SCERT Class 3 Assamese Chapter 1 আমাৰ চৌপাশ

SCERT Class 3 Assamese Chapter 1 আমাৰ চৌপাশ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 3 Assamese Chapter 1 আমাৰ চৌপাশ Solutions and select need one. SEBA Class 3 Assamese Question Answers Download PDF. SCERT Class 3 Assamese Notes.

SCERT Class 3 Assamese Chapter 1 আমাৰ চৌপাশ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Assamese Notes for All Chapters, You can practice these here.

Chapter: 1

পাঠ ১ – নতুন ওমলা গীত

ক্রিয়া-কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা –

(ক) গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ গীতিকাৰে গীতটিত পৃথিৱীখনক এখন ঘৰৰ লগত তুলনা কৰিছে।

(খ) গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে?

উত্তৰঃ গীতিকাৰে আকাশখনক ঘৰৰ চালৰ সৈতে ৰিজাইছে।

(গ) কোনে গছৰ আগৰপৰা জুমি চালে?

উত্তৰঃ গছৰ আগৰ ৰঙা ৰ’দে জুমি জুমি চালে।

(ঘ) আলি-বাট নহ’লেও কোন বেগাই আহে?

উত্তৰঃ বতাহে আলি-বাট নহ’লেও বেগাই আহে।

(ঙ) ভৰি নহ’লেও কোন কোবেৰে যায়?

উত্তৰঃ নৈয়ে ভৰি নহ’লেও কোবেৰে যায়।

২। গীতটোৰ আধাৰত ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাওঁ আহা-

‘ক’‘খ’
ৰঙা ৰ’দেএখন ঘৰ
আকাশচালে জুমি জুমি
পৃথিৱীযায় কোবেৰে
নৈতাৰে চাল

উত্তৰঃ 

‘ক’‘খ’
ৰঙা ৰ’দেচালে জুমি জুমি
আকাশতাৰে চাল
পৃথিৱীএখন ঘৰ
নৈযায় কোবেৰে

ভাষা অধ্যয়ন

৩। (ক) গীতটিত পোৱা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দিওঁ আহা-

উত্তৰঃ আলি, আকাশ, চাল, পৃথিৱী, বেলি, ৰঙা, ঘৰ।

(খ) উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলোঁ আৰু লিখোঁ আহা –

উদাহৰণ-

আকাশআকাৰপ্ৰকাশ
পৰিলপ___ল___ৰিল
আগৰ__গৰআ__ৰ

উত্তৰঃ 

আকাশআকাৰপ্ৰকাশ
পৰিলপটলপৰিল
আগৰআগৰআকাৰ

৪। তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজোঁ আহা:

উদাহৰণ-

আকাশ: আকাশখন নীলা।

পৃথিৱী: ______________।

বেলি: _______________।

ৰদ: _______________।

বতাহ: ______________।

উত্তৰঃ আকাশ: আকাশখন নীলা।

পৃথিৱী: পৃথিৱীখন ঘূৰণীয়া।

বেলি: বেলি পূৱ দিশৰ পৰা উদয় হয়।

ৰদ: ৰদৰ তাপ বহুত।

বতাহ: বতাহ বলিছে।

পাঠ  ২ – বান্দৰ আৰু টোকোৰা চৰাই

ক্ৰিয়া – কলাপ

পাঠভিত্তিক

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা:

(ক) টোকোৰা চৰাইবোৰে কোনজোপা গছত বাহ সাজি আছিল?

উত্তৰঃ টোকোৰা চৰাইবোৰে নাৰিকল গছত বাহ সাজি আছিল।

(খ) বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল?

উত্তৰঃ বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল।

(গ) বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল?

উত্তৰঃ বৰষুণ অহাৰ বাবে বান্দৰজাকে গছৰ তলত আশ্ৰয় লৈছিল।

(ঘ) ঠাণ্ডাত থক্সক্‌কৈ কোন কঁপিছিল?

উত্তৰঃ ঠাণ্ডাত বান্দৰজাক থক্সক্‌কৈ কঁপিছিল।

২। উত্তৰ কোৱা আৰু লিখা-

“হেৰৌ! নাভাঙিবি, নাভাঙিবি। চৰাইকেইটাই ইমান কষ্ট কৰি বাহ সাজিছে। সকলোৱেতো বাহ সাজিব নাজানে।”

(ক) কথাষাৰ কোনে, কাক কৈছিল?

উত্তৰঃ কথাষাৰ বয়সীয়াল বান্দৰ এটাই আন বান্দৰবোৰক কৈছিল।

(খ) সিহঁতে কিয় ঘৰ নাসাজে বাৰু?

উত্তৰঃ সিহঁতে ঘৰ বা বাহ সাজিব নাজানে বাবেই ঘৰ নাসাজে।

(গ) বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাহ নাসাজে?

উত্তৰঃ বান্দৰৰ বাহিৰে মেকুৰী, গৰু, কুকুৰ, গাহৰি আৰু কিছুমান জীৱ-জন্তুও বাহ নাসাজে।

৩। তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা।

বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টোকোৰা চৰাইটোৱে কৈছিল-

“তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। তোমালোকেও আমাৰ দৰে বাহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰেই বাহ সাজি লৈছোঁ, চোৱা।” এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক-

(ক) খং কৰিছিল।

(খ) উপদেশ দিছিল।

(গ) অপমান কৰিছিল।

(ঘ) ইতিকিং কৰিছিল।

উত্তৰঃ (খ) উপদেশ দিছিল।

৪। ৰচীডালত ওলমি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পূৰাওঁ আহা –

কিন্ কিন্ , খেক্ খেকাই , গুজৰি-গুমৰি , জুৰুলি-জুপুৰি , থক্ থক্ , টানি-আঁজুৰি।

(ক) ___________কৈ বৰষুণ আহিছিল।

উত্তৰঃ কিন্ কিন্।

(খ) বান্দৰজাক বৰষুণত তিতি ___________হৈছিল।

উত্তৰঃ জুৰুলি-জুপুৰি।

(গ) সিহঁত ঠাণ্ডাত __________কৈ কঁপিবলৈ ধৰিছিল।

উত্তৰঃ থক্ থক্।

(ঘ) কেইটামান বান্দৰে মনৰ ভিতৰত ________ আছিল।

উত্তৰঃ গুজৰি-গুমৰি।

(ঙ) সিহঁতে চৰাইৰ বাহবোৰ ________ ভাঙিবলৈ খুজিছিল।

উত্তৰঃ টানি-আঁজুৰি।

(চ) দুটামান বান্দৰে দাঁত নিকটাই ________আছিল।

উত্তৰঃ খেক্ খেকাই।

ভাষা-অধ্যয়ন

৫। “এঘৰ মানুহৰ এখন ফল-মূলৰ বাগিচা আছিল।”- এই বাক্যটোত ‘আছিল’ শব্দটোরে আগতে থকা অর্থ বুজাইছে। এনেদৰে আগতে হৈ যোৱা, থকা, খোৱা, কৰা আদি অর্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা-

উত্তৰঃ

আছিলকৰিছিলআহিছিল
লাগিছিলখাইছিলগৈছিল
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top