Sahitya Samalochana Unit 1 সাহিত্য সংজ্ঞা সাহিত্যৰ শ্ৰেণী বিভাজন, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Samalochana Unit 1 সাহিত্য সংজ্ঞা সাহিত্যৰ শ্ৰেণী বিভাজন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Samalochana Unit 1 সাহিত্য সংজ্ঞা সাহিত্যৰ শ্ৰেণী বিভাজন Question Answer can be of great value to excel in the examination.
Sahitya Samalochana Unit 1 সাহিত্য সংজ্ঞা সাহিত্যৰ শ্ৰেণী বিভাজন
Sahitya Samalochana Unit 1 সাহিত্য সংজ্ঞা সাহিত্যৰ শ্ৰেণী বিভাজন Notes cover all the exercise questions in UGC Syllabus. Sahitya Samalochana Unit 1 সাহিত্য সংজ্ঞা সাহিত্যৰ শ্ৰেণী বিভাজন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
সাহিত্য সংজ্ঞা সাহিত্যৰ শ্ৰেণী বিভাজন
ASSAMESE
সাহিত্য সমালোচনা
চমুকৈ উত্তৰ দিয়া।
১। ৰবীন্দ্ৰনাথ ঠকুৰৰ মতে সাহিত্যৰ সংজ্ঞা কি?
উত্তৰঃ ধাতুগত অৰ্থ ধৰিলে সাহিত্য শব্দটোৰ মাজত এটি মিলনৰ ভাৱ দেখা যায়। সি যে কেৱল ভাৱে-ভাৱে ভাষাই ভাষাই মিল, তেনে নহয়; মানুহৰ লগত মানুহৰ, অতীতৰ লগত বৰ্তমানৰ, দূৰৰ লগত ওচৰৰ মিলন।
২। সাহিত্যৰ চাৰিটা উপাদান কি কি?
উত্তৰঃপ্ৰথমটো উপাদান হ’ল– বৌদ্ধিক।
দ্বিতীয়টো উপাদান হ’ল –আনুভূতিক।
তৃতীয়টো উপাদান হ’ল– কল্পনালৌকিক।
চতুৰ্থটো উপাদান হ’ল– শিল্পবুদ্ধি সংক্ৰান্ত।
৩। ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত সাহিত্যিক কি কি প্ৰকাৰে ভাগ কৰিব পাৰি?
উত্তৰঃ (ক) ব্যক্তিগত জীৱন– সংক্ৰান্ত সাহিত্য।
(খ) আধ্যাত্মক জীৱনৰ সাহিত্য।
(গ) সামাজিক জীৱন- সংক্ৰান্ত সাহিত্য।
(ঘ) নৈসৰ্গিক চেতনাৰ সাহিত্য।
(ঙ) নান্দনিক চেতনাৰ সাহিত্য।
৪। ‘সাহিত্য উপক্ৰমণিকা’ গ্ৰন্থখনৰ লেখকৰ নাম কি?
উত্তৰঃ মহেন্দ্ৰ বৰা।
৫। ‘সাহিত্য বিচাৰ’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ ৰামমল ঠাকুৰীয়া।
৬। ’সাহিত্য আৰু আলোচনা’গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ লক্ষ্মীকান্ত মহন্ত।
৭। সাহিত্য শব্দটো কোন ভাষাৰ কোন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?
উত্তৰঃ সাহিত্য শব্দটো সংস্কৃত ভাষাৰ ‘সহিত’ শব্দৰ পৰা নিষ্পন্ন হৈছে —সহিতস্য ভাব: সাহিত্যম, অৰ্থাৎ সহভাৱ বা মিলন।
৮। ডি কুইন্সীয়ে সাহিত্য কি কি ভাগত ভগাইছে?
উত্তৰঃ ডি কুইন্সীয়ে সাহিত্যক দুটা ভাগত ভাগ কৰিছে। সেই দুটা হৈছে– (ক) জ্ঞানৰ সাহিত্য আৰু (খ) প্ৰভাৱৰ সাহিত্য।
৯। সাহিত্য কোনটো কলাৰ অন্তৰ্গত?
উত্তৰঃ সুকুমাৰ কলাৰ অন্তৰ্গত।
১০। সাহিত্য সৃষ্টিৰ অন্তৰালত থকা মানৱ অন্তৰৰ এটা আৱেগৰ বিষয়ে উল্লেখ কৰা?
উত্তৰঃ সাহিত্য সৃষ্টিৰ অন্তৰালত থকা মানৱ অন্তৰৰ এটা আৱেগ হৈছে—আত্ম–প্ৰকাশৰ কাৰণে থকা মানৱ অন্তৰৰ আকুল হেঁপাহ।
১১। সাহিত্যৰ এটা উপাদান উল্লেখ কৰা?
উত্তৰঃ সাহিত্যৰ উপাদানৰ যোগান ধৰে জীৱনে।
১২। ইংৰাজী কোনটো শব্দই যিকোনো লিখিত সম্ভাৰক সামৰি লৈছে?
উত্তৰঃ লিটাৰেচাৰ শব্দটোৱেই যিকোনো লিখিত সম্ভাৰকে সামৰি লয়।
১৩। অসমীয়া সাহিত্যৰ চানেকি গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।
১৪। সাহিত্য বুলিলে কোন তিনিটা কথা প্ৰধানকৈ থাকিব লাগে?
উত্তৰঃ সাহিত্য বুলিলে তাত প্ৰধানকৈ তিনিটা কথা থাকিব লাগিব।যথা– ভাব, ভাষা আৰু বিনিময়।
১৫। জ্ঞানমূলক সাহিত্যই মানুহক কি দিয়ে?
উত্তৰঃ জ্ঞানমূলক সাহিত্যই মানুহক শিক্ষা দিয়ে।
১৬। প্ৰভাৱমূলক সাহিত্যই মানুহক কি দিয়ে?
উত্তৰঃ প্ৰভাৱমূলক সাহিত্য বা প্ৰভাৱ সাহিত্যই মানুহৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।
১৭। জ্ঞানমূলক সাহিত্যৰ অন্তৰ্গত সাহিত্যসমূহ কি কি?
উত্তৰঃ ধৰ্ম দৰ্শন,বিজ্ঞান, জ্যোতিষ,অৰ্থনীতি, বুৰঞ্জী,জীৱনী, ভ্ৰমণ কাহিনী, ৰাজনীতি, অৰ্থনীতি, প্ৰভৃতি, শাস্ত্ৰ বা পুথিবোৰৰ লক্ষ্য জ্ঞান বিতৰণ কৰা, সেয়ে এইবোৰ জ্ঞানমূলক সাহিত্যৰ অন্তৰ্ভুক্ত।
১৮। প্ৰভাৱমূলক সাহিত্যৰ অন্তৰ্গত সাহিত্যসমূহ কি কি?
উত্তৰঃ কবিতা ,নাটক, উপন্যাস,চুটিগল্প এইবোৰ প্ৰভাৱমূলক সাহিত্য।
১৯। সাহিত্যৰ এটা বৈশিষ্ট উল্লেখ কৰা?
উত্তৰঃ আত্মপ্ৰকাশৰ কামনাঃ
মানুহ হ’ল জীৱশ্ৰেষ্ঠ প্ৰাণীষ অন্যান্য জীৱ–জন্তুতকৈ মানুহৰ মাজত পাৰ্থক্য ইয়াতেই যে মানুহৰ আশা –আকাংক্ষা আৰু বৃদ্ধি বুত্তি আবেগ অনুভূতি আছে। মানুহে যেনেকৈ আনক জানিব খোজে তেনেদৰে নিজকো জনাব বিচাৰো।ই হ’ল সহজাত প্ৰবৃত্তি। এইদৰে নিজক জনাব বিচৰাতেই আত্মপ্ৰকাশৰ প্ৰয়াস জড়িত থাকে তাতেই সাহিত্যৰ উৎপত্তি হয়।
২০। সাহিত্যৰ সৃষ্টিৰ অন্তৰালত ক্ৰিয়া কৰা এটা প্ৰেৰণা উল্লেখ কৰা?
উত্তৰঃ (ক) বাস্তৱ জগত আৰু কল্পনা জগতৰ প্ৰতি আগ্ৰহঃ মানুহে কেৱল বাস্তৱ জীৱনক লৈয়ে থাকিব নোৱাৰে। বাস্তৱ জগত সীমিত,কল্পনা জগত অসীম। বাস্তৱ জগত দুঃখ যাতনাৰ আকৰ, নিৰাশা–হতাশাৰ শ্মশানভূমি। এই দুৰ্বাৰ বাস্তৱ জগতত মানুহৰ মনৰ আশা–আকাংক্ষা পূৰ্ণ নহয়,সেই কাৰণেই মানুহে আশ্ৰয় লয়গৈ কল্পনা–জগতৰ। বাস্তৱ জগতত নোপোৱাখিনি কল্পনাৰ মাজেদি লাভ কৰি মানুহে জীৱনৰ বাসনা পূৰ্ণ কৰিব নোৱাৰি।এই কল্পলোকৰ বাসনাই মূৰ্তিমান হৈ উঠে সাহিত্যৰ মাজেৰে।
২১। সাহিত্যৰ সংজ্ঞা নিৰ্ণয় কৰা?
উত্তৰঃ সাহিত্যক সংজ্ঞায়িত কৰিবলৈ ভিন্ন চিন্তাবিদে ভিন্ন সময়ত চলোৱা প্ৰয়াসবোৰ যিকোনো জাতিৰ বৌদ্ধিক জীৱনৰ বাবে ইতিবাচক পৰিঘটনা বুলি সকলোৱে স্বীকাৰ কৰে। কোনো চিন্তাবিদে একেষাৰতে সংজ্ঞায়িত কৰিবলৈ ব্যৰ্থ হোৱা কথাটোতে নিহিত হৈ আছে সাহিত্যৰ গৰ্ভত লুকাই থকা অজস্ৰ মণি মুকুতাবোৰৰ বহুমাত্ৰিক গুণাবলীৰ ব্যাপকতা। আমাৰ অসমতো ‘সাহেই সাহিত্য’,‘সাহিত্য জাতিৰ দাপোন’ আদি বিভিন্ন জ্ঞানগৰ্ভ কথা বৰেণ্য সাহিত্যিকৰ কাপৰ পৰা নিঃসৃত হৈছে।তথাপি ভাব হয় তেনেবোৰ বাক্যই সাহিত্যৰ গভীৰতম কোণত ব্যাপ্ত হৈ থকা সকলো উপাদানকে সমানে স্পৰ্শ কৰিব পৰা নাই। হয়তো তেনে এক নিৰ্ধাৰিত সংজ্ঞাৰ বন্দীশালত সম্পূৰ্ণভাৱে বন্দী নোহোৱাৰ বাবেই সাহিত্যৰ বেলেগে বেলেগে দিশসমূহে সমাজৰ গৰিষ্ঠসংখ্যক মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
তৎসত্ত্বেও সাহিত্যৰ সৃষ্টিৰ অন্তৰালত সত্য উদ্ঘাটনৰ এক সুতীব্ৰ বাসনা বহু লেখকৰ মনত গভীৰভাৱে অন্তলীণ হৈ থাকে। কথাসাহিত্যত সেই সত্য যিদৰে প্ৰতিফলিত হয়, ঠিক একেধৰণৰ বহিপ্ৰকাশ কবিতা বা প্ৰৱন্ধৰাজিৰ মাজত দৃশ্যমান নহয়। সাহিত্যৰ কোনোবা এটা ভাগত এক সুকোমল বৌদ্ধিক ধূসৰতাৰ মাজত লুকা ভাকু খেলে।সংবেদনশীল পাঠকৰ তীক্ষ দৃষ্টিত অৱশ্য সেই ধূসৰতাই বেছি প্ৰহেলিকাৰ সৃষ্টি কৰিব নোৱাৰে। মননশীল সাহিত্যই বহু পাঠকৰ ৰসস্বাদন কৰোৱাই ঐন্দ্ৰজালিক মায়াজালৰ দ্বাৰা। সেই মায়াজালৰ মাজৰ পৰা উজ্বল হৈ উঠা সত্যৰ সংস্পৰ্শত পাঠক সকল হৈ পৰে সন্মোহিত আৰু সন্তুষ্ট। পাঠকৰ মনত জন্ম দিব পৰা এক উচ্চস্তৰৰ বৌদ্ধিক পৰিতৃপ্তিৰ বাবেই আধুনিক প্ৰযুক্তিৰ সহায়ত নিৰ্মিত ভিন্ন উপাদানৰ মাজতো গ্ৰন্থ আৰু সাহিত্যৰ স্থান অনন্য।
প্ৰকৃত সত্য উন্মোষৰ বৌদ্ধিক প্ৰক্ৰিয়াটো যত দূৰ সম্ভৱ নিৰাৱেগ, নিৰন্তৰ আৰু কিছু পৰিমাণে নৈৰ্ব্যক্তিক হ’ব লাগিব। ইয়াৰ অন্যথা এক পক্ষই সত্য বুলি পূৰ্বনুমান কৰি লোৱা কথা এটা আন দৃষ্টিকোনেৰে চালে একে ধৰণে প্ৰতিবিম্বত নহ’বও পাৰে। সেয়েহে পাশ্চাত্যৰ পণ্ডিতে কৈ গৈছে–” Disinterested intellectual curiosity is the life blood of real civilization”. সঁচা জ্ঞান অম্বেষণৰ নিৰলস প্ৰচেষ্টাতে মূলতঃ জিপাল হৈ উঠে সমাজৰ সামগ্ৰিক চেতনা। সেই চেতনাই এক উচ্চস্তৰৰ সৰ্বজনমান্য ৰূপ পালেই জাতিৰ সভ্যতাৰ পোতন গভীৰ হৈ পৰে। সেই সমাজ, সেই জাতিয়ে তেতিয়া লাভ কৰে এক অন্তহীন চালিকাশক্তি, যাৰ প্ৰভাৱত চিন্তাৰ দিগন্ত হৈ পৰে ন ন পোহৰৰ আলোকিত ।তেনে এক সজীৱ পৰিবেশ ৰচনা কৰিবলৈ সক্ষম হোৱা সাহিত্যই কালোত্তীৰ্ণ ৰূপলৈ উন্নীত হয়। তেতিয়া তাৰ বিস্তাৰিত প্ৰভাৱে বহু মানুহক প্ৰজ্ঞাৰ পৃথিৱীখনলৈ হাত বাউলী দি মাতে।
ইয়াৰ উপৰিও তুচ্ছ প্ৰত্যাহিকতাই জীৱনলৈ নমাই অনা একঘেয়ামিবোৰক প্রত্যাহবান জনোৱাৰ ক্ষেত্ৰতো সাহিত্য হ’ব পাৰে অত্যন্ত বিশ্বস্ত লগৰী। পাশ্চাত্য সাহিত্যত এইটো সন্দেহাতীত ভাৱে প্ৰমাণিত হৈছে যে সমাজৰ সুষম উত্তৰণৰ বাবে কেৱল জ্ঞানাৰ্জনেই যথেষ্ট নহয়। মানুহৰ কল্পনাশক্তিৰ গুৰুত্বও বহু বেছি। কথাসাহিত্যৰ বৈবিধ্যময় উপাদানবোৰে বহু পাঠকৰ মনলৈ আনে কল্পনাশক্তিৰ এক শক্তশালী জোঁৱাৰ।সেই জোঁৱাৰত পৰিমাৰ্জিত হয় মানুহৰ মনন আৰু চিন্তন।তেনে সাহিত্য স্থায়ী হৈ ৰয় পাঠকৰ মনত।
সৃষ্টি কৰে অনুভৱৰ কিছু ধ্বনি–প্ৰতিধ্বনি,যাৰ সুকোমল শব্দই যুগ যোগান্তৰলৈ ন ন পাঠকৰ মন্ত্ৰমুগ্ধ কৰি ৰাখে। এনেবোৰ ক্ষেত্ৰতে ৰসোত্তিৰ্ণ পৰ্যায়লৈ সাহিত্যৰ উত্তৰণ অৱশ্যম্ভাৱী হৈ পৰে।সামূহিক পৰিবেশ ৰচনা কৰাৰ উপৰিও বহু যুগলৈ মানুহৰ মনত প্ৰাণৱন্ত হৈ থাকি সাহিত্য হৈ পৰে এখন সমাজৰ এক নিৰ্ভৰযোগ্য ঐতিহাসক দাপোন। অতীতৰ বিজ্ঞানসন্মত আৰু আৱেগবিবৰ্জিত বিশ্লেষণে এটা জাতিৰ সহায় কৰে ভৱিষ্যতৰ কাৰ্যপন্থা তৈয়াৰ কৰিবলৈ । দৰাচলতে সমাজৰ বিকাশত ইতিহাস সাক্ষী বুলি কোৱা কথাটোৱে প্ৰকাৰন্তৰে সাহিত্যৰ নিছিগা সুঁতিৰ দৰে বৈ থকা ধাৰাটোকেই বুজায়।
বৰ্তমান সময়ত অনুভূতিহীন যান্ত্ৰিক পৃথিৱীৰ বৌদ্ধিক বন্ধ্যাত্বক শক্তিশালীভাৱে প্ৰতিহত কৰিবলৈ সক্ষম আধুনিক সাহিত্য আৰু বহুতো যোগাত্মক উপাদানেৰে সমৃদ্ধি।এনে ভাবনাই মনলৈ কেতিয়াবা অন্তহীন প্ৰশ্নৰ লানিকো নিমন্ত্ৰণ কৰে। অৱধাৰিতভাৱে প্ৰশ্ন উঠে সাহিত্য যুগৰ সীমাবদ্ধতাৰ পৰা সম্পূৰ্ণৰূপে মুক্তনেকি? আমি ভাবে এই প্ৰশ্ন উত্তৰ বৰ্তমানৰ লগতে ভৱিষ্যতৰ সকলো যুগতে নঞাৰ্থকেই হ’ব। যুগৰ সকলো সীমাবদ্ধতা যিহেতু কোনো মহান ব্যক্তিয়ে সম্পূৰ্ণৰপে অতিক্ৰম কৰিব নোৱাৰে, সেয়েহে মানুহে সৃষ্টি কৰা সকলো সাহিত্য কীৰ্ত্তিতে সেই সীমাবদ্ধতা সমূহ কম বেছি পৰিমাণে পৰিলক্ষিত হ’ব।
এইটো জীৱনৰ অমোঘ সত্য। আমোদজনক কথা সত্যানুসন্ধানত চিৰব্যস্ত হৈ থকা বৰেণ্য সাহিত্যক সকলো এই সীমাবদ্ধতা সন্দৰ্ভত সজাগ। মানুহে সৃষ্টি কৰা সাহিত্য ব্যৱহৃত হয় মানুহৰ বাবে,তাৰ ভিতৰত সুসাহিত্যৰ কীৰ্ত্তিসমূহ ব্যৱহৃত হয় মানুহৰ হিতৰ বাবে। সমাজ জীৱনত ৰিক্ততাৰ পৰিবেশ বিৰিঙি উঠিলেই বহু মানুহে সাহিত্যৰ উদাৰ বুকুখনত আশ্ৰয় লয়। তাৰ নিৰ্য্যাসে মানুহক কৰি তোলে আত্মিকভাৱে পৰিপূৰ্ণ। সেই গতিকে যুগৰ সীমাবদ্ধতা সম্পূৰ্ণৰূপে অতিক্ৰম কৰি প্ৰকৃত সাহিত্য সৃষ্টি হ’ব নোৱাৰে। কোনোৱেই ভ্ৰান্ত ধাৰণাৰ বশৱতী হৈ তেনে মনোভাৱ পোষণ কৰিলেও সময়ৰ সোঁতত সেয়া বিবৰ্ণ হৈ পৰিবলৈ বাধ্য। আৰু কোনোবাই যদি তেনে সাহিত্য ‘নিৰ্মাণ’(সৃষ্টি নহয়) কৰিবলৈ আগবাঢ়ে,তাৰ ফলাফল হয়তো মানৱ সমাজৰ বাবে সুখবৰ নহ’ব।
একপক্ষীয় ভাৱে কেৱল গুণেৰে সমৃদ্ধ সাহিত্যই কাৰো মনত অনাবিল আনন্দ সৃষ্টি কৰিব নোৱাৰে। মানৱিক দোষ বা সীমাবদ্ধতাবিহীন ‘সাহিত্য’ হ’ব কেৱল ঈশ্বৰৰ ওচৰত উচ্চৰ্গা কৰা প্ৰসাদৰ দৰে। সাহিত্যহে সমাজৰ প্ৰকৃত দাপোন হ’ব পাৰে।তদুপৰি নিৰ্মল সাহেৰে অনুপ্ৰাণিত হৈয়েই হয়তো সাহিত্যিক, চিন্তাবিদে আমাৰ সমাজ,সভ্যতাক পৰ্য্যালোচনা কৰি আহিছে। সেয়েহে বিজ্ঞজনে কৈ গৈছে যে সাহেই সাহিত্য।
২২। সাহিত্যৰ প্ৰকৃতি বিচাৰ কৰা?
উত্তৰঃ সাহিত্যৰ আলোচনাৰ বিষয়বস্তু সাহিত্য, এতিয়া প্ৰশ্ন হ’ল,সাহিত্য কি? সাহিত্য কাক বোলে? কোনবিলাক পুথি সাহিত্য হয় আৰু কোনবিলাক পুথি সাহিত্য নহয়? অৰ্থাৎ সাহিত্যৰ প্ৰকৃত কি? এনে ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ খুব পৰিষ্কাৰ ৰূপত অৱশ্য কমেইহে পোৱা যায়।
সাহিত্য আলোচনাই বেলেগ বেলেগ পথ অনুসৰণ কৰা দেখা যায়। সৃষ্টিশীল সাহিত্যৰ প্ৰকৃতি কি? এই ধৰণৰ দাৰ্শনিক পথ অৱলম্বন কৰিও সাহিত্যৰ আলোচনা হ’ব পাৰে। আচলতে সাহিত্য আলোচনাই সৰ্বপ্ৰথমে এই পথটোকে অৱলম্বন কৰিব লাগে। কাৰণ, বস্তু এটাৰ প্ৰকৃতি নাজানিলে আমি সেই বস্তুৰ আলোচনাত কেনেকৈ প্রবৃত্ত হম। কিন্তু সাহিত্য আলোচনাত ভিন্ন ধৰণৰ পথ অৱলম্বন কৰা দেখা যায়।
সাহিত্যই কি কাৰ্য্য সম্পাদন কৰে? এইদৰে সাহিত্যৰ কাৰ্য্যকাৰিতা সম্পৰ্কেও কেতিয়াবা প্ৰশ্ন উত্থাপন কৰা হয়। এনে ক্ষেত্ৰত সাহিত্যৰ কাৰ্য্যকাৰিতাৰ যোগেদিহে সাহিত্যৰ ব্যাখ্যা কৰা হয়, লগতে সাহিত্যৰ মূল্যায়নো আগবঢ়োৱা হয়।
কেতিয়াবা আকৌ সাহিত্য আলোচনাত বিৱৰণৰ কথা বাদ দি আদৰ্শৰ বা মানদণ্ডৰ কথা উত্থাপন কৰা হয়। তেনে ক্ষেত্ৰত সাহিত্য গ্ৰন্থসমূহৰ মাজৰ বেয়া গ্ৰন্থ আৰু অলপ বেয়া গ্ৰন্থৰপৰা ভাল গ্ৰন্থৰ কেনেকৈ বেলেগ কৰিব পাৰি সেই বিবেচনা কৰা হয়, আকৌ সকলো ধৰণৰ ব্যাখ্যা বিশ্লেষণৰ সহায়ত বহুধৰণৰ কৌশল অৱলম্বন কৰিও একোখন গ্ৰন্থৰ মূল্যায়ন কৰিব বিচৰা হয়।কেতিয়াবা কেতিয়াবা সাহিত্য সৃষ্টিৰ অন্তৰালত থকা গ্ৰন্থকাৰৰ মনস্তাত্ত্বিক অৱস্থাৰ বিশ্লেষণ কৰা হয়। কেতিয়াবা আকৌ কোনো বিশেষ প্ৰশ্ন উত্থাপন নকৰাকৈ সাহিত্যৰ প্ৰতি পঢ়ুৱৈৰ সমাদৰ বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰা হয়। এনে কৰা হয় বিভিন্ন পদ্ধতিৰে,গ্ৰন্থখনৰ বস্তুগত বিচাৰ বিশ্লেষণৰদ্ধাৰা বা গ্ৰন্থখনে সমালোচনাক গৰাকীক কেনেকৈ আকৃষ্ট কৰিছে সেই সম্পৰ্কে ব্যাখ্যা বিশ্লেষণ কৰিও এনে আলোচনা আগবঢ়োৱা হয়।
সমালোচকৰ কাম তেতিয়াহ’লে তত্ত্বগত, কাৰ্যকাৰক, আদৰ্শাত্মক,বিৱৰণমূলক, মনস্তাত্ত্বিক বা সাধাৰণভাৱে সমাদৰমূলক হ’ব পাৰে, এই প্ৰতিবিধৰে নিজৰ নিজৰ ভুমিকা আছে। তথাপি সৃষ্টিশীল সাহিত্যৰ প্ৰকৃতি কি? এই কথাৰ আলোচনাই প্ৰথমে হ’ব লাগিব।
ছপা পুথিমানেই ‘সাহিত্য’। এনেদৰেই সাহিত্যৰ সূত্ৰ আগবঢ়োৱা হৈছে।এই সূত্ৰ মানি লবলৈ হ’লে সাহিত্যৰ পৰিধি অতি বিশাল হ’ব। তেতিয়া ইংৰাজী সাহিত্যৰ ছাত্ৰই‘‘ Witchcraft in Old and New England’’ পুথি আৰু অসমীয়া সাহিত্যৰ ছাত্ৰই ‘ঘোঁৰা নিদান’কো সাহিত্য হিচাপে পঢ়িব লাগিব। এড্উইন গ্ৰীনলই [Edwin Green law] মত প্ৰকাশ কৰিছে যে সভ্যতাৰ ইতিহাসৰ লগত জড়িত কোনো কথাকে সাহিত্যৰ পৰিধিৰপৰা বাদ দিব নোৱাৰে। সংস্কৃতিৰ ইতিহাসলৈ কেনেধৰণৰ অৱদান আগবঢ়োৱা সম্ভৱ হৈছে সেই কথাৰ ওপৰত ভিত্তি কৰিহে এখন গ্ৰন্থক সাহিত্য গ্ৰন্থ হয়নে নহয় সেই কথাৰ বিচাৰ কৰিব লাগিব। গ্ৰীনলৰ মতবাদ অনুযায়ী আৰু বহু পণ্ডিতে অনুসৰণ কৰা ৰীতি অনুযায়ী সাহিত্য অধ্যয়ন মানৱ সভ্যতাৰ ইতিহাসৰ লগত কেৱল নিবিড়ভাৱে জড়িত হৈ পৰাই নহয়, সাহিত্য অধ্যয়ন আৰু মানৱ সভ্যতাৰ ইতিহাস অধ্যয়ন একে পৰ্য্যায়ৰে কথা, মানৱ সভ্যতা অধ্যায়নৰ প্ৰাথমিক আহিলা হৈছে লিখিত বা ছপা কৰা গ্ৰন্থ।
সৰহ ক্ষেত্ৰতে ইতিহাসৰ পোনপটীয়া সমল এনে লিখিত গ্ৰন্থসমূহেই, সেই ফালৰপৰাই সভ্যতাৰ ইতিহাসক সাহিত্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। এনে মত অনুসৰণ কৰাসকলৰ যুক্তি হ’ল ইতিহাস ৰচয়িতাসকলে সামৰিক,অৰ্থনৈতিক আৰু কূটনৈতিক কথাৰ উপৰতহে বেছি গুৰুত্ব দিয়ে আৰু সভ্যতাৰ অন্যান্য দিশলৈ কাম চকু দিয়ে, সেই কাৰণে সাহিত্য অধ্যয়ন আৰু সাহিত্য আলোচনাত ৰত সকলে লোকৰ ভূমিতো পদাৰ্পন কৰা একো জগৰৰ কথা নহয়। কিন্তু এই কথা ঠিক যে সভ্যতাৰ অধ্যয়নৰ কেতিয়াও সাহিত্য অধ্যয়ন বুলিব নোৱাৰি। সাহিত্যক মানৱ সভ্যতাৰ ইতিহাসৰ লগত একে কৰি দেখা মানে সাহিত্যৰ নিজস্ব ক্ষেত্ৰ আৰু নিজস্ব পদ্ধতিক অস্বীকাৰ কৰা।
‘মহৎ গ্ৰন্থ সমূহেই সাহিত্য’’, এই বুলিও সাহিত্যৰ সংজ্ঞা দিবলৈ চেষ্টা কৰা হৈছে। মহৎ গ্ৰন্থ বুলি কওঁতে বিষয়বস্তু যিয়েই নহওঁক, প্ৰকাশভঙ্গী আৰু ৰুপকল্পৰ কাৰণে যিবিলাক গ্ৰন্থ বিখ্যাত সেইবিলাকক সামৰি লোৱা হৈছে। এনে ক্ষেত্ৰত গ্ৰন্থ নন্দনতান্তিক মূল্য বা নন্দনতাত্ত্বিক গুণৰ লগতে বৌদ্ধিকভাৱে শ্ৰেষ্ঠত্বৰ দিশটোও ধৰা হয়। কবিতা, নাটক আৰু গদ্যত ৰচনা কৰা কল্পনা সাহিত্য (Fiction)ৰ বেলিকা মহৎ গ্ৰন্থ নিৰ্বাচন কৰা হয় এইবিলাক নন্দনতাত্ত্বিক গুণসমূহৰ কাৰণে। অন্যান্য গ্ৰন্থৰ শ্ৰেষ্ঠত্ব নিৰূপণ কৰোতে প্ৰধানকৈ সেইবিলাকৰ খ্যাত না বৌদ্ধিক গুণ সমূহলৈ চকু দিয়া হয়।সেইবিলাক লগতে অৱশ্য কম পৰিমাণে হ’লেও নন্দনতাত্ত্বিক মূল্য যোগ হ’ব লাগিব। এনে ক্ষেত্ৰত ৰচনা ভঙ্গী,ৰীতি আৰু বলিষ্ঠ উপস্থাপন বা প্ৰকাশ ক্ষমতাকে সাধাৰণতে প্ৰয়োজনীয় বৈশিষ্ট বুলি গণ্য কৰা হয়। কোনবিলাক সাহিত্য গ্ৰন্থ হয় সেই কথা এইদৰেই বুজোৱা হয়। ‘এয়া সাহিত্য নহয়’ বুলি যেতিয়া কোৱা হয়, তেতিয়া এনে এক মূল্য নিৰ্দ্ধাৰণ পদ্ধতিৰ দ্বাৰা পৰিচালিত হৈয়ে সেইদাৰে কোৱা হয়। বুৰঞ্জী, দৰ্শন বা বিজ্ঞানৰ গ্ৰন্থ বেলিকাও সেইবিলাক সাহিত্য হয়নে নহয় সেই কথা বুজাবলৈ এনে এক মূল্য নিৰূপণৰ মাপকাঠিকে ব্যৱহাৰ কৰা হয়।
সাহিত্যৰ বুৰঞ্জীত দাৰ্শনিক, বুৰঞ্জীবিদ , ধৰ্মতত্ববিদ, নীতিতত্ত্ববিদ,ৰাজনীতিবিদ আনকি বিজ্ঞানীকো অন্তৰ্ভুক্ত কৰা দেখা যায়। ইংৰাজী সাহিত্যৰ বুৰঞ্জী প্ৰণেতাই অষ্টাদশ শতিকাৰ কথা লিখোতে বাৰ্কলে আৰু হিউম, বিচপ বাটলাৰ আৰু গিবন, বাৰ্ক আৰু আনকি আডাম স্মিথৰ কথাও বহলাই আলোচনা কৰিছে। অৱশ্যে কবি নাট্যকাৰ আৰু উপন্যাসিকৰ দৰে সুবিস্তৃত আলোচনা এওঁলোকৰ ক্ষেত্ৰত কৰা হোৱা নাই আৰু তেনে কৰাটো সম্ভৱ নহয়। সাহিত্যৰ বুৰঞ্জীত সেবিলাক লেখকৰ কথা আলোচনা কৰোতে বুৰঞ্জী লেখকে যদি সেই গ্ৰন্থসমূহৰ নন্দনতাত্ত্বিক গুণসমূহৰ আলোচনাতে কেৱল আৱদ্ধ থাকিলেহেঁতেন, তেতিয়াহলে কোনো কথা নাছিল।
কিন্তু এই ‘ভিন্ ভিন্ বিষয়ৰ লেখকসকলৰ নিজৰ নিজৰ এলেকাৰ বিষয়ে সাহিত্যৰ বুৰঞ্জী প্ৰনেতাই আগ্ৰহহীনভাবে অপটু বৰ্ণনা দিয়েই ক্ষান্ত থাকে।তেনেকুৱা হবই, কাৰণ হিউমক কেৱল এজন দাৰ্শনিক হিচাপেহে আলোচনা কৰিব পাৰি, সেইদৰেই গিবনক এজন বুৰঞ্জীবিদ, বিচপ বাটলাৰক এজন ধৃষ্টায়ান নীতিতত্ত্ববিদ আৰু আদাম স্মিথক এগৰাকী অৰ্থনীতিবিদ আৰু নীতিতত্ত্ববিদ হিচাপেহে আলোচনা কৰিব লাগিব। কিন্তু সৰভাগ সাহিত্যৰ বুৰঞ্জীতে এওঁলোকক বিষয়বস্তুৰ লগত সম্পৰ্ক নৰখাকৈ অৰ্থাৎ তেওঁলোকৰ নিজৰ নিজৰ বিষয়ৰ বুৰঞ্জী আলোচনা নকৰাকৈ খণ্ডিত ৰূপৰ আলোচনা কৰা হয়।সাহিত্যৰ বুৰঞ্জী প্ৰণেতাগৰাকী নিজে নিজেই এই বিভিন্ন বিষয়লৈ পৰিৱৰ্তিত হৈ যাব নোৱাৰে। এনে ক্ষেত্ৰত সাহিত্যৰ বুৰঞ্জী প্ৰণেতাজন মাথোন এজন তথ্য সংগ্ৰাহক আৰু সচেতনভাৱে অনাধিকাৰ চচা কৰা,লোকৰ পৰিণতি হয়।
শিক্ষা আহৰণৰ ক্ষেত্ৰত বছা বছা‘‘মহৎ গ্ৰন্থসমূহ’’ পঢ়িবলৈ কোৱাটো সমীচীন হ’ব পাৰে। ছাত্ৰসকলৰ ক’ব পাৰি যে কেৱল ঐতিহাসিক মূল্য থকা বা একোজন লেখকৰ সকলোবোৰ গ্ৰন্থ পঢ়াতকৈ তেওঁলোক বাছি বাছি মহৎ গ্ৰন্থ বা ভাল গ্ৰন্থসমূহ পঢ়াই ভাল। কিন্তু বিজ্ঞান, বুৰঞ্জী আদিৰ দৰে সুদাবিকশত বিষয়ৰ ক্ষেত্ৰত এই নীতি অনুযায়ী চলিলে লাভৱান হ’ব পাৰি বুলি ক’ব নোৱাৰি। সৃষ্টিশীল সাহিত্যৰ বুৰঞ্জীৰ ক্ষেত্ৰত কেৱল মহৎ গ্ৰন্থসমূহতে। আৱদ্ধ থাকিলে সাহিত্যৰ ঐতিহ্য অনুধাৱন কৰাৰ আঁতডালেই হেৰাই যোৱাৰ ভয় থাকে।
তদুপৰি সাহিত্যৰ গতি–প্ৰক্ৰিয়া, বিভিন্ন সাহিত্যক মাধ্যমৰ বিকাশ আৰু সামাজিক, ভাষাগত,আদৰ্শত্মক আদি যিবিলাক অৱস্থাই সাহিত্যৰ ক্ষেত্ৰত নিৰ্ণায়ক ভুমিকা লয় সেইবিলাকৰ বিষয়ে জনাৰ ক্ষেত্ৰত অন্তৰায়ত সৃষ্টি কৰিব, বুৰঞ্জী,দৰ্শন বা তেনে জাতীয় বিষয়ৰ ক্ষেত্ৰত এই নীতি গ্ৰহণ কৰিলে সেই গ্ৰন্থসমূহৰ নন্দনতাত্ত্বিক গুণসমূহৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়। ইংৰাজ বিজ্ঞানীসকলৰ ভিতৰত যদি এনে ধৰণে শ্ৰেষ্ঠ গ্ৰন্থ নিৰ্বাচন কৰা হয় তেতিয়া হলে থমাচ হক্সলিৰ গ্ৰন্থকে নিৰ্বাচন কৰিব লাগিব। সুন্দৰ উপস্থাপন ৰীতি আৰু প্ৰকাশভঙ্গীৰ কাৰণেই হাক্সলিৰ গ্ৰন্থ নিৰ্বাচন কৰা হয়। এনে কৰাৰ কাৰণে মৌলিক চিন্তাবিদসকলৰ গ্ৰন্থতকৈ হস্কলিৰ গ্ৰন্থক আৰু কাণ্টৰ গ্ৰন্থতকৈ বাৰ্গচৰ গ্ৰন্থক আগস্থান দিয়া হয়।
২৩। সাহিত্যৰ স্বৰূপ নিৰ্ণয় কৰি সাহিত্যৰ শ্ৰেণী বিভাজন কৰা।
উত্তৰঃ সাহিত্য শব্দটো সংস্কৃত ভাষাৰ ‘সহিত’ শব্দৰ পৰা নিষ্পন্ন হৈছে— সহিতস্য ভাবঃ সাহিত্যম, অৰ্থাৎ সহভাৱ বা মিলন। এই মিলন শব্দ আৰু অৰ্থৰ। শব্দ আৰু অৰ্থৰ সুসঙ্গতি বা মিলকে সাহিত্য বোলে, নাইবা অৰ্থযুক্ত শব্দাবলীৰ সুবিন্যস্ত প্ৰয়োগকে সাহিত্য বোলে।অৰ্থবিহীন শব্দ কিছুমানৰ প্ৰয়োগেই সাহিত্য হ’ব নোৱাৰে। সাহিত্য হ’ব লাগিলে সি নিশ্চয় কিবা কিবা এটা বিশিষ্ট অৰ্থ বা ভাৱ প্ৰকাশ কৰিব লাগিব। শব্দ হ’লে ভাৱৰ বাহক ।মানুহৰ মনৰ সকলো ৰকমৰ ভাৱ শব্দৰ মাজেৰে প্ৰকাশিত হয়।শব্দবিহীন ভাৱ অস্তিত্ববিহীন। গতিকে,ভাৱৰ একমাত্ৰ অৱলম্বন শব্দ।
সাহিত্য সামগ্ৰিক শব্দঃ ই গদ্য–পদ্য উভয়কে বুজায়।সেই কাৰণেই ইয়াৰ পৰিসৰ অতি ব্যাপক আৰু অনিশ্চিত । ‘সাহেই সাহিত’ বুলি কেতিয়াবা কোৱা হয় যদিও সাহ কৰি লিখা যিকোনো কিতাপ সাহিত্যৰ পৰ্যায়যুক্ত হ’ব নোৱাৰে।
সাহিত্য মানে লিখক আৰু গ্ৰন্থৰ তালিকা নহয় ।কিতাপৰ পিছফালে থকা মানুহজন আৰু মানুহজনৰ পিছফালে থকা সমাজ, দেশ আৰু কালক সেইখন গ্ৰন্থই প্ৰতিনিধিত্ব কৰে। এগৰাকী ইংৰাজী সমালোচকে কৈছিল –‘show me a book, I shall tell you at once the history of me nation, Behind every book, There is a man and behind him, There is the nation.’
কোনো জাতিৰ চিন্তা–ভাবনা,কল্পনা আদৰ্শ আৰু জীৱন ধাৰণৰ পদ্ধতি আদি সাহিত্যৰ মাধ্যমেৰে প্ৰকাশ হয়। সাহিত্যৰ মাজেদি জাতীয় জীৱনৰ অভিব্যক্তি প্ৰকাশ পায়।
সাহিত্য–সৃষ্টিৰ অন্তৰালত চাৰিটা প্ৰেৰণাই ক্ৰিয়া কৰে–
প্ৰথমতে, আত্মপ্ৰকাশৰ কামনাঃ মানুহ সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ প্ৰাণী। ইতৰ প্ৰাণীতকৈ মানুহৰ প্ৰাৰ্থক্য এইখিনিতে যে মানুহৰ আশা–আকাংক্ষা, বিচাৰ বুদ্ধি, আবেগ–অনুভূতি আছে।মানুহে যেনেকৈ আনক জানিব খোজে, তেনেকৈ নিজাকো জনাব বিচাৰে। সি মানুহৰ সহজাত প্ৰবৃত্তি। এই নিজক জনাব বিচৰাতেই আত্মপ্ৰকাশৰ প্ৰয়াস ঘটিছে আৰু তাতেই সাহিত্যৰ উৎপত্তি হৈছে।
দ্বিতীয়তে, পৰস্পৰৰ লগত সংযোগ কামনাঃ মানুহ সামাজিক জীৱ,গতিকে পৰনিৰ্ভৰশীল। হেজাৰ চেষ্টা কৰিলেও মানুহে কেতিয়াও একান্ত স্বতন্ত্ৰভাবে চলিব নোৱাৰে। জন্মৰ পিছৰপৰাই মানুহৰ ওপৰত পিতা–মাতা,আত্মীয়–স্বজন, বন্ধু–বৰ্গ আৰু পৰিৱেশৰ বিভিন্ন প্ৰভাৱ নিপতিত হয়। এই চাৰিওফালৰ জগতৰ লগত সংযোগ স্থাপনৰ প্ৰয়াস আৰু নিজৰ বিস্তৃতভাৱে, বিশালভাৱে, চাব খোজাৰ ফলতে সাহিত্যৰ সৃষ্টি হয়।
তৃতীয়তে, বাস্তৱ জগত আৰু কল্পনা জগতৰ প্ৰতি আগ্ৰহঃ মানুহে কেৱল বাস্তৱ জীৱনক লৈয়ে জীয়াই থাকিব নোৱাৰে। বাস্তৱ জগত সীমিত,কল্পনা–জগত অসীম। বাস্তৱ জগত দুঃখ যতনাৰ আকাৰ, নিৰাশা–হতাশাৰ শ্মশানভূমি। এই দুৰ্বাৰ দস্তাৱ জগতত মানুহৰ মনৰ আশা–আকাংক্ষা পূৰ্ণ নহয়,সেই কাৰণেই মানুহেই আশ্ৰয় লয়গৈ কল্পনা–জগতৰ। বাস্তৱ জগতত নোপোৱাখিনি কল্পনাৰ মাজেৰে লাভ কৰি মানুহে জীৱনৰ বাসনা পূৰ্ণ কৰিব নোৱাৰে। এই কল্পলোকৰ বাসনাই মূৰ্তিমান হৈ উঠে সাহিত্যৰ মাজেৰে।
চতুৰ্থতে, ৰুপকল্পপ্ৰিয়তাঃ মানুহ স্বভাৱতে ৰূপাবিলাসী, স্ৰষ্টা।মানুহে যি পাব খোজে,তাকো ৰূপৰ মাজেদি পাব খোজে। মানৱ– মনৰ কামনা আৰু কল্পনা যিমানকৈ সূক্ষ্ম নহওঁক, তাক ৰূপৰ মাজেৰে ধৰিব নোৱাৰা পৰ্যন্ত মানুহৰ মনৰ শান্তি নাই।
গতিকে ক’ব পাৰি যেনে বিচিত্ৰ, সাহিত্যৰ বিষয়বস্তুও তেনে বৈচিত্ৰপূৰ্ণ হ’ব পাৰে।জীৱনৰ এনে এটা অংশ, এনে এটা অৱস্থা,এনে এটা অভিব্যক্তি নাই, যিটো সাহিত্যৰ মাজেদি ৰূপায়িত হ’ব নোৱাৰে।সাহিত্যত বেয়া নমবা কুৎসিত বস্তু এটায়ো সৌন্দৰ্যৰ মাজেৰে মহিমামণ্ডিত হৈ উঠে।
সাহিত্যৰ শ্ৰেণী বিভাজন কৰাত বিভিন্ন সমস্যা আহি পাৰে। দ্য কুইন্সিয়ে এই সমস্যাৰ এটা ভাল সমাধান দিবলৈ গৈ সাহিত্যক দুটা ভাগত ভাগ কৰিছে–জ্ঞানৰ সাহিত্য আৰু প্ৰাণৰ সাহিত্য। জ্ঞানৰ সাহিত্যৰ লক্ষ্য, তথ্যপাতি আৰু তত্ত্বকথাৰ যোগান ধৰি পাঠক –মনৰ জ্ঞানৰ কোঠালী আৰু বেছিকৈ আলোকিত আৰু তোলা। প্ৰাণৰ সাহিত্যৰ লক্ষ্য হ’ল– সাহিত্যিক তেওঁৰ আপোন হৃদয়ৰ যিবোৰ সত্য আৰু সৌন্দৰ্যৰ গৰিমা উপলব্ধি কৰিছে, সেইবোৰকেই সহৃদয়সংবেদী পাঠক–মনলৈ সঞ্চাৰিত কৰি ৰসিক ভোক্তাৰ হৃদয়–কন্দৰ আলোকিত কৰি তোলা। মুঠতে সাহিত্য দুবিধ– এবিধ মগজুৰ, আনবিধ হৃদয়ৰ।
ব্যক্তিগত অভিজ্ঞতাৰ উপৰত ভিত্তি কৰি পাঁচোটা ভাগত ভগাব পাৰি–
প্ৰথম, ব্যক্তি বিচাপে ব্যক্তিগত অভিজ্ঞতাসমূহ, যিবোৰক লৈ নিৰ্মিত হয় ব্যক্তিবিশেষৰ বহিৰ্মুখী আৰু অন্তৰ্মুখী গোপন অথবা নিবিড় জীৱন।
দ্বিতীয়, মানুহে হিচাপে মানৱীয় অভিজ্ঞতাসমূহ, যাৰ লগত সংশ্লিষ্ট হৈ আছে জীৱন–মৰণ, পাপ–পুণ্য, আশা–নিৰাশা আৰু ঈশ্বৰ আৰু মানুহৰ জীৱনৰ পাৰস্পৰিক সম্পৰ্ক সম্বন্ধীয় প্ৰশ্নবোৰ।
তৃতীয়, ব্যক্তিৰ লগত সমাজৰ সম্পৰ্ক–সঞ্জাত অভিজ্ঞতাসমূহ, যিবোৰ লগত সংশ্লিষ্ট হৈ আছে প্ৰেম আৰু ঈৰ্ষা, কৃতজ্ঞতা আৰু কৃতঘ্নতা ইত্যাদি জাতীয় মৌল প্ৰশ্নবোৰ।
চতুৰ্থ, ব্যক্তিৰ লগত বহিৰ্জগতৰ সম্পৰ্কভিত্তিক অভিজ্ঞতাসমূহ, যিবোৰৰ লগত সম্পৰ্কিত আমাৰ নৈসৰ্গিক চেতনা আৰু জগতিক ৰহস্যৰ চেতনাবোধ।
পঞ্চম, একান্ত শিল্পগত অভিজ্ঞতাসমূহ, যিবোৰ আমাৰ মনত জগাই থৈ যায় সৃষ্টিৰ আগ্ৰহ–আকাংক্ষা।
এই পাঁচ বিধ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য পাঁচ প্ৰকাৰে ভাগ কৰিব পাৰি–
(ক) ব্যক্তিগত জীৱন–সংক্ৰান্ত সাহিত্য।
(খ) আধ্যাত্মক জীৱনৰ সাহিত্য।
(গ) সামাজিক জীৱন–সংক্ৰান্ত সাহিত্য।
(ঘ) নৈসৰ্গিক চেতনাৰ সাহিত্য।
(ঙ) নান্দনিক চেতনাৰ সাহিত্য।
কোনো কোনোৱে আকৌ সাহিত্যক তিনিটা ভাগত ভাগ কৰিছে।সাহিত্য তিনিবিধ হৈছে–
(ক) আন্তৰ্মুখী অথবা অভিব্যক্তিমূলক সাহিত্য।
(খ) বহিৰ্মুখি অথবা নইব্যৰ্ক্তিক সাহিত্য।
(গ) বৰ্ণনামূলক অথবা সংবাদভিত্তিক সাহিত্য ।
পৃথিৱীৰ সকলো দেশৰ সাহিত্যই দুটা ডাঙৰ বিভাগত বিভক্তঃ এটা হ’ল, গদ্য–সাহিত্য; আনটো পদ্য–সাহিত্য। প্ৰথম বিধৰ ভাষা বাক্যৰ গাঁথনি মূলতঃ ব্যাকৰণসন্মত ৰীতিত বিন্যস্ত। দ্বিতীয় বিধৰ অৰ্থাৎ পদ্যৰ ভাষাত বাক্যৰ গাঁথনি ঘাইকৈ আবেগিক প্ৰয়োজনৰদ্বাৰা নিয়ন্ত্ৰিত। উৎকৃষ্ট পদ্যৰ আদৰ্শ হ’ল,শব্দৰ ব্যঞ্জনাধৰ্মিতা।
২৪। সাহিত্যৰ সৃষ্টিৰ অন্তৰালত কিধৰণৰ প্ৰেৰণাই ক্ৰিয়া কৰা হৈছে আলোচনা কৰা।
উত্তৰঃ সাহিত্য – সৃষ্টিৰ অন্তৰালত চাৰিটা প্ৰেৰণাই ক্ৰিয়া কৰে–
প্ৰথমতে, আত্মপ্ৰকাশৰ কামনাঃ মানুহ সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ প্ৰাণী।অন্যান্য ইতৰ প্ৰাণীতকৈ মানুহৰ পাৰ্থক্য এইখিনিতে যে মানুহৰ আশা–আকাংক্ষা, বিচাৰ বুদ্ধি,আবেগ–অনুভূতি আছে। মানুহে যেনেকৈ আনক জানিব খোজে, তেনেকৈ নিজকো জনাব বিচাৰে।সি মানুহৰ সহজাত প্ৰবৃত্তি ।এই নিজক জনাব বিচাৰতেই আত্মপ্ৰকাশৰ প্ৰয়াস ঘটিছে আৰু তাতেই সাহিত্যৰ উৎপত্তি হৈছে।
দ্বিতীয়তে, পৰস্পৰৰ লগত সংযোগ কামনাঃ মানুহৰ সামাজিক জীৱ, গতিকে, পৰনিৰ্ভৰশীল। হেজাৰ চেষ্টা কৰিলেও মানুহে কেতিয়াও একান্তস্বতন্ত্ৰভাবে চলিব নোৱাৰে। জন্মৰ পিছৰপৰাই মানুহৰ ওপৰত পিতা–মাতা, আত্মীয়–স্বজন,বন্ধু–বৰ্গ আৰু পৰিৱেশৰ বিভিন্ন প্ৰভাৱ নিপতিত হয়। এই চাৰিওফালৰ জগতৰ লগত সংযোগ স্থাপনৰ প্ৰয়াস আৰু নিজক বিস্তৃতভাৱে, বিশালভৱে, চাব খোজাৰ ফলতে সাহিত্যৰ সৃষ্টি হয়।
তৃতীয়তে, বাস্তৱ জগত আৰু কল্পনা জগতৰ প্ৰতি আগ্ৰহঃ মানুহে কেৱল বাস্তৱ জীৱনক লৈয়ে জীয়াই থাকিব নোৱাৰে।বাস্তৱ জগত সীমিত,কল্পনা–জগত অসীম। বাস্তৱ জগত দুঃখ যতনাৰ আকাৰ,নিৰাশা–শ্মশানভূমি । সেই কাৰণেই মানুহেই আশ্ৰয় লয়গৈ কল্পনা– জগতৰ। বাস্তৱ জগতত নোপোৱাখিনি কল্পনাৰ মাজেৰে লাভ কৰি মানুহে জীৱনৰ বাসনা পূৰ্ণ কৰিব নোৱাৰে। এই কল্পনালোকৰ বাসনাই মূৰ্তিমান হৈ উঠে সাহিত্যৰ মাজেৰে।
চতুৰ্থতে, ৰূপকল্পপ্ৰিয়তাঃ মানুহে স্বভাৱতে ৰূপবিলাসী, স্ৰষ্টা। মানুহে যি পাব খোজে, তাকো ৰূপৰ মাজেদি পাব খোজে।মানৱ মনৰ কামনা আৰু কল্পনা যিমানকৈ সূক্ষ্ম নহওঁক, তাক ৰূপৰ মাজেৰে ধৰিব নোৱাৰা পৰ্যন্ত মানুহৰ মনত শান্তি নাই।
গতিকে ক’ব পাৰি– জীৱন যেনে বিচিত্ৰ, সাহিত্যৰ বিষয় বস্তুও তেনে বৈচিত্ৰ পূৰ্ণ হ’ব পাৰে। জীৱনৰ এনে এটা অংশ, এটা অৱস্থা, এনে এটা অভিব্যক্তি নাই, যিটো সাহিত্যৰ মাজেদি ৰূপায়িত হ’ব নোৱাৰে। সাহিত্যত বেয়া আৰু কুৎসিত বস্তু এটায়ো সৌন্দৰ্যৰ মাজেৰে মহিমামণ্ডিত হৈ উঠে।
২৫। সাহিত্য আৰু জীৱনৰ সম্বন্ধ বিচাৰ কৰা?
উত্তৰঃ এনে কোনো সজীৱ শিল্প নাই, যাৰ মানৱতাৰ সৈতে সম্পৰ্ক নাই । সাহিত্য এনে এক শিল্প যাক বুজিবৰ বাবে পৃথিৱীৰ নানা ভাষাত না না শ্ৰেষ্ঠ মহিষীয়ে যুগ যুগ ধৰি চেষ্টা কৰি আহিছে। ইংৰাজ সাহিত্যক ইমৰচনৰ মতে ‘‘A record of best thoughts’’অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ চিন্তাৰাশিৰ লিপিবদ্ধ বিবৰণেই হ’ল সাহিত্য। অনেকে কয় সনাতন সত্য প্ৰকাশ কৰিব পৰা ৰচনাই সাহিত্য। কিন্তু এই ‘‘ সনাতন সত্য ’’নো কি? অনন্ত ব্ৰহ্মৰ চিৰন্তৰ সত্যৰ কথা এৰি জাগতিক সত্য যেনে 3+3=6–– এয়াও সনাতন সত্য। তেন্তে পাটিগণিতো উৎকৃষ্ট সাহিত্য হব নেকি? কিন্তু আমি পাটিগণিত বা অংক শাস্ত্ৰৰ সাহিত্য বুলি নকওঁ–– কাৰণ ই মানুহৰ মনৰ নিভৃত কোণত কোনো ধৰণৰ স্পৰ্শ কাতৰ আবেগ বা কোনো ৰসৰ সৃষ্টি নোতোলে। এনে গাণিতিক সত্যবিলাক এবাৰ জানি লোৱাৰ পিছত নিতৌ নতুন নতুন হৈ আমাৰ মনত আৱেগ– বিস্মত, আনন্দ বা দুখ সৃষ্টি নকৰে।
সেয়ে ইয়াক আমি। সাহিত্যৰ শাৰীত নাধৰোঁ। সীতাৰ অগ্নিপৰীক্ষা, শকুন্তলা-দুষ্মন্তৰ প্ৰেম–বিচ্ছেদ, ৰ’মিও-জুলিয়েটৰ প্ৰেম, ইডিপাছৰ মৰ্ম্মভেদী হাহাকাৰ— এইবিলাকে সৃষ্টিৰ প্ৰথমদিনাই পৰাই মানুহৰ মনত যি আবেগৰ সৃষ্টি কৰিছিল, আজিও সেই একে আবেগৰ সৃষ্টি কৰি আছে আৰু আগলৈকো কৰি থাকিব। এই চিৰন্তন সত্যই প্ৰকৃত সাহিত্যৰ প্ৰধান লক্ষণ।
মানুহৰ হৃদয়ৰ সুখ –দুঃখ, আবেগ-উদ্বেগ, আশা-আকাঙ্খা, বিৰহ-বেদনা– এই বিলাকেই সাহিত্যৰ উপাদান। জীৱনৰ ঘাত–প্ৰতিঘাতৰ উপৰিও বিশ্ব–প্ৰকৃতিৰ ৰূপ–ৰহস্যয়ো মানুহৰ মনত না না ভাৱৰ উদ্ভৱ কৰে।গতিকে প্ৰকৃত আৰু মানৱ-চৰিত্ৰ এই দুটা লৈকেই সাহিত্যৰ সৃষ্ট হয়। জন জীৱনৰ আশা-আকঙ্খা, তেওঁলোকৰ জীৱন সংগ্ৰামৰ অন্তহীন নিৰলস চেষ্টাক প্ৰতিফলিত কৰে সাহিত্যই।
২য় মহাযুদ্ধত জাৰ্মানীত বন্দী হৈ থকা ইংৰাজ কেপ্তেইন এজনে লগৰ দুৰ্ভগীয়াসকলক ইংৰাজী সাহিত্যৰ বিবিধ ৰসৰ আভাস দি দুঃসহ সময়বোৰ পাৰ কৰিছিল।এই সাহিত্যপ্ৰেমী চিপাহিজনে উপন্যাসৰ কথা কওঁতে মন্তব্য কৰিছিল ‘‘উপন্যাসে মানুহৰ জীৱন যথাযথ ভাবে প্ৰতিফলন নকৰে। ই বহু সময়ত কল্পনা বিলাসত ভ্ৰমি ফুৰে আৰু কাহিনী ৰসাল কৰিবলৈ নিজৰ লগত এখনেই সৃষ্টি কৰি লয়। তথাপিও ই জীৱনৰে অংশ। জীৱন নেওচি সম্ভৱ উপন্যাস হব নোৱাৰে।’’
জীৱন উপন্যাস নহয়….কিন্তু উপন্যাসত জীৱন থাকে। সেয়ে সাহিত্যত জীৱন প্ৰতিফলিত কৰিবলৈ যাওঁতে সাহিত্যকে বহুতো সাৱধানতা অৱলম্বন কৰিব লগীয়া হয়।
জীৱন লৈয়ে সাহিত্য সৃষ্টি হয় যদিও, যেতিয়া জীৱনৰ অস্তিত্ব বা জীৱনৰ সমস্যালৈ প্ৰশ্ন উঠে, তেতিয়া সমাজৰ অংশীদাৰ হিচাপে সাহিত্যকে নিজৰ নিজৰ কাৰ্য সম্বন্ধে সজাগ হ’বৰ হেতু ওলায়। বিৱৰ্তনৰ চাকৰীত প্ৰতিটো সতেজ যুগেই নিজৰ সম্বন্ধে সচেতন হয় আৰু সাহিত্যৰো পৰিৱৰ্তন হয়।বহুতো সাহিত্যকে সন্মুখত থকা বাধা বিঘিনিবিলাকৰ কলমৰ জোৰতে ওফৰাই পেলাবলৈ চেষ্টা কৰে। সাহিত্যই জনগণৰ মনত সচেতনতাৰ সৃষ্টি কৰিব পাৰে।পৰাধীনতা সময়ত অম্বিকাগিৰী, জ্যোতিপ্ৰসাদ, কমলাকান্ত ভট্টাচাৰ্য্য আদিৰ লেখনিয়ে অসমৰ জনগণৰ মনত দেশপ্ৰেমৰ অগ্নিস্ফুলিংগ উদগীৰণ কৰিছিল। অষ্টাদশ শতিকাত ফৰাচী সাহিত্যত ৰুচো, ভল্টেয়াৰ, দিদাৰো আদিয়ে ৰাজতন্ত্ৰ-পুৰোহিততন্ত্ৰৰ বিৰুদ্ধে সামন্তবাদী সমাজৰ মতান্ধতা, অভিজাত শ্ৰেণীৰ নিৰ্বোধ জীৱন যাত্ৰা আৰু প্ৰতিক্ৰিয়াশীল ভাবাদৰ্শৰ ওপৰত যি প্ৰচণ্ড আঘাত হনিছিল, তাৰ প্ৰভাৱত ১৭৮৯ চনত ফৰাচী বিপ্লৱ সংঘটিত হোৱাৰ অৰ্থ শতিকাৰ আগতে ফৰাচী জনগণৰ সচেতন অংশ এই বিপ্লৱৰ কাৰণে মানসিকভাৱে প্ৰস্তত উঠিছিল।
ইউৰোপত মধ্যযুগীয় ক্ষয়প্ৰাপ্ত সামন্তবাদ ভাঙি বুৰ্জোৱা উৎপাদন ব্যৱস্থাৰ বাট মোকলাই দিয়াৰ ঐতিহাসিক প্ৰয়োজন দান্তেৰ সাহিত্যত প্ৰতিফলিত হৈছিল। ভিক্টৰ হুগোৰ ‘‘লা মিজাৰেবল’’ত যি সমাজ চিত্ৰ আৰু সমাজসচেতনতা প্ৰায় প্ৰকাশিত হৈছে, তাৰ প্ৰভাৱ পৰিছিল সমগ্ৰ বিশ্বত প্ৰগতিবাদী মানুহৰ চিন্তাত। সমগ্ৰ বিশ্বত সাম্যবাদী আন্দোলনৰ ভাবাদৰ্শৰ প্ৰসাৰ আৰু শ্ৰমিক শ্ৰেণীৰ অগ্ৰগামী ভুমিকা সম্পৰ্কত জনগণক সচেতন কৰাত মেক্সিম গৰ্কীৰ ‘‘মা’’ৰ প্ৰভাৱ অপৰসীম ।ভাৰতৰ উপনিবেশীয় সমাজত সাম্ৰাজ্যবাদৰ লগত ভাৰতৰ জনগণৰ মুক্তি আৰু বিকাশৰ অকাঙ্খাৰ সংঘাতৰ বাস্তৱতা বঙ্কিমচন্দ্ৰ আৰু ৰবীন্দ্ৰনাথৰ সাহিত্যত প্ৰতিফলিত হৈ জাতীয় জাগৰণত তুৰ্য্যধ্বনি স্বৰূপে কাম কৰিছে।
লেখকৰ অভিজ্ঞতা, আবেগ আৰু সুকীয়া দৃষ্টি সাহিত্য সৃষ্টিৰ বাবে অতি প্ৰয়োজনীয়। খাবলৈ নোপোৱা বা জাৰত কাপোৰ এখন ল’ব নোপোৱা মানুহৰ পেট ভৰাই খাব পোৱা, বিধে বিধে কাপোৰ লব পৰা ভাগ্যশালীসকলক কি চকুৰে চায়, সেয়া সকলোৱে অনুভৱ কৰিব নোৱাৰে। সূক্ষ্ম অনুভূতিসম্পন্ন লিখকে সেইসকল লোকৰ মনৰ যাতনা লেখনিৰ জৰিয়তে সকলোকে অনুভৱ কৰাব পাৰে। ইয়াই প্ৰকৃত সাহিত্য। জীৱনৰ প্ৰতিটো সমস্যা, প্ৰতিটো সূক্ষ্ম কোণত সাহিত্যই পৰশ পেলাব পাৰিব লাগে। জীৱনৰ লগত যিহেতু দেশ আৰু সমাজৰ ওতঃপ্ৰোত সম্বন্ধ আছে― সেয়ে সমাজৰ আৰ্থ সামাজিক, ৰাজনৈতিক সমস্যা সমূহক কোনো লেখকেই উপেক্ষা কৰিব নোৱাৰে।
যুদ্ধৰ পটভূমিত ৰচনা কৰা গ্ৰন্থই মানুহৰ হৃদয়ত যুদ্ধৰ প্ৰতি ভয়, ঘৃণা আৰু বিতৃষ্ণাৰ সৃষ্টি কৰিছে । যুদ্ধই মানুহৰ জীৱনত সামাজিক, মানসিক প্ৰতিটো স্তৰতে প্রভূত প্রভাৱ পেলায় । আমাৰ পৌৰাণিক সাহিত্য মহাভাৰত, ৰামায়ণে যুদ্ধ আৰু জীৱনৰ সংঘাত আৰু সম্পৰ্ক দেখুৱায়। সেইদৰে টলষ্টয়ৰ “War and Peace” পঢ়িলে জীৱন সম্পর্কে নতুন অনুভৱ পাব পাৰি। ২য় মহাসমৰৰ সময়ত জার্মান সৈন্যৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ গুপ্তগৃহত লুকাই থকা ইহুদী পৰিয়ালৰ কিশোৰী “এন ফ্ৰাংকৰ ডায়েৰী” য়ে সাধাৰণ নিৰপৰাধী মানুহৰ জীৱন যুদ্ধই কি দৰে দুঃসহ কৰি তোলে তাক সমগ্ৰ পৃথিৱীবাসীক জানিবলৈ সুবিধা দিছে । সাহিত্যই যুগ আৰু পৰিধিৰ সীমা ভাঙি জীৱনক বুজিবলৈ সুবিধা দিয় ।
জীৱনত কোনো এক ভাল কাম কৰিবলৈ, বা মানসিক উৎকর্ষ সাধন কৰিবলৈ আমি মহৎ, সনাতন কলাত্মক সৃষ্টিৰ পৰা অনুপ্ৰেৰণা বিচাৰো । লাভ-লোকচানৰ কথা বিবেচনা নকৰাকৈ সত্যৰ আশ্ৰয় লোৱা— truth for truth’s sake- এই বিষয়ে আলোচনা কৰিবলৈও আমি সাহিত্যৰ আশ্ৰয় লও ।
আমি জীৱন কালত সাধাৰণতে এটা বিষয়ৰ পৰা পৰাপক্ষত আঁতৰি থাকিব বিচাৰো সেইয়া হৈছে মৃত্যু । পৰিহাসৰ কথা যে এবাৰ জন্মগ্ৰহণ কৰাৰ পাছত মানুহৰ বাবে কিবা এটা অমোঘ সত্য যদি আছে —সেইটো হ’ল —মৃত্যু । যিহেতু মৃত্যুৰ দুৱাৰ-ডলি পাৰ কৰি যোৱাসকলক আমি কেতিয়াও লগ নাপাওঁ, আমি মৃত্যুৰ বিষয়ে কিছুমান অস্বচ্ছ ধাৰণা লৈ থাকো, মৃত্যুৰ সম্ভাৱনাৰ কথা ভাবি বিচলিত আৰু আতংকিত হওঁ । কিন্তু জীৱন আৰু মৃত্যু একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি । সেয়ে সাহিত্যত কেৱল জীৱনৰ বিষয়েই নহয় মৃত্যুৰ বিষয়েও সমানেই প্রাধান্য পায় । মৃত্যু চিন্তাই মানৱ চৰিত্ৰৰ নানা দিশ উন্মোচন কৰে ।
মৃত্যুৰ সম্ভাৱনাৰ প্ৰতি নানা জনৰ নানা প্রতিক্রিয়া হব পাৰে, আৰু এই প্ৰতিক্ৰিয়াবোৰ তেওঁলোকৰ কলমৰ জৰিয়তে নাটকীয়ভাৱে প্ৰকাশ কৰি সাহিত্যিকসকলে জীৱিত সকলৰে চৰিত্ৰ বিশ্লেষণ কৰে । ভি. এচ. নাইপ’লৰ উপন্যাস “A House for Mr. Biswas”ত কেইগৰাকীমান তিৰোতাই পৰিয়ালত হোৱা কিছুমান মৃত্যুৰ প্রতি নিৰুদ্বিগ্ন আৰু নিৰাসক্ত প্রতিক্রিয়া প্ৰদৰ্শন কৰা দেখা যায় । কিন্তু যেতিয়া পদ্মা নামৰ নামৰ তিৰোতাজনীৰ মৃত্যু হ’ল তেতিয়া সিহঁতৰ নিৰুদ্বেগ ভাব ক’ৰবালৈ গ’ল । পদ্মা বয়সত সিহঁতৰ ওচৰা-উচৰি হোৱা বাবে এই তিৰোতাকেইজনীয়ে পদ্মাৰ মৃত্যুত যেন যমদূতৰ আহ্বানৰ আগলি বতৰা পালে । যিকোনো প্ৰকাৰে জীয়াই থকাৰ মানবৰ যি হাবিয়াস তাৰে মর্মস্পর্শী ছবি হ’ল উপৰোক্ত তিৰোতা কেইগৰাকীৰ প্রতিক্রিয়া ।
কডৱেল, ৰালফ ফ’ আদি লিখকৰ মতে সাহিত্যই সামাজিক অর্থনৈতিক অন্যয়বিলাক সামৰি লৈ তাৰ নিৰাময়কৰণত আত্মনিয়োগ কৰিব লাগে আৰু সাহিত্যৰ লক্ষ্য পাঠকক আমোদ বা চিন্তাৰ সামগ্ৰী দিয়াতকৈ কৰ্মলৈ ঠেলি দিয়া । যি সাহিত্যত সাধাৰণ ৰাইজে হজম কৰিব নোৱাৰা মেধা বা পাত্যিৰ স্ফুৰণ ঘটে তেনে সাহিত্যৰ প্ৰতিও সেইসকল লেখকে আস্থা নাৰাখে ।
যি সাহিত্যৰ দৃষ্টিভংগী উদাৰ, যি সাহিত্যই মানৱৰ সমস্যাবহুল জীৱন সমবেদনাৰে স্পৰ্শ কৰিছে, যি সাহিত্যই ব্যক্তিৰ দুখ বেদনাক ৰূপ দিয়াৰ লগতে সকলো জাতিৰ সকলো দেশৰ লোকৰ হিয়াত বিশেষ স্থান দখল কৰিব পাৰিছে – সেই সাহিত্যই সভ্যতাৰ বুৰঞ্জীত যুগ যুগান্তৰ ধৰি অমূল্য হীৰাৰ দৰে জিলিকি থাকিব পাৰিছে আৰু তেনে সাহিত্যৰ স্ৰষ্টাজনেও জীৱন আৰু সাহিত্যৰ “প্রজাপতি” ৰূপে স্বীকৃত পাবলৈ সক্ষম হৈছে।
২৬। সাহিত্যৰ শ্ৰেণীবিজানত দেখা দিয়া সমস্যাৰ আলম লৈ সাহিত্যৰ শ্ৰেণী বিভাজন কৰা?
উত্তৰঃ সাহিত্যৰ শ্ৰেণী বিভাজন কৰাত বিভিন্ন সমস্যা আহি পাৰে। দ্য কুইন্সিয়ে এই সমস্যাৰ এটা ভাল সমাধান দিবলৈ গৈ সাহিত্যক দুটা ভাগত ভাগ কৰিছে–জ্ঞানৰ সাহিত্য আৰু প্ৰাণৰ সাহিত্য। জ্ঞানৰ সাহিত্যৰ লক্ষ্য, তথ্যপাতি আৰু তত্ত্বকথাৰ যোগান ধৰি পাঠক –মনৰ জ্ঞানৰ কোঠালী আৰু বেছিকৈ আলোকিত আৰু তোলা। প্ৰাণৰ সাহিত্যৰ লক্ষ্য হ’ল– সাহিত্যিক তেওঁৰ আপোন হৃদয়ৰ যিবোৰ সত্য আৰু সৌন্দৰ্যৰ গৰিমা উপলব্ধি কৰিছে, সেইবোৰকেই সহৃদয়সংবেদী পাঠক–মনলৈ সঞ্চাৰিত কৰি ৰসিক ভোক্তাৰ হৃদয়–কন্দৰ আলোকিত কৰি তোলা। মুঠতে সাহিত্য দুবিধ– এবিধ মগজুৰ, আনবিধ হৃদয়ৰ।
ব্যক্তিগত অভিজ্ঞতাৰ উপৰত ভিত্তি কৰি পাঁচোটা ভাগত ভগাব পাৰি–
প্ৰথম, ব্যক্তি বিচাপে ব্যক্তিগত অভিজ্ঞতাসমূহ, যিবোৰক লৈ নিৰ্মিত হয় ব্যক্তিবিশেষৰ বহিৰ্মুখী আৰু অন্তৰ্মুখী গোপন অথবা নিবিড় জীৱন।
দ্বিতীয়, মানুহে হিচাপে মানৱীয় অভিজ্ঞতাসমূহ, যাৰ লগত সংশ্লিষ্ট হৈ আছে জীৱন–মৰণ, পাপ–পুণ্য, আশা–নিৰাশা আৰু ঈশ্বৰ আৰু মানুহৰ জীৱনৰ পাৰস্পৰিক সম্পৰ্ক সম্বন্ধীয় প্ৰশ্নবোৰ।
তৃতীয়, ব্যক্তিৰ লগত সমাজৰ সম্পৰ্ক–সঞ্জাত অভিজ্ঞতাসমূহ, যিবোৰ লগত সংশ্লিষ্ট হৈ আছে প্ৰেম আৰু ঈৰ্ষা, কৃতজ্ঞতা আৰু কৃতঘ্নতা ইত্যাদি জাতীয় মৌল প্ৰশ্নবোৰ।
চতুৰ্থ, ব্যক্তিৰ লগত বহিৰ্জগতৰ সম্পৰ্কভিত্তিক অভিজ্ঞতাসমূহ, যিবোৰৰ লগত সম্পৰ্কিত আমাৰ নৈসৰ্গিক চেতনা আৰু জগতিক ৰহস্যৰ চেতনাবোধ।
পঞ্চম, একান্ত শিল্পগত অভিজ্ঞতাসমূহ, যিবোৰ আমাৰ মনত জগাই থৈ যায় সৃষ্টিৰ আগ্ৰহ–আকাংক্ষা।
এই পাঁচ বিধ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য পাঁচ প্ৰকাৰে ভাগ কৰিব পাৰি–
(ক) ব্যক্তিগত জীৱন–সংক্ৰান্ত সাহিত্য।
(খ) আধ্যাত্মক জীৱনৰ সাহিত্য।
(গ) সামাজিক জীৱন–সংক্ৰান্ত সাহিত্য।
(ঘ) নৈসৰ্গিক চেতনাৰ সাহিত্য।
(ঙ) নান্দনিক চেতনাৰ সাহিত্য।
কোনো কোনোৱে আকৌ সাহিত্যক তিনিটা ভাগত ভাগ কৰিছে।সাহিত্য তিনিবিধ হৈছে–
(ক) আন্তৰ্মুখী অথবা অভিব্যক্তিমূলক সাহিত্য।
(খ) বহিৰ্মুখি অথবা নইব্যৰ্ক্তিক সাহিত্য।
(গ) বৰ্ণনামূলক অথবা সংবাদভিত্তিক সাহিত্য।
পৃথিৱীৰ সকলো দেশৰ সাহিত্যই দুটা ডাঙৰ বিভাগত বিভক্তঃ এটা হ’ল, গদ্য–সাহিত্য; আনটো পদ্য–সাহিত্য। প্ৰথম বিধৰ ভাষা বাক্যৰ গাঁথনি মূলতঃ ব্যাকৰণসন্মত ৰীতিত বিন্যস্ত। দ্বিতীয় বিধৰ অৰ্থাৎ পদ্যৰ ভাষাত বাক্যৰ গাঁথনি ঘাইকৈ আবেগিক প্ৰয়োজনৰদ্বাৰা নিয়ন্ত্ৰিত। উৎকৃষ্ট পদ্যৰ আদৰ্শ হ’ল,শব্দৰ ব্যঞ্জনাধৰ্মিতা।
২৭। সাহিত্যৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ সাহিত্য হ’ল এটা জাতিৰ দাপোন। সাহিত্য সৃষ্টিৰ অন্তৰালত কিছুমান প্ৰেৰণা অন্তনির্হিত হৈ থাকে যাক আমি বৈশিষ্ট্যৰ শাৰীতে থৈ আলোচনা কৰিব পাৰো। সাহিত্য সৃষ্টিৰ অন্তৰালত থকা প্ৰেৰণাসমূহ চাৰিটা ভাগত ভগাব পাৰি—
(ক) আত্মপ্ৰকাশৰ কামনা :
মানুহ হ’ল জীৱশ্ৰেষ্ঠ প্রাণীষ অন্যান্য জীৱ-জন্তুতকৈ মানুহৰ মাজত পাৰ্থক্য ইয়াতেই যে মানুহৰ আশা-আকাংক্ষা আৰু বৃদ্ধি বুত্তি আবেগ অনুভূতি আছে। মানুহে যেনেকৈ আনক জানিব খোজে তেনেদৰে নিজকো জনাব বিচাৰো। ই হ’ল সহজাত প্রবৃত্তি। এইদৰে নিজক জনাব বিচৰাতেই আত্মপ্ৰকাশৰ প্ৰয়াস জড়িত থাকে তাতেই সাহিত্যৰ উৎত্তত হয়।
(খ) পৰস্পৰৰ লগত সংযোগ কামনা :
মানুহ হৈছে পৰনিৰ্ভৰশীল। মানুহে কেতিয়াও স্বতন্ত্রভাৱে চলিব নোৱাৰে। জন্মৰ পিছৰ পৰাই মানুহৰ ওপৰত বিভিন্নজনৰ যেনে পিতা মাতা, বন্ধু-বান্ধৱ, পৰিৱেশৰ প্রভাৱ পৰে। যাৰ ফলত বাস্তৱ জগতৰ চাৰিওফালে সংযোগ স্থাপনৰ বাবে মানুহে অহৰহ প্ৰয়াস কৰে আৰু নিজকে বিস্তৃতভাৱে বিশালভাৱে দৃষ্টি নিক্ষেপ কৰাৰ ফলতহে সাহিত্যৰ সৃষ্টি হয়।
(গ) বাস্তৱ জগত আৰু কল্পনাৰ প্ৰতি আগ্ৰহ :
মানুহে বাস্তৱ জগতৰ উপৰি কল্পনাৰ জগতত বিচৰণ কৰে। কিয়নো বাস্তৱ জগত হৈছে সীমিত আৰু কল্পনাৰ জগত হৈছে অসীম ৷ বাস্তৱ জগতৰ দুখ যাতনা, নিৰাশা আৰু হতাশাৰে পৰিপূর্ণ এক শ্মশান ভূমি। বাস্তৱ জগতত মানুহৰ আশা-আকাংক্ষা পূৰণ নহয় বাবেই মানুহে কল্পনাৰ আশ্ৰয় লয়। কিয়নো বাস্তব জগতত বিচাৰি নোপোৱাখিনি কল্পনাৰ মাজেৰে লাভ কৰি মানুহে জীৱনৰ বাসনা পূৰ্ণ কৰিব বিচাৰে।
(ঘ) ৰূপকল্পপ্রিয়তা :
মানুহ হৈছে ৰূপবিলাসী স্ৰষ্টা। মানুহে যি কথা ভাবে তাক নির্দিষ্ট ৰূপৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰে। মানুহে যি আহৰণ কৰিব বিচাৰে তাকো ৰূপৰ মাজেদিহে পাব বিচাৰে। মানুহৰ মনৰ কামনা আৰু কল্প যিমানেই সূক্ষ্ম নহওঁক তাক ৰূপৰ মাজেৰে ধৰিব নোৱাৰা পৰ্যন্ত মানুহৰ মনত শান্তি নাই।
উল্লিখিত দিশসমূহেই সৃষ্টিৰ উৎস বা বৈশিষ্ট্য। সাহিত্য সৃষ্টি হয়। জীৱনৰ পৰা। গতিকে জীৱন যেনে বিচিত্র, সাহিত্যৰ বিষয়বস্তুও তেনে বিচিত্র। আচাৰ্য ধনঞ্জয়ৰ মতে, “সুন্দৰ ঘৃণিত উদাৰ বা নীচ, উগ্র চিত্তপ্রসাদী, বিকৃত বস্তু এনেকি অবস্তু— এনে একো নাই, যিটো কবিৰ ভাবনাৰ দ্বাৰা ভাৱিত হৈ লোক সমাজত ৰস ৰূপে প্রতীত হয়, ইয়াৰ পৰাই অনুমান কৰিব পাৰি। সাহিত্যৰ বিষয়বস্তু অতি ব্যাপক আৰু বিচিত্রধর্মী। সাহিত্যৰ বিষয়বস্তু হ’ল—
—ব্যক্তিগত অভিজ্ঞতা।
—মানুহ হিচাপে লাভ কৰা অভিজ্ঞতা।
—আন মানুহৰ পৰা বা সমাজৰ পৰা আহৰণ কৰা অভিজ্ঞতা।
—নিঃসর্গ জগতৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু
—ৰূপ কল্পৰ প্রয়াস।
২৮। সাহিত্যৰ সৃষ্টিৰ অন্তৰালত কিধৰণৰ প্ৰেৰণাই ক্ৰিয়া কৰা হৈছে আলোচনা কৰা।
উত্তৰঃ সাহিত্য-সৃষ্টিৰ অন্তৰালত চাৰিটা প্ৰেৰণাই ক্ৰিয়া কৰে–
প্ৰথমতে, আত্মপ্ৰকাশৰ কামনাঃ মানুহ সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ প্ৰাণী।অন্যান্য ইতৰ প্ৰাণীতকৈ মানুহৰ পাৰ্থক্য এইখিনিতে যে মানুহৰ আশা–আকাংক্ষা, বিচাৰ বুদ্ধি,আবেগ–অনুভূতি আছে। মানুহে যেনেকৈ আনক জানিব খোজে, তেনেকৈ নিজকো জনাব বিচাৰে।সি মানুহৰ সহজাত প্ৰবৃত্তি ।এই নিজক জনাব বিচাৰতেই আত্মপ্ৰকাশৰ প্ৰয়াস ঘটিছে আৰু তাতেই সাহিত্যৰ উৎপত্তি হৈছে।
দ্বিতীয়তে, পৰস্পৰৰ লগত সংযোগ কামনাঃ মানুহৰ সামাজিক জীৱ, গতিকে, পৰনিৰ্ভৰশীল। হেজাৰ চেষ্টা কৰিলেও মানুহে কেতিয়াও একান্তস্বতন্ত্ৰভাবে চলিব নোৱাৰে। জন্মৰ পিছৰপৰাই মানুহৰ ওপৰত পিতা–মাতা, আত্মীয়–স্বজন,বন্ধু–বৰ্গ আৰু পৰিৱেশৰ বিভিন্ন প্ৰভাৱ নিপতিত হয়। এই চাৰিওফালৰ জগতৰ লগত সংযোগ স্থাপনৰ প্ৰয়াস আৰু নিজক বিস্তৃতভাৱে, বিশালভৱে, চাব খোজাৰ ফলতে সাহিত্যৰ সৃষ্টি হয়।
তৃতীয়তে, বাস্তৱ জগত আৰু কল্পনা জগতৰ প্ৰতি আগ্ৰহঃ মানুহে কেৱল বাস্তৱ জীৱনক লৈয়ে জীয়াই থাকিব নোৱাৰে।বাস্তৱ জগত সীমিত,কল্পনা–জগত অসীম। বাস্তৱ জগত দুঃখ যতনাৰ আকাৰ,নিৰাশা–শ্মশানভূমি । সেই কাৰণেই মানুহেই আশ্ৰয় লয়গৈ কল্পনা– জগতৰ। বাস্তৱ জগতত নোপোৱাখিনি কল্পনাৰ মাজেৰে লাভ কৰি মানুহে জীৱনৰ বাসনা পূৰ্ণ কৰিব নোৱাৰে। এই কল্পনালোকৰ বাসনাই মূৰ্তিমান হৈ উঠে সাহিত্যৰ মাজেৰে।
চতুৰ্থতে, ৰূপকল্পপ্ৰিয়তাঃ মানুহে স্বভাৱতে ৰূপবিলাসী, স্ৰষ্টা। মানুহে যি পাব খোজে, তাকো ৰূপৰ মাজেদি পাব খোজে।মানৱ মনৰ কামনা আৰু কল্পনা যিমানকৈ সূক্ষ্ম নহওঁক, তাক ৰূপৰ মাজেৰে ধৰিব নোৱাৰা পৰ্যন্ত মানুহৰ মনত শান্তি নাই।
গতিকে ক’ব পাৰি– জীৱন যেনে বিচিত্ৰ, সাহিত্যৰ বিষয় বস্তুও তেনে বৈচিত্ৰ পূৰ্ণ হ’ব পাৰে। জীৱনৰ এনে এটা অংশ, এটা অৱস্থা, এনে এটা অভিব্যক্তি নাই, যিটো সাহিত্যৰ মাজেদি ৰূপায়িত হ’ব নোৱাৰে। সাহিত্যত বেয়া আৰু কুৎসিত বস্তু এটায়ো সৌন্দৰ্যৰ মাজেৰে মহিমামণ্ডিত হৈ উঠে।
২৯। সাহিত্যৰ শ্ৰেণীবিভাজন সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ সাহিত্যৰ শ্ৰেণী বিভাজন কৰাত বিভিন্ন সমস্যা আহি পাৰে। দ্য কুইন্সিয়ে এই সমস্যাৰ এটা ভাল সমাধান দিবলৈ গৈ সাহিত্যক দুটা ভাগত ভাগ কৰিছে–জ্ঞানৰ সাহিত্য আৰু প্ৰাণৰ সাহিত্য। জ্ঞানৰ সাহিত্যৰ লক্ষ্য, তথ্যপাতি আৰু তত্ত্বকথাৰ যোগান ধৰি পাঠক –মনৰ জ্ঞানৰ কোঠালী আৰু বেছিকৈ আলোকিত আৰু তোলা। প্ৰাণৰ সাহিত্যৰ লক্ষ্য হ’ল– সাহিত্যিক তেওঁৰ আপোন হৃদয়ৰ যিবোৰ সত্য আৰু সৌন্দৰ্যৰ গৰিমা উপলব্ধি কৰিছে, সেইবোৰকেই সহৃদয়সংবেদী পাঠক–মনলৈ সঞ্চাৰিত কৰি ৰসিক ভোক্তাৰ হৃদয়–কন্দৰ আলোকিত কৰি তোলা। মুঠতে সাহিত্য দুবিধ– এবিধ মগজুৰ, আনবিধ হৃদয়ৰ।
ব্যক্তিগত অভিজ্ঞতাৰ উপৰত ভিত্তি কৰি পাঁচোটা ভাগত ভগাব পাৰি–
প্ৰথম, ব্যক্তি বিচাপে ব্যক্তিগত অভিজ্ঞতাসমূহ, যিবোৰক লৈ নিৰ্মিত হয় ব্যক্তিবিশেষৰ বহিৰ্মুখী আৰু অন্তৰ্মুখী গোপন অথবা নিবিড় জীৱন।
দ্বিতীয়, মানুহে হিচাপে মানৱীয় অভিজ্ঞতাসমূহ, যাৰ লগত সংশ্লিষ্ট হৈ আছে জীৱন–মৰণ, পাপ–পুণ্য, আশা–নিৰাশা আৰু ঈশ্বৰ আৰু মানুহৰ জীৱনৰ পাৰস্পৰিক সম্পৰ্ক সম্বন্ধীয় প্ৰশ্নবোৰ।
তৃতীয়, ব্যক্তিৰ লগত সমাজৰ সম্পৰ্ক–সঞ্জাত অভিজ্ঞতাসমূহ, যিবোৰ লগত সংশ্লিষ্ট হৈ আছে প্ৰেম আৰু ঈৰ্ষা, কৃতজ্ঞতা আৰু কৃতঘ্নতা ইত্যাদি জাতীয় মৌল প্ৰশ্নবোৰ।
চতুৰ্থ, ব্যক্তিৰ লগত বহিৰ্জগতৰ সম্পৰ্কভিত্তিক অভিজ্ঞতাসমূহ, যিবোৰৰ লগত সম্পৰ্কিত আমাৰ নৈসৰ্গিক চেতনা আৰু জগতিক ৰহস্যৰ চেতনাবোধ।
পঞ্চম, একান্ত শিল্পগত অভিজ্ঞতাসমূহ, যিবোৰ আমাৰ মনত জগাই থৈ যায় সৃষ্টিৰ আগ্ৰহ–আকাংক্ষা।
এই পাঁচ বিধ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য পাঁচ প্ৰকাৰে ভাগ কৰিব পাৰি–
(ক) ব্যক্তিগত জীৱন–সংক্ৰান্ত সাহিত্য।
(খ) আধ্যাত্মক জীৱনৰ সাহিত্য।
(গ) সামাজিক জীৱন–সংক্ৰান্ত সাহিত্য।
(ঘ) নৈসৰ্গিক চেতনাৰ সাহিত্য।
(ঙ) নান্দনিক চেতনাৰ সাহিত্য।
কোনো কোনোৱে আকৌ সাহিত্যক তিনিটা ভাগত ভাগ কৰিছে।সাহিত্য তিনিবিধ হৈছে–
(ক) আন্তৰ্মুখী অথবা অভিব্যক্তিমূলক সাহিত্য।
(খ) বহিৰ্মুখি অথবা নইব্যৰ্ক্তিক সাহিত্য।
(গ) বৰ্ণনামূলক অথবা সংবাদভিত্তিক সাহিত্য ।
পৃথিৱীৰ সকলো দেশৰ সাহিত্যই দুটা ডাঙৰ বিভাগত বিভক্তঃ এটা হ’ল, গদ্য–সাহিত্য; আনটো পদ্য–সাহিত্য। প্ৰথম বিধৰ ভাষা বাক্যৰ গাঁথনি মূলতঃ ব্যাকৰণসন্মত ৰীতিত বিন্যস্ত। দ্বিতীয় বিধৰ অৰ্থাৎ পদ্যৰ ভাষাত বাক্যৰ গাঁথনি ঘাইকৈ আবেগিক প্ৰয়োজনৰদ্বাৰা নিয়ন্ত্ৰিত। উৎকৃষ্ট পদ্যৰ আদৰ্শ হ’ল,শব্দৰ ব্যঞ্জনাধৰ্মিতা
৩০। সাহিত্যৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ সাহিত্য হ’ল এটা জাতিৰ দাপোন। সাহিত্য সৃষ্টিৰ অন্তৰালত কিছুমান প্ৰেৰণা অন্তনির্হিত হৈ থাকে যাক আমি বৈশিষ্ট্যৰ শাৰীতে থৈ আলোচনা কৰিব পাৰো। সাহিত্য সৃষ্টিৰ অন্তৰালত থকা প্ৰেৰণাসমূহ চাৰিটা ভাগত ভগাব পাৰি—
(ক) আত্মপ্ৰকাশৰ কামনা :
মানুহ হ’ল জীৱশ্ৰেষ্ঠ প্রাণীষ অন্যান্য জীৱ-জন্তুতকৈ মানুহৰ মাজত পাৰ্থক্য ইয়াতেই যে মানুহৰ আশা-আকাংক্ষা আৰু বৃদ্ধি বুত্তি আবেগ অনুভূতি আছে। মানুহে যেনেকৈ আনক জানিব খোজে তেনেদৰে নিজকো জনাব বিচাৰো। ই হ’ল সহজাত প্রবৃত্তি। এইদৰে নিজক জনাব বিচৰাতেই আত্মপ্ৰকাশৰ প্ৰয়াস জড়িত থাকে তাতেই সাহিত্যৰ উৎত্তত হয়।
(খ) পৰস্পৰৰ লগত সংযোগ কামনা:
মানুহ হৈছে পৰনিৰ্ভৰশীল। মানুহে কেতিয়াও স্বতন্ত্রভাৱে চলিব নোৱাৰে। জন্মৰ পিছৰ পৰাই মানুহৰ ওপৰত বিভিন্নজনৰ যেনে পিতা মাতা, বন্ধু-বান্ধৱ, পৰিৱেশৰ প্রভাৱ পৰে। যাৰ ফলত বাস্তৱ জগতৰ চাৰিওফালে সংযোগ স্থাপনৰ বাবে মানুহে অহৰহ প্ৰয়াস কৰে আৰু নিজকে বিস্তৃতভাৱে বিশালভাৱে দৃষ্টি নিক্ষেপ কৰাৰ ফলতহে সাহিত্যৰ সৃষ্টি হয়।
(গ) বাস্তৱ জগত আৰু কল্পনাৰ প্ৰতি আগ্ৰহ:
মানুহে বাস্তৱ জগতৰ উপৰি কল্পনাৰ জগতত বিচৰণ কৰে। কিয়নো বাস্তৱ জগত হৈছে সীমিত আৰু কল্পনাৰ জগত হৈছে অসীম ৷ বাস্তৱ জগতৰ দুখ যাতনা, নিৰাশা আৰু হতাশাৰে পৰিপূর্ণ এক শ্মশান ভূমি। বাস্তৱ জগতত মানুহৰ আশা-আকাংক্ষা পূৰণ নহয় বাবেই মানুহে কল্পনাৰ আশ্ৰয় লয়। কিয়নো বাস্তব জগতত বিচাৰি নোপোৱাখিনি কল্পনাৰ মাজেৰে লাভ কৰি মানুহে জীৱনৰ বাসনা পূৰ্ণ কৰিব বিচাৰে।
(ঘ) ৰূপকল্পপ্রিয়তা:
মানুহ হৈছে ৰূপবিলাসী স্ৰষ্টা। মানুহে যি কথা ভাবে তাক নির্দিষ্ট ৰূপৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰে। মানুহে যি আহৰণ কৰিব বিচাৰে তাকো ৰূপৰ মাজেদিহে পাব বিচাৰে। মানুহৰ মনৰ কামনা আৰু কল্প যিমানেই সূক্ষ্ম নহওঁক তাক ৰূপৰ মাজেৰে ধৰিব নোৱাৰা পৰ্যন্ত মানুহৰ মনত শান্তি নাই।
উল্লিখিত দিশসমূহেই সৃষ্টিৰ উৎস বা বৈশিষ্ট্য। সাহিত্য সৃষ্টি হয়। জীৱনৰ পৰা। গতিকে জীৱন যেনে বিচিত্র, সাহিত্যৰ বিষয়বস্তুও তেনে বিচিত্র। আচাৰ্য ধনঞ্জয়ৰ মতে, “সুন্দৰ ঘৃণিত উদাৰ বা নীচ, উগ্র চিত্তপ্রসাদী, বিকৃত বস্তু এনেকি অবস্তু— এনে একো নাই, যিটো কবিৰ ভাবনাৰ দ্বাৰা ভাৱিত হৈ লোক সমাজত ৰস ৰূপে প্রতীত হয়, ইয়াৰ পৰাই অনুমান কৰিব পাৰি। সাহিত্যৰ বিষয়বস্তু অতি ব্যাপক আৰু বিচিত্রধর্মী। সাহিত্যৰ বিষয়বস্তু হ’ল—
—ব্যক্তিগত অভিজ্ঞতা।
—মানুহ হিচাপে লাভ কৰা অভিজ্ঞতা।
—আন মানুহৰ পৰা বা সমাজৰ পৰা আহৰণ কৰা অভিজ্ঞতা।
—নিঃসর্গ জগতৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু
—ৰূপ কল্পৰ প্রয়াস।
৩১। সাহিত্যৰ উপাদান সমূহ কি কি? ব্যাখ্যা কৰা ?
উত্তৰঃ সাহিত্য সৃষ্টিৰ অন্তৰালত থকা মানৱ অন্তৰৰ মূল আৱেগসমূহ আৰু সাহিত্যৰ বিভিন্ন ভাগৰ কথা কোৱাৰ লগতে সমালোচক হাডচনে সাহিত্যৰ উপাদানসমূহৰ কথাও আলোচনা কৰিছে।
কোন শ্ৰেণীৰ সাহিত্য সেয়া কোনো কথা নহয়, সকলো সাহিত্যতে কেইটামান উপাদান থাকিবই লাগিব।
প্ৰথমতে, সাহিত্যৰ উপাদানৰ যোগান ধৰে জীৱনে। কবিতাই হওক, নাটকেই হওক বা মহাকাব্যই হওক প্রথম উপাদানসমূহ গ্ৰহণ কৰিব লাগিব জীৱনৰ পৰা। বিশাল আৰু বৈচিত্র্যময় মানৱ জীৱনৰ পৰাই পোন প্ৰথমে সাহিত্যৰ উপাদানসমূহ গ্ৰহণ কৰিব লাগিব। জীৱনে যোগান ধৰা উপাদান মানে জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতাসমূহ।
দ্বিতীয়তে, উপাদানখিনি লেখকে প্রতিভাৰ গুণেৰে দিব পাৰিব লাগিব। কাৰণ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হ’লেও সাহিত্য অভিজ্ঞতাৰ যাদুঘৰ নহয় অর্থাৎ যাদুঘৰত থোৱাৰ দৰে সাহিত্যত অভিজ্ঞতাসমূহ থুপাই থ’লেই নহ’ব। অভিজ্ঞতাৰ সেই কেঁচা সঁজুলি লেখকে গ্রহণ বর্জন নীতিৰে নিৰ্বাচন কৰি লৈ ঘঁহি-মাজি সাহিত্যৰ কোন ৰূপত সেইখিনিকে কেনে সাঁচত গঢ় দি উলিয়াব, সেই কথা লেখকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। লেখকৰ এই গুণখিনিক চাৰিটা ভাগত ভাগ কৰা হৈছে।
যথা—
(ক) উপাদানটো হ’ল লেখকৰ বৌদ্ধিক ক্ষমতা। নিজৰ জ্ঞান, বুদ্ধি আৰু প্ৰজ্ঞাৰে লেখকে গ্ৰন্থৰ মাজত নিজৰ চিন্তা সন্নিৱিষ্ট কৰিব পাৰিব লাগিব।
(খ) লেখকৰ ক্ষমতাৰ দ্বিতীয় উপাদানটো হ’ল আবেগিক উপাদান। লেখকৰ ভাব-অনুভূতি আৰু আবেগ গভীৰ আৰু তীব্ৰ হ’ব লাগিব। যি বিষয়বস্তু লেখকে নির্বাচন কৰি লয়, সেই বিষয়বস্তুক লেখকে গভীৰ আৰু তীব্ৰভাৱে অনুভৱ কৰিব পাৰিব লাগিব। মহৎ আবেগৰ গৰাকী হ’লেহে মহৎ অনুভূতিৰ সৃষ্টি হ’ব, আকৌ সেইবিলাক অনুভূতি আৰু আবেগ তেওঁৰ গ্ৰন্থৰ মাজত এইদৰে ফুটাই তুলিব পাৰিব লাগিব যাতে পাঠকৰ অন্তৰতো একেধৰণৰ ভাব অনুভূতিৰ সৃষ্টি হয়।
(গ) লেখকৰ প্ৰতিভাৰ তৃতীয়টো উপাদান হ’ল লেখকৰ কল্পনা শক্তিৰ উপাদান। ইংৰাজী ভাষাত কল্পনা বুজোৱা দুটা শব্দ আছে, imagination আৰু fancy. অসমীয়াত imagination ৰ কথা কল্পনা বুলি ক’লে fancy ৰ কথা লঘু কল্পনা বুলি ক’ব লাগিব। এই উভয় ধৰণৰ কল্পনা শক্তিৰ গৰাকী হ’বলৈ হ’লে লেখক সূক্ষ্ম দৃষ্টিভঙ্গী আৰু সূক্ষ্ম পর্যবেক্ষণ ক্ষমতাৰ গৰাকী হ’ব লাগিব। এই সূক্ষ্ম অনুভূতি আৰু সূক্ষ্ম পর্যবেক্ষণ ক্ষমতাৰদ্বাৰাই লেখকে নিজৰ লেখাৰ জৰিয়তে পাঠক চিত্তত একে ধৰণৰ সূক্ষ্ম দৃষ্টি সৃষ্টি কৰিবলৈ সক্ষম হয় আৰু এনে হোৱাৰ মাজেদিয়েই সাহিত্যই স্বকীয় সৌন্দৰ্য লাভ কৰে।
(ঘ) চতুৰ্থ উপাদানটো হ’ল লেখকৰ ৰচনাৰীতি বা কলাশৈলী। লেখকৰ অভিক্ষতাই যোগান ধৰা উপাদান যিমানেই বিশাল আৰু তাৎপৰ্যপূৰ্ণ নহওক, সেই অভিজ্ঞতাক হৃদয়ঙ্গম কৰাৰ ক্ষেত্ৰত লেখকৰ কল্পনা, অনুভূতি আৰু চিন্তা যিমানেই প্রবল তীক্ষন আৰু সূক্ষ্ম নহওক, সাহিত্য গ্ৰন্থ এখন সম্পূৰ্ণ কৰি তোলাত আৰু এটি উপাদানৰ প্ৰয়োজন হ’ব। সেয়া হৈছে লেখকৰ ৰচনাৰীতি বা আঙ্গিক। সেই উপাদানসমূহক কলাসম্মতভাৱে কলাৰ ৰীতিৰে সুসংহতভাৱে সুশৃঙ্খলিত কৰি সৌন্দর্যমণ্ডিত ৰূপত ফলপ্ৰসু কৰি তুলিব পাৰিব লাগিব। এনে কৰিব পৰা ক্ষমতাকে লেখকৰ আঙ্গিক বা ৰচনাশৈলী বুলি কোৱা হয়। এই ৰচনা ৰীতিৰ উপাদানেই সাহিত্যৰ চতুৰ্থ উপাদান।
৩২। সাহিত্যৰ বিষয়বস্তু কেনেধৰণৰ হোৱা উচিত ব্যাখ্যা কৰা? বিষয়বস্তু অনুসৰি সাহিত্যৰ ভাগসমূহৰ বিষয়ে উল্লেখ কৰা
উত্তৰঃ সাহিত্য সৃষ্টিৰ অন্তৰালত মানৱ হৃদয়ৰ আৱেগৰ লগতে নির্বাচিত বিষয়বস্তুৱেও গুৰুত্ব লাভ কৰে। অৱশ্যে এই কথা ঠিক যে মানৱ জীৱনত এনেকুৱা কম ঘটনাইহে আছে, যিটোক সাহিত্যৰ বিষয়বস্তু কৰি তুলিব নোৱাৰি। জীৱন যেনেদৰে বৈচিত্র্যপূর্ণ সাহিত্যৰ বিষয়বস্তুও একেদৰেই বৈচিত্র্যপূর্ণ, তথাপি সাহিত্য অধ্যয়ন আৰু সাহিত্য, আলোচনাৰ সুবিধার্থে সাহিত্যৰ বিষয়বস্তুক পাঁচটা শিতানত ভাগ কৰা হৈছে।
(ক) ব্যক্তি হিচাপে ব্যক্তি জীৱনৰ ব্যক্তিগত অভিজ্ঞতা। যিবোৰ বিষয়ে এজন ব্যক্তিৰ ব্যক্তিগত জীৱনৰ অন্তৰ্জগত আৰু বৰ্হিজগত আগুৰি থাকি, তেওঁৰ ব্যক্তিগত অভিজ্ঞতাক পূৰঠ কৰি তোলে, সেইবিলাকক সাহিত্যৰ বিষয়বস্তু কৰি লোৱা দেখা যায়।
(খ) কিছুমান কথা আছে যিবিলাক মানুহ হিচাপে সকলো মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য। এই সার্বজনীন প্রশ্নসমূহ হৈছে জীৱন আৰু মৃত্যু, পাপ আৰু অদৃষ্ট, ঈশ্বৰৰ লগত মানুহৰ সম্বন্ধৰাশি, এই জীৱন আৰু ইয়াৰ পাছৰ জীৱনৰ গতি প্রকৃতি ইত্যাদি বহুবোৰ কথাই ব্যক্তিগত জীৱনৰ সীমা অতিক্ৰম কৰি মানুহ হিচাপে সকলো মানুহৰে কথা হৈ পৰে। এনে অভিজ্ঞতাও সাহিত্যৰ বিষয়বস্তু হ’ব পাৰে।
(গ) ব্যক্তি হিচাপে এখন ব্যক্তি সমাজৰ লগত বিভিন্ন ধৰণে জড়িত হৈ পৰে। মানুহৰ সকলো ধৰণৰ সমস্যা আৰু কামৰ লগত, গোটেই সামাজিক পৰিৱেশৰ লগত ব্যক্তি জড়িত হৈ পৰে। এনে ধৰণৰ সম্পৰ্কও সাহিত্যৰ বিষয়বস্তু হ’ব পাৰে।
(ঘ) প্রকৃতি জগতখনৰ লগত মানুহৰ বিবিধ সম্পর্কেও সাহিত্যৰ বিষয়বস্তু হ’ব পাৰে।
(ঙ) সাহিত্য আৰু অন্যান্য কলাৰ বিভিন্ন ৰূপত নিজক প্ৰকাশ কৰিবৰ কাৰণে মানুহৰ যি সাধনা সেয়াও সাহিত্যৰ বিষয়বস্তু হ’ব পাৰে।
সাহিত্যসৃষ্টিৰ অন্তৰালত থকা মানৱ হৃদয়ৰ মূল আৱেগসমূহ আৰু সাহিত্যৰ বিষয়বস্তু—এই দুই বিশ্লেষক একেলগ কৰিলে আমি সাহিত্যৰ বিভাজন আৰু সুস্পষ্ট ৰূপত পাব পাৰোঁ। লগতে এই কথাও আমি জানিব পাৰিম যে এই ভাগসমূহ সাহিত্যৰ সৃষ্টিৰ উৎসতেই আছে।
প্ৰথম, ভাগ হৈছে আত্মপ্ৰকাশৰ সাহিত্য। এই ভাগত পৰিব বিভিন্ন বিষয়ৰ গীতিকবিতাসমূহ, যুক্তি প্ৰদৰ্শন আৰু আত্ম উপলব্ধিৰ কবিতাসমূহ, শোকগীতি, ব্যক্তিগত দৃষ্টিভঙ্গীৰ গদ্য ৰচনা বা তেনেধৰণৰ দীঘল প্রবন্ধ। তদুপৰি কলাসমালোচনা আৰু সাহিত্য সমালোচনাকো এই ভাগত থ’ব পাৰি।
দ্বিতীয়, ভাগত লেখকে নিজৰ মনোজগতলৈ ভুমুকি নামাৰি বহির্জগতৰ মানুহৰ জীৱন আৰু কৰ্মধাৰালৈ ভুমুকি মাৰে। এই শ্ৰেণীৰ সাহিত্যত পৰে কাহিনীগীত, মহাকাব্য, গদ্য আৰু পদ্যত ৰচনা কৰা ৰোমান্সসমূহ, উপন্যাস, নাটক আৰু চুটিগল্প। যিবিলাক বুৰঞ্জী, দৰ্শন আৰু জীৱনী গ্ৰন্থত ভাষাৰ নন্দনতাত্ত্বিক গুণ থাকে সেইবিলাককো এই ভাগত ধৰিব লাগিব।
তৃতীয়, ভাগটো হ’ল বিৱৰণমূলক সাহিত্য। কিন্তু সাহিত্যৰ এক স্বতন্ত্র ভাগ হিচাপে এই ভাগ বৰ গুৰুত্বপূৰ্ণ নহয়। কাৰণ আত্মপ্ৰকাশৰ কাৰণে হ’লেও বা বৰ্হিজগতৰ কথা ক’বলৈ হ’লেও বিৱৰণৰ প্ৰয়োজন হ’বই। তথাপি ভ্রমণ সাহিত্য, বৰ্ণনামূলক ৰচনা আৰু বৰ্ণনামূলক কবিতা আৰু অন্যান্য দুই এক অপ্রধান সাহিত্যক এই ভাগত থোৱা হয়।
দেখা গ’ল যে মানৱ হৃদয়ৰ মূল আৱেগসমূহেই যেতিয়া কলাৰ নিয়মতন্ত্র মানি প্রকাশ লাভ কৰে তেতিয়াই ই বিভিন্ন সাহিত্য ৰূপত প্ৰকাশ হৈ উঠে। আমি এটা কথা সততে মনত ৰাখিব লাগিব যে সাহিত্য সৃষ্টিৰ বেলিকা লেখকৰ অন্তৰত যি কোনো আৰু সহানুভূতিৰ সৃষ্টি হয়, অধ্যয়নৰ বেলিকা পাঠকৰ হৃদয়তো সাহিত্যই সেই একেধৰণৰ সহানুভূতি আৰু কল্পনাৰ সৃষ্টি কৰিব পাৰিব লাগিব। তেতিয়াহে সাহিত্য সাহিত্য হৈ উঠে। পাঠক চিত্তত এইদৰে ভাব অনুভূতি জগাই তুলিব পৰা ক্ষমতাৰ ওপৰতে সাহিত্যৰ বিভিন্ন ভাগৰ সাৰবৰ্ত্তাৰ কথাটোও নিহিত হৈ আছে।
৩৩। সাহিত্য সৃষ্টিৰ অন্তৰালত থকা মানৱ অন্তৰৰ আৱেগসমূহ কি কি? তোমাৰ যুক্তিসংগত ব্যাখ্যা আগবঢ়োৱা ?
উত্তৰঃ প্ৰকৃতি সাহিত্য সৃষ্টি হয় জীৱনৰপৰাই আৰু জীৱনৰ ওপৰতে ই বৰ্তি থাকে। গতিকে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত লেখকক কিছুমান শক্তিশালী আৱেগ বা প্ৰেৰণাই সততে উদ্বেলিত কৰে। সমালোচক হাডচনে সাহিত্য সৃষ্টিৰ অন্তৰালত থকা মানৱ অন্তৰৰ এই শক্তিশালী আৱেগসমূহৰ কথা আলোচনা কৰিছে। এই আৱেগসমূহক তেখেতে চাৰিটা শিতানত ভাগ কৰিছে।
(ক) আত্ম-প্ৰকাশৰ কাৰণে থকা মানৱ অন্তৰৰ আকুল হেঁপাহ।
(খ) মানুহ আৰু মানুহৰ কৰ্মৰাজিৰ প্ৰতি থকা মানৱ অন্তৰৰঅনুৰাগ।
(গ) আমি বাস কৰা বাস্তৱ জগতখন আৰু কল্পনাৰে ভাবি লোৱা জগতখনৰ প্ৰতি থকা অন্তৰৰ অনুৰাগ।
(ঘ) মানুহে যিকোনো বস্তুকে নিজাকৈ এটা ৰূপ বা আকাৰ দি ভাল পায়। গতিকে ৰূপ কল্পপ্রিয়তাও সাহিত্য সৃষ্টিৰ অন্তৰালত থকা মানৱ অন্তৰৰ এক শক্তিশালী আবেগ।
সমালোচক হাডচনে উল্লেখ কৰিছে যে এই আবেগসমূহৰ ভিন্নতাৰ কাৰণেই আমি ভিন্ন শ্ৰেণীৰ সাহিত্য পাওঁ। তেখেতৰ মতে এই আবেগসমূহৰ কথা ভালধৰণে অনুধাৱন কৰিলে সাহিত্যৰ শ্ৰেণী বিভাজনৰ কথাও বিশ্লেষণ কৰিব পাৰি। আৱেগসমূহ অলপ বহলাই আলোচনা কৰিলেই এই কথা আমি লক্ষ্য কৰিব পাৰোঁ।
আত্মপ্ৰকাশৰ হেঁপাহ মানৱ অন্তৰৰ এক চিৰন্তন হেঁপাহ। আমি কি ভাবো, কি চিন্তা কৰোঁ সেই কথা কাৰোবাক আন্তৰিকভাৱে জনাবব কাৰণে অন্তৰত আমি সততে এক প্রবল উত্তেজনা বা আবেগ অনুভৱ কৰোঁ। এই আবেগৰ ফলস্বৰূপ সৃষ্টি হোৱা সাহিত্যত লেখকৰ চিন্তা আৰু ভাবসমূহ পোনপটীয়াভাৱে প্ৰকাশ হোৱা দেখা পাওঁ।
দ্বিতীয় প্রধান আবেগ হ’ল মানুহ আৰু মানুহৰ কৰ্মৰাশিৰ প্ৰতি থকা আমাৰ অন্তৰৰ হেঁপাহ বা অনুৰাগ, আমাৰ চাৰিওকাষৰ বা দূৰৰ পুৰুষ-মহিলা নির্বিশেষে বিভিন্ন মানুহৰ জীৱন, তেওঁলোকৰ ইচ্ছা আকাংক্ষা, তেওঁলোকৰ ৰাগ-অনুৰাগ, তেওঁলোকৰ মাজৰ বিভিন্ন সম্বন্ধসমূহ জানিবলৈ আমাৰ অন্তৰত এক প্রবল বাসনা সততে থাকে। এই আবেগৰ ফলস্বৰূপেই আমি মানুহৰ জীৱন আৰু কৰ্মৰ নাটকীয় ঘাত-প্রতিঘাত আৰু সংঘাতৰ সাহিত্য পাওঁ ।
তৃতীয় শক্তিশালী আবেগ হ’ল আমি বসবাস কৰা জগতখন আৰু আমি কল্পনাৰে সৃষ্টি কৰি তোলা জগতখনৰ প্ৰতি আমাৰ অনুৰাগ। আমি কি দেখিছোঁ সেই বিষয়ে লোকক ক’বলৈ আমাৰ অন্তৰত প্ৰবল হাবিয়াস জন্মে। আমি দেখা ঘটনা বা মানুহৰ জীৱনক লৈ আমাৰ মনত কল্পনাৰ জগত এখনো তৈয়াৰ হয়। এই সকলোবোৰ কথা আমি লোকক কৈ ভাল পাওঁ। এই আবেগৰ ফলস্বৰূপে আমি বর্ণনামূলক সাহিত্য পাইছোঁ, য’ত ঘাইকৈ বস্তুজগত, ঘটনা আৰু কল্পনাৰ বিৱৰণ থাকে।
মানৱ অন্তৰৰ চাতুৰ্থ মূল আবেগ হ’ল ৰূপকল্পপ্রিয়তা, এই নন্দনতাত্ত্বিক আবেগ থকা কাৰণে আমি যি কোনো প্রকাশকে এটা সৌন্দৰ্যৰ ৰূপ দি ভাল পাওঁ। সাহিত্য কলা হিচাপে বৰ্তি থকা মূলতে আছে মানৱ অন্তৰৰ এই সৌন্দর্যচেতনা ।
মানুহ সামাজিক প্রাণী। গতিকে মানুহৰ প্ৰকৃতিৰ গঠনৰ ফালৰপৰাই মানুহ এনেকুৱা যে নিজৰ অভিজ্ঞতা, নিজৰ দৃষ্টিত পৰা কথা আৰু ঘটনা, নিজৰ মনৰ ভাব, আবেগ, কল্পনা আদিক নিজৰ মাজতে আবদ্ধ ৰাখিব নোৱাৰে। বৰং তেওঁৰ চৌকাষৰ মানুহৰ আগত বা তেওঁ লগপোৱা মানুহৰ আগত এইবিলাক প্ৰকাশ কৰাৰ কাৰণে সততে প্রবল উত্তেজনা অনুভৱ কৰে। লেখকে সেই কাম কৰে বিভিন্ন ধৰণে। নিজৰ প্ৰকাশক ভাষাৰে মাজেৰে কলাত্মক ৰূপ দিবৰ কাৰণে মানুহে অৱলম্বন কৰা বিভিন্ন প্ৰকাৰেই হৈছে সাহিত্যৰ বিভিন্ন ভাগ ।
লেখকে এই আবেগসমূহৰদ্বাৰা প্ৰণোদিত হৈয়ে বিভিন্ন ধৰণৰ সাহিত্য সৃষ্টিত প্রবৃত্ত হয়। কিন্তু সেই সাহিত্য পঢ়িবৰ কাৰণে, সেই সাহিত্যত আত্মনিমজ্জিত হ’বৰ কাৰণে পাঠকক কিহে প্ৰণোদিত কৰে? সেই একেখিনি আবেগেই পাঠককো উদ্বেলিত কৰে। আমি যদি আনক নিজৰ ভাব-চিন্তা, অভিজ্ঞতা, অনুভূতি আৰু কল্পনাৰ ভাগ দিবলৈ প্রণোদিত হওঁ, একেদৰেই অন্য এজনে নিজৰ কথা ক’লে শুনিবলৈও আমি আগ্রহ অনুভৱ কৰোঁ। নিজৰ জীৱনৰ কথা ক’বলৈ আগ্ৰহ প্ৰকাশ কৰা মানুহজনক যদি সূক্ষ্ম দৃষ্টিভংগী সম্পন্ন, জীৱনৰ লগত গভীৰ পৰিচয় থকা শক্তিশালী প্রকাশ ক্ষমতা থকা বুলি জানো, তেতিয়াহ’লে সেইজনৰ কথা শুনিবলৈ আমাৰ হেঁপাহ প্রবলত হয়। লেখকসকলে তেনে গুণ আৰু ক্ষমতাৰ লোক হোৱা কাৰণেই আমি তেওঁলোকৰ সৃষ্টি সাহিত্য অধ্যয়ন কৰি সুখী হওঁ আৰু লগতে বিমল আনন্দ লাভ কৰোঁ। পাঠকৰ অন্তৰত সৌন্দর্য চেতনা আছে কাৰণেই প্ৰতিভাশালী লেখকৰ সৃষ্টিৰ মাজত পাঠকচিত্তৰ সৌন্দৰ্য চেতনাই পৰিপোষণ লাভ কৰে।
মানৱ হৃদয়ৰ এই আবেগসমূহৰ ভিতৰত ৰূপকল্পপ্রিয়তা আবেগটি সাহিত্যৰ সকলো বিভাগতে প্রয়োজন হয়। গতিকে মানৱ অন্তৰৰ মূল আবেগসমূহৰ অৱলম্বনত সাহিত্যৰ শ্ৰেণী বিভাগ কৰোঁতে আমি বাকী তিনি মূল আবেগৰ ওপৰত ভিত্তি কৰিহে তেনে বিভাজনৰ আঁত ধৰিব লাগিব। এটা কথা প্রথমেই মনত ৰাখিব লাগিব যে এই তিনিওটা আবেগ জীৱন প্ৰবাহৰ লগত প্ৰায় এক হৈ মিলি থাকে। আমি কি দেখিছোঁ বা আমি কি কল্পনা কৰোঁ, সেয়া ক’বলৈ যাওঁতে আমি নিজৰ ভাব অনুভূতি প্রকাশ নকৰাকৈ নোৱাৰোঁ। এই তিনিওটা মূল আবেগ জীৱনত যেনেকৈ প্ৰায় এক হৈ থাকে, সাহিত্যতো সেই তিনিওটা আবেগৰ পৰিস্ফুৰণ একেলগে হোৱা দেখা পাওঁ। সেইবিলাকক মাথোন আমি মহাকাব্যৰ পৰা বেলেগ কৰি, নাটকক বর্ণনামূলক সাহিত্যৰপৰা বেলেগ কৰি ভাগ কৰোঁ। এই প্ৰতিটো ভাগতে কোনোবা এটা আবেগে বেছিকৈ প্রাধান্য লাভ কৰা দেখা যায়।
৩৪। ডি কুইন্সীয়ে সাহিত্যক কি সূত্ৰৰ আধাৰত ভাগ কৰিছে? আলোচনা কৰা?
নাইবা
‘ডি কুইন্সীৰ সূত্ৰ: জ্ঞানৰ সাহিত্য আৰু প্ৰভাৱৰ সাহিত্য’— যথাযথ ব্যাখ্যা কৰা ?
উত্তৰঃ ইংৰাজ লেখক ডি কুইন্সীয়ে সাহিত্যক দুটা ভাগত ভাগ কৰিছে। এটা ভাগক তেওঁ জ্ঞানৰ সাহিত্য বুলিছে, আনটো ভাগক প্রভাৱৰ সাহিত্য বুলিছে। প্রথম বিধৰ কাম হৈছে জ্ঞান দান আৰু দ্বিতীয় বিধৰ কাম হৈছে পঢ়ুৱৈক প্ৰভাৱান্বিত কৰা। “সকলো সাহিত্য গ্ৰন্থই প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, যিবিলাক সাহিত্য নহয় সেইবিলাকে জ্ঞান দিয়ে।” ইংৰাজ লেখক গৰাকীয়ে জ্ঞানৰ সাহিত্যক জখলা আৰু প্রভাৱৰ সাহিত্যক বঠা বা পালৰ লগত তুলনা কৰিছে। এইবিভাজন অনুযায়ী ডি কুইন্সীয়ে সকলো লিখিত গ্রন্থকে দুভাগত ভাগ কৰিছে। এবিধৰ শিক্ষাদানৰ লক্ষ্য থাকে, আনবিধৰ নিজৰ বাহিৰে অন্য একো উদ্দেশ্য নাথাকে, যিবিলাক কেৱল মাথোন নন্দনতাত্ত্বিক কাৰণত মূল্যায়ণ কৰা হয়।
জ্ঞানৰ সাহিত্যত সেইবিলাক পুথিক সামৰা হয় যিবিলাকৰ লক্ষ্য খবৰ পৰিৱেশন কৰা, প্ৰমাণ কৰা বা পতিয়ন নিওৱা। বেকনৰ Novum Organum গ্ৰন্থৰ প্ৰধান লক্ষ্য হ’ল ‘ল অব গ্রেভিটি’ সম্পৰ্কীয় তেওঁৰ সিদ্ধান্তসমূহ ব্যাখ্যা কৰা। দর্শন, ধর্ম, বিজ্ঞান, অর্থনীতি, বুৰঞ্জী, জীৱনী, ভ্রমণ, ৰাজনীতি নীতিতত্ত্ব এইবিলাক বিষয়ৰ সকলো পুথি এই শ্ৰেণীৰ অন্তর্ভুক্ত। এইবিলাক গ্রন্থ বৰ্তি থকাৰ মূলতে হ’ল, যুক্তি দাঙি ধৰা, প্রমাণ দাঙি ধৰা, তথ্য সন্নিবিষ্ট কৰা বা পঢ়ুৱৈক কোনো মত গ্রহণ কৰোৱা। এইবিলাক গ্ৰন্থৰ আলোচনাক সেই কাৰণে সাহিত্য আলোচনা বোলা নহয়। এইবিলাক গ্ৰন্থৰ আলোচনাক কোৱা হয় দার্শনিক আলোচনা বা বৈজ্ঞানিক আলোচনা।
দ্বিতীয় শ্ৰেণীৰ গ্ৰন্থকহে সাহিত্য বোলা হয়। এই শ্রেণী সাহিত্যৰ আলোচনাক সাহিত্য আলোচনা বা সাহিত্য সমালোচনা বোলা হয়। এই শ্ৰেণীৰ সাহিত্য সুকুমাৰ কলাৰ অন্তৰ্গত। কবিতা, নাটক, কল্পনা সাহিত্য এইবিলাকক যেতিয়া কলাগতভাৱে আলোচনা কৰা হয়, তেতিয়া সঁচা বা মিছা বুলি প্ৰমাণ কৰাৰ থল নাথাকে। এইবিলাক গ্রন্থ নিজৰ নিজৰ নিয়ম অনুযায়ী বৰ্তি থাকে। এইবিলাকক অৱশেষত অন্তপ্রজ্ঞা, কল্পনা আৰু নন্দনতাত্ত্বিক জ্ঞানৰদ্বাৰাহে উপলব্ধি কৰা হয় বা বুজা হয় । যুক্তিপূর্ণ আলোচনাৰে সেইবিলাকক বুজিব বা উপলব্ধি কৰিব নোৱাৰি।
অৰ্থাৎ প্ৰকৃতি জগতত সকলোবোৰ নিজে নিজে বা নিজে নিজে থাকে। তাৰ বিপৰীতে মানুহ কিছুমান সম্পদ বা বস্তু নিজে কৰি লয় ৷ মানুহ নিজে কৰি লোৱাৰেই কলা।