SCERT Class 3 Assamese Chapter 7 পৰিয়াল Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 7 পৰিয়াল Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.
SCERT Class 3 Assamese Chapter 7 পৰিয়াল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.
পৰিয়াল
Chapter: 7
| পাঠ ১ – মৰমৰ আই |
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
(ক) “কোনে মোক ৰাখিছিল বুকুত শুৱাই”- ইয়াত ‘কোনে’ শব্দটোৱে কাক বুজাইছে?
উত্তৰঃ ইয়াত ‘কোনে’ শব্দটোৱে কবিৰ মাক (আই) ক বুজাইছে।
(খ) কবিৰ মাকে কেনেকুৱা মাতেৰে মাতিছিল?
উত্তৰঃ কবিৰ মাকে মউসনা মিঠা মাতেৰে মাতিছিল।
(গ) কবিৰ মাকে কেতিয়া আৰু কি চাই চকুপানী বোঁৱাইছিল?
উত্তৰঃ কবিৰ মাকে কবিক বুকুত শুৱাই টোপনিত থকা লালকাল মুখখনি চাই চকুপানী বোঁৱাইছিল।
(ঘ) কবিয়ে কাৰ প্ৰতি কি বাঢ়ক বুলি প্রার্থনা কৰিছিল?
উত্তৰঃ কবিয়ে মাকৰ প্ৰতি নিজৰ চেনেহ আৰু ভকতি (ভক্তি) সদায় বাঢ়ক বুলি প্ৰাৰ্থনা কৰিছিল।
(ঙ) পদ্যটোত থকা শৰীৰৰ অংগবোৰৰ নাম লিখা।
উত্তৰঃ গাল, মুখ, বুকু, চকু আৰু চৰণ।
২। তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক O চিনটো ৰঙেৰে পূৰ কৰা।
(i) আয়ে মোক নিচুকাইছিল-
(ক) চুমা খাই।
(খ) নাম গুণ গাই।
(গ) মুখখনি চাই।
(ঘ) বুকুত শুৱাই।
উত্তৰঃ (খ) নাম গুণ গাই।
ভাষা-অধ্যয়ন
৩। (ক) পদ্যটোত ‘মৌ’ শব্দটোক ‘মউ’ ৰূপে লিখিছে। তলৰ শব্দকেইটাক কেনেদৰে লিখিছে বিচাৰি লিখোঁ আহা-
| শব্দৰ মূল ৰূপ | পদ্যত থকা ৰূপ |
| মৌ | মউ |
| ভক্তি | |
| হৈছিলোঁ | |
| গৈ | |
| কেনেকৈ |
জানো আহাঃ গদ্যত ব্যৱহাৰ কৰা শব্দৰ মূল ৰূপবোৰ পদ্যত কেতিয়াবা সৰল কৰি লিখা দেখা যায়।
উত্তৰঃ
| শব্দৰ মূল ৰূপ | পদ্যত থকা ৰূপ |
| মৌ | মউ |
| ভক্তি | ভকতি |
| হৈছিলোঁ | হইছিলোঁ |
| গৈ | গই |
| কেনেকৈ | কেনেকই |
(খ) পদ্যটোৰ ছন্দ মিল থকা শব্দবোৰ বিচাৰি লিখোঁ আহা-
| ডাঙৰ | ভাগৰ | _________ | বোঁৱাই | _________ | _________ |
| খাই | _________ | _________ | ধৰি | _________ | _________ |
উত্তৰঃ
| ডাঙৰ | ভাগৰ | সাগৰ | বোঁৱাই | খোৱাই | শুৱাই |
| খাই | ভাই | আই | ধৰি | কৰি | লৰি |
(গ) শব্দৰ লগত অৰ্থ মিলাওঁ আহা।
| শব্দ | অর্থ |
| যেবে | তোমাৰ |
| তযু | চেনেহ |
| স্নেহ | ৰোগ/বেমাৰ |
| নৰিয়া | যেতিয়া |
উত্তৰঃ
| শব্দ | অর্থ |
| যেবে | যেতিয়া |
| তযু | তোমাৰ |
| স্নেহ | চেনেহ |
| নৰিয়া | ৰোগ/বেমাৰ |
(ঘ) ব্যৱহাৰ শিকোঁ আহা-
(i) পূজনীয়া আই, পূজনীয়া আইতা, ________ বাইদেউ।
উত্তৰঃ পূজনীয়া আই, পূজনীয়া আইতা, পূজনীয়া বাইদেউ।
(ii) পূজনীয় দেউতা, পূজনীয় ককা, _________ দাদা।
উত্তৰঃ পূজনীয় দেউতা, পূজনীয় ককা, পূজনীয় দাদা।
| পাঠ ২ – বনভোজলৈ এদিন |
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
(ক) কিহৰ বাবে অম্লানহঁত সপৰিয়ালে ওলাই গৈছিল?
উত্তৰঃ বনভোজলৈ যাবলৈ অম্লানহঁত সপৰিয়ালে ওলাই গৈছিল।
(খ) “আহি গ’ল, আহি গ’ল!…”-এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ “আহি গ’ল, আহি গ’ল!…”-এই কথাষাৰ অম্লানে কৈছিল।
(গ) গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে কিয় বিমোৰত পৰিছিল?
উত্তৰঃ গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে চাবিপাট বিচাৰি নাপাই বিমোৰত পৰিছিল।
(ঘ) অম্লানৰ মাকে জোঁৱায়েকক কি কৈছিল?
উত্তৰঃ অম্লানৰ মাকে জোৱায়েকক কৈছিল-জোৱাই চাবিপাট দেখোন তোমাৰ পেটীটেই ওলমি আছে।
(ঙ) গাড়ীৰপৰা বয়-বস্তুবোৰ নমোৱাৰ পাছত শান্তাই কিয় কান্দিছিল?
উত্তৰঃ গাড়ীৰপৰা বয়-বস্তুবোৰ নমোৱাৰ পাছত নিজৰ পুতলাটো নেদেখি পোৱাৰ বাবে শান্তাই কান্দিছিল।
(চ) বনভোজথলীত দেখা বেনাৰখনত কি লিখা আছিল?
উত্তৰঃ বনভোজথলিত দেখা বেনাৰখনত লিখা আছিল-
(ক) বেছি হাই উৰুমি নকৰিব, চৰাই চিৰিকটিয়ে ভয় খাব।
(খ) নিজৰাটো খৰস্রোেতা। শিলবোৰ পিচল।
ভাষা-অধ্যয়ন
২। (ক) পাঠত পোৱা উদ্ভিদ আৰু জন্তু শব্দ দুটাত থকা যুক্তাক্ষৰ দুটাৰে বেলেগ বেলেগ শব্দ লিখোঁ আৰু পঢ়োঁ আহা।
উদ্ভিদ – উদ্ভৱ – ________, ________।
জন্তু – কিন্তু – ________, ________।
উত্তৰঃ উদ্ভিদ – উদ্ভৱ – উদ্ভাসিত – উদ্ভাৱন।
জন্তু – কিন্তু – সন্তুষ্ট – শান্ত।
(খ) তলত দাগ দিয়া পদবোৰ ভাঙি দেখুওৱা।
| বনভোজলৈ এদিন: | এদিন | এক + দিন |
| এখন হাবিৰ কথা: | ||
| চাবিপাট দেখোন: | ||
| বস্তুবোৰ মিলালে: | ||
| দুটা পৰিয়াল: | ||
| ছজন মানুহ: |
উত্তৰঃ
| বনভোজলৈ এদিন: | এদিন | এক + দিন |
| এখন হাবিৰ কথা: | এখন | এক + খন |
| চাবিপাট দেখোন: | চাবিপাট | চাবি + পাট |
| বস্তুবোৰ মিলালে: | বস্তুবোৰ | বস্তু + বোৰ |
| দুটা পৰিয়াল: | দুটা | দুই + টা |
| ছজন মানুহ: | ছজন | ছয় + জন |
(গ) পাঠত থকা সম্বন্ধবাচক পুংলিংগ আৰু স্ত্রীলিংগ বুজোৱা পদবোৰ তালিকাভুক্ত কৰা।
| পুংলিংগ | স্ত্রীলিংগ |
| দেউতা | মা |
| পুংলিংগ | স্ত্রীলিংগ |
উত্তৰঃ
| পুংলিংগ | স্ত্রীলিংগ |
| দেউতা | মা |
| পেহা | পেহী |
| খুৰা | খুৰী |
| পুংলিংগ | স্ত্রীলিংগ |
| ককাক | আইতাক |
| সি | তাই |
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

