Tulonamulak Sahitya Padhoti Aru Proyug Unit 5 তুলনামূলক সাহিত্যৰ অধ্যয়নঃ সাহিত্য আৰু সুকুমাৰ কলাৰ অন্য শাখাৰ সম্পর্ক জড়িত অধ্যয়ন, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Tulonamulak Sahitya Padhoti Aru Proyug Unit 5 তুলনামূলক সাহিত্যৰ অধ্যয়নঃ সাহিত্য আৰু সুকুমাৰ কলাৰ অন্য শাখাৰ সম্পর্ক জড়িত অধ্যয়ন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Tulonamulak Sahitya Padhoti Aru Proyug Unit 5 তুলনামূলক সাহিত্যৰ অধ্যয়নঃ সাহিত্য আৰু সুকুমাৰ কলাৰ অন্য শাখাৰ সম্পর্ক জড়িত অধ্যয়ন Question Answer can be of great value to excel in the examination.
Tulonamulak Sahitya Padhoti Aru Proyug Unit 5 তুলনামূলক সাহিত্যৰ অধ্যয়নঃ সাহিত্য আৰু সুকুমাৰ কলাৰ অন্য শাখাৰ সম্পর্ক জড়িত অধ্যয়ন
Tulonamulak Sahitya Padhoti Aru Proyug Unit 5 তুলনামূলক সাহিত্যৰ অধ্যয়নঃ সাহিত্য আৰু সুকুমাৰ কলাৰ অন্য শাখাৰ সম্পর্ক জড়িত অধ্যয়ন Notes cover all the exercise questions in UGC Syllabus. The Tulonamulak Sahitya Padhoti Aru Proyug Unit 5 তুলনামূলক সাহিত্যৰ অধ্যয়নঃ সাহিত্য আৰু সুকুমাৰ কলাৰ অন্য শাখাৰ সম্পর্ক জড়িত অধ্যয়ন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
তুলনামূলক সাহিত্যৰ অধ্যয়নঃ সাহিত্য আৰু সুকুমাৰ কলাৰ অন্য শাখাৰ সম্পর্ক জড়িত অধ্যয়ন
ASSAMESE
তুলনামূলক সাহিত্যৰ পদ্ধতি আৰু প্ৰয়োগ
অতি চমু প্রশ্নোত্তৰঃ
১। ‘সন্ধ্যাৰাগ’ চলচিত্ৰখন কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়া।
২। কিমান চনত ‘সন্ধ্যাৰাগ’ চলচিত্ৰখনে মুক্তি লাভ কৰিছিল?
উত্তৰঃ ১৯৭৭ চনত।
৩। ড° ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত প্রথম ছবিখন কি?
উত্তৰঃ সন্ধ্যাৰাগ।
৪। অসমীয়া ভাষাৰ কোন দুখন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ভবেন্দ্ৰনাথ শইকীয়া আছিল?
উত্তৰঃ প্ৰান্তিক আৰু সঁফুৰাৰ ।
৫। ভবেন্দ্ৰনাথ শইকীয়াই কিমানখন অসমীয়া চলচিত্ৰ পৰিচালনা কৰিছিল?
উত্তৰঃ আঠখন।
৬। ভৰেন্দ্ৰনাথ শইকীয়াই কেইখন বোলছবিৰ বাবে ৰজত কমল বঁটা লাভ কৰিছিল?
উত্তৰঃ সাতখন।
৭। কিমান চনত ভবেন্দ্রনাথ শইকীয়াই ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল?
উত্তৰঃ ১৯৭৬ চনত।
৮। ভবেন্দ্ৰনাথ শইকীয়াই কিমান চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ পাইছিল?
উত্তৰঃ ১৯৯০ চনত।
৯। ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটো কি?
উত্তৰঃ সত্যপ্রিয় পাঠক।
১০৷ ভৰেন্দ্ৰনাথ শইকীয়াই ব্যৱহাৰ কৰা দুটা ছদ্মনাম কি কি?
উত্তৰঃ সদানন্দ পাঠক আৰু ৰজনী দত্ত।
১১। ভবেন্দ্ৰনাথ শইকীয়াদেৱে পৰিচালনা কৰা চলচিত্ৰ পাঁচখনৰ নাম লিখা?
উত্তৰঃ অনির্বাণ, অগ্নিস্নান, কোলাহল, আৱৰ্তন আৰু ইতিহাস।
১২। ভবেন্দ্রনাথ শইকীয়াই হিন্দী ভাষাত নিৰ্মাণ কৰা চলচিত্ৰখন কি?
উত্তৰঃ কালসন্ধ্যা।
১০। ভবেন্দ্ৰনাথ শইকীয়া কি কি বঁটাৰে সন্মানিত হৈছে?
উত্তৰঃ অসম প্ৰকাশন পৰিষদ বঁটা, সাহিত্য অকাডেমী বঁটা অসম উপত্যকা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী বঁটা।
১৪। ‘বানপ্রস্থ’ গল্পৰ ৰচক কোন?
উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়া।
১৫। ‘সন্ধ্যাৰাগ’ চলচিত্ৰখন কোনটো গল্পক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ ‘বানপ্রস্থ’ গল্পক।
১৬। ভবেন্দ্রনাথ শইকীয়াৰ চুটিগল্প সংকলন কেইখন কি কি?
উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়াৰ চুটিগল্প সংকলন কেইখন হ’ল—
(ক) প্ৰহৰী।
(খ) সেন্দুৰ।
(গ) গহ্বৰ।
(ঘ) শৃংখল।
(ঙ) উপকণ্ঠ।
(চ) এই বন্দৰৰ আবেলি।
(ছ) বৃন্দাবন।
(জ) তৰংগ।
(ঝ) সান্ধ্য ভ্রমণ।
(ঞ) গল্প আৰু শিল্প।
(ট) আকাশ।
১৭। কিমান চনত ভবেন্দ্ৰনাথ শইকীয়াই গল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল?
উত্তৰঃ ১৯৪৭ চনত ।
১৮। কোনখন আলোচনীত ভৰেন্দ্ৰনাথ শইকীয়াই প্রথম গল্প লিখিছিল?
উত্তৰঃ উদয় নামৰ আলোচনীত।
১৯। উদয় আলোচনীত প্রকাশিত ভবেন্দ্রনাথ শইকীয়াৰ প্ৰথম গল্পটো কি?
উত্তৰঃ ‘পথ নিৰাপমা’।
২০। “ডবেন্দ্রনাথ শইকীয়াৰ গল্পত অসমীয়া চুটিগল্পৰ পৰম্পৰাবাদী ধাৰাই এক বিৰল পূর্ণতা লাভ কৰিছে।” ভবেন্দ্রনাথ শইকীয়াৰ গল্পৰ বৈশিষ্ট্যৰ বিষয়ে কোনে এই মন্তব্য প্ৰদান কৰিছে?
উত্তৰঃ হোমেন বৰগোহাঞিদেৱে।
২১। ভবেন্দ্রনাথ শইকীয়াৰ গল্পৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ (ক) বৰ্ণনাভংগীৰ চমৎকাৰিত্ব।
(খ) তেওঁৰ গল্প কাহিনী প্রধান।
(গ) তেওঁৰ গল্পত প্রকাশিত হয় জীৱনৰ কৰুণ মধুৰ উপলব্ধি।
২২। চলচিত্ৰত অ’পেনিং ছিকুৱেন্সটো কিয় গুৰুত্বপূৰ্ণ হয়?
উত্তৰঃ কাৰণ ই নিৰ্ধাৰিত ছবিখনৰ সামগ্ৰিক মুড, কাহিনীৰ গতি-প্ৰকৃতি আৰু নান্দনিক দিশৰ চৰিত্ৰ।
২৩। ‘সন্ধ্যাৰাগ’ চলচিত্ৰত চিত্রিত পুতুলী কোন?
উত্তৰঃ মুকুন্দৰ ঘৈণীয়েক।
২৪। চাৰু আৰু তৰু কোন?
উত্তৰঃ পুতুলী আৰু মুকুন্দৰ সন্তান হ’ল চাৰু আৰু তৰু।
২৫। চাৰুৱে কাম কৰিবলৈ যোৱা মানুহ ঘৰৰ গৰাকীজনৰ নাম কি?
উত্তৰঃ নন্দন দাস।
২৬। নন্দন দাসৰ ঘৰত ড্ৰাইভাৰ হিচাপে কাম কৰা ল’ৰাজনৰ নাম কি?
উত্তৰঃ মতি।
২৭৷ চাৰু কিয় নন্দন দাসৰ ঘৰৰ পৰা পুনৰ গাঁওলৈ ঘূৰি আহিব লগা হৈছিল?
উত্তৰঃ চাৰু ডাঙৰ হৈ প্ৰায় বিয়াৰ বয়স হ’ল আৰু সেই সময়তেই নন্দন দাসৰ জীয়ৰীৰ বিয়া হৈ গ’ল। তেওঁলোকৰ ঘৰত চাৰুৰ প্ৰয়োজন প্ৰায় শেষ হৈ অহাৰ কাৰণে তাই তেওঁলোকৰ ঘৰৰ পৰা পুনৰ গাঁওলৈ ঘূৰি আহিব লগা হৈছিল।
২৮। ‘সন্ধ্যাৰাগ’ চলচিত্ৰত সময়ৰ পৰিৱৰ্তনক বুজাবলৈ কিহৰ সহায় লোৱা হৈছে?
উত্তৰঃ মতিৰ লগত সম্বন্ধ থকা মটৰ গাড়ীৰ স্পিডোমিটাৰৰ সহায় লোৱা হৈছে।
২৯। অমলা কোন?
উত্তৰঃ নন্দন দাসৰ পত্নী হৈছে অমলা।
ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। ভবেন্দ্ৰনাথ শইকীয়াৰ ‘বানপ্রস্থ’ গল্প আৰু ‘সন্ধ্যাৰাগ’ চলচিত্ৰৰ কাহিনীৰ এটি তুলনামূলক আলোচনা আগবঢ়োৱা।
উত্তৰঃ ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ ভবেন্দ্ৰনাথ শইকীয়া এগৰাকী চলচিত্ৰ পৰিচালক বা নির্মাতাও আছিল। তেওঁৰ এটি অন্যতম গল্প হৈছে ‘বানপ্রস্থ’। এই ‘বানপ্রস্থ’ গল্পৰ কাহিনীকে কেন্দ্ৰ হিচাপে লৈ তেওঁ নিৰ্মাণ কৰিছিল অসমীয়া চলচিত্র ‘সন্ধ্যাৰাগ’।
আমাৰ সাম্প্ৰতিক সামাজিক পৰিপ্ৰেক্ষিতত নগৰত চাকৰণী খাটি উভতি যোৱা দুজনী চাকৰণী ছোৱালী চাৰু আৰু তৰুৰ দুৰ্ভোগ আৰু দুৰ্দশা ‘বানপ্রস্থ গল্পত গল্পকাৰ শইকীয়াই প্রতিফলিত কৰিছে। চাৰু কাম কৰা ঘৰৰ মালিক নন্দন দাস আৰু তেওঁৰ ঘৈণীয়েক হৈছে ভাল মানুহ। তেওঁলোকে চাৰুক তেতিয়াও কোনো কথাত মনোকষ্ট দিয়া নাই। তাই তেওঁলোকৰ ঘৰৰ সদস্যৰ দৰেই হৈ পৰিছে। আনকি গডৰেজৰ চাবিকোছা ও চাকৰ হাতত দিছে। তাইক তেওঁলোকে নিজৰ দৰে কোনো কষ্ট নোপোৱাকৈ ৰাখিছে। মাক পুতুলীলৈ অলপ টকাও পঠিয়াইছে। চাৰু ক্ৰমাৎ ডাঙৰ হৈ আহিছে। নন্দন দাসৰ জীয়েক মাধৱীৰ পুৰণি শাৰী পিন্ধি তাই জিলিকি উঠিছে। মাধৱীৰ বিয়াৰ পিছত চাৰুক তেওঁৰ ঘৰত ৰখা যেন অসম্ভৱ হৈ পৰিল। সেয়ে চাৰু আৰু তাইৰ ভনীয়েক তৰুক পুনৰ গাঁওলৈ উভতাই পঠিয়ালে। দুয়োজনী ঘৰলৈ উভতি আহিল। সিহঁত উভতিবৰ সময়ত লোকৰ ঘৰত বন কৰি পেট প্ৰৱর্তোৱা অকালবৃদ্ধা মাক পুতলীৰ পৰলীয়া চাউল আগত লৈ জলক-তৰক হৈ থকা অৱস্থা। গাঁওত চাকৰণী ৰখা মানুহ নাই। সিহঁতে ঢেঁকী দিয়া, ধান ৰোৱা-কটা আদি কামতো পাৰ্গত নহয়। চহৰৰ পৰা অনা পইচাৰে দুদিনমান চলি পিছলৈ নাজল-নাথল অৱস্থা। প্রায়েই লযোণ পৰিবলগীয়া হয়।
তেনেতে এবাৰ নন্দন দাস সিহঁতৰ গাঁওলৈ কিবা মিটিঙৰ বাবে আহিব বুলি চাৰুহঁতে খবৰ পালে। স্বাভাৱিকতেই চাৰুহঁতৰ ওপৰত ৰন্ধা-বঢ়াৰ ভাৰ পৰিল। ৰাতিপুৱাই গৈ সিহঁতে নিজৰ কাম চমজি ল’লে। খোৱাৰ সময়ত নন্দন দাসে চাৰুহঁতৰ সাধাৰণভাৱে খবৰ ল’লে, খোৱাৰ তাৰিফ কৰিলে আৰু ৰাতি থাকিবলৈ বুলি ডাক-বঙলালৈ উভতি গ’ল। ইফালে ভোকতে চাৰুহঁতৰ অৱস্থা নোহোৱা হৈছিল। আনকি কান্দিবলৈও সিহঁতৰ দেহত শক্তিৰ অভাৱ হৈছিল। সেই সময়তে নন্দন দাসৰ ড্ৰাইভাৰ মতি গৈ চাৰুহঁতৰ ঘৰ পাইছিল। এসময় যিজন মতি ড্রাইভাৰে চাৰুক বিয়াৰ প্ৰস্তাৱ দিছিল আৰু সেই প্ৰস্তাৱ তাই নাকচ কৰিছিল, আজি ভোকত আতুৰ হৈ সেইগৰাকী চাৰুই মতিৰ ওচৰত তাইক লৈ যাবলৈ অনুৰোধ কৰিছিল। তেতিয়া মতিয়ে চাৰুক সি বিয়া পাতি সন্তান জন্ম নিবলৈ অপাৰগ হোৱাৰ বাবেই পত্নীয়ে তাক একি যোৱা কথাটো বিনাদ্বিধাই কৈ তাইক এনে সিদ্ধান্ত নোলোৱাৰ উপদেশ দিছিল যদিও তাই নামানিলে। পুতলী আৰু তৰুই চাৰুৰ সিদ্ধান্তৰ কথা শুনি আছিল। চাৰুৰ লগতে সিহঁত দুয়োৰে এটা আশ্ৰয়ৰ থল ওলাল। চাৰুৰ সতি-সন্ততি হ’লে মাকে সহায় কৰাৰ আশা এটি পুহিবলৈ পুতলীয়ে আৰম্ভ কৰিলে।
এয়া সংক্ষেপে ‘বানপ্রস্থ’ গল্পৰ মূল কাহিনী। এই কাহিনীটোৱেই ‘সন্ধ্যাৰাগ’ ছবিত দেখুওৱা কাহিনী। ছবি এখনত অ’পেনিং ছিকুৱেন্সটো গুৰুত্বপূৰ্ণ। কাৰণ ই নিৰ্ধাৰিত ছবিখনৰ সামগ্রিক মুড, কাহিনী গতি-প্রকৃতি আৰু নান্দনিক দিশৰ চৰিত্ৰ। ‘বানপ্রস্থ’ গল্পৰ কাহিনী আৰম্ভ হৈছিল চাৰু-তকৰ দৈহিক সৌন্দৰ্যৰ বৰ্ণনাৰে। কিন্তু ‘সন্ধ্যাৰাগ’ ছবিত কাহিনীৰ আৰম্ভণি হৈছে এজন মানুহৰ নিৰ্দেশত এজন শ্রমিক অর্থাৎ মুকুন্দ গছৰ ওপৰলৈ উঠি যোৱা দৃশ্যৰে। ছবিৰ দ্বিতীয় অধ্যায়ত কাহিনীৰ গতিৰ পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তনক ভিজুৱেল ৰূপত প্ৰকাশ কৰা হৈছে নগৰীয়া জীৱনৰ কৰ্কশ ৰূপটোক প্ৰকাশ কৰা কিছু ভিজুৱেলৰ সহায়ত । চাৰু নন্দন দাসৰ ঘৰত থাকিবলৈ লয় আৰু এই জীৱনটোৰ লগত নিজকে খাপ খুৱাবলৈ আৰম্ভ কৰোঁতেই মতি ড্রাইভাৰৰ প্রবেশ ঘটে।
নন্দন দাসৰ ড্ৰাইভাৰ হিচাপে মতিৰ প্ৰৱেশ নতুন গাড়ীৰ লগে লগে স্বাভাৱিক। কিন্তু নন্দন দাসৰ বা মূল চৰিত্ৰ চাৰুৰ মতিৰ একো ধৰণৰ বিশেষ সম্বন্ধ নাই, অথচ চিত্ৰনাট্যত মতিৰ ঘৰুৱা কথাই বিশেষ প্রাধান্য লাভ কৰাত কাহিনীৰ সুসম গতি কিছু পৰিমাণে বাধাপ্রাপ্ত হয়। মতিৰ ঘৰৰ দৃশ্যৰ অৱতাৰণাৰ লগে লগে এক সৰল ৰেখাত গতি কৰি থকা কাহিনীৰ গতিয়ে অন্য মোচৰ লয় যদিও কিছু কিছু সময়ৰ পাছত কাহিনীৰ গতি পুনৰ সেই সৰলৰেখালৈ উভতি আহে। ইফালে নন্দন দাসৰ ঘৰত প্ৰয়োজন শেষ হোৱাত চাৰু- তৰু দুয়োকো গাঁওৰ ঘৰলৈ পঠিয়াই দিয়া হয় আৰু তেতিয়াৰে পৰা ছবিখনৰ আচল সংঘাতপূর্ণ অংশটিৰ আৰম্ভণি হয়। এইখিনিৰ পৰা ছবিখনৰ তৃতীয় অংশ।
মুঠৰ ওপৰত, ‘বানপ্রস্থ’ গল্পৰ কাহিনীক ‘সন্ধ্যাৰাগ’ চলচিত্ৰত ড° ভবেন্দ্রনাথ শইকীয়াই সফল ৰূপত ৰূপায়িত কৰিছে।
২। ‘বানপ্রস্থ’ গল্পৰ চৰিত্ৰ আৰু ‘সন্ধ্যাৰাগ’ ছবিৰ চৰিত্ৰসমূহৰ তুলনাত্মক আলোচনা কৰা।
উত্তৰঃ গল্পৰ মূল উপাদান হৈছে চৰিত্ৰ। যিকোনো এটা গল্প সফল হ’বলৈ হ’লে বা পাঠকৰ হৃদয় স্পৰ্শ কৰিবলৈ হ’লে গল্পৰ কাহিনী বা ঘটনাৰ লগতে চৰিত্ৰ সৃষ্টিতো যথেষ্ট গুৰুত্ব দিব লাগিব। ড° ভবেন্দ্রনাথ শইকীয়াৰ এটা উল্লেখযোগ্য গল্প হ’ল ‘বানপ্রস্থ’। এই গল্পটোৰ মূল চৰিত্ৰ হ’ল চাৰু। চাৰুৰ মাক পুতলী, ভগ্নী তৰু, নন্দন দাস, মতি ড্ৰাইভাৰ আদি চৰিত্ৰসমূহৰ গুৰুত্বও এই গল্পত অপৰিসীম। গল্পকাৰে অতি নিখুঁতভাৱে প্ৰতিটো চৰিত্ৰৰ মাজেদি গল্পৰ কাহিনীটোক আগুৱাই লৈ গৈছে।
‘বানপ্রস্থ’ গল্পকে কেন্দ্ৰ কৰি ভবেন্দ্ৰনাথ শইকীয়াই নিৰ্মাণ কৰিছে ‘সন্ধ্যাৰাগ’ চলচিত্ৰখন। ‘বানপ্রস্থ গল্পৰ প্ৰতিটো চৰিত্ৰক দৃশ্যমান কৰি তোলা হৈছে এই চলচিত্ৰত। ‘সন্ধ্যাৰাগ’ৰ অ’পেনিং চিকুৱেন্সটোৰ ভিজুৱেল ইমেইজবোৰৰ মাজত প্ৰকাশ পাইছে ছবিখনৰ মূল চৰিত্ৰবোৰৰ ইংগিতধর্মী পৰিচয়। অ’পেনিং ছিকুৱেন্সৰ শেষৰ পিনে পুতুলীয়ে চাকিত নতুন শলিতা লগোৱাত সি পৰৱৰ্তী অংশৰ ইংগিত বহন কৰিছে। ছবিখনৰ প্ৰতিটো চৰিত্ৰক ভিজুৱেলৰ সহায়ত প্ৰকাশ কৰিছে যাতে গল্পত বর্ণোৱা চৰিত্ৰকেইটা একপ্ৰকাৰ মূৰ্ত হৈ উঠিব পাৰে ছবিত। গল্পটো পঢ়ি যিদৰে আমি অনুভৱ কৰিব পাৰো প্ৰতিটো চৰিত্ৰক, ছবিত তাক স্বচক্ষে প্রত্যক্ষ কৰিব পাৰো।
চিত্ৰনাট্যৰ স্বাভাৱিক গঠন পদ্ধতি মতে ঘটনাৰ বিকাশ ঘটিছে, উপকাহিনীৰ সংযোজন ঘটিছে আৰু সেই উপকাহিনীবোৰে মূল কাহিনী আৰু বিষয়বস্তুৰ বিকাশত সহায় কৰি স্বাভাবিক সমাপ্তিৰ পিনে গতি কৰিছে। এই অংশটোৱে মূলতঃ সামৰি লৈছে কেন্দ্ৰীয় চৰিত্ৰ চাৰুৰ নগৰীয়া জীৱন। চাৰুৱে গাঁওৰ সহজ-সৰল জীৱন আৰু বন্ধু-বান্ধৱীক এৰি নন্দন দাসৰ ঘৰত নিজকে খাপ খুৱাই লৈছে, পৰিয়ালৰ এজনৰ নিচিনা হৈ লাহে লাহে নিজৰ কান্ধত লৈছে ঘৰখনৰ সকলো দায়িত্ব। চাৰুৰ ভগ্নী তৰুও নগৰলৈ গুচি আহিছে একেধৰণে, একেই প্রয়োজনত। তাইৰো একেই জীৱন। কিন্তু তাইৰ জীৱন চাকৰ দৰে নির্বিঘ্ন নহ’ল। তাই থকা মানুহঘৰ নন্দন দাসৰ পৰিয়ালৰ দৰে সুসংস্কৃত নহয়। সেই পৰিয়ালৰ এজন ডেকাই তাইৰ তৰুণ দেহৰ পিনে চকু দিয়ে, অন্যায়-আবদাৰ কৰে। তৰুৰ কাহিনীয়ে এটা পৰিণতিৰ পিনে আগবাঢ়ে। সমান্তৰালভাৱে চাৰুৰ কাহিনীয়েও এটা স্বাভাৱিক অথচ মানি ল’বলৈ কষ্ট হোৱা পৰিণতিৰ ফালে গতি কৰে। চাৰু ডাঙৰ হৈ আহিল, তাইৰ বিয়াৰ বয়স হ’ল, নন্দন দাসৰ ছোৱালীৰ বিয়া হোৱাত ঘৰখনত চাৰুৰ প্ৰয়োজন শেষ হৈ আহিল আৰু তাইক পুনৰ তাইৰ গাঁওলৈ তৰুৰ লগত পঠিয়াই দিয়া হ’ল।
ছবিখনৰ দ্বিতীয় অংকত গুৰুত্ব লাভ কৰা চৰিত্ৰটো হ’ল মতি ড্ৰাইভাৰ। তাৰ বিবাহিত জীৱনৰ আশা-আকাংক্ষা, সেই যুগ্ম জীৱনৰ অপ্ৰাপ্তিৰ দুখ। দুখে বহন কৰি অনা সংঘাত আৰু অন্তত সেই দুখৰ মোক্ষম আঘাতে আনি দিয়া বিচ্ছেদ আৰু বিচ্ছেদৰ শেষৰ আত্মউপলব্ধি এই সকলো তথ্য শক্তিশালী ভিজুৱেল ইমেইজ, সংক্ষিপ্ত আৰু ব্যঞ্জনাক্ষম সংলাপেৰে প্ৰকাশ কৰিছে। মতি নিয়তিৰ ওচৰত অসহায়, সেই কথাৰ উপস্থাপনেৰে তাৰ চৰিত্ৰটিক এক প্ৰকাৰৰ সামৰণিৰ স্তৰলৈ লৈ যোৱা হৈছিল। কিন্তু সেই সামৰণিৰ পাছতো সি নতুন জীৱনৰ আশা পৰিহাৰ কৰিব। পৰা নাছিল। অতি নাটকীয় সংঘাত আৰু সেই সংঘাত অতিক্ৰম কৰি সি নতুন জীৱন এটাৰ যি সপোন দেখিছিল, সেই সপোনৰ কাহিনীয়ে মূল চৰিত্ৰটিক বিকাশৰ শীৰ্ষৰূপ দিয়াত আৰু ছবি সামৰণিত ছবিৰ বক্তব্যকে বিশ্বাসযোগ্য আৰু অপ্রত্যাশিত মোচৰ দিয়াত সহায় কৰিছে। চিত্ৰনাট্যখন ৰচনা কৰোঁতে কাহিনী আৰু চৰিত্ৰবোৰক ইমান কৌশলেৰে আগবঢ়াই লৈ যোৱা হৈছে যে ছৱিৰ মূল চৰিত্ৰৰ পৰিণতি কেনেদৰে ঈপ্সিত লক্ষ্যলৈ যাব বা সেই গতিত আনুষংগিক চৰিত্ৰবোৰে কেনেদৰে অৰিহণা আগবঢ়াব, দ্বিতীয় অধ্যায় চলি থাকোতে সেই কথা কল্পনাও কৰাৰ থ’ল নাথাকে।
এই দ্বিতীয় অধ্যাযতে ছবিৰ অধিকাংশ আৰু মূল কাহিনীৰ লগত ঘনিষ্ঠভাৱে সম্বন্ধ থকা পাৰ্শ্ব চৰিত্ৰবোৰৰ প্ৰয়োজনীয় বিকাশ, পৰিণতি আৰু বিদায় পৰ্ব সামৰি দিয়া হৈছে। মতিৰ চৰিত্ৰটিকো সামৰি দিয়াৰ দৰে লাগিছিল। কিন্তু ছবিৰ সামৰণিত মতিয়ে পুনৰ দৃশ্যপটলৈ আছে অতি সাধাৰণভাৱে; কিন্তু ছবিখনৰ এটি সৰু দৃশ্যৰ পাছতেই মতি হৈ পৰে ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ। মতিৰ চৰিত্ৰৰ এই পৰিৱৰ্তন কল্পনাৰ বাহিৰত আছিল যদিও ছবিৰ দ্বিতীয়াংশত মতিয়ে কোৱা বহু কথাই ভাবিবলৈ বাধ্য কৰে। মতিৰ চৰিত্ৰৰ এই পৰিৱৰ্তন আৰু ছবিৰ এই সামৰণিত চেকভৰ গল্পৰ অপ্ৰত্যাশিত সমাপ্তিৰ কৌশলৰ প্ৰতিধ্বনি শুনা যায়।
মুঠৰ ওপৰত, আমি ক’ব পাৰো যে ‘বানপ্রস্থ’ গল্পৰ কাহিনী তথা চৰিত্ৰসমূহক আধাৰ ৰূপে লৈ ভবেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা ‘সন্ধ্যাবাগ’ ছবিত মূল চৰিত্ৰবোৰৰ আচৰণ আৰু দৃশ্যবোৰৰ মাজত থকা বিভিন্ন বিপৰীতধর্মী উপাদানে চিত্ৰনাট্যখনৰ গাঁথনি আলি, উত্তেজনাপূৰ্ণ আৰু গতিসম্পন্ন কৰি তুলিছে।
৩। ‘বানপ্রস্থ’ গল্প আৰু ‘সন্ধ্যাৰাগ’ চলচিত্ৰত পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত ভবেন্দ্ৰনাথ শইকীয়া কিমান দূৰ সফল হৈছে?
উত্তৰঃ ‘বানপ্রস্থ’ গল্পৰ ভিন্ন পৰিৱেশে গল্পটোক প্ৰাণবন্ত কৰি তুলিছে। গল্পটোৰ আৰম্ভণিয়েই হৈছে গাঁও এখনৰ এক সুন্দৰ পৰিৱেশৰ বৰ্ণনাৰে —
“দূৰৰ মথাউৰিটোৰ ওপৰেদি চঞ্চল গতিৰে আগবঢ়া ছোৱালী দুজনীক বসন্ত, যৌৱন, ব’হাগৰ বতাহ আদি কঢ়িয়াই অনা দুজনী উচ্ছৃংখল, অলৌকিক কুমাৰীৰ নিচিনা দেখা গ’ল; কিছুমান সহজ-সৰল ছবিৰ বসন্ত কুমাৰী, বৰদৈচিলাৰ নিচিনা। মথাউৰিৰ সিফালে নৈ; নৈৰ সিফালে সুবিস্তীৰ্ণ পথাৰ, পথাৰ আৰু দিগবলয়ৰ মাজত ক’তো সুৰুঙা নৰখাকৈ দিয়া গছৰ জেওৰা; আৰু জেওৰা পাৰ হৈ বেলিটোৱে মথাউৰিটোলৈ চাই আছিল…..।”
এনে এটা মনোমোহা পৰিৱেশ শইকীয়াই চলচিত্ৰত ভিজুৱেলৰ সহায়ত দেখুৱাইছে। বিভিন্ন পৰিৱেশে চিত্ৰনাট্যখনৰ গাঁথনি আটিল, উত্তেজনাপূর্ণ তথা গতিসম্পন্ন কৰি তুলিছে। একেখন গাঁওৰ এটা গাঁৱলীয়া পৰিৱেশৰ পৰা ওলাই অহা চাৰু আৰু তৰু থাকিবলগীয়া হ’ল বিপৰীত ধৰণৰ পৰিৱেশত। এই দুই বিপৰীত পৰিৱেশে চৰিত্ৰ দুটিক স্পষ্ট কৰি তোলাত সহায় কৰিছে। চাৰুৱে যেতিয়া গাঁও এৰি নগৰলৈ আহে তেতিয়া দেখা যায় কেইটামান গুৰুত্বপূৰ্ণ শ্বট— ক্ষিপ্ৰগতিৰে বাটৰ কাষৰ দৃশ্য ওভোতা ফালে যোৱা; হাবি, শুকান গছ, বিলৰ পানীত ওলোটা প্রকৃতি। এইকেইটা শ্বটে কাহিনীটোলৈ নতুন গতি আনিছে। আকৌ অন্য কেইটামান শ্বট যেনে— টেলিফোনৰ তাঁৰ, হাইটেনশান ইলেকট্রিক কেৱলৰ টাৱাৰ, দক্ষিণ ভাৰতীয় তিৰোতা বনুৱা, দলঙৰ তলৰ নদী, ধোৱাই মেলি দিয়া কাপোৰ— এই শ্বটবোৰে পাঠকক পথম অধ্যয় গাঁওৰ পৰা নগৰলৈ লাহে লাহে আগবঢ়াই লৈ গৈ থাকে। চাৰু গাঁওৰ পৰা আহি নগৰত প্ৰৱেশ কৰা তথ্যখিনি উপস্থাপনৰ বাবে দুয়োটি পৰিৱেশৰ একোটি শ্বট ক্রমাগতভাৱে উপস্থাপন কৰিলেও একেখিনি কথাকে বুজা গ’লহেঁতেন। নন্দন দাসৰ পৰিয়াল, সেই পৰিয়ালত চাৰুৰ প্রৱেশ, অধিকাৰ প্ৰাপ্তি আৰু অধিকাৰটোত চাৰুৰ গুৰুত্ব বুজাবলৈ সংযোজন ঘটোৱা দৃশ্যবোৰে পৰিৱেশটো আমোদজনক আৰু সৰস কৰি তুলিলেও কাহিনীৰ সামগ্ৰিক বিকাশ ঘটোৱাত এই কথাবোৰৰ বিৱৰণধর্মী উপস্থাপনৰ প্ৰয়োজন নাছিল।
চাৰু-তৰুৰ গাঁৱলৈ উভতি আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱাটোৱে ৰচনা কৰিছিল ছবিখনৰ ক্লাইমেক্স পৰ্ব। চিত্ৰনাট্যখনৰ সামৰণিত পৰিৱেশগতভাৱে ৰাতিপুৱা আৰু কাহিনীৰ মূল আবেদন মতে আৰু এটি ৰাতিৰ আগমনৰ বাৰ্তাই সৃষ্টি কৰা কৰুণ আৰু হৃদয় বিদাৰক বৈপৰীত্যই জন্ম দিয়ে শিল্পৰ ‘ভয়ংকৰ বিষণ্ণতা’। এই বিষণ্ণ ভাৱৰ জন্মই চিত্র নাট্যখনক কালাতীত পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হয়। মুঠতে, পৰিৱেশত সৃষ্টিৰ ক্ষেত্ৰত ভবেন্দ্ৰনাথ শইকীয়া বহু পৰিমাণে সফল হোৱা বুলি ক’ব পৰা যায়।
৪। ‘বানগ্ৰস্থ’গল্প আৰু ‘সন্ধ্যাৰাগ’ চলচিত্ৰত সংলাপৰ আবেদন সম্পর্কে এটি তুলনামূলক আলোচনা কৰা?
উত্তৰঃ সংলাপে একোটা গল্পৰ চৰিত্ৰসমূহক শক্তিশালী ৰূপত ফুটাই তোলাত সহায় কৰে। একেদৰে চলচিত্ৰৰ চৰিত্ৰসমূহো উজ্বলি উঠে সংলাপৰ মাজেৰে। গল্পটোত সৰুতে গাঁও এৰি টাউনলৈ যোৱা চাৰুই নন্দন দাসৰ ঘৰত প্ৰয়োজন শেষ হোৱাত আকৌ গাঁওলৈ উভতি আহিছিল। চাৰু-তৰ-পুতলী তিনিওৰে জীৱনৰ কষ্টবোৰ যেন সাৰ পাই উঠিছিল। এই কথা চাৰুৱে মতি ড্ৰাইভাৰক কোৱা এষাৰ কথাতেই গম পাব পাৰি— “মোক সেইবোৰ একো নালাগে। তুমি মোক লৈ ব’লা, ইয়াত মই মৰি যাম।” ইয়াত চাৰুৱে ভোকত মৰাৰ কথা কৈছে।
সেইদৰে ‘সন্ধ্যাৰাগ’ ছবিখনতো সংলাপে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বিশেষকৈ মতি ড্ৰাইভাৰৰ বিবাহৰ আশা, সেই যুগ্ম জীৱনৰ অপ্ৰাপ্তিৰ বেদনা, দুখে কঢ়িয়াই অনা সংঘাত আৰু শেষত সেই দুখৰ মোক্ষম আঘাতে আনি দিয়া বিচ্ছেদ আৰু বিচ্ছেদৰ শেষৰ আত্মউপলব্ধি— এই সকলো তথ্য ব্যঞ্জনাক্ষম সংলাপৰ মাজেৰে প্ৰকাশ কৰিছে— “পেটত আলছাৰ হৈছে? (হাঁহে) তহঁতক লৈ এইবিলাকেই মস্কিল বুইছ? সময় থাকোতে তহঁতে মানুহ চিনি নাপাব। গাড়ীত উঠিবলৈ পালে ড্ৰাইভাৰকো পাৰহি যাব। (ৰৈ) ভাৱিছোঁ ৰহ, মই তোক ক’লৈ লৈ যাম। (ৰৈ) আৰু তইতো জানাই— এজনী মানুহে মোক এৰি থৈ গৈছে, আৰু কিয় এৰি থৈ গৈছে— তাকো জান।”
তেওঁৰ চৰিত্ৰত প্ৰকাশ পোৱা মটৰ গাড়ীৰ লগত সম্বন্ধ থকা উদাহৰণবোৰে চৰিত্ৰটিক অধিক বাস্তৱসন্মত কৰি তোলাৰ উপৰিও সংলাপৰ আবেদনো বৃদ্ধি কৰিছে।