SCERT Class 3 Assamese Chapter 10 উৎসৱ-পাৰ্বণ

SCERT Class 3 Assamese Chapter 10 উৎসৱ-পাৰ্বণ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 10 উৎসৱ-পাৰ্বণ Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.

SCERT Class 3 Assamese Chapter 10 উৎসৱ-পাৰ্বণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.

Chapter: 10

পাঠ ১ – আমাৰ উৎসৱ

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

(ক) চুনু আৰু মুনু ককাকৰ ওচৰত কিয় বহিছিল?

উত্তৰঃ পুহ মহীয়া ৰাতি প্ৰচণ্ড ঠাণ্ডা পৰিছিল বাবে চুনু আৰু মুনু জুই জ্বলাই ককাকৰ ওচৰত জুইৰ উম ল’বলৈ বহিছিল।

(খ) ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ‘ওনাম’ পালন কৰে?

উত্তৰঃ ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যত ‘ওনাম’ পালন কৰে।

(গ) ‘লহৰি’ কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ?

উত্তৰঃ ‘লহৰি’ পঞ্জাৱ ৰাজ্যৰ প্ৰধান উৎসৱ।

(ঘ) ককাকে কিয় জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল?

উত্তৰঃ জুইকুৰাৰ পৰা অগ্নিকাণ্ডৰ সম্ভাৱনা থাকিব পাৰে বুলি ককাকে আগতে জুইকুৰা সামৰি তাৰ পাছত ভাত খাবলৈ গৈছিল।

২। অসমৰ কোন জনগোষ্ঠীয়ে কি কি উৎসৱ পালন কৰে লিখা।

জনগোষ্ঠীপালন কৰা উৎসৱ
কার্বি
ৰাভা
হাজং
তিৱা
টাই
বড়ো

উত্তৰঃ 

জনগোষ্ঠীপালন কৰা উৎসৱ
কার্বিৰংকেৰ
ৰাভাহামজাৰ
হাজংপুষ্ ণা
তিৱাজোনবিল মেলা
টাই‘মাই ক’ চুম ফাই
বড়োমাগৌ বা দমাচি

ভাষা-অধ্যয়ন

৩। (ক) তলত দিয়া অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠৰপৰা বিচাৰি উলিয়াই লিখা –

কোঁচ-মোচ খাই  –      

নজনা কথা জানিবৰ ইচ্ছা –   

মানুহ বাস কৰা ঠাই  –        

আয়োজন কৰে –    

উত্তৰঃ কোঁচ-মোচ খাই      –      কুঁচি – মুচি।

নজনা কথা জানিবৰ ইচ্ছা    –   কৌতূহল।

মানুহ বাস কৰা ঠাই        –        বসতিস্থল।

আয়োজন কৰে      –    ব্যৱস্থা কৰে।

(খ) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰপৰা বিচাৰি উলিয়াই লিখা-

অনাদৰ    – 

পানী   – 

আজৰি   – 

আনৰ   – 

উত্তৰঃ অনাদৰ  – আদৰ।

পানী  – জুই।

আজৰি  – ব্যস্ত।

আনৰ  – নিজৰ।

(গ) উপভোগ’ শব্দটোত ‘উপ’ৰ লগত ‘ভোগ’ শব্দটো লগ লাগিছে। এতিয়া ‘উপ’ ৰূপৰ পিছত বেলেগ বেলেগ শব্দ লগ লগাই খালী ঠাইত লিখা আৰু সেই শব্দটো ব্যৱহাৰ কৰি একোটা বাক্য কোৱা-

উত্তৰঃ উপনদী, উপভোগ, উপকাৰ, উপযোগী, উপলক্ষ্য।

(ঘ) তোমালোকে পাঠটোত কেইটামান যুৰীয়া শব্দ পাইছা। যেনে – সাজ-পাৰ, গীত-মাত। সেইদৰে তলৰ বাকচ দুটাত  দিয়া যুৰীয়া শব্দবোৰ পূৰোৱা-

খেতিবাতিবোল
কাগজমালহ
কামশুনি
চোৱাবহল

 উত্তৰঃ

খেতিবাতিমাতবোল
কাগজকলমউলহমালহ
কামকাজদেখিশুনি
চোৱাচিতাআহলবহল

৪। শব্দৰ খেল খেলোঁ আহা-

পাঠত বিচাৰি এনে এটা চাৰি আখৰীয়া শব্দ লিখা, যাৰ

১ ম আৰু ২য় আখৰ মিলিচেঁচা বুজায়।
১ ম আৰু ৪ র্থ আখৰ মিলিস্বভাৱ বুজায়।
২য় আৰু ৪ র্থ আখৰ মিলিওপৰৰ বিপৰীত অৰ্থ বুজায়।
৩ য় আৰু ১ ম আখৰ মিলি ভাৰতৰ এখন ঠাইৰ নাম।
১ ম, ২ য় আৰু ৪র্থ আখৰ মিলিঠাণ্ডা বুজায়।

উত্তৰঃ শীতকাল।

পাঠ ২ – শৰতৰ মেলা

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰা আৰু লিখা-

(ক) শেৱালি ফুল কোন ঋতুত ফুলে?

উত্তৰঃ শেৱালি ফুল শৰৎ ঋতুত ফুলে।

(খ) পদ্যটিত থকা উৎসৱকেইটাৰ নাম কোৱা আৰু লিখা।

উত্তৰঃ পদ্যটিত থকা উৎসৱকেইটাৰ নাম হ’ল – দূর্গা পূজা, লক্ষ্মী পূজা, দীপাৱলী আৰু ৰাস।

(গ) ধানৰ খেতিত কোনে চৰণ-ধূলি দিয়ে বুলি কবিয়ে কৈছে?

উত্তৰঃ ধানৰ খেতিত আই লখিমীয়ে চৰণ-ধূলি দিয়ে বুলি কবিয়ে কৈছে।

(ঘ) তৰাই কিদৰে নাচে বুলি কবিয়ে ভাবে?

উত্তৰঃ তৰাই ৰূপোৱালী ঢউ তুলি নাচে বুলি কবিয়ে ভাবে।

(ঙ) গোসাঁয়ে ক’ত ৰাস পাতিলে?

উত্তৰঃ গোসাঁয়ে বিৰিন্দা বনতে ৰাস পাতিলে।

ভাষা অধ্যয়ন

৩। (ক) পাঠটোত উল্লেখ থকাতলব শব্দবোৰক অৰ্থৰ সৈতে মিলোৱা। লগতে অভিধান কাষৰ খালী ঠাইত একে অর্থ বুজোৱা এটাকৈ শব্দ লিখা।

পাঠত উল্লিখিত শব্দঅর্থ
সিংহবাহিনীকৃষ্ণ,
চৰণগা ধোৱা,
গোসাঁইদুর্গা,
অন্ধকাৰভৰি,
স্নানআন্ধাৰ,

উত্তৰঃ 

পাঠত উল্লিখিত শব্দঅর্থ
সিংহবাহিনীকৃষ্ণ,হৰি।
চৰণগা ধোৱা,গোসল।
গোসাঁইদুর্গা,চণ্ডিকা।
অন্ধকাৰভৰি,পদ।
স্নানআন্ধাৰ,তমসা।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top