধৰ বাবু কিবা ক’ব খুজিলেও পত্নীয়ে সেই কথা আধাতে ৰখাই দিছিল। স্বামীৰ সলনি ল’ৰা – ছোৱালীৰ কথাৰ দোহাই দি লগতে ল’ৰা – ছোৱালীৰ ভুল থকা সত্বেও সিহঁতৰ পক্ষ গ্ৰহণ কৰি গজাধৰ বাবু অপমান কৰিছিল। এনেকৈ প্ৰতিটো কথাত কাজিয়াৰ সৃষ্টি হৈছিল। স্বামীৰ সৈতে চাকৰি লৈ যাবলৈ অমান্তি হৈছিল। পত্নীৰ এই ধৰণৰ পৰিৱৰ্তন দেখি গজাধৰ বাবু হতাশ হৈছিল তথা চেনী মিলৰ চাকৰিলৈ গুচি গৈছিল।
১৬। ‘ৱাপটী’ গল্পত আধুনিক জীৱনৰ কোনবোৰ দিশ প্ৰতিফলিত হৈছে লিখা?
উত্তৰঃ ‘ৱাপচী’ ঊষা প্রিয়ম্বদাৰ এটি বহু চৰ্চিত চুটিগল্প। পাৰিবাৰিক স্তৰত সদস্যসকলৰ মাজত সম্বন্ধহীনতাৰ ফলস্বৰূপে মানৱীয় মূল্যবোধৰ যি অৱক্ষয় ঘটিছে, সেয়া গল্পটিত অতি সাৰ্থক ৰূপত চিত্ৰিত কৰা হৈছে।
আধুনিক জীৱনৰ নিঃসঙ্গতাবোধৰ ফলস্বৰূপে ব্যক্তিৰ পৰস্পৰৰ মাজত আত্মিক বান্ধোন ক্রমান্বয়ে শিথিল হৈ পৰিছে। এনে নিঃসঙ্গতাবোধে ব্যক্তি জীৱনৰ লগে লগে পাৰিবাৰিক আৰু সামাজিক জীৱনতো গভীৰ প্ৰভাৱ পেলাইছে।
আধুনিক সভ্যতা – সংস্কৃতিত ব্যক্তি স্বাতন্ত্র্যাৰ প্ৰধান্য বৃদ্ধি পোৱাৰ লগে লগে সমাজ জীৱনৰ সামাজিক আৰু মানৱীয় মূল্যবোধ তথা সুকুমাৰ অনুভূতিৰাজিৰো অপমৃত্যু ঘটিছে। গতিকে যুগৰ পৰিৱৰ্তনৰ লগে লগে পৰম্পৰাগত বিশ্বাস আৰু মূল্যবোধৰ পৰিৱৰ্তন সূচিত হৈছে। এনে পৰিৱৰ্তনে সামাজিক, ধর্মীয় আৰু ৰাজনৈতিক জীৱনৰ লগে লগে পাৰিবাৰিক জীৱনতো গভীৰ প্ৰভাৱ পেলাইছে। মূল্যবোধৰ এনে পৰিৱৰ্তনৰ ফলস্বৰূপে পতি আৰু পত্নীৰ মাজৰ আধ্যাত্মিক বান্ধোন ক্রমান্বয়ে কমি আহিছে আৰু এই সম্পর্ক জৈৱিক আৰু অৰ্থনৈতিক চাহিদা পূৰণৰ এক হেতুৰূপে পৰিগণিত হৈছে।
১৭। ‘ৱাপচী’ গল্পটোৰ কোনবোৰ গুণৰ বাবে গল্পটোৱে সুকীয়া মৰ্যাদা পাবলৈ সক্ষম হৈছে?
উত্তৰঃ গল্পকাৰে ‘ৱাপটী’ গল্পটোৰ যোগেদি দেখুৱাইছে যে পৰিয়ালৰ নতুন প্ৰজন্মই হওক নতুবা পুৰণি প্ৰজন্মই হওক কোনো গৰাকী পৰিয়ালৰ সদস্যই গজাধৰ বাবুৰ হৃদয়ৰ গভীৰ মর্মবেদনা উপলব্ধি কৰিব পৰা নাই। সেইবাবেই পুত্ৰ – কন্যা, পত্নী – বোৱাৰী কোনেও তেওঁৰ অসহায় অৱস্থাৰ স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই। এয়ে হৈছে গল্পটোৰ কৰণাত্মক স্থিতিৰ কেন্দ্ৰবিন্দু।
গল্পটোত আধুনিক জীৱনৰ মানৱীয় বিচাৰধাৰা অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে। আধুনিক জীৱনৰ বিচিত্ৰতা, মানৱ চৰিত্ৰৰ বিভিন্ন দিশৰ অভিব্যক্তি, ক্রুড়তা আৰু স্বাৰ্থপৰতা আদিৰ সার্থক প্রতিফলন ৱাপচী গল্পটিত মনকৰিবলগীয়া বৈশিষ্ট্য। এইদৰেই আধুনিক সমাজৰ মানৱীয় বিচাৰধাৰা আৰু মূল্যবোধৰ পৰিৱৰ্তনৰ বাস্তৱ প্ৰতিফলনে ‘ৱাপচী’ক সুকীয়া মর্যাদা প্রদান কৰিছে।
১৮। গজাধৰ বাবুৰ প্ৰকৃতিৰ দুটা বিশেষত্ব কি কি?
উত্তৰঃ গজাধৰ বাবুৰ প্ৰকৃতিৰ দুটা বৈশিষ্ট্য হ’ল — তেওঁ এজন স্নেহময় ব্যক্তি আছিল আৰু স্নেহৰ আকাংক্ষা কৰিছিল। তেওঁ পৰিয়ালৰ সদস্যসকলৰ সৈতে মনোৰঞ্জন কৰিব বিচাৰিছিল।
১৯। গজাধৰ বাবুৰ কিমানজন শিশু আছিল? সকলোৰে নাম লিখা।
উত্তৰঃ গজাধৰ বাবুৰ মুঠ চাৰিটা সন্তান আছিল। ডাঙৰ পুত্ৰ অমৰ, সৰু পুত্ৰ নৰেন্দ্ৰ, জ্যেষ্ঠ কন্যা কান্তি আৰু সৰু ছোৱালী বাসন্তী আছিল।
২০। গজাধৰ বাবুৰ জীৱনক পৃথিৱীৰ চকুত কেনেকৈ সফল বুলি ক’ব পাৰি?
উত্তৰং পৃথিৱীৰ চকুত, গজাধৰ বাবুৰ জীৱন সফল বুলি ক’ব পাৰি। কিয়নো তেওঁ পয়ত্রিশ বছৰ ধৰি ৰেলৰ চাকৰিৰ পিছত থাকি সন্মানীয়ভাৱে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁলোকে চহৰখনত এখন ঘৰ নিৰ্মাণ কৰিছিল। জ্যেষ্ঠ ল’ৰা আৰু ছোৱালী কান্তিৰ বিবাহ কৰিছিল। দুজন শিশু উচ্চ শ্ৰেণীত অধ্যয়ন কৰি আছিল।
২১। ঘৰলৈ যোৱাৰ আনন্দৰ পাছতো গজাধৰ বাবুৰ মন কিয় দুঃখিত হৈ আছিল?
উত্তৰঃ গজাধৰ বাবুৰ মন তেওঁৰ পত্নী, সন্তানৰ কল্পনাত অতি সুখী আছিল, কিন্তু ৰেলৱে কোৱাৰ্টাৰত পয়ত্ৰিশ বছৰ ধৰি তেওঁৰ মনটোৱে চিনাকী স্নেহ আৰু পৃথিৱীৰ স্বতঃস্ফূর্ত কৰুণতা চাই এক অদ্ভুত দুখ অনুভৱ কৰি আছিল।
২২। অমৰৰ দেউতাকৰ ওচৰত কি অভিযোগ আছিল?
উত্তৰঃ অমৰৰ দেউতাকৰ ওচৰত বহুতো অভিযোগ আছিল। তেওঁ কৈছিল যে গজাধৰ বাবু সদায় সভাত পৰি থাকে, গতিকে কোনোৱা আইহলে তেওঁক বহিব দিয়াৰ স্থান নাথাকে। অমৰে সকলো ক্ষেত্ৰতে দেউতাকৰ হস্তক্ষেপ ভাল পোৱা নাছিল। তেওঁ কৈছিল, “বৃদ্ধসকলে শান্তভাৱে পৰি আছে।”
২৩। বাসন্তী গজাধৰ বাবুৰ কোনটো কথাত খং কৰিছিল?
উত্তৰঃ বাসন্তীয়ে যেতিয়া চুবুৰীয়া শীলাৰ ঘৰলৈ যাবলৈ ওলাইছিল, তেতিয়া গজাধৰ বাবুৱে তাইক তীব্ৰ কণ্ঠত কৈছিল যে কোনো দৰকাৰ নাই ভিতৰলৈ গৈ পঢ়াৰ। এই কথাত বাসন্তীয়ে খং কৰিছিল।
২৪। গজাধৰ বাবু খাদ্য তৈয়াৰ কৰাৰ দায়িত্ব কাক দিছিল আৰু কিয়?
উত্তৰঃ গজাধৰ বাবুৱে ৰাতিপুৱা ৰন্ধাৰ দায়িত্ব দিছিল বোৱাৰীক। সন্ধিয়াৰ আহাৰ তৈয়াৰ কৰাৰ দায়িত্ব নিছিল বাসন্তীক। কাৰণ তেওঁৰ পত্নী বৃদ্ধ হৈ পৰিছিল আৰু গোটেই ঘৰটো সম্ভালিবৰ কাৰণে শক্তি নাছিল। একে সময়তে, গজাধৰ বাবুয়ে ছোৱালীজনীক বাহিৰলৈ যোৱাটো ভাল পোৱা নাছিল, সেয়েহে তাইক কামত ব্যস্ত ৰাখিব বিচাৰিছিল।
২৫। ‘ৱাপচী’ গল্পৰ প্ৰধান বিশেষত্ব কি?
উত্তৰঃ ‘ৱাপচী’ গল্পৰ প্ৰধান বিশেষত্ববোৰ হ’ল —
(ক) মানৱীয় মূল্যবোধৰ অৱক্ষয়।
(খ) যুগ মনস্তত্ত্বৰ প্ৰতিফলন।
(গ) পৰিয়ালৰ সদস্যসকলৰ মাজত থকা আন্তৰিক সম্বন্ধহীনতাৰ চিত্ৰণ।
(ঘ) প্রজন্মৰ ব্যৱধান আদি।
২৬। ‘ৱাপচী’ গল্পৰ মন কৰিবলগীয়া দিশটো কি? অসমীয়া সাহিত্যত এনে কোন গল্পৰ সাদৃশ্য আছে?
উত্তৰঃ সমাজ পৰিৱৰ্তনৰ ফলস্বৰূপে আধুনিক জীৱন ধাৰাই ব্যক্তি জীৱনলৈ কঢ়িয়াই অনা নিঃসংগবোধ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত দেখা দিয়া আত্মিক সম্পৰ্কৰ অভাৱ, ৱাপচী গল্পৰ মন কৰিবলগীয়া দিশ। অসমীয়া সাহিত্যত হোমেন বৰগোহাঞিৰ ‘হাতী’ গল্পৰ সৈতে এই গল্পটিৰ সাদৃশ্য আছে।
২৭৷ গজাধৰ বাবু ঘৰলৈ যোৱাৰ আগতে তেওঁৰ ঘৰৰ পৰিস্থিতি কি আছিল?
উত্তৰঃ গজাধৰ বাবু ঘৰলৈ যোৱাৰ আগতে, তেওঁৰ ডাঙৰ পুত্ৰ অমৰ ঘৰৰ মালিক আছিল। বোৱাৰীৰ কোনো কামতে ঘৰৰ আন মানুহে হস্তক্ষেপ কৰা নাছিল। অমৰৰ বন্ধুসকলৰ ইয়াতেই আড্ডা আছিল আৰু চাহ জলপানৰ আয়োজনও আছিল। তেতিয়া বাসন্তীও ভাল অনুভৱপ কৰিছিল আৰু চুবুৰীয়া শীলাৰ ঘৰতো পলমকৈ থকাৰ অভ্যাস আছিল। শাহু মাকে দিনটো কাম কৰি আছিল। সৰু পুত্ৰ নৰেন্দ্ৰ নিজৰ মতে জীৱন যাপন কৰি আছিল। সকলো কামৰ বাবে এজন কাম কৰাৰ মানুহ ঠিক কৰিছিল। তেওঁলোকৰ ঘৰৰ জীৱন আৰু ব্যয় ক্ষমতা বহুত বেছি আছিল। পৰিয়ালত টকা দিয়াৰ বাবে গজাধৰ বাবুৰ অন্য কোনো কাম নাছিল।
ৰচনাধর্মী প্ৰশ্নোত্তৰঃ
১। ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ ঐতিহাসিক প্রেক্ষাপট সম্পর্কে আলোচনা কৰা?
উত্তৰঃ ভাৰতীয় তুলনামূলক সাহিত্যৰ প্ৰসংগটো উত্থাপন কৰাৰ আগতে ‘ভাৰতীয় সাহিত্য’ৰ ধাৰণাটোৱে কেনেদৰে বিকাশ লাভ কৰিলে, সেই বিষয়ে জনাৰ প্ৰয়োজন। কাৰণ ‘ভাৰতীয় সাহিত্য’ ধাৰণাটোৰ বিচাৰ – বিশ্লেষণেহে ভাৰতীয় তুলনামূলক সাহিত্যৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰাত সহায় কৰিব। উল্লেখনীয় যে ভাৰতীয় সাহিত্যৰ ধাৰণা এদিনতে গঢ় লোৱা নহয়। দীৰ্ঘদিন ধৰি ভাৰতীয় ভাষাসমূহ আৰু এই ভাষাসমূহে সৃষ্টি কৰা সাহিত্যৰাজি কেতবোৰ উমৈহতীয় বৈশিষ্ট্যৰে লালিত – পালিত হৈছে আৰু তাৰ ভিত্তিতে কিছুমান নিৰ্দিষ্ট সমাজ -ৰাজনৈতিক প্রয়োজনীয়তাত এই ধাৰণাই বিকাশ লাভ কৰিছে।
ভাৰতীয় সাহিত্যৰ ধাৰণাঃ ঐতিহাসিক প্রেক্ষাপটঃ আমি আগতে সমাজতত্ত্ববিদ হবছৱামৰ মন্তব্য পাইছো যে প্ৰায়বোৰ জাতীয় সাহিত্যই এক ধৰণৰ অৰ্ধকৃত্ৰিম নিৰ্মাণ। হবছৰাম বা স্তালিনকে ধৰি বিভিন্ন পণ্ডিতে সেয়েহে কিছুমান উপাদানৰ কথা উল্লেখ কৰিছে। ভাৰতৰ সমাজ ব্যৱস্থাৰ মাজতো আমি কেতবোৰ উপাদান বিচাৰি পাওঁ যিবোৰে ইতিমধ্যেই ভাৰতীয় সাহিত্যৰ এক ভিত্তিভূমি গঢ়ি তুলিছিল।
(ক) ভৌগোলিক আৰু ৰাজনৈতিক পটভূমিঃ ‘ভাৰতীয় সাহিত্য’ ধাৰণাটোৰ উদ্ভৱ আৰু বিকাশৰ কথাটো আলোচনা কৰিবলৈ গ’লে সি আকৌ জড়িত হৈ পৰিব জাতীয় চিন্তাৰ উন্মেষৰ লগত। কাৰণ জাতি বা জাতীয়তা গঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ভাষা সাহিত্য। ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ মাজেৰেই লাহে লাহে বিকশিত হোৱা ভাৰতীয় ধাৰণাটোৱে পিছত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিলে আৰু ভাৰতীয় জাতীয় মানসিকতা গঠন প্ৰক্ৰিয়াটোক এক গতি প্ৰদান কৰিলে। জাতি গঠনৰ বাবে জাতিটোৰ অংশীদাৰ হোৱা লোকসকল এক নিৰ্দিষ্ট ভূখণ্ডৰ বাসিন্দা হোৱাটো প্ৰয়োজন। সেইফালৰ পৰা নানান শক্তিশালী ৰাজতন্ত্ৰৰ ছত্ৰছায়াত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলবোৰ ভৌগোলিক আৰু প্ৰশাসনিকভাৱে লগ লাগিছিল। ভাৰতবৰ্ষত অঞ্চলে অঞ্চলে ক্ষুদ্র ক্ষুদ্র ৰাজশক্তিবোৰ আছিল যদিও চক্ৰৱৰ্তী ৰাজসকলৰ দিনত এনেবোৰ ৰাজ্যৰ মাজত আন্তঃসম্পর্কও গঢ় লৈ উঠিছিল।
(খ) আর্য সংস্কৃতিৰ বিস্তাৰঃ ভাৰতবৰ্ষৰ ঐক্য সংঘটনৰ প্ৰক্ৰিয়াটোক অধিক সংহত কৰিছিল আর্য সভ্যতাৰ বিস্তাৰে। আৰ্যসকলৰ প্ৰতি গুৰুত্বপূৰ্ণ অৱদান হিচাপে তেওঁলোকৰ ভাষাটোক চিহ্নিত কৰিছে। আৰ্যসকলৰ জাতিগত প্ৰসাৰতকৈ তেওঁলোকৰ উৎপাদন কৌশল আৰু জীৱনযাত্ৰা পদ্ধতিৰহে (ইয়াৰ ভিতৰত ভাষাকো ধৰিব লাগিব। কাৰণ আদিম লোকে অত্যাৱশ্যকীয় বুলি বিবেচনা কৰা আৰ্য পূজা পদ্ধতি গ্ৰহণ কৰাৰ লগে লগে সেই ভাষাও লৈছিল) প্ৰসাৰ ঘটিছিল। কাৰণ আদিবাসীসকলে আৰ্যসকলৰ অনুষ্ঠানৰ লগত গভীৰভাৱে জড়িত থকা নতুন উৎপাদনৰ আহিলাবোৰকো অত্যাৱশ্যকীয় বস্তু বুলি গ্ৰহণ কৰিছিল। পৰৱৰ্তী স্তৰত আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ বেছিভাগ ভাষাই সংস্কৃত ভাষাৰ পৰাই বিকাশ লাভ কৰিছে।
(গ) একে ধৰণৰ লিপিৰ ব্যৱহাৰঃ ভাষাৰ লগতে লিপিয়েও ভাৰতবোধৰ ধাৰণাক প্রবল কৰি তোলাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে, কাৰণ ভাৰতৰ প্ৰায়বোৰ লিপিৰেই মূল হ’ল — ব্রাহ্মীলিপি। ব্রাহ্মীলিপিৰ উৎপত্তি সম্পর্কে নানান মতবাদ আছে যদিও সুনীতি কুমাৰ চেটার্জীদেৱে এই সিদ্ধান্ত আগবঢ়াইছে যে মহেঞ্জোদাৰোত পোৱা লিপিৰ পৰাই ব্ৰাহ্মী লিপিৰ উদ্ভৱ হৈছে আৰু সন্দেহাতীতভাৱে ইয়াৰ উৎপত্তি ভাৰততে। ড° চেটার্জীয়ে ব্ৰাহ্মীলিপিৰ বিভিন্ন স্তৰ অশোকৰ অনুশাসনত ব্যৱহৃত অশোক ব্রাহ্মী, কুশান ব্রাহ্মী, গুপ্তব্রাহ্মী, সিদ্ধমাতৃকা আদিৰ বিষয়ে খৰচি মাৰি আলোচনা কৰি এই লিপিৰ পৰাই ভাৰতবৰ্ষৰ প্ৰায়বোৰ লিপিৰ উদ্ভৱ হোৱা বুলি মত প্ৰকাশ কৰিছে।
(ঘ) বৈদিক আৰু ধ্রুপদী সাহিত্যৰ প্ৰভাৱঃ বৈদিক যুগৰে পৰা সংস্কৃত সাহিত্যৰ ভাষা সংস্কৃত হ’লেও এইসাহিত্যই ভাৰতবৰ্ষৰ সভ্যতাৰ ঐতিহাসিক বিকাশৰ ৰূপৰেখাকেই দাঙি ধৰিছিল। বেদ, বেদান্ত, উপনিষদ আদিৰ মাজেৰে বিকাশ লাভ কৰা সংস্কৃত ভাষাত পৰৱৰ্তী সময়ত মহাভাৰতৰ দৰে সাহিত্য ৰচনা হৈছে যাৰ ভাষা সংস্কৃত। কিন্তু পূৰ্বৰ প্ৰাগজ্যোতিষপুৰৰ পৰা পশ্চিমৰ গান্ধাৰলৈ আর্য – অনার্য সকলো জাতি – উপজাতিন অসংখ্য কথা – উপকথা, আখ্যান আদি বর্ণিত হৈ সঁচা অৰ্থত ভাৰতীয় সাহিত্যৰ এক উল্লেখনীয় কীর্তি হিচাপে ই প্রতিষ্ঠা লাভ কৰিছে। বেদ, বেদান্ত, ৰামায়ণ – মহাভাৰতৰ মাজেৰে প্ৰবাহিত জীৱনবোধে ক’ব নোৱাৰাকৈয়ে মানুহক ভাৰতীয় আত্মাৰ লগত সংযুক্ত কৰিছিল। বাল্মীকি প্ৰসাদ সিঙে ‘The problem of change’ শীর্ষক গ্ৰন্থত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ জনগোষ্ঠীৰ মাজত গঢ় লৈ উঠা কাহিনী বা আখ্যানবোৰত ৰামায়ণ, মহাভাৰতৰ এক বিশেষ প্রভাৱ থকাৰ কথা উল্লেখ কৰিছে আৰু ভাৰতীয় জীৱনবোধক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এই মহাকাব্য দুখনৰ গুৰুত্বৰ কথাও উল্লেখ কৰিছে।
(৩) সংস্কৃত নন্দনতত্ত্বৰ প্ৰভাৱঃ সংস্কৃত সাহিত্যৰ প্ৰায় সমান্তৰালভাৱে দক্ষিণত তামিল সাহিত্যয়ো বিশেষভাৱে গুৰুত্ব লাভ কৰিছিল যদিও সামগ্রিকভাৱে সংস্কৃত ভাষা – সাহিত্যই সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক সাহিত্যক একে ৰাগীত গঢ়ি তুলিছিল। সংস্কৃত সাহিত্যৰ ব্যাপক অনুবাদ মাজেৰে প্ৰান্তীয় সাহিত্যবোৰলৈ এই তাত্ত্বিক চিন্তাবোৰ প্ৰসাৰিত হৈছিল আৰু পৰৱৰ্তী সময়ত বেলেগ বেলেগ ভাষাত গঢ় লোৱা আঞ্চলিক সাহিত্যৰাজিয়ে একে ধৰণৰ চিন্তা – ভাবনাক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল। সংস্কৃত সাহিত্যৰ অনুবাদে দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতক সমানে প্রভাৱিত কৰিছিল। ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক ভাষাত ৰচিত সাহিত্যৰাজিৰ নন্দনতাত্বিক উৎসও আছিল সংস্কৃত নন্দনতাত্ত্বিকসকলে প্রণয়ন কৰা প্ৰাচ্য নন্দনতত্ত্বৰ ৰচনাসমূহ। এই ব্যাপক সাহিত্য আন্দোলনে ভারতীয় মানুহৰ মনত এক ভাবনাত্মক ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত অতি কার্যকৰী ভূমিকা পালন কৰিছিল।
(চ) বর্ণাশ্ৰমঃ ভাৰতীয় বৰ্ণাশ্ৰম ব্যৱস্থাকো আমি আলোচনাৰ মাজলৈ আনিব লাগিব। বৰ্ণাশ্ৰম ব্যৱস্থাই ভাৰতীয় সমাজৰ বিকাশত যে নিশ্চিতভাৱেই ভালেমান নেচিবাচক প্রভাৱ পেলাইছে তাত কোনো সন্দেহ নাই। ইয়াৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আৰু জটিলতাবোৰৰ পুংখানুপুংখ আলোচনা আমি আগবঢ়াব বিচাৰ নাই, কাৰণ সেইটো নিজস্বভাৱে এক ব্যাপক বিষয়। ভাৰতীয় সাহিত্যৰ বিচাৰ – বিশ্লেষণৰ ক্ষেত্ৰত এই বিষয়টো নিশ্চয় অতি গুৰুত্বপূর্ণ, কিন্তু একে সময়তে ভাৰতীয় সাহিত্যৰ এক অন্যতম বৈশিষ্ট্য হিচাপেও ইয়াৰ গুৰুত্ব নুই কৰিব নোৱাৰি। আমি মাত্ৰ এই কথাটোৰ বাবেহে বৰ্ণাশ্ৰমৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছো কাৰণ এই ব্যবস্থায়ো ভাৰতীয় সমাজখনত এক বিস্তৃত আৰু উমৈহতীয়া সামাজিক কাঠাম এটা গঢ়ি তুলিছিল, যাৰ প্ৰভাৱৰ পৰা আনকি আজিও ভাৰতৰ সমাজ মুক্ত হ’ব পৰা নাই। আমি এইটোকে দেখুৱাব খুজিছো যে ভাৰতীয় বুলি পৰিচিত (একেবাৰে কেন্দ্ৰীয় অঞ্চলৰ পৰা প্ৰান্তীয় স্তৰলৈকে) কোনো সামাজিক গোটেই এনেবোৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণকৈ মুক্ত নহয়। গতিকে উমৈহতীয়া বৈশিষ্ট্য গঢ়ি তোলাৰ ক্ষেত্ৰত বৰ্ণাশ্রম ব্যৱস্থায়ো এক উল্লেখনীয় বৰঙণি আগবঢ়াইছে।
(ছ) ভাৰতৰোধঃ অসমৰ পটভূমিত আমি দেখিছোঁ যে মহাপুৰুষ শংকৰদেৱে তেওঁৰ ৰচনা সম্ভাৰত অসমৰ পৰিৱৰ্তে ‘ভাৰত’ শব্দটোহে বাৰে বাৰে ব্যৱহাৰ কৰিছে। অসমীয়া সাহিত্যৰ গৌৰৱোজ্জ্বল সময় শংকৰদেৱৰ যুগটোৰ সমস্ত সাহিত্যৰাজিয়েই, আনকি অৰুণোদয়ৰ আগলৈকে ৰচিত প্ৰায় সকলোবোৰ ৰচনাই বেদ – বেদান্ত, উপনিষদ, পুৰাণ, ৰামায়ণ, মহাভাৰত, হিতোপদেশ আদিৰে অনুকৰণ বা অনুৰণনৰ ফলশ্ৰুতি। আনকি তীৰ্থ – কৌমুদী, হৰগৌৰী সংবাদ আদি পুথি ভাৰতৰ বিভিন্ন তীর্থক্ষেত্ৰসমূহৰ বৰ্ণনাৰেও ভৰপূৰ। ‘অৰুণোদই’ৰ পৰৱৰ্তী সময়ছোৱাত ঊনবিংশ শতিকাৰ অসমীয়া মধ্যবিত্তসকলৰ মনতো ভাৰতৰোধৰ চেতনা সবলভাৱে ব্যাপ্ত হৈ পৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আদিয়ে বংগীয় সমাজৰ লগত আমাৰ ঘনিষ্ঠতা বঢ়াই তুলিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে ব্যক্তিয়ে তাক আৰু এঢাপ আগুৱাই নি ক’লে –“লুইতৰ পাৰত থিয় হৈয়েই অসমীয়া, ভাৰতীয় নবীনৰ দলে অসমী মাটিৰ সৃষ্টিৰ মন্ত্ৰলৈ কাণ পাতি, নিখিল পৃথিবীকেই আহ্বান কৰক নৱ মানবীয় সংস্কৃতিলৈ”। জ্যোতিপ্ৰসাদৰ এই বক্তব্য অকল ভাৰতবোধৰ বাবেই উল্লেখনীয় নহয়, বৰং তুলনামূলক সাহিত্যৰ দৃষ্টিভংগীৰ পৰা চালেও দেখা যাব যে – জ্যোতিপ্ৰসাদৰ বক্তব্যই তুলনামূলক সাহিত্যৰ ইপ্সিত লক্ষ্যকেই যথাযথভাৱে তুলি ধৰিছে। জ্যোতিপ্ৰসাদৰ এই দৃষ্টিয়েই আজিৰ তুলনামূলক ভাৰতীয় সাহিত্যৰ মূল দৃষ্টি। ঊনবিংশ শতিকাৰ মাজভাগত বংগৰ কবি সাহিত্যিকৰ মাজতো ভাৰতবোধ প্রবল হৈ উঠিছিল। সঁচা অৰ্থত ভাৰতীয় সাহিত্য’ আমি ভাৰতবৰ্ষৰ বিভিন্ন ভাষাৰ সাহিত্যিক সমলসমূহক লৈ আমাৰ জাতীয় প্ৰয়োজনত নিৰ্মাণ কৰি লোৱা এক ধাৰণাহে মাত্ৰ।