SEBA Class 9 Social Science Important Chapter 8 ভাৰতবৰ্ষৰ ভূগোল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.
SEBA Class 9 Social Science Important Chapter 8 ভাৰতবৰ্ষৰ ভূগোল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.
ভাৰতবৰ্ষৰ ভূগোল
Chapter: 8
| দ্বিতীয় খণ্ড: ভূগোল |
| IMPORTANT QUESTION AND ANSWER |
১। ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰঃ ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলার্ধত অৱস্থিত।
২। আকাৰ হিচাপত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত কিমান?
উত্তৰঃ আকাৰ হিচাপত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত সপ্তম স্থানত।
৩। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান?
উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ মাটিকালি ৩,২৮৭, ২৬৩ বর্গ কিলোমিটাৰ।
৪। ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ জুৰি আছে?
উত্তৰঃ ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ জুৰি আছে।
৫। ভাৰতবৰ্ষক কিয় উপমহাদেশ বুলি কোৱা হয়?
উত্তৰঃ দেশখনৰ বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতবৰ্ষক উপমহাদেশ বুলি কোৱা হয়।
৬। ভাৰতবৰ্ষৰ বৰ্তমান ৰাজ্য কিমান?
উত্তৰঃ ভাৰতবৰ্ষৰ বৰ্তমান ৰাজ্য ২৯ খন।
৭। ভাৰতবৰ্ষৰ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন?
উত্তৰঃ ভাৰতবৰ্ষৰ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল ৭ খন।
৮। ভূ-বিজ্ঞানীসকলৰ মতে হিমালয় পর্বতমালা কোন যুগত সৃষ্টি হৈছিল বুলি অনুমান কৰে?
উত্তৰঃ ভূ-বিজ্ঞানীসকলৰ মতে হিমালয় পর্বতমালা টাৰচিয়েবি যুগত সৃষ্টি হৈছিল বুলি অনুমান কৰে।
৯। উত্তৰৰ হিমালয় পার্বত্য অঞ্চলৰ মাটিকালি কিমান?
উত্তৰঃ উত্তৰৰ হিমালয় পার্বত্য অঞ্চলৰ মাটিকালি প্ৰায় ৫,০০,০০০ বর্গ কিলোমিটাৰ।
১০। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ মাটিকালি কিমান?
উত্তৰঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ মাটিকালি প্ৰায় ৭,০০,০০০ বর্গ কিলোমিটাৰ।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। “ভাৰত এখন বৈচিত্র্যপূর্ণ দেশ”– কিয় কোৱা হয়?
উত্তৰঃ ভাৰতৰ ভৌগোলিক বৈচিত্র্য একে সময়তে পৰ্বত, সমভূমি, মালভূমি, উপকূল, আৰু দ্বীপপুঞ্জৰ অস্তিত্বৰে পূৰ্ণ। উত্তৰে হিমালয় পৰ্বতমালা, দক্ষিণে সমুদ্র উপকূল, পূবে আৰু পশ্চিমে দুটা সাগৰ।এই সকলোবোৰ ভূ-আকৃতিৰ দৃষ্টিকোণৰ পৰা বিশেষ বৈচিত্র্য সৃষ্টি কৰে। জলবায়ুৰ ক্ষেত্ৰতো মৌচুমী বতাহৰ প্ৰভাৱত গৰম, ঠাণ্ডা, বৰষুণ আৰু শুকান সময় পাইয়ে দেশখনত বিভিন্ন ধৰণৰ পৰিৱেশ গঠিত হয়। লগতে, উদ্ভিদ সম্পদ, জনসংখ্যাৰ ঘনত্ব, ভাষা, ধৰ্ম, আৰু সংস্কৃতিৰ দিশৰ পৰা ভাৰত বৈচিত্র্যৰে ভৰা এখন দেশ। সেইবাবে ভাৰতক বৈচিত্র্যময় দেশ বুলি কোৱা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


