Niketan Class 6 Social Chapter 13 বৈদিক সভ্যতা

Niketan Class 6 Social Chapter 13 বৈদিক সভ্যতা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 13 বৈদিক সভ্যতা and select need one.

Niketan Class 6 Social Chapter 13 বৈদিক সভ্যতা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 13 বৈদিক সভ্যতা Solutions for All Subjects, You can practice these here.

বৈদিক সভ্যতা

Chapter – 13

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। অতি চমুকৈ উত্তৰ দিয়া— 

( ক ) বৈদিক সভ্যতাৰ স্রষ্টা কোন ? 

উত্তৰঃ বৈদিক সভ্যতাৰ স্ৰষ্টা হ’ল আৰ্যসকল । 

( খ ) বেদ কেইখন আৰু কি কি ? 

উত্তৰঃ বেদ চাৰিখন । সেই কেইখন হৈছে— ঋক্‌বেদ , সামবেদ , যজুর্বেদ আৰু অথর্ববেদ । 

( গ ) প্রাচীনতম বেদ পুথিখনৰ নাম কি ? 

উত্তৰঃ প্রাচীনতম বেদখন হ’ল – ঋক্‌বেদ । 

( ঘ ) বৈদিক যুগৰ যিকোনাে দুগৰাকী বিদুষী নাৰীৰ নাম লিখা । 

উত্তৰঃ বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰী হৈছে— ঘােষা আৰু লােপামুদ্রা । 

( ঙ ) আর্যসকলৰ প্ৰধান জীৱিকা কি আছিল ? 

উত্তৰঃ আর্যসকলৰ প্রধান জীৱিকা আছিল কৃষি ।

( চ ) আর্যসকলে ব্যৱসায়ৰ কামত ব্যৱহাৰ কৰা এবিধ জন্তুৰ নাম লিখা । 

উত্তৰঃ আৰ্যসকলে ব্যৱসায়ৰ কামত ঘোঁৰা ব্যৱহাৰ কৰিছিল । 

( ছ ) বৈদিক যুগৰ সমাজ ব্যবস্থা পিতৃপ্রধান নে মাতৃপ্রধান আছিল ? 

উত্তৰঃ বৈদিক যুগৰ সমাজ ব্যৱস্থা পিতৃপ্রধান আছিল ।

( জ ) ৰজাক পৰামর্শ দিয়া সংগঠন দুটাৰ নাম লিখা । 

উত্তৰঃ ৰজাক পৰামর্শ দিয়া সংগঠন দুটা আছিল সভা আৰু সমিতি । 

প্রশ্ন ২। আর্যসকলৰ আদি বাসস্থান সম্পর্কে কি জানা লিখা । 

উত্তৰঃ আৰ্যসকলৰ আদি বাসস্থান সম্পর্কে পণ্ডিতসকলে ভিন্নমত দিয়া দেখা যায় । কোনাে কোনাে পণ্ডিতৰ মতে আৰ্যসকলৰ আদি বাসস্থান আছিল দক্ষিণ – পূর্ব ইউৰােপৰ অষ্ট্রিয়া – হাংগেৰী অঞ্চল । আন কিছুমান পণ্ডিতে আৰ্যসকল মধ্য এছিয়াৰ বাসিন্দা আছিল বুলি ক’ব খােজে । কিছুমান পণ্ডিতে তেওঁলােক তিব্বত অঞ্চলৰ পৰা অহা বুলি ক’ব খােজে। আন এচাম পণ্ডিতে আৰ্যসকলৰ আদি বাসস্থান উত্তৰ মেৰু অঞ্চল বুলি মত পােষণ কৰে । কোনাে কোনাে পণ্ডিতে আৰ্যসকল সপ্তসিন্ধুৰ বাসিন্দা বুলি ক’ব খােজে।সপ্তসিন্ধু হৈছে — সিন্ধু , শতদ্রু , বিপাশা , ইৰাৱতী , চন্দ্রভাগা , ঝিলাম আৰু সৰস্বতী নদীৰ উপত্যকা । ঠাই হিচাপে কাশ্মীৰ, সিন্ধু প্রদেশ আৰু পঞ্জাৱক সামৰি লৈছে । এইচাম পণ্ডিতে সপ্তসিন্ধুৰ পৰাই আৰ্যসকল ভাৰতৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিছিল বুলি মত পােষণ কৰে ।

প্রশ্ন ৩। ঋক্ বৈদিক যুগৰ ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা আছিল লিখা । 

উত্তৰঃ ঋক্ বৈদিক যুগৰ সমাজ আৰু ৰাষ্ট্রৰ মূল ভেটি আছিল পৰিয়াল। বহুতাে পৰিয়াল লগ লাগি গাঁৱৰ সৃষ্টি হৈছিল । গাঁৱৰ মুখিয়ালসকলক ‘ ‘গ্রামণী’বােলা হৈছিল । কেইবাখনাে গাঁও ‘ লগ লাগি ‘ বিশৰ সৃষ্টি হৈছিল।বিশ’ৰ মুৰব্বীসকলক ‘ বিশপতি ’ বােলা হৈছিল । কেইবাটাও বিশ লগ লাগি ‘ জন’ৰ সৃষ্টি হৈছিল । জন’ৰ মুৰব্বীক ‘ৰাজন’ বা ‘ৰজা’ বােলা হৈছিল ।

ৰজা বংশানুক্রমিক আছিল । ৰজাই আছিল ৰাজ্যৰ সর্বেসর্বা । অৱশ্যে তেওঁ স্বেচ্ছাচাৰী নাছিল। ৰজাক পৰামশ দিবলৈ ‘সভা’ আৰু ‘সমিতি’ নামৰ দুটা সংগঠন আছিল । ৰজাক সকলাে দিশতে ৰাজপুৰােহিতে পৰামর্শ দিছিল । তদুপৰি সেনানী বা সেনাপতি , গাণনিক বিষয়া আদি বিভিন্ন বিষয়াও আছিল ।

প্রশ্ন ৪। আৰ্যসকলৰ সমাজ ব্যৱস্থাৰ বিষে এটি টোকা লিখা । 

উত্তৰঃ আৰ্যসকলৰ সমাজ ব্যৱস্থা আছিল পিতৃপ্রধান । অর্থাৎ পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। আৰ্যসকলে পৰিয়ালক ‘ কুল ’ আৰু মুৰব্বী গৰাকীক কুলাপা বুলিছিল । আর্য সমাজত নাৰীক উচ্চ সন্মান দিয়া হৈছিল । ল’ৰাৰ সমানেই ছােৱালীকে শিক্ষা দিয়া হৈছিল । বিশ্ববাৰা , ঘােষা , উপলা , লােপামুদ্রা আদিয়ে মন্ত্রও ৰচনা কৰিছিল। সাধাৰণতে এক বিবাহৰ প্ৰচলন আছিল যদিও ৰজা বা অভিজাত লােকসকলৰ মাজত বহুবিবাহৰ প্ৰচলন আছিল । আর্য সমাজত যৌতুক আৰু পর্দা প্রথাৰ প্ৰচলন নাছিল । 

প্রশ্ন ৫। বৈদিক যুগত আৰ্যসকলৰ খাদ্যাভ্যাস কেনে আছিল লিখা । 

উত্তৰঃ আৰ্যসকলৰ প্রধান খাদ্য আছিল ঘেঁহু , যবধান , গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী বিভিন্ন দ্রব্য , ফলমূল , শাক – পাচলি আদি । তেওঁলােকে ছাগলী , চৰাইৰ মাংস , গৰু আৰু ঘোঁৰাৰ মাংস , মাছ আদিও আমিষ খাদ্য হিচাপে খাইছিল । অৱশ্যে পিছলৈ গৰুৰ মাংস খােৱাটো ত্যাগ কৰিছিল । 

প্রশ্ন ৬। বৈদিক ধর্মৰ উপাস্য দেৱতাসকলৰ নাম লিখা । 

উত্তৰঃ বৈদিক ধর্মত প্রকৃতিক বিভিন্ন ৰূপত উপাসনা কৰিছিল । যেনে — সূর্য , বায়ু , বৰুণ , অগ্নি , পৃথিৱী আদি । বেদত অসংখ্য দেৱ – দেৱীৰ স্তৱ থাকিলেও এজন ঈশ্বৰকে বিভিন্ন ৰূপত পূজা – অর্চনা কৰিছিল । 

প্রশ্ন ৭। শুদ্ধ – অশুদ্ধ বাছি উলিওৱা— 

( ক ) শ্রুতিসমূহ মুখে মুখে চলি অহা মন্ত্র । 

উত্তৰঃ শুদ্ধ । 

( খ ) বেদ চাৰিখন পৰৱর্তী বৈদিক যুগত ৰচনা কৰা হৈছিল । 

উত্তৰঃ অশুদ্ধ । 

( গ ) আর্যসকলৰ পৰিয়ালক বুলবুলি কোৱা হৈছিল । 

উত্তৰঃ শুদ্ধ । 

( ঘ ) গাঁৱৰ মুখিয়ালজনক ‘বিশপতি’ বুলিছিল । 

উত্তৰঃ অশুদ্ধ । 

( ঙ ) পুৰণি বৈদিক যুগত জাতিভেদ প্রথা আছিল। 

উত্তৰঃ অশুদ্ধ । 

( চ ) লােৰ ব্যৱহাৰ পােন প্রথমে আৰ্যসকলেই কৰিছিল ।

উত্তৰঃ শুদ্ধ । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) আর্য শব্দৰ অর্থ কি ? 

উত্তৰঃ আর্য শব্দৰ অৰ্থ হ’ল শ্রেষ্ঠ । 

( খ ) কিছুমান পণ্ডিতৰ মতে আর্য ভাষাৰ পৰা কি কি ভাষাৰ সৃষ্টি হৈছিল ? 

উত্তৰঃ কিছুমান পণ্ডিতৰ মতে আর্য ভাষাৰ পৰা পাৰ্চী , লেটিন , গ্রীক আৰু সংস্কৃত ভাষাৰ সৃষ্টি হৈছিল । 

( গ ) আর্যসকলে কেতিয়া আৰু কোন দিশেৰে ভাৰতত প্রবেশ কৰিছিল ? 

উত্তৰঃ আৰ্যসকলে যিশুখ্রীষ্টৰ জন্মৰ প্রায় ২৫০০ বছৰ আগতেই উত্তৰ – পশ্চিম দিশেৰে ভাৰতত প্রবেশ কৰিছিল । 

( ঘ ) বৈদিক সভ্যতাক আৰু কি কি নামেৰে জনা যায় ? 

উত্তৰঃ বৈদিক সভ্যতাক আর্য সভ্যতা নামেৰে জনা যায় । 

( ঙ ) সপ্তসিন্ধু কি ? 

উত্তৰঃ সপ্তসিন্ধু হৈছে সিন্ধু , শতদ্রু , বিপাশা , ইৰাৱতী , চন্দ্রভাগা , ঝিলাম আৰু সৰস্বতী নদীৰ সমষ্টি । 

( চ ) বেদ শব্দটো কি ভাষাৰ কি শব্দৰ পৰা আহিছে ? 

উত্তৰঃ বেদ শব্দটো সংস্কৃত ভাষাৰ ‘বিদ’ শব্দৰ পৰা আহিছে । 

( ছ ) বেদ শব্দৰ অর্থ কি ? 

উত্তৰঃ বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান । 

( জ ) বেদ কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ বেদ আৰ্যসকলে ৰচনা কৰিছিল । 

( ঝ ) সংহিতা কি ? 

উত্তৰঃ দেৱ – দেৱীসকলৰ প্রার্থনা আৰু স্থূতি লৈ যিবােৰ স্তোত্র ৰচিত হৈছে তাক সংহিতা বুলি কোৱা হয় । 

( ঞ ) বৈদিক সাহিত্য কাক বােলে ? 

উত্তৰঃ বেদৰ লগতে ৰচিত ব্রাহ্মণ , আৰণ্যক , উপনিষদ , বেদাংগ , স্মৃতি আদিক একেলগে বৈদিক সাহিত্য বুলি কোৱা হয় ।

( ট ) শ্রুতি কাক বােলে ? 

উত্তৰঃ আর্য ঋষি – মুনিসকলে কাল্পনিক দেৱ – দেৱীসকলৰ উপাসনাৰ বাবে মুখে মুখে উচ্চাৰণ কৰি অহা মন্ত্ৰৰ সমষ্টিকে শ্রুতি বােলে ।

( ঠ ) আর্য সমাজত গাঁৱৰ মুখিয়ালজনক কি বােলা হৈছিল ? 

উত্তৰঃ আর্য সমাজত গাঁৱৰ মুখিয়ালজনক গ্রামণী বােলা হৈছিল । 

( ড ) আর্য সমাজত বিশৰ মুখিয়ালজনক কি বােলা হৈছিল ? 

উত্তৰঃ আর্য সমাজত বিশৰ মুখিয়ালজনক বিশপতি বােলা হৈছিল । 

( ঢ ) আর্য সমাজত জনৰ মুখিয়ালজনক কি বােলা হৈছিল ? 

উত্তৰঃ আর্য সমাজত জনৰ মুখিয়ালজনক ৰাজন বােলা হৈছিল । 

( ণ ) আর্য সমাজত পৰিয়ালৰ মুৰব্বী কোন আছিল ? 

উত্তৰঃ আর্য সমাজত পৰিয়ালৰ মুৰব্বী আছিল পিতৃ । 

( ত ) আর্য সমাজতপৰিয়াল আৰু পৰিয়ালৰ মুৰব্বী জনক কি বুলি কোৱা হৈছিল ? 

উত্তৰঃ আর্য সমাজত পৰিয়ালক ‘কুল’ আৰু পৰিয়ালৰ মুৰব্বীজনক ‘কুলাপা’ বােলা হৈছিল । 

( থ ) আৰ্যসকলে প্ৰধানকৈ কিহৰ খেতি কৰিছিল ? 

উত্তৰঃ আৰ্যসকলে প্ৰধানকৈ গম আৰু বার্লিৰ খেতি কৰিছিল । 

প্রশ্ন ২। উত্তৰ লিখা – 

( ক ) বৈদিক সভ্যতাৰ যুগটোৰ ভাগকেইটাৰ বিষয়ে লিখা । 

উত্তৰঃ বৈদিক সভ্যতাৰ যুগটোক ঐতিহাসিকসকলে দুটা ভাগত ভাগ কৰিছে । সেইকেইটা হ’ল — ‘ঋক্ বৈদিক যুগ’ আৰু ‘পৰৱৰ্তী বৈদিক যুগ’ । অৱশ্যে ঋবেদ কেতিয়া ৰচনা কৰা হৈছিল তাক লৈ পণ্ডিতসকল একমত নহয় । কিছুমান পণ্ডিতৰ মতে ঋকবেদ ৰচনাৰ সময় খ্রীঃপূঃ ২৫০০ বছৰ । বৰ্তমানৰ সমাজ বিজ্ঞানীসকলে ঋকবৈদিক যুগটো খ্রীঃপূঃৰ ১৫০০ পৰা খ্রীঃপূঃ ১২০০ ৰ ভিতৰত আৰু পৰৱর্তী বৈদিক যুগটো খ্রীঃপূঃ ৰ ১২০০ পৰা খ্রীঃপূঃ ১২০০ ৰ পৰা ধৰে । 

( খ ) আর্য সমাজত নাৰীৰ স্থান কেনে আছিল ? 

উত্তৰঃ আর্য সমাজত নাৰীয়ে উচ্চস্থান লাভ কৰিছিল । স্বামীগৃহত নাৰীয়ে উচ্চ মর্যাদা পাইছিল। ল’ৰা – ছােৱালীক সমানে শিক্ষা দিয়া হৈছিল । বিশ্ববাৰা , ঘােষা আদিয়ে মন্ত্ৰও ৰচনা কৰিছিল । সেই সময়ত যৌতুক আৰু পর্দা প্রথাৰ প্ৰচলন নাছিল । 

( গ ) আৰ্যসকলৰ বেপাৰ বাণিজ্যৰ বিষয়ে লিখা । 

উত্তৰঃ আর্যসকলৰ বিদেশী ৰাষ্ট্রৰ লগত বাণিজ্যিক সম্পর্ক আছিল । তেওঁলােক বেবিলনৰ লগত বাণিজ্যিক লেন – দেন চলাইছিল । ব্যৱসায় – বাণিজ্যৰ বাবে জলপথ ব্যৱহাৰ কৰিছিল । আভ্যন্তৰীণ ব্যৱসায় চলাবলৈ ঘোঁৰা ব্যৱহাৰ কৰিছিল । 

( ঘ ) আর্যসকলে কেনেধৰণৰ সাজপাৰ পৰিধান কৰিছিল ? 

উত্তৰঃ আৰ্যসকলে প্ৰধানকৈ কপাহ আৰু ঊণেৰে তৈয়াৰী কাপােৰ পিন্ধিছিল । হৰিণাৰ ছালাে বস্ত্ৰ হিচাপে পৰিধান কৰিছিল । সােণৰ অলংকাৰ আৰু ফুলৰ মালাও পিন্ধিছিল । পুৰুষসকলে মূৰত পাগুৰি মাৰিছিল । 

প্রশ্ন ৩। উত্তৰ লিখা –

( ক ) আৰ্যসকলৰ অর্থনৈতিক অৱস্থাৰ বিষয়ে লিখা । 

উত্তৰঃ ঋক্ বেদত উল্লেখ থকা মতে আৰ্যসকল প্রথমে পশুপালক জাতি আছিল আৰু তেওঁলােক বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল ৷ পাছত কৃষি কর্মৰ জৰিয়তে স্থায়ীভাৱে বসবাস কৰিবলৈ লােৱাৰ পৰা কৃষি তেওঁলােকৰ প্রধান জীৱিকা হৈ পৰিল । আনহাতে , কৃষিৰ বাবে পশুপালন জৰুৰী হৈ পৰাত তেওঁলােকে বলধ , গাই গৰু , ভেড়া , ঘোঁৰা , কুকুৰ আৰু ছাগলী পুহিছিল । তেওঁলােকে প্রধানকৈ গম আৰু বার্লিৰ খেতি কৰিছিল । তদুপৰি ঋক্ বেদত যব , ধনিয়া আদিৰাে উল্লেখ পােৱা যায় । আর্যসকলৰ মাজত সােণাৰী , ৰথ নির্মাণকাৰী , তাঁতী , ৰং কৰা আদি বৃত্তিধাৰীৰ লােকো আছিল । 

( খ ) আর্যসকলৰ বৰ্ণাশ্রম ধৰ্মৰ বিষয়ে লিখা । 

উত্তৰঃ ঋক্ বৈদিক যুগতে বৃত্তিক কেন্দ্ৰ কৰি একোটা শ্ৰেণীৰ সৃষ্টি হৈছিল।পৰৱৰ্তী বৈদিক যুগত এই ব্যৱস্থা অধিক কটকটীয়া হৈ চাৰিটা বিশেষ শ্রেণী গঢ় লৈ উঠিল । যিসকল অধ্যয়ন – অধ্যাপনাৰ লগত জড়িত তেওঁলােকক ব্রাহ্মণ , যুদ্ধ – বিগ্রহৰ লগত জড়িত সকলক ক্ষত্রিয়, কৃষি কাৰ্যৰ লগত জড়িত সকলক বৈশ্য আৰু একেবাৰে নিম্ন স্থানৰ লােকসকলক শূদ্র বােলা হ’ল । এইদৰে জীৱিকা বা কর্ম অনুযায়ী যি বর্ণ বা জাতিৰ সৃষ্টি হ’ল , তাকে ‘ বর্ণাশ্রম ধর্ম ’ বােলে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top