Skill Development For Tourism Management Unit 1 যোগাযোগ ব্যৱস্থা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Skill Development For Tourism Management Unit 1 যোগাযোগ ব্যৱস্থা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Skill Development For Tourism Management Unit 1 যোগাযোগ ব্যৱস্থা Question Answer can be of great value to excel in the examination.
Skill Development For Tourism Management Unit 1 যোগাযোগ ব্যৱস্থা
Skill Development For Tourism Management Unit 1 যোগাযোগ ব্যৱস্থা Notes cover all the exercise questions in UGC Syllabus. The Skill Development For Tourism Management Unit 1 যোগাযোগ ব্যৱস্থা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Communication Process
SKILL DEVELOPMENT FOR TOURISM MANAGEMENT
পৰ্যটন ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধি
অতি চমু প্ৰশ্নোত্তৰঃ
প্ৰশ্ন ১। যোগাযোগ ব্যৱস্থাৰ বিভিন্ন আহিলাবোৰ কি কি?
উত্তৰঃ প্ৰেৰক, যোগাযোগ মাধ্যম, গ্ৰাহক, এনক’ ডিং ডিক’ডিং, পৰিকল্পনা, পৰ্যালোচনা বা প্ৰতিক্ৰিয়া।
প্ৰশ্ন ২। প্ৰেৰক কোন?
উত্তৰঃ যি ব্যক্তিয়ে অন্যলৈ ভাৱ/ধাৰণা আৰু খবৰ দিয়াৰ উদ্দেশ্যৰ সৈতে বাৰ্তা জ্ঞাপন কৰিবলৈ ইচ্ছা কৰে তাকে যোগাযোগৰ প্ৰেৰক বোলা হয়।
প্ৰশ্ন ৩। ভাৱ/ধাৰণা কাক বোলে?
উত্তৰঃ ভাৱ/ধাৰণা হৈছে যোগাযোগৰ বিষয়বস্তু।এইবোৰ হ’ব পাৰে অভিমত, মনোভংগী, অনুভৱ, মতামত, আদেশ বা পৰামৰ্শসমূহ।
প্ৰশ্ন ৪। এনকোডিং কাক বোলে?
উত্তৰঃ যিহেতু যোগাযোগৰ বিষয়বস্তু হৈছে তাত্ত্বিক আৰু অস্পৰ্শনীয়, ইয়াত কিছুমান প্ৰতীক যেনে- শব্দ, ক্ৰিয়া বা চিত্ৰ ইত্যাদিৰ ব্যৱহাৰৰ প্ৰয়োজন হয়। বিষয়বস্তু প্ৰতীকলৈ ৰূপান্তৰণ কৰাৰ প্ৰক্ৰিয়াই হৈছে এনকোডিং।
প্ৰশ্ন ৫। যোগাযোগ সৰবৰাহ হোৱা পথ কাক বোলে?
উত্তৰঃ যি ব্যক্তিয়ে সংবাদ প্ৰদানকাৰীৰ প্ৰতি আগ্ৰহ হয় তেনে ব্যক্তিয়ে প্ৰয়োজনীয় খবৰ,ভাৱ/ধাৰণা ইত্যাদি পঠিয়াবৰ বাবে সৰবৰাহ হোৱা পথ বাছি উলিয়াব লাগিব।এইবোৰ খবৰ গ্ৰাহকক প্ৰেৰণ কৰা হয়।যিবোৰ পথৰ দ্বাৰা কিছুমান খবৰ সৰবৰাহ হয় এনে পথ আনুষ্ঠানিকো হ’ব পাৰে বা অনানুষ্ঠানিকো হ’ব পাৰে।
প্ৰশ্ন ৬। গ্ৰাহক কোন?
উত্তৰঃ গ্ৰাহক হৈছে এজন ব্যক্তি যিয়ে বাৰ্ত গ্ৰহণ কৰে বা যাৰ বাবে বাৰ্তা এটা প্ৰস্তুত হয়।গ্ৰাহকে বাঞ্ছিত উদ্দেশ্যসমূহ সাধন কৰাত বাৰ্তা বুজিবলৈ চেষ্টা কৰে।
প্ৰশ্ন ৭। ডীক’ডিং কাক বোলে?
উত্তৰঃ যি ব্যক্তিয়ে যোগাযোগৰ পৰা বাৰ্তা বা প্ৰতীক গ্ৰহণ কৰে তেওঁ সেই বাৰ্তাসমূহ একোটাকৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰে যাতে সেই বাৰ্তাই সম্পূৰ্ণকৈ বুজিবলৈ তাৰ অৰ্থ বাহিৰ কৰি উলগয়াব পাৰে।এই প্ৰক্ৰিয়াকে ডীক’ডীং বুলি কোৱা হয়।
প্ৰশ্ন ৮। যোগাযোগ প্ৰক্ৰিয়াত প্ৰতিজ্ঞাপন কি?
উত্তৰঃ প্ৰতিজ্ঞাপন হৈছে নিশ্চিত কৰা প্ৰক্ৰিয়া য’ত গ্ৰাহকে বাৰ্তা গ্ৰহণ কৰে আৰু প্ৰেৰকে প্ৰদান কৰা একে অৰ্থত বুজি পায়।
প্ৰশ্ন ৯। যোগাযোগ প্ৰক্ৰিয়া কাক বোলে?
উত্তৰঃ প্ৰেৰকৰ নিৰ্দ্দিষ্ট বাৰ্তা গ্ৰাহকৰ বোধশক্তিৰ লক্ষ্যৰ সৈতে দুজন বা ততোধিক লোকৰ মাজত অৰ্থপূৰ্ণ খবৰ বিলোৱাকে যোগাযোগ প্ৰক্ৰিয়া বোলা হয়।
প্ৰশ্ন ১০। বাৰ্তা কাক বোলে?
উত্তৰঃ বাৰ্তা হৈছে মুখ্য ধাৰণা যিটো প্ৰেৰকে যোগাযোগ কৰিবলৈ বিচাৰে।ই হৈছে এনে চিহ্ন যিয়ে প্ৰাপকৰ সঁহাৰি আদায় কৰে।বাৰ্তা জ্ঞাপন কৰিবলৈ সিদ্ধান্ত লোৱাৰ বিষয়ে যোগাযোগ প্ৰক্ৰিয়া আৰম্ভ হয়।
প্ৰশ্নঃ ১১। যোগাযোগৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ যোগাযোগ হৈছে দুই পক্ষীয় প্ৰক্ৰিয়া।
প্ৰশ্ন ১২। কোন ভাষাৰ পৰা যোগাযোগ শব্দ উৎপত্তি হৈছে?
উত্তৰঃ ‘Communication'(যোগাযোগ) শব্দটো লেটিন শব্দ ‘Communis’ ৰ পৰা উৎপত্তি হৈছে।
প্ৰশ্ন ১৩। লেটিন শব্দ ‘ Communis’ৰ অৰ্থ কি?
উত্তৰঃ common উমৈহতীয়া।
প্ৰশ্ন ১৪। “সাধাৰণ অধিকাৰ হোৱালৈকে যোগাযোগ হৈছে অংশিত অভিজ্ঞতাৰ প্ৰক্ৰিয়া।যিজনে অংশ লয় ই দুই দলসমূহৰে স্বভাৱ সাল-সলনি কৰে”-এই কথাষাৰ কোনে কৈছে?
উত্তৰঃ জন ডিউই।
প্ৰশ্ন ১৫। কোনে সংজ্ঞা দিছে, “পাৰস্পৰিক মানসিক অৱস্থাত ধাৰণা আৰু অনুভূতিক অংশিত কৰাই হৈছে যোগাযোগ?
উত্তৰঃ এডগাৰ দেল।
প্ৰশ্ন ১৬। “নিৰ্দ্দিষ্ট ফলাফল সাধন কৰি অন্যক প্ৰভাৱ পেলাবলৈ বিশ্বাস জন্মোৱা কাৰ্যয়ে হৈছে যোগাযোগ।” এই কথাষাৰ কোনে কৈছে?
উত্তৰঃ এৰিষ্টটল।
প্ৰশ্ন ১৭। যোগাযোগ কোলাহল কাক বোলে?
উত্তৰঃ প্ৰেৰক আৰু গ্ৰাহকৰ মাজত যোগাযোগ প্ৰক্ৰিয়াত যিকোনো হস্তক্ষেপ কৰাকে কোলাহল বোলে।
প্ৰশ্ন ১৮। মৌখিক যোগাযোগ কাক বোলে?
উত্তৰঃ নিৰ্দ্দিষ্ট বাৰ্তাক বিলোৱাত শব্দসমূহৰ ব্যৱহাৰে মৌখিক যোগাযোগক জড়িত কৰায়। মৌখিক যোগাযোগৰ দুটা মুখ্য প্ৰকাৰ হৈছে লিখিত আৰু মৌখিক যোগাযোগ।
প্ৰশ্ন ১৯। মৌখিক যোগাযোগৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ দলীয়া আলোচনা।
প্ৰশ্ন ২০। লিখিত যোগাযোগ কাক বোলে?
উত্তৰঃ কোনো প্ৰকাৰৰ পৰস্পৰ ক্ৰিয়া যিয়ে লিখিত শব্দৰ ব্যৱহাৰৰ প্ৰস্তুত কৰি লিখিত যোগাযোগক জড়িত কৰে।
প্ৰশ্ন ২১। লিখিত যোগাযোগৰ উদাহৰণসমূহ দিয়া।
উত্তৰঃ লিখিত যোগাযোগত গতানুগতিক কলম, কাগজপত্ৰ, নথি; টাইপ কৰা বৈদ্যুতিক নথিসমূহ,ই- মেইল, এচ.এম. এছ. আৰু যিকোনো অন্য লিখিত প্ৰতীকৰ দ্বাৰা জ্ঞাপন কৰা ভাষা।
প্ৰশ্ন ২২। দেহ- ভংগী কাক বোলে?
উত্তৰঃ দেহ-ভংগী হৈছে শব্দ নকৰাকৈ কৰা যোগাযোগ।ই হৈছে যিকোনো এজনে আন এজনলৈ অৰ্থ হস্তান্তৰ কৰে।
প্ৰশ্ন ২৩। দেহ-ভংগী এটা উদাহৰণ দিয়া।
উত্তৰঃ শৰীৰৰ অভিব্যক্তি যেনে সস্মিত।
চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
প্ৰশ্ন ১। চমুটোকা লিখা:
(ক) যোগাযোগৰ গুৰুত্ব।
উত্তৰঃ যোগাযোগ হৈছে তথ্য বিনিময় কৰা বা খবৰ সংক্ৰমণশীল কৰা, ভাব বা চিন্তাশক্তি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এটা মূৰৰ পৰা আন এটা মূৰলৈ কৰা হয়।Mc Garland ৰ মতে, যোগাযোগ হৈছে “মানুহৰ মাজত অৰ্থপূৰ্ণ পৰস্পৰ ক্ৰিয়াৰ প্ৰক্ৰিয়া।” বিশেষকৈ, ই হৈছে অৰ্থসমূহ উপলব্ধি কৰা প্ৰক্ৰিয়া আৰু মানুহৰ মাজত বুজাবুজি স্থাপন কৰা কাৰ্য। Newman and summer য়ে যোগাযোগৰ দিছে এনেদৰে “দুজন বা তাতোধিক ব্যক্তিসকলৰ বাস্তৱ, ভাৱ, অভিমত বা আৱেগৰ বিনিময়।”
এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ খবৰ সংক্ৰমণশীল কৰা প্ৰক্ৰিয়া হৈছে যোগাযোগ। যোগাযোগৰ লক্ষ্য হৈছে তথ্য বুজি পোৱা।এজনে ক’ব বিচাৰিছে অন্যজনে স্পষ্টভাৱে বুজি পাব লাগিব অন্যথা যোগাযোগৰ লক্ষ্য সফল হোৱাত বাধা হ’ব পাৰে।
সকলো সৰবৰাহ হোৱা পথসমূহ আৰু নেটৱৰ্কসমূহে ব্যৱহৃত হোৱা বিভিন্ন প্ৰচাৰ মাধ্যমৰ দ্বাৰা বিভাগসমূহ আৰু বিভিন্ন মানুহৰ মাজত বুজাবুজি আৰু তথ্য প্ৰৱাহিত হোৱাটো যোগাযোগে এটা সংগঠনত সহজসাধ্য কৰি তোলে। এই তথ্য ধাৰায়ে পৰিচালক সংক্ৰান্তৰ কাৰ্যকাৰিতাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু সাধাৰণতে সিদ্ধান্ত লোৱা আৰু বিশেষকৈ মানৱ সম্পদৰ পৰিচালক বাবে যিহেতুকে তেওঁ বিভিন্ন বিভাগৰ পৰিচালকৰ বাবে, কৰ্মচাৰী, কৰ্মীসকল আৰু শ্ৰমিক সংগঠনৰ নেতাসকলৰ সৈতে সংযোগ ৰাখিব লাগে।
সেয়ে যোগাযোগে ভালদৰে লোকসকলক বুজাতসহায় কৰে।ই ভুল বুজাবুজি আঁতৰাই নিয়ে, চিন্তাৰ স্পষ্টতা আৰু প্ৰকাশ সৃষ্টি কৰি তোলে।ইলোকসকলক শিক্ষিতও কৰি তোলে।যোগাযোগ লিখিত বা মৌখিক, আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু উৰ্ধ্বমুখী, নিম্নাভিমুখী, আনুভূমিক, কৰ্ণ, অন্তঃব্যক্তিগত, আন্তৰ্বিভাগীয়, আন্তসাংগঠনিক হ’ব পাৰে।
যোগাযোগ লোকসকলক একত্ৰিত কৰি তুলে এজনে আনজনক কাষ চপায়। যোগাযোগ হৈছে গুৰুত্বপূৰ্ণ ব্যৱস্থাপনাৰ কাৰ্য। ই সকলো অন্য পৰিচালক সংক্ৰান্তৰ কাৰ্যৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।ই বুজাবুজি, তথ্যৰ ধাৰাৰ দ্বাৰা দলসমূহ আৰু ব্যক্তিসকলৰ কাষ চপাই আনে। যোগাযোগৰ বাবে তথ্যই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। ই হৈছে এনে তথ্য যাৰ জৰিয়তে প্ৰেৰণ কৰা, অধ্যয়ন কৰা, বিশ্লেষণ কৰা, ব্যখ্যা কৰা আৰু সঞ্চয় কৰা হৈছে।এতেকে পৰিচালকে দৈনন্দিন ব্যৱসায় আৰু সিদ্ধান্ত ল’বৰ বাবে সংগ্ৰহ, বিশ্লেষণ আৰু তথ্য সঞ্চয় কৰিবলৈ সময় ৰাহি কৰিব লাগে।
(খ) যোগাযোগত সাংকেতিককৰণ/এনকোডিং।
উত্তৰঃ সাধাৰণতে যোগাযোগ প্ৰক্ৰিয়াই নিৰ্ভৰ কৰে এনকোডগঙৰ ওপৰত।সাংকেতিক ভাষাৰ ৰূপত এটা পদ্ধতিৰ পৰা আনটো পদ্ধতিলৈ তথ্য ৰূপান্তৰিত কৰাকে আক্ষৰিকভাৱে সাংকেতিককৰণ/ এনকোডিং বোলা হয়। সাংকেতিক ভাষা হৈছে গোপন অৰ্থ উপস্থাপন কৰিবলৈ আখৰসমূহ বা চিহ্ন বা প্ৰতীকৰ পদ্ধতি। John Fisks ৰ মতে সাংকেতিক ভাষা হৈছে “চিহ্ন আৰু নিয়মেৰে গঠিত হয় যিয়ে নিৰ্ণয় কৰে কেনেদৰে আৰু কি পৰিপ্ৰেক্ষিত এই চিহ্নসমূহ ব্যৱহৃত হৈছে আৰু কেনেদৰে বৰকৈ জটিল বাৰ্তাসমূহ একত্ৰিত কৰিব পাৰি।”
উপ-সংস্কৃতি বা সংস্কৃতিৰ সদস্যসকললৈ অৰ্থৰ পদ্ধতি পূৰ্ণ বিকাশৰ বাবে সাংকেতিক ভাষা থাকে।ই লক্ষণীয় হৈছে যে সাংকেতিক ভাষা আৰু পদ্ধতি এটা আনটোৰ সৈতে পৰস্পৰ সংপৃক্ত। সাংকেতিক ভাষাৰ দ্বাৰা কাৰ্যকৰী যোগাযোগৰ প্ৰক্ৰিয়া সহজে বুজিব পাৰি।
এইবোৰ হৈছে তথ্য হস্তান্তৰিত কৰা প্ৰক্ৰিয়া। তথ্য জ্ঞাপন কৰিবলৈ স্পষ্টভাৱে আৰু সহজভাৱে আমাৰ সফলতা সাংকেতিককৰণৰ আংশিকভাৱে আমাৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে।কিন্তু বিভ্ৰান্তিৰ উৎস আঁতৰাবলৈ আৰু পূৰ্বানুমান কৰিবলৈ আমাৰ দক্ষতাও আছে।(উদাহৰণস্বৰূপে- সাংস্কৃতিক সমস্যাসমূহ, অনুমান ভুল কৰা আৰু তথ্য হেৰুৱা)। আমাৰ শ্ৰোতামণ্ডলীক জানি উঠাটোৱে হৈছে মুখ্য উদ্দেশ্য।আমি কাৰ লগত যোগাযোগ কৰি আছো বুজিবলৈ ব্যৰ্থ হ’লে বাৰ্তাসমূহ প্ৰদান কৰাত ভুল বুজাবুজি ফলাফল দিব।
(গ) বিসংকেতন/ডীক’ডিং।
উত্তৰঃ ডীক’ডিং/ বিসংকেতন হৈছে পৰৱৰ্তী প্ৰক্ৰিয়াসমূহৰ বাবে যিটো দৰকাৰী স্পষ্ট পাঠ বা কোনো ঠাঁচ সাংকেতিক ভাষালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়া। বিসংকেতন হৈছে সাংকেতিককৰণৰ বিপৰীত ৰূপ। ই এনকোডচ তথ্যৰ যোগাযোগ, সংক্ৰমণ আৰু কোনো বিষয়ৰ নথি মূল ব্যক্ত কৰিবলৈ ৰূপান্তৰিত কৰা হয়।
ইয়াৰ লক্ষ্য হৈছে যে যোগাযোগ প্ৰক্ৰিয়া অবিৰত কৰা ।ইয়াৰ কোনো সমাপ্তি নাই।কাৰণ এজনে বাৰ্তা সাংকেতিককৰণ কৰে আৰু আনজনে বাৰ্তা বিসংকেটন কৰে।
বিসংকেতনৰ সফলতাই হৈছে কৌশল (উদাহৰণস্বৰূপে- সাৱধানেৰে পঢ়া আৰু ভালকৈ বুজিবৰ বাবে বাৰ্তা শুনা)। যি উৎসৰ পৰা বাৰ্তা সাংকেতিককৰণেৰে লিখা হয় তাকে সাংকেতন বোলা হয়।তেতিয়াহে সংকেতমোচকে মানসিকতা আৰু অভিজ্ঞতাৰ মতে বাৰ্তা ব্যাখ্যা কৰে।এনেদৰে য’ত বাৰ্তা সহজ আৰু স্পষ্ট হয় তেতিয়াহে গ্ৰাহকে সাংকেতিক বাৰ্তা সহজে বুজিব। এনেকৈ তেওঁ সহজে আৰু দ্ৰুতগতিত বাৰ্তা সংকেতমুক্ত উৎসলৈ প্ৰদান কৰে।এনেদৰে যোগাযোগৰ প্ৰক্ৰিয়া সহজবোধ্য ধৰণৰ হৈ উঠিব পাৰে।যেতিয়া গ্ৰাহকে গ্ৰহণ কৰে তেওঁ বাৰ্তা সহজে, স্পষ্টতাৰে বুজি উঠিব পাৰিব আৰু তেতিয়া তেওঁৰ সকলো পাঁচটা ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰাৰ পিছত গ্ৰাহকে বাৰ্তা উৎসলৈ সংকেতমুক্ত কৰে।আচলতে, গ্ৰহণ উদ্দেশ্যক ‘ডীক’ডিং’বুলি কোৱা হয়।
এইটো বাৰুকৈ প্ৰয়োজনীয় যে বাৰ্তা স্পষ্ট, সঠিক, অৰ্থপূৰ্ণ হ’ব লাগে।ইয়াক এনে ধৰণে পৰিকল্পিত কৰা হয় যাতে শুনোতা, পাঠক আৰু দৰ্শকৰ অৰ্থ আৰু উদ্দেশ্য ভুল নহয়।
(ঘ) যোগাযোগৰ পৰিপ্ৰেক্ষিতৰ বৰ্ণনা প্ৰসংগত।
উত্তৰঃ পৰিপ্ৰেক্ষিত হৈছে বাৰ্তাই আগুৰি থকা পৰিস্থিতি। পৰিস্থিতিত বিন্যাস, লোকসকলৰ স্থিতি আৰু বাৰ্তাৰ উপযুক্ততা। যোগাযোগ সংঘটিত হোৱাৰ পাছত সম্পৰ্কীয় বাস্তৱ আৰু ঘটনাৰ ফ্ৰেমওয়াৰ্ক আৰু শাৰীৰিক পৰিৱেশ আগুৰি থকাকে যোগাযোগৰ পৰিপ্ৰেক্ষিত বুলি কোৱা হয়। এইবোৰ বৰ্ণনা প্ৰাসঙ্গিক উপাদাসমূহ ব্যক্তিৰ উপলব্ধিত প্ৰভাৱ পেলাই যিটো ওলোটাই সংকেতমুক্ত বাৰ্তাত প্ৰভাৱ পেলায়।গ্ৰহণকৰ্তাই ইয়াক বুজি উঠে। ‘Chips’ শব্দটি ব্যৱসায় পত্ৰত প্ৰকাশমান। ইয়াক কম্পিউটাৰ মেমৰি কাৰ্ডৰ উৎপাদকে লিখে।ইয়াক কম্পিউটাৰ চিপৰে অৰ্থ হিচাপে ব্যাখ্যা কৰিবলৈ বেছিকৈ সম্ভাব্য হয়। ভোজনালয়ত ক্ষিপ্ৰতাৰে পৰিবেশন কৰিব পৰা খাদ্যক ‘chip’ বুলি একেতা শব্দ কোৱা হয়।ইয়াক আলুৰ চিপচ্ বুলি বৰ্ণনা প্ৰসংগ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি এজন বক্তাই বাৰ্তা বুজি নোপোৱাকৈ প্ৰকাশ কৰে তেন্তে, তাৰ/তাইৰ বাৰ্তাই বিস্তৃত সংকেতৰ গুণাগুণ বিচাৰি পাব ইচ্ছা নকৰে।যদি বাৰ্তাৰ সংকেতৰ গুণাগুণ বুজি পোৱা নাযায় সীমিত শব্দ সম্ভাৰৰ কাৰণে, তাৰ/তাইৰ বাৰ্তাৰ সম্পূৰ্ণ অৰ্থ হেৰুৱাব।
বৰ্ণনাৰ পৰিপ্ৰেক্ষিতত যোগাযোগ প্ৰভাৱিত হয়। এইবোৰ বৰ্ণনা প্ৰসংগত শাৰীৰিক, সামাজিক, কালানুক্ৰমিক বা সংস্কৃতিক হ’ব পাৰে।বৰ্ণনা প্ৰসংগৰ সৈতে প্ৰত্যেক যোগাযোগ অগ্ৰসৰ হয়।
(ঙ) যোগাযোগত প্ৰেৰক/এনকোডাৰ।
উত্তৰঃ যি ব্যক্তিয়ে অন্যলৈ ভাৱ/ধাৰণা আৰু খবৰ দিয়াৰ উদ্দেশ্যৰ সৈতে বাৰ্তা জ্ঞাপন কৰিবলৈ ইচ্ছা কৰা তাকে প্ৰেৰক বোলা হয়।প্ৰেৰক হৈছে এনে ব্যক্তি যিয়ে বাৰ্তা প্ৰেৰণ কৰে।
এজন প্ৰেৰকে বাৰ্তা জ্ঞাপন কৰিবলৈ প্ৰতীক ব্যৱহাৰ কৰে (শব্দসমূহ বা লৈখিক বা দৃশ্য সঁজুলি) আৰু প্ৰয়োজনীয় সহাঁৰি উখাপন কৰে।উদাহৰণস্বৰূপে, নতুন চামৰ কৰ্মচাৰীৰ বাবে পৰিচালক প্ৰশিক্ষণে প্ৰশিক্ষণ সম্পাদন কৰে।প্ৰেৰক ব্যক্তি বা দল বা সংগঠন হ’ব পাৰে।এইবোৰ দৃষ্টিভংগী, পৃষ্ঠভূমি, অনুৰোধ, কৌশল, জটিলতা আৰু প্ৰেৰকৰ জ্ঞানত বাৰ্তাৰ প্ৰভাৱ পৰে।প্ৰেৰক মনস্ত কৰা একে শব্দ প্ৰাপকে বাৰ্তা নিৰূপণ কৰি ব্যাখ্যা কৰা মৌখিক আৰু অমৌখিক প্ৰতীকসমূহ বাছনি কৰাটো অপৰিহাৰ্য হৈছে।প্ৰেৰক/এনকোডাৰ হৈছে এজন ব্যক্তি যিয়ে বাৰ্তা পঠিয়ায়।মৌখিক যোগাযোগত এনকোডাৰ হৈছে বক্তা আৰু লিখিত যোগাযোগত লিখক হৈছে এনকোডাৰ।
গ্ৰহণ কৰোতাই বুজিব পৰাকৈ প্ৰতীকসমূহৰ বিন্যাস, শব্দসমূহ,লৈখিক আৰু চিত্ৰসমূহ এনকোডাৰে ব্যৱহাৰ কৰে। তেওঁ নিৰ্দ্দিষ্ট সঁহাৰি সাধন কৰিবলৈ বাৰ্তা জ্ঞাপন কৰে।
(চ) যোগাযোগ মাধ্যম।
উত্তৰঃ মাধ্যম হৈছে সৰবৰাহ হোৱা পথ যাৰ দ্বাৰা এনকোডাৰে তেওঁৰ বাৰ্তা যোগাযোগ কৰিব।বাৰ্তা পঠিয়াবলৈ আমাৰ মাধ্যম হ’ব পাৰে মুদ্ৰণ, বৈদ্যুতিক শব্দ। মাধ্যম ডাকোৱালৰ দৰে ব্যক্তি হ’ব পাৰে।বাৰ্তা স্বৰূপ মুঠতে নিৰ্ভৰ কৰে মাধ্যমৰ বাছনিত। প্ৰেৰক আৰু গ্ৰহণ কৰোঁতাৰ মাজৰ সম্বন্ধত মাধ্যমৰ বাছনিতও প্ৰভাৱ পৰে।
আমাৰ বাৰ্তা জ্ঞাপন কৰিবলৈ মৌখিক মাধ্যম কাৰ্যকৰী হৈ পৰে তেতিয়া, যেতিয়া আমাৰ বাৰ্তা জৰুৰী, ব্যক্তিগত বা যেতিয়া তাৎক্ষণিক প্ৰতিজ্ঞাপন নিৰ্দ্দিষ্ট হয়। আনহাতে, যেতিয়া আমাৰ বাৰ্তা নিয়ম অনুযায়ী দীঘল, কাৰিকৰী আৰু তথ্যসমৃদ্ধ হোৱা প্ৰয়োজনীয় সেয়ে লিখিত মাধ্যম পছন্দ কৰিব লাগে। আন্তৰ্জাতিকভাৱে জ্ঞাপন কৰোতে নিৰ্দেশনা সলনি হ’ব পাৰে য’ত জটিল পৰিস্থিতি মৌখিকভাৱে মোকাবিলা কৰা হয় আৰু পাছত লিখি আদান প্ৰদান কৰা হয়।
এনেদৰে যেতিয়া বাৰ্তা সৰু দলৰ লোকলৈ জ্ঞাপন কৰিবলগীয়া হয় লিখিত মাধ্যম বাছনি কৰা হয়।আনহাতে মৌখিক মাধ্যম বাছনি কৰা হয় যেতিয়া প্ৰাপকৰ পৰা স্বতঃস্ফূৰ্ত প্ৰতিজ্ঞাপন প্ৰয়োজনীয় হয় যিহেতু তেতিয়া তাত ভুল বুজাবুজিৰ স্পষ্টীকৰণ কৰা থাকে।
(ছ) প্ৰাপক সংকেতমেচক (ডীক’ডাৰ)।
উত্তৰঃ প্ৰাপক সংকেতমোচক হৈছে এজন ব্যক্তি যাৰ বাবে বাৰ্তা এটা নিৰ্দ্দিষ্টকৈ উপলক্ষিত কৰা হয়।যিমানলৈ ডীক’ডৰে বাৰ্তা বুজি পাই ই বিভিন্ন উপদানৰ ওপৰত নিৰ্ভৰ কৰে।যেনে-প্ৰাপকৰ জ্ঞান, তেওঁলোকৰ বাৰ্তালৈ সংবেদনশীলতা আৰু ডীক’ডাৰৰ ওপৰত এনকোডৰৰ নিৰ্ভৰযোগ্যতা।
যোগাযোগ প্ৰক্ৰিয়াত গ্ৰহণ কৰোঁতা হৈছে শ্ৰোতা, পাঠক বা পৰ্যবেক্ষক অৰ্থাৎ ব্যক্তিসকল(বা ব্যক্তিসকলৰ দল)যাক লৈ বাৰ্তা পৰিচালিত কৰা হয়।
বাৰ্তাৰ গন্তব্য হৈছে গ্ৰহণ কৰোঁতা। গ্ৰহণ কৰোঁতৰ কাৰ্য হৈছে প্ৰেৰকৰ বাৰ্তা, মৌখিক আৰু মৌখিক নোহোৱা দুয়োকে যিমান সম্ভৱ সামান্য বিকৃতিৰ সৈতে ব্যাখ্যা কৰা হয়। বাৰ্তা ব্যাখ্যাকৰা প্ৰক্ৰিয়াক ডীক’ডিং বুলি জনা যায়।কাৰণ শব্দসমূহ আৰু মৌখিক নোহোৱা সংকেত বিভিন্ন মানুহলৈ বিভিন্ন অৰ্থ বুজায়। যোগাযোগ প্ৰক্ৰিয়াত অসংখ্য সমস্যাসমূহ সংঘটিত হয়।প্ৰেৰকে শব্দৰ সৈতে মৌলিক বাৰ্তা অপৰ্যাপ্ততাৰে এনকোড কৰে।গ্ৰহণ কৰোঁতাৰ শব্দ তালিকা,দ্ব্যৰ্থক, অনিৰ্দিষ্ট ধাৰণা বা মৌখিক নোহোৱা সংকেত যিয়ে গ্ৰাহকক বিভ্ৰান্ত কৰে বা মৌখিক বাৰ্তাত অস্বীকাৰ কৰে এইবোৰ বৰ্তমানে নাই।নতুন আৰু বিভিন্ন ধাৰণালৈ গ্ৰহণ কৰোঁতা হৈছে ঘনিষ্ঠ দৃঢ়সংকল্পিত আৰু অগ্ৰহণোদ্যত হয়
(জ) যোগাযোগত প্ৰতিজ্ঞাপন।
উত্তৰঃ গ্ৰহণ কৰোঁতাই দিয়া সহাঁৰি হৈছে প্ৰতিজ্ঞাপন।ই যোগাযোগ প্ৰক্ৰিয়াক সম্পূৰ্ণ কৰি তোলে।চমুকৈ গ্ৰহণ কৰোঁতাৰ সহাঁৰিক প্ৰতিজ্ঞাপন বুলি কোৱা হয়।আন কথাত ক’বলজ গ’লে গ্ৰহণ কৰোঁতাৰ সহাঁৰিৰ অংশ প্ৰেৰকলৈ ওলোতাই যোগাযোগ কৰাকে প্ৰতিজ্ঞাপন বুলি কোৱা হয়।আচলতে, ই হৈছে গ্ৰহণ কৰোঁতাৰ সহাঁৰিৰ মাত্ৰ যিটো প্ৰেৰকে ঢুকি পায়।বাৰ্তাৰ কাৰ্যকাৰিতা মূল্যায়ন কৰিবলৈ প্ৰেৰকক সমৰ্থ কৰি তোলে।তলত কিছুমান প্ৰতিজ্ঞাপনৰ সংজ্ঞা দিয়া হৈছেঃ
বাৰটল আৰু মাৰ্টিনৰ মতে, “ব্যাখ্যা কৰা বাৰ্তালৈ গ্ৰহণ কৰোঁতাৰ মৌলিক সহাঁৰি হৈছে প্ৰতিজ্ঞাপন।” বভি আৰু অন্যৰ মতামতত, ” প্ৰতিজ্ঞাপন হৈছে গ্ৰহণ কৰোঁতাৰ পৰা সহাঁৰি পোৱা যিটোৱে প্ৰেৰকক খবৰ দিয়া সাধাৰণতে কেনেদৰে যোগাযোগ লাভ কৰা হৈছে।”
আলোচনাৰ পৰা আমি ক’ব পাৰো যে প্ৰতিজ্ঞাপন হৈছে এটা পদ্ধতি য’ত গ্ৰহণ কৰোঁতাই তেওঁ বাৰ্তা ব্যাখ্যা কৰাৰ পাছত প্ৰতিক্ৰিয়া বা সহাঁৰি প্ৰেৰকলৈ সংযোগ স্থাপন কৰা হয়। দ্বি-মুখী যোগাযোগ ফলদায়ক কৰাবলৈ প্ৰতিজ্ঞাপন হৈছে অনিবাৰ্যভাবে অপৰিহাৰ্য।প্ৰকৃততে প্ৰতিজ্ঞাপন নোহোৱাকৈ যোগাযোগ অসম্পূৰ্ণ হৈ থাকিব।
(ঝ) যোগাযোগ ডাঙৰ শব্দ।
উত্তৰঃ প্ৰেৰক আৰু গ্ৰহণ কৰোঁতাৰ মাজত যোগাযোগ প্ৰক্ৰিয়াত যিকোনো এটাই হস্তক্ষেপ কৰাকে যোগাযোগৰ ডাঙৰ শব্দ বুলি কোৱা হয়। যোগাযোগত ডাঙৰ শব্দ হৈছে ফলদায়ক যোগাযোগক প্ৰভাৱিত কৰে যিয়ে পৰিবৰ্তনৰ ব্যাখ্যাত প্ৰভাৱ পেলায়। আনহাতে বাৰে বাৰে উপেক্ষা কৰিলে, যোগাযোগৰ ডাঙৰ শব্দই অন্যৰ সৈতে আমাৰ বোধৰ পৰস্পৰ ক্ৰিয়া দুয়োটাত সুগভীৰ প্ৰভাৱ পেলাব পাৰে আৰু আমাৰ নিজৰ যোগাযোগৰ দক্ষতা বিশ্লেষণ কৰিব পাৰি।
যিকোনো যোগাযোগৰ আৰ্হিত,ডাঙৰ শব্দ হৈছে হস্তক্ষেপ। এনকোডাৰে সৰবৰাহ হোৱা পথেৰে ডীক’ডিংৰ সৈতে বাৰ্তা পঠিয়ায়।সকলো যোগাযোগৰ লক্ষ্যই হৈছে বুজাবুজি।এই বুজাবুজিৰ সৈতে যিকোনোৱে হস্তক্ষেপ কৰাকে ডাঙৰ শব্দ বোলা হয়।
(ক) প্ৰাকৃতিক শব্দঃ প্ৰাকৃতিক শব্দক বাহ্যিক শব্দ বুলিও কোৱা হয়।ইয়াত গ্ৰহণ কৰোঁতাৰ বাহিৰেও উদ্দীপক জড়িত হৈ আছে যি বাৰ্তা শুনিবলৈ কঠিন কৰি তুলিছে। উদাহৰণস্বৰূপে, এজন প্ৰবক্তাৰ পৰা বাৰ্তা শুনিবলৈ কঠিন হৈ উঠিব পাৰে যদি কোনোবা এজনে শ্ৰেণীকোঠাৰ বাহিৰত থকা ঘাঁহনি ডৰা সচল হয়। এজন ব্যক্তিয়ে পিন্ধা কিবা এটা ৰূপ প্ৰাকৃতিক শব্দও ল’ব পাৰে। যেনে- ‘load jewlry’ বা চছ্মা (সানগ্লাস) যিটোৱে গ্ৰহণ কৰোঁতাক বাৰ্তাতলৈ বস্তুত কেন্দ্ৰবিন্দু কৰিবলৈ আৱশ্যক কৰি তুলিছে।
(খ) শৰীৰ বৃত্তীয় শব্দঃ বাৰ্তাৰ সংকেত গুণাগুণত জীৱবৈজ্ঞানিক প্ৰভাৱ পৰে।এই ধৰণৰ শব্দৰ উদাহৰণ হৈছে উচ্চাৰণ ভংগীৰ সমস্যা, শ্ৰৱণশক্তি বা দৃশ্যত্মকৰ ক্ষতি হোৱা, আৰু বক্তাৰ শৰীৰিক সুস্বাস্থ্য(অৰ্থাৎ যদি সি বা তাই বাৰ্তাবিলাবলৈ সক্ষম হৈছে)।
(গ) মানসিক শব্দ(আভ্যন্তৰীণ শব্দ): এটা কৰ্তাবা এজন ব্যক্তিৰ প্ৰতি সংবাদদাতাৰ পক্ষপাতিত্ব, বৈষম্য আৰু অনুভূতিক বুজায়।উদাহৰণস্বৰূপে,আমি শুনিছো আন এজন ব্যক্তিয়ে ব্যৱহাৰ কৰা ভাষা অপমানজনক আৰু অৱজ্ঞাসূচক হ’ব পাৰে ইপিনে নিৰ্দিষ্ট সাংস্কৃতিক দলৰ বিষয়ে কথন ব্যক্ত কৰে।
(ঘ) শব্দাৰ্থ বিষয়ক শব্দঃ যেতিয়া প্ৰেৰকসকলে আৰু গ্ৰহণ কৰোঁতা সকলে একেটা বাৰ্তা ভিন ভিন অৰ্থসমূহত প্ৰয়োগ কৰে তেন্তে শব্দাৰ্থ বিষয়ক শব্দ সংঘটিত হয়।শব্দাৰ্থ বিষয়ক শব্দই পৰিভাষা, কাৰিকৰী ভাষা, অন্য শব্দসমূহ আৰু বাক্যাংশৰ ৰূপ ল’ব পাৰে য’ত প্ৰেৰক পৰিচিত কিন্তু গ্ৰহণ কৰোঁতাই বুজি নাপায়।যেতিয়া বাৰ্তাৰ প্ৰেৰকে এটা শব্দ বা বাক্যাংশ ব্যৱহাৰ কৰে, যিটোৰ অৰ্থ আমি নাজানো ইয়াক বক্তাসকলৰ পৰা আমি পৃথকভাৱে ব্যৱহাৰ কৰোঁ।
(ঞ) মৌখিক যোগাযোগ।
উত্তৰঃ যেতিয়া বাৰ্তাসমূহ বা তথ্য বিনিময় কৰা হয় বা শব্দসমূহৰ দ্বাৰা যোগাযোগ কৰা হয় তাকে মৌখিক যোগাযোগ বোলা হয়।মৌখিক যোগাযোগ দুই প্ৰকাৰৰ হ’ব পাৰে- লিখিত আৰু মৌখিক যোগাযোগ। মৌখিক যোগাযোগ মুখামুখী কথোপকথনৰ দলীয় আলোচনা, পৰামৰ্শ দান কৰা, সাক্ষাৎকাৰ, ৰেডিঅ’, টেলিভিচন,ফোনত কথা পতা কাৰ্যৰ টোকা, পত্ৰ, প্ৰতিবেদন, চমু ব্যাখ্যা,ই-মেইল ইত্যাদিৰ দ্বাৰা সংগঠিত হয়।মৌখিক যোগাযোগৰ সংজ্ঞা তলত দাঙি ধৰা হৈছে।
Hover আৰু অন্যান্যৰ মতে, “ব্যাকৰণ আৰু শব্দসমূহে গঠিত কৰা ভাষাৰ দ্বাৰা তথ্যৰ প্ৰকাশ হৈছে মৌখিক যোগাযোগ।”
Penrose আৰু অন্যান্যৰ মতে, “শব্দসমূহৰ অৰ্থৰ দ্বাৰা ভাৱ বিনিময় কৰাকে মৌখিক যোগাযোগ বুলি কোৱা হয়।” গতিকে, লিখিত বা মৌখিক শব্দসমূহৰ দ্বাৰা দুজন বা ততোধিক লোকসকলৰ মাজত বাৰ্তা বা তথ্যৰ বিনিময় হৈছে মৌখিক যোগাযোগৰ প্ৰক্ৰিয়া।
লিখিত যোগাযোগত পৰম্পৰাগত কলম কাগজ পত্ৰ আৰু নথি, টাইপ বৈদ্যুতিক নথি, ই- মেইল, এচ.এম.এছ.অন্তৰ্ভুক্ত কৰা হয় আৰু লিখিত প্ৰতীকসমূহৰ দ্বাৰা যিকোনো এটা ভাষা জ্ঞাপন কৰা হয়।আইনী নিদৰ্শনা জাৰি কৰা হয় আৰু নিয়মনিষ্ঠ ব্যৱসায়িক যোগাযোগৰ বাবে এই ধৰণৰ যোগাযোগ হৈছে অপৰিহাৰ্য।
মৌখিক যোগাযোগৰ অন্য প্ৰকাৰ হৈছে কঠিত শব্দ,মুখামুখী বা ফোনৰ দ্বাৰা, কণ্ঠস্বৰ চ্যাট, ভিডিঅ’ কনফাৰেন্সিংৰ কোনো অন্য মাধ্যম।
মৌখিক যোগাযোগে ভাৱ বিজ্ঞাপন কৰা প্ৰক্ৰিয়াক সহজ, দ্ৰুত কৰি তোলে আৰু যোগাযোগ আটাইতকৈ সফল হৈ থাকি যায়।
(ট) লিখিত যোগাযোগ।
উত্তৰঃ লিখিত প্ৰতীকসমূহৰ দ্বাৰা বাৰ্তা জ্ঞাপন কৰা প্ৰক্ৰিয়াক লিখিত যোগাযোগ বোলা হয়।আন কথাত ক’বলৈ গ’লে কোনো বাৰ্তা দুজন বা তাতোধিক লোকসকলৰ মাজত বিনিময় কৰি যিয়ে লিখিত শব্দসমূহ ব্যৱহাৰ কৰে তাকে লিখিত যোগাযোগ বোলা হয়।
লিখিত যোগাযোগ হৈছে ব্যৱসায়িক যোগাযোগৰ আটাইতকৈ কাৰ্যকৰী ধৰণ। যিকোনো সংগঠনতে, বৈদ্যুতিক মেইল, সংগঠনৰ আভ্যন্তৰত প্ৰেৰিত টোকা, প্ৰতিবেদন, নথি, পত্ৰ, সত্ৰিকা, কামৰ বিৱৰণী কৰ্মচাৰীৰ হাতপুথি, ইত্যাদি হৈছে কিছুমান সাধাৰণভাৱে ব্যৱহৃত হোৱা লিখিত যোগাযোগৰ প্ৰকাৰ।
এই ধৰণৰ যোগাযোগ ব্যৱহৃত হয় যেতিয়া সঞ্চাৰিত কৰিবলগীয়া হৈছে বৰ দীঘল আৰু কিছুমান জটিল যিবোৰ মৌখিকভাৱে বুজাব নোৱাৰি।আকৌ, সংগঠনসমূহে লিখিত নথি ৰক্ষা কৰে যাতে ভৱিষ্যতে কোনো সময়তে কোনো ব্যৱসায়িক আদান- প্ৰদানৰ প্ৰমাণ আৰু প্ৰসংগ ব্যৱহৃত কৰিব পাৰি।সেই কাৰণে, প্ৰতি ব্যৱসায়িক সংগঠনৰ বাবে লিখিত কৌশল বিকাশ কৰিবলৈ আৰু সকলো কৰ্মচাৰীকে এই বিষয়ে শিকনি দিয়াটো হৈছে আৱশ্যক।
লিখিত বিষয়ৰ কাৰ্যকাৰিতা শব্দসমূহৰ শুদ্ধ বাছনিত, বাক্য গঠনৰ অনুক্ৰম শুদ্ধকে আৰু বাক্যসমূহৰ সংযোজক নিৰ্ভৰ কৰে।কঠিত শব্দসমূহতকৈ লিখিত তথ্যক বেছি আইনী আৰু বৈধ বুলি ধৰি লোৱা হয়। মানুহে কোৱাতকৈ লিখিত বিষয়ত বেছিকৈ নিৰ্ভৰশীল।কিন্তু তথাপিও মৌখিক যোগাযোগৰ বিপৰীততে লিখিত যোগাযোগৰ প্ৰতিজ্ঞাপন তাৎক্ষণিক নহয় যিহেতু ই স্বতঃস্ফূৰ্ত নহয় আৰু বোধগম্য পাবলৈ সময়ৰ প্ৰয়োজন হয়।
(ঠ) দেহ-ভংগী।
উত্তৰঃ অমৌখিক যোগাযোগ হৈছে এক ধৰণৰ দেহ-ভংগী। দেহ-ভংগী যোগাযোগলৈ আচৰণ ব্যৱহাৰ হোৱা বিষয়।মানুহ আৰু জন্তু উভয়ে এই ধৰণৰ যোগাযোগ ব্যৱহাৰ কৰে এই আচৰণৰ খণ্ড অৰ্ধ সচেতনভাৱে কৰা হয়।উদাহৰণস্বৰূপে, চিহ্ন ভাষাৰ ব্যৱহাৰ যোগাযোগত পৃথক।চিহ্ন ভাষা ব্যৱহাৰ কৰা যোগাযোগ হৈছে নিৰ্দ্দিষ্ট, দেহ-ভংগী নিৰ্দ্দিষ্ট নহয়।
দেহৰ অঙ্গবিন্যাস, ইংগিত, মুখৰ ভাৱ আৰু চকুৰ চলত দেহ-ভংগীত ব্যৱহৃত হোৱা আচৰণৰ প্ৰকাৰসমূহ অন্তৰ্ভুক্ত হয়।
মানুহৰ মনত অৱস্থা বা মনঝভংগীক লৈ দেহ-ভংগীয়ে সূত্ৰ প্ৰদান কৰিব পাৰে।উদাহৰণস্বৰূপে ই আক্ৰামক মনোভাব, মনোযোগ, বিৰক্তি, চিন্তামুক্ত অৱস্থা, আনন্দ, আমোদ আঙুলিয়াই দিব পাৰে।
দেহ-ভংগী হৈছে যোগাযোগ আৰু পাৰস্পৰিক সম্বন্ধলৈ তাৎপৰ্যপূৰ্ণ।বহুতো লোকে পৰ্যবেক্ষণ কাৰ ঠাইটোও আৰু ব্যৱসায়ত নেতৃত্বৰ ব্যৱস্থাপনা প্ৰাঙ্গসিক। ই কৰ্মস্থলীৰ বাহিৰটো প্ৰাসঙ্গিক হ’ব পাৰে।সাধাৰণতে ডেটিং, প্ৰজনন, পৰিয়ালৰ অৱস্থানত আৰু ঊৰ্ধ্বশ্বাসত সহায়ক হয়। যদিও দেহ-ভংগী হৈছে অমৌখিক বা অকথিত, ই আমাৰ অনুভূতি আৰু অৰ্থ অন্যলৈ প্ৰকাশিত কৰিব পাৰে আৰু অন্যই আমাৰ বাবে তেওঁলোকৰ অনুভূতি কেনেদৰে প্ৰকাশ কৰিছে তাকে বুজিব পৰা যায়। সচেতন আৰু অসচেতন পৰ্যায় দুয়োটাতে দেহ-ভংগী সংকেত সংগঠিত হয়।
দেহ-ভংগীয়ে মুখৰ ভাৱ, চকুৰ-মিলন, দেহৰ অঙ্গবিন্যাস, ইংগিত কৰা যেনে-আঙুলিয়াই মতাৰ নিচিনা, সৰ্বশৰীৰ চলন,কণ্ঠস্বৰ, স্পৰ্শ আৰু অন্যান্য অন্তৰ্ভুক্ত কৰে।
সকলো অমৌখিক যোগাযোগৰ ভিতৰত আটাইতকৈ সাধাৰণ হৈছে মুখৰ প্ৰকাশ।যেনে-মিচিকিয়া হাঁহি বা উদ্বেগ স্পষ্ট আৱেগ জ্ঞাপন কৰে।এইবোৰ মৌখিক যোগাযোগৰ দ্বাৰা প্ৰকাশ কৰিবলৈ কঠিন হয়।গৱেষণাই আন্দাজ কৰে যে ৫৫ শতাংশৰ সকলো যোগাযোগ সৰ্বমুঠ পৰিমাণৰ অংশ বিশেষ হৈ মুখৰ ভাৱকে ধৰি দেহ-ভংগীক সমন্বিত কৰিছে।
(ড) দেহ ভংগীৰ গুৰুত্বতা।
উত্তৰঃ যোগাযোগৰ এটা গুৰুত্বপূৰ্ণ মাধ্যম হৈছে দেহভংগী। ইয়াৰ দ্বাৰা কেতিয়াবা শব্দসমূহতকৈ শক্তিশালী সংকেতসমূহ পঠিয়াব পাৰি।দেহভংগী আমাৰ অৰ্থসচেতন মনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, আমি কোৱা আৰু চিন্তা কৰাৰ মাজত যদি কিবা পাৰ্থক্য আছে সেই বিষয়ে পাঠকে আচলতে বুজি পায়।যিহেতুকে আমাৰ শব্দসমূহ আৰু দেহ-ভংগী এটা আনটোৰ পৰিপূৰক হোৱাটো নিশ্চিত, কেৱল আমি অলপ অনুশীলন আৰু পঢ়াৰ প্ৰয়োজন আছে।
শ্ৰাতালৈ বাৰ্তাসমূহ প্ৰেৰণ কৰাত দেহভংগীৰ বৃহৎ প্ৰভাৱ আছে। আমাৰ অনুভূতিসমূহ জ্ঞাপন কৰিবলৈ মুখৰ ভাৱ আৰু চকুৰ সঞ্চালন অতি গুৰুত্বপূৰ্ণ। মুখৰ মিচিকিয়া হাঁহিয়ে আত্মবিশ্বাস প্ৰকাশ কৰে।আমি যদি বৈঠকৰ সকলো অংশগ্ৰহণকাৰীৰ ফালে আমাৰ চকুৰ দিশ গতি নকৰো আমি প্ৰভাৱ পেলাবলৈ ব্যৰ্থ হ’ব পাৰোঁ।বিষয়ৰ লগত মাতৰ তীব্ৰতা ৰক্ষা কৰাটো প্ৰয়োজন হয়।আমাৰ মৌখিক ভাষা ভাল ভংগীয়ে সমন্বয় ৰক্ষা কৰে।যদি দেহৰ অঙ্গবিন্যাস শুদ্ধ হয়, আমাৰ মাত আমি সহজে নিয়ন্ত্ৰণ কৰিব পাৰো।
দেহ-ভংগীয়ে লোকসকলৰ সৈতে যোগাযোগত অপৰিহাৰ্য ভূমিকা পালন কৰে।দেহভংগীয়ে আমি কৰা আমাৰ দেহৰ বিভিন্ন অংশৰে যেতিয়া তেতিয়া ইংগিত আৰু সঞ্চালক ব্যৱহাৰ কৰো। লোকসকলৰ সৈতে যোগাযোগ কৰো।শব্দসমূহতকৈ দেহ-ভংগীয়ে বুজিব পৰা অৰ্থ প্ৰকাশ কৰে।
দেহভংগী বুলিলে আনকি আমি কথা নোকোৱাকৈ সদায় ভাৱ বিনিময় কৰো। দেহভংগীৰ পদ্ধতিসমূহৰে বা অমৌখিক যোগাযোগৰ দ্বাৰা ক’বলৈ আমি ভাব বিনিময় কৰোঁ।
প্ৰশ্ন ২। মৌখিক আৰু অমৌখিক যোগাযোগৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।
উত্তৰঃ যোগাযোগ হৈছে লোকসকলৰ সৈতে পৰস্পৰ ক্ৰিয়া কৰা আৰু তেওঁলোকৰ সৈতে তথ্য অংশ কৰা। যোগাযোগ দুই প্ৰকাৰৰ- মৌখিক আৰু অমৌখিক যোগাযোগ। মৌখিক যোগাযোগ হৈছে এনে ধৰণৰ যোগাযোগ য’ত অন্য লোকৰ সৈতে তথ্য বিনিময় কৰিবলৈ শব্দসমূহ ব্যৱহাৰ কৰা হয়। কিন্তু অমৌখিক যোগাযোগৰ বাবে কোনো ধৰণৰ শব্দ ব্যৱহাৰ কৰা নহয় অন্য মাধ্যমেহে ব্যৱহৃত হয়। মৌখিক আৰু অমৌখিক যোগাযোগৰ মাজত আমি গুৰুত্বপূৰ্ণ পাৰ্থক্যসমূহ বিচাৰি পাব পাৰো। মৌখিক আৰু অমৌখিক যোগাযোগৰ মাজত পাৰ্থক্য তলত সম্পূৰ্ণ বিৱৰণ দি বুজাই দিয়া হৈছে এনে ধৰণে-
(ক) মৌখিক যোগাযোগ হৈছে যোগাযোগত শব্দসমূহৰ ব্যৱহাৰ।অমৌখিক যোগাযোগ হৈছে চিহ্নত ভিত্তি হোৱা যোগাযোগ, শব্দসমূহ নহয়।
(খ) মৌখিক যোগাযোগত প্ৰেৰক আৰু গ্ৰহণ কৰোঁতাৰ মাজত বিভ্ৰান্তি হোৱাৰ সম্ভাৱনা অতি কম। ইয়াৰ বিপৰীতে, অমৌখিক যোগাযোগত যিহেতু ভাষাৰ ব্যৱহাৰ কৰা নহয় ভুল বুজাবুজি আৰু বিভ্ৰান্তি হোৱাৰ সম্ভাৱনা অতি বেছি।
(গ) মৌখিক যোগাযোগত বাৰ্তাৰ বিনিময় অতি খৰ হয় ই দ্ৰুত প্ৰতিজ্ঞাপন দিয়ে।ইয়াৰ বিপৰীতে, অমৌখিক যোগাযোগ বেছিকৈ বুজাবুজিৰ ওপৰত ভিত্তি হয় য’ত সময় বেছি লাগে আৰু এই কাৰণে ই তুলনামূলকভাৱে মন্থৰ হয়।
(ঘ) মৌখিক যোগাযোগত দুটা দলৰ উপস্থিতি যোগাযোগৰ ঠাইত প্ৰয়োজন নহয় যিহেতুকে যদি দলসমূহ বেলেগ অৱস্থানত থাকে ইয়াক কৰিবও পাৰে।আনহাতে, অমৌখিক যোগাযোগ কাৰ্যকৰীৰ বাবে, যোগাযোগৰ সময়ত দুয়ো দলসমূহ থাকিবই লাগিব।
(ঙ) মৌখিক যোগাযোগত তথ্যচিত্ৰৰ প্ৰমাণ ৰক্ষা কৰা হয় যদি যোগাযোগৰ নিয়মাৱলী বা লিখিত হয়। কিন্তু অমৌখিক যোগাযোগৰ ক্ষেত্ৰত সিদ্ধান্তকাৰী প্ৰমাণ নাথাকে।
(চ) মৌখিক যোগাযোগে মানুহৰ আলাপ কৰা আটাইতকৈ স্বাভাৱিক ইচ্ছা পূৰণ কৰি তোলে। অমৌখিক যোগাযোগৰ ক্ষেত্ৰত, অনুভূতি, মৰ্যদা, আবেগ,ব্যক্তিত্ব ইত্যাদি অতি সহজে যোগাযোগ কৰিব পাৰে।দলসমূহৰ ক্ৰিয়াৰ দ্বাৰা যোগাযোগ কৰা হয়।
প্ৰশ্ন ৩। (ক) মৌখিক যোগাযোগৰ গুৰুত্বৰ বিষয়ে লিখা।
উত্তৰঃ কঠিত শব্দসমূহৰ সৈতে যোগাযোগৰ মৌখিক যোগাযোগক বুজায়।কোনো কথালৈ লক্ষ্য কৰা আৰু যোগাযোগৰ সৈতে লোকসকলৰ শব্দসমূহ শুনা কাৰ্য ও মৌখিক যোগাযোগ হয়।
আমাৰ চাৰিওফালে থকা লোকসকলৰ সৈতে বিনিময় কৰিবলৈ মৌখিক যোগাযোগে সক্ষম কৰি তোলে।ই আমাৰ ভাৱ আৰু মতামত অৱগত কৰাই লগতে অন্যক শুনিবলৈ সক্ষম কৰি তোলে।
মৌখিক যোগাযোগলৈ আমাৰ কণ্ঠস্বৰ হৈছে অংগ স্বৰূপ। লিখিতভাৱে যোগাযোগ জ্ঞাপন কৰিবলৈ অতি কঠিন।
অন্যলোকৰ সৈতে কৌতূকপূৰ্ণ অংশ কৰা বা বন্ধুবৰ্গ বনোৱাৰ বাবে মুখামুখি কৈ ঘৰুৱা ভাবত কথা পতাৰ নিচিনা সুখ আৰু ক’তো নাই।
মৌখিক যোগাযোগ হৈছে গুৰুত্বপূৰ্ণ কাৰণ। কিছু ঘনিষ্ঠ সম্বন্ধ আৰু প্ৰকৃত যিটো যোগাযোগৰ অন্য মাধ্যম বা লিখিতভাৱে জ্ঞাপন কৰিবলৈ সদায়ে নোৱাৰিব পাৰে।তেতিয়া এই যোগাযোগৰ প্ৰয়োজন হয়।
আমাৰ প্ৰয়োজনসমূহ বা জ্ঞান প্ৰদান কৰিবলৈ অন্যক জনাবলৈ, আমি মৌখিক যোগাযোগ ব্যৱহাৰ কৰো।স্পষ্টীকৰণ হৈছে মৌখিক যোগাযোগৰ মুখ্য উপাদান।সঘনাই আমি নিজৰ মনোভাৱ, ধাৰণা স্পষ্টৰূপে প্ৰকাশ নকৰো বা আমাৰ শব্দ বা ক্ৰিয়াসমূহৰ কাৰ্যৰ ভুল বুজিবও পাৰো।মৌখিক যোগাযোগে ভুল বুজাবলৈ স্পষ্ট কৰে আৰু হেৰুওৱা তথ্য প্ৰদান কৰাত সহায় কৰে।
ভুল শুধৰাবলৈ আমি মৌখিক যোগাযোগ ব্যৱহাৰ কৰো।বিশ্বাস জন্মোৱা কাৰ্যৰ আহিলা হিচাপেও মৌখিক যোগাযোগ ব্যৱহৃত হয়।ই বিতৰ্ক কৰাৰ বাবে সুযোগ সৃষ্টি কৰে আৰু ভাৱ সক্ৰিয় কৰি তোলে লগতে সৃষ্টিশীলতা, গভীৰতা আৰু নতুন সম্বন্ধসমূহ সৃষ্টি কৰে।
প্ৰশ্ন ৩। (খ) লিখিত যোগাযোগৰ গুৰুত্বৰ বিষয়ে লিখা।
উত্তৰঃ মানুহলৈ মৌখিক যোগাযোগ স্বাভাৱিকভাৱে আৰু স্বতঃস্ফূৰ্তভাৱে অহা দেখা যায়।লিখিত যোগাযোগক বহুতো প্ৰচেষ্টাৰ প্ৰয়োজন হয়।প্ৰকৃতাৰ্থত দীঘলীয়া অনুশীলনৰ ফলাফল আৰু শিক্ষণত ধৈৰ্য হৈছে লিখন।
সভ্যতাৰ ইতিহাসে আমাক বিভিন্ন পৰ্যায় দেখুৱাই যাৰ দ্বাৰা কোনো ভাষাৰ বৰ্ণমালাৰ আখৰ গঠনত গতি কৰিছে।লিখিতসমূহ ধ্বংস নহ’লে স্থায়ী হৈ উঠে।কথিত শব্দসমূহ পাহৰাৰ সম্ভাৱনা আছে।সেই কাৰণে লিখিত যোগাযোগ হৈছে গুৰুত্বপূৰ্ণ।
লিখিত যোগাযোগ হৈছে ইমানেই গুৰুত্বপূৰ্ণ যে ইয়াৰ চিন্তা নকৰাকৈ ব্যৱসায়িক সংগঠনৰ সম্ভৱ নহয়।কোনো সংগঠনৰ কাম বৃহৎভাৱে পত্ৰসমূহৰ বিনিময়, প্ৰতিবেদন ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰে।ইয়াৰ ভিন ভিন কাৰণ আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হৈছে মুখামুখী যোগাযোগ যিটো সদায় সম্ভৱ নহয়।কাৰণ সংগঠনত কৰ্মীসকল ভৌগোলিক দূৰত্বত বহলভাৱে বিস্তৃত হৈ থাকিব পাৰে।এতেকে আমি পত্ৰসমূহৰ বিনিময়ৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।আধুনিক প্ৰযুক্তিৰ দূৰত্বত পত্ৰসমূহৰ গুৰুত্ব নাইকিয়া হৈ পৰিছে ফলত প্ৰেৰণৰ মাধ্যম সলনি হয়।কিন্তু লিখিত যোগাযোগৰ গুৰুত্বতা সদায় একে থাকি যায়।
প্ৰশ্ন ৪। লিখিত যোগাযোগৰ সীমাবদ্ধতা বা অসুবিধাসমূহ।
উত্তৰঃ লিখিত যোগাযোগৰ সীমাবদ্ধতা আৰু অসুবিধাসমূহ তলত দাঙি ধৰা হৈছে-
(ক) ব্যয়বহুলঃ লিখিত যোগাযোগ হৈছে তুলনামূলকভাৱে ব্যয়বহুল। এই যোগাযোগৰ বাবে কাগজ, কলম,চিয়াঁহি ইত্যাদিৰ প্ৰয়োজন হয়।
(খ) অনেক সময়ঃ অন্যৰ সৈতে ভাৱ বিনিময় কৰিবলৈ লিখিত যোগাযোগে সময় লয়।ই হৈছে অনেক সময়ৰ মাধ্যম।লিখক আৰু পাঠক দুজনৰে মূল্যৱান সময় খৰছ কৰে।
(গ) অশিক্ষিত ব্যক্তিৰ বাবে অদৰকাৰীঃ যদি বাৰ্তাৰ গ্ৰহণ কৰোঁতা অশিক্ষিত হয়, লিখিত যোগাযোগ অসম্ভৱ এইটো লিখিত যোগাযোগৰ প্ৰধান অসুবিধা।
(ঘ) গোপনীয়তা ৰক্ষা কৰা কঠিনঃ লিখিত যোগাযোগৰ দ্বাৰা গোপনীয় সদায়ে ৰক্ষা কৰিবলৈ সম্ভৱ নহয়।
(ঙ) নমনীয়তাৰ অভাৱঃ যিহেতুক যি কোনো সময়ত লিখা নথিসমূহ সহজে সলনি কৰিব নোৱাৰি; নমনীয়তাৰ অভাৱ হৈছে লিখিত যোগাযোগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সীমাবদ্ধতা।
(চ) সহাঁৰিত বিলম্বঃ বাৰ্তা গ্ৰহণ কৰোঁতাৰ পৰা সহাঁৰি পাওঁতে যথেষ্ট সময় লাগে।লিখিত যোগাযোগৰ ক্ষেত্ৰত ক্ষিপ্ৰত সহাঁৰি সম্ভৱ নহয় যিটো মৌখিক যোগাযোগত সম্ভৱ।
(ছ) জটিল শব্দসমূহঃ কেতিয়াবা লিখকে বাৰ্তা লিখিবলৈ জটিল শব্দসমূহ ব্যৱহাৰ কৰে।পাঠকলৈ অৰ্থ প্ৰদান কৰাত কঠিন হৈ পৰে।সেই কাৰণে যোগাযোগৰ উদ্দেশ্যসমূহ হেৰুৱাব লগা হয়।
(জ) প্ৰত্যক্ষ সম্পৰ্কৰ অভাৱঃ লিখক আৰু পাঠকৰ মাজত যদি প্ৰত্যক্ষ সম্পৰ্ক নাথাকে, লিখিত যোগাযোগে তেওঁলোকৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰিবলৈ সহায় নকৰে।
প্ৰশ্ন ৫। যোগাযোগৰ অৰ্থ আৰু যোগাযোগৰ প্ৰক্ৰিয়াৰ সংজ্ঞা দিয়া।
উত্তৰঃ যোগাযোগ শব্দটি লেটিন শব্দ ‘Communis’ ৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে উমৈহতীয়া বা সমূহীয়া।ই হৈছে তথ্য, ভাৱ,মতামত বিনিময় কৰা প্ৰক্ৰিয়া।ব্যক্তিসমূহ বা সংগঠসমূহে এজনে আনজনৰ সৈতে বুজাবুজি আৰু অৰ্থ অংশন কৰাৰ উপায়।
জন ডিউইৰ মতে, “সাধাৰণ অধিকাৰ হোৱালৈকে যোগাযোগ হৈছে অংশিত অভিজ্ঞতাৰ প্ৰক্ৰিয়া। যিজনে অংশ লয় ই দুই দলসমূহৰে স্বভাৱ সাল-সলনি কৰে।”
এডগাৰ দেলে এনেদৰে সংজ্ঞা দিছে- “পাৰস্পৰিক মানসিক অৱস্থাত ধাৰণা আৰু অনুভূতিক অংশিত কৰাই হৈছে যোগাযোগ।”
এৰিষ্টটলৰ মতে ” নিৰ্দ্দিষ্ট ফলাফল সাধন কৰি অন্যক প্ৰভাৱ পেলাবলৈ বিশ্বাস জন্মোৱা কাৰ্যয়ে হৈছে যোগাযোগ।”
এজন ব্যক্তিয়ে আন এজনৰ পৰা মনোভংগী আৰু ভাৱ,তথ্য প্ৰেৰণ কৰা কলা হৈছে যোগাযোগ। মানুহৰ মাজত অৰ্থপূৰ্ণ পৰস্পৰ ক্ৰিয়াৰ প্ৰক্ৰিয়াই হৈছে যোগাযোগ।
(ক) ই হৈছে ব্যক্তিগত প্ৰক্ৰিয়া।
(খ) ই লোকসকলৰ মাজত সংগঠিত।
(গ) ই আচৰণ সলনিত জড়িত।
(ঘ) ই হৈছে অন্যক প্ৰভাৱ পেলাবলৈ ব্যৱহৃত উপায়।
(ঙ) ই ক্ৰিয়াসমূহ আৰু শব্দসমূহৰ দ্বাৰা আৱেগ আৰু চিন্তাৰ প্ৰকাশ কৰে।
(চ) ই হৈছে লোকসকলক অভিৰুচিত আৰু নিয়ন্ত্ৰিত কৰা আহিলা।
(ছ) ই হৈছে সামাজিক আৰু আৱেগিক প্ৰক্ৰিয়া।
যোগাযোগৰ বৈশিষ্ট্যসমূহ হৈছে-
(ক) দ্বিপক্ষিক প্ৰক্ৰিয়া।
(খ) তথ্য অংশন কৰা আৰু বুজাবুজি।
(গ) মৌখিক আৰু অমৌখিক।
(ঘ) ঘূৰণীয়া প্ৰৱাহ।
(ঙ) উদ্দেশ্য প্ৰণোদিত।
(চ) অবিৰত প্ৰক্ৰিয়া।
(ছ) পৰিব্যাপ্ত প্ৰক্ৰিয়া।
প্ৰশ্ন ৬। যোগাযোগ প্ৰক্ৰিয়া প্ৰধান উপাদানসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ মৌখিক আৰু অমৌখিক বাৰ্তাসমূহৰ বিনিময়ৰ প্ৰক্ৰিয়া হৈছে যোগাযোগ।ই হৈছে অবিৰত প্ৰক্ৰিয়া। যোগাযোগ প্ৰক্ৰিয়াৰ প্ৰধান উপাদানসমূহ তলত দিয়া হৈছে-
(ক) পৰিপ্ৰেক্ষিত বৰ্ণনা প্ৰসংগঃ বৰ্ণনাৰ পৰিপ্ৰেক্ষিতত যোগাযোগ প্ৰভাৱিত হয়। এইবোৰ বৰ্ণনা প্ৰসংগত শাৰীৰিক, সামাজিক, কালানুক্ৰমিক বা সাংস্কৃতিক হ’ব পাৰে।বৰ্ণনা প্ৰসংগৰ সৈতে প্ৰত্যেক যোগাযোগ অগ্ৰসৰ হয়।
(খ) প্ৰেৰক/এনকোডৰঃ প্ৰেৰক হৈছে ব্যক্তি যিয়ে বাৰ্তা পঠিয়ায়।এজন প্ৰেৰকে বাৰ্তা জ্ঞাপন কৰিবলৈ প্ৰতীক ব্যৱহাৰ কৰে (শব্দসমূহ বা লৈখিক বা দৃশ্য সঁজুলি) আৰু প্ৰয়োজনীয় সহাঁৰি উখাপন কৰে।
(গ) বাৰ্তাঃ বাৰ্তা হৈছে মূখ্য ভাৱ যিটো প্ৰেৰকে বিনিময় কৰিবলৈ বিচাৰে।বাৰ্তাৰ মুখ্য উদ্দেশ্য হৈছে স্পষ্টতা।
(ঘ) এনকোডিং (যোগাযোগৰ প্ৰতীক): বিষয়বস্তু প্ৰতীকলৈ ৰূপান্তৰণ কৰাৰ প্ৰক্ৰিয়াই হৈছে এনকোডিং। কোনো যোগাযোগ বাৰ্তা বা বিষয়বস্তু সদায়ে বিমূৰ্ত আৰু অস্পৰ্শনীয়। বাৰ্তা সংক্ৰমণ কৰিবলৈ কিছুমান প্ৰতীকসমূহৰ ব্যৱহাৰৰ প্ৰয়োজন হয়।
(ঙ) মাধ্যমঃ বাৰ্তা প্ৰেৰণ কৰা বা বিনিময় কৰিবলৈ ব্যৱহৃত হোৱা উপায়ে হৈছে মাধ্যম।উদাহৰণস্বৰূপে যেতিয়া বাৰ্তা সৰু দলৰ লোকলৈ জ্ঞাপন কৰিবলগীয়া হয় তেতিয়া লিখিত মাধ্যম বাছনি কৰা হয়।আনহাতে মৌখিক মাধ্যম বাছনি কৰা হয় তেতিয়া যেতিয়া প্ৰাপকৰ পৰা স্বতঃস্ফূৰ্ত প্ৰতিজ্ঞাপন প্ৰয়োজনীয় হয় আৰু তাত ভুল বুজাবুজিৰ স্পষ্ট কৰা হয়।
(চ) প্ৰাপক সংকেতমোচক(ডিক’ডাৰ): প্ৰাপক সংকেতমোচকহৈছে এজন ব্যক্তি যাৰ বাবে বাৰ্তা এটা নিৰ্দ্দিষ্টকে/উপলক্ষিত কৰা হয়। ডিক’ডৰে বাৰ্তা বুজি পাবলৈ বিভিন্ন উপাদানৰ ওপৰত নিৰ্ভৰ কৰে।যেনে-প্ৰাপকৰ জ্ঞান, তেওঁলোকৰ বাৰ্তালৈ সংবেদনশীলতা আৰু ডীক’ডৰৰ ওপৰত এনকোডাৰৰ নিৰ্ভৰযোগ্য।
(ছ) ডিকোডিংঃ এনকোডেত বাৰ্তা সাধাৰণ বোধগম্য ভাষালৈ ৰূপান্তৰ কৰাই হৈছে অনুবাদ প্ৰক্ৰিয়া। গ্ৰহণ কৰোঁতাই প্ৰতীকসমূহৰ, শব্দসমূহৰ বা চিহ্নসমূহ পৰিৱৰ্তিত কৰি বাৰ্তাৰ অৰ্থ প্ৰেৰকৰ পৰা লাভ কৰে।
(জ) প্ৰতিজ্ঞাপনঃ প্ৰতিজ্ঞাপন হৈছে যোগাযোগ প্ৰক্ৰিয়াৰ প্ৰধান উপাদান হিচাপে বাৰ্তাৰ কাৰ্যক্ষমতা বিশ্লেষণ কৰিবলৈ প্ৰেৰকক অনুমতি দিয়ে।ডীক’ডাৰে প্ৰেৰকক বাৰ্তাৰ শুদ্ধ ব্যাখ্যাৰ প্ৰতিপাদকত সহায় কৰে।প্ৰতিজ্ঞাপন মৌখিক (শব্দসমূহৰ দ্বাৰা) বা অমৌখিক(মিচিকিয়া হাঁহি, দীৰ্ঘশ্বাস) ইত্যাদিৰ ধৰণৰ হ’ব পাৰে।ই প্ৰেৰিত টোকা, প্ৰতিবেদন ইত্যাদিৰ ধৰণৰ লিখিতও হ’ব পাৰে।
প্ৰশ্ন ৭। যোগাযোগ প্ৰক্ৰিয়াৰ পলক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ প্ৰেৰক আৰু গ্ৰহণ কৰোঁতাৰ মাজত যি যোগাযোগ সংগঠিত হয় তাকে যোগাযোগ প্ৰক্ৰিয়াৰ পদক্ষেপ বুলি কোৱা হয়।এই প্ৰক্ৰিয়া প্ৰেৰকৰ বাৰ্তা বা ভাৱৰ ধাৰণাত্মককৰণৰ সৈতে আৰম্ভ হয় আৰু গ্ৰহণ কৰোঁতাৰ পৰা প্ৰতিজ্ঞাপনৰ সৈতে সমাপ্ত।বিস্তাৰিতভাৱে, যোগাযোগ প্ৰক্ৰিয়া আঠটা প্ৰক্ৰিয়াৰে গঠন হয়।
(ক) প্ৰেৰকে বিকশিত কৰা ভাৱঃ প্ৰথম পদক্ষেপত, সাংবাদদাতাই বিকাশ বা ভাৱ পঠিয়াবলৈ ধাৰণাত্মক কৰি লয়।ইয়াক পৰিকল্পনা পৰ্যায় বুলিও জনা যায় যিহেতু এই পৰ্যায়ত সংবাদদাতাই যোগাযোগৰ বিষয়বস্তু পৰিকল্পনা কৰে।
(খ) এনকোডিংঃ এনকোডিং মানে হৈছে ধাৰণা ভাব অনুবাদ কৰা উপলদ্ধিমূলক ধৰণলৈ পৰিৱৰ্তিত কৰে যাৰ দ্বাৰা অন্যলৈ ভাব বিনিময় কৰিব পাৰি।
(গ) বাৰ্তা বিকশিত কৰাঃ এনকোডিঙৰ পিছত প্ৰেৰকে বাৰ্তা লাভ কৰে যাৰ দ্বাৰা বাৰ্তা গ্ৰহণ কৰোঁতালৈ প্ৰেৰিত কৰিব পাৰি।এই বাৰ্তা মৌখিক, লিখিত, প্ৰতীক বা অমৌখিক হ’ব পাৰে।উদাহৰণস্বৰূপে, যেতিয়া মানুহে কথা কয়,বক্তৃতা হৈছে বাৰ্তা, যেতিয়া মানুহে পত্ৰ লিখে,শব্দ আৰু বাক্যসমূহ হৈছে বাৰ্তা, যেতিয়া মানুহে কান্দে, কান্দোন হৈছে বাৰ্তা।
(ঘ) মাধ্যম নিৰ্বাচন কৰাঃ মাধ্যম হৈছে সৰবৰাহ কৰা পথ বা গ্ৰহণ কৰোঁতালৈ বাৰ্তা প্ৰেৰিত কৰা উপায়। এবাৰ প্ৰেৰকে বাৰ্তা এনকোড কৰা হ’লে, ইয়াৰ পিছৰ পদক্ষেপ হৈছে গ্ৰহণ কৰোঁতালৈ প্ৰেৰিতৰ বাবে উপযুক্ত মাধ্যম নিৰ্বাচন কৰা হয়। যোগাযোগৰ মাধ্যম-কথা কোৱা, লিখা, অঙ্গভংগী কৰা ইত্যাদি হ’ব পাৰে।
(ঙ) বাৰ্তাৰ প্ৰেৰণঃ এই পদক্ষেপত আচলতে প্ৰেৰকে পছন্দৰ মাধ্যমৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰে। যোগাযোগ চক্ৰত, বাৰ্তা প্ৰেৰণৰ সৈতে প্ৰেৰকৰ কাৰ্য সমাপ্ত হয়।
(চ) গ্ৰহণ কৰোঁতাৰ পৰা বাৰ্তা লাভ কৰাঃ এই পৰ্যায়ত গ্ৰহণ কৰোঁতাই প্ৰেৰকৰ বাৰ্তা গ্ৰহণ কৰাত সহজে জড়িত হয়।এই বাৰ্তা শ্ৰৱণ, নিৰীক্ষণ,অনুভূতি ইত্যাদি ধৰণে গ্ৰহণ কৰিব লাগিব।
(ছ) ডীক’ডিংঃ ডীক’ডিং হৈছে প্ৰেৰকৰ বাৰ্তাত গ্ৰহণ কৰোঁতাৰ বাখ্যা।ইয়াত গ্ৰহণ কৰোঁতাই বাৰ্তা চিন্তা লৈ পৰিৱৰ্তিত কৰে আৰু বিশ্লেষণ কৰিবলৈ, বুজিবলৈ চেষ্টা কৰে। কেৱল যেতিয়া প্ৰেৰক আৰু গ্ৰহণ কৰোঁতা দুয়ো একে বা বাৰ্তালৈ সাদৃশ্য অৰ্থ অৰ্পণ কৰে তেতিয়া কাৰ্যকৰী যোগাযোগ সংঘটিত হ’ব পাৰে।
(জ) প্ৰতিজ্ঞাপনঃ যোগাযোগ প্ৰক্ৰিয়াৰ চূড়ান্ত পদক্ষেপ হৈছে প্ৰতিজ্ঞাপন।প্ৰতিজ্ঞাপনমানে হৈছে প্ৰেৰকৰ বাৰ্তালৈ গ্ৰহণ কৰোঁতাৰ সহাঁৰি। ই যোগাযোগৰ কাৰ্যকাৰিতাবঢ়ায়। গ্ৰহণ কৰোঁতাই শুদ্ধকৈ বাৰ্তা বুজি পোৱা বুলি নিশ্চিত কৰি তোলে। প্ৰতিজ্ঞাপন হৈছে দ্বিপক্ষিক যোগাযোগৰ বৈশিষ্ট্য।
প্ৰশ্ন ৮। যোগাযোগ বুলিলে কি বুজা? যোগাযোগৰ প্ৰক্ৰিয়া চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ যোগাযোগ শব্দটি লেটিন শব্দ ‘Communis’ ৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে উমৈহতীয়া বা সমূহীয়া।ই হৈছে তথ্য, ভাৱ,মতামত বিনিময় কৰা প্ৰক্ৰিয়া।ব্যক্তিসমূহ বা সংগঠনসমূহে এজনে আনজনৰ সৈতে বুজাবুজি আৰু অৰ্থ অংশন কৰাৰ উপায়।
জন ডিউইৰ মতে, “সাধাৰণ অধিকাৰ হোৱালৈকে যোগাযোগ হৈছে অংশিত অভিজ্ঞতাৰ প্ৰক্ৰিয়া। যিজনে অংশ লয় ই দুই দলসমূহৰে স্বভাৱ সাল-সলনি কৰে।”
এডগাৰ দেলে এনেদৰে সংজ্ঞা দিছে- “পাৰস্পৰিক মানসিক অৱস্থাত ধাৰণা আৰু অনুভূতিক অংশিত কৰাই হৈছে যোগাযোগ।”
এৰিষ্টটলৰ মতে “নিৰ্দ্দিষ্ট ফলাফল সাধন কৰি অন্যক প্ৰভাৱ পেলাবলৈ বিশ্বাস জন্মোৱা কাৰ্যয়ে হৈছে যোগাযোগ।”
যোগাযোগৰ প্ৰক্ৰিয়াঃ যোগাযোগৰ প্ৰক্ৰিয়া বা যোগাযোগৰ প্ৰক্ৰিয়াত কিছুমান পাৰস্পৰিক সম্পৰ্কযুক্ত পদক্ষেপ বা খণ্ডৰে গঠিত হয় যাৰ দ্বাৰা বাৰ্তাসমূহ প্ৰেৰকৰ পৰা গ্ৰহণ কৰোঁতালৈ পঠোৱা হয়। যেতিয়া প্ৰেৰকে ধাৰণা, মতামত বা অন্য তথ্য গ্ৰহণ কৰোঁতালৈ প্ৰেৰণ কৰিবলৈ বিচাৰে আৰু প্ৰেৰকলৈ গ্ৰহণ কৰোঁতাৰ প্ৰতিজ্ঞাপনৰ সৈতে সমাপ্ত হয় তেতিয়া যোগাযোগৰ প্ৰক্ৰিয়া আৰম্ভ হয়। যোগাযোগ প্ৰক্ৰিয়াৰ মূখ্য উপাদানসমূহ হ’ল- প্ৰেৰক, বাৰ্তা, সৰবৰাহ হোৱা পথ, গ্ৰহণ কৰোঁতা আৰু প্ৰতিজ্ঞাপন।
এইদৰে ই স্পষ্ট হৈছে যে যোগাযোগ প্ৰক্ৰিয়া কিছুমান অনুক্ৰমিতা সংবন্ধনীয় পদক্ষেপৰ সমূহ।ইয়াত বাৰ্তাৰ লগতে প্ৰতিজ্ঞাপন হস্তান্তৰ কৰাত জড়িত হৈ আছে।এই প্ৰক্ৰিয়াত প্ৰেৰকৰ প্ৰয়োজন যিয়ে বাৰ্তা সৰবৰাহ হোৱা পথৰ দ্বাৰা গ্ৰহণ কৰোঁতালৈ প্ৰেৰণ কৰে।তাৰ পিছত গ্ৰহণ কৰোঁতাই বাৰ্তা ডীক’ডাৰেৰে ঘূৰাই পঠিয়াই কিছুমান প্ৰকাৰৰ সংকেত বা প্ৰতিজ্ঞাপন।
প্ৰশ্ন ৯। যোগাযোগৰ বাধাসমূহ কি কি?
উত্তৰঃ যোগাযোগৰ প্ৰক্ৰিয়াত কঠিনতা জড়িত হোৱাই হৈছে যোগাযোগৰ বাধাসমূহ, যিয়ে গ্ৰহণ কৰোঁতাক ভালদৰে বুলি পোৱা বাৰ্তাক বিকৃতি কৰে। বাধাসমূহে কাৰ্যকৰী হোৱাৰ পৰা যোগাযোগক প্ৰতিৰোধ কৰে।ইয়াত তিনিটা পৰ্যায়ত যোগাযোগ সংঘটিত হয়।
(ক) ইন্দ্ৰিয়ৰ সৈতে লক্ষ্য কৰা হয় আৰু ই আছে শাৰীৰিক পৰ্যায়ত।
(খ) বোধশক্তি আছে বুদ্ধিৰ পৰ্যায়ত।
(গ) গ্ৰহণযোগ্যতা আছে আৱেগিক পৰ্যায়ত।
কোনো পৰ্যায়ৰ যোগাযোগৰ প্ৰক্ৰিয়াক প্ৰতিবন্ধক কৰাই হৈছে যোগাযোগলৈ বাধা।ভাৱ বা চিন্তাসমূহৰ কাৰ্যকৰী বিনিময়ৰ সৈতে হস্তক্ষেপ কৰা চৰ্তসমূহ বা দিশসমূহক যোগাযোগলৈ বাধাসমূহৰ সংজ্ঞা দিব পাৰি।তলত যোগাযোগৰ বাধাসমূহ দাঙি ধৰা হৈছে-
(১) শৰীৰ বৃত্তীয়ৰ বাধাসমূহঃ
(ক) স্মৃতি সমস্যাৰ কাৰণে অৱধাৰণ ত্ৰুটিপূৰ্ণ।
(খ) মনোযোগৰ অভাৱ।
(গ) অসুস্থতাৰ কাৰণে অসুখ।
(ঘ) সংবেদনশীল উপলব্ধিৰ ত্ৰুটিপূৰ্ণ।
(ঙ) শ্ৰৱণৰ সমস্যাসমূহ।
(চ) শ্ৰৱণৰ কৌশল ত্ৰুটিপূৰ্ণ।
(ছ) তথ্যৰ অত্যাধিক বোজা।
(জ) শৰীৰ বৃত্তীয় লিঙ্গৰ বৈষম্য।
(২) পৰিৱেশৰ বাধাঃ
(ক) পটভূমিৰ শব্দ ডাঙৰ।
(খ) পোহৰৰ ত্ৰুটিপূৰ্ণ।
(গ) অস্বস্তিকৰ পৰিবেশ।
(ঘ) চাৰিওফালে অপৰিষ্কাৰ আৰু দুৰ্গন্ধ।
(ঙ) বহুত গৰম বা ঠাণ্ডা কোঠা।
(চ) দূৰত্ব।
(৩) মানসিক বাধাসমূহঃ
(ক) ভুল উপলব্ধি আৰু ভুল বুজাবুজি।
(খ) অবিশ্বাস আৰু অসুখী আৱেগসমূহ।
(গ) আৱেগিক ব্যাঘাত।
(ঘ) মনোৰোগ বা স্নায়ুৱিক অসুস্থতা।
(ঙ) চিন্তা আৰু আৱেগিক ব্যাঘাত।
(চ) ভয়, উদ্বেগ আৰু চিন্তাৰ বিভ্ৰান্ত।
(৪) সামাজিক বাধাসমূহঃ
(ক) সামাজিক আদৰ্শ,মূল্যবোধ বা আচৰণত আত্মবিশ্বাসহীনতা।
(খ) সামাজিক নিষিদ্ধ।
(গ) বিভিন্ন সামাজিক স্তৰ।
(৫) সাংস্কৃতিক বাধাসমূহঃ
(ক) জাতিগত, ধাৰ্মিক আৰু সাংস্কৃতিক বৈষম্য।
(খ) সাংস্কৃতিক পৰম্পৰা, মূল্যবোধ আৰু আচৰণ।
(৬) শব্দাৰ্থগত বাধাসমূহঃ
(ক) ভাষাৰ বাধাসমূহ।
(খ) ত্ৰুটিপূৰ্ণ ভাষাৰ অনুবাদ।
(গ) মতপ্ৰকাশ আৰু উপলব্ধিত ব্যক্তিৰ বৈষম্য।
(ঘ) ব্যক্তিৰ অতীত অভিজ্ঞতা শুনিবলৈ ব্যৰ্থতা।
(৭) সাংগঠনিক বাধাসমূহঃ
(ক) সংগঠনৰ নীতি।
(খ) নিয়ম আৰু নিয়ম-কানুন।
(গ) কাৰিকৰী ব্যৰ্থতা।
(ঘ) সময়ৰ হেঁচা।
(ঙ) যাজকতন্ত্ৰৰ কাৰণে সংগঠনৰ গঠনৰ জটিলতা।
(চ) সংগঠনৰ আকাৰ।
(৮) যোগাযোগ প্ৰক্ৰিয়াৰ সম্পৰ্কীয় বাধাসমূহঃ
(ক) অস্পষ্ট আৰু পৰস্পৰবিৰোধ বাৰ্তা।
(খ) বাধাৰ অভিগমন।
(গ) অনুপযুক্ত পথ।
(ঘ) সামান্য প্ৰতিজ্ঞাপনৰ অভাৱ।
প্ৰশ্ন ১০। যোগাযোগৰ বাধাসমূহক কেনেদৰে অতিক্ৰম কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা।
উত্তৰঃ আমাৰ জীৱনটো ইমানেই সহজ হৈ উঠিলেহেঁতেন যদি সকলোৱে ইজনে সিজনৰ সৈতে ভালদৰে আদান-প্ৰদান কৰে আৰু ভুল বুজাবুজি সহজে সমাধান কৰিব পাৰিলেহেঁতেন। এতিয়া বহুতো যোগাযোগৰ বাধাসমূহ সন্মুখীন হৈছে।প্ৰেৰকে নিৰ্দ্দিষ্ট কৰা সকলো বাৰ্তা গ্ৰহণ কৰোঁতাই একে অৰ্থ বুজি নাপায় আৰু এইদৰে যোগাযোগ ব্যৰ্থতা সংঘটিত হয়। সমতাপূৰ্ণ আৰু কাৰ্যকৰী যোগাযোগ নিশ্চিত কৰিবলৈ এই যোগাযোগৰ বাধাসমূহৰ সৈতে বুজাবুজি আৰু সফলতাৰে মোকাবিলা কৰিবলৈ অপৰিহাৰ্য হৈছে। যিহেতুকে যোগাযোগৰ বাধাসমূহ আঁতৰাব লাগে।তলত দিয়া পদক্ষেপসমূহৰ গুৰুত্ব বিবেচনা কৰা হৈছে-
(ক) যোগাযোগৰ আগতে ধাৰণাসমূহ স্পষ্ট কৰাঃ ব্যক্তিয়ে যি ক’বলৈ বিচাৰিছে সেই বিষয়ে যোগাযোগ পঠাওঁতে তেওঁৰ মনত স্পষ্ট হ’ব লাগে। তেওঁ বাৰ্তাৰ উদ্দেশ্য জানিব লাগে আৰু এতেকে তেওঁ চিন্তা ভাৱনা সঠিককৈ ব্যৱস্থা কৰিব লাগে।
(খ) গ্ৰহণ কৰোঁতাৰ প্ৰয়োজন মতে ভাৱ-বিনিময়ঃ যোগাযোগৰ প্ৰেৰকে বাৰ্তাৰ গঠন তেওঁৰ নিজৰ পৰ্যায় বা দক্ষতাৰ মতে প্ৰস্তুত কৰিব নালাগে। কিন্তু তেওঁ গ্ৰহণ কৰোঁতাৰ পৰ্যায়, বোধশক্তি বা পৰিৱেশৰ মনত ৰাখিব লাগে।
(গ) যোগাযোগৰ আগতে অন্যৰ পৰা পৰামৰ্শ লোৱাঃ যোগাযোগ পৰিকল্পনা কৰাৰ সময়ত, সকলো উদ্বিগ্ন ব্যক্তিসমূহৰ পৰা উপদেশসমূহ আমন্ত্ৰিত কৰিব লাগে। ইয়াৰ প্ৰধান সুবিধা হৈছে যে যি সকল লোকে যোগাযোগ পৰিকল্পনা প্ৰস্তুত কৰাৰ সময়ত উপদেশ দিছে তেওঁলোকে যোগাযোগ ব্যৱস্থা সফল কৰি তুলিবলৈ অৱদান দিব পাৰিব।
(ঘ) ভাষা, ধ্বনি আৰু বাৰ্তাৰ বিষয়বস্তুত সচেতন হোৱাঃ প্ৰেৰকে বাৰ্তা গঠন কৰোঁতে ভাষা স্পষ্ট আৰু সুন্দৰ হোৱাটো সাৱধান হ’ব লাগে।বাৰ্তাৰ ধ্বনিয়ে গ্ৰহণ কৰোঁতাৰ অনুভূতিত আঘাত দিব নালাগে।যিমান দূৰ সম্ভাৱ বাৰ্তাৰ বিষয়বস্তু চমু হ’ব লাগে আৰু প্ৰযুক্তিগত শব্দসমূহৰ অত্যাধিক ব্যৱহাৰ কৰাত বাধা দিব লাগে।
(ঙ) শ্ৰোতালৈ মূল্য আৰু সহায় জ্ঞাপন কৰিব লাগেঃ বাৰ্তাৰ বিষয়বস্তু গ্ৰহণ কৰোঁতালৈ সহায়কাৰী হ’ব লাগে। গ্ৰহণ কৰোঁতাৰ প্ৰয়োজন আৰু আগ্ৰহ বিশেষকৈ মনত ৰাখিব লাগে। এই পৰিস্থিতিত যোগাযোগ হৈছে আটাইতকৈ কাৰ্যকৰী।
(চ) সঠিক প্ৰতিজ্ঞাপন/প্ৰতিক্ৰিয়া নিশ্চিত কৰাঃ গ্ৰহণ কৰোঁতাই লাভ কৰা তথ্যৰ অৰ্থ সঠিকভাৱে বুজিব পাৰিছে নে তাক বিচৰাটো হৈছে প্ৰতিজ্ঞাপন/ প্ৰতিক্ৰিয়াৰ উদ্দেশ্য। মুখামুখি যোগাযোগত,গ্ৰহণ কৰোঁতাৰ মুখত প্ৰতিক্ৰিয়া বুজিব পাৰি।
কিন্তু লিখিত যোগাযোগৰ ক্ষেত্ৰত বা কিছুমান অন্যবিধৰ যোগাযোগত কিছুমান প্ৰতিজ্ঞাপনৰ সঠিক পদ্ধতি প্ৰেৰকে গ্ৰহণ কৰিব লাগে।
(ছ) বাৰ্তাৰ ধাৰাবাহিকতাঃ প্ৰেৰকলৈ পঠোৱা তথ্য স্ববিৰোধী হ’ব নালাগে। উদ্দেশ্যসমূহ, নীতিসমূহ,কাৰ্যক্ৰমসমূহ আৰু কৌশলসমূহ সংগঠনৰ অনুযায়ী হ’ব লাগে।পুৰণিৰ ঠাইত যেতিয়া নতুন বাৰ্তা পঠিয়াবলগীয়া হয়, ই সদায় সলনিৰ উল্লেখ কৰিব লাগে অন্যথা কিছুমান সন্দেহ সৃষ্টি হ’ব পাৰে।
(জ) যোগাযোগৰ পৰৱৰ্তী ব্যৱস্থাঃ যিহেতু যোগাযোগ কাৰ্যকৰী কৰি তুলিব লাগে ব্যৱস্থাপনাই নিয়মীয়াভাৱে যোগাযোগ প্ৰণালীৰ দুৰ্বলতাসমূহ জানিবলৈ চেষ্টা কৰিব লাগে। এই পৰিপ্ৰেক্ষিতত বেছি গুৰুত্ব দিবলৈ প্ৰচেষ্টা জানি উঠিব লাগিব। নিয়ম অনুযায়ী বা অনানুষ্ঠানিক যোগাযোগ উপযুক্ত হ’ব পাৰে।
এনে ধৰণে যোগাযোগৰ মাধ্যমৰ কোনটো মাধ্যম বেছিকৈ উপযুক্ত আৰু উপযোগী হ’ব তাক জানিবলৈ(মৌখিক, লিখিত আৰু ইংগিত) বিশেষ উপায়সমূহ অৱলম্বন কৰা হয়।
(ঝ) ভাল শুনোতা হোৱাঃ যোগাযোগৰ মূল্য বৈশিষ্ট্য হৈছে দুয়ো প্ৰেৰক আৰু গ্ৰহণ কৰোঁতা ভাল শ্ৰোতা হ’ব লাগিব। মনোযোগ, ধৈৰ্য আৰু ইতিবাচক মনোভংগীৰ সৈতে দুয়ো এজনে আনজনৰ দৃষ্টিভংগী শুনিব লাগিব। প্ৰেৰকে ভাল এজন শুনোতা হৈ বহুত প্ৰাসঙ্গিক খবৰ/তথ্য লাভ কৰিব পাৰে।
প্ৰশ্ন ১১। এনকোডিং আৰু ডীক’ডিংৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ এনকোডিং মানে বাৰ্তাসমূহ সৃষ্টি কৰা(যিয়ে অন্য মানুহৰ সৈতে যোগাযোগ কৰিব বিচৰা)। আনহাতে, ডীক’ডিং মানে এনকোডেড বাৰ্তাৰ শুনোতা বা শ্ৰোতামণ্ডলী। সেয়েহে ডীক’ডিং মানে বাৰ্তাৰ অৰ্থ ব্যাখ্যা কৰা।উদাহৰণস্বৰূপে, ব্ৰে’কফাষ্ট ছিত্ৰৰিল কোম্পানীয়ে সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ বাৰ্তা জ্ঞাপন কৰিব বিচাৰে। তেওঁলোকে এই উদ্দেশ্যৰ বাবে বিজ্ঞাপন সৃষ্টি কৰিব আৰু আমি টি.ভি ৰেডিঅ’বা অন্য সামাজিক মাধ্যমেৰে দেখিবলৈ আৰু শুনিবলৈ পাম।বক্তাৰ দ্বাৰা যি কোৱা হৈছে ব্যাখ্যা কৰি বাৰ্তা বুজি পোৱা যাব।
প্ৰশ্ন ১২। যোগাযোগত প্ৰতিজ্ঞাপন কিয় গুৰুত্বপূৰ্ণ? বুজাই দিয়া।
উত্তৰঃ প্ৰতিজ্ঞাপনহৈছে দ্বিপক্ষ যোগাযোগৰ মূল্য বৈশিষ্ট্য। দ্বি- পক্ষীয় যোগাযোগত, কি ক’ব পাছত আৰু কেনেকৈ ক’ব সিদ্ধান্ত লোৱাৰ আগতে প্ৰেৰকে গ্ৰহণ কৰোঁতাৰ সহাঁৰিৰ বাবে ৰাখিব লাগে। প্ৰতিজ্ঞাপন হৈছে মূলতে নিৰ্দ্দিষ্ট হোৱা তেওঁৰ বাৰ্তা হস্তন্তৰিত কৰোঁতে কেনেদৰে সফল হয় সেই সম্বন্ধে বুজ লোৱা হয়। যদি কোনো প্ৰতিজ্ঞাপন নাথাকে, যোগাযোগ হৈ উঠিব অসম্পূৰ্ণ আৰু অকাৰ্যকৰী। প্ৰতিজ্ঞাপনভিত্তিত, প্ৰেৰকে বাৰ্তাৰ উপস্থাপন হয়তো সলনি কৰিব পাৰে বা সম্পূৰ্ণভাৱে বাতিল কৰিব পাৰে। এনেদৰে প্ৰতিজ্ঞাপনলৈ কোনো বিবৰণ নাথাকে। প্ৰতিজ্ঞাপনৰ গুৰুত্বতা কিছুমান বিশেষ দৃষ্টি আৰোপ কৰি তলত উল্লেখ কৰা হয়।
(ক) যোগাযোগৰ সম্পূৰ্ণতাঃ দ্বি-পক্ষ যোগাযোগত গ্ৰহণ কৰোঁতাৰ পৰা প্ৰতিজ্ঞাপন প্ৰতিক্ৰিয়াৰ প্ৰয়োজন হয়। প্ৰতিজ্ঞাপনৰ দ্বাৰা প্ৰৰকে গ্ৰহণ কৰোঁতাৰ মনোভংগী বুজি উঠিব পাৰিব।
(খ) যোগাযোগৰ কাৰ্যকাৰিতা জোখাঃ প্ৰতিজ্ঞাপনে প্ৰেৰকক যোগাযোগৰ কাৰ্যকাৰিতাৰ সম্পৰ্কে নিশ্চিত কৰে।প্ৰতিজ্ঞাপনৰ জৰিয়তে, গ্ৰহণ কৰোঁতাই বাৰ্তা লাভ কৰিছে আৰু ভালদৰে বুজি পাইছে বুলি প্ৰেৰকে নিশ্চিত হ’ব পাৰে। যোগাযোগৰ সফলতা বা বিফলতা নিৰ্ণয় কৰিবলৈ প্ৰেৰকক প্ৰতিজ্ঞাপনৰ প্ৰয়োজন হয়।
(গ) গ্ৰহণ কৰোঁতাৰ বোধশক্তিৰ দৃষ্টিভংগীঃ প্ৰেৰকৰ বাৰ্তাৰ বিষয়ে গ্ৰহণ কৰোঁতাৰ দৃষ্টিভংগী আৰু মতামত বুজিবলৈ প্ৰতিজ্ঞাপনে সহায় কৰে। এই বুজাবুজি সৈতে, প্ৰেৰকে পাছত কাৰ্যপন্থা নিৰ্ণয় কৰিব পাৰে।
(ঘ) প্ৰচাৰ মাধ্যমৰ উপযুক্ততা জোখাঃ বিভিন্ন প্ৰচাৰ মাধ্যম ব্যৱহৃত কৰি বাৰ্তা প্ৰেৰণ কৰিব পাৰি। অসংগত প্ৰচাৰ মাধ্যমে গ্ৰহণ কৰোঁতালৈ ভালদৰে বাৰ্তা জ্ঞাপন কৰিব নোৱাৰে।সেয়ে গ্ৰহণ কৰোঁতাই বাৰ্তাক সঠিক বুজিব পাৰিব আৰু তাৰ প্ৰতিজ্ঞাপনে প্ৰমাণ কৰিব যে প্ৰেৰকে শুদ্ধভাৱে প্ৰচাৰ মাধ্যম বাছনি কৰিছে।
(ঙ) শুদ্ধ সিদ্ধান্ত লাভ কৰাঃ প্ৰতিজ্ঞাপনে প্ৰেৰকলৈ গ্ৰহণ কৰোঁতাৰ মতামত ভাৱ বিনিময় কৰে এই মতামতৰ বিবেচনা কৰি, যোগাযোগে সঠিক সিদ্ধান্ত ল’ব পাৰিব। গ্ৰহণ কৰোঁতাৰ তথ্যৰ সিদ্ধান্তৰ গুণও উন্নত কৰিব পাৰি।
(চ) তথ্য সংগ্ৰহ কৰাঃ একমুখী যোগাযোগে কেৱল তথ্য পঠিয়াব পাৰে।যদি যোগাযোগে তথ্য গোটাব বিচাৰে, তেওঁ প্ৰতিজ্ঞাপন বিচাৰিব পাৰে।
(ছ) ক্ৰিয়াকলাপৰ সমন্বয় সাধনঃ সাংগঠনিক ক্ৰিয়াকলাপ সম্পাদন কৰাৰ দায়িত্ব বিভিন্ন বিভাগলৈ হস্তন্তৰিত কৰা হয়। এই ক্ষেত্ৰত সাংগাঠনিক আন্তবিভাগীয় ক্ৰিয়াকলাপ সঠিক সমন্বয় সাধনত সাফল্য নিৰ্ভৰ কৰে। প্ৰতিজ্ঞাপনেই সঠিক সমন্বয় সাধন নিশ্চিত কৰিবলৈ ব্যৱস্থাপনাৰ বিৰতিত সহায় কৰে।
ওপৰৰ আলোচনাই প্ৰকাশিত কৰে যে প্ৰতিজ্ঞাপন হৈছে যোগাযোগ প্ৰক্ৰিয়াৰ অপৰিহাৰ্য উপাদান।প্ৰতিজ্ঞাপনৰ দ্বাৰা প্ৰেৰকে আৰু গ্ৰহণ কৰোঁতাই এজনে ইজনক জানিব পাৰে আৰু সেই মতে তেওঁলোকে সিহঁতৰ পাছৰ কাৰ্যপন্থাৰ সিদ্ধান্ত ল’ব পাৰে।
প্ৰশ্ন ১৩। যোগাযোগৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ বক্তৃতা, লিখা বা চিহ্নসমূহ লোকসকলৰ মাজত তথ্য বা মতামতৰ দ্বাৰা পাৰস্পৰিক সাল-সলনি বা জ্ঞান প্ৰদান কৰাত যোগাযোগ জড়িত হয়। যোগাযোগ পদ্ধতিৰ মানদণ্ড হৈছে প্ৰেৰকে কোৱা বা লিখা আৰু গ্ৰহণ কৰোঁতাই শুনা বা পঢ়া।বেছিভাগ যোগাযোগ হৈছে মৌখিক। এটা দলে প্ৰকাশ কৰে আৰু আনটোৱে শুনা কাৰ্য কৰে।যোগাযোগৰ বহুতো বেলেগ বেলেগ পদ্ধতি আছে।
এইবোৰ হৈছে-
(ক) মৌখিক যোগাযোগ।
(খ) লিখিত যোগাযোগ। আৰু
(গ) দেহভংগী বা অমৌখিক যোগাযোগ।
প্ৰশ্ন ১৪। লিখিত যোগাযোগৰ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ বক্তৃতাতকৈ লিখন হৈছে আটাইতকৈ অদ্বিতীয় আৰু নিয়মাৱলী। শব্দসমূহৰ বাছনিত সাৱধানতা, তাহাঁতৰ সংগঠন বাক্য গঠনত শুদ্ধ কৰা আৰু বাক্যসমূহৰ গঠন সংযোজক হোৱাটোত কাৰ্যকৰী লিখা জড়িত হৈ থাকে। আকৌ বক্তৃতাতকৈ, লিখা হৈছে বেছি বৈধ আৰু নিৰ্ভৰশীল।কিন্তু বক্তৃতা হৈছে স্বতঃস্ফূৰ্ত। যিহেতু প্ৰতিজ্ঞাপন তৎকালীন নহয় লিখনে বিলম্ব।কৰে আৰু সময়ো লয়।
লিখিত যোগাযোগৰ সুবিধাসমূহঃ
(ক) সংৰক্ষণ কৰিবলৈ সহজঃ লিখিত যোগাযোগৰ নথিসমূহ সংৰক্ষণ কৰিবলৈ সহজ। মৌখিক আৰু অমৌখিক যোগাযোগ সংৰক্ষণ কৰিব নোৱাৰি। সংৰক্ষিত নথিসমূহৰ পৰা গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব পাৰি।
(খ) জটিল বিষয়ৰ উপস্থাপন সহজঃ সহজভাৱে আৰু আকৰ্ষণীয়ভাৱে কোনো জটিল বিষয় বৰ্ণনা কৰিবলৈ লিখিত যোগাযোগ হৈছে সৰ্বশ্ৰেষ্ঠ উপায়।
(গ) লিপিবদ্ধ স্থায়ীঃ লিখিত যোগাযোগৰ নথিসমূহে লিপিবদ্ধক স্থায়ী হিচাপে ক্ৰিয়া কৰে যেতিয়াই প্ৰয়োজন হয় গুৰুত্বপূৰ্ণ তথ্য সংৰক্ষিত নথিসমূহৰ পৰা সহজে সংগ্ৰহিত কৰিব পাৰি।
(ঘ) সময় আৰু টকাৰ অপচয় প্ৰতিৰোধ কৰাঃ লিখিত যোগাযোগে টকা আৰু সময়ৰ অপচয় প্ৰতিৰোধ কৰে।এজনে আনজনক লগ নোপোৱাকৈ সংবাদদাতাই তেওঁলোকৰ দৃষ্টিভংগীৰ ভাব বিনিময় কৰিব পাৰে।
(ঙ) সঠিক উপস্থাপনঃ লিখিত যোগাযোগৰ নথিসমূহৰ দ্বাৰা কাৰ্যবাহীয়ে অতি সঠিকভাৱে আৰু স্পষ্টভাৱে তথ্য উপস্থাপন কৰিব পাৰে।
(চ) প্ৰসংগ হিচাপে ব্যৱহাৰঃ যদি প্ৰয়োজন হয়, লিখিত যোগাযোগ ভৱিষ্যতৰ প্ৰসংগ হিচাপে ব্যৱহৃত হয়।
(ছ) কাৰ্যকৰী যোগাযোগঃ লিখিত যোগাযোগে যোগাযোগক কাৰ্যকৰী কৰি তুলিবলৈ সহায় কৰে।অন্য ধৰণৰ যোগাযোগতকৈ ই হৈছে নিৰ্ভৰশীল আৰু কাৰ্যকৰী।
(জ) সঠিক তথ্যঃ ই হৈছে সঠিক আৰু সম্পূৰ্ণ যোগাযোগৰ প্ৰণালী।লিখিত নথিত কোনো অদৰকাৰী তথ্য অন্তৰ্ভুক্ত কৰিবলৈ সুযোগ নাথাকে।
(ঝ) বিকৃত সম্ভাৱনা কমঃ এই যোগাযোগ প্ৰণালীত , তথ্য স্থায়ীভাৱে লিপিবদ্ধ কৰা হয়। সেয়ে,বিকৃতিৰ সম্ভাৱনা আৰু তথ্যৰ পৰিবৰ্তন কম হয়।
(ঞ) ব্যাখ্যা কৰিবলৈ সুযোগ নাথাকেঃ লিখিত যোগাযোগৰ বাৰ্তা বা তথ্য অপব্যাখ্যা কৰিবলৈ কোনো সুযোগ নাথাকে।