Niketan Class 5 Science Chapter 9 পানীৰ চাপ

Niketan Class 5 Science Chapter 9 পানীৰ চাপ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 9 পানীৰ চাপ and select need one.

Niketan Class 5 Science Chapter 9 পানীৰ চাপ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 9 পানীৰ চাপ Solutions for All Subjects, You can practice these here.

পানীৰ চাপ

Chapter – 9

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। খালী ঠাই পূৰ কৰা :

(ক) পানীয়ে ——- , ——– , ——– চাপ বা হেঁচা দিয়ে।

উঃ ওপৰলৈ, তললৈ, চাৰিওফালে

(খ) পানীয়ে তললৈ দিয়া চাপক ——– বোলে।

উঃ নিম্ন চাপ

(গ) পানীয়ে পাত্ৰৰ ——– ফালে দিয়া চাপক পার্শ্বচাপ বোলে।

উঃ বেৰৰ

(ঘ) পানীৰ চাপৰ পৰিমাণ ——- ওপৰত নিৰ্ভৰ কৰে।

উঃ গভীৰতাৰ

২। পানীয়ে যে চাপ দিয়ে এটা উদাহৰণৰ সহায়ত দেখুওৱা।

উঃ পানীয়ে যে চাপ দিয়ে, এটা পৰীক্ষাৰ সহায়ত দেখুওৱা হ’ল – পৰীক্ষাটোৰ বাবে প্রয়োজন হ’ব এটা প্লাষ্টিকৰ বটল, চেপেটা পাতল ৰবৰ বা বেলুনৰ টুকুৰা, সূতা বা ৰবৰ বেণ্ড, ব্লেড বা সৰু কেচি এখন আৰু এক জগ পানী।

এতিয়া, প্লাষ্টিকৰ বটলটোৰ তলিখন কাটি লোৱা হ’ল। পাতল ৰবৰৰ টুকুৰাটো বটলটোৰ খোলা তলি অংশত ৰবৰ বেণ্ডৰে টানকৈ বান্ধি লোৱা হ’ল যাতে পানী ওলাই যাব নোৱাৰে। এতিয়া জগটোৰে বটলটোৰ ভিতৰত পানী ঢালি থকা হ’ল। পানী ঢলাৰ লগে লগে টুকুৰাটো লাহে লাহে তললৈ দো খাই যোৱা দেখা যায়। পানী সম্পূর্ণকৈ ভৰোৱাৰ পিছত ৰবৰ টুকুৰা বেছিকৈ দোঁ খাই যাব। ৰবৰ টুকুৰা এনেদৰে দোঁ খাই যোৱাৰ কাৰণটো হৈছে পানীয়ে দিয়া হেঁচা। পানীখিনি উলিয়াই দিলে দেখা যাব যে ৰবৰ টুকুৰা পুনৰ আগৰ দৰে তলিৰ লগত সমান হৈ গ’ল। ইয়াৰ পৰা বুজা গ’ল যে পানীয়ে তললৈ হেঁচা দিয়ে।

চিত্র: পানীয়ে তললৈ হেঁচা দিয়ে।

৩। পানীৰ যে উৰ্দ্ধচাপ আছে এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা।

উঃ পানীৰ উৰ্দ্ধচাপ পৰীক্ষাৰ সহায়ত দেখুওৱাবলৈ আমাৰ প্রয়োজনীয় বস্তুবোৰ হ’ল এটা দীঘল কাঁচৰ নলী, এটা ভাজ কৰিব পৰা প্লাষ্টিকৰ নলী, প্লাষ্টিকৰ এটা চুপি, এচটা ৰবৰ, এডাল ৰবৰ বেণ্ড, চিয়াঁহী আৰু ডাঙৰ পানীৰ পাত্ৰ এটা। ৰবৰ বেণ্ডৰ সহায়ত ৰবৰ টুকুৰাটো চুপিৰ বহল মুখত ফিটফিটীয়াকৈ বান্ধি লোৱা হ’ল। চুপিৰ নলীত প্লাষ্টিকৰ নলীটো টানকৈ সুমুৱাই দিয়া হল। দীঘল কাচৰ নলীটোত এটোপাল চিয়াঁহী সুমুৱাই দিয়া হ’ল। এতিয়া কাচৰ নলীডাল প্লাষ্টিকৰ নলীৰ আনটো মূৰত টানকৈ সুমুৱাই দিয়া হ’ল। এতিয়া হাতৰ বুঢ়া আঙুলিৰে চুপিৰ ৰবৰ চটাত ওপৰফালে হেঁচি দিলে চিয়াঁহীৰ টোপালটো  কাঁচৰ নলীৰ মাজেৰে ওপৰলৈ উঠিব। এতিয়া ডাঙৰ পানীৰ পাত্ৰটোত এই চুপিটো লাহে লাহে সুমুৱাই দিয়া হ’ল। চুপিটো পানীৰ পাত্ৰৰ তলৰ পিনে গৈ থাকিলে নলীৰ ভিতৰৰ চিয়াঁহীৰ টোপালটো ওপৰলৈ আহি থাকে। ৰবৰৰ তলত থকা পানীখিনিয়ে চিয়াঁহীৰ টোপালটো ওপৰলৈ ঠেলে। ইয়াৰ পৰা বুজিব পাৰি যে পানীৰ উৰ্দ্ধচাপ আছে।

চিত্র: পানীয়ে ওপৰলৈ হেঁচা দিয়ে।

৪। পানীৰ টেংকিবোৰ মাটিৰ পৰা যথেষ্ট ওপৰত সজাৰ কাৰণ কি বুলি ভাবা ?

উঃ বেছি উচ্চতাৰ পানীৰ পৰা কম উচ্চতাৰ পানীলৈ পানীৰ প্রবাহ বয়। পানীৰ টেংকিবোৰ ওপৰত থাকিলে, মাটিৰ লগত উচ্চতাৰ পার্থক্য বেছি হয় বাবে পানীৰ প্রবাহ সহজে বয়।

৫। পানীৰ চাপ ইয়াৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। কাথাষাৰ ব্যাখ্যা কৰা।

উ: পানীৰ চাপ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। গভীৰতা  বাঢ়িলে চাপো বাঢ়ে।

এটা প্লাষ্টিকৰ বটল, এটা বেজী আৰু পানী লোৱা, বটলটোত সম্পূর্ণ পানী ভৰাই লোৱা হ’ল। এতিয়া বেজী, বটলটোৰ ওপৰৰ পৰা তললৈ তিনিটা ফুটা কৰা হ’ল। দেখা গ’ল যে তিনিওটা ফুটাৰ পৰা পানী ভিন ভিন দূৰত্বত পৰিছে  বটলৰ তলৰ ফুটাটোৰ পানী আটাইতকৈ দূৰত পৰিছে। ওপৰৰ  ফুটাটোৰ পানী আটাইতকৈ ওচৰত আৰু মাজৰ ফুটাটোৰ পানীৰ  আৰু মাজৰ অংশত পৰিছে। পানীৰ গভীৰতা অনুযায়ী ইয়াৰ চাপৰ তাৰতম্য হয়।

চিত্র: অধিক গভীৰতাত পানীৰ চাপ অধিক 

৬। নদীৰ বান্ধ তলৰ ফালে অধিক শক্তিশালীকৈ বন্ধা হয় কিয় ?

উ: পানীৰ চাপ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। গভীৰতা বাঢ়িলে পানীৰ চাপো বৃদ্ধি হয়। নদীৰ বান্ধৰ তলৰ অংশৰ পানীৰ গভীৰতা বেছি হোৱা হেতুকে পানীৰ চাপো অধিক হ’ব। সেয়েহে তল অংশ শক্তিশালী নহলে বান্ধটো ভাঙি যোৱাৰ আশংকা থাকে। সেয়েহে নদীৰ বান্ধৰ তল অংশ অধিক শক্তিশালী কৰা হয়।

৭। তুমি সদায় দেখি থকা দুটা কাৰ্যৰ দ্বাৰা পানীৰ চাপৰ সত্যতা প্রমাণ কৰা।

উঃ বহুতো কামত জুলীয়া পদাৰ্থৰ চাপ ব্যৱহাৰ কৰা হয়।

পানীৰ পাৰ্শ্বীয় চাপৰ কাৰণে ঘৰুৱা পানী যোগানৰ ব্যৱস্থা সম্ভৱ হৈছে। টেপৰ মুখেদি ওলোৱা পানীৰ বেগ মূল জলাধাৰত থকা পানীৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰে।

নৈৰ পানী ব্যৱহাৰ কৰিবলৈ ওখ বান্ধ দি পানী জমা কৰা হয়। এই বান্ধ দি জমা কৰি ৰখা পানী জোৰেৰে সুৰঙ্গৰ মাজেৰে পৰিবলৈ দি টার্বাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰা  হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পানীৰ নিম্ন চাপ কাক বোলে ?

উঃ পানীয়ে তললৈ দিয়া হেঁচাক পানীৰ নিম্নচাপ বোলা হয়।

২। পানীৰ পার্শ্বচাপ কাক বোলে ?

উঃ পানীয়ে পাত্ৰৰ বেৰত দিয়া হেঁচাক পার্শ্বচাপ বোলে ।

৩। পানীৰ উৰ্দ্ধচাপ কাক বোলে ?

উঃ পানীয়ে ওপৰলৈ দিয়া হেঁচাক উৰ্দ্ধচাপ বোলে।

৪। ফিল্টাৰৰ পানী ওলোৱা কাৰ্য পাচাপৰ ওপৰত কেনেদৰে নির্ভৰ কৰে।

উঃ পানীয়ে পাত্ৰৰ বেৰত চাপ দিয়ে। এই চাপ পানীৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। পানী কমকৈ থাকিলে ফিল্টাৰৰ নলীটোৰে কমকৈ পানী পৰে। অর্থাৎ পানীৰ চাপ কম হয়। কিন্তু ওপৰলৈ পানী থকা ফিল্টাৰ এটাৰ নলীয়েদি বেছিকৈ পানী ওলায় কাৰণ তেতিয়া পানীৰ গভীৰতা বেছি বাবে, পার্শ্বচাপো  বেছি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top