ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ জীৱনী / ৰচনা – স্বাধীন ভাৰতৰ ১ম গৰাকী উপ-ৰাষ্ট্ৰপতি | Sarvepalli Radhakrishnan

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ | Sarvepalli Radhakrishnan in Assamese Essay Class 6 to Class 12 | ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ বিষয়ে জীৱনী | ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ বিষয়ে ৰচনা | ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ চমু পৰিচয় | ড সৰ্বপল্লী ৰাধাকৃষ্ণণ শিক্ষক দিৱস | শিক্ষক দিৱসৰ বিষয়ে ভাষণ

Join Telegram channel

শিক্ষা হ’ল এক জীৱন ব্যাপ্তি চলা প্ৰক্ৰিয়া। শিক্ষাৰ জৰিয়তে দূৰ হয় মনৰ আন্ধাৰ। শিক্ষাৰ অবিহনে এক সুস্থিৰ সমাজ গঢ় দিয়াটো সম্ভৱ নহয়। শিক্ষা হ’ল মানৱ জাতিৰ উত্তৰণৰ এক অন্যতম প্ৰধান কাৰক। শিক্ষাৰ গুৰি বঠা ধৰি শিক্ষক সকলে এখন সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ যায়। শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰা এজন স্বনাম ধন্য মনিষী, বিশ্ব বৰেণ্য শিক্ষাবিদ, দাৰ্শনিক তথা শিক্ষক হৈছে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan)

Read Also: Biography of Sarvepalli Radhakrishnan – The Second President of India

সৰ্বপল্লী ৰাধাকৃষ্ণণ

সৰ্বপল্লী ৰাধাকৃষ্ণণ জীৱনী | Sarvepalli Radhakrishnan Biography

নামড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan[1])
জন্ম চন৫ ছেপ্টেম্বৰ, ১৮৮৮ চন
জন্ম স্থানতিৰুটানি, মাদ্ৰাজ (বৰ্তমান তামিলনাডুৰ চেন্নাই)
অভিভাৱকপিতৃৰ নাম – সৰ্বপল্লী বীৰাস্বামী (বীৰ চমাইয়া)
মাতৃৰ নাম – সীতামা
শিক্ষা১) লুথেৰান মিছন স্কুল, তিৰুপটি
২) এলিজাবেথ বােডমান ভূৰীছ কলেজ, ভেলোৰ 
৩) খ্ৰীষ্টিয়ান কলেজ, মাদ্ৰাজ
৪) মাদ্রাজ বিশ্ববিদ্যালয়
বঁটা১) নাইট’ উপাধি (১৯৩১ চন)
২) ভাৰত ৰত্ন (১৯৫৪ চন)
৩) বহু কেইবাৰ ন’বেল বঁটাৰ বাবে মনোনীত
৪) Templeton পুৰস্কাৰ (১৯৭৫ চন)
৫) অক্সফোর্ড বিশ্ববিদ্যালয়ে ডি.এল উপাধি প্রদান (১৯৫২ চন)
৬) যুগশ্রেষ্ঠ মনিষী’ (Master mind of age) উপাধি
মৃত্যু১৯৭৫ চন, ১৭ এপ্ৰিল

Also Read: জীৱনী: প্ৰভাত মুখাৰ্জী – চলচ্চিত্ৰ পৰিচালক | Prabhat Mukherjee

সৰ্বপল্লী ৰাধাকৃষ্ণণ প্ৰাৰম্ভিক জীৱন

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল এটা তেলেগু ব্ৰাহ্মণ পৰিয়ালত ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাছৰ তিৰুতানি নামে অঞ্চলত। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম আছিল- সীতামা। কৰ্মসূত্ৰে তেখেতৰ পিতৃ আছিল এজন সাধাৰণ কৰ্মচাৰী। 

শিক্ষা

সৰ্বপল্লী ৰাধাকৃষ্ণণে ১৮৯৬ চনত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল তিৰুপাটিৰ লুথেৰান মিছনেৰী স্কুলত। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে লুথেৰান মিছনেৰী স্কুলত শিক্ষা গ্ৰহণ কৰা ৰাধাকৃষ্ণণে পৰৱৰ্তী সময়ত ভেলোৰ কলেজ ১৯০০ চনৰ পৰা ১৯০৪ চনলৈকে শিক্ষা গ্ৰহণ কৰে আৰু মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে ১৯০৪ ৰ পৰা ১৯০৮ চনলৈকে। ছাত্ৰ হিচাপে সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এজন মেধা তথা বুদ্ধিদীপ্ত ছাত্ৰ। গুৰুত্বপূৰ্ণ কথা যে সৰ্বপল্লী ৰাধাকৃষ্ণণে দৰ্শনৰ লগতে সংস্কৃত আৰু হিন্দী ভাষাও অধ্যয়ন কৰিছিল। উল্লেখ্য যে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ২০ বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ৰাধাকৃষ্ণণে তৈয়াৰ কৰিছিল এখন গৱেষণা পত্ৰ। এই গৱেষণা পত্ৰই ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ গভীৰতাৰ উমান দিছিল। তেওঁৰ এই গৱেষণা পত্ৰখনৰ বিষয় আছিল- “The ethics of the Vedānta and its metaphysical presuppositions”

কৰ্মজীৱন

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত  মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত ১৯০৯ চনত মালায়ালম ভাষাৰ এটা অস্থায়ী পদত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা সৰ্বপল্লী ৰাধাকৃষ্ণণে পৰৱৰ্তী সময়ত মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ  প্ৰবক্তা হিচাপে যোগদান কৰে। ইয়াৰ পৰৱৰ্তী সময়ত কলকাতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত পঞ্চম জৰ্জ আসনৰ অধ্যাপক হিচাপে  ১৯২১ চনত নিযুক্তি লাভ কৰি ১৯৩১ চনলৈকে দায়িত্ব পালন কৰে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰাৰ পৰৱৰ্তী সময়ত সৰ্বপল্লী ৰাধাকৃষ্ণণে ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়ত পাচ্য ধৰ্ম আৰু দৰ্শনৰ অধ্যাপক  হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৩৯ চনত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰনত ক্ৰমে ১৯৪৮ চনলৈকে বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সমাজৰ প্ৰতি অৱদান

গুৰুত্বপূৰ্ণ কথা যে শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ থকাৰ দীৰ্ঘ সময়চোৱাত সৰ্বপল্লী ৰাধাকৃষ্ণণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিশ্ববিদ্যালয়ত তত্বগধুৰ বক্তব্য প্ৰদান কৰি এক নৱজাগৰণৰ সূচনা কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ উপৰিও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে ইউনেস্কো (UNESCO) -ৰ সভাপতি আৰু ভাৰতৰ ‘বিশ্ববিদ্যালয় আয়োগ’ৰ সভাপতি হিচাপে ১৯৪৮-৪৯ চনত কাৰ্যনিৰ্বাহ কৰিছিল। কেৱল এইয়াই নহয়, ড° ৰাধাকৃষ্ণণে ভাৰতীয় চিন্তা-দৰ্শনৰ ওপৰত গভীৰ অধ্যয়ন কৰি সাহিত্যৰাজিৰ মাজেৰে সেইসমূহ পাঠকৰ মাজলৈ আগবঢ়ায় দিছিল। 

সাহিত্যৰাজি

সৰ্বপল্লী ৰাধাকৃষ্ণণে ৰচনা কৰা গ্ৰন্থ সমূহ হ’ল-১৯১৮ চনত প্ৰকাশিত The Philosophy of Rabindranath Tagore, ১৯২০ চনত প্ৰকাশিত The Reign of Religion in Contemporary Philosophy, ১৯২৩ আৰু ১৯২৭ চনত দুটা সংস্কৰণত প্ৰকাশিত Indian Philosophy, ১৯২৬ চনত প্ৰকাশিত The Hindu view of Life,  ১৯২৮ চনত প্ৰকাশ পাইছিল The religion we Need (1928), ১৯২৯ চনত প্ৰকাশ পাইছিল Kalki or The Future of Civilization, ১৯৩২ চনত প্ৰকাশিত An Idealist view of Life,  ১৯৩৩ চনত East and West in Religion, ১৯৩৬ চনত Freedom and Culture আৰু The Heart of Hinduism, ১৯৩৭ চনত সৰ্বপল্লী ৰাধাকৃষ্ণণে লিখিছিল তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘My Search for Truth‘, ১৯৩৮ চনত Gautama the Buddha, ১৯৩৯ চনত Eastern Religion and Western Thought, ১৯৪৪ গান্ধীৰ জীৱন আৰু কৰ্মৰ ওপৰত বিশ্লেষণ কৰি চনত Introduction to Mahatma Gandhi প্ৰকাশ কৰিছিল,  India and China আৰু Education, Politics and War,  ১৯৪৭ চনত The Religion and Society, ১৯৪৮ চনত The Bhagavad Gita,  ১৯৪৯ চনত Great Indians, ১৯৫০ চনত The Dhammapada আৰু ১৯৫২ চনত প্ৰকাশ পাইছিল ‘The Religion of the spirit and the World’s Need’।

এজন দাৰ্শনিক, শিক্ষক হোৱাৰ উপৰিও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে ৰাজনীতিৰ ক্ষেত্ৰ খনতো সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ  কেন্দ্ৰীয় মন্ত্ৰী সভাৰ এক অতি গুৰুত্বপূৰ্ণ পদ বৈদেশিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ভাৰতৰ বৈদেশিক নীতিৰ বুৰঞ্জীত এক নতুন ধাৰাৰ সূচনা কৰিছিল। ইয়াৰ ওপৰিও তেওঁ ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈকে ছোভিয়েত ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ছোভিয়েত ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত পাকিস্তান আৰু ভাৰত মাজত কাশ্মীৰৰ সমস্যা সন্দৰ্ভত মতানৈক্যৰ সৃষ্টিৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত ভাৰতৰ সপক্ষে ছোভিয়েতৰ সমৰ্থন আদায় কৰি তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাইছিল। তেখেতে ভাৰতৰ উপৰাষ্ট্ৰপতি পদত ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈকে আৰু ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ অধিষ্ঠিত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় ১৯৬২ চনত।

তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে নিজকে শিক্ষক হিচাপে পৰিচয় দিহে মানসিক তৃপ্তি লাভ কৰিছিল। শিক্ষকতা বৃত্তিক ৰাধাকৃষ্ণণে যথেষ্ট সন্মান সহকাৰে লৈছিল। উল্লেখ্য যে সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থকাৰ সময়তে ৰাধাকৃষ্ণণৰ বহু কেইগৰাকী বন্ধু তথা ছাত্ৰই তেওঁ জন্মদিনটো উদযাপন কৰিবলৈ অনুমতি বিছাৰিছিল। কিন্তু ৰাধাকৃষ্ণণে তেওঁৰ জন্মদিনৰ গতানুগতিকতাৰ পৰিৱৰ্তে শিক্ষক সকলৰ বাবে এটা বিশেষ দিন হিচাপেহে উদযাপন কৰাৰ ক্ষেত্ৰত মত প্ৰকাশ কৰে আৰু তেতিয়াৰ পৰাই তেওঁৰ জন্মদিনটো অৰ্থাৎ পাঁচ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। 

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল এজন ব্যক্তি। ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰীয় অংশগ্ৰহণৰ জৰিয়তে দেশৰ সৰ্বোচ্চ পদ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’লেও সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ ভাৰতত সাধাৰণ জনতাৰ মাজত এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে পৰিচিত আছিল। গুৰুত্বপূৰ্ণ কথা যে একেধাৰে ৰাজনীতিবিদ, শিক্ষক, দাৰ্শনিক, প্ৰচুৰ অধ্যয়নশীল ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণণে নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল ২৭ বাৰ, ১১ বাৰ মনোনীত হৈছিল শান্তিৰ নোবেল বঁটাৰ বাবে আৰু ১৬ বাৰ মনোনীত হৈছিল সাহিত্যৰ নোবেল বঁটাৰ বাবে। উল্লেখ্য যে  ভাৰত স্বাধীন হােৱাৰ আগতে বৃটিছ চৰকাৰে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক নাইট উপাধিৰে ১৯৩১ চনত বিভূষিত কৰিছিল। ১৯৫৪ চনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পুৰষ্কাৰ ভাৰত ৰত্ন’ সন্মানৰে বিভূষিত কৰা হৈছিল ৰাধাকৃষ্ণণক । ইয়াৰ ওপৰিও ১৯৭৫ চনত ফেব্ৰুৱাৰী মাহত তেওঁক Templeton পুৰস্কাৰ প্ৰদানৰ কথা ঘােষণা কৰা হৈছিল। গুৰুত্বপূৰ্ণ কথা যে এই পুৰস্কাৰ আগতে মাদাৰ টেৰেচাক প্রদান কৰা হৈছিল। ৰাধাকৃষ্ণণ আছিল Templeton পুৰস্কাৰ লাভ কৰা তৃতীয়জন ব্যক্তি। এইসমূহৰ ওপৰিও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক অক্সফোর্ড বিশ্ববিদ্যালয়ে এমাৰিটাচ প্রফেচাৰৰ মর্যাদা প্রদান কৰি ডি.এল উপাধি প্রদান কৰিছিল ১৯৫২ চনত। গুৰুত্বপূৰ্ণ কথা যে বহুমুখী প্ৰতিভা তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী ৰাধাকৃষ্ণণক বিশ্বৰ বিভিন্ন পণ্ডিতে ষাঠি বছৰীয়া জন্ম দিৱসত  ‘যুগশ্রেষ্ঠ মনিষী’ (Master mind of age) উপাধিৰে সন্মানিত কৰিছিল।

ৰাধাকৃষ্ণণৰ জীৱনত প্ৰেৰণাৰ এক অন্যতম উৎস আছিল স্বামী বিবেকানন্দ।‌ ভাৰতৰ প্রাচীন দর্শনক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে স্বামী বিবেকানন্দৰ শিক্ষাৰে দিক্ষিত হোৱা সৰ্বপল্লী ৰাধাকৃষ্ণণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।ভাৰত তত্ত্বৰ অন্যতম প্রবক্তা আৰু তুলনামূলক ধর্মালােচনাৰ বাটকটীয়া ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও কঠোৰ প্ৰত্যাহ্বানৰ মাজতে জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈ নিজৰ স্বকীয় প্ৰতিভা, অধ্যৱসায়, ধীশক্তি, উদ্যম আৰু ব্যক্তিত্বৰ জৰিয়তে বিশ্ব সভাত নিজকে বিশ্বৰ অন্যতম শ্রেষ্ঠ দার্শনিক, বিশিষ্ট শিক্ষাবিদ, সুলেখক, সুবক্তা, বিশিষ্ট ৰাজনীতিবিদ আৰু সহৃদয় মানব প্রেমিক ৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।  

Also Read: জীৱনী: ড° ৰাজেন্দ্ৰ প্ৰসাদ – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি | Rajendra Prasad

সামৰণি

গভীৰ চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে ১৯৭৫ চনৰ ১৬ এপ্রিলৰ দিনা এখন নাচিংহোমত শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতৰে নহয় এজন বিশ্বৰ বৰেণ্য ব্যক্তি এক জ্ঞানৰ মূৰ্তি হিচাপে পৰিচিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণন কায়িক ভাৱে নাথাকিলেও তেওঁৰ কৰ্মৰাজি সদায় ভাৰতবাসীৰ মাজত চিৰ উজ্জীৱিত হৈ থাকিব। এগৰাকী চিন্তাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো ৰাধাকৃষ্ণণৰ চিন্তাৰ প্ৰাসংগিকতা সকলোৱে অনুভৱ কৰে। বৰ্তমান ৰাজনৈতিক পশ্চাদগমীতাৰ সময়ত নেহৰুৰ মূল্যবোধৰ ৰাজনীতি অনুকৰণীয় আৰু অনুসৰণীয়।

Also Read: জীৱনী: এ.পি.জে. আব্দুল কালাম – মিছাইলমেন | A. P. J. Abdul Kalam

FAQs

১) সৰ্বপল্লী ৰাধাকৃষ্ণন কোন আছিল?

উঃ- শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰা এজন স্বনাম ধন্য মনিষী, বিশ্ব বৰেণ্য শিক্ষাবিদ, দাৰ্শনিক তথা শিক্ষক আৰু এজন জনপ্ৰিয় ৰাজনৈতিবিদ আছিল ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan)। তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি (১৯৫২-১৯৬২) আৰু দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি (১৯৬২-১৯৬৭) আছিল।

২) সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম কেতিয়া আৰু কʼত হৈছিল?

উঃ- ১৯৮৮ চনৰ ৫ ছেপ্টেম্বৰত মাদ্ৰাজ (বৰ্তমান তামিলনাডুৰ চেন্নাই) -ৰ তিৰুটানিত।

৩) ‘যুগশ্রেষ্ঠ মনিষী’ (Master-mind of Age) বুলি কাক কোৱা হয়?

উঃ- ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনক।

৪) সৰ্বপল্লী ৰাধাকৃষ্ণনে কৰ্মজীৱনৰ পাতনি কʼত মেলিছিল?

উঃ-  মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত ১৯০৯ চনত মালায়ালম ভাষাৰ এটা অস্থায়ী পদত শিক্ষক হিচাপে।

৫) সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?

উঃ- ‘My Search for Truth’।

আশা কৰোঁ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ চমু ৰচনা এই অধ্যয়নটিয়ে আপোনালোকৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সম্পৰ্কে বহুতো তথ্য লাভ কৰাত সহায় কৰিব। যদিহে আপোনালোকক আন আন ৰচনা/জীৱনীৰ বিষয়ে জানিবলৈ ইচ্ছা আছে তেন্তে আপুনি আমাক Comment কৰি জনাব অমি সোনকালে আন আন ৰচনা/জীৱনীৰ বিষয়ে অধ্যয়ন কৰি প্ৰবন্ধ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top