Raj Kapoor Biography | ৰাজ কাপুৰৰ জীৱনী: ভাৰতীয় চলচ্চিত্ৰৰ শ্ব’মেন

ৰাজ কাপুৰ (Raj Kapoor), যাৰ জন্ম নাম আছিল সৃষ্টিনাথ কাপুৰ (ৰণবীৰ ৰাজ কাপুৰ), জন্মগ্ৰহণ কৰে ১৯২৪ চনৰ ১৪ ডিচেম্বৰত বৃটিছ ভাৰতৰ পেছাৱৰত। তেওঁ আছিল ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা, পৰিচালক আৰু প্ৰযোজক। “চাৰ্লি চেপলিন অফ ইণ্ডিয়া” আৰু “শ্ব’মেন অফ ইণ্ডিয়ান সিনেমা” বুলি সম্বোধিত ৰাজ কাপুৰ তেওঁৰ শিল্পৰ জৰিয়তে বিশ্বমঞ্চত ভাৰতীয় চলচ্চিত্ৰক নতুন পৰিচিতি প্ৰদান কৰিছিল। তেওঁক “ৰণবীৰ ৰাজ কাপুৰ” নামেও জনা যায়। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত তেওঁক অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।

Raj Kapoor Biography | ৰাজ কাপুৰৰ জীৱনী: ভাৰতীয় চলচ্চিত্ৰৰ শ্ব'মেন
Join Telegram channel

তেওঁ কাপুৰ পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল। পিতৃ আছিল বলিউডৰ প্ৰসিদ্ধ অভিনেতা পৃথ্বীৰাজ কাপুৰ। শৈশৱৰ পৰা অভিনয় আৰু শিল্পৰ সৈতে সম্পৰ্ক ৰাখি তেওঁ নিজেই কালক্রমে বোলিউডৰ অন্যতম শক্তিশালী স্তম্ভ হৈ পৰে। পেছাৱৰত জন্মগ্ৰহণ কৰা ৰাজ কাপুৰৰ দেউতাক আছিল প্ৰসিদ্ধ অভিনেতা পৃথ্বীৰাজ কাপুৰ। তেওঁ নিজৰ অভিনয় আৰু পৰিচালনাৰ যোগেদি চলচ্চিত্ৰ জগতত এক বিশেষ স্থান দখল কৰি তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এগাৰটা ফিল্মফেয়াৰ বঁটাসহ বহু সম্মান লাভ কৰিছিল। চাৰ্লি চেপলিনৰ পৰা প্ৰেৰণা লৈ তেওঁ চেপলিনৰ দ্য ট্রাম্প চৰিত্ৰক অনুকৰণ কৰি “আৱাৰা” (১৯৫১) আৰু “শ্ৰী ৪২০” (১৯৫৫) আদি বিখ্যাত ছবিত অভিনয় কৰিছিল। ২০০৫ চনত টাইম আলোচনীয়ে তেওঁৰ আৱাৰা ছবিৰ অভিনয়ক বিশ্ব চলচ্চিত্ৰৰ সৰ্বকালীণ শীৰ্ষ দশ অভিনয়ৰ ভিতৰত স্থান দিছিল।

তেওঁৰ বহু ছবিয়ে ভাৰতৰ বাহিৰতো বিপুল জনপ্রিয়তা অৰ্জন কৰি এছিয়া, মধ্যপ্ৰাচ্য, আফ্ৰিকা, কেৰিবিয়ান দ্বীপপুঞ্জ আৰু ছোভিয়েট ব্লকৰ কেইবাখনো দেশত বাণিজ্যিক সফলতা লাভ কৰিছিল। ১৯৭১ চনত ভাৰত চৰকাৰে শিল্পক্ষেত্ৰত তেওঁৰ অবদানের স্বীকৃতি স্বৰূপে পদ্মভূষণ উপাধিৰে সন্মানিত কৰে। তাৰপাছত, ১৯৮৭ চনত তেওঁক চলচ্চিত্ৰজগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

  • পূৰ্ণ নামঃ সৃষ্টিনাথ কাপুৰ (ৰণবীৰ ৰাজ কাপুৰ)
  • জন্মঃ ১৪ ডিচেম্বৰ, ১৯২৪ – পেছাৱাৰ, বৃটিছ ভাৰত (বৰ্তমান পাকিস্তান)
  • মৃত্যুঃ ২ জুন, ১৯৮৮ – দিল্লী, ভাৰত
  • পিতৃঃ পৃথ্বীৰাজ কাপুৰ
  • পত্নীঃ কৃষ্ণা মালহোট্ৰা (বিবাহ – ১৯৪৬)
  • সন্তানঃ ৫ (ৰণধীৰ, ঋষি, ৰাজীৱ, ৰিতু আৰু ঋমা)
  • পেচাঃ অভিনেতা, পৰিচালক, প্ৰযোজক
  • সক্ৰিয় সময়ঃ ১৯৩৫–১৯৮৮
  • স্টুডিঅ’: R. K. Films

ৰাজ কাপুৰ (Raj Kapoor) শিক্ষাজীৱন

তেওঁ কৰ্ণেল ব্ৰাউন কেমব্ৰিজ স্কুল, চেইণ্ট জেভিয়াৰ কলেজিয়েট স্কুল আৰু মুম্বাইৰ কেম্পিয়ন স্কুলত শিক্ষালাভ কৰিছিল। সৰু বয়সতে শিক্ষাত বিশেষ মনোনিৱেশ নকৰাকৈ অভিনয়ক নিজৰ জীৱনৰ মূল লক্ষ্য ৰূপে গ্ৰহণ কৰিছিল।

ৰাজ কাপুৰ (Raj Kapoor) ব্যক্তিগত জীৱন

১৯৪৬ চনত ৰাজ কাপুৰে কৃষ্ণা মালহোট্ৰাক বিবাহ কৰে। তেওঁলোকৰ ৫জন সন্তান আছিল – ৰণধীৰ, ঋষি, ৰাজীৱ, ৰিতু আৰু ঋমা। কাপুৰ পৰিয়াল আজিও বলিউডৰ অন্যতম প্ৰভাৱশালী পৰিয়াল হিচাপে খ্যাত।

ৰাজ কাপুৰ (Raj Kapoor) ৰাজ কাপুৰৰ চলচ্চিত্ৰীয় জীৱন

প্ৰথম পৰিচয় আৰু আৰম্ভণি

১৯৩৫ চনত মাত্র দশ বছৰৰ বয়সত ৰাজ কাপুৰে প্ৰথমবাৰ অভিনয় কৰে ইনকিলাব নামৰ হিন্দী ছবিত। ১৯৪৭ চনত নীলকমল ছবিত মধুবালাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে।

নিজস্ব প্ৰডাকচন হাউচ আৰু আৰম্ভণিৰ সফলতা

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

১৯৪৮ চনত, চৌৱিশ বছৰৰ বয়সতে, তেওঁ নিজস্ব প্ৰডাকচন সংস্থা R. K. Films প্ৰতিষ্ঠা কৰে। সেই বছৰে মুক্তি পোৱা আগ ছবিৰে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৪৯ চনত মেহবুব খানেৰ আন্দাজ ছবিখন তেওঁৰ প্ৰথম বিগ হিট হিচাপে পৰিগণিত হয়। সেই বছৰে মুক্তি পোৱা বৰসাতত তেওঁ প্ৰযোজক, পৰিচালক আৰু অভিনেতা হিচাপে একেলগে সফলতা অর্জন কৰে।

শ্ৰেষ্ঠ সৃষ্টি আৰু বিখ্যাত চলচ্চিত্ৰসমূহ

আৰ কে বেনাৰৰ অধীনত তেওঁৰ কেইবাখনো কালজয়ী হিট হৈছে —

  • আৱাৰা (১৯৫১)
  • শ্ৰী ৪২০ (১৯৫৫)
  • জিস দেশ মে গঙ্গা বহতি হ্যায় (১৯৬০)

ইয়াত তেওঁ চাৰ্লি চেপলিনৰ প্ৰভাৱত “দ্য ট্রেম্প” শৈলীৰ অভিনয়ৰে জনপ্ৰিয়তা লাভ কৰে।

অন্যান্য উল্লেখযোগ্য ছবি

তেওঁৰ অভিনীত আৰু প্ৰযোজিত কিছুমান গুৰুত্বপূৰ্ণ ছবি হ’ল:

  • দাস্তান (১৯৫০)
  • আনহোনী (১৯৫২)
  • চোৰী চোৰী (১৯৫৬)
  • ফিৰ সুবহ হোগী (১৯৫৮)
  • অনাড়ি (১৯৫৯)
  • চালিয়া (১৯৬০)
  • দিল হি তো হ্যায় (১৯৬৩)
  • সামাজিক ছবি: বুট পলিছ (১৯৫৪), অৱ দিল্লী দূৰ নহী (১৯৫৭)

ৰঙীন ছবিৰ আৰম্ভণি

১৯৬৪ চনত তেওঁৰ প্ৰথম ৰঙীন ছবি সংগম মুক্তি পায়, য’ত ৰাজেন্দ্ৰ কুমাৰ আৰু বৈজয়ন্তীমালা অভিনয় কৰিছিল। এইখন ছবিয়ে বক্স অফিচত বৃহৎ সফলতা লাভ কৰে। যদিও তাৰ পিছত মুক্তি পোৱা এৰাউণ্ড দ্য ৱৰ্ল্ড (১৯৬৬) আৰু স্বপ্নো কা সৌদাগৰ (১৯৬৮) সাফল্য নাপায়।

মেৰা নাম জোকাৰ আৰু আৰ্থিক সংকট

১৯৭০ চনত মুক্তি পোৱা মেৰা নাম জোকাৰ ছবিখনে প্ৰায় ছয় বছৰৰ সময় লৈ সম্পূৰ্ণ হয়। ছবিখন বক্স অফিচত ব্যৰ্থ হোৱাৰ ফলত তেওঁ আৰ্থিক সমস্যাৰ সন্মুখীন হয়। যদিও পিছত ই ‘কাল্ট ক্লাছিক’ হিচাপে পৰিগণিত হয়।

নতুন প্ৰজন্মৰ পৰিচয়

১৯৭৩ চনত মুক্তি পোৱা ববী আছিল ৰাজ কাপুৰৰ এখন বিশেষ সফল ছবি। ইয়াত ডিম্পল কপাড়িয়াক প্ৰথমবাৰৰ বাবে বলিউডলৈ পৰিচয় কৰোৱা হৈছিল।

নাৰী কেন্দ্ৰিক চলচ্চিত্ৰ

১৯৭০-ৰ শেষ আৰু ১৯৮০-ৰ আৰম্ভণিত ৰাজ কাপুৰে কেইখনমান নাৰী-কেন্দ্ৰিক ছবি নিৰ্মাণ কৰে:

  • সত্যম শিৱম সুন্দৰম (১৯৭৮) — জীনত আমান
  • প্ৰেমৰোগ (১৯৮২) — পদ্মিনী কোহলাপুৰী
  • ৰাম তেৰী গঙ্গা মেইলী (১৯৮৫) — মন্দাকিনী

অন্তিম সময়ৰ কাম

শেষৰ দিনবোৰত তেওঁ অলপ ছবিত অভিনয় কৰিছিল। উল্লেখযোগ্য হ’ল—

  • নৌকৰি (১৯৭৮)
  • আব্দুল্লা (১৯৮০)
  • ৱকিল বাবু (১৯৮২)

১৯৮৪ চনত মুক্তি পোৱা ব্ৰিটিছ টেলিভিছনৰ ছবি কিম আছিল তেওঁৰ শেষ অভিনীত ছবি।

মৃত্যুৰ পূৰ্বৰ অসম্পূৰ্ণ সৃষ্টি

১৯৮৮ চনত তেওঁৰ মৃত্যুৰ পূৰ্বে পুত্ৰ ঋষি কাপুৰ আৰু পাকিস্তানী অভিনেত্ৰী জেবা বখটিয়াৰ অভিনীত হেনা ছবিৰ কাম আৰম্ভ কৰিছিল। কিন্তু তেওঁৰ অকাল মৃত্যুতে ছবিখন সম্পূৰ্ণ কৰিব পৰা নাথাকিলো। পিছত পুত্ৰ ৰণধীৰ কাপুৰে ছবিখন পৰিচালনা কৰে আৰু ১৯৯১ চনত মুক্তি পায়।

ৰাজ কাপুৰে লাভ কৰা বঁটা আৰু সন্মান

  • অসামৰিক বঁটা
    • ১৯৭১: পদ্মভূষণ
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
    • ১৯৫৫: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (শ্ৰী ৪২০)
    • ১৯৬০: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (জিছ দেশ মেঁ গংগা বেহতি হ্যায়)
    • ১৯৮৭: দাদা চাহেব ফাল্কে বঁটা
  • ফিল্মফেয়াৰ বঁটা
    • ১৯৫৪: শ্ৰেষ্ঠ পৰিচালক (বুট পোলিচ)
    • ১৯৫৯: শ্ৰেষ্ঠ অভিনেতা (অনাৰী)
    • ১৯৬০: শ্ৰেষ্ঠ অভিনেতা (জিছ দেশ মেঁ গংগা বেহতি হ্যায়)
    • ১৯৬৪: শ্ৰেষ্ঠ সম্পাদনা (সংগম), শ্ৰেষ্ঠ পৰিচালক (সংগম)
    • ১৯৭০: শ্ৰেষ্ঠ পৰিচালক (মেৰা নাম জোকাৰ)
    • ১৯৮২: শ্ৰেষ্ঠ সম্পাদনা আৰু পৰিচালক (প্ৰেমৰোগ)
    • ১৯৮৫: শ্ৰেষ্ঠ ছবি, পৰিচালনা আৰু সম্পাদনা (ৰাম তেৰী গংগা মেইলী)
  • বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এৱাৰ্ড
    • ১৯৬১: শ্ৰেষ্ঠ পৰিচালক (সংগম)
    • ১৯৬৪: শ্ৰেষ্ঠ সম্পাদনা (সংগম)
    • ১৯৬৭: শ্ৰেষ্ঠ অভিনেতা (তিচৰী কচম)
    • ১৯৭১: শ্ৰেষ্ঠ অভিনেতা আৰু পৰিচালক (মেৰা নাম জোকাৰ)

মৃত্যু

১৯৮৮ চনৰ ২ জুনত দিল্লীত হৃদৰোগত আক্রান্ত হৈ ৰাজ কাপুৰৰ মৃত্যু হয়। সেই সময়ত তেওঁ হেনা ছবিৰ শ্বুটিং চলাই আছিল। ছবিখন তেওঁৰ মৃত্যুৰ পিছত পুত্ৰ ৰণধীৰ কাপুৰে সম্পূৰ্ণ কৰে আৰু ১৯৯১ চনত মুক্তি পায়।

উপসংহাৰ

ৰাজ কাপুৰ আছিল কেৱল এজন অভিনেতা বা পৰিচালক নহয়; তেওঁ আছিল “চিনেমা সংস্কৃতি”ৰ প্ৰতীক। তেওঁৰ ছবিসমূহত সমাজৰ কষ্ট, প্ৰেম, দৰিদ্ৰতাৰ গল্প আৰু মানুহৰ ভাৱনা প্ৰতিফলিত হৈছিল। সৰ্বসাধাৰণৰ হৃদয়ত স্থান লাভ কৰা এই মহান শিল্পী বৰ্তমানো চলচ্চিত্ৰৰ জগতত এক অনন্য কিংবদন্তী।

FAQs

প্ৰশ্ন ১: ৰাজ কাপুৰক কোন নামেৰে জনা যায়?
উত্তৰ: তেওঁক “চাৰ্লি চেপলিন অফ ইণ্ডিয়া” আৰু “শ্ব’মেন অফ ইণ্ডিয়ান চিনেমা” নামেৰে জনা যায়।

প্ৰশ্ন ২: ৰাজ কাপুৰৰ প্ৰথম সফল ছবি কি আছিল?
উত্তৰ: বৰসাত (১৯৪৯)।

প্ৰশ্ন ৩: তেওঁৰ বিখ্যাত ছবি আৱাৰা বাবে তেওঁ কি সন্মান পাইছিল?
উত্তৰ: ২০০৫ চনত Time Magazine এ আৱাৰাত তেওঁৰ অভিনয়ক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দশ অভিনয়ৰ ভিতৰত গণ্য কৰিছিল।

৪: তেওঁ কিমান সন্তানৰ পিতৃ আছিল?
উত্তৰ: ৫ জন সন্তান – ৰণধীৰ, ঋষি, ৰাজীৱ, ৰিতু আৰু ঋমা।

৫: ৰাজ কাপুৰে শেষ পৰিচালিত ছবি কোনখন?
উত্তৰ: ৰাম তেৰী গংগা মেইলী (১৯৮৫)।

Read also: Shashi Kapoor Biography | শশী কাপুৰ: বলিউডৰ সুদৰ্শ অভিনেতা আৰু সফল প্ৰযোজক

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top