Niketan Class 7 Social Chapter 10 ভাৰতৰ কৃষি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 10 ভাৰতৰ কৃষি and select need one.
Niketan Class 7 Social Chapter 10 ভাৰতৰ কৃষি
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 10 ভাৰতৰ কৃষি Solutions for All Subjects, You can practice these here…
ভাৰতৰ কৃষি
Chapter – 10
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। ভাৰতৰ উল্লেখযােগ্য কৃষি পদ্ধতিসমূহ কি কি ?
উত্তৰঃ ভাৰতৰ উল্লেখযােগ্য কৃষি পদ্ধতিসমূহ হৈছে—
( ক ) ভূমিৰ ওপৰ ভিত্তি কৰি কৰা কৃষি পদ্ধতি ।
( খ ) ৰােপণৰ ওপৰত ভিত্তি কৰি কৰা কৃষি পদ্ধতি ।
( গ ) উৎপাদনৰ পৰিমাণ আৰু বজাৰৰ ভিত্তিত কৰা কৃষি পদ্ধতি । আৰু
( ঘ ) বাণিজ্যিক কৃষি পদ্ধতি ।
প্রশ্ন ২। গহন কৃষি কাক বােলে ?
উত্তৰঃ জনসংখ্যা অনুপাতে কম মাটি থকা ঠাইত বৈজ্ঞানিক পদ্ধতি প্রয়ােগ , সাৰ , উন্নত বীজৰ ব্যৱহাৰ , জলসিঞ্চনৰ ব্যৱস্থা আদি কৰি যি কৃষি কৰা হয় তাকে গহন কৃষি বােলে ।
প্রশ্ন ৩। ৰোপণ কৃষি মানে কি বুজা ? ই কেই প্রকাৰৰ ?
উত্তৰঃ ৰােপণৰ ওপৰত ভিত্তি কৰি কৰা কৃষিক ৰােপণ কৃষি বােলে । ই তিনি প্ৰকাৰৰ –
( ১ ) এক শস্য ৰােপণ পদ্ধতি ।
( ২ ) দ্বি – শস্য ৰােপণ পদ্ধতি । আৰু
( ৩ ) বহু শস্য ৰােপণ পদ্ধতি ।
প্রশ্ন ৪। স্থানান্তৰিত কৃষি কি ?
উত্তৰঃ পাহাৰীয়া অঞ্চলৰ লােকে হাবি আৰু জংঘল কাটি জ্বলাই ঠাই উলিয়াই কৃষি কৰে । এনে ঠাইত তিনি বছৰমান কৃষিকার্য কৰাৰ পাছত মাটিৰ উৰ্বৰতা কমি যায় । আৰু তেতিয়া সেই ঠাই সলনি কৰি আন ঠাই পৰিষ্কাৰ কৰি কৃষি কার্য কৰে ৷ এনে পদ্ধতিৰ কৃষিকে স্থানান্তৰিত কৃষি বা ঝুম খেতি বােলা হয় ।
প্রশ্ন ৫। বাণিজ্যিক কৃষি মানে কি বুজা ?
উত্তৰঃ ব্যৱসায়িক উদ্দেশ্যেৰে যি কৃষি পদ্ধতিত চাহিদা ভিত্তিক শস্য উৎপাদন কৰা হয় তাকে বাণিজ্যিক কৃষি বােলে ।
প্রশ্ন ৬। মিশ্র কৃষি মানে কি ?
উত্তৰঃ যি কৃষি পদ্ধতিত শস্য উৎপাদনৰ লগে লগে গৰু , মহ , ছাগলী , হাঁহ , কুকুৰা আদি পালন আৰু ফলমূল উৎপাদন কৰা হয় , তাক মিশ্র কৃষি বােলে ।
প্রশ্ন ৭। ধান খেতি হােৱা ভাৰতৰ পাঁচটা প্রধান অঞ্চলৰ নাম লিখা ।
উত্তৰঃ অসম , পশ্চিম বংগ , বিহাৰ , উত্তৰ প্ৰদেশ আৰু মধ্য প্রদেশ ।
প্রশ্ন ৮। ভাৰতৰ কোন কোন অঞ্চলত ঘেঁহুৰ উৎপাদন বেছি হয় ?
উত্তৰঃ পঞ্জাৱ , হাৰিয়ানা , উত্তৰ – প্রদেশ , ৰাজস্থান , মধ্য প্রদেশ , গুজৰাট , মহাৰাষ্ট্র আৰু বিহাৰৰ পশ্চিম অংশত ।
প্রশ্ন ৯। কপাহ অধিক উৎপাদন হােৱা ভাৰতৰ তিনিখন ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ মধ্য প্রদেশ , মহাৰাষ্ট্ৰ আৰু ৰাজস্থান ।
প্রশ্ন ১০। মৰাপাট হােৱা কেইখনমান ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ কেৰালা আৰু মহাৰাষ্ট্র ।
প্রশ্ন ১১। ভূমিৰ ওপৰত ভিত্তি কৰি কৰা কৃষি পদ্ধতি কেইটাৰ নাম লিখা।
উত্তৰঃ গহন কৃষি , আর্দ্র কৃষি , জলসিঞ্চন কৃষি আৰু শুষ্ক কৃষি পদ্ধতি ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Good writing