Niketan Class 7 Social Chapter 11 মৌৰ্যৰ পৰৱর্তী যুগৰ ভাৰতবর্ষ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 11 মৌৰ্যৰ পৰৱর্তী যুগৰ ভাৰতবর্ষ and select need one.
Niketan Class 7 Social Chapter 11 মৌৰ্যৰ পৰৱর্তী যুগৰ ভাৰতবর্ষ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 11 মৌৰ্যৰ পৰৱর্তী যুগৰ ভাৰতবর্ষ Solutions for All Subjects, You can practice these here…
মৌৰ্যৰ পৰৱর্তী যুগৰ ভাৰতবর্ষ
Chapter – 11
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। উত্তৰ দিয়া –
( ক ) মৌর্য বংশৰ শেষৰজন ৰজা কোন আছিল ?
উত্তৰঃ বৃহদ্রথ ।
( খ ) শুংগ বংশ কোনে প্রতিষ্ঠা কৰিছিল ?
উত্তৰঃ পুষ্যমিত্র শুংগই প্রতিষ্ঠা কৰিছিল ৷
( গ ) ‘ মৃচ্ছকটিকম ‘ নামৰ নাটকখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ শূদ্রকে ৰচনা কৰিছিল ।
( ঘ ) গ্রীকসকলক ভাৰতবৰ্ষত আৰু কি নামেৰে জনা গৈছিল ?
উত্তৰঃ যৱন নামেৰে জনা গৈছিল ।
( ঙ ) নাটৰ শেষত ব্যৱহাৰ হােৱা ‘ যৱনিকা ’ শব্দটো কোন ভাষাৰ পৰা অনা ।
উত্তৰঃ গ্ৰীক ভাষাৰ পৰা অনা হৈছে ।
( চ ) চতুর্থ বৌদ্ধ মহামেল কোনজন ৰজাৰ ৰাজত্বকালত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ কনিষ্কৰ ৰাজত্বকালত ।
প্রশ্ন ২। চমুটোকা লিখা –
( ক ) পুষ্যমিত্র শুংগ ।
উত্তৰঃ পুষ্যমিত্র শুংগ ভাৰতবৰ্ষত শুংগ বংশৰ প্রতিষ্ঠাতা । মৌর্য বংশৰ শেষ ৰজা বৃহদ্রথক হত্যা কৰি তেওঁ শুগ বংশ প্রতিষ্ঠা কৰিছিল । শুংগ বংশৰ মুঠ দহজন ৰজাই ১২২ বছৰ ৰাজত্ব কৰিছিল আৰু তাৰ ভিতৰত পুষ্যমিত্র শুংগই আছিল আটাইতকৈ উল্লেখযােগ্য আৰু শক্তিশালী ৰজা ৷ তেওঁ ৩৬ বছৰকাল ৰাজত্ব কৰিছিল । তেওঁৰ দিনত গ্রীকসকলে দুবাৰ ভাৰত আক্রমণ কৰিছিল । প্রথমটো আক্রমণ পুষ্যমিত্রই নিজে আৰু দ্বিতীয়টো আক্রমণ তেওঁৰ নাতিয়েক বসুমিত্রই প্রতিহত কৰে । যুদ্ধ জয়ৰ কীর্তি যুগমীয়া কৰাৰ উদ্দেশেৰে তেওঁ দুবাৰকৈ অশ্বমেধ যজ্ঞ কৰে।পুষ্যমিত্রই বিদর্ভ ৰাজ্যও জয় কৰিছিল ।
পুষ্যমিত্র শুংগব্রাহ্মণ্য ধর্ম গ্রহণৰ সমর্থক আছিল।এওঁৰ দিনত সাহিত্য , শিল্প আদিৰ ক্ষেত্ৰতাে উন্নতি হয় । ‘ অষ্টাধয়ী ’গ্রন্থৰ ৰচক বিখ্যাত সংস্কৃত পণ্ডিত পাণিনি পুষ্যমিত্ৰৰ সমসাময়িক আছিল ।
( খ ) মিনাণ্ডাৰ ।
উত্তৰঃ মিনাণ্ডাৰ এজন ইণ্ডো – গ্রীক ৰজা ৷ ভাৰতত প্ৰৱেশ কৰি ৰাজ্য অধিকাৰ কৰা উল্লেখযােগ্য ইণ্ডোগ্ৰীক ৰজাসকলৰ ভিতৰত মিনাণ্ডাৰক শ্রেষ্ঠ ৰজা বুলি গণ্য কৰা হয় । তেওঁ প্রায় ২৫ বছৰ কাল ৰাজত্ব কৰিছিল।তেওঁৰ সাম্রাজ্যই মধ্য আফগানিস্তান , উত্তৰ – পশ্চিম সীমান্ত প্রদেশ , পঞ্জাৱ , সিন্ধু , ৰাজস্থান , কাথিৱাৰ আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ সামৰি লৈছিল । তেওঁৰৰাজধানী আছিল শাকল ।
নাগসেন নামৰ এজন বৌদ্ধ পণ্ডিতৰ সম্পৰ্কলৈ আহি মিনাণ্ডাৰ বৌদ্ধ ধৰ্মৰ প্রতি আকৃষ্ট হয় । কোৱা হয় যে এই বৌদ্ধ পণ্ডিতজনক মিনাণ্ডাৰে দর্শন আৰু ধর্ম সম্পর্কে বিভিন্ন প্রশ্ন কৰে । এই প্রশ্নসমূহে নাগার্জুনক এখন কিতাপ লিখিবলৈ প্ৰেৰণা যােগাইছিল । কিতাপখনৰ নাম ‘ মিলিন্দ পণ্ডহাে ’ ।
( গ ) কণিষ্ক ।
উত্তৰঃ কণিষ্কক কুশান বংশৰ সর্বশ্রেষ্ঠ ৰজা বুলি আখ্যা দিয়া হয় । তেওঁ ৭৮ খ্রীঃত সিংহাসনত আৰোহণ কৰিছিল । কণিষ্কৰ দিনৰ পৰাই শকাব্দ আৰম্ভ হয় । কণিষ্ক এজন ভাল যােদ্ধা , সুদক্ষ শাসক , বৌদ্ধ ধর্মৰ প্ৰচাৰক আৰু কলা সাহিত্যৰ পৃষ্ঠপােষক আছিল । তেওঁ ভাৰতৰ ভিতৰে বাহিৰে বহুতাে ৰাজ্য নিজৰ ৰাজ্যৰ অন্তর্ভুক্ত কৰিছিল । চীনৰ লগতাে যুদ্ধ কৰি তেওঁ খােটান , খাচঘৰ , ইয়াৰখণ্ড আদি ঠাই অধিকাৰ কৰিছিল । এজন সুদক্ষ প্রশাসক হিচাপে বিশাল সাম্রাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ তেওঁ ইয়াক কেবাখনাে প্রদেশত ভাগ কৰি একোজন গভর্নৰ বা ক্ষত্ৰপৰ হাতত দিছিল । কণিষ্কৰ ৰাজত্ব কালতেই চতুর্থ বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল । কলা সাহিত্যৰ পৃষ্ঠপােষক কনিষ্কৰ ৰাজসভাত অশ্বঘােষ , নাগার্জুন , বসুমিত্র , চৰক আদিৰ দৰে বিদ্বান , পণ্ডিত ব্যক্তিয়ে সমাদৰ লাভ কৰিছিল । তেওঁৰ দিনৰ আটাইতকৈ উল্লেখযােগ্য কাম হ’ল গ্রীক আৰু ভাৰতীয় ভাষ্কর্যৰ সংমিশ্রণেৰে গঢ়ি উঠা গান্ধাৰ শিল্প । মথুৰা , অমৰাৱতী , গান্ধাৰ , তক্ষশীলা , পেছােৱাৰ আদি ঠাই তেওঁৰ ৰাজত্বকালত শিল্পকলাৰ কেন্দ্ৰ হৈ পৰিছিল । এইবােৰ কাৰণতেই কণিষ্কই ভাৰত বুৰঞ্জীত ভাৰতৰ শ্ৰেষ্ঠ ৰজাসকলৰ ভিতৰত স্থান পাইছে ।
( ঘ ) গান্ধাৰ শিল্প ।
উত্তৰঃ ভাৰতীয় আৰু গ্ৰীক শিল্পকলাৰ সংমিশ্ৰণত গান্ধাৰত যি এক নতুন শিল্পকলাৰ সৃষ্টি হৈছিল , তাক গান্ধাৰ শিল্প নামেৰে জনা যায় । খ্রীষ্টপূর্ব প্রথম শতিকাত এই শিল্পৰ আৰম্ভণি হৈছিল । গান্ধাৰ শিল্পই চিত্র, ভাস্কর্য , মুদ্রা , মাটিৰ পাত্র আদি শৈল্পিক পৰম্পৰাৰ লগত জড়িত বিভিন্ন বিষয় সামৰি লৈছিল । কুশাণ বংশৰ শাসন কালত , বিশেষকৈ কণিষ্কৰ ৰাজত্বকালত গান্ধাৰ শিল্পই ভাৰতত আটাইতকৈ বেছি প্ৰসাৰ লাভ কৰিছিল । তেওঁৰ ৰাজত্বকালত গান্ধাৰ শিল্পৰ মূল বিষয় হৈ পৰিছিল বুদ্ধ । হাতত ল’ব পৰা বুদ্ধৰ পৰা ৰাজহুৱা স্থানত স্থাপন কৰা বৃহৎ আকাৰৰ বুদ্ধমূৰ্তিলৈকে বিভিন্ন আকাৰৰ ভাস্কর্য তেওঁৰ দিনত নির্মাণ কৰা হৈছিল । ভাস্কর্যবােৰ সাধাৰণতে কুঞ্জৰ শিল্প ( Kanjur Store ) ত কটা হৈছিল ।
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা –
( ক ) মৌর্য বংশৰ পতনৰ পাছত ভাৰতলৈ অহা প্রথম বিদেশী জাতি আছিল _____।
উত্তৰঃ মৌর্য বংশৰ পতনৰ পাছত ভাৰতলৈ অহা প্রথম বিদেশী জাতি আছিল গ্রীক ।
( খ ) পুষ্যমিত্র শুংগৰ পাছত তেওঁৰ পুত্র _____ মগধ ৰাজ্যৰ সিংহাসনত উঠে ।
উত্তৰঃ পুষ্যমিত্র শুংগৰ পাছত তেওঁৰ পুত্র অগ্নিমিত্র মগধ ৰাজ্যৰ সিংহাসনত উঠে ।
( গ ) শুংগ বংশৰ শেষ ৰজা আছিল ____।
উত্তৰঃ শুংগ বংশৰ শেষ ৰজা আছিল দেৱভূতি ।
( ঘ ) পুষ্যমিত্র শুংগই দুবাৰকৈ _____যজ্ঞ সম্পাদন কৰিছিল ।
উত্তৰঃ পুষ্যমিত্র শুংগই দুবাৰকৈ অশ্বমেধ যজ্ঞ সম্পাদন কৰিছিল ।
( ঙ ) আলেকজেণ্ডাৰৰ পাছত ভাৰতবৰ্ষৰ ভিতৰভাগলৈ প্ৰৱেশ কৰা প্রথম গ্রীক ৰজা আছিল ____।
উত্তৰঃ আলেকজেণ্ডাৰৰ পাছত ভাৰতবৰ্ষৰ ভিতৰভাগলৈ প্ৰৱেশ কৰা প্রথম গ্রীক ৰজা আছিল ডিমিট্রিয়াছ ।
প্রশ্ন ৪। তলত দিয়া প্রশ্নবােৰৰ উত্তৰ চমুকৈ লিখা –
( ক ) পুষ্যমিত্র শুংগৰ দিনত হােৱা গ্রীকসকলৰ ভাৰত আক্রমণ ।
উত্তৰঃ পুষ্যমিত্র শুংগৰ ৰাজত্বকালত গ্রীকসকলে দুবাৰ ভাৰত আক্ৰমণ কৰিছিল । প্ৰথমবাৰ আক্ৰমণ কৰিছিল তেওঁৰ ৩৬ বছৰীয়া ৰাজত্বকালৰ আৰম্ভণিতে । ডিমিট্রিয়াছৰ নেতৃত্বত হােৱা গ্রীকসকলৰ এই আক্রমণ পুষ মিত্রই ওফৰাই পেলাইছিল । পুষ্যমিত্র শুংগৰ ৰাজত্বকালৰ শেষৰফালে গ্রীকসকলে দ্বিতীয়বাৰ আক্রমণ কৰিছিল ৷ সেইবাৰ পুষ্যমিত্ৰৰ নাতিয়েক বসুমিত্রই গ্রীকৃসকলক প্রতিহত কৰিছিল । যুদ্ধ জয়ৰ কীর্তি যুগমীয়া কৰিবলৈ পুষ্যমিত্রই দুবাৰকৈ অশ্বমেধ যজ্ঞ পাতিছিল ।
( খ ) গৌতমী পুত্র সাতকর্ণী ।
উত্তৰঃ গৌতমীপুত্র সাতকর্ণী সাতবাহন বংশৰ আটাইতকৈ বিখ্যাত আৰু শক্তিশালী ৰজা ৷ হলাৰ মৃত্যুৰ পাছত তেওঁ সাতবাহনসকলৰ ৰজা হয় । তেওঁ ৭০-৯৫ খ্রীঃৰ ভিতৰত শাসন কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে । তেওঁ সমসাময়িক ৰজাসকলক পৰাস্ত কৰি ৰাজ্যৰ সীমা বহলাইছিল। তেওঁৰ ৰাজ্যৰ সীমাই বর্তমান গুজৰাট , সৌৰাষ্ট্র , মালবা, ৰে , পুনা , নাছিক আৰু পশ্চিম ভাৰতৰ বিভিন্ন অঞ্চল সামৰি লৈছিল । গৌতমী পুত্র সাতকর্ণীয়ে প্রজাৰ মংগল সাধনৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল । তেওঁ যদিও ব্রাহ্মণ্য ধর্ম গ্ৰহণ কৰিছিল আন ধৰ্মৰ প্রতি অসহিষ্ণু নাছিল ।
( গ ) ভাৰতৰ ভাষা , সাহিত্য সংস্কৃতিলৈ সাতবাহনসকলৰ অৱদান ।
উত্তৰঃ ভাৰতৰ ভাষা , সাহিত্য , সংস্কৃতিলৈ সাতবাহনসকলৰ বিশেষ অৱদান আছে । সাতবাহন ৰজাসকলৰ পৃষ্ঠপােষকতাত প্রাকৃত ভাষা সাতবাহন সাম্রাজ্যৰ ৰাষ্ট্রভাষাত পৰিণত হৈছিল । সাতবাহন ৰজা হলা এজন কবি আছিল। তেওঁ প্রাকৃত ভাষাতেই গ্রন্থ ৰচনা কৰিছিল । তেওঁ ৰচনা কৰা গ্ৰন্থৰ ভিতৰত এখন বিখ্যাত গ্রন্থ হৈছে ‘ গাথাসপ্তসতী ‘ । প্রাকৃত ভাষাৰ উপৰি সংস্কৃত ভাষাতাে গ্রন্থ প্রণয়ন কৰা হৈছিল । সাতবাহনসকলৰ আমােলতেই বাৎসায়নে সংস্কৃত ভাষাত ‘ কামসূত্র ’ আৰু শূদ্রকে ‘ মৃচ্ছকটিক ‘ নাটক ৰচনা কৰিছিল । সাতবাহনসকলে বৌদ্ধ ধর্মাৱলম্বী লােকসকলৰ বাবে দেশৰ বিভিন্ন ঠাইত বৌদ্ধ বিহাৰ আৰু চৈত্যগৃহ আদি নির্মাণ কৰিছিল। তেওঁলােকৰ স্থাপত্য আৰু ভাস্কর্য কলা বৰ উন্নত আছিল । মহাৰাষ্ট্র কাৰ্লিৰ চৈত্যগৃহ স্থাপত্যকলাৰ এটা উৎকৃষ্ট নিদর্শন । ভূপালৰ সাঁচি আৰু অন্ধ্রপ্রদেশৰ অমৰাৱতীত সাতবাহন সকলৰ দিনৰ ভাস্কর্য সিঁচৰতি হৈ আছে ।
( ঘ ) ভাৰতীয় সভ্যতা – সংস্কৃতিত গ্রীকসকলৰ প্ৰভাৱ ।
উত্তৰঃ ভাৰতৰ উত্তৰ – পশ্চিম অঞ্চলত বহুদিন ধৰি শাসন চলােৱা গ্রীকসকলৰ ভাৰতীয় সভ্যতা – সংস্কৃতিত প্রভূত প্রভাৱ পৰিছিল । গ্রীকসকল অহাৰ আগতে ভাৰতীয় মুদ্রা নির্দিষ্ট আকাৰ নাছিল আৰু সেইবােৰ মসৃণা নাছিল । ভাৰতীয়সকলে গ্রীকসকলৰপৰাই মসৃণ আৰু সুন্দৰ আকাৰৰ মুদ্রা তৈয়াৰ কৰাৰ কৌশল শিকিছিল । জ্যোতিষবিদ্যা , স্বজাতি বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতাে ভাৰতীয়সকল গ্রীকসকলৰদ্বাৰা প্রভাৱান্বিত হৈছিল । জ্যোতিষ বিদ্যাত পৰা প্ৰভাৱ সম্পর্কে ভাৰতীয় প্রাচীন গ্রন্থ ‘ গার্গী সংহিতাত উল্লেখ পােৱা যায় । জ্যোতিষবিদ্যা ‘ ত ব্যৱহাৰ হােৱা ‘ Horoscop ‘ শব্দটো গ্রীক শব্দ ‘ Hora ‘ ৰ পৰা লােৱা । ভাৰতীয় চিকিৎসাশাস্ত্ৰৰ গ্ৰন্থ ‘ চৰক সংহিতাত’ গ্রীকৰ প্ৰভাৱ আছে । সেইদৰে ভাৰতীয় শিল্পকলাতে গ্রীকৰ প্ৰভাৱ দেখা যায় । ভাৰতীয় আৰু গ্ৰীক শিল্পকলাৰ সংমিশ্ৰণত ‘ গান্ধাৰ শিল্প ’ নামে এক নতুন শিল্প কলাৰ সৃষ্টি হৈছিল । ভাৰতীয় নাট্য সাহিত্যতাে গ্রীকৰ প্ৰভাৱ পৰা বুলি অনুমান কৰা হয় । নাটৰ শেষত ব্যৱহাৰ হােৱা ‘ যৱনিকা ’ শব্দটো গ্রীক ভাষাৰ পৰাই অহা ।
ওপৰৰ আলােচনাৰ পৰা দেখা যায় ভাৰতীয় সভ্যতা – সংস্কৃতিৰ ওপৰত গ্রীকসকলৰ প্রভূত প্রভাৱ পৰিছিল ।
( ঙ ) শাসক আৰু বৌদ্ধ ধর্মৰ পৃষ্ঠপােষক হিচাপে কণিষ্ক ।
উত্তৰঃ ভাৰতৰ শ্রেষ্ঠ ৰজাসকলৰ ভিতৰত অন্যতম কণিষ্ক এজন সুদক্ষ প্রশাসক আছিল । তেওঁ নিজৰ বিশাল সাম্রাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইয়াকে কেইবাখনাে প্রদেশত ভাগ কৰি লৈছিল আৰু প্রত্যেকখন প্রদেশৰ শাসনভাৰ একোজন গৱৰ্ণৰ ক্ষেত্ৰপৰ হাতত দিছিল ৷
কণিষ্কই বৌদ্ধ ধর্ম গ্রহণ কৰিছিল আৰু ইয়াৰ এজন পৃষ্ঠপােষক আছিল । তেওঁৰ ৰাজত্বকালতে চতুর্থ বৌদ্ধ মহামেল পতা হৈছিল । এই বৌদ্ধ মহামেলত প্রায় ৫০০ জন বৌদ্ধ পণ্ডিতে অংশগ্রহণ কৰিছিল আৰু এই মহামেলত পৌৰােহিত্য কৰিছিল বৌদ্ধ দার্শনিক বসুমিত্রই । উল্লেখযােগ্য যে কণিষ্ক আন ধৰ্মৰ প্রতিও সহানুভূতি শীল আছিল ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.