SEBA Class 9 Social Science Important Chapter 5 অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.
SEBA Class 9 Social Science Important Chapter 5 অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.
অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
Chapter: 5
| প্ৰথম খণ্ড: ইতিহাস |
| IMPORTANT QUESTION AND ANSWER |
১। আহোমসকলে অসমত কোন সময়ছোৱাত ৰাজত্ব কৰিছিল?
উত্তৰঃ তেৰ শতিকাৰ পৰা ঊনৈশ শতিকাৰ প্ৰথমছোৱালৈকে অসমত আহোমসকলে ৰাজত্ব কৰিছিল।
২। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা চুকাফা আছিল।
৩। আহোমসকলে অসমত কিমান বছৰকাল ৰাজত্ব কৰিছিল?
উত্তৰঃ আহোমসকলে অসমত ছশ বছৰকাল ৰাজত্ব কৰিছিল।
৪। ইয়াণ্ডাবু সন্ধি অনুসৰি মণিপুৰৰ ৰজা কোন হয়?
উত্তৰঃ ইয়াণ্ডাবু সন্ধি অনুসৰি মণিপুৰৰ ৰজা গম্ভীৰ সিও হয়।
৫। কিমান খ্ৰীষ্টাব্দত ডেভিদ স্কটে ব্রহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল?
উত্তৰঃ ১৮২০ খ্রীষ্টাব্দত ডেভিদ স্কটে ব্রহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল।
৬। নামনি অসমৰ মাটিৰ জৰীপ কোন ইংৰাজ বিষয়াৰ শাসনকালত হৈছিল?
উত্তৰঃ নামনি অসমৰ মাটিৰ জৰীপ ডেভিদ স্কটৰ দিনত কেপ্তেইন মেথিউজৰ তত্ত্বাৱধানত হৈছিল।
৭। লম্বোদৰ বৰফুকন কোন আছিল?
উত্তৰঃ লম্বোদৰ বৰফুকন উজনি অসমৰ দেৱান আছিল।
৮। ডেভিদ স্কটৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ ডেভিদ স্কটৰ ১৮৩১ চনত হৈছিল।
৯। ৰবাৰ্টচনৰ পিছত অসমৰ কমিছনাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰঃ ৰবাৰ্টচনৰ পিছত অসমৰ কমিছনাৰ হিচাপে ১৮৩৪ চনত গৱৰ্ণৰ জেনেৰেল মেজৰ জেনকিন্সক নিযুক্তি দিয়া হৈছিল।
১০। কোন ইংৰাজ বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপ জাহাজ প্রচলন হৈছিল?
উত্তৰঃ মেজৰ জেনকিন্সৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপ জাহাজ প্রচলন হৈছিল।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। ইংৰাজসকল কিয় অসমত প্রশাসন স্থাপন কৰিবলৈ বাধ্য হৈছিল?
উত্তৰঃ ইংৰাজসকল প্ৰথমে অসমক ইমান গুৰুত্ব দিয়া নাছিল। কিন্তু ১৮২৪ চনত মানসকলৰ আগ্ৰাসনে পৰিস্থিতি জটিল কৰি তোলে। মণিপুৰ, কাছাৰ, জয়ন্তীয়া অঞ্চলত অস্থিৰতা সৃষ্টি হয় আৰু চাহপুৰত মানসকলৰ পতাকা উত্তোলন কৰা হয়। এই ঘটনাবোৰে কোম্পানিক তীব্ৰ সংকটৰ সন্মুখীন কৰে। এই সময়ত লর্ড আমহাৰ্টে মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত ইষ্ট ইণ্ডিয়া কোম্পানী ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ মাধ্যমে মানসকলক আধিপত্য শেষ কৰে আৰু অসমত নিজৰ শাসন ব্যৱস্থা স্থাপন কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

