শশী কাপুৰ (Shashi Kapoor) জন্মনাম বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ, ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্মগ্ৰহণ কৰিছিল। বলিউদৰ খ্যাতনামা কাপুৰ পৰিয়ালৰ অন্যতম সদস্য হিচাপে তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতত এক বিশেষ স্থান অধিকাৰ কৰিছে। অভিনেতা, প্ৰযোজক, পৰিচালক হিচাপে তেওঁৰ অৱদান উল্লেখযোগ্য, লগতে দাদা চাহেব ফালকে বঁটা লাভ কৰি তেওঁৰ গৌৰৱ আৰু বৃদ্ধি পাইছে। হিন্দী চলচ্চিত্ৰৰ উপৰিও শশী কাপুৰয়ে ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰিসৰতো নিজৰ প্ৰতিভাৰ উজ্জ্বল ছাঁ প্ৰতিষ্ঠা কৰিছিল। ২০১১ চনত পদ্মভূষণ বঁটাৰে সন্মানিত আৰু ২০১৪ চনৰ দাদা চাহেব ফালকে বঁটা লাভ কৰি তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ ইতিহাসত স্বর্ণাক্ষৰে নাম লিখাই গৈছিল। ২০১৭ চনৰ ৪ ডিচেম্বৰত মুম্বাইত তেওঁৰ মৃত্যু ঘটে।

- সম্পূৰ্ণ নাম: বালবিৰ ৰাজ কাপুৰ (জনপ্ৰিয় নাম শশী কাপুৰ, Shashi Kapoor)
- জন্ম: ১৮ মাৰ্চ, ১৯৩৮ – কলকাতা, পশ্চিমবঙ্গ
- পিতৃ: প্ৰসিদ্ধ অভিনেতা আৰু পৰিচালক পৃথ্বীৰাজ কাপুৰ
- ভ্ৰাতৃগণ: ৰাজ কাপুৰ, শম্ভু কাপুৰ (দুয়ো জনেই বলিউডৰ মহান অভিনেতা)
- স্ত্ৰী: জেনিফাৰ কেন্ডেল (অভিনেত্ৰী)
- সন্তান: কৰণ কাপুৰ, কুনাল কাপুৰ, সঞ্জনা কাপুৰ
- মৃত্যু: ৪ ডিচেম্বৰ, ২০১৭ – মুম্বাই, মহাৰাষ্ট্ৰ
- পেশা: অভিনেতা, প্ৰযোজক, পৰিচালক
Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী
শশী কাপুৰ (Shashi Kapoor) ৰ জন্ম আৰু পৰিয়াল পটভূমি
শশী কাপুৰৰ জন্ম ব্ৰিটিছ ভাৰতৰ কলকাতাত হৈছিল। তেওঁৰ দেউতাক আছিল বিখ্যাত অভিনেতা পৃথ্বিৰাজ কাপুৰ। শশীৰ দুজন জেষ্ঠ্য ভাতৃ— ৰাজ কাপুৰ আৰু শাম্মী কাপুৰো বলিউডৰ নামজোৱা অভিনেতা আছিল।
জেনিফাৰ কেণ্ডলৰ সৈতে পৰিচয়
১৯৫৬ চনত, কলকাতাত থিয়েটাৰ কৰ্মসূচীৰ সময়ত শশী কাপুৰৰ পৰিচয় হয় ইংৰাজ অভিনেত্ৰী জেনিফাৰ কেণ্ডলৰ সৈতে। তেতিয়া শশী কাপুৰ পৃথ্বি থিয়েটাৰত মঞ্চ প্ৰবন্ধক আৰু অভিনেতা হিচাপে জড়িত আছিল। অন্যফালে, জেনিফাৰৰ দেউতাক জিয়ফ্ৰি কেণ্ডলৰ নেতৃত্বত “শেইকছপীয়েৰিয়ান গ্ৰুপ” নামৰ নাট্যদল কলকাতাত নিয়মিত নাটক প্ৰদৰ্শন কৰিছিল। এই পৰিচয়ৰ পিছতেই দুয়ো প্ৰেমত পৰে।
বিবাহ আৰু সংসাৰ
কেণ্ডল পৰিয়ালৰ আপত্তি থকাৰ পাছতো, বলিউডৰ অভিনেত্ৰী গীতাবালীৰ সহায়ত শশী কাপুৰ আৰু জেনিফাৰ ১৯৫৮ চনৰ জুলাই মাহত বিবাহ বন্ধনত আবদ্ধ হয়। এই দম্পত্তীয়ে একেলগে বহুকেইখন ছবিত অভিনয় কৰিছিল। সংসাৰ জীৱনত তেওঁলোকৰ তিনিজন সন্তান জন্ম হয়— পুত্ৰ কুণাল কাপুৰ, কৰণ কাপুৰ আৰু জীয়ৰী সঞ্জনা কাপুৰ।
পৃথ্বী থিয়েটাৰৰ প্ৰতিষ্ঠা
১৯৭৮ চনৰ ৫ নৱেম্বৰত, শশী কাপুৰ আৰু জেনিফাৰে একেলগে মুম্বাইত ‘পৃথ্বী থিয়েটাৰ’ প্ৰতিষ্ঠা কৰে। ই ভাৰতীয় নাট্যজগতত এক নতুন দিশা প্ৰদান কৰিছিল।
জেনিফাৰৰ মৃত্যু আৰু শশী কাপুৰ
১৯৮৪ চনত কৰ্কট ৰোগত জেনিফাৰ কেণ্ডলৰ মৃত্যু ঘটে। পত্নীৰ এই মৃত্যু শশী কাপুৰৰ জীৱনত গভীৰ আঘাত দিয়ে আৰু তেওঁ মানসিকভাৱে দুখত ভাঙি পৰে।
শশী কাপুৰ (Shashi Kapoor) ৰ অভিনয় জীৱনৰ আৰম্ভণি
শশী কাপুৰ প্ৰথমে সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰ জগতলৈ প্ৰৱেশ কৰিছিল। “পোষ্ট বক্স ৯৯৯” (১৯৫৮) আৰু “শ্ৰীমান সত্যবাদী” (১৯৬০)ৰ দৰে ছবিত সহকাৰী পৰিচালকৰ ভূমিকা লৈ তেওঁ শিল্পজগতৰ ভিতৰুৱা দিশ শিকিলে। ১৯৬০ৰ দশকৰ আৰম্ভণিত অভিনেতা হিচাপে তেওঁৰ বলিউড যাত্ৰা আৰম্ভ হয়।
শশী কাপুৰ (Shashi Kapoor) ৰ কৰ্মজীৱন
শিশু শিল্পীৰ ৰূপে আৰম্ভণি
শশী কাপুৰৰ অভিনয় জীৱনৰ আৰম্ভণি খুব সৰু বয়সতে হৈছিল। মাত্ৰ ৪ বছৰ বয়সতে তেওঁ পিতৃ পৃথ্বীৰাজ কাপুৰৰ পৰিচালিত পৃথ্বী থিয়েটাৰৰ নাটকত অংশ ল’বলৈ ধৰিছিল। ১৯৪৮ৰ পৰা ১৯৫৪ চনৰ ভিতৰত তেওঁ আগ (১৯৪৮), আৱাৰা (১৯৫১), সংগ্ৰাম (১৯৫১) আৰু দানপানী (১৯৫৩) আদি কিছু হিন্দী ছবিত শিশু চৰিত্ৰৰ ভূমিকাত অভিনয় কৰে।
১৯৬০ৰ দশকৰ যাত্ৰা
অভিনেতা হোৱাৰ পূৰ্বে শশী কাপুৰে সহকাৰী পৰিচালকৰূপেও অভিজ্ঞতা সংগ্ৰহ কৰিছিল। সুনীল দত্তৰ প্ৰথম ছবি পোষ্ট বক্স ৯৯৯ (১৯৫৮) আৰু তাৰ পিছত গেষ্ট হাউচ (১৯৫৯), দুলহা দুলহন আৰু ৰাজ কাপুৰৰ শ্ৰীমান সত্যবাদী ছবিত তেওঁ সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।
তেওঁৰ প্ৰথম মুখ্য ভূমিকাৰ ছবি আছিল ধৰ্মপুত্ৰ। অভিনয়জীৱনত শশী কাপুৰে মুঠ ১১৬খন ছবিত অংশ ল’ল, যাৰ ভিতৰত ৬১খনত মুখ্য নায়কৰূপে, ৫৫খন বহুনায়কীয় (multi star-cast) ছবি আৰু কেইবাখনোত সহযোগী বা বিশেষ ভূমিকাত দেখা গৈছিল। ৬০ আৰু ৭০ৰ দশকত তেওঁ বলিউডৰ এক জনপ্ৰিয় মুখ আছিল।
১৯৬৩ চনৰ পৰা তেওঁ ইংৰাজী ভাষাৰ ছবিতো অভিনয় কৰিবলৈ আৰম্ভ কৰিলে, যাৰ ভিতৰত দ্য হাউচহোল্ডাৰ আৰু শ্বেইকছপীয়েৰৱালা উল্লেখযোগ্য। সেই সময়তে অভিনেত্ৰী নন্দাৰ সৈতে তেওঁৰ ৮খন ছবিৰ চুক্তি হৈছিল। যুটিটোৰ প্ৰথম দুটা ছবি আছিল চাৰ দিৱাৰী (১৯৬১) আৰু মেহেন্দী লগী মেৰে হাত (১৯৬২)। জব জব ফুল খিলে (১৯৬৫)ৰ দৰে বহুতো ৰোমাণ্টিক ছবিত এই যুটি বিশেষ জনপ্ৰিয় হৈছিল। পেছাৰ সাক্ষাৎকাৰত শশী কাপুৰে কৈছিল যে নন্দাই আছিল তেওঁৰ আটাইতকৈ প্ৰিয় নায়িকা আৰু একান্ত উপদেষ্টা।
১৯৭০-৮০ৰ দশকৰ সাফল্য
৭০ৰ দশকৰ পৰা ৮০ৰ দশকৰ মাজলৈ শশী কাপুৰে ৰাখী, শৰ্মিলা ঠাকুৰ, জিনাত আমান, হেমা মালিনী, পাৰৱীন বাবী আৰু মৌচুমী চেটাৰ্জীৰ সৈতে বহুকেইখন ছবি কৰিছে।
শশী-ৰাখীৰ যুটি বিশেষকৈ খ্যাতি লাভ কৰিছিল। জানোৱাৰ ঔৰ ইন্সান (১৯৭২), কভি কভি (১৯৭৬), বচেৰা (১৯৮১), পিঘলতা আচমান (১৯৮৫), লগতে সমালোচকে প্ৰশংসা কৰা তৃষ্ণা (১৯৭৮), দুচৰা আদমী (১৯৭৮), বন্ধন কচ্চে ধাগোঁ কা, বন্ধ হোঁঠ (১৯৮৪) আদি ছবিত তেওঁলোক একেলগে অভিনয় কৰিছিল।
শৰ্মিলা ঠাকুৰৰ সৈতে শশী কাপুৰে ৱক্ত (১৯৬৫), আমনে সামনে (১৯৬৭), সুহানা চফৰ (১৯৭০), পতংগ্ (১৯৭১), আ গলে লগ যা (১৯৭৩), আৰু বচন (১৯৭৪) আদিতো একেলগে অভিনয় কৰিছিল।
শশী কাপুৰ (Shashi Kapoor) ৰ চলচ্চিত্ৰপঞ্জী
শিশুশিল্পী ৰূপে
- আগ (১৯৪৮)
- আৱাৰা (১৯৫১)
আৰম্ভণিৰ দিনবোৰ (প্ৰাপ্তবয়স্ক ভূমিকাত)
- ধৰ্মপুত্ৰ (১৯৬১) – প্ৰথম প্ৰাপ্তবয়স্ক তচৰিত্ৰ
- চাৰ দিৱাৰী (১৯৬১)
- মেহেন্দী লগী মেৰে হাথ (১৯৬২)
- প্ৰেমপত্ৰ (১৯৬২)
- দ্য হাউচহোল্ডাৰ (১৯৬৩) – ইংৰাজী ছবি
- জব সে তুমহে দেখা হ্যায় (১৯৬৩)
- হোলীডে ইন বোম্বে (১৯৬৩)
হো - বেনজীৰ (১৯৬৪)
সফলতাৰ যাত্ৰা (১৯৬৫ – ১৯৭০)
- ৱক্ট (১৯৬৫)
- মোহব্বত ইচকো কেহতে হ্যায় (১৯৬৫)
- শ্বেইকছপীয়েৰৱালা (১৯৬৫) – ইংৰাজী ছবি
- জব জব ফুল খিলে (১৯৬৫) – শ্ৰেষ্ঠ অভিনেতাৰ BFJA বঁটা
- নিন্দ হামাৰী খুৱাব তুমহাৰী (১৯৬৬)
- বিৰাদৰী (১৯৬৬)
- প্যাৰ কিয়ে যা (১৯৬৬)
- আমনে চামনে (১৯৬৭)
- দিল নে পুকাৰা (১৯৬৭)
- প্ৰীতি প’লী (১৯৬৭) – ইংৰাজী ছবি
- হাচিনা মান জায়েগী (১৯৬৮) – দ্বৈত ভূমিকা
- কন্যাদান (১৯৬৮)
- প্যাৰ কা মৌচম (১৯৬৯)
- এক শ্ৰীমান এক শ্ৰীমতী (১৯৬৯)
- ৰাজা চাব (১৯৬৯)
১৯৭০ৰ দশক
- অভিনেত্ৰী (১৯৭০)
- বোম্বে টকী (১৯৭০)
- বিক্ৰম (১৯৭০) – ইংৰাজী ছবি
- চুহানা ছফৰ (১৯৭০)
- মাই লভ (১৯৭০)
- চৰ্মিলী (১৯৭১)
- পতঙ্গ (১৯৭১)
- সিদ্ধাৰ্থ (১৯৭২) – ইংৰাজী ছবি
- আ গলে লগ যা (১৯৭৩)
- নেইনা (১৯৭৩)
- মিষ্টাৰ ৰোমিও (১৯৭৪)
- বচন (১৯৭৪)
- ৰোটি কপৰা ঔৰ মকান (১৯৭৪)
- চোৰ মচায়ে শ্বোৰ (১৯৭৪)
- দীৱাৰ (১৯৭৫) – সহযোগী শিল্পীৰ ফিল্মফেয়াৰ বঁটা
- শলাখেঁ (১৯৭৫)
- প্ৰেম কাহানী (১৯৭৫)
- চোৰী মেৰা কাম (১৯৭৫)
- কভি কভি (১৯৭৬)
- বজৰঙ্গৱলী (১৯৭৬)
- ফকিৰা (১৯৭৬)
- নাচ উঠে সংসাৰ (১৯৭৬)
- ফৰিষ্টা য়া কাটিল (১৯৭৭)
- ইমান ধৰম (১৯৭৭)
- শঙ্কৰ দাদা (১৯৭৭)
- মুক্তি (১৯৭৭)
- হীৰা ঔৰ পান্না (১৯৭৭)
- চোৰ চিপাহী (১৯৭৭)
- দুচৰা আদমী (১৯৭৭)
- ত্ৰিশূল (১৯৭৮)
- হীৰালাল পান্নালাল (১৯৭৮)
- অপনা খুন (১৯৭৮)
- সত্যম শিৱম সুন্দৰম (১৯৭৮)
- জুনুন (১৯৭৮) – শ্ৰেষ্ঠ কাহিনীচিত্র (প্ৰযোজক হিচাপে)
- অমৰ শক্তি (১৯৭৮)
- ফাঁচী (১৯৭৮)
- মুকদ্দৰ (১৯৭৮)
- তৃষ্ণা (১৯৭৮)
- সুহাগ (১৯৭৯)
- কালা পাত্থৰ (১৯৭৯)
১৯৮০ৰ দশক
- দো ঔৰ দো পাঁচ (১৯৮০)
- কালী ঘটা (১৯৮০)
- কলয়ুগ (১৯৮০) – শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা (প্ৰযোজক ৰূপে)
- চান (১৯৮০)
- সয়ম্বৰ (১৯৮০)
- ক্ৰোধী (১৯৮১)
- ক্ৰান্তি (১৯৮১)
- চিলচিলা (১৯৮১)
- বসেৰা (১৯৮১)
- মান গয়ে উস্তাদ (১৯৮১)
- বিজেতা (১৯৮২)
- নমক হলাল (১৯৮২)
- সৱাল (১৯৮২)
- হিট এণ্ড ডাষ্ট (১৯৮২) – ইংৰাজী ছবি
- ঘুঙ্গুৰু (১৯৮৩)
- বন্ধন কচ্চি ধাগে কা (১৯৮৩)
১৯৮৬ – ১৯৯০
- নিউ দেলহী টাইমচ (১৯৮৬) – শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় আৰু BFJA বঁটা
- স্বাতী (১৯৮৬)
- এক মে ঔৰ এক তু (১৯৮৬)
- ইলজাম (১৯৮৬)
- চাম্মী এণ্ড ৰোজী গেট লেইড (১৯৮৭) – ইংৰাজী ছবি
- প্যাৰ কী জীত (১৯৮৭)
- ইজাজত (১৯৮৭)
- সিন্দুৰ (১৯৮৭)
- দ্য ডিচিভাৰচ্ (১৯৮৮) – ইংৰাজী ছবি
- ক্লাৰ্ক (১৯৮৯)
১৯৯০ৰ পিছত
- অকেলা (১৯৯১)
- ইন কাষ্ট’ডী (১৯৯৩) – ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিশেষ উল্লেখ
- গালিভাৰ ট্ৰেভেলচ্ (১৯৯৬) – টিভি ধাৰাবাহিক
- জিন্না (১৯৯৮) – ধাৰাভাষ্যকাৰ ৰূপত
- চাইড ষ্ট্ৰিট (১৯৯৮) – ইংৰাজী ছবি
প্ৰযোজক হিচাপে কৰা কামসমূহ
- জুনুন (১৯৭৮)
- কলযুগ (১৯৮০)
- ৩৬ চৌৰঙ্গী লেন (১৯৮১) – ইংৰাজী চলচ্চিত্ৰ
- বিজেতা (১৯৮২)
- উৎসৱ (১৯৮৪)
- আজুবা (১৯৯১)
সহকাৰী পৰিচালক হিচাপে কৰা কামসমূহ
- পোষ্ট বক্স ৯৯৯ (১৯৫৮)
- গেষ্ট হাউচ (১৯৫৯)
- শ্ৰীমান সত্যবাদী (১৯৬০)
- দুলহা দুলহন (১৯৬০)
- মনোৰঞ্জন (১৯৭৪)
- আজুবা (১৯৯১)
পৰিচালক হিচাপে কৰা কামসমূহ
- আজুবা (১৯৯১)
- Vozvrashcheniye Bagdadskogo Vora (১৯৮৮) – ৰুচ ভাষাৰ চলচ্চিত্ৰ
মৃত্যু
২০১৭ চনৰ ৪ ডিচেম্বৰ, সোমবাৰদিনে মুম্বাইৰ কোকিলাবেন হস্পিটেলত দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ৭৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
বঁটা আৰু সন্মাননা
অসামৰিক বঁটা
- ২০১১ – ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ বঁটা লাভ
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ২০১৪ – দাদা চাহেব ফাল্কে বঁটা
- ১৯৯৪ – মুহাফিজ (১৯৯৩)ৰ বাবে বিশেষ জুৰীৰ বিশেষ উল্লেখ
- ১৯৮৬ – নিউ দেলহী টাইমচ্ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতা
- ১৯৭৯ – জুনুন (১৯৭৮) ছবিৰ বাবে শ্ৰেষ্ঠ কাহিনী চলচ্চিত্ৰ (প্ৰযোজক হিচাপে)
ফিল্মফেয়াৰ বঁটা
- ২০১০ – জীৱনজোৰা সাধনা বঁটা
- ১৯৮২ – কলয়ুগ (১৯৮০) ছবিৰ বাবে শ্ৰেষ্ঠ ছবি বঁটা
- ১৯৮০ – জুনুন (১৯৭৮) ছবিৰ বাবে শ্ৰেষ্ঠ ছবি বঁটা
- ১৯৭৬ – দীৱাৰ (১৯৭৫) ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতা
বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ এচ’চিয়েচন বঁটা (BFJA)
- ১৯৮৮ – নিউ দেলহী টাইমচ্ৰ বাবে শ্ৰেষ্ঠ অভিনেতা
- ১৯৬৫ – জব জব ফুল খিলে ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতা
অন্যান্য সন্মাননা
- ২০১১ – মহম্মদ ৰফী বঁটা
- ২০০৯ – ৭ম পুণে আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জীৱনজোৰা সাধনা বঁটা
- ২০০৯ – একাদশ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত জীৱনজোৰা সাধনা বঁটা
- ১৯৮৮ – ৰাচিয়ান ভাষাৰ ছবি Vozvrashcheniye Bagdadskogo Vora
Read also: Bhabananda Deka Biography | ভৱানন্দ ডেকাৰ জীৱনী
উপসংহাৰ
শশী কাপুৰ (Shashi Kapoor) কেৱল বলিউডৰ এজন অভিনেতাই নহয়, তেওঁ এজন আন্তৰ্জাতিক প্ৰতিভা, সফল প্ৰযোজক আৰু বংশানুক্ৰমে কাপুৰ পৰিয়ালৰ অন্যতম গৌৰৱ। তেওঁৰ যাত্ৰাই ভাৰতীয় চলচ্চিত্ৰক বিশ্বদৰবাৰত চিনাকি কৰাই তুলিছিল।
FAQs
1. শশী কাপুৰৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৮ মাৰ্চ, ১৯৩৮ চনত কলকাতাত।
2. তেওঁ কোনবোৰ উল্লেখযোগ্য বঁটা লাভ কৰিছিল?
উত্তৰ: BFJA বঁটা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা আদিকে।
3. তেওঁৰ স্ত্ৰী কোন আছিল?
উত্তৰ: ব্ৰিটিছ অভিনেত্ৰী জেনিফাৰ কেন্ডেল।
4. তেওঁৰ আন্তৰ্জাতিক ছবি কোনবোৰ?
উত্তৰ: “সিদ্ধাৰ্থ”, “হিট এণ্ড ডাষ্ট”, “দ্য ডিচিভাৰচ্”, “চাইড ষ্ট্ৰিট” আদি।
5. প্ৰযোজক হিচাপে তেওঁৰ কোন ছবিবোৰ প্ৰসিদ্ধ?
উত্তৰ: “জুনুন”, “কলযুগ”, “৩৬ চৌৰঙ্গী লেন”, “উৎসৱ”, “বিজেতা”।

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.








