Niketan Class 7 Social Chapter 9 ভাৰতৰ জলবায়ু is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 9 ভাৰতৰ জলবায়ু and select need one.
Niketan Class 7 Social Chapter 9 ভাৰতৰ জলবায়ু
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 9 ভাৰতৰ জলবায়ু Solutions for All Subjects, You can practice these here…
ভাৰতৰ জলবায়ু
Chapter – 9
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। ভাৰতৰ প্রায় সোঁমাজেদি পাৰ হৈ যােৱা কাল্পনিক অক্ষৰেখাডাল – কি ?
উত্তৰঃ কর্কটক্রান্তি ৰেখা ।
প্রশ্ন ২। ব’হাগ মাহত অহা ধুমুহাৰ দুটা নাম লিখা ।
উত্তৰঃ ‘ কালবৈশাখী ’ আৰু ‘ বৰদৈচিলা ‘।
প্রশ্ন ৩। ভাৰতৰ প্ৰধান ঋতুকেইটা কি কি ?
উত্তৰঃ বসন্ত , গ্রীষ্ম , বর্ষা , শৰৎ , হেমন্ত আৰু শীত ।
প্রশ্ন ৪। বিজ্ঞানীসকলে ভাৰতৰ জলবায়ুক কেইটা ভাগত ভাগ কৰিছে ?
উত্তৰঃ সাত ভাগত ভাগ কৰিছে ।
প্রশ্ন ৫। বিভিন্ন জলবায়ু অঞ্চলৰ বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰঃ ভাৰতৰ জলবায়ু অঞ্চলৰ বৈশিষ্ট্যসমূহ হৈছে –
( ১ ) ক্রান্তীয় আর্দ্র জলবায়ু বা মৌচুমী বৰষুণৰ অঞ্চল :- উত্তাপ অধিক। গড় উষ্ণতা গ্রীষ্ম কালত ৩২° আৰু শীতকালত ১৪° চেলচিয়াছ।বৰষুণ গড়ে বছৰি ২০০ চেণ্টিমিটাৰৰ অধিক । কোংকন মালাবাৰ উপকূল , পশ্চিমঘাট পর্বত , অসম , মেঘালয় , ত্ৰিপুৰা , মিজোৰাম , মণিপুৰ , নাগালেণ্ড আদি অঞ্চল এই জলবায়ুৰ প্ৰভাৱত পৰে।
( ২ ) ক্রান্তীয় ছাভাণ জলবায়ু অঞ্চল :- গ্রীষ্ম কালত গড় উষ্ণতা ৩২° আৰু শীতকালত ১৮° চেলচিয়াছ । বৰষুণ ৭৫-১২৫.চেণ্টিমিটাৰ । মহাৰাষ্ট্র , মধ্যপ্রদেশ , ওড়িশাৰ পশ্চিমভাগ , কর্ণাটক আদি এই অঞ্চলৰ অন্তৰ্গত ।
( ৩ ) ক্রান্তীয় অর্ধমেৰু ষ্টেপ অঞ্চল :- গড় উষ্ণতা গ্রীষ্ম কালত ৩০° – ৩৪° আৰু শীতকালত ১৮° – ২০° চেলচিয়াছ । বৰষুণ ৩৫-৭৫ চেণ্টিমিটাৰ ৷ পশ্চিমঘাট আৰু কার্ডামম পাহাৰৰ ঢাপত তামিলনাডুৰ পৰা মহাৰাষ্ট্ৰলৈ বিস্তৃত এই অঞ্চল ।
( ৪ ) ক্রান্তীয় আৰু উপ – ক্রান্তীয় ষ্টেপ অঞ্চল :- গড় উষ্ণতা গ্রীষ্ম কালত ৩৫° আৰু শীতকালত ১২° চেলচিয়াছ । গড় বৰষুণ ৩০-৬৫ চেণ্টিমিটাৰ। ৰাজস্থানৰ – থৰ মৰুভূমিৰ পূবফালে কচ্চৰপৰা পঞ্জাৱলৈ এই অঞ্চল বিস্তৃত ।
( ৫ ) ক্রান্তীয় মৰুভূমি অঞ্চল :- গ্রীষ্ম কালত গড় উষ্ণতা ৩৬° চেলচিয়াছ । শীতকালি অতি শীতল , কেতিয়াবা ১° চেলচিয়াছ পর্যন্ত হয় । দিনৰ ভাগত অত্যন্ত গৰম , ধূলিৰ ধুমুহা বলে । এই অঞ্চলত বৰষুণ প্রায় নােহােৱাৰ দৰেই । ৰাজস্থানৰ বিকানীৰ , জয়ছালমেৰ , বৰমেৰ আদি থৰ মৰুভূমিৰ অন্তৰ্গত অঞ্চলসমূহ এই জলবায়ু অঞ্চলৰ ভিতৰুৱা ।
( ৬ ) শুকান সেমেকা উপক্রান্তীয় জলবায়ু অঞ্চল :- সিন্ধু , গংগা , ব্রহ্মপুত্র , বৰাক উপত্যকা অর্থাৎ পঞ্জাৱৰ পৰা অসমলৈকে এই অঞ্চল বিস্তৃত। গ্রীষ্মকাল গৰম । গ্রীষ্ম কালত অত্যধিক বৰষুণ হয় । বৰষুণ গড়ে ৭৫-২৫০ চেণ্টিমিটাৰ । শীত কালত পশ্চিম ভাৰতত অলপ বৰষুণ হয় ।
( ৭ ) পার্বত্য জলবায়ু অঞ্চল :- কাশ্মীৰ , হিমাচল প্রদেশ , ছিকিম , অৰুণাচল প্রদেশৰ পাহাৰীয়া অঞ্চল , উত্তৰ প্ৰদেশৰ পশ্চিম অঞ্চল এই জলবায়ুৰ অন্তৰ্গত । বৰষুণ সকলাে ঠাইতে সমান নহয় । চাৰি হাজাৰ মিটাৰতকৈ ওখ ঠাইবােৰত উষ্ণতা বৰ কম । কিছুমান অঞ্চলত বছৰৰ প্রায় ছমাহ বৰফ পৰে । এনেবােৰ অঞ্চলত গ্রীষ্ম কাল চুটি আৰু শীত কাল দীঘল ।
প্রশ্ন ৬। ভাৰতৰ প্ৰধান প্রাকৃতিক উদ্ভিদৰ অঞ্চলসমূহ কি কি ?
উত্তৰঃ ভাৰতৰ প্রধান প্রাকৃতিক উদ্ভিদৰ অঞ্চলসমূহ হৈছে—
( ১ ) চিৰসেউজীয়া বৃষ্টি ঘন বননি ।
( ২ ) পর্ণপাতী বননি ।
( ৩ ) ক্রান্তীয় ছাভানা ।
( ৪ ) শুকান বননি ।
( ৫ ) জলাহ বননি । আৰু
( ৬ ) পৰ্বতীয়া অৰণ্য ।
প্রশ্ন ৭। ‘ তৰাই ’ নামৰ বননিক’ত অৱস্থিত ?
উত্তৰঃ পূব হিমালয়ৰ পাদদেশত অৱস্থিত ।
প্রশ্ন ৮। পাঁচবিধ পর্ণপাতী গছৰ নাম লিখা ।
উত্তৰঃ শাল , শিমলু , অর্জুন , চেগুন আৰু – গমাৰি ।
প্রশ্ন ৯। ক্রান্তীয় ছাভানা বননিত গজা চাৰিবিধ উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ বাবুল , বগৰী , খেজুৰ আৰু নিম ।
প্রশ্ন ১০। পশ্চিমীয়া দেশত বছৰটোক কেইটা ঋতুত ভাগ কৰা হৈছে তাৰ নামবােৰ লিখা ।
উত্তৰঃ চাৰিটা ঋতুত ভাগ কৰা হৈছে । সেইকেইটা হৈছে — গ্রীষ্ম , শৰৎ, শীত আৰু বসন্ত ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.