Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Question Answer can be of great value to excel in the examination.
Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য
Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য Notes cover all the exercise questions in UGC Syllabus. The Tulonamulak Sahitya Padhoti Aru Proyug Unit 3 ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
২২। প্রেমচন্দৰ চমু পৰিচয় দাঙি ধৰাঃ
উত্তৰঃ প্রেমচন্দৰ প্ৰকৃত নাম— মুন্সী ধনপত ৰায়। ১৮৮০ চনৰ ৩১ জুলাইত উত্তৰ প্ৰদেশৰ লইমী গাৱৰ এটি দৰিদ্ৰ পৰিয়ালত প্রেমচন্দই জন্মগ্ৰহণ কৰে। আৰ্থিক দুৰৱস্থাৰ বাবেই অকালতে তেওঁ পঢ়া-শুনা বাদ দি শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰে আৰু পিছত নিজৰ বুদ্ধি, প্ৰতিভা আৰু অধ্যৱসায়ৰ বলত ব্যক্তিগতভাবে স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিনৰ বাবে বিদ্যালয়ৰ পৰিদৰ্শক হিচাপে নিযুক্ত হয়। স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত চাকৰি ইস্তাফা দি স্বাধীনভাৱে অধ্যয়ন আৰু লিখা-মেলাৰ মাজেনি জীৱন অতিবাহিত কৰে। তেওঁ বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ ভাৰতীয় উপন্যাসৰ এগৰাকী প্রতিবদ্বন্দ্বী কলাকাৰ আৰু সাহিত্য নিৰ্মাতা। ১৯০১ চনত সাহিত্যিক জীৱন আৰম্ভ কৰা দুখন উর্দু উপন্যাসকে ধৰি অসম্পূৰ্ণ অৱস্থাত এৰি যোৱা ‘মংগলসূত্র’ লৈ মুঠ ১৫ খন উপন্যাস ৰচনা কৰে। প্রেমচন্দই সাহিত্যক জীৱনৰ ব্যাখ্যা তথা আলোচনা বুলি ভাবে আৰু উপন্যাসক ‘মানৱ জীৱনৰ চিত্ৰ’ বুলি বিবেচনা কৰে। তেওঁৰ উর্দু ভাষাত ৰচিত উপন্যাস দুখন হ’ল— অসৰাৰে মআবিদ আৰু ৰুঠী-ৰাণী।
অন্যান্য উপন্যাসসমূহৰ ভিতৰত— সেৱাসনন, প্রেমাশ্রম, নির্মলা, সেৱা শ্ৰম, ৰংগভূমি, গবন, কর্মভূমি, কায়াকল্প, গোদান, প্রতিজ্ঞা, বৰদান আদিয়েই প্রধান। সার্বভৌম মানৱত্বৰ সন্ধান আৰু উদাৰ দৃষ্টিভংগীৰ বাবে তেওঁৰ উপন্যাসে আঞ্চলিক সীমাবদ্ধতা অতিক্ৰম কৰি বিশ্বজনীন ৰূপ লাভ কৰিছে।
২৩। ‘নিৰ্মলা’ উপন্যাসৰ পুৰুষ চৰিত্ৰকেইটা বিশ্লেষণ কৰা।
উত্তৰঃ ‘নিৰ্মলা’ উপন্যাসৰ পুৰুষ চৰিত্ৰকেইটাৰ বিশ্লেষণ তলত আগবঢ়োবা হ’ল—
পুৰুষ চৰিত্ৰৰ ভিতৰত উদয়াভানুলাল সহজ-সৰল, নির্মোহ আৰু পুৰুষোচিত গৰ্বেৰে পৰিপূৰ্ণ। সেইবাবেই তেওঁ পৰিয়ালত নিজৰ বিশেষাধিকাৰ বিচাৰে। কিন্তু, নাৰী মনস্তত্ত্ব সম্পর্কে অজ্ঞতা আৰু অতিশয় গর্ববোধে তেওঁৰ জীৱনলৈ কাৰণ্য নমাই আনিছে। কল্যাণীৰ সৈতে তেওঁ সংঘৰ্ষত লিপ্ত হৈছে আৰু অন্যায়ভাৱে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ গৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি লৈছে।
ভালচন্দ্ৰ স্থূল শৰীৰৰ, কৃষ্ণ বৰ্ণৰ বৃত্তিধাৰী চৰকাৰী বিষয়া। তেওঁ ঘোচ খোৱা আৰু নিচা সেৱনত অভ্যস্ত। তেওঁ স্বাৰ্থপৰ, সুবিধাবাদী, বিশ্বাসঘাতক আৰু দুতলীয়া মনোবৃত্তিৰ । উদয়ভানুলালৰ মৃত্যুৰ বাতৰি শুনি তেওঁ মিছা সহানুভুতি প্ৰদৰ্শন কৰিছে আৰু নিজৰ অৰ্থলিপ্সা লুকুৱাৰ বাবে উদয়ভানুলালৰ মৃত্যুৰ অজুহাতত তেওঁ পূৰ্বৰ বিবাহৰ সিদ্ধান্ত বাতিল কৰিছে। তেওঁ ইমানেই ধূর্ত যে তেওঁৰ কথা নিজৰ পত্নীয়েও বিশ্বাস কৰিবলৈ টান পায়। সেইবাবেই ৰঙ্গিলী বায়ে এঠাইত কৈছে— “ম্যেঁ তুম্হাৰা বাত জানতী হুাঁ। তুম সমঝতী হোগী মৈনে ইসে চক্মা দিয়া, ম্যেঁ তুম্হাৰী চালোঁ কো সমঝতী হ্যঁ।”
ভালচন্দ্ৰ চৰিত্ৰৰ মাধ্যমেদি ঔপন্যাসিকে সমাজত নতুনকৈ বিস্তাৰ লাভ কৰা দুৰ্নীতি, অর্থলিপ্সা, উৎকোচৰ প্ৰতি লালসা আদিৰ চিত্ৰ অংকন কৰি সমসাময়িক প্ৰশাসনীয় ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দেখুৱাইছে। আবকাৰী বিভাগৰ ঘোচখোৰ বিষয়া ভালচন্দ্ৰই কেৱল তেওঁক সন্তুষ্ট কৰি ৰাখিলেই আইন-কানুন সকলো সন্তুষ্ট হৈ থাকিব বুলি ধাৰণা কৰে।
তোতাৰাম বৃত্তি উকীল আৰু ইতিমধ্যে তিনিটা সন্তানৰ পিতৃ যদিও আদহীয়া চল্লিশোর্ধ বয়সত তেওঁ পুনৰাই দ্বিতীয় বিবাহ কৰাবলৈ সক্ষম হৈছে। তোতাৰাম কৃপণ হ’লেও নৱবিবাহিতা পত্নী নির্মলাক সন্তুষ্ট কৰিবৰ বাবে মুক্তহস্তে খৰচ কৰিবলৈ লৈছে। নিজৰ শাৰীৰিক আকৰ্ষণৰ আধৰুৱাখিনি তেওঁ অত্যাধিক টকা-পইচাৰ যোগেদি পূৰণ কৰিব বিচাৰে। কিন্তু, নির্মলা টকা-পইচাৰে সুখী হোৱা বিষৰ ছোৱালী নাছিল। তেওঁৰ মনৰ অতৃপ্ত আকাংক্ষাসমূহ পূৰণত তোতাৰাম সফল হ’ব পৰা নাছিল।
বিবাহৰ পূৰ্বতে তোতাৰামে ল’ৰাকেইটাক অত্যাধিক মৰম কৰিছিল। কিন্তু, দাম্পত্য প্রেমত অতৃপ্ত নির্মলাই যেতিয়া ল’ৰাকেইটাক মাতৃসুলভ নিস্বাৰ্থ মৰমেৰে আঁকোৱালি লৈছিল, তেতিয়াই বিলাসত মত্ত তোতাৰামৰ মনত সন্দেহে ঠাই পাইছিল আৰু তেওঁ যিমানেই নিৰ্মলাক নিজৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰিছিল, সিমানেই নিৰ্মলা তেওঁৰ কাষৰ পৰা আঁতৰি গৈছিল ।
নিৰ্মলাৰ বিয়াৰ পিছত ঔপন্যাসিকে তোতাৰামৰ যি চৰিত্ৰ প্ৰস্তুত কৰিছে, সেয়া মানবীয় গুণৰহিত। সিয়াৰামে গৃহত্যাগ কৰাৰ আগলৈকে তেওঁৰ চৰিত্ৰত স্বাৰ্থপৰ ভাৱনাৰ পৰিৱৰ্তে কোনো স্নিগ্ধ সুকুমাৰ অনুভূতিৰ পৰিস্ফুৰণ দেখা নাযায়।
মাতৃস্নেহৰ পৰা বঞ্চিত মনসাৰামে নিৰ্মলাৰ বাৎসল্য স্নেহৰ অধিকাৰী হৈছিল। সৰল, শান্ত আৰু নিষ্কলুষ অন্তৰৰ বুদ্ধিমান যুৱক মনসাৰাম পঢ়া-শুনাতো ভাল আছিল। কিন্তু আত্মমর্যদা সম্পর্কে সচেতন মনসাৰামৰ ওপৰত যেতিয়াই তোতাৰামে সন্দেহ কৰিবলৈ ধৰিলে তেতিয়াই তাৰ মন বিদ্ৰোহী হৈ উঠিল। কোনো কাৰণ নোহোৱাকৈয়ে তোতাৰামে তেওঁক দোষাৰোপ কৰি হোষ্টেলত থাকিবলৈ দিয়াত মনসাৰামে মনত শাস্তি পোৱা নাছিল আৰু সেয়ে অপমান, তিৰস্কাৰ সহ্য কৰিব নোৱাৰি নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে চেষ্টা কৰিছিল। শেষত মনসাৰামে জ্বৰত ভুগিছিল আৰু তোতাৰামে ঘৰলৈ অনাৰ পৰিৱৰ্তে হস্পিটেলত ৰখাৰ ব্যৱস্থা কৰিছিল যদিও চিকিৎসা নিষ্ফল হৈ মনসাৰামে মৃত্যুক আঁকোৱালি লৈছিল। পিতৃৰ অহেতুক শংকাৰ বাবেই এই নির্মল চৰিত্ৰৰ মাতৃহাৰা সন্তানটিৰ মৃত্যু হৈছিল।
২৪। “নির্মলা” উপন্যাসখনিৰ কাহিনীভাগৰ বিস্তাৰ ঘটিছে নাৰী মনস্তত্ত্বৰ ওপৰত ভিত্তি কৰিয়েই”। – কথাষাৰৰ ওপৰত ভিত্তি কৰি উপন্যাসখনৰ নাৰী চৰিত্ৰকেইটা ব্যাখ্যা কৰা?
উত্তৰঃ ‘নির্মলা’ উপন্যাসত ঔপন্যাসিকে প্রয়োজনবোধে নাৰী চৰিত্ৰৰ মনোবৈজ্ঞানিক দিশত দৃষ্টি নিক্ষেপ কৰিছে আৰু উপন্যাসখনিৰ কাহিনীভাগৰ বিস্তাৰো ঘটিছে নাৰী মনস্তত্ত্বৰ ওপৰত ভিত্তি কৰিয়েই।
নাৰী মনৰ অতৃপ্ত কামনাৰ চিত্ৰ অঙ্কনত তেওঁ বিশেষ কৌশলৰ সহায় লোৱা দেখা যায়। কল্যাণী আৰু সুধাক তেওঁ নতুন যুগৰ নাৰীৰ প্ৰতিৰূপ ৰূপে গঢ়ি তোলাৰ চেষ্টা কৰিছে। কল্যাণী, ৰঙ্গিলীবাই আৰু সুধাৰ চৰিত্ৰত নাৰীৰ স্বাধিকাৰ সম্পৰ্কে সজাগতাৰ পৰিচয় পোৱা যায়। সেইবাবেই পৰম্পৰাগত সমাজৰ বিধিবদ্ধ নিয়ম-কানুনক অকাতৰে স্বীকাৰ কৰাৰ পৰিৱৰ্তে নাৰীৰ স্বাধিকাৰৰ সম্পৰ্কীয় দিশবোৰত উক্ত চৰিত্ৰ কেইটিয়ে সৰৱ ভূমিকা গ্ৰহণ কৰিছে। এনে সজাগতাৰ বাবেই যৌতুকৰ লোভত ভালচন্দ্ৰই নির্মলাৰ লগত হ’বলগীয়া বিয়াখন ভাঙি দিয়াৰ সৰৱ প্ৰতিবাদ কৰিছে ৰঙ্গিলীবাইয়ে। অনুৰূপভাৱে কল্যাণীয়েও স্বামী উদয়ভানুলালৰ সৈতে তৰ্কত লিপ্ত হৈছে। নিজৰ কামনা চৰিতাৰ্থ কৰিবলৈ গৈ তিৰস্কৃত হৈ আত্মহত্যাৰ পথ বাছি লোৱা ভুবনমোহন সিনহাৰ বিষয়ে মন্তব্য আগবঢ়াই সুধাই কৈছে যে তেওঁ দাম্পত্য জীৱনৰ এই সৌভাগ্যতকৈ বৈধবাকে ভাল’ বুলি ভাবে। মনৰ অসন্তোষৰ বাবেই সুধাই অবাঞ্ছিত সাংসাৰিক বন্ধনৰ পৰা মুক্তি পাব বিচাৰিছে।
নিৰ্মলা উপন্যাসখনৰ নায়িকা। তেওঁৰ চৰিত্ৰৰ মনকৰিবলগীয়া বৈশিষ্ট্য হ’ল— প্ৰথমতে, প্ৰেম আৰু কৰ্তব্যৰ প্ৰতি অধিক সচেতনতা আৰু দ্বিতীয়তে সহনশীল আৰু অধিক ধৈর্যশীল।
প্ৰথমতে যেতিয়া নিৰ্মলাৰ ঘৰত বিয়াৰ কথাবার্তা চলিছিল তেতিয়া তেওঁ বিশেষ আগ্রহ প্রকাশ কৰিছিল যদিও বাবু তোতাৰামৰ সৈতে তেওঁৰ বিবাহ নিশ্চিত হোৱাৰ পিছত তেওঁৰ মানসিক স্থিতিৰ পৰিৱৰ্তন ঘটিছিল। নিজৰ বিয়াৰ কথা শুনি আনন্দ অনুভৱ কৰাৰ পৰিবৰ্তে তাই গহীন হৈ পৰিছিল। বাবু তোতাৰামৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰ পৰাই তেওঁ সহধর্মিণী হিচাপে ঘৰুৱা সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰিছে যদিও পত্নীত্বৰ ধৰ্ম পালন কৰিব পৰা নাই । কাৰণ স্বামীৰ প্ৰতি তেওঁ কোনোধৰণৰ আকৰ্ষণ অনুভৱ কৰা নাই। নিৰ্মলাক সুখী কৰিবৰ বাবে বাবু তোতাৰামে অত্যধিক খৰচ কৰিছে যদিও নিৰ্মলা প্ৰকৃততে সুখী হ’ব পৰা নাই।
বাস্তৱতে এক অতৃপ্ত নাৰী হৃদয় কেনেদৰে মাতৃ হৃদয়লৈ পৰিবৰ্তন হ’ব পাৰে, তাৰ প্ৰত্যক্ষ উদাহৰণ হ’ল নিৰ্মলাৰ চৰিত্ৰ। ল’ৰা-ছোৱালীৰ প্ৰতি তেওঁৰ মৰম আছিল অতি পৱিত্ৰ আৰু এয়েই আছিল তেওঁৰ গতিৰ সন্দেহৰ ঘাই কাৰণ।
নিৰ্মলা আছিল সহনশীলতাৰ মূৰ্ত প্ৰতীক। তেওঁ মনসাৰামৰ ওপৰত সৃষ্ট সন্দেহক এইবাৰেই জীয়াই ৰাখিব বিচাৰিছিল যে স্পষ্টীকৰণ নিবলৈ গ’লে অথবা মনসাৰামৰ পক্ষ ল’বলৈ গ’লে গিৰিয়েকৰ সন্দেহ আৰু বাঢ়ি যায়। ৰুক্মিণীৰ সমালোচনাৰে তেওঁ কোনোদিন প্ৰতিবাদ কৰা নাছিল। মনসাৰামৰ মৃত্যুত গভীৰ দুখ পালেও তেওঁ সেই দুখ চেপি ৰাখিছিল যাতে পতিৰ সন্দেহ বৃদ্ধি নহয়।
নিৰ্মপাৰ ঘনিষ্ঠ বান্ধবী সুধা ডাক্তৰ ভুবনমোহন সিনহাৰ পত্নী আছিল। সুধা আৰু ভুৱনমোহনৰ বৈবাহিক জীৱন সুখৰ নাছিল। তেওঁলোক ভৌতিক দৃষ্টিত সুখী যদিও প্ৰকৃতাৰ্থত দুয়োৰে মনৰ মাজত স্বাভাবিক মিল নাছিল। সেইবাবেই তেওঁ ভূবনমোহনৰ সৈতে অবাঞ্ছিত সাংসাৰিক বন্ধনৰ পৰা মুক্তি বিচাৰিছিল।
সুধাৰ ব্যক্তিত্ব স্বতন্ত্ৰ, তেওঁ স্বাধীন চেতীয়া আৰু স্পষ্টবাদী। সুধাৰ হৃদয়খন স্নেহেৰে পৰিপূৰ্ণ আছিল আৰু নিৰ্মলাক তেওঁ গোপনে সহায়ো কৰিছিল।
২৫। ‘নির্মলা’ উপন্যাসখনত ঔপন্যাসিকে সমাজৰ চিত্ৰ কিদৰে অংকন কৰিছে?
উত্তৰঃ ‘নির্মলা’ উপন্যাসখনিত সমাজৰ মধ্যবিত্ত শ্ৰেণীটোৰ ফোপোলা স্বৰূপটো ভালচন্দ্ৰ, ভুৱনমোহন, উদয়ভানুলাল প্রভৃতি চৰিত্ৰৰ যোগেদি সাৰ্থক ৰূপত দাঙি ধৰা হৈছে। অর্থসর্বস্ব মানসিকতা, ভণ্ডামি আৰু প্ৰতাৰণাৰ লগতে আত্মপ্ৰতিষ্ঠাৰ অঘোষিত প্ৰতিযোগিতাই মধ্যবিত্ত শ্ৰেণীটোৰ স্বাৰ্থপৰতা আৰু সামাজিক দায়বদ্ধহীনতাৰ স্বৰূপ উদঙাই দেখুৱাইছে।
উদয়ভানুলালে ধাৰত পোত গৈ হ’লেও জীয়েকৰ বিয়াত অভ্যাগতক ভালদৰে আতিথ্য কৰিবৰ বাবে এমাহৰ আগৰ পৰাই প্ৰস্তুতি চলায়। সেয়ে পত্নী কল্যাণীৰ পৰামৰ্শক তেওঁ মৰ্যাদা হানিকৰ বুলি ভাবে। বাবু ভালচন্দ্ৰয়ো নিজৰ কাৰ্পণ্য ঢাকি ৰাখিবৰ বাবে আনৰ উপস্থিতিত একাধিক চাকৰৰ নাম উচ্চাৰণ কৰি চিঞৰ-বাখৰ কৰে যাতে মানুহে তেওঁৰ একাধিক চাকৰ আছে বুলি ভাবে। সেইবাবেই তেওঁ পুৰোহিত মোটোমক দহ টকা উপহাৰ দি নিজৰ সামাজিক প্রতিষ্ঠা জাহিৰ কৰিব খোজে।
আধুনিক শিক্ষাৰে শিক্ষিত হ’লেও নিজৰ অৰ্থলিপ্সা পূৰণ নহ’ব বুলিয়েই ভুবনমোহনে নিৰ্মলাৰ দৰে সুন্দৰী নাৰীৰ সৈতে হ’বলগীয়া বিবাহৰ সিদ্ধান্ত বাতিল কৰিছে। প্রেমচন্দ্ৰই এই সকলোবোৰে চৰিত্ৰৰ অন্তৰালত লুকাই থকা দানৱীয় ৰূপৰ চিত্ৰ অতি নগ্নভাৱে আমাৰ আগত দাঙি ধৰিছে। ভুবনমোহনে ভাবে যে ‘খীৰতী গাহৰ লাথিও ভাল।’ ধনে সকলো ধৰণৰ কুৰূপ ঢাকি ৰাখিব পাৰে। সেয়ে ধনীৰ ঘৰৰ ছোৱালী বিয়া কৰাই তেওঁ গালি শুনিও তৃপ্তি পাব বুলি তেওঁ ভাবে ।
যৌতুক প্ৰথাৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ উপন্যাসখনৰ আন এটি মনকৰিবলগীয়া বৈশিষ্ট্য। মধ্যবিত্ত সমাজৰ স্ব-বিৰোধী মানসিকতাৰ প্ৰতিফলন ঘটিছে ভালচন্দ্ৰৰ দৰে লোভী, অর্থলিপ্সু ব্যক্তিৰ মুখেদি যৌতুক ব্যৱস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰাত। তেওঁ কৈছে—
“বুৰা বিৰাজ হ্যায়। বেহদ বুৰা। মেৰা বস চলে তো দহেজ লেনেৱালে ঔৰ সহেজ সেনেৱালে দোনো হী কো গোলী মাৰ দুঁ। হাঁ সাহব, সাফnগোলী মান দুঁ। ফিৰ চাহে ফাঁচী হী কিউ ন হো জায়।”
অনুৰূপভাৱে সুধাৰ বক্তব্যৰ মাজেদিও মধ্যবিত্ত সমাজৰ চিন্তাধাৰাৰ সংকীৰ্ণতাৰ বিৰুদ্ধে প্রতিবাদী সুৰ ধ্বনিত হৈছে। তেওঁ কৈছে যে পুৰুষসকল আত্মবলত বলীয়ান হোৱা উচিত যাতে কোনো ক্ষেত্রতেই তেওঁলোকক বজাৰৰ পণ্য দ্ৰব্যৰ দৰে বিক্ৰী কৰিব পৰা নাযায়।
২৬। বেছগাহাল্লি ৰামানাৰ সাহিত্যিক পৰিচয় নিয়া?
উত্তৰঃ ডাঃ বেছগাহাল্লি ৰামানাৰ চুটিয়ে আৰু উপন্যাসে তেওঁক কন্নড় সাহিত্যত এক প্ৰচাৰিত নাম কৰি লৈছে। বৃত্তিৰে এজন চিকিৎসা বিষয়, তেওঁৰ এক সংবেদনশীল মন আৰু এক দয়ালু হৃদয় আছিল।
তেওঁ শিক্ষাৰ্থীৰ দিনৰ পৰা এজন অপৰিহাৰ্য পাঠক আছিল। তেওঁৰ পৰিয়াল আৰু তেওঁৰ আত্মীয়সকলৰ ভিতৰত চিকিৎসা ডিগ্রী লাভ কৰা প্ৰথম ব্যক্তি আছিল। প্রায় প্রতিটো বিষয়ত শক্তিশালী পছন্দ আৰু অপছন্দ থকা এজন পোনপটীয়া ব্যক্তি ড° বেছগাহাল্লি ৰামনাই কেৱল কন্নড় সাহিত্যত নহয়, তেওঁৰ বন্ধু আৰু আত্মীয়ৰ হৃদয়ত তেওঁৰ পদচিহ্ন এৰি গৈছিল। কিন্তু অন্ধ ব্যক্তিসকলৰ দৰে তেওঁৰ প্ৰতিজন সহযোগীয়ে তেওঁৰ ব্যক্তিত্বৰ মাত্ৰ এটা বা দুটা মাত্রা অনুভৱ কৰিছিল। এই বহুমুখী ব্যক্তিত্বৰ সকলো মাত্ৰা কিতাপ এখনত একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল ‘কানুগিনি’ নামেৰে। এইখন তেওঁৰ বন্ধু, আত্মীয় আৰু সহযোগীসকলে লিখা স্মৃতিৰ সংকলন। তেওঁৰ মৃত্যুৰ দহ বছৰ পিছত কিতাপখন উলিওৱা হৈছিল৷ ইয়াক ‘কানুনীনি’ (বন্য ভাটৌ) বুলি নাম দিয়া হৈছে। ড° ৰামানাই এইটো নাম আত্মজীবনীমূলক উপন্যাসৰ বাবে বাছনি কৰিছিল।
ৰামানা অজ্ঞেয়, কথা সুলভ, বন্ধুত্বপূর্ণ আছিল আৰু আনৰ ভাল চাবলৈ ভাল পোৱা গুণৰ মানুহ আছিল।
তেওঁ এজন উদাৰ আৰু অবিচ্ছেদ্য মানৱতাবাদৰ প্ৰতি প্রতিশ্রুতিবদ্ধ ব্যক্তি আছিল।
তেওঁ ব্যক্তিগত স্বাধীনতাৰ এজন প্ৰখৰ সমৰ্থক আছিল, তেওঁৰ সকলো গণতান্ত্রিক মূল্যবোধৰ
প্রতি এক শক্তিশালী প্ৰেম আছিল।
২৭। ‘গান্ধী’ গল্পটিৰ পৰা গল্পকাৰ ৰামানাৰ ব্যক্তিত্ব কিদৰে ফুটি উঠিছে লিখা?
উত্তৰঃ ‘গান্ধী’ গল্পত উদ্ধৃত দুটা ঘটনাই বৰ্ণনা কৰিছে যে তেওঁ কিমান নম্ৰ আৰু মানৱীয় আছিল – যেতিয়া তেওঁ কোডিয়ালা গাওঁৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কাম কৰি আছিল তেতিয়া এজনী দৰিদ্ৰ মহিলা তেওঁৰ যুৱ সন্তানৰ সৈতে চিকিৎসাৰ বাবে আহিছিল।
চিকিৎসকে ল’ৰাজনৰ মাকক সুধিলে, “ল’ৰা নাম কি?” তাই উত্তৰ দিছিল, “গান্ধী”। আচৰিত হৈ ড° ৰামানাই সুধিছিল যে এইটো প্ৰকৃত নাম নেকি? তাই নিশ্চিত কৰিছিল ল’ৰাৰ নাম গান্ধী।
চকুত চকুপানীৰে এক ৰোমাঞ্চিত দৃষ্টিভঙ্গীত ডঃ ৰামানাই ল’ৰাজনৰ কপালত চুমা দিছিল।
তেওঁ ল’ৰাজনক সহায়ৰ বাবে ফোন কৰিছিল। তেওঁ কিছু টকা পৰিশোধ কৰিছিল আৰু তেওঁৰ বাবে এযোৰ ভাল পোছাক তৈয়াৰ কৰিছিল।
দৰিদ্ৰ মাকজনী আচৰিত হৈছিল আৰু তাই তেওঁৰ ভৰিত পৰিবলৈ ওচৰলৈ আহিছিল।
তাইক ডঃ ৰামানাই কৈছিল, “মই তোমালোকৰ ভৰিত পৰিব লাগিব। এই দেশৰ কিমানজন লোকে তেওঁলোকৰ সন্তানৰ নাম গান্ধীৰ নামত ৰাখে আৰু সেই মহান ব্যক্তিজনক মনত ৰাখে। তুমি সঁচাই মহান। ড° ৰামানা আন চিকিৎসা বিষয়াসকলৰ বিপৰীতে, তেওঁৰ পি এইচ চিৰ অধীনত থকা প্ৰতিখন গাঁওৰ ভ্ৰমণ কৰিছিল আৰু গাঁও বাসীসকলক স্বাস্থ্যবান হৈ থাকিবলৈ গ্ৰহণ কৰিবলগা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে জ্ঞাত কৰিছিল। এনে এটা অনুষ্ঠানত তেওঁ তাদাগাবাদী গাঁও ভ্ৰমণ কৰিছিল। সেই গাঁওৰ পুখুৰীটো লেতেৰা আছিল আৰু মহৰ প্ৰজনন কেন্দ্ৰ হৈ পৰিছিল ৷
যেতিয়া তেওঁ পৰৱৰ্তী সময়ত গাঁওখন ভ্ৰমণ কৰিছিল, পুখুৰীটো তেতিয়াও অশুচি আছিল। তেওঁ গাঁওবাসীসকলক সোধা নাছিল যে ইয়াক কিয় পৰিষ্কাৰ কৰা হোৱা নাছিল।
তাৰ পৰিৱৰ্তে, তেওঁ তেওঁৰ সহায়কক প্ৰণালীবোৰ আনিবলৈ কৈছিল, ট্ৰাউজাৰ আৰু চাৰ্টটো খুলি নিজেই পুখুৰীটো পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলে। গাঁও বাসীসকলে ইয়াৰ দ্বাৰা লজ্জিত অনুভৱ কৰি লগে লগে পুখুৰীটো পৰিষ্কাৰ কৰিবলৈ দৌৰি গৈছিল। সেইজনেই আছিল ডাঃ ৰামানা।
গ্রন্থখনত এনে বহুতো ঘটনা আছে যিয়ে ড° বেছগাহাল্লি ৰামানাৰ প্ৰকৃত ব্যক্তিত্ব উন্মোচন কৰে।
২৮। ‘গান্ধী’ গল্পৰ কাহিনীভাগ নিজৰ ভাষাত লিখা?
উত্তৰঃ ‘গাজী’ গল্পৰ কাহিনীভাগ এনে ধৰণৰ—
গান্ধী নামৰ এজন সৰু ল’ৰা আছিল। তাৰ ঘৰত মাক আৰু ককাক আছিল। এটা সময়ত তাৰ ককাকে দেশৰ কাৰণে আন্দোলনত নামিছিল। গান্ধীজীৰ লগত কাম কৰি তেওঁ ইমানেই প্রভাৱিত হৈছিল যে তেওঁ নিজৰ নাতিয়েকৰ নামেই গান্ধী ৰাখিছিল। গান্ধীৰ ঘৰত সকলোৱে তাৰ বিচাৰধাৰা মতে চলিছিল। গান্ধীও খুবেই সাধাৰণ আৰু শান্ত স্বভাৱৰ ল’ৰা আছিল।
এদিন সি ওচৰৰে দোকান এখনৰ পৰা বস্তু আনিবলৈ গ’ল। তেতিয়া দোকানীয়ে তাক ঘূৰাই দিবলগীয়া টকাখিনি খুচুৰা নাই বুলি কৈ অন্য বস্তু দি নিয়ে।
গান্ধীয়ে বিদ্যালয়লৈ যাওঁতে এদিন তাক প্রধান শিক্ষকে ১৫ আগষ্টত গান্ধী হৈ সাজি আহিবলৈ কয়। সি ঘৰত গান্ধী হোৱাৰ অনুশীলন কৰিছিল। এইবোৰ দেখি তাৰ পৰিয়ালটো যথেষ্ট। প্ৰভাৱিত হৈছিল। ১৫ আগষ্টৰ দিনা মহাত্মা গান্ধীৰ বেশত গান্ধীয়ে যেতিয়া পাণ্ডী যাত্ৰাৰ ওপৰত ষ্টেজত নাটক পৰিৱেশন কৰিছিল, তেতিয়া এইবোৰ দেখি ঘৰৰ মানুহবোৰ খুবেই আনন্দিত হৈছিল।
গান্ধীৰ মাক সম্পূৰ্ণৰূপে খেতি-বাতিৰ ওপৰত নিৰ্ভৰশীল আছিল য’ত গান্ধীয়েও তেওঁক সহায় কৰিছিল। তেতিয়াই এজন জমিদাৰে তেওঁৰ বাগানৰ পৰা গান্ধীয়ে ফল চুৰ কৰাৰ আৰোপ লগাইছিল। কিন্তু অতি সোনকালেই গান্ধী নির্দোষী বুলি প্ৰমাণিত হৈছিল আৰু গাওঁৰ অন্যলোকে ফল চুৰ কৰা বুলি গম পাইছিল।
গান্ধীৰ ককাক এতিয়া বৃদ্ধ হৈছে। তেওঁ এতিয়া ঘৰতে বহি পুতলা বা খেলা-বস্তু বনায় আৰু গান্ধীয়েও তেওঁক সহায় কৰিবলৈ সেইবোৰ চহৰলৈ নি বেচে। যাৰ দোকানত বস্তুবোৰ বেচে, সেই দোকানীজনে তাক তেতিয়া কয় যে এতিয়া হাতেৰে তৈয়াৰ কৰা খেলা-বস্তুৰ আৱশ্যক নাই। কাৰণ আজিকালি মেচিনেৰে তৈয়াৰী খেলা-বস্তুই তাৰ ঠাই দখল কৰিছে। গান্ধীয়ে চহৰৰ পৰা আহি নিজৰ পঢ়াশুনা আৰম্ভ কৰিছিল। বিদ্যালয়ত নতুন শিক্ষক আহিছিল যিয়ে তাৰ নামটোক লৈ বহুত ধেমালি কৰিছিল আৰু জোকাইছিল। আহি সি মাকহঁতক কয় যে তাৰ নামটো সলনি কৰিব লাগে, কাৰণ তাৰ নামটোৰ কাৰণেহ মহাত্মা গান্ধী অপমানিত হৈছে। এনেদৰে নতুন শিক্ষকে গান্ধীৰ নামটোক লৈ গোটেই দিনটো উপহাস কৰে আৰু সি ঘৰলৈ আহি কয় যে যেতিয়ালৈকে তাৰ নাম সলনি নকৰে তেতিয়ালৈকে সি বিদ্যালয়লৈ নাযায় আৰু খেতি-বাতিৰ কাম চম্ভালিব। কিন্তু পৰিয়ালে তাক কথাবোৰ পাহৰি আকৌ স্কুললৈ যাবলৈ জোৰ কৰে।
এদিন গান্ধীৰ গা বেয়া হোৱাত তাক মাকে ডাক্টৰৰ ওচৰলৈ লৈ গ’ল আৰু ডাক্টৰেও তাৰ নামটোক লৈ উপহাস কৰিলে। তাক চিকিৎসা কৰোৱাৰ পৰিৱৰ্তে ডাক্টৰে তাৰ নাম গান্ধী কিয় ৰাখিলে সেই কথাহে জানিব বিচাৰিলে। এই কথাত মাকৰ খং উঠিল আৰু সোনকালে তাক চিকিৎসা কৰাৰ কথা ক’লে। তেতিয়াহে ডাক্টৰে তাৰ চিকিৎসা আৰম্ভ কৰিলে। গান্ধীৰ জ্বৰ আৰু বেছি হ’বলৈ ধৰিলে আৰু তাৰ অৱস্থা বেয়াৰ ফালে ঢাল খাবলৈ ধৰিলে। কোনোমতে চৰকাৰী হস্পিতাল এখনত তাৰ চিকিৎসা আৰম্ভ হ’ল যদিও চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ ধন পৰিয়ালক জমা কৰিবলৈ ক’লে। গান্ধীৰ প্ৰাণ বচাবলৈ তাৰ পৰিয়ালে নিজৰ খেতি-বাতি বিক্ৰী কৰি টকা জমাবলৈ ধৰিলে। কিন্তু যেতিয়ালৈকে তেওঁলোকে হস্পিতাললৈ পইচা লৈ আহে তেতিয়ালৈ গান্ধীৰ মৃত্যু ঘটিল।
২৯। উষা প্রিয়ম্বদাৰ ‘বাপচী’ নামৰ গল্পটোৰ কাহিনীভাগ আলোচনা কৰা?
উত্তৰঃ উষা প্রিয়ম্বদাৰ ‘ৱাপচী’ নামৰ গল্পটো এটা সাৰ্থক চুটি গল্প। গল্পটোৰ কাহিনীভাগ তলত আলোচনা কৰা হ’ল— গজাধৰ বাবু ৰেল বিভাগৰ এগৰাকী সাধাৰণ কৰ্মচাৰী আছিল। তেওঁ সুদীর্ঘ দিন ৰেল বিভাগৰ কোৱাৰ্টাৰতে অকলশৰীয়াকৈ কটাইছিল আৰু এই সময়ছোৱাত গণেশী নামৰ এগৰাকী মহিলাই তেওঁৰ আলপৈচান ধৰিছিল। গতিকে তেওঁলোকৰ মাজত এক আন্তৰিক স্নেহৰ ভাব জাগ্ৰত হৈছিল।
পয়ত্রিশ বছৰীয়া কৰ্ম জীৱনত তেওঁৰ কোনো দুখ নাছিল। পৰিয়ালৰ পৰা সুদীর্ঘ দিন আঁতৰি থাকিলেও অৱসৰৰ পিছত পৰিয়ালৰ সদস্যসকলৰে সৈতে কটোৱাৰ আশাতেই তেওঁ ইমান দিন সকলোবোৰ দুখ-কষ্ট পাহৰি আছিল।
সাংসাৰিক দৃষ্টিৰ পৰা চাবলৈ গ’লে গজাধৰ বাবুক সফল বুলিব পাৰি। তেওঁ সৰু চাকৰিটোৰ উপাৰ্জনৰেই চহৰত এটা সৰু ঘৰ সাজিছিল। ডাঙৰ ল’ৰা অমৰ আৰু বৰ জীয়ৰী কান্তিৰ বিয়া পাতিছিল আৰু বাকী দুটা ল’ৰা-ছোৱালীৰ পঢ়াশুনাৰ যোগান ধৰিছিল। ল’ৰা-ছোৱালীৰ পঢ়াত অসুবিধা হয় বুলি তেওঁলোকক চহৰত ৰাখি পঢ়ালেও গাধৰ বাবুৱে মাজে সময়ে পৰিয়ালৰ সদস্যসকলৰ সৈতে ছুটীৰ দিনবোৰ হাঁহি-আনন্দেৰে উপভোগ কৰিছিল। তেওঁলোকৰ পাৰিবাৰিক সম্পর্কও আছিল অতি মধুৰ।
কিন্তু অৱসৰৰ পিছত ঘৰলৈ উভতি অহাৰ পৰাই তেওঁৰ পাৰিবাৰিক বান্ধোনত সংকটে দেখা দিলে। ঘৰখনৰ পৰিৱেশ-পৰিস্থিতি তেওঁৰ অলপো ভাল নলগা হ’ল। গজাধৰ বাবু অতীতলৈ উভটি গ’ল। তেওঁ একাপ চাহৰ প্ৰয়োজন অনুভৱ কৰিছিল। কিন্তু, জীয়েক বাসন্তীৰ হাতৰ চাহকাপত তেওঁৰ জুটি নালাগিল। সেয়ে হঠাতেই গণেশীল মনত পৰিল। গণেশীয়ে সদায় ৰাতিপুৱা যাত্ৰীসকল অহাৰ আগতেই গৰম গৰম পুৰী আৰু জেলেপী বনাই দিছিল। গজাধৰ বাবু ৰাতি পুৱা সাজু হোৱাৰ আগতেই তেওঁৰ বাবে চাহ আৰু জেলেপী যোগান ধৰিছিল। চাহকাপো আছিল অতি তৃপ্তিদায়ক। ঘৰত আহি পত্নীৰ ওজৰ-আপত্তি শুনি গজাষৰ বাবু অতি বিৰক্ত হ’ল। ঘৰত কোনোৱে কুটা এগছো নকৰে। সকলো কাম চম্ভালিব লাগে গজাধৰৰ পত্নীয়ে। বোৱাৰীয়েকে দিনৰ দিনটো বহি শুয়েই কটায়। জীয়েক বাসন্তীয়েও পঢ়াৰ অজুহাততে ঘৰুৱা কামত হাত নিদিয়ে।
ইপিনে গজাধৰ বাবুৰ বাবেই অমৰ আৰু বোৱাৰীয়েকৰ ঘোৰ আপত্তি। আলহী-অতিথি আহিলে বিচনাৰ অভাৱ। দেউতাকে তেওঁলোকক সৰু ল’ৰাৰ দৰে ব্যৱহাৰ কৰে। বোৱাৰীয়েকক অকামিলা বুলি বদনাম দিয়ে। ইয়াৰ কাৰণ সম্পৰ্কে অনুসন্ধান কৰি গজাঘৰ বাবুৱে গম পালে যে তেওঁৰ অৱসৰৰ আগলৈকে অমৰ ঘৰৰ মালিকৰ দৰে আছিল। তেওঁলোকৰ ঘৰত নিতৌ বন্ধুসকলৰ আড্ডা বহিছিল আৰু অমৰ আৰু বাসন্তীহঁত সেইবোৰ লৈয়েই ব্যস্ত আছিল।
এদিন হঠাতেই গজাধৰ বাবুৰ চালপিৰাখন নিৰ্দিষ্ট কোঠাৰ পৰা আঁতৰাই পেলোৱা হ’ল। পিছত এটা কোঠাত তেওঁৰ চালপিৰাখন আৱিষ্কাৰ কৰিলে আৰু ভাত-পানী একো নোখোৱাকৈ তাতেই লেপেট খাই শুই পৰিল। তেওঁৰ দীৰ্ঘদিনীয়া আহল-বহল কোৱাৰ্টাৰলৈ মনত পৰিল। সেই জীৱনৰ মাদকতাই আছিল সুকীয়া ৰেলৰ খট্ খট্ শব্দ তেওঁৰ বাবে মধুৰ অকলশৰীয়া নিশাৰ সহযোগী আছিল। সেই ৰামজীমলৰ মিলত কাম কৰা কেইগৰাকীমান কৰ্মচাৰী আছিল তেওঁৰ বিশ্বস্ত সহযোগী। সেই জীৱন এতিয়া তেওঁৰ বাবে হেৰোৱা সম্পদ যেন লাগিছে। তেওঁ যেন জীৱনত ডাঙৰ ঠগ খাইছে – এনে ধাৰণা হ’ল। তেওঁ যি বিচাৰিছিল তাৰ ক্ষুদ্ৰ অংশও যেন নাপালে।
তেওঁ মনতে সিদ্ধান্ত কৰিলে যে – এতিয়াৰে পৰা ঘৰৰ কোনো কথাতে মাত নামাতে। যদি ঘৰৰ গৃহস্থ হৈয়ো গোটেই ঘৰখনত তেওঁৰ চালপিৰাখনৰ বাবে এটুকুৰা ঠাই নহয়, তেন্তে তেওঁ ইয়াতেই পৰি থাকিব। যদি ইয়াৰ পৰাও ক’ৰবাত উলিয়াই দিয়ে, তাতে থাকিব। যদি ল’ৰা-ছোৱালীৰ জীৱনত তেওঁৰ বাবে কোনো স্থান নাই, তেন্তে বহিৰাগতৰ দৰেই থাকিব, আৰু সেইদিনৰ পৰা গজাধৰ বাবুৱে সঁচাকৈয়ে মুখ বন্ধ কৰিলে। পত্নীয়েও গাধৰ বাবুৰ নীৰৱ ভূমিকাত আশ্বস্ত হ’ল।
গজাধৰ বাবুৱে আহত দৃষ্টিৰে পত্নীলৈ চালে। তেওঁ অনুভৱ কৰিলে যে পত্নী আৰু ল’ৰা- ছোৱালীৰ বাবে তেওঁ কেৱল ধনোপাৰ্জনৰ নিমিত্ত মাত্ৰ। যি ব্যক্তিৰ অস্তিত্বৰ বাবেই পত্নীয়েই শিৰত সেন্দুৰ ধাৰণ কৰাৰ অধিকাৰী হয়, সমাজত তেওঁলোকৰ প্ৰতিষ্ঠা হয়, তেওঁৰ ওচৰত পত্নীয়ে দুবেলা দুমুঠি আহাৰ যতনাই দিয়েই সমস্ত কৰ্তব্যৰ পৰা অব্যাহতি পায়।
লাহে লাহে গজাধৰ বাবুৰ মনলৈ বৈৰাগ্য নামি আহিল। ঘৰখনত তেওঁক লৈ পুতেক-বোৱাৰীয়ে আৰু জীয়েকহঁতৰ সমালোচনা তেওঁৰ ভাল নলগা হ’ল। এদিন গা বেয়া লগাত বিচনাত শুই শুয়েই তেওঁ পুতেক জীয়েকহঁতৰ বক্তব্যবোৰ শুনি অতি হতাশ হ’ল।
সেয়ে তেওঁ পুনৰ কৰ্মসংস্থাপন বিচাৰি সেই ৰামজীমলৰ লগত যোগাযোগ কৰিলে। এদিন সঁচাকৈয়ে ৰামজীলালৰ চেনীমলৰ পৰা নিয়োগ পত্ৰ আহিল। ঘৰত এনেয়ে বহি থকাতকৈ দুপইচা ঘটাৰ সুযোগ গজাধৰ বাবুৱে গ্ৰহণ কৰিলে। অৱশ্যে খন্তেক ঠমকি ৰৈ পত্নীও তেওঁৰ লগতে যাব নেকি সুধিলে। পত্নীয়ে আপত্তি দর্শালে।
দেউতাকৰ প্ৰত্যাগমনত নৰেন্দ্ৰই মনত বৰ আনন্দ পালে। সি টালি-টোপোলা বান্ধি ৰিক্সাত সকলোবোৰ তুলি দিলে। এক কৰুণ দৃষ্টিৰে পৰিয়ালৰ লোকসকললৈ চাই গজাধৰ বাবুৱে পুনৰ কৰ্মস্থলীলৈ প্ৰত্যাগমন কৰিলে।
৩০। ‘ৱাপচী’ গল্পৰ প্ৰধান বৈশিষ্ট্যসমূহ বহলাই আলোচনা কৰা?
উত্তৰঃ ‘ৱাপচী’ গল্পটোত আধুনিক জীৱনৰ মানৱীয় বিচাৰধাৰা অতি সুন্দৰভাৱে প্রতিফলিত হৈছে। আধুনিক জীৱনৰ বিচিত্ৰতা, মানৱ চৰিত্ৰৰ বিভিন্ন দিশৰ অভিব্যক্তি, ক্রড়তা আৰু স্বাৰ্থপৰতা আদিৰ সাৰ্থক প্ৰতিফলন ৱাপচী গল্পটিৰ মনকৰিবলগীয়া বৈশিষ্ট্য। আধুনিক সমাজৰ মানৱীয় বিচাৰ ধাৰা আৰু মূল্যবোধৰ পৰিৱৰ্তনৰ বাস্তৱ প্ৰতিফলনে ‘ৱাপচী’ গল্পক এটি সুকীয়া মর্যাদা প্ৰদান কৰিছে।
‘ৱাপচী’ গল্পটিত যুগ মনস্তত্ত্বৰ সাৰ্থক প্রতিফলন ঘটিছে। গজাধৰ বাবু আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ মাজত থকা আন্তৰিক সম্বন্ধহীনতাৰ চিত্ৰণৰ যোগেদি গল্পকাৰে যুগ মানসিকতাৰ স্বৰূপ চিত্ৰণত সফলতা লাভ কৰিছে।
বৰ্তমান ‘প্ৰজন্মৰ ব্যৱধান’ৰ (Generation Gap ) ফলস্বৰূপে মানুহৰ চিন্তা-চেতনা, আবেগ অনুভূতি, মূল্যবোধ, ৰুচি আদিৰ ক্ষেত্ৰত ইমানেই পৰিবৰ্তন সূচিত হৈছে যে— কঠিন বাস্তৱৰ ধামঘুমিয়াত পৰি মানুহে নিজৰ বাহিৰে আনৰ কথা ভাবিবলৈ পাহৰি গৈছে। জৈৱিক ক্ষুধা আৰু কামনা-বাসনাৰ লগতে ব্যক্তিগত লাহ-বিলাহ আৰু কচি-অভিৰুচিক অধিক প্রাধান্য দিয়াৰ ফলত সমাজ জীৱনত ভাঙোন আহি পৰিছে আৰু ই পাৰিবাৰিক স্তৰলৈকো শিপাই পৰিছে। ‘ৱাপচী’ গল্পত এনে চিন্তাৰ সাৰ্থক প্রতিফলন লক্ষ্য কৰা যায়।
আধুনিক সমাজ জীৱনৰ বিচাৰধাৰাৰ দ্ৰুত পৰিৱৰ্তন, যৌথ সমাজ ব্যৱস্থাৰ পতন আৰু একক পৰিয়াল ব্যৱস্থাৰ সম্প্ৰসাৰণ, ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰ সম্প্ৰসাৰণ, পাশ্চাত্য সভ্যতা-সংস্কৃতিৰ প্ৰভাৱ আদিৰ ফলস্বৰূপে সংঘটিত হোৱা দ্রুত অর্থনৈতিক পৰিৱৰ্তনে মানৱীয় মূল্যবোধ আৰু বিচাৰধাৰাৰ পৰিৱৰ্তন সূচিত কৰে। কিন্তু এনে সংকীর্ণতাৰে পৰিপূৰ্ণ সমাজ ব্যৱস্থাতে দুই-চাৰিজন এনে ব্যক্তি আছে, যাৰ মাধ্যমেদি পৰম্পৰাগত মূল্যবোধ আৰু ঐতিহ্যই বিকাশ লাভৰ সুবিধা পাইছে। ‘ৱাপচী’ গল্পত গজাধৰ বাবু এনে এজন ব্যক্তি, যি সদায় আনৰ হিত চিন্তা কৰে, অথচ আধুনিক সভ্যতাৰ বতাহ লগা পুত্ৰ-কন্যাৰ শ্ৰদ্ধা আৰু চেনেহৰ পৰা তেওঁ বঞ্চিত। বাসন্তী, অমৰ, নৰেন্দ্ৰ, গজাধৰৰ পত্নী সকলোকে এই বতাহে স্পৰ্শ কৰিছে, ফলত তেওঁলোকে পিতৃৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পালনত নিষ্ঠা প্ৰদৰ্শন কৰাৰ পৰিবৰ্তে তেওঁক অৱজ্ঞা কৰিছে। ইয়াতেই প্রাচীন আৰু আধুনিক মূল্যবোধৰ সংঘাত উপস্থিত হৈছে। গজাধৰ বাবু আৰু তেওঁৰ পত্নীৰ চিন্তাধাৰাৰ পাৰ্থক্যৰ মাজেদিও গল্পকাৰ গৰাকীয়ে আধুনিক সমাজৰ মানৱীয় বিচাৰধাৰাৰ প্ৰতি সচেতনতাৰ পৰিচয় দিছে। ধনকেন্দ্রিক সমাজ ব্যৱস্থাত গজাধৰ বাবুৰ গুৰুত্ব আছিল কেৱল চাকৰি থকালৈকেহে, অৱসৰৰ পাছত ঘৰখনৰ বাবে তেওঁ মাথোন অনর্থক বোজা। অন্ততঃ পৰিয়ালৰ লোকসকলে তেনেদৰেই ভাবে।
সমগ্ৰ জীৱন পৰিয়ালৰ পৰা আঁতৰি কৰ্মস্থানত অকলশৰীয়া জীৱন অতিবাহিত কৰি পুত্ৰ-কন্যা আৰু পত্নীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ ভবিষ্যৎ নিৰ্মাণৰ বাবে অহৰহ সংগ্ৰাম কৰা গজধৰ বাবুৱে সুদীর্ঘ ৩৫ বছৰীয়া কৰ্ম জীৱনৰ পৰিসমাপ্তিত অৱসৰৰ পিছৰ দিনকেইটা পৰিয়ালৰ সদস্যসকলৰ লগত কটোৱাৰ স্বপ্ন লৈ ঘৰলৈ আহিছিল যদিও অতি কম দিনৰ ভিতৰতেই তেওঁৰ মোহভংগ ঘটিল। পৰিয়ালৰ সদস্যসকলৰ বাবে তেওঁ হৈ পৰিল এক অহেতুক বোজা, যাৰ ফলস্বৰূপে অৱসৰৰ পিছতো কৰ্মসংস্থান যোগাৰ কৰি গজাধৰ বাবুৱে পুনৰ ৰামজীমলৰ চেনীকলত যোগদান কৰিছে আৰু ক্লান্ত মন লৈ পৰিয়ালৰ মাজৰ পৰা পুনৰ কৰ্মস্থলীলৈ প্ৰত্যাগমন কৰিছে। গজাধৰ বাবুৰ এই প্ৰত্যাগমনৰ পিছতো তেওঁৰ অন্তৰত অকলশৰীয়া জীৱনৰ নিঃসংগ বেদনা হয়তো আছিল, কিন্তু আত্মীয়জনৰ অনাদৰ, অৱহেলা আৰু উপেক্ষাৰ ফলস্বৰূপে ওপজা বিবেক দংশনৰ পৰা তেওঁ নিশ্চয় মুক্তিলাভ কৰিছিল। গজাধৰ বাবুৱে হয়তো ভাবিছিল আন নহ’লেও অন্ততঃ পত্নী তেওঁৰ এই যাত্ৰাৰ সহযোগী হ’ব। কিন্তু গজাধৰ বাবুৰ কাতৰ অনুৰোধ আৰু অসহায়ৰ বেদনা তেওঁৰ পত্নীয়ে উপলব্ধি কৰিব নোৱাৰিলে। বৃদ্ধ বয়সত এগৰাকী নিঃসংগ স্বামীয়ে পত্নীৰ স্নেহ, সান্নিধ্য আৰু সহযোগিতা কামনা কৰিছিল, কিন্তু কৰ্তব্যৰ দোহাই দি পত্নীয়ে তেওঁৰ অনুৰোধ প্রত্যাখ্যান কৰে। গল্পকাৰে গল্পটোৰ ষোগেদি দেখুৱাইছে যে পৰিয়ালৰ নতুন প্ৰজন্মই হওক বা পুৰণি প্ৰজন্মই হওক কোনো গৰাকী পৰিয়ালৰ সদস্যই গজাধৰ বাবুৰ হৃদয়ৰ গভীৰ মৰ্মবেদনা উপলব্ধি কৰিব পৰা নাই। সেইবাবেই পুত্র-কন্যা, পত্নী-বোৱাৰী কোনেও তেওঁৰ অসহায় অৱস্থাৰ স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই । এয়ে হৈছে গল্পটোৰ কৰুণাত্মক স্থিতিৰ কেন্দ্ৰবিন্দু।
গল্পকাৰে গোটেই গল্পটোত সমাজ পৰিৱৰ্তনৰ ফলস্বৰূপে আধুনিক জীৱনধাৰাই কঢ়িয়াই অনা নিসংগতাবোধ, আত্মিক সম্পৰ্কৰ অভাৱ, জৈৱিক চাহিদা পূৰণৰ অৰ্থে যান্ত্রিক জীৱন-যাপন প্রৱণতা আদি বৈশিষ্ট্যসমূহ ফুটাই তুলিবলৈ প্ৰয়াস কৰিছে।
৩১। হিন্দী গল্প সাহিত্যৰহ ইতিহাসত ‘উষা প্রিয়ম্বদা’ৰ স্থান সম্পৰ্কে লিখা?
উত্তৰঃ আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত হিন্দী ভাষা আৰু সাহিত্যই এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ভালেকেইগৰাকী বিশিষ্ট সাহিত্যিকৰ ৰচনা সম্ভাৰে হিন্দী সাহিত্যৰ ইতিহাস সমৃদ্ধ কৰিছে। দিল্লী আৰু মিৰাট অঞ্চলৰ কথিত ভাষা খোড়ীবোলীৰ আধাৰত বিকাশ লাভ হিন্দী ভাষাৰ সাহিত্যই পৰৱৰ্তী পৰ্যায়ত দেশ-বিদেশৰ বিদ্বতমণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অন্যান্য প্রাদেশিক ভাষাসমূহৰ দৰে হিন্দীতো চুটিগল্পৰ বিকাশ হৈছিল একেবাৰে শেষত হিন্দী সাহিত্যৰ ভাৰতেন্দু যুগ আৰম্ভ হোৱাৰ আগে আগে চুটিগল্প ৰচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত সংস্কৃত কাহিনী, লোককথা আৰু পৰম্পৰা নিৰ্ভৰ কথাৰ ওপৰত ভিত্তি কৰি লিখা কাহিনীসমূহৰ ভেটিতেই চুটিগল্প ৰচনাৰ সূচনা হৈছিল। ইনচাহ আল্লাখানৰ ‘ৰাণী কেট্টীকী কাহানী’ লাল্ললালৰ ‘সিংহাসন বেট্টিচি’, ‘বেটাল পট্চিচি’, ৰাজা শিৱ প্ৰসাদৰ ‘ৰাজা ভোজ কা স্বপ্না’ আদিৰ পৰা পাঠকে গল্প ৰস আহৰণ কৰিছিল। পিছলৈ ব্যক্তি স্বাধীনতাৰ বিকাশ, জাতীয় সচেতনতা, সাংস্কৃতিক বিপ্লৱ আৰু ছপা মাধ্যমৰ দ্রুত বিকাশে হিন্দী গল্প সাহিত্যলৈ অভিনৱত্ব কঢ়িয়াই আনে।
ভাৰতেন্দু যুগত বিকাশ লাভ কৰা আধুনিক হিন্দী সাহিত্যৰ চুটিগল্প এক প্রসিদ্ধ সাহিত্য। এই সময়তে নতুন কলা-কৌশল প্রয়োগ কৰি কিশোৰীলাল গোস্বামীয়ে ‘ইন্দুমতী’ নামৰ প্ৰথম হিন্দী চুটিগল্পটো ৰচনা কৰে। বিষয়বস্তু আৰু আংগিকৰ ফালৰ পৰা ইন্দুমতীয়ে আছিল প্রথম পৰম্পৰা বহির্ভূত চুটিগল্প। ভাৰতেন্দু যুগৰ পৰৱৰ্তী কালত অর্থাৎ দ্বিবেদী যুগত হিন্দী সাহিত্যই অধিক গতিশীল ৰূপত বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ “সৰস্বতী” নামৰ আলোচনীখন প্ৰকাশ হোৱাৰ পিছৰ পৰা হিন্দী সাহিত্যৰ নতুন যুগৰ সূচনা হয়। হিন্দী উপন্যাস আৰু চুটিগল্পৰ যশস্বী লেখক প্রেমচন্দৰো আৱেৰ্ভাৱ হৈছিল এইখিনি সময়তে। প্রেমচন্দই ‘পঞ্চ পৰমেশ্বৰ’, ‘ঠাকুৰ কা কুঁৱা আদি বিখ্যাত চুটিগল্প দ্বিবেদী যুগতে ৰচনা কৰিছিল।
এই গল্পকাৰসকলৰ লগতে ‘উষা প্রিয়ম্বদা’ হিন্দী সাহিত্যৰ এগৰাকী আগশাৰীৰ লেখিকা আছিল। তেওঁৰ বৃহৎ অৱদানেৰে হিন্দী চুটিগল্পৰ ইতিহাস সমৃদ্ধ। হিন্দী গল্প সাহিত্যত উষা প্রিয়ম্বদাই এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। মনু ভাণ্ডাৰী, কৃষ্ণা সোৱতী, শিৱানী ৰজনী পানিকৰ, মেহেৰু নিচ্চা পৰৱেজ, বিজয় চৌহান আদিৰ দৰেই উষা প্ৰিয়ম্বদায়ো নিজস্ব ৰচনা সন্তাৰেৰে হিন্দী সাহিত্যৰ ভঁৰাল চহকী কৰিছে। প্ৰিয়ম্বদাৰ গল্পত আধুনিক জীৱনবোধ গভীৰ। তেওঁৰ জীৱনবোধ আধুনিক আৰু ভাষাশৈলীও অপেক্ষাকৃতভাৱে সংযমিত। তেওঁ কোনো দুৰ্বল নাৰীৰ গল্প কোৱাৰ পৰিৱৰ্তে বিশেষ পৰিস্থিতিত অকলশৰীয়া, বিৱশমান মানৱ প্ৰকৃতিৰ চিত্ৰ অংকন কৰিছে। জিন্দাগী ঔৰ গুলাব কে ফুল, এক কোঈ দুসৰা আদি প্ৰিয়ম্বদাৰ উল্লেখযোগ্য গল্প সংকলন।
উষা প্রিয়ম্বদাৰ গল্পৰ ভাষা সংক্ষিপ্ত আৰু পোনপটীয়া। কম কথাৰে ইংগিতৰ যোগেদি অধিক ভাব প্রকাশৰ ক্ষমতা তেওঁৰ আছে।
৩২। গজাধৰ বাবু কিয় তেওঁৰ পৰিয়ালৰ অংশ হোৱা নাছিল? ব্যাখ্যা কৰা।
উত্তৰঃ গজাধৰ বাবু হৈছে নিম্ন মধ্যবিত্ত সমাজৰ এজন চাকৰি পেছাদাৰী, যিয়ে ঘৰ আৰু পৰিয়ালৰ পৰা আঁতৰি থাকি পয়ত্রিশ বছৰ অতিবাহিত কৰিছিল। তেওঁ অৱসৰৰ পিছত পৰিয়ালৰ সৈতে থকাৰ আৰু মনোৰম কল্পনাৰে ঘৰলৈ উভতি অহাৰ ইচ্ছা অনুভৱ কৰিছে। যেতিয়া তেওঁ ঘৰলৈ আহে, তেতিয়া তেওঁৰ কোনোও আদৰণি জনোৱা নাছিল। গজাধৰ বাবু নিজৰ মতে সংসাৰটো চলাব বিচাৰিছিল কিন্তু পৰিয়ালৰ মাজত থাকিও তেওঁ নিজকে অকলশৰীয়া অনুভৱ কৰিছে। পত্নীৱে আচাৰ, ডাল বনোৱাত ব্যস্ত, শিশুসকলে তেওঁলোকৰ ব্যক্তিগত আনন্দত ব্যস্ত, তেওঁৰ থকাৰ স্থান হৈছে ভঁৰাল ঘৰৰ চালপীৰাত। গজাধৰ বাবু উভতি অহাৰ পিছত ডাঙৰ পুত্ৰজনে বোৱাৰীক লৈ বেলেগ কৈ থকাৰ সিদ্ধান্ত লৈছে। তেওঁৰ অনুপস্থিতিত, তেওঁৰ পৰিয়াল নিজৰ ধৰণে বাস কৰিবলৈ অভ্যর্থিত হৈ পৰিছে, এতিয়া গজাধৰ বাবুৰ হস্তক্ষেপক তেওঁলোকে ভাল নাপায়। আনকি ছোৱালীজনীয়েও দেউতাকৰ সৈতে সহমত নহয়। সেই পৰিয়ালৰ বাবে, গজাধৰ বাবু এতিয়া একমাত্ৰ অৰ্থনৈতিক আধাৰ। এই সকলোবোৰ ঘটনাৰ বাবে, গজাধৰ বাবুৰ অস্তিত্ব তেওঁৰ পৰিয়ালৰ অংশ হ’ব পৰা নাছিল, যি আধুনিক যুগৰ সমাজৰ বাবে এক সঠিক উপাদান।
৩৩। “সেই জীৱনটো এতিয়া হেৰুওৱা পুঁজি যেন লাগিছিল।” পাঠৰ আধাৰত এই বিবৃতিটো বৰ্ণনা কৰা?
উত্তৰঃ পৰিয়ালৰ পৰা আঁতৰত থাকি ৰেলৱে কোৱাৰ্টাৰত পঁয়ত্রিশ বছৰ অতিবাহিত কৰাৰ পিছত গজাধৰ বাবু ঘৰলৈ উভতি আহে আৰু ভাবে যে তেওঁ এতিয়া পৰিয়ালৰ সৈতে সুখী আৰু সন্তোষজনক জীবন অতিবাহিত কৰিব। কিন্তু তেওঁ দেখিছিল যে পৰিয়ালত তেওঁৰ অস্তিত্ব কেৱল ধনোপৰ্জনৰ ভিতৰত সীমাবদ্ধ আছিল, তেতিয়া ৰেলৱে চাকৰিৰ সৈতে অতিবাহিত কৰা সময় মনত পৰিছে— ডাঙৰ খোলা কোৱাৰ্টাৰ, সুৰক্ষিত জীৱন, ৰেল অহাৰ সময়ত ষ্টেচনত গৈ থকা যাত্ৰীৰ মাজত উখল-মাখল পৰিৱেশ, ৰেলৰ চকাৰ শব্দ, শেঠ ৰামজীমলৰ মিলৰ লোকসকল। চাকৰিৰ সেই সময়টো হেৰুৱা পুঁজিৰ দৰে অনুভৱ হৈছিল। আনহাতে যেতিয়া তেওঁ চাকৰিত আছিল তেতিয়া ঘৰৰ মনোৰম কল্পনাবোৰ আছিল। পত্নীৰ মৃদু স্পৰ্শ, তাইৰ আকৰ্ষণীয় হাঁহি, শিশুৰ মনোবিনোদনৰ কল্পনা ইত্যাদিয়ে তেওঁক ধনী কৰি দিছিল।
ঘৰলে উভতি আহি পৰিয়ালৰ পৰা তেওঁ অৱহেলাহে পাইছিল। তেওঁৰ বাবে ঘৰত কোনো ঠাই নাছিল। সকলোৱে তেওঁক এৰাই চলিব বিচাৰিছিল। দুয়োটা পৰিস্থিতিত তেওঁৰ নিজৰ জীৱনটো হেৰুওৱা পুঁজিৰ পৰে অনুভৱ হৈছিল। তেওঁ অনুভৱ কৰিছিল যে তেওঁক জীৱনে প্ৰতাৰণা কৰিছে। তেওঁ যি বিচাৰিছিল, সেয়া পোৱা নাছিল।
৩৪। উষা প্রিয়ম্বদাৰ গল্পৰ ভাষা কেনে ধৰণৰ? ‘ৱাপচী’ গল্পৰ চৰিত্ৰক আধাৰ হিচাপে লৈ ব্যাখ্যা কৰা।
উত্তৰঃ প্রিয়ম্বদাৰ গল্পৰ ভাষা সংক্ষিপ্ত আৰু পোনপটীয়া। কম কথাৰে ইঙ্গিতৰ যোগেদি অধিক ভাব প্রকাশৰ ক্ষমতা তেওঁৰ আছে। উদাহৰণস্বৰূপে— গজাধৰ বাবুৱে যেতিয়া জীনেক বাসন্তীক ঘৰুৱা কামত মাকক সহায় কৰাৰ কথা কয় তেতিয়া তাইৰ পঢ়িবলৈ আছে বুলি কৈ দায়িত্বৰ পৰা হাত সাৰিবলৈ বিচাৰে। কিন্তু, মাকৰ এষাৰ বক্তব্যই বাসন্তীৰ স্বৰূপ উদঙাই দিয়ে—
“পঢ়নে কা তো বহানা হ্যায়। কভী জী হী নহী লগতা, লগে কৈসে?
শীলা সে হী ফুৰসত নহী, বড়ে পড়ে লড়কে হ্যে উস ঘৰ মে, হৰ বক্ত বহাঁ ঘূসা ৰহনা মুঝে নহী সুহাতা। মনা কঁৰু তু সুনতী নহী।”
(পঢ়াতোতো বহানা মাথোন। অলপো মনেই নাই, থাকিবনো ক’ৰ পৰা? শীলাৰ পৰাই অৱসৰ নাপায়, তেওঁলোকৰ ঘৰত ডাঙৰ ডাঙৰ ডেকা- ল’ৰা আছে, সকলো সময়তে সিহঁতৰ ঘৰত সোমাই থকাটো মোৰ ভাল নালাগে। বাধা দিলেও নামানে।)
ওপৰৰ সংলাপটিৰ পৰাই বাসন্তীৰ চৰিত্ৰৰ বিষয়ে সহজে অনুমান কৰিব পাৰি। সদায়েই পৰনিৰ্ভৰশীল হৈ চলাৰ মানসিকতা আৰু অধ্যয়ন আদিক মাত্ৰ দায়িত্ব পালনৰ হেতু হিচাপে লৈ কোনোমতে সময় পাৰ কৰা আৰু ৰং-ৰহইচ কৰি কটোৱা, বিপৰীত লিঙ্গৰ প্ৰতি স্বাভাৱিক আকৰ্ষণ আৰু তাকে লৈ অভিভাৱকৰ উদ্বিগ্নতা— ইত্যাদি বিভিন্ন দিশ গল্পটিত অতি সংক্ষেপে বাসন্তী চৰিত্ৰৰ চুম্বকীয় উপস্থাপনৰ যোগেদি অৱগত কৰা হৈছে।
৩৫। ‘ৱাপটী’ গল্পৰ নায়ক ৰূপে গজাধৰ বাবুৰ চৰিত্ৰটো ব্যাখ্যা কৰা?
উত্তৰঃ গজাধৰ বাবু ৰেল বিভাগৰ এগৰাকী সাধাৰণ কৰ্মচাৰী আছিল। তেওঁৰ সুদীৰ্ঘ দিন ৰেল বিভাগৰ কোৱাৰ্টাৰতে অকলশৰীয়াকৈ কটাইছিল আৰু এই সময়ছোৱাত গণেশী নামৰ এগৰাকী মহিলাই তেওঁৰ আলপৈচান ধৰিছিল। গতিকে তেওঁলোকৰ মাজত এক আন্তিৰিক স্নেহৰ ভাব জাগ্ৰত হৈছিল।
পঁয়ত্রিশ বছৰীয়া কৰ্ম জীৱনত তেওঁৰ কোনো দুখ নাছিল। পৰিয়ালৰ পৰা সুদীৰ্ঘ দিন আঁতাৰি থাকিলেও অৱসৰৰ পিছত পৰিয়ালৰ সদস্যসকলৰে সৈতে কটোৱাৰ আশাতেই তেওঁ ইমান দিনৰ সকলোবোৰ দুখ-কষ্ট পাহৰি আছিল।
তেওঁ সৰু চাকৰিটোৰ উপাৰ্জনই চহৰত এটা সৰু ঘৰ সাজিছিল। ডাঙৰ ল’ৰা অমৰ আৰু বৰ জীয়াৰী কান্তিৰ বিয়া পাতিছিল আৰু বাকী দুটা ল’ৰা-ছোৱালীৰ পঢ়াশুনাৰ যোগাৰ ধৰিছিল। ল’ৰা-ছোৱালীৰ পঢ়াত অসুবিধা হয় বুলি তেওঁলোকক চহৰত ৰাখি পঢ়াওে গজাধৰ বাবুৱে মাজে সময়ে পৰিয়ালৰ সদস্যসকলৰ সৈতে ছুটীৰ দিনবোৰ হাঁহি আনন্দেৰে উপভোগ কৰিছিল। তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্কও আছিল অতি মধুৰ।
সমগ্ৰ জীৱন পৰিয়ালৰ পৰা আঁতৰি কৰ্মস্থানত অকলশৰীয়া জীৱন অতিবাহিত কৰি পুত্ৰ-কন্যা আৰু পত্নীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ ভৱিষ্যৎ নিৰ্মাণৰ বাবে অহৰহ সংগ্ৰাম কৰা গজাধৰ বাবুৱে সুদীর্ঘ পঁয়ত্রিশ বছৰীয়া কৰ্ম জীৱনৰ পৰিসমাপ্তিত অৱসৰৰ পিছৰ দিনকেইটা পৰিয়ালৰ সদস্যসকলৰ লগত কটোৱাৰ স্বপ্ন লৈ ঘৰলৈ আহিছিল যদিও অতি কম দিনৰ ভিতৰতেই তেওঁৰ মোহভঙ্গ ঘটিল। পৰিয়ালৰ সদস্যসকলৰ বাবে তেওঁ হৈ পৰিল এক অহেতুক বোজা; যাৰ ফলস্বৰূপে অৱসৰৰ পিছতো কর্মসংস্থান যোগাৰ কৰি গজাধৰ বাবুৱে পুনৰ কৰ্মস্থলীলৈ প্ৰত্যাগমন কৰিছে। গজাধৰ বাবুৰ এই প্ৰত্যাগমনৰ পিছতো তেওঁৰ অন্তৰত অকলশৰীয়া জীৱনৰ নিঃসঙ্গ বেদনা হয়তো আছিল; কিন্তু আত্মীয়জনৰ অনাদৰ, অৱহেলা আৰু উপেক্ষাৰ ফলস্বৰূপে ওপজা বিবেক-দংশনৰ পৰা তেওঁ নিশ্চয় মুক্তি লাভ কৰিছিল।
গজাধৰ বাবুৱে হয়তো ভাবিছিল আন নহ’লেও অন্ততঃ পত্নী তেওঁৰ এই যাত্ৰাৰ সহযোগী হ’ব—
‘মৈনে সোচা থা কি বাসো তুম সবসে অলগ ৰহনে কে বাদ অবকাশ পাকৰ পৰিবাৰ কে সাথ ৰহুগা। খৈৰ, পৰসো জানা হ্যায়। তুম ভী চলোগী?”
(মই ভাবিছিলো যে বহু বছৰ পৰিয়ালৰ কথা আঁতৰি থাকি এতিয়া অৱসৰ লৈ পৰিয়ালৰ সৈতে থাকিম। যি হওঁক পৰহিলৈ যাব লাগিব। তুমিও যাবা?’)
কিন্তু গাধৰ বাবুৰ কাতৰ অনুৰোধ আৰু অসহায়ৰ বেদনা তেওঁৰ পত্নীয়ে উপলব্ধি কৰিব নোৱাৰিলে। বৃদ্ধ বয়সত এগৰাকী নিঃসঙ্গ স্বামীয়ে পত্নীৰ স্নেহ, সান্নিধ্য আৰু সহযোগিতা কামনা কৰিছিল; কিন্তু কৰ্তব্যৰ দোহাইদি পত্নীয়ে তেওঁৰ অনুৰোধ প্রত্যাখ্যান কৰিলেঃ
‘মো? পত্নী নে সকপকাকৰ কহা– মো চলুঙ্গী তো য়হা ক্যা হোগা?
ইতনী বড়ী গৃহস্তী ফিৰ সয়ানী লড়কী……”
(মই? পত্নীয়ে আচৰিত হৈ সুধিলে। মই গুচি গ’লে ইয়াত কি হ’ব? ইমান ডাঙৰ গৃহস্থী, লগতে এই সিয়ান ছোৱালী…।’)
লাহে লাহে গজাধৰ বাবুৰ মনলৈ বৈৰাগ্য নামি আহিল। ঘৰখনত তেওঁক লৈ পুতেক-বোৱাৰীয়ে আৰু জীয়েকহঁতৰ সমালোচনা তেওঁৰ ভাল নলগা হ’ল। এদিন গা বেয়া লগাত বিছনাত শুই শুইয়েই তেওঁ পুতেক জীয়েকহঁৰ বক্তব্যবোৰ শুনি অতি হতাশ হ’ল। সেয়ে তেওঁ পুনৰ কর্মসংস্থান বিচাৰি সেই ৰামজীমলৰ লগত যোগাযোগ কৰিলে। এইদন সঁচাকৈয়ে ৰামজীনার চেনীমিলৰ পৰা নিয়োগ পত্ৰ আহিল। ঘৰত এনেয়ে বহি থকাতকৈ দুপইচা ঘটাৰ সুযোগ গজাধৰ বাবুৱে গ্ৰহণ কৰিলে । এক কৰুণ দৃষ্টিৰে পৰিয়ালৰ লোকসকললৈ চাই গজাধৰ বাৰুৱে পুনৰ কৰ্মস্থলীলৈ প্ৰত্যাগমন কৰিলে ।
৩৬। ‘ৱাপটী’ গল্পত মানৱীয় মূল্যবোধ আৰু বিচাৰধাৰাৰ কেনেদৰে পৰিৱৰ্তন ঘটিছে লিখা?
উত্তৰঃ আধুনিক সমাজ জীৱনৰ বিচাৰধাৰাৰ দ্ৰুত পৰিৱৰ্তন, যৌথ সমাজ-ব্যৱস্থাৰ পতন আৰু একক পৰিয়াল ব্যৱস্থাৰ সম্প্ৰসাৰণ, ব্যক্তিকেন্দ্রিক চিন্তাধাৰাৰ সম্প্ৰসাৰণ, পাশ্চাত্য সভ্যতা-সংস্কৃতিৰ প্ৰভাৱ আদিৰ ফলস্বৰূপে সংঘটিত হোৱা দ্রুত অর্থনৈতিক পৰিৱৰ্তনে মানবীয় মূল্যবের আৰু বিচাৰধাৰাৰ পৰিৱৰ্তন সূচিত কৰে। কিন্তু, এনে সংকীর্ণতাৰে পৰিপূৰ্ণ সমাজ ব্যবস্থাতো দুই-চাৰিজন এনে ব্যক্তি আছে, যাৰ মাধ্যমেদি পৰম্পৰাগত মূল্যবোধ আৰু ঐতিহ্যই বিকাশ লাভৰ সুবিধা পাইছে। ‘ৱাপচী’ত গজাধৰ বাবু এনে এজন ব্যক্তি, যি সদায় আনৰ হিত চিন্ত কৰে, অথচ আধুনিক সভ্যতাৰ বতাহ লগা পুত্ৰ-কন্যাৰ শ্ৰদ্ধা আৰু চেনেহৰ পৰা তেওঁ বঞ্চিত। বাসন্তী, অমৰ, নৰেন্দ্ৰ, গজাধৰৰ পত্নী সকলোকে এই বতাহে স্পৰ্শ কৰিছে, ফলত তেওঁলোকে পিতৃৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পালনত নিষ্ঠা প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে তেওঁক অৱস্থা কৰিছে। ইয়াতেই প্রাচীন আৰু আধুনিক মূল্যবোধৰ সংঘাত উপস্থিত হৈছে।
গজাধৰ বাবু আৰু তেওঁৰ পত্নীৰ চিন্তাধাৰাৰ পাৰ্থক্যৰ মাজেদিও লেখকে আধুনিক সমাজৰ মানৱীয় বিচাৰধাৰাৰ প্ৰতি সচেতনাৰ পৰিচয় দিছেঃ
‘তুমহে কিস বাত কী কমী হ্যায় অমৰ কী মাঁ— ঘৰ মে বহু হ্যায়,
লড়কে-বচ্ছে হ্যে, সির্ফ ৰূপয়ে সে আদমী অমীৰ নহী হোতা।’
গজাধৰ বাৰুৱে এই কথা কোৱাৰ লগে লগেই অনুভৱ কৰিলে যে তেওঁৰ পত্নীয়ে আচলতে তেওঁৰ কথাৰ গুৰুত্ব উপলব্ধি কৰা নাই। ধনকেন্দ্রিক সমাজ ব্যৱস্থাত গজাধৰ বাবুৰ গুৰুৱ আছিল কেৱল চাকৰি থকালৈকেহে, অৱসৰৰহ পাছত ঘৰখনৰ বাবে তেওঁ মাথোন অনৰ্থক বোজা। অন্ততঃ পৰিয়ালৰ লোকসকলে তেনেদৰেই ভাবে।
৩৭। ‘অভাগীৰ স্বৰ্গ’ গল্পটোৰ এটা পৰ্যালোচনা দাঙি ধৰা?
উত্তৰঃ ‘অভাগীৰ স্বৰ্গ’ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ সমবেদনাস্নিগ্ধ সমাজচেতনা প্রসূত এটি উল্লেখযোগ্য গল্প। গল্পটোত এগৰাকী দৰিদ্ৰ, অভাৱগ্রস্ত বৃদ্ধাৰ মনোজগতত ক্ৰিয়া কৰা মুক্তিৰ আকাঙ্খাৰ কথা প্ৰকাশ কৰিবলৈ গৈ সমসাময়িক সমাজৰ প্ৰচলিত পৰম্পৰা আৰু সংস্কাৰৰ বিষয়ে ভালেমান দিশত আলোকপাত কৰা হৈছে। এগৰাকী ব্ৰাহ্মণ জমিদাৰৰ পত্নীৰ জাকজমকতাপূর্ণ অন্তেষ্টিক্ৰিয়াত মুগ্ধ হৈ কাঙালীৰ মাকে নিজৰ মৃত্যুৰ পিছতো অনুৰূপ শৱ-সৎকাৰ কামনা কৰিছে। এই চিন্তা সঘনাই তেওঁৰ মানসপটত ভুমুকি মাৰি তেওঁৰ হিয়া-মন খুলি খুলি খাইছে আৰু সেয়ে তেওঁ নিজৰ মৃত্যুৰ সময়ত পুতেকক উচ্চবৰ্ণৰ ব্ৰাহ্মণসকলৰ দৰেই যথোচিত নিয়ম পালন কৰি মান-সম্ভ্ৰমেৰে শৱ- সৎকাৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু জমিদাৰী ব্যৱস্থাৰ হৃদয়হীন যান্ত্ৰিকতাৰ বাবে দৰিদ্ৰ মাতৰ একমাত্ৰ সন্তান কাঙালীয়ে মাতৃৰ সেই আশাক বাস্তৱত ৰূপ দিব পৰা নাই ।
কাঙালীৰ মাতৃ অভাগীয়ে স্বৰ্গযাত্ৰাৰ বাবে গন্ধ-পুষ্প-ধূপ আদিৰে সুসজ্জিত আৰু সুগন্ধিত হৈ নিজ পুত্ৰৰ হাতৰ মুখাগ্নিৰে জীৱন নাটৰ সামৰণি মাৰি স্বৰ্গযাত্ৰাৰ পথ প্রশস্ত কৰাৰ কথা ভাবিছিল। চিতাজুইৰ ধোঁৱাৰ মাজেৰে তেওঁৰ এই স্বৰ্গাৰোহণৰ উদ্দেশ্য আছিল স্বৰ্গীয় সুখ লাভ কৰা। ঠাকুৰদাস মুখোপাধ্যায়ৰ পত্নীৰ শৱযাত্ৰাৰ ব্যাপক আয়োজন, বিপুল হৰিধ্বনিৰ মাজত পুত্ৰৰ হাতেৰে মন্ত্ৰপুত অগ্নিসংযোগ আৰু চন্দন কাঠৰ অপূৰ্ব সুগন্ধেৰে আকাশ ছানি ধৰা চিতাজুইৰ ধোঁৱা প্ৰত্যক্ষ কৰি কাঙালীৰ মাকৰ মনত অনুৰূপ স্বাযাত্ৰাৰ আকাংক্ষা জাগিছিল। বিশুবান মুখোপাধ্যায়ৰ পত্নীৰ বিয়োগত চাকৰ-বাকৰ, পুত্ৰ-কন্যা সকলো মিলি উৎসৱময় পৰিৱেশৰ সৃষ্টি কৰিছে। এই আয়োজন ইমানেই জাকজমকতাৰে সম্পন্ন হ’ল যে স্বৰ্গযাত্ৰাৰ আয়োজন শোকৰ নে আনন্দৰ ধৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ’ল। এই শৱযাত্রাই প্রবল। হৰিধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰিলে। আনকি দৰিদ্ৰৰ সৈতে যুঁজ দি এমুঠি অন্ন যোগাৰৰ বাবে হাটলে বেঙেনা লৈ ওলাই যোৱা কাঙালীৰ মাকো এই বৃহৎ মিছিলৰ সৈতে মিহলি হয়। শ্মশানত দুৰৈৰ পৰাই একান্ত মনে অন্তোষ্ট্যিক্রিয়া প্ৰত্যক্ষ কৰি পুনৰ মুখাগ্নি দেখি আৰু ৰাইজৰ বিপুল হর্ষধ্বনি শুনি অভাগীয়ে মুখোপাধ্যায়ৰ পত্নীক অতি সোভাগ্যশালী বুলি ভাবিলে আৰু নিজেও যাতে তেনে মৰণ লাভ কৰিব পাৰে, তাৰ বাবে তেওঁৰ পৰা আশীৰ্বাদ ভিক্ষা কৰিলে।
চিতাজুইৰ ধোঁৱাই কুণ্ডলী পকাই আকাশ ছানি ধৰা বিমল দৃশ্যৰাজি উপভোগ কৰি অভাগী ভাব বিভোৰ হৈ পৰিল। অৱশেষত পুতেকৰ হাতৰ স্পৰ্শত সম্বিত ঘুৰাই পাই ঘাটলৈ গৈ দুয়ো গা-পা ধুই ঘৰলৈ উভটিল। ৰাতি পুতেকক খুৱাই-বুৱাই অভাগীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰিবলৈ ধৰিলে। পুতেকক বুকুৰ মাজত সাবটি লৈ জ্বৰীয়া গাৰেই স্বৰ্গযাত্ৰাৰ নানাৰঙী সপোনৰ মাজত আত্মবিভোৰ হৈ অভাগী ক্ৰমে অৱশ হৈ পৰিল। স্বৰ্গযাত্ৰাৰ অনন্ত আকাংক্ষাই অভাগীৰ মনৰ পৰা মৃত্যুভীতি দূৰ কৰিলে আৰু নিজৰ মৰণকাল উপস্থিত হোৱা বুলি উপলব্ধি কৰি তেওঁক পৰিত্যাগ কৰি বেলেগে সংসাৰ বন্ধনত ব্যস্ত হৈ পৰা স্বামীৰ পৰা মৰণ কালত পদধূলা বিচাৰি পুতেকক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে। অভাগীৰ স্বৰ্গযাত্ৰাৰ কৰুণ কাহিনীৰ বৰ্ণনা অতি মনোৰম আৰু চিত্রধর্মী।
ইতিমধ্যে পুতেকৰ যোগেদি স্বামীৰ পদধূলি শিৰত হৈল অভাগীয়ে মৃত্যুক আঁকোৱালি ল’লে। কিন্তু বাস্তৱৰ ধামখুমিয়াত অভাগীৰ স্বৰ্গযাত্ৰাৰ সকলো সপোন ভাঙি চুৰমাৰ হৈ গ’ল। কিয়নো অভাগীৰ দেহ-সংস্কাৰৰ বাবে নিজৰ চোতালত থকা বেল গছডাল কাটিবলৈ গৈ কাঙালীয়ে হিন্দুস্থানী চিপাহীৰে পৰা আৰম্ভ কৰি জমিদাৰৰ কৰ্মচাৰী আৰু অন্যান্যসকলৰ লাঞ্ছনা-বাঞ্ছন সহ্য কৰিবলগীয়া হ’ল। তাৰ পাছতেই নদীৰ পাৰলৈ নি মাকৰ মৃত্যুদেহটো এটি গাঁতত শুৱাই এটি জুমুঠিৰে মাকৰ মুখ স্পৰ্শ কৰি মাটিৰে পুতি থলে।
গল্পটিত সমাজৰ নিপীড়িত আৰু শোষিত সাধাৰণ নৰ-নাৰীৰ জীৱনৰ কাৰণাৰ চিত্ৰ অতি নিৰ্মম ৰূপত উপস্থাপিত হৈছে। অভাগীৰ জীৱনৰ শেষ পৰিণতিয়ে আমাৰ সমাজৰ শ্ৰেণী বৈষম্যৰ ভয়াবহ ৰূপটোৰ কথাই সোঁৱৰাই দিয়ে।
তদানীন্তন সমাজত উচ্চস্থানত অধিষ্ঠিত ব্ৰাহ্মণসকলৰ ক্ষেত্ৰত প্ৰযোজ্য ভালেমান নীতি- নিয়ম, আচাৰ-অনুষ্ঠান, আৰু সংস্কাৰ সৰ্বসাধাৰণ, পৰিদ্র আৰু নিম্নস্তৰৰ লোকৰ বাবে আছিল সম্পূর্ণ দুঃসাধ্য আৰু কল্পনাতীত। ধর্মভীৰু সাধাৰণ জনগণই ব্রাহ্মণসকলৰ প্ৰতি ৰখা শ্রদ্ধাভাবৰ বিপৰীতে তেওঁলোকে উচ্চ শ্ৰেণীৰ পৰা ভোগ কৰি অহা অমানৱীয় অত্যাচাৰ আৰু সামাজিক অবিচাৰৰ বৰ্ণনাও লেখকে অতি কৌশলপূর্ণভাৱে উপস্থাপন কৰিছে। সামাজিক মর্যাদা আৰু অর্থনৈতিক প্রতিপত্তি থাকিলে সতী-সাধৱী নহ’লেও আলতাৰে ৰঞ্জিত হৈ ধূপ-দীপ চন্দনৰ সুগন্ধিত সুৰভিৰে বিপুল হর্ষধ্বনিৰ মাজত মুখোপাধ্যায়ৰ পত্নীৰ দৰেই স্বৰ্গযাত্ৰা কৰিব পাৰি, যিটো অভাগীৰ দৰে সৰ্বসাধাৰণৰ বাবে সম্পূৰ্ণ অসম্ভৱ। অথচ, অভাগীয়ে সেয়া সতীত্ব আৰু সোভাগ্যৰ ফল বুলি ভাবিবলৈ বাধ্য হৈছে। ফলত তেওঁৰ প্ৰতি আন্তৰিক ভক্তি আৰু শ্রদ্ধাত অভাগীৰ শিৰ অৱনত হৈছে। সমাজৰ সতী-সাধবী নাৰীসকল যদি সঁচাকৈয়ে স্বৰ্গলৈ যায় তেন্তে কাঙালীৰ মাক অভাগীও স্বৰ্গলৈ যাব। গল্পকাৰে তদানীন্তন সমাজত গঢ় লৈ উঠা সতীত্ব সম্পৰ্কীয় ধাৰণাটোৰ ব্যংগ কৰিছে।
কিয়নো, কাঙালীৰ মাকৰ সতীত্ব সম্পর্কীয় বিন্দিৰ মাকহঁতৰ মনৰ ধাৰণাটো মূলতঃ স্বামীয়ে তেওঁক পৰিত্যাগ কৰি দ্বিতীয় বিবাহ কৰোৱাৰ পিছতো অভাগীয়ে নানা দুখ-যন্ত্ৰণা আৰু উপদ্ৰৱ সহ্য কৰিও দ্বিতীয় বিবাহৰ প্ৰভাৱত সন্মত নহৈ সমগ্ৰ জীৱন দুখতেই অতিবাহিত কৰাটো। কিন্তু জাত-পাত আৰু ধনী-দুখীয়াৰ বৈষম পৰিপূৰ্ণ সমাজ জীৱনত তথাকথিত সতীত্বৰ ধাৰণা আছিল সম্পূর্ণ নিৰৰ্থক। সেইবাবেই পৰম্পৰাগত সতীত্বৰ ধাৰণা আৰু সামাজিক মূল্যবোধৰ প্ৰতি সৰ্বসাধাৰণৰ বিশেষ আস্থা থাকিলেও গল্পকাৰে সেইবোৰৰ অৰ্থহীনতাৰ স্বৰূপ চিত্ৰিত কৰি বাস্তৱৰ কঠিন সত্যৰ সৈতে মুখামুখি হোৱাত সহায় কৰিছে। স্বামীৰ দ্বাৰা পৰিত্যক্তা হৈয়ো প্ৰচলিত সামাজিক পৰম্পৰাত আস্থা ৰাখিয়েই অভাগীয়ে পতিৰ পদধূলাৰে স্বৰ্গযাত্ৰাৰ অন্তিম আকাংক্ষাপূৰ্ণ কৰিব বিচাৰিছে। এইখিনিতেই গল্পকাৰে প্ৰচলিত সামাজিক মূল্যবোধৰ প্ৰতি বিদ্রূপ কৰিছে।
গল্পটিত জমিদাৰী ব্যৱস্থাৰ কুফল, হৃদয়হীনতা আৰু মানৱীয় মূল্যবোধৰ অধঃপতিত ৰূপটি অতি সাৰ্থক ৰূপত চিত্ৰিত কৰা হৈছে। তাৰ লগে লগে জাত-পাতৰ সংকীৰ্ণতা আৰু ধুতি-নীতিৰ গোড়ামীয়ে সামাজিক বৈষম্যৰ ৰূপটো অতি মর্মস্পর্শী ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছে।
এনেদৰেই ‘অভাগীৰ স্বৰ্গ’ গল্পটিত এগৰাকী অভাৱগ্ৰস্ত নিম্ন-কুলশীলা নাৰীৰ স্বৰ্গযাত্ৰাৰ আকাংক্ষা পূৰণৰ নিৰ্মম প্রয়াস অতি কৰুণাত্মক ৰূপত চিত্ৰিত কৰা হৈছে।
৩৮। ‘অভাগীৰ স্বৰ্গ’ গল্পটিৰ লগত অসমীয়া গল্পৰ সাদৃশ্য লক্ষ্য কৰিব পাৰিনে? যদি পাৰি অসমীয়া গল্প এটাৰ লগত তুলনামূলক আলোচনা দাঙি ধৰা।
উত্তৰঃ ‘অভাগীৰ স্বৰ্গ’ গল্পটিৰ লগত অসমীয়া সাহিত্যৰ যোগেশ দাসৰ ‘কলপটুৱাৰ মৃত্যু’ গল্পটিৰ সাদৃশ্য লক্ষ্য কৰিব পাৰি। তলত দুয়োটা গল্পৰ তুলনামূলক আলোচনা দাঙি ধৰা হ’ল— ‘অভাগীৰ স্বৰ্গত নিম্নবর্গৰ ওপৰত উচ্চবর্গৰ নিপীড়ন আৰু একে সময়তে ধনী-দুখীয়াৰ বৈষম্যৰ প্ৰতিচ্ছবি অংকিত হৈছে। ‘কলপটুৱাৰ মৃত্যু’তো ধনী আৰু দুখীয়াৰ বৈষম্যৰ লগে লগে নিৰ্ধনীৰ ওপৰত ধনীৰ অত্যাচাৰ আৰু উৎপীড়নৰ চিত্ৰ অংকিত হৈছে। ‘অভাগীৰ স্বৰ্গ’ত জমিদাৰী প্ৰথাৰ কুফলস্বৰূপে সৰ্বসাধাৰণ ৰাইজৰ বিলাই-বিপত্তি, অমানৱীয় অত্যাচাৰ আৰু নিষ্ঠুৰতাৰ চিত্ৰ অংকিত হৈছে। আনহাতে ‘কলপটুৱাৰ মৃত্যু’ত মৌজাদাৰী ব্যৱস্থাৰ কুফলস্বৰূপে সাধাৰণ মানুহৰ মানৱীয় মূল্যবোধ, অধিকাৰ আৰু সহজাত আশা-আকাংক্ষা, কামনা-বাসনা আদি কেনেদৰে নিঃশেষ হ’বলগীয়া হৈছে, সেয়া ধনীৰামৰ জীৱনৰ সংঘাত আৰু সংঘৰ্ষৰ মাজেদি ফুটাই তোলা হৈছে।
‘অভাগীৰ স্বৰ্গত এগৰাকী অভাৱগ্ৰস্ত নাৰীৰ মনোজগতত ক্ৰিয়া কৰা স্বৰ্গযাত্ৰাৰ আকাংক্ষা পূৰণ কৰিবলৈ গৈ সন্মুখীন হোৱা বিভিন্ন সামাজিক পৰিস্থিতিৰ নিৰ্মম আৰু কৰুণ মুহূৰ্তৰ চিত্ৰ অংকিত হৈছে। ‘কলপটুৱাৰ মৃত্যুত ধনীৰাম নামৰ নিমতি ব্যক্তি গৰাকীয়ে মাটিৰ খাজনা পৰিশোধ আৰু পৰিয়ালৰ ভৰণ পোষণৰ স্বাৰ্থত মৌজাদাৰৰ কাষ চাপি শেষত মৌজাদাৰৰ পুত্ৰৰ অবৈধ সন্তানৰ ভ্রূণ বহন কৰা ৰূপেশ্বৰীক গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।
‘অভাগীৰ স্বৰ্গ’ত সামাজিক কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ প্ৰভাৱ যথেষ্ট; ‘কলপটুৱাৰ মৃত্যু’ত সমাজৰ বৰমূৰীয়াসকলে নিজৰ মান-মর্যাদা অুটট ৰখাৰ স্বাৰ্থত তথাকথিত সৰু মানুহৰ আশা-আকাংক্ষাক তুচ্চজ্ঞান কৰা ব্যক্তিকেন্দ্ৰিক মানসিকতা মৌজাদাৰৰ চৰিত্ৰত প্ৰকাশিত হৈছে। আনহাতে ‘অভাগীৰ স্বৰ্গ’ৰ জমিদাৰৰ চৰিত্ৰতো এনে ব্যক্তিকেন্দ্রিক, স্বাৰ্থপৰ আৰু সংকীর্ণ মনোভাৱৰ পৰিচয় স্পষ্ট। নগদ দুশ টকাৰে সৈতে সগর্ভা ৰূপেশ্বৰীক লৈ অহাৰ সময়ত ধনীৰামৰ অন্তৰত কোনো দ্বিধা বা সংকোচৰ ভাব দেখা নাযায়। মৌজাদাৰৰ ঘৰখনৰ আত্মসন্মান ৰক্ষাৰ স্বাৰ্থতেই সি তেনে কৰিবলৈ বাধ্য হৈছে। কাৰণ– ‘বৰবোপায়ে কৈছে ৰূপেক লৈ আহিলে সিও ৰক্ষা পৰিব আৰু তেওঁলোকৰ ঘৰখনো ৰক্ষা পৰিব।’ অৱশ্যে ধনীৰামেও এটা ডাঙৰ বিপদৰ পৰা মুক্তি পাব।
অভাগীৰ স্বৰ্গ’ গল্পটিত নিম্নশ্রেণীৰ হিন্দু নাৰীৰ সংস্কাৰ আৰু স্বৰ্গযাত্ৰাৰ আকাংক্ষাই বিশেষ প্ৰাধান্য লাভ কৰিছে। অভাগীৰ বিশ্বাস যে পুত্ৰৰ হাতৰ মুখাগ্নি পালে অৱশ্যেই স্বৰ্গৰথ নামি আহিব। শ্মশানত অভাগীয়ে স্বৰ্গৰথ দেখাৰ মাধ্যমেৰে কাহিনীৰ আৰম্ভণি আৰু শ্মশানতেই স্বৰ্গৰথৰ বাবে প্ৰতীক্ষাৰত কাঙালীৰ সকৰুণ প্ৰয়াসেৰে কাহিনীৰ পৰিসমাপ্তি ঘটোৱা হৈছে।
‘কলপটুৱাৰ মৃত্যুত ধনীৰামৰূপে শ্বৰীৰ সহজাত প্ৰণয় আৰু উভয়ৰে সংসাৰ যাত্ৰাৰ বাবে কৰা আকাংক্ষা মৌজাদাৰৰ পুত্ৰ বৰবোপাৰ কামনাৰ জুইত নিঃশেষ হৈ গৈছে আৰু শেষত দুয়োৰে ইম্পিত মিলনৰ মাজেদি কাহিনীৰ পৰিসমাপ্তি ঘটিছে।
অতি কম পৰিসৰৰ ভিতৰতেই শৰৎচন্দ্রই ‘অভাগীৰ স্বৰ্গ’ত কেইবাটাও চৰিত্ৰ সাৰ্থক ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছে। তেনে চৰিত্ৰৰ ভিতৰত জমিদাৰৰ পুত্ৰ, হিন্দুস্থানী দাৰোৱান, নাপিত বৌ, বিন্দী পিসী, জমিদাৰৰ গোমস্তা ইত্যাদি প্রধান। অভাগীৰ স্বৰ্গৰ দৰেই ‘কলপটুৱাৰ মৃত্যু’তো গল্পকাৰে কম পৰিসৰৰ ভিতৰত কেইবাটাও সাৰ্থক চৰিত্ৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। সেয়া হ’ল ধনীৰাম, ৰূপেশ্বৰী, মৌজাদাৰ, বৰবোপা ইত্যাদি।
আলোচনাৰ পৰা দেখা যায় যে, দুয়োটা গল্পতে গল্পকাৰে অসামান্য দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। অৱশ্যে ‘অভাগীৰ স্বৰ্গ’ গল্পটি আংগিক আৰু কলাত্মক সূক্ষ্মতাৰ দিশৰ পৰা অধিক সাৰ্থক আৰু মৰ্মস্পর্শী।
৩৯। বাংলা গল্প সাহিত্যৰ ইতিহাসত শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ স্থান নিৰূপণ কৰা?
উত্তৰঃ বাংলা সাহিত্য যদি মহীৰূহ তেতিয়াহ’লে সেই মহীৰূহৰ বেছি পল্লৱিত শাখাটো হ’ল— বাংলা চুটি গল্প। বাংলা চুটিগল্পই বিশ্বৰ আগশাৰীৰ গল্পৰ লগত খোজ মিলাবলৈ সক্ষম হৈছে।
বাংলা চুটিগল্পৰ এই গৌৰৱোজ্জ্বল ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে– ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত ইয়াৰ উদ্ভৱ হৈছিল। চুটিগল্পৰ সৃষ্টি হোৱাৰ আগতে লোককথা, ফাৰ্চী গল্প, আৰব্য উপন্যাস, হিতোপদেশ আদিৰ পৰা সেই সময়ৰ বাংলা পাঠকে গল্প ৰস আহৰণ কৰিছিল। ঊনবিংশ শতাব্দীত পাশ্চাত্য প্ৰভাৱৰ ফলত পাঠকৰ ৰুচিৰ পৰিৱৰ্তন হ’ল ফলত সাহিত্যিক, গোষ্ঠীয়ে পাঠকৰ সাহিত্যৰ নতুন সোৱাদ দিবলৈ আগবাঢ়ি আহে। এই কথা ভাবিয়েই বংকিমচন্দ্রই লিখিছিল— ইন্দিৰা, যুগলাঙ্গুৰীয় আৰু ৰাধাবাণী। সমালোচকে এইবিলাকক বিশুদ্ধ চুটিগল্পৰ শাৰীত ৰখা নাই। তেওঁলোকৰ মতে এইবিলাকক চুটিগল্পৰ পৰিৱৰ্তে চুটি উপন্যাস বোলাহে যুগুত। বংকিমচন্দ্ৰৰ সমকালীন লেখক পূর্ণচন্দ্র চট্টোপাধ্যায়ৰ ‘মধুমতী’ আৰু সঞ্জীৱ চন্দ্ৰ চট্টোপাধ্যায়ৰ ‘ৰামেশ্বৰেৰ অদৃষ্ট’ আৰু ‘দামিনীত’ চুটিগল্প ৰচনাৰ প্ৰথম প্ৰচেষ্টা দেখা যায়। কিন্তু এই সকলোবিলাকে বৈশিষ্ট্য বহনকাৰী চুটিগল্পৰ জন্ম দিব পৰা নাছিল। বাংলা ভাষাত প্রথম সার্থক চুটিগল্পৰ জন্ম দিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰে।
ঔপন্যাসিক হিচাপে খ্যাত শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ গল্পৰ সংখ্যা সৰহ নহয় যদিও গল্পকাৰ হিচাপেও তেওঁ খ্যাত আছিল। সমাজৰ নিম্নস্তৰৰ মানুহৰ দুখ-বেদনা সহৃদয়তাৰে দাঙি ধৰিছিল বাবেই তেওঁৰ গল্পৰ প্ৰতি সেই সময়ৰ সৰ্বসাধাৰণ পাঠকে বিশেষ আকর্ষণ অনুভৱ কৰিছিল। অপৰাজেয় কথাশিল্পী শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ খ্যাতি মূলত ঔপন্যাসিক হিচাপে যদিও চুটি গল্প ৰচনাতো তেওঁ অসামান্য দক্ষতা প্ৰমাণ কৰিছে। শৰৎচন্দ্ৰৰ ‘অভাগীৰ স্বৰ্গ’, ‘মহেশ’ আদি কালজয়ী গল্প। সাম্প্রতিক বাংলা সাহিত্যত চুটিগল্পক লৈ নানা পৰীক্ষা-নিৰীক্ষা চলিছে। উচ্চ, মধ্য আৰু নিম্নবিত্ত তিনিও শ্ৰেণীৰ মানুহ এতিয়া চুটিগল্পৰ বিষয়বস্তু। বিভিন্ন ক্ষেত্ৰতে চুটিগল্পই বিচিত্ৰতা লাভ কৰিছে। এনেদৰে বাংলা চুটিগল্পৰ বিস্তৃত ইতিহাসক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা আজিও অব্যাহত আছে।
বাংলা চুটিগল্পৰ ইতিহাসৰ আঁত ধৰি শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ গল্প সম্বন্ধে আলোচনা কৰিলে দেখা যায় যে শৰৎচন্দ্ৰ চট্টোপাধ্যায় বাংলা চুটিগল্পৰ এগৰাকী সফল গল্পকাৰ। বাংলাৰ গ্ৰাম্য জীৱন, মধ্যবিত্ত সমস্যা, দাৰিদ্ৰ আৰু জাত-পাতৰ বিচাৰ এইবোৰ বিষয় সমসাময়িক বাংলা সাহিত্যত কোনো নতুন কথা নাছিল, কিন্তু গভীৰ অন্তদৃষ্টিৰ মাজেৰে শৰৎচন্দ্ৰই ইবোৰৰ বিভিন্ন ৰূপ ইমানেই মর্মস্পৰ্শী আৰু বাস্তৱভাৱে ফুটাই তুলিছিল যে— সমসাময়িক বাংলা সাহিত্যত তেওঁৰ ৰচনাই এক আশ্চৰ্যৰ সৃষ্টি কৰিছিল। শৰৎচন্দ্ৰৰ জীৱন আছিল বৈচিত্ৰ্যৰে ভৰা। এক সম্পন্ন যৌথ পৰিয়ালৰ মাজত জীৱনৰ শৈশৱ, কৈশোৰ আৰু যৌৱন অতিবাহিত কৰা শৰৎচন্দ্ৰৰ জীৱন উচ্চ, মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ অন্তহীন অভিজ্ঞতাৰে ভৰপূৰ। আটাইতকৈ ডাঙৰ কথা হ’ল— দাৰিদ্ৰ্যৰ লগত তেওঁৰ প্ৰত্যক্ষ পৰিচয়। সেয়েহে দাৰিদ্ৰ্যৰ বুকুভঙা চিত্ৰ তেওঁ অতি সফলভাবে আঁকিব পাৰিছে। সেয়েহে তেওঁ গল্পসমূহত মধ্যবিত্তৰ সুখ-দুখ, হাঁহি-কান্দোন, সংকীর্ণতা, নিষ্ঠুৰতা, কোমলতা, জটিলতা-সৰলতা, সাধুতা-সততা আদি অতি সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিছিল।
তেওঁৰ হাতত এইবোৰৰ বৰ্ণনা ইমানেই প্রাণৱস্তু, মর্মস্পর্শী আৰু বৈচিত্র্যময় হৈ উঠিছে যে এইক্ষেত্ৰত তেওঁ সমসাময়িক বাংলা গল্প সাহিত্যৰ জগতত প্ৰায় অনন্য বুলিব পাৰি। শৰৎচন্দ্ৰৰ গল্পবোৰত চৰিত্ৰবোৰৰ বাহিৰৰ পৰা কোনো আকাশস্পর্শী আদর্শ নাই, বাস্তৱ জীৱনৰ প্ৰচণ্ড উত্তাপ নাই। সমাজ জীৱনৰ সুখ-দুখ আৰু অশ্ৰু বেদনাক সহানুভূতিৰ ৰসত ডুবাই ইমান স্নিগ্ধমধ্যুৰ আৰু বেদনামধুৰ কাহিনী আৰু কোনেও লিখিব পৰা নাই। তেওঁৰ গল্পসমূহত সমাজ আৰু চৰিত্ৰনীতিৰ চাপত কত নৰ-নাৰীৰ জীৱন ব্যৰ্থ হৈ গৈছে সেই বিলাপ আৰু ব্যৰ্থতাৰ বেদনা গধুৰ ছবি আঁকি তেওঁ যুগোপযোগী এক প্ৰকাৰৰ নব্যমানৱতাবাদী ৰূপৰসৰ সৃষ্টি কৰিছে। সংযমিত আৰু শব্দৰ উপযুক্ত ব্যৱহাৰেৰে তেওঁ চুটিগল্পত আৰোপ কৰিছিল অন্য এক লালিত্য। এনেদৰে বাংলা চুটিগল্পৰ ইতিহাসত শৰৎচন্দ্র চট্টোপাধ্যায়ে এক সন্মানৰ স্থান ৰাখি থৈ যাবলৈ সক্ষম হৈছে।
৪০। ‘বঙলা চুটি গল্পৰ জন্মদাতা হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰৰ’ পৰিচয় প্ৰদান কৰা?
উত্তৰঃ কুৰি শতিকাৰ আধুনিক ভাৰতীয় সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ যুগস্রষ্টা আৰু প্ৰসিদ্ধ কথাশিল্পী হ’ল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। গল্পকাৰ হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰে আত্মপ্রকাশ কৰে ১৮৭৭ চনত ‘ভাৰতী’ আলোচনীত প্ৰকাশিত ‘ভিখাৰিণী’ নামৰ গল্পৰ যোগেদি। বঙলা সাহিত্যৰ চুটিগল্পৰ জনক ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথৰ চুটিগল্প পাশ্চাত্য প্রভাৱৰ ফল। মূলত ইংৰাজী সাহিত্যৰ অনুপ্ৰেৰণাত ৰবীন্দ্ৰনাথে গল্প ৰচনাত প্ৰবৃত্ত হৈছিল। ‘হিতবাদী’ আৰু ‘সাধনা’ নামৰ দুখন পত্ৰিকাত ৰবীন্দ্ৰনাথৰ প্ৰথম পৰ্যায়ৰ গল্পসমূহ প্ৰকাশ হৈছিল।
‘হিতবাদী’ কাকতত প্ৰকাশিত ‘দেনা-পাওনা’, ‘পোষ্ট মাষ্টাৰ’, ‘ব্যৱধান’, ‘খাতা” আদি গল্পৰ যোগেদি তেওঁৰ গল্প-প্ৰতিভাৰ পৰিচয় পোৱা যায়। ইয়াৰ পাছতেই তেওঁ ‘সাধনা’ কাকত নিৰৱচ্ছিন্নভাৱে গল্প লিখিবলৈ লয়। ১৮৯১ চনৰ পৰা ১৯০১ চনৰ ভিতৰত ৰচিত গল্পসমূহত তেওঁৰ গল্প প্ৰতিভাৰ পৰিপূৰ্ণতা দেখা পোৱা যায়। এই সময়ছোৱাত প্ৰকাশিত তেওঁৰ জনপ্ৰিয় গল্পসমূহ হ’ল– কংকাল, একৰাত্রি, ত্যাগ, অতিথি, কাবুলিৱালা, নিশিথে, বিচাৰক, দুৰাশা, সমাপ্তি আদি।
১৯১৪ চনত প্ৰকাশিত ‘সবুজ পত্র’ আলোচনীত প্রকাশিত তেওঁৰ গল্পবোৰত মানৱীয় মূল্যবোধৰ ৰূপান্তৰৰ ইংগিত, ব্যক্তি-স্বাতন্ত্র্য্যৰ প্ৰতি স্পৃহা আৰু এক বিদ্ৰোহৰ সুৰ শুনিবলৈ পোৱা যায়। ৰবীন্দ্ৰনাথৰ গল্পৰ প্ৰধান উপজীব্য প্রেম লিপিকা, সে, গল্পগুচ্ছ, তিনসংগী আদি গল্পসংগ্রহ সমূহত তেওঁৰ ভালেমান গল্প প্ৰকাশ পাইছে। তেওঁৰ গল্পত নতুন নতুন অভিজ্ঞতাৰ যোগেদি মানুহক অতি ওচৰৰ পৰা নিৰীক্ষণ কৰিছে। সেয়ে ৰচনা আৰু বিষয় বৈচিত্র্যত ৰবীন্দ্ৰনাথৰ গল্পসমূহ আজিও সর্বশ্রেষ্ঠ। চৰিত্ৰৰ সূক্ষ্ম মনস্তাত্ত্বিক বিশ্লেষণত ৰবীন্দ্ৰনাথ অদ্বিতীয়। তেওঁৰ গল্পৰ আন এক বৈশিষ্ট্য হ’ল– কাব্যিকতা আৰু ৰোমাণ্টিকতাৰ মধুৰ সংমিশ্রণ।
ইপিনে ৰোমান্টিক ভাবধাৰা আৰু আনপিনে স্বভাৱজাত কাব্যিকতাৰ গুণে তেওঁৰ কিছুমান গল্পক বিশেষ সৌন্দৰ্য প্ৰদান কৰিছে। তেওঁৰ গল্পত বিশেষকৈ নৰ-নাৰীৰ সম্পৰ্কৰ সূক্ষ্ম বিশ্লেষণ দেখা যায়। প্রেম, মধ্যবিত্ত সমাজ, পাৰিবাৰিক সমস্যা আদিয়ে ৰবীন্দ্ৰনাথৰ গল্পৰ পৃষ্ঠভূমি তেওঁৰ সাহিত্যিক জীৱনৰ পৰিচয় প্ৰদান কৰা হ’ল। লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে তলত উল্লেখ কৰা হ’ল— তেওঁৰ জন্ম হৈছিল ১৮৬১ চনৰ ৭ মে তাৰিখে। তেওঁৰ পিতৃৰ নাম আছিল দেবেন্দ্ৰনাথ ঠাকুৰ। ১৮৮৩ চনত তেওঁ মৃণালিনী দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে কলকাতাত তেওঁৰ মৃত্যু হয়।
৪১। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘অভাগীৰ স্বৰ্গ’ গল্পটোৰ মূলভাৱ বিশ্লেষণ কৰা।
উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘অভাগীৰ স্বৰ্গ’ এটি উৎকৃষ্ট গল্প। নিতান্তই সুখপাঠ্য এই গল্পটোত লেখকে প্রতি মুহূর্ততে লক্ষ্য আৰু ফলশ্ৰুতিৰ একময়তাৰ প্ৰতি দৃষ্টি ৰাখি তেওঁৰ বিষয়বস্তুক আগুৱাই নিছে। গল্পটোৰ মূলকথা হ’ল ‘অভাগীৰ স্বৰ্গ’। ‘অভাগীৰ’ এই স্বৰ্গ কল্পনা আৰু বাস্তৱৰ মাজত আছে দূৰত্বৰ ব্যৱধান। লেখকে দেখুৱাইছে যে শ্রেণী বিভক্ত, জাত সর্বস্ব সামন্তবাদী সমাজ এখনত অভাগীৰ দৰে মানুহে আঢ্যৱন্তৰ অনুকৰণত এনে সপোন দেখিব পাৰে, কিন্তু বাস্তৱ এনে সপোনৰ সম্পূৰ্ণ বিপৰীত। বাস্তৱৰ মজিয়াত থিয় দি চালে বুজা যায় যে সমাজৰ এনে স্তৰত থকা মানুহে আচলতে এনে ধৰণৰ সপোন দেখাটোও এক দুর্ভাগ্যজনক কথা। তথাপি দেখাক দেখি এনে কল্পনা কেতিয়াবা এওঁলোকৰ মনলৈও আছে। কিন্তু সমাজে নিদাৰুণভাৱে বুজাই দিয়ে যে— এনে শ্ৰেণীৰ এনে কল্পনা কৰাটো এক পৰিহাস। প্রতি মুহূৰ্ততে লেখকে তেওঁৰ বৰ্ণনাৰ মাজেৰে এই মহাসত্যৰ দ্বাৰ উন্মোচন কৰিছে। ‘অভাগীৰ স্বৰ্গ’ ৰ মাজত দুখ-দাৰিদ্ৰ্য, নিম্নবৰ্গৰ ওপৰত উচ্চ বৰ্গৰ নিপীড়ন আৰু একে সময়তে ধনী- দুখীয়াৰ বৈষম্যৰ চিত্ৰ প্ৰতিফলিত হৈছে। গল্পটোৰ মাজত লেখকৰ সচেষ্ট প্রয়াস থাকক বা নাথাকক তাত কিন্তু ব্যক্তিৰ শ্ৰেণীগত অৱস্থানৰ যে এক গুৰুত্ব আছে সেই কথা পৰিস্কাৰ হৈ পৰিছে।
‘অভাগীৰ স্বৰ্গ’ গল্পটোত নাৰী চৰিত্ৰৰ বৈচিত্ৰ্যৰ কোনো পৰীক্ষা-নিৰীক্ষা কৰাৰ চেষ্টা নাই। কিন্তু এগৰাকী অভাৱগ্ৰস্ত বৃদ্ধা নাৰীৰ মনোজগতত জন্ম লোৱা পুণ্য কামনা আৰু স্বৰ্গাৰোহণৰ বিচিত্র আকাংক্ষাক প্ৰকাশ কৰিবলৈ গৈ তেওঁ বহুবোৰ সামাজিক সত্যৰ দ্বাৰ উন্মোচন কৰিছে। দুটামান বেঙেনা বিক্ৰী কৰিবলৈ যোৱা ‘কঙালী’ৰ মাকে স্বামীৰ পদধূলা গ্ৰহণ কৰি পুষ্প, আলতা, ধূপ আদিৰে সজ্জিত আৰু গন্ধিত হৈ নিজ পুত্ৰৰ হাতৰ মুখাগ্নিৰে জীৱন নাটৰ পৰিসমাপ্তিৰ আশা পোষণ কৰিছে। তেওঁৰ বিশ্বাস যে তেওঁ যদি পুত্ৰৰ হাতৰ মুখাগ্নিক সমল কৰি এই পৃথিৱীৰ পৰা অদেখা, অজানা আৰু অনন্ত দ্বিতীয় পৃথিৱীলৈ যাবলৈ পায়, তেনেহ’লে নিশ্চিতভাৱেই তেওঁ স্বৰ্গৰ বৈভৱ লাভ কৰিব। চিতাৰ জুইৰ ধোঁৱাৰ মাজেৰে হ’ব তেওঁৰ এই স্বৰ্গাৰোহণ। কাঙালীৰ মাকৰ দৰে শ্ৰেণীৰ মানুহে আচলতে এনে সপোন দেখিব নোৱাৰে। সেইবাবে লেখকে বেঙেনা বিক্ৰী কৰিবলৈ যোৱা অৱস্থাটোৰ মাজেৰে তাইৰ নিজৰ অৱস্থাটোক প্ৰকট কৰি তুলিছে। তথাপি তাই এনে এটা সপোন দেখিছে এক বিশেষ পটভূমিত – সাত দিনৰ জ্বৰৰ কবলত পৰি মৃত্যু হোৱা ঠাকুৰ দাস মুখোয্যৰ পত্নীৰ চিতাৰ ধোঁৱাই আকাশ ছানি ধৰা অৱস্থাটো প্ৰত্যক্ষ কৰি।
হাতৰ বেঙেনা হাতত লৈ মুখোয্য পত্নীৰ স্বৰ্গযাত্রা চাই কঙালীৰ মাক বিভোৰ হৈ পৰিল। তেওঁ সম্বিত ঘূৰাই পালে, যেতিয়া কাঙালীয়ে আহি পেটৰ ভোকৰ কথা কৈ ভাত ৰান্ধিবৰ বাবে তেওঁক খাটনি ধৰিলে। কাঙালীৰ মাকে শ্মশান সৎকাৰৰ শেষছোৱা প্ৰত্যক্ষ কৰাৰ সৌভাগ্যৰ প্ৰতি পিঠি দি পুতেকৰ তাগিদামতে দুয়ো নৈৰ ঘাটত গা ধুই ঘৰ পালেহি। ঘৰলৈ আহি পুতেকক ৰান্ধি-বাঢ়ি খুৱালে যদিও তেওঁ নিজে জ্বৰত পৰিল। পুতেকক বুকুৰ মাজত লৈ অভাগীয়ে তাইৰ পুৰণা দিনৰ কথা স্মৰণ কৰিবলৈ ল’লে। নিজৰ দুখ-যন্ত্ৰণাৰ কথা, ৰাজপুত্ৰ, কেটালপুত্ৰ, পক্ষীৰাজ, ঘোড়াৰ কথা, মুখোয্যৰ পত্নীৰ স্বৰ্গযাত্ৰাৰ কথা ইত্যাদি ইত্যাদি।
পুতেকক বুকুৰ মাজত লৈ স্বৰ্গযাত্ৰাৰ নানাৰঙী স্বপ্নৰ মাজত বিভোৰ হৈ অভাগী ক্রমে অবল হৈ পৰিল। মৃত্যু আসন্ন বুলি তেওঁ বুজিব পাৰিলে যদিও স্বৰ্গযাত্ৰাৰ স্বপ্নই তেওঁৰ মনৰ পৰা মৃত্যুভয় নোহোৱা কৰিলে। মৰণকালত পতিৰ পদধূলা পাবৰ বাবে অভাগীয়ে গিৰিয়েকক মাতি আনিবলৈ কাঙালীক পাচিলে আৰু আহোঁ বৌয়েকৰ তাৰ পৰা অকণমান আলতা আনিবলৈ ক’বলৈও নাপাহৰিলে।
নতুন সংসাৰ পাতি ইখন গাৱলৈ উঠি যোৱা অভাগীৰ গিৰীয়েক আহি পদধূলি দিয়াৰ দিনা ৰাতিলৈ অভাগীৰ মৃত্যু হ’ল। এইখিনিলৈকে লেখকে পাঠকক অভাগীৰ কল্পলোকৰ মাজতে আবিষ্ট কৰি ৰাখিছিল। কিন্তু গল্পকাৰে গল্পটোত নিদাৰুণ বাস্তৱ সমাজখনো দেখুৱাইছে। গল্পটোত সমাজৰ জীৱন ব্যৰ্থ হৈ পৰা নিপীড়িত মানুহৰ বেদনাগধুৰ ঘটনাৰেই এক সজীৱ চিত্ৰ গল্পকাৰে দাঙি ধৰিছে। সেইফালৰ পৰা শৰৎচন্দ্ৰৰ ৰচনাৰ সামগ্রিক আদর্শক ই যথার্থভাৱে প্ৰতিফলিত কৰিছে।
৪২। ‘অভাগীৰ স্বৰ্গ’ গল্পটোৰ মাজেৰে তৎকালীন বংগীয় সমাজৰ যি নিৰ্মম চিত্র উপস্থাপিত হৈছে, সেই বিষয়ে বর্ণনা কৰা?
উত্তৰঃ গল্পটোৰ মাজেৰে তৎকালীন বংগীয় সমাজৰ আটাইবোৰ চিত্ৰ সুন্দৰভাৱে পৰিস্ফুট হৈছে।
তদানীন্তন সমাজত ব্ৰাহ্মাণসকলৰ প্ৰতি থকা এক অনাহক শ্রদ্ধা বা সাধাৰণ লোকৰ ধৰ্মভীৰুতাৰ এটা বিৱৰণো গল্পটোত পোৱা যায়। সমাজৰ উচ্চস্থানত থকা ব্ৰাহ্মাণসকলৰ ক্ষেত্ৰতহে কেতবোৰ আচাৰ-নিয়ম প্রযোজ্য, যিবোৰ নিম্নস্তৰৰ মানুহৰ বাবে কল্পনাৰ অতীত। সেয়েহে আলতাৰে ৰঞ্জিত আৰু ধপ-দীপেৰে সজ্জিত হৈ পুত্ৰৰ মুখাগ্নিৰে অন্তোষ্টিক্ৰিয়া কৰাৰ লেখীয়া ব্যৱস্থা অভাগীৰ বাবে এক নতুন অভিজ্ঞতা। কিন্তু এই সকলোবোৰৰ কাৰণ হিচাপে তেওঁ মুখোয্যে পত্নীৰ সতীত্ব, ভাগ্য ইত্যাদি বুলি ভাবিছে। কিন্তু ইয়াৰ বাবে কোনো সতী, সাধবী বা লখিমী তিৰোতা হোৱাৰ প্ৰয়োজন নাই, অর্থনৈতিক প্রতিপত্তি আৰু জাতিৰ মৰ্যাদা থাকিলে যিকোনো তিৰোতাৰ ভাগ্যতে এইখিনি ঘটিব। তদুপৰি মৃত্যুৰ পিছৰ এনে কোনো ঘটনাই কাৰো দুৰ্ভাগ্য বা সোভাগ্যক প্ৰতিফলিত নকৰে। বিশ্বাস-অবিশ্বাসৰ দোমোজাত থকা কাঙালীয়ে মাকৰ দৃঢ় মন্তব্যত লাহে লাহে পতিয়ন গৈছে। একেই প্ৰসংগত সতীত্ব সম্পর্কে থকা ফোঁপোলা-ধাৰণাটো গল্পকাৰে কৌশলেৰে পৰিহাৰ কৰিছে।
গল্পটোত গল্পকাৰে সামাজিক ব্যৱস্থাটোৰ লগতে কেতবোৰ ধৰ্মীয় বা সামাজিক প্ৰমূল্য যে একেবাৰে অৰ্থহীন তাকো প্ৰমাণ দেখুৱাইছে। যুগান্তৰৰ ঐতিহ্য, পৰম্পৰা বা সংস্কাৰে গৰকি থকা সমাজত সতীত্বৰ এক বিশেষ মর্যাদা আছে আৰু আমাৰ বেছিভাগ সাহিত্যতে বিভিন্ন কৌশলেৰে হ’লেও এই মৰ্যাদা ৰক্ষা কৰাৰ সচেতন প্ৰয়াসহে প্ৰতিফলিত হয়। কিন্তু শৰৎচন্দ্ৰই এই প্রতিষ্ঠিত মর্যাদাকো অর্থহীন ৰূপত তুলি ধৰি আমাক প্ৰকৃত সত্যৰ মুখামুখি কৰাইছে। সমসাময়িক সমাজত এনেবোৰ প্ৰতিষ্ঠিত বিশ্বাসৰ প্ৰতি বিদ্রূপ কৰাটো সহজসাধ্য নাছিল। এনে বিদ্রূপৰ মাজেৰে তেওঁ নিজৰ সাহস আৰু প্ৰগতিশীল মনোভাবৰ পৰিচয় দাঙি ধৰিছে। গল্পটিত উল্লিখিত আন এক তেনে প্ৰমূল্য হ’ল পতিৰ পদধূলা। অভাগীৰ স্বামীয়ে অভাগীক কেতিয়াবাই এৰি গৈ অইন কাৰোবাৰ পতিৰ আসন পূৰ্ণ কৰিছেগৈ। সামাজিক নিয়ম বা অভাগীৰ পতিব্ৰতাই তেওঁক ইয়াৰ পৰা আঁতৰাই ৰাখিব পৰা নাই, কাৰণ সমাজৰ পৰা তাই শিকিছে পতিৰ পদধূলা স্বৰ্গযাত্ৰাৰ অন্যতম চৰ্ত।
গল্পৰ শেষাংশত তদানীন্তন জমিদাৰী প্ৰথাৰ অবৰ্ণনীয় উৎপীড়ন আৰু জাত-পাতৰ বিচাৰ সম্পৰ্কত থকা কদৰ্য ধাৰণাবোৰৰ নির্মোহ প্ৰকাশ ঘটিছে। অভাগীৰ শৱ সংস্কাৰৰ বাবে কাঠ বিচাৰি ৰসিকে চোতালৰ বেল গছডাল কাটিবলৈ লওঁতেই জমিদাৰৰ পোহনীয়া হিন্দুস্থানী চিপাহীয়ে ৰসিকক একচৰ মাৰি কুঠাৰখন টানি নিলে। গল্পকাৰে দেখুৱাইছে যে সেই গছডাল আচলতে অভাগীয়ে নিজ হাতে ৰুইছিল। কিন্তু জমিদাৰী ব্যৱস্থাৰ মাজত নিজে ৰোৱা গছডালটো নিজৰ নহয়েই, বৰং বহু সময়ত দেহ-মনবোৰকো জমিদাৰে তেওঁৰ নিজৰ সম্পত্তি বুলিয়েই ভাবে। সেয়েহে বাপেকে চৰ খোৱাৰ পিছত কাঙালী জমিদাৰৰ স্থানীয় কৰ্মচাৰী অধৰবাবুক অনুৰোধ জনাবলৈ দৌৰ মৰাৰ সময়ত লেখকে লিখিছে “হায় ৰে অনভিজ্ঞ। বাঙলাদেশেৰ জমিদাৰ ও তাহাৰ কৰ্মচাৰীকে সে চিনিত না।”
জমিদাৰী প্রথাই জুৰুলা কৰা বংগৰ সমাজখনত এনেবোৰ আচৰণ হজম কৰি কৰিয়েই প্ৰজাসকল নীলকণ্ঠৰ দৰে হৈ পৰিছিল। গল্পকাৰে তাৰে এটা নমুনাহে তুলি ধৰিছে। পিছে গোস্পদে নভোমণ্ডলৰ দৰে তেওঁৰ এই বাক্যকেইটাৰ মাজতে সমগ্ৰ ব্যৱস্থাটোৰ কদৰ্য অমানৱীয় ৰূপ অতি নিৰ্ভেজালভাৱে প্ৰকট হৈ উঠিছে। জাত-পাতৰ বিচাৰ সম্পৰ্কত শেষ কথাকেইটা হৈছে মুখোয্যে মহাশয়ৰ ঘৰৰ চোতালত। অধৰৰ তাৰ পৰা বিমুখ হৈ কাঙালী মুখোয্যে মহাশয়ৰ তাত সোমাল । তাত শ্ৰাদ্ধৰ মহাসমাৰোহৰ আয়োজন। তাতে কাঙালীয়ে মাকক দাহন কৰাৰ প্ৰসংগটো উলিয়ালে। তাতে উপস্থিত থকা ভট্টাচাৰ্য মহাশয়ে ক’লে “তোদেৰ জাতে কি কৰে। আবাড় পোড়ায় ৰে। যা মুখে একটু নুড়ো জেলে দিয়ে নদাৰ চড়ায় মাটি দে গে।”
লেখকে দেখুৱাইছে যে শ্রেণী বিভক্ত, জাত সর্বস্ব সামন্তবাদী সমাজ এখনত অভাগীৰ দৰে মানুহে আঢ্যৱন্তৰ অনুকৰণত একে সপোন দেখিব পাৰে, কিন্তু বাস্তৱ এনে সপোনৰ সম্পূর্ণ বিপৰীত।
এনেদৰে আলোচনা কৰিলে দেখা যায় যে শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘অভাগীৰ স্বৰ্গ’ গল্পটোত, গল্পকাৰ গৰাকীয়ে তৎকালীন বংগীয় সমাজৰ প্ৰতিটো দিশতে দৃষ্টি নিক্ষেপ কৰি গল্পটোৰ পাতত সেইবোৰ সন্নিৱিষ্ট কৰিছে। সেয়েহে ‘অভাগীৰ স্বৰ্গ’ বাংলা চুটিগল্পসমূহৰ ভিতৰত এটি সাৰ্থক চুটিগল্প বুলিব পাৰি।
৪৩। বাংলা উপন্যাসৰ ইতিহাস দাঙি ধৰি ‘পথেৰ পাঁচালী’ৰ স্থান শীৰ্ষক এটি আলোচনা যুগুত কৰা।
উত্তৰঃ ঊনবিংশ শতাব্দীৰ পাশ্চাত্য সভ্যতা আৰু সংস্কৃতিৰ প্ৰভাৱত বাংলা উপন্যাসৰ জন্ম। ভৱানীচৰণ বন্দোপাধ্যায়ৰ ‘নৱ বাবু বিলাসত’ (১৮২৫) উপন্যাসৰ প্ৰথম ইংগিত পোৱা যায়। কেথেৰিণ মুলেন্সৰ ‘ফুলমণি ও কৰুণাৰ বিৱৰণত’ (১৮৫২) এই ইংগিত অধিক স্পষ্ট ৰূপত দেখা যায়। ইয়াৰ কিছু বছৰ পিছত ১৮৫৮ চনত প্ৰকাশিত প্যাৰীচাঁদ মিত্ৰৰ ‘আলালেৰ ঘৰেৰ দুলাল’ বাংলা উপন্যাসৰ বিৱৰ্তনৰ ইতিহাসত এখন স্মৰণীয় গ্রন্থ। ‘নববাবুবিলাস’ বা ‘ফুলমণি ও কৰুণাৰ বিৱৰণৰ তুলনাত ইয়াৰ ভাষা স্বাভাৱিক, সমাজ চিত্ৰ পূৰ্ণতৰ আৰু কাহিনী উন্নতত আছিল। ইয়াৰ পিছত বাংলা উপন্যাস সাহিত্যত অনেকে হাত ফুৰালেও উপন্যাসৰ প্ৰকৃত যাত্রা আৰম্ভ হৈছিল বংকিমচন্দ্ৰৰ সময়ৰ পৰা। বংকিমচন্দ্ৰ বাংলা উপন্যাসৰ ৰূপকাৰ। তেৱেই উপন্যাস ৰচনাৰ উপযোগী ভাষাৰো সৃষ্টিকৰ্তা। বংকিমচন্দ্ৰৰ ‘দুর্গেশ নন্দিনী’ (১৮৬৫) প্ৰকাশৰ মাজেদিয়ে প্রকৃত বাংলা উপন্যাসৰ সূচনা হৈছিল। বংকিমচন্দ্ৰৰ ৰচনাত পোৱা গ’ল মানৱ জীৱনৰ দ্বন্দ্ব, জটিলতা, মিলন, বিবাহ আৰু মাধুৰ্যৰ অপূৰ্ব সমাহাৰ। তেওঁৰ ইতিহাস আশ্রিত উপন্যাসত কবিত্বময় বর্ণনা আৰু বিশ্বাসযোগ্য চৰিত্ৰৰ মিছিলৰ সহায়ত উদ্ভাসী উঠিল অতীত ভাৰতৰ বৰ্ণাঢ্য ৰূপ । দুৰ্গেশ নন্দিনীৰ উপৰিও কপাল কুন্তলা (১৮৬৬), চন্দ্ৰশেখৰ (১৮৭৫), আনন্দ মঠ (১৮৮২) আদি বংকিমচন্দ্ৰৰ উল্লেখযোগ্য সৃষ্টি। সঞ্জীৱ চট্টোপাধ্যায়, ৰমেশ চন্দ্ৰ দত্ত, তাৰকানাথ গংগোপাধ্যায় আদি বিশিষ্ট ঔপন্যাসিকসকল বংকিম যুগৰ উল্লেখযোগ্য লেখক।
আংগিক, চৰিত্ৰ চিত্ৰণ, ভাষা এই সকলো দিশতেই বাংলা উপন্যাসক আধুনিক ৰূপ দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। ‘নৌ ঠাকুৰাণীৰ হাট’ (১৮৮৩) আৰু ‘ৰাজর্ষি’ (১৮৮৭) উপন্যাসৰ জৰিয়তে ৰবীন্দ্ৰনাথে উপন্যাস সাহিত্যৰ পাতনি মেলে। কিছু ইতিহাসভিত্তিক হ’লেও এই উপন্যাস দুখনত ৰবীন্দ্ৰনাথৰ আদৰ্শবোধ আৰু জীৱন দৰ্শনৰ চাপ নপৰাকৈ থকা নাই। ‘চোখেৰ বালি’ ক বাংলা সাহিত্যৰ প্ৰথম আধুনিক উপন্যাস বুলি কোৱা হয়। এই উপন্যাসখনত ৰবীন্দ্ৰনাথে অবৈধ প্ৰেমক প্রাত্যহিক জীৱনৰ মাজলৈ টানি আনিছে। উপন্যাসখনত পাত্র-পাত্ৰীসকলৰ সমাহাৰত জীৱনক সুন্দৰকৈ অংকন কৰা হৈছে। নৌকাডুবি (১৯০৬) গোৰা (১৯১০) চতুৰংগ (১৯১৬) ঘৰে বাইৰে (১৯১৬) আদি ৰবীন্দ্ৰনাথৰ উল্লেখযোগ্য উপন্যাস।
শৰৎচন্দ্ৰ চট্টোপাধ্যায় জনপ্ৰিয়তাৰ দিশৰ পৰা বাংলা উপন্যাস সাহিত্যত অপৰাজেয়। তেওঁ গতানুগতিক আৰু বৈচিত্র্যহীন বাঙালী জীৱনৰ মাজত অদ্ভুত গতি-শক্তি আৱিষ্কাৰ কৰিছিল। সমাজত যিসকল অৱহেলিত সেইসকলৰ প্ৰতি শৰৎচন্দ্ৰ আছিল অকৃত্ৰিম সহানুভূতি। সমাজত প্রচলিত বহু বিধি-নিষেধকে তেওঁ মানি ল’ব পৰা নাছিল। তেওঁৰ নাৰী চৰিত্ৰসমূহ ব্যক্তিত্ব আৰু বিশিষ্টতাৰ কাৰণে অনন্য। ‘চৰিত্রহীন’ৰ সাবিত্ৰী আৰু কিৰণময়ী ‘শ্রীকান্ত’ৰ ৰাজলক্ষ্মী, আৰু অভয়া আৰু ‘গৃহদাহ’ৰ অচলা কেইটামান স্মৰণীয় নাৰী চৰিত্ৰ।
শৰৎচন্দ্ৰ পৰৱৰ্তী কালত উপন্যাসৰ বৈচিত্র্য দেখা গ’ল তাৰাশংকর বন্দোপাধ্যায়, বিভূতি- ভূষণ বন্দোপাধ্যায় আৰু মাণিক বন্দোপাধ্যায়ৰ ৰচনাত। তাৰা শংকৰৰ ‘কবি’ (১৯৪২) ‘গণদেবতা’ (১৯৪২) বিভূতিভূষণৰ ‘পথেৰ পাঁচালী’ (১৯২৯) ‘অপৰাজিত’ (১৯৩২) আৰু মাণিক বন্দোপাধ্যায়ৰ ‘পুতুল নাচেৰ ইতিকথা’ (১৯৩৬) আৰু ‘পদ্মা নদীৰ মঝি’ (১৯৩৬) এই সময়ছোৱাৰ স্মৰণীয় সৃষ্টি।
ঔপন্যাসিক হিচাপে মাণিক বন্দোপাধ্যায় শৰৎচন্দ্ৰৰ পৰৱৰ্তী আৰু বিভূতিভূষণৰ সমসাময়িক। বিভূতিভূষণ আছিল প্ৰকৃতি প্রেমিক। জীৱনৰ জটিলতা আৰু দ্বন্দ্বই তেওঁক বেছি আকৰ্ষিত কৰা নাই। ভাৰতীয় সাহিত্যৰ অমৰ প্ৰতিভা বঙালী ঔপন্যাসিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ বিখ্যাত উপন্যাসসমূহৰ অন্যতম ‘পথেৰ পাঁচালী’ লেখকৰ অমৰ সৃষ্টি। এয়া এখন আত্মজীৱনী মূলক উপন্যাস। ইয়াৰ বিষয়বস্তু বংগদেশৰ এটি অতি সাধাৰণ পৰিয়ালৰ কাহিনী। তেওঁলোকৰ সুখ-দুখ, আশা-নিৰাশাৰ মিশ্রিত এটি ঘৰুৱা কাহিনী। এই উপন্যাসখন প্ৰকাশ হোৱাৰ পাছত তেওঁ সাহিত্য অনুৰাগীৰ প্ৰভূত প্রশংসা লাভ কৰে।
বিভুতিভূষণৰ প্ৰথম উপন্যাস ‘পথেৰ পাঁচালী’ত তেওঁ অপুৰ জীৱন কাহিনীৰ মাজত গাঁৱৰ জীৱন আৰু গাঁৱৰ মানুহৰ বিচিত্ৰৰূপ আছে, তাৰ মনোগ্ৰাহী ছবি অংকন কৰিছে। গ্ৰাম্য বংশৰ মানুহ, প্রকৃতি, ৰীতি-নীতি, খাদ্যভ্যাস ইত্যাদিৰ সামূহিক চিত্ৰখনৰ হুবহু প্ৰতিচ্ছবি ‘পথেৰ পাঁচালী’ত পৰিস্ফুট হৈ উঠিছে, ‘পথেৰ পাঁচালী’ বাংলা উপন্যাস সাহিত্যৰ এক মাইলৰ খুঁটি। বিশেষকৈ বিভূতিভূষণন এই উপন্যাসখনত যিখন সমাজ, যিবোৰ মানুহৰ ছবি আৰু কাহিনী বর্ণিত হৈছে, তেওঁলোকৰ প্ৰায় সকলোবোৰেই নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ। সমাজবাদ সম্পর্কে সচেতন কোনো সাহিত্যিকে হয়তো তেওঁলোকৰ জীৱন-কাহিনী অৱলম্বন কৰি শ্ৰেণী সংঘৰ্ষৰ চিত্র অংকন কৰাত ব্যস্ত হ’লহেঁতেন। কিন্তু বিভুতিভূষণৰ ‘পথেৰ পাঁচালীত জীৱনৰ যি ৰূপৰ পৰিচয় পোৱা যায়, সি বাস্তৱবাদ নিৰপেক্ষ হ’লেও সজীৱ। সেয়েহে বাংলা উপন্যাস সাহিত্যত ‘পথেৰ পাঁচালী’ উপন্যাসখনৰ স্থান নিঃসন্দেহে অতি উচ্চ। সমাজ সচেতনতাৰ পৰিচয় দাবী কৰি তেওঁ জীৱনৰস পৰিৱেশনত কোনো অৱহেলা কৰা নাই সেইবাবে বিভূতিভূষণে জীৱনৰ যি অংশৰ ছবিয়েই অংকন কৰিছে, সেই অংশৰ ৰূপ ক’তো ছঁয়াময়া হোৱা নাই। এই উপন্যাসখনত বিশেষকৈ পটভূমি ৰচনাৰ দক্ষতাই উপন্যাসখনক অসাধাৰণ উপন্যাসত পৰিণত কৰিছে। ঔপন্যাসিকে ‘পথেৰ পাঁচালী’ত অপুৰ দৰে জীৱন্ত চৰিত্ৰ সৃষ্টি কৰি লেখকে শিশুমনৰ ৰহস্যময়তাৰ দিশটো বিচিত্ৰ প্ৰমাণসহকাৰে উপস্থাপন কৰি উপন্যাসখনিৰ গভীৰতা বৃদ্ধি কৰিছে। ঔপন্যাসিকৰ দৃষ্টিভংগীৰ কবিসুলভ প্রজ্ঞা আৰু অন্তদৃষ্টি অপু চৰিত্ৰৰ মাজেৰে সমগ্ৰ উপন্যাসখনিত প্রতীয়মান হৈ উঠিছে। গতিকে বাংলা ইতিহাসৰ উপন্যাসত তথ্য ভাৰতীয় সাহিত্যৰ ভিতৰত ‘পথেৰ পাঁচালী’ নিঃসন্দেহে এখন শ্রেষ্ঠ উপন্যাস।