SCERT Class 3 Assamese Chapter 5 বৃত্তি

SCERT Class 3 Assamese Chapter 5 বৃত্তি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 5 বৃত্তি Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.

SCERT Class 3 Assamese Chapter 5 বৃত্তি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.

Chapter: 5

পাঠ ১ – কোনে

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

(ক) ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে?

উত্তৰঃ কবিয়ে কৈছে যে ঘৰবোৰ মিস্ত্ৰিয়ে সাজে।

(খ) মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে আন কি কি সাজে?

উত্তৰঃ মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে মেজ,চকী ইত্যাদি সাজে।

(গ) কবিৰ দেউতাকে চোলাবোৰ ক’ৰপৰা আনি দিয়ে?

উত্তৰঃ কবিৰ দেউতাকে চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে।

(ঘ) আকাশ গঢ়োঁতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন?

উত্তৰঃ কবিয়ে সুধিলেহেঁতেন যে ইমান ফুলক কোনে চোলা কিনি দিয়ে।

(ঙ) কবিয়ে আকাশ গঢ়োঁতা খনিকৰ বুলি কাক বুজাইছে?

উত্তৰঃ কবিয়ে ভগৱানক আকাশ গঢ়োঁতা খনিকৰ বুলি বুজাইছে।

২। কবিৰ মনত উদয় হোৱা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কাষত থকা ‘O’ চিনটো পূৰোৱা।

(ক) ধুনীয়া আকাশখন কোনে সাজে?      O

(খ) চোলাবোৰ বজাৰৰপৰা কোনে আনি দিয়ে?    O

(গ) ধুনীয়া আকাশখনত কোনে তৰা আঁকি দিয়ে?    O

(ঘ) ফুলবোৰে ৰঙা-নীলা চোলাবোৰ ক’ত পায়?     O

(ঙ) আকাশ গঢ়োঁতা খনিকৰজন কোন?         O

(চ) ফুলবোৰক চোলা কোনে কিনি দিয়ে?       O

উত্তৰঃ (ক) ধুনীয়া আকাশখন কোনে সাজে?      O

(গ) ধুনীয়া আকাশখনত কোনে তৰা আঁকি দিয়ে?    O

(ঘ) ফুলবোৰে ৰঙা-নীলা চোলাবোৰ ক’ত পায়?     O

(ঙ) আকাশ গঢ়োঁতা খনিকৰজন কোন?         O

(চ) ফুলবোৰক চোলা কোনে কিনি দিয়ে?       O

৩। কবিতাটোত থকা এটা বা এটাতকৈ অধিক বুজোৱা শব্দবোৰ লিখোঁ আহা-

একবচন (এটা বুজোৱা)বহুবচন (এটাতকৈ অধিক বুজোৱা)
চোলাচোলাবোৰ
মেজ
চকী
ঘৰবোৰ
তৰা
ফুলবোৰ
মোৰ

উত্তৰঃ

একবচন (এটা বুজোৱা)বহুবচন (এটাতকৈ অধিক বুজোৱা)
চোলাচোলাবোৰ
মেজমেজবোৰ
চকীচকীবোৰ
ঘৰবোৰ
তৰাতৰাবোৰ
ফুলবোৰ
মোৰআমাৰ

৫। তলৰ বাক্যকেইশাৰীলৈ মন কৰোঁ আহা।

মিস্ত্ৰিয়ে ঘৰ সাজে।

খনিকৰে আকাশ গঢ়ে।

এনেদৰে কি কি সাজে আৰু কি কি গঢ়ে লিখোঁ আহা-

(ক) ল’ৰাবোৰে মেজি ……………….।

উত্তৰঃ সাজে।

(খ) সোণাৰীয়ে অলংকাৰ ……………..।

উত্তৰঃ গঢ়ে।

(গ) কঁহাৰে বাচন-বৰ্তন ………………..।

উত্তৰঃ গঢ়ে।

(ঘ) ৰাইজে বাঁহৰ দলং…………………।

উত্তৰঃ সাজে।

(ঙ) শিশুৱে বালিঘৰ।

উত্তৰঃ সাজে।

(চ) কুমাৰে মাটিৰ বাচন-বর্তন ……………….।

উত্তৰঃ গঢ়ে।

(ছ) মহাপুৰুষৰ আদৰ্শৰে চৰিত্ৰ ……………..।

উত্তৰঃ গঢ়ে।

(জ) উৎসৱৰ তোৰণ…………………।

উত্তৰঃ সাজে।

(ঝ) টোকোৰা চৰায়ে বাহ……………..।

উত্তৰঃ সাজে।

(ঞ) মাঘ বিহুত ভেলাঘৰ……………….।

উত্তৰঃ সাজে।

৬। “আকাশ গঢ়োঁতা খনিকৰজনক” পদ্যশাৰীত গঢ়োঁতা শব্দটো কেনেদৰে গঠিত হৈছে, চাওঁ আৰু তালিকাখন পূৰাওঁ আহা-

গঢ়োঁতা – গঢ় + ওঁতা।

লিখোঁতা
পঢ়োঁতা
কৰ্ + ওঁতা
খা + ওঁতা
চাওঁতা

তুমি কোৱা বা শুনা এনেধৰণৰ শব্দ নিজৰ টোকাবহীত লিখা।

উত্তৰঃ 

লিখোঁতালিখ্ + ওতাঁ
পঢ়োঁতাপঢ়্ + ওতাঁ
কৰোঁতাকৰ্ + ওঁতা
খাওঁতাখা + ওঁতা
চাওঁতাচা + ওঁতা
পাঠ ২ – জাপাৰকুছিৰ জাপি

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

(ক) জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত?

উত্তৰঃ জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত।

(খ) জাপাৰকুছি কিয় বিখ্যাত?

উত্তৰঃ জাপাৰকুছি জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত।

(গ) জাপাৰকুছিৰ লোকসকল কি কি কামত পার্গত?

উত্তৰঃ জাপাৰকুছিৰ লোকসকল বাঁহ-বেতৰে বিভিন্ন সা-সঁজুলি, মাছ ধৰাৰ সঁজুলি আৰু বাদ্যযন্ত্র তৈয়াৰ কৰাত পাৰ্গত।

(ঘ) জাপি কিহেৰে সাজে?

উত্তৰঃ জাপি বাঁহ-বেত আৰু টকৌ গছৰ পাতেৰে সাজে।

(ঙ) অর্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে?

উত্তৰঃ অর্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ বজাৰত বিক্ৰী কৰে।

(চ) অর্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কি কৰিলে?

উত্তৰঃ অর্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে আধুনিক যন্ত্র-পাতি কিনিলে আৰু কিছুমান পাৰ্গত বাঢ়ৈ  নিয়োগ কৰিলে।

২। তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক O চিনটো পূৰ কৰা।

(i) নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে-

(ক) মাখিবাহা।

(খ) গন্ধিয়া।

(গ) জাপাৰকুছি।

(ঘ) জাগ্রা।

উত্তৰঃ (গ) জাপাৰকুছি।

৩। তলৰ উদাহৰণটো চাই ‘মন্ত্র’ শব্দটোৰ আগত বা পিছত স্বৰচিহ্ন, আখৰ, শব্দ আদি লগ লগাই নতুন শব্দ গঠন কৰি কোৱা আৰু লিখা-

তন্ত্ৰ –

মন্ত্ৰ –

উত্তৰঃ তন্ত্ৰ – তন্ত্ৰী,তান্ত্ৰিক,স্বতন্ত্ৰ,গণতন্ত্ৰ।

মন্ত্ৰ – মন্ত্ৰী,মন্ত্ৰণা,তন্ত্ৰ,যন্ত্ৰ।

জ্ঞান-সম্প্ৰসাৰণ

৪। দফাটো পঢ়ি তলৰ প্ৰশ্নৰ উত্তৰ দিয়া।

(i) শুদ্ধ বাক্যটোৰ কাষত থকা O চিন পূৰ কৰোঁ আহা-

(ক) সকলো মানুহৰে বৃত্তি একে।             O

(খ) মানুহে সুবিধা অনুসৰি বৃত্তি গ্ৰহণ কৰে।           O

(গ) পৰিয়ালক পোহ-পাল দিয়াও এটি বৃত্তি।          O

(ঘ) মানুহে প্রযুক্তিক বৃত্তি হিচাপে লোৱা নাই।        O

(ঙ) বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে।              O

উত্তৰঃ (খ) মানুহে সুবিধা অনুসৰি বৃত্তি গ্ৰহণ কৰে।           

(ঙ) বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে।              

৫। বাঁহেৰে সজা কেইবিধমান সঁজুলিৰ নামৰ তালিকা প্ৰস্তুত কৰা।

খেতি-বাতিৰ সঁজুলিমাছ ধৰা সঁজুলিবাদ্যযন্ত্র

উত্তৰঃ 

খেতি-বাতিৰ সঁজুলিমাছ ধৰা সঁজুলিবাদ্যযন্ত্র
মৈচেপাগগনা
নাঙলজাকৈটকা
কোৰখালৈ

৬। ভাবোঁ আৰু লিখোঁ আহা-

তলৰ সামগ্ৰীবোৰ কিহেৰে সজা হয় লিখা-

উত্তৰঃ বাঁহ, মাটি, বাঁহ, কাঠ, বাঁহ, কাঁহ।

৭। ছবিখন চাই তলৰ দফাটো সম্পূৰ্ণ কৰোঁ আহা-

শৰৎ এজন খেতিয়ক। তেওঁ __________________

_____________________________________

_____________________________________।

উত্তৰঃ শৰৎ এজন খেতিয়ক। তেওঁ পুৱাই উঠি নিজৰ পথাৰলৈ যায়। তেওঁ পথাৰত ধান, শাক-পাচলি আদি খেতি কৰে। ৰ’দ-বতাহত তেওঁ কঠোৰ পৰিশ্ৰম কৰি খেতিৰ যত্ন লয়। খেতিৰ পৰা পোৱা ফচলৰে তেওঁ নিজৰ পৰিয়াল পোহপাল দিয়ে। তেওঁ সৎ আৰু পৰিশ্ৰমী মানুহ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top