SCERT Class 3 Assamese Chapter 3 খেল-ধেমালি

SCERT Class 3 Assamese Chapter 3 খেল-ধেমালি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 3 খেল-ধেমালি Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.

SCERT Class 3 Assamese Chapter 3 খেল-ধেমালি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.

Chapter: 3

পাঠ ১ – বিদ্যালয়-সপ্তাহ

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

(ক) প্রাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল?

উত্তৰঃ প্রাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল।

(খ) কাৰ কাৰ মাজত বেডমিন্টনৰ প্ৰতিযোগিতা হৈছিল?

উত্তৰঃ পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাইৰ মাজত বেডমিন্টনৰ প্ৰতিযোগিতা হৈছিল।

(গ) সুপ্রিয়াই কিয় দবাখেলখন পণ্ড কৰা বুলি কৈছিল?

উত্তৰঃ কাঞ্চনে ফুটবলৰ বলটো দলি মাৰি দিয়াত দবাখনতে পৰা কাৰণে সুপ্রিয়াই দবাখেলখণ্ড পণ্ড কৰা বুলি কৈছিল।

(ঘ) কোন কোন শ্রেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আঁচ টানি মিলোৱা-

শ্ৰেণীখেল
প্ৰথম শ্ৰেণীফুটবল
দ্বিতীয় শ্ৰেণীবেডমিণ্টন
তৃতীয় শ্ৰেণীক্ৰিকেট
চতুৰ্থ শ্ৰেণীপাৰ পানী
পঞ্চম শ্ৰেণীদবা

উত্তৰঃ 

শ্ৰেণীখেল
প্ৰথম শ্ৰেণীফুটবল
দ্বিতীয় শ্ৰেণীফুটবল
তৃতীয় শ্ৰেণীক্ৰিকেট
চতুৰ্থ শ্ৰেণীক্ৰিকেট
পঞ্চম শ্ৰেণীবেডমিণ্টন/দবা

(ঙ) মিনতি বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল?

উত্তৰঃ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে দবাখেল পণ্ড নকৰিবলৈ আৰু সিহঁতক খেলপথাৰত ঠিকমতে খেলাবলৈ মিনতি বৰুৱা বাইদেৱে সিহঁতক লৈ গৈছিল।

(চ) বিদ্যালয়-সপ্তাহ কোনে উদ্বোধন কৰিছিল?

উত্তৰঃ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয়-সপ্তাহ উদ্বোধন কৰিছিল।

(ছ) বিদ্যালয়-সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল?

উত্তৰঃ বিদ্যালয়-সপ্তাহৰ দ্বিতীয় দিনা ২ ডিচেম্বৰ ২০২৫ তাৰিখ আছিল।

(জ) ছেত্রী ছাৰে কি কৰি আছিল?

উত্তৰঃ ছেত্রী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰি আছিল।

২। পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰোঁ আহা –

(ক) ক্রিকেট খেলত কোন কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব?

উত্তৰঃ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ।

(খ) তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কি কি খেলত অংশগ্ৰহণ কৰিব পাৰিব?

উত্তৰঃ ক্ৰিকেট,বেডমিণ্টন, দবা, পাৰ-পানী, সংগীত চকী।

(গ) ‘খ’ আৰু ‘গ’ শাখাত থকা শ্রেণীকেইটা কি কি?

উত্তৰঃ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ।

(ঘ) সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কি কি খেল খেলিব পাৰিব?

উত্তৰঃ পাৰ পানী আৰু সংগীত চকী।

ভাষা অধ্যয়ন

৩। (ক) ডাঙৰ হৰফৰ পদবোৰৰ অৰ্থ অনুমান কৰি আঁচ টানি মিলোৱা।

বিদ্যালয়-সপ্তাহ হ’ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। এজনীয়া
খেলপথাৰত বেডমিন্টনৰ একক প্রতিযোগিতা চলি আছে।দক্ষতা
“আমাৰ খেলখন পণ্ড কৰিলা!”উলহ-মালহ
মিনতি বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল।নষ্ট কৰিলা
প্রাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল-মাখল পৰিৱেশ।খৰকৈ

উত্তৰঃ

বিদ্যালয়-সপ্তাহ হ’ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। দক্ষতা
খেলপথাৰত বেডমিন্টনৰ একক প্রতিযোগিতা চলি আছে।এজনীয়া
“আমাৰ খেলখন পণ্ড কৰিলা!”নষ্ট কৰিলা
মিনতি বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল।খৰকৈ
প্রাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল-মাখল পৰিৱেশ।উলহ-মালহ

(খ) উদ্বোধন মানে কোনো কাম মুকলি বা আৰম্ভণি কৰা। উদ্বোধন কৰোঁতাজন হ’ল-উদ্বোধক। বিভিন্ন কিতাপ-পত্ৰ উন্মোচন কৰোতাজনক উন্মোচক বোলে।

এতিয়া আমি তলৰ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাওঁ আহা-

‘ক’ অংশ‘খ’ অংশ
শিক্ষাদান কৰোঁতাজনপৰিচালক
পৰিচালনা কৰাজনশিক্ষক
পাঠ কৰোঁতাজনখেতিয়ক
খেতি কৰাজনপাঠক

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
শিক্ষাদান কৰোঁতাজনশিক্ষক
পৰিচালনা কৰাজনপৰিচালক
পাঠ কৰোঁতাজনপাঠক
খেতি কৰাজনখেতিয়ক

(খ) খেলিমেলিকৈ থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দ গঠন কৰোঁ আহা-

প্ৰালঞ্জঞ্চয়স
তঞ্চিকুনঞ্জিই

উত্তৰঃ 

প্ৰালঞ্জঞ্চয়স
প্ৰাঞ্জলসঞ্চয়
তঞ্চিকুনঞ্জিই
কুঞ্চিতইঞ্জিন
পাঠ ২ – কপৌ কুকু

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। কওঁ আৰু লিখোঁ আহা –

(ক) মেজি কোনটো বিহুত সাজে?

উত্তৰঃ মেজি মাঘ বিহুত সাজে।

(খ) ল’ৰাহঁতে পথাৰলৈ কিয় গৈছিল?

উত্তৰঃ ল’ৰাহঁতে মেজি সাজিবলৈ নৰা আনিবলৈ পথাৰলৈ গৈছিল।

(গ) কাক দেখি ল’ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল?

উত্তৰঃ কপৌ চৰাইহাল দেখি ল’ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল।

(ঘ) কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল?

উত্তৰঃ কপৌজনীয়ে কৈছিল — “তোমালোকৰ কাণদুখন কোনে নিলে?” আৰু চিলনিয়ে নিলে, চিলনিয়ে নিলে কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল।

(ঙ) ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল?

উত্তৰঃ কপৌজনীয়ে ৰজাৰ পুখুৰীত গা ধুব বিচাৰিছিল।

(চ) পুখুৰীটো কিয় ডাঙৰ কৰিছিল?

উত্তৰঃ কপৌজনীয়ে গা ধুব পাৰিবৰ বাবে পুখুৰীটো ডাঙৰ কৰিছিল।

২। খেলটোত কোনে গাইছে লিখোঁ আহা –

(ক) বোকা আছে পানী আছে, কেনেকৈ যাম?

উত্তৰঃ কপৌ।

(খ) ইমান ইমান পানী।

উত্তৰঃ কপৌ।

(গ) পদুম ফুলৰ চকা।

উত্তৰঃ লগৰীয়া।

৩। ‘কপৌ কুকু’ খেলটো এটা ক্ৰমত খেলা হয়। সেই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আঁচ টানি মিলোৱা-

কপৌৱে লগৰীয়াহঁতে হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ যোৱা।১
এজন খেলুৱৈক কপৌ হিচাপে বাছনি কৰা।২
ঘেৰটোৰ মাজৰপৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মৰা।৩
ল’ৰাহঁতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা।৪
কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা।৫

উত্তৰঃ

কপৌৱে লগৰীয়াহঁতে হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ যোৱা।৩
এজন খেলুৱৈক কপৌ হিচাপে বাছনি কৰা।১
ঘেৰটোৰ মাজৰপৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মৰা।৫
ল’ৰাহঁতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা।২
কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা।৪

৪। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক O চিনটো ৰঙেৰে পূৰ কৰা।

(i) খেলখনৰ পুখুৰীটো-

(ক) মনে সজা।

(খ) হাতে-হাত ধৰি সজা।

(গ) বোকা পানীৰ।

(ঘ) গছৰ পাতেৰে সজা।

উত্তৰঃ (খ) হাতে-হাত ধৰি সজা।

(ii) পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল-

(ক) খান্দি।

(খ) হাতবোৰ খুলি দি।

(গ) গছৰ পাত পেলাই।

(ঘ) বেজি পেলাই।

উত্তৰঃ (গ) গছৰ পাত পেলাই।

ভাষা অধ্যয়ন

৫। (ক) বাওঁফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ নোহোৱা অৰ্থ মিলাওঁ আহা –

বাওঁফালসোঁফাল
ধোৱানাযাওঁ
যাওঁনাগাব
দিবনেখেলিব
গাবনোধোৱা
চুবনিদিব
খেলিবনুচুব

উত্তৰঃ

বাওঁফালসোঁফাল
ধোৱানোধোৱা
যাওঁনাযাওঁ
দিবনিদিব
গাবনাগাব
চুবনুচুব
খেলিবনেখেলিব

(খ) তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা-

কপৌ: 

পুখুৰী: 

ভুৰুংকৈ : 

চকা: 

পথাৰ: 

কাণ: 

উত্তৰঃ কপৌ: কপৌ চৰাইটো অতি সুন্দৰ।

পুখুৰী: গাঁৱৰ মাজত এটা ডাঙৰ পুখুৰী আছে।

ভুৰুংকৈ: চৰাইটো ভুৰুংকৈ উৰি গ’ল।

চকা: চাইকেলখনৰ চকা ঘূৰি আছে।

পথাৰ: পথাৰত ধান খেতি কৰা হয়।

কাণ: মানুহে কাণেৰে শব্দ শুনে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top