SCERT Class 3 Assamese Chapter 9 স্বাস্থ্য আৰু সু-অভ্যাস

SCERT Class 3 Assamese Chapter 9 স্বাস্থ্য আৰু সু-অভ্যাস Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 9 স্বাস্থ্য আৰু সু-অভ্যাস Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.

SCERT Class 3 Assamese Chapter 9 স্বাস্থ্য আৰু সু-অভ্যাস

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.

Chapter: 9

পাঠ ১ – সজ অভ্যাসৰ সু-ফল

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা আৰু লিখোঁ আহা।

(ক) মুনীন্দ্ৰ ঘাইঘৰলৈ কোন সময়ত গৈছিল?

উত্তৰঃ মুনীন্দ্ৰ শীতৰ বন্ধত সন্ধিয়া সময়ত ঘাইঘৰলৈ গৈছিল।                                     

(খ) মুনীন্দ্ৰই কাহিলিপুৱাতে কিয় সাৰ পাইছিল?

উত্তৰঃ মুনীন্দ্ৰই চৰাই-চিৰিকটিৰ মাত শুনি কাহিলিপুৱাতে সাৰ পাইছিল।

(গ) মুকুতা আৰু ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল?

উত্তৰঃ মুকুতা আৰু ককাকে ৰাতিপুৱা প্ৰাতঃভ্ৰমণলৈ গৈছিল।    

(ঘ) ঘৰৰ হাঁহ-কুকুৰাক কোনে দানা-পানী দিছিল?

উত্তৰঃ ঘৰৰ হাঁহ-কুকুৰাক মুনীন্দ্ৰৰ খুৰীয়েকে দানা-পানী দিছিল।

(ঙ) কোনে তুলসীৰ তলত চাকি দিছিল?

উত্তৰঃ মুনীন্দ্ৰৰ খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল।

(চ) মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কি কি কাম কৰিব বুলি থিৰাং কৰিছিল?

উত্তৰঃ মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি সু-অভ্যাস গঢ়িবলৈ নিয়মিত অনুশীলন কৰিব বুলি থিৰাং কৰিছিল। যেনে-

(ক) বিয়লি খোজ কঢ়া।

(খ) বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা।

(ছ) “তাই ককাকৰ লগত ওলাই গৈছে।”- কোনে, কাক কৈছিল?

উত্তৰঃ খুৰীয়েকে মুনীন্দ্ৰক এই কথাটো কৈছিল।

২। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক O চিনটো পূৰ কৰা।

১। মুকুতাৰ সু-অভ্যাসবোৰ হ’ল-

(ক) ৰাতিপুৱা সোনকালে শুই উঠা।

(খ) নিতৌ প্রাতঃভ্রমণলৈ যোৱা।

(গ) সময়মতে আহাৰ নোখোৱা।

(ঘ) নিজকে চাফ-চিকুণকৈ ৰখা।

উত্তৰঃ (ক) ৰাতিপুৱা সোনকালে শুই উঠা।

(খ) নিতৌ প্রাতঃভ্রমণলৈ যোৱা।

(ঘ) নিজকে চাফ-চিকুণকৈ ৰখা।

২। মুনীন্দ্ৰই গঠন কৰা সুঅভ্যাসসমূহ হ’ল-

(ক) পুৱা-গধূলি খোজকঢ়া।

(খ) ৰাতিপুৱা খেলা।

(গ) বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা।

(ঘ) কচৰৎ কৰা।

উত্তৰঃ (ক) পুৱা-গধূলি খোজকঢ়া।

(গ) বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা।

(ঘ) কচৰৎ কৰা।

৩। “আজি কাহিলিপুৱাতে সি চৰাই-চিৰিকটিৰ মাত শুনি সাৰ পালে।” ইয়াত কাহিলিপুৱা শব্দটোৱেৰ কোনটো অর্থ বুজাইছে?

(ক) ধলপুৱা।

(খ) বিছনাৰ পৰা উঠা।

(গ) বেলি মাৰ যোৱা।

(ঘ) বেলি উঠা।

উত্তৰঃ (ক) ধলপুৱা।

৪। প্রাতঃভ্রমণত সাধাৰণতে তলৰ কোনটো কাম কৰা হয়?

(ক) পানী খোৱা।

(খ) খোজকঢ়া।

(গ) চকু মোহৰা।

(ক) শুই উঠা।

উত্তৰঃ (খ) খোজকঢ়া।

ভাষা অধ্যয়ন

৩। (ক) তোমালোকে পাঠত ‘ৰাস্তা’ আৰু ‘বস্তু’ এই শব্দ দুটা পাইছা। এই যুক্তাক্ষৰ থকা আন কিছুমান শব্দ পঢ়ি চাওঁ আহা-

ৰাস্তা           বস্তা           বাস্তৱ            সস্তা
বস্তু            স্তুপ           স্তুতি         প্রস্তুতি

(খ) তলৰ ‘চন্দ্ৰ’ আৰু ‘ইন্দ্ৰ’ শব্দ দুটাৰ লগত আন আন শব্দ লগ লগাই নতুন শব্দ লিখোঁ আহা-

উদাহৰণঃ চন্দ্ৰ – চন্দ্রবিন্দু,_________।

ইন্দ্র – ইন্দ্রজাল,_________।

উত্তৰঃ উদাহৰণঃ চন্দ্ৰ – চন্দ্রবিন্দু,চন্দ্ৰকান্ত।

ইন্দ্র – ইন্দ্রজাল,ইন্দ্ৰজিত।

৪। তলৰ বাক্যবোৰৰ পদবোৰ সানমিহলিকৈ দিয়া আছে। সেইবোৰ সঠিক ক্ৰমত সজাই বাক্য লিখা-

উদাহৰণ: ঘৰলৈ ৰাস্তাৰপৰা আহিলে আটায়ে। – ৰাস্তাৰপৰা আটায়ে ঘৰলৈ আহিলে।

১। দাঁত মাজে শুবলৈ যোৱাৰ আগত। 

উত্তৰঃ শুবলৈ যোৱাৰ আগত দাঁত মাজে।

২। চিপ্ চৰ লাৰু-পিঠা সলনি সি খায়।

উত্তৰঃ সি চিপ্ চৰ সলনি লাৰু-পিঠা খায়।

৩। সি প্ৰাৰ্থনা পঢ়াৰ কৰে আগত।

উত্তৰঃ সি পঢ়াৰ আগত প্ৰাৰ্থনা কৰে।

৪। পেট নাখায় পূৰাই সি কেতিয়াও।

উত্তৰঃ সি কেতিয়াও পেট পূৰাই নাখায়। 

পাঠ ২ – জ্ঞানী ল’ৰা

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

(ক) খঙৰ কোবত কি কৰিব নালাগে?

উত্তৰঃ খঙৰ কোবত আনক উভতি গালি – গালাজ পাৰিব নালাগে।

(খ) কিহৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে?

উত্তৰঃ পৰদ্ৰব্যৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে।

(গ) আমি কেনেধৰণৰ আচৰণ শিকিব লাগে?

উত্তৰঃ ভদ্ৰ আৰু ভাল আচৰণ শিকিব লাগে।

(ঘ) আমি কাৰ মনোমত কাম কৰিব লাগে?

উত্তৰঃ আমি সাধু লোকৰ মনোমত কাম কৰিব লাগে।

২। চোৱা, কোৱা আৰু কাষৰ বাকচত লিখা (সংখ্যা আৰু আখৰেৰে)।

(ক) পদ্যটোত কেইটা শাৰী আছে?

উত্তৰঃ ১৪ (চৈধ্যটা)।

(খ) পদ্যটোৰ প্ৰতিশাৰীত কেইটাকৈ আখৰ আছে?

উত্তৰঃ ৫ টা (পাঁচটা)।

(গ) পদ্যটোত ‘জ্ঞ’ যুক্তাক্ষৰটো কেইবাৰ ব্যৱহাৰ হৈছে?

উত্তৰঃ ২ বাৰ (দুইবাৰ)।

৩। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক O চিনটো পূৰ কৰা।

(i) জ্ঞানী ল’ৰাই কি কৰে বুলি কৈছে?

(ক) অসত্য কথা কয়।

(খ) আনৰ গুণ এৰি দোষ লয়।

(গ) পৰদ্ৰব্যত লোভ কৰে।

(ঘ) সজ আলোচনাত ভাগ লয়।

উত্তৰঃ (ঘ) সজ আলোচনাত ভাগ লয়।

(ii) জ্ঞানী ল’ৰাই কি নকৰে বুলি কৈছে?

(ক) নিজৰ দোষ পৰিত্যাগ কৰে।

(খ) আনক নিন্দা কৰে।

(গ) পিতৃ-মাতৃৰ আজ্ঞা পালন কৰে।

(ঘ) শিক্ষকক সন্মান কৰে।

উত্তৰঃ (খ) আনক নিন্দা কৰে।

৪। তলৰ শব্দকেইটাৰ অৰ্থ, কাষৰ শব্দথূপৰ পৰা উলিয়াই লিখা-

আনন্দ, গৰিহণা, সদায়, আদেশ

আজ্ঞাবাণী –

ৰঞ্জন –

নিন্দা –

সর্বদা –

উত্তৰঃ আজ্ঞাবাণী – আদেশ।

ৰঞ্জন – আনন্দ।

নিন্দা – গৰিহণা।

সর্বদা – সদায়।

ভাষা – অধ্যয়ন

৫। (ক) দোষ এৰি আনৰ যি গুণকহে ধৰে।

-এই বাক্যটোত থকা গুণ আৰু দোষ হৈছে পৰস্পৰ বিপৰীত অৰ্থ বুজোৱা শব্দ। এনেদৰে পদ্যটোত থকা আন আন পৰস্পৰ বিপৰীত অর্থ বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা-

উত্তৰঃ

সত্যঅসত্য
পিতৃমাতৃ
জ্ঞানীঅজ্ঞানী
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top