Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি

Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১৭। তুলনামূলক ৰাজনীতিৰ অৰ্থ সম্পর্কে লিখা। (Write about the meaning of comparative politics.) 

উত্তৰঃ তুলনামূলক ৰাজনীতিৰ অধ্যয়নে সমসাময়িক ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক অতি গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। তুলনামূলক ৰাজনীতিয়ে বিভন্ন ৰাজনৈতিক ব্যৱস্থাবিলাকত বিদ্যামান হোৱা আচৰণ-অনুষ্ঠানসমূহ, প্রক্রিয়াসমূহ, আদৰ্শৰাজি আৰ প্ৰমূল্যৰাজিৰ ওপৰত এক-সূক্ষ্ম বিশ্লেষণ কৰি বাস্তৱসন্মত ব্যাখ্যাৰ আভাস দিয়ে, ইবিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰাজি, আৰ্হি আৰু নিয়মসমূহৰ সন্ধান কৰে, যিবিলাকৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থাসমূহৰ মৌলিক প্রকৃতি, কার্যপদ্ধতি আৰু বিশ্বাসৰাজি সম্পৰ্কে জনাত সহায় কৰে। তুলনামূলক ৰাজনীতিয়ে চৰকাৰ আৰু ইয়াৰ অংগসমূহৰ লগতে ৰাষ্ট্ৰীয় চৰকাৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত নোহোৱা কেতবোৰ সংগঠনৰ ৰূপ (যেনে—জনজাতি, সম্প্রদায়, সংঘ, সন্থা আদি)ৰ বিষয়ে অধ্যয়ন কৰে। যদিওৱা তুলনামূলক ৰাজনীতিৰ ইতিহাস বহু পুৰণি, তথাপি বিষয়বোৰৰ অধ্যয়নৰ পৰিসৰ দ্বিতীয় মহাসমৰৰ পাছৰ পৰাহে বৃদ্ধি পাবলৈ ধৰিলে ৷ 

কিয়নো দ্বিতীয় মহাসমৰৰ পূৰ্বে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ইউৰোপৰ মাথো কেইখনমান উন্নত ৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থা আৰু ইবিলাকৰ কাৰ্যাৱলীৰ অধ্যয়নতেই সীমাৱদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ অধ্যয়নৰ পৰিসৰ নিচেই সংকীর্ণ আছিল; কিন্তু দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবিলাক ঔপনিবেশিকতাবাদৰ কৱলৰ পৰা মুক্তি লাভ কৰাৰ লগে লগে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ পৰা এই স্বাধীনতা প্রাপ্ত ৰাষ্ট্ৰবিলাকলৈ সম্প্ৰসাৰিত হ’বলৈ ধৰিলে। এনেদৰে নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নে তুলনামূলক ৰাজনীতিৰ পৰিসৰ আৰু গতিশীলতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

দ্বিতীয় মহাসমৰৰ আগলৈকে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন চৰকাৰৰ তিনিটা প্রধান অংগ ক্রমে আইনসভা, কার্যপালিকা আৰু ন্যায়পালিকাৰ অধ্যয়নতেই সীমাৱদ্ধ আছিল। কিন্তু কালক্ৰমত ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়নৰ উপৰি কেতবোৰ সংবিধান বহির্ভূত শক্তি, যেনে— ৰাজনৈতিক দল, প্ৰভাৱগোষ্ঠী, স্বার্থান্বেষী গোটবিলাকো তুলনামূলক ৰাজনীতি অধ্যয়নৰ এক নতুন আহিলাৰূপে পৰিগণিত হয়। চৰকাৰৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰাজি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি চোৱাটোৱেই হৈছে তুলনামূলক ৰাজনীতি।

মাইকেল কাৰ্টিজ (Curtis)ৰ ভাষাত তুলনামূলক ৰাজনীতিয়ে ৰাজনৈতিক অনুষ্ঠান আৰু ৰাজনৈতিক আচৰণৰ কাৰ্যৰ লগত জড়িত নিয়মানুৱৰ্তিতা, সাদৃশ্য আৰু বৈসাদৃশ্য সম্পর্কে অধ্যয়ন কৰে (“Comparative Politics is concerned with significant regularities, similarities and differences in the working of Political institutions and in political behaviour)”।

জ্যা ব্লনডেল (Jean Blandel)ৰ মতে “তুলনামূলক চৰকাৰ হ’ল সমসাময়িক বিশ্বৰ ৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতিৰ অধ্যয়ন” (“Comparative Government can be defined as a study of patterns of National Government in the Contemporary World”)।

ই. এ. ফ্রিমেন (E. A. Freeman)ৰ মতে, “তুলনামূলক ৰাজনীতি হৈছে বিভিন্ন ধৰণৰ চৰকাৰ আৰু ৰাজনৈতিক অনুষ্ঠান সমূহৰ তুলনামূলক বিশ্লেষণ” (Comparative Politics is a Comparative analysis of the various form of Government and diverse Political Institutions)

১৮। তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজৰ প্ৰভেদসমূহ উল্লেখ কৰা। (Mention the difference between Comparative Government and Comparative Politics.)

উত্তৰঃ তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজৰ প্ৰভেদ সমূহ হৈছে নিম্নোক্ত ধৰণৰ—

(ক) তুলনামূলক চৰকাৰৰ অধ্যয়নক্ষেত্ৰ ৰাষ্ট্ৰকেন্দ্ৰিক৷ ইয়াত চৰকাৰৰ বিভিন্ন বিভাগৰ গঠন, সমাজ, কাৰ্যাৱলী আদি বিলাকৰ তুলনামূলক অধ্যয়ন কৰে। আনহাতে তুলনামূলক ৰাজনীতি কেৱল চৰকাৰী অনুষ্ঠানসমূহৰ লগতেই জড়িত নহয়। ইয়াত ৰাষ্ট্ৰৰ কাৰ্যত প্ৰভাৱ পেলোৱা সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংস্থা যেনে—ৰাজনৈতিক দল, প্ৰভাৱগোষ্ঠী, শ্রমিৰ সংঘ বা অন্যান্য বেচৰকাৰী অনুষ্ঠান তথা ক্লাৱসমূহকো জড়িত কৰি তুলনামূলক আলোচনা কৰা হয়।

(খ) তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পদ্ধতি তুলনামূলক চৰকাৰতকৈ অধিক বাস্তৱমুখী আৰু বিজ্ঞানসন্মত । তুলনামূলক ৰাজনীতিয়ে গোটেই সমাজখনক অন্তর্ভুক্ত কৰিবলৈ চেষ্টা কৰে।

(গ) তুলনামূলক চৰকাৰ অধ্যয়ন কৰোঁতে ঐতিহাসিক পদ্ধতি অনুসৰণ কৰা দেখা যায়। কিন্তু তুলনামূলক ৰাজনীতি অধ্যয়নৰ কাৰণে বিজ্ঞানসন্মত তথা বিশ্লেষণাত্মক পদ্ধতিক অনুসৰণ কৰা হয়।

(ঘ) তুলনামূলক চৰকাৰৰ অধ্যয়ন সাধাৰণতে সাংবিধানিক চৰকাৰৰ লগত জড়িত। কিন্তু তুলনামূলক ৰাজনীতিয়ে ইয়াৰ বাহিৰতো অধ্যয়ন কৰিবলৈ প্ৰয়াস কৰে।

(ঙ) পৰিসৰৰ ফালৰ পৰা দুয়োটা অধ্যয়নৰ মাজত প্ৰভেদ দেখা যায়। তুলনামূলক চৰকাৰৰ পৰিসৰ ঠেক, কাৰণ ই কেৱল চৰকাৰী কাৰ্যকলাপবোৰৰ লগতে জড়িত হৈ থাকে৷ আনহাতে তুলনামূলক ৰাজনীতিৰ পৰিসৰ বিস্তৃত। ইয়াত চৰকাৰী, বেচৰকাৰী সকলো প্ৰতিষ্ঠানৰ বিষয়ে অধ্যয়ন কৰে ৷

(চ) তুলনামূলক চৰকাৰৰ তুলনাত ৰাজনীতিয়ে ইয়াৰ অধ্যয়নক্ষেত্ৰত নতুন নতুন পদ্ধতি উদ্ভাৱনৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে ৷ তেওঁলোক মূল্যবোধ তথা আদৰ্শৰ বিপৰীতে আলোচনা আৰু গৱেষণাৰ জৰিয়তে ৰাজনৈতিক অধ্যয়নক অগ্ৰাধিকাৰ দিব বিচাৰে।

(ছ) তুলনামূলক চৰকাৰ অধ্যয়নৰ পৰিসৰ আমেৰিকা বা পশ্চিম ইউৰোপৰ কেইখনমান গণতান্ত্রিক দেশৰ ৰাজনৈতিক পদ্ধতিৰ মাজতে সীমাৱদ্ধ। কিন্তু তুলনামূলক ৰাজনীতিৰ অধ্যয়নে এছিয়া, আফ্রিকা, দক্ষিণ আমেৰিকাৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহকো সাঙুৰি অধ্যয়নৰ বিষয় হিচাপে বাছিল’লে। ইয়াৰ উপৰি তুলনামূলক ৰাজনীতিয়ে সমাজবাদী আদর্শ, সাম্যবাদী আদর্শ গ্রহণ কৰা ৰাজনৈতিক পদ্ধতিসমূহ অধ্যয়ন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

১৯৷ তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ‘ৰাজনীতি’ শব্দটিয়ে কোন তিনি প্ৰকাৰৰ অৰ্থ সূচায়? (In the study of comparative politics, which three types of meaning does the word politics identity?)

উত্তৰঃ তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ‘ৰাজনীতি’ শব্দটিয়ে তিনি প্ৰকাৰৰ অৰ্থক সূচায়— 

(ক) ৰাজনৈতিক কার্যকলাপ। 

(খ) ৰাজনৈতিক প্ৰক্ৰিয়া। আৰু 

(গ) ৰাজনৈতিক ক্ষমতা। 

(ক) ৰাজনৈতিক কার্যকলাপ (Political Activity) : ৰাজনৈতিক কার্যকলাপ সংঘর্ষ জৰ্জৰিত পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াসৰ লগতে ক্ষমতা আহৰণৰ বাবে চলা সংগ্ৰামত অৱতীৰ্ণ হোৱা জনসাধাৰণৰ স্বাৰ্থক জড়িত কৰি তাক মীমাংসাকৰণৰ সামূহিক প্ৰচেষ্টাৰ এক ৰূপ ৷

(খ) ৰাজনৈতিক প্রক্রিয়া (Political Process) :  ৰাজনৈতিক কার্যকলাপৰ পিছতেই হৈছে ৰাজনৈতিক প্ৰক্ৰিয়া।ই অধিক বিস্তৃত আৰু সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰা সকলোবিলাকক সাঙুৰি লয় ৷ সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত কেৱল ৰাষ্ট্ৰইহে অৰ্থাৎ চৰকাৰী আনুষ্ঠানিক সংস্থাবিলাকেহে যে অংশ গ্ৰহণ কৰে এনে নহয়, বৰং অন্যান্য অনা-আনুষ্ঠানিক চৰকাৰী সংস্থাবিলাকোঁ জড়িত।

(গ) ৰাজনৈতিক ক্ষমতা (Political Power) : ৰাজনৈতিক অধ্যয়নত ই এক মৌলিক অৱধাৰণা। ৰাজনৈতিক ক্ষমতাৰ ধাৰণাটো এতিয়াও প্রায় অস্পষ্ট অৱস্থাতেই আছে। এই প্ৰসংগতে কোৱাটো উচিত হ’ব যে, ক্ষমতাৰ লগত কৰ্তৃত্বৰ অৱধাৰণাতো নিবিড়ভাৱে সম্পর্কিত। ই হৈছে শাসনৰ শাসন কৰাৰ অধিকাৰৰ স্বীকৃতি প্রদান ৷ তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ৰাজনীতি অভিধাটোৰ অভিজ্ঞতাবাদী থকা পৰিলক্ষিত হয়। ক্ষমতা আহৰণ আৰু ইয়াৰ ব্যৱহাৰৰ বিস্তৃত ব্যাখ্যা আৰু বিশ্লেষণৰ লগত ৰাজনীতি অভিধাটো জড়িত।

২০। তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ সম্বন্ধ সম্পর্কে আলোচনা কৰা৷ (Discuss about the relationship between Comparative Government and Comparative Politics.) 

উত্তৰঃ তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ অধ্যয়ন এই দুয়োটা এটা আনটোৰ লগত ঘনিষ্ঠভাৱে সম্পর্কিত। বহুতো আধুনিক লেখকে তেওঁলোকৰ আলোচনাত তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজত ওতঃপ্রোত সম্পৰ্ক থকা বুলি দাবী কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত অধ্যাপক হাৰমেন ফাইনাৰ (Herman Finer) ৰ নাম উল্লেখনীয়। ফাইনাৰৰ মতে চৰকাৰ অভিধাটোৱে চাৰি প্ৰকাৰৰ অৰ্থ প্ৰকাশ কৰে। প্ৰথমতে, ‘ই’ শাসন পৰিচালনা কৰাৰ প্ৰক্ৰিয়াক সূচায় । দ্বিতীয়তে, “চৰকাৰ” এনে এক অৱস্থাক সূচায় য’ত শাসন সম্পৰ্কীয় প্ৰক্ৰিয়া দেখিবলৈ পোৱা যায়। তেওঁৰ মতে, এনে এক সামাজিক অৱস্থাই শৃংখলাবদ্ধ সামাজিক জীৱনৰ চৰ্তাৱলীক সূচায় । তৃতীয়তে, “চৰকাৰ” অভিধাটোৱে শাসন কাৰ্য পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা ব্যক্তি সমষ্টিক দিয়া কেতবোৰ নীতি-নির্দেশনাক বুজায় ৷ চতুৰ্থতে,“চৰকাৰ” শব্দই এনে এক পদ্ধতিক বা ব্যৱস্থাক বুজায় যাৰ জৰিয়তে এখন বিশেষ সমাজ পৰিচালিত হয়। গতিকে ফাইনাৰৰ মতে চৰকাৰ হৈছে এনে এক সিদ্ধান্ত গ্ৰহণ কৰা ব্যৱস্থাপনা যাৰ জৰিয়তে সমাজত প্ৰচলিত প্ৰভাৱগোষ্ঠী বা স্বার্থান্বেষী গোটসমূহকে ধৰি অন্যান্য গোষ্ঠী, গোট বা সংগঠনসমূহো প্ৰভাৱান্বিত হয়। এলান বল, ই. এ. ফ্ৰিমেন আৰু ব্লনডেল প্রভৃতি লেখকসকলেও তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজত থকা সম্পৰ্ক নিজস্ব ধৰণে বিশ্লেষণ কৰি দেখুৱাইছে।

এইচাম লেখকে ৰাষ্ট্ৰৰ ৰাজনৈতিক অনুষ্ঠানসমূহৰ পৰিৱৰ্তে অনানুষ্ঠানিক ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে। ফ্ৰিমেনৰ মতে, “তুলনামূলক ৰাজনীতি বিভিন্ন চৰকাৰসমূহ আৰু বিভিন্ন বৈসাদৃশ্যমূলক ৰাজনৈতিক অনুষ্ঠানসমূহৰ তুলনামূলক বিশ্লেষণৰ বাহিৰে আন একো নহয়।” অনুৰূপ ধৰণে ব্লনডেল (Blondel)ৰ মতে, ‘তুলনামূলক চৰকাৰ হ’ল সমসাময়িক বিশ্বৰ ৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতিৰ আৰ্হিৰ অধ্যয়ন।” এলান বলে চৰকাৰ আৰু ৰাজনীতি—এই দুয়োটাৰ মাজত সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছিল ৷

আন এচাম চিন্তাবিদে তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতি এই দুয়োটা অভিধামতে প্রভেদ নিৰূপণ কৰিছে। তেওঁলোকে তুলনামূলক চৰকাৰৰ অধ্যয়নৰ পৰিসৰ তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰৰ তুলনাত অধিক সংকীর্ণ বুলি অভিমত দিছে। তুলনামূলক চৰকাৰৰ অধ্যয়নে বিভিন্ন ৰাজনৈতিক ব্যৱস্থা আৰু ইয়াৰ অন্তৰ্ভুক্ত সকলোবিলাক বিষয়ৰ উপৰি অৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়েও অধ্যয়ন কৰা হয়। সেই দৃষ্টিকোণৰ পৰা তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ অতি বিস্তৃত। গতিকে তুলনামূলক ৰাজনীতিৰ ছাত্ৰ এজনে কোনো এক ৰাজনৈতিক পদ্ধতিৰ আইন প্রণয়ন, আইন কাৰ্যকৰীকৰণ, আইনৰ বৈধতা বিচাৰকৰণ নতুৱা ৰাজনৈতিক অনুষ্ঠানবিলাকৰ বৰ্ণনামূলক বিশ্লেষণতে আৱদ্ধ হৈ নাথাকে, বৰং বিভিন্ন ৰাজনৈতিক পদ্ধতিৰ কাৰ্যগত আৰু কাঠামোৰ অধ্যয়নৰ ওপৰতহে আধুনিক তুলনামূলক ৰাজনীতি অধ্যয়নৰ ছাত্ৰ এজনে অধিকভাৱে মনোনিৱেশ কৰে ৷

অধ্যাপক ব্লনডেলে তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজত এক স্পষ্ট প্ৰভেদ নিৰ্ণয় কৰিব বিচাৰিছে। এই প্ৰসংগত ব্লনডেলে কৈছে যে তুলনামূলক চৰকাৰৰ দুটা প্ৰধান দিশ আছে—সমান্তৰাল (Horizontal) আৰু পোনপটীয়া (Vertical) । যদিহে এই দুয়োটা দিশক বিবেচনা কৰা হয় তেন্তে সমান্তৰাল আৰু পোনপটীয়া এই দুয়োটা অভিধাকেই তুলনামূলক ৰাজনীতিৰ লগত পৰিচয় কৰাব পাৰি। ব্লনডেলৰ মতে তুলনামূলক ৰাজনীতিৰ অধ্যয়নত পোনপটীয়া তুলনাই ৰাষ্ট্ৰই তুলনামূলক অধ্যয়নৰ উপৰি ৰাজনৈতিক প্ৰক্ৰিয়াত সংযুক্ত আন আনুষংগিক সংগঠন আৰু গোষ্ঠীবিলাকৰ অধ্যয়নকো সাঙুৰি লয়।

এডৱাৰ্ড ফিমেনে তুলামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজত এক স্পষ্ট প্রভেদ নিৰ্ণয় কৰিব বিচাৰিছে ৷ তেওঁৰ মতে, তুলনামূলক চৰকাৰে ৰাজনৈতিক অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ চৰকাৰৰ তুলনামূলক অধ্যয়নক বুজায়। আনহাতে তুলনামূলক ৰাজনীতিৰ আলোচনাত কোনো এক ৰাজনৈতিক ব্যৱস্থাৰ গাঁথনিগত আৰু কাৰ্যগত (Structural and Functional) বিশ্লেষণৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থাৰ সফলতা আৰু বিফলতা নিৰূপণ কৰা হয় ৷ তুলামূলক ৰাজনীতি যদিওৱা ৰাজনৈতিক অনুষ্ঠান আৰু মানৱ আচৰণৰ নিয়মানুৱৰ্তিতাৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ অধ্যয়নৰ লগত জড়িত, তথাপিতো তুলনামূলক আলোচনা কৰোঁতে যাতে গোটেই বিষয়টো অত্যধিক সৰলীকৰণ হৈ নপৰে তাৰ প্ৰতি যথোচিত গুৰুত্ব প্ৰদান কৰিব লাগে ৷

২১। তুলনামূলক ৰাজনীতি আৰু তুলনামূলক ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে বহলাই আলোচনা কৰা ৷ (Discuss in details Comparative Politics and Comparative Political System.)

উত্তৰঃ “তুলনামূলক ৰাজনীতি” আৰু “তুলনামূলক ৰাজনৈতিক পদ্ধতি” এই দুয়োটা অভিধাৰ ‘নামকৰণৰ ক্ষেত্ৰত বিশেষ মৌলিক প্রভেদ পৰিলক্ষিত নহয়, তথাপি যিহেতুকে আমাৰ অধ্যয়নৰ মূল বিষয় ৰাজনৈতিক কার্যকলাপ, ৰাজনৈতিক প্ৰক্ৰিয়া আৰু ৰাজনৈতিক ক্ষমতা, সেয়েহে আমি বিষয়টোক “তুলনামূলক ৰাজনীতি” হিচাপে অভিহিত কৰাটোৱেই যুক্তিসংগত। যি কি নহওঁক, সাম্প্রতিক সময়ত “তুলনামূলক ৰাজনীতি” আৰু “তুলনামূলক ৰাজনৈতিক পদ্ধতি” । এটাক আনটোৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। সুক্ষভাৱে বিশ্লেষণ কৰিলে নিম্নোক্ত দিশসমূহ পৰিলক্ষিত হয়।

(ক) বিশ্লেষণাত্মক আৰু অভিজ্ঞতাবাদী অনুসন্ধান (Analytical and empirical investigation) : তুলনামূলক ৰাজনীতিৰ অধ্যয়নত বিশ্লেষণাত্মক গৱেষণাৰ ওপৰত অত্যাধিকভাৱে গুৰুত্ব দিয়া হয়। এনে বিশ্লেষণাত্মক আৰু অভিজ্ঞতাবাদী অনুসন্ধানমূলক, অধ্যয়নৰ · প্ৰয়োগে ইয়াৰ পৰিসৰ যথেষ্ট বিস্তৃত কৰি তুলিছে। ইকষ্টেইনৰ মতে ১৯ শতিকাৰ শেষ দশকত তুলনামূলক ৰাজনীতি বিজ্ঞানে বৰ্ণনামূলক অধ্যয়নৰ পৰা ওলাই আহিছে। বৰ্তমান সময়ত বৰ্ণনাত্মক অধ্যয়নৰ পৰিৱৰ্তে ৰাজনৈতিক অনুষ্ঠানসমূহক মূল্যাংকনৰ ভিত্তিত অধ্যয়ন কৰাৰ ‘প্ৰৱণতা বৃদ্ধি পাইছে। কোনো এক ৰাজনৈতিক ব্যৱস্থা এখন সমাজৰ আৰ্থ-সামাজিক ভিত্তিৰ লগত কিদৰে ওতপ্রোতভাৱে সম্পর্কিত হৈ থাকে তাক অধ্যয়নৰ পৰিসৰৰ ভিতৰত সামৰি লোৱা হৈছে।

(খ) আন্তঃগাঁথনিৰ অধ্যয়ন (Study of Infrastructure) : তুলনামূলক ৰাজনীতি অধ্যয়নত আচৰণবাদীসকলৰ দ্বাৰা আন্তঃগাঁথনিৰ অধ্যয়নৰ অৱতাৰণাই বিষয়টোৰ অধ্যয়নৰ প্ৰকৃতিৰ পৰিৱৰ্তন সাধন কৰিছে। আন্তঃগাঁথনিৰ অধ্যয়নে সমাজৰ বিভিন্ন দিশত সামগ্রিকভাৱে প্ৰভাৱ পেলোৱা বিভিন্ন দিশসমূহৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে।

পৰম্পৰাগত ৰাজনীতি বিজ্ঞানীসকলৰ দৰেই তুলনামূলক ৰাজনীতিৰ অধ্যয়ন কেৱল চৰকাৰৰ অংগ তিনিটাৰ অধ্যয়নৰ ভিতৰতেই সীমাবদ্ধ নহয়, বৰং ৰাজনৈতিক প্ৰক্ৰিয়াত মানৱ আচৰণৰ অধ্যয়ন (আচৰণবাদীসকলে সূচনা কৰা) হে অধিক গুৰুত্বপূৰ্ণ। যদি “চৰকাৰ” অভিধাটোৰ পৰিৱৰ্তে ৰাজনৈতিক পদ্ধতি অভিধাটোৰ প্ৰয়োগ কৰা হয়, তেন্তে ই বিস্তৃত পৰিসৰৰ অধ্যয়ন হয়৷ কিয়নো ৰাজনৈতিক পদ্ধতি বিস্তৃত সামাজিক ব্যৱস্থাৰ এক অংশ স্বৰূপ, যিয়েই নেকি নীতি-নিৰ্দ্ধাৰণ আৰু সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো শক্তিকে সামৰি লয়। এই ক্ষেত্ৰত উদাহৰণস্বৰূপে ক’ব পাৰি যে ৰাজনৈতিক দল আৰু প্ৰভাৱ গোষ্ঠীসমূহ হৈছে। ৰাজনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা এক গুৰুত্বপূৰ্ণ অধ্যয়নৰ ক্ষেত্ৰ।

(গ) উন্নয়নশীল সমাজৰ অধ্যয়নৰ ওপৰত গুৰুত্ব প্রদান (Emphasis on the study of developing societies) : তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীটোৱে প্ৰধানকৈ পশ্চিমীয়া ৰাজনৈতিক ব্যৱস্থাবোৰৰ লগত সীমাৱদ্ধ আছিল আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক ব্যৱস্থাসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত পৰম্পৰাগত দৃষ্টিভংগী প্ৰয়োগ কৰাত ই অগ্রহণযোগ্য হিচাপে পৰিগণিত হৈছিল। উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ৰাজনীতি অধ্যয়নৰ গুৰুত্ব বৃদ্ধি পোৱাটোৱেই তুলনামূলক ৰাজনীতিৰ প্ৰকৃতি পৰিৱৰ্তন হোৱাৰ প্ৰধান কাৰক হিচাপে পৰিগণিত হৈছে। বৰ্তমান সময়ৰ তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পূৰ্বৰ দৰে কেৱল পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ৰাজনীতি অধ্যয়নতে সীমাৱদ্ধ নহয়, বৰং এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ উন্নয়শীল ৰাষ্ট্ৰবোৰৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নো যথেষ্ট তাৎপর্যপূর্ণ। 

কিয়নো এনে অধ্যয়নৰ জৰিয়তে উন্নয়শীল ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নক সাৰ্বজনীন ৰূপ প্ৰদান কৰাৰ লগতে তত্ত্ব নিৰ্মাণ কৰাৰ ওপৰতো যথোচিত গুৰুত্ব আৰোপ কৰা হয়। সমসাময়িক তুলনামূলক ৰাজনীতিৰ লেখকসকলৰ ভিতৰত অন্যতম আলমণ্ড, চিডনী ভাবা, মাইৰণ ওৱেনাৰ, লুচিয়ান পাই, ডেভিড এপ্টাৰ প্ৰভৃতি লেখকসকলে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহক ৰাজনৈতিক বিশ্লেষণৰ কাৰণে এক গৱেষণাৰ স্থল হিচাপে অভিহিত কৰিছে। ৰাজনৈতিক প্ৰক্ৰিয়াত সামাজিক কাৰকসমূহৰ প্ৰভাৱ লগতে সমাজ আৰু ৰাজনীতিৰ মাজৰ পাৰস্পৰিক আন্তঃক্রিয়া সম্বন্ধে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে ভালদৰে অনুধাৱন কৰিব পাৰি। তুলনামূলক ৰাজনীতিৰ এনে বিস্তৃত পৰিসৰৰ অধ্যয়নে আৰ্হি আৰু তত্ত্ব (Model and Theory) গঠন কৰাৰ ক্ষেত্ৰত অভূতপূর্ব বৰঙণি যোগাইছে।

(ঘ) আন্তঃবৈষয়িক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব (Stress on Interdisciplinary Approach) : ৰাজনৈতিক বাস্তৱবাদক ভালদৰে বাস্তৱ কৰাৰ লগতে বুজি উঠাত সহায়ক হোৱাৰ ক্ষেত্ৰত নতুন নতুন কৌশলৰ উদ্ভাৱন আৰু ৰাজনৈতিকভাৱে তাৎপর্যপূর্ণ বিষয়সমূহৰ ক্ষেত্ৰত আন্তঃবৈষয়িক প্ৰকৃতিয়ে তুলনামূলক ৰাজনীতি অধ্যয়নৰ প্ৰকৃতিৰ বিস্তৰ পৰিৱৰ্তন সাধন কৰিছে। ইয়াৰ ফলস্বৰূপে ইতিহাস, নীতিশাস্ত্ৰ আৰু আইনৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীসমূহৰ ঠাইত সমাজশাস্ত্ৰ, অর্থনীতি, মনোবিজ্ঞান, জীৱ বিজ্ঞানৰ পৰা কেতবোৰ ন ন দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে। এইক্ষেত্ৰত উদাহৰণ স্বৰূপে ক’ব পাৰি যে ডেভিড ইষ্টনে জীৱ বিজ্ঞানৰ পৰা ব্যৱস্থাপক দৃষ্টিভংগী গ্ৰহণ কৰিছিল। ফলস্বৰূপে ইতুলনামূলক ৰাজনীতিক ৰাজনৈতিক সমাজ শাস্ত্ৰ আৰু ৰাজনৈতিক মনোবিজ্ঞানৰ তুল্য কৰি তুলিছে। সমসাময়িক তুলনামূলক ৰাজনীতিত ৰাজনৈতিক আধুনিকীকৰণ, ৰাজনৈতিক সামাজিকীকৰণ আদি অৱধাৰণাসমূহৰ অধ্যয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। অর্থাৎ আন্তঃসামাজিক বিজ্ঞানৰ সহযোগিতাই ৰাজনৈতিক সমস্যাসমূহক বিস্তৃত সামাজিক দৃষ্টিভংগীৰে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

(ঙ) অনানুষ্ঠানিক সংগঠনৰ অধ্যয়ন (Study of Informal Institutions) : সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ৰাষ্ট্ৰ এখনৰ কেৱল চৰকাৰী গাঁথনি বা ৰাজনৈতিক অনুষ্ঠানসমূহৰ অধ্যয়নতেই সীমাৱদ্ধ নহয়। ৰাষ্ট্ৰ এখনৰ নীতিনির্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত অনা-চৰকাৰী সংগঠনসমূহ, যেনে—প্ৰভাৱগোষ্ঠী, স্বার্থান্বেষী গোষ্ঠীবিলাকে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয় অধ্যয়নৰ গুৰুত্বপূৰ্ণ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হয়।

(চ) প্ৰমূল্যযুক্ত ৰাজনৈতিক (Value free Political Theory) : সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়ক্ষেত্ৰ পৰম্পৰাগত আদৰ্শ স্থাপনকাৰী প্ৰমূল্যৰাজিৰ পৰা মুক্ত হৈ অভিজ্ঞতাবাদী দৃষ্টিভংগীলৈ পর্যবসিত হৈছে আৰু ইয়াৰ ফলশ্ৰুতিত প্ৰমূল্যমুক্ত ৰাজনৈতিক তত্ত্বইপ্ৰমূল্যযুক্ত ৰাজনৈতিক তত্ত্বৰ পৰিৱৰ্তন ঘটাইছে। সাম্প্রতিক সময়ত তুলনামূলক ৰাজনীতিত ইতিহাস বা নীতিশাস্ত্ৰৰ বিশেষ স্থান নাই। যিহেতুকে বর্তমান সময়ত সমাজবিজ্ঞান, অর্থনীতি আদিৰ বিষয়বস্তুৱেহে তুলনামূলক ৰাজনীতি অধ্যয়নৰ দিশ নিৰ্ণয় কৰে। অৱশ্যে কোনো এক ৰাজনৈতিক তত্ত্ব কিমান দূৰ প্ৰমূল্যযুক্ত হ’ব পাৰে ই এক জটিল প্রশ্ন। প্রত্যেক সমাজবিজ্ঞানৰে অধ্যয়নৰ প্ৰধান বিষয়বস্তু হৈছে মানৱ আচৰণ আৰু এই মানৱ আচৰণক বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰাটো অত্যন্ত জটিল।

(ছ) আন্তঃসাংস্কৃতিক অধ্যয়ন (Cross Cultural Study) : পূৰ্বতে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ প্ৰকৃতি সংস্কৃতি আছিল। ই কেৱল মাত্ৰ পশ্চিমীয়া গণতান্ত্ৰিক পৰম্পৰাৰ

অধ্যয়নৰ লগত জড়িত আছিল, আন কথাত একক সাংস্কৃতিকযুক্ত আছিল। কিন্তু দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত এই সাংস্কৃতিক বেষ্টনীযুক্ত তুলনামূলক ৰাজনীতিৰ অধ্যয়ন আন্তঃসাংস্কৃতিক অধ্যয়নলৈ পর্যবসিত হৈছে। পৰম্পৰাগত দৃষ্টিভংগীতো মূলতঃ পশ্চিমীয়া ৰাজনৈতিক ব্যৱস্থা কেন্দ্ৰিক আছিল আৰু দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী সময়ত স্বাধীনতা প্রাপ্ত ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত এই দৃষ্টিভংগীটো প্ৰয়োগ কৰাত ফলপ্ৰসূ প্ৰমাণিত হৈছিল। এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নৰ ওপৰত আৰোপ কৰা গুৰুত্বইতুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ প্ৰকৃতিৰ পৰিৱৰ্তন ঘটাইছে।

এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে আধুনিক তুলনামূলক ৰাজনীতি পৰম্পৰা অধ্যয়ন পদ্ধতিৰ পৰা বহু পৰিমাণে পৃথক। আধুনিক তুলনামূলক ৰাজনীতিয়ে ইয়াৰ অধ্যয়ন আৰু বিশ্লেষণৰ আহিলাসমূহ পুনৰ নিৰ্ণীত কৰিছে। ফলস্বৰূপে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ বিষয়বস্তুসমূহ যথেষ্টভাৱে সম্প্ৰসাৰিত হৈছে। অধ্যয়ন পদ্ধতিৰ পৰিৱৰ্তন হৈছে আৰু অধ্যয়নৰ প্রকৃতি অধিক বোধগম্য হৈ পৰিছে। এনেদৰেই বাস্তৱবাদৰ প্ৰতি কৰা এক অনুসন্ধান আধুনিক তুলনামূলক ৰাজনীতিৰ প্ৰধান বৈশিষ্ট্যস্বৰূপ হৈ পৰিছে।

২২। তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। (Discuss about the scope of Study of Comparative Politics.) 

উত্তৰঃ তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ অধিক বিস্তৃত। ই প্ৰক্ৰিয়া, সিদ্ধান্ত গ্রহণ আৰু কৰ্তৃত্বৰ প্ৰয়োগ আদি সকলোখিনিকে সামৰি লয়। তুলনামূলক ৰাজনীতি অধ্যয়ন কেৱল সংবিধানভুক্ত সংস্থাসমূহৰ সংগঠন, আচৰণ তথা কার্যকলাপৰ অধ্যয়নৰ লগত যে জড়িত এনে নহয়, বৰং চৰকাৰী সংস্থাবিলাকৰ লগত তাৎক্ষণিকভাৱে সম্পর্কিত সংবিধান বহির্ভূত সংগঠনসমূহৰ অধ্যয়নকো ই সামৰি লয়। বিভিন্ন ৰাজনৈতিক অনুষ্ঠানসমূহৰ কাৰ্যকলাপ সম্বন্ধে তুলনামূলক আভাস ইপ্রদান কৰে। ৰাজনৈতিক পদ্ধতিসমূহৰ আইন প্রণয়ন, আইন কাৰ্যকৰীকৰণ, এইবিলাক বৈধ্যতা বিচাৰকৰণৰ লগতে সংবিধান বহির্ভূত সংগঠনসমূহ ৰাজনৈতিক আৰু অন্যান্য প্ৰভাৱগোষ্ঠী, স্বার্থান্বেষী গোটবিলাকৰ কাৰ্যকলাপসমূহকো সামৰি লয়। 

এই তুলনামূলক ৰাজনীতি অধ্যয়নে বিভিন্ন ৰাজনৈতিক পদ্ধতিসমূহৰ ৰাজনৈতিক কার্যকলাপবিলাকৰ অধ্যয়ন তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ প্ৰধান পৰিসৰ।

বৰ্তমানৰ আমাৰ ৰাজনৈতিক জীৱনত ক্ষমতা আহৰণৰ কাৰণে এখন সংগ্ৰাম অহৰহভাৱে চলিয়েই আহিছে আৰু এই সংগ্ৰামখনত কেৱল যে ৰাজনৈতিকভাৱে সম্ভ্ৰান্ত শ্ৰেণীটোৱেই জড়িত এনে নহয়, বৰং অনা-চৰকাৰী সম্ভ্রান্ত লোক আৰু সাধাৰণ জনতাও সক্রিয় অংশীদাৰস্বৰূপ হৈ পৰিছে। ৰাজনৈতিক কার্যকলাপ হৈছে এনে এক কাৰ্য যিয়ে নেকি সংঘাতৰ সূচনা কৰে। এনেধৰণৰ সংঘাত মষিমূৰ কৰা উচিত আৰু লগতে এনে কাৰ্যকলাপৰ প্ৰৰোচনাত যাতে বৰ্তি থকা ৰাজনীতিত হেঙাৰ আহি নপৰে তাৰো নিশ্চয়তা প্রদান কৰিব লাগে। এনেদৰেই উত্তেজনাৰ প্ৰশমন ঘটোৱাটো ৰাজনৈতিক কার্যকলাপৰ প্ৰধান কাৰ্য।

ৰাজনৈতিক প্ৰক্ৰিয়া তুলনামূলক ৰাজনীতি অধ্যয়নৰ আন এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত সকলোকে “ৰাজনৈতিক প্ৰক্ৰিয়া” অভিধাটোৱে সামৰি লয়। এনেধৰণৰ প্ৰতিটো ৰাজনৈতিক প্ৰক্ৰিয়াই ৰাজনৈতিক কার্যকলাপৰ লগত নিবিড়ভাৱে সম্পর্কিত ৷ এই প্ৰক্ৰিয়াটোৰে লগত কেৱল ৰাষ্ট্ৰই নহয়, বৰং অৰাষ্ট্ৰীয় সংস্থাসমূহো জড়িত আৰু ইয়াৰ ফলস্বৰূপে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ অধিক বিস্তৃত হৈ পৰিছে। ৰাজনৈতিক ক্ষমতাৰ অধ্যয়ন তুলনামূলক ৰাজনীতি অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ পৰিসৰ। তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ই এক মৌলিক অৱধাৰণা। ৰাজনৈতিক ক্ষমতা হৈছে ভীতি প্রদর্শন নতুবা অন্যান্য ৰূপত অনুমোদনৰ জৰিয়তে এজন ব্যক্তিয়ে আনৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলোৱাৰ স্বাৰ্থতো ৰাষ্ট্ৰৰ নিয়ন্ত্ৰক গোট বা যন্ত্ৰই ৰাজনৈতিক ক্ষমতাৰ প্ৰয়োগ তথা উপভোগ কৰে। 

এনেধৰণৰ ক্ষমতাৰ লগত কৰ্তৃত্ব ওতঃপ্ৰোতভাৱে সম্পর্কিত। তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ ক্ষেত্ৰত “ৰাজনীতি” অভিধানটোৰ অভিজ্ঞতাবাদী ধাৰা (Experimental) থকা পৰিলক্ষিত হয়। ক্ষমতা আহৰণৰ লগতে ইয়াক কেনেদৰে ব্যৱহাৰ আৰু প্ৰয়োগ কৰিব পাৰি তাৰ বৰ্ণনা আৰু বিশ্লেষণ আগবঢ়োৱাৰ লগতে ৰাজনীতিৰ অভিজ্ঞতাবাদী ধাৰাটো জড়িত।

যিহেতু ৰাজনীতি সামগ্ৰিকভাৱে কাৰ্যকলাপ, ৰাজনৈতিক প্ৰক্ৰিয়া আৰু ৰাজনৈতিক ক্ষমতাৰ লগত জড়িত থাকে। গতিকে তেনে ক্ষেত্ৰত তুলনামূলক ৰাজনীতি হৈছে ৰাজনৈতিক সংগঠনসমূহৰ স্বৰূপ, ইবিলাকৰ বিকাশ, পাৰস্পৰিক সম্পৰ্ক ভিন্নতা আৰু আৰ্হিৰ পৰিৱৰ্তনৰ অধ্যয়ন। সেয়ে তুলনামূলক ৰাজনীতি অধ্যয়নত ছাত্ৰ এজনে ৰাজনৈতিক সংগঠন আৰু ৰাজনৈতিক পদ্ধতিবিলাকৰ অধ্যয়নৰ লগত নিজকে জড়িত কৰিব লাগে যাতে সিবিলাকৰ মাজৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ বুজি উঠাত সহায় কৰে। সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰে সাম্প্ৰতিক কালৰ সকলো লেখকৰ বৰঙণিকে সামৰি লয়। বৰ্তমান সময়ত তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নক অন্তৰ্ভুক্ত কৰি লোৱাৰ ফলত সংকীর্ণতাৰ অৱসান ঘটি তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ষেত্ৰৰ পৰিসৰ যথেষ্ট বিস্তৃত হৈ পৰিছে। 

দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশবিলাকৰ অধ্যয়নক্ষেত্ৰসমূহে তুলনামূলক ৰাজনীতিক অত্যাধুনিকীকৰণ (Sophisticated) কৰি তোলাত অনবদ্য বৰঙণি যোগাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ “সমাজ বিজ্ঞান গৱেষণা পৰিষদ”ৰ তুলনামূলক ৰাজনীতিৰ সন্দৰ্ভত সমিতি নামৰ সংগঠন দুটাই তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ বিকাশত প্ৰভূত বৰঙণি যোগাইছে।

তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ সন্দৰ্ভত চিডনী ভার্বা (Sidney Verba) ই মত দিছে যে সমসাময়িক তুলনামূলক ৰাজনীতিত বৰ্ণনাৰ পৰিৱৰ্তে অধিকভাৱে সংগতিপূর্ণ সমস্যাৰ ওপৰত আলোকপাত কৰিব লাগে। ভাবাই লগতে এইটোও স্পষ্ট কৰি দিছে যে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহত কেন্দ্ৰীভূত হৈ নাথাকি এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ নতুন নতুন ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নকো সামৰি ল’ব লাগে।

২৩। তুলনামূলক ৰাজনীতি অধ্যয়নৰ উদ্দেশ্যসমূহ উল্লেখ কৰা। (Mention the objectives of the study of Comparative Politics.) 

উত্তৰঃ সমাজ বিজ্ঞানৰ অন্যান্য বিষয়বিলাকৰ দৰে তুলনামূলক ৰাজনীতি অধ্যয়নৰো কেতবোৰ উদ্দেশ্য আছে। এই উদ্দেশ্যসমূহ তলত উল্লেখ কৰা ধৰণৰ।

(ক) চৰকাৰ আৰু ৰাজনীতি সম্পৰ্কে শুদ্ধভাৱে প্ৰমাণ কৰিব পৰা জ্ঞান আহৰণ কৰা। যিহেতু যিকোনো ধৰণৰ বৈজ্ঞানিক বিশ্লেষণ সত্যৰ ভিত্তিত প্রতিষ্ঠিত, গতিকে তুলনামূলক ৰাজনীতি অধ্যয়নৰ জৰিয়তে চৰকাৰ আৰু ৰাজনীতি সম্পৰ্কে এনেকুৱা জ্ঞান আহৰণ কৰিব লাগে, যিবিলাক সত্য আৰু শুদ্ধ প্ৰমাণ বুলি ক’ব পাৰি।

(খ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থাৱলীসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰাত সহায়ক হয়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থালীসমূহৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য দেখিবলৈ পাওঁ। বিশেষকৈ গাঁথনিগত আৰু কাৰ্যগত দিশৰ পৰা বিভিন্ন ৰাজনৈতিক ব্যৱস্থাবিলাকৰ মাজত যথেষ্ট প্ৰভেদ পৰিলক্ষিত হয়। বিশ্বত এনে কেতবোৰ ৰাজনৈতিক ব্যৱস্থা আছে যিবিলাক গাঁথনিত দিশৰ পৰা একে হ’লেও কাৰ্যগত দিশৰ পৰা যথেষ্টখিনি প্ৰভেদ দেখা যায়। উদাহৰণ স্বৰূপে, ভাৰতৰ সংসদীয় চৰকাৰ ব্যৱস্থাৰ লগত ইংলেণ্ডৰ সংসদীয় চৰকাৰ ব্যৱস্থাৰ গাঁথনিগতভাৱে সাদৃশ্যতা থাকিলেও কার্যগত দিশৰ পৰা বিশ্লেষণ কৰি চালে কোনো ধৰণৰ ব্যৱহাৰিক সাদৃশ্য দেখিবলৈ পোৱা নাযায়। 

(গ) বিশ্বৰ উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ মাজৰ স্পষ্ট আৰ্থ-সামাজিক বৈষম্যসমূহক আঙুলিয়াই দি তুলনামূলক ৰাজনীতিৰ অধ্যয়নে এক সাৰ্বজনীন ৰূপ লাভ কৰিছে। সমসাময়িক তুলনামূলক ৰাজনীতিৰ লেখকসকলে এনে সমস্যাসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ মাজৰ ব্যৱধানক হ্ৰাস কৰিব বিচাৰে।

(ঘ) সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ৰাজনৈতিক সামাজিকীকৰণ, ৰাজনৈতিক আধুনিকীকৰণ, ৰাজনৈতিক অংশগ্রহণ, ৰাজনৈতিক সংস্কৃতি আদি গুৰুত্বপূৰ্ণ অভিধাসমূহৰ অধ্যয়নৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৱলী সমূহৰ অন্তৰ্ভুক্ত ৰাজনৈতিক সংগঠনসমূহৰ সফলতা বা বিফলতাসমূহৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। কিয়নো প্ৰতিটো ৰাজনৈতিক ব্যৱস্থাতে ওপৰোক্ত প্ৰক্ৰিয়াসমূহৰ মাজৰ ভিন্নতা পৰিলক্ষিত হয়।

(ঙ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ জৰিয়তে কোনো ঘটনাৰ গতিধাৰা আৰু ইয়াৰ পৰিণাম সন্দৰ্ভত ভৱিষ্যৎবাণী কৰাত সহায়ক হয়। অৱশ্যে ই এক বিতর্কমূলক বিষয় হিচাপে পৰিগণিত হৈছে।

(চ) তুলনামূলক চৰকাৰ আৰু ৰাজনীতিৰ অধ্যয়নে বিশ্বৰ বিভিন্ন দেশৰ ৰাজনৈতিক ব্যৱস্থাৱলী, ইবিলাকৰ ৰাজনৈতিক অনুষ্ঠানসমূহ, ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক আচৰণ আদিক বিশদভাৱে অধ্যয়ন কৰাৰ সুযোগ প্রদান কৰে ।

(ছ) ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ নিচিনাকৈ তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ ক্ষেত্ৰতো আন্তঃবৈষয়িক দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয়। এইটো নিশ্চয় সকলোৰে জ্ঞাত যে কোনো এখন ৰাষ্ট্ৰৰ ৰাজনৈতিক প্রক্রিয়াক সামাজিক প্ৰসংগত পূৰ্ণপৰ্যায়ত অধ্যয়ন কৰাটো সম্ভৱপৰ নহয় । সমসাময়িক তুলনামূলক ৰাজনীতি আৰু সমাজৰ মাজৰ দৃশ্যমান আন্তঃক্ৰিয়াৰ দিশটোক ৰক্ষা কৰা হয় বিভিন্ন আন্তঃবৈষয়িক দৃষ্টিভংগী প্ৰয়োগৰ জৰিয়তে আৰু স্বাভাৱিকতে ইয়েই তুলনামূলক ৰাজনীতিৰ গতিশীলতাত এক নতুন দিশৰ উন্মেষ ঘটাইছে।

তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক পাৰিপাৰ্শ্বিকতাৰ বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা ৰাষ্ট্ৰৰ সামাজিক গাঁথনি, ভৌগোলিক অৱস্থিতি শিক্ষা ইতিহাস আৰু অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰত্যেক ৰাজনৈতিক ব্যৱস্থাৰ মাজত ভিন্নতা পৰিলক্ষিত হয়। আন কথাত তুলনামূলক ৰাজনীতিৰ অধ্যয়নে বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ সফলতা বা বিফলতাৰ আঁৰত অন্তর্নিহিত থকা কাৰকসমূহক বিতংভাৱে পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰে। আৰু এনে ধৰণৰ অধ্যয়নে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ষেত্ৰত এক নতুন গতিশীলতা প্রদান কৰে।

২৪। তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশ সম্পর্কে বহলাই আলোচনা কৰা । (Discuss in details the growth and development of Comparative study of Politics.)

উত্তৰঃ প্রথম পর্যায় (First Stage) : তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশৰ প্ৰথমটো পৰ্যায় এৰিষ্ট’টলৰ সময়ৰে পৰাই আৰম্ভ হোৱা বুলি ঠাৱৰ কৰিব পাৰি।গ্রীক দার্শনিক এৰিষ্ট টলে সমসাময়িক গ্ৰীচৰ নগৰ ৰাষ্ট্ৰবিলাকত সংঘটিত হোৱা বিপ্লৱৰ কাৰণসমূহ বিচাৰি ১৫৮ খন নগৰ ৰাষ্ট্ৰৰ সংবিধান অধ্যয়ন কৰিছিল। এই ক্ষেত্ৰত তেওঁ চৰকাৰৰ প্ৰকৃতি আৰু পদ্ধতি অধ্যয়ন কৰাৰ কাৰণে বিভিন্ন তুলনামূলক কৌশল ব্যৱহাৰ কৰিছিল। তেওঁ সমসাময়িক গ্ৰীচৰ ১৫৮ খন ৰাষ্ট্ৰৰ সংবিধান অধ্যয়ন কৰি অৰ্জন কৰা জ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছিল৷ দুটা নীতিৰ ওপৰত ভিত্তি কৰি ইয়াৰে প্ৰথমটো শাসনৰ দায়িত্বত থকা লোকৰ সংখ্যা আৰু দ্বিতয়টো শাসকসকলে কি উদ্দেশ্যেৰে শাসন কাৰ্য পৰিচালনা কৰে৷ প্ৰথমটো নীতি অর্থাৎ সংখ্যা নীতি অনুসৰি তেওঁ চৰকাৰক ৰাজতন্ত্র, অভিজাততন্ত্ৰ আৰু সংস্থাতন্ত্র— এই তিনি শ্ৰেণীত বিভক্ত কৰিছে।

আকৌ দ্বিতীয় নীতি অর্থাৎ উদ্দেশ্য নীতিৰ ওপৰত ভিত্তি কৰি তেওঁ চৰকাৰবোৰক স্বাভাৱিক আৰু বিপথগামী এই দুটা ভাগত বিভক্ত কৰিছে। যদি নিজৰ তথা জনসাধাৰণৰ মংগলৰ অৰ্থে শাসন কার্য পৰিচালনা কৰে তেতিয়াহ’লে সেই চৰকাৰক স্বাভাৱিক চৰকাৰ বোলা হয়। আনহাতে, শাসকসকলে যদি জনসাধাৰণৰ কল্যাণক অৱহেলা কৰি কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে শাসনকার্য পৰিচালনা কৰে তেতিয়াহ’লে সেই চৰকাৰক বিপথগামী চৰকাৰ বোলা হয়। এৰিষ্ট’টলৰ ওপৰত উল্লেখ কৰা দুয়োটা নীতি প্ৰয়োগ কৰি চৰকাৰক তলত দিয়া তালিকাখনৰ দৰে ছয় ভাগত বিভক্ত কৰিছে—

শাসকৰ সংখ্যাউৎকৃষ্ট চৰকাৰবিকৃত ৰূপৰ নিকৃষ্ট চৰকাৰ
এজনৰাজতন্ত্ৰস্বেচ্ছাচারী
কিছুসংখ্যাকঅভিজাততন্ত্রধনতন্ত্ৰ
অধিক সংখ্যকপলিটিগণতন্ত্ৰ

পাৰিছ টলে উপৰিউক্ত ৰাজনৈতিক পদ্ধতিসমূহৰ কাৰ্যকলাপসমূহ গভীরভাবে অধ্যয়ন কৰিছিল। লিপছেটৰ মতে এৰিষ্ট’ টলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটো এয়ে যে তেওঁ শ্রেণী গোষ্ঠী আৰু সত্তোলন (Balance) ৰ ওপৰত গুৰুত্ব দি ৰাজনৈতিক ব্যৱস্থাৰ স্থিৰতা সম্পর্কে অধ্যয়ন কৰিছিল। প্রথম বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত মাণ্টেচকু, জে. এছ. মিল, ই.এ. ফ্রিমেন, জেমছ হাইচে তুলনামূলক অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। ধ্রুপদী চিন্তাবিদসকলৰ ভিতৰত অভিমজন প্রতিনিধি হিচাপে লর্ভ ব্ৰাইচ গ্ৰন্থখনত পৃথিৱীৰ বিভিন্ন দেশৰ ৰাজনৈতিক অনুষ্ঠানবিলাকৰ পৰীক্ষামূলক অধ্যয়ন আগবঢ়াইছে। চৰকাৰ আৰু ৰাজনীতিৰ অধ্যয়ন কৰিবলৈ । নতুন পদ্ধতিৰ আবিৰ্ভাৱ হৈছে, বাৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবিলাকক সূক্ষ্মভাৱে বিশ্লেষণ কৰিব পাৰি। 

গতিকে এৰিষ্টটল, মেকিয়াভেলী, লর্ড রাইচ, মাপ্টেছকিউ, টকোডেলি আদি লেখকসকলৰ তুলনামূলক ৰাজনীতিৰ বিকাশৰ প্রথম পৰ্যায়ৰ লেখক বুলি অভিহিত কৰিব পাৰি। ১৬ শতিকাত ক্ৰিমেন আৰু জন বণ্ডিনে এৰিষ্ট টল আৰু মেকিয়াভেলীৰ পৰা বহুতো সমল আহৰণ কৰিছিল। তেওঁলোকে প্ৰধানকৈ ইউৰোপীয় ৰাষ্ট্ৰবিলাকৰ চৰকাৰৰ অধ্যয়নৰ ওপৰত মনোনিৱেশ কৰিছিল। অষ্টাদশ শতিকাত মণ্টেস্কুয়ে তুলনামূলক পদ্ধতিৰ প্ৰয়োগৰ জৰিয়তে আইন আৰু ৰাজনীতি সন্দৰ্ভত তত্ত্ব উদ্ভাৱন কৰিছিল। তেওঁ ৰাজনৈতিক স্বতন্ত্ৰতা আৰু ইয়াক সংৰক্ষিতকৰণৰ বাবে ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ প্ৰৱৰ্তনৰ পোষকতা কৰিছিল। ১৮ আৰু ১৯ শ শতিকাত মেক্রিডিছয়ে তুলনামূলক আলোচনাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। 

এই ক্ষেত্ৰত আগষ্ট কমটে, দুৰ্খেইম প্রভৃতি সমাজতত্ত্ববিদসকলৰ লিখনীয়ে পৰোক্ষভাৱে অৰিহণা যোগাইছে। অপশ্চিমীয়া ৰাষ্ট্ৰবিলাকৰ দাৰ্শনিকসকলক ৰুছৰ ৰমন্যাসবাদে নতুন চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট কৰি তুলিছিল৷ কার্লমার্ক্সৰ তত্ত্বমূলক আলোচনাৰ জৰিয়তে আৰ্থ-সামাজিক ভিত্তি প্ৰসংগত ৰাজনৈতিক ব্যৱস্থাৱলীৰ তুলনামূলক বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এক আদৰ্শগত অনুষ্ঠান যাতে গঠন কৰিব পাৰি তাৰ বাবে তুলনামূলক ৰাজনীতি অধ্যয়নৰ লেখকসকলে আধাৰ সামগ্ৰী আৰু সামগ্ৰীৰ ভিত্তিত ৰাজনৈতিক পৰিঘটনাসমূহ অধ্যয়ন কৰিব বিচাৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে তুলনামূলক পদ্ধতি অনুসৰণ কৰিছিল।

দ্বিতীয় পর্যায় (Second Stage) : তুলনামূলক ৰাজনীতি অধ্যয়নৰ দ্বিতীয় পৰ্যায়ত ৰাজনৈতিক অনুষ্ঠানসমূহ অধ্যয়ন কৰাৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা হৈছিল। এই সময়ছোৱাত তুলনামূলক ৰাজনীতি অধ্যয়নত চৰকাৰী সংগঠনবিলাকৰ অধ্যয়নৰ দৃষ্টিভংগীসমূহ অধিক বাস্তৱধৰ্মী আৰু তুলনাসমূহ অধিক জটিল আছিল। এই সময়ছোৱাত লেখকসকল পদ্ধতিগত সমস্যাৱলীৰ লগত জড়িত আছিল আৰু তথ্য সংগ্ৰহৰ লগত জড়িত সমস্যাৰাজি অধ্যয়নতে সীমাৱদ্ধ নাথাকি কেতবোৰ আন্তঃসাংস্কৃতিক অধ্যয়ন আৰু ইয়াৰ লগত জড়িত আনুষংগিক সমস্যাসমূহৰ বিশ্লেষণৰ লগতো জড়িত হৈ পৰিছিল। এই পৰ্যায়ত ফ্ৰেডৰিক হাৰমেন ফাইনাৰ (Theory and Practise of Modern Government”, “Constitutional Government and Politics” কার্ল ফ্ৰেডৰিক “Constitutional Government and Democracy” ই.এম. চেইটৰ “Political Institution – A Practice” গ্রন্থকেইখন চৰকাৰে গঠন আৰু পদ্ধতি তুলনামূলক বিশ্লেষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে। 

তুলনামূলকভাৱে ৰাজনীতিৰ বিৱৰ্তনৰ এই সময়ছোৱাত মণ্টেস্কৰ” Spirit of Laws” শীর্ষক গ্ৰন্থখনে আমেৰিকা, ফ্রান্স আদিকে ধৰি অন্যান্য পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ সংবিধান প্রণয়নৰ প্ৰক্ৰিয়াটো গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিল। ডি টকোভেলিৰ “Democracy in America” শীৰ্ষক গ্ৰন্থখনো তুলনামূলক ৰাজনীতি অধ্যয়নৰ বিৱৰ্তনৰ ক্ষেত্ৰত এক প্ৰসংশনীয় পদক্ষেপ হিচাপে অভিহিত কৰিব পাৰি। তুলনামূলক পদ্ধতিৰ বিকাশৰ ক্ষেত্ৰত সমাজ শাস্ত্ৰৰ প্ৰবক্তা আগষ্ট কমটে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। জার্মানী “School of Historical Jurisprudence” ত তুলনামূলক অধ্যয়নক এক অপৰিহাৰ্য অংশ হিচাপে বিবেচনা কৰা হৈছে। ১৯ শতিকাত কাৰ্ল মার্ক্সও তুলনামূলক অধ্যয়নৰ ক্ষেত্ৰত বহু তত্ত্বগধুৰ মৌলিক অৱদান আগবঢ়াই থৈ গৈছে। তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশৰ এই পৰ্যায়তেই ৰাজনৈতিক চিন্তাবিদসকলে প্রাচীন গ্রীচ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উদাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকৰ চৰকাৰসমূহৰ কাৰ্য-কলাপ তথা কাৰ্যকৰী যন্ত্ৰৰ বিষয়ে ভালদৰে বোধগম্য হ’ব পৰাকৈ তুলনামূলক পদ্ধতি প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। 

যি কি নহওঁক, তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশৰ দ্বিতীয়টো পৰ্যায়ত থোৰতে নিম্নোক্ত বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়—

(১) এই সময়ছোৱাত ৰাজনৈতিক প্ৰক্ৰিয়াবোৰক সম্পূৰ্ণৰূপে আওকাণ কৰি আনুষ্ঠানিক সংগঠনবিলাকৰ অধ্যয়নৰ ওপৰতহে যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছিল।

(২) এই পৰ্যায়ত তুলনামূলক ৰাজনীতিৰ অধ্যয়নত পশ্চিম ইউৰোপীয় ৰাজনৈতিক ব্যৱস্থাসমূহৰ অধ্যয়নৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল আৰু পাশ্চাত্যবাদী ৰাজনৈতিক ব্যৱস্থাসমূহক আওকাণ কৰা হৈছিল। 

(৩) এই সময়ছোৱাত ৰাষ্ট্ৰ বিশেষহে অধ্যয়ন কৰা হৈছিল। ৰাষ্ট্ৰবিলাকৰ মাজৰ কোনোধৰণৰ সাদৃশ্য-বৈশাদৃশ্য বিচাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল। 

(৪) এই সময়ছোৱাত তত্ত্বৰ বিকাশৰ কাৰণে প্ৰয়োজন হোৱা প্ৰকল্প নিৰ্মাণৰ কাৰণে তথ্য সংগ্ৰহ আৰু বিশ্লেষণ হোৱা নাছিল ।

তৃতীয় পর্যায় (Third Stage) : ৰাজনীতি বিজ্ঞানৰ আলোচনাত তুলনামূলক ৰাজনীতিৰ অধ্যয়নে দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ৰ পৰাহে এক আন্দোলন হিচাপে গুৰুত্ব লাভ কৰিছে। এই সময়ছোৱাত অপশ্চিমীয়া ৰাজনৈতিক পদ্ধতিৰ আধাৰ সামগ্রী সংগ্রহ, আমেৰিকাৰ আচৰণবাদী বিপ্লৱৰ অভূতপূর্ব বিকাশ, সংস্কৃতি আৰু ব্যক্তিত্বৰ নেতৃত্ব বিষয়ক আৰু মনোবৈজ্ঞানিক তত্ত্ব, সমাজবৈজ্ঞানিক তত্ত্ব, ঐতিহাসিক সমাজশাস্ত্ৰৰ ধাৰণা আদিৰ সৃষ্টিয়ে তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশৰ তৃতীয়টো স্তৰক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিল। ৫০ ৰ দশকত আধুনিক ৰাজনৈতিক চিন্তাবিদসকলে এছিয়া, আমেৰিকা আদি দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নৰ জৰিয়তে তুলনামূলক ৰাজনীতিৰ অত্যাধুনিকীকৰণত যথেষ্ট বৰঙণি যোগাইছিল। এনেধৰণৰ অধ্যয়নৰ জৰিয়তে এইচাম লেখকে বৃত্তিগতভাৱে আমেৰিকা আৰু ইউৰোপীয় ৰাজনীতি বিজ্ঞানীসকলক তীব্র প্রত্যাহবান জনাইছিল। 

এই সময়ছোৱাত আমেৰিকাৰ সমাজবিজ্ঞান গৱেষণা পৰিষদে গঠন কৰি দিয়া তুলনামূলক ৰাজনীতি অধ্যয়নৰ জৰিয়তে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্রমবিকাশৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি যোগাইছিল। ঔপনিৱেশিকতাবাদৰ অৱসানৰ পিছত নতুনকৈ উন্মেষ ঘটা ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক উন্নয়ন (Political Development) সমস্যা আৰু অপাচাত্যবাদী বিশ্বৰ ৰাজনৈতিক পদ্ধতিবিলাকৰ ওপৰত সবিশেষ অধ্যয়নৰ কাৰণে এই সমিতিখনে কেতবোৰ নতুন তাত্ত্বিক আৰু পদ্ধতিগত দৃষ্টিভংগীৰ উন্মেষ ঘটাইছিল। তদুপৰি তুলনামূলক ৰাজনীতিৰ এক অধিক সার্বজনীন ৰূপ গঢ়ি তোলাৰ ক্ষেত্ৰত সমিতিখনে প্ৰয়োজনীয় পৰ্যায়সমূহৰ বিষয়ে উল্লেখ কৰিছিল৷ তুলনামূলক ৰাজনীতিৰ অধ্যয়ন অধিক অভিজ্ঞতাবাদী হৈ পৰাৰ লগতে তত্ত্ব গঠন, উন্নীতকৰণৰ ওপৰত বিশষভাৱে গুৰুত্ব আৰোপ কৰিছিল। আমেৰিকাৰ ৰাজনৈতিক চিন্তাবিদসকলে তেওঁলোকৰ ধাৰণা, চিন্তাসমূহক বাস্তৱায়িতকৰণৰ বাবে এক গৱেষণাগাৰৰ অনুসন্ধান চলাইছিল আৰু এই গৱেষণাস্থলৰ তেওঁলোকে সন্ধান পাইছিল। দ্বিতীয় মহাসমৰৰ পাছত নতুনকৈ স্বাধীনতা লাভ কৰা এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবিলাকৰ মাজত এই নতুনকৈ স্বাধীনতাপ্রাপ্ত ৰাষ্ট্ৰসমূহৰ দৰেই আছিল।

দ্বিতীয় বিশ্বযুদ্ধই (১৯৩৯–১৯৪৫) পৰম্পৰাগত আৰু আধুনিক তুলনামূলক ৰাজনীতিৰ মাজত এক বৃহৎ বিভাজনৰ সূচনা কৰিছিল। তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ পৰা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহলৈ পর্যবসিত হোৱাৰ পৰিণতি স্বৰূপে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন সাংস্কৃতিক সীমাযুক্ত অধ্যয়নৰ পৰা আন্তঃসাংস্কৃতিকলৈ ৰূপান্তৰিত হৈছিল। তদুপৰি তত্ত্ব গঠনৰ বৰ্ণনাৰ ওপৰতো তুলনামূলক ৰাজনীতিৰ অধ্যয়নত যথোচিত গুৰুত্ব দিয়া হৈছিল আৰু ই আধুনিক তুলনামূলক ৰাজনীতিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে পৰিগণিত হৈছিল।

এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ৰ কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আলোকপাত কৰি হেৰল্ড লাছৱেল, আৰ. বেনেডিক্ট, আৰ লিংটন প্রভৃতি এছাম লেখকৰ লেখনিসমূহে তুলনামূলক ৰাজনীতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষ জনপ্রিয়তা অর্জন কৰিছিল।

আধুনিক তুলনামূলক ৰাজনীতিয়ে আনুষ্ঠানিক গাঁথনি আৰু বিধিগত প্ৰক্ৰিয়াৰ আওতাৰ বাহিৰত গৈ কেতবোৰ অৱধাৰণা উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। বিভিন্ন ৰাষ্ট্ৰবিলাকৰ একধৰ্মী কার্যকলাপ আৰু আচৰণৰ আৰ্হি মূল্যায়ন কৰিবৰ কাৰণে তুলনামূলক ৰাজনীতিৰ অধ্যয়নত এক অভিধা ভাষাৰ উদ্ভাৱন ঘটিছে। সাম্প্রতিক তুলনামূলক ৰাজনীতিৰ অধ্যয়নত সমসাময়িক লেখকসকলে “ৰাষ্ট্ৰ” অভিধাটোৰ পৰিৱৰ্তে “ৰাজনৈতিক ব্যৱস্থা”, ক্ষমতা অভিধাৰ পৰিৱৰ্তে কাৰ্য, পদৰ পৰিৱৰ্তে ভূমিকা আৰু অনুৰূপ ধৰণে সংস্থা অভিধাটোৰ পৰিৱৰ্তে গাঁথনি অভিধা প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব দিছে। উচ্চ মানদণ্ডৰ তত্ত্ব আধুনিক তুলনামূলক ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত তুলনামূলক ৰাজনীতিৰ অধ্যয়ন এক নতুন কাঠামোৰ মাজত সম্পাদন কৰা হৈছে আৰু এই কাঠামোটোক “ক্ষেত্ৰ অধ্যয়ন” নামেৰে জনা যায়। ক্ষেত্ৰ = অধ্যয়ন কোনো এক অঞ্চল বা এলেকাৰ ইতিহাস, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনৈতিক আৰু তুলনামূলক ব্যৱস্থাৰ সংক্ষিপ্ত অধ্যয়নৰ লগত জড়িত। এই সময়ছোৱাত তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ ক্ষেত্ৰত ব্যৱহাৰ পদ্ধতিবিলাকত ৰাজনৈতিক সমাজশাস্ত্ৰই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল৷ ৰাজনৈতিক বিশ্লেষণমূলক অধ্যয়নৰ কাৰণে ই বহু ধাৰণা আৰু কৌশলৰ সূচনা কৰিছে। যিয়েই গোটেই বিষয়টো অধ্যয়নত এক নতুন অন্তর্দৃষ্টি প্ৰদান কৰিছে। এনেকুৱা পদ্ধতি আৰু কৌশলৰ জৰিয়তে পাশ্চাত্য আৰু অপাশ্চাত্য সকলো দেশৰে ৰাজনৈতিক বিশ্লেষণ আগবঢ়াব পাৰি। লেখকসকলে বিভিন্ন আন্তঃসম্পৰ্কীত ধাৰণাৰ ব্যৱহাৰৰ জৰিয়তে তুলনামূলক বিশ্লেষণ আগবঢ়াইছে। 

উদাহৰণস্বৰূপে ডেভিদ ইষ্টনে উপকৰণ উপপাদ, দাবী, সমর্থন, পৰিৱেশ তথ্য আৰু অভিজ্ঞতা প্ৰেৰণ আদি শব্দ ব্যৱহাৰ কৰিছে। তেনেদৰে আলমণ্ডে উপপাদ আৰু উপকৰণমূলক কাৰ্যৰ এখন বেলেগ তালিকা দিছে। আনহাতে ডয়েটছে স্বায়ত্তশাসন, স্মৃতি, বোজা, গ্রাহক যোগাযোগ আদি বিভিন্ন শব্দৰ ব্যৱহাৰৰ জৰিয়তে সাৰ্বজনীনতা লাভ কৰিবলৈ বিচাৰিছে।

২৫। তুলনামূলক ৰাজনীতিত কি নতুন পৰিৱৰ্তন হৈছে তাৰ সম্পৰ্কে বর্ণনা কৰা ৷ (Describe the New changes in Comparative Politics.) 

উত্তৰঃ আলমণ্ডৰ মতে দ্বিতীয় মহাসমৰৰ পিছত তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ষেত্ৰত কেতবোৰ পৰিৱৰ্তন আহিছে যাক তেওঁ তলত দিয়া ধৰণে উল্লেখ কৰিছে। 

(ক) অধিক ব্যাপক পৰিসৰ (Search for more Comprehensive Scope) : সমসাময়িক তুলনামূলক ৰাজনীতিৰ পৰিসৰ অধিক ব্যাপক হ’ব বিচাৰে, যাৰ অধ্যয়নক্ষেত্ৰই অ-পাশ্চাত্য দেশৰ ৰাজনৈতিক ব্যৱস্থা আৰু গাঁথনিকো সামৰি লয় ৷

(খ) বাস্তৱতাৰ প্ৰতি গঢ় লৈ উঠা প্ৰৱণতা (Search for Reality) : বাস্তৱতাৰ প্ৰতি গঢ় লৈ উঠা প্ৰৱণতাই এইটো বুজায় যে তুলনামূলক চৰকাৰৰ পৰিসৰ আনুষ্ঠানিকতাবাদৰ পৰা প্ৰক্ৰিয়ামূলক আৰু আচৰণমূলক অধ্যয়নলৈ গতি কৰিছে।

(গ) অধিক সঠিক আৰু স্পষ্ট (Search for Precision) : সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়ন অধিক সঠিক আৰু স্পষ্ট হ’ব বিচাৰে। ৰাজনীতি বিজ্ঞানীসকলে অধ্যয়নত বহুতো সংখ্যাগত কৌশল ব্যৱহাৰ কৰাৰ উপৰি আধাৰ সামগ্ৰী সংগ্ৰহ আৰু বিশ্লেষণৰ ওপৰতো গুৰুত্ব দিয়ে।

(ঘ) বৌদ্ধিক ব্যৱস্থা গঢ়দিয়াৰ পোষকতা (Search for a New Intellectual Order) : তুলনামূলক ৰাজনীতিত সমসাময়িক লেখকসকলে বৌদ্ধিক ব্যৱস্থা গঢ় দিয়াৰ পোষকতা কৰে। অন্যান্য সমাজবিজ্ঞানৰ দৰে তুলনামূলক ৰাজনীতিতো তত্ত্ব নিৰ্মাণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে ৷ এনেদৰে বিশ্লেষণ কৰি চালে ক’ব পাৰি যে এৰিষ্ট’টলৰ সময়ৰ পৰা আৰম্ভ কৰি তুলনামূলক ৰাজনীতিৰ অধ্যয়নে নানান ঘাত-প্রতিঘাতৰ মাজেদি অতিক্ৰম কৰি বৰ্তমানৰ পৰ্যায়ত উপনীত হৈছে আৰু বৰ্তমানেও এই বিষয়টো বিৱৰ্তনৰ পথত ধাৱিত হোৱা পৰিলক্ষিত হয়।

২৬। তুলনামূলক ৰাজনীতি অধ্যয়নৰ আৱশ্যকতা সম্পর্কে বিশ্লেষণ কৰা। (Explain the Necessity of study of Comparative Politics.) 

উত্তৰঃ সমালোচকসকলে তুলনামূলক ৰাজনীতিৰ বৈজ্ঞানিকধৰ্মী বিশ্লেষণ জটিল বুলি অভিহিত কৰে, তথাপিও সমসাময়িক দৃষ্টিকোণৰ পৰা বিষয়টোৰ গুৰুত্ব আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ সমসাময়িক কেতবোৰ ৰাজনীতি বিজ্ঞানীয়ে এনে তত্ত্বৰ উদ্ভাৱন কৰিছে যাৰ জৰিয়তে অকল গাঁথনিৰ ভিত্তিতে নহয়, বৰঞ্চ আন্তঃগাঁথনিৰ ভিত্তিতো ৰাজনৈতিক ব্যৱস্থাৱলীৰ তুলনা কৰিব পৰা যায়৷ সেয়েহে কাৰ্টিজৰ ভাষাত ক’বলৈ গ’লে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন সমসাময়িক ৰাজনীতি বিজ্ঞানৰ প্ৰাণসদৃশ। বিভিন্ন লেখকে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ আৱশ্যকতা বিভিন্ন দিশৰ পৰা বিশ্লেষণ কৰে।

(ক) তুলনামূলক ৰাজনীতিৰ অধ্যয়নে আমাক বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যৱস্থা জৰিয়তে সর্বোৎকৃষ্ট ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে জনাৰ সুবিধা দিয়ে। চৰকাৰ হ’ল এক সার্বজনীন অনুষ্ঠান আৰু প্ৰত্যেক মানুহে সদায় শ্রেষ্ঠতম শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পক্ষপাতী, যাৰ জৰিয়তে জনসাধাৰণৰ ইপ্সিত আশা-আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিব পৰা যায় ।

(খ) তুলনামূলক চৰকাৰৰ অধ্যয়নৰ জৰিয়তে বিভিন্ন তত্ত্বৰ উপযোগিতা আৰু ব্যৱহাৰিক জ্ঞানৰ আভাস পাব পাৰি ৷ উদাহৰণস্বৰূপে, গাঁথনিগত আৰু কাৰ্যগত তত্ত্বৰ জৰিয়তে দুখন ৰাজনৈতিক ব্যৱস্থাৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যক বিশ্লেষণ কৰিব পাৰি ।

(গ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নে বিভিন্ন ৰাজনৈতিক অনুষ্ঠানবোৰৰ সফলতাবিফলতা সম্পর্কে জ্ঞান প্ৰদান কৰে ৷ উদাহৰণস্বৰূপে, ইংলেণ্ডৰ দৰে সংসদীয় গণতন্ত্র অন্য কিছুমান দেশত সফল হ’ব পৰা নাই। কেনে পৰিস্থিতিত ৰাজনৈতিক অনুষ্ঠানে সফলতা লাভ কৰে বা বিফল হয় তাক তুলনামূলক ৰাজনীতিত অধ্যয়ন কৰা হয় ।

(ঘ) সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ষেত্ৰৰ পৰিসৰে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ তৃতীয় বিশ্বৰ দেশবোৰৰ ৰাজনৈতিক প্ৰক্ৰিয়াক সামৰি লয়। এই দেশবোৰৰ ৰাজনৈতিক প্ৰক্ৰিয়া, জনসাধাৰণৰ আশা- আকাংক্ষাক বাস্তৱ ৰূপ দিয়া আহিলা, গণতান্ত্রিকীকৰণ, আধুনিকীকৰণ আৰু ৰাজনৈতিক আচৰণ আদিক অধ্যয়ন ক্ষেত্ৰৰ ভিতৰত সামৰি লোৱা হয় ৷ 

(ঙ) তুলনামূলক ৰাজনীতিয়ে ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ দিশটোক বিশ্লেষণ কৰে৷ সময় সাপেক্ষে ৰাজনৈতিক ব্যৱস্থাই নতুন পৰিৱৰ্তনৰ পিনে গতি কৰে। উদাহৰণস্বৰূপে, ছোভিয়েট ৰাছিয়াৰ সমসাময়িক ৰাজনৈতিক পৰিৱৰ্তনৰ কথাকে উল্লেখ কৰিব পাৰি।

(চ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ জৰিয়তে আমি বিভিন্ন দেশৰ জনসাধাৰণৰ ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক আচৰণৰ বিষয়ে জানিব পাৰোঁ। সমাজ সাপেক্ষে জনসাধাৰণৰ ৰাজনৈতিক বিশ্বাস, মূল্যমান, ধাৰণা আদিৰ যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়। এই ভিন্নতাই এখন দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত গভীৰ্ভাৱে প্ৰভাৱান্বিত কৰে। 

দ্বিতীয় মহাসমৰৰ পিছৰপৰা তুলনামূলক ৰাজনীতিৰ প্ৰকৃতি আৰু পৰিসৰৰ এক নতুনত্ব দেখিবলৈ পোৱা যায়। গুৰুত্বপূৰ্ণ বিষয় হিচাপে তৃতীয় বিশ্বৰ সমাজ ব্যৱস্থাৰ ৰাজনৈতিক প্ৰক্ৰিয়া আৰু সামাজিক কাৰকৰ দ্বাৰা এনে ৰাজনৈতিক প্ৰক্ৰিয়া কেনেদৰে প্ৰভাৱান্বিত হয় তাক অধ্যয়নৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু বুলি বিবেচনা কৰা হৈছে। পাশ্চাত্য ৰাজনৈতিক বিজ্ঞানীসকলেও তৃতীয় বিশ্বৰ সমাজ ব্যৱস্থাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নৰ জৰিয়তে বৈধ তত্ত্ব আৰু আৰ্হি (Models and Theories) নিৰ্মাণৰ ওপৰত মনোনিৱেশ কৰিছে।

২৭৷ তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ উল্লেখ কৰা। (Mention about the problems relating to the study of Comparative Politics.)

উত্তৰঃ বর্তমান সময়ত তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ গুৰুত্ব যেনেদৰে বৃদ্ধি পাইছে তেনেদৰে বহুতো সমালোচকে তুলনামূলক ৰাজনীতিৰ বিশ্লেষণক অবৈজ্ঞানিক বুলিও সমালোচনা কৰে৷ তেওঁলোকে তলত দিয়া ধৰণে সমালোচনা আগবঢ়ায় ।

(ক) তুলনামূলক ৰাজনীতিৰ বহুতো গুৰুত্বপূৰ্ণ অৱধাৰণা আৰু শব্দৰ কোনো স্পষ্ট আৰু উন্নতমানৰ সংজ্ঞা নাই। বিভিন্ন লেখকে এই ধাৰণাবোৰক তেওঁলোকৰ নিজা দৃষ্টিকোণৰ দ্বাৰা ব্যৱহাৰ কৰে। ফলস্বৰূপে সঠিক তুলনামূলক আলোচনাত কেতবোৰ অসুবিধাৰ সন্মুখীন হয়। 

(খ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ব্যৱহৃত বহুতো ৰাজনৈতিক শব্দৰ কোনো স্পষ্ট ব্যাখ্যা পোৱা নাযায়৷ এনে অস্পষ্টতাৰ বাবে তুলনামূলক ৰাজনীতিৰ বৈজ্ঞানিকধর্মী বিশ্লষণ সম্ভৱপৰ নহয় ৷

(গ) ৰাজনৈতিক সংগঠনৰ লগত সম্পৰ্কীত অৰাষ্ট্ৰীয়মূলক অনুষ্ঠান আৰু ৰাজনৈতিক ব্যৱস্থাৰ শুদ্ধ আধাৰসামগ্ৰী আৰু তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বহুতো গুৰুতৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ তদুপৰি ৰাজনৈতিক ব্যৱস্থাৰ লগত জড়িত বিভিন্ন চলক (Variables) আদিৰ ক্ষেত্ৰতো প্রকৃত তথ্য আহৰণ কৰাত অসুবিধা আহি পৰে৷ এনেকুৱা বহুতো বিষয়বস্তু আছে যাৰ সঠিক পৰিমাপ ল’ব নোৱাৰি। ফলস্বৰূপে এনে বিষয়বস্তুৱে তুলনামূলক ৰাজনীতিৰ বৈজ্ঞানিকধর্মী বিশ্লেষণত সমস্যাৰ সৃষ্টি কৰে।

(ঘ) সমাজত মানুহৰ ৰাজনৈতিক আচৰণ সদায় পৰিৱৰ্তনশীল। পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে ইয়াৰ পৰিৱৰ্তন স্বাভাৱিক। এনে ৰাজনৈতিক আচৰণক বৈজ্ঞানিক নীতি বা যুক্তিযুক্তভাৱে অধ্যয়ন কৰিব নোৱাৰি। ফলস্বৰূপে ইয়ে তুলনামূলক ৰাজনীতিৰ বৈজ্ঞানিকধৰ্মী অধ্যয়ন অধিক জটিল কৰি তোলে ৷

(ঙ) পৃথিৱীৰ বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ গাঁথনিগত আৰু কাৰ্যগত ভিন্নতা আছে। ফলস্বৰূপে ৰাজনৈতিক আচৰণৰ মাজতো জটিলতা দেখিবলৈ পোৱা যায়। গতিকে, এনে বৈসাদৃশ্যমূলক আৰু জটিল ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নত কোনো এটা কাৰকক ভিত্তি হিচাপে লৈ ৰাজনৈতিক আচৰণৰ অধ্যয়ন কৰিব নোৱাৰি।

(চ) আদৰ্শ স্থাপনকাৰী দৃষ্টিভংগীৰ সমৰ্থকসকলে প্ৰমূল্যমুক্ত ৰাজনীতি বিজ্ঞানৰ অস্তিত্বক স্বীকাৰ নকৰে। আনকি অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্বৰ ক্ষেত্ৰতো কিছুমান সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়, যেতিয়া ব্যাৱহাৰিক তত্ত্ববিদসকলে সমজাতীয় শব্দবোৰক বিভিন্ন ধৰণে ব্যাখ্যা কৰে । উদাহৰণস্বৰূপে মার্ক্সীয় লেখকসকলে ব্যৱস্থাজ্ঞাপন তত্ত্বক অব্যৱস্থাজ্ঞাপক তত্ত্ব বুলি অভিহিত কৰে।

(ছ) তুলনামূলক ৰাজনীতিৰ ছাত্ৰসকলে আঙুলিয়াই দিয়াৰ দৰে এখন দেশৰ ৰাজনীতিত ব্যক্তিয়ে যোগোৱা ভূমিকাক সমৰূপতাৰ ভিত্তিত অধ্যয়ন কৰিব নোৱাৰি৷ উদাহৰণস্বৰূপে, ইংলেণ্ডৰ জনসাধাৰণৰ ৰক্ষণশীল চৰিত্ৰক ইণ্ডোনেছিয়াৰ মানুহৰ আচৰণৰ লগত তুলনা কৰিব নোৱাৰি।

(জ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ক্ষমতাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰি এটা ৰাজনৈতিক ব্যৱস্থাৰ স্থিৰতা বজাই ৰখাৰ পোষকতা কৰা হৈছে। কিন্তু প্রত্যেক দেশৰ ৰাজনৈতিক ব্যৱস্থাই এক বিশেষ পৰিস্থিতিত পৰিৱৰ্তন হোৱাটো অৱশ্যম্ভাৱী। কিন্তু তুলনামূলক ৰাজনীতিৰ অগ্ৰণী তত্ত্ববিদসকলে ৰাজনৈতিক ব্যৱস্থাৰ এই পৰিৱৰ্তনমূলক দিশটোক মূল অধ্যয়ন ক্ষেত্ৰৰপৰা বহির্ভূত কৰি গোটেই দিশটোকে অৱজ্ঞা কৰিছে।

(ঝ) সমালোচকসকলৰ মতে অন্যান্য সমাজবিজ্ঞানৰ দৰে তুলনামূলক ৰাজনীতিতো প্ৰয়োগ কৰা আন্তঃসমাজ বৈজ্ঞানিক দৃষ্টিভংগীয়ে গোটেই বিষয়টোৰ পৰিসৰ ইমান ব্যাপক কৰিছে যে তুলনামূলক ৰাজনীতিৰ পৰিসৰে কি সামৰি লয় আৰু কি বহির্ভূত কৰে তাক ঠাৱৰ কৰাটো জটিল হৈ পৰে।

২৮। তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention about the Characteristics of the traditional approach to the study of Comparative Politics.)

উত্তৰঃ পৰম্পৰাগত দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহক আমি তলত দিয়া ধৰণে আলোচনা কৰিব পাৰোঁ—

(ক) অতুলনামূলক (Non-Comparative) : আদিতে পৰম্পৰাগত দৃষ্টিভংগীয়ে মাত্র এখন দেশকহে অধ্যয়নৰ বাবে লোৱা হৈছিল। তেতিয়া মাথোন এই দৃষ্টিভংগীয়ে ৰাষ্ট্ৰৰ অনুষ্ঠানবোৰৰ সমান্তৰাল বৰ্ণনাৰ ওপৰতহে গুৰুত্ব দিছিল। এই দৃষ্টিভংগীৰ ঘাই উদ্দেশ্য আছিল বিভিন্ন দেশৰ চৰকাৰ আৰু সাংবিধানিক বৰ্ণনা দাঙি ধৰা। যিকোনো ধৰণৰ সমস্যাকেই এখন দেশৰ সাংবিধানিক ব্যৱস্থাৰ সৈতে সংগতি ৰাখি অধ্যয়ন কৰা হৈছিল।

(খ) বর্ণনাত্মক (Descriptive) : পৰম্পৰাগত দৃষ্টিভংগীয়ে মাথোন বিভিন্ন চৰকাৰৰ বর্ণনাতহে আবদ্ধ আছিল। বৰ্ণনাৰ বাবে নিৰ্বাচিত চৰকাৰবোৰক ইচ্ছামতে বাছি লোৱা হৈছিল। এনে নির্বাচনত কোনো আদৰ্শ গ্ৰহণ কৰা নাছিল। এই সময়ছোৱাত লিখা গ্ৰন্থবোৰে মাথো বিভিন্ন দেশৰ ৰাজনৈতিক অনুষ্ঠানবোৰৰ বৰ্ণনাহে কৰিছিল। আইনগত দৃষ্টিভংগীয়েও ৰাজনৈতিক ব্যৱস্থাক ঠেক গণ্ডীত বৰ্ণনা কৰিছিল। ঐতিহাসিক আৰু আইনগত পদ্ধতিৰ দ্বাৰা চৰকাৰৰ গঠন পদ্ধতি আৰু কাৰ্যাৱলী আলোচনা কৰা হৈছিল। উদাহৰণস্বৰূপে, ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাৰ বিকাশক যেনেদৰে আলোচনা কৰা হৈছিল, তেনেদৰে ফ্ৰান্সৰ আইনসভাৰ বিকাশ সম্পর্কেও অধ্যয়ন কৰা হৈছিল। অৰ্থাৎ পৰম্পৰাগত দৃষ্টিভংগীয়ে মাথোন ৰাজনৈতিক গাঁথনিৰ প্ৰতিচ্ছবি দাঙি ধৰাতে আবদ্ধ আছিল ৷

(গ) সংকীর্ণতা (Parochial) : তুলনামূলক ৰাজনীতিৰ পৰম্পৰাগত দৃষ্টিভংগী আছিল অতি সংকীৰ্ণ, যাৰ অধ্যয়ন মাথোন ইংলেণ্ড, ফ্রান্স, ছুইজাৰলেণ্ড আৰু আমেৰিকাকে ধৰি পাশ্চাত্য ইউৰোপৰ কিছুমান দেশতে সীমাবদ্ধ আছিল। ইয়াৰ অন্তৰালত থকা প্ৰধান কাৰণবোৰ হৈছে পাশ্চাত্য দেশবোৰত ভাষাৰ সমস্যা নথকা হেতুকে অতি সহজে ইয়াক অধ্যয়ন কৰিব পৰা গৈছিল ৷ গতিকে ই লেখকসকলক আকৰ্ষিত কৰিছিল। তেওঁলোকৰ গণতন্ত্ৰৰ গতিধাৰাৰ ওপৰতো বিশ্বাস জন্মিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে গণতন্ত্রই হ’ল একমাত্র স্বাভাৱিক চৰকাৰ যি সমগ্ৰ বিশ্বতে বিস্তাৰিত হ’ব পাৰে৷

(ঘ) স্থিতিশীলতা (Static) : পৰম্পৰাগত দৃষ্টিভংগীয়ে অধ্যয়ন কৰিব বিচৰা দেশবোৰৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। ৰাজনৈতিক পণ্ডিতসকলে সাধাৰণতে সার্বভৌমত্ব, ইয়াৰ স্থান আৰু সাংবিধানিক গাঁথনিৰ বৰ্ণনাৰ ওপৰতহে গুৰুত্ব দিছিল। তেওঁলোকৰ কিছুমানে ৰাজনৈতিক পৰিৱৰ্তনে কঢ়িয়াই অনা গতিশীল শক্তি আৰু উপপাদক অধ্যয়নৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নাছিল। এই লেখকসকলে পৰিৱৰ্তনৰ সমস্যাৰ ওপৰত অধ্যয়নো কৰা নাছিল ।

২৯। তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা। (Discuss about the traditional approach to the study of Comparative Politics.)

উত্তৰঃ তলত কেতবোৰ পৰম্পৰাগত দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা হ’ল— 

(ক) ঐতিহাসিক পদ্ধতি (Historical Method) : সমাজবিজ্ঞানৰ বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰিবৰ কাৰণে সমাজবিজ্ঞানীসকলে উদ্ভাৱন কৰা অতি পুৰণি পদ্ধতিটোকে ঐতিহাসিক পদ্ধতি বুলি কোৱা হয়৷ পুৰণিকালত ঐতিহাসিক পদ্ধতিটো সমাজবিজ্ঞানীসকলৰ কাৰণে এতি জনপ্রিয় পদ্ধতি আছিল। মণ্টেস্ক, চিলি, মেইন, ফ্রিনমেন, লাস্কি আদি পুৰণিচাম লেখকে ঐতিহাসিক পদ্ধতি ৰাজনীতিবিজ্ঞান অধ্যয়নৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰিছিল। এওঁলোকে ঐতিহাসিক পদ্ধতিৰ পৃষ্ঠপোষকতা কৰি অতি জনপ্ৰিয় কৰি তুলিছিল। ইতিহাস ৰাজনীতিবিজ্ঞানৰ এক গৱেষণাগাৰ। ইতিহাসে ৰাজনীতিবিজ্ঞান অধ্যয়নৰ বাবে আৱশ্যকীয় তথ্য-পাতি, নথিপত্ৰ যোগান ধৰে৷ বৰ্তমানটো হ’ল অতীতৰ দান৷ বৰ্তমানৰ ৰাষ্ট্ৰৰ ৰূপ, প্ৰকৃতি আৰু ধাৰণা সম্পর্কে এক সম্যক জ্ঞান লাভ কৰিবলৈ হ’লে আমি ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ অনুষ্ঠানবোৰৰ ঐতিহাসিক উৎপত্তি আৰু বিকাশৰ বিষয়ে জনাটো অতি আৱশ্যক।

তুলনামূলক ৰাজনীতি অধ্যয়নৰ বাবে যদিও ঐতিহাসিক পদ্ধতি এটা গ্রহণযোগ্য আৰু জনপ্ৰিয় পদ্ধতি, ইয়াৰ কিছুমান দোষ নথকা নহয় । ঐতিহাসিক পদ্ধতিৰে ৰাজনীতি অধ্যয়নৰ দ্বাৰা এটা বিষয়ৰ ইতিহাসহে জানিব পাৰি। এই পদ্ধতি বিজ্ঞানসন্মত নোহোৱা বাবে বিজ্ঞানসন্মত অধ্যয়ন সম্ভৱ নহয়। আকৌ ইতিহাসৰ তথ্য-পাতি, নথি-পত্ৰই গবেষকসকলক ভুল পথে পৰিচালিত কৰি ভুল সিদ্ধান্ত গ্ৰহণ কৰাবও পাৰে, কাৰণ ইতিহাসৰ সকলো তথ্য-পাতি সত্য নহ’বও পাৰে । আনহাতে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্য-পাতিবোৰৰ মিল নেথাকিবও পাৰে৷ গতিকে ঐতিহাসিক পদ্ধতিৰে এটা প্রকৃত সত্য উদ্ঘাটন কৰাত বহুখিনি বাধা আছে। যদিও ঐতিহাসিক পদ্ধতি দোষমুক্ত নহয়, ইয়াৰ আৱশ্যকতা অস্বীকাৰ কৰাৰ কোনো যুক্তি নাই। কাৰণ ঐতিহাসিক পদ্ধতিৰ জৰিয়তে আমি অধ্যয়ন কৰা বিষয়বস্তুটোৰ ইতিহাস সম্পর্কে জানিব পাৰোঁ আৰু এই তথ্য-পাতিৰ সহায়ত আমি বিজ্ঞানসন্মত আধুনিক পদ্ধতিবোৰ প্ৰয়োগ কৰি এটা বাস্তৱ সত্যতাত উপনীত হ’ব পাৰোঁ। সেয়েহে বর্তমান কালতো ৰাজনীতিবিজ্ঞানীসকলে উদ্ভাৱন কৰা নতুন নতুন বিজ্ঞানসন্মত পদ্ধতিৰ লগতে ঐতিহাসিক পদ্ধতিও গ্ৰহণ কৰা হয় ।

(খ) দার্শনিক পদ্ধতি (Philosophical Method) : দার্শনিক পদ্ধতিৰ সহায়ত ৰাজনীতিবিজ্ঞানৰ কোনো এটা বিষয়বস্তুৰ ওপৰত কাল্পনিক ধাৰণা কৰি লৈ অধ্যয়ন কৰা হয় । ঐতিহাসিক পদ্ধতিৰ দৰে দাৰ্শনিক পদ্ধতিও এটা পুৰণি পদ্ধতি। অতীতৰ লেখকচামে দার্শনিক পদ্ধতি বহুলভাৱে প্ৰয়োগ কৰিছিল। সেই সময়ত ৰাজনীতিবিজ্ঞানৰ বিভিন্ন ধাৰণাসমূহ, ৰাজনৈতিক অনুষ্ঠানবোৰৰ প্ৰকৃতি, ৰাষ্ট্ৰৰ প্ৰকৃতি, চৰকাৰৰ শ্ৰেণীবিভাগ ইত্যাদি বিভিন্ন ক্ষেত্ৰত ৰাজনীতিবিদ দার্শনিকসকলে কল্পনা বা ধাৰণা কৰি লৈ কোনটো উৎকৃষ্ট বা নিকৃষ্ট হ’ব সেই বিষয়ে অধ্যয়ন কৰিছিল। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰ কেনেকুৱা হ’ব লাগে। শিক্ষা-ব্যৱস্থা কেনেকুৱা হোৱা উচিত, ন্যায়ৰ ধাৰণা আদি কল্পনা-জগতৰ পৰা উদ্ভৱ হোৱা ধাৰণাহে। প্লেটোৰ দৰে এৰিষ্টটলেও দার্শনিক পদ্ধতি প্রয়োগ কৰি নাগৰিকত্ব, বিপ্লৱ আদি সম্পর্কে নিজৰ ধাৰণাসমূহ দাঙি ধৰিছিল।

অৰ্থাৎ দার্শনিক পদ্ধতিৰ দ্বাৰা কল্পনা আৰু ধাৰণাক ভিত্তি কৰি লৈ ৰাজনীতিবিজ্ঞানৰ বিষয়বস্তুৰ ওপৰত ভৱিষ্যতৰ ধাৰণা দাঙি ধৰিছিল৷ বৰ্তমান সময়ত ৰাজনীতিবিজ্ঞানৰ অধ্যয়ন দিনে দিনে অধিক বিজ্ঞানসম্মত আৰু বাস্তৱমুখী হৈ পৰাত দার্শনিক পদ্ধতিয়ে পূৰ্বৰ জনপ্ৰিয়তা হেৰুৱাই পেলাইছে। দাৰ্শনিক পদ্ধতিৰে ভৱিষ্যতৰ ৰাষ্ট্ৰ কেনেকুৱা হ’ব, চৰকাৰে কেনে ধৰণে কাৰ্য পালন কৰিব, এনেবোৰ ভৱিষ্যতৰ প্ৰশ্নৰ কাল্পনিক ধাৰণাৰে উত্তৰ বিচাৰে। সেয়ে দার্শনিক পদ্ধতিৰ বর্তমান বিশেষ গুৰুত্ব নাই বুলিব পাৰি।

(গ) আইনসংগত পদ্ধতি (Legal Method) : আইনসংগত পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰক এটা ৰাজনৈতিক অনুষ্ঠান হিচাপে ধৰি নলৈ আইন প্রণয়ন কৰা ব্যক্তি হিচাপে ধৰি লৈহে ৰাজনীতিবিজ্ঞান অধ্যয়ন কৰা হয়। এই পদ্ধতি অনুসৰি আইন প্রণয়ন আৰু আইন বলৱৎ কৰাই হ’ল ৰাষ্ট্ৰৰ মুখ্য কৰ্তব্য। ইউৰোপীয় দেশসমূহত ৰাজনীতি আইনসংগত পদ্ধতিৰে অধ্যয়ন কৰা হৈছিল। উদাহৰণস্বৰূপে,ফ্রান্স, বেলজিয়াম, জার্মানী আদি দেশসমূহত আইন দুটা ভাগত—সাংবিধানিক আৰু প্ৰশাসনীয় হিচাপে ভাগ কৰা হৈছে। এই দেশসমূহত ৰাজনীতিৰ অধ্যয়ন কৰোঁতে যিদৰে সাংবিধানিক আইনৰ সহায় লোৱা হয়, সেইদৰে চৰকাৰৰ প্ৰশাসন কার্য অধ্যয়ন কৰা হয় প্ৰশাসনীয় আইনৰ সহায়ত ৷ প্ৰশাসনীয় আইনে ৰাষ্ট্ৰ, ৰাষ্ট্ৰৰ বিভিন্ন দপ্তৰ আৰু দপ্তৰসমূহৰ কাৰ্যাৱলী,সমস্যাসমূহ, ক্ষমতা আৰু দায়িত্ব আদি দিশবিলাক অন্তৰ্ভুক্ত কৰে।

যিহেতু ৰাজনীতি বিজ্ঞানৰ কাৰ্যকলাপ আইনৰ নীতি-নিয়মৰ ভিতৰতে সমাধা কৰা হয়, গতিকে বহুতৰ মতে আইনসংগত পদ্ধতিয়ে এই ক্ষেত্ৰত বহুখিনি সহায় কৰে। সামাজিক পটভূমি অবিহনে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা সম্ভৱ নহয়। আইনসংগত পদ্ধতিক অতি ৰীতিনিষ্ঠ আৰু কঠোৰ সিদ্ধান্তবাদী বুলি কোৱা হয়, কাৰণ ইয়াত সামাজিক আচৰণ মানৱীয় দিশৰ কোনো ধৰণৰ মূল্যাংকন কৰা নহয়।

(ঘ) আনুষ্ঠানিক পদ্ধতি (Institutional Method) : ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীসমূহৰ ভিতৰত প্ৰাচীনতম হৈছে আনুষ্ঠানিক দৃষ্টিভংগী। এই আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাজনৈতিক বিজ্ঞানৰ আলোচনাত ব্যক্তিৰ পৰিৱৰ্তে অনুষ্ঠানবিলাকৰ অধ্যয়নৰ ওপৰতহে গুৰুত্ব দিয়ে। অর্থাৎ এই দৃষ্টিভংগীৰ মতে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ প্ৰধান বিষয়বস্তু হৈছে ৰাজনৈতিক অনুষ্ঠানসমূহ। সাধাৰণতে ই সেইবিলাক অনুষ্ঠানৰ কথা সূচায় যিবিলাক ৰাষ্ট্ৰৰ সংবিধান বা চৰকাৰখন যিবোৰ তথ্য-পাতিৰ ভিত্তিত প্রতিষ্ঠিত সেইসমূহৰ পৰা সৃষ্ট। ওৱাছবিৰ (Wasby)ৰ মতে, চৰকাৰ আৰু ৰাজনীতিৰ আনুষ্ঠানিক দিশটোৰ ওপৰত আনুষ্ঠানিক বা গাঁথনিগত দৃষ্টিভংগীয়ে বিশেষ গুৰুত্ব দিয়ে। এই আনুষ্ঠানিক দৃষ্টিভংগীৰ প্ৰধান পৃষ্ঠপোষকসকলৰ ভিতৰত এৰিষ্টটল, বেগিহট, ওগ’, মনৰো, ফাইনাৰ, লাস্কি,ব্রাইচ, আলমণ্ডপাৱেল আদিৰ নাম উল্লেখনীয়। আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰ, চৰকাৰৰ তিনিটা প্রধান অংগ ক্রমে আইনপালিকা, কাৰ্যপালিকা আৰু ন্যায় পালিকা, ৰাজনৈতিক দল, প্ৰভাৱগোষ্ঠী, স্বার্থান্বেষী গোটবিলাকৰ অধ্যয়ন সামৰি লয়। এই অনুষ্ঠানবিলাকৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ লগতে ইবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ৰ আলোচনাও আনুষ্ঠানিক দৃষ্টিভংগীয়ে সামৰি লয় ৷

৩০। তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীৰ তিনিটা আসোঁৱাহ উল্লেখ কৰা।(Mention three demerits of Traditional Approach to the study of Comparative Politics.)

উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীৰ তিনিটা আসোঁৱাহহ’ল— 

(ক) এই দৃষ্টিভংগীয়ে মাথোন ইউৰোপৰ কেইখনমান দেশৰ সাংবিধানিক ব্যৱস্থাহে অধ্যয়নৰ ক্ষেত্ৰ হিচাপে লৈছিল; উন্নয়নশীল আৰু অনুন্নত দেশৰ অধ্যয়নৰ ওপৰত ই গুৰুত্ব আৰোপ কৰা নাছিল ৷

(খ) তুলনামূলক ৰাজনীতিৰ অধ্যয়ন আছিল আনুষ্ঠানিক। ই মাথোন চৰকাৰৰ যথাবিহিত অনুষ্ঠানৰ অধ্যয়নৰ ওপৰতহে গুৰুত্ব দিছিল। আনহাতে আনুষ্ঠানিক অনুষ্ঠানবোৰে ক্ষমতা প্রয়োগ আৰু ৰাজনৈতিক সিদ্ধান্ত নিৰ্ধাৰণত কেনেদৰে ভূমিকা পালন কৰে তাক অধ্যয়ন কৰা নহৈছিল৷ তদুপৰি ই ৰাজনৈতিক আচৰণৰ নিৰ্দেশক আৰু চৰকাৰৰ অনুষ্ঠানবোৰৰ অৰাজনৈতিক ভেটিৰ বিষয়েও অধ্যয়ন কৰা নাছিল ।

(গ) পৰম্পৰাগত তুলনামূলক ৰাজনীতি আছিল বৰ্ণনাত্মক৷ আৰু ইয়াৰ অধ্যয়ন আৰু তুলনাৰ বাবে আধুনিক পদ্ধতি উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া নাছিল ।

৩১। তুলনামূলক ৰাজনীতি অধ্যয়নৰ আধুনিক দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । (Mention the modern characteristic of study of Comparative Politics.)

উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ আধুনিক দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহক নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰোঁ।

(ক) আধুনিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰৰ পৰিৱৰ্তে ৰাজনৈতিক ব্যৱস্থাকহে অধ্যয়নৰ ভিত্তি হিচাপে গ্ৰহণ কৰে।

(খ) আধুনিক দৃষ্টিভংগীৰ অধ্যয়নে তুলনামূলক ৰাজনীতিক মাত্ৰ কেইখনমান পাশ্চাত্য ইউৰোপীয় দেশতে আবদ্ধ কৰি ৰখা নাই, বৰং এছিয়া আৰু আফ্ৰিকাৰ তৃতীয় বিশ্বৰ দেশবোৰৰ ক্ষেত্ৰৰ ভিতৰত সামৰি ল’লে৷ গতিকে আধুনিক দৃষ্টিভংগীত সংকীর্ণতাবাদৰ প্ৰভাৱ নাই।

(গ) আধুনিক দৃষ্টিভংগীয়ে ৰাজনৈতিক ব্যৱস্থাৰ লগত থকা সামাজিক ব্যৱস্থাৰ অবিচ্ছেদ্য সম্পৰ্কৰ্ক অধ্যয়ন কৰে। কাৰণ ৰাজনীতিৰ লগত সামাজিক ব্যৱস্থাৰ ওতপ্রোত সম্পর্ক আছে আৰু ৰাজনৈতিক প্ৰক্ৰিয়াত সমাজে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।

(ঘ) আধুনিক দৃষ্টিভংগীৰ আন এটা বৈশিষ্ট্য হ’ল এয়ে যে ই তত্ত্ব নির্মাণমুখী। বিভিন্ন ৰাজনৈতিক পৰিঘটনাক অভিজ্ঞতাবাদীভাৱে অধ্যয়ন কৰি কেতবোৰ সামৰণি পোৱা যায়। এই সামৰণিৰ ভিত্তিত কোনো নতুন তত্ত্বৰ উদ্ভৱ হ’ব পাৰে বা প্রচলিত কোনো তত্ত্বৰ পৰিৱৰ্তনো হ’ব পাৰে।

(ঙ) আধুনিক দৃষ্টিভংগীত অধ্যয়নৰ বাবে ব্যৱহৃত পদ্ধতিবোৰৰ শোধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ এই ক্ষেত্ৰত ৰাজনীতি বিজ্ঞানে অন্যান্য সমাজ বিজ্ঞানৰ পৰা আধুনিকীকৰণৰ বাবে নতুন নতুন অধ্যয়নৰ গৱেষণা পদ্ধতি আহৰণ কৰিছে। আধুনিক দৃষ্টিভংগীৰ আলমত কোনো এটা পৰিঘটনাক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ পক্ষপাতী। 

(চ) আধুনিক দৃষ্টিভংগীৰ অধ্যয়নে বিভিন্ন দেশৰ ৰাজনৈতিক ব্যৱস্থাৱলীক অধ্যয়ন কৰি তাৰ পৰা এটা গ্রহণযোগ্য সিদ্ধান্তত উপনীত হয়। অর্থাৎ পৰম্পৰাগত দৃষ্টিভংগীৰ দৰে ইয়াৰ অধ্যয়ন কেতবোৰ বিশেষ ৰাজনৈতিক ব্যৱস্থাতে আবদ্ধ নহৈ সার্বজনীন হ’ব বিচাৰে।

(ছ) আধুনিক দৃষ্টিভংগীয়ে এটা ৰাজনৈতিক ব্যৱস্থাৰ কাৰ্যগত দিশটোৰ অধ্যয়নৰ ওপৰত অধিক মনোনিৱেশ কৰে। এই দৃষ্টিভংগীয়ে সংবিধানবহির্ভূত শক্তিয়ে ৰাজনৈতিক ব্যৱস্থাক কেনেদৰে প্ৰভাৱান্বিত কৰে তাকো অধ্যয়নৰ ভিতৰত সাঙুৰি লয়। অর্থাৎ এই দৃষ্টিভংগীৰ ব্যৱহাৰে ৰাজনীতি বিজ্ঞানক অভিজ্ঞতাবাদী কৰি তুলিলে ৷

৩২। তুলনামূলক ৰাজনীতি অধ্যয়নৰ আচৰণবাদী দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the characteristic of Behavioural Approach to the study of Comparative Politics.)

উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ আচৰণবাদী দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ হ’ল— 

(ক) আচৰণবাদী দৃষ্টিভংগীত মানুহে সমাজত ঘটা ঘটনা, অনুষ্ঠান আৰু সামাজিক গাঁথনি অথবা মানুহৰ আদৰ্শতকৈও মানুহ আৰু মানুহৰ গোটসমূহৰ আচৰণৰ বাস্তৱ অৱস্থা আৰু তাত্ত্বিক বিশ্লেষণক প্রাধান্য দিয়ে ৷

(খ) সামাজিক আৰু সাংস্কৃতিক নৃতত্ত্ব মনোবিজ্ঞান আৰু সমাজবিজ্ঞান আদি বিষয়বিলাকৰ ওপৰত সামগ্রিক দৃষ্টি ৰাখি গৱেষণা কৰা আৰু তাৰ এক তাত্ত্বিক ৰূপ দিয়া ।

(গ) গৱেষণা আৰু তত্ত্ব উদ্ভাৱনৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা মনত ৰাখি আনুভাবিক গৱেষণা কৰা আৰু তাৰ যোগেদি ৰাজনৈতিক তত্ত্বৰ ক্ৰমবিকাশত বৰঙণি যোগোৱা। 

(ঘ) ৰাজনৈতিক সমস্যাবোৰ বিশ্লেষণ কৰোতে গৱেষণাৰ আৰ্হি তৈয়াৰ কৰি তাক প্ৰয়োগ কৰা।

1 thought on “Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top