SEBA Class 9 Social Science Important Chapter 4 মানৰ অসম আক্ৰমণ

SEBA Class 9 Social Science Important Chapter 4 মানৰ অসম আক্ৰমণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 4 মানৰ অসম আক্ৰমণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 4

প্ৰথম খণ্ড: ইতিহাস
IMPORTANT QUESTION AND ANSWER

১। মানসকল কোন দেশৰ লোক?

উত্তৰঃ মানসকল ব্ৰহ্মদেশৰ লোক। 

২। আহোম ৰজা-গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কোন বহিছিল? 

উত্তৰঃ আহোম ৰজা-গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কমলেশ্বৰ সিংহ বহিছিল।

৩। চিংফৌ নেতা বিচানাঙে কোন গাভৰুক কোন মান ৰজালৈ উপহাৰ হিচাপে আগবঢ়াইছিল?

উত্তৰঃ ৰঙ্গিলী নামেৰে এগৰাকী আহোম গাভৰুক।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। আহোম ৰজাই কাক প্রতাপবল্লভ উপাধি দিছিল?

উত্তৰঃ আহোম ৰজাই বৰফুকন কলীয়া ভোমোৰাক প্রতাপবল্লভ উপাধি দিছিল। 

৫। কিমান চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল।

৬। কমলেশ্বৰ সিংহৰ পিছত অসমৰ নতুন ৰজা কোন আছিল?

উত্তৰঃ কমলেশ্বৰ সিংহৰ পিছত অসমৰ নতুন ৰজা চন্দ্ৰকান্ত সিংহ আছিল।

৭। ৰজা চন্দ্ৰকান্ত সিংহই কাক চাৰিঙীয়া ফুকন খিতাপ দিছিল?

উত্তৰঃ ৰজা চন্দ্ৰকান্ত সিংহই সৰামক চাৰিঙীয়া ফুকন খিতাপ দিছিল।

৮। পূর্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ওৰোনাথে কাক বিয়া কৰাইছিল? 

উত্তৰঃ পূর্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ওৰোনাথে বদন বৰফুকনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰাইছিল।

৯। বদন চন্দ্ৰৰ পেহীয়েক কোন আছিল?

উত্তৰঃ বদন চন্দ্ৰৰ পেহীয়েক মান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ আছিল।

১০। কোন যুদ্ধত পৰাজয়ৰ বাতৰি পায় পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যুমুখত পৰিছিল?

উত্তৰঃ ঘিলাধাৰী যুদ্ধত পৰাজয়ৰ বাতৰি পায় পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যুমুখত পৰিছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। মানসকলৰ অসম আক্রমণৰ প্ৰধান কাৰণসমূহ কি আছিল?

উত্তৰঃ ১৮১৯ চনত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত অসমত ৰাজনৈতিক অস্থিৰতা আৰু অভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হয়। বদনচন্দ্ৰ বৰুৱাই পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী ৰাজনীতিৰ বিৰুদ্ধে মানসকলৰ সহায় লয়। এই সুযোগক মানসকলে অসমৰ ভিতৰত প্ৰৱেশ কৰাৰ বাবে ব্যৱহাৰ কৰে। স্বৰ্গদেউ চন্দ্রকান্ত সিংহক পুনৰ সিংহাসনত বহোৱাৰ নামত তেওঁলোকে তেওঁক নিজৰ পুতলাত পৰিণত কৰে আৰু বাস্তৱিকভাৱে অসমত এক নৃশংস শাসন আৰম্ভ কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top