SCERT Class 3 Assamese Chapter 2 খাদ্য

SCERT Class 3 Assamese Chapter 2 খাদ্য Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 2 খাদ্য Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.

SCERT Class 3 Assamese Chapter 2 খাদ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.

Chapter: 2

পাঠ ১ – ভেবেলাৰ ভোগ

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

(ক) ভেবেলাই কি দোমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল?

উত্তৰঃ ভেবেলাই মাঘী দোমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল।

(খ) ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল?

উত্তৰঃ ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল।

(গ) ভেবেলাই শহুৰ-শাহুয়েকক আঁতি-গুৰি মাৰি কি কৈছিল?

উত্তৰঃ ভেবেলাই শহুৰ-শাহুয়েকক ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা আঁতি-গুৰি মাৰি কৈছিল।

(ঘ) ভেবেলাই টিঙনা-ঘৰত কিয় সোমাবলগীয়া হৈছিল?

উত্তৰঃ সৰহকৈ খোৱাৰ বাবে পেটত টান ধৰিছিল, সেইকাৰণে ভেবেলাই টিঙনা-ঘৰত সোমাবলগীয়া হৈছিল।

২। তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক O চীনটো পূৰ কৰা।

(i) ভেবেলাই-

(ক) টেকেলিৰ পানী খাইছিল।

(খ) লোটাৰ পানী খাইছিল।

(গ) বাটিৰ পানী খাইছিল।

(ঘ) কলহৰ পানী খাইছিল।

উত্তৰঃ (ঘ) কলহৰ পানী খাইছিল।

(ii) ভেবেলাই দোমাহীত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি কি নিছিল?

(ক) দৈৰ টেকেলি আৰু গুৰৰ টেকেলি।

(খ) দৈৰ টেকেলি আৰু কলৰ আষি।

(গ) গুড়ৰ টেকেলি আৰু কলৰ আষি।

(ঘ) গুড়ৰ টেকেলি আৰু পানীৰ কলহ।

উত্তৰঃ (গ) গুড়ৰ টেকেলি আৰু কলৰ আষি।

৩। তলৰ যিটো বাক্যই কাষৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে, তাৰ লগত মিলোৱা।

বান্দৰটো চকুৰ পচাৰতে গছত উঠিল।ক’লে আঁতি-গুৰি মাৰি
শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে।ভাৰ কৰি নিলে
খেতিয়কজনে কাণ-মাৰিৰে ডাঙৰি কঢ়িয়াইছে।একে কোবে গৈ
বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ’ল।পেট ধৰিলে টানি
ভোজত দঁকচি খাই কণবাপু গেৰেউ-গেঁথেউ হ’ল।হেৰাল মুখৰ মাত

উত্তৰঃ

বান্দৰটো চকুৰ পচাৰতে গছত উঠিল।একে কোবে গৈ
শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে।ক’লে আঁতি-গুৰি মাৰি
খেতিয়কজনে কাণ-মাৰিৰে ডাঙৰি কঢ়িয়াইছে।ভাৰ কৰি নিলে
বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ’ল।হেৰাল মুখৰ মাত
ভোজত দঁকচি খাই কণবাপু গেৰেউ-গেঁথেউ হ’ল।পেট ধৰিলে টানি

৪। লিখোঁ আহা –

(ক) ভেবেলাই শহুৰেকৰ ঘৰত কি কি খাইছিল, তাৰ নামবোৰ লিখা।

উত্তৰঃ ভেবেলাই চিৰা-দৈ, জুলীয়া গুড়, চুঙা পিঠা, তিল পিঠা, ঘিলা পিঠা, ফেনী পিঠা, তেল পিঠা, লাডু, পৰমান টেকেলি,সুতুলি পিঠা, সান্দহ, কৰাই ইত্যাদি খাইছিল।

(খ) ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ’ল? আৰু তাৰপৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল?

উত্তৰঃ সৰহকৈ খোৱাৰ ফলত ভেবেলাৰ পেটত টান ধৰিছিল। তেওঁ একে কোবে গৈ টিঙনা-ঘৰত সোমাই নিজকে ৰক্ষা কৰিছিল।

৫। পদ্যটোৰ আলমত কাহিনীভাগ লিখা-

ভেবেলা নামেৰে এজন মানুহ আছিল। তেওঁ মাঘ বিহুত শহুৰেকৰ ঘৰলৈ গৈছিল। ___________________।

(এনেদৰে কাহিনীভাগ টোকাবহীত লিখা)

উত্তৰঃ ভেবেলা নামেৰে এজন মানুহ আছিল। তেওঁ মাঘ বিহুত শহুৰেকৰ ঘৰলৈ গৈছিল। গুড়ৰ টেকেলি আৰু কলৰ আষি ভাৰ কৰি লৈ তেওঁ বহু দূৰ বাট খোজকাঢ়ি আবেলি সময়ত শহুৰৰ ঘৰ পাইছিল। তাত লোটাৰ পানীৰে হাত-ভৰি ধুই পানী খালে। শহুৰ-শাহুয়েকক সেৱা জনাই ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা ক’লে। তাৰ পিছত বহু প্ৰকাৰৰ পিঠা-পনা আৰু মিঠাই খালে। বেছি খোৱাৰ ফলত তেওঁৰ পেটত টান ধৰিলে আৰু তেওঁ দৌৰি গৈ টিঙনা-ঘৰত সোমাই ৰক্ষা পৰিল।

পাঠ ২ – আলহীলৈ মাছ

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

(ক) সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল?

উত্তৰঃ সৰুকণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল।

(খ) সাধুটোত পোৱা মাছকেইবিধৰ নাম কি কি?

উত্তৰঃ সাধুটোত পোৱা মাছকেইবিধৰ নাম আছিল: শ’ল,বৰালি আৰু পুঠি মাছ।

(গ) সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল?

উত্তৰঃ আলহীক খুৱাবলৈ শ’ল বা বৰালি মাছ ধৰাৰ আশা লৈ সৰুকণে বৰশী বাবলৈ গৈছিল।

(ঘ) সৰুকণে বৰশী বাই কেইটা পুঠিমাছ পাইছিল?

উত্তৰঃ সৰুকণে বৰশী বাই এঘাৰটা পুঠিমাছ পাইছিল।

(ঙ) বগলীকেইটাই কিয় চোপ লৈ আছিল?

উত্তৰঃ মাছ খাবলৈ বগলী কেইটা চোপ লৈ আছিল।

২। তলৰ শব্দবোৰ অৰ্থৰ লগত আঁচ টানি মিলাও আহা-

শব্দঅৰ্থ
গাধৈপিঠিত লোৱা জাপি
পিঠীয়াখাপ দিয়া
খালৈবৰশীত টোপ লগোৱা কাৰ্য
চোপ লোৱাভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ
টুপাইমাছ থোৱা এবিধ পাত্র

উত্তৰঃ

শব্দঅৰ্থ
গাধৈভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ
পিঠীয়াপিঠিত লোৱা জাপি
খালৈমাছ থোৱা এবিধ পাত্র
চোপ লোৱাখাপ দিয়া
টুপাইবৰশীত টোপ লগোৱা কাৰ্য

ভাষা অধ্যয়ন

৩। বাক্য ৰচনা কৰা-

বিল: 

আলহী: 

খালৈ: 

উত্তৰঃ বিল: গাঁৱৰ ওচৰৰ বিল খনত বহু মাছ পোৱা যায়।

আলহী: ঘৰলৈ আলহী আহিলে আমি সকলো মিলি আদৰ কৰোঁ।

খালৈ: সৰুকণে খালৈত ধৰা মাছবোৰ থ’লে।

৪। বাক্য সাজি লিখোঁ আহা।

(ক)

মইঅমিতাআনিছোঁ।
তুমিআনিছা।
আপুনিআনিছে।
তেওঁআনিছে।
তইআনিছ।

উত্তৰঃ (ক) মই অমিতা আনিছোঁ।

(খ) তুমি অমিতা আনিছা।

(গ) আপুনি অমিতা আনিছে।

(ঘ) তেওঁ অমিতা আনিছে।

(ঙ) তই অমিতা আনিছ।

(খ)

সৰুকণেবৰশীবাই আছে।
মইবাই আছোঁ।
তুমিবাই আছা।

উত্তৰঃ (ক) সৰুকণে বৰশী বাই আছে।

(খ) মই বৰশী বাই আছোঁ।

(গ) তুমি বৰশী বাই আছা।

(গ)

আমিবলখেলোঁ।
তোমালোকেখেলা।
সিহঁতেখেলে।

উত্তৰঃ (ক) আমি বল খেলোঁ।

(খ) তোমালোকে বল খেলা।

(গ) সিহঁতে বল খেলে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top