Sahitya Samalochana Unit 4 বিভিন্ন সাহিত্য ৰূপৰ সংজ্ঞা আৰু স্বৰূপ উপন্যাস, চুটিগল্প, লঘুৰচনা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Samalochana Unit 4 বিভিন্ন সাহিত্য ৰূপৰ সংজ্ঞা আৰু স্বৰূপ উপন্যাস, চুটিগল্প, লঘুৰচনা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Samalochana Unit 4 বিভিন্ন সাহিত্য ৰূপৰ সংজ্ঞা আৰু স্বৰূপ উপন্যাস, চুটিগল্প, লঘুৰচনা Question Answer can be of great value to excel in the examination.
Sahitya Samalochana Unit 4 বিভিন্ন সাহিত্য ৰূপৰ সংজ্ঞা আৰু স্বৰূপ উপন্যাস, চুটিগল্প, লঘুৰচনা
Sahitya Samalochana Unit 4 বিভিন্ন সাহিত্য ৰূপৰ সংজ্ঞা আৰু স্বৰূপ উপন্যাস, চুটিগল্প, লঘুৰচনা Notes cover all the exercise questions in UGC Syllabus. Sahitya Samalochana Unit 4 বিভিন্ন সাহিত্য ৰূপৰ সংজ্ঞা আৰু স্বৰূপ উপন্যাস, চুটিগল্প, লঘুৰচনা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
বিভিন্ন সাহিত্য ৰূপৰ সংজ্ঞা আৰু স্বৰূপ (খ) (উপন্যাস, চুটিগল্প, লঘুৰচনা)
ASSAMESE
সাহিত্য সমালোচনা
উপন্যাস
চমু উত্তৰ দিয়া
১। ইংৰাজী ভাষাত প্রয়োগ হোৱা novel শব্দটো কোন ভাষাৰ কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ সাহিত্যৰ এই ৰূপটোক বুজাবৰ কাৰণে ইংৰাজী ভাষাত প্রয়োগ হোৱা novel শব্দটো ইটালীয়ান ভাষাৰ novella শব্দৰপৰা আহিছে।
২। উপন্যাসক কোনে পকেট থিয়েটাৰ বুলিছে?
উত্তৰঃ মেৰিয়ন ক্ৰয়’র্ডে উপন্যাসক পটেক থিয়েটাৰ বুলিছে।
৩। ঐতিহাসিক উপন্যাস বুলিলে কি বুজা? উদাহৰণ দিয়া?
উত্তৰঃ যুদ্ধোত্তৰ যুগত ঐতিহাসিক উপন্যাস ৰচনাৰ প্ৰতি লেখকসকল বিশেষ আগ্রহী নহয়। গতিকে এই যুগত এনে ৰচনাৰ সংখ্যা বেছি নহয়। নৱকান্ত বৰুৱাৰ গড়মা কুঁৱৰী নাইবা পদ্ম বৰকটকীৰ বিচাৰৰ বাবে পূৰ্বৰ ঐতিহাসিক ঔপন্যাসিকসকলৰ দৃষ্টিভংগীৰ পৰা আঁতৰি আহিছে।
গড়মা কুঁৱৰীত প্ৰেম আৰু দ্বন্দ্বৰ এটি ব্যঞ্জনা আৰু বিচাৰৰ বাবে মানৱীয় দৃষ্টিভংগীৰে বৰজা ফুলেশ্বৰী কুঁৱৰীৰ সময়ছোৱা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। সেইদৰে নৱকান্ত বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসত ব্যঞ্জিত ইতিহাস চেতনাও উল্লেখনীয়। ইয়াত লেখকৰ স্বকীয় ইতিহাস চেতনা আৰু বিচাৰে প্ৰধান ভূমিকা লোৱা দেখা যায়। একেদৰে পৰম্পৰাগত দৃষ্টিভংগীৰে ধীৰেন বৰঠাকুৰৰ বাঈ চাহেবা আতিহাসিক ৰোমাঞ্চ ধৰ্মী উপন্যাসৰ চৰিত্ৰ গ্ৰহণ কৰিছে। এই সময়ছোৱাত ৰচিত দেবেন্দ্ৰ নাথ আচাৰ্যৰ কালপুৰুষ নদাই সজাঁতী মুখেৰে ব্যক্ত হোৱা এক ঐতিহাসিক উপন্যাস।
৪। জীৱনীমূলক উপন্যাস বুলিলে কি বুজা? উদাহৰণ দিয়া?
উত্তৰঃ যুদ্ধোত্তৰ যুগৰ ষাঠি দশকৰ পৰা জীৱনীমূলক উপন্যাসৰ এটি নতুন ধাৰাৰ আৰম্ভ হয়। জ্যোতিপ্ৰসাদৰ জীৱনৰ ভিত্তিত ৰচিত চৈয়দ আব্দুল মালিকৰ ৰূপতীৰ্থৰ যাত্ৰী এই ধাৰাৰ প্ৰধান উপন্যাস। একেদৰে এই একেজন ব্যক্তিৰ জীৱন আধাৰিত আনখন উপন্যাস চন্দ্ৰপ্ৰসাদ শইকীয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা। ইয়াত জ্যোতিপ্ৰসাদৰ জীৱনৰ ইতিহাস বহু পৰিমাণে ৰক্ষিত হোৱাত সফলতা অৰ্জন কৰিছে। এনে জীৱনীমূলক উপন্যাসৰ ভিতৰত মেদিনী চৌধুৰীয়ে মাধৱদেৱৰ জীৱনক লৈ লিখা বণ্ডুকা বেহাৰ, চৈয়দ আব্দুল মালিকে শংকৰদেৱৰ জীৱনক লৈ লিখা ধন্য নৰ তনু ভাল, মাধৱদেৱৰ জীৱনক লৈ লিখা প্রেম অমৃতৰ নদী, লক্ষ্মীনন্দন বৰাই শংকৰদেৱৰ জীৱনক লৈ লিখা যাকেৰি নাহিকে উপাম আৰু মাধৱদেৱৰ জীৱনক লৈ লিখা সেহি গুণনিধি, মেদিনী চৌধুৰীয়ে বিষ্ণু ৰাভাৰ জীৱনক লৈ লিখা ফেৰেংগাদাও, নিৰুপমা বৰগোহাঞিয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনক লৈ লিখ অভিযাত্রী, বীৰেন বৰকটকীয়ে কনকলতাৰ জীৱনক লৈ লিখা মৃত্যু গচকি আনা জয় জিনি আদি উপন্যাসেই প্রধান।
৫। ৰাজনৈতিক আদর্শভিত্তিক উপন্যাস বুলিলে কি বুজা? উদাহৰণ দিয়া?
উত্তৰঃ যুদ্ধোত্তৰ যুগৰ আদৰ্শভিত্তিক উপন্যাস ৰাজনৈতিক চেতনা আৰু আদৰ্শই অসমীয়া উপন্যাসত প্রতিফলিত হোৱা দেখা যায়। বিশেষকৈ চৈয়দ আব্দুল মালিকৰ ৰথৰ চকৰি ঘূৰে, ল.সা.গু. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰাজপথে ৰিঙিয়াই, ইয়াৰুইঙ্গম, প্রতিপদ, মৃত্যুঞ্জয়, মেদিনী চৌধুৰীৰ বিপন্ন সময়, দেবেন্দ্ৰনাথ আচাৰ্যৰ অন্য যুগ অন্য পুৰুষ, ত্ৰৈলোক্য ভট্টাচাৰ্যৰ সাঁচি পাতৰ পুথি, তিলোত্তমা মিশ্ৰৰ স্বর্ণলতা আদিয়েই প্রধান বুলিব পাৰি। উপন্যাসকেইখনত ৰাজনৈতিক আদর্শ ফুটাই তোলাত লেখকসকলে সফলতা অর্জন কৰিছে।
৬। উপন্যাসৰ কাহিনীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ উপন্যাসৰ কাহিনীত পৰিসৰ সাধাৰণতে বহল। ইয়াত জীৱনক বহল ভিত্তিত চিত্ৰিত কৰিবলৈ চেষ্টা কৰা হয়। টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’ উপন্যাসত নেপোলিয়নৰ ৰুছ দেশ আক্ৰমণৰ কথাৰে ৰুছদেশৰ জাতীয় মনীষাৰ এক মহাকাব্যোপম চিত্ৰ অংকণ কৰা হৈছে। এনেকুৱা দীর্ঘাৱয়বৰ উপন্যাসত এটা জাতিৰ দীৰ্ঘদিনৰ উত্থান-পতন, জয়-পৰাজয় আৰু অন্যান্য আশা-আকাংক্ষাৰ চিত্ৰ-বিচিত্ৰ ৰূপ ফুটাই তোলা হয়। কেৱল সিমানেই নহয় কোনো এক বিশেষ সময়ৰ পটভূমিত মানুহৰ চিৰন্তন ভাব-অনুভূতি, প্রেম-প্রণয়, ব্যর্থতা, হিংসা-অহিংসা আদি কথাবোৰকো লেখকে নিজৰ দৃষ্টিভঙ্গীৰে আৰু চিন্তাৰে চালিজাৰি চায়। এইদৰেই এনে উপন্যাস জীৱন চৰ্যাৰ এক মনোৰম ৰূপছবি হৈ পৰে।
৭। উপন্যাসৰ কাহিনীৰ গাঁথনি সম্পৰ্কে আলোচনা কৰা?
উত্তৰঃ কাহিনীৰ গাঁথনি বা প্লট ষ্ট্রাকচাৰৰ ফালৰপৰা উপন্যাস অত্যন্ত ব্যাপক । এটা প্রধান কাহিনীৰ লগতে অন্যান্য অনেক সৰুসুৰা বা প্রধান কাহিনীৰ সমপৰ্যায়ৰ কাহিনী উপন্যাসত সংযোগ কৰা হয় ।এইদৰে একাধিক কাহিনী বা এটা প্রধান কাহিনীৰ লগত অসংখ্য সৰুসুৰা কাহিনী সংযোগ কৰি উপন্যাসৰ কাহিনীৰ যি গাঁথনি সেয়া মহাকাব্যৰ দৰেই বিশাল আৰু ব্যাপক। সেই কাৰণেই আধুনিক উপন্যাসক প্রাচীন। কালৰ মহাকাব্যৰ দৰেই বিশাল আৰু ব্যাপক। সেই কাৰণেই আধুনিক উপন্যাসক প্রাচীন কালৰ মহাকাব্যৰ উত্তৰাধিকাৰী বুলি কোৱা হয়। মানৱ জীৱনৰ যি বিশালতা বা যি বৈচিত্র্যতাক ফুটাই তোলাই ঔপন্যাসিকৰ লক্ষ্য।
উদাহৰণস্বৰূপে অসমীয়া উপন্যাস ‘মৃত্যুঞ্জয়’ৰ কথাকে ল’ব পাৰি। ইয়াত ৰেল বগৰোৱা ঘটনাটোক উপলক্ষ্য কৰি আধুনিক যুগৰ মানুহৰ মুক্তি আন্দোলন, মহাভাৰতত থকা মানুহৰ কর্তব্য পালনৰ আদৰ্শ, বুদ্ধদেৱ আৰু মহাত্মা গান্ধীৰ অহিংসা, শংকৰদেৱৰ কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম’ আদি সকলোকে সামৰি সেইসময়ৰ অসমৰ সামাজিক জীৱনৰ আৰু অসমীয়া মানুহৰ সামাজিক চেতনাৰ এখনি ছবি আঁকা হৈছে।
উপন্যাসৰ বিশালতা আৰু বহুমুখিতাই মূল কথা। কোনো এটা ঘটনাই মানুহৰ মনত কেনেকৈ চিত্র-বিচিত্র ভাব-অনুভূতি সৃষ্টি কৰিব পাৰে সেইখিনি যিমানপৰা যায় বহলাই বৰ্ণনা কৰিবপৰাতেই উপন্যাসৰ সার্থকতা ফুটি উঠে। একোটা মূল কাহিনীৰ লগত বহু উপ-কাহিনীৰো সংযোগ ঘটোৱা হয়। মূল কাহিনী আৰু উপ-কাহিনীৰ বাহিৰেও উপন্যাসত বহুবোৰ সৰু সৰু ঘটনাৰো সংযোগ ঘটোৱা হয়। মুঠতে উপন্যাসত এক বহল আৰু বিশাল পটভূমিত মানুহৰ জীৱন আৰু সমাজক ফুটাই তুলিবলৈ চেষ্টা কৰা হয়। মানুহৰ জীৱনৰ বিচিত্র বৈভৱক কিমান বিচিত্ৰ ৰূপত ফুটাই তুলিব পাৰি। ঔপন্যাসিকে তাৰেই চেষ্টা কৰে উপন্যাসত। সেই কাৰণে বাস্তৱ জীৱনত মানুহৰ জীৱনৰ সম্ভাৱনীয়তা বা বিচিত্ৰভাৱৰ যেনেকৈ আদি অন্ত নাই, নৱৰূপৰ এনে ছবি ফুটাই তোলা হয় কাৰণেই উপন্যাসত চিত্ৰিত জীৱন চিত্ৰৰ কাৰণে মানুহৰ হাবিয়াসৰো অন্ত নাই।
৮। উপন্যাসৰ চৰিত্ৰৰ বিষয়ে চমুকৈ লিখা?
উত্তৰঃ চৰিত্ৰ চিত্ৰণৰ বেলিকাও ঔপন্যাসিকৰ কাৰণে উপন্যাসৰ ক্ষেত্রখন সদায় আহল-বহল । বাস্তৱ জীৱনত সৰু কালৰপৰা বা কৈশোৰৰপৰা বৃদ্ধ বয়সলৈকে এজন মানুহৰ জীৱন, ব্যৱহাৰ, চিন্তা-চৰ্চা বা কৰ্ম একেদৰেই কেতিয়াও নাযায়। কথা এষাৰেই আছে যে সন্যাসীৰো অতীত থাকে আৰু পাপীৰো ভবিষ্যত থাকে, অর্থাৎ মানুহৰ জীৱনত পৰিৱৰ্তন আছেই। চৰিত্ৰৰ এই বিকাশ বা পৰিবৰ্তনৰ কথা প্রকাশ কৰাৰ সুবিধা উপন্যাসত যেনেকৈ আছে চুটিগল্পত নাই। চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত উপন্যাসত থকা এই সুবিধাৰ কাৰণেই উপন্যাস আধুনিক যুগত সাহিত্যৰ মহত্ত্বম মাধ্যম হ’ব পাৰিছে। ডষ্টয়েভস্কিৰ ব্ৰাডাৰচ কাৰামভজ’ উপন্যাসত ৰাছকন নিৰ্ভৰ চৰিত্ৰৰ যি বিশালতা আৰু মহত্ত্ব সেয়া উপন্যাসৰ মাধ্যমৰ মাজেদিহে প্ৰকাশ কৰা সম্ভৱ।
৯। উপন্যাসৰ সূত্ৰ বা সংজ্ঞা দিয়া?
উত্তৰঃ উপন্যাসৰ সূত্ৰৰ অভাৱ নাই। অভিধান প্রণেতাসকলে বা বিশ্বকোষত প্ৰবন্ধ লিখা সকলেতো উপন্যাসৰ সূত্ৰ দিছেই, ঔপন্যাসিক আৰু সমালোচকসকলেও উপন্যাসৰ সূত্ৰ আগবঢ়াইছে ফৰাচী সমালোচক M. Abel Chevulley য়ে দিয়া সূত্র অনুযায়ী উপন্যাস হৈছে “বিস্তৃত আয়তনৰ গদ্যত ৰচনা কৰ কল্পনা সাহিত্য” (a fiction in prose of certain extent) এই সূত্ৰৰ “বিস্তৃত আয়তন” কথাষাৰ আৰু স্পষ্ট কৰি দি ঔপন্যাসিক আৰু সমালোচক ই, এম ফৰষ্টাৰে কৈছে যে উপন্যাসৰ আয়তন অন্ততঃ পঞ্চাশ হাজাৰ শব্দৰ হ’ব লাগে। কথাষাৰ আৰু মুকলিকৈ ক’বলৈ হ’লে এখন উপন্যাস অন্তত: দুশ পৃষ্ঠাৰ কম হ’ব নালাগে।
Shorter Oxford Dictionary য়ে দিয়া সূত্রমতে উপন্যাস হৈছে “এবিধ গদ্যত ৰচনা কৰা যথেষ্ট দৈৰ্ঘ্যৰ বিৱৰণধর্মী কল্পনা সাহিত্য, য’ত কম-বেছি পৰিমাণে জটিল এক কাহিনীৰ গাঁথনিৰ মাজত বাস্তৱ জীৱনক প্ৰতিনিধিত্ব কৰাকৈ চৰিত্ৰসমূহ আৰু কাৰ্যাৱলী চিত্ৰিত কৰা হয়।” (a fitions prose narrative of considerable length in which character and actions representative of real life are portrayed in a plot of more or less complexity”)
১০। উপন্যাস আৰু চুটিগল্পৰ মাজত থকা এটা বৈসাদৃশ্যৰ বিষয়ে লিখা?
উত্তৰঃ উপন্যাস আৰু চুটিগল্প দুয়োবিধ সাহিত্য মাধ্যমৰ সাদৃশ্য আৰু বৈসাদৃশ্য মন কৰিবলগীয়া প্ৰতিবিধৰে ৰচনাৰীতি আৰু বিষয়বস্তুৰ বৈশিষ্টখিনি জানিলে সাদৃশ্য আৰু বৈসাদৃশ্যখিনি আপোনা আপুনি স্পষ্ট হৈ পৰে। প্ৰথম কথা দুয়োবিধৰ উপাদানসমূহ একেই। কাহিনী, আখ্যানৰ গাঁথনি, চৰিত্ৰ, স্থান-কাল আৰু লেখকৰ জীৱন সম্পর্কে দৃষ্টিভঙ্গী দুয়োবিধ সাহিত্যতে আছে।
উপন্যাস আৰু চুটিগল্পৰ কাহিনীৰ মাজত থকা এটা বৈসাদৃশ্য উল্লেখ কৰা হ’ল—
উপন্যাসৰ কাহিনীত পৰিসৰ সাধাৰণতে বহল। ইয়াত জীৱনক বহল ভিত্তিত চিত্ৰিত কৰিবলৈ চেষ্টা কৰা হয়। টলষ্টয়ৰ ‘যুদ্ধ আৰু শাস্তি’ উপন্যাসত নেপোলিয়নৰ ৰুছ দেশ আক্ৰমণৰ কথাৰে ৰুছদেশৰ জাতীয় মনীষাৰ এক মহাকাব্যোপম চিত্র অংকণ কৰা হৈছে। এনেকুৱা দীৰ্ঘ্যৱয়বৰ উপন্যাসত এটা জাতিৰ দীৰ্ঘদিনৰ উত্থান-পতন, জয়-পৰাজয় আৰু অন্যান্য আশা-আকাংক্ষাৰ চিত্র-বিচিত্ৰ ৰূপ ফুটাই তোলা হয়। কেৱল সিমানেই নহয় কোনো এক বিশেষ সময়ৰ পটভূমিত মানুহৰ চিৰন্তন ভাব-অনুভূতি, প্রেম-প্রণয়, ব্যর্থতা, হিংসা-অহিংসা আদি কথাবোৰকো লেখকে নিজৰ দৃষ্টিভঙ্গীৰে আৰু চিন্তাৰে চালিজাৰি চায় এইদৰেই এনে উপন্যাস জীৱন চৰ্যাৰ এক মনোৰম ৰূপছবি হৈ পৰে।
চুটি গল্পত এনে সুবিধা নাই। তাত কাহিনী এটাৰ যিটো চূড়ান্ত ৰূপ সেইটোকহে মাথোন মূৰ্ত কৰি তোলা হয়। অৱশ্যে সার্থক চুটিগল্পত কাহিনীৰ এনে চূড়ান্ত ৰূপটিও এনেকুৱা যে তাত তেনেই কম পৰিসৰতে হ’লেও জীৱনৰ মহৎ সত্য একোটাই লেখকৰ সৃষ্টিশীলতাৰ মাজেৰে দিব্য ৰূপত প্ৰকাশ লাভ কৰি পাঠকৰ মনোজগত চিৰনতুন ভাবচিন্তাৰে উজ্জ্বল কৰি তোলে।
ৰচনাধর্মী প্রশ্ন
১। উপন্যাসৰ সংজ্ঞা দিয়া? উপন্যাসৰ উদ্ভৱ আৰু বিকাশৰ সম্পর্কে কি জানা লিখা?
উত্তৰঃ উপন্যাস আধুনিক যুগৰ সৃষ্টি আৰু প্ৰথমে উপন্যাস সৃষ্টি হয় পশ্চিমীয়া জগতত। ৰিনেইচেন্স বা জ্ঞানৰ পুনৰ জাগৰণৰ আন্দোলনে ইউৰোপত বি নতুন সভ্যতাৰ সৃষ্টি কৰিলে সেই সভ্যতাই কঢ়িয়াই অনা উপাদানৰ মাজতেই এইবিধ কলাৰ উদ্ভৱ হয়। আধুনিক যুগৰ আগত উপন্যাস নাছিল, যদিও ইয়াৰ আদিম ৰূপ এটা নথকা নহয়। অন্য কলাৰ দৰেই উপন্যাস কলাইও মানৱীয় চেতনাক বিস্তৃত কৰি তোলা আৰু গভীৰতৰ কৰি তোলা ইয়াৰ লক্ষ্য পূৰণ কৰিব পাৰিছে।
উপন্যাসৰ উপাদান আৰু অন্যান্য বৈশিষ্ট্য বিচাৰ-বিশ্লেষণ কৰি চোৱাৰ আগতে ইয়াৰ সূত্ৰ এটা নিৰ্দ্ধাৰণ কৰি লব লাগিব। উপন্যাসৰ সূত্ৰৰ অভাৱ নাই। অভিধান প্রণেতাসকলে বা বিশ্বকোষত প্ৰবন্ধ লিখা সকলেতো উপন্যাসৰ সূত্ৰ দিছেই, ঔপন্যাসিক আৰু সমালোচকসকলেও উপন্যাসৰ সূত্ৰ আগবঢ়াইছে ফৰাচী সমালোচক M. Abel Chevalley য়ে দিয়া সূত্র অনুযায়ী উপন্যাস হৈছে “বিস্তৃত আয়তনৰ গদ্যত ৰচনা কৰা কল্পনা সাহিত্য” [a fiction in prose of certain extent] এই সূত্ৰৰ “বিস্তৃত আয়তন” কথাষাৰ আৰু স্পষ্ট কৰি দি ঔপন্যাসিক আৰু সমালোচক ই, এম ফৰষ্টাৰে কৈছে যে উপন্যাসৰ আয়তন অন্ততঃ পঞ্চাশ হাজাৰ শব্দৰ হ’ব লাগে। কথাষাৰ আৰু মুকলিকৈ ক’বলৈ হ’লে এখন উপন্যাস অন্তত: দুশ পৃষ্ঠাৰ কম হ’ব নালাগে । Shorter Oxford Dictionary য়ে দিয়া সূত্রমতে উপন্যাস হৈছে “এবিধ গদ্যত ৰচনা কৰা যথেষ্ট দৈৰ্ঘ্যৰ বিৱৰণধর্মী কল্পনা সাহিত্য, য’ত কম-বেছি পৰিমাণে জটিল এক কাহিনীৰ গাঁথনিৰ মাজত বাস্তৱ জীৱনক প্ৰতিনিধিত্ব কৰাকৈ চৰিত্ৰসমূহ আৰু কাৰ্য্যাৱলী চিত্ৰিত কৰা হয়।”
সূত্ৰটোৰপৰা দেখা গ’ল যে উপন্যাস হৈছে গদ্যত ৰচনা কৰা বিৱৰণমূলক কল্পনা সাহিত্য। ইয়াত এটা কাহিনী আৰু কাহিনীৰ গাঁথনি থাকিব লাগিব আৰু ই সম্পূৰ্ণৰূপে বাস্তৱ জীৱনৰ ওপৰত আধাৰিত হ’ব লাগিব। উপন্যাসৰ বিস্তৃতিয়ে বহু বিচিত্ৰ চৰ্ত্তিৰ সমাবেশ ঘটায়, এক বা একাধিক কাহিনীৰ গাঁথনি সামৰি লয়, যথেষ্ট বিকশিত ৰূপত milieu বা পৰিবেশক ৰূপদান কৰে আৰু চৰিত্ৰসমূহক অধিক দীর্ঘায়িত আৰু সূক্ষ্মৰূপত চিত্ৰিত কৰি তোলে ।
এইবিধ সাহিত্যক বুজাবৰ কাৰণে ইংৰাজী ভাষাৰ novel শব্দটোৰ ঠাইত বহু ইউৰোপীয় ভাষাত roman শব্দটো ব্যৱহাৰ কৰা হয় । এই ৰোমান শব্দটো আকৌ মধ্যযুগৰ romance শব্দৰপৰা উদ্ভুত। সাহিত্যৰ এই ৰূপটোক বুজাবৰ কাৰণে ইংৰাজী ভাষাত প্ৰয়োগ হোৱা novel শব্দটো ইটালীয়ান ভাষাৰ novella শব্দৰপৰা আহিছে । ইটালীয়ান ভাষাত এই novella শব্দটোৰ অৰ্থ হৈছে— a little new thing”। তাৰমানে নভেলা হৈছে গদাযত বচনা কৰা চুটি সাধু বা গল্প। চতুর্দশ শতিকাৰ ইটালীত এনেকুৱা চুটি সাধুৰ সংকলন novelle (novella ৰ বহুবচন) খুব জনপ্ৰিয় আছিল। এনে সংকলনৰ ভিতৰত বোকাচিত্তৰ ‘ডেকামেৰণ’ বিশেষভাৱে উল্লেখযোগ্য।
উপন্যাসৰ উদ্ভৱ আৰু বিকাশ :
উপন্যাসৰ উদ্ভৱ আৰু বিকাশ অত্যন্ত কৌতূহলোদ্দীপক আৰু চিত্তাকর্ষক বিষয়। কিন্তু এই বিষয়টো এনেহে ব্যাপক যে তাক আলোচনা কৰি শেষ কৰা দূৰে থাওক, বিষয়টো আলোচনাৰ কাৰণে গতিপথ বিচাৰি পোৱাই টান। উপন্যাসক আমি গদ্য ৰচনা কৰা বিৱৰণমূলক কল্পনা সাহিত্য বুলি কৈছোঁ। গদ্যত ৰচনা কৰা কাহিনী অতি প্রাচীন কালৰপৰা আছে। সেইবিলাক কাল্পনিক কাহিনীয়েই আছিল, আধুনিক যুগত উপন্যাস বচনাৰ বেলিকা ঔপন্যাসিকসকলে সেই তেতিয়াৰ প্ৰাচীন যুগৰ Old Testamenta ৰ Book of Ruth ৰ দৰে আখ্যানৰপৰা অনুপ্ৰেৰণা লাভ কৰিছে বুলি ক’ব নোৱাৰি। উপন্যাসৰ বিকাশ মানৱ সভ্যতাৰ বিকাশৰ দৰে চিত্তকৰ্ষক আৰু চিত্তচমৎকাৰক।
উপন্যাস আধুনিক যুগৰ সাহিত্যিক মাধ্যম হ’লেও কিন্তু ইয়াৰ উদ্ভৱ আৰু বিকাশত মানৱজাতিৰ চিৰসংগৃহীত আৰু চিৰসমৃদ্ধ সাংস্কৃতিক সম্পদৰ অৱদান আছে । প্রাচীন যুগৰ কথা উল্লেখ নকৰিলেও মধ্যযুগৰ অৱসানৰ পিছৰ সময়ছোৱাৰ লেখ ল’লেও আমি উপন্যাসৰ উদ্ভৱ আৰু বিকাশৰ এক দীঘলীয়া কাহিনী পাওঁ। চতুৰ্দশ শতিকাৰ ইটালী আৰু ইংলণ্ডত বণিক শ্ৰেণীৰ লোকসকলে এবিধ সাধুকথাৰ সৃষ্টি কৰিছিল। এই সাধুকথা বা গল্পবিলাক এটা কথাত নতুন আছিল। এই সাধুবিলাকৰ নাৰী-পুৰুষ চৰিত্ৰবিলাকে কৰা কাম-কাজ ঠিক বণিক সম্প্ৰদায়ৰ লোকসকলে কৰা কাম-কাজৰ অনুৰূপ আছিল। সেই ফালৰপৰা এই সাধুবিলাক আছিল আধুনিক ৰূপৰ সাধু।
ইংৰাজী সাহিত্যত চ’চাৰৰ ‘কেন্টাৰবাৰী টেলচ’ আৰু ইটালীয়ান সাহিত্যত বোকাচিত্তৰ ‘ডেকামৰণ’ৰ সাধুবিলাকেই এই ক্ষেত্ৰত উল্লেখযোগ্য। এইবিলাকত বাস্তৱৰ মানুহৰ প্ৰতি কৌতূহল সুন্দৰ ৰূপত ফুটি উঠিছে। অৱশ্যে চ’চাৰৰ সাধুবিলাক পদ্যৰূপত ৰচনা কৰা হৈছিল। কিন্তু বোকাচিত্তৰ সাধুবিলাক গদ্যত ৰচনা কৰা হৈছিল। চ’চাৰে দুই এটা কাহিনী বোকাচিত্তৰপৰাই লৈছিল। ইয়াৰ পিছত আহিল মেলৰিৰ ‘মৰ্টি ডি আৰ্থাৰ’। এই গ্ৰন্থৰ কাহিনীবিলাক উপন্যাসৰ পূৰ্বসুৰী বুলি কোৱা হয়। মর্টি ডি আৰ্থাৰক বহুতদূৰ লিজেন্দ্ৰ চৰিত্ৰও বুলিব পাৰি। এই চৰিত্ৰটোক লৈ লিখা কিছুমান গল্পৰ সংগ্রহেই ‘মৰ্টি ডি আৰ্থাৰ’ গ্ৰন্থখন।
এলিজাবেথৰ যুগৰ ইংৰাজী সাহিত্যত আমি আৰু কেইখনমান পুথি পাওঁ যি কেইখন উপন্যাসৰ বাটকটায়া বুলি ক’ব পাৰি । সেই কেইখনৰ এখন হ’ল ফিলিপ চিডনিৰ আৰ্কেডিয়া(১৫৮০) আৰু আনখন লিলিৰ ‘ইউফিয়াচ’ (১৫৭৯)। এলিজাবেথৰ যুগৰ ইংৰাজ সাহিত্যিকসকলৰ প্ৰতিভা ঘাইকৈ নাটক আৰু কাব্যসৃষ্টিতহে নিয়োজিত হৈছিল। সেইকাৰণে এই যুগৰ ইংৰাজী সাহিত্যৰ কল্পনাত্মক গদ্যৰ সেইদৰে বিকাশ হোৱা নাছিল।
সপ্তদশ শতিকাৰ দাৰ্শনিক দেকার্তে আৰু দার্শনিক লকৰ চিন্তাধাবাইও উপন্যাসৰ বিকাশত নথৈ বৰঙনি যোগাইছিল। দেকার্তেৰ নতুন চিন্তাধাৰা বুদ্ধিবাদ আৰু লকৰ ইন্দ্ৰিয়প্রত্যক্ষবাদ দার্শনিক তত্ত্বই নতুন বাস্তৱবাদক সূচনা কৰে। এই নতুন বাস্তৱবাদী চিন্তাধাৰাই ‘সাধাৰণ’ক নহয় ‘বিশেষক’হে অনুসন্ধানৰ বিষয় কৰি ল’লে। আকৌ সেই অনুসন্ধান কৰা হয় ব্যক্তিৰদ্বাৰা। এই ক্ষেত্ৰত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থ দুখন হ’ল দেকার্তেৰ Discourse on Method (১৬৩৭) আৰু Medititations । এই গ্ৰন্থ দুখনৰ যোগেদি দেকার্তেই দেখুৱালে যে সত্যৰ অনুসন্ধান সম্পূৰ্ণৰূপে ব্যক্তি বিশেষৰ কথা । গতিকে অতীতৰ পৰম্পৰাৰপৰাই মুক্ত। আনকি অতীতৰ স্বীকৃত ভাবধাৰাৰপৰা আঁতৰি আহিহে ব্যক্তি সত্যত উপনাত হ’ব পাৰে।
উপন্যাসৰ ৰূপবন্নত এই নতুন বাস্তববাদী চিন্তাধাৰা আৰু ব্যক্তিবাদৰ প্রতিচ্ছবি পৰিস্ফুট হোৱা লক্ষ্য কৰা যায়। অতীতৰ সাহিত্যই হয়াৰ সত্যনিষ্ঠতাৰ কাৰণে পূৰ্বাপৰ চলি অহা প্ৰমূল্যৰ ওপৰত নিৰ্ভৰ কৰিছিল। আগৰ সাহিত্যৰ বিষয়বস্তু গ্ৰহণ কৰা হৈছিল অতীতৰ সাধু, নীতিকথা, পৰম্পৰাগত কাহিনী ইত্যাদিৰপৰা । আকৌ লেখকৰ সাহিত্যৰ মূল্যও নিৰূপিত হৈছিল অতীতৰ পৰম্পৰাগত সাহিত্যৰ আৰ্হি মানি চলিছেনে নাই সেই কথাৰ ওপৰত ভিত্তি কৰি। সাহিত্যৰ এই ঐতিহ্যবাদক পোন প্রথম প্রত্যাহ্বান জনায় উপন্যাসে। উপন্যাসৰ কথা হ’ল ব্যক্তিগত অভিজ্ঞতা, ব্যক্তিগত অভিজ্ঞতাৰ সত্য হোৱা কথাই উপন্যাসৰ সত্য। বাক্তিগত অভিজ্ঞতা সদায় নতুন, ইউনিক [Unique] । সেই কাৰণে ইংৰাজী ‘নভেল’ শব্দটিৰ অৰ্থও নতুন। এই ‘নভেল’ শব্দৰ অসমীয়া প্রতিশব্দ উপন্যাস।
উপন্যাসৰ আখ্যানভাগত এই নতুনত্বৰ স্বাক্ষৰ পোৱা যায় ইংৰাজী সাহিত্যৰ তথা বিশ্বসাহিত্যৰ পোন প্রথম ঔপন্যাসিক ডিফো, ৰিচাৰ্ডচন আৰু ফিল্ডিঙৰ উপন্যাসত। উপন্যাসৰ পূৰ্বসুৰী হিচাপে আৰু দুজন লেখকৰ নাম ল’ব লাগিব। তেওঁলোক হ’ল ফৰাচী সাহিত্যিক ৰেবেলে (১৪৯৫-১৫৫৩) আৰু আনজন স্পেনিছ লেখক চাভেন্টিচ (১৫৪১-১৬১৬)। দুয়োগৰাকী প্রায় সমসাময়িক সমালোচক ৰালফ ফক্সে দয়োগৰাকীকে উপন্যাসৰ প্ৰকৃত সৃষ্টিকর্তা [real founder] বুলিছে । ৰেবেলৰ বিখ্যাত গ্ৰন্থখন হ’ল Gargantuan Pantagrvel.
পাঁচটা খণ্ডৰ এই গ্ৰন্থখনত লেখক গৰাকীয়ে ৰিনেইচেন্সৰ যুগৰ সুন্দৰতম আৰু মহত্তমখিনিকে ফুটাই তুলিবলৈ চেষ্টা কৰিছে বুলিব পাৰি। তেওঁ মানৱ মন আৰু মানৱ দেহৰ স্বাধীনতাৰ ওপৰতে গুৰুত্ব দিছিল। তেওঁ কৈছিল, Do what you will এই গৰাকী লেখকে পিছৰ ঔপন্যাসিকসকললৈ দুটা কথা এৰি থৈ গ’ল। মানুহৰ মনোজগতলৈ প্রবেশ কৰাৰ পৰম্পৰা আৰু ভাষাৰ মাধুৰ্য গুণ [Poetry of language]। স্পেনিচ লেখক মিগুৱেল ডি চাৰ্ভেন্টিচ আছিল স্পেইনৰ সোণালী যুগৰ লেখক। চাৰ্ভেন্টিচৰ ‘The Ingenious Gentleman, Don Quixote de la Manch।” নামৰ বিখ্যাত গ্ৰন্থখনৰ প্ৰথম খণ্ড ১৬০৫ খৃঃত আৰু দ্বিতীয় খণ্ড ১৬১৫ খৃঃত প্রকাশ পায়। এই গ্ৰন্থখনৰ যোগেদি চাৰ্ভেণ্টিচে দুটি চৰিত্ৰক বিশ্ব সাহিত্যত অমৰ কৰি ৰাখিছে। এটি হৈছে ভদ্রলোক ডন কুই’অট আৰু আনজন তেওঁৰ লগৰীয়া চেক্সো পাঞ্জা।
কিন্তু সম্পূর্ণ আধুনিক অৰ্থত উপন্যাস ৰচনাৰ কৃতিত্ব ইংৰাজ লেখক ডেনিয়েল ডিফো, ৰিচাৰ্ভচন আৰু ফিল্ডিঙৰ। ডিফোৰ ৰবিনচন তুছ প্রকাশ পায় ১৭১৯ খৃঃত। ৰিচাৰ্ডচনৰ ‘Pamela or Virtue Rewarded’ উপন্যাস প্রকাশ ১৭৪০-৪১ খৃঃত। হেনৰি ফিল্ডিঙৰ উপন্যাস ‘Joseph Andrews’ প্রকাশ হয় ১৭৪২ খৃঃত। বহু আলোচকে ৰিচাৰ্ডচনৰ পামেলা উপন্যাসখনকে প্রথম আধুনিক উপন্যাস বুলি মত প্ৰকাশ কৰে সেইফালৰপৰা ৰিচাৰ্ডচনকেই আধুনিক উপন্যাসৰ পিতৃ বুলি কয়।
২। উপন্যাসৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা?
উত্তৰঃ উপন্যাস আধুনিক কালৰ সৃষ্টি। দুয়োবিধ সাহিত্যৰে উদ্ভৱ একে উৎসৰপৰা হৈছে বুলি ক’ব পাৰি। সেই উৎসসমূহ হৈছে দলিলসদৃশ বাস্তৱ ৰচনাসমূহ যেনে— চিঠিপত্র, সাময়িক পত্র-পত্রিকা, স্মৃতিকথা বা জীৱনী, বুৰঞ্জী বা ইতিহাসৰ পৰা। এই দুয়োবিধ সাহিত্য বাস্তৱানুগ বিৱৰণমূলক ৰচনাৰপৰা সৃষ্টি হৈছে। বাস্তৱক প্ৰতিচিত্রিত এই দুয়োবিধ সাহিত্যৰ লক্ষ্য। উপন্যাসৰ উপাদান বুলিলে কাহিনী, আখ্যানৰ গাঁথনি, চৰিত্ৰ, স্থান কাল আৰু লেখকৰ জীৱন সম্পর্কে দৃষ্টিভঙ্গীকে উল্লেখ কৰিব পাৰি।
উপন্যাসৰ কাহিনী : উপন্যাসৰ কাহিনীত পৰিসৰ সাধাৰণতে বহল। ইয়াত জীৱনক বহল ভিত্তিত চিত্ৰিত কৰিবলৈ চেষ্টা কৰা হয়। টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’ উপন্যাসত নেপোলিয়নৰ ৰুছ দেশ আক্ৰমণৰ কথাৰে ৰুছদেশৰ জাতীয় মনীষাৰ এক মহাকাব্যোপম চিত্র অংকণ কৰা হৈছে। এনেকুৱা দীর্ঘাৱয়বৰ উপন্যাসত এটা জাতিৰ দীৰ্ঘদিনৰ উত্থান-পতন, জয়-পৰাজয় আৰু অন্যান্য আশা-আকাংক্ষাৰ চিত্র-বিচিত্ৰ ৰূপ ফুটাই তোলা হয়। কেৱল সিমানেই নহয় কোনো এক বিশেষ সময়ৰ পটভূমিত মানুহৰ চিৰন্তন ভাব-অনুভূতি, প্রেম-প্রণয়, ব্যর্থতা, হিংসা-অহিংসা আদি কথাবোৰকো লেখকে নিজৰ দৃষ্টিভঙ্গীৰে আৰু চিন্তাৰে চালিজাৰি চায়। এইদৰেই এনে উপন্যাস জীৱন চৰ্যাৰ এক মনোৰম ৰূপছবি হৈ পৰে।
উপন্যাসৰ কাহিনীৰ গাঁথনি : কাহিনীৰ গাঁথনি বা প্লট ষ্ট্রাকচাৰৰ ফালৰপৰা উপন্যাস অত্যন্ত ব্যাপক। এটা প্রধান কাহিনীৰ লগতে অন্যান্য অনেক সৰুসুৰা বা প্ৰধান কাহিনীৰ সমপৰ্যায়ৰ কাহিনী উপন্যাসত সংযোগ কৰা হয়। এইদৰে একাধিক কাহিনী বা এটা প্ৰধান কাহিনীৰ লগত অসংখ্য সৰুসুৰা কাহিনী সংযোগ কৰি উপন্যাসৰ কাহিনীৰ যি গাঁথনি সেয়া মহাকাব্যৰ দৰেই বিশাল আৰু ব্যাপক। সেই কাৰণেই আধুনিক উপন্যাসক প্রাচীন কালৰ মহাকাব্যৰ দৰেই বিশাল আৰু ব্যাপক। সেই কাৰণেই আধুনিক উপন্যাসক প্রাচীন কালৰ মহাকাব্যৰ উত্তৰাধিকাৰী বুলি কোৱা হয়। মানৱ জীৱনৰ যি বিশালতা বা যি বৈচিত্র্যতাক ফুটাই তোলাই ঔপন্যাসিকৰ লক্ষ্য। উদাহৰণস্বৰূপে অসমীয়া উপন্যাস ‘মৃত্যুঞ্জয়’ব কথাকে ল’ব পাৰি। ইয়াত বেল বগৰোৱা ঘটনাটোক উপলক্ষ্য কৰি আধুনিক যুগৰ মানুহৰ মুক্তি আন্দোলন, মহাভাৰতত থকা মানুহৰ কর্তব্য পালনৰ আদৰ্শ, বুদ্ধদেৱ আৰু মহাত্মা গান্ধীৰ অহিংসা, শংকৰদেৱৰ “কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম’ আদি সকলোকে সামৰি সেইসময়ৰ অসমৰ সামাজিক জীৱনৰ আৰু অসমীয়া মানুহৰ সামাজিক চেতনাৰ এখনি ছবি আঁকা হৈছে।
উপন্যাসৰ বিশালতা আৰু বহুমুখিতাই মূল কথা। কোনো এটা ঘটনাই মানুহৰ মনত কেনেকৈ চিত্র-বিচিত্র ভাব-অনুভূতি সৃষ্টি কৰিব পাৰে সেইখিনি যিমানপৰা যায় বহলাই বৰ্ণনা কৰিবপৰাতেই উপন্যাসৰ সার্থকতা ফুটি উঠে। একোটা মূল কাহিনীৰ লগত বহু উপ-কাহিনীৰো সংযোগ ঘটোৱা হয়। মূল কাহিনী আৰু উপ-কাহিনীৰ বাহিৰেও উপন্যাসত বহুবোৰ সৰু সৰু ঘটনাৰো সংযোগ ঘটোৱা হয়। মুঠতে উপন্যাসত এক বহল আৰু বিশাল পটভূমিত মানুহৰ জীৱন আৰু সমাজক ফুটাই তুলিবলৈ চেষ্টা কৰা হয়। মানুহৰ জীৱনৰ বিচিত্র বৈভৱক কিমান বিচিত্ৰ ৰূপত ফুটাই তুলিব পাৰি। ঔপন্যাসিকে তাৰেই চেষ্টা কৰে উপন্যাসত। সেই কাৰণে বাস্তৱ জীৱনত মানুহৰ জীৱনৰ সম্ভাৱনীয়তা বা বিচিত্ৰভাৱৰ যেনেকৈ আদি অন্ত নাই, নৱৰূপৰ এনে ছবি ফুটাই তোলা হয় কাৰণেই উপন্যাসত চিত্ৰিত জীৱন চিত্ৰৰ কাৰণে মানুহৰ হাবিয়াসৰো অন্ত নাই।
উপন্যাসৰ চৰিত্ৰ : চৰিত্ৰ চিত্ৰণৰ বেলিকাও ঔপন্যাসিকৰ কাৰণে উপন্যাসৰ ক্ষেত্ৰখন সদায় আহল-বহল। বাস্তৱ জীৱনত সৰু কালৰপৰা বা কৈশোৰৰপৰা বৃদ্ধ বয়সলৈকে এজন মানুহৰ জীৱন, ব্যৱহাৰ, চিন্তা-চৰ্চা বা কর্ম একেদৰেই কেতিয়াও নাযায়। কথা এষাৰেই আছে যে সন্যাসীৰো অতীত থাকে আৰু পাপীৰো ভৱিষ্যত থাকে, অর্থাৎ মানুহৰ জীৱনত পৰিৱৰ্তন আছেই। চৰিত্ৰৰ এই বিকাশ বা পৰিবৰ্তনৰ কথা প্ৰকাশ কৰাৰ সুবিধা উপন্যাসত যেনেকৈ আছে চুটিগল্পত নাই। চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত উপন্যাসত থকা এই সুবিধাৰ কাৰণেই উপন্যাস আধুনিক যুগত সাহিত্যৰ মহত্ত্বম মাধ্যম হ’ব পাৰিছে। ডষ্টয়েভস্কিৰ ব্ৰাডাৰচ কাৰামভজ’ উপন্যাসত ৰাছকন নিকভৰ চৰিত্ৰৰ যি বিশালতা আৰু মহত্ত্ব সেয়া উপন্যাসৰ মাধ্যমৰ মাজেদিহে প্ৰকাশ কৰা সম্ভৱ।
উপন্যাসৰ স্থান কাল বা পৰিৱেশ সৃষ্টি : স্থান, কাল বা পৰিবেশ সৃষ্টিৰ বেলিকাও উপন্যাসৰ ক্ষেত্ৰখন সদায় বহল। ইয়াত একোটা জাতিৰ কেইবাশ বছৰৰ উত্থান পতনৰ কাহিনীও কেতিয়াবা কোৱা হয়। একেদৰেই এজন মানুহৰ জীৱনত কৈশোৰৰপৰা বৃদ্ধ বয়সলৈকে ঘটা বিভিন্ন ধৰণৰ ঘটনাও উপন্যাসত বৰ্ণনা কৰা হয়।
উপন্যাসত লেখকৰ জীৱন সম্পৰ্কে দৃষ্টিভঙ্গী : উপন্যাসত লেখকৰ জীৱন সম্পৰ্কে দৃষ্টিভঙ্গী ফুটাই তোলা যেনেদৰে সহজ চুটিগল্পত সিমান সহজ নহয়। অৱশ্যে বহুতো উপন্যাস আৰু চুটিগল্পত লেখকৰ তেনে দৃষ্টিভঙ্গী ফুটি উঠে বুলিয়েই ক’ব নোৱাৰি, কেৱল বিনোদনৰ কাৰণে লিখা চুটিগল্প বা উপন্যাসত তেনে দৃষ্টিভঙ্গী ফুটি উঠাৰ কথাই নাহে। তথাপি এই কথা ক’বই লাগিব— লেখকৰ জীৱন দৰ্শন উপন্যাসত যেনেকৈ ফুটি উঠে চুটিগল্পত সেইদৰে ফুটি উঠা দেখা নাযায়।
৩। যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসৰ ধাৰাকেইটা আলোচনা কৰা।
উত্তৰঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসসমূহ চালি জাৰি চালে কেইবাটাও ধাৰা লক্ষণীয় বুলিব পাৰি। বিষয়বস্তুগত দিশৰ পৰা এনে ধাৰাসমূহক ভগাই ল’ব পাৰি। যেনে—
(ক) ঐতিহাসিক উপন্যাস : যুদ্ধোত্তৰ যুগত ঐতিহাসিক উপন্যাস ৰচনাৰ প্ৰতি লেখকসকল বিশেষ। আগ্রহী নহয় গতিকে এই যুগত এনে ৰচনাৰ সংখ্যা বেছি নহয়। নৱকান্ত বৰুৱাৰ গড়মা কুঁৱৰী নাইবা পদ্ম বৰকটকীৰ বিচাৰৰ বাবে পূৰ্বৰ ঐতিহাসিক ঔপন্যাসিকসকলৰ দৃষ্টিভংগীৰ পৰা আঁতৰি আহিছে।
গড়মা কুঁৱৰীত প্ৰেম আৰু দ্বন্দ্বৰ এটি ব্যঞ্জনা আৰু বিচাৰৰ বাবে মানৱীয় দৃষ্টিভংগীৰে বৰজা ফুলেশ্বৰী কুঁৱৰীৰ সময়ছোৱা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। সেইদৰে নৱকান্ত বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসত ব্যঞ্জিত ইতিহাস চেতনাও উল্লেখনীয়। ইয়াত লেখকৰ স্বকীয় ইতিহাস চেতনা আৰু বিচাৰে প্ৰধান ভূমিকা লোৱা দেখা যায়৷ একেদৰে পৰম্পৰাগত দৃষ্টিভংগীৰে ধীৰেন বৰঠাকুৰৰ বাঈ চাহেবা আতিহাসিক ৰোমাঞ্চ ধৰ্মী উপন্যাসৰ চৰিত্ৰ গ্ৰহণ কৰিছে। এই সময়ছোৱাত ৰচিত দেবেন্দ্ৰ নাথ আচাৰ্যৰ কালপুৰুষ নদাই সজাঁতী মুখেৰে ব্যক্ত হোৱা এক ঐতিহাসিক উপন্যাস
(খ) জীৱনীমূলক উপন্যাস : যুদ্ধোত্তৰ যুগৰ ষাঠি দশকৰ পৰা জীৱনীমূলক উপন্যাসৰ এটি নতুন ধাৰাৰ আৰম্ভ হয়। জ্যোতিপ্ৰসাদৰ জীৱনৰ ভিত্তিত ৰচিত চৈয়দ আব্দুল মালিকৰ ৰূপতীৰ্থৰ যাত্ৰী এই ধাৰাৰ প্ৰধান উপন্যাস। একেদৰে এই একেজন ব্যক্তিৰ জীৱন আধাৰিত আনখন উপন্যাস চন্দ্ৰপ্ৰসাদ শইকীয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা। ইয়াত জ্যোতিপ্ৰসাদৰ জীৱনৰ ইতিহাস বহু পৰিমাণে ৰক্ষিত হোৱাত সফলতা অৰ্জন কৰিছে। এনে জীৱনীমূলক উপন্যাসৰ ভিতৰত মেদিনী চৌধুৰীয়ে মাধৱদেৱৰ জীৱনক লৈ লিখা বণ্ডুকা বেহাৰ, চৈয়দ আব্দুল মালিকে শংকৰদেৱৰ জীৱনক লৈ লিখা ধন্য নৰ তনু ভাল, মাধৱদেৱৰ জীৱনক লৈ লিখা প্রেম অমৃত নদী, লক্ষ্মীনন্দন বৰাই শংকৰদেৱৰ জীৱনক লৈ লিখা যাকেৰি নাহিকে উপাম আৰু মাধৱদেৱৰ জীৱনক লৈ লিখা সেহি গুণনিধি, মেদিনী চৌধুৰীয়ে বিষ্ণু ৰাভাৰ জীৱনক লৈ লিখা ফেৰেংগাদাও, নিৰুপমা বৰগোহাঞিয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনক লৈ লিখ অভিযাত্রী, বীৰেন বৰকটকীয়ে কনকলতাৰ জীৱনক লৈ লিখা মৃত্যু গচকি আনা জয় জিনি আদি উপন্যাসেই প্রধান।
(গ) ৰাজনৈতিক আদর্শভিত্তিক উপন্যাস : যুদ্ধোত্তৰ যুগৰ আদৰ্শভিত্তিক উপন্যাস ৰাজনৈতিক চেতনা আৰু আদর্শই অসমীয়া উপন্যাসত প্ৰতিফলিত হোৱা দেখা যায়। বিশেষকৈ চৈয়দ আব্দুল মালিকৰ ৰথৰ চকৰি ঘূৰে, ল.সা.গু. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰাজপথে ৰিঙিয়াই, ইয়াৰুইঙ্গম, প্রতিপদ, মৃত্যুঞ্জয়, মেদিনী চৌধুৰীৰ বিপন্ন সময়, দেবেন্দ্রনাথ আচাৰ্যৰ অন্য যুগ অন্য পুৰুষ, ত্ৰৈলোক্য ভট্টাচাৰ্যৰ সাঁচি পাতৰ পুথি, তিলোত্তমা মিশ্ৰৰ স্বৰ্ণলতা আদিয়েই প্ৰধান বুলিব পাৰি । উপন্যাসকেইখনত ৰাজনৈতিক আদর্শ ফুটাই তোলাত লেখকসকলে সফলতা অৰ্জন কৰিছে।
(ঘ) আদর্শ নিৰপেক্ষ মানৱিকতাবাদী উপন্যাস : যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাস সাহিত্যৰ আন এটি শক্তিশালী ধাৰা হৈছে আদৰ্শ নিৰপেক্ষ মানৱিকতাবাদী উপন্যাস। এই ধাৰাটোৰ সফল ঔপন্যাসিক হ’ল— চৈয়দ আব্দুল মালিক, যোগেশ দাস, হোমেন বৰগোহাঞি, চন্দ্ৰ প্ৰসাদ শইকীয়া, ৰোহিনী কাকতি, নিৰোদ চৌধুৰী, লক্ষ্মীনন্দন বৰা মহিম বৰা, মামণি ৰয়ছম গোস্বামী, শীলভদ্র, ভবেন্দ্র নাথ শইকীয়া আদি মালিকৰ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ মাজেদি মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ স্বতন্ত্ৰতা আৰু স্বৈৰাচাৰৰ বিলাসৰ মাজত নিঃসংগতা ছবি ফুটি উঠিছে। হোমেন বৰগোহাঞি উপন্যাসত আধুনিক জীৱনৰ পংকিলতাৰ মাজতো মানৱীয়তাৰ অন্বেষণ, চন্দ্ৰপ্ৰসাদ শইকীয়াৰ উপন্যাসত ৰোমাণ্টিক আদর্শবাদ, লক্ষ্মীনন্দন বৰাৰ উপন্যাসত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত জীৱনৰ মাজেদি আধুনিক নগৰ জীৱনৰ দৃষ্টিভংগী ফুটি উঠা দেখা যায়। সেইদৰে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসতো মানুহৰ প্ৰতি গভীৰ প্ৰেমৰ চিত্র ফুটি উঠা দেখা যায়।
(ঙ) মনোবিশ্লষেণবাদী উপন্যাস : ব্যক্তিবাদী দৰ্শনৰ চৰম বিকাশৰ অৱস্থাত ঔপন্যাসিক অর্ন্তমুখী হৈ বাহিৰৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰে আৰু সামাজিক বাস্তৱতাৰ স্তৰৰ পৰা মনোবৈজ্ঞানিক স্তৰলৈ প্ৰবেশ কৰে। ঔপন্যাসিকে ব্যক্তিৰ মানসিক বিক্ষিপ্তৰ কাৰণ সমাজত নিবিচাৰি মনৰ গহনত অনুসন্ধান কৰে। এনে দৃষ্টিভংগীৰেই আৰম্ভ হ’ল মনোবিশ্লেষণবাদী উপন্যাসৰ যুদ্ধোত্তৰ যুগত এনে উপন্যাসৰ বিকাশ ঘটা পৰিলক্ষিত হয়। কুমাৰ কিশোৰ আৰু পদ্ম বৰকটকীৰ দুই এখন উপন্যাসত মানসিক বিক্ষিপ্তৰ অভিব্যক্তিৰ ৰূপায়ন ঘটিছে। ফ্ৰয়েডৰ মনঃ সমীক্ষণ আৰু যৌন ব্যাখ্যাই আধুনিক যুগৰ ঔপন্যাসিক সকলক অতিশয় প্ৰভাৱান্বিত কৰিছে। এনেদৰেই মার্ক্সীয় দৰ্শনৰ প্রভাৱেও উপন্যাসৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী আদিৰ উপন্যাসত এনে দৃষ্টিভংগীৰ পৰিলক্ষিত হয়।
(চ) নাৰীবাদী চিন্তাৰ উপন্যাস : সপ্তদশ, অষ্টাদশ শতিকাত ইউৰোপত উন্মেষিত হোৱা নাৰীবাদী চিন্তাই বিভিন্ন স্তৰৰ মাজেদি বিকাশিত হৈ আহি বর্তমানে সমগ্ৰ বিশ্বত এক আলোড়নৰ সৃষ্টি কৰিছে। অসমীয়া উপন্যাসতো নাৰীবাদী চিন্তাৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটা দেখা যায়। ঊনবিংশ শতিকাৰ শেষছোৱা আৰু বিংশ শতিকাৰ প্ৰথমছোৱাত অসমীয়া উপন্যাসত নাৰী চিন্তাৰ প্রতিফলন দেখা যায়। যুদ্ধোত্তৰ যুগত এই ধাৰাৰ উপন্যাসে বিস্তাৰ লাভ কৰে। এনে উপন্যাসৰ ভিতৰত ৰাস্না বৰুৱাৰ সেউজী পাতৰ কাহিনী, ৰাধিকা মোহন গোস্বামীৰ চাকনৈয়া, চিত্ৰলতা ফুকনৰ অশ্ৰুকন্যা, মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ, ঈশ্বৰী, জখমী যাত্ৰী আৰু অন্যান্য, দঁতাল হাতীৰ উয়ে খোৱা হাওদা, নিৰুপমা বৰগোহাঞিৰ ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, অৰূপা পতঙ্গীয়া কলিতাৰ অয়নান্ত আদিয়েই প্রধান।
(ছ) শিশু উপন্যাস : যুদ্ধোত্তৰ যুগত অসমীয়া শিশু উপন্যাসে বিকাশ আৰু বিস্তাৰ লাভ কৰে। এইক্ষেত্ৰত নৱকান্ত বৰুৱাৰ অৱদান উল্লেখযোগ্য। তেওঁৰ শিয়ালী পালেগৈ ৰতনপুৰ, আখৰৰ জখলা আদিয়ে অসমীয়া শিউ সাহিত্যত নতুন জোঁৱাৰ আনিলে৷ ইয়াৰ উপৰিও প্ৰেমনাৰায়ণ দত্তৰ পোহৰৰ বাটত, চৈয়দ আব্দুল মালিকৰ এখন সোণালী দুৱাৰ, শশী শৰ্মাৰ মোৰ দেশ মানুহৰ দেশ, নীলিমা দত্তৰ মই আৰু আমি, মহীম বৰাৰ এধানি মাহীৰ হাঁহি, অৰূপা পতঙ্গীয়া কলিতাৰ কাঁইটত কেতেকী আদি উল্লেখযোগ্য উপন্যাস।
(জ) অনুবাদ উপন্যাসৰ ধাৰা : অসমীয়া উপন্যাস সাহিত্যয়ো আন আন সাহিত্যৰ দৰে অনুবাদৰ জৰিয়তে সমৃদ্ধিলাভ কৰিছে। জোনাকী আৰু আৱাহন যুগত এনে উপন্যাসে আৰম্ভ আৰু বিকাশ লাভ কৰে যদিও যুদ্ধোত্তৰ যুগতহে ইয়াৰ বিস্তাৰ লাভ ঘটে। এনে উপন্যাসৰ ভিতৰত পালবাৰ্কৰ গুড আৰ্থৰ অনুবাদ সুপ্রভা গোস্বামীৰ মাটিৰ মানুহ, বীৰেন বৰকটকীৰ কুমাৰী পৃথিৱী (ভাৰজিন চইল) যতীন্দ্র নাথ গোস্বামীৰ বুঢ়া আৰু সাগৰ (ওল্ডমেন এণ্ড দ্য ছি) আদি উল্লেখযোগ্য। এনেদৰে যুদ্ধোত্তৰ যুগত অসমীয়া উপন্যাসে বিভিন্ন ধাৰাৰ মাজেদি বিকাশ আৰু বিস্তাৰ লাভ কৰে।
৪। চুটিগল্প আৰু উপন্যাসৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যৰ বিষয়ে আলোচনা কৰা?
উত্তৰঃ উপন্যাস আৰু চুটিগল্প সাহিত্যৰ এই দুয়োটা ৰূপ আধুনিক কালৰ সৃষ্টি। দুয়োবিধ সাহিত্যবে উদ্ভৱ একে উৎসৰপৰা হৈছে বুলি ক’ব পাৰি। সেই উৎসসমূহ হৈছে দলিলসদৃশ বাস্তৱ ৰচনাসমূহ যেনে— চিঠিপত্র, সাময়িক পত্র-পত্রিকা, স্মৃতিকথা বা জীৱনী, বুৰঞ্জী বা ইতিহাসৰ পৰা। এই দুয়োবিধ সাহিত্য বাস্তৱানুগ বিৱৰণমূলক ৰচনাৰপৰা সৃষ্টি হৈছে। বাস্তৱক প্ৰতিচিত্রিত এই দুয়োবিধ সাহিত্যৰ লক্ষ্য।
উপন্যাস আৰু চুটিগল্প দুয়োবিধ সাহিত্য মাধ্যমৰ সাদৃশ্য আৰু বৈসাদৃশ্য মন কৰিবলগীয়া। প্ৰতিবিধৰে ৰচনাৰীতি আৰু বিষয়বস্তুৰ বৈশিষ্টখিনি জানিলে সাদৃশ্য আৰু বৈসাদৃশ্যখিনি আপোনা আপুনি স্পষ্ট হৈ পৰে। প্ৰথম কথা দুয়োবিধৰ উপাদানসমূহ একেই। কাহিনী, আখ্যানৰ গাঁথনি, চৰিত্ৰ, স্থান-কাল আৰু লেখকৰ জীৱন সম্পর্কে দৃষ্টিভঙ্গী দুয়োবিধ সাহিত্যতে আছে।
উপন্যাসৰ কাহিনীত পৰিসৰ সাধাৰণতে বহল। ইয়াত জীৱনক বহল ভিত্তিত চিত্ৰিত কৰিবলৈ চেষ্টা কৰা হয়। টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’ উপন্যাসত নেপোলিয়নৰ ৰুছ দেশ আক্ৰমণৰ কথাৰে ৰুছদেশৰ জাতীয় মনীষাৰ এক মহাকাব্যোপম চিত্র অংকণ কৰা হৈছে। এনেকুৱা দীর্ঘাৱয়বৰ উপন্যাসত এটা জাতিৰ দীৰ্ঘদিনৰ উত্থান-পতন, জয়-পৰাজয় আৰু অন্যান্য আশা-আকাংক্ষাৰ চিত্র-বিচিত্ৰ ৰূপ ফুটাই তোলা হয়। কেৱল সিমানেই নহয় কোনো এক বিশেষ সময়ৰ পটভূমিত মানুহৰ চিৰন্তন ভাব-অনুভূতি, প্রেম-প্রণয়, ব্যর্থতা, হিংসা-অহিংসা আদি কথাবোৰকো লেখকে নিজৰ দৃষ্টিভঙ্গীৰে আৰু চিন্তাৰে চালিজাৰি চায় এইদৰেই এনে উপন্যাস জীৱন চৰ্যাৰ এক মনোৰম ৰূপছবি হৈ পৰে।
চুটি গল্পত এনে সুবিধা নাই। তাত কাহিনী এটাৰ যিটো চূড়ান্ত ৰূপ সেইটোকহে মাথোন মূৰ্ত কৰি তোলা হয়। অৱশ্যে সার্থক চুটিগল্পত কাহিনীৰ এনে চূড়ান্ত ৰূপটিও এনেকুৱা যে তাত তেনেই কম পৰিসৰতে হ’লেও জীৱনৰ মহৎ সত্য একোটাই লেখকৰ সৃষ্টিশীলতাৰ মাজেৰে দিব্য ৰূপত প্ৰকাশ লাভ কৰি পাঠকৰ মনোজগত চিৰনতুন ভাবচিন্তাবে উজ্জ্বল কৰি তোলে।
কাহিনীৰ গাঁথনি বা প্লট ষ্ট্ৰাকচাৰৰ ফালৰপৰাও উপন্যাস অত্যন্ত ব্যাপক। এটা প্রধান কাহিনীৰ লগতে অন্যান্য অনেক সৰুসুৰা বা প্ৰধান কাহিনীৰ সমপৰ্যায়ৰ কাহিনী উপন্যাসত সংযোগ কৰা হয়। এইদৰে একাধিক কাহিনী বা এটা প্ৰধান কাহিনীৰ লগত অসংখ্য সৰুসুৰা কাহিনী সংযোগ কৰি উপন্যাসৰ কাহিনীৰ যি গাঁথনি সেয়া মহাকাব্যৰ দৰেই বিশাল আৰু ব্যাপক। সেই কাৰণেই আধুনিক উপন্যাসক প্রাচীন কালৰ মহাকাব্যৰ দৰেই বিশাল আৰু ব্যাপক। সেই কাৰণেই আধুনিক উপন্যাসক প্রাচীন কালৰ মহাকাব্যৰ উত্তৰাধিকাৰী বুলি কোৱা হয়। মানৱ জীৱনৰ যি বিশালতা বা যি বৈচিত্র্যতাক ফুটাই তোলাই ঔপন্যাসিকৰ লক্ষ্য।
উদাহৰণস্বৰূপে অসমীয়া উপন্যাস ‘মৃত্যুঞ্জয়’ৰ কথাকে ল’ব পাৰি। ইয়াত ৰেল বগৰোৱা ঘটনাটোক উপলক্ষ্য কৰি আধুনিক যুগৰ মানুহৰ মুক্তি আন্দোলন, মহাভাৰতত থকা মানুহৰ কর্তব্য পালনৰ আদর্শ, বুদ্ধদেৱ আৰু মহাত্মা গান্ধীৰ অহিংসা, শংকৰদেৱৰ ‘কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম’ আদি সকলোকে সামৰি সেইসময়ৰ অসমৰ সামাজিক জীৱনৰ আৰু অসমীয়া মানুহৰ সামাজিক চেতনাৰ এখনি ছবি আঁকা হৈছে।
চুটিগল্পৰ কথা হৈছে লক্ষ্যৰ একমুখিতা। চৰিত্ৰ চিত্রণেই হওক বা কাহিনীৰ গাঁথনিয়েই হওক সেইবিলাকৰ মাজেদি চুটিগল্প লেখকে মানৱ চৰিত্ৰৰ কোনোবা এটা বিশেষ দিশত মাথোন পোহৰ পেলাব পাৰে। ইয়াত বহুমুখিতা আৰু বিশালতাৰ স্থান নাই।
আমাৰ দৈনন্দিন জীৱনৰ সৰহখিনি সময়েই গতানুগতিক খোৱা পিন্ধা, নিজৰ দৈনন্দিন কাম-কাজ পৰিচালনা কৰা আদিৰ মাজেৰে পাৰ হয়। এনে গতানুগতিকতা কৰাত কোনো ধৰণৰ বিশেষ বৈচিত্র্য নাথাকে। কিন্তু তেনে গতানুগতিকতাৰ মাজতো কেতিয়াবা এনে একোটা সৰু ঘটনা ঘটে, যিটো ঘটনাই সেই মানুহজনৰ মনৰ জগতত এক নতুন পোহৰৰ জিলিকনি পেলায়। চুটিগল্প লেখকে তেওঁৰ সূক্ষ্মদৃষ্টিৰে মানুহৰ জীৱনৰ সেই সৰু সৰু ঘটনা বা মুহূৰ্তত চকু ফুৰাব পাৰিব লাগিব আৰু গল্পত একান্ত একনিষ্টভাৱে সেই মুহূর্তক বা ঘটনাক ধৰি ৰাখিব পাৰিব লাগিব। পাঠকে তেনে চুটি গল্প পঢ়ি বিন্দুতে সিন্ধু দৰ্শনৰ দৰে অভিজ্ঞতা লাভ কৰিব পাৰে।
উপন্যাসত কিন্তু বিশালতা আৰু বহুমুখিতাই মূল কথা। কোনো এটা ঘটনাই মানুহৰ মনত কেনেকৈ চিত্র-বিচিত্র ভাব-অনুভূতি সৃষ্টি কৰিব পাৰে সেইখিনি যিমানপৰা যায় বহলাই বৰ্ণনা কৰিবপৰাতেই উপন্যাসৰ সার্থকতা ফুটি উঠে। একোটা মূল কাহিনীৰ লগত বহু উপ কাহিনীৰো সংযোগ ঘটোৱা হয়। মূল কাহিনী আৰু উপ-কাহিনীৰ বাহিৰেও উপন্যাসত বহুবোৰ সৰু সৰু ঘটনাৰো সংযোগ ঘটোৱা হয়। মুঠতে উপন্যাসত এক বহল আৰু বিশাল পটভূমিত মানুহৰ জীৱন আৰু সমাজক ফুটাই তুলিবলৈ চেষ্টা কৰা হয়। মানুহৰ জীৱনৰ বিচিত্ৰ বৈভৱক কিমান বিচিত্ৰ ৰূপত ফুটাই তুলিব পাৰি। ঔপন্যাসিকে তাৰেই চেষ্টা কৰে উপন্যাসত। সেই কাৰণে বাস্তৱ জীৱনত মানুহৰ জীৱনৰ সম্ভাৱনীয়তা বা বিচিত্ৰভাৱৰ যেনেকৈ আদি অন্ত নাই, নৱৰূপৰ এনে ছবি ফুটাই তোলা হয় কাৰণেই উপন্যাসত চিত্ৰিত জীৱন চিত্ৰৰ কাৰণে মানুহৰ হাবিয়াসৰো অন্ত নাই ।
চৰিত্ৰ চিত্ৰণৰ বেলিকাও ঔপন্যাসিকৰ কাৰণে উপন্যাসৰ ক্ষেত্ৰখন সদায় আহল-বহল। বাস্তৱ জীৱনত সৰু কালৰপৰা বা কৈশোৰৰপৰা বৃদ্ধ বয়সলৈকে এজন মানুহৰ জীৱন, ব্যৱহাৰ, চিন্তা-চৰ্চা বা কর্ম একেদৰেই কেতিয়াও নাযায়। কথা এযাবেই আছে যে সন্যাসীৰো অতীত থাকে আৰু পাপীৰো ভৱিষ্যত থাকে, অর্থাৎ মানুহৰ জীৱনত পৰিৱৰ্তন আছেই। চৰিত্ৰৰ এই বিকাশ বা পৰিবৰ্তনৰ কথা প্রকাশ কৰাৰ সুবিধা উপন্যাসত যেনেকৈ আছে চুটিগল্পত নাই। চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত উপন্যাসত থকা এই সুবিধাৰ কাৰণেই উপন্যাস আধুনিক যুগত সাহিত্যৰ মহত্ত্বম মাধ্যম হ’ব পাৰিছে। ডষ্টয়েভস্কিৰ ‘ব্ৰাডাৰচ কাৰামভজ’ উপন্যাসত বাছকন নিকভৰ চৰিত্ৰৰ যি বিশালতা আৰু মহত্ত্ব সেয়া উপন্যাসৰ মাধ্যমৰ মাজেদিহে প্ৰকাশ কৰা সম্ভৱ।
স্থান, কাল বা পৰিবেশ সৃষ্টিৰ বেলিকাও উপন্যাসৰ ক্ষেত্ৰখন সদায় বহল। ইয়াত একোটা জাতিৰ কেইবাশ বছৰৰ উত্থান পতনৰ কাহিনীও কেতিয়াবা কোৱা হয়। একেদৰেই এজন মানুহৰ জীৱনত কৈশোৰৰপৰা বৃদ্ধ বয়সলৈকে ঘটা বিভিন্ন ধৰণৰ ঘটনাও উপন্যাসত বৰ্ণনা কৰা হয়। কিন্তু চুটিগল্পত সেই সুবিধা নাই।
উপন্যাসত লেখকৰ জীৱন সম্পৰ্কে দৃষ্টিভঙ্গী ফুটাই তোলা যেনেদৰে সহজ চুটিগল্পত সিমান সহজ নহয়। অৱশ্যে বহুতো উপন্যাস আৰু চুটিগল্পত লেখকৰ তেনে দৃষ্টিভঙ্গী ফুটি উঠে বুলিয়েই ক’ব নোৱাৰি, কেৱল বিনোদনৰ কাৰণে লিখা চুটিগল্প বা উপন্যাসত তেনে দৃষ্টিভঙ্গী ফুটি উঠাৰ কথাই নাহে। তথাপি এই কথা ক’বই লাগিব— লেখকৰ জীৱন দৰ্শন উপন্যাসত যেনেকৈ ফুটি উঠে চুটিগল্পত সেইদৰে ফুটি উঠা দেখা নাযায়।
৫। অসমীয়া উপন্যাসৰ পটভূমি সম্পৰ্কে তোমাৰ অভিমত বিৱৰি লিখা?
উত্তৰঃ ‘উপন্যাস’ পাশ্চাত্য সাহিত্যৰ সৃষ্টি। ইংৰাজীৰ Novel শব্দটোৰ পাৰিভাষিকৰূপে অসমীয়াত ‘উপন্যাস’ শব্দটোৰ গ্ৰহণ কৰা হৈছে। এই Novel শব্দটোৰ আহিছে ইটালীয় Novella শব্দৰ পৰা। Novella শব্দৰ অৰ্থ হ’ল— চুটি কাহিনী। “ইংলেণ্ডৰ ওঠৰ শতিকাৰ লেখক ডেনিয়েল ডিফোৰ (খ্রীঃ ১৬৫৯-১৭৩১) ৰচনাকে প্রথম উপন্যাসৰ বুলি ধৰা হয়। সেইবাবে ইংৰাজী সাহিত্যত তেওঁক উপন্যাসৰ জন্মদাতা বুলি কয়। তেওঁৰ ৰচিত ‘ৰবিন্সন ক্রুছ’ আৰু ‘মল’ ফ্রেণ্ডাৰ্চ’ এই ক্ষেত্ৰত উল্লেখনীয় চানেকি। ইয়াৰ ৰচনা-ৰীতি আত্মজীৱনীমূলক। দুয়োখন পুথিৰে কাহিনীভাগ কাল্পনিক, কিন্তু ইয়াৰ ঘটনাক্রম এনে সুনিপুণভাৱে বর্ণিত হৈছে যে কল্পনা আৰু বাস্তৱৰ সমন্বয়ে পাঠকক মোহাচ্ছন্ন কৰি ৰাখে।”
ইংলেণ্ডত জন্ম হোৱা উপন্যাস সাহিত্য সমগ্ৰ পৃথিৱী জুৰি বিয়পি পৰে। ইংলেণ্ডৰ আৰ্হিতে পৃথিৱীৰ আন আন দেশৰ সাহিত্যিকেও নিজৰ ভাষাত উপন্যাস ৰচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ভাৰতীয় সাহিত্যইও ইংৰাজী সাহিত্যৰ অনুপ্ৰেৰণাতে উপন্যাস ৰচনা কৰে। পাশ্চাত্য সাহিত্যৰ যোগেদি অসমীয়া সাহিত্যইও উপন্যাসৰ সোৱাদ লাভ কৰে। খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ অহা মিছনেৰীসকলেই প্ৰথম অসমীয়া ভাষাত প্ৰকাশ কৰা ‘অৰুণোদই’ কাকততে উপন্যাস ৰচনাৰ বাট মুকলি কৰি দিয়ে। প্রতিমা ঠাকুৰীয়াৰ মতে ‘অৰুণোদই’ আলোচনীখনেই হ’ল—“অসমৰ পৰিধিত প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাবধাৰাৰ যোগসূত্র, প্রাচীন আৰু আধুনিক দৃষ্টিভংগীৰ মিলন ক্ষেত্র। এই কাকতখনি একেধাৰে আলোচনী, বাতৰি কাকত, ধর্মপুথি, সমাজ বিজ্ঞান আৰু যুগ-চেতনাৰ উৎস।
এই অৰুণোদয় যুগেই মূৰ্ত কৰি তুলিলে জীৱস্ত উপন্যাসৰ গুণাগুণ, ঘটনাৰ বৈচিত্ৰা, চৰিত্ৰৰ সমাবেশ, সংলাপৰ ব্যঞ্জনা, পৰিবেশ, সংস্থাপন আদি।” অৱশ্যে, “অৰুণোদই’ পাততে অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা আৰম্ভ হ’লেও ইয়াক প্ৰকৃত অৰ্থত উপন্যাস বুলিব নোৱাৰি, এইবোৰ উপন্যাসধৰ্মী ৰচনাহে। নগেন শইকীয়াৰ মতে এই সময়ছোৱাত উপন্যাসৰ লক্ষণযুক্ত, খ্ৰীষ্টধর্ম প্ৰচাৰৰ বাবে অসমীয়া ভাষাত লিখা বা অসমীয়ালৈ অনুবাদ কৰা যিকেইটা কাহিনী প্রকাশিত হৈছিল, সেইকেইটিক যথার্থতে উপন্যাস বুলিব নোৱাৰি। ‘অৰুণোদই’ পাততে ছোৱা-ছোৱাকৈ প্ৰকাশ হোৱা (১৮৫০-৫১) জন বানিয়ানৰ Pilgrim’s Progress ৰ অনুবাদ “জাত্ৰিকৰ যাত্ৰা’কে প্রথম অসমীয়া উপন্যাসধৰ্মী ৰচনা বুলি কোৱা হয়। এই উপন্যাসখন কলাগত দিশৰ পৰা নহ’লে কাহিনী কখনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো এই উপন্যাসৰ জৰিয়তেই অসমীয়া সাহিত্যত কাহিনী কখনৰ পৰম্পৰাৰ আৰম্ভণি ঘটে। নগেন শইকীয়াৰ মতে ইও (জাৱিকৰ যাত্রা) যথাৰ্থতে উপন্যাসৰ গঢ়ত লিখা ৰূপক আখ্যান মাত্র।
১৮৫৭ চনত গ্ৰন্থ ৰূপত ‘জাত্ৰিকৰ যাত্ৰা’ প্ৰকাশ হোৱাৰ পাছত এ. কে গার্নিৰ কামিনীকান্ত’ (১৮৭৭) প্রকাশ পায়। এই উপন্যাসৰ সমান্তৰালভাৱে আন তিনিখন উপন্যাস ক্রমে গার্নিয়ে অনুবাদ কৰা ‘এলোকেশী বেশ্যাৰ কথা’ (১৮৭৭), ‘কণি বেহেৰুৱাৰ কথা’ (১৮৭৮) আৰু ‘ফুলমণি আৰু কৰুণা (১৮৭৭) প্রকাশিত হয়। ইয়াৰে প্ৰথম দুখন অনুবাদ কৰিছে এ. কে গার্নিয়ে আৰু তৃতীয়খনৰ অনুবাদক এ. কে. গার্নিৰ পত্নী শ্ৰীমতী গার্নি। এই সময়ছোৱাতে মিচেছ মুলেনৰ বঙালী উপন্যাস ‘ফুলমণি ও কৰুণাৰ বিৱৰণ’ৰ শ্ৰীমতী গার্নিয়ে কৰা অসমীয়া অনুবাদ ‘ফুলমণি আৰু কৰুণাৰ কাহিনী’, এ. কে. গাৰ্নিৰ ‘ৰুমৰ কাহিনী’(১৮৮০) ছপা হৈ ওলায়। এই উপন্যাসবোৰৰ কোনোখন উপন্যাসেই প্রকৃত উপন্যাসৰ শ্ৰেণীলৈ উঠিব নোৱাৰিলে। কাহিনী বা আখ্যানৰ অন্তৰালত মিছনেৰীসকলৰ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য নিহিত থকাটোৱেই ইয়াৰ প্ৰধান কাৰণ ।
১৮৭৬ খ্ৰীষ্টাব্দত প্ৰকাশিত হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং চং ভিতৰী কোৱাভাতুৰী’ক নগেন শইকীয়াই ‘উপন্যাসৰ লক্ষণাক্রান্ত ৰচনা? বুলিহে ক’ব খোজে। এই উপন্যাসখনত কাহিনী আৰু চৰিত্ৰৰ বিকাশ ঘটা নাই। তাৰ পৰিৱৰ্তে কিছুমান খণ্ডচিত্ৰৰ জৰিয়তে তীৱ ব্যংগসূচক পৰিৱেশৰ বিৱৰণ দেখিবলৈ পোৱা যায়। সতেন্দ্ৰনাথ শৰ্মাই “বাহিৰে ৰং চং বাহিৰে কোৱাভাতুৰী’ উপন্যাসক ব্যংগৰ দৃষ্টিৰে অংকন কৰা পৰিস্থিতিৰ সমষ্টি বুলিহে ক’ব বিচাৰিছে। একেদৰে পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ (১৮৮৪), কৰুণাভিৰাম বৰুৱাৰ ‘আসাম বন্ধু’ৰ অষ্টম সংখ্যাত প্রকাশিত ‘প্রমীলা’ (১৮৮৫) আদিকো উপন্যাসৰ শাৰীত ৰখা হোৱা নাই। ‘সুধৰ্মাৰ উপন্যাস’ত ‘সজ আৰু অসজ মানুহৰ কাৰ্য ফল’ দেখুৱাবলৈ যত্ন কৰিছে। প্ৰতিমা ঠাকুৰীয়াৰ মতে ‘সুধৰ্মাৰ উপন্যাস’তে অসম ভূমি আৰু অসমীয়াৰ নিজস্বতা প্ৰকট হৈ উঠিছে।’ ‘প্রমীলা’ উপন্যাসত লেখকে ‘আমাৰ প্ৰমীলা আৰু এই প্রমীলা একেজনী মানুহ’ বুলি ক’বলৈ গৈ সচেতনভাবেই ‘উপন্যাস’ শব্দটো ব্যৱহাৰ কৰিছে।
সি যি কি নহওক ‘অৰুণোদই’ যুগ বুলি অভিহিত কৰা এই সময়ছোৱাত অর্থাৎ ১৮৫০ চনৰ পৰা ১৮৮৫ চনলৈকে পঁইত্ৰিছটা বছৰ অসমীয়া উপন্যাসে জন্ম-যন্ত্ৰণাত ছটফটালে। সেয়েহে এই সময়ছোৱাত প্ৰকাশিত আটাইবোৰ ৰচনাই উপন্যাসৰ ধৰ্ম ৰক্ষা কৰি নচলিলেও উপন্যাস ৰচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে । যিহেতু খ্ৰীষ্টীন ধৰ্ম প্ৰচাৰেই মিছনেৰীসকলৰ প্ৰধান উদ্দেশ্য আছিল; সেয়েহে এই উপন্যাসধৰ্মী ৰচনাসমূহৰ জৰিয়েত খ্ৰীষ্টান ধৰ্মৰ বাণী প্ৰচাৰ কৰা দেখা গৈছে। কোনো কোনো উপন্যাসত ‘ন্যায় আৰু অন্যায়’ৰ পক্ষত থিয় দিছে। কাহিনী আৰু চৰিত্ৰৰ যথোপযুক্ত বিকাশ নঘটিলেও উপস্থাপনৰ প্ৰয়াস পৰিলক্ষিত হৈছে। সেয়েহে এই গ্ৰন্থৰাজিক অসমীয়া উপন্যাসৰ প্রাথমিক নিদশন ৰূপে গণ্য কৰিব পাৰি। এনে কাৰণতে অসমীয়া উপন্যাস সাহিত্যৰ পটভূমি অধ্যয়ন কৰিবলৈ যাওঁতে নাথান ব্রাউন, এ. কে. গার্নি, শ্রীমতী গার্নি, পদ্মাৱতী দেৱী ফুকননী, কৰুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি স্মৰণযোগ্য।
বিশুদ্ধ অসমীয়া উপন্যাসৰ যাত্ৰা আৰম্ভ হয় ১৮৯১ চনত। প্রায় সমান্তৰালভাৱে এই সময়ছোৱাতে ‘জোনাকী’ত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পদ্মকুমাৰী’ আৰু ‘বিজুলীত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’ প্রকাশ পায়। এই দুখন উপন্যাসক অসমীয়া উপন্যাসৰ বাটকটীয়া বুলি কোৱা হয় যদিও প্রথম প্রকাশিত আৰু ৰচনাৰীতিলৈ চাই ‘ভানুমতী’ উপন্যাসখনকে অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাস বুলি ধৰা হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে পদ্মনাথ গোহাঞিবৰুৱাৰ ‘লাহৰী’ উপন্যাসখনহে প্ৰথমে গ্ৰন্থকাৰে প্ৰকাশ পাইছিল। ১৮৯২ চনত প্ৰকাশিত ‘লাহৰী’ উপন্যাসৰ পাতনিত পদ্মনাথ গোহাঞিবৰুৱাই লিখিছে— “অসমীয়া উপন্যাস বুলিবলৈ আজিলৈকে এখনো পুথি ওলোৱা নাই।
সেই অভাৱ আৰু দুর্নাম গুচাবৰ মনেৰেই লাহৰী ৰচিবলৈ হাতত লোৱা হয়।” “ভানুমতী’ আৰু ‘লাহৰী’ দুয়োখন উপন্যাসৰ পটভূমি ঐতিহাসিক। কিন্তু কোনোখন উপন্যাসতে ঐতিহাসিক পটভূমিৰ বিকাশ ঘটা দেখা নাযায়। সেয়েহে উপন্যাস দুখনক সতেন্দ্রনাথ শৰ্মাই “ঐতিহাসিক উপন্যাস নুবুলি সামাজিক উপন্যাস বোলাহে সমীচীন হ’ব” বুলি মন্তব্য কৰিছে। ‘পদ্মকুমাৰী উপন্যাসতো ঐতিহাসিক দুন্দিয়াদ্রোহে ঠাই পাইছে। ‘পদ্মকুমাৰীত থকা অপ্রয়োজনীয়, অস্বাভাৱিক, চাঞ্চল্যজনক পৰিণতিয়ে উপন্যাসৰ মূল্য হ্ৰাস কৰি পেলায়। লম্বোদৰ বৰাই ‘বিজুলী’ত পদুম কুঁৱৰী সমালোচনা কৰি ‘উপন্যাস নে আত্মহত্যা’—এই শীর্ষক এটা চোকা প্রবন্ধ প্রকাশ কৰিছিল।” মূলতঃ উল্লিখিত তিনিওখন উপন্যাসতে ঐতিহাসিক ঘটনাৱলীকে তুলি ধৰাৰ চেষ্টা কৰা হৈছে। জাতীয় ঐতিহ্যৰ প্ৰতি থকা তীব্র আকর্ষণেই এই ধৰণৰ উপন্যাস ৰচনা কৰা প্ৰধান অনুপ্ৰেৰণা বুলিব পাৰি। ১৮৯২ চনতে ‘বিজুলী’ত ধাৰাবাহিকভাৱে নীলকণ্ঠ বৰুৱাৰ ‘মেম’ নামৰ উপন্যাসখন প্রকাশিত হয়। এই উপন্যাসত পাশ্চাত্যৰ অনুকৰণত নিজকে সজাবলৈ গৈ নিজস্বতা হেৰুৱাই পেলোৱা এটি চৰিত্ৰক উপস্থাপন কৰি ব্যংগাত্মক পৰিবেশৰ সৃষ্টি কৰিছে।
১৮৯৫ চনত অসমীয়া সামাজিক উপন্যাসৰ শুভাৰম্ভণি ঘটে ৰজনীকান্ত বৰদলৈৰ ৰচিত ‘মিৰিজীয়ৰী’ৰ জৰিয়তে। উপন্যাসখনৰ পটভূমি লক্ষীমপুৰ জিলাৰ সোৱণশিৰিৰ ঘৃণাসুঁতি অঞ্চলৰ মিচিং সমাজ। এই মিচিং সমাজৰে এহাল ডেকা-গাভৰুৰ বাল্যকালৰ মৰম ভালপোৱা যৌৱনকালত প্ৰেম-প্ৰণয়লৈ ৰূপান্তৰিত হৈ শোকাৱহ মৃত্যুক আকোৱালী ল’বলগীয়া পৰিস্থিতিক সাৱলীল ভাৱে বৰ্ণনা কৰা হৈছে। “মিৰিজীয়ৰী’খনেই প্রথম জনজাতিৰ জীৱন আধাৰিত অসমীয়া উপন্যাস। এই উপন্যাস ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস।
বিংশ শতিকাৰ প্ৰথম দশকত ৰজনীকান্ত বৰদলৈৰ উপন্যাস ‘মনোমতী’ প্রকাশ পায়। ‘মনোমতী’ এখন কাল্পনিক বুৰঞ্জীমূলক উপন্যাস হ’লেও ই ঐতিহাসিক পটভূমিত আংশিকভাৱে জনশ্ৰুতিমূলক কাহিনীৰ আধাৰিত। মনোমতীৰ পিছত ৰচনীকান্ত বৰদলৈয়ে ৰচনা কৰা আন উপন্যাসৰাজি হ’ল— ‘ৰঙিলী, ‘ৰহদৈ লিগিৰী’, ‘দন্দুৱাদ্ৰোহ’, ‘তাম্ৰেশ্বৰীৰ মন্দিৰ’, ‘নিৰ্মল ভকত’ আদি এই উপন্যাসসমূহৰ মাজেদি অসম আৰু অসমীয়াৰ জাতিয়তাবোধ, মানৱিক, আধ্যাত্মিক, আৰু নৈতিক প্ৰমূল্যবোধৰ আদৰ্শ প্ৰকাশিত হৈছে। ইতিহাসক আশ্রয় কৰিয়েই বৰদলৈয়ে প্ৰায়বোৰ উপন্যাস ৰচনা কৰিছে।
বিংশ শতিকাত অসমীয়া উপন্যাসৰ ভেটি সুদৃঢ় হয়। বিষয়বস্তুৰ ক্ষেত্ৰত বৈচিত্র্য আহে আৰু বিস্তাৰো লাভ কৰে। নগেন শইকীয়াৰ মতে—
“বিংশ শতিকাৰ প্ৰথমাৰ্ধ হ’ল অসমীয়া উপন্যাসৰ বিকাশ আৰু প্ৰতিষ্ঠাৰ পৰ্ব আৰু দ্বিতীয়ার্ধ হ’ল অসমীয়া উপন্যাসৰ বিচিত্ৰতা আৰু বিস্তাৰ পৰ্ব।”
ৰজনীকান্ত বৰদলৈয়ে কাটি দিয়া বাটেৰে ঐতিহাসিক উপন্যাস ৰচনাত হাত দিয়ে হিতেশ্বৰ বৰুৱা, হৰিনাৰায়ণ দত্তবৰুৱা, দণ্ডিনাথ কলিতা, শৰৎচন্দ্ৰ গোস্বামী, পদ্ম বৰকটকী, ত্ৰৈলোক্য ভট্টাচার্য, নৱকান্ত বৰুৱা, মেদিনী চৌধুৰী, দেবেন্দ্ৰনাথ আচার্য আদিয়ে। এই ধাৰাৰ উপন্যাসৰ ভিতৰত আহোম আৰু কছাৰীৰ পটভূমিত হিতেশ্বৰ বৰবৰুৱাৰ মালিতা, লোডী বংশৰ শেষ ৰজা ইব্রাহিম লোডী আৰু কাবুলৰ মোগল ৰজা বাবৰৰ মাজত হোৱা ইতিহাস প্রসিদ্ধ প্রথম পানীপথৰ যুদ্ধৰ পটভূমিত শৰৎচন্দ্ৰ গোস্বামীৰ পানীপথ, আহোম মোগলৰ সংঘৰ্ষৰ পটভূমিত ৰচিত হৰিনাৰায়ণ দত্তবৰুৱাৰ চিত্ৰদৰ্শন, অসম বুৰঞ্জীৰ আধাৰত ঊনবিংশ শতিকাৰ সংকটপূর্ণ সময় এছোৱাক লৈ ৰচিত ত্রৈলোক্য ভট্টাচাৰ্যৰ সাঁচিপাতৰ পুথি, মানদেশৰ পটভূমিত দ্বিতীয় মহাযুদ্ধ কালৰ ঘটনাক লৈ ৰচিত দেৱেন্দ্ৰনাথ আচার্য জংগম লেখত ল’বলগীয়া। হৰেশ্বৰ শৰ্মা, চিন্তাহৰণ পাটগিৰি, দণ্ডিধৰ সোণোৱাল, কমলেশ্বৰ চলিহা আদিয়ে ঐতিহাসিক উপন্যাসৰ সমান্তৰালভাৱে মানৱ প্ৰেমৰ স্বৰূপ দাঙি ধৰি উপন্যাস ৰচনা কৰিছে। দণ্ডিধৰ সোণোৱালৰ চপলা আৰু কমলেশ্বৰ চলিহাৰ প্ৰিয়া— ইয়াৰ সাৰ্থক উদাহৰণ।
বিংশ শতিকাত অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতিত দৈৱচন্দ্ৰ তালুকদাৰ আৰু দণ্ডিনাথ কলিতাই বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়। দৈৱচন্দ্ৰ তালুকদাৰৰ অপূৰ্ণ, ধুঁৱলী-কুঁৱলী, আগ্নেয়গিৰি, আদর্শপাঠ আৰু দণ্ডিনাথ কলিতাৰ সাধনা, আৱিষ্কাৰ আদি উপন্যাসত সমাজ সংস্কাৰৰ দৃষ্টিভংগী প্ৰকট হৈ উঠিছে। হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা সামাজিক সংস্কাৰৰ আদর্শকে এই দুজন ঔপন্যাসিকে উপন্যাসৰ মাজেৰে বিকাশ কৰিলে বুলিব পাৰি। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে পিতৃভিঠা উপন্যাসেৰে এই ধাৰাতোক অধিক শক্তিশালী কৰিলে।
বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা স্বাধীনতাৰ আগলৈকে ঐতিহাসিক আৰু বুৰঞ্জীক আশ্ৰয় কৰিও উপন্যাস ৰচনা কৰা পৰিলক্ষিত হয়। মানৱ প্ৰেমৰ স্বৰূপ ব্যাখ্যাৰে, সমাজ সংস্কাৰৰ দৃষ্টিভংগীৰ প্ৰয়োভৰ বিংশ শতিকাৰ অসমীয়া উপন্যাসত দেখা গ’ল। ১৮৯০ চনৰ পৰা ১৯৩৭ চনলৈকে প্ৰতিখন উপন্যাসেই অসমীয়া সাহিত্যত নিজস্ব আসন দখল কৰি থাকিব।
১৯৪৫ চনত বীণা বৰুৱাৰ ছদ্মনামত বিৰিঞ্চ কুমাৰ বৰুৱাৰ জীৱনৰ বাটত উপন্যাসখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা হয়। স্বাধীনতাপূৰ্বৰ অসমীয়া গাৱলীয়া জীৱন ছবি জীৱনৰ বাটত উপন্যাসত বিচাৰি পোৱা যায়। অসমীয়া উপন্যাসৰ বাস্তৱবাদী ধাৰাটোক প্ৰতিনিধিত্ব কৰা জীৱনৰ বাটত উপন্যাসখনক অসমীয়া উপন্যাসৰ একেবাৰে প্ৰথম শাৰীত স্থান দিয়া হয়। বিৰিঞ্চ কুমাৰ বৰুৱাই ৰাস্না বৰুৱা ছদ্মনামত লিখা সেউজী পাতৰ কাহিনী উপন্যাসত চাহ-জনগোষ্ঠীয় জীৱনক প্ৰতিফলিত কৰিছে।
ভাৰতে স্বাধীনতা লাভ কৰা পাছত ভাৰতীয় সমাজ-সংস্কৃতিৰ লগতে অসমীয়া সমাজখনলৈও পৰিৱৰ্তন আহিল। স্বাধীনতাৰ পাছত অসমীয়া সমাজ-সাহিত্য-সংস্কৃতি-ৰাজনীতি-অর্থনীতিকৈ পৰিৱেশ সলনি হ’ল। অসমীয়া সাহিত্যই ন ন ৰূপৰ সাজ পিন্ধিলে। পৰম্পৰাৰ ঠাই আধুনিকতাই অধিকাৰ কৰিলে। শিক্ষাৰ আমূল পৰিৱৰ্তন ঘটিল। গাৱে ভূঞে বিদ্যালয়, মহাবিদ্যালয় প্রতিষ্ঠা হোৱাৰ লগে লগে জ্ঞানৰ আলোকত অসমীয়া মানুহৰ মন-মগজু ন-দিগন্তই প্ৰসাৰিত হৈ পৰিল । চাকৰিয়াল মানুহৰ সংখ্যা বাঢ়িল। অসমীয়া মানুহৰ নগৰমুখী মানসিকতা বাঢ়িল । অসমীয়া সমাজখনকো পৰিৱৰ্তনৰ ঢৌৱে কোৱাই গ’ল।
এনে প্রেক্ষাপটতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ১৯৫১ চনত ৰামধেনু আলোচনীৰে অসমীয়া সাহিত্যক গতি দিয়া দায়িত্ব মূৰ পাতি ল’লে। ৰামধেনু আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যৰ বিষয়বস্তু আৰু আংগিকৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিলে। এই আলোচনীক কেন্দ্র কৰিয়েই অসমীয়া সাহিত্যত চিন্তাশীল আৰু প্ৰথিতযশা এচাম লেখকৰ জন্ম হ’ল। যি সকলে একবিংশ শতিকা পর্যন্ত অসমীয়া সাহিত্যক সমৃদ্ধ কৰি আছে।
এইখিনিতে বিংশ শতিকাৰ অসমীয়া উপন্যাসৰ বিষয়বস্তুক নগেন শইকীয়াই কৰা শ্ৰেণী বিভাজনটো প্ৰণিধানযোগ্য। নগেন শইকীয়াই লিখিছে―
“এই সময়ছোৱাত প্ৰকাশিত উপন্যাসসমূহক আলোচনাৰ সুবিধাৰ বাবে বিভিন্ন ভাগত ভগাই ল’ব পাৰি। ভাগসমূহ এনেধৰণৰ হ’ব।
(১) ঐতিহাসিক উপন্যাস।
(২) জীৱনীমূলক উপন্যাস।
(৩) বিশিষ্ট সামাজিক জীৱনীভিত্তিক উপন্যাস।
(৪) ৰাজনৈতিক আদর্শভিত্তিক উপন্যাস।
(৫) প্রাচীন ইতিহাস আৰু প্ৰাচীন চৰিত্রভিত্তিক উপন্যাস।
(৬) আদৰ্শ নিৰপেক্ষ মানৱিকবাদী উপন্যাস।
(৭) মনোদ্বন্দ্বমূলক উপন্যাস।
(৮) অসমৰ বাহিৰৰ পটভূমিৰ উপন্যাস।
(৯) নাৰীবাদী চিন্তাৰ উপন্যাস।
(১০) সাধাৰণ প্ৰেমৰ উপন্যাস।
(১১) নতুন কথনশৈলীৰ উপন্যাস।
অসমীয়া উপন্যাসৰ গতিধাৰাত বিৰিঞ্চি কুমাৰ বৰুৱাৰ পাছতে প্রফুল্লদত্ত গোস্বামীৰ স্থান। অসমীয়া উপন্যাসত আধুনিকতাৰ বাৰ্তা কঢ়িয়াই আনে প্রফুল্ল দত্ত গোস্বামীয়ে কেঁচা পাতৰ কঁপনিৰ জৰিয়তে । তেখেতৰ শেষ ক’ত? আন এখন উল্লেখযোগ্য উপন্যাস। এই সময়ৰ উল্লেখযোগ্য ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ সুৰুযমুখীৰ স্বপ্ন, হিতেশ ডেকাৰ আজিৰ মানুহ, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয়, ইয়াৰুইংগম আৰু যোগেশ দাসৰ ডাৱৰ আৰু নাই উপন্যাসত গভীৰ জীৱনবোধ, মানবতাবোধৰ পৰিচয় জিলিকি আছে।
স্বাধীনোত্তৰ কালৰ ঔপন্যাসিকসকল ক্রমে— কিশোৰ কুমাৰ, মহমদ পিয়াৰ, নৱকান্ত বৰুৱা, দেবেন্দ্রনাথ আচাৰ্য, লক্ষ্মীনন্দন বৰা, ভবেন্দ্ৰনাথ শইকীয়া, লীলা গগৈ, উমাকান্ত শৰ্মা, মেদিনী চৌধুৰী, পদ্ম বৰকটকী, মহিম বৰা, বীৰেশ্বৰ বৰবা, অজিৎ বৰুৱা, চন্দ্ৰপ্ৰসাদ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, নিৰোদ চৌধুৰী, কাঞ্চন বৰুৱা, হোমেন বৰগোহাঞি, ইমৰান শ্বহ, লুম্মে দাই, ৰংবং তেৰাং, শীলভদ্ৰ, অৰুণ শৰ্মা, অতুলানন্দ গোস্বামী, ত্রৈলোক্য ভট্টাচাৰ্য, নবীন বৰুৱা, কামাখ্যা সভাপণ্ডিত, যতীন মিথুন আদি। মহিলা ঔপন্যাসিকসকলৰ ভিতৰত নিৰুপমা বৰগোহাঞি, প্ৰবীণা শইকীয়া, মামণি ৰয়ছম গোস্বামী, তিলোত্তমা মিশ্র, নীলিমা দত্ত, স্বৰ্ণ বৰা, চিত্ৰলতা ফুকন, নিৰ্মলপ্ৰভা বৰদলৈ আদি উল্লেখযোগ্য।
অসমীয়া উপন্যাসক গতিশীলতা প্ৰদান কৰা ঔপন্যাসিকসকলৰ অন্যতম নৱকান্ত বৰুৱাই গভীৰ ঐতিহ্য চেতনাৰ পৰিচয় দিছে ককাদেউতাৰ হাড় আৰু গড়মা কুঁৱৰাত। একেদৰে দেবেন্দ্ৰনাথ আচার্যই কালপুৰুষ উপন্যাস ৰচনা কৰি এই সময়ছোৱাতে আন এক পৰিচয় দিয়ে। জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱন ভিত্তিত ৰূপতীৰ্থৰ যাত্ৰী উপন্যাস ৰচনা কৰি চৈয়দ আব্দুল মালিকে জীৱনীমূলক উপন্যাসৰ ধাৰাটো ষাঠি দশকতে আৰম্ভ কৰে।
পৰৱৰ্তী সময়ত মালিকেই শংকৰদেৱেৰ জীৱন আৰু দৰ্শনৰ আধাৰত ধন্য নৰ তনু ভাল, মাধৱদেৱৰ জীৱনৰ আধাৰত মেদিনী চৌধুৰীয়ে বণ্ডুকা বেহাৰ, বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন ভিত্তিত ফেৰেংগাদাও, জ্যোতিপ্ৰসাদৰ জীৱনক কেন্দ্ৰ কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই তোৰে মোৰে আলোকৰে যাত্ৰা, লক্ষ্মীনন্দন বৰাই সেহি গুণনিধি, যাকেৰি নাহিকে উপাম আদি উপন্যাসেৰে এই ধাৰাটোক শক্তিশালী কৰি তোলে। জীৱনীমূলক উপন্যাস ৰচনাৰ পৰম্পৰা একবিংশ শতিকা পর্যন্ত বিস্তাৰিত হৈ আছে। উপন্যাসৰ মাজেৰে সমাজ সাহিত্য-সংস্কৃতিৰ বৰেণ্য ব্যক্তিৰ জীৱন দৰ্শনক নতুন প্ৰজন্মৰ আগত তুলি ধৰাতো নিশ্চয় প্ৰশংসনীয় পদক্ষেপ। একবিংশ শতিকাৰ প্ৰথম দশকতে অনুৰাধা শৰ্মা পূজাৰীয়ে ইন্দিৰা মিৰিৰ জীৱনক কেন্দ্ৰ কৰি মেৰেং উপন্যাস ৰচনা কৰে। লক্ষ্মীনন্দন বৰাই গোপাল আতাৰ জীৱনক লৈ সেহি সব্যসাচী উপন্যাস ৰচনা কৰাতো গুৰুত্বপূৰ্ণ দিশ।
বাস্তৱ সামাজিক দৃষ্টিভংগীয়ে হোমেন বৰগোহাঞিয়ে উপন্যাস ৰচনা কৰি অসমীয়া পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰে এই সময়ছোৱাতে। অভাৱ-অনাটন-দাৰিদ্র-অনাহাৰে ভৰা এচাম মানুহৰ দুৰ্দশাগ্ৰস্ত জীৱনক লৈ হোমেন বৰগোহাঞিয়ে সুবালা, মৎসগন্ধা, পিতা-পুত্ৰ, অস্তৰাগ, হালধীয়া চৰায়ে বাওধান খায় আদি উপন্যাস ৰচনা কৰে। এই উপন্যাস লানিৰ কোনোখনে পৰিৱৰ্তিত সমাজৰ স্বাক্ষৰ বহন কৰিছে, কোনোখনে সমাজ-ৰাজনৈতিক দৃষ্টিভংগীৰ পোষকতা কৰিছে। চৰিত্ৰৰ মনোবিশ্লেষণ বৰগোহাঞি উপন্যাসৰাজিৰ অন্যতম বিশেষত্ব। অসমীয়া গ্ৰাম্য জীৱনৰ অন্ধবিশ্বাস, সৰলতা অতি বৈচিত্র্যময় ৰূপত প্ৰকাশি উঠিছে। বৰগোহাঞিয়ে উপন্যাসত সততা, মানৱতা আৰু বাদ-প্রতিবাদৰ মাজেৰে পৰিৱৰ্তনকামী এক ধাৰা বোৱাই আনিছে।
জনজাতীয় জীৱনক কেন্দ্ৰ কৰি উপন্যাস ৰচনা কৰাতো বিংশ শতিকাৰ আন এক গুৰুত্বপূৰ্ণ ঘটনা। ১৮৯৫ চনত ৰজনীকান্ত বৰদলৈয়ে মিচিং জনজাতীয় জীৱনৰ ডেকা-গাভৰু জংকী আৰু পানেই প্রেমগাথাক মিৰিজীয়ৰী উপন্যাসৰ মাজেৰে তুলি ধৰিছিল। মিচিং সমাজখনৰ ছবিও এই উপন্যাসখনৰ মাজেৰে প্ৰকাশিত হৈছে। ৰজনীকান্ত বৰদলৈৰ পাছত এই ধাৰাটোক গতিশীলতা প্ৰদান কৰে—লুম্মে দাই, ৰংবং তেৰাং, য়েছে দৰছে ঠংছি, উমাকান্ত শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, কৈলাস শৰ্মা, জয়ন্ত ৰংপি, ৰীতা চৌধুৰী, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য যতীন মিথুন, স্বর্ণ বৰা, জীৱন নৰহ আদিয়ে।
এইধাৰাৰ উপন্যাসৰ ভিতৰত লুম্মে দাইৰ অৰুণাচলৰ আদি সমাজক কেন্দ্ৰ কৰি ৰচিত পৃথিৱীৰ হাঁহি, পাহাৰৰ শিলে শিলে, কইনাৰ মূল্য, ৰংবং তেৰাঙৰ কাৰ্বি সমাজক কেন্দ্ৰ কৰি ৰচিত ৰংমিলিৰ হাঁহি, জয়ন্ত ৰংপিৰ পুৱাতে এজাক ধনেশ, মিচিং জনজীৱনৰ ভেটিত ৰচিত যতীন মিপুনৰ মিকচিজিলি, জীৱন নৰহৰ চোৱা পীতাম্বৰ শ্যাম বৰণৰ মেঘ উৰে, উমাকান্ত শৰ্মাৰ চাহ জনজীৱনৰ ভেটিত ৰচিত এজাক মানুহ এখন অৰণ্য, বড়ো জনজীৱনক কেন্দ্ৰ কৰি ৰচিত ভাৰণ্ড পক্ষীৰ জাক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ঈয়াৰুংগম আদি উল্লেখযোগ্য। জনজাতীয় জীৱন ভিত্তিক উপন্যাসে অসমৰ বাৰেৰহণীয়া জাতি-জনজাতিৰ সংস্কৃতিৰ লগত পৰিচয় হোৱাত সহায় কৰিছে।
বিংশ শতিকাৰ প্ৰতিভাশালী ঔপন্যাসিকসকলৰ ভিতৰত লক্ষ্মীনন্দন বৰা অন্যতম। গঙাচিলনীৰ পাখি, পাতাল ভৈৰবী, কায়কল্পৰ পৰা শেহতীয়া সেহি সব্যসাচী তেখেতৰ সাৰ্থক সৃষ্টি। বিংশ শতিকাতে পুনৰ নিৰ্মাণ শৈলীৰ আধাৰত ত্ৰৈলোক্য ভট্টাচাৰ্যই উত্তৰাকাণ্ড ৰচনা কৰি উপন্যাসৰ আন এক ধাৰাৰ শুভাৰম্ভণি ঘটায়। এই ধাৰাতে চন্দ্ৰপ্ৰসাদ শইকীয়াই ৰচনা কৰা মহাৰথী অসমীয়া সাহিত্যৰ এখন লেখত ল’বলগীয়া উপন্যাস।
উল্লিখিত ঔপন্যাসিকসকলৰ বাদেও আন আন ঔপন্যাসিকেও বিংশ শতিকাত উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধি কৰাত বৰঙণি আগবঢ়ায়। এই সময়ছোৱাত ঐতিহাসিক, সামাজিক, ৰাজনৈতিক, পৌৰাণিক, কাল্পনিক আদি অনেক বিষয়বস্তুৰ ভেটিত উপন্যাস ৰচনা কৰা দেখা গ’ল। ঔপন্যাসিকসকলে উপন্যাসৰ উপস্থাপন ৰীতি বা কথন ৰীতিত যথেষ্ট পৰীক্ষা-নিৰীক্ষাও কৰা পৰিলক্ষিত হ’ল। এই ঔপন্যাসিকসকলৰ অনুপ্ৰেৰণাতে পৰৱৰ্তী লেখকসকলেও উপন্যাস ৰচনাত মনোনিৱেশ কৰি অসমীয়া সাহিত্যক শক্তিশালী ৰূপত আগবঢ়াই নিলে।
অতি সাম্প্রতিককালৰ ঔপন্যাসিকসকলৰ ভিতৰত পোনতে মনলৈ অহা সকলৰ ভিতৰত পুৰ্ব্বী বৰমুদৈ, অৰূপা পতংগীয়া কলিতা, পোলেন বৰকটকী, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, দিলীপ বৰা, দিলীপ চন্দন, দেৱবত দাস, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচার্য, ধ্রুবজ্যোতি বৰা, মণিকুন্তলা ভট্টাচাৰ্য, জুৰি বৰা বৰগোহাঞি, মনালিছা শইকীয়া আদি উল্লেখযোগ্য। অসমীয়া সমাজ জীৱনত দেখা পোৱা নানান উপসৰ্গবোৰে এইসকল ঔপন্যাসিকৰ উপন্যাসত স্থান পালে। অতি সচেতনভাৱে গভীৰ জীৱনবোধ, মানৱতাবাদী দৃষ্টিভংগীৰে এইসময়ছোৱাৰ ঔপন্যাসিকসকলে উপন্যাস ৰচনা কৰা পৰিলক্ষিত হয়।
ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ অনুৰাধা দেশ উপন্যাসখনে অসমীয়া পঢ়ুৱৈক এক জোকাৰণি তোলে এই সময়ছোৱাতে। এক প্রেমগাথাৰ মাজেৰে মানুহৰ জীৱনৰ জটিল সম্বন্ধ অতি সংবদেশীলন ৰূপত উপস্থাপন কৰিছে দেৱচৌধুৰীয়ে। নাৰী হিচাপে নাৰীৰ, পুৰুষ হিচাপে পুৰুষৰ মনস্তাত্ত্বিক বিশ্লেষণত দেৱচৌধুৰী সিদ্ধহস্ত।
অৰূপা পতংগীয়া কলিতা এইসময়ৰ এগৰাকী প্ৰতিভাশালী লেখিকা। কলিতাৰ অয়নান্ত, ফেলানী আৰু শেহতীয়া উপন্যাস টোকোৰা বাহৰ সোণৰ বেজীলৈকে এই স্বাক্ষৰ বিৰাজমান। প্ৰতিখন উপন্যাসৰ মাজেৰে মানুহৰ আশা-আকাংক্ষা, প্রেম-বিদ্রোহ, হতাশা, নৈৰাজ্য, জীৱনৰ নিৰাপত্তাহীনতাত ভোগা এচাম মানুহৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছে। জীয়া বাস্তৱৰ বৰ্ণিল দলিল অৰূপা পতংগীয়া কলিতাৰ উপন্যাসৰ পটভূমি।
ৰীতা চৌধুৰীৰ উপন্যাসত প্ৰধানত্ব অনুভূত হয় নাৰীৰ মমতা আৰু মহত্ব। অবিৰত যাত্ৰা, মহাজীৱনৰ আধাৰশিলা, তীৰ্থভূমি, ৰাগ মালকোশ, পপীয়া তৰাৰ সাধু আদি উপন্যাসবোৰ ৰীতা চৌধুৰীয়ে সহৃদয়তাৰে মানৱীয় সৰলতাৰ ছবি এখন প্ৰকাশ কৰিছে। ৰীতা চৌধুৰীৰ উপন্যাসৰ অন্যতম বিশেষত্ব হ’ল ভাষাৰ শৈলীৰ দক্ষতা।
দেব্রবত দাসে উপন্যাসৰ মাজত আধুনিক মানুহৰ বিশৃংখল মানসিকতা আৰু চৌদিশে ঘটি থকা অশান্তিকৰ ঘটনাক শিল্পসম্মত ৰূপত দিয়াত দক্ষতা দেখাইছে। চমৎকাৰ বৰ্ণনাশৈলী তথা উপস্থাপন ৰীতিয়ে দাস উপন্যাসক মনোগ্ৰাহী কৰি তোলাত অৰিহণা যোগায়। মৃগয়া নিঠুৰ মৃগয়া, দুৱাৰ ডলিৰ সময়, দূৰলৈ নাযাবা কাবেৰী, খৰিকাজাঁই আদি উপন্যাসত নিজস্ব এক ধাৰা নিৰ্মাণ কৰি অসমীয়া সাহিত্য নিজৰ স্থান নিগাজী কৰিবলৈ সক্ষম হৈছে।
বয়সৰ লেখেৰে অসমীয়া সাহিত্যতই শতিকা গৰকিলে। এইসময়ছোৱাত ভালেমান যুগজয়ী প্রতিভাশালী উপন্যাসও ৰচনা কৰা হ’ল। এই উপন্যাসক বিষয়বস্তু অনুসৰি ঐতিহাসিক, সামাজিক, ৰাজনৈতিক, কাল্পনিক, পৌৰাণিক, মনস্তাত্ত্বিক আদি শ্রেণী বিভাজন কৰা হয়। অসমীয়া উপন্যাসত বিশ্বসাহিত্যৰ চেতনাস্রোত, অস্তিত্ববাদ আদিৰ প্ৰয়োগ ঘটা দেখা গ’ল।
উপন্যাস সাহিত্য এক গতিশীল সাহিত্য। ই কেতিয়াও স্থবিৰ নহয়। ঊনবিংশ শতিকাৰ পৰা একবিংশ শতিকাৰ পৰ্যন্ত অসমীয়া উপন্যাস ৰচনাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ন ন লেখকে অসমীয়া উপন্যাস ৰচনা প্ৰক্ৰিয়াত হাত দিয়াতো অসমীয়া সাহিত্যৰ বাবেই শুভ সংবাদ। বিশ্বসাহিত্যৰ বিভিন্ন তত্ত্ব বা বাদ সমূহ অসমীয়া উপন্যাস সাহিত্যত এই পর্যন্ত সফল প্রয়োগ হোৱা নাই যদিও অনাগত দিনত ইয়াৰ সফল প্ৰয়োগে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিব।
চুটিগল্প
চমু উত্তৰ দিয়া :
১। ৰবীন্দ্ৰনাথে চুটিগল্প সম্পর্কে কি কৈছে?
উত্তৰঃ ৰবীন্দ্ৰনাথে কৈছে—
“নাহি বৰ্ণ নাৱ ছটা ঘটনাৰ ঘন ঘটা
নাহি তত্ব নাহি উপদেশ,
অন্তৰে অতৃপ্ত ববে সাঙ্গ কৰি মনে হবে।
শেষ হৈয়ো হইল না শেষ”
২। এড্গাৰ এলে পোৱে চুটিগল্পৰ সংজ্ঞা কি বুলি দিছে?
উত্তৰঃ এড্গাৰ এলেন পোৱে চুটিগল্পৰ সংজ্ঞা নির্ধাৰণৰ ক্ষেত্ৰত সময়ৰ কথা উল্লেখ কৰি কৈছে— “A short story is a prose narrative requiring from half an hour to one or two hours in its perusal.”
৩। সমালোচক হাডচনে চুটিগল্পৰ সংজ্ঞা কি বুলি দিছে?
উত্তৰঃ সমালোচক হাডচন-এ চুটিগল্প সম্পর্কে সংজ্ঞা দাঙি ধৰিছে এনেদৰে— “Singleness of aim and singleness of effect are, here fore the two great canons by which we have to try the value of short story as a piece of art.”
৪। ব্রাণ্ডে মেথ্যুজে চুটিগল্পৰ সংজ্ঞা কি বুলি দিছে?
উত্তৰঃ ব্ৰাণ্ডেৰ মেথ্যুজে চুটিগল্প সংজ্ঞা সম্পর্কে বিভিন্ন পর্যায়ত আলোচনা কৰিছে। তেখেতৰ কথাৰ সাৰমৰ্ম হ’ল— “উপন্যাসত চিত্রিত হয়, গোটেইটো জীৱন; আৰু, চুটিগল্পত প্ৰতিফলিত হয়, ‘এচকল জীৱন’।
৫। এইচ. জি. ওৱেলছে চুটিগল্পৰ সংজ্ঞা কি বুলি দিছে?
উত্তৰঃ এইচ. জি. ওৱেলছে সময়ৰ পৰিমাণ কমাই দি কৈছে যে চুটিগল্প দহ মিনিটৰ পৰা পঞ্চাশ মিনিটৰ ভিতৰত শেষ হোৱা বাঞ্চনীয়। সময়সূচীৰ ফালৰপৰা এটা কথা ধৰি ল’ব পাৰি যে চুটিগল্প এনে এটা বস্তু, যাক একেটা বৈঠকতে পঢ়ি শেষ কৰিব পাৰি। অৰ্থাৎ চুটিগল্প এবিধ সংক্ষিপ্ত স্বতঃসম্পূর্ণ আর্ট।
৬। চুটিগল্পৰ যিকোনো এটা উপাদানৰ বিষয়ে চমুকৈ লিখা?
উত্তৰ : বিভিন্ন উপাদানেৰে চুটিগল্প সমৃদ্ধিশালী। এনে উপাদানসমূহৰ ভিতৰত ঘটনা, চৰিত্ৰ, নাটকীয়তা, ঐক্য, পৰিৱেশ, কাব্যগুণধৰ্মীতা, গল্পকাৰৰ জীৱন দৰ্শন ইত্যাদি উল্লেখযোগ্য। তলত চুটিগল্পৰ ঘটনা সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল—
ঘটনা : ঘটনা চুটিগল্পৰ এটা প্ৰধান উপাদান। এটা পৰিপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ঘটনাইহে চুটিগল্পত বিষয়বস্তুৰ ৰূপ লয়। লক্ষ্যৰ ঐক্য আৰু উদ্দেশ্যৰ ঐক্যৰ প্ৰতি দৃষ্টি ৰাখি ইয়াৰ ঘটনাক একমুখী কৰি তোলা হয়। ঐক্যৰ দৰেই বিশ্বাসযোগ্যতাও চুটিগল্পৰ ঘটনাৰ সোঁতত বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয়। শ্লেষ, প্রতীক, চৰিত্ৰ আদিৰ যোগেদি বিশাল ভাৱৰ ব্যঞ্জনা দাঙি ধৰি গল্পকাৰে ঘটনাৰ সামৰণি মাৰে।
৭। চুটিগল্পৰ নাটকীয়তা কি ?
উত্তৰঃ নাটকীয়তা চুটিগল্পৰ অন্যতম প্রধান গুণ। ধাৰণাৰ ঐক্য আৰু ফলশ্ৰুতিৰ একময়তাৰে পাঠকৰ মনত ৰস সঞ্চাৰ কৰিবলৈ চুটিগল্পত নাটকীয় গুণৰো প্ৰয়োজন হয়। যাৰবাবে ইয়াত চৰিত্ৰৰ বহিঃসংঘাততকৈ অন্তঃসংঘাতৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। চুটিগল্পত নাটকীয় গুণৰ অপৰিহাৰ্যতাৰ বিষয়ে মত প্ৰকাশ কৰি চমাৰচেট মমে কৈছে যে, চুটিগল্প একক ঘটনা বিশেষৰ বৰ্ণনা আৰু এই বৰ্ণনাক উজ্জ্বল তথা হৃদয়গ্রাহ্য ৰূপ দিবলৈ হ’লে চুটিগল্পক নাটকীয় ঐক্য সূত্ৰৰে গাঁথিবই লাগিব। গতিকে, নাটকীয়তা গুণ চুটিগল্পৰ এক আৱশ্যকীয় উপাদান।
ৰচনাধর্মী প্রশ্ন
১। পাশ্চাত্য সমালোচক দৃষ্টিৰে চুটিগল্পৰ সংজ্ঞা নির্ণয় কৰি চুটিগল্পৰ স্বৰূপ নিৰ্ণয় কৰা?
উত্তৰঃ আধুনিক সাহিত্যৰ এক বিশিষ্ট বিভাগ হ’ল চুটিগল্প। পাশ্চাত্য দেশত ঊনবিংশ শতিকাৰ আৰম্ভণিতে চুটিগল্পই জন্ম লাভ কৰে। আমেৰিকাৰ ৱাছিংটন আর্ভিং, গগল, ফ্ৰান্সৰ মেৰিমী, বালজাক, ৰাচিয়াৰ আলেকজেণ্ডাৰ পুষ্কিন, নিকোলাই গগল আদিৰ হাতত চুটিগল্পই এবিধ সুকীয়া কলাৰূপে প্ৰতিষ্ঠা লাভ কৰে। চুটিগল্প আধুনিক যুগসাপেক্ষ। খুব কম সময়ৰ ঘটনাকে চুটিগল্প লেখকে কলা-কৌশলেৰে উপস্থাপিত কৰি পাঠকক আনন্দ প্রদান কৰে।
সংজ্ঞা :
চুটিগল্পৰ সংজ্ঞা সম্বন্ধে পাশ্চাত্যৰ বিভিন্নজন সমালোচকে বিভিন্ন মত আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল—
(ক) সমালোচক হাডচন-এ চুটিগল্প সম্পর্কে সংজ্ঞা দাঙি ধৰিছে। এনেদৰে— “Singleness of aim and singleness of effect are, here fore the two great canons by which we have to try the value of short story as a piece of art.”
(খ) Harry Shaw -এ চুটিগল্পৰ বিষয়ে মন্তব্য আগবঢ়াইছে এনেদৰে— “চুটিগল্প আপেক্ষিকভাৱে চমু বর্ণনা, য’ত এটা মাথোন কৰ্ম, এক চৰিত্ৰ আৰু এটা মাথোন পৰিস্থিতিৰ চিত্ৰণ কৰা হয়।”
(গ) এড্গাৰ এলেন পোৱে চুটিগল্পৰ সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত সময়ৰ কথা উল্লেখ কৰি কৈছে— “A short story is a prose narrative requiring from half an hour to one or two hours in its perusal.”
(ঘ) চমাৰচেট মমৰ মতে— “একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা গল্পই চুটিগল্প।”
(ঙ) ৰবীন্দ্ৰনাথে কৈছে—
“নাহি বৰ্ণ নাৱ ছটা ঘটনাৰ ঘন ঘটা
নাহি তত্ব নাহি উপদেশ,
অন্তৰে অতৃপ্ত ববে সাঙ্গ কৰি মনে হবে
শেষ হৈয়ো হইল না শেষ”
(চ) ব্ৰাণ্ডেৰ মেথ্যুজে চুটিগল্প সংজ্ঞা সম্পর্কে বিভিন্ন পর্যায়ত আলোচনা কৰিছে। তেখেতৰ কথাৰ সাৰমৰ্ম হ’ল— “উপন্যাসত চিত্রিত হয়, গোটেইটো জীৱন; আৰু, চুটিগল্পত প্রতিফলিত হয়, ‘এচকল জীৱন’।
(ছ) এইচ. জি. ওৱেছে সময়ৰ পৰিমাণ কমাই দি কৈছে যে চুটিগল্প দহ মিনিটৰ পৰা পঞ্চাশ মিনিটৰ ভিতৰত শেষ হোৱা বাঞ্ছনীয়। সময়সূচীৰ ফালৰপৰা এটা কথা ধৰি ল’ব পাৰি যে চুটিগল্প এনে এটা বস্তু, যাক একেটা বৈঠকতে পঢ়ি শেষ কৰিব পাৰি। অৰ্থাৎ চুটিগল্প এবিধ সংক্ষিপ্ত স্বতঃসম্পূর্ণ আর্ট।
চুটিগল্প সম্পর্কীয় এই বিভিন্ন সংজ্ঞাবোৰৰ মাজতেই ইয়াৰ স্বৰূপো নিহিত হৈ আছে।
২। চুটিগল্পৰ উপাদান সম্পর্কে এটি আলোচনা কৰা?
উত্তৰঃ বিভিন্ন উপাদানেৰে চুটিগল্প সমৃদ্ধিশালী। এনে উপাদানসমূহৰ ভিতৰত ঘটনা, চৰিত্ৰ, নাটকীয়তা, ঐক্য, পৰিবেশ, কাব্যগুণধৰ্মীতা, গল্পকাৰৰ জীৱন দৰ্শন ইত্যাদি উল্লেখযোগ্য। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—
ঘটনা : ঘটনা চুটিগল্পৰ এটা প্ৰধান উপাদান। এটা পৰিপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ঘটনাইহে চুটিগল্পত বিষয়বস্তুৰ ৰূপ লয়। লক্ষ্যৰ ঐক্য আৰু উদ্দেশ্যৰ ঐক্যৰ প্ৰতি দৃষ্টি ৰাখি ইয়াৰ ঘটনাক একমুখী কৰি তোলা হয়। ঐক্যৰ দৰেই বিশ্বাসযোগ্যতাও চুটিগল্পৰ ঘটনাৰ সোঁতত বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয়। শ্লেষ, প্রতীক, চৰিত্ৰ আদিৰ যোগেদি বিশাল ভাৱৰ ব্যঞ্জনা দাঙি ধৰি গল্পকাৰে ঘটনাৰ সামৰণি মাৰে।
চৰিত্ৰ : গল্পৰ এক আৱশ্যকীয় উপাদান হ’ল চৰিত্ৰ। পাঠকৰ হৃদয়গ্ৰাহী কৰি তুলিবলৈ গল্পকাৰে চৰিত্ৰৰ উপস্থাপন ঘটায়। ইঙ্গিতময়তাৰ যোগেদিও গল্পকাৰে চৰিত্ৰবোৰ মুক্ত কৰি তুলিব পাৰে। চুটিগল্পৰ চৰিত্ৰই জীৱনৰ সামগ্রিকতা প্ৰকাশ কৰিব নোৱাৰিলেও সীমিত পৰিসৰৰ ভিতৰতে চৰিত্ৰৰ মনোজগতৰ বৈচিত্ৰপূৰ্ণ একো একোটা দিশ উদঙাই দেখুওৱা হয়। এনে একোটি দিশৰ মাজতে জীৱনৰ নিগূঢ়তম সত্যও পোহৰলৈ আহিব পাৰে। একো একোটা কেন্দ্ৰীয় চৰিত্ৰ প্ৰায়বোৰ চুটিগল্পতে থাকে। এনে চৰিত্ৰৰ আলমত গল্পকাৰে বক্তব্য বিষয় স্পষ্ট কৰি তোলে।
নাটকীয়তা : নাটকীয়তা চুটিগল্পৰ অন্যতম প্রধান গুণ। ধাৰণাৰ ঐক্য আৰু ফলশ্ৰুতিৰ একময়তাৰে পাঠকৰ মনত ৰস সঞ্চাৰ কৰিবলৈ চুটিগল্পত নাটকীয় গুণৰো প্ৰয়োজন হয়। যাৰবাবে ইয়াত চৰিত্ৰৰ বহিঃসংঘাততকৈ অন্তঃসংঘাতৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় চুটিগল্পত নাটকীয় গুণৰ অপৰিহাৰ্যতাৰ বিষয়ে মত প্ৰকাশ কৰি চমাৰচেট মমে কৈছে যে, চুটিগল্প একক ঘটনা বিশেষৰ বৰ্ণনা আৰু এই বর্ণনাক উজ্জ্বল তথা হৃদয়গ্ৰাহ্য ৰূপ দিবলৈ হ’লে চুটিগল্পক নাটকীয় ঐক্য সূত্ৰৰে গাঁথিবই লাগিব। গতিকে, নাটকীয়তা গুণ চুটিগল্পৰ এক আৱশ্যকীয় উপাদান।
ঐক্য : ঐক্য চুটিগল্পৰ এক প্ৰধান উপাদান। কালৰ ঐক্য, স্থানৰ ঐক্য আৰু ঘটনাৰ ঐক্যৰ প্ৰতি গল্পকাৰে বিশেষ দৃষ্টি দিয়ে। কেৱল এটা বিষয়েই চুটিগল্পত অৱতাৰণা কৰিব লাগে আৰু সেই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি গল্পটো পৰিণতিৰ দিশলৈ আগুৱাই নিয়া হয়। চুটিগল্পৰ বিষয়বস্তুৰ এটা নিৰ্দিষ্ট সময়ৰ ঘটনা হ’লেও তাৰ মাজতেই জীৱনৰ সমগ্ৰতাক প্ৰতিফলিত কৰিব পৰাটো গল্পকাৰৰ কৃতিত্ব। চুটিগল্পৰ ঐক্যময় বৈশিষ্ট্যই সুসংহত কলা হিচাপে ইয়াৰ পৰিচয় বহন কৰি আছে।
পৰিৱেশ : পৰিৱেশ নিৰ্মাণ কৌশল চুটিগল্পৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান। এক কথাত পৰিস্থিতিয়েই চুটিগল্পৰ আধাৰ বা বিষয়বস্তুৰ হ’ব পাৰে। চুটিগল্পৰ কাহিনীটোৱে প্ৰকৃতাৰ্থত একোটা পৰিস্থিতিৰ আভাস পাঠকক দাঙি ধৰে। চৰিত্ৰৰ মনোজগতক প্ৰতিফলিত কৰিব পৰা আৰু চৰিত্ৰৰ মানসিক সংঘাত তীব্ৰতৰ কৰি তোলাত সহায় কৰিব পৰা পৰিৱেশক চুটিগল্পৰ আৱশ্যকীয় পৰিৱেশ হিচাপে গণ্য কৰা হয়। এক কথাত পৰিৱেশৰ ভূমিকা চুটিগল্পত চত্রে চত্ৰে বিৰাজমান ।
কাব্যগুণধর্মীতা : নাট্যগুণধৰ্মীতাৰ লগতে কাব্যগুণধর্মীতাও চুটিগল্পৰ গুৰুত্বপূৰ্ণ উপাদান। চুটিগল্পৰ গীতিকাব্যধর্মী গুণৰ বাবেই ই পাঠকৰ মনত কাব্যিক আবেদন সৃষ্টি কৰিব পাৰে। বিভিন্ন সাহিত্যিক সৌন্দৰ্যৰ অৱতাৰণাৰ জৰিয়তে ব্যঞ্জনা সৃষ্টি কৰি চুটিগল্পই কাব্যিক আৱেদন সৃষ্টি কৰে। প্ৰকৃতাৰ্থত নাট্যগুণ আৰু কাব্যগুণ এই উভয়েৰে সংমিশ্ৰণত চুটিগল্পই এক বিশিষ্ট কলাৰূপে সুন্দৰভাৱে পৰিচয় বহন কৰি আছে।
গল্পকাৰৰ জীৱন দৰ্শন : সকলো সৃষ্টিশীল সাহিত্যৰ দৰে গল্পৰ ক্ষেত্ৰতো লেখকৰ জীৱন দৰ্শনৰ কথাটো সম্পৃক্ত হৈ আছে। জীৱন সম্পৰ্কীয় লেখকৰ দৃষ্টিভঙ্গী গল্পৰ মাজত স্পষ্টভাৱে প্ৰতিফলিত হৈ উঠে। গল্পকাৰৰ জীৱন দৰ্শনৰ আঁৰত বহুক্ষেত্ৰত নৈতিক আদর্শও নিহিত হৈ থাকে। চৰিত্ৰৰ কাৰ্যকলাপৰ জৰিয়তে এনে আদর্শ গল্পত প্ৰতিফলিত কৰা হয়।
এনেদৰে বিভিন্ন উপাদানৰ সমষ্টিৰে চুটিগল্পক কলাসম্মত ৰূপ প্ৰদান কৰা হয়। ভাষাৰ সংযম, ব্যঞ্জনাধর্মীতা, গভীৰ জীৱন জিজ্ঞাসা আদিৰ মাজত উৎকৃষ্ট চুটিগল্পৰ লক্ষণ সম্পৃক্ত হৈ আছে। এক বিশিষ্ট কলা হিচাপে এইবিধ শিল্প জনসমাজত সদায়ে আদৰণীয় হৈ থাকিব।
লঘুৰচনা
চমু উত্তৰ দিয়া :
১। লঘুৰচনা বুলিলে কি বুজা?
উত্তৰঃ লঘু ৰচনাৰ সংজ্ঞা বহুতে বহুত ধৰণে বান্ধিছে, কিন্তু কোনেও সলসলীয়াকৈ ক’ব পৰা নাই— বস্তুটো আচলতে কি? আনকি, কোনো দুখন অভিধানৰ ব্যাখ্যাও একেধৰণৰ নহয়। গোটেই ঘটনাটো এটা হাতী আৰু ছ’জন কণা মানুহৰ লেখীয়া হৈয়েই ৰৈছে। কোনোবাই কৈছে, কুলাখনৰ লেখীয়া; কোনোবাই কৈছে, একেবাৰে কল গছজোপাৰ নিচিনা; আৰু কোনোবাই কৈছে, তেনেই এডাল সাপঙ্গ ইংৰাজী ভাষাৰ পোন্ধৰখন অভিধান— লেখোঁতা ড° জনচনৰ মতে ৰচনা মানে “মনৰ মাজৰ লাগ-বান্ধ নোহোৱা কথাৰ টগবগনি: খেলি-মেলি ধৰণৰ বদহজম লেখা— সজাই-পৰাই আৰু নিয়াৰিকৈ লিখা ৰচনাবস্তু নহয়।
২। লঘু ৰচনাৰ গুণবোৰ কি কি?
উত্তৰঃ (ক) লঘু ৰচনাৰ থাকিবলগীয়া গুণবোৰৰ এটা হ’ল— কথনভংগীৰ অন্তৰংগতা। কওঁতাজন পণ্ডিত হ’লেও হ’ব পাৰে, কিন্তু কথাত পাণ্ডিত্যৰ ঢংটো মুঠেই থাকিব নালাগে। কথাবোৰ হিয়া উবুৰিয়াই দিয়া ধৰণৰ হ’ব লাগে।
(খ) লঘু ৰচনাৰ আন এটা গুণ হ’ল, ব্যক্তিমুখিতা। এই গুণটো অন্তৰংগতাৰ আনটো পিঠি। কোনে ক’ত পুথি-পাঁজি পঢ়ি গৱেষণা কৰি জ্ঞানৰ সাগৰতলিৰ কি মুকুতা বুটলিলে, লঘু ৰচনাত তেনেবোৰ গহীন কথাৰ চিন-মোকাম পাবলৈ নাই।
৩। লঘু ৰচনা শৈলীৰ প্ৰৱৰ্তক কোন? অসমত এই শৈলীক কোনে আগবঢ়াই নিছিল?
উত্তৰঃ য়ুৰোপীয় সাহিত্যৰ লঘু ৰচনাত এইটো ধাৰাৰ শৈলীৰ প্ৰৱৰ্তকজন হ’ল, মণ্টেইন। ইয়াৰে ভৰপক লেম্বৰ ‘এছেজ অব ইলিয়া’ৰ ৰচনাসমূহত । আমাৰ সাহিত্যত ইয়াৰ আৰম্ভণি, বেজবৰুৱাৰ কৃপাবৰী ৰচনাৱলীত। ডাঃ হেম বৰুৱাৰ ‘অসমীয়া ভূত’ত ইয়াৰ সোৱাদটো শতকৰা শতাংশই পোৱা যায়। ললিত বৰা, ভদ্ৰ বৰা আৰু বীৰেন বৰকটকী এইবিধ শৈলীৰ উত্তৰসাধক।
৪। লঘু ৰচনা শৈলীৰ অসমীয়া সাহিত্যৰ এখন ৰচনাৰ নাম উল্লেখ কৰা?
উত্তৰঃ লীলা গগৈৰ কপলিং ছিগা ৰে’ল এইধৰণ ৰচনা শৈলীৰ উল্লেখযোগ্য উদাহৰণ।