SCERT Class 3 Assamese Chapter 4 যোগাযোগ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 4 যোগাযোগ Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.
SCERT Class 3 Assamese Chapter 4 যোগাযোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.
যোগাযোগ
Chapter: 4
| পাঠ ১ – মোবাইলৰ বিলৈ |
ক্ৰিয়া-কলাপ
পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা।
(ক) আমি কি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ?
উত্তৰঃ টেলিভিছন, ৰেডিঅ, কম্পিউটাৰ আৰু মোবাইল।
(খ) আমি কি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ?
উত্তৰঃ আমি মোবাইল ফোন ফোন কৰা আৰু মেছেজ পঠিওৱাৰ বাবে ব্যৱহাৰ কৰোঁ, পঢ়া-শুনাৰ কামত তথ্য বিচাৰো আৰু শিক্ষামূলক ভিডিঅ’ চাওঁ,লগতে গান শুনা, ফটো তোলা আৰু মনোৰঞ্জনৰ বাবেও মোবাইল ব্যৱহাৰ কৰোঁ।
(গ) “হয় দিয়া। আজি-কালি তোমালোকৰ কামবোৰো ময়েই কৰোঁ।”-এইষাৰ কথা কোনে কৈছিল?
উত্তৰঃ “হয় দিয়া। আজি-কালি তোমালোকৰ কামবোৰো ময়েই কৰোঁ।”-এইষাৰ কথা মোবাইলে কৈছিল।
(ঘ) ১০ নম্বৰ সংলাপটো কোনে কাক কৈছিল?
উত্তৰঃ ১০ নম্বৰ সংলাপটো টেলিভিছনে মোবাইলক কৈছিল।
(ঙ) “উঃ! আজিহে অলপ জিৰণি পালোঁ…” – মোবাইলে কিয় জিৰণি পালে?
উত্তৰঃ ঘৰৰ গৰাকীয়ে ঘৰতে মোবাইলটো এৰি যোৱাৰ বাবে মোবাইলে জিৰণি পালে বুলি কথাষাৰ কৈছে।
২। চৰিত্ৰৰ লগত সংলাপ মিলাওঁ আহা –

উত্তৰঃ

৩। শব্দৰ লগত অর্থ আঁচ টানি মিলাওঁ আহা-
| শব্দ | অৰ্থ |
| ৰেডিঅ’ | অৱহেলিত |
| তৎ নোপোৱা | বহুত |
| এলাগী | জিৰণি নোপোৱা |
| ঢ়েৰ | এবিধ অনাতাঁৰ যন্ত্ৰ |
উত্তৰঃ
| শব্দ | অৰ্থ |
| ৰেডিঅ’ | এবিধ অনাতাঁৰ যন্ত্ৰ |
| তৎ নোপোৱা | জিৰণি নোপোৱা |
| এলাগী | অৱহেলিত |
| ঢ়েৰ | বহুত |
৪। পাঠটো পঢ়ি তলৰ তালিকাখন সম্পূৰ্ণ কৰা।(প্রথম দুটাশাৰী উদাহৰণস্বৰূপে কৰি দিয়া হৈছে।)
| ব্যৱহাৰ/কাম | ৰেডিঅ’ (পাৰে/নোৱাৰে) | টেলিভিচন (পাৰে/নোৱাৰে) | মোবাইল ফোন (পাৰে/নোৱাৰে) |
| ইণ্টাৰনেটৰ সংযোগ কৰিব | নোৱাৰে | পাৰে | পাৰে |
| লগত লৈ ফুৰিব | পাৰে | নোৱাৰে | পাৰে |
| বাতৰি শুনিব | |||
| চলচ্চিত্র চাব | |||
| বার্তা পঠিয়াব |
উত্তৰঃ
| ব্যৱহাৰ/কাম | ৰেডিঅ’ (পাৰে/নোৱাৰে) | টেলিভিচন (পাৰে/নোৱাৰে) | মোবাইল ফোন (পাৰে/নোৱাৰে) |
| ইণ্টাৰনেটৰ সংযোগ কৰিব | নোৱাৰে | পাৰে | পাৰে |
| লগত লৈ ফুৰিব | পাৰে | নোৱাৰে | পাৰে |
| বাতৰি শুনিব | পাৰে | পাৰে | পাৰে |
| চলচ্চিত্র চাব | নোৱাৰে | পাৰে | পাৰে |
| বার্তা পঠিয়াব | নোৱাৰে | নোৱাৰে | পাৰে |
৫। তলত দিয়া আহিলা কেইপদৰ যিকোনো এটাৰ বিষয়ে পাঁচটা বাক্য লিখা-
ৰেডিঅ’,টেলিভিছন,মোবাইল ফোন।
উত্তৰঃ ৰেডিঅ’:
(ক) ৰেডিঅ’ এটা শব্দৰ জৰিয়তে বাতৰি আৰু মনোৰঞ্জন দিয়াৰ আহিলা।
(খ) ইয়াৰ পৰা আমি বাতৰি, গান আৰু বিভিন্ন অনুষ্ঠান শুনিব পাৰোঁ।
(গ) ৰেডিঅ’ বিদ্যুৎ নাথাকিলেও কেতিয়াবা ব্যৱহাৰ কৰিব পাৰি।
(ঘ) ই কৃষক আৰু ছাত্ৰ-ছাত্ৰীক বহু তথ্য দিয়ে।
(ঙ) ৰেডিঅ’ এটা সহজ আৰু উপযোগী যোগাযোগৰ আহিলা।
টেলিভিছন:
(ক) টেলিভিছন এটা মনোৰঞ্জন আৰু তথ্য দিয়াৰ আহিলা।
(খ) ইয়াৰ জৰিয়তে আমি বাতৰি, শিক্ষা আৰু কাৰ্টুন চাব পাৰোঁ।
(গ) টেলিভিছনে ঘৰতেই বহি বহু কথা জানিবলৈ সহায় কৰে।
(ঘ) ই পৰিয়ালৰ সকলোকে একেলগে সময় কটাবলৈ সহায় কৰে।
(ঙ) টেলিভিছন আমাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ আহিলা।
মোবাইল ফোন:
(ক) মোবাইল ফোন এটা আধুনিক যোগাযোগৰ আহিলা।
(খ) ইয়াৰ সহায়ত আমি ফোন কৰি আৰু মেছেজ পঠিয়াব পাৰোঁ।
(গ) মোবাইল ফোনে পঢ়া-শুনাৰ কামতো সহায় কৰে।
(ঘ) ইয়াৰ জৰিয়তে গান শুনা, ভিডিঅ’ দেখা আৰু ফটো তোলা যায়।
(ঙ) সঠিকভাৱে ব্যৱহাৰ কৰিলে মোবাইল ফোন আমাৰ জীৱনত বহুত উপকাৰী।
| পাঠ ২ – খবৰৰ টোপোলা |
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। কওঁ আৰু লিখোঁ আহা-
(ক) ছবি আঁকাত উদগনি বঁটা কোনে পাইছিল?
উত্তৰঃ ছবি আঁকাৰ প্ৰতিযোগিতাত উদগনিমূলক বঁটা প্ৰদীপ যাদৱে পাইছিল।
(খ) বাতৰি কাকতখন কোন তাৰিখে প্রকাশ পাইছে?
উত্তৰঃ বাতৰি কাকতখন ১৯ জুলাই তাৰিখে প্ৰকাশ পাইছে।
(গ) কুইজ উৎসৱ ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ কুইজ উৎসৱ নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল।
(ঘ) বাতৰি কাকতখনত কোন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে?
উত্তৰঃ বাতৰি কাকতখনত তেজপুৰ, নলবাৰী, মৰিয়নি আৰু লামডিং (জাতিংগা) ঠাইৰ বাতৰি প্ৰকাশ পাইছে।
(ঙ) বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম কি কি?
উত্তৰঃ বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম হৈছে:
(ক) তেজপুৰত ছবি আঁকা প্ৰতিযোগিতা।
(খ) নলবাৰীত কুইজ উৎসৱৰ আয়োজন।
(গ) মৰিয়নিত এনকেফেলাইটিছ।
(ঘ) ৰে’ল যাতায়াত ব্যাহত: জাতিংগাত ভূমিস্খলন।
২। অভিধান চাওঁ আহা-
(ক) শিক্ষকৰ সহায়ত অভিধানত বিচাৰ তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখোঁ আহা-
কর্মশালা –
মানপত্ৰ –
আয়োজন –
বিশিষ্ট –
প্ৰাংগণ –
বিজয়ী –
উত্তৰঃ কর্মশালা – কোনো বিষয়ে প্ৰশিক্ষণ বা হাতে-কামে শিকাৰ বিশেষ ব্যৱস্থা।
মানপত্ৰ – সন্মান বা কৃতিত্ব স্বীকৃতি হিচাপে দিয়া প্ৰমাণপত্ৰ।
আয়োজন – কোনো অনুষ্ঠান বা কাৰ্যসূচী পৰিকল্পনা কৰি কৰাৰ ব্যৱস্থা।
বিশিষ্ট – বিশেষ গুণ বা মৰ্যাদা থকা।
প্ৰাংগণ – বিদ্যালয় বা ঘৰ আদিৰ আগফালৰ খোলা চৌহদ।
বিজয়ী – প্ৰতিযোগিতাত জয় লাভ কৰা ব্যক্তি।
(খ) অভিধানত বিচাৰি একে অৰ্থ বুজোৱা দুটাকৈ শব্দ লিখোঁ আহা-
গ্রীষ্মকাল: গৰমকাল,_______।
বিদ্যালয়:
অন্ত:
প্রদান:
স্থায়ী:
মুকলি:
উত্তৰঃ গ্রীষ্মকাল: গৰমকাল,জহকাল।
বিদ্যালয়: পাঠশালা,পঢ়াশালী।
অন্ত: শেষ, সমাপ্তি।
প্রদান: বিতৰণ, দান।
স্থায়ী: চিৰস্থায়ী, দীৰ্ঘকালীন।
মুকলি: মুক্ত, খোলা।
৪। বাক্য সাজোঁ আহা-
প্ৰতিযোগিতা:
পুথিভঁৰাল:
বিশিষ্ট:
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

