SCERT Class 3 Assamese Chapter 6 জীৱনী Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 6 জীৱনী Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.
SCERT Class 3 Assamese Chapter 6 জীৱনী
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.
জীৱনী
Chapter: 6
| পাঠ ১ – ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা |
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
(ক) কোনবোৰ গীতক জ্যোতিসংগীত বোলে?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতবোৰক জ্যোতিসংগীত বোলে।
(খ) জ্যোতিপ্রসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ নামেৰে কিয় জনা যায়?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দিছিল বাবে তেওঁক ‘ৰূপকোঁৱৰ’ নামেৰে জনা যায়।
(গ) শিল্পী দিৱস কোনদিনা আৰু কিয় পালন কৰা হয়?
উত্তৰঃ ১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়, কাৰণ এই দিনটোতেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল।
(ঘ) তামোলবাৰী চাহ-বাগিচাখন ক’ত আছে?
উত্তৰঃ তামোলবাৰী চাহ-বাগিচাখন ডিব্ৰুগড়ত আছে।
(ঙ) জ্যোতিপ্রসাদ আগৰৱালা লণ্ডনলৈ কিয় গৈছিল?
উত্তৰঃ উচ্চশিক্ষা গ্রহণ কৰিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালা লণ্ডনলৈ গৈছিল।
(চ) তেওঁ জার্মানীলৈ কিয় গৈছিল?
উত্তৰঃ বোলছবিৰ শিক্ষা ল’বলৈ তেওঁ জাৰ্মানীলৈ গৈছিল।
২। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক O চিনটো পূৰ কৰা।
(i) জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম আছিল-
(ক) পৰমানন্দ আগৰৱালা।
(খ) আনন্দচন্দ্ৰ আগৰৱালা।
(গ) নিৰানন্দ আগৰৱালা।
(ঘ) সদানন্দ আগৰৱালা।
উত্তৰঃ (ক) পৰমানন্দ আগৰৱালা।
(ii) প্রথমখন অসমীয়া বোলছবিৰ নাম আছিল-
(ক) যুঁজ।
(খ) ৰজা হৰিশ্চন্দ্ৰ।
(গ) সপোন।
(ঘ) জয়মতী।
উত্তৰঃ (ঘ) জয়মতী।
ভাষা-অধ্যয়ন
৩। তোমালোকে পাঠটোত ‘অসমীয়া’, ‘স্কুলীয়া’ৰ দৰে কিছুমান শব্দ পাইছা। আমি তেনেধৰণৰ কিছু শব্দ গঠন কৰোঁ আহা-
| অসমীয়া | অসম + ঈয়া | অসমীয়া |
| স্কুলীয়া | স্কুল + ঈয়া | স্কুলীয়া |
| নিয়মীয়া | ||
| আগতীয়া | ||
| দীঘলীয়া | ||
| শেহতীয়া | ||
| সেউজীয়া | ||
| ঘূৰণীয়া |
উত্তৰঃ
| অসমীয়া | অসম + ঈয়া | অসমীয়া |
| স্কুলীয়া | স্কুল + ঈয়া | স্কুলীয়া |
| নিয়মীয়া | নিয়ম + ঈয়া | নিয়মীয়া |
| আগতীয়া | আগ + অতীয়া | আগতীয়া |
| দীঘলীয়া | দীঘল + ঈয়া | দীঘলীয়া |
| শেহতীয়া | শেহ + অতীয়া | শেহতীয়া |
| সেউজীয়া | সেউজ + ঈয়া | সেউজীয়া |
| ঘূৰণীয়া | ঘূৰণ + ঈয়া | ঘূৰণীয়া |
৪। ‘শিল্পী’ আৰু ‘কৃষ্ণা’ শব্দ দুটাত থকা যুক্তাক্ষৰকেইটাৰ লগত পৰিচয় হওঁ আহা-
শিল্পী – ল্প
কৃষ্ণা – ষ্ণ
জানো আহা-
ল্প = ল্ + প
ষ্ণ = ষ্ + ণ
এই যুক্তাক্ষৰবোৰ থকা বেলেগ বেলেগ শব্দ পড়োঁ আৰু লিখোঁ আহা-
| শিল্পী | গল্প | অল্প | কল্পনা | বিকল্প |
| বিষ্ণু | সহিষ্ণু | কৃষ্ণ | তৃষ্ণা | বৈষ্ণৱ |
উত্তৰঃ
| শিল্পী | গল্প | অল্প | কল্পনা | বিকল্প |
| শিল্পী | গল্প | অল্প | কল্পনা | বিকল্প |
| বিষ্ণু | সহিষ্ণু | কৃষ্ণ | তৃষ্ণা | বৈষ্ণৱ |
| বিষ্ণু | সহিষ্ণু | কৃষ্ণ | তৃষ্ণা | বৈষ্ণৱ |
৫। পাঠটোৰ আৰম্ভণিতে থকা গীতটো জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা। গীত ৰচনা কৰা লোকক গীতিকাৰ বোলে। এতিয়া কাষৰ বাকচটোত থকা শব্দকেইটা বাছি উলিয়াই কাক কি বোলে খালী ঠাইত লিখা।
| গায়ক নাট্যকাৰ সুৰকাৰ কবি চিত্ৰকৰ গীতিকাৰ |
| (ক) ছবি/চিত্র অংকন কৰা লোক | চিত্ৰকৰ |
| (খ) গীতত সুৰ দিয়া লোক | |
| (গ) কবিতা ৰচনা কৰা লোক | |
| (ঘ) নাটক ৰচনা কৰা লোক | |
| (ঙ) গীত গোৱা লোক |
উত্তৰঃ
| (ক) ছবি/চিত্র অংকন কৰা লোক | চিত্ৰকৰ |
| (খ) গীতত সুৰ দিয়া লোক | সুৰকাৰ |
| (গ) কবিতা ৰচনা কৰা লোক | কবি |
| (ঘ) নাটক ৰচনা কৰা লোক | নাট্যকাৰ |
| (ঙ) গীত গোৱা লোক | গায়ক |
| পাঠ ২ – ৰাজমাতা অহল্যা |
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। উত্তৰ দিয়া –
(ক) অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিল?
উত্তৰঃ অহল্যাবাইৰ জন্ম মাৰাঠা পৰিয়ালত হৈছিল।
(খ) অহল্যাবায়ে মাৰাঠাসকলক কোনখন যুদ্ধত নেতৃত্ব দিছিল?
উত্তৰঃ অহল্যাবায়ে মাৰাঠাসকলক পাণিপথৰ তৃতীয় যুদ্ধত নেতৃত্ব দিছিল।
(গ) তেওঁ কিমান বছৰ শাসন কৰিছিল?
উত্তৰঃ তেওঁ প্ৰায় ত্ৰিশ বছৰ শাসন কৰিছিল।
(ঘ) অহল্যাবাইক কোনে ৰাজমাতা বুলি অভিহিত কৰিছিল?
উত্তৰঃ মাৰাঠাসকলে অহল্যাবাইক ৰাজমাতা বুলি অভিহিত কৰিছিল।
(ঙ) স্বামীৰ মৃত্যুৰ পাছত তেওঁ কিয় ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল?
উত্তৰঃ স্বামীৰ মৃত্যুৰ পাছত প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে তেওঁ ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল।
২। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক O চিনটো পূৰ কৰা।
(i) অহল্যাবায়ে সকলো কাম কিয় কৰিছিল?
(ক) প্ৰজাৰ সুখৰ বাবে।
(গ) ৰাইজৰপৰা প্ৰশংসা পাবৰ বাবে।
(খ) নিজৰ স্বাৰ্থৰ বাবে।
(ঘ) মহাৰাণী হ’বৰ বাবে।
উত্তৰঃ (ক) প্ৰজাৰ সুখৰ বাবে।
(ii) অহল্যাবায়ে শাসনভাৰ গ্ৰহণ কৰা ৰাজ্যখন আছিল-
(ক) মাৰাঠা।
(খ) বিদর্ভ।
(গ) ইন্দোৰ।
(ঘ) বিজাপুৰ।
উত্তৰঃ (গ) ইন্দোৰ।
৩। তলৰ বাক্য দুটালৈ মন কৰা-
তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।
তেওঁলোকৰ এটি কন্যা সন্তানৰ জন্ম হয়।
পাঠত এই বাক্য দুটা ‘আৰু’ সংযোগ কৰি এটা বাক্য কৰিছে-
তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয়।
তুমিও এনেদৰে তলৰ বাক্য কেইযোৰ লগলগাই একোটাকৈ বাক্য লিখা-
(ক) অমিতে কলম আনিছে। অমিতে বহী আনিছে।
উত্তৰঃ অমিতে কলম আৰু বহী আনিছে।
(খ) অর্পিতাই গান গায়। যদুৱে গান গায়।
উত্তৰঃ অর্পিতাই আৰু যদুৱে গান গায়।
(গ) মই পঢ়োঁ। মই লিখোঁ।
উত্তৰঃ মই পঢ়োঁ আৰু লিখোঁ।
৪। পাঠত ল’ৰা (পুৰুষ) আৰু ছোৱালী (মহিলা) বুজাবলৈ ‘পুত্র’ আৰু ‘কন্যা’ শব্দ দুটা শব্দকেইটাৰ মহিলা বুজোৱা শব্দবোৰ পাঠৰপৰা ব্যৱহাৰ কৰিছে। এতিয়া তলৰ শব্দ বিচাৰি উলিয়াই লিখা-
| পুৰুষ | মহিলা |
| ল’ৰাজন | |
| মহাৰাজ | |
| স্বামী |
উত্তৰঃ
| পুৰুষ | মহিলা |
| ল’ৰাজন | ছোৱালীজনী |
| মহাৰাজ | মহাৰাণী |
| স্বামী | স্ত্ৰী |
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

