Niketan Class 6 Social Chapter 12 প্রাচীন নগৰীয়া সভ্যতা

Niketan Class 6 Social Chapter 12 প্রাচীন নগৰীয়া সভ্যতা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 12 প্রাচীন নগৰীয়া সভ্যতা and select need one.

Niketan Class 6 Social Chapter 12 প্রাচীন নগৰীয়া সভ্যতা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 12 প্রাচীন নগৰীয়া সভ্যতা Solutions for All Subjects, You can practice these here.

প্রাচীন নগৰীয়া সভ্যতা

Chapter – 12

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। ( ক ) পুৰণি বেছিভাগ সভ্যতা নদীৰ পাৰত গঢ়ি উঠাৰ কাৰণ কি ? 

উত্তৰঃ নদীৰ পাৰতেই বেছিভাগ সভ্যতা গঢ়ি উঠাৰ কাৰণবােৰ হ’ল— 

( ১ ) নদীৰ পাৰৰ মাটি সাৰুৱা হােৱাৰ বাবে খেতিৰ উপযােগী । 

( ২ ) নদীৰ পাৰত বেছিকৈ ঘাঁহ – বন গজে যিবােৰ পােহনীয়া জীৱ – জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ সুবিধা হয় । 

( ৩ ) মানুহ আৰু পােহনীয়া জীৱ – জন্তুৰ বাবে প্রয়ােজনীয় পানী নদীৰ পৰাই পাইছিল । 

( ৪ ) নদীৰ পানী সহজেই খেতি – পথাৰত দিয়াৰ ব্যৱস্থা কৰিব পাৰিছিল । 

( ৫ ) সেই সময়ত নদীয়েই আছিল যাতায়াত আৰু বেহা – বেপাৰৰ সুচল পথ । 

( খ ) সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰাে আৰু হৰপ্পা দুয়ােখনেই আধুনিক যুগৰ নগৰৰ দৰে পৰিকল্পিত আছিল । আলি বাটবােৰ আহল – বহল আছিল আৰু কাষত নলা – নর্দমাৰ ব্যৱস্থা আছিল । নদৰ্মাৰ ওপৰত সহজে খুলিব পৰা ঢাকনি আছিল। ঘৰৰ পৰা ওলাই যােৱা পানী নলাত জমা হৈ লেতেৰা পানী নলায়েদি নগৰৰ বাহিৰলৈ উলিয়াইপঠিওৱা হৈছিল । পানী যােগান ব্যৱস্থা বিজ্ঞানসন্মত আছিল । 

এই সভ্যতাৰ মানুহে পােৰা ইটাৰে গৃহ নির্মাণ কৰিছিল । ঘৰসমূহক বৃহৎ অট্টালিকা , সাধাৰণ মানুহৰ বাসগৃহ আৰু স্নানাগাৰ বা গা ঘােৱা ঘৰ — এই তিনিটা ভাগত ভাগ কৰা হৈছিল । ঘৰুৱা গা – ধােৱা ঘৰৰ উপৰি ৰাজহুৱা স্নানাগাৰৰ ব্যৱস্থাও আছিল । আৱৰ্জনা পেলাবৰ বাবে ঘৰে ঘৰে আৱৰ্জনা ৰখা পাত্ৰৰ ব্যৱস্থা আছিল । 

( গ ) সিন্ধু সভ্যতাৰ কৃষি , পশুপালন আৰু খাদ্য সম্পর্কে কি জানা লিখা। 

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকসকলৰ প্রধান জীৱিকা আছিল কৃষি আৰু পশুপালন । তেওঁলােকে বিভিন্ন শস্যৰ খেতি কৰিছিল ৷ কৃষিজাত সামগ্ৰীৰ ভিতৰত প্রধান আছিল ধান , মাহ , বার্লি , তিল , গম , নানাবিধ শাক – পাচলি আৰু ফলমূল । হৰপ্পা আৰু মহেঞ্জোদাৰােত শস্যৰ ভঁৰাল আৱিষ্কাৰ হৈছে । আনহাতে , পশুপালনৰ ক্ষেত্ৰত তেওঁলােকে গাহৰি , ভেড়া , ষাঁড়গৰু , হাতী , উট , ছাগলী , ম’হ ইত্যাদি জন্তু পুহিছিল । 

সিন্ধু সভ্যতাৰ লােকসকলৰ প্রধান খাদ্য আছিল গম , বার্লি , ভাত , গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন বস্তু । তদুপৰি শাক – পাচলি , মাছ , ছাগলীৰ মাংস , কাছৰ মাংস আদিও তেওঁলােকে খাইছিল । 

( ঘ ) সিন্ধু সভ্যতাৰ লােকসকলৰ বেপাৰ বাণিজ্য সম্পর্কে লিখা । 

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকসকলৰ সেই সময়ৰ সভ্যতা , যেনে— মেছােপটেমিয়া , মিচৰ আৰু গ্ৰীচৰ মানুহৰ লগত বাণিজ্যিক সম্পর্ক গঢ়ি উঠিছিল । সিন্ধু উপত্যকাৰ পৰা বিভিন্ন ধৰণৰ মণি , কাপােৰ , মাটিৰ পাত্ৰ , মছলা আদি আন ঠাইলৈ ৰপ্তানি কৰিছিল । ঠিক সেইদৰে আন আন ঠাইৰ পৰা সােণ , ৰূপ , তাম , অন্যান্য মূল্যৱান পাথৰ , প্রসাধন সামগ্ৰী আদি আমদানি কৰিছিল । ধ্বংসাৱশেষবােৰৰ মাজত আৱিষ্কাৰ হােৱা ছীল – মােহৰবােৰ ব্যৱসায়িক লেনদেনৰ প্ৰমাণ বুলি অনুমান কৰিব পাৰি । ইউফ্রেটিছ আৰু টাইগ্রীচ নদীৰ পাৰৰ হাট – বজাৰত সিন্ধু উপত্যকাত নির্মিত বস্তু বিক্রী কৰা হৈছিল । ব্যৱসায়িক সামগ্রীসমূহ নাৱেৰে কঢ়িওৱা হৈছিল বুলি অনুমান কৰা । 

( ঙ ) সিন্ধু সভ্যতাৰ লােকসকলৰ ধর্মীয় বিশ্বাস সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ সিন্ধু উপত্যকাত চলােৱা খনন কার্যত কোনাে মঠ – মন্দিৰ আৱিষ্কাৰ হােৱা নাছিল যদিও বিভিন্ন মূর্তি আৱিষ্কাৰ হৈছে । সিন্ধু উপত্যকাৰ অধিবাসীসকলে শিৱ আৰু শক্তি পূজা কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে । বিভিন্ন পশুৰে আৱেষ্টিত ধ্যানমগ্ন শিৱৰ মূর্তি আৱিষ্কাৰ হৈছে । তেওঁলােকে শিৱক পশুপতি বুলি পূজা কৰিছিল । খনন কার্যত অসংখ্য মাটিৰ মাতৃৰ মূর্তি আৱিষ্কাৰ হােৱালৈ চাই তেওঁলােকে প্রকৃতিক মাতৃ হিচাপে পূজা কৰিছিল বুলি অনুমান কৰিব পাৰি । তদুপৰি তেওঁলােকে বট , আহত আদি গছৰ লগতে ষাঁড় , বাঘ , হাতী , মহ , গৰু আদি জন্তুকো পূজা কৰিছিল । 

( চ ) সিন্ধু সভ্যতাৰ লােকসকলৰ ৰাজহুৱা স্নানাগাৰটো কেনেকুৱা আছিল লিখা । 

উত্তৰঃ মহেঞ্জোদাৰােত চলােৱা খনন কার্যত এটা ৰাজহুৱা স্নানাগাৰ আৱিষ্কাৰ হৈছে । এই স্নানাগাৰটো দীঘে ১৮০ ফুট , পথালিয়ে ১০৮ ফুট আয়তনৰ এটা বৃহৎ চাৰিকোণীয়া স্নানাগাৰ । স্নানাগাৰটোৰ মাজভাগত ৩৯ ফুট দীঘল , ২৩ ফুট বহল আৰু ৮ ফুট দ এটা পুখুৰী আছিল । সম্ভৱতঃ সাঁতুৰিবৰ বাবে সজোৱা এই পুখুৰীটোলৈ। নামি যাব পৰাকৈ চাৰিওফালে খট খটিৰ ব্যৱস্থা আছিল । গা ধুই কাপােৰ সলােৱাৰ কাৰণে চাৰিওফাল কিছুমান কোঠালি আছিল । স্নানাগাৰটোৰ সৈতে সংলগ্ন এটা কুঁৱাৰ পৰা ইয়ালৈ পানী যােগান ধৰা হৈছিল আৰু গা – ধােৱা পানী ওলাই যাবলৈ ডাঙৰ নলাৰ ব্যৱস্থা আছিল । 

প্রশ্ন ২। অতি চমু উত্তৰ দিয়া –

( ক ) সিন্ধু সভ্যতাক আৰু কি নামেৰে জনা যায় ? 

উত্তৰঃ সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা আৰু প্রাচীন নগৰীয়া সভ্যতা নামেৰে জনা যায় । 

( খ ) সিন্ধু সভ্যতাৰ সমসাময়িক এটা সভ্যতাৰ নাম লিখা । 

উত্তৰঃ সিন্ধু সভ্যতাৰ সমসাময়িক এটা সভ্যতা হৈছে মেছােপটেমিয়া সভ্যতা । 

( গ ) সিন্ধু সভ্যতাৰ লােকসকলে ব্যৱহাৰ কৰা দুবিধ অলংকাৰৰ নাম লিখা । 

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকসকলে ব্যৱহাৰ কৰা দুবিধ অলংকাৰ হৈছে— কেৰু , খাৰুবা বালা আদি। 

( ঘ ) কিমান চনত সিন্ধু নদীৰ পাৰত খনন কার্য আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯২১-২২ চনত সিন্ধু নদীৰ পাৰত খনন কার্য আৰম্ভ হৈছিল । 

( ঙ ) সিন্ধু নদীৰ পাৰৰ খনন কার্যত ভাগ লােৱা দুজন পুৰাতত্ত্ববিদ নাম লিখা । 

উত্তৰঃ সিন্ধুনদীৰ পাৰৰ খনন কার্যত ভাগ লােৱা দুজন পুৰাতত্ত্ববিদ হৈছে – ছাৰ জন মাছাল আৰু ডি বেনার্জী । 

( চ ) সিন্ধু সভ্যতাৰ পতনৰ দুটা কাৰণ উল্লেখ কৰা ৷ 

উত্তৰঃ সিন্ধু সভ্যতাৰ পতনৰ দুটা কাৰণ হ’ল— 

( ১ ) কোনাে কোনাে পণ্ডিতৰ মতে বানপানীৰ বাবে এই সভ্যতা ধ্বংস হ’ল । 

( ২ ) আৰ্যসকলৰ আক্ৰমণৰ বাবেও এই সভ্যতা ধ্বংস হােৱা বুলি বহুতে ক’ব খােজে ।

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) তলৰ প্রশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া – 

প্রশ্ন ১। সিন্ধু সভ্যতাৰ খনন কার্য প্রথমে ক’ত আৰম্ভ কৰা হৈছিল ? 

উত্তৰঃ সিন্ধু প্রদেশৰ লাৰাকানা জিলাৰ মহেঞ্জোদাৰাে আৰু পঞ্জাৱৰ মন্টেগমাৰী জিলাৰ হৰপ্পাত প্রথমে খনন কার্য চলােৱা হৈছিল । 

প্রশ্ন ২। হৰপ্পা আৰু মহেঞ্জোদাৰো বর্তমান কোন দেশৰ অন্তৰ্গত ? 

উত্তৰঃ হৰপ্পা আৰু মহেঞ্জোদাৰাে বর্তমান পাকিস্তানৰ অন্তৰ্গত । 

প্রশ্ন ৩। সিন্ধু সভ্যতা কোনখিনি সময়ত গঢ় লৈ উঠিছিল ? 

উত্তৰঃ খ্রীঃপূঃ ৩০০০ ৰ পৰা খ্রীঃপূঃ ১৫০০ ৰ ভিতৰত এই সভ্যতা গঢ় লৈ উঠিছিল বুলি পণ্ডিতসকলে অনুমান কৰে । 

প্রশ্ন ৪। মিচৰীয়া সভ্যতা কি নদীৰ পাৰত গঢ়ি উঠিছিল ? 

উত্তৰঃ নীল নদীৰ পাৰত মিচৰীয় সভ্যতা গঢ়ি উঠিছিল ।

প্রশ্ন ৫। বেবিলনীয় সভ্যতা কি নদীৰ পাৰত গঢ়ি উঠিছিল ? 

উত্তৰঃ বেবিলনীয় সভ্যতা ইউফ্রেটিচ আৰু টাইগ্রীচ নদীৰ পাৰত গঢ়ি উঠিছিল । 

প্রশ্ন ৬। চীন সভ্যতা কি নদীৰ পাৰত গঢ়ি উঠিছিল ? 

উত্তৰঃ হােৱাংহাে আৰু ইয়াংচিকিয়াং নদীৰ পাৰত চীন সভ্যতা গঢ় লৈ উঠিছিল । 

প্রশ্ন ৭। সিন্ধু সভ্যতাৰ লােকসকলে গৃহ নির্মাণত কি ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকসকলে পােৰা ইটাৰে গৃহ নির্মাণ কৰিছিল । 

প্রশ্ন ৮। সিন্ধু সভ্যতাৰ ৰাজহুৱা নাগাৰটো ক’ত আৱিষ্কাৰ হৈছে ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ ৰাজহুৱা স্নানাগাৰটো মহেঞ্জোদাৰােত আৱিষ্কাৰ হৈছে । 

প্রশ্ন ৯। সিন্ধু সভ্যতাৰ লােকসকলৰ প্ৰধান জীৱিকা কি আছিল ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকসকলৰ প্রধান জীৱিকা আছিল কৃষি আৰু পশুপালন । 

প্রশ্ন ১০। মহেঞ্জোদাৰােত আৱিষ্কাৰ হােৱা শস্যৰ ভৰালটোৰ আয়তন কিমান আছিল ? 

উত্তৰঃ মহেঞ্জোদাৰােত ৪৬ মিটাৰ দীঘল আৰু ১৫ মিটাৰ বহল আয়তনৰ এটা শস্যৰ ভঁৰাল আৱিষ্কাৰ হৈছে ।

প্রশ্ন ১১। সিন্ধু উপত্যকাৰ সভ্যতাৰ উল্লেখযােগ্য উদ্যোগটো কি আছিল ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ উল্লেখযােগ্য উদ্যোগটো আছিল মৃৎ শিল্প । 

প্রশ্ন ১২। সিন্ধু উপত্যকাৰ লােকসকলে শিৱক কি বুলি পূজা কৰিছিল ? 

উত্তৰঃ সিন্ধু উপত্যকাৰ লােকসকলে শিৱক পশুপতি বুলি পূজা কৰিছিল। 

( খ ) উত্তৰ লিখা-

প্রশ্ন ১। সিন্ধু সভ্যতা ক’ত গঢ় লৈ উঠিছিল ? 

উত্তৰঃ সিন্ধু নদীক কেন্দ্ৰ কৰি সিন্ধু সভ্যতা গঢ় লৈ উঠিছিল । হৰপ্পা আৰু মহেঞ্জোদাৰােৰ খননৰ পৰা এই কথাৰ প্রমাণিত হৈছে । এই সভ্যতা ৰূপাৰ , লােথাল , ছানডাৰৰ , কালিবাংগান আদি ঠাইলৈকো বিয়পি পৰিছিল । 

প্রশ্ন ২। সিন্ধু সভ্যতাৰ ঘৰসমূহক কি কি ভাগত ভাগ কৰা হৈছে ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ ঘৰসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হৈছে — বৃহৎ অট্টালিকা , সাধাৰণ মানুহৰ বাসগৃহ আৰু স্নানাগাৰ বা গা ধােৱা ঘৰ ।

প্রশ্ন ৩। সিন্ধু সভ্যতাৰ লােকসকলৰ প্ৰধান খাদ্য কি আছিল ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকসকলৰ প্রধান খাদ্য আছিল গম , বার্লি , ভাত , গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন বস্তু । তদুপৰি তেওঁলােকে শাক – পাচলি , মাছ , ছাগলীৰ মাংস , কাছৰ মাংস আদি খাইছিল । 

প্রশ্ন ৪। সিন্ধু সভ্যতাৰ লােকসকলে কি কি বস্তু আমদানি আৰু ৰপ্তানি কৰিছিল ? 

উত্তৰঃ সিন্ধু উপত্যকাৰ লােকসকলে বিভিন্ন ধৰণৰ মণি , কাপােৰ , মাটিৰ পাত্র , মছলা আদি আন ঠাইলৈ ৰপ্তানি কৰিছিল । আনহাতে , সােণ , ৰূপ , তাম , অন্যান্য মূল্যৱান পাথৰ , সাধন সামগ্রী আদি আন ঠাইৰ পৰা আমদানি কৰিছিল । 

( গ ) উত্তৰ লিখা –

প্রশ্ন ১। সিন্ধু সভ্যতাৰ লােকসকলৰ আ – অলংকাৰ আৰু সাজ – পাৰৰ বিষয়ে লিখা । 

উত্তৰঃ সিন্ধু সভ্যতাত পুৰুষ – মহিলা উভয়েই অলংকাৰ পিন্ধিছিল । অলংকাৰসমূহ সােণ , ৰূপ , তাম , ব্রঞ্জ আৰু হাতীৰ দাঁতেৰে নিৰ্মাণ কৰা হৈছিল । মহিলাসকলে কেৰু , খাৰু বা বালা , হাৰ , আঙঠি আদিৰ লগতে বিভিন্ন ধৰণৰ মণিও পিন্ধিছিল । পুৰুষ মহিলা উভয়েই চুলি বান্ধিছিল । তেওঁলােকে হাতী দাঁতৰ ফণী আৰু ব্ৰঞ্জৰ আয়না ব্যৱহাৰ কৰিছিল ।

সিন্ধু সভ্যতাৰ লােকসকলে দুই ধৰণৰ বস্ত্র পিন্ধিছিল । গাৰ ওপৰৰ অংশত চাদৰৰ দৰে এখন কাপােৰ মেৰিয়াই লৈছিল আৰু তলৰ অংশত ধুতিৰ দৰে এখন বস্ত্র পিন্ধিছিল । তেওঁলােকে কপাহী আৰু উণৰ কাপােৰ পৰিধান কৰিছিল । ধ্বংসাৱশেষবােৰৰ মাজত হাড়ৰ বেজী আৰু বুটাম উদ্ধাৰ হােৱালৈ চাই তেওঁলােকে কাপােৰ চিলাই কৰিও পিন্ধিছিল বুলি অনুমান কৰিব পাৰি।

প্রশ্ন ২। সিন্ধু সভ্যতাৰ শিল্পকলাৰ বিষয়ে লিখা । 

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকসকল কলা – কৌশলত নিপুণ আছিল । তেওঁলােকে নির্মাণ কৰা আ – অলংকাৰ , মাটিৰ পাত্র , ধাতুৰ পাত্র , মাটিৰ বিভিন্ন পুতলা , ব্ৰঞ্জৰ মূর্তি আদি আৱিষ্কাৰ কৰিছিল । তেওঁলােকে জন্তুৰ আকৃতিৰ মাটিৰ পুতলা শিশুৰ খেলনাৰ উপযােগীকৈ সাজি উলিয়াইছিল । টাকুৰিৰ মাৰি আৰু সূতাকটা চকা আৱিষ্কাৰ হােৱালৈ চাই তেওঁলােকে সুন্দৰকৈ কাপােৰ বৈ ল’ব জানিছিল বুলি অনুমান কৰিব পাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top