Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Question Answer can be of great value to excel in the examination.
Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য
Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Notes cover all the exercise questions in UGC Syllabus. The Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
২। তুলনামূলক সাহিত্যৰ ভাৰতীয় সংহতিৰ প্রস্তাৱিত মূল প্ৰেৰণা হ’ব পাৰে — ‘সাৰ্বজনীন ব্যক্তিবাদ’। এই মূল প্ৰেৰণাৰে আগবঢ়াব বিচৰা ভাৰতীয় সংহতিৰ মূল লক্ষ্যসমূহ কি কি?
উত্তৰঃ ভাৰতীয় সংহতিৰ মূল লক্ষ্যসমূহ হ’ল —
(ক) ভাৰতীয় ভাষাসমূহৰ মাজৰ আন্তঃসম্পর্ক বৃদ্ধি। ভাৰতীয় ভাষাসমূহ আৰু সাহিত্যৰ ইতিহাস নিৰ্মাণৰ যথাৰ্থ পৰিকল্পনাৰ মাজেৰে এই লক্ষ্যক বাস্তৱায়িত কৰিব পাৰি। এইক্ষেত্ৰত তথাকথিত কেন্দ্ৰীয় আৰু প্ৰান্তীয় ব্যৱধানৰ পৰা মুক্ত হৈ সকলো ভাষা আৰু সাহিত্যকে সমদৃষ্টিৰে চোৱাৰ প্ৰচেষ্টাই হ’ব ইয়াৰ অন্যতম লক্ষ্য।
(খ) ভাৰতীয় সাহিত্য অধ্যয়নৰ মাজেৰে ভাৰতীয় সমাজখনক উপলব্ধি কৰাৰ চেষ্টা কৰা আৰু সাৰ্বজনীন ব্যক্তিবাদৰ অন্বেষণৰ মাজেতে ঐক্যসূত্ৰবোৰ বিচাৰি আনি ৰাষ্ট্ৰীয় ধাৰণাক সুদৃঢ় কৰা।
(গ) ভাৰতীয় সাহিত্য নিৰ্মাণৰ প্ৰক্ৰিয়াত যাতে ভাৰতীয় সমাজখনৰ বহুভাষিক আৰু বহু সাংস্কৃতিক চৰিত্ৰ অৱহেলিত নহয় বা এই উদ্দেশ্যৰে এই স্বতন্ত্র বৈশিষ্ট্যবোৰক একাকাৰ কৰি পেলোৱা নহয় তাৰ প্ৰতি সচেতন দৃষ্টি ৰাখিব লাগিব। এইক্ষেত্ৰত উল্লেখনীয় যে ভাৰতবৰ্ষতো ভাৰতীয়তা বা ভাৰতবোধৰ নামত কেতবোৰ উদ্দেশ্য প্রণোদিত পূর্বনির্ধাৰিত ধাৰণা আৰোপ কৰাৰ প্ৰৱণতা এটা নিৰস্তৰভাৱে ক্রিয়াশীল হৈ আছে। সেইবাবেই এই ক্ষেত্রতো ব্যক্তিত্বৰ যথার্থ অনুসন্ধান হ’ব লাগিব আৰু ব্যক্তি তথা ব্যক্তিয়ে প্রতিনিধিত্ব কৰা গোটটোৰ ভাষা – সংস্কৃতি আৰু সমাজখনে ভাৰতীয় সাহিত্যৰ ধাৰণাটোৰ মাজত প্ৰকৃত স্থান আৰু মৰ্যাদা লাভ কৰিব লাগিব।
(ঘ) কেৱল হিন্দী বা ইংৰাজীৰ মাজতে সীমাবদ্ধ নাৰাখি আঞ্চলিক সাহিত্যৰাজিৰ আন্তঃভাষিক অনুবাদৰ প্ৰতি অধিক গুৰুত্ব প্রদান।
(ঙ) অকল পাশ্চাত্য সাহিত্যৰ সৈতে আমাৰ সাহিত্যক জোখ – মাপ কৰাৰ প্ৰৱণতা বাদ দি ভাৰতীয় ভাষাৰ বিভিন্ন সাহিত্যৰ সৈতেও বিচাৰ -বিশ্লেষণৰ প্ৰক্ৰিয়াক উৎসাহিত কৰা।
(চ) আধুনিক জ্ঞান বা সাহিত্য শিল্পৰ তত্ত্বক ভাৰতীয় প্ৰেক্ষাপটত বিচাৰ – বিশ্লেষণ আৰু পৃথিৱীৰ বিভিন্ন সাহ্যিত আন্দোলনবোৰৰ ভাৰতীয় চৰিত্ৰ বা বৈশিষ্ট্য বিচাৰ।
(ছ) সাহিত্য বিচাৰৰ ক্ষেত্ৰত ইংৰাজী সাহিত্যৰ ওপৰতে কেৱল নিৰ্ভৰশীল নহৈ পৃথিৱীৰ আন ঠাইৰ সাহিত্যৰ প্ৰতিও দৃষ্টি খোলা ৰখা।
(জ) ঔপনিবেশিক আৰু উত্তৰ – ঔপনিবেশিক মোহগ্রস্ততাৰ পৰা ভাৰতীয় মানসিকতা এতিয়াও সম্পূর্ণভাৱে যুক্ত হ’ব পৰা নাই। সেইবাবে ভাৰতীয় জ্ঞানতত্ত্ব আৰু নন্দনতত্ত্বৰ আধুনিক প্রায়োগিক দিশবোৰ পৃষ্ঠভূমিলৈ ওলাই অহা নাই। গতিকে ভাৰতীয় জ্ঞানতত্ব আৰু নন্দনতত্ত্বৰ আধাৰত ভাৰতীয় সাহিত্য বা বিশ্বসাহিত্যৰ বিচাৰ – বিশ্লেষণে এতিয়াও সণ্টালনিকৈ চৰ্চা লাভ কৰা নাই। ভাৰতীয় সাহিত্যৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ অৱকাশ আছে।
(ঝ) ভাৰতৰ প্ৰায়বোৰ আঞ্চলিক সাহিত্যত জ্ঞানতত্ত্ব আৰু নন্দনতত্ত্বৰ ফালৰ পৰা সংস্কৃত ভাষা – সাহিত্যৰ এক অৱধাৰিত প্ৰভাৱ আছে। কিন্তু এই ভাষা – সাহিত্যসমুহে নিজস্বভাৱে বিকাশ লাভ কৰাৰ দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াত কেতবোৰ থলুৱা আৰু স্বতন্ত্র উপাদানেও বিকাশ লাভ কৰিছিল; যিবোৰৰ আধাৰতো সাহিত্যকর্মৰ বিভিন্ন দিশ বিচাৰ – বিশ্লেষণ কৰিব পাৰি। এনে দিশসমূহৰ বিকেনাই প্রান্তীয় সাহিত্যসমূহৰ দৃষ্টিভংগীৰ প্ৰশ্নটো অধিক গুৰুত্বৰ মাজলৈ আনিব।
৩। তুলনামূলক ভাৰতীয় সাহিত্যৰ উৎপত্তি আৰু প্ৰাসংগিকতা সম্পর্কে এটি টোকা যুগুত কৰা?
উত্তৰঃ পাশ্চাত্য দেশসমূহ আৰু ভাৰতৰ পৰিৱেশ — পৰিস্থিতিৰ ভিন্নতাৰ কাৰণে ভাৰতীয় বিদ্বানসকলে ভাৰতত তুলনামূলক সাহিত্যক কিছু ভিন্ন ধৰণৰ গতি প্ৰকৃতি প্ৰদানৰ কথা চিন্তা কৰিলে। এনে চিন্তাৰ পৰিণামস্বৰূপে তুলনামূলক ভাৰতীয় সাহিত্যৰ’ উৎপত্তি আৰু বিকাশ ঘটিল।
ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত ভাৰত হ’ল — পৃথিৱীৰ এক ক্ষুদ্ৰ তাঙৰণ স্বৰূপ। তুলনামূলক ভাৰতীয় সাহিত্য হ’ল – বিভিন্ন সমাজ, সংস্কৃতিক প্রতিনিধিত্ব কৰা বিভিন্ন ভাষাৰে প্ৰকাশ। লাভ কৰা ভাৰতৰ বিভিন্ন সাহিত্যসমূহৰ সামগ্রিক, গভীৰ আৰু বিস্তৃত অধ্যয়নৰ পদ্ধতি বিশেষ। ই ভাৰতৰ বিভিন্ন ভাষাৰ সাহিত্যৰ লগত জড়িত জ্ঞানৰ অন্য ক্ষেত্রসমূহকো অধ্যয়ন পৰিধিত সামৰি লয়।
যি ধৰণৰ প্ৰয়োজনত, যি ধৰণৰ পৰিস্থিতিত ইউৰোপত তুলনামূলক সাহিত্যই উৎপত্তি আৰু বিকাশ লাভ কৰিছিল, একে প্রয়োজন আৰু একে ধৰণৰ পৰিস্থিতিতে ভাৰতত তুলনামূলক ভাৰতীয় সাহিত্যয়ো উৎপত্তি আৰু বিকাশ লাভ কৰিলে। কিন্তু ইউৰোপত বিভিন্ন সাহিত্যসমূহৰ পাৰস্পৰিক সম্পৰ্ক আৰু স্থিতি ভাৰতৰ সৈতে একে নহয়। ভাৰতৰ বিশিষ্ট তুলনাবিশাৰদ (comparalist) আমিয়দেৱৰ মতে পশ্চিমীয়া সাহিত্যৰ তুলনামূলক ইতিহাস নিৰ্মাণ কৰিবলৈ হ’লে তাত বিভিন্ন ৰঙৰ সুঁতি দেখিবলৈ পোৱা যাব, যিবিলাক মাজে মাজে এটা আনটোৰ ওচৰ চাপিছে। কিন্তু ভাৰতৰ ক্ষেত্ৰত, একে ধৰণৰ ঈষৎ ৰং প্ৰতিটো সুঁতিতে অতি সহজে দৃষ্টিগোচৰ হ’ব। য’ত বাংলা সাহিত্য কেৱল বাংলা সাহিত্য নহৈ হ’ব বাংলা +, পাঞ্জাবী পাঞ্জাবী + আৰু তামিল তামিল +। তুলনামূলক ভাৰতীয় সাহিত্য হ’ল – বহুভাষিক স্থিতিৰ তুলনামূলক সাহিত্য; কিন্তু পশ্চিমৰ তুলনামূলক সাহিত্য হ’ল — বিভিন্ন ভাষাৰ অনৈক্যময় সংসাৰৰ তুলনামূলক সাহিত্য। প্রথমবিধ স্বভাৱতে তুলনামূলক (অধ্যয়ন পৰম্পৰ সম্পর্ক জড়িত) কিন্তু পিছৰ বিধত তুলনাৰ সন্ধান (পৰম্পৰ সম্পৰ্ক জড়িত কৰিবলগীয়া হয়।
ঊনবিংশ শতিকাৰ শেষার্দ্ধ ভাৰতৰ বাবে সকলো দেশতে নতুন জাগৰণ, নতুন সচেতনতাৰ সময়। এই সময়ছোৱাতে আধুনিক যুগৰ আৰম্ভণি বুলিব পাৰি। ই ভাৰতীয় পৰম্পৰাৰ পৰাও বিচ্ছিন্ন নহয়। আধুনিক যুগত সাহিত্যৰ ব্যক্তিগত চিনাকিৰ প্ৰতি সচেতনতাৰ লগতে সাহিত্যৰ ৰাষ্ট্ৰীয় বা সামাজিক চিনাকিৰ ধাৰণাৰ লগতো ভাৰতীয়সকলৰ পৰিচয় ঘটে। অন্য ধৰণেৰে ক’বলৈ গ’লে ভাৰতত ৰাষ্ট্ৰীয় সাহিত্যৰ ধাৰণাও আধুনিক যুগৰ দান। বহু ভাষাৰে অভিব্যক্তি লাভ কৰা ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্য’ বা ‘ভাৰতীয় সাহিত্য’ তথা নিজ নিজ জাতীয় সাহিত্যৰ আৰু আধুনিক ভাৰতীয় ভাষাৰ সাহিত্যৰ পাঠদান, অধ্যয়ন আদিৰ প্ৰতিও এই সময়তে আমাৰ দৃষ্টি আকৰ্ষিত হ’ল। ভাৰতীয় সাহিত্যৰ অধ্যয়নক পশ্চিমীয়া সাহিত্যৰ অধ্যয়নৰ লগতো সাঙুৰি লোৱাৰ কথা ভবা হ’ল। (ওপৰত উল্লেখ কৰি অহা হৈছে।)
এনেদৰেই তুলনামূলক ভাৰতীয় সাহিত্যৰ উৎপত্তি হোৱা বুলি আমি ক’ব পাৰো।
প্ৰাসংগিকতাঃ বিভিন্ন দৃষ্টিকোণৰ পৰা ‘তুলনামূলক সাহিত্য’ৰ প্ৰয়োজন এতিয়া এক প্ৰাসংগিক বিষয় হৈ পৰিছে। ফ্রান্স – জার্মান সম্প্রদায়, আমেৰিকান সম্প্রদায় আদি তুলনামূলক সাহিত্যৰ বিভিন্ন সম্প্রদায়সমূহে আগবঢ়োৱা ইয়াৰ পদ্ধতি আৰু উদ্দেশ্যসমূহ তুলনামূলক ভাৰতীয় সাহিত্যই সাধাৰণভাৱে অস্বীকাৰ নকৰিলেও প্রয়োজন সাপেক্ষে পশ্চিমীয়া পদ্ধতিৰ ঠাইত নতুন পদ্ধতি গ্রহণৰো ই পক্ষপাতী। শেহতীয়াভাৱে ভাৰতীয় সংবিধানে স্বীকৃতি নিদিয়া বহুবোৰ জনজাতীয় ভাষাতো অলেখ সাহিত্যৰ সৃষ্টি হৈছে আৰু ভাৰতবৰ্ষৰ অন্যান্য প্রতিষ্ঠিত ভাষাৰ প্ৰেক্ষাপটত তেওঁলোকৰ বিচাৰ – বিশ্লেষণৰ প্ৰয়োজনীয়তাও প্ৰকট হৈ পৰিছে। প্ৰতিটো ভাষাৰ সাহিত্যই নিজস্ব বৈশিষ্ট্যবোৰ অব্যাহত ৰাখিও এক ভাৰতীয় পরিচয়ৰে আত্মপ্রকাশ কৰিছে আৰু এনেবোৰ দিশ ফঁহিয়াই চোৱাৰ বাবেই ভাৰতবৰ্ষৰ বিভিন্ন ভাষাৰ সাহিত্যৰ মাজত তুলনামূলক আলোচনাৰ ব্যাপকভাৱে প্রয়োজন হৈ পৰিছে। তুলনামূলক সাহিত্যই অধ্যয়নক অধিক বিস্তৃতি প্রদান কৰে। প্রকৃতপক্ষে, ভাৰতৰ প্রত্যেক বিধৰ সাহিত্য অধ্যয়নৰ কাৰণে ভাৰতীয়সকলক তুলনামূলক সাহিত্যৰ নিচিনা এটা দৃষ্টিভংগী অনিবার্যভাৱেই লাগে। চলিত শতিকাৰ শেষৰ তিনি – চাৰিটা দশকত ইউৰোপৰ দেশসমূহকে ধৰি পৃথিৱীৰ আগবঢ়া দেশসমূহে সাহিত্যৰ অধ্যয়ানক ফলপ্রসূ কৰিবৰ কাৰণে একক সাহিত্যৰ অধ্যয়নৰ গণ্ডীৰ পৰা বাহিৰলৈ প্ৰসাৰিত কৰিছে।
৪। ভাৰতীয় সাহিত্যৰ স্বৰূপ সম্পর্কে লিখা?
উত্তৰঃ ভাৰতীয় সাহিত্য মানে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্য। পৃথিৱীৰ প্ৰথম সাহিত্য বেদৰ ৰচনা ভাৰতত হৈছিল। ভাৰতৰ সাহিত্যিক পৰম্পৰা সুপ্রাচীন আৰু সুদৃঢ়। ভাৰতীয় সাহিত্য’ৰ ধাৰণা বা এই পদটো প্ৰথমে বিদেশী অর্থাৎ ভাৰতৰ বাহিৰৰ মানুহে প্রয়োগ কৰে। পশ্চিমীয়া পণ্ডিতসকলে সংস্কৃত, পালি আৰু প্ৰাকৃত সাহিত্যৰ অধ্যয়ন কৰি সেই পুৰণি সাহিত্যৰ ইতিহাসক ‘হিষ্ট্রী অব্ ইণ্ডিয়ান লিটাৰেচাৰ’ আখ্যা দিলে। কিন্তু সেই সময়ত তেওঁলোকে ভাৰতৰ অনাৰ্যমূলীয় দ্রাৱিড় আদি সাহিত্য আৰু আধুনিক ভাৰতীয় আর্যভাষাসমূহৰ বিষয়েও নজনাকৈ থকা নাছিল। প্রকৃতপক্ষে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যৰ চিনাকি দাঙি ধৰা তেওঁলোকৰ উদ্দেশ্য নাছিল। বৰং তেওঁলোকে ভাৰতীয় আর্যভাষা আৰু অধিক সংখ্যক ইউৰোপীয় ভাষাক একে ‘ইন্দো ইউৰোপীয়া’ ভাষাগোষ্ঠীৰ অন্তৰ্গতভাৱে কৰা অধ্যয়নৰ খাতিৰতহে সংস্কৃত আদি ভাৰতৰ প্ৰাচীন সাহিত্যৰ অধ্যয়ন কৰিছিল।
পশ্চিমীয়া বিধানসকলে ‘ভাৰতীয় সাহিত্য’ পদেৰে বুজাব খোজা ভাৰতীয় সাহিত্যৰ ধাৰণা স্পষ্টভাবেই আধৰুৱা। প্রথম কথা, ই কেৱল ভাৰতৰ প্ৰাচীন সাহিত্যতে সীমাবদ্ধ আৰু দ্বিতীয়তে, সংস্কৃত সাহিত্যৰ সমানে প্রাচীন তথা সমৃদ্ধ সাহিত্যিক পৰম্পৰাৰ তামিল সাহিত্যকো ইয়াত সন্নিবিষ্ট কৰা হোৱা নাই। উল্লেখযোগ্য যে পশ্চিমীয়া বিমানসকলে সংস্কৃত সাহিত্যৰ অধ্যয়নেৰে ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ সম্পৰ্কত নতুন নতুন তথ্যৰ উদ্ভাৱন কৰি তেওঁলোকৰ প্রাচীন গ্ৰীক আৰু লেটিন সাহিত্যৰ অধ্যয়নক অধিক প্রশস্ত কৰি তুলিব খুজিছিল।
পাশ্চাত্য জগতত এইদৰে হোৱা ভাৰতৰ প্ৰাচীন সাহিত্যৰ অধ্যয়ন তথা সেই সম্পর্কীয় চিন্তা- চৰ্চাই সেই সময়ৰ ভাৰতৰ শিক্ষিত সমাজক বিশেষভাৱে প্ৰভাৱিত কৰিলে। ভাৰতবৰ্ষত নতুনকৈ শিক্ষিত হোৱা শ্ৰেণীটোৱে পাশ্চাত্য বিদ্বানৰ দ্বাৰা সংস্কৃত আদি সাহিত্যৰ অধ্যয়নত গুৰুত্ব প্ৰদান কৰা দেখি সেই সময়ত ৰাজনৈতিকভাৱে দুর্দশাগ্ৰস্ত হ’লেও নিজৰ দেশৰ প্ৰাচীন উচ্চমানৰ সাহিত্য সম্পৰ্কে এক প্ৰকাৰৰ উচ্চ ধাৰণা ঘোষণা কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে নতুন পদ্ধতিৰে সংস্কৃত ক্লাচিকবিলাকৰ অধ্যয়নত মনোনিবেশ কৰিছিল আৰু ভাৰতৰ বিভিন্ন ভাষালৈ সেইবিলাকৰ অনুবাদৰ কামো হাতত লৈছিল। এই সময়ত, এফালেদি ৰাজনৈতিকভাৱে বিদেশীৰ অধীন হোৱাৰ বাবে স্বজাতিৰ বৈশিষ্ট্য তথা সম্পদৰাজিৰ পূৰ্ণ পৰিচয়েৰে ভাৰতবাসীৰ মনত আত্মবিশ্বাস দৃঢ় কৰি তোলাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হ’ল আৰু ইফালে ইংৰাজ শাসনৰ প্রতিক্রিয়াস্বৰূপে উথলি উঠা দেশপ্রেমে বিশ্বৰ চিন্তা জগতত উদয় হোৱা ন সূৰুজৰন পোহৰত স্বদেশ আৰু স্বজাতিৰ বাবে সেন্দুৰীয়া আলি বান্ধিবলৈ এটা চামক অনুপ্ৰেৰণা যোগালে। এই আলোড়ন আৰু এই ভাবধাৰাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত নিজৰ নিজৰ ভাষাৰ সাহিত্যক প্রধান আহিলা হিচাপে গ্ৰহণ কৰা হ’ল।
এইদৰে যোৱা শতিকাৰ শেষভাগত ভাৰতৰ বিভিন্ন প্রান্তত পৃথক পৃথকভাৱে, ইঠায়ে সিঠাইক, এজন লিখকে অন্য এজনক নজনাকৈয়ে, পৰস্পৰ কোনো ধৰণৰ সম্পৰ্কলৈ নহাকৈয়ে নিজৰ নিজৰ ভাষাৰ সাহিত্যৰ ভেটিত এচপৰা দুচপৰাকৈ যি মাটি গোটালে, সেয়ে একে মূলস্রোত, মূলপ্ৰেৰণা, একে ধৰণৰ ঐতিহাসিক পৰিস্থিতিৰ অংশীদাৰ হিচাপে সমগ্ৰ ভাৰতবৰ্ষকে একসূত্রত বান্ধিব পৰা ‘এক ভাৰতীয় সাহিত্য’ৰ ভেটি নিৰ্মাণত অৰিহণা যোগালে।
পাশ্চাত্য বিধানসকলে ‘ভাৰতীয় সাহিত্য’ক কেৱল সংস্কৃত, পালি-প্ৰাকৃতৰ সাহিত্যতে সীমাবদ্ধ ৰাখিছিল। ভাৰতীয় বিদ্বানসকলে লাহে লাহে “বৈদিক সাহিত্যৰে পৰা অখণ্ড আৰু অবিচ্ছিন্নভাৱে প্রবাহিত, বিভিন্ন আঞ্চলিক বৈশিষ্ট্য আৰু আঞ্চলিক ভাষাৰে প্ৰকাশিত, ভাৰতৰ জাতীয় ভাবধাৰা আৰু জাতীয় আদর্শ প্রকাশিত কৰা সাহিত্যৰাজি”ক সামগ্রিকভাৱে ভাৰতীয় সাহিত্যৰ ধাৰণাত সন্নিৱিষ্ট কৰিলে। ভাৰতীয় সাহিত্যৰ একতাৰ স্বৰূপ ব্যাখ্যাৰ নানা গঠনমূলক প্রচেষ্টাও চলিল । এই ধৰণৰ প্ৰথম গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হ’ল ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ত আশুতোষ মুখাৰ্জীৰ দ্বাৰা পোন প্ৰথম এম, আই, এল বিভাগৰ প্ৰতিষ্ঠা। এই কাৰ্যক মখাৰ্জী ডাঙৰীয়াই নিজে জাতীয় সাহিত্যৰ ধাৰণা গ্ৰহণৰ প্ৰথম পদক্ষেপ বুলি কৈছিল। সেই বছৰৰে ‘হাওৰা বংগীয় সাহিত্য সম্মেলন’ৰ সভাপতিৰ আসনৰ পৰা তেওঁ বঙালীসকলক ভাৰতৰ আন আন প্ৰাদেশিক ভাষাৰ সাহিত্যসমূহৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছত ১৯২০ চনত প্ৰীঅৰবিন্দৰ ‘আর্য’ নামৰ আলোচনীত ধাৰাবাহিকভাৱে প্রকাশিত ‘ভাৰতীয় সাহিত্য’ শীর্ষক এলানি প্রবন্ধই সংস্কৃত সাহিত্যৰে পৰা পালি-প্ৰাকৃত-অপভ্রংশেৰে আহি আধুনিক ভাৰতীয় ভাষাৰ সাহিত্যলৈকে বুলি নিৰৱচ্ছিন্ন ৰূপত এক সামগ্রিক দৃষ্টিভংগীৰে ভাৰতীয় সাহিত্যৰ এটা স্পষ্ট ধাৰণা আগবঢ়াবলৈ সক্ষম হয়।
ভাৰতীয় সাহিত্যৰ ধাৰণাক সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত ১৯৩৬ চনত স্থাপিত “ইণ্ডিয়ান প্রগেচিভ ৰাইটার্চ এচ’চিয়েছন” অর্থাৎ ভাৰতীয় প্ৰগতিশীল লিখক সংঘৰ কাৰ্যাৱলী বিশেষ উল্লেখযোগ্য। ১৯৩৯ চনৰে পৰা এই সংঘই ভাৰতৰ বিভিন্ন ভাষাৰ লিখকেৰে গঠিত এখন সম্পাদনা সমিতিৰ দ্বাৰা ‘নিউ ইণ্ডিয়ান লিটাৰেচাৰ নামেৰে এখন তিনিমহীয়া মুখপত্ৰ লক্ষ্ণৌ চহৰৰ পৰা প্ৰকাশ কৰিবলৈ ধৰে। ভাৰতীয় সাহিত্যই ‘ভাৰতীয় সাহিত্য’ নামেৰে আত্মপ্ৰকাশ কৰা এইখনেই সর্বপ্রথম আলোচনী।
১৯৫৪ চনতে দিল্লীত সাহিত্য অকাডেমীও স্থাপিত হয় আৰু ১৯৫৭ চনৰ পৰা তাৰ মুখপত্ৰ “ইণ্ডিয়ান লিটাৰেচাৰ ” প্ৰকাশ হ’বলৈ ধৰে। ইয়াৰ উপৰিও সাহিত্য অকাডেমীয়ে সময়ে সময়ে আয়োজন কৰি থকা ভাৰতৰ বিভিন্ন ভাষাৰ মাধ্যমেৰে প্ৰকাশ লাভ কৰা সাহিত্যৰ বিভিন্ন দিশত চেমিনাৰ, বক্তৃতাৰ অনুষ্ঠান আদিয়ে ভাৰতীয় সাহিত্যৰ স্বৰূপ নির্ণয় আৰু তাৰ ভেটি সুদৃঢ় কৰাত তথা দেশী আৰু বিদেশী সকলো লোকৰে বাবে ইয়াক বোধগম্য কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে। সাহিত্য অকাডেমীয়ে আয়োজন কৰা এই ধৰণৰে ‘দি আইডিয়া অব্ ইণ্ডিয়ান লিটাৰেচাৰ’ নামৰ বক্তৃতাত উমাশংকৰ জোশী নামৰ পণ্ডিতে কোৱা মতে ভাৰতীয় সাহিত্যৰ স্বৰূপ “পৃথিৱীৰ এই অংশৰ পৰা বিশ্বসাহিত্যলৈ অৰিহণা আগবঢ়াবৰ বাবে এক প্রকৃত মোহৰ”।
৫। ভাৰতৰ আঞ্চলিক সাহিত্যসমূহ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে লিখা?
উত্তৰঃ স্বপন মজুমদাৰে ভাৰতৰ আঞ্চলিক সাহিত্যসমূহ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে দেখুওৱা বিশ্লেষণ মন কৰিবলগীয়া।
তলত সেই বিষয়ে আলোচনা কৰা হ’ল—
(ক) ভাৰতৰ আঞ্চলিক সাহিত্যসমূহ মুখ্যতঃ ৰাষ্ট্ৰীয় সাহিত্য বা ভাৰতীয় সাহিত্যৰ কিছুমান উপাদান।
(খ) আঞ্চলিক সাহিত্যসমূহ গৌণতঃ ভাৰতৰ সাহিত্যিক ঐতিহ্যৰ সংৰক্ষক আৰু উত্তৰাধিকাৰী।
(গ) আঞ্চলিক সাহিত্যসমূহে পৰস্পৰে পৰস্পৰক প্ৰভাৱিত কৰে অথবা এইবিলাকৰ মাজত পাৰস্পৰিক আদান-প্রদান হয় আৰু এই কাৰ্যই ৰাষ্ট্ৰীয় সাহিত্যলৈ পৰিবৰ্তন আনে।
(ঘ) আঞ্চলিক সাহিত্যসমূহে অনা ৰাষ্ট্ৰীয় সাহিত্যসমূহৰ পৰা কিবাকিবি লক্ষণ গ্ৰহণ কৰিব পাৰে আৰু এই লক্ষণসমূহ লাহে লাহে নিজৰ ৰাষ্ট্ৰীয় সাহিত্যত সন্নিৱিষ্ট হৈ পৰে।
(ঙ) কোনো আঞ্চলিক সাহিত্যই অনাৰাষ্ট্ৰীয় সাহিত্যসমূহক প্ৰভাৱিত কৰিব পাৰে।
(চ) ৰাষ্ট্ৰীয় সাহিত্যই এক অংগীৰ ৰূপত কোনো সাহিত্যিক বা অন্য-সাহিত্যিক অভিজ্ঞতা লাভ কৰিব পাৰে, যি অভিজ্ঞতা লাহে লাহে বিভিন্ন আঞ্চলিক সাহিত্যসমূহত প্ৰকাশ পাবলৈ ধৰে।
(ছ) ৰাষ্ট্ৰীয় সাহিত্যই এক ভংগীৰ ৰূপত কোনো সাহিত্যিক বা অন্যসাহিত্যিক ভাবমূর্তিত সৃষ্টি কৰিব পাৰে, যি ভাবমূর্তি লাহে লাহে তাৰ বিভিন্ন গঠনকাৰী উপাদানস্বৰূপ আঞ্চলিক সাহিত্যসমূহতো আৰোপিত হয়। এই ধৰণেৰে চাবলৈ হ’লে ভাৰতৰ এক আঞ্চলিক সাহিত্য হিচাপে অসমীয়া সাহিত্য, ৰাষ্ট্ৰীয় সাহিত্য বা ভাৰতীয় সাহিত্য আৰু ভাৰতীয় সাহিত্যৰ অন্যবিলাক গঠনকাৰী উপাদান অর্থাৎ অন্যান্য আঞ্চলিক সাহিত্যসমূহৰ লগত বিভিন্ন সম্বন্ধ সুত্ৰেৰে জালৰ সূতাৰ দৰে গাঁথ খাই আছে।
৬। অনুবাদ আৰু তুলনামূলক সাহিত্যৰ ক্ষেত্ৰত অনুবাদৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা?
উত্তৰঃ অনুবাদ আৰু তুলনামূলক সাহিত্যৰ ক্ষেত্ৰত অনুবাদৰ ভূমিকা এনেদৰে আলোচনা কৰিব পাৰি—
(ক) তুলনামূলক সাহিত্যই একাধিক ভাষা-সাহিত্যৰ তুলনামূলক অধ্যয়ন সামৰি লয়। সেয়ে অধ্যয়নৰ ক্ষেত্ৰত অনুবাদৰ সহায় অতি প্ৰয়োজনীয় হিচাপে পৰিগণিত হয়।
(খ) সাহিত্য মাত্র উকা ভাব-অনুভূতিৰ সমষ্টি নহয়। ইয়াৰ লগত সংশ্লিষ্ট সমাজৰ সংস্কৃতি, ইতিহাস, ৰাজনীতি, অর্থনীতি আদি বিভিন্ন দিশ জড়িত হৈ থাকে। গতিকে যিকোনো সাহিত্যৰ প্রতিপাদ্য, বিষয়ত্ত বুজিবলৈ যাওঁতে এই আটাইবোৰ দিশ সম্পৰ্কে সম্যক ধাৰণা কৰি লোৱা প্রয়োজন। প্রত্যক্ষভাৱে জানিব বা বুজিব নোৱাৰিলেও এই দিশবিলাক সম্পর্কীয় লিখিত তথ্যপাতিৰ অনুবাদৰ জৰিয়তে এই সম্পর্কে জ্ঞান আহৰণ কৰিব পাৰি। তাৰ জৰিয়তে সাহিত্যৰ অধ্যয়ন সম্পূৰ্ণ হ’ব পাৰে।
(গ) তুলনামূলক সাহিত্যই যি বিশ্বসাহিত্যৰ ধাৰণা গঢ় দিছে, তাৰ আলোচনাৰ বাবে পৃথিবীৰ বিভিন্ন ভাষাসমূহৰ সাহিত্যৰ ক্ষেত্ৰ সামৰি লোৱা প্ৰয়োজন। অনুবাদৰ জৰিয়তেহে এই কাম সম্ভৱপৰ হৈ উঠিব পাৰে।
(খ) সাহিত্যত প্ৰকাশিত হোৱা সাৰ্বজনীন আৰু সৰ্বকালীন মানবীয় ভাব-অনুভূতিসমূহৰ বিষয়ে তুলনামূলক সাহিত্যই অধ্যয়ন আগবঢ়ায়। এনে অধ্যয়নৰ জৰিয়তে সাহিত্যৰ আন্তৰিক তত্ত্বসমূহ উদ্ঘাটন তথা প্রতিষ্ঠা কৰাৰ যত্ন কৰা হয়। এই কাম অনুবাদৰ সহায় অবিহনে সম্ভৱপৰ নহয়।
(ঙ) তুলনামূলক সাহিত্যই সমগ্ৰ বিশ্বৰে সাহিত্যক সামৰি এক সাহিত্যশাস্ত্ৰ নিৰ্মাণৰ পোষকতা কৰে। কিন্তু যিকোনো এজন ব্যক্তিৰে ভাষা শিকাৰ এক সীমাবদ্ধতা আছে। গোটেই পৃথিৱীৰ কথা বাদেই ভাৰতবৰ্ষৰ দৰে এখন বহুভাষিক দেশৰ ক্ষেত্ৰত একোখন দেশৰ ভাষা শিকাটোৱেই সম্ভৱপৰ নহয়। এনে ক্ষেত্ৰত অনুবাদে যিকোনো আলোচকৰ চিন্তা-চৰ্চা তথা আলোচনা আগবঢ়াই লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(চ) তুলনামূলক সাহিত্যই সাহিত্যৰ লগত সাহিত্যৰ তথা সাহিত্যৰ লগত সংগীতানি, সুকুমাৰ কলা, ৰাজনীতি, অর্থনীতি, মনোবিজ্ঞান, সমাজতত্ত্ব আদি জ্ঞানৰ অন্য শাখাসমূহৰ লগত সম্পৰ্ক জড়িতভাৱে অধ্যায় আগবঢ়ায়। পৃথিবীৰ বেলেগ বেলেগ ঠাইত জ্ঞানৰ এই শাখাসমূহ ভিন্ন ধৰণেৰে বিকশিত হৈছে। গতিকে অনুবাদৰ সহায় অবিহনে এই বিষয়সমূহ সম্পৰ্কে কৰা অধ্যয়নে পূর্ণতা পাব নোৱাৰে।
(ছ) অন্তৰ প্ৰতীকাত্মক অনুবাদ অৰ্থাৎ কোনো এক ধৰণৰ প্ৰতীক মাধ্যমৰ ঠাইত আন এক প্রতীক মাধ্যমৰ প্ৰয়োগেৰে কৰা অনুবাদৰ (এনে অনুবাদৰ উদাহৰণস্বৰূপে, সাধু কথাৰ কাৰ্টুন ৰূপত কৰা প্ৰকাশৰ কথা উল্লেখ কৰিব পাৰি।) জৰিয়তে সাহিত্যৰ লগত সম্পৰ্ক জড়িতভাৱে জ্ঞানৰ এনে বিবিধ ধাৰাৰ অধ্যয়ন কৰা সম্ভৱপৰ।
(জ) তুলনামূলক সাহিত্যই সাহিত্যৰ অধ্যায়নক গভীৰতা আৰু বিস্তৃতি প্ৰদান কৰিব খোজে। তাৰ বাবে অধ্যয়নৰ পৰিধি বিস্তৃত হোৱা প্ৰয়োজন। অনুবাদৰ জৰিয়তে এই কাম কৰাটো সহজ হৈ পৰে।
(ঝ) যুগে যুগে অনুবাদৰ জৰিয়তে এটা ভাষাৰ সাহিত্য আন ভাবধাৰাৰে প্ৰভাৱিত হৈ আহিছে। এনে প্ৰভাৱৰ ফলত সাহিত্যৰ গতি-প্রকৃতি সলনি হৈছে অথবা সমৃদ্ধ হৈছে। তুলনামূলক সাহিত্যই এনে বিভিন্ন পৰিৱৰ্তন তথা সমৃদ্ধিৰ বিবিধ দিশ সম্পর্কে আলোচনা কৰাৰ ক্ষেত্ৰত অনুবাদৰ সহায় লবলগীয়া হয়। উদাহৰণস্বৰূপে, ইউৰোপীয় সাহিত্যৰ জৰিয়তে ভাৰতীয় সাহিত্য বা তাৰ বিপৰীত ক্ৰমে ইউৰোপীয় সাহিত্য ভাৰতীয় চিন্তা-চেতনাৰে প্রভাৱিত হৈছে। অধ্যয়নকাৰীয়ে এনে প্রভাৱ সম্পর্কে বিস্তৃত অধ্যয়ন কৰিব বিচাৰিলে অনুবাদৰ সহায় লবলগীয়া হয়।
(ঞ) তুলনামূলক সাহিত্যৰ সাহিত্য বিচাৰৰ বিভিন্ন পদ্ধতি যেনে– প্রভাবমূলক অধ্যয়ন, পৰম্পৰা অধ্যয়ন, সাদৃশ্য সম্বন্ধমুলক অধ্যায়ন পদ্ধতিৰ জৰিয়তে অধ্যয়ন আগবঢ়াবলৈ যাওঁতে অনুবাদৰ সহায় নললে নহয়।
৭। ভাৰতীয় সাহিত্যৰ এটি সম্যক ধাৰণা দিয়া?
উত্তৰঃ ‘ভাৰতীয় সাহিত্য’ বুলি কওঁতে আচলতে এক নিৰ্দিষ্ট ভাষাৰ সাহিত্যৰ সলনি বিভিন্ন ভাষাৰ সাহিত্যসমূহকো বুজোৱা হয়। যিকোনো সাহিত্যৰে তিনি ধৰণৰ চিনাকি থাকিব পাৰে।
(ক) ব্যক্তিগত বা লেখকৰ নামেৰে যেনে– ৰবীন্দ্ৰনাথৰ নাটক।
(খ) সামাজিক বা ৰাষ্ট্ৰীয়; যেনে— অসমীয়া সাহিত্য, ভাৰতীয় সাহিত্য, আমেৰিকান সাহিত্য আদি। আৰু
(গ) বিশ্বসাহিত্য। উল্লেখযোগ্য যে, ভাৰতীয় সাহিত্য আখ্যাৰে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যক নিৰ্দেশ কৰা হৈছে। যিহেতু ভাৰত বিবিধ ভাষাৰ সমন্বয় ভূমি, সেয়ে এই অভিধাই ভাৰতৰ সকলো ভাষাৰ সাহিত্যক সামৰি লয়। ভাৰতত প্ৰচলিত হৈ থকা একাধিক ভাষাৰ সমৃদ্ধিশালী সাহিত্যিক ঐতিহ্য আছে। গতিকে ইউৰোপৰ দেশসমূহৰ যেনে— ইংলেণ্ডৰ ইংৰাজী সাহিত্য অথবা ফ্ৰান্সৰ ফৰাচী সাহিত্যৰ দৰে কোনো এটা বিশেষ ভাষাৰ সাহিত্যই ভাৰতীয় ৰাষ্ট্ৰীয় সাহিত্যৰ মৰ্যাদা লাভ কৰিব নোৱাৰে। ভাৰতবৰ্ষত প্ৰচলিত সকলো ভাষাৰ সাহিত্যৰ সমান মর্যাদাসম্পন্ন। পৃথক পৃথক ভাষাত সাহিত্য চৰ্চা কৰিলেও ভাৰতীয় সাহিত্যিকসকলৰ মাজত দৃষ্টিভংগীৰ মিল পৰিলক্ষিত হয়। ভাষিক, সামাজিক, সাংস্কৃতিক অনৈক্য থকা সত্ত্বেও সামগ্রিকভাৱে ভাৰতীয় সাহিত্যৰ মাজৰ থকা ঐক্যই ভাৰতীয় সাহিত্যক এক সাহিত্য হিচাপে পৰিগণিত হোৱাত সহায় কৰিছে। সাহিত্য সৃষ্টিৰ প্ৰেৰণাৰ ক্ষেত্ৰত সাদৃশ্য; বিভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক কাৰক আদিয়ে ভাৰতৰ বেলেগ ভাষাৰ ৰচিত হোৱা সাহিত্যক সমৰূপতা প্ৰদান কৰিছে। গতিকে “ভাৰতীয় সাহিত্য” অভিধাৰে সাধাৰণ অৰ্থত ভাৰতত প্রচলিত বিবিধ ভাষাত ৰচিত হোৱা সাহিত্যৰাজিক নিৰ্দেশ কৰা হৈছে।
“ভাৰতীয় সাহিত্য” পদটো প্ৰথমে বিদেশী অৰ্থাৎ ভাৰতৰ বাহিৰৰ মানুহে প্ৰয়োগ কৰিছিল। নীৰাজনা মহন্ত বেজবৰুৱাই উল্লেখ কৰিছে যে, ১৮২৩ চনত আগষ্ট ৱিলহেল্ম ডন শ্লেগেলে (August Wilhelm Von Schlegel, 1767-1845) সংস্কৃত সাহিত্যসমূহক বুজাবলৈ ‘ইণ্ডিয়ান লিটাৰ্চোৰ’ বা ‘ভাৰতীয় সাহিত্য’ পদটোৰ প্ৰয়োগ কৰিছিল। প্ৰথম অৱস্থাত পশ্চিমীয় পণ্ডিতসকলে সংস্কৃত, পালি, প্ৰাকৃত সাহিত্যৰ অধ্যয়ন কৰি সেই সাহিত্যৰ ইতিহাসক ‘হিষ্টা অব্ ইণ্ডিয়ান লিটাৰেচাৰ’ আখ্যা দিয়ে। মন কৰিবলগীয়া কথা যে পাশ্চাত্যৰ বিদ্বানসকলে ‘ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্য সম্পর্কে আলোচনা কৰাৰ উদ্দেশ্যেৰে এই সাহিত্যৰ অধ্যয়ন কৰা নাছিল। বৰঞ্চ তেওঁলোকে ভাৰতীয় আর্যভাষা আৰু অধিক সংখ্যক ইউৰোপীয় ভাষাক একে “ইন্দোইউৰোপীয় ভাষা গোষ্ঠীৰ অন্তৰ্গতভাৱে কৰা অধ্যয়নৰ খাতিৰতহে সংস্কৃত আদি ভাৰতৰ প্রাচীন সাহিত্যৰ অধ্যয়ন কৰিছিল বুলি নীৰাজনা মহন্ত বেজবৰুৱাই উল্লেখ কৰিছে।
সংস্কৃত সাহিত্যৰ অধ্যয়নৰ জৰিয়তে ইন্দোইউৰোপীয় ভাষা-পৰিয়ালৰ সম্পৰ্কত ন-ন তথ্যৰ সন্ধান কৰি প্ৰাচীন গ্ৰীক আৰু লেটিন সাহিত্যৰ অধ্যয়নক প্রশস্ত কৰি তুলিব বিচাৰিছিল। কিন্তু ইয়াৰ জৰিয়তে পাশ্চাত্যৰ চিন্তা জগতত ভাৰতৰ প্ৰাচীন সাহিত্যই এক সুকীয়া মর্যাদা লাভ কৰিবলৈ সক্ষম হ’ল। সংস্কৃত-ভাষাৰ অমূল্য সাহিত্যৰাজিৰ গুৰুত্ব আৰু সাৰ্বজনীনতাৰ উপলব্ধি কৰি পাশ্চ্যতৰ পণ্ডিতসকলে সংস্কৃত সাহিত্যৰ শ্ৰেষ্ঠত্বক স্বীকৃতি প্ৰদান কৰিলে। ভাৰতৰ প্ৰাচীন সাহিত্যৰ প্ৰতি এনে গুৰুত্ব তথা অধ্যয়নে ভাৰতৰ শিক্ষিত সমাজক নিজৰ ঐতিহ্যৰ প্ৰতি সচেতন কৰি তুলিলে। প্ৰথম অৱস্থাত কেৱল সংস্কৃত সাহিত্যকহে পৰিভাষিত কৰিব খোজা ‘ভাৰতীয় সাহিত্য’ অভিধাৰে পৰৱৰ্তীকালত ভাৰতীয় বিদ্বানসকলে বৈদিক সাহিত্যৰে পৰা অখণ্ড আৰু অবিচ্ছিন্নভাৱে প্রৱাহিত, বিভিন্ন আঞ্চলিক বৈশিষ্ট্য আৰু আঞ্চলিক ভাষাৰে প্রকাশিত, ভাৰতৰ জাতীয় ভাবধাৰা আৰু জাতীয় আদৰ্শ প্ৰকাশিত কৰা সাহিত্যৰাজিক সামগ্রিকভাৱে সামৰি লয়।
উল্লেখযোগ্য যে, সংস্কৃত সাহিত্যৰ ধ্রুপদী সাহিত্যৰাজিৰ অধ্যয়নৰ গুৰুত্ব বাঢ়ি যোৱাৰ সমান্তৰালভাৱে সেই সাহিত্যৰাজি ভাৰতৰ বিভিন্ন ভাষালৈ অনুবাদৰ কামো হাতত লোৱা হয়। এহাতে ৰাজনৈতিকভাৱে বিদেশীৰ অধীন হোৱা হেতুকে জাতীয় বৈশিষ্ট্য তথা সম্পদৰাজিৰ পৰিচয়ৰ জৰিয়তে ভাৰতবাসীৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু আনহাতে বিদেশী শাসনৰ প্ৰতিক্ৰিয়া স্বৰূপে জাগ্ৰত দেশপ্ৰেমৰ ভাৱ মত ৰাখি বিশ্বৰ সন্মুখত নিজক শক্তিশালী ৰূপত তুলি ধৰাৰ বাবে শিক্ষিত চামৰ লোক সচেষ্ট হৈ উঠিল।
ভাষা-সাহিত্য হৈছে মানুহৰ মনৰ বিমূৰ্ত ভাৱৰাশিক প্ৰকাশিত কৰি তুলিব পৰা আটাইতকৈ শক্তিশালী অস্ত্র। গতিকে ভাৰতীয়সকলৰ মনত জাগ্ৰত হোৱা জাতীয়তাৰ ভাৱক প্ৰকাশ কৰাৰ বাবে ভাষা-সাহিত্যক প্রধান আহিলা হিচাপে প্ৰয়োগ কৰা হ’ল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ লেখকসকলে পাৰস্পৰিক সম্পৰ্ক অবিহনেই একে মূল উৎস, মূল প্ৰেৰণা আৰু একে ঐতিহাসিক পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত একে “ভাৰতীয় সাহিত্য”ৰ ভাবধাৰাৰে সাহিত্য সৃষ্টিত মনোনিৱশে কৰিলে।
৮। ভাৰতীয় সাহিত্যৰ একতাৰ স্বৰূপ প্ৰতিফলিত কৰিবলৈ লোৱা প্ৰচেষ্টাবোৰ কেনে ধৰাৰ?
উত্তৰঃ ভাৰতীয় সাহিত্যৰ একতাৰ স্বৰূপ প্ৰতিফলিত কৰিবলৈ বিভিন্ন প্রচেষ্টা হাতত লোৱা হৈছিল। এনে একে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ত আশুতোষ মুখার্জীয়ে পোনপ্ৰথমবাৰৰ বাবে আধুনিক ভাৰতীয় ভাষা (MIL) বিভাগ প্ৰতিষ্ঠা কৰে। মুখাৰ্জীৰ মতে এয়া হ’ল জাতীয় সাহিত্যৰ ধাৰণা গ্ৰহণৰ প্ৰথম পদক্ষেপ। তদুপৰি তেওঁ উল্লেখ কৰিছে “প্রত্যেক ভাষাৰ সাহিত্যত চলি থকা সাহিত্যিক কার্যকলাপে পাৰস্পৰিক স্মৃতি বুদ্ধিৰ দিশত আগবঢ়াই নি আছে। এইবিলাকৰ প্ৰতি মনোযোগ নিদিয়াকৈ আমাৰ সাহিত্যৰ উন্নতি আৰু পৰিপূৰ্ণতা আশা কৰিব নোৱাৰি।”
ইয়াৰ পৰৱৰ্তী কালত ১৯২০ চনত শ্রীঅৰবিন্দৰ ‘আর্য’ নামৰ আলোচনীত ধাৰাবাহিকতভাৱে ভাৰতীয় সাহিত্য’ শীৰ্ষক এলানি প্রবন্ধ প্রকাশ পায়। এই আলোচনালানিত সংস্কৃত ভাষাৰ পৰা আৰম্ভ কৰি পালি-প্ৰাকৃত-অপভ্ৰংশৰ মাজেৰে এক স্পষ্ট আধুনিক ৰূপ লাভ কৰা ভাৰতীয় সাহিত্য সম্পর্কে এক ধাৰণা আগবঢ়োৱা হয়। পৰৱৰ্তী কালৰ বিভিন্ন জন ভাৰতীয় সাহিত্যিক তথা চিন্তাবিদৰ ৰচনাত ভাৰতীয় সাহিত্যৰ ধাৰণাই অধিক স্পষ্ট ৰূপত প্ৰকাশ লাভ কৰে।
উদাহৰণস্বৰূপে, সুনীতি কুমাৰ চেটার্জী (দি লিটাৰেৰি ইউনিটি অব্ ইণ্ডিয়া, ১৯৫৬); বিনায়ক কৃষ্ণ গোকক (লিটাৰেচাৰ ইন দি মডার্ন ইণ্ডিয়ান লেংগুৱেজেচ, ১৯৫৭); নগেন্দ্র (দি ইউনিটি অব্ ইণ্ডিয়ান লিটাচেন, ১৯৫৯); শিশিৰ কুমাৰ দাস (দি আইডিয়া অব্ ইণ্ডিয়ান লিটাৰেচাৰ, ১৯৭৬) আদিৰ লেখাৰ কথা ক’ব পাৰি। এই প্ৰসঙ্গত সৰোজিনী নাইডুৱে ‘ভাৰতীয় লেখক সন্মিলন’ৰ (All Indian Writers’ Conference) সভাপতিৰ আসনৰ পৰা উল্লেখ কৰা কথালৈ আঙুলিয়াব পাৰি। তেওঁ উল্লেখ কৰিছিল যে “যদিও বিভিন্ন ভাৰতসন্তানে বিভিন্ন ভাষাত কথা কয়, তথাপি ভাৰতবৰ্ষ একক আৰু অবিভাজ্য”। (India is one and indivisible. While her children speak with many tongues ) অনুৰূপ ধৰণেৰে সৰ্বপল্লী ৰাধাকৃষ্ণনেও উল্লেখ কৰিছে– “ভিন্ ভিন্ ভাষাত প্ৰকাশ কৰা হ’লেও ভাৰতীয় সাহিত্যৰ চিন্তা একক আৰু অখণ্ড” (Indian Literature is one though written in many languages)। এই প্রসঙ্গত ডঃ ৰাধাকৃষ্ণনে সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰ আগকথাত লিখা কথাখিনিলৈও আঙুলিয়াব পাৰি। তেওঁ উল্লেখ কৰিছে, “There is a Unity of outlook as the writers in different languages derive their inspiration from one common source and face more or less the same kind of experience, emotional and intellectual.”
১৯৩৬ চনত স্থাপিত হোৱা ‘Indian Progressive Writers’ Association’ অর্থাৎ ভাৰতীয় প্রগতিশীল লিখক সংঘৰ কাৰ্যাৱলীয়ে ভাৰতীয় সাহিত্যৰ ধাৰণাক এক সাকাৰ ৰূপ দিয়ে। ১৯৩৯ চনৰ পৰা এই সংঘই ভাৰতৰ বিভিন্ন ভাষাৰ লেখকেৰে গঠিত এখন সম্পাদনা সমিতিৰ দ্বাৰা ‘New Indian Literature’ নামেৰে এখন তিনিমহীয়া মুখপত্র লক্ষ্ণৌ চহৰৰ পৰা প্ৰকাশ কৰে। এই আলোচনীখনতে ‘ভাৰতীয় সাহিত্য’ নামেৰে এই সাহিত্যই সৰ্বপ্ৰথম আত্মপ্রকাশ কৰে। ১৯৩৬ চনত প্ৰেমচন্দ্ৰৰ সভাপতিত্বত লক্ষ্ণৌত অনুষ্ঠিত হোৱা প্ৰগতিশীল লেখক সংঘৰ প্ৰথম অধিবেশনত ভাৰতৰ বিভিন্ন ভাষাৰ লেখকসকলে প্ৰথমবাৰৰ বাবে একত্ৰ হোৱাৰ সুযোগ লাভ কৰে।
১৯৫৪ চনত দিল্লীত সাহিত্য অকাডেমী স্থাপিত হয় আৰু ১৯৫৭ চনৰ পৰা অকাডেমীৰ মুখপত্র ‘ইণ্ডিয়ান লিটাৰেচাৰ’ প্ৰকাশ পাবলৈ ধৰে। অকাডেমিয়ে সময়ে সময়ে আয়োজন কৰা বিভিন্ন বক্তৃতানুষ্ঠান আদিয়ে ভাৰতীয় সাহিত্যৰ ঐক্যৰ ধাৰণাত যথেষ্ট সহায় আগবঢ়াই আহিছে। ১৯৫৪ চনত আকাশবাণীয়ে ভাৰতৰ ১৩ টা আধুনিক ভাষাত থকা প্রাচীন, মধ্য আৰু আধুনিক ভাষাত থকা প্রাচীন, মধ্য আৰু আধুনিক কালৰ সাহিত্য সম্পৰ্কে প্ৰচাৰ কৰি পৰৱৰ্তী কালত ‘Literature in Modern Indian Language’s নামেৰে প্ৰকাশ কৰা কিতাপ ভাৰতীয় সাহিত্যৰ ঐক্যসূত্ৰ বিচাৰৰ আন এক উল্লেখযোগ্য দিশ। ১৯৫৬ চনত ‘জাতীয় শিক্ষা পৰিষদ’ৰ উদ্যোগত যাদবপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত তুলনামূলক সাহিত্য’ এক অধ্যয়নৰ সুকীয়া বিদ্যায়তনিক বিষয় হিচাপে প্রতিষ্ঠিত হয়। ১৯৭৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ “আধুনিক ভাৰতীয় ভাষা” (MIL) বিভাগত প্ৰফেছৰ আৰ. কে. দাশগুপ্তৰ নেতৃত্বত ভাৰতীয় সাহিত্যৰ বিষয়ে এম. এ. পাঠ্যক্ৰম আৰম্ভ হয়। এই পাঠ্যক্ৰমক পাছলৈ ‘তুলনামূলক ভাৰতীয় সাহিত্য’ নামেৰে অভিহিত কৰা হয়। ইয়াৰ পৰৱৰ্তী কালত ভাৰতৰ বহুকেইটা ভাষাৰ সাহিত্যৰ পাঠ্যক্ৰমত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ প্ৰতিক্ৰিয়া আৰম্ভ হয়। বিশ্বসাহিত্যৰ প্ৰেক্ষাপটত ভাৰতীয় সাহিত্যৰ বিষয়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰাৰ দিশত এয়া এক উল্লেখযোগ্য সংযোজন।
৯। তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা?
উত্তৰঃ পশ্চিমীয়া দেশসমূহ আৰু ভাৰত ভূ-খণ্ডৰ পৰিৱেশৰ ভিন্নতাৰ বাবে ভাৰতীয় পণ্ডিত সাহিত্যিক সমাজে ভাৰতবৰ্ষত তুলনামূলক সাহিত্যক কিছু ভিন্ন ধৰণৰ গতি-প্রকৃতি প্রদান সম্পর্কে চিন্তা-চৰ্চা কৰিলে। এই ধৰণৰ চিন্তাৰ আধাৰতে ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ গছ- পুলিয়ে সাৰ-পানী লাভ কৰি সজীৱ হৈ উঠে।
‘ভাৰতীয় সাহিত্য’ বা ‘ভাৰতীয় তুলনামূলক সাহিত্য’ অভিধাৰ যোগেদি ভিন্ন ভাষা-সাহিত্য আৰু সংস্কৃতিৰ প্ৰতিনিধি স্বৰূপ ৰচনা বা সৃষ্টি-সম্ভাৰৰ সামগ্রিক, বিস্তৃত আৰু গভীৰ অধ্যয়নৰ বাবে যি পদ্ধতি, তাকে প্রকাশ কৰিছিল। ইউৰোপীয় সাহিত্য জগতত তুলনামূলক সাহিত্যই যিসমূহ দাবী পূৰণৰ বাবে আত্মপ্ৰকাশ কৰিছিল; ভাৰতবৰ্ষটো তাৰ ব্যতিক্ৰম হোৱা নাই।
ভাৰতৰ প্ৰতিটো ভাষা-সাহিত্যৰ বিকাশ ক্ৰম ভাৰতৰ ভিন্ন ৰাজনৈতিক-সামাজিক আৰু সাংস্কৃতিক পৰিস্থিতিৰ সৈতে জড়িত। ভাৰতৰ বিভিন্ন ভাষাৰ সাহিত্যসমূহত সময়ে সময়ে ভক্তি আন্দোলন, জাতীয়তাবাদী চেতনা, মানবতাবাদী ভাৱনা, প্রগতিবাদী চিন্তা আদিৰ দৰে সাহিত্যিক আন্দোলনে গা-কৰি উঠে।
মুঠতে বর্তমান জীৱনযাত্ৰাৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তিত হ’বলৈ ধৰা ভাৰতীয় আস্থা আৰু মূল্যবোধৰ যোগেদি ভাৰতীয় মানসিকতা তথা চিন্তাধাৰাই অতি গভীৰভাৱে বিকাশ লাভ কৰিছে। এই বিকাশ পৰম্পৰাগত ভাৰতীয় সাংস্কৃতিক মূল ধাৰা।
পৰম্পৰাগত ভাৰতীয় সংস্কৃতিৰ বিকাশ আৰু প্ৰকাশতে তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়নৰ বীজ অংকুৰিত হৈছিল। ফলত বিদ্বৎ সমাজে তুলনামূলক ভাৰতীয় সাহিত্যক বিদ্যায়তনিক বিষয় ৰূপে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। পণ্ডিতসকলে তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়নৰ বাবে প্ৰভাৱ, পৰম্পৰা আৰু প্ৰবৃত্তি, সমান্তৰাল অধ্যয়ন আৰু অন্তর্বিদ্যাৱৰ্তী অধ্যয়নক প্রধান বিষয় ৰূপে আঙুলিয়াই দিছে।
সংখ্যাগত আৰু গুণগতভাৱে এটি শাখাৰূপে তুলনামূলক সাহিত্য অধ্যয়ন যিদৰে বিকশিত হৈছে প্ৰকৃতাৰ্থত ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহত তেনেদৰে বিকশিত হৈ উঠা নাছিল। ইউৰোপীয় দেশত তুলনামূলক সাহিত্য অধ্যয়নৰ বিষয়টোৱে পূৰ্ণ প্ৰতিষ্ঠা তথা বিকাশ লাভ কৰাৰ সময়ত ভাৰতবৰ্ষত কিজানি দহটা বিভাগতে এই বিষয়টো নাছিল। ভাৰতবৰ্ষত ইয়াৰ ইতিহাস অর্বাচীন। ভাৰতীয় সাহিত্যসমূহ বহু জাতি, বহু সাংস্কৃতিক, সামাজিক, ঐতিহাসিক পটভূমিৰ পৰা গঢ় লৈ উঠা বাবে ভাৰতীয় তুলনামূলক সাহিত্যৰ দিশত অধ্যয়নৰ যথেষ্ট প্রয়োজনীয়তা স্বীকাৰ কৰিবলগীয়া।
বৈদিক সাহিত্যৰ পৰা বৰ্তমানলৈকে ৰচিত ভাৰত ভিন্ন সাহিত্যসমূহত একে ভাৰতীয় মানসিকতাৰ ৰং আৰু ভাৰতীয় আত্মাৰ অনুৰণন পৰিলক্ষিত হয়। ভাৰতৰ এনে ভিন্ন প্রান্তীয় ভাষা আৰু সংস্কৃতিৰ ধাৰণাটোৱে যথেষ্ট সংখ্যাক তুলনামূলক অধ্যয়নৰ পথ প্ৰশস্ত কৰে।
তুলনামূলক সাহিত্য অধ্যয়নত পৰম্পৰাৰ পৰা আধুনিক দৃষ্টিভঙ্গীলৈ যোৱাৰ পথত ভাৰতীয় সমাজৰ লগত জড়িত জাতিভেদ প্রথা, অস্পৃশ্যতা, ধর্মীয় অন্ধবিশ্বাস, নাৰী শোষণ, মধ্যবিত্তীয় নৈতিকতা আদি সমস্যাই নগৰীয়া ঔদ্যোগিক অৱস্থালৈ অহাৰ সন্ধিক্ষত সমস্যা জৰ্জৰ সময়ৰ সন্মুখীন হয়। কিন্তু এই অধ্যয়নত আন্তঃপ্রজাতীয় তুলনাৰ জৰিয়তে অধ্যয়নৰ বহল পৰিসৰৰ ধাৰণাটো সংকীৰ্ণ গণ্ডীৰ মাজলৈ অপসাৰিত কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তে নিৰ্দিষ্ট ৰাষ্ট্ৰীয় সাহিত্যৰ বিশিষ্টতাসমূহ নিৰূপণ কৰি এনে আচহুৱা পৰিৱেশৰ বাবে অধ্যয়নৰ অন্য কোনো পদ্ধতি আৱিষ্কাৰ কৰিবলৈহে অনুপ্ৰেৰণা যোগায়।
মুঠতে ইয়াক ক’ব পাৰি যে ভাৰত ভূ-খণ্ডত সংবিধানে স্বীকৃতি প্ৰদান নকৰা বহুতো জনজাতীয় ভাষাৰ সাহিত্য-সম্ভাৰ, ভাৰতীয় সমাজ ব্যৱস্থাৰ প্ৰতিফলনত গঢ়ি উঠা সৃষ্টি-সম্ভাৰ আৰু ভাৰতৰ ভিন্ন ভাষাৰ সাহিত্যৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক আৰু বিভেদ আদি বিষয়বোৰৰ চৰ্চা-বিশ্লেষণৰ বাবে তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে অনুভৱ কৰা হয়। এই তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়ন প্রয়োজনীয়তাৰ প্ৰাসঙ্গিকতাই সাহিত্যৰ তুলনামূলক অধ্যয়নৰ অভাৱ পূৰণ কৰাৰ সমান্তৰালকৈ বহুভাষিক ৰাষ্ট্ৰখনৰ মাজত ৰাষ্ট্ৰীয় যোগসূত্র কটকটীয়াভাৱে বৰ্তাই ৰখাৰ ক্ষেত্ৰতো অৰিহণা যোগায়।
১০। আলোচক দিলীপ বৰাই ‘তুলনাত্মক সাহিত্য’ শীর্ষক গ্ৰন্থত ভাৰতীয় সংহতিৰ মূল লক্ষ্যসমূহ কি কি বুলি উল্লেখ কৰিছে?
উত্তৰঃ আলোচক দিলীপ বৰাই ‘তুলনাত্মক সাহিত্য’ শীৰ্ষক গ্ৰন্থত ভাৰতীয় সংহতিৰ মূল লক্ষ্যসমূহৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে—
(ক) ভাৰতীয় ভাষাসমূহৰ মাজৰ আন্তঃসম্পর্ক বৃদ্ধি।
(খ) ভাৰতীয় সাহিত্য অধ্যয়নৰ মাজেৰে ভাৰতীয় সমাজখনক উপলব্ধি কৰাৰ চেষ্টা আৰু সাৰ্বজনীন ব্যক্তিবাদৰ অন্বেষণৰ মাজেৰে ঐক্যসূত্ৰবোৰ বিচাৰি আনি ৰাষ্ট্ৰীয় ধাৰণাক সুদৃঢ় কৰা।
(গ) ভাৰতীয় সাহিত্য নিৰ্মাণৰ প্ৰক্ৰিয়াত যাতে ভাৰতীয় সমাজখনৰ বহুভাষিক আৰু বহু সাংস্কৃতিক চৰিত্ৰ অৱহেলিত নহয় বা এই উদ্দেশ্যৰে এই স্বতন্ত্র বৈশিষ্ট্যবোৰক একাকাৰ কৰি পেলোৱা নহয় তাৰ প্ৰতি সচেতন দৃষ্টি ৰাখিব লাগিব।
(ঘ) কেৱল হিন্দী বা ইংৰাজীৰ মাজতে সীমাবদ্ধ নাৰাখি আঞ্চলিক সাহিত্যৰাজিৰ আন্তঃভাষিক অনুবাদৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান।
(ঙ) অকল পাশ্চাত্য সাহিত্যৰ সৈতে আমাৰ সাহিত্যক জোখ-মাণ কৰাৰ প্ৰৱণতা বাদ দি ভাৰতীয় ভাষাৰ বিভিন্ন সাহিত্যৰ সৈতেও বিচাৰ-বিশ্লেষণৰ প্ৰক্ৰিয়াক উৎসাহিত কৰা ।
(চ) আধুনিক জ্ঞান বা সাহিত্য শিল্পৰ তত্ত্বক ভাৰতীয় প্ৰেক্ষাপটত বিচাৰ-বিশ্লেষণ আৰু পৃথিৱীৰ বিভিন্ন সাহিত্য আন্দোলবোৰৰ ভাৰতীয় চৰিত্ৰ বা বৈশিষ্ট্য বিচাৰ।
(ছ) সাহিত্য বিচাৰৰ ক্ষেত্ৰত ইংৰাজী সাহিত্যৰ ওপৰতে কেৱল নিৰ্ভৰশীল নহৈ পৃথিৱীৰ আন ঠাইৰ সাহিত্যৰ প্ৰতিও দৃষ্টি খোলা ৰখা।
(জ) ঔপনিবেশিক আৰু উত্তৰ-ঔপনিবেশিক মোহগ্রস্ততাৰ পৰা ভাৰতীয় মানসিকতা এতিয়াও সম্পূর্ণভাৱে মুক্ত হ’ব পৰা নাই। সেইবাবে ভাৰতীয় জ্ঞানতত্ত্ব আৰু নন্দনতত্ত্বৰ আধুনিক প্রায়োগিক দিশবোৰ পৃষ্ঠভূমিলৈ ওলাই অহা নাই।
(ঝ) ভাৰতৰ প্ৰায়বোৰ আঞ্চলিক সাহিত্যত জ্ঞানতত্ত্ব আৰু নন্দনতত্ত্বৰ ফালৰ পৰা সংস্কৃত ভাষা-সাহিত্যৰ এক অবধারিত প্রভাৱ আছে।
১১। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘সোণাৰ তৰী’ আৰু নলিনীবালা দেৱীৰ ‘শেষ অৰ্ঘ্য’ কবিতা দুটাৰ মাজেদি ভাৰতীয় জীৱনবোধ আৰু উপনিষদীয় ঐতিহ্যৰ প্ৰতিফলন কিদৰে ফুটি উঠিছে?
উত্তৰঃ কবি ৰবীন্দ্রনাথৰ সমগ্ৰ সৃষ্টিৰাশিৰ মাজত ভাৰতীয় জীৱনবোধৰ ধাৰণাটো গভীৰভাৱে পৰিস্ফুট হৈ আছে। সেয়া তেওঁৰ গীত-কবিতা-নাটক- চুটিগল্প-উপন্যাস সকলোতে স্পষ্টভাৱে জিলিকি উঠিছে। তেওঁৰ জ্ঞান-চৈতন্য সাধনাত পাঁচ হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ পৰম্পৰা আৰু ঐতিহ্য সম্পৃক্ত হৈ আছে। সেইবাবে তেওঁৰ জীৱন পৰিক্ৰমাৰ অভিজ্ঞতাৰ ফচল অতি উচ্চভাৱে তেওঁৰ মৌলিক ৰচনাৰাজিৰ মাজেদি ব্যক্ত হৈছে। ভাৰতীয় জীবনবোধ দৰাচলতে এক মহৎ জীৱন অৰ্জনৰ পৰিণাম। জীৱই বাহ্যিক আৰু আভ্যন্তৰীণ জগতৰ পৰা অৰ্জন কৰা চৈতন্যক জীৱনৰ গতিপথ নির্ণয় আৰু নিয়ন্ত্ৰণ কৰাত সুচাৰুৰূপে প্ৰয়োগ কৰিব পাৰিলে জীৱনত মোক্ষ লাভ হয়। এই মোক্ষ কেৱল মুক্তি নহয়। মোক্ষ লাভ অৰ্জন হৈছে জ্ঞান অর্জন। এই জ্ঞান এহাতেদি বাহ্যিক জগত পৰিক্ৰমাৰ পৰা আহৰণ কৰিব পাৰি আৰু আনহাতেদি ধ্যান আৰু সাধনাৰে অন্তর্জগতত জীৱই জ্ঞান লাভ কৰিব পাৰে। দুয়োটা প্ৰক্ৰিয়াৰে এক এৰাব নোৱাৰা সম্পর্ক থকা বাবে জীৱনত প্ৰকৃত জ্ঞান লাভ কৰোঁতে দীর্ঘ সময়ৰ প্রয়োজন।
মুক্তি লাভৰ কাৰণে ভক্তি আৰু সাধনাৰ একান্ত প্রয়োজন। ভগৱদভক্তিৰ অবিহনে পার্থিৱ মায়াবন্ধনৰ হাত সাৰিব নোৱাৰি। সেয়েৰে জীৱন মানে কেৱল জীয়াই থকাটোকে নুবুজায়। কর্মবন্ধনৰ পৰা হাত সাৰিবৰ বাবেও চেষ্টা কৰাৰ প্ৰয়োজন। পাৰ্থিৱ জীৱনৰ অসাৰতাৰ মাজেদিও
ভক্তিৰ মোহনাদি মুক্তিপথত অগ্ৰসৰ হ’ব পাৰি। গভীৰ জীৱনবোধৰ দ্বাৰাহে এনে উপলব্ধি সম্ভৱ। কবিয়ে উপনিষদীয় ঐতিহ্যৰ আধাৰত এনে উপলব্ধি কৰিবলৈ সক্ষম হৈছে। কবি ৰবীন্দ্ৰনাথৰ কবিতাটোত জীৱনবোধৰ যি চিত্র অংকন কৰা হৈছে সেয়া ভাৰতীয় জীৱনবোধৰ উক্ত বিশেষণৰ প্ৰতিফলন। কবিয়ে বাহ্যিক জগতত লাভ কৰা সকলো অৰ্জন বৃথা বুলি পতিয়ন গৈছে যেতিয়ালৈকে তেওঁ অন্তর্জগতৰ সৈতে সেই অৰ্জনক সংযুক্ত কৰি একাত্ম হ’ব পৰা নাই।
কবি নলিনীবালা দেবীও সেই জীৱনবোধৰ দ্বাৰাই প্রভাৱিত। নলিনীবালা দেৱীয়ে সমগ্ৰ জীৱনত লাভ কৰা পৰিচয় আৰু অভিজ্ঞতাই তেওঁক সন্তুষ্ট কৰিব পৰা নাই। জীৱন পৰিক্ৰমাৰ বৈচিত্ৰ্যই কবিক দিব পৰা নাই প্ৰাপ্তি। কবি আশ্বস্ত হ’ব পৰা নাই। ভাৰতীয় জীৱনবোধেও তাকে প্রতিধ্বনিত কৰে। ঐহিক জীবন যে শূন্য- সেই কথা ভাৰতীয় উপনিষদেও কৈ গৈছে। উপনিষদীয় চিন্তাই ক’ব খোজে যে বাহ্যিক জীৱনটো কেৱল হিচাপ-নিকাচৰ বাবেহে। ইহ আৰু পৰ-জগতৰ মাজত পৰি জীৱই শিকিব বুজিব খুজি ওৰে জীৱন ধৰফৰাই থাকে। ৰবীন্দ্ৰনাথ আৰু নলিনীবালা | দেৱী দুয়োগৰাকী কবিয়ে সেই কথা উপলব্ধি কৰিব পাৰিছে আৰু তাৰ প্ৰকাশ কৰিছে উপবিভক্ত কবিতা দুটিত।
উপনিষদৰ মতে মানৱ জীৱনটো এটা বিৰাট শূন্য। এই শূন্য প্ৰাপ্তিৰ বাবেই মানুহৰ সংগ্ৰাম। কাৰণ শূন্যত উপনীত হ’ব নোৱাৰিলে জীৱৰ মুক্তি লাভ নহয়। মুক্তি লাভ হৈছে মোক্ষপ্রাপ্তি। যিটো কথা ভাৰতীয় জীৱনবোধৰ নামান্তৰ। গতিকে কবি দুগৰাকীয়ে এই চিৰন্তন সত্যটো উপলব্ধি কৰি কাব্যৰ মাধ্যমেদি প্রতিফলিত কৰিব পৰাটো তেওঁলোকৰ জ্ঞান আৰু চৈতন্য লাভৰ সিদ্ধি প্রাপ্তি। জগতৰ এক সাৰ্বজনীন সত্য অনুধাবন কৰিব পৰাটো আৰু সেয়া কবিতাৰে প্ৰকাশ কৰিব পৰাটো অৱশ্যেই সার্থক কবিৰ বাবেহে সম্ভৱ। এই দিশৰ পৰা ভাৰতীয় জীৱনবোধ আৰু উপনিষণীয় ঐতিহ্যক দুয়োগৰাকী কবিয়ে তেওঁলোকৰ কবিতাত মর্মস্পর্শী ভাষা আৰু কাব্যিক ব্যঞ্জনাৰে প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে।
১২। ‘পদ্মা নদীৰ মাঝি’ উপন্যাসৰ যোগেদি নদীকেন্দ্রিক আঞ্চলিক জীৱনচৰ্যাৰ প্ৰতিফলন কিদৰে প্ৰতিফলিত হৈছে লিখা?
উত্তৰঃ মাণিক বন্দোপাধ্যায়ে ‘পদ্মা নদীর মাঝি’ শীর্ষক আঞ্চলিক উপন্যাসখনত পদ্মা নদীৰ পাৰৰ মাছমৰীয়াসকলৰ জীৱন-জীৱিকাৰ কাহিনী বর্ণিত উপন্যাসখনৰ নামটোৰ মাজতে বিষয়বস্তুৰ আভাস পোৱা যায়। পদ্মাৰ পাৰৰ মানুহৰ জীৱন-জীৱিকা, আচাৰ-আচৰণ, সুখ- দুখ, প্রেম-প্রণয়, কামনা-বাসনা আদি লেখকে উপন্যাসত অতি নিখুঁতভাবে উপস্থাপন কৰিছে।উপন্যাসখনত কেৱল মাছমৰীয়াসকলৰ দুৰ্দশাগ্রস্ত জীৱনৰ চিত্ৰই অংকিত হোৱা নাই। উপন্যাসখনৰ ঘটনাপ্রৱাহ অঞ্চল বিশেষৰ জীৱন চৰ্যাক কেন্দ্ৰ কৰি জীৱন্ত ৰূপে বর্ণিত হোৱা বাবেই পদ্মা নদীৰ মাঝিক আঞ্চলিক উপন্যাসৰূপে অভিহিত কৰা হৈছে।
উপন্যাসখনত চিত্ৰিত হৈছে উত্তাল পদ্মা নদীৰ মাছমৰীয়াসকলৰ দুঃসাহসিক জীৱন আৰু দৰিদ্ৰ পীড়িত বেদনাৰ সৈতে পদ্মা নদীৰ এক গভীৰ আৰু আত্মিক সম্পর্ক আছে। ইয়াত চিত্ৰিত জনগোষ্ঠীৰ জীৱন-জীৱিকা, আশা-আকাংক্ষাৰ এক ৰহস্যময়তা বর্ণিত হৈছে। পদ্মাৰ ঢৌৰ পাৰৰ মানুহৰ কামনা-বাসনা, আবেগ-উল্লাস আদি ধাৱমান হোৱা নিখুঁত চিত্রায়ন হৈছে। উপন্যাসখনত মুঠতে কেতুপুৰ আৰু তাৰ কাষৰীয়া অঞ্চলৰ মানৱীয় বেদনাৰ চিত্ৰ প্ৰতিফলিত হৈ উঠিছে।
উপন্যাসখনত বৰ্ণিত অঞ্চল বিশেষৰ বিবিধ সংস্কাৰত বিশ্বাসী শ্ৰেণীটোৰ আচাৰ-ৰীতিৰ সুন্দৰ বর্ণনা পোৱা যায়। মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা হোৱা হেতু তেওঁলোকৰ মাজত ভূত-প্রেত আদি অলৌকিক তথা অন্ধবিশ্বাসে স্থান লাভ কৰিছিল। উপন্যাসখনত নিশা কপিলাক অকলশৰে ঘাটত দেখি কুবেৰে অশৰীৰী আত্মা বুলি ভবা বর্ণনাই এনে অলৌকিক বিশ্বাসৰ দিশলৈয়ে আঙুলিয়ায়।
ঔপন্যাসিকে মাছমৰীয়া সমাজখনৰ কুবেৰ, ধনঞ্জয়, গণেশহঁতৰ বাস্তৱ জীৱনৰ সুন্দৰ চিত্ৰ তুলি ধৰিছে। নাওঁ আৰু জালৰ ব্যৱস্থা থকা ধনঞ্জয়ক বাদ দি ধীৱৰ বস্তিৰ বেছি সংখ্যক মানুহেই ক্ষুধা আৰু ব্যাধিৰ তাড়নাত অস্থিৰ। তদুপৰি পদ্মাৰ দুৰ্বাৰ জলস্রোতৰ সৈতে নিৰন্তৰ সংগ্ৰাম কৰি থকা পদ্মাৰ পাৰৰ কেতুপুৰ, সোনখালি, চৰদাংগা, আমিনবাড়ি নামৰ গাঁওবোৰৰ দুখবহ অনাটনগ্রন্থ, সমস্যাজর্জৰ জীৱনৰ বাস্তৱ চিত্ৰ প্ৰতিফলিত হৈছে।
ঔপন্যাসিকে শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত মাছমৰীয়া দুখীয়া লোকসকলৰ জীৱন বৃত্তান্ত বর্ণনাত প্রয়োগ কৰা কৃত্ৰিমতাবিহীন কথ্য ভাষাই বৰ্ণনীয় পদ্মাৰ তীৰৰ মানুহখিনিৰ গাঁও-বাসস্থান, ৰোগ-শোক, হাঁহি-আনন্দ আৰু কৰ্ম-সংস্কৃতি তথা প্ৰতাৰক-প্ৰৱঞ্চনাৰ ঘটনাংশ বৰ্ণনাৰে ‘পদ্ম- নদীৰ মাঝি’ শীৰ্ষক আঞ্চলিক উপন্যাসৰ যোগেদি নদীকেন্দ্রিক দৈনন্দিন জীৱনৰ চিত্ৰ অংকনত মাণিক বন্দোপাধ্যায়ে যথেষ্ট সফলতা লাভ কৰিছে।
১০। ঔপন্যাসিকা নিৰুপমা বৰগোহাঞিয়ে ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’ উপন্যাসৰ যোগেদি সমাজ জীৱন আৰু ব্যক্তি জীৱনৰ চিত্ৰ কেনেদৰে অংকন কৰিছে?
উত্তৰঃ সমাজ সচেতন ঔপন্যাসিক নিৰুপমা বৰগোহাঞিৰ নদীকেন্দ্রিক আঞ্চলিক উপন্যাসৰূপে পৰিচিত এখন উল্লেখযোগ্য উপন্যাস হৈছে ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’। আঞ্চলিক উপন্যাসৰ বৈশিষ্ট্য ৰক্ষা কৰি ঔপন্যাসিকে কাহিনীভাগত পাগলাদিয়া নদীৰ পাৰৰ দুখন গাঁৱৰ নানা বৈশিষ্ট্য, জনবিশ্বাস, আচৰণ, প্ৰাকৃতিক সৌন্দর্য তথা অঞ্চল বিশেষৰ মানুহৰ কথনভঙ্গীৰ বিষয়ে বর্ণনা কৰাৰ লগতে আৰু চহৰৰ মাজত নিৰ্দ্ধাৰিত পাৰ্থক্যৰ সীমাৰেখাডালো উজলাই তুলিছে।
উপন্যাসখনত নদীখনৰ সৈতে দৈনন্দিন জীৱনৰ নিত্য নৈমিত্তিক কৰ্মৰাজিৰ মানুহবোৰৰ সাঙোৰ খাই থাকিবলগীয়া হোৱাৰ বৰ্ণনা পোৱা যায়। পুখুৰীৰ অভাৱত গাঁৱৰ ল’ৰা-ছোৱালীয়ে পাগলাদিয়া নৈৰ পানীত গা ধোৱা কাপোৰ ধোৱা, খাবৰ বাবে প্ৰয়োজনীয় পানীখিনিৰ অভাৱ নৈখনেই পুৰণ কৰি আহিছে। গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ল’ৰা-ছোৱালীয়ে আপোন মনে বিচৰণ কৰি ফুৰা আৰু যৌৱনপ্ৰাপ্ত যুৱক-যুৱতীয়ে মৰম আদান-প্ৰদানৰ বাবে উপযুক্ত স্থানৰূপে প্ৰকৃতিৰ মনোৰম পৰিৱেশকে প্রাধান্য দিয়াৰ বৰ্ণনাৰ মাজেদি মানুহৰ কৃত্ৰিমতাবিহীন জীৱনযাত্ৰাৰ চিত্ৰ অংকিত হৈছে।
পাগলাদিয়া নদীখনে সমাজৰ জন-জীৱনলৈ বিপদ কঢ়িয়াই আনি জীৱন যাত্ৰাত ব্যাঘাত জন্মোবা নাই। নদীখনে কাষৰীয়া গাঁও দুখনৰ জনজীৱনত এক গুৰুত্বপূর্ণ আসনহে অধিকাৰ কৰি আছে। নদীখনৰ সৈতে জনজীৱনৰ ওতঃপ্রোত সম্পর্ক। দৈনন্দিন কৰ্মৰাজিৰ ক্ষেত্ৰত নদীখনৰ অৱদান যিদৰে প্ৰগাঢ়; ঠিক তেনেদৰেই মাছ মৰাৰ ক্ষেত্ৰতো গাঁওবাসীৰ দৃষ্টিত নদীখনৰ স্থান অতি উচ্চ। ঔপন্যাসিকে বর্ণাইছে যে সাবিত্ৰীয়ে সমনীয়া ছোৱালীবোৰৰ সৈতে জাকৈ বাবলৈ গৈ লোক-গীত গায়। তদুপৰি পাগলাদিয়া নদীৰ পাৰৰ বালিত বলীন চৌধুৰীয়ে লিখা দুশাৰী কবিতাই অঞ্জলিৰ মনত প্ৰেমৰ বীজ ৰোপণ কৰিছিল।
মুঠতে দুয়োখন গাঁৱৰ মানুহৰ দৈনন্দিন জীৱনৰ আনন্দ- বিষাদ, আচাৰ-ৰীতি, আশা-আকাংক্ষা, লোকবিশ্বাস, লোকবচন, বাট-পথ আৰু জীৱন নিৰ্বাহৰ সমস্যাৰ ওপৰি নাৰী জীৱনৰ সমস্যা, সমাজ আৰু পুৰুষৰ দ্বাৰা শোষিত-লাঞ্চিত হোৱা জীৱন গাঁথাৰ নিখুঁত আৰু সূক্ষ্ম পর্যবেক্ষণযুক্ত বৰ্ণনাৰে ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ উপন্যাসৰ কাহিনীভাগ বর্ণিত হৈছে। ঔপন্যাসিকে এই নদীকেন্দ্রিক আঞ্চলিক উপন্যাসখনৰ যোগেদি সমাজ জীৱন আৰু ব্যক্তি জীৱনৰ সুন্দৰ চিত্ৰ অংকন কৰিছে।
১৪। ‘পদ্মা নদীৰ মাঝি’ আৰু ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’ উপন্যাস দুখনত প্ৰতিফলিত নদী আৰু নৈপৰীয়া মানুহৰ সম্পৰ্ক বিচাৰ কৰা?
উত্তৰঃ মাণিক বন্দোপাধ্যায়ৰ ‘পদ্মা নদীৰ মাঝি’ উপন্যাসখনত পূর্ববঙ্গৰ পদ্মা নদীক কেন্দ্র কৰি আৱৰ্তিত হোৱা মাছমৰীয়াসকলৰ জীৱন চর্যাই উপন্যাসৰ মূল বিষয়। পদ্মাৰতীৰৰ জনজীৱনৰ বাবে পদ্মা নদী জীৱনীশক্তি স্বৰূপ। আর্থিকভাৱে অসহায় কেতুপুৰনিবাসী মৎস্যজীৱী মানুহখিনিৰ বাবে পদ্মাই হৈছে সম্বল আৰু জীৱিকাৰ উৎস। ভয়াবহ প্রাকৃতিক দুৰ্যোগকো আওকাণ কৰি এই মানুহখিনিয়ে পদ্মাৰ বুকুত ইলিশ মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে। মাছ পোৱা বতৰত কিছু উপাৰ্জন কৰে যদিও আন সময়ত জীৱন যাত্ৰাত পুনৰ অনাটন আৰু অস্থিৰ হৈ পৰে। প্ৰকৃততে বাৰিষাৰ প্ৰচণ্ড ধুমুহা-বৰষুণ বানপানী আৰু খৰালিৰ শুকান ধূলি আদি প্ৰকৃতিৰ অনুকূল-প্রতিকূল পৰিৱেশৰ সৈতে তেওঁলোকে সহাৱস্থান কৰিবলৈ শিকিছে। নৈপৰীয়া অঞ্চল বাৰিষাৰ নৈৰ পানীয়ে গাঁৱৰ প্ৰায়বোৰ অঞ্চল জলমগ্ন কৰি তোলাৰ ফলত এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ নাৱেই একমাত্ৰ যাতায়তৰ ব্যৱস্থা হৈ পৰে।
নৈপৰীয়া কেতুপুৰৰ মৎস্যজীৱী সমাজৰ মানুহে ধুমুহা-বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ অসমীয়া সমাজত ব্যৱহাৰ তথা বিশ্বাস কৰাৰ দৰে বৰদৈচিলাৰ বাবে চোতালত পীৰা পাৰি থৈছিল।
ঔপন্যাসিকে কেতুপুৰবাসী তথা মাছমৰীয়া লোকসকলৰ আশা-আকাংক্ষা, আনন্দ-বিষাদ, ঈর্ষা-অসূয়া, বিশ্বাস-পৰম্পৰা আৰু জীয়াই থকাৰ সংগ্ৰাম আদি সুন্দৰ বৰ্ণনা তুলি ধৰিছে। ঔপন্যাসিকে কেতুপুৰ তথা মাছমৰীয়া লোকসকলৰ দৈনন্দিন জীৱনচর্যাৰ যি বিশালতাৰ বর্ণনা উপন্যাসত বর্ণাইছে, সেই বিশালতাক বর্ণময় বৈচিত্র্য দান কৰিছে তেওঁলোকৰ জীৱনৰ সৈতে সংপৃক্ত হৈ খতা পদ্মা নদীয়ে।
মুঠতে, নদীখনিক কেন্দ্র কৰি পাৰৰ লোকসকলে জীৱন নিৰ্বাহ কৰিছিল। একমাত্ৰ উপৰ পূৰ্তিৰ বাবেই সিহঁতে অহৰহ নিয়তিৰ লগত যুঁজি থকাৰ এক জটিল তথা বলিষ্ঠ চিত্ৰ উপন্যাসখনৰ মাজেদি জিলিকি উঠিছে।
নিৰুপমা বৰগোহাঞিৰ ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’ শীৰ্ষক উপন্যাসখন নদীকেন্দ্রিক উপন্যাস যদিও উপন্যাসখনৰ মাজত নদী আৰু মানুহৰ দৈনন্দিন জীৱনৰ চৰ্যাৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবেহে নদীখনৰ গুৰুত্ব অপৰিসীম হৈ ধৰা দিয়ে। ইয়াৰ বাবে নদীৰ বিশেষ একো ভূমিকা লক্ষ্য কৰা নাযায়। সামাজিকভাৱে দায়বদ্ধ ঔপন্যাসিক গৰাকীয়ে নাৰী জীৱনৰ দুখবহ আৰু সমস্যাজর্জৰ জীৱনৰ চিত্ৰ সমাজ আৰু পুৰুষৰ দ্বাৰা শোষিত-নির্যাতিত নাৰীৰ হৃদয়ৰ আৰ্তনাদ, নাৰী মনৰ বিদ্ৰোহ, সমাজৰ ভিন্ন প্ৰতাৰক চৰিত্ৰৰহে নিখুঁত বিশ্লেষণ তথা উপস্থাপন দেখিবলৈ পোৱা যায়।
এই নদীকেন্দ্রিক উপন্যাসখনত পাগলাদিয়া নদীৰ পাৰৰ গাঁৱৰ বিশেষত্ব, পাগলাদিয়া নদীৰ পাৰৰ লোকসকলৰ নদীৰ প্ৰত্যক্ষ সংযোগৰ বৰ্ণনা পোৱা যায়। ঔপন্যাসিকে কাহিনীৰ মাজতে উল্লেখ কৰিছে যে নদীখনৰ বানপানীয়ে অঞ্চলসমূহত ধ্বংসলীলাৰ অৱতাৰণা কৰা নাই। আগতে বানপানী আহিছিল যদিও মথাউৰি হোৱাৰ পাছত বানপানী নুঠা হ’ল। আনকি পুখুৰী পানীৰে পৰিপূৰ্ণ হয় যদিও সেয়া বৰষুণৰ পানীহে। পাগলাদিয়াৰ উপৰিও ‘বৰলীয়া নামৰ নৈ এখনৰ বিষয়ে ঔপন্যাসিকে প্ৰকাৰন্তৰে উল্লেখ কৰিছে। এই নৈৰ পানী কিন্তু পাগলাদিয়াৰ দৰে নিৰ্মল নোহোৱা হেতু সেই বৰলীয়া নৈৰ মথাউৰি ঠিকমতে নবন্ধা বাবে পানী উঠি দ অঞ্চলবোৰ বাৰিষা ভৰি পৰা বাবে খাৰুৱা, সাৰহীন পানীৰ প্ৰকোপত গছ-গছনিবোৰ মৰি যাবলৈ ধৰা বুলি কাহিনীৰ মাজত উল্লেখ কৰিছে।
মুঠতে পাগলাদিয়া নদীয়ে জীৱনযাত্ৰাত অৰিহণা যোগোৱা ঢলকুছি আৰু বাথানঘাট গাঁৱৰ মানুহৰ সামাজিক সমস্যা আৰু নাৰীৰ নানান সমস্যাৰ সুন্দৰ চিত্ৰ অংকিত হৈছে।
১৫। ‘পদ্মা নদীৰ মাঝি’ আৰু ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’ উপন্যাস দুখনৰ ৰচনাশৈলীৰ তুলনামূলক আলোচনা আগবঢ়োৱা?
উত্তৰঃ বাংলা উপন্যাস সাহিত্যত নদীকেন্দ্রিক উপন্যাস, ৰচনাৰ প্ৰৱণতাই ঔপন্যাসিকসকলক অতি বাস্তৱমুখী হোৱাৰ ক্ষেত্ৰত সহায়তা প্ৰদান কৰে। ‘কল্লোলেৰ কুলবর্ধন ৰূপে প্রখ্যাত মাণিক বন্দোপাধ্যায়ৰ পদ্মা নদীৰ মাঝি উপন্যাসখনত পদ্মা নদীয়ে তীৰৰ বাসিন্দাসকলৰ চালিকা শক্তিস্বৰূপ হোৱাৰ লগতে উপন্যাসৰ কাহিনী ভাগৰো গতি প্রবাহত মানুহৰ কঠোৰ জীৱন সংগ্ৰামৰ বাস্তৱ চিত্ৰখন প্রতিষ্ঠা কৰিছে। উপন্যাসৰ চৰিত্ৰবোৰৰ মাজত ধৰা দিয়া ফ্রয়েডীয় মনোবিশ্লেষণৰ বৰ্ণনা ঔপন্যাসিকে অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। ঔপন্যাসিকৰ ৰচনাৰীতি দক্ষতা প্রতিভাত হৈছে কেতবোৰ সহজ-সৰল চৰিত্ৰ আৰু তাৰে মাজত থিয় কৰোৱা কেতবোৰ প্ৰতাৰক তথা প্ৰৱঞ্চক চৰিত্ৰ সৃষ্টিৰ যোগেদি।
নৰ-নাৰীৰ সম্পৰ্কৰ যোগেদি ঔপন্যাসিকে সমাজ-জীৱনৰ কেতবোৰ সমস্যাজনিত দিশ পোহৰলৈ অনাত বন্দোপাধ্যায়ে দক্ষতাৰ পৰিচয় দিছে। শোষিত তথা কামনাৰ বলি হোৱা নাৰী চৰিত্ৰসমূহৰ মনোজগতৰ সম্ভেদ দিবলৈ ঔপন্যাসিকে পাহৰা নাই।
কাহিনীৰ মাজত অংকিত দুটা প্ৰধান নাৰী চৰিত্ৰ মালা আৰু কপিলা যেন পদ্মাবেই দুটা প্রতীকী ৰূপ। পদ্মাৰ শাস্ত-সমাহিত ৰূপৰ লগত মালাক আৰু ভয়াবহ ৰূপৰ সৈতে কপিলাক তুলনা কৰিব পাৰি। কাৰণ লেখকে এনেদৰে চিত্ৰিত কৰিছে যে কপিলা কুটিল আৰু চতুৰ, এক কথাত চলনাময়ী নাৰী।
চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত ঔপন্যাসিক গৰাকী অতি দক্ষ তথা সচেতন। এই উপন্যাসখনত কুবেৰৰ দৰে সৰলতা, দুৰ্বলতা, নৈতিকতা আৰু জৈৱিক বাসনা আদিৰ সমাহাৰেৰে তথা অলপতে সন্তুষ্ট হোৱা চৰিত্ৰ অংকনৰ বিপৰীতে হুচেইন মিঞাৰ দৰে সুযোগ সন্ধানী, ধনৰ বাবে চোৰাং কাৰ্যত লিপ্ত হ’ব পৰা মানসিকতাৰ চৰিত্ৰও চিত্ৰিত কৰিছে। এই ক্ষেত্ৰত ঔপন্যাসিকৰ ৰচনা কৌশল প্রশংসনীয়।
উপন্যাসখনত সুবিধা অনুযায়ী বন্দোপাধ্যায়ে আঞ্চলিক উপন্যাসৰ বৈশিষ্ট্য ৰক্ষিত হোৱাৰ উদ্দেশ্যে অঞ্চল বিশেষৰ প্ৰচলিত লোক-বিশ্বাস, উৎসৱ-পাৰ্বণ, আচাৰ-পৰম্পৰা আৰু গ্ৰাম্য সমাজত প্ৰচলিত গালি-শপনি, শাও-অপবাদ, পূর্বজন্ম-পৰজন্মত বিশ্বাস সম্পর্কে উল্লেখ কৰিছে। ইয়াৰোপৰি লোক-জীৱনৰ সৈতে নিবিড়ভাৱে সম্পর্ক থকা লোক-সংগীতৰ প্ৰয়োগ উপন্যাসত দেখিবলৈ পোৱা যায়। মাঝিসকলে আনন্দ নাইবা দুখত নাও চলাওঁতে লোকগীত গোৱাৰ বর্ণনা উপন্যাসত উপলব্ধ।
উপন্যাসখনত ভাষাৰ দিশলৈ মনকৰিবলগীয়া। পূর্ববঙ্গৰ নানা অঞ্চলৰ উপভাষাৰ উপৰি কুবেৰ, মালা, কপিলা আৰু গোপী আদি চৰিত্ৰৰ মুখত ঢাকা আৰু কাষৰীয়া অঞ্চলৰ ভাষা প্রয়োগ কৰিছে। আনহাতে হুচেইন মিঞাই নোৱাখালি, চট্টগ্রাম আৰু কেতিয়াবা বিচিত্ৰ মিশ্র ভাষাৰ প্রয়োগ লক্ষ্য কৰা যায়। মুঠতে নিম্ন শ্ৰেণীৰ মানুহৰ বাস্তৱ জীৱনৰ বৰ্ণনাত মাণিক বন্দোপাধ্যায়ে ব্যৱহাৰ কৰা ভাষা অতুলনীয়। ভাষাৰ এনে অপূর্ব সমাহাৰে উপন্যাসৰ কাহিনী ভাগকো অধিক বৰ্ণময় তথা মনোগ্ৰাহী কৰি তুলিছে।
নিৰুপমা বৰগোহাঞিৰ ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ এখন নদীকেন্দ্রিক আঞ্চলিক উপন্যাস। এইখন উপন্যাসত সমাজৰ বাস্তৱ নদীৰ পাৰৰ দুখন গাঁৱৰ মানুহৰ জীৱন যাত্ৰা বর্ণিত হৈছে। উপন্যাসখনত নদীখনে মানুহৰ পানীৰ অভাৱ পূৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
সমাজ সচেতন ঔপন্যাসিক গৰাকীয়ে পুৰুষপ্ৰধান সমাজখন নাৰীজাতিৰ অবদমিত অৱস্থাৰ বৰ্ণনা দিছে। পুৰুষৰ হাতৰ পুতলাৰূপে সদায় লাঞ্চিত হৈ নাৰীমনে ক্ষোভৰ অগ্নিত দগ্ধ হৈ বিদ্ৰোহী হোৱাৰ সুন্দৰ বৰ্ণনা পোৱা যায়। গাঁৱলীয়া মানুহৰ দুখ-দুৰ্দশা, খেতিয়ক জীৱনৰ সংগ্ৰাম, প্ৰতাৰণা, আশা- আকাংশা, স্বপ্নভঙ্গ, বিষাদ আৰু মানুহৰ মৌলিক প্রবৃত্তিসমূহৰ সুন্দৰ উপস্থাপন দেখিবলৈ পোৱা যায়।
পটেশ্বৰীৰ জীৱন সংগ্ৰাম, পুৰুষৰ দ্বাৰা প্ৰতাৰিত হৈ অস্থিৰ হৈ উঠা তাইৰ নাৰী মনৰ দুখৰহ অৱস্থাই কাহিনীক সুন্দৰ গতি প্ৰদান কৰিছে। পুৰুষৰ দ্বাৰা লাঞ্চিত তথা নিৰ্যাতিত হৈয়ো বিদ্রোহী মনটোৰ জোৰত নিজক ৰক্ষাৰ উদ্দেশ্যে পটেশ্বৰীয়ে হোটেলৰ মালিকৰ সন্মুখত দিয়া হুঙ্কাৰৰ যোগেদি পটেশ্বৰীৰ বিদ্ৰোহী ৰূপতো ফুটি উঠিছে। পটেশ্বৰীৰ দৰে উপন্যাসৰ আন এটি নাৰী চৰিত্ৰ ৰেখানিৰ কাহিনীৰ যোগেদি বৰগোহাঞিয়ে নাৰী যে শোষিত হৈ থাকে তথা সমাজে যে সকলোবোৰ দোষৰ বাবেই কেৱল নাৰীকে দোষী সাব্যস্ত কৰে তাকে প্রকাশ কৰিছে।
নিৰুপমা বৰগোহাঞিয়ে সহজ বাক্য গাঁথনিৰে নাৰীৰ মানসিকতাৰ দ্বন্দ্ব প্ৰতিফলিত কৰিছে।নাৰীবাদী চিন্তাৰে ভাৰাক্ৰান্ত ঔপন্যাসিক গৰাকীৰ ৰচনাত প্ৰতিভাত হোৱা নাৰীৰ মৰ্মবেদনাৰ স্পষ্ট আৰু মুক্ত প্ৰকাশ এই উপন্যাসখনতো প্রতিফলিত হৈছে।
কিতাপ পঢ়ি ভাল পোৱা, কল্পনাপ্রৱণ তথা ভাব-বিলাসী অঞ্চলিৰ নাৰী মনক অপমান দুখ- বেদনাই বিদ্ৰোহী কৰি তুলিছে। শোষিত হৈ থকা নাৰী জাতিৰ অৱস্থা দেখি অঞ্জলি আৰু বিমলাই বিদ্রোহত চাতি-ফুটি কৰিছিল।
নিজৰ কন্যাক পটেশ্বৰীয়ে গুৱাহাটীৰ হোটেলৰ মালিকৰ ঘৰত বনকৰা ছোৱালী হিচাপে হৈ অহাৰ সময়ত পটেশ্বৰীৰ অন্তৰত উথলি উঠা বেদনাই নাৰী হৃদয়ৰ মমতাখিনিৰ দুখ-তৰা বর্ণনাই পাঠকৰ হৃদয় স্পৰ্শ কৰিছে।
ঔপন্যাসিকৰ ৰচনা ৰীতিৰ এক বৈশিষ্ট্য সামাজিক প্ৰতিবাদৰ সুৰ এই উপন্যাসখনিতো লক্ষ্য কৰা যায়। নাৰী জীৱনত গঢ়ি উঠা সপোনে বাস্তৱৰ দিশলৈ গতি কৰাৰ আগতে মৰহি যোৱাৰ বেদনা অঞ্জলিৰ যোগেদি প্ৰকাশ কৰিছে। আধুনিক নাৰীৰ মানসিকতাৰে গঢ় লোৱা অঞ্জলিৰ প্ৰেম কাহিনী আৰু পিতাকৰ গাঁৱত ঘৰ বন্ধা তথা নিজাকৈ সংসাৰ পতাৰ সপোন ঠগ-প্ৰৱন্ধক পুৰুষ সমাজৰ লোভৰ লালসাত থান-বান হৈ যায়। তদুপৰি পটেশ্বৰীয়ে পুতেকক মানুহ কৰাৰ আশাত যথেষ্ট কষ্ট কৰিছিল কিন্তু সিও শেষত টকাৰে সৈতে ছোৱালী পলুৱাই নি মাকৰ স্বপ্ন ভঙ্গ কৰিলে।
ঔপন্যাসিকাৰ সামাজিক শ্ৰেণী বৈষম্যৰ প্ৰতি থকা সচেতনতা উপন্যাসখনৰ কেতবোৰ চৰিত্ৰৰ যোগেদি বৰ্ণনা কৰিছে। তদুপৰি উপন্যাসত উজনি-নামনিৰ প্ৰভেনৰো ক্ষীণ আভাস পোৱা যায়। নৈপৰীয়া গাঁও দুখনিৰ লোক-জীৱনৰ সৈতে খাপ খোৱাকৈ অঞ্চল বিশেষে প্রয়োগ হোৱা ভাষাৰ আধাৰতে উপন্যাসৰ কাহিনীভাগ বৰ্ণিত হৈছে। তদুপৰি নলবাৰী অঞ্চলৰ মানুহৰ মুখৰ ভাষাই উপন্যাসখনৰ কাহিনীভাগত আঞ্চলিক ৰূপৰ পৰিচয় বহন কৰিছে।
আঞ্চলিক উপন্যাসৰ বিশেষ বিশেষত্বৰ দিশ বিশেষকৈ বিশ্বাস-আচাৰ, পৰম্পৰা, ৰীতি-নীতিৰ সুন্দৰ বৰ্ণনা এই উপন্যাসৰ কাহিনীভাগে বহন কৰিছে। তদুপৰি লোক জীৱনৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ থকা লোক-গীতৰ প্ৰয়োগ কাহিনীৰ মাজত বহুলভাৱে হোৱা পৰিলক্ষিত হৈছে। কাহিনীৰ আৰম্ভণিৰ অংশত সাবিত্রী, শনে আৰু পতমাই পোতা পুখুৰীত জাকৈ মাৰি মোৱা মাছ পাই খালৈত ভৰাই গীত জুৰিছিল। ইয়াৰ পাছত পটেশ্বৰীয়ে সাবিত্ৰীৰ জঁট লগা চুলিত আঙুলি বলাই জটীয়া ভাঙুৰাৰ গীত জুৰিছিল।
মুঠতে মানুহৰ জীৱনৰ সৰু ঘটনাৰ মাজতো বৈচিত্ৰ্যৰ সন্ধান কৰা নিৰুপমা বৰগোহাঞিৰ উপন্যাসখনত নাৰীয়ে এক বিশেষ ভূমিকা পালন কৰাৰ বিপৰীতে পুৰুষৰ স্থান গৌণ ৰূপত অংকিত কৰা পৰিলক্ষিত হয়। মানৱতাবাদৰ ঘোষণাৰে ৰচনা কৰা এই উপন্যাসখনত নাৰীয়ে বিদ্রোহ ঘোষণা কৰাই নহয়, বিদ্ৰোহৰ যোগেদি নিজে ধ্বংসৰ গৰাহৰ পৰা পৰিত্ৰাণৰো ব্যৱস্থা কৰিছে।
১৬। হিন্দী উপন্যাসৰ চমু ইতিহাস দাঙি ধৰি তাত মুন্সী প্রেমচন্দৰ স্থান নির্ণয় কৰি এটি প্রবন্ধ লিখা।
উত্তৰঃ হিন্দী উপন্যাসৰ ভেটি নিৰ্মাণ হৈছিল— কিছুমান লোক সংস্কৃতিমূলক কথা আৰু সংস্কৃত সাহিত্য তথা পাৰ্চী সাহিত্যৰ আলমত। হিন্দী গদ্যৰ মহুৰ বিকাশ আৰু নগৰীকৰণৰ বিলম্ব হেতু হিন্দী উপন্যাসৰ বিকাশ কিছু মন্থৰ। ১৮৮২ চনত লালা শ্রীনিবাস দাসে ৰচনা কৰা পৰীক্ষা গুৰু’ নামৰ উপন্যাসখন হিন্দী সাহিত্যৰ প্ৰথম উপন্যাস। হিন্দী উপন্যাসত সৃষ্টিশীলতা আৰু মনোগ্ৰাহীতাৰ আগমন ঘটে দেৱকীনন্দন খট্রীৰ হাতত। বহু বিচিত্র প্লট আৰু সাংঘাতিক ধৰণৰ কাহিনীৰ ঔৎসুক্যই তেওঁৰ উপন্যাসক অধিক জনপ্ৰিয় কৰি তুলিছিল। চন্দ্ৰকান্তা নামৰ প্রণয় কাহিনীটোৱে খট্রীক যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল। দেৱকীনন্দন খট্ৰীয়ে আৰম্ভ কৰা হিন্দী উপন্যাসৰ এই ধাৰাটোক কিশোৰীলাল গোস্বামী প্ৰমুখ্যে কিছু সংখ্যক ঔপন্যাসিকে আগবঢ়াই নিয়ে।
ভাবতেন্দু আৰু দ্বিবেদী যুগত হিন্দী উপন্যাসে জাতীয় চেতনা জাগ্ৰত কৰাৰ উপৰিও বাল্যবিবাহ আৰু যৌতুক প্রথাৰ পিনেও পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে। ঊনৈশ শতিকাৰ পৰা কুৰি শতিকালৈ হিন্দী উপন্যাসৰ উত্তৰণ কিছু লেহেমীয়া যদিও ইয়াৰ মাজতে প্রেমচন্দৰ আগমন এক উল্লেখযোগ্য ঘটনা। প্রেমচন্দৰ উপন্যাসত পোৱা যায় জীৱনৰ গভীৰ অধ্যয়ন, সহজ-সৰল গ্ৰাম্যবাসীৰ জীৱন গাঁথা আৰু নিষ্পেষিতজনৰ কৰুণ কাহিনী তেওঁৰ উপন্যাসৰ মূল বিষয়। “গোদান” প্রেমচন্দৰ অক্ষয় কীৰ্ত্তি। সমকালীন সমাজৰ সামাজিক সমস্যাসমূহক লৈ প্রেমচন্দ অতি সচেতন আৰু সংবেদনশীল আছিল।
“গোদান” ৰচনাৰে প্রেমচন্দই হিন্দী উপন্যাসত এক প্রতিপত্তিশীল পৰম্পৰাৰ সৃষ্টি কৰিছিল। প্রেমচন্দই কেইবাখনো উপন্যাস ৰচনা কৰিছিল। বিষয়বস্তুৰ দৃষ্টিভংগীৰে চালে দেখা যায় যে— ‘প্রতিজ্ঞা’ত তেওঁ বিধবা সমস্যা উত্থাপন কৰিছে আৰু বিধৱা আশ্রম স্থাপনৰ যোগেদি এই সমস্যা সমাধান কৰিব বিচাৰিছে। ‘সেৱাশ্রম’ত বেশ্যাবৃত্তিৰ সমস্যা দাঙি ধৰি ‘বৰ্ণিতা শ্ৰম’ স্থাপনৰ যোগেদি উক্ত সমস্যা সমাধানৰ ইংগিত দিছে। সেইদৰে ‘প্রেমাশ্ৰম’ত কৃষকৰ সমস্যা বিশেষকৈ তেওঁলোকৰ ওপৰত হোৱা শোষণ আৰু বিশৃংখল জীৱনৰ সমস্যা সমাধানৰ প্ৰয়াস কৰিছে। ‘কর্মভূমি’ত অস্পৃশ্যতা, মদ্যপান, নাৰীৰ ৰাজনীতিত প্ৰৱেশ ইত্যাদি বিবিধ সমস্যা উত্থাপন কৰি তাৰ সমাধানৰ ইংগিত দিছে। ‘নিৰ্মলা’ আৰু ‘কায়াকল্পত অমিল বিবাহৰ কুপৰিণামৰ ইংগিত দিয়া হৈছে। ‘বৰদান’ত দেশভক্তি, ত্যাগ আৰু বলিদানৰ চিত্ৰ অংকিত হৈছে। ‘সেৱাসদন’ত নাৰী জীৱনৰ সৈতে সম্পর্কিত বিবিধ সমস্যা সুমন চৰিত্ৰৰ যোগেদি অতি সার্থকভাৱে দাঙি ধৰিছে। উপন্যাসখনত দহেজ প্রথা, বেশ্যা সমস্যা আৰু অমিল বিবাহ তথা সাম্প্রদায়িকতাৰো ইংগিত দিয়া হৈছে।
প্রেমাশ্রম’ত সামস্ত ব্যৱস্থাৰ ফোপোলা স্বৰূপ চিত্ৰিত হৈছে। সুস্থ বাতাবৰণৰ তপোভূমি প্রেমাশ্ৰমত জীবনক বিভিন্ন দিশত গতি প্ৰদান কৰাৰ উদ্দেশ্যে নিঃস্বার্থ মানৱসেৱাত গুৰুত্ব দিয়া হৈছে যদিও ইয়াত স্বাৰ্থ আৰু নিঃস্বার্থৰ মাজত পাৰস্পৰিক সংঘৰ্ষ নোহোৱাকৈ থকা নাই। ‘নির্মলা’ত যৌতুক প্ৰথা আৰু অমিল বিবাহৰ দৰে সামাজিক কুপ্রবৃত্তিৰ চিত্ৰ অংকন কৰি মধ্যবিত্ত সমাজৰ পাৰি বাৰিক আৰু সামাজিক দিশটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে। মানুহৰ সংকুচিত প্ৰবৃত্তি, অর্থনৈতিক পৰাধীনতা, সংকীর্ণ দৃষ্টিভংগী ইত্যাদি বিভিন্ন দিশ উপন্যাসখনত অতি কুশলতাৰে চিত্ৰিত কৰা হৈছে। ‘গবন’ত প্ৰেমৰ ভয়ংকতা, পুলিচী নিৰ্যাতন আৰু দেশৰ স্বাধীনতাৰ সমস্যা উত্থাপন কৰা হৈছে। ‘বংগভূমি’ত উদ্যোগীকৰণ, ধাৰ্মিক সহিষ্ণুতা, ৰাজনৈতিক আন্দোলনৰ লগে লগে গান্ধীবাদী জীৱন দৰ্শনৰ প্ৰভাৱ লক্ষ্য কৰা যায়। ‘কৰ্মভূমি’ত স্বদেশানুৰাগ জাগ্ৰত কৰিবৰ বাবে দেশৰ জনগণক নিজৰ কৰ্তব্য পালনৰ প্ৰতি উন্মুখ কৰি তোলাৰ বাবে সৰল প্ৰেৰণা দানৰ লগে লগে খেতিয়কৰ সমস্যা, অসাধু ব্যৱসায়ৰ সমস্যা, সুদখোৰৰ সমস্যা ইত্যাদি বিবিধ প্রাসংগিক সমস্যা অতি কৌশলেৰে উপস্থাপন কৰা হৈছে। ‘গোদান’ত কৃষক জীৱনৰ সৈতে সম্পর্কিত সমস্যাক প্রেমচন্দই এনেদৰে প্ৰস্তুত কৰিছে, যাৰ সমস্ত প্রবৃত্তি অতি ব্যাপক আৰু গভীৰ।
সেইবাবেই ‘গোদান’ক ভাৰতীয় কৃষক জীৱনৰ গদ্যৰূপী মহাকাব্য আখ্যা দিয়া হৈছে। প্ৰকৃতাৰ্থত ‘গোদান’ হ’ল শোষিত আৰু নিষ্পেষিত মানবাত্মাৰ কৰণ ক্ৰন্দন। বাস্তৱিকতে ‘গোদান’ ঔপন্যাসিকৰ জীৱনযোৰা অনুভৱৰ সাৰতত্ত্ব, য’ত ভাৰতীয় জীৱনবোধৰ গভীৰতাৰ লগে লগে ঔপন্যাসিকৰ গভীৰ জীৱনবোধ আৰু মানৱীয় দৃষ্টিভংগীৰ পৰিচয় পোৱা যায়। ভাৰতীয় সমাজৰ গতি-প্রকৃতি, সামাজিক ৰীতি-নীতি, পৰম্পৰা আৰু ঐতিহ্য সম্পর্কে প্রেমচন্দ্র আছিল অতিশয় সচেতন। সেইবাবেই ভাৰতীয় জনগণৰ বাস্তৱিক জীৱনৰ প্রাত্যহিক সমস্যাৰাজিয়ে তেওঁৰ লেখনিত মুখ্যস্থান লাভ কৰিছিল। তেওঁৰ কথাশিল্পৰ ওপৰত মক্তব্য কৰি বিশিষ্ট সমালোচক কুঁৱৰ পাল সিংহই লিখিছে— “আর্য সমাজ আৰু সংস্কাৰবাণী আন্দোলনেৰে প্ৰভাৱিত হৈ তেওঁৰ ৰচনাই পাছৰ পৰ্যায়ত গান্ধীবাদী ৰাজনীতি আৰু দৰ্শন, এনি বেচেণ্ট আৰু তেওঁৰ থিয়চফি আৰু তাৰ পাছত জমিদাৰী প্ৰথাৰ লগতে কৃষক-মজনুৰৰ সংঘর্ষ তথা ৰাষ্ট্ৰীয় পুঁজিবাদেৰে যাত্ৰাৰ অন্তিম চৰণত বৈজ্ঞানিক সমাজবাদ তথা শ্রেণীহীন সমাজ আদৰ্শত শেষ হৈছেগৈ।”
সমাজৰ বিবিধ সমস্যাৰাজিৰ চিনাক্তকৰণ, বিশ্লেষণ আৰু সমাধানৰ দিশত প্রেমচন্দ বহুসময়ত মেক্সিম গকীৰ সমতুল্য। অৱশ্যে ভাৰতৰ সমস্যাৰ মূলশিল্প কৃষকসকলৰ সৈতেহে জড়িত, যিটো প্রেমচন্দৰ উপন্যাসত গভীৰভাৱে উপলব্ধি কৰিব পাৰি। তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহেই হৈছে – প্ৰেমচন্দ্ৰৰ সাহিত্যকলাৰ মূল আত্মা, তেজ-মঙহেৰে নিৰ্মিত ভাৰতীয় নিপীড়িত জনগণেই তেওঁৰ উপন্যাসৰ মূল চৰিত্ৰ। তেওঁ উপন্যাসক ‘মানৱ জীৱনৰ চিত্ৰ’ বুলি ভাৱে আৰু সমাজিক কল্যাণৰ ভাৱনাই হৈছে তেওঁৰ সমহভাগ উপন্যাসৰ মূল প্ৰেৰণা । তেওঁ সমকালীন সমাজৰ সমস্যাৰাজি গভীৰভাৱে উপলব্ধি কৰিছিল আৰু এগৰাকী সমাজ সচেতন কলাকাৰ হিচাপে বিধবা সমস্যা, বেশ্যা সমস্যা, শিক্ষাৰ সমস্যা, ৰাজনৈতিক আৰু সামাজিক অধিকাৰ প্ৰাপ্তিৰ সমস্যা ইত্যাদি বিবিধ সমস্যাৰ বিষয়ে নিজস্ব দৃষ্টিভংগী প্ৰকাশ কৰিছিল। গান্ধীযুগৰ প্রথম তিনিটা দশকৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু সাম্প্রদায়িক জীৱনৰ বিবিধ সমস্যাৰ সামগ্রিক চিত্ৰ প্ৰেচন্দৰ উপন্যাসত যেনেদৰে চিত্ৰিত হৈছে, তাৰ নিদৰ্শন কেৱল হিন্দী সাহিত্যতেই নহয়, সমগ্ৰ ভাৰতীয় সাহিত্যতেই বিৰল।
১৭। হিন্দী উপন্যাসৰ ধাৰা সম্পর্কে এটি আলোচনা যুগুত কৰা?
উত্তৰঃ বৰ্তমান সময়ছোৱাত সাহিত্যৰ অন্যান্য শাখাসমূহৰ ভিতৰত উপন্যাসে সর্বাধিক জনপ্রিয়তা লাভ কৰিছে। মানৱ জীৱন আৰু সমাজৰ জ্বলন্ত সমস্যাৰাজি উপন্যাসত যেনেদৰে স্পষ্ট ৰূপত দাঙি ধৰা সম্ভৱ, সেইয়া গল্প, কবিতা নাইবা নাটকৰ যোগেদি সম্ভৱ নহয়। সেয়ে বৰ্তমান সময়ত সাহিত্যৰ অন্যান্য শাখাসমূহৰ ভিতৰত উপন্যাসে সর্বাধিক জনপ্রিয়তা লাভ কৰিছে। হিন্দী উপন্যাস সাহিত্যৰ ইতিহাস আৰম্ভ হৈছে— “ভাৰতেন্দু যুগ”ত আৰু ইয়াৰ মূল চেতনা হৈছে— সংস্কাৰকামী আৰু আদৰ্শবাদী চেতনা।
হিন্দী উপন্যাসৰ ধাৰাসমূহ তলত আলোচনা কৰা হ’ল—
(ক) আদর্শবাদী উপন্যাসৰ ধাৰাঃ হিন্দী উপন্যাসৰ প্ৰথম ধাৰাটো হৈছে আদর্শবাদী উপন্যাসৰ ধাৰা। এই ধাৰাৰ ঔপন্যাসিকসকলে নিজৰ সভ্যতা সংস্কৃতিৰ গৌৰৱময় পৰম্পৰা আৰু মৰ্যাদাপূর্ণ মান্যতাৰ প্ৰতি গভীৰভাৱে শ্ৰদ্ধাশীল। তেওঁলোকে দেশৰ মহত্ব সিদ্ধিৰ বাবে আৰু তাৰ উপযোগিতা স্পষ্ট কৰিবৰ বাবে কাহিনী প্রস্তুত কৰে আৰু যুক্তিসংগত ৰূপত নিজৰ মন্তব্য আগবঢ়ায়। হিন্দী উপন্যাসৰ এওঁলোক প্ৰাৰম্ভিক কালৰ ঔপন্যাসিক আদর্শবাদী দৃষ্টিভংগীৰ সৈতে সংস্কাৰকামী ভাবনাও এওঁলোকৰ উপন্যাসত পোৱা যায়। এই সময়ৰ ঔপন্যাসিকসকল হ’ল— লালা শ্রীনিবাস দাস, কিশোৰীলাল গোস্বামী, বালকৃষ্ণ ভট্ট আদি।
(খ) ঐন্দ্রজালিক ধাৰাঃ ঐন্দ্রজালিক ধাৰাৰ উপন্যাসসমূহ অতি জনপ্রিয়। ৰহস্য, ৰোমাঞ্চ আৰু সস্তীয়া কল্পনাৰ প্ৰাধান্য এইসমূহ উপন্যাসৰ মন কৰিবলগীয়া বৈশিষ্ট্য। ভাৰতেন্দু যুগত আৰম্ভ হোৱা এই উপন্যাসৰ ধাৰাটো ক্ৰমান্বয়ে দ্বিবেদী যুগলৈকে চলিছিল। দৈৱকীনন্দন খত্রীৰ ‘চন্দ্ৰাকান্তা’, ‘নৰেন্দ্ৰ মোহিনী’, হৰেকৃষ্ণ জেহৰৰ ‘কুসুমমালা’ আদি এই ধাৰাৰ উল্লেখযোগ্য উপন্যাস।
(গ) গুপ্তচৰ সম্বন্ধীয় উপন্যাসৰ ধাৰাঃ এই ধাৰাৰ উপন্যাসৰ ঘটনা ৰহস্যৰে পৰিপূৰ্ণ যদিও লেখকে তাক বিশ্বাসযোগ্য কৰি তুলিবৰ বাবে প্ৰয়াস কৰে। পাঠকৰ মনত কৌতুহল, অনুসন্ধিৎসা, উৎসুকতা জগাই তোলাই এনে উপন্যাসৰ মূল উদ্দেশ্য। এই ধাৰাৰ উপন্যাসৰ ভিতৰত গোপাল ৰাম গহমৰীৰ ‘অদ্ভুতলাশ’ আৰু ‘গুপ্তচৰ’ আদি উল্লেখযোগ্য। ভাবতেন্দু যুগৰ শেষৰফালে গহমৰীয়ে এই শ্ৰেণীৰ উপন্যাস ৰচনাত হাত দিয়ে।
(ঘ) যথার্থবাদী উপন্যাসৰ ধাৰাঃ প্ৰেমচন্দ্ৰ হিন্দী উপন্যাসলৈ আগমনৰ লগে লগেই পৰম্পৰাগত উপন্যাসৰ ক্ষেত্ৰত পৰিৱৰ্তন সূচিত হয়। এই ক্ষেত্ৰত যথার্থবাদী উপন্যাস সাহিত্যক, চুই যায়। ফৰাচী বিপ্লৱৰ সমতা, ভাতৃত্ব আৰু বিশ্ব বন্ধুত্বৰ ভাৱনা, ডাৰউইনৰ বিকাশবাদ, ফ্রয়ডৰ মনোবিজ্ঞান সম্পর্কীয় বিচাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হৈ পূৰ্বসুৰী উপন্যাসিক আদর্শবাদী দৃষ্টিভংগীৰ পৰা আঁতৰি আহি বাস্তৱৰ সমস্যা আৰু তাৰ সৈতে জড়িত বাস্তৱৰ কঠোৰ সমস্যাৰাজিৰ চিত্ৰণত সাহিত্যিকসকলে মনোনিৱেশ কৰিলে। ভাষা আৰু শৈলী আৰু বিবেচনাত প্রেমচন্দই নিশ্চিতভাৱে যথার্থবাদী। তেওঁৰ প্ৰতিজ্ঞা, সেৱাশ্রম, কর্মভূমি, নির্মলা, গোদান আদি উল্লেখযোগ্য এই শ্ৰেণীৰ উপন্যাস।
(ঙ) ৰোমাঞ্চ আৰু ভাবাত্মক উপন্যাসৰ ধাৰাঃ এই দুয়োবিধ উপন্যাসতেই প্রায় ভাৱনাই প্রাধান্য লাভ কৰিছে। ঐতিহাসিক ৰোমাঞ্চকৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব কিশোৰী লাল গোস্বামীৰ। তেওঁৰ ‘লবংগলতা’ ঐতিহাসিক ৰোমাঞ্চহে, ঐতিহাসিক উপন্যাস নহয়। ইয়াত প্ৰেম, ৰোমাঞ্চ আৰু কাল্পনিক প্ৰসংগৰ উল্লেখ ইমানেই অধিক যে ইয়াক কোনোপধ্যে ঐতিহাসিক ৰোমাঞ্চৰ গণ্ডীৰ বাহিৰলৈ আনিব নোৱাৰি। ব্ৰজনন্দন সহায়ৰ ভাৱাত্মক উপন্যাসত গীতিকাব্যৰ দৰে সূক্ষ্ম ভাৱনাৰ প্ৰাধান্য অধিক। তেওঁৰ ‘সৌন্দৰ্যপাসক’ আৰু ‘ৰাধাকান্ত’ উপন্যাসত প্ৰেম আৰু ভাৱনাৰ প্ৰাধান্য অধিক।
(চ) সামাজিক আৰু নৈতিক উপন্যাসৰ ধাৰাঃ এই ধাৰাৰ উপন্যাসত কেতবোৰ বিশেষ সামাজিক সমস্যা যেনে— অমিল বিবাহ, যৌথ পৰিয়ালৰ খৰিয়াল, স্বাৰ্থপৰ আৰু চৰিত্ৰহীন। সংগৰ কু পৰিণাম আদিৰ বৰ্ণনা পোৱা যায়। দ্বিবেদী যুগৰ সামাজিক ঔপন্যাসিকসকলৰ ভিতৰত লজ্জাৰাম শৰ্মা, কিশোৰী লাল গোস্বামী, ব্ৰজনন্দন সহায় আদি বিশেষভাৱে উল্লেখযোগ্য। এই যুগৰ সামাজিক উপন্যাসত সংস্কাৰকামী ভাৱনাৰ প্ৰাধান্য অধিক।
প্রেমচন্দৰ সেৱাসনন, প্রেমাশ্রম, বংগ ভূমি, নির্মলা, গবন, গোদান আদি উপন্যাসে হিন্দী সাহিত্যলৈ নতুনত্ব কঢ়িয়াই আনিলে। স্বাধীনতাৰ প্ৰথম ৩ টা দশকৰ ভাৰতীয় জনগণৰ সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনৰ বিবিধ সমস্যাই সামগ্রিকভাৱে তেওঁৰ উপন্যাসত স্থান পাইছে। প্রেমচন্দৰ সমসাময়িক অন্যান্য ঔপন্যাসিকসকল হ’ল— ভাগৱতীচৰণ বর্মা, উপেন্দ্রনাথ অস্ক, জয়শংকৰ প্ৰসাদ আদি ।
(ছ) ঐতিহাসিক উপন্যাসৰ ধাৰাঃ এই যুগৰ উপন্যাসৰ আনটো ধাৰা হ’ল— বৃন্দাবন লাল বৰ্মাৰ ঐতিহাসিক উপন্যাসিক ধাবা। স্বাধীনতাৰ সময়ৰ পৰাই হিন্দী সাহিত্যত প্ৰকৃত ঐতিহাসিক উপন্যাস ৰচিত হয়। বৃন্দাবন লাল বৰ্মাৰ উপন্যাসত ভাৰতীয় সংস্কৃতি আৰু জাতীয় শৌর্য প্ৰতিষ্ঠাৰ যোগেদি ইতিহাসক সত্য ৰূপত প্ৰতিষ্ঠাৰ প্ৰয়াস কৰা হৈছে। কিশোৰী লাল গোস্বামী, গংগা প্রসাদ গুপ্ত, মদন লাল শৰ্মা এই যুগৰ উল্লেখযোগ্য ঐতিহাসিক উপন্যাসিক। শুদ্ধ ঐতিহাসিক উপন্যাস ৰচনাৰ পৰম্পৰা বৃন্দাবন লাল বৰ্মাৰ পৰাই আৰম্ভ হোৱা বুলি ক’ব পাৰি। বৰ্মাৰ পিছতেই ঐতিহাসিক উপন্যাস ৰচনাত সাৰ্থকতা লাভ কৰা অন্যান্য সাৰ্থক ঔপন্যাসিকসকল হ’ল— বাহুল সংস্কৃতায়ন, যশপাল, চতুৰসেন শাস্ত্ৰী আদি।
(জ) মনোবিশ্লেষণবাদী উপন্যাসৰ ধাৰাঃ মনোবিশ্লেষণৰ আধাৰত ৰচিত উপন্যাসক মনোবিশ্লেষণবাদী উপন্যাস আখ্যা দিয়া হয়। ইয়াত চৰিত্ৰৰ বাহ্যিক সংঘৰ্ষৰ পৰিৱৰ্তে আন্তৰিক সংঘৰ্ষৰ চিত্ৰ অধিক স্পষ্ট। প্রেমচন্দৰ যুগৰ অন্তিম বৰ্ষত ফ্রয়েডৰ মনোবিশ্লেষণবাদ, মার্ক্স দ্বন্দ্বাত্মক ভৌতিকবাদ আদিৰ প্ৰভাৱ পৰে।
ফ্রয়েড, এডলাৰ, য়ুং আদিৰ মনোবৈজ্ঞানিক চিন্তাৰে প্ৰভাৱিত হোৱা হিন্দী মনোবৈজ্ঞানিক উপন্যাসৰ প্ৰধান বিষয় হ’ল— দমিত কাম আৰু তাৰ পৰা উৎপন্ন হোৱা বিভিন্ন মনোবিকাৰ, উন্মাদনা, যৌন বিকৃতি ইত্যাদি। এই ধাৰাৰ উপন্যাস ৰচনাত প্ৰধানকৈ তিনিগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰিব পাৰি। তেওঁলোক হ’ল—জৈনেন্দ্ৰ, ইলাচন্দ্ৰ যোশী আৰু অজ্ঞেয়। জৈনেন্দ্ৰৰ উপন্যাসত মনোবিজ্ঞানৰ লগতে চিন্তন আৰু দৰ্শনৰো সমাহাৰ ঘটিছে। তেওঁৰ কল্যানী, সুখদা, বিৱর্ত, ব্যতীত, জয়বর্ধন আদি উপন্যাসত মনোবৈজ্ঞানিক আৰু দার্শনিক মনোভাৱৰ পৰিচয় স্পষ্ট।
ইলাচন্দ্ৰ যোশীৰ সন্ন্যাসী, প্রেত ঔৰ ছায়া, পর্দে কী ৰাণী আদি উপন্যাসত মনোবৈজ্ঞানিক সিদ্ধান্তই উপন্যাসৰ ঘাই উপজীব্য। অজ্জেয়ৰ ‘শোখৰ এখ জীৱনী’ শিশু মনস্তত্ত্বৰ ওপৰত ভিত্তি কৰি লিখা এখনি সার্থক উপন্যাস।
(ঝ) সামাজিক যথার্থবাদী উপন্যাসৰ ধাৰাঃ মার্ক্সৰ সমাজবাদী বিচাৰ আৰু দ্বন্দ্বাত্মক ভৌতিকবাৰী জীৱন দৰ্শনেৰে প্ৰভাৱিত উপন্যাসৰাজিত মানুহক সমষ্টিৰ এক সামান্য একক ৰূপে স্বীকৃত হৈছে। এই শ্ৰেণীৰ উপন্যাসক সামাজিক যথার্থবাদী উপন্যাস আখ্যা দিয়া হয় ৷
এই ধাৰাৰ প্ৰমুখ্য হিন্দী ঔপন্যাসিক সৰল হ’ল — যশপাল, ৰাহুল সংস্কৃতায়, অমৃত ৰয় আদি।
(ঞ) আঞ্চলিক উপন্যাসৰ ধাৰাঃ যি উপন্যাসত কোনো এটা বিশেষ অঞ্চলৰ ভূগোল, সংস্কৃতি, বেশভূষা, ৰীতি-নীতি, ধর্মীয় বিশ্বাস, লোকগীত, লোকনৃত্য, লোককলা, ৰাজনৈতিক চেতনা আদিৰ সামগ্রিক চিত্ৰ অংকিত হয়, তাকেই আঞ্চলিক উপন্যাস বোলে। হিন্দী উপন্যাসৰ আন এটি ধাৰা হৈছে— আঞ্চলিক উপন্যাসৰ ধাৰা। এই ধাৰাৰ প্ৰথম আঞ্চলিক উপন্যাস হ’ল— ফণীশ্বৰ নাথ ৰেণুৰ ‘ময়লা আচল’। ইয়াৰ পিছত উদয়শংকৰ ভট্টৰ ‘সাগৰ’, ভৈৰৱ প্ৰসাদ গুপ্তৰ ‘গংগা মৈয়া’, বলভদ্ৰ ঠাকুৰৰ আদিত্যনাথ আদি এই শ্ৰেণীৰ উপন্যাস। এওঁলোকৰ উপৰি ৰামদশ মিশ্র, শিৱপ্রসাদ সিংহ, হিমাংশু শ্রীবাস্তৱ, বিবেকী ৰায় আদিয়ে এই ধাৰাৰ উপন্যাস সমৃদ্ধিত বৰঙণি যোগাইছে।
(ট) মনোবৈজ্ঞানিক উপন্যাসৰ ধাৰাঃ হিন্দী উপন্যাসৰ আন এটি ধাৰা হ’ল— মনোবৈজ্ঞানিক উপন্যাসৰ ধাৰা। এনে উপন্যাসত মনোবিজ্ঞানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ধর্মবীৰ ভাৰতীৰ ‘গুণাহো কা দেৱতা’ আৰু দেৱৰাজৰ ‘পথ কী খোজ’, ‘বাহৰ ভিতৰ’, ‘আজকী ডায়ৰী’ এই ধাৰাৰ উপন্যাস।
(ঠ) নবীন সামাজিক চেতনাবোধৰ ধাৰাঃ নবীন সামাজিক চেতনাবোধৰ ওপৰত ভিত্তি কৰিও ভালেমান উপন্যাস ৰচিত হৈছে। মম্মথ নাথ গুপ্তৰ বহতা পানী, ভৈৰৱ প্ৰসাদ গুপ্তৰ মশাল আৰু গংগা মৈয়া, অমৃত ৰাজৰ বীজ, হাথী কে দাঁত আদি বৰ্গ সংঘর্ষ আৰু প্ৰগতিৰ বার্তাবাহক উপন্যাস। লক্ষ্মীনাৰায়ণ লাল বিৰচিত মন বৃন্দাবন, ধৰতী কী আখে আদিত সামাজিক চেতনা প্ৰকাশৰ চেষ্টা কৰা হৈছে। সামাজিক চেতনা প্রকাশক অন্যান্য উল্লেখযোগ্য উপন্যাস সমূহ হ’ল— শিৱ প্ৰসাদ সিংহৰ গলী আগে মুড়তী হ্যায়, গিৰীশ অস্থানাৰ ধুপছাহী ৰংগ ইত্যাদি।
(ড) প্রয়োগশীল উপন্যাসৰ ধাৰাঃ হিন্দী উপন্যাস সাহিত্যৰ আন এটি ধাৰা হ’ল— প্রয়োগশীল উপন্যাসৰ ধাৰা। ধর্মবীৰ ভাৰতী, গিৰিধৰ গোপাল আদিৰ উপন্যাসত প্রয়োগশীল ধাৰাৰ পৰিচয় পোৱা যায়।
(চ) আধুনিকতাবাদী উপন্যাসৰ ধাৰাঃ হিন্দী উপন্যাসৰ আন এটি উল্লেখযোগ্য ধাৰা হৈছে— আধুনিকতাবাদী উপন্যাসৰ ধাৰা। যান্ত্রিক সভ্যতা আৰু আধুনিক অস্তিত্ববাদী চিন্তাৰ ফলস্বৰূপে আধুনিকতাৰ যি স্থিতি, তাৰ ওপৰত ভিত্তি কৰি বিগত দশকত ভালেমান উপন্যাস ৰচিত হৈছে।
এই শ্ৰেণীৰ উপন্যাসত আস্থা-বিহীন সমাজ, ব্যক্তি জীৱনৰ অনিশ্চয়তা আৰু আত্মনিৰ্বাসনৰ অভিব্যক্তি, নগৰীয়া জীৱনৰ বিচিত্ৰ আৰু বিক্ষিপ্ত ঘটনা, সামাজিক সম্পর্কই নাৰী পুৰুষৰ
উন্মুক্ত আৰু নগ্ন ৰূপ লাভ কৰা কথাই স্থান লাভ কৰিছে। এই ধাৰাৰ মোহন ৰাকেশৰ অন্ধেৰে বন্দ কমৰে, ন আনেৱালা কল, নির্মল বৰ্মাৰ ৱে দিন, শ্রীকান্ত বৰ্মাৰ দসৰী বাৰ আদি উল্লেখযোগ্য, উপন্যাস। মহিলা ঔপন্যাসিকাষ উপন্যাস হ’ল — মৃদুলা গৰ্গৰ ‘অনিত্য, মঞ্জুলা ভগতৰ ‘অন্যৰো’, মেহে ৰুন্নিছা পৰৱেজৰ ‘উসকা ঘৰ’ ৰাজী শেঠৰ ‘তৎসম’ আদি।
১৮। প্রেমচন্দৰ ‘নিৰ্মলা’ উপন্যাসৰ লগত অসমীয়া কোনো এখন উপন্যাসৰ কাহিনীৰ ৰিজনি কৰি দেখুওৱা?
উত্তৰঃ প্রেমচন্দ বিংশ শতিকাৰ প্ৰথমছোৱা কালৰ অকল হিন্দী সাহিত্যৰে নহয়, সমগ্ৰ ভাৰতীয় সাহিত্য জগতৰে এক মহান আৰু অপ্ৰতিদ্বন্দ্বী গদ্যশিল্পী। তেওঁৰ ৰচনাৰাজিত ভাৰতীয় মননৰ, ভাৰতীয় মানুহৰ প্রাত্যহিক জীৱনৰ সমস্যাৰাজিয়ে প্রধানকৈ ঠাই পাইছে। প্রেমচন্দৰ প্ৰায় আটাইকেইখন উপন্যাসেই নাৰীকেন্দ্রিক। সমাজে আৰু আদৰ্শৰ নামত নাৰীৰ ওপৰত যি কঠোৰ অনুশাসন জাৰি কৰে, তাৰ ফলত নাৰীৰ সামাজিক স্থিতিৰ এক বৈষম্যৰ বলি হ’ব লগা হয়, যাৰ বাবে তেওঁলোকৰ সামাজিক অস্তিত্বই সংকটাপন্ন হৈ পৰে, এনে নাৰীকেন্দ্ৰিক সমস্যাকে কেন্দ্রীয় বিষয় কৰি ৰচিত হোৱা ‘নিৰ্মলা’ এখন যথার্থবাদী সামাজিক উপন্যাস।
স্বৰাজ আন্দোলনৰ এই সময়ছোৱাৰ প্ৰায় সকলোবোৰ লেখকেই ভাৰতীয় সমাজখনৰ কিছুমান ত্রুটিপূর্ণ দিশ তেওঁলোকৰ ৰচনাৰ মাজত প্ৰতিফলিত কৰাৰ চেষ্টা চলাইছিল। ঠিক সেইদৰে অসমীয়া উপন্যাসৰ ক্ষেত্ৰতো তেনে নিশসমূহে ঠাই পাইছে। প্রেমচন্দৰ ‘নির্মলা’ উপন্যাসৰ লগত বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাসখনৰ কাহিনীক ৰিজাই চাব পাৰি। নিৰ্মলা আৰু জীৱনৰ বাটত দুয়োখন উপন্যাসতে এই ধৰণৰ প্ৰচেষ্টা পৰিলক্ষিত হয়। নিৰ্মলা আৰু জীৱনৰ বাটত দুয়োখন উপন্যাসৰে বিষয়বস্তু বৰ বেছি জটিল নহয়। ভাৰতীয় সমাজখনত প্ৰচলিত যৌতুক প্রথা, ছোৱালীৰ মত নোলোৱাকৈ বিবাহ দিয়া আদি কুসংস্কাৰে এগৰাকী নাৰী, এটা পৰিয়াললৈ নমাই অনা দুৰ্যোগৰ ঘটনাৰ আধাৰতে উপন্যাস দুখনৰ কথাবস্তু নির্মিত হৈছে। ঔপন্যাসিকলয়ৰ নিজস্ব প্রতিভাৰ বলত উপন্যাস দুখনৰ কাহিনীয়ে এনেদৰে বিস্তাৰ লাভ কৰিছে যে ই সমস্যাবোৰ সম্পৰ্কে পাঠককো সজাগ কৰি তোলে।
ভাৰতবৰ্ষৰ সমাজব্যৱস্থা প্ৰায় সম্পূৰ্ণৰূপেই পুৰুষতান্ত্রিক সমাজ ব্যৱস্থা বুলি ক’ব পাৰি। এই পৰম্পৰাত, পুৰুষ শাসিত সমাজ ব্যৱস্থাত নাৰীক সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰা হয়। নাৰীৰ মত প্ৰকাশৰ স্বাধীনতাক এই অৱস্থাত অকণো গুৰুত্ব দিয়া নহয়। নির্বিবাদে পুৰুষ সমাজৰ মত তথা ৰায় মানি লোৱাটোৱেই নাৰীৰ কৰ্তব্য বুলি গণ্য কৰা হয়। যেতিয়াই তাৰ বিপৰীতে নাৰীয়ে প্ৰতিবাদ কৰে তেতিয়াই পুৰুষ সমাজৰ অহমিকা ক্ষুণ্ণ হয়। ‘নিৰ্মলা’ত দেখা গৈছে পত্নী কল্যাণীয়ে যেতিয়াই উদয়ভানুৰ কাৰ্যৰ প্ৰতিবাদত মাত মাতিছে তেতিয়াই উদয়ভানু ক্ষুণ্ণ হৈ পৰিছে। সেই ক্ষুণ্ণ মনোভাবে আনকি তেওঁৰ নিজৰেই মৃত্যু মাতি আনিছে। ‘জীৱনৰ বাটত’ উপন্যাসতো যেতিয়া কমলাকান্তৰ দেউতাক মহীকান্ত বৰুৱাই তগৰৰ লগত কমলাকান্তৰ বিয়া ভাঙি দিয়াৰ সিদ্ধান্ত লৈছে, তেতিয়া কমলাকান্তৰ মাকে প্ৰতিবাদ জনাইছে যদিও সেই প্রতিবাদে মহীকান্ত বৰুৱাক টলাব পৰা নাই।
আকৌ বিবাহ আদিৰ ক্ষেত্ৰতো দেখা যায় যে ছোৱালীৰ মতক অকণো গুৰুত্ব দিয়া নহৈছিল। ‘জীৱনৰ বাটত’ উপন্যাসত যিদৰে তগৰৰ বিয়াৰ প্ৰসংগত দেউতাক বাপুৰাম বৰাই চৰক সুধি চাউল নবহায় বুলি কৈছিল, ঠিক একেদৰে নিৰ্মলাৰ বিয়াৰ প্ৰসংগতো দুয়োবাৰেই নিৰ্মলাৰ মতামতক কোনো গুৰুত্ব দিয়া হোৱা নাই। ছোৱালীক কম বয়সতে বিয়া দিয়াৰ প্ৰথাও যে সমাজত প্ৰচলিত আছিল, সেই কথাৰো স্বাক্ষৰ নিৰ্মলা আৰু তগৰ। অমিল বিবাহে একোগৰাকী নাৰীৰ জীৱনৰ সমস্ত আশা-আকাংক্ষাক কলিতে বিনাশ কৰি গোটেই জীৱন জুৰি এক মানসিক যন্ত্রণাদায়ক পৰিৱেশৰ সৃষ্টি হৈছে তোতোৰামক বিয়া কৰোৱাৰ পিছত । ধৰণীক বিয়া কৰোৱাৰ পিছত ‘জীৱনৰ বাটত’ খনৰ তগৰৰ জীৱনতো তেনে পৰিৱেশৰ মাজ সময়ে সৃষ্টি নোহোৱাকৈ থকা নাই। সেই সময়ছোৱাত নাৰীৰ স্বকীয় অস্তিত্ব যে সমাজে মানি লোৱা নাছিল তাৰ উদাহৰণ স্বয়ং নিৰ্মলা আৰু তগৰ। নিৰ্মলা চৰিত্ৰটোক ঔপন্যাসিকে পৰম্পৰাগত ভাৰতীয় সমাজৰ প্ৰতিমূৰ্তি হিচাপে নিৰ্মাণ কৰিছে। ভাৰতীয় নাৰী হিচাপে সততা, কৰ্তব্য পৰায়ণতা, সহনশীলতা সকলো নিৰ্মলাৰ আছে। কিন্তু নাই ব্যৱস্থাৰ বিপৰীতে গতি কৰাৰ বা মন্তব্য দিয়াৰ সাহস। একেই চৰিত্ৰৰ প্ৰতিফলন ঘটিছে ‘জীৱনৰ বাটত’ উপন্যাসৰ তগৰ চৰিত্ৰৰ মাজত। নিৰ্মলাৰ দৰে তগৰো সহানুভূতিশীলা, চৰিত্ৰৱৰ্তী, দায়িত্ব বুজা পৰম্পৰাগত ভাৰতীয় নাৰী। তগৰে যেনেকৈ সমাজৰ স্বীকৃতি নাপালে, তেনেদৰে নিৰ্মালাও বঞ্চিত হৈ থাকিল তাইৰ বিৰল ব্যক্তিত্বৰ প্ৰকৃত মূল্যৰ পৰা, সামাজিক কু-সংস্কাৰৰ বাবে। নিৰ্মলা আৰু তগৰ দুয়োৰে মাজেৰে ঔপন্যাসিকে ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ অৱস্থানৰ চিত্ৰ দাঙি ধৰিব বিচাৰিছে।
সমসাময়িক সমাজৰ বহু দিশ ঔপন্যাসিকে উপন্যাস দুখনত প্ৰকাশ কৰিছে যদিও এটা উল্লেখযোগ্য নিশত তেওঁলোকে বিশেষভাৱে আলোকপাত কৰিছে আৰু সেইটো হ’ল— সমাজৰ শিক্ষিত মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীটোৰ ফোপোলা চৰিত্র। ‘নির্মলা’ত যিখন সমাজ আৰু সমাজৰ সমস্যা প্রতিফলিত হৈছে, সেই সমাজ ভাৰতবৰ্ষৰ সকলো ঠাইৰে সেই সময়ৰ সমাজ আৰু সেই সমস্যা সকলো সমাজৰে সমস্যা। অসমীয়া সমাজত যৌতুকৰ দৰে কু-প্ৰথাৰ প্ৰচলন নাই যদিও অন্যান্য সমস্যাসমূহত, যেনে— বাল্যবিবাহ, নাৰীৰ অৱস্থান, দুর্নীতি, শিক্ষিত মধ্যবিত্তৰ ফোপোলা অভিজাত, দুমুখীয়া মনোভাব আদিয়ে অসমীয়া সমাজকো জোকাৰি যায়। ‘জীৱনৰ বাটত’ উপন্যাসতো দেখা যায় তগৰৰ মাজেৰে নাৰীৰ সামাজিক অৱস্থান, কমলা কান্তৰ মাজেৰে দুর্নীতি, দুমুখীয়া মনোভাৱ, কমলা কান্তৰ দেউতাকৰ মাজেৰে স্বাৰ্থপৰতা আদি প্ৰকাশ পাইছে। সেয়ে সমসাময়িক ভাৰতীয় সমাজখনৰ যথাৰ্থ প্ৰতিফলন দুয়োখন উপন্যাসৰ মাজতেই ঘটিছে বুলিব পাৰি।
‘নিৰ্মলা’ উপন্যাসখনৰ মুখ্য চৰিত্ৰ নিৰ্মলাৰ জীৱনৰ পথ পৰিক্ৰমা যেন ‘জীৱনৰ বাটত’ উপন্যাসৰ তাগৰৰ জীৱনৰ পথ পৰিক্ৰমাৰ সদৃশ। নিৰ্মলা আৰু তগৰ দুয়ো ভাৰতীয় নাৰীৰ এক প্রতিনিধিত্ব মূলক চৰিত্ৰ। দুয়োজন ঔপন্যাসিকে যেন ভাৰতীয় পৰম্পৰাগত সমাজৰ অন্ধ নীতি-নিয়মৰ নিষ্পেষণক কাহিনীৰ মাজত প্ৰতিফলিত কৰাবলৈ নিৰ্মলা আৰু তাৰক ভাৰতীয় নাৰীৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ হিচাপে অংকন কৰিছে।
লেখকদ্বয়ে সমসাময়িক সমাজক নির্মোহভাৱে বিশ্লেষণ কৰি নতুন চেতনা, নতুন আদৰ্শৰ পোহৰ বিলাবলৈ প্ৰয়াস কৰিছে। ‘নিৰ্মলা’ বা ‘জীৱনৰ বাটত’ উপন্যাসৰ সমস্যা বা কাহিনী বা তাত চিত্রিত সমাজ ভাৰতবৰ্ষৰ সকলো ঠাইৰে, সকলো সমাজৰে সমস্যা, সকলো নাৰী জীৱনৰ কাহিনীৰে অনুৰণন। উদয়ভানু, ভুবনমোহন, ভালচন্দ্ৰ, মাণিক হাজৰিকা, মহীকান্ত বৰুৱা, কমলাকান্তৰ দৰে শিক্ষিত তথা মধ্যবিত্ত মানসিকতাৰ মানুহৰ চিত্ৰ ভাৰতৰ সকলো ঠাইৰ সমাজতে দেখা যায়। সমাজ জীৱনৰ যি চিত্ৰ প্রেমচন্দ আৰু বিৰিঞ্চি কুমাৰ বৰুৱাই উপন্যাস দুখনত আঁকিছে, সেই চিত্ৰ ভাৰতীয় সমাজখনৰ সামগ্রিক চিত্ৰ। নিৰ্মলা আৰু তগৰৰ জীৱনৰ দুখ বেদনা, সেই সময়ৰ ভাৰতবৰ্ষৰ সকলো নাৰীৰে জীৱনৰ দুঃখ বেদনাৰ প্ৰতিফলন।
১৯। উকীল তোতাৰামৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ ফহিয়াই দেখুওৱা?
উত্তৰঃ চৰিত্ৰ উপন্যাসৰ এটি অপৰিহাৰ্য উপাদান। চৰিত্ৰই উপন্যাসৰ কাহিনীভাগক সঞ্জীৱিত আৰু গতিশীল কৰি তোলে। প্রেমচন্দৰ নিৰ্মলা’ উপন্যাখনত কেইবাটাও গুৰুত্বপূর্ণ চৰিত্ৰ আছে। উপন্যাসখনত চিত্ৰিত হোৱা বহুবোৰ চৰিত্ৰৰ ভিতৰত তোতাৰাম এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ। তোতাৰাম বৃত্তিত উকীল আৰু ইতিমধ্যে তিনিটা সন্তানৰ পিতৃ যদিও আনহীয়া চল্লীশোর্ধ বয়সত তেওঁ পুনৰাই দ্বিতীয় বিবাহ কৰাবলৈ সক্ষম হৈছে। তোতাৰাম কৃপন হ’লেও নববিবাহিতা পত্নী নির্মলাক সন্তুষ্ট কৰিবৰ বাবে মুক্তহস্তে খৰচ কৰিছিল। নিজৰ শাৰীৰিক আকৰ্ষণৰ আধৰুৱাখিনি তেওঁ অত্যাধিক টকা-পইচাৰ যোগেদি পূৰণ কৰিব বিচাৰে। কিন্তু নিৰ্মলা টাকা-পইচাৰে সুখী হোৱা বিধৰ ছোৱালী নাছিল। তেওঁৰ মনত অতৃপ্ত আকাংক্ষাসমূহ পূৰণত তোতাৰাম সফল হ’ব পৰা নাছিল।
বিবাহৰ পূৰ্বতে তোতাৰামে ল’ৰা কেইটাক অত্যাধিক মৰম কৰিছিল। কিন্তু দাম্পত্য প্ৰেমত অতৃপ্ত নির্মলাই যেতিয়া ল’ৰাকেইটাক মাতৃসুলভ নিস্বার্থ মৰমেৰে আকোঁৱালি লৈছিল, তেতিয়াই বিলাসত মত্ত তোতাৰামৰ মনত সন্দেহে ঠাই পাইছিল আৰু তেওঁ যিমানেই নিৰ্মলাক নিজৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰিছিল, সিমানেই নিৰ্মলা তেওঁৰ কাষৰ পৰা আঁতৰি গৈছিল। নিৰ্মলাৰ বিয়াৰ পিছত ঔপন্যাসিকে তোতাৰামৰ যি চৰিত্ৰ প্ৰস্তুত কৰিছে, সেয়া মানৱীয় গুণৰাহত। সিয়াৰামে গৃহত্যাগ কৰাৰ আগলৈকে তেওঁৰ চৰিত্ৰত স্বাৰ্থপৰ ভাৱনাৰ পৰিৱৰ্তে কোনো স্নগ্ধ সুকুমাৰ অনুভূতিৰ পৰিস্ফুৰণ দেখা নাযায়।
মাতৃৰ পৰা বঞ্চিত মনসাৰামে নিৰ্মলাৰ বাৎসল্য স্নেহৰ অধিকাৰী হৈছিল। সৰল, শান্ত আৰু নিষ্কলুষ অন্তৰৰ বুদ্ধিমান যুৱক মনসাৰাম পঢ়া-শুনাতো ভাল আছিল। কিন্তু আত্মমর্যাদা সম্পর্কে সচেতন মনসাৰামৰ ওপৰত যেতিয়াই তোতাৰামে সন্দেহ কৰিবলৈ ধৰিলে তেতিয়াই তাৰ মন বিদ্ৰোহী হৈ উঠিল। কোনো কাৰণ নোহোৱাকৈয়ে তোতাৰামে তেওঁক দোষাৰোপ কৰি হোষ্টেলত থাকিবলৈ দিয়াত মনসাৰামে মনত শান্তি পোৱা নাছিল আৰু সেয়ে অপমান, তিৰষ্কাৰ সহ্য কৰিব নোৱাৰি নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে চেষ্টা কৰিছিল। শেষত মনসাৰামে জ্বৰত ভুগিছিল আৰু তোতাৰামে ঘৰলৈ আনাৰ পৰিৱৰ্তে হস্পিতালত ৰখাৰ ব্যৱস্থা কৰিছিল যদিও চিকিৎসা নিষ্ফল হৈ মনসাৰামে মৃত্যুক আকোঁৱালি লৈছিল। পিতৃৰ অহেতুক শংকাৰ বাবেই এই নিৰ্মল চৰিত্ৰৰ মাতৃহাৰা সন্তানটিৰ মৃত্যু হৈছিল। ওপৰত উল্লেখিত আলোচনাৰ আধাৰত ক’ব পাৰি যে তোতাৰাম চৰিত্ৰটোত কিছু পৰিমাণে নিষ্ঠুৰতা, ঠেক মনৰ অধিকাৰী এটি চৰিত্ৰ।
২০। প্রেমাচন্দৰ ‘নিৰ্মলা’ উপন্যাসখনৰ নিৰ্মলা চৰিত্ৰটিৰ বিষয়ে চমুকৈ লিখা?
উত্তৰঃ ‘নির্মলা’ উপন্যাসৰ নাৰী চৰিত্ৰসমূহৰ ভিতৰত ‘নিৰ্মলা’ চৰিত্ৰটি অতি আকর্ষণীয় চৰিত্ৰ। এই চৰিত্ৰটি আকর্ষণীয় আৰু ব্যক্তিত্বসম্পন্ন নাৰী চৰিত্ৰ।
নির্মলা উপন্যাসত ঔপন্যাসিকে প্রয়োজনবোধে নাৰী চৰিত্ৰৰ মনোবৈজ্ঞানিক দিশত দৃষ্টি নিক্ষেপ কৰিছে আৰু উপন্যাসখনিৰ কাহিনীভাগৰ বিস্তাৰো ঘটিছেনাৰীমনস্তত্বৰ ওপৰত ভিত্তি কৰিয়েই।
নাৰী মনৰ অতৃপ্ত কামনাৰ চিত্ৰ অংকনত তেওঁ বিশেষ কৌশলৰ সহায় লোৱা দেখা যায়। ‘নিৰ্মলা’ উপন্যাসখনৰ মূল নায়িকা। তেওঁৰ চৰিত্ৰৰ মনকৰিবলগীয়া বৈশিষ্ট্য হ’ল— প্ৰেম আৰু কৰ্তব্যৰ প্ৰতি অধিক সচেতনতা আৰু দ্বিতীয়তে সহনশীলা আৰু অধিক ধৈর্যশীল।
প্ৰথমতে যেতিয়া নিৰ্মলাৰ ঘৰত বিয়াৰ কথাবার্তা চলিছিল তেতিয়া তেওঁ বিশেষ আগ্রহ প্রকাশ কৰিছিল যদিও বাবু তোতাৰামৰ সৈতে তেওঁৰ বিবাহ নিশ্চিত হোৱাৰ পিছত তেওঁৰ মানসিক স্থিতিৰ পৰিৱৰ্তন ঘটিছিল। নিজৰ বিয়াৰ কথা শুনি আনন্দ অনুভৱ কৰাৰ পৰিৱৰ্তে তাই গহীন হৈ পৰিছিল। বাবু তোতাৰামৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছৰ পৰাই তেওঁ সহধর্মিনী হিচাপে ঘৰুৱা সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰিছে যদিও পত্নীত্বৰ ধৰ্ম পালন কৰিব পৰা নাই। কাৰণ স্বামীৰ প্ৰতি তেওঁ কোনোধৰণৰ আকৰ্ষণ অনুভৱ কৰা নাই। নিৰ্মলাক সুখী কৰিবল বাবে বাবু তোতাৰামে অত্যাধিক খৰচ কৰিছে যদিও নিৰ্মলা প্ৰকৃততে সুখী হ’ব পৰা নাই। বাস্তৱতে এক অতৃপ্ত নাৰী হৃদয় কেনেদৰে মাতৃ হৃদয়লৈ পৰিৱৰ্তন হ’ব পাৰে, তাৰ প্ৰত্যক্ষ উদাহৰণ হ’ল নিৰ্মলাৰ চৰিত্ৰ। ল’ৰা-ছোৱালীৰ প্ৰতি তেওঁৰ মৰম আছিল অতি পৱিত্ৰ আৰু এয়েই আছিল তেওঁৰ পতিৰ সদেহৰ ঘাই কাৰণ।
নিৰ্মলা আছিল সহনশীলতাৰ মূৰ্ত প্ৰতীক। তেওঁ মনসাৰামৰ ওপৰত সৃষ্ট সন্দেহক এইবাবেই জীয়াই ৰাখিব বিচাৰিছিল যে স্পষ্টীকৰণ দিবলৈ গ’লে অথবা মনসাৰামৰ পক্ষ ল’বলৈ গ’লে গিৰিয়েকৰ সন্দেহ আৰু বাঢ়ি যাব। ৰুক্মিণীৰ সমালোচনাৰো তেওঁ কোনোদিন প্ৰতিবাদ কৰা নাছিল। মনসাৰামৰ মৃত্যুত গভীৰ দুখ পালেও তেওঁ সেই দুখ চেপি ৰাখিছিল যাতে পতিৰ সন্দেহ বৃদ্ধি নহয়। নানা ধৰণৰ ঘাত-প্রতিঘাতৰ মাজেৰে জীৱনৰ কঠোৰ বাস্তৱৰ মুখামুখি হোৱা ‘নিৰ্মলা’ই নিজকে এগৰাকী আকৰ্ষণীয় আৰু ব্যক্তিত্বসম্পন্ন নাৰীৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
২১। প্রেমচন্দৰে ৰচিত ‘নিৰ্মলা’ উপন্যাসখনিৰ প্ৰধান সমস্যাসমূহৰ উল্লেখ কৰি এটি পর্যালোচনা আগবঢ়োৱা?
উত্তৰঃ ঔপন্যাসিকে প্ৰধানকৈ ‘নিৰ্মলা’ উপন্যাসখনত যৌতুক প্ৰথা আৰু অমিল বিবাহৰ দৰে সমস্যাৰ চিত্ৰ অংকণ কৰি মধ্যবিত্ত সমাজৰ পাৰিবাৰিক আৰু সামাজিক দিশটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে। মানুহৰ সংকুচিত প্ৰবৃত্তি, অর্থনৈতিক পৰাধীনতা, সংকীর্ণ দৃষ্টিভংগী আদি বিভিন্ন সমস্যাবোৰ উপন্যাসখনত প্রেমচন্দই অতি কুশলতাৰে চিত্ৰিত কৰিছে। নিৰ্মলা উপন্যাসখনত কোনো ৰাজনৈতিক সমস্যাৰ পৰিৱৰ্তে এটি সামাজিক সমস্যাকহে প্রাধান্য দিয়া দেখা যায়।
বাবু উদয়ভানু আৰু তেওঁৰ পত্নী কল্যাণীৰ সন্তান চাৰিটা— নিৰ্মলা, কৃষ্ণা, চন্দ্ৰভানু আৰু সূৰ্যতানু। উদয়ভানুৰ মৃত্যুত ঘৈণীয়েক কল্যানীয়ে নিজকে অতি দুৰ্ভগীয়া বুলি অনুভৱ কৰিছে আৰু তেওঁৰ বাবেই তেওঁৰ স্বামীৰ মৃত্যু হোৱা বুলি অনুতাপ কৰিছে। গোটেই সংসাৰখনৰ দায়িত্ব এতিয়া তেওঁৰ ওপৰত। গতিকে তেওঁ নিৰ্মলাৰ বিয়াখন কোনো কাৰণতে পিছুৱাৰ বিচৰা নাই। মোটেৰাম নামৰ পুৰোহিতজনৰ হাতত এই দুখজনক সংবাদৰ লগতে পূৰ্বৰ নিবন্ধ মতেই বিবাহ হ’ব বুলি জনাই তেওঁ ভালচন্দ্ৰৰ পৰিয়াললৈ পত্ৰ পঠিয়াইছে। কিন্তু ব্যৱসায়িক মনোভাবৰ ভালচাই পিতৃ বিয়োগৰ লগে লগে ধনহীন হৈ পৰা এই পৰিয়ালটোৰ লগত সম্পৰ্ক কৰিবলৈ অমান্তি হৈছে। বাহিৰত তেওঁ যৌতুকৰ বিৰোধিতা কৰিলেও মূল কথা যে যৌতুক সেইটো ঔপন্যাসিকে স্পষ্ট ৰূপত দেখুৱাইছে। তেওঁৰ পত্নী ৰঙিলীবাই অৱশ্যে কল্যাণীৰ চিঠিখন পঢ়াৰ পিছত মৰ্মাহত হৈছে আৰু নিৰ্মলাৰ লগত বিবাহৰ বাবে ভালচন্দ্ৰৰ লগত ভালেমান তৰ্ক- বিতৰ্ক কৰিছে। কিন্তু বিবাহৰ পাত্ৰ ভুবনমোহনেও আহি দেউতাকৰ লগতে সহমত প্রকাশ কৰিছে আৰু যৌতুক নোপোৱা ঠাইত কোনোপধ্যেই বিয়া নকৰাই বুলি জনাইছে। উচ্চ শিক্ষিত মধ্যবিত্তক উচ্চাকাংক্ষাই কেনেদৰে আদৰ্শহীন কৰি তুলিছে তাৰ এক জ্বলন্ত উদাহৰণ ভবনমোহন।
তোতাৰামৰ ডাঙৰ পুত্ৰ মনসাৰামৰ চিকিৎসাৰ প্ৰসংগতে আমাৰ পৰিচয় হ’ল— তেওঁৰ চিকিৎসাৰ দায়িত্বত থকা ডাঃ সিনহা আৰু তেওঁৰ পত্নী সুধাৰ লগত। সুধাৰ লগত নিৰ্মলাৰ
পৰিচয় ঘনিষ্ঠ হোৱাৰ পিছতে এই কথাও স্পষ্ট হৈ পৰিল যে যৌতুকৰ লোভত নিৰ্মলাক বিয়া নকৰোৱাৰ সেই উচ্চাকাংক্ষী পুৰুষজনেই হ’ল— ডাঃ সিনহা।
উপন্যাসখনৰ ৰচনাৰ সময়ছোৱাই হ’ল ভাৰতবৰ্ষৰ সমাজ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ সময়। ভাৰতীয় সমাজক গ্ৰাস কৰা যৌতুক প্রথা, অমিল বিবাহ বা আন মিল বিবাহ, নাৰীৰ স্বাধিকাৰ আদিয়ে সৃষ্টি কৰা সমস্যাৰাজিৰ আধাৰতে উপন্যাসখনৰ কথাবস্তু নিৰ্মিত। কিন্তু লেখকে কাহিনীৰ এনেদৰে বিস্তাৰ কৰিছে যে সি অকল সমস্যাক প্ৰতিফলিত কৰাই নহয়, এই সমস্যাবোৰে জন্ম দিয়া বিভিন্ন পার্শ্ব প্রতিক্রিয়াবোৰ সম্পর্কেও আমাক সজাগ কৰি তুলিছে। নাৰীক সম্পূর্ণৰূপে পুৰুষৰ দাস বুলি ভবা ধাৰণাটোৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি হোৱাত উদয়ভানু ক্ষুণ্ণ হৈ পৰিছে আৰু ক্ষুণ্ণতাই তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিছে। তেওঁৰ মৃত্যুৱে আকৌ ‘নিৰ্মলা’ৰ বিয়াৰ ক্ষেত্ৰতেই সমস্যাৰ সৃষ্টি কৰা নাই, কল্যাণীকো চিৰদিন অনুশোচনাত দগ্ধ কৰিছে। তাই কোনো মাৰাত্মক ভুল কৰা নাই, কিন্তু সমসাময়িক সমাজত অনুশোচনা কৰাত বাবে তাইৰ গত্যন্তৰ নাই। এই গোটেই সমস্যাটোৱে আমাক উপন্যাসৰ মূল সমস্যা যৌতুক প্রথাৰ দানৱীয় ৰূপটোৰ লগত পৰিচয় কৰাই দিছে যাৰ অনিবার্য ফলশ্ৰুতি হ’ল অমিল বিবাহ।
এই বিবাহে সৌন্দৰ্য-সুমাৰে ভৰা ‘নিৰ্মলা’ৰ বাসনাক অতৃপ্ত কৰি তুলিছে। এনে অতৃপ্তিয়ে নির্মলাক অইন পথ ল’বলৈ আগ্ৰহী কৰিব পাৰিলেহেঁতেন, কিন্তু সমসাময়িক সময়ত নাৰীৰ বাবে ইমান দূৰ আগুৱাই যোৱা সম্ভৱ নহয়। সেইবাবেই তাই এই অতৃপ্তিৰ দহন সহ্য কৰি প্ৰচলিত সমাজ-ব্যৱস্থাৰ মাজত জীৱনটো পৰিচালিত কৰিব বিচাৰিছে। নিৰ্মলাৰ এই আত্মসমর্পণ দেখাত নিৰ্মলাৰ পৰাজয় যেন লাগিলেও ই ব্যৱস্থাৰ বিপৰীতে এক মৌন প্রতিবাদ। এই পৰিস্থিতিয়ে মনসাৰামৰ কৰুণ মৃত্যুৰ সন্মুখলৈ আমাক লৈ গৈছে, যিটোৱে আকৌ জন্ম দিছে আন এক গুৰুত্বপূৰ্ণ সমস্যাৰ। নিৰ্মলাৰ নতুনকৈ সুধাৰ ঘৰখনৰ লগত সম্পৰ্ক হৈছে। সুধাৰ স্বামী ডাঃ ভুৱনমোহনেই যৌতুক নাগাব বুলি এটা সময়ত নিৰ্মলাক প্ৰত্যাখান কৰিছিল। এতিয়া নিৰ্মলাৰ বৃদ্ধ স্বামীয়েও ঘৰ এৰি যোৱাত অসহায় নিৰ্মলাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ডাক্তৰে অপচেষ্টা চলাইছে। নির্মলা নহৈ অইন এগৰাকী নাৰী হোৱা হ’লে হয়তো ডাক্তৰে এই সাহস নাপালেহেঁতেন। গতিকে ইয়ো এক নিৰ্মলাৰ জীৱনৰ লগতে জড়িত এক সমস্যা। মুঠতে উপন্যাসখনত ঔপন্যাসিকে তদানীন্তন সমাজৰ বহুবোৰ সমস্যা দাঙি ধৰিছে। উপন্যাসখনত ভালচন্দ্ৰৰ মাজেৰে নতুনকৈ গঢ় লৈ উঠা সমাজখনত দুৰ্নীতি আৰু ভণ্ডামি কেনেদৰে সোমাই তাৰো চিত্ৰ অংকন কৰা হৈছে।
সাময়িকভাৱে উপন্যাসখনে আমাৰ সমাজৰ নিষ্ঠুৰ বাস্তৱতাৰ চিত্ৰ অংকন কৰাত সফলতা লাভ কৰিছে। ভাৰতীয় উপন্যাস সাহিত্যৰ আলোচনাত ‘নিৰ্মলা’ উপন্যাসখন এইবাবেই গুৰুত্বপূৰ্ণ কাৰণ “নির্মলা’ত প্ৰতিফলিত সমাজ আৰু সমস্যা ভাৰতবৰ্ষৰ সকলো ঠাইৰে গুৰুত্বপূৰ্ণ সমস্যা। এগৰাকী কম বয়সীয়া নাৰী নিৰ্মলাৰ জীৱনৰ দুঃখময় পৰিক্ৰমাই হৈছে এই উপন্যাসখনৰ মূল কাহিনী। নির্মলাক কেন্দ্ৰ কৰি ঔপন্যাসিকে ভাৰতীয় সমাজ ব্যৱস্থাৰ এক জ্বলন্ত সমস্যা দাঙি ধৰিছে।