Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ

Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ Question Answer can be of great value to excel in the examination.

Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ

Join Telegram channel

Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ Notes cover all the exercise questions in UGC Syllabus. The Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Written Communication

SKILL DEVELOPMENT FOR TOURISM MANAGEMENT

পৰ্যটন ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধি

অতি চমু প্ৰশ্নোত্তৰঃ

প্ৰশ্ন ১। পত্ৰ বুলিলে কি বুজা ?

উত্তৰঃ পত্ৰ লিখনৰ জৰিয়তে ভাৱ বিনিময় কৰিব পাৰি। আখৰবোৰ হাতে লিখা অথবা ছপা কৰা হ’ব পাৰে। ডাক সেৱা কোনো ব্যক্তি সংগঠনলৈ পত্ৰ প্ৰেৰণ কৰা হয়। 

প্ৰশ্ন ২। কি কি প্ৰকাৰৰ পত্ৰ আছে ?

উত্তৰঃ পত্ৰ দুই প্ৰকাৰৰ। বিধিবিহিত আৰু বিধিবৰ্হিভূত।

প্ৰশ্ন ৩। বিধিবিহিত পত্ৰ কি ?

উত্তৰঃ এনে পত্ৰ এক বিশেষ আধাৰত লিখা হয় আৰু ইয়াত শব্দ বা বাক্য শুদ্ধ কৈ লিখা হয়। এনে পত্ৰ লিখাৰ বিশেষ নিয়ম আছে। উদাহৰণস্বৰূপে, দৰখণ্ড, বেপাৰ বাণিজ্যৰ বাবে লিখা পত্ৰ, সুকীয়াকৈ আদান-প্ৰদানৰ বাবে লিখা পত্ৰ, অনুমোদন পত্ৰ, অমনোনয়ন পত্ৰ নাইবা কোনো আনুষ্ঠানিক কাৰ্যৰ মুল্যয়নকৰনৰ বাবে লিখা পত্ৰ।

প্ৰশ্ন ৪। বিধিবৰ্হিভূত পত্ৰ কাক বোলে ?

উত্তৰঃ বিধিবৰ্হিভূত পত্ৰক বন্ধুত্বপূৰ্ণ পত্ৰ বুলিব পাৰি। এনে পত্ৰক ব্যক্তিগত পত্ৰ বুলিব পাৰি। এনে পত্ৰ বন্ধু বা আত্মীয়স্বজনলৈ লিখা হয়। এই ধৰণৰ পত্ৰ লিখাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই আৰু ইয়াৰ সহায়ত মনৰ ভাৱ সৰলভাৱে প্ৰকাশ কৰিব পাৰি।

প্ৰশ্ন ৫। অন্বেষন পত্ৰ বুলিলে কি বুজা ?

উত্তৰঃ এনে পত্ৰ যোগে গ্ৰাহকে বিক্রেতাক কোনো সামগ্ৰীৰ বিষয়ে দৰ-দাম কৰে।

প্ৰশ্ন ৬। অম্বেষন পত্ৰৰ উত্তৰ বুলিলে কি বুজা ?

উত্তৰঃ এনে পত্ৰ বিক্রেতাই গ্ৰাহকলৈ লিখে। কিনিবলগীয়া সামগ্ৰীৰ বিষয়ে সকলো কথা ইয়াত লিখা থাকে।

প্ৰশ্ন ৭। পত্ৰৰ সম্ভাষণ বুলিলে কি বুজা ?

উত্তৰঃ পত্ৰ সম্ভাষণ হৈছে সম্বোধন। এনে সম্বোধন লিখিত বা মৌখিক হ’ব পাৰে।

প্ৰশ্ন ৮। জীজ্ঞাশীত দৰখাস্ত বুলিলে কি বুজা ?

উত্তৰঃ এনে দৰখাস্ত নিয়োগ কর্তাই আগবঢ়োৱা চাকৰিৰ বিজ্ঞাপন পঢ়ি লিখি পঠোৱা হয়।

প্ৰশ্ন ৯। অজীজ্ঞাশীত দৰখাস্ত বুলিলে কি বুজা ?

উত্তৰঃ এনে দৰখাস্ত চাকৰি বিচাৰি লিখা হয় কিন্তু কোনো বিজ্ঞাপন প্ৰকাশ নোপোৱাকৈ পঠোৱা হয়।

প্ৰশ্ন ১০। ব্যক্তিগত পত্ৰ বা চিঠি কাক বোলে ?

উত্তৰঃ এনে পত্ৰ ব্যক্তিগত কাৰণত লিখা হয়। এনে পত্ৰক বৃত্তিমূলক কথা নাথাকে। বন্ধুবৰ্গ, আত্মীয়স্বজন, সহপাঠিলৈ প্ৰেৰণ কৰা হয়।

প্ৰশ্ন ১১। ফর্মচ্ছী পত্ৰ কাক বোলে ?

উত্তৰঃ এনে পত্ৰ অৱস্থাপূৰ্ণ গ্ৰাহকে বিক্রেতালৈ প্ৰেৰণ কৰে। এনে পত্ৰ সামগ্ৰী বা দ্ৰব্য বিচাৰি অনুৰোধ কৰি লিখা হয়।

প্ৰশ্ন ১২। আপত্তিসূচক পত্ৰ কাক বোলে ?

উত্তৰঃ আপত্তিসূচক পত্ৰ দৰাচলতে গ্ৰাহকে বিক্রেতালৈ লিখা চিঠি য’ত গ্ৰাহকে কোনো সামগ্ৰীৰ বিষয়ে আপত্তি জনায়। সামগ্ৰী বিধ বা সামগ্ৰীসমূহৰ কোনো বিসংগতি পালে এই পত্ৰৰ সহায়ত আপত্তি জনোৱা হয়।

প্ৰশ্ন ১৩। বিক্ৰয় সহায়ক পত্ৰ কাক বোলে ?

উত্তৰঃ এনে পত্ৰ গ্ৰাহকৰ বাবে বিশেকভাৱে তৈয়াৰ কৰা হয় আৰু এনে পত্ৰত গ্ৰাহকৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আকৰ্ষণ কৰাৰ প্ৰয়াস কৰা হয়। বিক্রয়কৰ অনুপস্থিতত এনে পত্ৰ প্ৰেৰণ কৰা হয়। সামগ্ৰী ক্ৰয় কৰিব পৰা আর্থিকভাৱে সক্ষম গ্ৰাহক বাছি লৈ এই ধৰণৰ পত্ৰ পোনপটীয়াকৈ প্ৰেৰণ কৰা হয়।

প্ৰশ্ন ১৪। বাকী বিষয়ক পত্ৰ কাক বোলে ?

উত্তৰঃ আধুনিক বাণিজ্যৰ ক্ষেত্ৰত বাকী বিষয়ক পত্ৰ বেংকৰ জৰিয়তে এনে পত্ৰ প্ৰয়োগ কৰা হয়। এনে ক্ষেত্ৰত বেংকৰ নথিপত্ৰ দাখিল কৰাটো জৰুৰী। বেংকৰ ফালৰ পৰা এইখন আচলতে এখন প্ৰতিজ্ঞাপত্ৰহে য’ত লিখা থাকে বিক্রেতাই ধন খিনি সঠিক সময়ত লাভ কৰিব পাৰিব জমা দিয়া নথিপত্ৰৰ পৰিৱৰ্তে। ধনখিনি আৱেদন কৰা মতে হ’ব লাগিব আৰু তাত কম বা বেছি হ’ব নালাগে। 

প্ৰশ্ন ১৫। পদ অনুসন্ধান পত্ৰ কাক বোলে ?

উত্তৰঃ বাণিজ্যৰ দাম দৰৰ তথ্য বিচাৰি যি পত্ৰ লিখা হয় সেয়ে পদ অনুসন্ধান পত্ৰ। সাধাৰণতে, দূৰদৰ্শী গ্ৰাহকৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এটা বাণিজ্য মহোনামে আন এটা বাণিজ্য মহেদ্যামলৈ চিঠি লিখা হয়।

প্ৰশ্ন ১৬। সংগ্রহ পত্ৰ কাক বোলে ?

উত্তৰঃ সংগ্ৰহ পত্ৰ হৈছে, এনে এখন পত্ৰ যিখন লিখা হয় ধৰুৱাৰ পৰা পৰিশোধ পাবলৈ । বাকী বিষয়ক বিক্রয় সহায়কৰ পৰা সংগ্ৰহ চিঠি লিখিবলৈ প্ৰয়োজন হৈ উঠে।

প্ৰশ্ন ১৭। এখন বিধিবিহিত পত্ৰৰ, ‘সম্ভাষণ’ বুলিলে কি বুজা ?

উত্তৰঃ সম্ভাষণ হৈছে সম্বোধন। এনে পত্ৰত আমি কিছুমান শব্দ সম্বোধনৰ বাবে ব্যৱহাৰ কৰো যেনে – শ্ৰীমান, শ্রমতী, মৰমৰ। এনে শব্দ মানুহৰ নাম জানিলে মানুহৰ নামৰ আগতে ব্যৱহাৰ কৰা হয় আৰু এনে ধৰণে বিশেষ ব্যক্তি গৰাকীক সম্বোধন কৰিবলৈ মাননীয় মহাশয় মহাশয়া লিখা হয়।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

প্ৰশ্ন ১। লিখিত যোগাযোগ কাক বোলে ?

উত্তৰঃ লিখিত যোগাযোগ হৈছে লিখিত প্ৰতীকৰ দ্বাৰা খবৰ সমৰ্পণ কৰা এটা প্ৰক্ৰিয়া। যিকোনো খবৰ লিখিত শব্দ ব্যৱহাৰ কৰি দুজন বা ততোধিক ব্যক্তিৰ মাজত বিনিময় কৰাকে লিখিত যোগাযোগ বোলে।

ব্যক্তিগত জীৱন আৰু লগতে বাণিজ্যক যোগাযোগৰ বাবে লিখিত যোগাযোগ আটাইতকৈ বেছি উমৈহতীয়া আৰু গুণদায়ক। কিছুমান সাধাৰণভাৱে ব্যৱহৃত হোৱা লিখিত যোগাযোগৰ প্ৰকাৰসমূহ হ’ল — ই-মেইল, স্মাৰক পত্ৰ, খবৰ পত্ৰ, আবেদন পত্ৰ, দৈনিক হিচাবৰ বহীবোৰ, চাকৰিৰ বৰ্ণনা দিয়া, হাতেৰে সজা পত্র ইত্যাদি।

যেতিয়া বাতৰিসমূহ পঠিয়াবলৈ দীঘলীয়া হয় এনে যোগাযোগ ব্যৱহাৰ কৰা হয় আৰু কিছুমান জটিল শব্দ যিবোৰ মৌখিকভাৱে বুজাব নোৱাৰি সেইবোৰ অন্তৰ্গত কৰা হয়। কথিত শব্দতকৈ লিখিত বাতৰিসমূহ বেছি বৈধ আৰু কাৰ্যকৰী বুলি ধৰা হয়। মানুহে বেছি মৌখিকতকৈ লিখিত বৃত্তি বিষয়ত নিৰ্ভৰ কৰে। কিন্তু যি কি নহওঁক মৌখিক যোগাযোগতকৈ লিখিত যোগাযোগৰ উত্তৰ ততালিকে পোৱা যায়। যিহেতু সেই সময়ৰ পৰা ই স্বতঃস্ফূর্ত নহয় ইয়াক বুজিবলৈ যথেই সময়ৰ প্ৰয়োজন হয়।

প্ৰশ্ন ২। পত্ৰ কাক বোলে ?

উত্তৰঃ সহজে বুজাবলৈ হ’লে এখন পত্ৰ হৈছে যোগাযোগৰ মাধ্যম যিহেতু তাত স্থায়িত্ব গুৰুত্ব আছে। ব্যক্তিয়ে নিজৰ হাতৰ আখৰৰে লিখা পত্ৰত অসামান্যৰ ছাপ থাকে। খবৰ সমৰ্পণ কৰিবলৈ কো ব্যক্তিৰ ব্যক্তিত্ব, চৰিত্ৰ ব্যৱস্থা আৰু নিৰ্মলতা আনে। প্রত্যেক পত্ৰৰে এটা ব্যক্তিগত স্পর্শ আছে। এটা চাকৰিত মানুহে যদি শুদ্ধ শব্দৰে অনুভৱ আৰু খবৰৰ জৰী আনিব পাৰে শুদ্ধ ঠিকনাৰ ব্যৱহাৰৰ ক্ষমতা থাকে লাভৰ সম্পৰ্ক আনিব পাৰে আৰু সম্পৰ্ক ৰখাত সফল হ’ব।

স্পষ্টভাৱে ক’বলৈ হ’লে, পত্র লিখা হৈছে এটা কলা। কেৰিয়াৰৰ বাবে জীৱনৰ বিভিন্ন সময়ত সকলোৱে পত্র লিখিবলৈ চেষ্টা কৰে। কিছুমান মানুহৰ জন্মগত কৌশল থাকে আৰু কিছুমান মানুহে নিপুণতা আনিবলৈ শ্ৰম কৰিবলগীয়া হয়। এজন অকৃতকার্য পত্র লেখকে যুক্তিযুক্ত সমাপ্তিত আহিবলৈ কণামনাকৈ খপিওৱাব লগা হয় আৰু মূলকথালৈ আহিবলৈ বিফল হয়। যিহকে নহওঁক কিনা, উপস্থাপনৰ আড়ম্বৰত পত্ৰৰ মূল উপাদান থাকে।

পত্ৰ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। যেনে — বিধিবিহিত আৰু বিধিবর্হিভূত। বিধিবিহিত পত্র এক বিশেষ আধাৰত লিখা হয় আৰু শব্দই হওক বা বাক্যই শুদ্ধ কৈ লিখা হয়। এনে পত্ৰ লিখাৰ বিশেষ নিয়ম আছে। উদাহৰণস্বৰূপে, দরখাস্ত, বেপাৰ বাণিজ্যৰ বাবে লিখা পত্ৰ, সুকীয়া আদান-প্ৰদানৰ বাবে লিখা পত্র, অনুমোদন পত্র, অমনোনয়ন পত্র, নাইবা কোনো আনুষ্ঠানিক কাৰ্যৰ মূল্যয়ণকনৰ বাবে লিখা পত্র। বিধিবর্হিভূত পত্র আত্মীয় স্বজনলৈ লিখা হয়। এই ধৰণৰ পত্ৰ লিখাৰ কোনো নির্দিষ্ট নিয়ম নাই আৰু মনৰ ভাৱ সৰলভাৱে প্ৰকাশ কৰিব পাৰি।

প্ৰশ্ন ৩। বিধিৰিহিত আৰু বিধিবর্হিভূত পত্ৰৰ মাজত পাৰ্থক্য কি ? 

উত্তৰঃ পূৰ্বতে পত্ৰসমূহ খবৰৰ আদান-প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। আজি কালি পত্ৰসমূহ কাৰ্যালয়ত আৰু বাণিজ্যৰ বাবে ব্যৱহাৰ কৰা হয়। পত্ৰ হৈছে শব্দগত আৰু লিখিত যোগাযোগৰ মাধ্যম। ইয়াত খবৰ বা তথ্য থাকে। এক নির্দিষ্ট গোটে আনটো গোটলৈ পঠিয়ায়।

পত্ৰ দুই প্ৰকাৰৰ — বিধিবিহিত আৰু বিধিবহিভূত। প্রথমবিধ হৈছে বৃত্তিমূলক আৰু দ্বিতীয় বিধ ব্যক্তিগত। তলত কিছুমান বিধিবিহিত আৰু বিধিবর্হিভূতৰ মাজৰ পাৰ্থক্য দাঙি ধৰা হৈছে—

(ক) বিধিবিহিত পত্ৰ বিশেষ নিয়মৰ মাজেৰে লিখা হয় এক নির্দিষ্ট ঠাচত। এনে পত্রসমূহ বৃত্তিমূলক কাম বা কাৰ্যালয়ৰ বিশেষ কামত ব্যৱহাৰ কৰা হয়। বিধিবর্হিভূত পত্ৰ হৈছে বন্ধুত্ব ভাবেৰে লিখা চিঠি। এই পত্ৰত নিৰ্দিষ্ট নিয়ম মানি চলা নহয়। এনে পত্ৰ নিজৰ বন্ধু-বান্ধৱী বা আত্মীয় স্বজনলৈ বুলি লিখা হয়।

(খ) বিধিবিহিত পত্ৰসমূহ কাৰ্যালয়ৰ বা বৃত্তিমূলক যোগাযোগৰ বাবে লিখা হয়। বিধিবর্হিভূত পত্রসমূহ আকস্মিক বা ব্যক্তিগত যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হয়।

(গ) বিধিবিহিত পত্ৰসমূহ লিখিবলৈ এটা নীতি নিৰ্দ্ধাৰণ কৰা হয়। ইয়াৰ বিৰুদ্ধেই হৈছে কোনো নিয়মানুযায়ী নোহোৱা যোগাযোগ। এই যোগাযোগে কোনো প্রক্রিয়া মানি নলয়।

(ঘ) সাধাৰণতে বিধিবিহিত পত্ৰসমূহ তৃতীয় ব্যক্তিলৈ লিখা হয়। বাণিজ্যক পত্ৰ সমূহত প্রথম ব্যক্তি ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে, বিধিবর্হিভূত পত্রসমূহ প্রথম, দ্বিতীয় আৰু তৃতীয় ব্যক্তিলৈ লিখা হয়।

(ঙ) বিধিবিহিত পত্রসমূহ বাণিজ্যৰ বাবে পত্ৰসমূহ লিখিবলৈ ব্যৱহাৰ কৰা হয়। যেনে— অংশীদাৰ যোগাওঁ তালৈ, গ্ৰাহকলৈ, ইত্যাদি এই পত্ৰসমূহ লিখা হয় এই পত্রসমূহ মহাবিদ্যালয় বা অনুষ্ঠান, কৰ্মচাৰী, ব্যৱসায়ী স্বীকৃত, ইত্যাদিৰ বাবে লিখা হয়। ইয়াৰ বিপৰীতে, পৰিচিত লোক, কুটুম্ব সকল, বন্ধু-বন্ধৱীসকল ইত্যাদিৰ বাবে পত্ৰসমূহ লিখিবলৈ বিধিবর্হিভূত পত্ৰসমূহ ব্যৱহাৰ কৰা হয়।

(চ) আমি বিধিবিহিত পত্ৰসমূহ লিখিবলৈ কৰ্ম্ম বাচ্য ব্যৱহাৰ কৰো। ওলোটাভাৱে, কর্তৃ আৰু অজ্ঞাবোধক বাচ্য ব্যৱহাৰ কৰা হয়।

(ছ) বিধিবিহিত পত্র লিখাৰ সময়ত দীঘল আৰু জটিল বাক্যবোৰ আমি ব্যৱহাৰ কৰো। বিধিবর্হিভূত পত্র লিখিবলৈ চমু আৰু সহজ বাক্যসমূহ আমি ব্যৱহাৰ কৰো। এই বাক্যবোৰ সহজে ব্যাখ্যা কৰিব পাৰি।

(জ) বিধিবিহিত পত্ৰৰ আকাৰ সংক্ষিপ্ত হ’ব লাগে। ইয়াত অপ্রাসাংগিক বিষয় অন্তর্গত নহয়। ইয়াৰ বিপৰীতে, বিধিবর্হিভূত পত্র সংক্ষিপ্ত বা ডাঙৰ ।

(ঝ) বিধিবিহিত পত্ৰসমূহত সম্পূৰ্ণ ৰূপ ব্যৱহৃত হয়। ইয়াৰ সংক্ষেপকৰণৰ নিচিনা আৰু সংক্ষিপ্ত ৰূপ অন্তৰ্গত নহয়। তুলনামূলকভাৱে, বিধিবর্হিভূত পত্ৰসমূহত সংক্ষেপকৰণ, সংক্ষিপ্তৰূপ, জতুৱা ঠাঁচ, খণ্ডবাক্য, ক্রিয়া পদ, গ্রাম্যভাষা আৰু কথিত শব্দ ব্যৱহৃত হয়।

প্ৰশ্ন ৪। বিধিবিহিত আৰু বিধিবর্হিভূত পত্ৰসমূহৰ সংজ্ঞা লিখা। 

উত্তৰঃ পত্ৰ হৈছে শব্দগত আৰু লিখিত যোগাযোগৰ মাধ্যম। ইয়াত খবৰ বা তথ্য থাকে। এক নির্দিষ্ট গোটে আনটো গোটলৈ পত্ৰ পঠিয়ায়। পত্র দুই প্ৰকাৰৰ — বিধিবিহিত আৰু বিধিবর্হিভূত। প্রথমবিধ হৈছে বৃত্তিমূলক আৰু দ্বিতীয়বিধ ব্যক্তিগত।

বিধিবিহিত পত্ৰ সমূহৰ সংজ্ঞা: এখন বিধিবিহিত পত্র বৃত্তিমূলক ভাষাৰ দ্বাৰা লিখা হয়। ইয়াত বিধিবিহিত লক্ষ্যৰ বাবে এটা প্ৰক্ৰিয়া নিৰ্দ্ধাৰণ কৰা হয়। যেনে – ইহ’ব পাৰে অনুকূল পৰিচয় পত্র, অনুসন্ধান পত্র, অভিযোগ পত্র ইত্যাদি। সকলো ব্যৱসায় পত্র বিধিবিহিত। কিন্তু ওলটপালটকৈ ই সম্ভৱ নহয়। সেয়েহে এই পত্ৰবোৰ ভিন্ন কাৰণত ব্যৱহাৰ কৰা হয়। যেনে আনুষ্ঠানিক নিমন্ত্ৰণৰ বাবে, প্রস্তাব দিবলৈ, উল্লেখ কৰিবলৈ, অভিযোগ বা অনুসন্ধানৰ বাবে চাকৰিৰ বাবে আবেদন। এখন বিধিবিহিত পত্র লিখিবলৈ নিম্নলিখিত কথাবোৰ মনত ৰাখিব লাগিব।

(ক) ই নিৰ্দিষ্ট নিয়মৰ মতে হ’ব লাগে।

(খ) ই অনাৱশ্যক শব্দৰ ব্যৱহাৰৰ পৰা হাত সাৰিব লাগে।

(গ) ই মূল কথাৰ ওপৰত হ’ব লাগে।

(ঘ) ইয়াৰ প্রাসঙ্গিক উদ্দেশ্য থাকিব লাগে।

(ঙ) ই জটিল আৰু সম্পূৰ্ণ হ’ব লাগে।

(চ) ই অভিযোগ পত্ৰ হ’লেও, ই শিষ্ট হ’ব লাগে।

(ছ) ই ভুলৰ পৰা মুক্ত হ’ব লাগে। যেনে- ব্যাকৰণ সংক্রান্ত বা বানান।

বিধিবর্হিভূত পত্ৰ সমূহৰ সংজ্ঞা: বিধিবর্হিভূত পত্ৰ হৈছে এনে পত্ৰ যিখন কোনো লোকলৈ লিখা হয় যাক আমি সম্পূর্ণভাৱে জানো। কিছুমান কাৰণত এই পত্ৰ ব্যৱহাৰ কৰিব পাৰি। যেনে— খবৰ সম্পূৰ্ণ কৰাৰ বাবে, বাতৰি, পৰামৰ্শ দিবলৈ, গ্ৰহণ কৰোতাক মঙ্গল কামনা কৰাৰ বাবে, খবৰ অনুৰোধ কৰিবলৈ, প্ৰশ্ন শুধিবলৈ ইত্যাদিৰ বাবে চিঠি লিখা হয়। ই হৈছে এক ব্যক্তিগত পত্র। এই পত্ৰ লিখা হয় যাৰ লগত আমি সুপৰিচিত। যেনে — বন্ধু-বান্ধবী, ল’ৰা-ছোৱালী, মাক-দেউতাক বা কোনো আত্মীয় স্বজন। এই পত্র লিখিবলৈ কোনো নির্দিষ্ট নিয়ম নির্দেশ দিয়া নাই।

বিধিবর্হিভূত পত্র লিখোতে এজন লোকৰ বন্ধুৰ ভাৱ থাকিব লাগে। তেওঁ পত্র লিখোতে ব্যক্তিগত বা আৱেগিক মাত ব্যৱহাৰ কৰিব পাৰে। পত্ৰ লিখাৰ সময়ত গ্ৰাম্যভাষা বা কঠিত শব্দ, সংকোচিত ৰূপ, সংক্ষিপ্ত ৰূপ ইত্যাদিৰ ব্যৱহাৰ কৰিবও পাৰে। এই পত্র লিখিবলৈ গ্রহণ কৰোতাৰ সুপৰিচিতিৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰশ্ন ৫। পত্ৰৰ অংশসমূহ কি কি ?

উত্তৰঃ পত্ৰ হৈছে লিখিত খবৰ। এই পত্ৰ এজন ব্যক্তি বা সংগঠন, কোম্পনী বা অনুষ্ঠানলৈ উদ্দেশ্য কৰি দিয়া। এই পত্ৰ বিধিবিহিত বা বিধিবর্হিভূত বা বন্ধুভাৱ থকা পত্ৰও হ’ব পাৰে।

এখন পত্ৰৰ ছয়টা অংশ থাকে। ইয়াক লিখিত চিঠিপত্র বাবে সদায় লক্ষ্যত ৰাখিব লাগে।

(ক) চিঠিৰ শিৰোনামা, পঠোৱাকাৰী ঠিকনা আৰু তাৰিখ।

(খ) ভিতৰৰ ঠিকনা, গ্ৰহণ কৰোতাৰ নাম আৰু ঠিকনা।

(গ) চিঠিৰ মূল বিষয়বস্তু বক্তব্য।

(ঘ) সামৰণি শুভেচ্ছা বাণীৰ অংশ।

(ঙ) চিঞাহী কলমেৰে লিখা পত্ৰকাৰৰ চহী বা কম্পিউটাৰ উৎপাদিত চিঠিৰ চহী নালাগে। 

প্ৰশ্ন ৬। চিঠিৰ শিৰোনামা কাক বোলে ?

উত্তৰঃ এখন চিঠি লিখোতে প্রথমে শিৰোনামা লিখা হয়। তাৰ পাছত আমাৰ ঠিকনা আৰু তাৰিখ লিখা হয়। অৱশ্যে ইয়াত আগেয়ে ওপৰত লিখা ছপা ঠিকনা থাকে। কেৱল তাৰিখটোহে

শিৰোনামাত থাকে। আমি চিঠি লিখোতে চিঠিৰ ঠিকনা পৃষ্ঠাৰ চুকত বা পৃষ্ঠাৰ মাজত হ’ব নালাগে। যেনে-

ইয়াত ঠিকনা দিয়াৰ নিয়ম হৈছে—

দিব্যাংশ শর্মা

৪৪১, ভেৰা এনক্লেভ

নতুন দিল্লী- ১১০০৮৭

তাৰিখ হৈছে চিঠিৰ পাছৰ অংশ। চিঠিত তাৰিখ দিয়াটো দেখাত এটা সহজ বিষয়। কিন্তু বহুত মানুহে আচৰিতজনকভাৱে চিঠিত তাৰিখ লিখিবলৈ হয়তো একেবাৰে পাহৰে বা ঠিকনাৰ তলত বাৰটো লিখি থয়।

মাহাবোৰ সংক্ষিপ্ত ৰূপত লিখিব নালাগে। যেনে— Jan, Feb, Sept ইত্যাদি। তাৰিখ লিখাৰ বলতো উপায় আছে।

জানুৱাৰী 10, 2018

বেমেজালিৰ পৰা বাধা আঁতৰাবলৈ আৰু সংখ্যাবোধক ভিন্ন কৰিবলৈ সদায় লঘু যতি (,) দি লাগে। এই লঘু যতি (,) বছৰ আৰু মাহৰ এটা দিনৰ মাজত হ’ব লাগে

প্ৰশ্ন ৭। পত্ৰ সম্ভাষণ বুলিলে কি বুজা ?

উত্তৰঃ পত্ৰৰ সম্ভাষণ হৈছে সম্বোধন। এনে সম্বোধন লিখিত বা মৌখিক হ’ব পাৰে। সম্ভাবন বিধিবিহিত বা বিধিবর্হিভূতও হ’ব পাৰে। ইয়াক গ্ৰহণ কৰোঁতাৰ নাম বা উপাধিৰ দ্বাৰা অনুসৰণ কৰা হয় লাগে।

এখিলা কাগজৰ বাওঁফালে আমি সম্ভাষণ লিখো। তাত দুটা ফাঁক থাকিব পত্ৰসমূহত ব্যৱহৃত হোৱা সাধাৰণ সম্ভাষণ সমূহ নিম্নলিখিত ধৰণৰ —–

(ক) সন্মানীয় ছাৰ।

(খ) সন্মানীয়া বাইদেউ।

সকলো বাণিজ্যক যোগাযোগৰ ক্ষেত্ৰত ওপৰৰ দুটাৰ ভিতৰত এটা হৈছে সাধাৰণ।

(ক) ছাৰ।

(খ) বাইদেউ।

এইবোৰ সমানে উপযুক্ত। কিন্তু পূর্বতকৈ সামান্য বিষয়ে কাম কৰা দেখা যায়

(ঙ) সন্মানীয়, শ্রদ্ধেয় ছাৰ।

যেতিয়া এখন পত্ৰ উদ্দেশ্য কৰি দিয়া হয় মৰমৰ এইটোৱে হৈছে শুদ্ধ আৰম্ভণি।

(চ) মৰমৰ শ্ৰীমান মনোজ।

(ছ) মৰমৰ মনোজ।

(জ) মৰমৰ শ্ৰীমতী শৰ্মা।

(ঝ) মৰমৰ মাহী, পেহী, খুৰী, জেঠী।

পত্ৰ গ্ৰহণকাৰী ব্যক্তিয়ে যেতিয়া লিখকৰ লগত ব্যক্তিগতভাৱে পৰিচিত তেন্তে সকলো ওপৰোক্ত কথাবোৰ সম্পূৰ্ণ শুদ্ধ বুলি ধৰি লোৱা হয়।

(ঞ) যেতিয়া লিখক বা গ্ৰহণকাৰীৰ মাজত বন্ধুত্ব খুব ওচৰৰ হয় তেতিয়া মৰমৰ অংকিত বা মোৰ মৰমৰ দেৱাশিষ, মোৰ মৰমৰ অংকিতা বুলি ব্যৱহাৰ কৰিব পৰা যায়।

প্ৰশ্ন ৮। এখন বিধিবিহিত পত্ৰ লিখাৰ নিয়ম কি কি ?

উত্তৰঃ ইংৰাজীত বহু সংখ্যিক ৰীতি আছে। যেতিয়া এখন বিধিবিহিত বাণিজ্যক পত্র লিখিবলগী হয় এই ৰীতিসমূহ ব্যৱহাৰ কৰিব লাগে। আকৌ চিঠি লিখিবলৈ চেষ্টা কৰোতে ই সহজ আৰু স্পষ্ট হ’ব লাগে আৰু চিঠি প্রয়োজনতকৈ বেছি দীঘলীয়া হ’ব নালাগে। আমি নিয়মানুযায়ী ভাষাৰ প্ৰয়োগ কৰিব নালাগে। যেনে— সংক্ষেপকরণ। 

ঠিকনা: 

(ক) প্রদানকাৰীৰ ঠিকনা: পত্ৰৰ সোঁফালে কোণত ঠিকনা লিখিব লাগে।

(খ) ব্যক্তিৰ ঠিকনা: চিঠিৰ বাওঁফালে ভিতৰুৱা ঠিকনা লিখিব লাগে। ইয়াক পত্ৰ প্ৰদানকাৰীৰ ঠিকনাৰ তলফালে আৰম্ভ কৰিব লাগে।

তাৰিখ: পৃষ্ঠাৰ বিভিন্ন দাঁতিত বিভিন্ন মানুহে তাৰিখ লিখে। ঠিকনা লিখাৰ পাছত আমি সোঁ বা বাওঁ ফালে লিখিব পাৰো। মাহৰ নাম শব্দত লিখিব লাগে।

(ক) শ্রদ্ধেয়, মাননীয় ছাৰ / বাইদেউ: আমি যালৈ চিঠি লিখি আছো সেই ব্যক্তিৰ নাম নাজানিলে এইদৰে ব্যৱহাৰ কৰিব লাগে। নাম বিচাৰিবলৈ ইয়াত পৰামৰ্শ দিব লাগে।

(গ) মৰমৰ শ্ৰীযুত শৰ্মা: নাম আৰু গোত্রনাম জানিলেও উপাধিৰ প্ৰয়োগ কৰিব লাগে।

চিঠিৰ সমাপ্তি:

(ক) আপোনাৰ বিশ্বাসী: যদি ব্যক্তিৰ নাম জ্ঞাত নহয় তেন্তে এইদৰে পত্ৰ সমাপ্ত কৰিব লাগে।

(খ) আপোনাৰ একান্ত বাধ্য: যদি ব্যক্তিৰ নাম জ্ঞাত নহয় তেন্তে এইদৰে পত্ৰ সমাপ্ত কৰিব লাগে।

(গ) প্ৰদানকাৰীৰ চহী: প্ৰদানকাৰীৰ নামৰ চহী দিব লাগে। চহী তলপিনে ছপা কৰিব লাগে। চিঠি লিখোতে যদি পুৰুষ বা মহিলা বুলি জনা নাযায়, তেনে ক্ষেত্ৰত আমি নামৰ পিছতে উপাধি লিখিব লাগে।

প্ৰশ্ন ৯। বিধিবর্হিভূত চিঠি কেনেকৈ লিখিব লাগে ?

উত্তৰঃ বিধিবর্হিভূত পত্ৰক বন্ধুত্বপূর্ণ পত্ৰ বুলিব পাৰি। এনে পত্ৰক ব্যক্তিগত পত্ৰ বুলিব পাৰি। এনে পত্ৰ বন্ধু বা আত্মীয় স্বজনলৈ লিখা হয়। বিধিবিহিত বা বাণিজ্য পত্রসমূহতকৈ বিধিবর্হিভূত পত্ৰসমূহৰ নিয়ম একেবাৰে কম।

বিধিবর্হিভূত পত্ৰ শিৰোনামাৰে আৰম্ভ হয়। এই শিৰোনামা সোঁফালে ওপৰৰ চুকত থাকে। ইয়াত তাৰিখ আৰু পত্ৰ প্ৰদানকাৰীৰ ঠিকনা থাকে। এই পত্র সম্বোধন বা সম্ভাষণেৰে অনুসৰণ কৰা হয়। ইয়াত প্ৰদানকাৰীৰ চহী খণ্ডবাক্যৰ সামৰণিৰ লগতে লঘু যতি (,) চিঠিৰ মূল গ্রহণ কৰোতাৰ নাম আৰু লঘু যতিতে (,) অনুসৰণ কৰা হয়। বন্ধু বা আত্মীয় স্বজনলৈ যেতিয়া চিত্ত লিখা হয় শিৰোনামাৰ পৰা ঠিকনা বাদ দিব লাগে। অলপ আগেয়ে সলনি হ’লেহে শিৰোনামাত ঠিকনা দিব লাগে। বিধিবর্হিভূত পত্ৰসমূহত পৰিয়াল আৰু ব্যক্তিগত বাতৰিসমূহ বিনিময় কৰা হয়। ই বিশেষ সুযোগবোৰ মানি লয়। এই পত্ৰসমূহে অভিনন্দন, সমবেদনা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ প্ৰস্তাৱ দিয়ে।

বিধিবর্হিভূত পত্ৰ লিখাৰ পদ্ধতিবোৰ নিম্নলিখিত ধৰণৰ:

(ক) ঠিকনা আৰু তাৰিখ: সোঁফালে চুকত ঠিকনা আৰু তাৰিখ লিখিব লাগে। ঠিকনা লিখাৰ পাছত, এডাল ৰেখা এৰি তাৰিখ লিখিব লাগে।

(খ) সম্ভাষণ: বিধিবর্হিভূত পত্ৰত সাধাৰণতে সম্ভাষণ হৈছে— “মৰমৰ……..”

উল্লেখযোগ্য যে ই লঘু যতিৰে (,) অনুসৰণ কৰে। উদাহৰণস্বৰূপে মৰমৰ মিমি। 

(গ) আৰম্ভ: প্রথম দফাত আৰম্ভণি থাকিব। আমি গ্ৰহণ কৰোতালৈ কি লিখি আছো তাৰে ধাৰণা দিয়া হ’ব। ইয়াত চিঠিৰ মূল বিষয়েৰে সংক্ষিপ্ত বিৱৰণ গ্ৰহণ কৰোতাক দিয়া হয়। আমি যি ব্যক্তিলৈ পত্র লিখি আছো যদি সেই ব্যক্তি অপৰিচিত, তেনেহ’লে আৰম্ভণি দফাত নিজৰ পৰিচয় দিবলগীয়া হ’ব পাৰে।

(ঘ) মূল কথা: আমি সম্পূৰ্ণ কৰিবলৈ বিচৰা খবৰবোৰ থাকে। এই খবৰৰ লগতে ইয়াক বিস্তৃতভাৱে জানিব পৰা যায়।

(ঙ) উপসংহাৰঃ সাধাৰণতে উপসংহাৰ শেষৰ দফাত থাকিব লাগে য’ত গোটেইখিনি কথা সামৰি লোৱা হয়। এই দফাত মূল কথাবোৰ সংক্ষেপকৰণ কৰা হয়। ইয়াত আগন্তুক সময়লৈ গ্ৰহণ কৰোতাক কৃতজ্ঞতা, শুভ কামনা বা যিকোনো প্রশ্ন শুধা হয়।

(চ) চিঠিৰ সামৰণি: বিধিবহিভূত পত্ৰত সামৰণি এনেদৰে কৰা হয় — মৰম, শুভকামনা, শুভেচ্ছা, তোমাক এতিয়ালৈ এৰিছো, তোমাৰ মৰমৰ, আপোনাৰ ইত্যাদি।

উল্লেখযোগ্য যে লঘু যুতিৰে ইয়াক অনুসৰণ কৰা হয়।

প্ৰশ্ন ১০। চাকৰিৰ আবেদন কাক বোলে ?

উত্তৰঃ দৰখাস্ত বা চাকৰিৰ আবেদন বা নিযুক্তিৰ আবেদনক সহজে আবেদন পত্ৰ বুলিব পাৰি সাধাৰণতে ই হৈছে সংগ্ৰহ পত্ৰ সমূহৰ অন্তৰ্গত। নিযুক্তি বিচৰা ব্যক্তিক দৰখাস্তকাৰী বোলা হয়। দৰখাস্তকাৰীয়ে পাব পৰা চাকৰিৰ বিষয়ে জনোৱা প্রক্রিয়া। ই নিযুক্তিৰ বাবে দৰখাস্তকাৰীক প্ৰস্তাৱ দিয়ে আৰু নিযুক্তিকাৰীক সম্মত কৰে।

চাকৰিৰ আবেদন হৈছে গুৰুত্বপূর্ণ আবেদন। কাৰণ আমি গোটেই ভৱিষ্যত চাকৰি পোৱাৰ আশাত অতিবাহিত কৰো আৰু আমাৰ ভাল চাকৰিৰ পোৱাৰ যোগ্যতা নিৰ্ভৰ কৰে ভাল আবেদন পত্র লিখা ওপৰত। 

চাকৰিৰ আবেদন পত্ৰ দুই প্ৰকাৰৰ –

(ক) জীজ্ঞাশীত দৰখাস্ত।

(খ) অজীজ্ঞাণীত দৰখাস্ত।

(ক) জীজ্ঞাশীত দৰখাস্ত: এনে দৰখাস্ত নিয়োগ কৰ্তাই আগবঢ়োৱা চাকৰিৰ বিজ্ঞাপন পঢ়ি লিখি পঠোৱা হয় ।

(খ) অজীজ্ঞাশীত দৰখাস্ত: এনে দৰখাস্ত চাকৰি বিচাৰি লিখা হয় কিন্তু ইয়াক কোনো বিজ্ঞাপন প্রকাশ নোপোৱাকৈ পঠোৱা হয়।

এই ধৰণৰ আবেদনৰ বহুতো সুবিধা আছে। এই আবেদনৰ বাবে কোনো প্রতিযোগিতা নাই । কিন্তু বিজ্ঞাপনত প্ৰকাশ হোৱা আবেদন পত্ৰত প্ৰতিযোগিতা থাকে। ইয়াৰ বাহিৰেও কোনো সময়ত দৰখাস্তকাৰীয়ে একে আবেদন পত্র নিযুক্তিকাৰীলৈ পঠিয়াব পাৰে।

প্ৰশ্ন ১১। “প্রতিদিন” কাকতত প্ৰকাশিত ক মহাবিদ্যালয়ৰ খালী হোৱা সহকাৰী অধ্যক্ষৰ পদৰ পূৰণৰ বাবে প্ৰধান অধ্যক্ষলৈ আবেদন লিখা।

উত্তৰঃ

প্রতি,

অধ্যক্ষলৈ

মহাবিদ্যালয়, ডিব্ৰুগড়     

তাৰিখ: ২৯.৩.২০১৮

ডিব্ৰুগড়

বিষয়: সহকাৰী অধ্যক্ষৰ পদৰ বাবে আবেদন।

মহাশয় / মহাশয়া

মই ভনিতা শৰ্মাই আপোনাৰ মহাবিদ্যালয়ত সমাজ বিজ্ঞানত সহকাৰী অধ্যক্ষৰ পদৰ বাবে আবেদন কৰিব বিচাৰিছো। “প্রতিদিন” ১০ ফেব্ৰুৱাৰী তাৰিখে বিজ্ঞাপন খণ্ডত প্ৰকাশ পোৱা আপোনাৰ এই বিজ্ঞাপনটি পঢ়িবলৈ পালো।

মোৰ সমাজ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আছে আৰু শিক্ষক প্রশিক্ষণ পাঠ্যক্রম মই সম্পূৰ্ণ কৰিছো। জুনিয়ৰ কলেজত মোৰ তিনি বছৰৰ কৰ্ম অভিজ্ঞতা আছে। সমাজত আপোনাৰ মহাবিদ্যালয়ৰ সপ্তমলৈ ম‍ই অবগত। মই আপোনাৰ মহাবিদ্যালয়ৰ অ হ’বলৈ খুব আগ্ৰহী। এই আবেদন পত্ৰৰ সৈতে মোৰ সকলো প্রাসঙ্গিক নথি পত্ৰ পঠিয়াইছে। মই কৰ্ম অভিজ্ঞতাৰ প্ৰমাণ পত্ৰও ইয়াত অন্তৰ্গত কৰিছো।

মোৰ সকলো প্ৰমাণ পত্ৰসমূহ প্ৰমাণ কৰি চাওঁক আৰু যদিহে মোৰ সামৰ্থৰ প্ৰতি আপোনালোক আগ্রহী তেন্তে মোৰ ফোন নম্বৰত ফোন বা ই-মেইল কৰে যেন। আপোনাৰ পৰা উত্তৰৰ আশা আগ্ৰহেৰে বাট চাই থাকিম।

ধন্যবাদ

আপোনাৰ একান্তবাধ্য

ভনিতা শৰ্মা

প্ৰশ্ন ১২। এটা ৰাজহুৱা পুথিভঁৰালৰ বাবে খালী হোৱা পুথিভঁৰালৰ তত্ত্বাবধায়ক পদ পূৰণৰ বাবে আবেদন লিখা।

উত্তৰঃ

 প্ৰতি                                

তাৰিখ- ১৯.২.২০১৭

ডিব্ৰুগড়

পৰিচালক,

সাধাৰণ ৰাজহুৱা পুথিভঁৰাল,

গুৱাহাটী, অসম

বিষয়: পুথিভঁৰালৰ তত্ত্বাবধায়কৰ বাবে আবেদন।

শ্রদ্ধেয় মহাশয়,

আপোনাৰ খ্যাতি সম্পন্ন পুথিভঁৰালত এটা পুথিভঁৰালৰ তত্ত্বাবধায়কৰ পদ খালী থকা বুলি মই কিছুমান নিৰ্ভৰযোগ্য তথ্যৰ পৰা গম পালো। মইও সেই পদৰ বাবে আবেদন কৰিব বিচাৰো।

মই সুযোগ পালে সন্তোষ পাম। মই উপযুক্ত অনুষ্ঠানখনত সেৱা আগবঢ়াব পাৰিলে সুখী হ’ম। যিহেতুকে আপোনালোকৰ প্রয়োজন মতে মোৰ অভিজ্ঞতা আৰু প্ৰাসঙ্গিক গুণ আছে।

মই প্রথম বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পুথিভঁৰাল বিজ্ঞানত স্নাতক কৰিলো। এখন জুনিয়ৰ কলেজৰ পুথিভঁৰাল তত্ত্বাবধায়ক হিচাপেও মই নিযুক্তি হৈছিলো মই পৰিদৰ্শক হিচাপে নির্দিষ্ট কার্য চলাও। মই E-library পদ্ধতিতও কাৰ্য কৰাব পাৰো। তাত মোৰ তিনি বছৰৰ কৰ্ম কৰা অভিজ্ঞতাও আছে। বর্তমানে মই চাকৰিৰ লগতে ব্যক্তিগতভাৱে (MIUS) আবেদন কৰিছো। আপোনালোকৰ নিষ্পত্তিৰ বাবে মোৰ সংক্ষিপ্ত বিৱৰণ ইয়াত পঠিয়ায় দিয়া হৈছে। যদিছে আপোনালোকৰ সময় সুবিধাৰ মতে মুখ্য-মুখী পৰীক্ষালৈ মাতে মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম। যিমান সোনকালে সম্ভৱ হয় মই আপোনালোকৰ পুথিভঁৰালত নিয়োগ হ’বলৈ অধিৰ হৈ আছে।

ধন্যবাদ

আপোনাৰ বিশ্বাসী

বিদ্যুৎ কলিতা

বিঃদ্রঃ সংক্ষিপ্ত বিৱৰণ আৰু শিক্ষা প্ৰমাণ পত্ৰৰ ফটোকপী।

প্ৰশ্ন ১৩। ব্যক্তিগত পত্ৰ কাক বোলে ?

উত্তৰঃ ব্যক্তিগত পত্ৰ হৈছে এক প্ৰকাৰৰ পত্ৰ (বা বিধিবর্হিভূত ৰচনা)। ই সাধাৰণতে বৃত্তিগত বিষয়তকৈ ব্যক্তিগত বিষয়ত গুরুত্ব দিয়ে আৰু ইয়াত এজন ব্যক্তিয়ে আন এজন ব্যক্তিলৈ পত্ৰ পঠিয়ায়। অষ্টাদশ শতিকাৰ পৰাই ব্যক্তিগত পত্ৰসমূহ হৈছে একধৰণৰ জনপ্রিয় ব্যক্তিগত যোগযোগ। আমি যাক চিনি পাওঁ তেওঁলৈ ব্যক্তিগত পত্ৰসমূহ লিখা হয়। উদাহৰণস্বৰূপে, আমি বন্ধুলৈ, পৰিয়ালৰ সদস্যলৈ, সহপাঠীলৈ বা পত্ৰ বন্ধুলৈ লিখোঁ

ব্যক্তিগত পত্ৰত ভুক্ত কৰা হয় তাৰিখ, গ্ৰহণ কৰোতাৰ নামৰ সৈতে সম্ভাষণ “মৰমৰ” বুলি আৰম্ভণি কৰা হয়, পৰিচয়, মূল কথা, সামৰণি, লিখকৰ চহীৰ সৈতে সামৰণি শুভেচ্ছা বাণী পঠোৱা অংশ যেনে “আপোনাৰ একান্তবাধ্য” বা মৰম। ব্যক্তিগত পত্ৰৰ ভাব বিধিবর্হিভূত।

সাধাৰণতে ব্যক্তিগত পত্ৰৰ ভাষা লিখাৰ বৰণ হ’ব লাগে আকস্মিক আৰু বন্ধুভাৱ থকা। ইয়াত পৰিচয় বিধিবর্হিভূত সম্বোধনৰ অন্তৰ্গত। যেনে— “তুমি কেনে আছা”। লগতে গ্ৰহণ কৰোতাৰ পূর্ব যোগাযোগও উল্লেখ থাকিব লাগে। পত্ৰৰ মাজ অংশত লেখকে মূল বিষয়ৰ লগত সম্পর্ক আনিব লাগে, ইয়াত সামৰণিৰে অনুসৰণ কৰা হয় য’ত লেখকে উত্তৰ বিচাৰে।

প্ৰশ্ন ১৪। ব্যক্তিগত পত্র কি দৰে লিখা হয় ?

উত্তৰঃ সাধাৰণতে ব্যক্তিগত পত্ৰসমূহ পৰিয়াল আৰু বন্ধু-বান্ধৱলৈ দিয়া হয়। ইয়াৰ দ্বাৰা মৰম আৰু কৃতজ্ঞাতাৰ ভাৱনা প্ৰকাশ কৰা হয়। ইয়াত সাধাৰণতে পত্ৰৰ প্ৰধান অংশবোৰ অন্তৰ্গত।

যেনে— শিৰোনামা, তাৰিখ, সম্বোধন বিষয়, সামৰণি, চহী আৰু চিত্ৰ-নৃত্য থাকে।

যিমান দূৰ সকলোবোৰ সৰল আৰু আন্তৰিক বিশেষ কোনো লোকলৈ ব্যক্তিগত পত্ৰ লিখিবলৈ সহজ হয় । সেয়েছে, পত্ৰ ৰচনা কৰিবলৈ দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাৰ প্ৰয়োজন ।

আন্তৰিকতাৰে আৰু সৰলতাৰে আমি কেনেদৰে অনুভৱ কৰো কোনো লোকক জানিবলৈ দিয়া হয়। ব্যক্তিগত পত্ৰ লিখিবলৈ কলম, কাগজ আৰু সঁচা ভাৱনায়ে সফলতা আনিব পাৰে।। এবাৰ লিখকে সংকল্প লোৱাৰ পিছত কি প্ৰকাৰৰ ভাৱমূৰ্ত্তি প্ৰকাশ কৰিব, তেওঁ নিজৰ ভাষাত স্বাধীনভাৱে প্ৰকাশ কৰিব পাৰে।

যদিও ইয়াত এটা নিয়ম অনুসৰণ কৰা হয় ব্যক্তিগত চিঠিৰ ভাল গুণ এটা হ’ল যে ইয়াত লিখকে স্বাধীনভাবে সৃষ্টিশীল হ’ব পাৰে। ইয়াত ব্যক্তিগত খবৰ বা আৱেগপূর্ণ ভাৱ সমৰ্পণ কৰা হয় ৰংচঙীয়া কাগজ-কলম নির্বাচন কৰি স্থিৰ কৰি সজোৱা কাৰ্যৰে, চিত্ৰাংকনৰে, ছবিবে আৰু অন্যান্য সুশোভিত কৰণৰ দ্বাৰা।

বৰ্তমান চিঠিৰ প্ৰচলন কমিবলৈ ধৰিছে। ইয়াৰ কাৰণ হৈছে সামাজিক মাধ্যম আৰু অন্যান্য বৈদ্যুতিক আহিলা সমূহ হঠাৎ আগবাঢ়িব ধৰিছে। যেনে— স্মার্ট ফোন আৰু টেবলেট। ই যোগাযোগৰ ব্যৱস্থা দ্রুত, সহজ আৰু বেছি সুবিধাজনক কৰি তুলিছে। যেতিয়া এখন চিঠি হাতেৰে লিখা হয় সেই চিঠি মূল্যবান আৰু যালৈ লিখা হয় তেওঁ তাৰ মূল্য উপলব্ধি কৰে। সেই চিঠি আৱেগিক হৈ পৰে।

প্ৰশ্ন ১৫। ব্যক্তিগত পত্ৰ বুলিলে কি বুজা ? বর্তমানে তোমাৰ মতে ‘ব্যক্তিগত পত্ৰৰ তাৎপৰ্য কি কি ?

উত্তৰঃ ব্যক্তিগত পত্ৰ হৈছে এক প্ৰকাৰৰ পত্ৰ (বা বিধিবর্হিভূত ৰচনা)। ই সাধাৰণতে বৃত্তিগত বিষয়তকৈ ব্যক্তিগত বিষয়ত গুরুত্ব দিয়ে আৰু ইয়াত এজন ব্যক্তিয়ে আন এজন ব্যক্তিলৈ পত্ৰ পঠিয়ায়। অষ্টাদশ শতিকাৰ পৰাই ব্যক্তিগত পত্ৰসমূহ হৈছে একধৰণৰ জনপ্রিয় ব্যক্তিগত যোগযোগ। আমি যাক চিনি পাওঁ তেওঁলৈ ব্যক্তিগত পত্ৰসমূহ লিখা হয়। উদাহৰণস্বৰূপে, আমি বন্ধুলৈ, পৰিয়ালৰ সদস্যলৈ, সহপাঠীলৈ বা পত্ৰ বন্ধুলৈ লিখোঁ

ব্যক্তিগত পত্ৰত ভুক্ত কৰা হয় তাৰিখ, গ্ৰহণ কৰোতাৰ নামৰ সৈতে সম্ভাষণ “মৰমৰ” বুলি আৰম্ভণি কৰা হয়, পৰিচয়, মূল কথা, সামৰণি, লিখকৰ চহীৰ সৈতে সামৰণি শুভেচ্ছা বাণী পঠোৱা অংশ যেনে “আপোনাৰ একান্তবাধ্য” বা মৰম। ব্যক্তিগত পত্ৰৰ ভাব বিধিবর্হিভূত।

সাধাৰণতে ব্যক্তিগত পত্ৰৰ ভাষা লিখাৰ বৰণ হ’ব লাগে আকস্মিক আৰু বন্ধুভাৱ থকা। ইয়াত পৰিচয় বিধিবর্হিভূত সম্বোধনৰ অন্তৰ্গত। যেনে— “তুমি কেনে আছা”। লগতে গ্ৰহণ কৰোতাৰ পূর্ব যোগাযোগও উল্লেখ থাকিব লাগে। পত্ৰৰ মাজ অংশত লেখকে মূল বিষয়ৰ লগত সম্পর্ক আনিব লাগে, ইয়াত সামৰণিৰে অনুসৰণ কৰা হয় য’ত লেখকে উত্তৰ বিচাৰে।

ব্যক্তিগত পত্ৰ হৈছে এক প্ৰকাৰৰ পত্ৰ (বা বিধিবহিভূত ৰচনা)। ই সাধাৰণতে বৃত্তিগত বিষয়তকৈ ব্যক্তিগত বিষয়ত গুৰুত্ব দিয়ে আৰু ইয়াত এজন ব্যক্তিয়ে আন এজন ব্যক্তিলৈ পত্ৰ পঠিয়ায়। অষ্টাদশ শতিকাৰ পৰাই ব্যক্তিগত পত্ৰসমূহ হৈছে একধৰণৰ জনপ্ৰিয় ব্যক্তিগত যোগাযোগ। কিন্তু বিভিন্ন উদ্ভাৱনৰ ফলত ব্যক্তিগত পত্ৰ লিখাৰ অভ্যাস কমি যোৱা দেখা গৈছে।

বর্তমান ব্যক্তিগত পত্ৰ লিখা হৈছে এক বিলুপ্তি কলা। সুন্দৰ হাতৰ আখৰেৰে লিখা পত্ৰসমূহৰ পৰিৱৰ্তে জীৱনৰ সাধুবোৰ চমুকৈ, বিষমতা, এক আখৰৰ আৰু ব্যাকৰণ সংক্রান্ত ভাষা নথকা ইমেলৰ দ্বাৰা আজিকালি কোৱা হয়। তথাপিও মানুহে পত্রসমূহ লিখে। ভাতৃয়ে ভনীয়েকলৈ লিখে, কলেজৰ ছাত্ৰ- ছাত্ৰীবোৰে ঘৰলৈ মাক-বাপেকলৈ লিখে, প্রথম গ্রীষ্ম কালীন কেম্পত কটোৱা ল’ৰা-ছোৱালীলৈ মাক-বাপেকে মৰমৰে পত্ৰ লিখে।

ব্যক্তিগত পত্ৰ লিখাৰ অভ্যাস ইমেল, আইফোন, আৰু চেলফোনবোৰে একেবাৰে কমাই দিছে। যি কি নহওঁক, বহু ক্ষেত্ৰত পত্ৰসমূহ আজিও উপযুক্ত আৰু এই পত্ৰসমূহক আজিও মূল্য দিয়া হয়। সমবেদনা প্রকাশ কৰিবলৈ পত্ৰ আৰু কৃতজ্ঞতা জনোৱাৰ বাবে হাতে লিখা পত্রসমূহ বিশেষভাবে শুদ্ধ। ভাল এখন পত্র লিখিবলৈ ভাল আলাপৰ অনুভৱ হোৱা দেখা যায় আৰু ইয়াৰ সম্পৰ্ক একেতা শক্তিৰে গঢ়ি উঠে।

প্ৰশ্ন ১৬। তুমি তোমাৰ বন্ধুলৈ কিতাপখন দিবা বুলি চিঠি এখন লিখা। তুমি তোমাৰ চিঠিখনত  কিতাপৰ নাম, কিয় প্ৰয়োজন আৰু কেতিয়া তুমি ঘুৰাই দিবা তাত উল্লেখ কৰি দিবা।

উত্তৰঃ

গুৱাহাটী,

তাৰিখ: ১৭.২.২০১৮

মোৰ মৰমৰ বান্ধৱী নিধি,

মই বহু সময় ধৰি তোমাৰ খবৰ পোৱা নাই। আশা কৰো তুমি ভালে আছা। আমাৰ ষান্মাসিক পৰীক্ষা ওচৰ চাপিছে বুলি তুমি জানা চাগে। মই পঢ়া-শুনাত ব্যস্ত হৈ আছো। মোৰ অনুমান যে তুমিও চাগে পঢ়া শুনাত ব্যস্ত হৈ আছা। তুমি যোৱা মাহত যিখন কিতাপ মোৰ পৰা লৈছিলা বর্তমান সেই কিতাপখনৰ বহু প্ৰয়োজন হৈছে। সেই কিতাপখন হৈছে “Mass Communication and Journalism in India” এই কিতাপখন নিয়া প্রায় এমাহ হ’বলৈ হ’ল। তুমি ছাগৈ পাহৰি গৈছা । এতিয়া মোৰ প্ৰস্তুতিৰ বাবে কিতাপখনৰ বৰ প্ৰয়োজন হৈছে। অহা দেওবাৰে মই তোমাৰ ঘৰলৈ কিতাপখন ঘূৰাই আনিবলৈ যাম। তোমাৰ যদি আকৌ প্রয়োজন হয় মই পৰীক্ষাৰ পিছত দিম। আশা কৰো যাতে আমাৰ মাজত ভুল-বুজাবুজি নহয়। আজিলৈ ইমানতে সামৰিছোঁ।

ইতি—–

তোমাৰ মৰমৰ বান্ধৱী

নিগন্ধা

প্ৰশ্ন ১৭। নিজৰ পৰিচয় দি ইংলেণ্ডত থকা পত্ৰ বন্ধুলৈ এখন চিঠি লিখা। 

উত্তৰঃ মৰমৰ জন                  

তেজপুৰ,  ভাৰত

তাৰিখ- ২০.২.২০১৮

চিঠিখনৰ বাবে ধন্যবাদ। তোমাৰ নিচিনা পত্ৰ-বন্ধুৰ লগত যোগাযোগ ৰাখি মই খুব আনন্দিত হৈছো আৰু ভৱিষ্যতলৈও বন্ধুত্ব অটুট ৰাখিবলৈ ম‍ই আগ্রহী। এই যোগাযোগে এজনে আনজনৰ লগত ওচৰ চাপিবলৈ সহায় কৰে আৰু ইয়াৰ জৰিয়তে আমি নিজকে ভালদৰে জানি উঠিব পাৰিছোঁ। 

প্রথমে, মই মোৰ বিষয়ে এটি চমু পৰিচয় দিব বিচাৰোঁ। মই শ্ৰীয়া বুলি তুমি জ্ঞাত কিন্তু মোল মৰমেৰে বিনী বুলি মাতে। মোৰ বয়স হ’ল ১৯ বছৰ। মই তেজপুৰ মহাবিদ্যালয়ৰ স্নাত পঞ্চম যাত্মাসিকৰ ছাত্ৰী। মই সংবাদিকতাৰ প্ৰতি বহুত আগ্রহী। মই সংবাদাতা হ’ব বিছাৰো।

মই পঢ়া-শুনাৰ প্ৰতি বহুত গুৰুত্ব দিওঁ। মই সদায়ে মেধাৱী ছাত্ৰ আছিলোঁ। মোৰ কিকি নামৰ এজন কনিষ্ট ভাতৃ আছে। সি একাদশ শ্ৰেণীত পঢ়ে। মোৰ মা হৈছে গ্ৰীহিনী। পঢ়া শুনাৰ বাহিৰেও মোৰ ফুল ৰোৱা আৰু সংগীত চৰ্চাৰ বহু আগ্রহ আছে। মই বেডমিন্টন খেল খেলি ভাল পাওঁ। মই যিখন মহানগৰত থাকো সেই ঠাইখন অসমৰ সুন্দৰ ঠাই। ই এখন ঐতিহাসিক মহানগৰ। ইয়াৰ পিছৰ চিঠিখনত তোমাৰ পৰিচয় জানিবলৈ মই ইচ্ছুক হন। তুমিও প্রবল আগ্ৰহী বুলি মই আশা কৰো । ইতি —

তোমাৰ বান্ধৱী

শ্ৰীয়া

প্ৰশ্ন ১৮। তোমাৰ চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে তোমাৰ দেউতালৈ এখন চিঠি লিখা। 

উত্তৰঃ শ্রদ্ধেয় দেউতা                           

তাৰিখ

হোষ্টেল নং (৮)

এম. পি. কে. ছোৱালী মহাবিদ্যালয়

মই আজি ৰাতিপুৱা আপোনাৰ চিঠিখন পালো। ঘৰৰ সকলোবোৰ ভালে আছে বুলি জানিবলৈ পাই মই সুখী। মইও ভালে আছো। তুমি তোমাৰ চিঠিখনৰ দ্বাৰা মোৰ আগন্তক চূড়ান্ত পৰীক্ষাৰ প্রস্তুতি কেনে জানিবলৈ বিচাৰিছা।

তুমি জানিবলৈ পাই সুখী হ’বা যে আগতকৈ মোৰ পৰীক্ষাৰ প্ৰস্তুতি উন্নত। শ্ৰেণীকোঠাত মই শিক্ষকসকলক আগ্ৰহেৰে অনুসৰণ কৰো। মই নিয়মীয়াভাৱে পাঠ্যপুঠি অধ্যয়ন কৰো। হোস্টেলত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ প্ৰত্যক্ষ তদাৰককাৰী ব্যক্তিয়ে হৈছে অত্যন্ত উপকাৰী আৰু ইয়াৰ আয়োজনসমূহো বাৰুকৈ সন্তোষজনক। মই প্ৰস্তুতিৰ বাবে আত্মবিশ্বাসী আৰু আশা কৰো মই সফল হ’ব পাৰিম।

এনেদৰে, মই আশা কৰো যে মোৰ পৰীক্ষাৰ বাবে আপুনি উদ্বিগ্ন নহয়। মোৰ হোষ্টেলত থকাত কোনো সমস্যা হোৱা নাই। মাঁ আৰু আপোনালৈ মৰম থাকিল।

তোমাৰ স্নেহশীল,

মনীষা

প্ৰশ্ন ১৯। কুসংগ ত্যাগ কৰিবলৈ পৰামৰ্শ দি তোমাৰ কনিষ্ঠ ভাতৃলৈ এখন চিঠি লিখা। 

উত্তৰঃ মৰমৰ ললিত,                       

লামডিং

মই নিৰ্ভৰযোগ্য উৎসৰ পৰা জানিবলৈ পাইছো যে তুমি বেয়া সংগৰ লগত মিশ্ৰিত হ’ব ধৰিছা। এই বাতৰিয়েই মোক প্ৰকৃততে মানসিক আঘাত দিছে। তুমি মহাবিদ্যালয়ৰ আৱাসত থকা আৰু তোমাৰ কোনো পথ প্রদর্শক নাই। এই পৰিবেশত তুমি নিজে সাৱধান হোৱা উচিত আৰু বন্ধু নির্বাচন কৰোতে সতৰ্ক হোৱা উচিত ।

মই তোমাক বেয়া বন্ধু পৰিহাৰ কৰিবলৈ সতভাবে পৰামর্শ দিছো। সংগী দেখিয়েই মানুহৰ পৰিচয় পোৱা যায়। তোমাৰ উশৃংখল আৰু অপ্রীতিকৰ মানুহৰ সহযোগে তোমাৰ পৰিয়াল আৰু তোমালৈ লজ্জাৰ বিষয় আনতো সুনিশ্চিত। ম‍ই জানিব পাৰিছো যে তোমাৰ বহুতো বন্ধু মাদক দ্ৰব্যৰ প্ৰতি আসক্ত লোক আৰু জুৱাৰী। তুমি মনত পেলোৱা যে তোমাক উচ্চ শিক্ষা আহৰণ কৰিব পঠিয়াবলৈ আমি কিদৰে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল।

তুমি তোমাৰ আচৰণ আৰু পঢ়া-শুনাত যদি অগ্রগতি নেদেখোৱা তেনেহ’লে ম‍ই তালৈ যাব লাগিব। কোনোৱা এদিন আৰক্ষীৰ কাৰাদ্ধ জেলত সোমোৱাতকৈ তুমি পঢ়া শুনা ব্যাহত কৰাই উপযোগী হ’ব। তুমি নিজকে শুধৰাই লোৱাৰ সময় এতিয়াও আছে যদি দেউতাই জানিবলৈ পাই এই বিষয়ে, তেওঁ ৰোগাক্ৰান্ত হৈ হঠাৎ অসুস্থ হ’বও পাৰে।

তোমাৰ আচৰণৰ অগ্ৰগতি সোনকালে দেখুওৱাবা বুলি মই আশা কৰোঁ। 

তোমাৰ স্নেহশীল ককাইদেউ

কপিল

প্ৰশ্ন ২০। অনুসন্ধানমূলক আৰু সমিধান পত্ৰ কাক বোলে ? তদস্ত কৰাৰ নিয়মসমূহ লিখা। 

উত্তৰঃ ক্রেতাই বিক্ৰেতালৈ লিখা পত্ৰত বস্তু কিনিবলৈ আগতীয়া খবৰ জানিব পৰা পত্ৰক অনুসন্ধানমূলক পত্ৰ বুলি কোৱা হয়। এই চিঠি তদন্ত কৰিবলৈ লিখা হয়। ইয়াত কস্তুৰ দাম, ব বাট্টা দিয়া, ঋণৰ বিষয়ে অনুসন্ধান কৰা হয়।

বিক্রেতাই ক্রেতালৈ লিখা চিঠিত বস্তু বেচিবলৈ খবৰ দিয়া হয়। এই পত্ৰক অনুসন্ধান সমিধান বুলি কোৱা হয়। এই পত্র লিখা হয় খবৰ দিবলৈ। ইয়াত খবৰ দিয়া গুণৰ বিষয়ে, বস্তুৰ দাম, বটা দিয়া, ঋণ ইত্যাদিৰ গুণৰ বিষয়ে খবৰ দিয়া হয়।

এখন দৈনন্দিন কার্যক্ৰমৰ অনুসন্ধান পত্ৰত আমাক কি সাধাৰণ খবৰ লাগে, বস্তুৰ নাম তালিকা বা দামৰ তালিকা, নমুনা, সম্ভাব্য ব্যয় সংক্রান্ত বিৱৰণ, জোখ ইত্যাদি সহজে, স্পষ্টভাৱে আৰু সংকীৰ্ণকৈ উল্লেখ কৰাতো প্রয়োজন।

আমি যি দামত কিনিবলৈ প্ৰস্তুত হৈছে সেই দামত যদি সীমা থাকে আমি ইয়াক সদৰী কৰি নালাগে। অন্যথা আমি উল্লেখ কৰা সীমালৈ ঠগকাৰী সম্ভাব্য বায় সংক্রান্ত বৃদ্ধি কৰি তুলি পাৰো। যিহেতু যোগানধাৰীয়ে সাধাৰণতে ঋণৰ বিষয়ে উদ্ধৃত উল্লেখ কৰে, তাক সোধাৰ প্ৰয়োজন নাথাকে যদিহে ৰেহাই মূল্য আমাৰ বাবে প্রত্যাশী হয়।

অনুসন্ধান কৰোতে, নিম্নলিখিত নিয়মসমূহ পর্যবেক্ষণ কৰিব লাগে—

(ক) আমি প্রশ্ন বা প্রশ্নবোৰেৰে আৰম্ভ কৰিব লাগে। আমাৰ অনুসন্ধান কিহৰ ওপৰত হ’ব পাঠকে জানি উঠিব পাৰিব।

(খ) আমি প্ৰশ্নৰ দ্বাৰাহে অনুৰোধ দাঙি ধৰিব লাগে। বিবৃতিৰ দ্বাৰা নহয়। 

(গ) আমাৰ অনুসন্ধান চমু আৰু সঠিক হ’ব লাগে।

চিঠি লিখা কার্ড যথেষ্ট কম হ’ব যদি অনুসন্ধান অতি চমু হয়। সম্বোধন (মৰমৰ ছাৰ) আৰু শুভেচ্ছা বাণী (আপোনাৰ বিশ্বাসী) দুয়ো ইয়াত অন্তর্ভুক্ত নকৰিলেও হ’ব। 

প্ৰশ্ন ২১। অনুসন্ধান পত্ৰসমূহৰ প্ৰকাৰ কি কি?

উত্তৰঃ চাকৰি পোৱাৰ আগতে যি পত্ৰ চাকৰি পাবলৈ বিচৰা, দাম, সামগ্ৰী সেৱাৰ বিষয়ে সংগ্ৰহ কৰিবলৈ লিখা হয়। এই পত্রসমূহে বাকী অনুদান দিয়ে, লিখিত চুক্তি বনাই আৰু পদোন্নতি দিয়ে। এই পত্রসমূহকে অনুসন্ধান পত্ৰ বুলি জনা যায়। এই পত্রসমূহ তৃতীয় পক্ষলৈ লিখা হয়। ই এটা কোম্পানী বা এটা চাকৰিৰ বিষয়ে তথ্য বিচাৰে। এই পত্ৰসমূহে বাণিজ্যক সম্পর্ক গঢ়িব ইচ্ছা কৰে।

লক্ষ্যৰ ওপৰত ভিত্তি কৰি সাধাৰণতে দুই প্ৰকাৰৰ অনুসন্ধান পত্ৰ পোৱা যায় যেনে— 

(ক)  ব্যক্তিত্ব পদ অনুসন্ধান পত্ৰ। আৰু 

(খ)  ব্যৱসায় পদ অনুসন্ধান পত্র।

(ক) ব্যক্তিগত পদ অনুসন্ধান পত্র : সম্ভাব্য নিযোগকর্তাই যি পত্রসমূহ লিখে চাকৰি আবেদকৰ তথ্য পাবলৈ তাকে ব্যক্তিগত মর্যাদা তদন্ত পত্ৰ বুলি কোৱা হয়। নিয়োগকর্তাই আবেদকৰ সম্পৰ্ক তথ্য পাবলৈ এই চিঠি লিখে যেনে – ব্যক্তিগত আৰু পৰিয়ালৰ পৃষ্টভূমি, সামৰ্থ, কৌশল, সাধুতা, চৰিত্ৰ, অখণ্ডতা, কাৰ্য সম্পাদৰ গুণ, চাকৰিৰ বাবে সুস্থতা ইত্যাদি।। সাধাৰণতে এই পদ আবেদকে উল্লেখ কৰা চৰিত্ৰ সম্বন্ধে তথ্য যোগাওঁতালৈ লিখে। এই পত্ৰৰ সঁহাৰি লৈ তথ্য যোগাওঁতায়ে আৱেদকৰ বাবে অনুকূল, বিৰাগপূর্ণ বা নিৰপেক্ষ হ’ব পাৰে।

(খ) ব্যবসায় পদ অনুসন্ধান পত্ৰঃ যেতিয়া এখন ব্যৱসায়িক প্রতিষ্ঠানে আন এখন ব্যবসায়িক প্ৰতিষ্ঠানলৈ চিঠি লিখে তথ্য সংগ্ৰহ কৰিবলৈ এজন সম্ভাব্য গ্ৰাহকৰ বিষয়ে, তাকে ব্যৱসায় পদ অনুসন্ধান পত্ৰ বুলি জনা যায়। সাধাৰণতে এই পত্র লিখা হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ তথ্য সংগ্ৰহ কৰিবলৈ এই পত্ৰ লিখা হয়। এই পত্ৰৰ দ্বাৰা বিত্তীয় সামর্থ, সদিচ্ছা, ব্যৱসায়িক সম্বন্ধ, সততা ইত্যাদিৰ বিষয়ে জনা যায়। এই পত্রই ব্যৱসায়িক আদান-প্রদান স্থাপনৰ কাৰণ নিৰ্ণয়। কৰে। এই পত্ৰৰ সঁহাৰি অনুৰাগ বা বিৰাগপূৰ্ণ হ’ব পাৰে।

প্ৰশ্ন ২২। তৈয়াৰ হোৱা একাধিক বস্ত্ৰৰ বিষয়ে জানিবলৈ এটা কোম্পানীলৈ অনুসন্ধান পত্র প্ৰস্তুত কৰা। সেই একেখন অনুসন্ধান পত্ৰৰ উত্তৰ প্ৰস্তুত কৰা। 

উত্তৰঃ তৈয়াৰ হোৱা একাবিধ বস্ত্ৰৰ তদন্ত 

গিৰধাৰীলাল এণ্ড কোম্পানী     

নিউ মাৰ্কেট, ডিব্ৰুগড় অসম                                        

১০ মার্চ, ২০১৭

এপেক্স বস্ত্রালয় 

তিতাবৰ, যোৰহাট, অসম

মাননীয় মহাশয়,

আমাৰ প্ৰতিনিধিৰ পৰা আপোনাৰ কোম্পানীলৈ এটি উত্তম প্রতিবেদন আগবঢ়াইছো। আমি জানিবলৈ পাইছো যে আপোনালোকে ল’ৰা-ছোৱালী, মহিলা আৰু পুৰুষৰ বাবে তৈয়াৰ হোৱা একাধিক বস্তু প্রস্তুত আৰু যোগান ধৰে।

আপোনাৰ সাজ-পাৰৰ দোকানখন এখন উন্নত দোকান ইয়াত বিচাৰি পাব। আমি কেৱল বিক্ৰীৰ বৃদ্ধিয়ে নকৰো ইয়াক অন্য ৰাজ্যতো জনপ্ৰিয় কৰি তুলিম।

অনুগ্ৰহ কৰি আপুনি বিভিন্ন প্ৰকাৰৰ বস্ত্ৰৰ দামৰ বিষয়ে, বিশেষ বস্ত্ৰৰ নাম তালিকাৰ সম্পূৰ্ণ বিৱৰণ যোগান ধৰিব পাৰিব নে? এক সপ্তাহ সময়ৰ ভিতৰতে পৰিমাণৰ যোগান ধৰিব লাগে। আৰু থলুৱা বজাৰত কিনা বস্তুবোৰ আপুনি দাম নিৰ্দ্ধাৰণ কৰি দি বেচিব লাগে সেই অনুক্ৰমেহে অন্য ৰাজ্যতো লোকসকলে এই বস্তু উপভোগ কৰিব পাৰিব।

আপোনাৰ বিশ্বাসী 

গিৰধাৰীলাল এণ্ড কোম্পানীৰ বাবে

অপেক্স বস্ত্ৰালয় 

তিতাবৰ, যোৰহাট

১৬ মার্চ

গিৰধাৰীলাল এণ্ড কোম্পানী 

নিউ মার্কেট, ডিব্ৰুগড়

মামনীয় মহাশয়,

আপোনালোকৰ অনুসন্ধান বাবে আমি কৃতজ্ঞ আৰু সাজ-পাৰ বেচিবলৈ ক্ষিপ্ৰতাৰে আগবাঢ়িছো।

আমি ১-১২ বছৰ বয়সৰ ল’ৰা-ছোৱালী, পুৰুষ আৰু মহিলাৰ বাবে তৈয়াৰ হোৱা বস্তু প্রস্তুত কৰো। গোটেই উত্তৰ পূব ভাৰতত আমি বস্ত্ৰসমূহ বিক্ৰী কৰিবলৈ সাজু হৈছে। ইয়াকে আমি আপোনাক জনাবলৈ পায় নথৈ আনন্দিত।

আমাৰ বস্ত্ৰসমূহৰ বিষয়ে চিত্ৰায়ন, তালিকাৰ সম্পূৰ্ণ বিৱৰণ পত্ৰৰ সৈতে দিয়া হ’ল। কোনো অতিৰিক্ত তথ্য আপোনাৰ বাবে প্ৰয়োজনীয় তাক যোগান ধৰিবলৈ পালে সুখী হ’ম।

আপোনালোকৰ আগতীয়া খবৰৰ বাবে আদৰেৰে অপেক্ষা কৰিম।

ধন্যবাদ

আপোনালোকৰ বিশ্বাসী।

xxx

এপেক্স বস্ত্রালয় বাবে

সামৰণি: চিত্রায়ণ বস্তুৰ নামৰ তালিকা।

প্ৰশ্ন ২৩। অনুসন্ধান পত্ৰসমূহৰ কাৰ্যাৱলীবোৰ লিখা ৷

উত্তৰঃ অনুসন্ধান পত্ৰ হৈছে ব্যৱসায়িক আদান-প্ৰদানৰ পূৰ্ব স্তৰ। এই অনুসন্ধান পত্ৰৰ দ্বাৰা সম্ভাব্য ক্রেতাই প্রশ্ন কৰিব পাৰে বা সামগ্ৰীসমূহ বা সেৱা কিনাৰ বিষয়ে তদন্ত কৰিব পাৰে। ক্রেতাই বস্তু কিনা-বেচা কৰা প্ৰক্ৰিয়াত আছুতীয়াকৈ জানিব বিচাৰে। সাধাৰণতে অনুসন্ধান পত্ৰত সামগ্ৰীসমূহ পৰীক্ষা কৰা হয়। ইয়াত সম্ভাব্য ক্রেতাই—-

(ক)  নাম আৰু সামগ্ৰীৰ প্ৰকাৰ। 

(খ) সামগ্ৰীৰ নিৰ্দেশ, (যেনে – প্ৰকাৰ, আকাৰ, গুণ, সামর্থ ইত্যাদি)।

(গ) প্রতি এককৰ দাম। 

(ঘ) গোট।

(ঙ) কেনেকৈ পৰিশোধ কৰিব।

(চ) কেনেকৈ উভতাই দিয়া হ’ব ক্রেতাই সহজে লাভ কৰিব পাৰে (যেনে – নিশ্চয়তা আৰু অন্যান্য) আদি বিষয়ত প্রশ্ন কৰে। 

ওপৰত উল্লেখিত বস্তুৰ উপৰিও, সম্ভাব্য ক্রেতাই দামৰ তালিকা আৰু বস্তুৰ নাম তালিকা  (যদি সামগ্ৰী সমূহ ভিন ভিন হয়) বিষয়ে প্রশ্ন কৰিব পাৰে। সৰু কিতাপ বা প্ৰচাৰ পত্ৰৰ দ্বাৰ সামগ্ৰীসমূহৰ বিজ্ঞাপন-সংক্রান্তীয় বৰ্ণনা দিয়া হয়। যিবোৰ সামগ্ৰী সম্ভব হয় সম্ভাব্য ক্রেতাবোৰে সামগ্ৰী বিচাৰি অনুৰোধো কৰিব পাৰে। তেওঁলোকে প্রকৃত উপাদানৰ উদাহৰণো পঠিয়াব পাৰে। অনুসন্ধান পত্ৰ আৰু যোগান সেৱাৰ দ্বাৰা, সম্ভাব্য ক্রেতাবোৰে অনুসন্ধান কৰিব পাৰে —

(ক) বিক্রেতাই সেৱাসমূহৰ প্ৰকাৰ উপস্থাপন কৰিব পাৰে। 

(খ) বিক্রেতাই সমর্থন হিচাপে (যদি যিকোনো) আচবাব ব্যৱহাৰ কৰিব পাৰে।

(গ) দাম।

(ঘ) গোট। আৰু

(ঙ) কেনেকৈ পৰিশোধ কৰিব।

প্ৰশ্ন ২৪। এটা কোম্পানীলৈ উৎপাদিত বস্ত্ৰৰ বাবে এখন অনুসন্ধান আৰু ইয়াৰ উত্তৰ পত্ৰসমূহ প্ৰস্তুত কৰা।

 উত্তৰঃ                         

এলাইচ্ টেক্সটাইল

টাউন ৰ’ড

ভদৌধাৰা

২৪ জানুৱাৰী, ২০১৮

মেছাৰচ্ একমে ছেইলচ্ কৰ্পৰেশ্বন

দি. এন. ৰ’ড

মুম্বাই

মাননীয় মহাশয়,

মেছাৰ্‌চ্‌ ৰোহিত এও কোম্পানীয়ে জনাব বিচাৰিছে যে আপোনালোকে নাইলনৰ বিছনা চাদৰ গাৰুৰ গিলিপ উৎপাদনকর্তা হয়। আপোনালোকে আমাৰ বাবে ভিন ভিন তাৰতম্যৰ সম্পূৰ্ণ বিৱৰণী দিলে আমাৰ যথেষ্ট সুবিধা হয়। ইয়াত আকাৰ, ৰং দাম অন্তৰ্গত কৰা আছে আৰু বিভিন্ন গুণৰ কাপোৰৰ ব্যৱহাৰ হোৱা নমুনাবোৰো দিয়া হৈছে। 

আমি উৎপাদিত বস্তুৰ বৃহৎ ব্যৱসায়ী আৰু বিশ্বাস কাৰো যে আমাৰ এলেকাত ই এখন সম্ভাবনাপূৰ্ণ বজাৰ। এই বস্তুসমূহ মধ্যমপন্থী মূল্য বস্তুৰ বাবে জনপ্রিয়। অনুগ্ৰহ কৰি উত্তৰত পৰিমাণ, ক্ৰয়ৰ পৰিশোধৰ সময় আৰু বাট্টা উল্লেখ কৰিব। এই সামগ্ৰীসমূহ পাঁচশ ব্যক্তিতকৈ কম হ’ব নোৱাৰিব। ওপৰৰ ঠিকনাত উদ্ধৃত কৰা দামত সামগ্ৰীসমূহ বিলাই, দিব লাগে।

ধন্যবাদ

এলাইচ্ টেক্সটাইলৰ বাবে

একমে ছেইলচ্ কৰ্পৰেশ্বন

ছি. এন. ৰ’ড

মুম্বাই

২৮ জানুৱাৰী ২০১৮

এলাইচ টেক্সটাইল

ভদৌধাৰী

মৰমৰ ছাৰ,

আমি আপোনালোকৰ ২৪ জানুৱাৰীৰ অনুসন্ধান পত্ৰ পাই আনন্দিত হৈছে আৰু আপোনালোকে পঠোৱা প্ৰশ্নৰ বাবদ চিত্রায়ণ বস্তুৰ নামৰ তালিকা আৰু সম্পূৰ্ণ বিৱৰণীৰে দামৰ তালিকাও গাঠী পঠিয়াইছো। আমি আপোনালোকলৈ পূৰ্ণ নমুনাৰ গুণও ডাক যোগে পঠিয়ায় দিছো। যেতিয়া আপোনালোকৰ সুবিধা হয় পর্যবেক্ষণ কৰি চাই আত্মবিশ্বাসী অনুভৱ কৰিব। সামগ্ৰীসমূহৰ বিৱৰণ চাই উত্তম গুণাগুণ আৰু কম মূল্যৰ সামগ্ৰী বুলি আপোনালোকে নিজে সম্মতি হ’ব।

নিয়মিতভাৱে সামগ্রীসমূহ কিনিলে আমি আপোনালোকক ৭% ৰেহাই দিম আৰু চালান পোৱাৰ ৭ দিনৰ ভিতৰত পৰিশোধ কৰিলে ১০% বিশেষ ৰেহাই দিয়া হ’ব।

নাইলন বিছনা চাদৰবোৰ দ্ৰুতভাৱে জনপ্ৰিয় হ’ব ধৰিছে। ইয়াৰ কাৰণ হৈছে উত্তাপৰ পৰা ৰেহাই আৰু ইয়াৰ কোমলতা। আমাৰ সামগ্ৰীৰ দামবোৰ জ্ঞাত হোৱাৰ পিছত আপোনালোকে আচৰিত নহ’ব। আমাৰ চাহিদা পূৰণ কৰিবলৈ কঠিন হৈছে। এই মাহ শেষ হোৱাৰ আগতে যদি আপোনালোকে ফমাছ কৰে, আমি ফৰমাছ পোৱাৰ চৈধ্য দিনৰ ভিতৰত বিলাই দিয়াটো নিশ্চিত।

আমাৰ অন্যান্য সামগ্ৰীসমূহৰ প্ৰতিও আপোনালোকক মনোযোগ দিবলৈ আমন্ত্রণ জনালো। ইয়াৰ সম্পূৰ্ণ বিৱৰণী বস্তুৰ নাম তালিকাত বিচাৰি পাব আৰু আমাৰ প্ৰথম ফৰমাচ আপোনালোকৰ পৰা পাম বুলি আশা কৰিলো।

ধন্যবাদ

আপোনালোকৰ বিশ্বাসী

একমে ছেইলচ্ কপৰেইশ্বন বাবে

প্ৰশ্ন ২৫। ফৰমাছ পত্ৰ কি ? ফৰমাছ পত্র লিখোতে কোনবোৰ বিষয়ক গুৰুত্ব দিব লাগিব লিখা।

উত্তৰঃ ক্রেতাই বিক্ৰেতালৈ সামগ্ৰীসমূহ বিলাবলৈ বিচাৰি অনুৰোধ কৰি লিখা পৱকা পত্ৰ বোলা হয়। অনুসন্ধান পত্ৰসমূহ লিখি ক্রেতাই আবশ্যকীয় তথ্য সংগ্ৰহ কৰিব পাৰে। এই তথ্য দাম, সামগ্ৰীসমূহৰ গুণ আৰু বিক্ৰীৰ বাবে হ’ব পাৰে। ক্রেতাই যদি উদ্ধৃত কৰা নাম, সামগ্ৰীসমূহৰ গুণ আৰু বিক্ৰীৰ ক্ষেত্ৰত সন্তুষ্ট হয়, তেনেহ’লে তেওঁ নিজৰ ঠিকনাত সামগ্ৰীসমূহ যোগান ধৰিবলৈ ফৰমাছ দিয়ে। ক্ৰেতাৰ ফৰমাছৰ মতে বিক্রেতাই সামগ্ৰীসমূহ বিলাই দিয়ে ।

আধুনিক যুগত, বিক্রেতাই গ্রাহকলৈ মুদ্ৰণ কৰা ফৰমাচী পত্ৰ যোগান ধৰে আৰু গ্ৰাহক মুদ্রন কৰা পত্ৰ পূৰ কৰি ফৰমাছ দিয়ে। এই ক্ষেত্ৰত মুদ্ৰণ কৰা ফৰমাছ কাগজখন বা খালী ঠাইক অনুসন্ধান পত্ৰ বুলি ধৰি লোৱা হয়।

নিম্নলিখিত উপাদানবোৰক ফৰমাছ পত্ৰ লিখিবলৈ বা ফমাছ পত্ৰৰ সাৰবস্তু বুলি ধৰি লোৱা হয়।

ফৰমাছ পত্ৰৰ দ্বাৰা, ক্রেতাই বস্তু বিলাবলৈ যোগানধাৰীক অনুৰোধ কৰে। আধুনিক যুগত, মুদ্ৰন কৰা ফৰমাছ বা বস্তু কিনিবলৈ ফৰমাছ পত্র বিক্ৰেতাই যোগান ধৰে। এইবোৰ ফৰমাছ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেয়েহে, ফৰমাছৰ বাবে খালী ঠাই আৰু বস্তু কিনিবলৈ ফৰমাছ পত্ৰ নাথাকিলে তেতিয়াহে ফৰমাছ পত্র লিখা হয়। সেই পত্ৰসমূহত তথ্য তিনিটা প্ৰধান শ্ৰেণীত ভাগ কৰা আছে।

(ক) মাছ কৰা সামগ্ৰীসমূহৰ বিষয়ে তথ্য।

(খ) প্রদানকাৰী সম্পর্কে তথ্য। আৰু

(গ) পৰিশোধন সম্পর্কে তথ্য।

(ক) ফৰমাছ কৰা সামগ্ৰীসমূহৰ তথ্যৰ বিষয়ে: এখন ফৰমাছ পত্ৰত বস্তু ফৰমাছ কৰাৰ সবিশেষ তথ্য থাকিব লাগে। সেই তথ্যত নিম্নলিখিত তথ্যসমূহ অন্তৰ্গত কৰা হৈছে— সামগ্ৰীৰ নাম, ব্যৱসায়িক নাম, পৰিমাণ, তালিকাৰ সংখ্যা, আৰ্হি সংখ্যা, ৰং, আকাৰ, ওজন, একক দাম।

(খ) প্ৰদানকাৰী সম্পর্কে তথ্য: প্ৰদানকাৰী তথ্য হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰদানকাৰী তথ্য নাথাকিলে ক্রেতা আৰু বিক্ৰেতাৰ মাজত ভুল বুজাবুজিৰ উদয় হ’ব পাৰে। নিম্নলিখিত তথ্যসমূহ প্ৰদানকাৰীৰ তথ্যৰ অন্তৰ্গত — বাঞ্চা কৰা ৰচিদৰ তাৰিখ, বাঞ্চা কৰা প্ৰদানকাৰীৰ স্থান আৰু পঠোৱাৰ ধৰণ (ৰেল, জল, পথ)

(গ) পৰিশোধন সম্পৰ্কে তথ্য: ফৰমাছ সামগ্ৰীসমূহৰ দামৰ পৰিশোধনৰ ধৰণ স্পষ্টভাবে ইংগিত কৰিব লাগে । যেতিয়া দুয়ো দাম পৰিশোধন সম্পৰ্ক মানি লয় বিক্রেতাই ফৰমাছ পত্ৰ গ্ৰহণ কৰে। পৰিশোধন তথ্যত পৰিশোধনৰ ধৰণ (নগদ ধন, চে’ক, পাণ্ডুলিপি) আৰু পৰিশোধন অন্তর্ভুক্ত।

সাধাৰণতে ওপৰত উল্লেখিত উপাদানসমূহ ফৰমাছ পত্ৰত অন্তৰ্ভূক্ত কৰা হয়। সেয়ে ক্রেতাই যদি আৱশ্যকীয় বুলি ভাৱে ক্রেতাই কোনো অন্যান্য নির্দেশনা বা উপাদান অন্তর্ভূক্ত কৰিব পাৰে।

প্ৰশ্ন ২৬। এটা কোম্পানীলৈ বিভিন্ন ৰঙৰ বাবে এখন ফমাছ পত্ৰ লিখা আৰু লগতে ফৰমাছ নিশ্চিতকৰণৰ পত্ৰ লিখা।

উত্তৰঃ  

কালাৰ ৱৰ্ল্ড

পল্টন বজাৰ গুৱাহাটী

২৭ মার্চ

পৰিচালক,

বিক্ৰী বিভাগ

ৰাষ্ট্ৰীয় ৰঙৰ কোম্পানীৰ পৰিসীমিত

থিং, নগাওঁ

বিষয়: বিভিন্ন ৰঙৰ বাবে ফৰমাছ

শ্রদ্ধেয় মহাশয়,

আপোনালোকৰ সম্ভাব্য ব্যয় আৰু দামৰ তালিকাৰ বাবে ধন্যবাদ। নিম্নলিখিত সামগ্ৰীসমূহৰ বাবে আপোনালোকৰ প্ৰথম ফৰমাছ ল’বলৈ পায় আমি সুখী হৈছো। 

(ক) ইনেমল্‌ ৰং ২৫ তীন (প্রতি তীন ৫ লিটাৰ)

(খ) চিনথেটিক ৰং – ২০ তীন

(গ) বগা ৰং – ১০ তীন

যিহেতু মজুত দ্রব্য অতি শীঘ্ৰে শেষ হ’ব পাৰে সেয়েহে উল্লেখিত সামগ্রীসমূহ তাৎকালীনভাবে আমাৰ প্ৰয়োজন হৈছে। আমাৰ ‘মটৰ ভান’ৰ দ্বাৰা আপোনালোকক অনুৰোধ কৰা হৈছে যে সামগ্ৰীসমূহ পঠিয়াই দিব। সেই সামগ্ৰীসমূহৰ পৰিবহন মাচুল আপোনালোকে বহন কৰিব বুলি ধৰি লোৱা হৈছে।

নির্দেশৰ মতে দহ দিনৰ ভিতৰত পৰিশোধৰ ব্যৱস্থা কৰিব। সামগ্ৰীসমূহৰ লগতে সকলো বাণিজ্যিক আৰু বৃত্তীয় দলিল অনুগ্ৰহ কৰি পঠিয়াই দিব। যদি সামগ্ৰীসমূহ প্ৰাপ্ত কৰাত পলম হয় তেন্তে আমাৰ সামগ্ৰীসমূহক নাকচ কৰাৰ অধিকাৰ আছে।

ধন্যবাদ

আপোনালোকৰ বিশ্বাসী

পংকজ শর্মা

ক্ৰয় পৰিচালক

কালাৰ বাৰ্ল্ড

ৰাষ্ট্ৰীয় ৰঙৰ কোম্পানীৰ পৰিসীমিত

ধিং নগাওঁ 

২৮ মার্চ

ক্ৰয় পৰিচালক

কালাৰ ৱৰ্ল্ড

পল্টন বজাৰ

বিষয়: পত্ৰ নিশ্চিত কৰণৰ তাৰিখ ২৭ মার্চ, ২০১৮

শ্রদ্ধেয় মহাশয়,

আমি ধন্যবাদ জনাইছো বিভিন্ন ৰঙৰ বাবে আপোনালোকৰ ফৰমাছ নম্বৰ ১১ তাৰিখ ২৭ মার্চ ২০১৮। ফৰমাছৰ আঁচনি ৰূপায়ণৰ প্ৰক্ৰিয়া চলি আছে আৰু ২৮ মাৰ্চ তাৰিখে আমাৰ ‘মটৰ ভানে পঠিয়াই দিব। ৰং সমূহৰ বন্ধা কাৰ্য আৰু গুণৰ বাবে বিশেষ যতন লোৱা হৈছে আৰু আশা কৰো যে আপোনালোক সন্তুষ্ট হ’ব। আমি আপোনালোকক আকৌ ধন্যবাদ জনাইছো ৰং সমূহ বিচাৰি আগ্ৰহ কৰাৰ বাবে আৰু আশা কৰো ভৱিষ্যতে আপোনালোকে একেধৰণে সহযোগিতা আগবঢ়াব।

শুভেচ্ছাৰে

আপোনালোকৰ বিশ্বাসী

এ. কে. পাঠক

বিক্ৰী পৰিচালক

প্ৰশ্ন ২৭। দাবী অভিযোগ পত্ৰ কাক বোলে ?

উত্তৰঃ কিছুমান অপ্ৰত্যাশিত পৰিস্থিতি সৃষ্টি হ’লে গ্ৰাহকে অসুবিধাৰ বাবে বিক্ৰেতালৈ পত্ৰসমূহ লিখে। ইয়াকে অভিযোগ পত্র বোলা হয়। যিমানেই এটা প্ৰতিষ্ঠানৰ যোগ্যতা থাকিব সিমানেই ব্যৱসায় সঞ্চালন হৈ উঠিব পাৰে। পৰিকল্পনাৰ মতে সকলো কাম সময়মতে একে ধৰণে নহয়। কেতিয়াবা কিছুমান ভুল আৰু কিছুমান দুর্ঘটনা হোৱা দেখা যায়। কেতিয়াবা গুৰুত্বপূর্ণ সেৱা অসন্তোষজনকভাৱে আগবাঢ়ে। ভুল গন্তব্য স্থানলৈ সামগ্ৰীসমূহ নিক্ষেপ কৰা হয়। কেতিয়াবা অতি পলম, কেতিয়াবা বিচৰা সামগ্ৰী অনুযায়ী পৰিমাণ কম হয়, কেতিয়াবা অ ক্ষতি হোৱা দেখা যায়।

ভুলবোৰ লক্ষ্যত আনিবলৈ পত্র লিখা হয়। তাকে দাবী বা অভিযোগ পত্ৰসমূহ বুলি কোৱা হয়। পনি সেয়ে যেতিয়া ক্রেতাই বিক্রেতালৈ অভিযোগ বা দাবী দাঙি ধৰি ভুলৰ পৰিশোধনৰ বাবে প লিখাকে দাবী বা অভিযোগ পত্র বোলা হয়।

চিঠি এখন পাণ্ডুলিপি কৰোতে ক্রেতা আৰু তেওঁ বিত্তীয় ক্ষতিত ভোগী থকা বুলি বুজাই দিব লাগে। অথবা সেয়ে নহ’লে বাণিজ্যিক সম্পৰ্কত ভুল বুজাবুজিয়ে ক্ষতি কৰিব পাৰে। ক্রেতাই বিশেষ যতনেৰে বিক্ৰেতাক বিশ্বাস জন্মাব পাৰিব লাগিব। অভিযোগ পত্র লিখিবলৈ স্পষ্টতা আৰু সৌজন্যতা হৈছে গুরুত্বপূর্ণ উপাদান। অভিযোগ শিষ্টাচাৰী হ’ব লাগে । 

প্ৰশ্ন ২৮। অভিযোগ পত্ৰৰ পাণ্ডুলিপিৰ কাৰণসমূহ কি কি বা ভুলৰ উৎসসমূহ যিয়ে অভিযোগ দাঙি ধৰে।

উত্তৰঃ অভিযোগ পত্ৰৰ পাণ্ডুলিপিৰ বাবে নিম্নলিখিত কাৰণসমূহ হ’ল—

(ক) সামগ্ৰীসমূহ বিলোৱাৰ সমস্যা: যদি সামগ্ৰীসমূহ বিলাই দিওঁতে— ওজন কম, অপ্রচলিত, ত্রুটিপূর্ণ, অসম্পূর্ণ, ক্ৰেতাৰ নিৰ্দেশ মতে যেনে – ৰং, ব্যৱসায়িক নাম, আকাৰ ভুল বা নিম্নমানবিশিষ্ট হয় তেতিয়া ক্রেতাই ভুলৰ বাবে বিক্ৰেতাক দাবী কৰিব পাৰে।

(খ) মূল্য নিৰূপণ কৰা: যদি পঠোৱা সামগ্ৰীসমূহৰ চালান প্ৰস্তুত কৰোতে ভুল হয়, তেতিয়া এই পত্র লিখা হয়।

(গ) বন্ধা: সামগ্ৰীসমূহৰ ক্ষতিৰ কাৰণ হৈছে ত্রুটিপূর্ণ বা সামগ্ৰীসমূহৰ বন্ধা কাৰ্য বেয়া হয়। তেতিয়া বিক্ৰেতাক দাবী কৰিব পাৰে।

(ঘ) পৰিবহণ: ক্ৰেতাৰ সুবিধা মতে সামগ্ৰীসমূহ পঠোৱা হয়। কিন্তু যদি পৰিবহণ প্ৰতিষ্ঠান ভুলকৈ ব্যৱহাৰ হয় ই পত্ৰ লিখিবলৈ প্ৰয়োজন কৰি তোলে।

(ঙ) নীতি আৰু নিয়ম: বিক্রেতাই যদি বাণিজ্যৰ নীতি আৰু নিয়ম উংঘন কৰে তেতিয়া এই পত্ৰ নিৰ্দিষ্ট স্থানত স্থাপন কৰা হয় ।

(৪) ত্রুটিপূর্ণ বীমা ব্যৱসায়: ক্ৰেতাৰ নিৰ্দেশনাৰ মতে যদি বীমা ব্যৱসায় সঠিকভাৱে সামৰি লোৱা নহয়, তেতিয়া অভিযোগ পত্ৰৰ দ্বাৰা দাবী হ’ব পাৰে। 

ওপৰত উল্লেখিত কাৰণবোৰৰ কাৰণে ক্রেতাই অভিযোগ দিব পাৰে কিন্তু এই অভিযোগ পৰিমাৰ্জিত আৰু নম্ৰভাৱে হ’ব লাগিব।

প্ৰশ্ন ২৯। অভিযোগ পত্র কেনেদৰে লিখিব পাৰি?

উত্তৰঃ সাধাৰণতে মানুহে অভিযোগ শুনিবলৈ বা দিবলৈ ভাল নাপায় । সেই কাৰণে অভিযোগ পত্র লিখোতে এজন লোক সাৱধান আৰু স্পৰ্শকাতৰ হ’ব লাগে, অন্যৰ অনুভৱৰ প্ৰতি সচেতন হ’ব লাগে আৰু অভিযোগৰ বাবে পৰ্যাপ্ত কাৰণ থাকিব লাগে। অভিযোগ পত্ৰৰ গ্ৰহণকাৰীক এজন লোকে কেতিয়াও সম্ভৱ পৰিণতিৰ ভাবুকি বা ভয় দেখুওৱাব নালাগে। এখন মার্জিত পত্ৰই দুৰ্দশা আৰোগ্য কৰিব বা সংঘর্ষ প্রশমন কৰিব বুলি জনা যায়।

অভিযোগ পত্র এখন ধনাত্মক ব্যাখ্যাৰে সাৱধানে লিখিব লাগে। শব্দসমূহ সতৰ্কতাৰে স্থাপন কৰিব লাগে। ই পাঠকক সচেতন কৰি তুলিব লাগে, গ্রহণযোগ্য যুক্তিসংগত হ’ব লাগে আৰু কেনেকৈ শুদ্ধকৈ স্থাপন কৰিব পাৰি। পত্ৰখন বন্ধুত্বপূৰ্ণৰ দৰে নহ’লেও হয়। কিন্তু শান্ত, যুক্তিসন্নত, সুষম আৰু বিবেচনাপূর্ণভাৱে মার্জিত হ’ব লাগে।

অভিযোগৰ উৎস স্পষ্ট শব্দত চিঠি লিখিবলৈ আৰম্ভ কৰোতে উল্লেখ কৰিব লাগে। চিঠিখনৰ উদ্দেশ্য সম্পূৰ্ণ বিৱৰণী আৰু বাখ্যাৰে স্পষ্ট কৰিব লাগে। চিঠিখনৰ সামৰণিত ক্ৰিয়া কৰিবলৈ অনুৰোধ কৰিব লাগে। আমি আমাৰ দৃষ্টিভংগী স্থাপন কৰিবলৈ নিশ্চিত হ’ব লাগে আৰু পাঠকে উপলব্ধি কৰে যে কাৰণবোৰ হৈছে প্ৰকৃত। এটা দ্রুত প্রতিক্রিয়া আশা কৰি অতিৰঞ্জন কৰিব নালাগে। বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিবলৈ লিখকে কিছুমান প্ৰতিকাৰমূলক পৰামৰ্শ দিবও পাৰে। ভাবুকিয়ে কেতিয়াও সমস্যা সমাধান নকৰে ই সমস্যাৰ সৃষ্টি কৰে আৰু অনুভৱবোৰত আঘাত দিয়ে।

প্ৰশ্ন ৩০। অলপতে আপুনি আৰু আপোনাৰ পৰিয়ালে এখন বৃহৎ হোটেলত এক সপ্তাহ সময় অতিবাহিত কৰিলে। তাৰ সা-সুবিধাসমূহ নিম্নবিধৰ আৰু হোটেলৰ কৰ্মচাৰীৰ ৰূঢ় আচৰণে আপুনি থকাত অপ্রীতিকৰ কৰি তুলিলে। হোটেলৰ পৰিচালনাৰ বিৰক্তি অনুভৱ প্ৰকাশ কৰি আৰু মানদণ্ডৰ উন্নতি কি দৰে কৰিব পাৰি তাৰ পৰামৰ্শ দি এখন অভিযোগ পত্র লিখা।

উত্তৰঃ প্ৰতি

ডিব্ৰুগড়

পৰিচালক মহোদয়

হোটেল ৰে’ড ৰ’জ

দেমাগজীঅ লেন,

গোৱা

বিষয়: হোটেল কৰ্মচাৰীৰ উদ্ভদালি

মাননীয় মহোদয়,

আপোনাৰ হোটেলত আমাৰ পৰিয়ালৰ প্ৰীতি সন্মিলনৰ এইবাৰ হ’ল তৃতীয় বার্ষিকী। আপোনালোকৰ আতিথ্যই আমাক সদায়ে সন্তুষ্ট কৰিছিল আৰু ঠাইৰ চাফ-চিকুনতাই আমার নিৰ্বাচন কৰিবলৈ বাধ্য কৰাইছিল। সি যি নহওঁক, আমি অভ্যর্থনা কক্ষ এই ভ্ৰমণত আমি অপৰিস্তৃত পাম বুলি সততাৰে প্ৰস্তুত নাচিলো।

আগতীয়াকৈ হোটেলৰ কোঠা বন্দৱস্ত কৰাৰ সত্ত্বেও আমি বহু সময় বাট চাবলগীয়া হ’ল। আমি বিছনা চাদৰৰ জৰা-জীৰ্ণ অৱস্থা দেখিবলৈ পাইছো, খাদ্যও বেয়া আৰু কৰ্মচাৰীৰ আচৰণো অপ্রীতিকৰ। আমি সকলোৱে যিহেতু আপোনাৰ হোটেলত থাকি ভাল পাওঁ, আমি সুখী হম যদিহে পূৰণি মান ৰক্ষা কৰে আৰু আমি লাভ কৰা কু-অভিজ্ঞতা আতৰাবলৈ সক্ষম হ’ম।

একান্তবাধ্য

শুভাসীনী বৰদলৈ

প্ৰশ্ন ৩১। এখন প্রকৃত অভিযোগ পত্র লিখিবলৈ কি গুৰুত্বপূৰ্ণ বিষয় বিবেচনা কৰিব লাগে উল্লেখ কৰা।

উত্তৰঃ সাধাৰণতে মানুহে অভিযোগ শুনিবলৈ বা দিবলৈ ভাল নাপায়। সেই কাৰণে অভিযোগ পত্র লিখোতে এজন লোক সাৱধান আৰু স্পৰ্শকাতৰ হ’ব লাগে, অন্যৰ অনুভৱৰ প্ৰতি সচেতন হ’ব লাগে আৰু অভিযোগৰ বাবে পৰ্যাপ্ত কাৰণ থাকিব লাগে। অভিযোগ পত্ৰৰ গ্ৰহণকাৰীক এজন লোকে কেতিয়াও সম্ভৱ পৰিণতিৰ ভাবুকি বা ভয় দেখুওৱাব নালাগে। এখন মার্জিত পত্ৰই দুৰ্দশা আৰোগ্য কৰিব বা সংঘৰ্ষ প্ৰশমন কৰিব বুলি জনা যায়।

অভিযোগ পত্র এখন ধনাত্মক ব্যাখ্যাৰে সাৱধানে লিখিব লাগে। শব্দসমূহ সতর্কতাৰে স্থাপন কৰিব লাগে। ই পাঠকক সচেতন কৰি তুলিব লাগে, গ্রহণযোগ্য যুক্তিসংগত হ’ব লাগে আৰু কেনেকৈ শুদ্ধকৈ স্থাপন কৰিব পাৰি। পত্ৰখন বন্ধুত্বপূৰ্ণৰ দৰে নহ’লেও হয়। কিন্তু শান্ত, যুক্তিসম্মত, সুষম আৰু বিবেচনাপূর্ণভাৱে মার্জিত হ’ব লাগে।

অভিযোগৰ উৎস স্পষ্ট শব্দত চিঠি লিখিবলৈ আৰম্ভ কৰোতে উল্লেখ কৰিব লাগে। চিঠিখনৰ উদ্দেশ্য সম্পূৰ্ণ বিৱৰণী আৰু বাখ্যাৰে স্পষ্ট কৰিব লাগে। চিঠিখনৰ সামৰণিত ক্ৰিয়া কৰিবলৈ অনুৰোধ কৰিব লাগে। আমি আমাৰ দৃষ্টিভংগী স্থাপন কৰিবলৈ নিশ্চিত হ’ব লাগে আৰু পাঠকে উপলব্ধি কৰে যে কাৰণবোৰ হৈছে প্ৰকৃত। এটা প্ৰত প্ৰতিক্ৰিয়া আশা কৰি অতিৰঞ্জন কৰিব নালাগে। বন্ধুত্বপূৰ্ণ আৰু শান্তিপূর্ণ সম্পৰ্ক ৰক্ষা কৰিবলৈ লিখকে কিছুমান প্ৰতিকাৰমূলক পৰামৰ্শ দিবও পাৰে। ভাবুকিয়ে কেতিয়াও সমস্যা সমাধান নকৰে ই সমস্যাৰ সৃষ্টি কৰে আৰু অনুভৱবোৰত আঘাত দিয়ে।

প্ৰশ্ন ৩২। ডাকোৱালৰ অসতৰ্কতাৰ বাবে তোমালৈ দিয়া এখন বৰ জৰুৰী পঞ্জীকৃত পত্ৰ বিলাওঁতে পলম হোৱাৰ বিষয়ে ডাকঘৰৰ অধ্যক্ষলৈ অভিযোগ দি এখন পত্র লিখা।

উত্তৰঃ প্ৰতি,

ডাকঘৰৰ অধ্যক্ষ,

প্রধান ডাকঘৰ,

ডিব্ৰুগড়

বিষয়: পঞ্জীকৃতপত্র বিলাওঁতে পলম।

শ্রদ্ধেয় মহাশয়,

কলকাতাৰ পৰা জামীৰাহৰ ঠিকনাত মই যোৱাকালি এখন পঞ্জীকৃত পত্র গ্রহণ কৰিলোঁ। এখন পঞ্জীকৃত পত্ৰ বিলাওঁতে বাৰ দিনে মোক আশ্চৰ্যন্বিত কৰি তোলিছে। এইটো অতিশয় নিশ্চিত যে আপোনালোকৰ ডাকঘৰৰ ডাকোৱালৰ কোনো অক্ষমতা হৈছে।

মই যিখন পত্ৰ গ্ৰহণ কৰিলো পলম হোৱাৰ কাৰণে সেই উদ্দেশ্য সিদ্ধ নহ’ল। যেতিয়া এখন পঞ্জীকৃত পত্ৰ বিলোৱা হয় এইধৰণৰ ক্ৰটি ম‍ই অনুধাৱন নকৰো। অনুগ্ৰহ কৰি এই বিষয়ে লক্ষ্য কৰা উচিত যাতে ভৱিষ্যতে এই ধৰণৰ অক্ষমতা প্ৰতিৰোধ কৰিব পাৰি। পঞ্জীকৃত পত্ৰ সমূহ ক্ষিপ্ৰতাৰে বিলোৱাৰ মানদণ্ড অৱলম্বন কৰিব লাগে।

একান্তবাধ্যৰে

নৱনিতা কাকতি

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top