ৰাম নাথ কোবিন্দ জীৱনী – ভাৰতৰ ৰাষ্ট্ৰপতি | Ram Nath Kovind

ৰাম নাথ কোবিন্দ | Ram Nath Kovind Essay in Assamese | Biography of Ram Nath Kovind in Assamese | ৰাম নাথ কোবিন্দ বিষয়ে জীৱনী | ৰাম নাথ কোবিন্দ বিষয়ে ৰচনা | ৰাম নাথ কোবিন্দৰ চমু পৰিচয়।

Join Telegram channel

কেইবা দশক জুৰি ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰীয় ভূমিকা পালন কৰা এজন ব্যক্তি হ’ল ৰাম নাথ কোবিন্দ। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰা ৰাম নাথ কোবিন্দ হ’ল নিজৰ কাম তথা ব্যক্তিত্বৰে চৰ্চাত থকা সকলো‌ শ্ৰেণীৰ জনতাৰ বাবে প্ৰিয় এটা উল্লেখনীয় ব্যক্তিসত্বা।

ৰাম নাথ কোবিন্দ

ৰাম নাথ কোবিন্দ জীৱনী | Biography of Ram Nath Kovind 

নামৰাম নাথ কোবিন্দ (Ram Nath Kovind[1])
জন্ম চন১ অক্টোবৰ, ১৯৪৫ চন
জন্ম স্থানপৰাওঁখ গাওঁ, কানপুৰ দেহাত জিলা, উত্তৰ প্ৰদেশ
অভিভাৱকপিতৃৰ নাম- মাইকু লাল
মাতৃৰ নাম-
কলাৱতী
শিক্ষাদেৱ মহাবিদ্যালয় (কানপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত)
বঁটা১) National Order of Madagascar, ২০১৮ চন
২) Order of Independence, ২০১৮ চন
৩) Order of the Lion, ২০১৮ চন
৪) Grand Order of King Tomislav, ২০১৯ চন
৫) Order of the Condor of the Andes, ২০১৯ চন
৬) National Order of Merit (Guinea), ২০১৯ চন

Also Read: জীৱনী: ড° শংকৰ দয়াল শৰ্মা – ভাৰতীয় ৰাজনীতিবিদ | Shankar Dayal Sharma

ৰাম নাথ কোবিন্দ পৰিয়াল তথা প্ৰাৰম্ভিক জীৱন

ভাৰতৰ ১৬তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাম নাথ কোবিন্দৰ জন্ম হৈছিল দলিত সম্প্ৰদায়ৰ পৰিয়ালত ১৯৪৫ চনৰ ১ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশত। তেওঁৰ পিতৃৰ নাম হ’ল- মাইকু লাল আৰু মাতৃৰ নাম হ’ল- কলাৱতী। ৰাম নাথ কোবিন্দৰ পিতৃ মাইকু লাল আছিল এজন খেতিয়ক আৰু তেওঁৰ মাতৃ কলাৱতী আছিল এগৰাকী গৃহিণী। পাঁচজন ভাতৃ আৰু দুগৰাকী ভগ্নীৰ ভিতৰত কনিষ্ঠ ৰাম নাথ কোবিন্দে কঠোৰ প্ৰত্যাহ্বানৰ মাজেৰে নিজৰ শৈশৱ অতিক্ৰম কৰিছিল। এটা জৰাজীৰ্ণ কুটিৰ তথা বাসগৃহত জীৱন অতিবাহিত কৰা ৰাম নাথ কোবিন্দে শৈশৱতে মাতৃকো হেৰুৱাব লগা হৈছিল। গুৰুত্বপূৰ্ণ কথা যে, তেওঁলোকৰ বাসগৃহতো দুৰ্ঘটনা বশতঃ জুইত জাহ গৈছিল আৰু এই ভয়াবহ অগ্নিকাণ্ডত অগ্নিসংযোগ হৈ তেওঁৰ মাতৃয়ে মৃত্যুক সাৱটি লৈছিল।

শিক্ষা

প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত ৰাম নাথ কোবিন্দে কানপুৰ গাওঁ স্থিত জুনিয়ৰ স্কুলত অধ্যয়ন কৰিছিল। উল্লেখ্য যে স্কুললৈ যাবলৈ সেই সময়ত চাইকেলৰ অভাৱ হোৱা বাবে তেওঁ প্ৰতিদিনে ৮ কি:মি দূৰত্ব খোজ কাঢ়ি গৈয়ে অধ্যয়ন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ৰাম নাথ কোবিন্দে কানপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত DAV মহাবিদ্যালয় পৰা বাণিজ্য আৰু আইন বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ৰাম নাথ কোবিন্দে অসামৰিক সেৱাৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি কৰিবলৈ দিল্লীলৈ যাত্ৰা কৰে। উল্লেখ্য যে প্ৰথম দুইবাৰত সফল নহ’লেও তৃতীয় প্ৰচেষ্টাত অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা লাভ কৰে ৰাম নাথ কোবিন্দে। অৱশ্যে IAS ৰ পৰিৱৰ্তে আন সহযোগী সেৱাত কাম কৰিবলৈ সুবিধা লাভ কৰিছিল ৰাম নাথ কোবিন্দে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ আইনৰ অনুশীলনহে আৰম্ভ কৰে।

বৈবাহিক জীৱন

গুৰুত্বপূৰ্ণ কথা যে ৰাম নাথ কোবিন্দে সাংসাৰিক জীৱনৰ শুভাৰম্ভ কৰিছিল ১৯৭৪ চনৰ ৩০ মে’ তাৰিখে। তেওঁৰ পত্নীৰ নাম হ’ল – সবিতা কোবিন্দ। উল্লেখ্য যে ৰাম নাথ কোবিন্দ দুটা সন্তানৰ পিতৃ। তেওঁৰ পুত্ৰ সন্তানৰ নাম হ’ল প্ৰশান্ত কুমাৰ আৰু কন্যা সন্তানৰ নাম হ’ল স্বাতী।

কৰ্ম জীৱন

১৯৭১ চনত ৰাম নাথ কোবিন্দে দিল্লীৰ বাৰ কাউন্সিলৰ অধিবক্তা হিচাপে বৃত্তিগত জীৱন আৰম্ভ কৰিছিল। উল্লেখ্য যে ৰাম নাথ কোবিন্দে ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈকে দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও ১৯৭৭ চনৰ পৰা ১৯৭৮ চনৰ সময়ছোৱাত ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ আইনী সহায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৰাম নাথ কোবিন্দে।

১৯৮০ চনৰ পৰা ১৯৯৩ চনলৈকে ৰাম নাথ কোবিন্দে কাৰ্যনিৰ্বাহ কৰিছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে। ইয়াৰ উপৰিও ১৯৯৩ চনলৈকে দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অনুশীলন কৰিছিল তেওঁ। উল্লেখ্য যে ৰাম নাথ কোবিন্দে এজন অধিবক্তা হিচাপে নতুন দিল্লীৰ Free Legal Aid Society -ৰ অধীনত সমাজৰ দুৰ্বল শ্ৰেণী, মহিলা আৰু দৰিদ্ৰ লোকসকলক সহায় আগবঢ়াইছিল।

ৰাজনৈতিক জীৱন

১৯৯১ চনত আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টি (BJP) -ত যোগদান কৰি সক্ৰীয় ৰাজনীতিত ভৰি থৈছিল ৰাম নাথ কোবিন্দে। ৰাম নাথ কোবিন্দ আছিল BJP -ৰ এজন নিষ্ঠাৱান সদস্য হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত  তেওঁৰ পৈতৃক সম্পত্তি তথা তেওঁৰ বাসগৃহটো আৰ এছ এছ দান কৰিছিল।

ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পৰৱৰ্তী সময়ত ৰাম নাথ কোবিন্দে ১৯৯৮ চনৰ পৰা ২০০২ চনলৈকে BJP -ৰ দলিত মৰ্চাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ইয়াৰ উপৰিও তেওঁ সৰ্বভাৰতীয় কলি সমাজৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ৰাম নাথ কোবিন্দে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৪ চনৰ এপ্ৰিল মাহত উত্তৰ প্ৰদেশ ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৰাম নাথ কোবিন্দ। উল্লেখ্য যে তেওঁ ২০০৬ চনৰ মাৰ্চ মাহলৈকে মুঠ বাৰ বছৰ অৰ্থাৎ একেৰাহে দুটা কাৰ্যকালৰ বাবে সাংসদ হিচাপে দায়িত্ব পালন কৰিছিল ৰাম নাথ কোবিন্দে। সংসদৰ সদস্য হিচাপে কোবিন্দে অনুসূচীত জাতি/জনজাতি, গৃহ পৰিক্ৰমা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, সামাজিক ন্যায় আৰু সবলীকৰণ, আইন বিভাগৰ সংসদীয় সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল। 

ইয়াৰ উপৰিও ৰাম নাথ কোবিন্দে ৰাজ্যসভাৰ হাউচ সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে সাংসদ তেওঁৰ কাৰ্যকালত স্থানীয় এলেকা উন্নয়ন আঁচনিৰ অধীনত কোবিন্দে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বিদ্যালয় ভৱন নিৰ্মাণ কৰাৰ লগতে গ্ৰাম্য অঞ্চলত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সংসদৰ সদস্য হিচাপে ৰাম নাথ কোবিন্দে থাইলেণ্ড, নেপাল, পাকিস্তান, ছিংগাপুৰ, জাৰ্মানী, চুইজাৰলেণ্ড, ফ্ৰান্স, আমেৰিকা যুক্তৰাজ্যৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল।

ৰাম নাথ কোবিন্দে ২০১৫ চনৰ ৮ আগষ্ট তাৰিখে সেই সময়ৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে আৰু ২০১৫ চনৰ ১৬ আগষ্ট তাৰিখে উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ ইকবাল আদমেদ আনছাৰীয়ে পাটনাৰ ৰাজভৱনত বিহাৰৰ ২৬ তম ৰাজ্যপাল হিচাপে শপত বাক্য পাঠ কৰোৱায় ৰাম নাথ কোবিন্দক।

গুৰুত্বপূৰ্ণ কথা যে, বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তেই ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৰাম নাথ কোবিন্দে আৰু বিহাৰৰ ৰাজ্যপাল পদ এৰিবলৈ পদত্যাগ পত্ৰ দাখিল কৰে। ২০১৭ চনৰ ২০ জুন তাৰিখে ভাৰতৰ সেই সময়ৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰে। 

Also Read: জীৱনী: ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ – স্বাধীন ভাৰতৰ ১ম গৰাকী উপ-ৰাষ্ট্ৰপতি | Sarvepalli Radhakrishnan

ৰাষ্ট্ৰপতি হিচাপে ৰাম নাথ কোবিন্দ

উল্লেখ্য যে ৰাম নাথ কোবিন্দে তেওঁৰ নিকটৱৰ্তী প্ৰতিদ্বন্দ্বী তথা বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী লোক সভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰৰ বিপক্ষে ৬৫.৬ শতাংশ ভোট লাভ কৰি জয়লাভ কৰে। ইয়াৰ বিপৰীতে ইউ. পি. এ. -ৰ প্ৰাৰ্থী মীৰা কুমাৰে ভোট লাভ কৰে ৩৪.৩৫ শতাংশ। কে.আৰ. নাৰায়ণন পিছত দলিত সম্প্ৰদায়ৰ পৰা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা দ্বিতীয় জন ব্যক্তি হ’ল ৰাম নাথ কোবিন্দ। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় জনতা পাৰ্টি তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা নেতৃত্ব বহন কৰি ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱা ৰাম নাথ কোবিন্দ হ’ল প্ৰথম জন ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি হিচাপে কোবিন্দে শপত গ্ৰহণ কৰে ২০১৭ চনৰ ২৫ জুলাই তাৰিখে।

আন এক উল্লেখযোগ্য কথা যে বৰ্তমান সময় লৈকে উত্তৰ প্ৰদেশৰ পৰা ৯ জন ব্যক্তিয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছে। কিন্তু ৰাষ্ট্ৰপতি দায়িত্ব বহন কৰা উত্তৰ প্ৰদেশৰ প্ৰথম জন ব্যক্তি হৈছে ৰাম নাথ কোবিন্দ।

ৰাষ্ট্ৰপতি হিচাপে ৰাম নাথ কোবিন্দে বৰ্তমানলৈকে প্ৰায় ২৮ খন দেশ ভ্ৰমণ কৰিছে। Madagascar, Equatorial Guinea, Eswatini, Croatia, Bolivia and the Republic of Guinea আদি দেশৰ পৰা ৰাম নাথ কোবিন্দে লাভ কৰিছে সৰ্বোচ্চ ৰাজ্যিক সন্মান।

Also Read: জীৱনী: মফিজুদ্দিন আহমদ হাজৰিকা – চুফীবাদী দাৰ্শনিক কবি | Mafizuddin Ahmed Hazarika 

সামৰণি

সংসদীয় ৰাজনীতিৰ সক্ৰীয় অংশগ্ৰহণৰ উপৰিও ৰাম নাথ কোবিন্দে বিভিন্ন ক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। উল্লেখ্য যে ২০০২ চনত নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতক প্ৰতিনিধিত্ব কৰি ভাষণ প্ৰদান কৰিছিল। এইসমূহৰ ওপৰিও ৰাম নাথ কোবিন্দে লক্ষ্ণৌত অৱস্থিত ড° ভীম ৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় আৰু কলকতাত অৱস্থিত Indian Institute of Management -ত ব’ৰ্ডৰ সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল।

এটা সাধাৰণ কুটিৰত কঠোৰ প্ৰত্যাহ্বানৰ মাজেৰে জীৱনৰ বহু ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি ভাৰতৰ প্ৰথম নাগৰিক তথা দেশৰ সৰ্বোচ্চ পদমৰ্যাদা আহৰণ কৰা ৰাম নাথ কোবিন্দ হ’ল ভৱিষ্যত প্ৰজন্মৰ বাবে অনুকৰণীয় এক ব্যক্তিসত্বা।

Also Read: জীৱনী: পদ্মধৰ চলিহা – অসমীয়া সাহিত্যিক | Padmadhar Chaliha

FAQs 

) ৰাম নাথ কোবিন্দে জন্মগ্ৰহণ কৰিছিল?

উত্তৰ দলিত সম্প্ৰদায়ৰ এটা অতি সাধাৰণ পৰিয়ালত ১৯৪৫ চনৰ ১ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰিছিল ৰাম নাথ কোবিন্দে।

) ৰাম নাথ কোবিন্দে কেতিয়া ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল?

উত্তৰৰাম নাথ কোবিন্দে তেওঁৰ নিকটৱৰ্তী প্ৰতিদ্বন্দ্বী তথা বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী লোক সভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰৰ বিৰুদ্ধে জয় লাভ কৰি ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ২০১৭ চনৰ ২৫ জুলাই তাৰিখে।

) উত্তৰ প্ৰদেশৰ পৰা ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি কোন?

উত্তৰউত্তৰ প্ৰদেশৰ পৰা ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি হ’ল ৰাম নাথ কোবিন্দ। তেওঁ ভাৰতৰ ১৪ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে।

) ৰাম নাথ কোবিন্দৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ ৰাম নাথ কোবিন্দৰ পিতৃৰ নাম হ’ল- মাইকু লাল আৰু মাতৃৰ নাম হ’ল- কলাৱতী।

৫) ৰাষ্ট্ৰপতি হিচাপে ৰাম নাথ কোবিন্দে কিমান দেশ ভ্ৰমণ কৰিছে?

উত্তৰ- ৰাষ্ট্ৰপতি হিচাপে ৰাম নাথ কোবিন্দে বৰ্তমানলৈকে প্ৰায় ২৮ খন দেশ ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল- Djibouti, Ethiopia, Mauritius, Madagascar, Equatorial Guinea, Eswatini ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top