Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Question Answer can be of great value to excel in the examination.
Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি
Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Approaches To Studying Comparative Politics
POLITICAL SCIENCE
POLITICAL PROCESSES AND INSTITUTIONS IN COMPARATIVE PERSPECTIVE
তুলনামূলক দৃষ্টিভংগীত ৰাজনৈতিক প্ৰক্ৰিয়া আৰু প্ৰতিষ্ঠানসমূহ
অতি চমু প্রশ্নোত্তৰঃ
১। আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বুলিলে কি বুজা? (What do you mean by International Relations?)
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বুলিলে আমি কি বুজোঁ? থোৰতে ক’বলৈ হ’লে বিশ্বৰ সাৰ্বভৌম তথা স্বাধীন ৰাষ্ট্ৰবিলাকে নিজা ভূ-খণ্ডৰ সীমা নেওচি পৰৰাষ্ট্ৰৰ লগত গঢ়ি তোলা সকলো ধৰণৰ সম্পৰ্ককেই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কই সাঙুৰি ল’ব পাৰে। এনে সম্পৰ্ক ৰাজনৈতিক বা অৰাজনৈতিক (আৰ্থিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী, ন্যায়িক) আৰু চৰকাৰী বা বেচৰকাৰী সকলো ধৰণৰ হ’ব পাৰে। সেয়েহে কোৱা হয় আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অৰ্থ “ৰাষ্ট্ৰীয় সীমাক নেওচি ৰাষ্ট্ৰবিলাকৰ মাজৰ জনসাধাৰণ, দ্রব্য সামগ্ৰী আৰু চিন্তাধাৰাৰ সকলো ধৰণৰ পাৰস্পৰিক যোগাযোগ।”
২। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সংজ্ঞাবিলাকৰ প্ৰধান দুটা দৃষ্টিভংগী কি কি? (What are the two main aspects of the definition of international relations?)
উত্তৰঃআন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সংজ্ঞাবিলাকৰ প্ৰধান দুটা দৃষ্টিভংগী হ’ল—
(ক) ধ্রুপদী বা পৰম্পৰাগত দৃষ্টিভংগী। আৰু
(খ) আধুনিক দৃষ্টিভংগী।
৩। “ক্ষমতা সম্পৰ্কৰ পৰিৱৰ্তিত পদ্ধতিত ৰাষ্ট্ৰীয় নীতিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই হৈছেআন্তঃৰাষ্ট্ৰীয় ৰাজনীতি”— কোনে আগবঢ়াইছিল? (“International Relations is the interactions of state policies in within the changing patterns of Power Relationships”- Who said this?)
উত্তৰঃ নমাৰ্ন জে পেডেল ফৰ্ড আৰু লিংকনে আগবঢ়াইছিল।
৪। “ৰাষ্ট্ৰবিলাকৰ মাজৰ সম্পৰ্কই হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি”— কোনে কৈছিল? (“International Politics is the relations among States”- Who said this.)
উত্তৰঃ স্নেছা।
৫। “ইতিহাসৰ কোনো এক নিৰ্দিষ্ট সময়ত প্ৰভাৱশালী ৰাষ্ট্ৰবিলাকৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰাই হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি”— কোনে কৈছিল। (“International Politics consists of Relations between groups of major importance in the life of the world at any period of history”Who said this.)
উত্তৰঃ কুইন্সি ৰাইট।
৬। “স্বাধীন ৰাজনৈতিক সম্প্ৰদায়বোৰৰ মাজত যিবিলাক বিষয়ত বিৰোধ, সংঘৰ্ষ আৰু স্বার্থ জড়িত থাকে সেই বিষয়বোৰকেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি কোৱা হয়”— কোনে আগবঢ়াইছিল। (“Among the Independent political communities, the issues that involve conflict, conflicts and interests are called international politics.”)
উত্তৰঃ হেৰল্ড আৰু মাৰ্গাৰেট স্প্রাউতে আগবঢ়াইছিল।
৭। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকৃতি উল্লেখ কৰা । (Mention the two important nature of international relations.)
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকৃতি হৈছে—
(ক) সংঘাত (Conflict)। আৰু
(খ) ক্ষমতা (Power)।
৮। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতিক ‘ক্ষমতা’ সম্পৰ্কে মৰগেনথৰ মন্তব্যটো আগবঢ়োৱা। (Highlight Morgenthau comment on the ‘Power’ of international nature.)
উত্তৰঃ ৰাষ্ট্ৰবিলাকৰ স্বাৰ্থ যিয়েই নহওঁক কিয়, ক্ষমতা হৈ পৰে তৎকালীন স্বার্থ।
৯। আন্তঃৰাষ্ট্ৰীয় শব্দৰ ইংৰাজী প্ৰতিশব্দ কি? (What is the English synonym of international word.)
উত্তৰঃ International
১০। ৰাজনৈতিক সংস্কৃতিৰ ধাৰণাটোৰ সৃষ্টি আৰু বিকাশত গুৰুত্বপূৰ্ণ অৱদান কোনে আগবঢ়াইছিল? (Who give important contributions to the creation and development of the concept of political culture?)
উত্তৰঃ আমেৰিকাৰ বিশিষ্ট চিন্তাবিদ গেব্রিয়েল আলমণ্ড ৷
১১। ‘The Civic Culture’ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the book ‘The Civic culture’?)
উত্তৰঃ চিডনী ভাবা।
১২৷ আলমণ্ডৰ মতে ৰাজনৈতিক সংস্কৃতিৰ সংজ্ঞা দিয়া। (Define Political culture according to Almond.)
উত্তৰঃ আলমণ্ডৰ মতে ৰাজনৈতিক সংস্কৃতি হ’ল— কোনো এক ৰাজনৈতিক ব্যৱস্থাত সদস্যসকলে ৰাজনীতিৰ প্ৰতি গ্ৰহণ কৰা ব্যক্তিগত দৃষ্টিভংগী আৰু মনোভাৱে।
১৩৷ লুচিয়ান পাইৰ মতে ৰাজনৈতিক সংস্কৃতিৰ সংজ্ঞা দিয়া। (Define Political culture according to Lucian Pye.)
উত্তৰঃ লুচিয়ান পাইৰ (Lucian Pye) ৰ মতে ৰাজনৈতিক সংস্কৃতি হ’ল জনগণৰ মনোবৃত্তি, বিশ্বাস আৰু আৱেগ- অনুভূতিৰ সমষ্টি যি ৰাজনৈতিক কার্যপ্রণালী এটাক অৰ্থ আৰু শৃংখলা প্ৰদান কৰে ৷
১৪। ৰাজনৈতিক সংস্কৃতিৰ উদাহৰণ দিয়া । (Give an examples of political culture.)
উত্তৰঃ ৰাজনৈতিক সংস্কৃতি হৈছে এজন লোকৰ দ্বাৰা অনুষ্ঠিত মনোভাৱ আৰু অনুশীলনৰ এক সংহতি যি তেওঁলোকৰ ৰাজনৈতিক আচৰণক আকৃতি দিয়ে। সাধাৰণতে ক’বলৈ হ’লে অৱশ্যে ৰাজনৈতিক সংস্কৃতি সময়ৰ সৈতে কম-বেছি একে হৈ থাকে৷ যেনে— আমেৰিকা যুক্তৰাজ্য আৰু গ্রেট ব্রিটেইন দুয়োখন গণতন্ত্র, কিন্তু প্রত্যেকৰ এক সুকীয়া ৰাজনৈতিক সংস্কৃতি আছে।
১৫৷ তিনিটা ৰাজনৈতিক সংস্কৃতি কি কি? (What are the three political culture?)
উত্তৰঃ তিনি প্ৰকাৰৰ ৰাজনৈতিক সংস্কৃতি হল — ব্যক্তিবাদী, নৈতিকতাবাদী আৰু পৰম্পৰাগত।
১৬৷ কেনেধৰণৰ ৰাজনৈতিক সংস্কৃতিয়ে ফেডাৰেলিজম গ্ৰহণ কৰে? (What kind of political culture tend to adopt federalism?)
উত্তৰঃ বিভিন্ন জাতিগত বা ভাষা গোট থকা ৰাষ্ট্ৰ, যেনে—চুইজাৰলেণ্ড আৰু কানাডা ফেডাৰেল ব্যৱস্থা থকাৰ সম্ভাৱনা আছে।
১৭৷ কোনটো চনত আৰু কোনে ভাৰতবৰ্ষৰ ক্ষমতা হস্তান্তৰ কৰাৰ মধ্যস্ততা কৰিছিল? (In which year and who mediated the transfer of power of India?)
উত্তৰঃ ১৯৪৬ চনত কেবিনেট মিচনে ভাৰতবৰ্ষৰ ক্ষমতা হস্তান্তৰ কৰাৰ মধ্যস্ততা কৰিছিল।
১৮। কেবিনেট মিচনৰ প্ৰস্তাৱ অনুযায়ী সংবিধান সভাৰ মুঠ কিমান সদস্য সংখ্যা স্থিৰ কৰা হয়? (According to the proposal of the cabinet mission, the number of members like the constituent Assembly should be decided?)
উত্তৰঃ কেবিনেট মিচনৰ প্ৰস্তাৱ অনুযায়ী সংবিধান সভাৰ মুঠ সদস্য সংখ্যা স্থিৰ কৰা হয় ৩৮৯ জন।
১৯। সংবিধানৰ তিনিটা প্ৰধান স্তম্ভ কি কি? (What are the three main pillars of the constitution?)
উত্তৰঃ সংবিধানৰ তিনিটা প্ৰধান স্তম্ভ হ’ল কল্যাণমূলক সহ সংসদীয় গণতন্ত্র, যুক্তৰাষ্ট্ৰ আৰু ধৰ্মনিৰপেক্ষ।
২০। সংবিধানৰ কিমান নং ধাৰাত সাৰ্বজনীন ভোটাধিকাৰ অন্তৰ্ভুক্ত কৰা হয়? (How many articles of the constitution include Universal Suffrage?)
উত্তৰঃ সংবিধানৰ ৩২৬ নং ধাৰাত সাৰ্বজনীন ভোটাধিকাৰ অন্তৰ্ভুক্ত কৰা হয় ।
২১। সংবিধান সভাৰ একমাত্ৰ কমিউনিষ্ট সদস্য কোন আছিল? (Who was the only commu..st member of the constitution?)
উত্তৰঃ সংবিধান সভাৰ একমাত্ৰ কমিউনিষ্ট সদস্য সোমনাথ লাহিড়ী আছিল ৷
২২। ভাৰতীয় সংবিধানখন কোনটো চনত, কেইটা ধাৰা আৰু কিমান পাতৰ তালিকা কাৰ্যকৰী কৰা হয়? (In which year, how many articles and how many pages list is implemented in Indian constitution?)
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী, ৩৯৫ টা ধাৰা, ৯ টা অনুসূচিত আৰু বিভিন্ন অংশ উপধাৰা আৰু ৩০০ পাতৰ তালিকা ভাৰতীয় সংবিধানত কাৰ্যকৰী কৰা হয় ।
২৩। সংবিধানত স্বাধীন ভাৰতবৰ্ষক কেনেকৈ চিত্ৰিত কৰা হৈছে? (How has the constitution portrayed an independent India?)
উত্তৰঃ সীমাবদ্ধ পৌৰ আৰু ৰাজনৈতিক স্বাধীনতা আৰু খচৰাৰ অনিশ্চয়তাক বাদ দি একগুচ্ছ মৌলিক অধিকাৰৰ নিশ্চয়তা দান সহ সাৰ্বজনীন প্রাপ্ত বয়স্কৰ ভোটাধিকাৰৰ ভিত্তিত সংসদীয় গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা হিচাপে সংবিধানত স্বাধীন ভাৰতবৰ্ষক চিত্ৰিত কৰা হয় ।
২৪। ‘পুনা চুক্তি’কি? (What is ‘Pune Agreement’?)
উত্তৰঃ গান্ধীজী আৰু আম্বেদকাৰৰ মাজত সাক্ষৰিত ১৯৩২ চনৰ ঐতিহাসিক ‘পুনা চুক্তি’ৰ মূলনীতিক গুৰুত্ব দি অস্পৃশ্য, আদিবাসী আৰু অন্যান্য সামাজিক আৰু শিক্ষাগতভাৱে অনগ্ৰসৰ . সম্প্রদায়বোৰৰ বাবে বিশেষ সুযোগ সুবিধা বন্দোৱস্ত কৰা হয় ।
২৫। কোনে ভাৰতবৰ্ষৰ গণতন্ত্ৰক ‘ক্রিয়াশীল নৈৰাজ্য’ বা ফাংচনিং এনাৰকে বুলি কৈছিল? (Who called democracy in India ‘Functional Anarchy’?)
উত্তৰঃ হার্ভার্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ গলব্রেড (Galbraith) ভাৰতবৰ্ষৰ গণতন্ত্ৰক ‘ক্রিয়াশীল নৈৰাজ্য’ বা ফাংচনিং এনাৰকে বুলি কৈছিল।
২৬। কোনে ভাৰতবৰ্ষক ‘নৰম ৰাষ্ট্ৰ’বা চফট্ ষ্টেট বুলি চিহ্নিত কৰিছিল? (Who identified India as a ‘soft state’? )
উত্তৰঃ গুনাৰ মিৰডাল (Gunnar Myrdal) ভাৰতবৰ্ষক ‘নৰম ৰাষ্ট্ৰ’ বা চফট্ ষ্টেট বুলি চিহ্নিত কৰিছিল৷
২৭। প্রাতিষ্ঠানিকতাবাদী দৃষ্টিভঙ্গীৰ কেনেকৈ সূচনা হৈছিল? (How did the institutionalist approach begin?)
উত্তৰঃ ক্রমবৰ্দ্ধমান প্রত্যাশাই বৈপ্লৱিকৰূপ ধাৰণ কৰিলে তাৰ প্ৰতিবেদনশীলতাৰ প্রাতিষ্ঠানিক ক্ষয় আৰু অসমাৰ্থৰ বিষয়ে সচেতনতা গঢ়াৰ প্ৰচেষ্ঠাৰ মাজেৰে প্রাতিষ্ঠানিকতাবাদী দৃষ্টিভঙ্গীৰ জন্ম হয়।
২৮। প্রাতিষ্ঠানিকতাবাদী দৃষ্টিভঙ্গীৰ সূচনা কোনে কৰিছিল? (Who initiated the institutionalist approach?)
উত্তৰঃ অধ্যাপকচামুয়েল পি. হাণ্টিংটন, তেওঁৰ ‘Political order in changing societies’ (১৯৬৮) কিতাপৰ মাধ্যমত প্রাতিষ্ঠানিকতাবাদী দৃষ্টিভঙ্গীৰ সূচনা কৰিছিল ।
২৯। ভাৰতীয় ৰাজনীতিৰ নতুন ধাৰাৰ ঐতিহাসিক সমাজতাত্ত্বিক বিশ্লেষকৰ নাম কি? (What is the name of historical sociological analyst of the new trend of Indian politics?)
উত্তৰঃ লুইভামা ভাৰতীয় ৰাজনীতিৰ নতুন ধাৰাৰ ঐতিহাসিক সমাজতাত্ত্বিক বিশ্লেষক।
৩০। ভাৰতীয় ৰাজনীতিৰ চৰ্চাত নতুন দৃষ্টিভঙ্গীৰ প্ৰয়োগ কৰা একাধিক ভাৰতীয় আৰু বিদেশী ৰাষ্ট্ৰবিজ্ঞানীৰ নাম লিখা। (Write the names of multiple Indian and foreign national scientists who have used new perspective in the context of Indian politics.)
উত্তৰঃ ৰজনী কোঠাৰী, বসিৰুদ্দিন আহমেদ, এলডাচ্ ভেল্ড, মাৰ্কাস ফাণ্ডা আৰু অস গুড ফিল্ড।
৩১। কোনে জাতপাতৰ ক্ৰিয়াকলাপক আধুনিক ৰাজনৈতিক ব্যৱস্থাত চাপ সৃষ্টিকাৰী ৰাজনৈতিক কৰ্মপ্ৰক্ৰিয়া ৰূপে চিহ্নিত কৰিছিল? (Who identified caste activity as a political process that puts 2006 pressure on the modern political system?)
উত্তৰঃ ৰজনী কোঠাৰী।
৩২। মোৰিস জোন্সে ৰাজনীতি চৰ্চাৰ কেইটা আৰু কি কি সংলাপৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিছিল? (How many and what dialogues did Morris Jones mention in his practice of politics?)
উত্তৰঃ মোৰিস জোন্সে ৰাজনীতি চৰ্চাৰ তিনিটা ভিন্নধর্মী সংলাপৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিছে। এইবোৰ হ’ল সনাতনী, আধুনিক আৰু গুৰুবাদী।
৩৩৷ পুৰণি আৰু নতুন প্রাতিষ্ঠানিকতাৰ মাজত পার্থক্য কি? (What is the difference between old and new institutionalism?)
উত্তৰঃ নতুন প্রাতিষ্ঠানিকতা, এক সামাজিক তত্ত্ব যিয়ে প্রতিষ্ঠানবোৰৰ এক সমাজতত্ত্বগত দৃষ্টিভংগী বিকশিত কৰে, তেওঁলোকে বাৰ্তালাপ কৰে আৰু সমাজৰ ওপৰত প্ৰতিষ্ঠানবোৰৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়ে ৷ পুৰণি প্রাতিষ্ঠানিকতা অন্যান্য মানৱ বিজ্ঞান পদ্ধতি যেনে আইন, ইতিহাস, সমাজবিজ্ঞান আদিৰ ওপৰত আধাৰিত
৩৪। নতুন প্রাতিষ্ঠানিকতাৰ পিতৃ কোন আছিল? (Who is the father of new institutionalism?)
উত্তৰঃ ডগলচ চি।
৩৫। উদাৰ প্রাতিষ্ঠানিকতা তত্ত্ব কি? (What is liberal institutionalism theory?)
উত্তৰঃ প্রাতিষ্ঠানিক উদাৰবাদ বা উদাৰ প্রাতিষ্ঠানিকতা হৈছে আন্তর্জাতিক সম্পৰ্কৰ এক আধুনিক তত্ত্ব যিয়ে দাবী কৰে যে ৰাষ্ট্ৰসংঘ (UN) উত্তৰ আটলান্টিক চুক্তি সংগঠন (NATO) আৰু ইউৰোপীয় ইউনিয়ন (EU) আদিৰ দৰে আন্তর্জাতিক প্রতিষ্ঠান আৰু সংগঠনে ৰাজ্যসমূহৰ মাজত সহায় আৰু সহযোগিতা বৃদ্ধি কৰিব পাৰে ৷
৩৬। প্রাতিষ্ঠানিকতাৰ উদ্দেশ্য কি? (What is the purpose of institutionalism?)
উত্তৰঃ প্ৰতিষ্ঠানবাদ হৈছে শাসন আৰু সামাজিক বিজ্ঞানৰ বাবে এক সাধাৰণ পদ্ধতি। ই প্রতিষ্ঠানসমূহত মনোনিৱেশ কৰে আৰু প্ৰৱেশকাৰী, ঐতিহাসিক আৰু তুলনামূলক পদ্ধতি ব্যৱহাৰ কৰি সেইবোৰ অধ্যয়ন কৰে। সমাজবিজ্ঞান, যিকোনোৱে ইয়াক নিৰ্ধাৰণ নকৰাকৈ, আৰম্ভৰ পৰাই প্ৰতিষ্ঠানবোৰৰ অধ্যয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।
৩৭। ভাৰতীয় অর্থনীতিত কেনেকৈ দেশী আৰু বিদেশী একচ্ছত্র পুঁজিপতিৰ প্ৰভাৱ বৃদ্ধি কৰিছে? (How has the influence of domestic and foreign monopoly capitalists increased in the Indian economy?)
উত্তৰঃ শিল্পক্ষেত্ৰত বৃহৎ বুর্জোৱায় অর্থনৈতিক ক্ষেত্ৰত প্ৰাধান্য অৰ্জন কৰিছে আৰু তেওঁলোকৰ হাততেই সম্পদ কেন্দ্রীভূত হৈছে। বিশ্বায়ন, বেচৰকাৰীকৰণ আৰু ভাৰতবৰ্ষৰ অৰ্থনীতিৰ দৰ্জা বিদেশী লগ্নীকাৰীৰ ওচৰত খুলি দিবৰ নীতি ভাৰতীয় অর্থনীতিত দেশী আৰু বিদেশী একচ্ছত্র পুঁজিপতিৰ প্ৰভাৱ বৃদ্ধি কৰিছে।
৩৮। তুলনামূলক ৰাজনীতিত নতুন প্রাতিষ্ঠানিকতা কি? (What is new institutionalism in comparative politics?)
উত্তৰঃ নব্য-প্রাতিষ্ঠানিকতাবাদ, যাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতি বিজ্ঞান, অর্থনীতি, সাংগঠনিক আচৰণ আৰু সমাজবিজ্ঞানৰ অধ্যয়নত নতুন প্রাতিষ্ঠানিকতা, পদ্ধতিগত পদ্ধতি বুলিও কোৱা হয়, যিয়ে অনুসন্ধান কৰে যে কেনেকৈ প্রাতিষ্ঠানিক গাঁথনি, নিয়ম আৰু সংস্কৃতিয়ে ব্যক্তিসকলৰ পছন্দ আৰু কাৰ্যবোৰ কঠোৰ কৰে যেতিয়া তেওঁলোক এটা ৰাজনৈতিক প্ৰতিষ্ঠানৰ অংশ হয়।
৩৯। বিতর্কিত প্রাতিষ্ঠানিকতা কি? (What is the discursive institutionalism?)
উত্তৰঃ বিতর্কিত প্রাতিষ্ঠানিকতা শব্দটো হৈছে ৰাজনৈতিক বিজ্ঞানৰ বিভিন্ন কামৰ বাবে এক ছাতিৰ দৰে আৱৰণৰ ধাৰণা যিয়ে ধাৰণাৰ মূল সমল আৰু আলোচনাৰ আন্তঃক্ৰিয়া প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়ে যাৰ দ্বাৰা সেইবোৰ প্ৰদৰ্শিত প্রাতিষ্ঠানিক প্ৰসংগত সৃষ্টি আৰু অৱগত কৰা হয়।
৪০। উপসংস্কৃতি কি? উদাহৰণ দিয়া । (What is subculture? Give example.)
উত্তৰঃ উপসংস্কৃতি সংখ্যাগৰিষ্ঠসকলৰ পৰা পৃথক মূল্যবোধ আৰু নিয়ম, এক বিস্তৃত সমাজৰ ভিতৰত এটা গোটৰ দ্বাৰা অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাজ্যত উপসংস্কৃতিত হিপি, গোথ, হিপ হপ বা গধুৰ ধাতুৰ অনুৰাগী আৰু আনকি বাইক চালকো অন্তর্ভুক্ত থাকিব পাৰে। বাইক আৰোহী দল এটা উপসংস্কৃতিৰ উদাহৰণ।
৪১। অধ্যাপক ডেনিয়েল এলেজাৰৰ মতে টেক্সাছৰ ৰাজনৈতিক সংস্কৃতি কি? (What is the political culture of Texas dominated by according to professor Daniel Elazar?)
উত্তৰঃ এলেজাৰৰ মতে, টেক্সাছৰ ৰাজনৈতিক সংস্কৃতি হৈছে পৰম্পৰাগত আৰু ব্যক্তিবাদী উপাদানৰ সংমিশ্ৰণ । ৰাজ্যিক ৰাজনীতিৰ পৰম্পৰাগত দিশবোৰ ৰাজ্যিক ৰাজনীতিত এক দলৰ আধিপত্যৰ দীঘলীয়া ইতিহাস, নিম্ন স্তৰৰ ভোটদান আৰু সামাজিক আৰু অৰ্থনৈতিক ৰক্ষণাবেক্ষণৰ দ্বাৰা সংহত।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতিৰ উপাদান কেইটা আৰু কি কি? (What are the elements of the nature of international relations and what are they?)
উত্তৰঃ পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৰাজিৰ পৰ্যালোচনা কৰি চালে দেখা যায় যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক তিনিটা বিশেষ উপাদানৰ দ্বাৰা পৰিচালিত হয়। সেই উপাদান তিনিটা হৈছে –
(ক) ৰাষ্ট্ৰীয় স্বার্থ (National Interest)।
(খ) সংঘাত আৰু সহযোগিতা (Conflict and Cooperation)। আৰু
(গ) প্ৰভাৱ আৰু ক্ষমতা প্রয়োগ (Influence and Use of Power)।
২। ৰাজনৈতিক সংস্কৃতিক প্ৰধানকৈ কেইটা ভাগত ভগাব পৰা যায় আৰু কি কি? (Political culture can be divided into how many Parts and What are they?)
উত্তৰঃ ৰাজনৈতিক সংস্কৃতিক প্ৰধানকৈ তিনিটা ভাগত ভগাব পৰা যায়—
(ক) সংকীৰ্ণ ৰাজনৈতিক সংস্কৃতি।
(খ) নিষ্ক্রিয় ৰাজনৈতিক সংস্কৃতি।
(গ) অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতি।
৩। আলমণ্ডে ৰাজনৈতিক সংস্কৃতিক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি? (Almond has divided political culture into how many parts and what are they?)
উত্তৰঃ আলমণ্ডে ৰাজনৈতিক সংস্কৃতিক চাৰিটা ভাগত ভাগ কৰিছে—
(ক) সংকীর্ণ নিষ্ক্রিয় ৰাজনৈতিক সংস্কৃতি।
(খ) নিষ্ক্রিয় অংশগ্রহণকাৰী ৰাজনৈতিক সংস্কৃতি।
(গ) নাগৰিক সংস্কৃতি।
(ঘ) সংকীর্ণ অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতি।
৪। ফাইনাৰে (Finer) ৰাজনৈতিক সংস্কৃতিক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি? (Einer has divided political culture into how many parts and what are they?)
উত্তৰঃ ফাইনাৰে (Finer) ৰাজনৈতিক সংস্কৃতিক তিনিটা ভাগত ভাগ কৰিছে—
(ক) পৰিপক্ক ৰাজনৈতিক সংস্কৃতি।
(খ) উন্নত ৰাজনৈতিক সংস্কৃতি।
(গ) নিম্নমানৰ ৰাজনৈতিক সংস্কৃতি।
৫। হান্টিংটনে (Huntington) ৰাজনৈতিক সংস্কৃতিক কেইটা ভাগত ভাগ কৰিছে। আৰু (Huntington has divided the political culture into how many parts and what are they?)
উত্তৰঃ হান্টিংটনে (Huntington) ৰাজনৈতিক সংস্কৃতিক দুটা ভাগত ভাগ কৰিছে –
(ক) পৰিপূৰ্ণ ৰাজনৈতিক সংস্কৃতি।
(খ) যান্ত্ৰিক ৰাজনৈতিক সংস্কৃতি।
(৬) ৰাজনৈতিক উপসংস্কৃতি বুলিলে কি বুজা? (What do you mean political subculture?)
উত্তৰঃ ৰাজনৈতিক সংস্কৃতি বুলিলে সাধাৰণতে কোনো এটা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণে গ্ৰহণ কৰা দৃষ্টিভংগী মূল্যবোধ, বিশ্বাস তথা মনোভাবক বুজায়। মানুহ মাত্রেই প্ৰত্যেকৰে মন বেলেগ বেলেগ হোৱাৰ কাৰণে একেটা ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে প্ৰত্যেক মানুহৰে মত বা চিন্তাধাৰা বেলেগ বেলেগ হোৱাটো স্বাভাৱিক৷ দেশ তথা সমাজতেই মানুহৰ চিন্তাধাৰাৰ বিভিন্নতাৰ অন্তৰালত কিছুমান বিশেষ কাৰকে প্ৰভাৱিত কৰে। সেই কাৰকসমূহ, যেনে— ভৌগোলিক অৱস্থিতি, গোষ্ঠীগত বা জাতিগত বিভিন্নতা, ধর্ম, ভাষা, শিক্ষা সংস্কৃতি, আর্য সামাজিক ইত্যাদি। এইকাৰকসমূহে কেতিয়াবা একেটা ৰাজনৈতিক সংস্কৃতিৰ মাজতে একোটা নতুন সংস্কৃতিৰ জন্ম দিয়ে যাক ৰাজনৈতিক উপসংস্কৃতি বোলে৷
৭। লুচিয়ান পায়ে (Lucian Pye) তেওঁৰ ‘Aspects of Political Development’ নামৰ গ্ৰন্থত ৰাজনৈতিক সংস্কৃতি সম্পর্কে কি কৈছে? (What does Lucian Pye say about political culture in his book ‘Aspects of political Development’?)
উত্তৰঃ লুচিয়ান পায়ে তেওঁৰ গ্ৰন্থত সনাতন আৰু উন্নয়নশীল সমাজত ৰাজনৈতিক সংস্কৃতি সম্পর্কে আলোচনা আগবঢ়াইছে। এনে সমাজত ব্যক্তিগত, জাতিগত-গোষ্ঠীগত, সাম্প্রদায়িক আদি কাৰকে ব্যক্তিৰ ৰাজনৈতিক দৃষ্টিভংগী তথা মূল্যবোধক প্ৰভাৱান্বিত কৰে। ফলত এনে সমাজত জনসাধাৰণৰ মাজত প্ৰাধান্যকাৰী কোনো ৰাজনৈতিক সংস্কৃতি গঢ়ি নুঠে আৰু এনে সমাজত পৰম্পৰাগত ৰীতি-নীতি আৰু প্ৰথাবিলাকে সমাজ তথা ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। ফলস্বৰূপে এটা সংকীৰ্ণ ৰাজনৈতিক সংস্কৃতি গঢ়ি উঠে। তেনে ৰীতি-নীতি বা পৰম্পৰাৰ ওপৰতেই নিহিত হৈ থাকে কর্তৃত্ব।
সময়ৰ পৰিৱৰ্তনৰ লগে লগে আদিম অৱস্থাৰ পৰা আহি সমাজ ব্যৱস্থা বৰ্তমানৰ গণতান্ত্রিক স্তৰত উপনীত হৈছে। গণতান্ত্ৰিক ব্যৱস্থাৰ লগতে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শই জনসাধাৰণক ৰাজনীতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ উপৰি নতুন ৰাজনৈতিক সংস্কৃতিৰ বিকাশ সাধনত অৰিহণা যোগাইছে। ইয়েই অংশগ্রহণকাৰী ৰাজনৈতিক সংস্কৃতি গঢ়ি তুলিছে।
৮। ৰাজনৈতিক সংস্কৃতিৰ ভিত্তিগত উপাদানসমূহ কি কি? (What are the basic elements of political culture?)
উত্তৰঃ ৰাজনৈতিক সংস্কৃতিৰ ভিত্তিগত উপাদানসমূহ হ’ল—
(ক) ঐতিহাসিক উপাদান।
(খ) ৰাজনৈতিক ব্যৱস্থাৰ নিৰৱচ্ছিন্নতা আৰু বিচ্ছিন্নতা।
(গ) ভৌগোলিক অৱস্থান ৷
(ঘ) সামাজিক উপাদান।
(ঙ) অর্থনৈতিক উপাদান।
(চ) ঔপনিৱেশিক শাসন।
(ছ) গোষ্ঠীগত আনুগত্য।
(জ) ধর্ম।
(ঝ) ৰাজনৈতিক মতাদর্শ।
(ঞ) শ্রেণী গঠনৰ প্ৰভাৱ ৷
৯। ৰাজনৈতিক সংস্কৃতিৰ ধাৰণা সম্পৰ্কে বহলাই লিখা। (Write in details about the concept of political culture.)
উত্তৰঃ ৰাজনৈতিক সংস্কৃতি, ৰাজনৈতিক ব্যৱস্থাৰ সৈতে ওতঃপ্রোতভাৱে জড়িত। সাধাৰণতে জন্মগতভাৱে কোনো ব্যক্তিৰ জীৱনৰ সৈতে ৰাজনৈতিক সংস্কৃতি জড়িত হৈ নাথাকে। ই গঢ়ি উঠে ৰাজনৈতিক সামাজিকীকৰণৰ মাধ্যমত। ব্যক্তিয়ে যি সমাজ ব্যৱস্থাত জন্ম লাভ কৰে আৰু ডাঙৰ-দীঘল হয়, সেই সমাজ তথা তেনে সমাজৰ সৈতে জড়িত ৰাজনৈতিক ব্যৱস্থাই মানুহৰ মাজত এক বিশেষ ৰাজনৈতিক মূল্যবোধ আৰু দৃষ্টিভংগী গঢ়ি তোলে। ব্যক্তিৰ জীৱনত অহৰহ এই প্ৰক্ৰিয়া চলি থাকে আৰু এনেদৰেই গঢ়ি উঠে ৰাজনৈতিক সংস্কৃতি।
সকলোবোৰ ৰাজনৈতিক ব্যৱস্থাতে ৰাজনৈতিক গঠন তথা কাৰ্যাৱলী সম্পৰ্কত জনসাধাৰণৰ মাজত এক ধাৰণাগত পার্থক্য থাকে। এমেকুৱা বহুতো, লোক আছে যিসকলে প্রচলিত ৰাজনৈতিক ব্যৱস্থা এটাক সম্পূৰ্ণৰূপে চকু মুদি সমৰ্থন কৰে। আনহাতে অন্য কিছুমান লোকে তেনে ব্যৱস্থাটোৰ বিৰোধিতা কৰে আৰু ইয়াৰ পৰিৱৰ্তন বিচাৰে। কিছু সংখ্যকে আকৌ প্রচলিত ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি সচেতন আৰু কিছুমান ৰাজনীতিৰ বিভিন্ন দিশ সম্পর্কে উদাসীন। অৰ্থাৎ ব্যক্তিভেদে ৰাজনৈতিক ব্যৱস্থা এটাৰ প্ৰতি থকা দৃষ্টিভংগী, মনোভাৱ আদি বেলেগ বেলেগ৷ ৰাজনৈতিক ব্যৱস্থা এটাৰ প্ৰতি ব্যক্তিভেদে গ্ৰহণ কৰা এনে দৃষ্টিভংগী, মনোভাৱ, বিশ্বাস আৰু মূল্যবোধৰ সমষ্টিয়েই ৰাজনৈতিক সংস্কৃতি।
প্ৰকৃততে ৰাজনৈতিক সংস্কৃতিয়ে জনসাধাৰণৰ এক অভিজ্ঞতাবাদী বিশ্বাসক বুজায়। ব্যক্তিৰ জীৱনৰ বিভিন্ন ঘটনা তথা ব্যক্তিগত অভিজ্ঞতাৰ সৈতে ৰাজনৈতিক সংস্কৃতি সংপৃক্ত হৈ থাকে ৷ ৰাজনৈতিক সংস্কৃতি গঢ়ি উঠে ৰাজনৈতিক ব্যৱস্থা তথা জনসাধাৰণৰ জীৱনৰ ইতিহাস আৰু মানুহৰ ব্যক্তিগত জীৱনৰ ইতিহাসৰ ভিত্তিত। অর্থাৎ যিকোনো ৰাষ্ট্ৰৰ ৰাজনৈতিক সংস্কৃতিৰ উৎস সেই দেশৰ ৰাজনৈতিক ঘটনাসমূহ আৰু জনসাধাৰণৰ ব্যক্তিগত অভিজ্ঞতাৰ মাজত নিহিত থাকে ৷
দেশভেদে ৰাজনৈতিক সংস্কৃতি বেলেগ বেলেগ। যেনে— গণতান্ত্রিক ব্যৱস্থা কৃতকাৰ্য হোৱা পশ্চিমীয়া দেশসমূহৰ ৰাজনৈতিক সংস্কৃতিৰ লগত এছিয়া, আফ্রিকা তথা লেটিন আমেৰিকাত নতুনকৈ জন্ম লাভ কৰা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক সংস্কৃতি বেলেগ বেলেগ। অর্থাৎ একে ৰাজনৈতিক ব্যৱস্থাৰ প্ৰচলন থাকিলেও দেশভেদে আৰু দেশৰ জনসাধাৰণৰ দৃষ্টিভংগী, বিশ্বাস তথা মনোভাৱৰ আধাৰত ৰাজনৈতিক সংস্কৃতি বেলেগ বেলেগ হোৱা দেখা যায় ।
১০। ৰাজনৈতিক সংস্কৃতি কি? ৰাজনৈতিক সংস্কৃতিৰ বিভিন্ন উপাদানবোৰ বৰ্ণনা কৰা ৷ (What is political culture? Describe the different elements of political culture.)
উত্তৰঃ সাম্প্ৰতিক কালত তুলনামূলক ৰাজনীতি অধ্যয়নত ৰাজনৈতিক সংস্কৃতিৰ ধাৰণাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। সাধাৰণতে ৰাজনৈতিক সংস্কৃতি হ’ল ব্যক্তিভেদে ৰাজনৈতিক ব্যৱস্থা এটাৰ প্ৰতি থকা দৃষ্টিভংগী, মনোভাৱ, বিশ্বাস আৰু মূল্যবোধৰ সমষ্টি। দেশভেদে ৰাজনৈতিক সংস্কৃতি বেলেগ বেলেগ।
বিভিন্ন ৰাজনৈতিক পণ্ডিত তথা সমাজতত্ত্ববিদে ৰাজনৈতিক সংস্কৃতিৰ বিষয়ে বিভিন্ন ধৰণে সংজ্ঞা আগবঢ়াইছে । তাৰে ৰাজনৈতিক সংস্কৃতিৰ কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল—
আলমণ্ড আৰু পাৱেলৰ মতে, “কোনো এক ৰাজনৈতিক ব্যৱস্থাত সদস্যসকলে ৰাজনীতিৰ প্ৰতি গ্ৰহণ কৰা ব্যক্তিগত দৃষ্টিভংগী আৰু মনোভাৱেই হৈছে ৰাজনৈতিক সংস্কৃতি”।
লুচিয়ান পাই (Lucian Pye) ৰ মতে, “ৰাজনৈতিক সংস্কৃতি হ’ল জনগণৰ মনোবৃত্তি, বিশ্বাস আৰু আৱেগ অনুভূতিৰ সমষ্টি। যি ৰাজনৈতিক কাৰ্যপ্ৰণালী এটাক অৰ্থ আৰু শৃংখলা প্রদান কৰে”।
আৰ. মেক্ৰিডিছ (R. Macridis) ৰ মতে, “ৰাজনৈতিক সংস্কৃতিৰ অৰ্থ হ’ল সামূহিকভাৱে গ্ৰহণ কৰা লক্ষ্য আৰু সামূহিকভাৱে গ্ৰহণ কৰা নীতি-নিয়ম”।
এলান বল (Alan Ball) ৰ মতে, “ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনৈতিক সমস্যা সন্দৰ্ভত সংশ্লিষ্ট সমাজে গ্ৰহণ কৰা মনোবৃত্তি, বিশ্বাস, আৱেগ আৰু মূল্যবোধৰ সমষ্টিয়েইহ’ল ৰাজনৈতিক সংস্কৃতি”।
ৰাজনৈতিক সংস্কৃতিৰ উপাদানৰ দিশৰ পৰা চালে প্রত্যেক জাতিৰ বা দেশৰ ৰাজনৈতিক সংস্কৃতি সাধাৰণতে তিনিটা মূল উপাদানৰ সৃষ্টি। সেইকেইটা হ’ল—
(ক) অভিজ্ঞতাবাদী বিশ্বাস (Empirical Beliefs) : কোনো একোটা ৰাজনৈতিক ব্যৱস্থা সম্পর্কে জনসাধাৰণৰ অভিজ্ঞতাৰ ভিত্তিত গঢ়ি উঠা মনোভাৱকে অভিজ্ঞতাবাদী বিশ্বাস বোলা হয় । কোনো এখন দেশৰ ৰাজনৈতিক সংস্কৃতি সেই দেশৰ ৰাজনৈতিক ঘটনা-পৰিঘটনাসমূহৰ লগতে জনসাধাৰণৰ ব্যক্তিগত অভিজ্ঞতাৰ সৈতে জড়িত হৈ থাকে।
(খ) সংবেদনশীল মনোভাৱ (Emotional Attitudes) : কোনো একোটা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন বা অসমৰ্থনৰ অনুভূতিয়ে হৈছে সংবেদনশীল মনোভাৱ ৷ ব্যক্তিভেদে এই মনোভাৱ বেলেগ বেলেগ হোৱাৰ কাৰণে একেটা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি সকলো লোকৰে সমানে সমর্থন বা অসমর্থন দেখিবলৈ পোৱা নাযায়।
(গ) মূল্যবোধৰ অগ্ৰাধিকাৰ (Value Preference) : চৰকাৰৰ নীতি-নিয়ম, উদ্দেশ্য, লক্ষ্য আদিৰ সম্পৰ্কে জনসাধাৰণৰ মনত সৃষ্টি হোৱা ব্যক্তিগত ধাৰণা বা বিশ্বাসৰ সমষ্টিয়েই হৈছে মূল্যবোধৰ অগ্ৰাধিকাৰ। প্ৰত্যেক ৰাজনৈতিক ব্যৱস্থাৰ সৈতে জড়িত মূল্যবোধে ৰাজনৈতিক সংস্কৃতি গঢ়ি তোলাত অৰিহণা যোগায়।
১১৷ ৰাজনৈতিক সংস্কৃতিৰ শ্ৰেণী বিভাজন সম্পর্কে আলোচনা কৰা। (Discuss the class division of political culture.)
উত্তৰঃ বিশিষ্ট সমাজতত্ত্ববিদ গেব্রিয়েল আলমণ্ড (Gabriel Almond) আৰু চিডনী ভাবা (Sidney Verba) ই তেওঁলোকৰ ‘The civic culture’ নামৰ গ্ৰন্থখনৰ জৰিয়তে ৰাজনৈতিক সংস্কৃতিৰ তিনিটা ভাগৰ বিষয়ে উল্লেখ কৰিছে। সেইকেইটা হ’ল—
(ক) সংকীৰ্ণ ৰাজনৈতিক সংস্কৃতি।
(খ) নিষ্ক্রিয় ৰাজনৈতিক সংস্কৃতি ৷
(গ) অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতি।
(ক) সংকীৰ্ণ ৰাজনৈতিক সংস্কৃতি (Parochial Political Culture) : যিবোৰ সমাজত জনসাধাৰণ অত্যন্ত পিছপৰা আৰু ৰাজনৈতিক ব্যৱস্থা সম্বন্ধে বিশেষ জ্ঞান নাই, তেনে সমাজ ব্যৱস্থাক সাধাৰণতে সংকীৰ্ণ ৰাজনৈতিক সংস্কৃতি বিৰাজ কৰা সমাজ হিচাপে জনা যায়। এনে এক সমাজ ব্যৱস্থাত ব্যক্তি এক নির্দিষ্ট গোষ্ঠী, ধর্ম বা সম্প্ৰদায়ৰ মাজতে আৱদ্ধ থাকে। এনে সমাজত ব্যক্তিয়ে নিজকে এখন ৰাজনৈতিক সমাজৰ সভ্য হিচাপে বিবেচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে। এনে সমাজত ব্যক্তিৰ ৰাষ্ট্ৰ, চৰকাৰ, চৰকাৰৰ বিভিন্ন অংগ তথা ইয়াৰ কাৰ্যাৱলী সম্পৰ্কীয় ৰাজনৈতিক ব্যৱস্থাৰ লগত জড়িত কোনো বিষয়ৰ বিশেষ জ্ঞান নাথাকে বা জানিবলৈ আগ্রহী নহয়৷ এছিয়া বা আফ্রিকাত বর্তমানেও এনে বহু অনগ্ৰসৰ অঞ্চল আছে য’ত জনসাধাৰণৰ মাজত ৰাজনৈতিক ক্ষেত্ৰত চৰম উদাসীনতা দেখিবলৈ পোৱা যায়। জাতীয় ৰাজনৈতিক ব্যৱস্থা তথা ৰাজনৈতিক জীৱন সম্পর্কে এই অঞ্চলৰ জনগোষ্ঠীৰ লোকসকল একেবাৰে অজ্ঞ।
(খ) নিষ্ক্রিয় ৰাজনৈতিক সংস্কৃতি (Subject political culture) : নিষ্ক্রিয় ৰাজনৈতিক সংস্কৃতি প্রচলন থকা সমাজত জনসাধাৰণৰ সামগ্ৰিকভাৱে ৰাজনৈতিক ব্যৱস্থা সম্পর্কে জ্ঞান থাকে যদিও ৰাজনীতিৰ ক্ষেত্ৰখনত সক্রিয় ভূমিকা ল’ব পৰা বিশেষ জ্ঞান নাথাকে। সাধাৰণতে বিকাশশীল সমাজ ব্যৱস্থাত এনে সংস্কৃতি বিৰাজ কৰা দেখা যায়। এনে সমাজত জনসাধাৰণে প্রচলিত আইন-কানুন, প্ৰশাসনীয় ব্যৱস্থা বা আমোলাতান্ত্রিক সিদ্ধান্ত আদিৰ বিষয়ে জ্ঞাত থাকে, কিন্তু ব্যক্তিয়ে নিজে সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াৰ সৈতে জড়িত নাথাকে। যাৰ কাৰণে এনে সংস্কৃতি প্রচলন থকা দেশত বা সমাজত জনসাধাৰণে যিকোনো চৰকাৰী সিদ্ধান্ত বিনা প্রতিবাদে মানি লয় বা কোনো চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰাৰো চেষ্টা নকৰে।
(গ) অংশগ্রহণকাৰী ৰাজনৈতিক সংস্কৃতি (Participant Political Culture) : অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতি প্ৰচলন থকা এখন দেশৰ বা সমাজৰ সকলো জনসাধাৰণে ৰাজনৈতিক ব্যৱস্থাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। সাধাৰণতে এনে সমাজত ৰাজনৈতিক ব্যৱস্থাৰ সৈতে ব্যক্তিৰ আৱেগ-অনুভূতিও জড়িত হৈ থাকে। যাৰ কাৰণে ব্যক্তিয়ে ৰাজনৈতিক ব্যৱস্থাৰ সকলো সাকাৰাত্মক আৰু নাকাৰাত্মক দিশ পুংখানুপুংখভাৱে চালি-জাৰি চায়। এই সমাজৰ জনসাধাৰণে নিৰ্দিষ্ট সমাজখনক পৰিস্থিতিৰ লগত অধিক প্ৰাসংগিক কৰি তুলিবলৈ সময়ৰ পৰিৱৰ্তনৰ লগে লগে নিজৰ লগতে সমাজক ঢাল খুৱাবলৈ যত্ন কৰে। ইয়াত ব্যক্তিয়ে ৰাজনৈতিক ব্যৱস্থাৰ সক্রিয় সদস্য হৈ থকাৰ বাবে তেওঁলোকে নিজৰ অধিকাৰ আৰু কৰ্তব্য সম্পর্কে সম্পূর্ণ সজাগ থাকে। এনে সংস্কৃতিৰ মাজত ব্যক্তি নিজকে ৰাজনীতিৰ সক্রিয় সদস্য হিচাপে বিবেচনা কৰে বাবে প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে সকলো ধৰণৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়।
১২৷ ৰাজনৈতিক সংস্কৃতিৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পর্কে বহলাই লিখা। (Write in details about the importance and significance of political culture.)
উত্তৰঃ এটা নিৰ্দিষ্ট ৰাজনৈতিক ব্যৱস্থাৰ কাৰ্যাৱলী সম্পৰ্কে মনোবৈজ্ঞানিক আৰু সমাজতাত্ত্বিক পাৰিপাৰ্শ্বিকতা অধ্যয়নৰ ক্ষেত্ৰত ৰাজনৈতিক সংস্কৃতিৰ অত্যাধিক গুৰুত্ব পৰিলক্ষিত হয়। বিশিষ্ট সমাজতত্ত্ববিদ আৰ. মেক্িিডছৰ মতে, “ৰাজনৈতিক সংস্কৃতি হৈছে সামূহিকভাৱে গ্ৰহণ কৰা লক্ষ্য আৰু সামূহিকভাৱে গ্ৰহণ কৰা নীতি-নিয়ম”। According to R. Macridis, “Political culture means commonly shared goals and commonly accepted rules”.
সাধাৰণতে, ৰাজনৈতিক সংস্কৃতি সদায় একে ঠাইতে ৰৈ থকা অৱস্থা বা প্ৰক্ৰিয়া নহয়। সামাজিক পৰিৱৰ্তন তথা জনসাধাৰণৰ প্ৰয়োজনীয়তা অনুসৰি সংস্কৃতিৰ ক্ষেত্ৰত ঘটা পৰিৱৰ্তনৰ নিচিনাকৈ ৰাজনৈতিক সংস্কৃতিৰো পৰিৱৰ্তন সাধন হয়। ই এক গতিশীল প্রক্রিয়া। ইয়াৰ গতিশীলতাৰ ওপৰত উদ্যোগীকৰণ, যুদ্ধ, বিপ্লৱ, প্ৰব্ৰজন আদিয়ে যথেষ্ঠ প্ৰভাৱ পেলায়। একেদৰে পৰিৱৰ্তন হোৱা ৰাজনৈতিক সংস্কৃতিৰ একো একোখন সমাজ তথা দেশত যথেষ্ট তাৎপর্য থকা পৰিলক্ষিত হয়।
যিকোনো দেশৰ ৰাজনৈতিক ব্যৱস্থা অৰ্থপূৰ্ণ হৈ উঠে ৰাজনৈতিক সংস্কৃতিৰ মাধ্যমত। অৰ্থাৎ দেশ এখনৰ ৰাজনৈতিক পদ্ধতিক শৃংখলাৱদ্ধ কৰি তোলাত ৰাজনৈতিক সংস্কৃতিয়ে সহায় কৰে। এখন দেশৰ প্ৰচলিত ৰাজনৈতিক সংস্কৃতিৰ সহায়ত সেই দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ত ব্যক্তি তথা বিভিন্ন গোষ্ঠী, সংগঠন আদিৰ মনোভাৱ, দৃষ্টিভংগী তথা বিশ্বাস আদি বিশ্লেষণ কৰিব পাৰি। ৰাজনৈতিক সংস্কৃতিয়ে এখন দেশৰ জনসাধাৰণৰ ৰাজনৈতিক কার্যকলাপ সম্পর্কে সম্যক জ্ঞান দিয়ে। ৰাজনৈতিক সংস্কৃতিৰ মাধ্যমত দেশ এখনৰ জনসাধাৰণৰ ৰাজনৈতিক কার্যকলাপৰ ভৱিষ্যত গতি-বিধি সম্পর্কে বুজিব পাৰি। যিখন দেশৰ জনসাধাৰণৰ ৰাজনৈতিক কার্যকলাপৰ প্ৰতি মনোভাৱ, বিশ্বাস, মূল্যবোধ তথা দৃষ্টিভংগী সাকাৰাত্মক নহয়, তেনে দেশত বিকাশৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। আনহাতে, যি ৰাজনৈতিক কার্যকলাপৰ প্ৰতি জনসাধাৰণৰ দৃষ্টিভংগী সাকাৰাত্মক হয় বা জনসাধাৰণে সচেতনভাৱে আৰু সক্রিয়তাৰে ৰাজনৈতিক কার্যকলাপৰ সৈতে জড়িত হয়, তেনে দেশত বিকাশৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহয়।
তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ষেত্ৰত ৰাজনৈতিক সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ তাৎপর্য নিহিত হৈ আছে। দেশভেদে ৰাজনৈতিক সংস্কৃতি-বেলেগ বেলেগ হোৱাৰ কাৰণে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে। তুলনামূলক ৰাজনীতিৰ অধ্যয়নত বিভিন্ন দেশৰ ৰাজনৈতিক সংস্কৃতিৰ তুলনামূলক আলোচনাই ৰাজনৈতিক ব্যৱস্থাৰ একেবাৰে নিম্ন পৰ্যায়ৰ পৰা উচ্চ পর্যায়লৈ অর্থাৎ ঠেক পৰিসৰৰ পৰা বহল পৰিসৰলৈ ৰাজনৈতিক বিষয়বস্তুসমূহৰ আলোচনা সাঙুৰি লৈছে। ৰাজনৈতিক সংস্কৃতিৰ অধ্যয়নে এখন দেশৰ বিকাশ তথা আধুনিকীকৰণৰ বিষয়ে জনাত সহায় কৰে। তাৰোপৰি, ৰাজনৈতিক সংস্কৃতিৰ ধাৰণাই ৰাজনীতি বিজ্ঞানক ব্যাপকতা প্ৰদানত সহায় কৰিছে। বিশেষকৈ আধুনিক যুগত ৰাজনীতি বিজ্ঞানৰ পৰিসৰ বুলি ক’লে, আগৰ দিনৰ ৰাজনীতি বিজ্ঞানৰ পৰিসৰতকৈ তুলনামূলকভাৱে বহল বা ব্যাপক। অধ্যাপক এছ.পি. বাৰ্মা (S. P. Barma) ৰ মতে, “ৰাজনৈতিক সংস্কৃতিয়ে ৰাজনীতি বিজ্ঞানক অধিক পূৰ্ণাংগ ৰূপত গঢ় দিয়াৰ উপৰি ৰাজনৈতিক সম্প্ৰদায়ৰ অধ্যয়নত মনোনিৱেশ কৰাৰ ওপৰত গুৰুত্ব দিছে”।
ৰাজনীতি বিজ্ঞানৰ মাধ্যমেৰে আলোচনা কৰা যিকোনো ৰাজনৈতিক ব্যৱস্থাৰ সৈতে ৰাজনৈতিক সংস্কৃতিৰ সম্পৰ্ক ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কোনো ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ প্ৰকৃতি যিয়েই নহওঁক কিয় ৰাজনৈতিক সংস্কৃতি অবিহনে বৰ্তি থাকিব নোৱাৰে। এটা ৰাজনৈতিক ব্যৱস্থা কাৰ্যক্ষম হৈ থাকিবৰ বাবে ৰাজনৈতিক সংস্কৃতি কিমান জৰুৰী তাক দেশ এখনত থকা জনসাধাৰণে গ্ৰহণ কৰা ৰাজনৈতিক সংস্কৃতিৰ মাজেৰেহে বুজিব পাৰি। অৱশ্যে ৰাজনৈতিক ব্যৱস্থাৰ সফলতাত ৰাজনৈতিক সংস্কৃতিৰ উপৰি কেতবোৰ আৰ্থ-সামাজিক কাৰকেও প্ৰভাৱ বিস্তাৰ কৰে । তথাপি আমি ৰাজনৈতিক সংস্কৃতিৰ ভূমিকাক নুই কৰিব নোৱাৰো।
১৩। ৰাজনৈতিক সংস্কৃতিৰ ভিত্তিসমূহ ব্যাখ্যা কৰা৷ (Explain the basis of political culture.)
উত্তৰঃ অসমীয়া ভিত্তি বা আধাৰ শব্দৰ ইংৰাজী প্রতিশব্দ হৈছে “Foundation”।প্রত্যেক দেশৰে ৰাজনৈতিক সংস্কৃতি কিছুমান নিৰ্দিষ্ট উপাদানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। এই উপাদানবোৰ সাধাৰণতে পৰস্পৰ সম্পর্কযুক্ত। ৰাজনৈতিক সংস্কৃতিৰ এই উপাদানবোৰক ৰাজনৈতিক সংস্কৃতিৰ নিৰ্দ্ধাৰক বুলিও কোৱা হয়। এখন দেশৰ ৰাজনৈতিক সংস্কৃতি অন্য এখন দেশৰ ৰাজনৈতিক সংস্কৃতিতকৈ পৃথক হোৱাৰ মূল কাৰণ হ’ল এই নিৰ্দ্ধাৰক বা উপাদানবিলাক ৷ তলত ৰাজনৈতিক সংস্কৃতিৰ এই উপাদানবিলাক উল্লেখ কৰা হল—
(ক) ঐতিহাসিক উপাদান (Historical Elements) : প্রত্যেক দেশৰ ৰাজনৈতিক সংস্কৃতিত ঐতিহাসিক ঘটনাৰাজিয়ে এক গভীৰ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে ঔপনিৱেশিক শাসনৰ প্ৰভাৱ আমাৰ ভাৰতবৰ্ষত সুদূৰপ্ৰসাৰী। যাৰ প্ৰভাৱ কেৱল ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাতেইনহয়, শিক্ষা-সংস্কৃতি আদি দিশতো বিদ্যমান। ঠিক তেনেদৰে ফ্ৰান্সৰ ফৰাচী বিপ্লৱৰ (১৭৮৯) প্ৰভাৱ, আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ (১৭৭৪) প্ৰভাৱ, চীনৰ সাংস্কৃতিক বিপ্লৱ (১৯১৯) ৰ ৰাজনৈতিক সংস্কৃতিৰ পৰা প্ৰভাৱৰ কথা উল্লেখ কৰিব পাৰি। এই ঐতিহাসিক ঘটনাবোৰৰ প্ৰভাৱ ৰাজনৈতিক সংস্কৃতিত ইমানেই বেছি যে নতুন ঘটনাৰ প্ৰভাৱে ইয়াক নাইকিয়া কৰিব নোৱাৰে৷
(খ) ভৌগোলিক অৱস্থান (Geographical location) : এখন দেশৰ ভৌগোলিক অৱস্থানে সেই ৰাষ্ট্ৰখনৰ ৰাজনৈতিক সংস্কৃতিৰ ভেঁটি গঢ়ি তোলাত প্ৰভাৱ বিস্তাৰ কৰে। এখন ৰাষ্ট্ৰৰ ভৌগোলিক এলেকা যদি অন্য ৰাষ্ট্ৰৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত থাকে, তেন্তে তেনে ৰাষ্ট্ৰৰ ৰাজনৈতিক সংস্কৃতিত অন্য ৰাষ্ট্ৰই প্ৰভাৱ পেলাব নোৱাৰে। যেনেকৈ ইংলেণ্ডৰ ভৌগোলিক অৱস্থানে ৰাষ্ট্ৰ আৰু ইয়াৰ নাগৰিকক বহু পৰিমাণে বৈদেশিক আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে ইংলেণ্ডলৈ অবৈধ প্ৰব্ৰজনতো বাধা দি আহিছে। যাৰ ফলত ইংলেণ্ডৰ ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টিভংগী, মূল্যবোধ অথবা বিশ্বাস আদিৰ ওপৰত অন্য দেশৰ ৰাজনৈতিক সংস্কৃতিয়ে বিশেষ প্ৰভাৱ পেলাব পৰা নাই।
(গ) সামাজিক উপাদান (Social Elements) : বিশিষ্ট সমাজতত্ত্ববিদ এলান বলে (Alan Ball) ৰাজনৈতিক সংস্কৃতিৰ নিৰ্দ্ধাৰণত সামাজিক ভূমিকাৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰা মতে নগৰীয়া সমাজ ব্যৱস্থাত শিক্ষিতৰ হাৰ বেছি হোৱাৰ কাৰণে এনে সমাজ ব্যৱস্থাত জনসাধাৰণৰ ৰাজনৈতিক সচেতনাও বেছি। ৰাজনৈতিক সচেতনতা বেছি হোৱাৰ কাৰণে এনে সমাজ ব্যৱস্থাত সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণো বেছি। আনহাতে গাঁৱলীয়া সমাজ তুলনামূলকভাৱে নগৰীয়া সমাজতকৈ ৰক্ষণশীল তথা পৰিৱৰ্তন বিৰোধী। এনে সমাজ ব্যৱস্থাত শিক্ষিত লোকৰ সংখ্যাও তাকৰ হোৱাৰ কাৰণে জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা কম। যাৰ বাবে সিদ্ধান্ত গ্রহণ প্রক্রিয়াতো জনসাধাৰণৰ অংশগ্ৰহণ কম।
(ঘ) ধর্ম (Religion) : ৰাজনৈতিক-সংস্কৃতি গঢ়ি তোলাত ধৰ্মৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ। গণতন্ত্ৰৰ ধাৰণাৰ বিকাশৰ লগে লগে বৰ্তমান যুগত বেছিভাগ ৰাষ্ট্ৰতে ধৰ্ম নিৰপেক্ষতাবাদী ধাৰণাইস্বীকৃতি লাভ কৰিছে। আনহাতে যিবিলাক ৰাষ্ট্ৰত ধৰ্ম নিৰপেক্ষতাবাদী ধাৰণাই স্বীকৃতি লাভ কৰা নাই তেনে ৰাষ্ট্ৰসমূহত ৰাজনৈতিক সংস্কৃতি গঢ়ি তোলাত ধৰ্মৰ প্ৰভাৱ উল্লেখনীয়। উদাহৰণস্বৰূপে আফগানিস্তান, ইৰাক, ইৰাণ, লিবিয়া ইত্যাদি। এই ৰাষ্ট্ৰকেইখনৰ ৰাজনৈতিক ব্যৱস্থাত ধৰ্মৰ প্ৰভাৱ খুব বেছি থকাৰ কাৰণে এই দেশসমূহত গণতান্ত্রিক শাসনে সিমানখিনি সফল হ’ব পৰা নাই।
(ঙ) ৰাজনৈতিক মতাদর্শ (Political Ideology) : ৰাজনৈতিক সংস্কৃতিৰ ভেঁটি গঢ়ি তোলাত ৰাজনৈতিক মতাদৰ্শই এক গভীৰ প্ৰভাৱ পেলায়। প্রত্যেক দেশৰে কিছুমান নিজস্ব ৰাজনৈতিক মতাদৰ্শ আছে। যেনে— চীনৰ কমিউনিষ্ট মতাদৰ্শ, আমেৰিকাৰ পুঁজিবাদী মতাদৰ্শ, ভাৰতবৰ্ষৰ গণতান্ত্রিক সমাজবাদী মতাদর্শ আদি। এই দেশসমূহৰ জনসাধাৰণৰ দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি গঢ়ি উঠা মনোভাৱ, দৃষ্টিভংগী, মূল্যবোধ আদিৰ ক্ষেত্ৰত এই মতাদৰ্শসমূহৰ প্ৰভাৱ মন কৰিবলগীয়া। প্রত্যেক গণতান্ত্রিক দেশত ৰাজনৈতিক দল গঢ়ি উঠাৰ অন্তৰালতো ৰাজনৈতিক মতাদৰ্শৰ প্ৰভাৱ পৰিলক্ষিত হয় । প্রত্যেক ৰাজনৈতিক দলে এই মতাদর্শসমূহকে ভিত্তি হিচাপে লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ৷ নিৰ্বাচনত জয় লাভ কৰা দলৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা সমৰ্থনে ৰাজনৈতিক সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰে।
(চ) ঔপনিবেশিক শাসন (Colonial Rule) : দ্বিতীয় মহাযুদ্ধৰ পিছত নতুনকৈ স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশ এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বেছিভাগ ৰাষ্ট্ৰতে গঢ়ি উঠা ৰাজনৈতিক সংস্কৃতিৰ ভেঁটি হৈছে ঔপনিৱেশিক শাসন। বহু বছৰ ধৰি এই দেশসমূহে ব্ৰিটিছ শাসনৰ কবলত থাকি অভ্যস্ত হোৱাৰ লগতে ব্ৰিটিছৰ শাসন নীতিৰ সাকাৰাত্মক দিশসমূহক গ্রহণযোগ্য বুলি মানি লোৱাৰ ফলত, ঔপনিৱেশিক শাসনে এই দেশসমূহৰ ৰাজনৈতিক সংস্কৃতিৰ ভেঁটি গঠনত সহায় কৰিছে।
(ছ) গোষ্ঠীগত আনুগত্য (Ethnic Loyalty) : ৰাজনৈতিক সংস্কৃতি গঢ়ি উঠাত গোষ্ঠীগত আনুগত্যই লগতে গোষ্ঠীগত বিভিন্নতাই বিশেষভাৱে অৰিহণা যোগাইছে। ই ৰাজনৈতিক সংস্কৃতিত উপ-সংস্কৃতি গঢ়াতো সহায় কৰে। উদাহৰণ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ কথাকে ক’ব পাৰি, য’ত বিভিন্ন জনগোষ্ঠীৰ লোকে আদিতে একেধৰণৰ ৰাজনৈতিক সংস্কৃতিৰ মাজত থাকিলেও সময়ৰ পৰিৱৰ্তনৰ লগে লগে সকলোৱে নিজৰ সুকীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ মাজতে পৃথক দৃষ্টিভংগী আৰু মনোভাৱ গঢ়ি তোলে।
প্রত্যেক দেশৰ ৰাজনৈতিক সংস্কৃতি গঢ়ি উঠাত উক্ত সকলোবোৰ উপাদানেই প্রযোজ্য। ৰাজনৈতিক সংস্কৃতি এক গতিশীল ধাৰণা। ব্যক্তিভেদে আৰু ৰাষ্ট্ৰভেদে ই বেলেগ বেলেগ হোৱাৰ কাৰণে বিভিন্ন সময়ত এই উপাদানসমূহে বেলেগ বেলেগ ভূমিকা পালন কৰা দেখা যায়।
১৪৷ ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক সামাজিকীকৰণৰ মাজত সম্বন্ধটো আলোচনা কৰা। (Discuss the relation between political culture and political socialisation.)
উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা ৰাজনৈতিক ধ্যান-ধাৰণা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সম্প্ৰসাৰিত কৰা হয় তাকে ৰাজনৈতিক সামাজিকীকৰণ বোলে৷ সাধাৰণতে এখন সমাজৰ সদস্যসকলৰ বিয়োগৰ লগে লগে সংস্কৃতিৰ বিনাশ নহয়, নতুন প্রজন্মই সেই সংস্কৃতি বহন কৰে ৷ আলমণ্ড আৰু ভাৰ্বাৰ মতে ৰাজনৈতিক সামাজিকীকৰণ এনে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজনৈতিক সংস্কৃতিৰ প্ৰতিপালন আৰু পৰিৱৰ্তন হয়। ৰাজনৈতিক সামাজিকীকৰণ প্ৰক্ৰিয়া ব্যক্তিৰ-আজীৱন কাললৈ চলি থাকে। ই এনে এটা প্রক্রিয়া নহয় যে ই ব্যক্তিৰ জীৱনৰ প্ৰাৰম্ভিক কালত আৰম্ভ হৈ পিছলৈ নাইকিয়া হৈ যায়। ৰাজনৈতিক সামাজিকীকৰণ এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া আৰু সেইবাবে ই কেতিয়াও স্থিতিশীল হ’ব নোৱাৰে। অৱশ্যে পূৰ্বতে গ্ৰহণ কৰা ৰাজনৈতিক সংস্কৃতিৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তন বা সলনি হ’ব পাৰে।
উদাহৰণস্বৰূপে ৰাজনৈতিক বৃদ্ধিৰ ফলস্বৰূপে ইংলেণ্ডত ৰজাৰ স্বেচ্ছাচাৰী শাসনৰ বিৰোধিতা হোৱাৰ ফলত ১৬৮৮ চনত ইংলেণ্ডত সংঘটিত হোৱা গৌৰৱময় বিপ্লৱে সংসদৰ সাৰ্বভৌমত্ব প্রতিষ্ঠা কৰি ৰজাৰ ক্ষমতা সীমিত কৰিলে৷ অৰ্থাৎ ৰাজতন্ত্ৰ বৰ্তি থাকিলে ইংলেণ্ডৰ ৰাজনৈতিক সংস্কৃতিত ৰাজনৈতিক সামাজিকীকৰণে ৰাজনৈতিক ধ্যান ধাৰণা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সম্প্ৰসাৰিত কৰাৰ লগতে, কোনো এটা জাতিৰ ৰাজনৈতিক সংস্কৃতি গঢ়ি তোলাত সহায় কৰে। ই ৰাজনৈতিক সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৰাজনৈতিক সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে কেতিয়াবা কেতিয়াবা নতুন ৰাজনৈতিক সংস্কৃতি বিকাশত অৰিহণা যোগায়।
ৰাজনৈতিক সামাজিকীকৰণ প্ৰক্ৰিয়াত চৰকাৰ আৰু ৰাজনৈতিক দলত সৈতে ব্যক্তিৰ পৰিচয় ঘটে। চৰকাৰ তথা ৰাজনৈতিক দলৰ সৈতে হোৱা ব্যক্তিৰ পৰোক্ষ তথা প্রত্যক্ষ সম্পর্কই ৰাজনৈতিক সংস্কৃতিৰ বিষয়ে জ্ঞান অর্জনত সহায় কৰে। ৰাজনৈতিক ক্ষেত্ৰত লাভ কৰা এই জ্ঞানেই কেতিয়াবা কেতিয়াবা কোনো এখন দেশৰ ৰাজনৈতিক সংস্কৃতিৰ পৰিৱৰ্তন বা পূৰ্বৰ ৰাজনৈতিক সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰাত অৰিহণা যোগাব পাৰে ৷
ৰাজনৈতিক সংস্কৃতিৰ প্ৰকৃতিভেদে অর্থাৎ ভিন্নতা অনুসৰি ৰাজনৈতিক সামাজিকীকৰণ প্ৰক্ৰিয়াৰ ভিন্নতা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে সাম্যবাদী ধ্যান-ধাৰণাত বিশ্বাসী এখন দেশত সকলো লোককে সাম্যবাদী চিন্তাধাৰাৰ বিষয়ে ৰাজনৈতিক শিক্ষা দিয়া হয় । আনহাতে গণতান্ত্রিক ধ্যানধাৰণাত বিশ্বাসী এখন দেশত সকলো লোককে ৰাজনৈতিক সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে গণতান্ত্রিক আদর্শ, যেনে— ন্যায়, স্বাধীনতা, সমতা তথা ভাতৃত্ববোধৰ বিষয়ে শিক্ষা দিয়া হয় ।
মুঠৰ ওপৰত ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক সামাজিকীকৰণ এই দুয়োটাই এটা আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। একো একোটা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি জনগণে গ্ৰহণ কৰা দৃষ্টিভংগী, মূল্যবোধ তথা বিশ্বাসেই ৰাজনৈতিক সংস্কৃতিৰ ভেঁটি নির্মাণ কৰে। আনহাতে ৰাজনৈতিক সামাজিকীকৰণে ৰাজনৈতিক সংস্কৃতিৰ ভেঁটি সুদৃঢ় কৰাৰ লগতে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ৰাজনৈতিক সংস্কৃতিক প্ৰৱাহিত কৰে।
১৫। সংস্কৃতি আৰু ৰাজনৈতিক সংস্কৃতিৰ মাজত পাৰ্থক্যসমূহ আলোচনা কৰা (Discuss about the difference between culture and political culture.)
উত্তৰঃ তলত সংস্কৃতি আৰু ৰাজনৈতিক সংস্কৃতিৰ মাজত পাৰ্থক্যসমূহ আলোচনা কৰা হ’ল—
(ক) সংস্কৃতি হৈছে মানুহৰ সৃষ্টিকৰ্ম বা শিল্পকর্ম, লগতে ই মানুহৰ চিন্তা আৰু মূল্যবোধৰ সৈতে জড়িত। এক কথাত সংস্কৃতি হৈছে মানুহে সৃষ্টি বা আয়ত্ত কৰি লোৱা গুণৰ সমষ্টি। অর্থাৎ মানুহে সৃষ্টি বা আয়ত্ত কৰি লোৱা সকলো ধৰণৰ বস্তু বা গুণ যেনে— ৰীতি-নীতি, আইন, আচৰণ জ্ঞান কলা ইত্যাদিবোৰৰ সমষ্টি যিবোৰৰ ভিতৰত মানুহে সামূহিকভাৱে জীৱন নিৰ্বাহ কৰে। আনহাতে ৰাজনৈতিক সংস্কৃতি হৈছে এনে এক ধাৰণা যাৰ সৈতে শিল্পকৰ্মৰ সম্পর্ক নাথাকে বা যাক ভৌতিক বস্তুৰে বুজিব পৰা নাযায় ।
(খ) সংস্কৃতি হৈছে মূলতঃ এক সামূহিক ধাৰণা যাৰ সৈতে ব্যক্তিৰ সামূহিক আচৰণ জড়িত হৈ থাকে। বেছিভাগ সমাজৰ সদস্যই পুৰুষানুক্ৰমে লাভ কৰি অহা গুণবোৰ সংস্কৃতিৰ অন্তৰ্ভুক্ত। সংস্কৃতি গঢ়ি উঠে সামাজিক প্ৰয়োজনৰ ভিত্তিত, সহজাত প্রবৃত্তিৰ ফলত ঘটা কোনো ঘটনা সংস্কৃতিত নহয় ৷ আনহাতে, ৰাজনৈতিক সংস্কৃতি মূলতঃ এক ৰাজনৈতিক ধাৰণা যাৰ সৈতে মানুহৰ চিন্তা প্ৰক্ৰিয়া, বিশ্বাস আৱেগ-অনুভূতি ব্যক্তিৰ আচৰণ আদি জড়িত হৈ থাকে।
(গ) তুলনামূলকভাৱে সংস্কৃতি ৰাজনৈতিক সংস্কৃতিতকৈ এক পৌৰাণিক ধাৰণা। মানৱ সমাজৰ উৎপত্তিৰ লগে লগে প্রত্যেক সমাজত কেতবোৰ নিজা নিজা সংস্কৃতিৰো উদ্ভৱ হয় ৷ কিন্তু ৰাজনৈতিক সংস্কৃতি এক নতুন ধাৰণা। বিংশ শতিকাত ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশৰ লগে লগে এই ধাৰণাই বিকাশ লাভ কৰে ৷
(ঘ) সংস্কৃতি প্ৰধানকৈ দুটা ভাগত বিভক্ত — ভৌতিক আৰু অভৌতিক ৷ আনহাতে ৰাজনৈতিক সংস্কৃতি বিভিন্ন ভাগত বিভক্ত। তাৰ ভিতৰত কেতবোৰ হ’ল সংকীৰ্ণ নিষ্ক্রিয় অংশগ্ৰহণকাৰী।
(ঙ) সংস্কৃতিৰ কোনো নিৰ্দিষ্ট সৃষ্টিকৰ্তা নাই। মানৱ সমাজৰ বিকাশ তথা অগ্ৰগতিৰ লগে লগে সংস্কৃতিৰো বিকাশ হয়। কিন্তু ৰাজনৈতিক সংস্কৃতিৰ ধাৰণাৰ সৃষ্টিকর্তা আছে। সেইজন হ’ল মার্কিন ৰাজনীতিবিদ গেব্রিয়েল আলমণ্ড।
১৬৷ ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক ব্যৱস্থাৰ মাজত সম্পৰ্কটো কেনেধৰণৰ আলোচনা কৰা।(Discuss about the relationship between political culture and political system.)
উত্তৰঃ ৰাজনৈতিক সংস্কৃতি হ’ল দেশৰ নাগৰিকসকলে ৰাজনৈতিক ব্যৱস্থা সম্পর্কে গ্রহণ কৰা কেতবোৰ ধাৰণা, বিশ্বাস তথা মূল্যবোধৰ সমষ্টি। উদাহৰণস্বৰূপে গণতান্ত্ৰিক ৰাষ্ট্ৰত জনসাধাৰণে গ্ৰহণ কৰা কিছুমান ধাৰণা, যেনে— সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ, শান্তিপূৰ্ণ আৰু মুক্ত নির্বাচন, ব্যক্তি স্বাধীনতা, ক্ষমতা, ভাতৃত্ববোধ ইত্যাদিৰ পৰা জন্ম হোৱা বিশ্বাস তথা মূল্যবোধেই গঢ়ি তোলে ৰাজনৈতিক সংস্কৃতি।
ৰাজনৈতিক সংস্কৃতি হ’ল শিক্ষাৰ এক প্ৰক্ৰিয়া। প্রত্যেক প্ৰজন্মই ৰাজনৈতিক ব্যৱস্থা সম্পর্কে যিবোৰ ধাৰণা আৰু বিশ্বাসৰ বিকাশ সাধন কৰে, সেইবোৰ তেওঁলোকে পূৰ্বৰ প্ৰজন্মৰ পৰা লাভ কৰে। ৰাজনৈতিক সংস্কৃতিয়ে সকলো দেশৰে ৰাজনৈতিক আচৰণৰ মূল্যায়ন কৰে। এখন দেশত সংঘটিত ৰাজনৈতিক কাৰ্যবোৰে সেই দেশৰ ৰাজনৈতিক সংস্কৃতিৰ ভেঁটি গঢ়ি তোলে। ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনশীল চৰিত্ৰই সামাজিকীকৰণৰ লগে লগে ৰাজনৈতিক সংস্কৃতিকো প্ৰভাৱান্বিত কৰে।
দেশভেদে প্রত্যেক ৰাজনৈতিক ব্যৱস্থাতে জনসাধাৰণে পোষণ কৰা ৰাজনৈতিক সংস্কৃতি বেলেগ বেলেগ। উদাহৰণস্বৰূপে সংসদীয় শাসনত বিশ্বাসী এজন নাগৰিকৰ ৰাজনৈতিক ধাৰণা আৰু বিশ্বাস ৰাষ্ট্ৰপতীয় শাসনত বিশ্বাসী এজনৰ ধাৰণা তথা বিশ্বাসৰ সৈতে একে নহয়। ঠিক তেনেদৰে একনায়কত্ববাদী শাসনত বিশ্বাসী এজনৰ ধাৰণা আৰু মনোভাৱৰ সৈতে গণতন্ত্ৰত বিশ্বাসী এজনৰ মনোভাৱ একে হ’ব নোৱাৰে।
এটা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণে পোষণ কৰা ৰাজনৈতিক ধ্যান-ধাৰণা সময়ে সময়ে সলনি হৈ থাকে৷ উদাহৰণস্বৰূপে ষাঠিৰ দশকৰ ৰাজনৈতিক সংস্কৃতিৰ লগত সাম্প্রতিক কালৰ ৰাজনৈতিক সংস্কৃতিৰ কোনো মিল নাই। সেই সময়ত জনসাধাৰণে পোষণ কৰা ৰাজনৈতিক মূল্যবোধৰ সৈতে সাম্প্ৰতিক কালৰ ৰাজনৈতিক মূল্যবোধৰ আমুল পৰিৱৰ্তন দেখিবলৈ পোৱা যায়।
এটা ৰাজনৈতিক ব্যৱস্থাই একে সময়তে জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱত ৰূপ দিব নোৱাৰে৷ যাৰ পৰিণতিস্বৰূপে প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ বিপৰীতে এনে কিছুমান ধাৰণা, যেনে— আঞ্চলিকতাবাদ, বিচ্ছিন্নতাবাদ, সন্ত্রাসবাদ আদিয়ে গা কৰি উঠে, যিবোৰে ৰাজনৈতিক ব্যৱস্থাত সমস্যা সৃষ্টি কৰাৰ লগতে, ৰাজনৈতিক সংস্কৃতিতো প্ৰভাৱ পেলায়। কোনো দেশৰ ৰাজনৈতিক সংস্কৃতিৰ প্ৰকৃতি যিয়ে নহওঁক কিয়, ৰাজনৈতিক সংস্কৃতি অৱিহনে বর্তি থাকিব নোৱাৰে।
Eurocentrism