Sahitya Samalochana Unit 2 সাহিত্য সমালোচনাৰ স্বৰূপ সাহিত্য সমালোচকৰ গুণ সাহিত্য সমালোচনাৰ পদ্ধতি (ঐতিহাসিক পদ্ধতি, বিশ্লেষণাত্মক পদ্ধতি, তুলনামূলক পদ্ধতি)

Sahitya Samalochana Unit 2 সাহিত্য সমালোচনাৰ স্বৰূপ সাহিত্য সমালোচকৰ গুণ সাহিত্য সমালোচনাৰ পদ্ধতি (ঐতিহাসিক পদ্ধতি, বিশ্লেষণাত্মক পদ্ধতি, তুলনামূলক পদ্ধতি), College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Samalochana Unit 2 সাহিত্য সমালোচনাৰ স্বৰূপ সাহিত্য সমালোচকৰ গুণ সাহিত্য সমালোচনাৰ পদ্ধতি (ঐতিহাসিক পদ্ধতি, বিশ্লেষণাত্মক পদ্ধতি, তুলনামূলক পদ্ধতি) Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Samalochana Unit 2 সাহিত্য সমালোচনাৰ স্বৰূপ সাহিত্য সমালোচকৰ গুণ সাহিত্য সমালোচনাৰ পদ্ধতি (ঐতিহাসিক পদ্ধতি, বিশ্লেষণাত্মক পদ্ধতি, তুলনামূলক পদ্ধতি) Question Answer can be of great value to excel in the examination.

Sahitya Samalochana Unit 2 সাহিত্য সমালোচনাৰ স্বৰূপ সাহিত্য সমালোচকৰ গুণ সাহিত্য সমালোচনাৰ পদ্ধতি (ঐতিহাসিক পদ্ধতি, বিশ্লেষণাত্মক পদ্ধতি, তুলনামূলক পদ্ধতি)

Join Telegram channel

Sahitya Samalochana Unit 2 সাহিত্য সমালোচনাৰ স্বৰূপ সাহিত্য সমালোচকৰ গুণ সাহিত্য সমালোচনাৰ পদ্ধতি (ঐতিহাসিক পদ্ধতি, বিশ্লেষণাত্মক পদ্ধতি, তুলনামূলক পদ্ধতি) Notes cover all the exercise questions in UGC Syllabus. Sahitya Samalochana Unit 2 সাহিত্য সমালোচনাৰ স্বৰূপ সাহিত্য সমালোচকৰ গুণ সাহিত্য সমালোচনাৰ পদ্ধতি (ঐতিহাসিক পদ্ধতি, বিশ্লেষণাত্মক পদ্ধতি, তুলনামূলক পদ্ধতি) provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

সাহিত্য সমালোচনাৰ স্বৰূপ সাহিত্য সমালোচকৰ গুণ সাহিত্য সমালোচনাৰ পদ্ধতি (ঐতিহাসিক পদ্ধতি, বিশ্লেষণাত্মক পদ্ধতি, তুলনামূলক পদ্ধতি)

ASSAMESE

সাহিত্য সমালোচনা

চমুকৈ উত্তৰ দিয়া।

১। সমালোচনা সাহিত্য বুলিলে কি বুজা?

উত্তৰঃ সম্যক ৰূপে আলোচনাই হ’ল সমালোচনা। সাধাৰণ অৰ্থত সমালোচনা বুলি ক’লে বিৰূপ মনোভাৱক বুজাই যদিও সাহিত্য সমালোচনা হ’ল যুক্তিপূর্ণ নিৰপেক্ষ বস্তুনিষ্ঠ মূল্যায়ন। Richard dutton–ৰ ভাষাত ক’বলৈ গ’লে— The understanding and appreciation of literary texts হ’ল সমালোচনা সাহিত্য।

২। সমালোচনা সাহিত্যৰ দুটা বৈশিষ্ট্য বা লক্ষণৰ বিষয়ে লিখা?

উত্তৰঃ সমালোচনা সাহিত্যৰ দুটা বৈশিষ্ট্য বা লক্ষণ হৈছে—

১) সাহিত্যৰ সাৰ্থকতা ৰচনা-কৌশলৰ নৈতিক উদ্দেশ্যৰ উপৰত নিৰ্ভৰ কৰে। ৰচনাকৌশল বুলি কওঁতে ভাষা, ছন্দ, অলংকাৰ, চিত্রকল্প, বাক্যৰ শব্দ আৰু অৰ্থৰ সজ্জাকে বোলা হয়। C. Bradley কাব্যক ৰসোত্তীণ কৰাৰ বাবে ছন্দ আৰু অলংকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। কাব্যৰ লক্ষণ বিচাৰ কৰোতে walts Dunton নে ভাষাৰ প্রকাশভঙ্গীৰ উপৰত গুৰুত্ব প্ৰদান কৰি লিখিছে— Absolute poetry is the concreate and artistic expression of the human mind in emotional and rhythmical language.

২) সমালোচক যুক্তি-বিশ্লেষণ, নিয়ম-নীতি-বিধি-সংস্কাৰ, ৰুচি ৰস-অর্থ-অলংকাৰ, গ্ৰন্থকাৰৰ শক্তি সামর্থ্যৰে প্ৰতিভা বিচাৰ কৰে আৰু বক্তব্য বিষয়ক প্ৰবন্ধকাৰে মুক্ত মনে ব্যক্ত কৰে।

৩। সমালোচকে কি কি প্ৰকাৰে সাহিত্য বিচাৰ কৰে?

উত্তৰঃ সাহিত্য বিচাৰৰ মূল কথা হ’ল মূল্যবিনিৰ্ণয়। সাহিত্য বিচাৰ তিনি প্ৰকাৰে হ’ব পাৰে। যথা— ব্যাখ্যান, বিচাৰ আৰু ৰসোপভোগ। সমালোচকে এই তিনিবিধ মূল্যমানৰ সাহার্যত সাহিত্যৰ গুণাগুণ নির্ণয় কৰে।

৪। সুসমালোচকৰ যিকোনো দুটা গুণ উল্লেখ কৰা ?

উত্তৰঃ (ক) শিক্ষা: জগৎ, জীৱন আৰু সাহিত্য সম্বন্ধে সমালোচক এজনৰ নিগূঢ় ধাৰণা থকা আৱশ্যক।

(খ) অন্তদৃষ্টি: সমালোচকৰ গভীৰ অন্তদৃষ্টি তথা দার্শনিক প্রত্যয় নাথাকিলে টীকাকাৰৰ সৈতে সমালোচকৰ কোনো পার্থক্য থাকিব নোৱাৰে।

৫। সমালোচনা সম্বন্ধে প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যত কি কি পদ্ধতি অনুসৰণ কৰা হৈছে উল্লেখ কৰা?

উত্তৰঃ সমালোচনা সম্বন্ধে প্রাচ্য আৰু পাশ্চাত্য সাহিত্যত বৰ্তমানলৈকে যিমানবোৰ পদ্ধতি অনুসৰণ কৰা হৈছে সেইবোৰক কেইটামান শ্ৰেণীত বিভক্ত কৰি ল’ব পৰা যায়। সেইবোৰ হৈছে—

(ক) অলঙ্কাৰ পদ্ধতি।

(খ) বিধিসম্মত পদ্ধতি।

(গ) ঐতিহাসিক পদ্ধতি।

(ঘ) জীবনীমূলক পদ্ধতি।

(ঙ) মনস্তত্বমূলক পদ্ধতি।

(চ) পৰিসংখ্যান পদ্ধতি।

(ছ) ভাষাতাত্ত্বিক পদ্ধতি।

(জ) তত্ত্বসন্ধানী পদ্ধতি।

(ঝ) ব্যক্তিগত সমালোচনা।

(ঞ) তুলনামূলক সমালোচনা।

(ট) বস্তুনিষ্ঠ পদ্ধতি।

৬। সমালোচনাৰ ঐতিহাসিক পদ্ধতি বুলিলে কি বুজা ?

উত্তৰঃ ঐতিহাসিক সমালোচনাত সমালোচকে ইতিহাসৰ পটভূমিত সাহিত্য বিচাৰত প্রবিষ্ট হয়। ইতিহাস বুলি ক’লে দেশৰ কথা আৰু কালৰ কথা দুয়োটাকে বুজায়।

৭। সমালোচনাৰ তুলনামূলক পদ্ধতি বুলিলে কি বুজা ?

উত্তৰঃ সমালোচনাৰ তুলনামূলক পদ্ধতিয়ে সমালোচনাত দুজন বিভিন্ন লেখকৰ শব্দসম্পদ বা বাক্যৰাজিৰ তুলনামূলক বিচাৰৰ দ্বাৰা উভয়ৰে কৃতিত্ব নিৰ্ধাৰণ কৰিবলৈ বিচৰা হয়। তুলনামূলক সমালোচনা অপেক্ষাকৃত আধুনিক বিচাৰ পদ্ধতি।

উত্তৰ লিখা

১। সমালোচনা সাহিত্য বুলিলে কি বুজা ?

উত্তৰঃ সম্যক ৰূপে আলোচনাই হ’ল সমালোচনা। সাধাৰণ অৰ্থত সমালোচনা বুলি ক’লে বিৰূপ মনোভাৱক বুজাই যদিও সাহিত্য সমালোচনা হ’ল যুক্তিপূর্ণ নিৰপেক্ষ বস্তুনিষ্ঠ মূল্যায়ন। Richard dutton—ৰ ভাষাত ক’বলৈ গ’লে— The understanding and appreciation of literary texts. হ’ল সমালোচনা সাহিত্য।

যথার্থ সমালোচনা নীৰস সাহিত্য তত্ত্ব নহয়, সৃজনশীল অনুভূতিৰ যুক্তিস্নিগ্ধ প্রকাশহে। অধ্যাপক অৰুণ কুমাৰ মুখোপাধ্যায়ে তেখেতৰ বাংলা সমালোচনাৰ ইতিহাস গ্রন্থ লিখিছে— যথার্থ সমালোচনা বন্ধন নহয়, মুক্তি। সাহিত্যৰ ৰসগ্ৰহণত ই পাঠকক বাধা নিদিয়ে, সহায়হে কৰে। কিন্তু য’ত ইয়াৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা যায়, তেতিয়াই সমালোচনাৰ লক্ষ্য আৰু উদ্দেশ্য নষ্ট হয়। সমালোচনাৰ জৰিয়তে য’ত পাঠকে বুদ্ধি আৰু হৃদয়ৰ নিবিড় সংযোগ স্থাপিত কৰিবলৈ সুবিধা পায়, সেই সমালোচনাই সার্থকতা লাভ কৰে। ৰচনাৰ স্বৰূপ নিৰ্ণয়, ৰসৰ যথাৰ্থ পৰিচয় দান কৰি ৰচনাৰ মূল্য নিৰূপণ কৰাতোহে সমালোচনাৰ লক্ষ্য। এই লক্ষ্যত উপনিত হোৱাটোৱেই সমালোচকৰ সাধনা। Abercrombie য়ে কৈছে— The criticism of literature is often as entirely individual as the creation of literature and as much the work of underniable genius.

সাহিত্য সমালোচনা সম্পৰ্কত ফৰাচী সমালোচক ব্রুন তিয়েৰে মন্তব্য আগবঢ়াইছিল এনেদৰে— “আনবিলাক ক্ষেত্ৰৰ দৰে সাহিত্যতো সাধিত কৃতিৰ মূল্য সম্পৰ্কত সিদ্ধান্ত দিয়াৰ অধিকাৰ কোনো হঠাৎ আগন্তুক নাই। আন লাগিলে যিয়েই নহওক সুদীর্ঘ আৰু অধ্যৱসায় পূৰ্ণ ৰুচিৰ অনুশীলন নকৰাকৈ শিল্প কৰ্মৰ বিচাৰক হ’ব নোৱাৰি।”

২। সমালোচনা সাহিত্যৰ চাৰিটা বৈশিষ্ট্য বা লক্ষণ বিষয়ে লিখা?

উত্তৰঃ ১) সাহিত্যৰ সাৰ্থকতা ৰচনা-কৌশলৰ নৈতিক উদ্দেশ্যৰ উপৰত নিৰ্ভৰ কৰে। ৰচনাকৌশল বুলি কওঁতে ভাষা, ছন্দ, অলংকাৰ, চিত্রকল্প, বাক্যৰ শব্দ আৰু অৰ্থৰ সজ্জাকে বোলা হয়। C. Bradley কাব্যক ৰসোত্তীণ কৰাৰ বাবে ছন্দ আৰু অলংকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। কাব্যৰ লক্ষণ বিচাৰ কৰোতে walts Dunton নে ভাষাৰ প্ৰকাশভঙ্গীৰ উপৰত গুৰুত্ব প্ৰদান কৰি লিখিছে— Absolute poetry is the concreate and artistic expression of the human mind in emotional and rhythmical language.

২) কাব্যৰ সৌন্দৰ্য সৃষ্টিকেই কাব্যৰ উদ্দেশ্য বুলি গ্ৰহণ কৰিছে। Walter Pater এ বিষয়ে Goether- ৰ অভিমত আৰু স্পষ্টকৈ কৈছে— The beautiful is higher than the good, the beautiful includes in it the good.

৩) সাহিত্য সমালোচনা একশ্ৰেণীৰ সৃষ্টিশীল সাহিত্য কর্মই। M. Murry ৰ ভাষাত ক’বলৈ গ’লে— A good criticism is as much a work of art as a good poem.

৪) আধুনিক কবি-সমালোচক টি. এছ. এলিয়চে কৈছে Every form of genuine criticism is directed towards creation. The Historical or philosophic critic of poetry is criticising poetry in order to create poetry. আধুনিক জীৱনৰ সৈতে সংগতি ৰাখি চলিবলৈ সমালোচনা প্রয়োজনীয় হৈ পৰিছে। টি. এছ এলিয়টে কৈছে— Each age demands different things from poetry, though its demands are modified from time to time, by what some new poet has given. So our criticism, from age to age, will reflect the things that the age demands. And the criticism of no one man and no one age can be expeted to embrace the whole nature of poetry or exhaust all of its uses. (The modern mind). আধুনিক সাহিত্য সমালোচকৰ ঐতিহ্যবাহী সাহিত্য বিচাৰ পদ্ধতি থকা কথাটো অনেকে মানি লয়। আধুনিক সাহিত্য সমালোচনাৰ ব্যাখ্যা, বিচাৰ আৰু উপভোগ— এই তিনিটি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। আধুনিক সাহিত্য সমালোচনা অধিকাংশ নীতিকেন্দ্রিক সৌন্দর্য সমালোচনা।

৩। ঐতিহাসিক পদ্ধতিৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ ‘ঐতিহাসিক সমালোচনা’ত সমালোচকে ইতিহাসৰ পটভূমিত সাহিত্য বিচাৰত প্রবিষ্ট হয়। ইতিহাস বুলি ক’লে দেশৰ কথা আৰু কালৰ কথা দুয়োটাকে বুজায়। ইতিহাস, সমাজ আৰু জীৱন ধাৰাৰ প্ৰভাৱত সাহিত্যৰ বিষয়বস্তু, ৰূপ আৰু ৰীতিৰ পৰিৱৰ্তন হয়। ঐতিহাসিক সমালোচনাৰ মতে ইতিহাস, সমাজ আৰু নৃতাত্ত্বিক বৈশিষ্ট্য আৰু জীৱন-যাপন প্রণালীয়ে সাহিত্যৰ গতিপথ নির্দেশ কৰে। সাহিত্য চিত্তলোকৰ বিষয় হ’লেও তাৰ এটা অৱস্থান ভূমি আছে, সেই অৱস্থান ভূমি হ’লে ইতিহাস আৰু সমাজ। আনহাতে সাহিত্য এটা বিশেষ সামাজিক প্রয়োজনত সৃষ্টি হয়, সেই সামাজিক প্রয়োজন হ’লে মানুহৰ অবিৰত শ্ৰেণী সংগ্রাম। সাহিত্য হ’ল এই শ্রেণী সংগ্ৰামৰেই আত্মপ্রকাশ। সেয়ে সাহিত্য আৰু শিল্পকলাৰ মূলতে আছে এক প্ৰকাৰ বাস্তৱ প্রয়োজনবোধৰ তাড়ণা ।

ঐতিহাসিক সমালোচকে অৱলম্বন কৰা ৰীতি বহুতো দিশৰ পৰা মূল্যৱান। কিন্তু যুগচিত্ত আৰু পাৰিপাৰ্শ্বিক লিখকৰ ব্যক্তিমানসক প্ৰভাৱিত কৰিব পাৰে বাবেই কেৱল এই বিচাৰতেই সাহিত্যৰ শ্ৰেষ্ঠত্ব প্রমাণিত নহয়। এই পদ্ধতিত অনেক সময়ত অতিৰঞ্জনৰ দ্বাৰা কোনো কাব্যক শ্ৰেষ্ঠ বুলি গ্ৰহণ কৰিব পৰা যায়। সেয়ে ই নিৰাপদো নহয় ৷ আনহাতে এইটো পদ্ধতিত ইতিহাস আৰু বস্তুবাদী দর্শনক একত্তৰ নিদান হিচাপে গ্ৰহণ কৰিলে সাহিত্য বিচাৰত একদেশদর্শিতাই দেখা দিব পাৰে। ইতিহাসে সাহিত্যক নিয়ন্ত্রিত কৰে সঁচা কিন্তু সাহিত্য হ’ল ব্যক্তি মনৰ একক নির্মাণ। সৃষ্টিশীল সাহিত্যই ইতিহাসৰ কালিক প্রভাৱ এৰায়ো যাব পাৰে। কিন্তু ঐতিহাসিক সমালোচনাই সেইটো উপলব্ধি কৰিব নোখোজে। তদুপৰি ঐতিহাসিক কালক্ৰম আৰু ঘটনাপঞ্জী সকলোসময়তে সাহিত্যৰ দিক্ নিৰ্দেশক নহ’বও পাৰে। ঐতিহাসিক ঘটনাপুঞ্জৰ মাজত যিবোৰে মানৱ মনত বিস্ময় ৰস সঞ্চাৰ কৰে কোনটো বৰ্জনীয় তাক নিৰ্ণয় কৰা কঠিন। সি যি কি নহওক, এইটো ঠিক যে ঐতিহাসিক সমালোচনাৰ দ্বাৰা সাহিত্যৰ বস্তুগত ভিত্তি চিনি লোৱা সহজ হয়।

৪। তুলনামূলক পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ এই পদ্ধতিৰ সমালোচনাত দুজন বিভিন্ন লেখকৰ শব্দসম্পদ বা বাক্যৰাজিৰ তুলনামূলক বিচাৰৰ দ্বাৰা উভয়ৰে কৃতিত্ব নিৰ্ধাৰণ কৰিবলৈ বিচৰা হয়। তুলনামূলক সমালোচনা অপেক্ষাকৃত আধুনিক বিচাৰ পদ্ধতি। বৰ্তমান দেশ-কালৰ সীমা সঙ্কুচিত হৈ অহাৰ বাবে এখন দেশৰ সাহিত্য আন এখন দেশৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ ধৰিছে আৰু এখন দেশৰ সাহিত্যৰ সৈতে আন এখন দেশৰ অনুৰূপ সাহিত্যৰ তুলনা দি কৰা সাহিত্য সমালোচনা আধুনিক কালত বিশেষ জনপ্রিয়ও হৈ উঠিছে। এটা সময়ত দেশ কালৰ সীমা দুর্লঙ্ঘ্য আছিল আৰু এখন দেশে আন এখন দেশৰ পৰা তেতিয়া সাহিত্য ধাৰ কৰা কথা উঠিবই নোৱাৰিছিল। তৎসত্বেও দেখা যায় যে ইখনে সিখনৰ সান্নিধ্যলৈ নহা দুখন দুৰ ঠাইৰ সাহিত্যৰ মাজত অদ্ভুত ধৰণৰ সাদৃশ্য বিৰাজ কৰিছে।

তুলনামূলক সমালোচনাৰ কাৰণে প্ৰয়োজন উচ্চ-স্তৰৰ পাণ্ডিত্য, বিভিন্ন সাহিত্যৰ যথোচিত জ্ঞান আৰু বুদ্ধিমত্তা। এই সমালোচনাৰ দ্বাৰা নানা দেশৰ সাহিত্য আৰু লিখকৰ অপৰিচয়ৰ ব্যৱধান দূৰ হয়। মানসিক সঙ্কীর্ণতা দূৰ কৰাৰ বাবে আধুনিক কালত তুলনামূলক সমালোচনাৰ প্ৰভাৱ বর্ধিত হৈছে। ইয়াৰ ফলত এখন দেশৰ পাঠকে অন্য এখন দেশৰ ভাষা শিকিবলৈ আগ্রহান্বিত হয়, আনৰ প্ৰতি প্ৰতিকূল মনোভাৱ নাইকিয়া হয়। সেয়ে আজিকালি তুলনামূলক সাহিত্যপাঠ আৰু মূলবিচাৰ মাৰ্জিত ৰুচিৰ লক্ষণ বুলি পৰিগণিত হৈছে।

৫। এজন সমালোচকৰ গুণ কেনে হোৱা উচিত আলোচনা কৰা?

উত্তৰঃ সমালোচনাই উৎকৃষ্ট সাহিত্যৰ সৃষ্টি কৰে। কিন্তু সাহিত্য সমালোচনাই কৰাতো ইমান সহজ কাম নহয়। কিয়নো সাহিত্যৰ সমালোচনা আগবঢ়ালৈ যাওঁতে ব্যক্তিজনৰ গতি কিছুমান বিশেষ গুণ থাকিব লাগিব। সাহিত্য সমালোচনাৰ বাবে এজন সমালোচকৰ গাত থাকিব লগীয়া প্রয়োজনীয় গুণখিনি হ’ল―

(ক) নিৰ্মোঙ উদাৰ মানসিকতা।

(খ) বিশ্লেষণী প্রতিভা।

(গ) সুক্ষ্মদর্শিতা।

(ঘ) নান্দনিক ৰুচি।

(ঙ) মাত্রাজ্ঞান।

(চ) মন্তব্যৰ মাধুৰ্য্য।

মেথিউ আনন্ত নির্মোহ উদাৰ মানসিকতা সম্পৰ্কত অভিমত আগবঢ়াই কৈছে যে এজন সমালোচক হিচাপে তেওঁ নিজৰ গাতে প্ৰথম অৱস্থাত এই গুণৰ অভাৱ আছিল।

নির্মোহ উদাৰ মানসিকতাৰ সম্পৰ্কত, ডেভিদ চেচিলে তেওঁৰ “হার্ডি দা নভেলিষ্ট” গ্রন্থখনত অভিমত প্রকাশ কৰিছে এনেদৰে কেতিয়াবা বাৰু মন কৰিছানে, যেতিয়া কুৰি বছৰ আগতে লোৱা সমূহীয়া পোহৰ ছবি, চাই কোৱা টান হৈ পৰে। কোনজনী তিৰোতাৰ সাজোন কাছোন বেছি, পৰিপাটি কাৰণ সকলো কেইজনী মানুহৰ সাজপাৰ সমানে আপচু যেন লাগে। আনহাতে চল্লিছ বছৰৰ আগৰ সমূহীয়া ছবি, এখনত দেখোন কেইজনীমানৰ সাজপাৰ ফটফটীয়াকৈ মনোমোহা হৈ ওলাই পৰে। সাহিত্যটো একেটা ঘটনাই ঘটে।

হেজলিটে কৈছে যে “সকলো জীৱিত লেখকেই আমাৰ বন্ধু অথবা শত্রু”।

বিশ্লেষণী প্রতিভা :

সমালোচকৰ আন এটা প্ৰধান গুণ হ’ল বিশ্লেষণী প্রতিভা, এজন সমালোচকৰ ভাষাৰ ওপৰত প্ৰচুৰ জ্ঞান থাকিলেহে বিশ্লেষণী প্ৰতিভাৰ গৰাকী হ’ব পাৰে, অৰ্থাৎ ভাষাজ্ঞানে বিষয়বস্তুৰ ওপৰত বিস্তৃতভাৱে পর্যালোচনা কৰাত সহায় কৰে।

বিশ্লেষণী প্রতিভাক জীৱ-বিজ্ঞানীৰ হাতত থকা ছুৰী কটাৰীৰ লগত তুলনা কৰা হৈছে। এই প্ৰসংগতে চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মাধুৰী’ নামৰ

কবিতাটোলে আঙুলিয়াব পাৰি। এই কবিতাটোৰ প্ৰত্যেকটো স্তৱকেই হ’ল এডাল দীঘলীয়া উপমাৰ শিকলিৰ একোপাট খাৰু। সেই কথাষাৰ যদি বুজি পোৱা নাযায় তেতিয়াহ’লে কবিতাৰ ভাষাৰ পৰা কথাৰ ভাষালৈ ভাঙিয়েই ৰসৰ আচল মাধুৰীখিনি উপভোগ কৰিব নোৱাৰি।

নান্দনিক ৰুচিবোধ :

সমালোচকে এই জ্ঞানতো অনুশীলনৰ জৰিয়তে আয়ত্ত কৰিব পাৰে। নান্দনিক ৰুচিবোধ মানেই হ’ল সৌন্দর্যচেতনা। নান্দনিক ৰুচিবোধ সম্পৰ্কত গুৰুচৰিত কথাৰ উল্লেখ থকা কেইশাৰীমান বাক্য উল্লেখ কৰিব পাৰি— “উত্তমোত্তমে অল্প গুণক বিস্তাৰ কৰে, উত্তমে দোষ এৰি গুণ লয়। মধ্যমে দোষ গুণ বিচাৰ কৰে, অধমে থলুৱা একা দোষকেসে কল্পে।”

বাণীকান্ত কাকতিৰ কাপৰ পৰা নিগৰি ওলোৱা শোণিত কুঁৱৰী সমালোচনা হ’ল— উত্তম আলোচনাৰ সুন্দৰ নিদৰ্শন।

মাত্রাজ্ঞানো সমালোচনাৰ অন্যতম অৰ্থতা। মাত্রাজ্ঞান অবিহনে সমালোচনা একদর্শী হৈ পৰাৰ সম্ভাৱনা থাকে। উৎসাহৰ আধিপত্য আৰু প্ৰশংসাৰ কাৰ্পণ্য শ্রেষ্ঠ সমালোচকৰ প্ৰতিবন্ধক।

অন্যহাতেদি মন্তব্যৰ মাধুৰ্য শ্রেষ্ঠ সমালোচনাৰ অন্যতম প্রধান গুণ। সহানুভূতিশীল সমালোচকেহে এই গুণৰ অধিকাৰী হ’ব পাৰে। মন্তব্যৰ মাধুৰ্য্য ৰক্ষা কৰাৰ ক্ষেত্ৰত বাণীকান্ত কাকতিৰ কথা উল্লেখ কৰিব পাৰি। কুমাৰ হৰণ কাব্য সৌন্দৰ্য সম্পৰ্কত কাকতিয়ে কৈছে যে “গোটেই কবিতাটো জোনালী নিশা আকাশী পৰীৰ লীলাখেলা যেন লাগে।”

উল্লিখিত আলোচনাৰ পৰা দেখা গ’ল যে এজন সমালোচক হ’বলৈ হ’লে নিৰপেক্ষ আৰু যুক্তিনিষ্ঠভাৱে সাহিত্যৰ বিচাৰ বিশ্লেষণ কৰিব লাগিব।

৬। সমালোচকৰ অন্তদৃষ্টি মানে কি বুজা ?

উত্তৰঃ সমালোচকৰ গভীৰ অন্তদৃষ্টি তথা দার্শনিক প্রত্যয় নাথাকিলে টীকাকাৰৰ সৈতে সমালোচকৰ কোনো পার্থক্য থাকিব নোৱাৰে। অন্তর্দৃষ্টি ন্যূনতা ঘটিলে সঁচা মিছা, আচল-নকলৰ ভেদ কৰিব নোৱাৰি। দার্শনিকে যেনেকৈ বিশৃঙ্খলতা আৰু বৈচিত্ৰ্যৰ মাজত, জ্ঞানৰ ঐক্য আৰু শৃঙ্খলা আবিষ্কাৰ কৰে তেন্দেৰে অৰ্ভুদৃষ্টি, সম্পন্ন সমালোচকে নীৰ এৰি ক্ষীভাগ গ্ৰহণ কৰিব পাৰে, অৰ্থাৎ, অনাৱশ্যকবোৰ বাদ দি অন্তনিহিত মূল বস্তুটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। তেওঁ তেতিয়া কবিসৃষ্টি আৰু কবিজীৱনীৰ মাজত যোগাযোগ বিচাৰিবলগীয়া হয়, কবিসৃষ্টিৰ গভীৰত আলোক নিক্ষেপ কৰি তেওঁ জষ্টাৰ অস্তঃপুৰত প্রবেশ কৰে। এই দার্শনিক চেতনাৰে আন এটা নাম প্রজ্ঞাদৃষ্টি। অনেক সমালোচকে কলেজ কোঠাৰ শাসন এৰিব নোৱৰা দেখা যায়। ইয়াৰ একমাত্ৰ কাৰণ হ’ল তেওঁলোকৰ সাহিত্য বিচাৰ কৰাত অন্তদৃষ্টিৰ স্বাভাৱিক অভাৱ।

৭। সমালোচকৰ বিশ্লেষণ শক্তি কি?

উত্তৰঃ সমালোচনা এটা পৰিপূৰ্ণ সৃষ্টি, কেৱল বিশ্লেষণী গুণেৰে কোনো সৃষ্টি সম্ভৱ নহয়, তত্রাচ বিশ্লেষণ শক্তিটো সমালোচনাৰ হাতিয়াৰ বিশেষ। ইয়াৰ অভাৱ ঘটিলে সমালোচক দিগ্‌ভ্ৰান্ত হৈ যায়, গ্ৰন্থৰ যথাৰ্থ স্বৰূপ অৱধাৰণ কৰিব নোৱাৰা হয়। লিখকৰ মন ভথা সৃষ্টি আৰু সেই সৃষ্টিৰ সৈতে পাঠকৰ সম্পর্ক অনুধাৱন কৰিবলৈ হ’লে সমালোচকে বিশ্লেষণ শক্তিৰ সাহায্য ল’ব লাগিবই। অৱশ্যে বিশ্লেষণৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰিলে সমালোচনা যান্ত্ৰিক হৈ পৰে আৰু সি শেষত গৈ ব্যাকৰণ আৰু অলঙ্কাৰৰ বৃথাপাণ্ডিত্যত পৰিণত হয়।

৮। সমালোচকৰ যুক্তিৰ প্ৰতি নিষ্ঠা কেনে হোৱা উচিত?

উত্তৰঃ মুক্তিয়ে মানুহক অভ্ৰাত্ত পথ দেখুৱাই দিয়ে, সাহিত্য বিচাৰত যুক্তিয়ে সমালোচকক হাত ধৰি লৈ যায়। সাহিত্য বিচাৰত সকলোতকৈ ডাঙৰ ত্রুটি হ’ল ‘গোড়ামী । সমালোচনাৰ মাজত যৌক্তিক পাৰম্পর্য থকা একান্ত আবশ্যক। সিয়ে নহ’লে সমালোচকে বিশৃঙ্খলাৰ মাজত পথ হেৰুৱাই পেলায়। নিয়মৰ দাসত্ব সমালোচকৰ প্ৰধান শত্ৰু। অনেক সমালোচকেই এই গোড়ামীৰ সীমা অতিক্ৰম কৰি যাব নোৱাৰে। যুক্তিক সাহিত্য বিচাৰৰ প্ৰধান অনুৰূপে ল’লে সংস্কাৰ আৰু মানসিক প্রবণতাই সাহিত্যবিচাৰকৰ অপক্ষপাতী মনক কোনো দিশৰ পৰাই আক্ৰমণ কৰিব নোৱাৰে। 

যিসকল অলপ আবেগপ্রবণ বা যাৰ মনৰ ওপৰত মানসিক সঙ্কীর্ণতা বা ঔদ্ধতাৰ প্ৰলেপ পৰিছে তেওঁলোকে এই যুক্তিবাদক আশ্রয় নকৰিলে সাহিত্যবিচাৰ শেষত গৈ দলাদলিত পৰিণত হয়। আকৌ যুক্তি যদি সমালোচনাৰ বন্ধু নহৈ প্ৰভু হৈ পৰে তেতিয়াও তাৰ পৰিণতি হয় শোচনীয়। বহুতো জ্ঞানগর্ভ সমালোচনাত যুক্তিৰ জোখমাথ প্ৰধান হৈ আলোচনাৰ সাহিত্যৰস বিপৰ্যন্ত কৰি দিয়ে। সাহিত্য সমালোচনা হ’ল সৰ্বোপৰি সাহিত্য বিষয়ক ৰচনা। গতিকে তাত যুক্তিবাদৰ প্রাবল্য ঘটিলে সমালোচনাৰ সাহিত্যিক মূল্য হ্রাস পাব। এই ক্ষেত্ৰত যথার্থ সমালোচকে যুক্তিক কেৱল অস্ত হিচাবে ব্যৱহাৰ কৰিব পাৰে, তাতকৈ বেছি নহয়।

ৰচনাধর্মী প্রশ্নোত্তৰ

১। সমালোচনাৰ স্বৰূপ নিৰ্ণয় কৰা?

উত্তৰঃ আভিধানিক অর্থত সমালোচনাৰ অৰ্থ হৈছে ভাৰসাম্যযুক্ত, নিৰপেক্ষ আলোচনা। এই আলোচনাৰ ভিত্তি হোৱা উচিত যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। সেই দৃষ্টিৰে সমালোচনাকো এক প্ৰকাৰৰ বিজ্ঞান বুলি ক’ব পাৰি যদিও বিজ্ঞানৰ প্ৰামাণিক সূত্ৰৰ দৰে সমালোচনা। আগবঢ়োৱাৰ তেনে কোনো নির্দিষ্ট সূত্র বা ফর্মুলা নাই। তথাপিতো সমালোচনাও এক প্ৰকাৰৰ বিজ্ঞান এই অৰ্থত যে সমালোচনাত কোনো এটা বিষয় বা ঘটনাক যুক্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে বিশ্লেষণ কৰা হয়, সমস্যাসমূহৰ সমাধানৰ পথ প্ৰদৰ্শন কৰা হয়।

সমালোচক আৰু সমালোচনা সম্পৰ্কত সমসাময়িক ধাৰণা মুটামুটি ভালেই যদিও প্রাচ্য আৰু পাশ্চাত্যৰ বহুতো লেখকৰ ৰচনাত আকৌ সমালোচক শ্ৰেণীৰ লোকসকলৰ প্ৰতি তীব্ৰ অনীহা প্রকাশ পোৱাও দেখিবলৈ পোৱা যায় ।কিছু সংখ্যক লেখকে সমালোচকসকলক বুদ্ধি বা জ্ঞানৰ পাৰদৰ্শী লোক বুলি উল্লেখ কৰাৰ বিপৰীতে আন কিছু সংখ্যক লেখকে আকৌ তেওঁলোকক শাৰীৰিকভাৱে কোনো কাম বন নকৰি কেৱল আনৰ দোষ-গুণ খুচৰি থকা এক শ্ৰেণীৰ নীচ বৃত্তি গ্ৰহণকাৰী লোক বুলি অভিহিত কৰাও দেখা যায়। লর্ড বেকন্স ফিল্ডে সাহিত্য আলোচনাৰ প্ৰসংগত এবাৰ কৈছিল— ‘সাহিত্য ৰচনাত বিফল লেখকসকলেই সমালোচকৰ বৃত্তি গ্ৰহণ কৰে।’ মহাকবি গ্যেটেইয়ো সমালোচকসকলক চকুপাৰি দেখিব নোৱাৰিছিল আৰু কৈছিল— ‘সৌ কুকুৰটোক মাৰি পেলোৱা, নহ’লে সিও কেতিয়াবা সমালোচক হৈ উঠিবগৈ।’

সমালোচকসকলৰ প্ৰতি লেখকসকলে এনে বিৰূপ মন্তব্য প্রকাশ কৰাৰ মূলতে হ’ল এক শ্ৰেণীৰ ভণ্ড সমালোচকৰ একপক্ষীয় ধ্বংসকাৰী সমালোচনা। পক্ষপাতপূর্ণ সমালোচনাই ত্রুটিপূর্ণ বিষয় এটাকো শুদ্ধ বুলি আৰু শুদ্ধ বিষয় এটাকো ত্রুটিপূৰ্ণ ৰূপত জনসাধাৰণৰ আগত প্ৰকাশ কৰিব পাৰে। সাহিত্যৰ সমালোচনাতে দেখা যায় যে ড: জন্সনৰ একপক্ষীয় কৃপাদৃষ্টিৰ বাবেই পোপ আৰু এডিচনৰ কবিতাই আজি খ্যাতিৰ উচ্চ শিখৰলৈ উঠিবলৈ সক্ষম। আনহাতে কীটচৰ অকাল মৃত্যুৰ কাৰণ হিচাপে বহুতে ‘কোৱাৰ্টাৰলি ৰিভিউ’ত প্ৰকাশ হোৱা কীটচৰ কবিতাৰ নিষ্ঠুৰ সমালোচনাকে দায়ী কৰিব বিচাৰে।কিন্তু বাস্তৱতে দেখা যায় যে— কীটচৰ সেই সমালোচিত কবিতাসমূহেই আজি যুগজয়ী কবিতা ৰূপে স্বীকৃত হৈ আহিছে।

সমালোচনা পক্ষপাতদুষ্ট নহ’লে তাৰ প্ৰয়োজনীয়তা কিন্তু প্রত্যেকে স্বীকাৰ কৰিবই লাগিব। সুস্থ সমালোচনাৰ বাবে সমালোচকসকল হোৱা উচিত সহৃদয়, নিস্পৃহ, সূক্ষ্ম বিশ্লেষক, আত্ম-সমালোচক, নির্ভীক, যুক্তিবাদী আৰু দার্শনিক দৃষ্টিসম্পন্ন। এই বৈশিষ্ট্যসমূহৰ উপস্থিতি থকা লৈকে সমালোচনা কেতিয়াও ধ্বংসাত্মক হ’ব নোৱাৰে। এনে সমালোচনা সদায়ে সৃষ্টিশীল হয়। লগতে এই কথাও স্বীকার্য যে সমালোচনা সদায়ে যুগ সাপেক্ষ হয় অর্থাৎ সমালোচকৰ মনৰ মাজত যুগৰ চিন্তা – মানস আৰু নান্দনিক কচিবোধে সদায়ে গভীৰ প্ৰভাৱ পেলায়। সেইবাবেই সমালোচনাৰ ধৰণ যে সদায় একে, অপৰিৱৰ্তনীয় হৈ থাকিব সেই কথাও নহয়। এনে এটা সময় আছিল যি সময়ত পূঁজিবাদকেই ব্যক্তি স্বাতন্ত্র্য আৰু ব্যক্তি বিকাশৰ একমাত্ৰ উৎকৃষ্ট পথ বুলি বিশ্বাস কৰা হৈছিল। পুঁজিবাদৰ পক্ষতো সমালোচক আছিল।কিন্তু পাছত সমাজবাদৰ লক্ষত বিশ্বৰ প্ৰায় সকলো দেশেই ঢপলিয়াই ফুৰিবলৈ আৰম্ভ কৰিছিল। তেনেদৰে সাহিত্যৰ ক্ষেত্ৰত দেখা যায় ভলাদিমিৰ নৱাকভৰ ‘ললিতা’ নামৰ উপন্যাসখনক এসময়ত অশ্লীল আখ্যা দিয়া হৈছিল, কিন্তু সেইখন গ্রন্থই পাছত নোবেল বঁটা লাভ কৰিছিল। গতিকে কোনো বিষয়ৰ ওপৰত দহবছৰ আগতে কৰা সমালোচনাৰ ধৰণ আজিও একে হৈ নাথাকিবও পাৰে। কাৰণ, বিষয়টোক বিভিন্ন ঘটনা প্রবাহ, পৰিস্থিতি আদিৰ পটভূমিত নতুন নতুন দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰিবলগীয়া হয়। আৰু সেয়া নকৰিলেই সমালোচনাত ধ্বংসকাৰী ৰূপটোহে বেছিকৈ প্ৰতিফলিত হোৱাৰ সম্ভাবনা থাকে।

দৈনন্দিন যিবোৰ সমালোচনা সাধাৰণতে আমি পঢ়িবলৈ পাওঁ সিবিলাকৰ বেছিভাগতে পক্ষপাতহীনতাৰ অভাৱ আমাৰ চকুত পৰে। এনে সমালোচনাসমূহত উত্থাপিত প্ৰসংগৰ কিছু কিছু ক্ষেত্ৰত যুক্তি থাকিলেও বহু সময়ত তাক সম্পূর্ণ গ্রহণযোগ্য বুলি মানি ল’ব নোৱাৰি। য’ত কেৱল দোষকে উদঙাই দেখুওৱা হয় অথবা কেবল গুণকে বখানি থকা হয়, সেয়া কেতিয়াও সুস্থ সমালোচনা হ’ব নোৱাৰে। ‘মানুহবোৰে যদি ৰুটি খাবলৈ পোৱা নাই তেন্তে সিহঁতে কেক নাখায় কিয়?’— ফৰাচী সাম্রাজ্ঞী আতনিয়েটৰ এইষাৰ উক্তিৰ দৰে দুৰ্ভিক্ষৰ সময়ত জনতাক ৰুটিৰ পৰিৱৰ্তে কেক খাবলৈ পৰামৰ্শ দিয়া ৰাজনীতিবিদ,বুদ্ধিজীৱি আৰু ছল চাই কঠীয়া পৰা সমালোচকৰ অভাৱ আমাৰ দেশত অভাৱ নাই। এনে সমালোচকসকলে অবাবত আনৰ দোষ খুচৰি নিজৰ তৰল পাণ্ডিত্য জাহিৰ কৰিবলৈ অনবৰত চেষ্টা কৰি থকা আমাৰ প্ৰায়ে চকুত পৰে অকল সেয়ে নহয়, তেওঁলোকে বহুসময়ত নিৰপেক্ষ আলোচনালৈ নগৈ কেৱল ব্যক্তিগত ক্ষোভ প্রকাশ কৰিবৰ বাবে বা ব্যক্তি বিশেষক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবৰ বাবেও অতি অশ্লীল আৰু শ্রুতিকটু বাক্যও প্রয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে।

জাতীয় অস্তিত্ব ৰক্ষাৰ চিন্তাত অসমৰ যুৱ-প্ৰজন্মই ন্যায্য পথেৰে আগবাঢ়িও যেতিয়া কোনো সুফল পোৱা নাছিল, তেতিয়াই তেওঁলোকে বাচি লৈছিল সশস্ত্র সংগ্ৰামৰ অন্য এক বিকল্প পথ। আশীৰ দশকত চীন, ভিয়েটনাম, যুগোশ্লাভিয়া, অসম, বার্মা, পাঞ্জাৱ সকলোতে ছাত্র ছাত্ৰী সকলে এনেদৰে হাতত অস্ত্ৰ তুলি লোৱা দেখা যায় আজিৰ গণতান্ত্রিক শাসন-ব্যৱস্থাৰ যুগত যুৱ-প্ৰজন্মই হিংসাত্মক পথ গ্ৰহণ কৰাৰ যুক্তিযুক্ততা কিমান অথবা তেওঁলোকৰ দাবীৰ ন্যায্যতা কিমান সেই সম্পর্কে সুষ্ঠ আৰু নিৰপেক্ষ আলোচনা-সমালোচনাৰ প্ৰয়োজনীয়তা যথেষ্ট আছিল। কিন্তু এই সন্দৰ্ভত মাথো কেইগৰাকীমান সমালোচকৰ বাহিৰে বেছিভাগ সমালোচকৰে সমালোচনাত নিৰপেক্ষতাৰ অভাৱ বিশেষভাৱে পৰিলক্ষিত হৈছিল। 

উদাহৰণ স্বৰূপে, আশীৰ দশকত প্ৰকাশ পোৱা অঞ্জন শৰ্মাৰ ‘আন্ধাৰতে যি সাৰ পায় আৰু কনকসেন ডেকাৰ নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন অসম গঢ়ক’-দুয়োখন পুথিতে অসমৰ সমস্যা সম্পর্কে আলোচনা কৰা হৈছিল যদিও আলোচনাৰ বিষয়বস্তু সমূহক পর্যবেক্ষণ কৰাৰ পদ্ধতি আৰু দৃষ্টিভংগী আছিল ভিন্ন ভিন্ন। সমস্যাসমূহৰ সমাধানৰ সূত্ৰ হিচাপেও এখনত দেখুওৱা হৈছিল সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজনীয়তা আৰু আনখনত দেখুওৱা হৈছিল কৰ্ম সংস্কৃতিৰ প্ৰয়োজনীয়তা। একেদৰে সেইকালত প্ৰকাশিত ‘সাদিন’ কাকতৰ সম্পাদকীয় আৰু ‘সূত্ৰধাৰ’ আলোচনীৰ সম্পাদকীয়ৰ মাজতো ভিন্নতা পৰিলক্ষিত হৈছিল। সাধাৰণ পাঠকৰ মনত এনেধৰণৰ ভিন্ন দৃষ্টিভংগীৰ লেখা-মেলাসমূহে খেলিমেলিৰ সৃষ্টি কৰাটো হৈ পৰিছিল তেনেই স্বাভাৱিক সাধাৰণ পাঠক দিকভ্রান্ত হৈ পৰিছিল। আনফালে নিৰপেক্ষ আৰু যুক্তিনিষ্ঠভাবে ডঃ হীৰেণ গোঁহাইৰ দৰে ব্যক্তিসকলেও যথেষ্ট আলোচনা-সমালোচনা আগবঢ়াইছিল যদিও তেওঁলোকৰ বামপন্থী ভাৱ ধাৰাৰ সৈতে আঞ্চলিকতাবাদৰ আদৰ্শগত সংঘাতৰ সৃষ্টি হৈছিল। বামপন্থী ভাৱদৰ্শৰে প্ৰভাৱিত সমালোচনাসমূহক গ্ৰহণ কৰাৰ মানসিকতা বহুতৰে নাছিল। সমালোচনাৰ এই চৰিত্ৰ আজিও বহুক্ষেত্ৰত তাপৰিৱর্তনীয় ৰূপতে আছে বুলি ক’ব পাৰি। সাম্প্ৰতিক কালতো দেখা যায় সংখ্যাগৰিষ্ঠ সমালোচকেই ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত আৰু বহুক্ষেত্ৰত ই সুবিধাবাদী চৰিত্ৰৰ ৰূপ পৰিগ্ৰহণ কৰিছে।

গতিকে প্রয়োজন নিজস্ব চিন্তাৰ। সমালোচকৰ পক্ষপাতদুষ্ট আলোচনা-সমালোচনাবোৰক নিজস্বভাৱে চালি-জাৰি নোচোৱাকৈ আমি পোনছাতেই সত্য বুলি মানি লোৱাৰ কোনো যুক্তি নাই। সাম্প্রতিক কালত যুক্তিনিষ্ঠ অধ্যয়ণ আৰু বিচাৰ-বিশ্লেষণৰ বিপৰীতে অতিমাত্ৰা আৱেগৰ বশৱৰ্তী হোৱাৰ প্ৰৱণতা আমাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে— যিটো নিৰপেক্ষ আৰু যুক্তিনিষ্ঠ সমালোচনাৰ লগতে গণতান্ত্ৰিক চিন্তা-চেতনাৰ বাবেও বিপদজনক।

২। সমালোচনা সাহিত্য বুলিলে কি বুজা? সমালোচনা সাহিত্যৰ বৈশিষ্ট্য বা লক্ষণসমূহৰ বিষয়ে লিখা?

উত্তৰঃ সম্যক ৰূপে আলোচনাই হ’ল সমালোচনা। সাধাৰণ অৰ্থত সমালোচনা বুলি ক’লে বিৰূপ মনোভাৱক বুজাই যদিও সাহিত্য সমালোচনা হ’ল যুক্তিপূর্ণ নিৰপেক্ষ বস্তুনিষ্ঠ মূল্যায়ন। Richard dutton—ৰ ভাষাত ক’বলৈ গ’লে — The understanding and appreciation of literary texts. হ’ল সমালোচনা সাহিত্য।

যথার্থ সমালোচনা নীৰস সাহিত্য তত্ত্ব নহয়, সৃজনশীল অনুভূতিৰ যুক্তিস্নিগ্ধ প্রকাশহে। অধ্যাপক অৰুণ কুমাৰ মুখোপাধ্যায়ে তেখেতৰ বাংলা সমালোচনাৰ ইতিহাস গ্রন্থ লিখিছে— যথার্থ সমালোচনা বন্ধন নহয়, মুক্তি। সাহিত্যৰ ৰসগ্ৰহণত ই পাঠকক বাধা নিদিয়ে, সহায়হে কৰে। কিন্তু য’ত ইয়াৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা যায়, তেতিয়াই সমালোচনাৰ লক্ষ্য আৰু উদ্দেশ্য নষ্ট হয়। সমালোচনাৰ জৰিয়তে য’ত পাঠকে বুদ্ধি আৰু হৃদয়ৰ নিবিড় সংযোগ স্থাপিত কৰিবলৈ সুবিধা পায়, সেই সমালোচনাই সার্থকতা লাভ কৰে। ৰচনাৰ স্বৰূপ নিৰ্ণয়, ৰসৰ যথাৰ্থ পৰিচয় দান কৰি ৰচনাৰ মূল্য নিৰূপণ কৰাতোহে সমালোচনাৰ লক্ষ্য। এই লক্ষ্যত উপনিত হোৱাটোৱেই সমালোচকৰ সাধনা। Abercrombie য়ে কৈছে— The criticism of literature is often as entirely individual as the creation of literature and as much the work of underniable genius.

বৈশিষ্ট্য বা লক্ষণ: 

১) সাহিত্যৰ সাৰ্থকতা ৰচনা-কৌশলৰ নৈতিক উদ্দেশ্যৰ উপৰত নিৰ্ভৰ কৰে। ৰচনাকৌশল বুলি কওঁতে ভাষা, ছন্দ, অলংকাৰ, চিত্রকল্প, বাক্যৰ শব্দ আৰু অৰ্থৰ সজ্জাকে বোলা হয়। C. Bradley কাব্যক ৰসোত্তীণ কৰাৰ বাবে ছন্দ আৰু অলংকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। কাব্যৰ লক্ষণ বিচাৰ কৰোতে walts Dunton নে ভাষাৰ প্ৰকাশভঙ্গীৰ উপৰত গুৰুত্ব প্ৰদান কৰি লিখিছে— Absolute poetry is the concreate and artistic expression of the human mind in emotional and rhythmical language.

২) কাব্যৰ সৌন্দৰ্য সৃষ্টিকেই কাব্যৰ উদ্দেশ্য বুলি গ্ৰহণ কৰিছে। Walter Pater এ বিষয়ে Goether- ৰ অভিমত আৰু স্পষ্টকৈ কৈছে— The beautiful is higher than the good, the beautiful includes in it the good.

৩) সাহিত্য সমালোচনা একশ্ৰেণীৰ সৃষ্টিশীল সাহিত্য কর্মই। M. Murry ৰ ভাষাত ক’বলৈ গ’লে— A good criticism is as much a work of art as a good poem.

৪) আধুনিক কবি-সমালোচক টি. এছ. এলিয়চে কৈছে Every form of genuine criticism is directed towards creation. The Historical or philosophic critic of poetry is criticizing poetry in order to create poetry. আধুনিক জীৱনৰ সৈতে সংগতি ৰাখি চলিবলৈ সমালোচনা প্রয়োজনীয় হৈ পৰিছে। টি. এছ এলিয়টে কৈছে— Each age demands different things from poetry, though its demands are modified from time to time, by what some new poet has given. So our criticism, from age to age, will reflect the things that the age demands. And the criticism of no one man and no one age can be expected to embrace the whole nature of poetry or exhaust all of its uses. (The modern mind). আধুনিক সাহিত্য সমালোচকৰ ঐতিহ্যবাহী সাহিত্য বিচাৰ পদ্ধতি থকা কথাটো অনেকে মানি লয়। আধুনিক সাহিত্য সমালোচনাৰ ব্যাখ্যা, বিচাৰ আৰু উপভোগ— এই তিনিটি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। আধুনিক সাহিত্য সমালোচনা অধিকাংশ নীতিকেন্দ্রিক সৌন্দর্য সমালোচনা।

৫) সমালোচক যুক্তি-বিশ্লেষণ, নিয়ম-নীতি-বিধি-সংস্কাৰ, ৰুচি ৰস-অৰ্থ-অলংকাৰ, গ্ৰন্থকাৰৰ শক্তি সামর্থ্যৰে প্ৰতিভা বিচাৰ কৰে আৰু বক্তব্য বিষয়ক প্রবন্ধকাৰে মুক্ত মনে ব্যক্ত কৰে।

৩। সমালোচনা সৃষ্টিশীল সাহিত্য হয় নে— বিচাৰ কৰা?

উত্তৰঃ অতীতত সমালোচনা আছিল বিচাৰ, সমালোচক আছিল ন্যায়ধীশ। তেওঁ কবিকৃতিৰ ব্যাখ্যা কৰিছিল, নিন্দা কৰিছিল, প্ৰশংসা কৰিছিল, কিন্তু বিচাৰ্য সাহিত্যৰ সৈতে সমালোচনাৰ যি মৌলিক প্রভেদ সেই বিষয়ে সেই যুগৰ লিখক, পাঠক আৰু সমালোচক কাৰো সন্দেহ নাছিল। এতিয়াও বহুতেই ভাবে যে সমালোচনা হ’ল দ্বিতীয় শ্ৰেণীৰ সৃষ্টি। শিল্পীয়ে জীৱনলৈ চাই জীৱনৰ পৰা সাহিত্যৰ জন্মদান কৰে, সমালোচকে সেই শিল্পৰ বিচাৰ ব্যাখ্যা কৰে। গতিকে কবিৰ সৃষ্টিক অৱলম্বন কৰি সমালোচনাৰ সৃষ্টি হয় আৰু সি মৌলিক সৃষ্টি নহয়।

যথাৰ্থতে সমালোচকৰ নিজা কোনো স্বাধীনতা নাথাকে। তেওঁ প্রতিপদতে মূল গ্রন্থক অৱলম্বন কৰি চলিব লাগে। অৱশ্যে তেওঁ সাহিত্য-বিচাৰৰ মানদণ্ড ধৰি বিচাৰ্য গ্ৰন্থৰ মাজত বহুতো ভুলত্রুটি আৱিস্কাৰ কৰিব পাৰে, লিখকক তীব্রভাষাৰে তেওঁ নিন্দাও কৰিব পাৰে; কিন্তু তেওঁৰ বিচাৰ্য গ্ৰন্থক এৰাই যোৱাৰ উপায় নাই। বিচাৰ্য গ্ৰন্থৰ চাৰি সীমাৰ ভিতৰতেই তেওঁ বিচৰণ কৰিব লাগে। বাহিৰৰ পৰা কিছুমান নিয়মকানুন আমদানি কৰিলেও তেওঁ কোনোক্রমেই শিল্পবস্তুক এৰি আঁতৰি যাব নোৱাৰে। গতিকে সমালোচকৰ কাম হ’ল তেওঁ সকলো প্ৰকাৰে বিচাৰ্য গ্রন্থক অনুসৰণ কৰিব লাগিব, দৰকাৰ হ’লে লিখক পাঠকক পথ দেখুৱাব লাগিব আৰু ভুল পথৰ পৰা আঁতৰাই আনিব লাগিব। কিন্তু সাহিত্য আৰু সাহিত্যিকক এৰি অন্য ঠাইলৈ যোৱাৰ কোনো উপায় তেওঁৰ নাই।

সাহিত্যিকে জীৱনৰ ৰূপ দান কৰে। সমালোচকে কেৱল তাৰ বিচাৰ বিশ্লেষণ কৰিয়েই ক্ষান্ত নহয়, সাহিত্যিকক নির্দেশ দিয়ো তেওঁ কয়, “সেইদৰে নহয়, এনেদৰে কৰক, তেতিয়াহে ভাল হ’ব।” তেওঁ তেতিয়া কেৱল ভাষ্যকাৰ হৈয়ে কাম শেষ নকৰে, এটা বিশেষ ৰূপ আৰু ৰীতিৰ নিৰ্দেশ দি লিখকৰ সমপৰ্যায়লৈ উঠে আৰু শিল্পীৰ দৰেই স্রষ্টা হৈ উঠে। গতিকে ক’ব পাৰি যে সমালোচক কেৱল ব্যাখ্যাকাৰ নহয়, তেৱোঁ সৃষ্টিশীল প্রতিভাৰ পৰিচয় দিব পাৰে। আনহাতে সমালোচকক বুদ্ধিজীৱি মধ্যস্থতাকাৰী বুলি অভিহিত কৰা হয়। গ্ৰন্থৰ বিচিত্ৰতা আৰু দুৰ্বোধ্যতাই অধ্যয়নৰত বহুতো পাঠকক জ্ঞান আহৰণৰ পৰা বিৰত ৰাখে। 

তেওঁ বিভিন্ন গ্রন্থ পঢ়ি দুর্বোধ্য কথাক সহজ কৰি পাঠকৰ আগত দাঙি ধৰিব পাৰে। সমালোচকেই সাহিত্য অন্তর্নিহিত সৌন্দৰ্যক উদ্ধাৰ কৰি পাঠকৰ বিস্ময় সৃষ্টি কৰে আৰু আনন্দ বৰ্ধন কৰে। এইবাবেই ক’ব পৰা যায় যে সাহিত্যিকৰ দৰে সমালোচকেও আপোন মনৰ মাধুৰী সানি নতুন সৃষ্টি কৰে। তেওঁ অগ্রজ সাহিত্যিকৰ সৃষ্টিৰ ওপৰতেই নিৰ্ভৰ কৰে যদিও ৰূপায়ণ দক্ষতাৰ বাবেই স্ৰষ্টাৰ সন্মান লাভ কৰি উঠিবও পাৰে। ভাল সমালোচনা এটা ভাল কবিতা এটাৰ দৰেই কলাকৃতি হিচাপে পৰিগণিত হ’ব পাৰে। শ্রেষ্ঠ সাহিত্যিকে যেনেকৈ জীৱন আৰু জগতৰ সত্যক ৰূপদান কৰে সমালোচকেও সেইদৰে বন্ধন-বিমুক্ত মনোবৃত্তি আৰু দৃষ্টিৰ দ্বাৰা যদি নতুন সত্য সৌন্দৰ্য পাঠকৰ দৃষ্টিগোচৰ কৰিব পাৰে তেন্তে সেই সমালোচকক স্ৰষ্টা আৰু তেওঁৰ সমালোচনাক সৃষ্টিশীল কলা বুলি গ্ৰহণ কৰিব পৰা যায়। কিন্তু সমালোচনা মাত্রেই সৃষ্টিশীল কলা হ’ব নোৱাৰে।

আধুনিক কালত সমালোচনাও সাহিত্যৰ দৰে সৃষ্টিশীল হৈ উঠিছে। এই এতিয়া সাহিত্য নিৰ্ভৰ দ্বিতীয় সৃষ্টি হৈ থকা নাই, নিজেও সৃষ্টিক্ষম শিল্পবস্তু হৈ উঠিছে। আজিৰ সমালোচনা কেৱল জ্ঞানৰ সাহিত্য হৈ থকা নাই, সি বহুখিনি ৰস সাহিত্যও হৈ পৰিছে আৰু বিশুদ্ধ সাহিত্য বিচাৰৰ আদৰ্শতেই সিও বিচার্য বিষয় হৈ পৰিছে।

৪। সমালোচনা সাহিত্য বিজ্ঞান নে শিল্প— বিচাৰ কৰা ?

উত্তৰঃ বর্তমান আমি বিজ্ঞানৰ জগতত বাস কৰিছোঁ। সেয়ে বিজ্ঞানৰ দৃষ্টিভঙ্গীৰে আমি সকলো কথা বিচাৰ, গ্ৰহণ, বৰ্জন কৰিবলৈ প্রস্তুত। আমি পদার্থ জগৎ আৰু অপদার্থ জগতৰ দুটা চেতনাক বিজ্ঞানৰ জোখ মাখেৰে বিচাৰ কৰোঁ। বিজ্ঞান হ’ল প্ৰত্যক্ষত বিশ্বাসী; হাতত যি পাইছে, চকুৰে যি দেখিছে তাক লৈ বিজ্ঞানৰ কাম-কাজ আগবাঢ়ে। কল্পনা, অনুমান, মুখৰোচক জনশ্ৰুতি, অলৌকিকতা, অতিপ্রাকৃততা বা অবাস্তৱিকতা এনেধৰণৰ কথাবোৰৰ ওপৰত বিজ্ঞানে নিৰ্ভৰ নকৰে। 

বিজ্ঞানে জগৎ আৰু জীৱনৰ বিশৃংখলতাৰ মাজত জগতক চলাবৰ বাবে আৰু বুজিবৰ বাবে কিছুমান প্ৰত্যক্ষমূলক অভিজ্ঞতাৰ দ্বাৰা এটা নিয়মৰ ৰাজত্ব আবিষ্কাৰ কৰিবলৈ চেষ্টা কৰে। বিজ্ঞানে দেখিবলৈ পাই যে মাটিৰ যি সত্য আৰু বৈশিষ্ট্য, পানীৰ সেয়া নহয়; আকৌ বতাহৰ স্বৰূপ আৰু লক্ষণো বেলেগ। তথাপি ইহঁতৰ মাজত মোটামুটিভাবে এটা নিয়মৰ ঐক্য আছে আৰু সেই এঁক্য আবিষ্কাৰত বিজ্ঞান বদ্ধপৰিকৰ। তাৰ বাবেই প্রত্যক্ষ নিৰীক্ষা, সেই নিৰীক্ষাৰ পৰা লাভ কৰা তত্ত্ব আৰু জগতৰ বিশৃংখলতাক সেই প্রত্যক্ষ জ্ঞানলব্ধ যুক্তিবাদৰ দ্বাৰা ব্যাখ্যা বিশ্লেষণ কৰি বিশেষ সত্যৰ পৰা নিৰ্বিশেষ সত্যলৈ যোৱাৰ জখলা সাজে। সেয়ে বিজ্ঞানত প্ৰথমতে থাকিব লাগে নিস্পৃহতা, দ্বিতীয়তে প্রত্যক্ষবস্তুৰ ইন্দ্ৰিয়ময় চেতনাৰ বিশ্বাস (যেতিয়ালৈকে তাৰ বিপৰীতটো পোৱা নাই), তৃতীয়তে বিভিন্ন বস্তুচেতনাক ঐক্যবদ্ধ কৰাৰ চেষ্টা, চতুর্থতে সেই ঐক্যৰ পাছত এটা যৌক্তিক পাৰস্পৰ্যৰ আৱিষ্কাৰ থাকিব।

শিল্প আৰু শিল্পীৰ কাম বেলেগ। শিল্পী সৰ্বোপৰি জগৎ আৰু জীৱনৰ প্ৰতি আকৃষ্ট আৰু ইয়াৰ ভাল-বেয়াৰ দ্বাৰা আন্দোলিত বিজ্ঞানৰ দৰে তেওঁৰ দৃষ্টি নিস্পৃহ আৰু নিৰাসক্ত নহয়। দ্বিতীয়তে শিল্পৰ কাম বিশেষৰ মাজেদি নিৰ্বিশেষলৈ যাত্ৰা হ’লেও বিশেষেই তেওঁৰ ওচৰত প্রধান। আমি ‘ৰামায়ণ পঢ়ো তাত পিতৃভক্তি, পৰিত্য আৰু সৌভ্রাতৃত্বৰ যি প্রতীক আছে কেৱল তাৰ বাবেই নহয়, ‘ৰামায়ণৰ মাজত বিশেষ মানুহৰ যি ছবি আছে তাৰ বাবেহে। গতিকে ‘ৰাম ত্রেতাযুগৰ অৱতাৰ বুলি আমাৰ ধাৰণা নহয়, তেওঁ দেশকালৰ গণ্ডীৰ বাহিৰ হৈ যি কোনো যুগতেই হাজিৰ হয়। তৃতীয়তে শিল্পৰ কাম বিশ্লেষণ নহয়, ই শৰীৰতত্ত্ব নহয়; ইয়াৰ কাম হ’ল সংশ্লেষণ আৰু ৰূপনির্মাণ। বস্তু উপাদান গ্রহণ কৰি শিল্পীয়ে নিজৰ কল্পনাৰ সহায়ত জড়বস্তুক মনোময় বস্তুপ্রত্যয়ৰূপে গঢ়ি তোলে। এইটোৱেই হ’ল শিল্পৰ সৃষ্টিশক্তি আৰু সৰ্বপ্ৰধান লক্ষণ।

এতিয়া সমালোচনা বিজ্ঞান নে শিল্প ইয়াৰ বিচাৰ কৰি চালে দেখা যাব বে যি কোনো বিচাৰ পদ্ধতি মূলতঃ বৈজ্ঞানিক আৰু সেই হিচাবে সমালোচনাও বৈজ্ঞানিক। বিজ্ঞান বিদৰে নিস্পৃহ, আৱিষ্কৃত সত্যৰ প্ৰতি তাৰ কোনো পক্ষপাতিত্ব নাই, সেইদৰে সমালোচকজন ব্যক্তিগত ভাল লগা, বেয়া লগা বিষয়টোত নিস্পৃহ হৈ থাকে। সমালোচকৰ কাম সাহিত্য আৰু শিল্পৰ মূল্য নির্ণয়। বিচাৰক হিচাবে তেওঁ নিৰপেক্ষ হ’ব লাগে। দ্বিতীয়তে; সমালোচকে প্রত্যক্ষ সাহিত্যৰ দৃষ্টান্তৰ পৰাই বিচাৰ প্রণালী নির্বাচন কৰিব লাগে আৰু সিদ্ধান্তত উপনীত হ’ব লাগে। বৈজ্ঞানিকে যেনেকৈ যুক্তিমূলক প্রত্যক্ষ জ্ঞানৰ পৰা সত্য আবিষ্কাৰ কৰাত সমৰ্থ হয়, ঠিক তেনেকৈ সমালোচকেও নানা গ্রন্থৰ পৰা সাহিত্য বিচাৰৰ পদ্ধতি তৈয়াৰ কৰিব লাগে। 

সমালোচনাত যি নিয়মাৱলী আৰু আদৰ্শ গঢ়ি উঠিব সি মনে গঢ়া সূত্ৰ নহয়, পূর্বতন আৰু সমকালীন সাহিত্যৰ পৰাই সেই সাহিত্যবিচাৰ পদ্ধতি প্ৰস্তুত হ’ব। ‘এৰিষ্টট’লে’ সেই সময়ৰ গ্ৰীক মহাকাব্য” পাঠ কৰিহে ‘মহাকাব্য’ৰ গুণ আৰু বৈশিষ্ট্য ধৰিব পাৰিছিল। তৃতীয়তে নানা গ্ৰন্থত সিঁচৰতি হৈ থকা খেলিমেলি নিয়মবোৰক ঐক্যবদ্ধ কৰাটোও সমালোচনাৰ কাম। পৃথিৱীত নানা শ্রেণীৰ মহাকাব্য আছে, যুগে যুগে তাৰ ৰূপ আৰু ৰীতি বদলি হৈ আছে, কিন্তু নানা বৈচিত্র্য থকা সত্বেও সমস্ত মহাকাব্য’ৰ মাজত গঠন প্ৰকৃতি আৰু স্বৰূপ লক্ষণত মোটামুটি ঐক্য আছে। এই একা আৱিষ্কাৰ আৰু তাৰ পৰিস্থাপনাই হ’ল সমালোচনাৰ উদ্দেশ্য। জগৎ আৰু জীৱনৰ পাছত যেনেকৈ বহু যুগ ধৰি যৌক্তিক ক্রমবিকাশে কাম কৰি আহিছে ঠিক তেনেকৈ সাহিত্যৰ পাছত অপূৰ্ববস্তু নিৰ্মাণ কৰিব পৰা প্ৰজ্ঞাই যিমানেই কাম নকৰক সমালোচনাই কেতিয়াও দেশ কাল আৰু যৌক্তিকতাৰ প্রভাৱ ত্যাগ কৰিব নোৱাৰে। ইয়াৰ ওপৰতেই শিল্প আৰু শিল্পসমালোচনা বৰ্তি থাকে। এইদৰে দেখা যায় যে বিজ্ঞানৰ সৈতে সমালোচনাৰ সম্বন্ধ নিবিড়।

কিন্তু সমালোচক গবেষণাগাৰত সোমাই থকা বিজ্ঞানীও নহয় আৰু সমালোচনা শুকান কাঠো নহয়। বিজ্ঞানৰ কোনো এটা সুচিৰস্থায়ী ৰূপ নাই; আজি যিটো দুৰূহ তত্ত্ব কাইলৈ সি পানীৰ নিচিনা সহজ হৈ পৰিব পাৰে। এসময়ত ‘নিউটন’ৰ মধ্যাকৰ্ষণ তত্ত্বই পণ্ডিতৰো মূৰ ঘমাই দিছিল, কিন্তু ‘আইনষ্টাইনে’ বিজ্ঞানৰ যি অগ্ৰগতি আনিলে সিয়ে পাছত মধ্যাকৰ্ষণতত্ত্ব তথা ‘নিউটন’ৰ গুৰুত্ব বহুতখিনি কমাই পেলালে। বিজ্ঞানৰ ক্ষেত্ৰত এইদৰে এটা যুগৰ তত্ত্ববাদ অন্যযুগত আহি বদলি হৈ যায়। 

কিন্তু সাহিত্য কেৱল এটা যুগৰ বিষয় নহয়। ‘বাল্মীকি কেৱল এটা যুগৰ মহাকবি নহয়। তেওঁৰ পাছত বহুতো ‘মহাকাব্য’ লিখা হৈছে, তথাপি তেওঁৰ স্থান অম্লান হৈ আছে। ‘আইনষ্টাইনে ‘নিউটন”ৰ গুৰুত্ব কমাই দিয়াৰ দৰে ‘ব্যাসে’ ‘মহাভাৰত, ‘কালিদাসে’ শকুন্তলম্ লিখি ‘বাল্মীকিৰ গুৰুত্ব কমাই দিব পৰা নাই। সাহিত্য যেনেকৈ পুৰাতন হৈ নাযায় তেনেকৈ সমালোচনায়ো পুৰাতন পদ্ধতিক সম্পূর্ণ ত্যাগ নকৰে। “এৰিষ্ট’টল’ৰ পাছত সাহিত্য আৰু সাহিত্যতত্ত্বৰ বহুত নিয়ম বদলি হৈ গৈছে। ক্রেচে’ আহি সাহিত্য বিচাৰৰ নতুন দিশ মুকলি কৰিলে; কিন্তু ‘এৰিষ্ট’টল’ৰ সাহিত্যতত্ত্বৰ সমাধি ৰচনা কৰিবলৈ সক্ষম নহ’ল। গতিকে সমালোচনা কেবলমাত্র বৈজ্ঞানিক বিষয় নহয় বা ই বিশুদ্ধ বৈজ্ঞানিক বিচাৰ নহয়। ই মূলতঃ শিল্পবস্তু।

সমালোচনাত বিজ্ঞানৰ প্ৰত্যক্ষবাদ যেনেকৈ আছে সেইদৰে তাত শিল্পসম্মত কল্পনাৰো স্থান আছে। কেৱল সিমানেই নহয় সমালোচকৰ মাজত স্ৰষ্টাৰ স্বৰূপো লুকাই আছে। তেওঁ শিল্পী-সাহিত্যিকক নতুন কৰি সৃষ্টি কৰে আৰু সমালোচনাৰ মাজেদিয়েই সাহিত্যৰ পুনৰ্জন্ম হয়। সমালোচকে যুগে যুগে পুৰাতনৰ মাজত নতুন ৰস আৰু ৰূপৰ সন্ধান পায়। ৰোমাণ্টিকতাৰ প্ৰচণ্ড ঢকাখাই ‘ড্রাইডেন’ কোনো এক অখ্যাত কোনত পৰি থাকিবলগীয়া হৈছিল, ইলিয়টে আহি তেওঁক উলিয়াই আনিলে। বিজ্ঞানৰ সত্যৰ দৰে সাহিত্যৰ সত্য এবাৰ জানিলেই পুৰাতন হৈ নাযায়, বৰং বিভিন্ন যুগত তাৰ নানা ৰূপ ফুটি উঠে। গতিকে সমালোচকৰ কাম দুৰূহ।

সমালোচনা কেৱল বিজ্ঞানীৰ কাম হোৱা হ’লে সমালোচকে কিছুমান কাৰণ নিৰ্দেশ কৰি কাব্যত আৰোহী যুক্তিমার্গ [Inductive argument] অৱলম্বন কৰিলেহেঁতেন আৰু কিছুমান নিয়ম কানুন বান্ধি দি শেষ কৰিলেহেঁতেন। আনহাতে কেৱল শিল্প হোৱা হ’লে তেওঁ সাহিত্যবিচাৰত যুক্তি-তৰ্কৰ পথেদি নগৈ কেৱল সৌন্দৰ্যনির্দেশ আৰু ব্যক্তিগত আদৰ্শত সাহিত্যৰ প্ৰশংসা কৰিলেহেতেন। কিন্তু সমালোচনা হ’ল একেধাৰে বিজ্ঞান আৰু শিল্প। বিজ্ঞানৰ বস্তুজ্ঞান, যুক্তিক্রম, ৰস আৰু সৌন্দৰ্যৰ পৰিচয় থকা প্ৰয়োজন। সমালোচনাত বিজ্ঞানৰ প্ৰভাৱ নাথাকিলে ‘মেক্সিম গৰ্কী’ৰ ৰস বিচাৰেই একমাত্ৰ মুখ্য হৈ থাকিলেহেঁতেন আৰু সমালোচনাত শিল্পৰ প্ৰভাৱ নথকা হ’লে সাহিত্যবিচাৰ আৰু জীৱবিজ্ঞানৰ কোনো তফাৎ নাথাকিলেহেঁতেন। প্রকৃত সমালোচকৰ মাজত বিজ্ঞান আৰু শিল্প দুয়োটাৰে যথোপযুক্ত সমাবেশ প্রয়োজন, সিয়ে নহ’লে সাহিত্যবিচাৰ একদেশদর্শী হৈ পৰিব।

আধুনিক কালত সমালোচনাত বিজ্ঞানৰ বস্তুসচেতন পৰীক্ষা তথা বিধি বিধান প্রতিষ্ঠা আৰু শিল্পৰ ৰসসৌন্দর্য তথা শিল্পীমানসৰ অভিপ্ৰকাশ- এই দুয়োটা তুল্যমূলা প্ৰভাৱ বিস্তাৰ কৰিছে।

৫। এজন সুসমালোচকৰ কি কি গুণ থকা উচিত— যুক্তিনিষ্ঠ ব্যাখ্যা দাঙি ধৰা?

উত্তৰঃ এজন সুসমালোচক হ’বলৈ হ’লে স্মালোচকজনৰ কিছুমান বিশেষ গুণ থকা প্রয়োজন, যাৰ দ্বাৰা সাহিত্য বিচাৰৰ কাম সুচাৰু ৰূপে সমাধা হ’ব পাৰে। এই গুণবোৰৰ কিছুমান তেওঁৰ স্বভাৱগত আৰু কিছুমান আর্জিত। কেৱল অধ্যয়নৰ দ্বাৰা আৰু আইন কানুনব ঘনিষ্ঠ অনুসৰণৰ দ্বাৰা ব্যৱহাৰজীৱী হ’ব পৰা যায়, কিন্তু সমালোচক হ’ব পৰা নাযায়। সমালোচক হ’বলৈ হ’লে তাৰ বাবে প্ৰয়োজন হয় নিজা সাধনা আৰু সহজাত বোধ। 

বহুতেই ভাবে যে যি সুলিখক নহয় তেওঁৰ সমালোচক হোৱাত বাধা নাই অৱশ্যে তাৰ বাবে প্ৰয়োজন শিক্ষা, সাধনা আৰু নিয়মাৱলীৰ সতৰ্ক অনুসৰণ। কিন্তু কেৱল নিয়ম-কানুন জানিলেও নহ’ব, তাৰ বাবে তেওঁৰ থকা প্ৰয়োজন এটা অৰ্ন্তদৃষ্টি আৰু স্বভাৱজাত বিশ্লেষণশক্তি। সেই শক্তিটোবেই শিক্ষা আৰু অনুশীলনৰ দ্বাৰা অধিক কাৰ্যক্ষম হৈ উঠিব পাবে। তদুপৰি সহাদয়তা, উদাৰতা আৰু কল্পনাশক্তি এইকেইটাৰো বৰ প্ৰয়োজন হয়। কাৰণ সহৃদয়তা নাথাকিলে জীৱনৰ যিটো ৰূপ কবি বা সাহিত্যিকজনে যেনেদৰে দেখিছে সমালোচকজনেও তাৰ সেই ৰূপটো সেইদৰে দেখা সম্ভৱ নহয়। উদাৰতা নাথাকিলে সাহিত্যৰ মৰ্মমূলৰ দৃষ্টিনিক্ষেপ কৰা সহজসাধ্য হ’ব নোৱাৰে। সেইদৰে ৰসবোধ অবিহনে, সাহিত্যৰ সৌন্দৰ্য আস্বাদন আৰু সাহিত্যবোধ সম্পন্ন হোৱা বাঞ্ছনীয় কৰা সম্ভৱ নহয়। মুঠতে সকলোফালৰ পৰাই সমালোচকজন শিক্ষিত, সংস্কৃতিবাদ আৰু সাহিত্যবোধ সম্পন্ন হোৱা বাঞ্ছনীয়।

সমালোচক এজনৰ থাকিবলগীয়া সাধাৰণ গুণবোৰ কিছু বহলাই আলোচনা কৰা হৈছে—

শিক্ষা : জগৎ, জীৱন আৰু, সাহিত্য সম্বন্ধে সমালোচক এজনৰ নিগুঢ় ধাৰণা থকা আৱশ্যক। ইয়াৰ বাবে তেওঁৰ অধ্যয়নৰ সীমা বর্ধিতায়ন হোৱা প্ৰয়োজন। কেৱল সাহিত্যই নহয়, মানুহৰ জ্ঞান-বিজ্ঞানৰ সকলো ৰহস্য তেওঁ জন দৰকাৰ। আকৌ তেওঁ কেৱল নিজৰ দেশৰ সাহিত্যৰ বিষয়ে; জানিলেই নহ’ব; বিদেশী সাহিত্য সম্বন্ধেও তেওঁৰ জ্ঞান থাকিব লাগিব। সিয়ে নহ’লে সাহিত্য বিচাৰকে সুদৃঢ় প্রত্যয়ৰ সৈতে কোনো এটা সিদ্ধান্তলৈ আহিব নোৱাৰে। বিদেশী সাহিত্যৰ সৈতে বৈপৰীত্যমূলক তুলনাৰ দ্বাৰা তেওঁ নিজৰ সাহিত্যৰ সৈতে আনৰ সাহিত্যৰ সম্পর্ক বুজিব পাৰিব। তদুপৰি মনস্তাত্ত্বিক জ্ঞান সম্বন্ধেও তেওঁৰ বিশেষ নিষ্ঠা আৰু অধিকাৰ থকা আৱশ্যক। মনস্তাত্বিক জ্ঞানৰ দ্বাৰা, তেওঁ ৰচনাৰ পশ্চাৎপটত অৱস্থিত লিখকৰ মনৰ খবৰ পাব পাৰে আৰু লিখকব মনৰ এই প্রবণতা ধৰিব পাৰিলেই গ্রন্থবিচাৰো বহুতখিনি সহজ হৈ পূৰে। সমালোচকে যদি লিখকৰ মনোজগতৰ ঠিক খবৰ নাৰাখে তেনেহ’লে তেওঁৰ সমালোচনা একদেশদর্শী হ’বলৈ বাধ্য। এই মনস্তত্ত্বৰ দ্বাৰাই, লিখক আৰু পাঠকৰ মনৰ সংযোগ সাধন কৰা সমালোচকৰ লক্ষ্য হোৱা উচিত। বিস্তৃত অধ্যয়ন সুসমালোকৰ যে প্ৰথম আৰু প্ৰধান লক্ষণ তাত কোনো সন্দেহ নাই।

অন্তদৃষ্টি :  সমালোচকৰ গভীৰ অন্তদৃষ্টি তথা দার্শনিক প্রত্যয় নাথাকিলে টীকাকাৰৰ সৈতে সমালোচকৰ কোনো পার্থক্য থাকিব নোৱাৰে। অন্তদৃষ্টিৰ ন্যূনতা ঘটিলে সঁচা মিছা, আচল নকলৰ ভেদ কৰিব নোৱাৰি। দার্শনিকে যেনেকৈ বিশৃঙ্খলতা আৰু বৈচিত্ৰ্যৰ মাজত জ্ঞানৰ ঐক্য আৰু শৃঙ্খলা আবিষ্কাৰ কৰে তেনেদৰে অৰ্জুদৃষ্টি, সম্পন্ন সমালোচকে নীৰ এৰি ক্ষীভাগ গ্ৰহণ কৰিব পাৰে, অৰ্থাৎ, অনাৱশ্যকবোধ বাদ দি অন্তনিহিত মূল বস্তুটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। তেওঁ তেতিয়া কবিসৃষ্টি আৰু কবিজীৱনীৰ মাজত যোগাযোগ বিচাৰিবলগীয়া হয়, কবিসৃষ্টিৰ গভীৰত আলোক নিক্ষেপ কৰি তেওঁ জষ্টাৰ অন্তঃপুৰত প্রবেশ কৰে। এই দার্শনিক চেতনাৰে আন এটা নাম প্রজ্ঞাদৃষ্টি। অনেক সমালোচকে কলেজ কোঠাৰ শাসন এৰিব নোৱৰা দেখা যায়। ইয়াৰ একমাত্ৰ কাৰণ হ’ল তেওঁলোকৰ সাহিত্য বিচাৰ কৰাত অন্তৰ্দৃষ্টিৰ স্বাভাৱিক অভাৱ।

বিশ্লেষণ শক্তি : সমালোচনা এটা পৰিপূৰ্ণ সৃষ্টি, কেৱল বিশ্লেষণী গুণেৰে কোনো সৃষ্টি সম্ভৱ নহয়, তত্রাচ বিশ্লেষণ শক্তিটো সমালোচনাৰ হাতিয়াৰ বিশেষ। ইয়াৰ অভাৱ ঘটিলে সমালোচক দিগ্‌ভ্ৰান্ত হৈ যায়, গ্ৰন্থৰ যথাৰ্থ স্বৰূপ অৱধাৰণ কৰিব নোৱাৰা হয়। লিখকৰ মন ভথা সৃষ্টি আৰু সেই সৃষ্টিৰ সৈতে পাঠকৰ সম্পৰ্ক অনুধাবন কৰিবলৈ হ’লে সমালোচকে বিশ্লেষণ শক্তিৰ সাহায্য ল’ব লাগিবই। অৱশ্যে বিশ্লেষণৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰিলে সমালোচনা যান্ত্ৰিক হৈ পৰে আৰু সি শেষত গৈ ব্যাকৰণ আৰু অলঙ্কাৰৰ বৃথাপাণ্ডিত্যত পৰিণত হয়।

যুক্তিৰ প্ৰতি নিষ্ঠা : যুক্তিয়ে মানুহক অভ্রাত্ত পথ দেখুৱাই দিয়ে; সাহিত্য বিচাৰত যুক্তিয়ে সমালোচকক হাত ধৰি লৈ যায়। সাহিত্য বিচাৰত সকলোতকৈ ডাঙৰ ত্রুটি হ’ল ‘গোড়ামী। সমালোচনাৰ মাজত যৌক্তিক পাৰম্পৰ্য থকা একান্ত আবশ্যক। সিয়ে নহ’লে সমালোচকে বিশৃঙ্খলাৰ মাজত পথ হেৰুৱাই পেলায়। নিয়মৰ দাসত্ব সমালোচকৰ প্ৰধান শত্ৰু। অনেক সমালোচকেই এই গোড়ামীৰ সীমা অতিক্ৰম কৰি যাব নোৱাৰে। যুক্তিক সাহিত্য বিচাৰৰ প্ৰধান অস্ত্ৰৰূপে ল’লে সংস্কাৰ আৰু মানসিক প্রবণতাই সাহিত্যবিচাৰকৰ অপক্ষপাতী মনক কোনো দিশৰ পৰাই আক্ৰমণ কৰিব নোৱাৰে। যিসকল অলপ আবেগপ্রবণ বা যাৰ মনৰ ওপৰত মানসিক সঙ্কীর্ণতা বা ঔদ্ধত্যৰ প্ৰলেপ পৰিছে তেওঁলোকে এই যুক্তিবাদক আশ্রয় নকৰিলে সাহিত্যবিচাৰ শেষত গৈ দলাদলিত পৰিণত হয়। আকৌ যুক্তি যদি সমালোচনাৰ বন্ধু নহৈ প্ৰভু হৈ পৰে তেতিয়াও তাৰ পৰিণতি হয়। শোচনীয়। বহুতো জ্ঞানগর্ভ সমালোচনাত যুক্তিৰ জোখমাখ প্ৰধান হৈ আলোচনাৰ সাহিত্যৰস বিপর্যস্ত কৰি দিয়ে। সাহিত্য সমালোচনা হ’ল সর্বোপৰি সাহিত্য বিষয়ক ৰচনা। গতিকে তাত যুক্তিবাদৰ প্রাবল্য ঘটিলে সমালোচনাৰ সাহিত্যিক মূল্য হ্ৰাস পাব। এই ক্ষেত্ৰত যথার্থ সমালোচকে যুক্তিক কেৱল অন্ত হিচাবে ব্যৱহাৰ কৰিব পাৰে, তাতকৈ বেছি নহয়।

নিস্পৃহতা : সাহিত্য বিচাৰত সমালোচকজন তেওঁৰ ব্যক্তিগত ভাললগা, বেয়া লগাৰ ওপৰত থাকিব লাগে। সমালোচকৰ নিস্পৃহতা গুণ নাথাকিলে সাহিত্য বিচাৰ ব্যক্তিমানসৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ পৰে আৰু তেওঁ অপক্ষপাতী দৃষ্টিৰ পৰিচয় দিবলৈ বাৰ্থ হয়। সমালোচকে যেতিয়া নিজৰ ৰুচি আৰু চিত্তপ্ৰবণতাকেই একমাত্র মূল্যমান বুলি গ্ৰহণ নকৰে তেতিয়াই তেওঁ নিস্পৃহ তথা নিৰাসক্ত ভাবদৃষ্টিৰ দ্বাৰা সাহিত্যৰ যথাৰ্থ স্বৰূপ ধৰিব পৰা হয়। 

সমাজনীতি, ৰাজনীতি, ধর্মনীতি প্রভৃতি সাহিত্য বহির্ভূত পটভূমিকাক অত্যধিক গুৰুত্ব দিলে সমালোচকে সাহিত্যবিচাৰ কৰা শক্তি হেৰুৱাই পেলায়। অৱশ্যে সাহিত্য বিচাৰত সমালোচকজন বৈষ্ণৱী নিৰাসক্তও হ’ব নোৱাৰে। সাহিত্য প্রধানতঃ ব্যক্তিচিত্তাশ্রয়ী,— সি লাগিলে লিখক, পাঠক, সমালোচক যাবে চিত্তই নহওক। সমালোচকে যি ক’বলৈ বিচাৰে, যিমানেই নিৰাসক্ত অভ্যাস নকৰক কিয় তেওঁৰ বিচাৰ প্ৰণালীৰ সৈতে তেওঁৰ মনৰ কথাৰ কিছু নহয় কিছু যোগ হ’বই, তেওঁ তেওঁৰ ব্যক্তিগত প্রবণতা কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে সমালোচনা মাত্রেই সমালোচকজনৰ ভাবনা চিন্তাৰ দ্বাৰা কিছুপৰিমাণে নিয়ন্ত্রিত হোৱা স্বাভাবিক। কিন্তু তেওঁৰ লক্ষ্য হোৱা উচিত কেনেকৈ তেওঁ সকলো সময়তে ব্যক্তিগত মানসিকতাৰ ওপৰলৈ উঠিব পাৰে। সেয়ে হ’লে তেওঁ কেৱলমাত্ৰ নিজৰ মনেসজা ভাব আৰু আদৰ্শৰ দ্বাৰা সমালোচনা কৰিবলৈ প্ৰবৃত্ত নহ’ব আৰু সাহিত্যৰ যথাৰ্থ স্বৰূপ আৱিষ্কাৰ কৰাত সফলতা লাভ কৰিব।

উদাৰতা : কোনো গ্রন্থ বা গ্ৰন্থকাৰ সম্বন্ধে অন্যৰ অপ্ৰীতিকৰ সমালোচনা সহ্য কৰিব পৰা মানসিক উদাৰতা এজন সমালোচকৰ থকা প্রয়োজন। এখন গ্রন্থ হয়তো সমালোচকৰ ৰুচিৰ সৈতে খাপ খোৱা নাই, অথবা সেই গ্রন্থ সম্বন্ধে অন্য কোনো সমালোচকৰ সিদ্ধান্ত ভাল বুলি মনে ধৰা নাই – তেতিয়াই যে সমালোচকে প্রতিপক্ষৰ প্ৰতি ভীমৰ ভাও দি গদা ঘূৰাব সেইটো ঠিক নহয়। তেওঁৰ বিপৰীত মতামত আৰু তেওঁৰ ৰুচিকৰ নহয় এনেকুৱা গ্রন্থ সম্বন্ধেও তেওঁ সহিষ্ণু হ’ব লাগে। এই ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথা হ’ল যে সমালোচক জনে কেবল যে আনৰ গ্ৰন্থকে সমালোচনা কৰিব সেইটো নহয়, তেওঁ মাজে মাজে আত্ম সমালোচনা আৰু আৰু বিশ্লেষণতো নিযুক্ত থাকিব লাগে।

আমি সাধাৰণতে কিছুমান প্ৰিয় ধাৰণাৰ দ্বাৰা চালিত হওঁ আৰু কোনোবাই চকুত আঙুলি নি দেখুৱাই দিলেও তাক এৰিব নোখোজোঁ। ফলত আমি আমাৰ ব্যক্তিগত ৰুচি আৰু বুদ্ধিকেই সাহিত্য বিচাৰৰ চূড়ান্ত মাপকাঠি বুলি ধৰি লওঁ। এনে ধৰণৰ অহংমন্যতাই সমালোচনাক দোষযুক্ত কৰি তোলে। এনে ক্ষেত্রতেই সমালোচকজন আত্মসমালোচনা আৰু আত্মবিশ্লেষণ প্রস্তুত হোৱা প্ৰয়োজন। নিজৰ মনৰ গভীৰতালৈ সোমাব পাৰিলেহে তেওঁ দেখিবলৈ পাব যে তেওঁৰ মনৰ দাপোন পৰিষ্কাৰ নহয়— তেওঁৰ চিত্তাশক্তি, তেওঁৰ কিছুমান প্রিয় সংস্কাৰ আৰু চিত্তপ্রৱণতাৰ দ্বাৰা আচ্ছন্ন হৈ গৈছে। সমালোচকে নিজৰ সিদ্ধান্তৰ বিশ্লেষণ পুনৰ বিচাৰ প্ৰভৃতিৰ দ্বাৰা বহুতো ভুল ত্রুটি আৰু চিন্তাৰ জড়তাৰ পৰা মুক্তি পাব পাৰে। তাকে নকৰি কোনো গ্ৰন্থ তেওঁৰ সংস্কাৰত ,লাগিলেই তেওঁ যদি ক্ষিপ্ত হৈ উঠে তেতিয়া হ’লে সেই গ্ৰন্থখনৰ প্ৰতি আৰু সুবিচাৰ কৰা নহয়।

সহৃদয়তা : লিখকৰ প্ৰতি সুবিচাৰ কৰিবলৈ হ’লে তেওঁৰ প্ৰতি সমালোচকৰ সহানুভূতিও থকা প্ৰয়োজন। সহানুভূতিৰ অৰ্থ হ’ল লিখকৰ সৈতে সমালোচকৰ সমপ্রাণতা বা সহয়তা। সমালোচকে যদি প্ৰথমৰ পৰাই লিখকৰ দোষ বিচৰাত লাগি যায় তেন্তে কোনো গ্ৰন্থৰ প্ৰতিয়েই তেওঁ সুবিচাৰ কৰিব নোৱাৰিব। তেওঁ প্ৰথমৰ পৰাই প্ৰতিকূল মনোভাব গ্ৰহণ নকৰি যদি লিখকৰ পথ ধৰি চলিবলৈ লয় তেতিয়াহে তেওঁ গ্ৰন্থৰ যথাৰ্থ স্বৰূপ বুজিব পাৰিব। ‘কেলেট’ নামৰ এজন সমালোচকে নিজৰ অভিজ্ঞতাৰ বৰ্ণনা দি এঠাইত কৈছে যে তেওঁ এটা সময়ত উপন্যাসৰ সমালোচনা কৰোতে ঔপন্যাসিকৰ দোষ ত্রুটি পালেই তীব্র আক্রমণ কৰিছিল। 

পাছত তেওঁৰ নিজৰেই উপন্যাস লিখিবলৈ ইচ্ছা হ’ল আৰু লিখিও পেলালে। কিন্তু উপন্যাসখন লিখিবলৈ গৈ তেওঁ দেখিলে যে ইতো সহজ কথা নহয়। ইয়াৰ পাছৰ পৰা অন্যৰ উপন্যাস বিচাৰ কৰিবলৈ গৈ তেওঁ আগৰ তীব্ৰ আক্ৰমণৰ ভঙ্গীমা পৰিত্যাগ কৰিলে আৰু তেওঁৰ মনত ঔপন্যাসিকৰ প্ৰতি সহানুভূতি সঞ্চাৰিত হ’ল। আমাৰ বহুতো সমালোচকে যে গৰলমুখী লিখনী ব্যৱহাৰ কৰে তাৰ কাৰণ হ’ল বিচাৰ্য গ্ৰন্থৰ প্ৰতি তেওঁলোকৰ কোনো সহানুভূতি নাথাকে। সাহিত্য বিচাৰত লিখকৰ সৈতে সমালোচকৰ মানসমৈত্রী স্থাপিত নহ’লে সমালোচনা বিষোদগাৰত পৰ্যবসিত হয়।

মুঠতে, সমালোচনাৰ শেষ কথা হ’ল লিখকৰ মনৰ ওপৰত সমালোচকৰ প্রতিষ্ঠা। সমালোচকৰ যদি লিখকৰ দৰে কল্পনাশক্তি, আৰু দিবাদৃষ্টি নাথাকে তেন্তে তেওঁ গ্ৰন্থ বিচাৰৰ যথোচিত কর্তবা পালন কৰাত ব্যৰ্থ হ’ব। সেইবুলি উপন্যাস বিচাৰ কৰিবলৈ গৈ উপন্যাস লিখিলে নহ’ব বা কাব্য বিচাৰকজন কবি হ’বলৈ যাব নালাগিব। সমালোচকে শিল্পীৰ দৰে সমৃষ্টি আৰু কল্পনাশক্তিৰ অধিকাৰী হ’লে সাহিত্যৰ মূল স্বৰূপ আৰু তাৰ আত্মাৰ আকৃতি সঠিকভাৱে ধৰিবলৈ সক্ষম হ’ব পাৰে। এইদৰে সমালোচক আৰু লিখকৰ মাজত আত্মাপৰমাত্মা সম্বন্ধ স্থাপিত কৰিব পাৰিলে বিচাৰ বিতৰ্ক লৈ গণ্ডগোল সৃষ্টি হ’ব নোৱাৰে। 

সেইটোৱেই নহৈ যদি লিখক আৰু সমালোচকৰ মনৰ দিশটোৰ পৰা স্তৰভেদ হৈ যায় তেতিয়া হ’লে সমালোচক হৈ পৰে দণ্ডধাৰী দাৰোৱান, যিটো প্ৰকৃততে সমালোচকৰ কাম নহয়। অৱশ্যে এইটো ঠিক যে সাহিত্যিকৰ কল্পনা সক্ৰিয় তথ। সৃষ্টিশীল আৰু সমালোচকৰ কল্পনা কিছু নিষ্ক্রিয়। সিয়ে হ’লেও সাহিত্য বিচাৰত সমালোচকৰ ৰসবোধ আৰু চিত্তপ্রৱণতা লিখকৰ সমধৰ্মী হ’লে বিচাৰ-বিভ্রাট নঘটে। এইক্ষেত্ৰত সাহিত্যিকৰ চৰণচিহ্ন অনুসৰণ কৰাটোৱেই হ’ল সমালোচকৰ একমাত্ৰ কাম।

৬। সমালোচনা সৃষ্টিধৰ্মী আৰু গঠনমূলক সমালোচনা— এই সম্পর্কে আলোচনা কৰা?

উত্তৰঃ  সাহিত্য সমালোচনা ইমানেই বিভিন্ন পদ্ধতিত অনুসৃত হয় আৰু একেই সাহিত্য সম্বন্ধে অনেক সময়ত দুজন মনীষীৰ মাজত ইমানেই মতানৈক্য দৃষ্ট হয় যে তাৰ ফলত উদাৰ শিল্প সৌন্দৰ্য সম্বন্ধে কোনো এটা মীমাংসাত উপনীত হোৱাটো কঠিন হৈ পৰে। গবেষণাগাৰত দুটা বিভিন্ন মনোবৃত্তি সম্পন্ন দুজন বিজ্ঞানী কোনো বৈজ্ঞানিক সত্য বিশ্লেষণ কৰি একে সত্যত উপনীত হ’ব পাৰে।

নকিন্তু সাহিত্য-সমালোচনাৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়। সেয়ে কোৱা হয় যে কোনো দুজন লোকেই একেখন উপন্যাস বা নাটক পঢ়া নাই।” সমালোচনাৰ ক্ষেত্ৰত মত বিৰোধৰ কাৰণ সম্ভৱতঃ এয়ে যে দুজন লোক শিক্ষা-দীক্ষা আৰু জ্ঞান গৰিমাত তুল্য হ’লেও তেওঁলোকৰ ৰুচিবোধ ভিন্ন হয়। পৃথিবীত এক চিত্তবৃত্তি বিশিষ্ট দুজন মানুহ পোৱা নাযায়। আকাৰ আয়তনত মানুহ নামৰ জীৱৰ দেশ কাল ভেদে খুব এটা পাৰ্থক্য নাই, কিন্তু মানুহৰ মন অতি বিচিত্ৰ আৰু জটিল। এজনৰ মনৰ বিশেষ ধৰ্মত অশেষ পার্থক্য থাকিলেও অৱশ্যে সামান্য ধৰ্মত নানা মনৰ সাদৃশ্যবোধক নিম্নতম মাপকাঠি আৱিষ্কাৰ কৰা একেবাৰে দুৰূহো নহয়।

সমালোচনাত মতদ্বৈধতাৰ আৰু এটা কাৰণ হ’ব পাৰে সমালোচকৰ থাকিবলগীয়া গুণখিনিৰ অভাৱ। সমালোচকৰ কিছুমান বিশেষ গুণ থকা প্রয়োজন, যেনে, সহমদয়তা, কল্পনাশক্তি, অন্তর্দৃষ্টি, উদাৰতা, পক্ষপাতহীনতা ইত্যাদি ৷ এইবোৰৰ অভাৱৰ বাবেই অনেক সমালোচকে সাহিত্যৰ পুথিগত মূল্যমান নিৰূপণ কৰিবলৈ গৈ সমালোচনাৰ নামত কেৱল ব্যক্তিগত মতামতকে চলাই দিবলৈ বিচৰা পৰিলক্ষিত হয়। সমালোচকৰ মইমতালি, উদ্ভণ্ডালিয়েও বহুতসময়ত শালীনতাবোধৰ সামান্য দাবীটোকো অগ্রাহ্য কৰি থয়, যাৰ ফলত সৃষ্টি হয় গোষ্ঠীবাদৰ আৰু সিয়ে কালিনাগৰ দৰে হদৰ পানী বিষাক্ত কৰি তোলে। এনে সমালোচকে লেখক আৰু পাঠকৰ মধ্যস্থতাকাৰী হিচাবে ভূমিকা গ্রহণ কৰিবলৈ ব্যৰ্থ হয়। তেওঁলোকে পাঠকক বিমোৰশ্ৰস্ত আৰু দোদোল্যমান কৰি পণ্ডিতালিৰ বাঃ বাঃ বুটলি ল’বলৈ যায় আৰু পাঠকে নিৰব দর্শক হৈ ভেবা লাগি খেলখন চাই থাকে— বাটত দুজনৰ মাজত লগা কাজিয়া চাবলৈ এদাঁতিত জুম পতা কিছুমান মানুহৰ দৰে। সমালোচনাত বিচাৰকৰ এই ভূমিকা লিখক আৰু পাঠক কাৰো ভাল নালাগে। 

সৃষ্টি কৰ্মৰ ব্যাখ্যাই যদি সমালোচকৰ প্ৰধান কৰ্তব্য, তেনেহ’লে সমালোচনাই সাহিত্যকর্মৰ অধীনত থাকি নিজৰ ভূমিকা গ্ৰহণ কৰিব লাগিব। সমালোচকৰ স্থান শিল্পীৰ ওপৰত হ’ব নোৱাৰে। সমালোচকৰ নিৰ্দেশ শিল্পীয়ে নামানিবও পাৰে, কাৰণ সমালোচকজন শিল্পীৰ অভিভাবকো নহয় বা তেওঁ শিল্প নিয়ন্ত্ৰণৰ দায়িত্বত থকা নিয়ন্ত্ৰণ আৰক্ষীও নহয়। শিল্পীয়ে সমালোচকক মিত্ৰৰূপে পাবলৈ বিচাৰে, শাস্তা ৰূপে নহয়। শিল্পীয়েহে শিল্পীৰ মৰ্মকথা বুজি পাব পাৰে। সেয়ে করিয়ে ভাবে যে কাব্যসমালোচনাৰ বাবে কবি প্ৰতিভাৰ প্ৰয়োজন কবিসকলেইহে শ্রেষ্ঠ সমালোচক।

গতিকে বুজা গ’ল যে ভাল-বেয়া, দোষ-গুণ দুয়োটাকে সমান (সম) ভাবে লৈ যি বিচাৰ (আলোচনা) কৰা হয় সিয়ে সমালোচনা। ই বেয়াবোৰ এৰি কেৱল ভালবোৰক লোৱা অৰ্থাৎ দোষবোৰক বাদ দি কেৱল গুণৰাজিক বখনা বৈষ্ণৱী বিচাৰ বা একপক্ষীয় বিচাৰ নহয় ।” অথবা প্রকৃত সমালোচক যিজন তেওঁ কন্দল সৃষ্টি কাৰী কন্দলিও নহয়। —তেওঁ ন্যায়নিষ্ঠ বিক্রমাদিত্য, এজন উদাৰ প্ৰকৃতিৰ সহৃদয় লোক। সমালোচকে লিখক আৰু পাঠকৰ মাজত ঘটকালি কৰে বা বিচাৰকৰ দৰে তেওঁ সাহিত্যৰ দোষ গুণ নির্ণয় কৰে নাইবা বন্ধুৰ দৰে শিল্পীৰ সৈতে সহাদয় সম্পৰ্ক স্থাপন কৰিব পাৰে। ‘সমালোচকজনে এই তিনিপ্ৰকাৰ ধাৰাৰ যি কোনো এটাক অৱলম্বন কৰিব পাৰে। এজন আদর্শবান সমালোচকৰ ক্ষেত্ৰত অৱশ্যে এই তিনিওটা লক্ষণেই থকা প্রয়োজন। ‘প্রকৃত সমালোচনাই পথভ্রষ্ট সাহিত্যিকক নিয়ন্ত্ৰিত কৰি তেওঁক দৃষ্টিদান-কৰে আৰু সাধাৰণ পাঠকৰ দৃষ্টি শাণিত কৰি তেওঁৰ অনুভূতি জাগ্ৰত কৰে। সাহিত্য যেনেকৈ গ্ৰন্থকাৰৰ আত্মপ্রকাশ, সমালোচনাও এইদৰে সমালোচকৰ আত্মমুক্তি। 

কিন্তু এই আত্মমুক্তি নিছক ব্যক্তিগত নহয়; ব্যক্তিগত কাব্যানুভূতি যেতিয়ালৈকে সর্বমানৱৰ প্ৰত্যয় আলোকত বিভাসিত নৱ-সৃষ্টিৰে মুভ হৈ নুঠে তেতিয়ালৈকে সি প্ৰকৃত সমালোচনাৰ পর্যায়লৈ উন্নীত নহয়। যথার্থতে সমালোচক, শিল্পী আৰু পাঠক, এই ত্ৰিধাৰাৰ ত্রিবেণী ৰচনা কৰিব পাৰিলে সৃষ্টিক্ষম সাহিত্য আৰু সেই সাহিত্যৰ ভাষ্যকাৰ, দুয়োৰে সম্পৰ্ক হ’ব আদান-প্ৰদানৰ তেতিয়াহ’লে শিল্পী আৰু শিল্পবসিক দুয়োৰে ওপৰত স্বৰ্গীয় আলোক আহি পৰিব আৰু পাঠকে সেই শিল্প সৃষ্টিটোক বিনাদ্বিধাগ্ৰস্ততাৰে গ্ৰহণো কৰি ল’ব পাৰিব।

সৃষ্টিশীল সমালোচনা [Creative Criticism] আৰু গঠনমূলক সমালোচনা [Constructive Criticism]- এই দুটাৰ মাজত প্ৰভেদ এইখিনিতে যে সৃষ্টি হ’ল নতুন উদ্ভাৱন আৰু গঠন হ’ল বিভিন্ন প্ৰত্যক্ষৰ সমবায়ত গঢ়ি উঠা যন্ত্রধর্মীতা [Mechanical] ‘শঙ্কৰদেৱৰ সৃষ্টিশীল সমালোচনাৰ অৰ্থ হ’ল শংকৰদেৱৰ সৈতে সমালোচকৰ মৈত্রীবন্ধন, কবিসৃষ্টিক নিজৰ সৃষ্টি কৰি লোৱাৰ দুঃসাধ্য সাধনা। আনহাতে শঙ্কৰদেৱৰ গঠনমূলক সমালোচনা অর্থ হ’ল আইনানুগ যন্ত্ৰৰ দ্বাৰা ‘শঙ্কৰদেৱ’ৰ ব্যাখ্যা আৰু পুননির্মাণৰ দুশ্চেষ্টা।

বর্তমান সাহিত্য বিচাৰে “স্মৃতি-সংহিতা’ৰ নীতি নিৰ্দেশ পালন কৰাত তৎপৰ নহয়, ই সাহিত্যৰসৰ দৰেই নতুন উপলব্ধিত পৰিণত হ’বলৈ আগবাঢ়িছে। সেয়ে এতিয়াৰ সমালাচনা কেৱল শুকান তথ্যতালিকা আৰু দোষ-গুণৰ নামাৱলী নহয়। সেই সমালোচনাৰ মাজত জীৱনলব্ধ সত্য আৰু শিল্পৰ স্বৰূপ ফুটি উঠিছে। বাণীকান্ত কাকতিয়ে শঙ্কৰদেৱৰ বিষয়ে, ‘অসমীয়া প্রাচীন সাহিত্যৰ বিষয়ে কি কৈছে, সেইটো একমাত্র জ্ঞাতব্য নহয়— কেনেদৰে কৈছে, সিও সমানে মূল্যবান৷ এইটো ধাৰাতে আধুনিক কালৰ সমালোচনাই সৃষ্টিমূলক ৰীতিৰ পিনে গতি কৰিছে আক ইয়াৰ ফলত সমালোচনাই সকলো সময়তে লিখকৰ নিৰ্দিষ্ট গণ্ডী অৱলম্বন নকৰি তেওঁৰ সৈতে নতুন পথত খোজ বাখিছে। 

এই জাতীয় সৃষ্টিমূলক সমালোচনা যে সুখপাঠ্য তাত কোনো সন্দেহ নাই; ই লিখকক যে পাঠকৰ সৈতে আত্মীয়তাৰ সূত্ৰত বন্ধন কৰে, সিও ঠিক; কিন্তু ইয়াৰ ফলত সমালোচনাৰ পৰাই পাঠকে বিশুদ্ধ সাহিত্যৰস আহৰণ কৰিব পৰা হোৱাত তাতেই তেওঁৰ ৰসতৃষ্ণা পূৰ হৈ যাব পাৰে আৰু তেওঁ মূলগ্রন্থ পাঠ কৰিবলৈ মুঠেই উৎসাহী হৈ নুঠিব পাৰে। সৃষ্টিশীল বা গঠনমূলক সমালোচনাৰ পৰা হ’ব পৰা এই ধৰণৰ বিপদটো লিখক, পাঠক আৰু স্বয়ং সমালোচকেও প্রণিধান কৰা কৰ্তব্য।

৭। সাহিত্য বিচাৰৰ পদ্ধতি হিচাপে সমালোচনা সাহিত্যৰ শ্রেণীবিভাজন কৰি আলোচনা আগবঢ়োৱা?

উত্তৰঃ সমালোচনা সম্বন্ধে প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যত বৰ্তমানলৈকে যিমানবোৰ পদ্ধতি অনুসৰণ কৰা হৈছে সেইবোৰক কেইটামান শ্রেণীত বিভক্ত কৰি লব পৰা যায়। যেনে— অলঙ্কাৰ পদ্ধতি, বিধিসম্মত পদ্ধতি, ঐতিহাসিক পদ্ধতি, জীৱনীমূলক পদ্ধতি, মনস্তত্বমূলক পদ্ধতি, পৰিসংখ্যান পদ্ধতি, ভাষাতাত্ত্বিক পদ্ধতি, তত্ত্বসন্ধানী পদ্ধতি, ব্যক্তিগত সমালোচনা, তুলনামূলক সমালোচনা, বস্তুনিষ্ঠ পদ্ধতি।

অলঙ্কাৰ পদ্ধতি : কাব্য বিচাৰত যিসকলে কাব্যৰ শব্দ আৰু অৰ্থালঙ্কাৰ আস্বাদন কৰে তেওঁলোকে এই পদ্ধতি অনুসৰণ কৰে। এই শ্ৰেণীৰ সমালোচকৰ মতে কাব্যৰ প্ৰয়োজনীয়তা কেৱল অলঙ্কাৰ চাৰুতাৰ ওপৰত নিৰ্ভৰশীল। অলঙ্কাৰ যুক্ত হোৱা বাবেই সেইবোৰক কাব্য হিচাপে গ্ৰহণ কৰা হয়— কাব্যং গ্রাহ্যমলং কাৰাৎ। কিন্তু এই পদ্ধতিক সমালোচনাত সাহিত্যক সমগ্ৰতাৰে চোৱা নহয়। ইয়াত এইটো পাহৰি যোৱা যায় যে সাহিত্যৰ বিষয়বস্তুৱে বিশিষ্ট সালঙ্কাৰ মূৰ্তি পৰিগ্ৰহ কৰে, তাক সর্বাঙ্গীনতা অবিভাজ্য। 

বিধিসম্মত পদ্ধতি : এই পদ্ধতি অৱলম্বন কৰাসকলে ‘এৰিষ্ট’টল’ৰ পলিটিক্সত উল্লেখিত নির্দিষ্ট বিধি বা নিয়ম কানুন মানি লয় অর্থাৎ সাহিত্য বিচাৰৰ প্ৰাচীন বিধিব্যৱস্থাবোৰকে চূড়ান্ত বুলি মানি লৈ সাহিত্যৰ বিচাৰ কৰিবলৈ বিচাৰে। সেয়ে ইয়াক ‘বৈধী সমালোচনা’ বুলিও ক’ব পৰা যায়। এই ধৰণৰ সমালোচনাত পূৰ্বনির্দিষ্ট কিছুমান অচল নিয়মৰ সাহাৰ্য লোৱা হয় আৰু সেই নিয়মৰ কোনোপধ্যেই ব্যতিক্রম হ’ব নোৱাৰে। দীর্ঘকাল ধৰি সাহিত্যবিচাৰকসকলে শিল্পদৃষ্টি আৰু প্ৰজ্ঞাদৃষ্টিৰ বলত সাহিত্যৰ মূল্যাবধাৰণ সম্পর্কে যিবোৰ অনুজ্ঞা নিৰ্মাণ কৰিছে সেয়া বেদৰ বাণীৰ দৰে অলঙ্ঘণীয়। সেয়ে এই সমালোচকসকলে ভাবে যে সমালোচনাত সনাতন বিধান নামানিলে সাহিত্য জগতত অৰাজকতা আৰম্ভ হৈ যাব। প্রকৃততে এই সমালোচনাই নতুনত্ব নিবিচাৰে, কেৱল পুৰণিৰ পুনৰাবৃত্তিকেই ইয়াত প্ৰশংসনীয় সাহিত্যকৃতি বুলি বিবেচনা কৰা হয়। বিশেষকৈ প্রাচীন সাহিত্যৰ বিচাৰ কৰোতে বিধিসম্মত পদ্ধতিটোৱেই একমাত্র গ্রহণযোগ্য হ’ব পাৰে।

ঐতিহাসিক পদ্ধতি : ঐতিহাসিক সমালোচনা’ত সমালোচকে ইতিহাসৰ পটভূমিত সাহিত্য বিচাৰত প্রবিষ্ট হয়। ইতিহাস বুলি ক’লে দেশৰ কথা আৰু কালৰ কথা দুয়োটাকে বুজায়। ইতিহাস, সমাজ আৰু জীৱন ধাৰাৰ প্ৰভাৱত সাহিত্যৰ বিষয়-বস্তু, ৰূপ আৰু ৰীতিৰ পৰিৱৰ্তন হয়। ঐতিহাসিক সমালোচনাৰ মতে ইতিহাস, সমাজ আৰু নৃতাত্ত্বিক বৈশিষ্ট্য আৰু জীৱন-যাপন প্ৰণালীয়ে সাহিত্যৰ গতিপথ নিৰ্দেশ কৰে। সাহিত্য চিত্তলোকৰ বিষয় হ’লেও তাৰ এটা অৱস্থান ভূমি আছে, সেই অৱস্থান ভূমি হ’লে ইতিহাস আৰু সমাজ। আনহাতে সাহিত্য এটা বিশেষ সামাজিক প্রয়োজনত সৃষ্টি হয়, সেই সামাজিক প্রয়োজন হ’লে মানুহৰ অবিৰত শ্ৰেণী সংগ্রাম। সাহিত্য হ’ল এই শ্রেণী সংগ্ৰামৰেই আত্মপ্রকাশ। সেয়ে সাহিত্য আৰু শিল্পকলাৰ মূলতে আছে এক প্ৰকাৰ বাস্তব প্রয়োজনবোধৰ তাড়ণা।

ঐতিহাসিক সমালোচকে অৱলম্বন কৰা ৰাতি বহুতো দিশৰ পৰা মূল্যৱান। কিন্তু যুগচিত্ত আৰু পাৰিপাৰ্শ্বিক লিখকৰ ব্যক্তিমানসক প্রভাবিত কৰিব পাৰে বাবেই কেৱল এই বিচাৰতেই সাহিত্যৰ শ্ৰেষ্ঠত্ব প্রমাণিত নহয়। এই পদ্ধতিত অনেক সময়ত অতিৰঞ্জনৰ দ্বাৰা কোনো কাৰ্যক শ্ৰেষ্ঠ বুলি গ্ৰহণ কৰিব পৰা যায়। সেয়ে ই নিৰাপদো নহয়। আনহাতে এইটো পদ্ধতিত ইতিহাস আৰু বস্তুবাদী দর্শনক একত্তৰ নিদান হিচাপে গ্ৰহণ কৰিলে সাহিত্য বিচাৰত একদেশদর্শিতাই দেখা দিব পাৰে। ইতিহাসে সাহিত্যক নিয়ন্ত্রিত কৰে সঁচা কিন্তু সাহিত্য হ’ল ব্যক্তি মনৰ একক নির্মাণ। সৃষ্টিশীল সাহিত্যই ইতিহাসৰ কালিক প্ৰভাৱ এৰায়ো যাব পাৰে। কিন্তু ঐতিহাসিক সমালোচনাই সেইটো উপলব্ধি কৰিব নোখোজে। তদুপৰি ঐতিহাসিক কালক্ৰম আৰু ঘটনাপঞ্জী সকলোসময়তে সাহিত্যৰ দিক্ নিৰ্দেশক নহ’বও পাৰে। ঐতিহাসিক ঘটনাপুঞ্জৰ মাজত যিবোৰে মানৱ মনত বিস্ময় ৰস সঞ্চাৰ কৰে কোনটো বর্জনীয় তাক নিৰ্ণয় কৰা কঠিন। সি যি কি নহওক, এইটো ঠিক যে ঐতিহাসিক সমালোচনাৰ দ্বাৰা সাহিত্যৰ বস্তুগত ভিত্তি চিনি লোৱা সহজ হয়।

জীৱনীমূলক পদ্ধতি : এই সমালোচনাই পদ্ধতিত লিখকৰ জীৱনীৰ মাজত শিল্পৰ উৎপত্তিৰহস্য অনুসন্ধান কৰে। ‘ঐতিহাসিক সমালোচনা’ত সাহিত্যৰ বর্হিভূত ঐতিহাসিক পৰিবেশৰ মাজত সাহিত্যৰ স্বৰূপ সন্ধান কৰাৰ দৰে ‘জীৱনীমূলক সমালোচনা’ত লিখকৰ ব্যক্তিগত জীৱনৰ মাজতেই তেওঁৰ সাহিত্যিক জীৱনৰ উৎস সন্ধান কৰা হয়। গেটে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ব্যক্তিগত জীৱনৰ মাজতেই তেওঁলোকৰ শিল্পকৃতিৰ জন্মৰহস্য নিহিত হৈ আছে। যতীন্দ্ৰনাথ দুৱাৰাৰ কবিতাৰ নৈৰাশজনিত ভাবধাৰা আৰু নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱধাৰাৰ ওপৰত তেওঁলোকৰ জীৱনধাৰাই প্ৰভাৱ বিস্তাৰ কৰিছে।

সাহিত্যত শিল্পীৰ মর্ত্যজীৱন আৰু ভাৱজীৱন— উভয়েই প্রভাৱ বিস্তাৰ কৰিব পাৰে বা তাৰে কোনো এটা প্ৰধান হ’ব পাৰে। অৱশ্যে সাহিত্যৰ জন্মলগ্ন শিল্পীৰ মাজত হ’লেও চাৰিওপাশৰ পৰিবেশেহে তাক বর্ধিত কৰে। সেয়ে কেৱলমাত্র কবিজীৱনীৰ পৰা কবিতাৰ যথার্থ স্বৰূপ সকলো সময়তে লাভ কৰিব পৰা নাযায়।

মনস্তত্বমূলক পদ্ধতি : ‘মনস্তত্বমূলক পদ্ধতি’ত সাহিত্য সৃষ্টিৰ অন্তৰালত ক্রিয়াশীল হোৱা সৌন্দর্যবোধক অধিক গুৰুত্ব প্ৰদান কৰা হয়। সনাতন অর্থাৎ বিধিসম্মত পদ্ধতিৰ সমালোচনাত অনুসন্ধানৰ বিষয় যদি সাহিত্য কি, তেন্তে, মনস্তত্বমূলক সমালোচনাৰ বিষয় হ’ল সাহিত্য কেনেকৈ হয়। মনস্তত্বমূলক সমালোচনাত গ্ৰন্থকাৰৰ ব্যক্তিগত জীৱন বা তেওঁৰ নিজ্ঞান মনৰ ছাপ সাহিত্যত কিমানখিনি মূৰ্ত হৈছে তাৰেই বিচাৰ কৰা হয়। এই শ্ৰেণীৰ সমালোচক ‘লিভিংষ্টন জনছে’ কবি ‘কলেৰি’জৰ দিনপঞ্জী, স্মৃতিলেখা আৰু জীৱন বৃত্তান্তৰ পুঙ্খানুপুঙ্খ বিশ্লেষণ কৰি ‘কুবলাই খা’ কবিতাটোৰ অন্তৰালত থকা সৃষ্টি প্ৰক্ৰিয়াৰ এখন নিৰ্ভৰযোগ্য দলিল লিখি উলিয়াইছে। কোৱা বাহুল্য যে এই সমালোচনা সাহিত্যৰ নহয়, বৰং সাহিত্যিকৰ ব্যক্তিগত জীৱন বা চৰিত্ৰৰ সমালোচনা মাত্র।

পৰিসংখ্যান পদ্ধতি : এই শ্ৰেণীৰ সমালোচনাত ৰেখা চিত্ৰ আৰু পৰিসংখ্যাৰ সাহায্যত কেবাটাও বিশেষ সাহিত্যকর্মৰ তুলনামূলক বিচাৰ-বিশ্লেষণ কৰা হয় ৷ গতিকে ই একপ্ৰকাৰ তথ্য ভিত্তিক প্রয়োগিক সমালোচনা। ইয়াত শব্দসম্ভাৰ, ৰচনাশৈলী আৰু বাক্যৰ দৈৰ্ঘ্যৰ ভিত্তিত একোজন লিখকৰ বা একোটা যুগৰ ৰচনা চৰিত্ৰ নিৰূপণ কৰা হয় আৰু তাৰ দ্বাৰা বিশেষ সাহিত্যকৃতিৰ উৎকৃষ্টতা বা নিকৃষ্টতা সম্পর্কে সিদ্ধান্ত দিবলৈ প্ৰয়াস কৰা হয়। পৰিসংখ্যামূলক সমালোচনা হ’ল কোনো ৰচনাৰ বিতৰ্কজনক ৰচয়িতাৰ ক্ষেত্ৰত নিৰ্ভুল সিদ্ধান্তত উপনীত হ’ব পৰা একমাত্র উপায়। বর্তমান কালত এই শ্ৰেণীৰ সমালোচনাই যথেষ্ট অগ্রগতি লাভ কৰি উঠিছে। কাৰণ বিশেষ একোটা মন্তব্য যেতিয়া তুলনামূলক পৰিসংখ্যাৰ ভিত্তিত দাঙি ধৰা হয় তেতিয়া সি সহজে গৃহীত হয়। অৱেশ্য পৰিসংখ্যান পদ্ধতিত যুক্তিতর্কৰ মাধ্যম হ’ল পৰিসংখ্যা বিজ্ঞান। ই স্পষ্টতঃ সাহিত্যৰ ভাষা নহয়।

ভাষাতাত্ত্বিক পদ্ধতি : এই বিধ সমালোচনা প্ৰধানকৈ বৈয়াকৰণ আৰু ভাষাতাত্ত্বিক দিশৰপৰা কৰা হয়। অৱেশ্য ইয়াত বিষয় বা বিষয়ী কোনোটোৱেই প্রধান আলোচ্য বিষয় নহয়, প্রধান বক্তব্য হ’ল শব্দতত্ত্ব, বাক্যনিৰ্মাণৰ কঙ্কালতত্ত্ব। প্রাচীন আলঙ্কাৰিকসকলৰ অনেক আলোচনাই হ’ল কেৱল শব্দৰ ব্যায়াম, অলঙ্কাৰ কৌশল ব্যাখ্যা কৰা বৈয়াকৰণ আনন্দ। সাধাৰণতে প্ৰাচীন গ্ৰন্থৰ সম্পাদনাত এই ৰীতি অনুসৰণ কৰা হয়। এইটো দিশৰ পৰা চৰ্যগীতি, শ্রীকৃষ্ণকীর্তন প্রভৃতিৰ ভাষাতত্ত্বগত আলোচনা মূল্যৱান হ’ব পাৰে। সাহিত্যৰ ইতিহাস নির্ণয়তো সেই আলোচনাৰ যথেষ্ট প্ৰয়োজন আছে। কিন্তু এই ধৰণৰ সমালোচনাক যথাৰ্থ সাহিত্য বিচাৰ বুলিব পৰা নাযায়। য’ত ৰসবিচাৰ নাই, গুণকলাৰ বিশ্লেষণ নাই তাক সাহিত্য বিচাৰৰ আদৰ্শ হিচাবে গ্ৰহণ কৰিব নোৱাৰি। এই জাতীয় আলোচনাত যিহেতু ভাষাতত্ত্বই হ’ল প্রধান বিচার্য বিষয় সেয়ে তাত সাহিত্যৰ স্থান নিতান্তই গৌণ।

তত্বসন্ধানী পদ্ধতি : তত্বসন্ধানী সমালোচনাত আলোচ্য সাহিত্যই কিমানখিনি সমাজ কল্যাণ সংসাধিত কৰিবলৈ সক্ষম হৈছে আৰু তাৰ মাজত কি সত্য নিহিত হৈ আছে বা তাৰ সৌন্দৰ্য কিম্বা বসতত্ত্বৰ স্বৰূপ কি এই বিষয়ে আলোচনা কৰা হয়। শঙ্কৰদেৱৰ সমালোচনাত, কৃষ্ণকথা আৰু ৰাসতত্ত্বব সমালোচনাত লক্ষ্মীনাথ বেজবৰুৱাই এই পদ্ধতি অনুসৃত কৰিছে। কিন্তু কাব্য বা সাহিত্যৰ লক্ষ্য সমাজৰ হিত সাধন নহয় আৰু এই মতটো প্রকৃত কাব্যপৰীক্ষাৰ ফলো নহয়। আনহাতে জীৱন স্পর্শ বৰ্জিত বসতত্বৰ আলোচনা পাৰলৌকিক নন্দনতত্বৰ আলোচনা হোৱা বাবে সাহিত্যত তাৰ প্ৰয়োগো অপ্রাসঙ্গিক।

ব্যক্তিগত সমালোচনা : এই সাহিত্য বিচাৰ পদ্ধতিত সমালোচকৰ ব্যক্তিগত অনুভূতিৰ কথা প্ৰধান হৈ উঠে। গ্রন্থ পাঠৰ পাছত সমালোচকৰ মত যিবোৰ অনুভূতিৰ সৃষ্টি হয়, নানা ভাবানুষঙ্গ সঞ্চৰণ কৰে সেইবোৰক ব্যক্তিপন্থী সমালোচকে বিশেষ গুৰুত্ব দিয়ে। ইয়াক বৃহৎ গ্ৰন্থৰ মাজত দুঃসাহসিক অভিান আখ্যা দিব পাৰি। এখন মহৎ গ্রন্থ পাঠ কৰি সমালোচকৰ চেতনাত কিছুমান ব্যক্তিগত অনুভূতি আৰু চিন্তাৰ উদয় হয়— সেই অনুভূতিবোৰক ৰূপ দিয়া সমালোচকৰ কৰ্তব্য। গ্ৰন্থৰ সাহাৰ্য্যত সমালোচকৰ মুগ্ধ মনত যি ভাবানুষঙ্গ জাগ্রত হয় তাৰেই আত্মপ্রকাশেই হ’ল ব্যক্তিপন্থী সমালোচকৰ মূল কথা।

যুক্তিনিষ্ঠ সমালোচনা : যুক্তিনিষ্ঠ সমালোচনা তৰ্কশাস্ত্ৰৰ আৰোহী পন্থাৰ ভিত্তিত প্ৰতিষ্ঠিত সমালোচনা। ই বিধিবদ্ধ (বিধি সম্মত) সমালোচনাৰ সম্পূৰ্ণ বিপৰীত ধর্মী। বিধিবদ্ধ সমালোচনাত নীতি-নিয়মৰ কটকটীয়া বান্ধোন থাকে, পূৰ্ব কল্পিত আইনৰ দ্বাৰা সাহিত্য বিচাৰ কৰাই হ’ল এই ৰীতিত মূল কথা। কিন্তু এনে সমালোচনা আধুনিক কালৰ বাবে গ্রহণযোগ্য হ’ব নোৱাৰে। সেয়ে ইয়াৰ প্ৰতিযুক্ত হিচাবে যুক্তিনিষ্ঠ সমালোচনাৰ উদ্ভৱ হৈছে।

তুলনামূলক পদ্ধতি : এই পদ্ধতিৰ সমালোচনাত দুজন বিভিন্ন লেখকৰ শব্দসম্পদ বা বাক্যৰাজিৰ তুলনামূলক বিচাৰৰ দ্বাৰা উভয়ৰে কৃতিত্ব নিৰ্ধাৰণ কৰিবলৈ বিচৰা হয়। তুলনামূলক সমালোচনা অপেক্ষাকৃত আধুনিক বিচাৰ পদ্ধতি। বৰ্তমান দেশ-কালৰ সীমা সঙ্কুচিত হৈ অহাৰ বাবে এখন দেশৰ সাহিত্য আন এখন দেশৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ ধৰিছে আৰু এখন দেশৰ সাহিত্যৰ সৈতে আন এখন দেশৰ অনুৰূপ সাহিত্যৰ তুলনা দি কৰা সাহিত্য সমালোচনা আধুনিক কালত বিশেষ জনপ্রিয়ও হৈ উঠিছে। এটা সময়ত দেশ কালৰ সীমা দুর্লঙ্ঘ্য আছিল আৰু এখন দেশে আন এখন দেশৰ পৰা তেতিয়া সাহিত্য ধাৰ কৰা কথা উঠিবই নোৱাৰিছিল। তৎসত্বেও দেখা যায় যে ইখনে সিখনৰ সান্নিধ্যলৈ নহা দুখন দূৰ ঠাইৰ সাহিত্যৰ মাজত অদ্ভুত ধৰণৰ সাদৃশ্য বিৰাজ কৰিছে।

তুলনামূলক সমালোচনাৰ কাৰণে প্ৰয়োজন উচ্চ-স্তৰৰ পাণ্ডিত্য, বিভিন্ন সাহিত্যৰ যথোচিত জ্ঞান আৰু বুদ্ধিমত্তা। এই সমালোচনাৰ দ্বাৰা নানা দেশৰ সাহিত্য আৰু লিখকৰ অপৰিচয়ৰ ব্যৱধান দূৰ হয়। মানসিক সঙ্কীর্ণতা দূৰ কৰাৰ বাবে আধুনিক কালত তুলনামূলক সমালোচনাৰ প্ৰভাৱ বৰ্ধিত হৈছে। ইয়াৰ ফলত এখন দেশৰ পাঠকে অন্য এখন দেশৰ ভাষা শিকিবলৈ আগ্রহান্বিত হয়, আনৰ প্ৰতি প্ৰতিকূল মনোভাৱ নাইকিয়া হয়। সেয়ে আজিকালি তুলনামূলক সাহিত্যপাঠ আৰু মূলবিচাৰ মাৰ্জিত ৰুচিৰ লক্ষণ বুলি পৰিগণিত হৈছে। 

বস্তুনিষ্ঠ পদ্ধতি : বস্তুনিষ্ঠ পদ্ধতিত সাহিত্যক সাহিত্য বিশিষ্ট আৰু একক সৃষ্টিকৰ্ম হিচাবে বিচাৰ কৰা হয়। ইয়াত কোনো যুগ চেতনা সাহিত্যত মূৰ্ত হৈ উঠিছে নে নাই সেইটো মুখ্য বিষয় নহয় বা প্রাচীন বিধিসম্মত বিচাৰৰ দ্বাৰাও ই সাহিত্যৰ মূল্য নিৰূপণ নকৰে। ইয়াৰ একমাত্ৰ উদ্দেশ্য কোনো ব্যক্তিবিশেষে জীৱনৰ ঐতিহ্য আৰু সংস্কৃতিৰ ধাৰক আৰু বাহক ৰূপে জগৎ আৰু জীৱনক যিদৰে দেখিছে আৰু সি তেওঁৰ দৃষ্টিত কিমানদূৰ স্বাভাৱিক আৰু সত্য হৈ উঠিছে তাক বিচাৰ কৰা। এই বিচাৰ পদ্ধতিয়ে সাহিত্যিক স্ৰষ্টাৰ শিল্পমানস, বিষয়, ভাব আৰু বাণীভঙ্গীৰ এটা পৰিপূৰ্ণ ৰূপসৃষ্টি হিচাবে চাবলৈ চেষ্টা কৰে। এইটো দিশৰ পৰা এই বিচাৰ পদ্ধতি ভাষ্যমূলক সমালোচনাৰ কাষ চপা। বস্তুনিষ্ঠ সমালোচনাত ব্যক্তিনিষ্ঠতাৰো ছাপ থকা স্বাভাৱিক, কাৰণ ব্যক্তি হৃদয় ব্যতীত বস্তু সৌন্দৰ্যৰ কোনো আলোচনাই সম্ভৱ হ’ব নোৱাৰে। কিন্তু বস্তুজগৎ‍ যিদৰে সাহিত্যিকৰ মনৰ পৰশত ৰঙীন হৈ উঠে সাহিত্যিকৰ ৰচনাও সেইদৰে ইয়াত সমালোচকৰ মনৰ পৰশ লাগি আৰু বেছি ৰঙীন হৈ উঠে। এইদৰেই বস্তুনিষ্ঠ সমালোচনাত সমালোচকে গ্রন্থাকৰৰ সৃষ্টিৰ সাহায্যত স্বকীয় কবি মানসৰ অভিনৱ ৰূপসৃষ্টি কৰে। ফলত সেই সমালোচনাও হৈ পৰে সৃষ্টিশীল কলা।

ভাষ্যমূলক সমালোচনা : ভাষ্যমূলক বা বিশ্লেষণমূলক সমালোচনাত ন্যায় আৰু মীমাংসাৰ সহায়ত কোনো তত্বগধুৰ দাৰ্শনিক ৰচনা এটাৰ প্ৰতিটো শব্দ আৰু প্ৰতিটো বাক্যৰ অৰ্থ অন্বয় নিৰ্দেশ কৰা হয়। ইয়াত ভাষ্যকাৰজনৰ বিশেষ এটা আদৰ্শৰ প্ৰতি আনুগত্য প্রকাশ পায় আৰু নিজৰ মতাদৰ্শৰ প্রতিকূলে কোনো শব্দ বা বাক্য পালে অদ্ভুত যুক্তি আৰু কৌশলৰে পোনাই মেলি তাক নিজৰ মতাদৰ্শৰ অনুকূল কৰি লয় আৰু প্ৰাকৃতজনক সেইদৰে তাক গ্ৰহণ কৰি ল’বলৈ আগবঢ়াই দিয়ে। সৃষ্টিশীল সাহিত্যৰ ওপৰত ভাষ্য ৰচনা কৰা হ’লেও তাতো একে উদ্দেশ্যই নিহিত থাকে। এই সমালোচকসকলে সম্পৰ্ক ৰাখে সাহিত্যৰ বহিৰংগৰ লগত, ― তাৰ ভিতৰৰ ৰসবস্তুৰ লগত তেওঁলোকে কোনো সম্পৰ্ক নাৰাখে।

ভাষ্যমূলক সমালোচনাৰ আন এটা মন কৰিবলগীয়া বিষয় হ’ল। যে ইয়াত লিখকৰ প্ৰতি সদায়ে গভীৰ শ্ৰদ্ধাভাৱ ৰাখি কাম কৰি যোৱা হয়। তেওঁলোকে শব্দ প্রয়োগ, অলঙ্কাৰ প্ৰয়োগ দোষযুক্ত হ’লেও তাৰ উদাৰ ব্যাখ্যা দিবলৈ যত্ন কৰে। সেয়ে এই সমালোচনাত দোষ-ত্রুটি বিচাৰৰ প্ৰয়াস প্রায়েই নাথাকে।

ব্যাখ্যামূলক সমালোচনা : ব্যাখ্যামূলক সমালোচনাত সাহিত্যৰ বিষয়-বস্তুৱে বিশেষ গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰে আৰু এই পদ্ধতিৰ দ্বাৰা গ্ৰন্থ একোখনৰ সকলো কথা পাঠকৰ আগত দাঙি ধৰা হয়। ব্যাখ্যামূলক সমালোচনাত যুক্তিনিষ্ঠতা ঐতিহাসিক সত্যতা, সামাজিকতা, মনস্তাত্বিকতা, ভাষিক কথাবোৰেও ঠাই পাব পাৰে। কিন্তু বিধিসম্মত কাঢ়া শাসন, ব্যক্তিগত ইচ্ছা আকাঙ্খা, লিখকৰ প্রতি সমালোচকৰ পক্ষপাত আৰু অতিশয় শ্রদ্ধা এইবোৰ বান্ধোন-কানুন-ইচ্ছা-আকাঙ্খাৰ কোনো কথাই ব্যাখ্যামূলক সমালোচনাত স্থান নাপায়। ইয়াত বিচাৰ্য গ্ৰন্থইহে সমালোচকৰ পন্থা নিৰ্দেশ কৰে। বিচার্য গ্রন্থক বাদ দি অন্য কোনো নীতি-নিয়মৰ দ্বাৰা তাৰ বিচাৰ হ’ব নোৱাৰে। ইয়াৰ মূল উদ্দেশ্য হ’ল গ্ৰন্থৰ নিহিত ৰসভাৱ ৰসভোক্তা পাঠকৰ ওচৰত প্ৰাঞ্জল ভাষাৰে পৰিবেশন কৰা।

বিশেষণাত্মক সমালোচনা : বিশেষণাত্মক সমালোচনাত মূল গ্রন্থই প্রাধান্য বিস্তাৰ কৰে। মূলগ্রন্থৰ আধাৰতে পুংখানুপুংখ আলোচনা কৰা হয়। এনে সমালোচনা বস্তুধর্মী আৰু নিৰপেক্ষ। বিশেষণাত্মক সমালোচনাত সৃষ্টিকৰ্মৰ আধাৰতে ব্যাখ্যা বিশ্লেষণ কৰি ইয়াৰ গুণাগুণ নির্ণয় কৰা হয়। এনে সমালোচনাত সমালোচকে টীকাকাৰৰ ভূমিকা গ্ৰহণ কৰে। বিশ্লেষণাত্মক সমালোচনাত মূল গ্ৰন্থৰ কথাবোৰ সমালোচকে ব্যাখ্যা কৰি সহজ ভাষাৰে পাঠকক বুজাই দি সাধাৰণ পাঠকৰো ৰস গ্ৰহণ কৰাত সহায় কৰে।

৮। সমালোচনা সাহিত্যৰ ভাষা কেনে হোৱা উচিত? আলোচনা কৰা?

উত্তৰঃ জর্জ বার্নার্ড শ্ব‍ই কৈছিল, “ক্রিটিকচ আৰ ব্ৰাশ্বার্চ অব ওৱানচ চুট”। জেনেৰেল ভি কে সিঙে আৰু এখোজ আগবাঢ়ি গৈ ক’লে, “প্ৰেচটিটিউট”। চচিয়েল মিডিয়াৰ ৰাইজে জেনেৰেলক সমর্থন কৰিলে – আৰু য়েমেনত তেখেতৰ কামৰ বাবে ভুৰি ভুৰি প্ৰশংসা কৰিলে যিটো নিউজ চেনেলে জেনেৰেলক সমালোচনা কৰিছিল তেওঁলোকে বুজি নোপোৱাৰ ভাও ধৰিলে।

সমালোচনা এখন সুস্থ সমাজৰ এক অপৰিহাৰ্য্য অংগ। সুস্থ সমালোচনাই আমাক নিজৰ ভুলখিনি পৰিহাৰ কৰি উত্তৰণৰ পথত যাবলৈ অনুপ্ৰাণিত কৰে। এই বাবে সমাজৰ প্ৰত্যেক সদস্যই আনকি সমালোচিতজনেও সমালোচকক সন্মান কৰে। শ্ব বা জেনেৰেলৰ মন্তব্যখিনি কোনো ঘটিৰাম বাতিৰামে কোৱা হ’লে “যাঃ ইতৰ মানুহৰ কথাহে” বুলি বা হাঁহি এটা মাৰি আওকাণ কৰিব পৰা গ’লহেতেন। কিন্তু যেতিয়া তেওঁলোকৰ দৰে এজন বুদ্ধিজিৱী আৰু সেনানায়ক এজনে সমালোচকৰ বিষয়ে স্পষ্ট আৰু নিৰ্ভীকভাবে এনে ধৰণৰ বিৰূপ মন্তব্য কৰে তেন্তে বুজিব লাগিব যে নিশ্চই ক’ৰবাত কিবা এটা বেমেজালি ঘটিছে। এইখিনিতে সমালোচকে ক্ষন্তেক ৰৈ নিজৰেই ভিতৰলৈ ভুমুকি মাৰি চোৱাৰ প্ৰয়োজন আহি পৰে।

সমালোচক সমালোচনাৰ উৰ্ধত নহয়। কিন্তু সমালোচনা কৰোতে আমি প্ৰায়ে এই কথা পাহৰি যাওঁ। ফলস্বৰূপে কেতিয়াবা মাত্ৰা চেৰাই গ’লে সমালোচক সমালোচিতজনৰ হাতত অপদস্থও হ’ব লগা হয়। লগতে সমাজেও যেতিয়া সমালোচিতজনকহে সমৰ্থন কৰে তেতিয়া সমালোচকৰ কটা ঘাঁত চেঙা তেল পৰে আৰু অপদস্থ হোৱাৰ লগতে অপমানিতও হ’ব লগা হয়। সামাজিক দৃষ্টিভংগীৰ ফালৰ পৰা চালে অপ্রয়োজনীয় কটু সমালোচনাই সমালোচিতজনক নিৰুৎসাহ কৰি সমাজৰ নিজৰেই ক্ষতি কৰে। সেয়ে সমালোচক সাবধান হ’ব লাগে। সমাজেও এই বিষয়ে চকু ৰখা উচিত।

সমালোচকৰ মূল অস্ত্ৰ তেওঁৰ নিৰ্মল দৃষ্টিভংগী, বিষয়-বস্তুৰ জ্ঞান আৰু অভিজ্ঞতা। নিৰপেক্ষ, নির্মল দৃষ্টিভংগী আৰু ই আনি দিয়া সততাই এজন সমালোচকক সমাজত সন্মানিত আসনত প্রতিষ্ঠা কৰে। বিষয়বস্তুৰ জ্ঞানে তেওঁক এই আসনত নিগাজিকৈ প্ৰতিষ্ঠিত কৰি ৰখাত সহায় কৰে। অভিজ্ঞতাই তেওঁক বিনম্রতা আনি দিয়ে। আমি সমালোচনা কৰাৰ আগতে এইকেইটা গুণ নিজৰ গাত আছেনে নাই সেই কথা নিজকে সুধি ল’ব লাগে।

সমালোচনাৰ বাহন হৈছে মার্জিত ভাষা। সমালোচনা মানে ঔদ্ধত্যৰ প্ৰকাশ নহয়। সততে মনত ৰখা উচিত যে সমালোচনা এখন দুইধাৰী তৰোৱালৰ দৰে – জোখতকৈ বেচিকৈ ঘুৰালে নিজৰো অপকাৰ হ’ব পাৰে। আমি আনক যেনে ব্যৱহাৰ কৰিম আনৰো আমাক তেনে ব্যৱহাৰ কৰাৰ অধিকাৰ আছে। সেয়ে সমালোচকে কোৱাৰ আগতে ক’বলগীয়া প্ৰতিটো শব্দ পৰখি চোৱাৰ প্ৰয়োজন।

সমালোচনা মানে ব্যক্তিগত আক্রমণ নহয়। জ্ঞানীজনে কয়, “পাপক ঘিনাবাঁ, পাপীক নহয়।” আমি কিবা কাৰণত কোনো এজন ব্যক্তিক ভাল নাপাব পাৰোঁ। কিন্তু এই কথাই যদি সমালোচকৰ মতামতক প্রভাবান্বিত কৰে তেন্তে ইয়াতকৈ আৰু নীচ পৰ্যায়ৰ সমালোচনা হ’ব নোৱাৰে। কবিতাৰ সমালোচনা কৰক, কবিক নহয়। তেনেদৰে স্থান কাল পাত্ৰৰো কথা আছে। এখন আলোচনী বা খবৰ কাগজৰ পৃষ্ঠাত কৰা সমালোচনা আৰু ফেচবুকত কৰা সমালোচনাৰ মাজত প্ৰভেদ আছে।

সমালোচকে সমালোচনা কৰে, বিচাৰ নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top