Niketan Class 5 Science Chapter 4 উদ্ভিদৰ বিভিন্ন অংশ আৰু কার্য

Niketan Class 5 Science Chapter 4 উদ্ভিদৰ বিভিন্ন অংশ আৰু কার্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 4 উদ্ভিদৰ বিভিন্ন অংশ আৰু কার্য and select need one.

Niketan Class 5 Science Chapter 4 উদ্ভিদৰ বিভিন্ন অংশ আৰু কার্য

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 4 উদ্ভিদৰ বিভিন্ন অংশ আৰু কার্য Solutions for All Subjects, You can practice these here.

উদ্ভিদৰ বিভিন্ন অংশ আৰু কার্য

Chapter – 4

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

মৌখিক কার্য :- 

১। উদ্ভিদ আৰু প্ৰাণীৰ চাৰিটাৰ সাদৃশ্য কোৱা।

উ: উদ্ভিদ আৰু প্ৰাণীৰ চাৰিটা সাদৃশ্য হ’ল-

(ক) জীয়াই থাকিবলৈ উদ্ভিদ আৰু প্ৰাণী উভয়কে বায়ু , পানী আৰু আহাৰৰ প্রয়োজন।

(খ) উদ্ভিদ আৰু প্ৰাণী উভয়ৰে বংশ বৃদ্ধি হয়। 

(গ) উদ্ভিদ আৰু প্রাণী উভয়ে ডাঙৰ – দীঘল হয়।

(ঘ) উদ্ভিদ আৰু প্রাণী উভয়ৰে এটা সময়ত মৃত্যু হয়।

২। উদ্ভিদৰ কোনটো অংশ আটাইতকৈ সুন্দৰ বুলি ভবা আৰু কিয় ?

উ: উদ্ভিদৰ ফুল আটাইতকৈ সুন্দৰ। কাৰণ ফুলবোৰ বিভিন্ন ৰঙীণ হয় আৰু ফুলৰ সুগন্ধিয়ে সকলোকে আকর্ষণ কৰে।

৩। এটা বীজ থকা তিনিটা ফলৰ নাম কোৱা।

উঃ এটা বীজ থকা তিনিটা ফলৰ নাম হ’ল – আম , জাম আৰু লিচু।

৪। শিপা আৰু কাণ্ডৰ কাৰ্যৰ পার্থক্য কি ? 

উঃ শিপাৰ সহায়ত গছে মাটিৰ পৰা সাৰ – পানী শুহি লয়। শিপাই গছজোপাক মাটিত খামোচি ধৰি ৰাখে।

আনহাতে কাণ্ডৰ পৰা গছৰ ডাল , পাত আৰু ফুল ওলায়। কাণ্ডৰ মাজেৰে ডাল-পাত,

ফুল – ফল সকলো অংশলৈ শিপাই শুহি লোৱা পানী আৰু পুষ্টিকৰ বস্তুবোৰ যায়।

 এইয়ে হৈছে শিপাৰ আৰু কাণ্ডৰ মাজত থকা পার্থক্য।

৫। তোমাৰ আশে – পাশে থকা ধুনীয়া ফুলৰ পাঁচবিধ উদ্ভিদৰ নাম কোৱা।

উঃ গোলাপ , তগৰ , বেলিফুল , অপৰাজিতা আৰু জবা।লিখিত কার্য

১। লতা জাতীয় আৰু বৃক্ষ জাতীয় উদ্ভিদৰ মাজৰ পার্থক্য কি ?

উঃ লতা জাতীয় আৰু বৃক্ষ জাতীয় উদ্ভিদৰ মাজৰ পার্থক্য 

হ’ল-

লতা জাতীয় উদ্ভিদবৃক্ষ জাতীয় উদ্ভিদ
কিছুমান উদ্ভিদৰ গা – গছ , কোমল আৰু দুর্বল সেয়েহে মাটি বা গছত বগাই যায়।এনেবোৰ উদ্ভিদক লতা জাতীয় উদ্ভিদ  বোলে।কিছুমান উদ্ভিদৰ গা – গছ ওখ, শক্তিশালী আৰু শকত হয়।এনেবোৰ উদ্ভিদক বৃক্ষ জাতীয় উদ্ভিদ  বোলে।
যেনে—লাউ , কোমোৰা আদি।যেনে—আম , কঠাল আদি।

২। উদ্ভিদৰ প্ৰতিটো অংশৰ একোটাকৈ কার্য লিখা।

উঃ উদ্ভিদৰ প্রধান অংশ কেইটাৰ কাম হ’ল – 

(ক) শিপা :শিপাই উদ্ভিদৰ বাবে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে।

 (খ) কাণ্ড  : কাণ্ডই উদ্ভিদৰ সকলো অংশলৈ খনিজ লৱণ আৰু পানী কঢ়িয়ায়।

(গ) পাত: উদ্ভিদৰ পাতে উদ্ভিদ জোপাৰ বাবে খাদ্য প্রস্তুত কৰে। উদ্ভিদৰ পাতে বায়ু শুহি লয় আৰু উলিয়াই দিয়ে। পাতে উদ্ভিদৰ অতিৰিক্ত পানী বাষ্প আকাৰে উলিয়াই দিয়ে।

৩। মুখ্য শিপা আৰু চুলি শিপাৰ মাজত পার্থক্য লিখা।

উঃ মুখ্য শিপা আৰু চুলি শিপাৰ মাজত পার্থক্য হ’ল-

মুখ্য শিপাচুলি শিপা
কিছুমান গছৰ শিপা বীজৰ  গজালি মেলাৰ লগে লগে মাটিৰ তললৈ পোনে পোনে আগবাঢ়ি যায় , এই শিপাক মুখ্য শিপা বোলে। যেনে- আম ,জাম , আদি।কিছুমান গছৰ জন্মমূল বাঢ়ি গৈ তাৰ গুৰিৰ পৰা কিছুমান শিপা থোপা বান্ধি ওলায়। এনেধৰণৰ শিপাক চুলি শিপা বোলে। যেনে-ঘেঁহু , ধান , মাকৈ আদি।

৪। একবর্ষীয় ,দ্বিবর্ষীয় আৰু বহুবর্ষীয় উদ্ভিদৰ মাজৰ পার্থক্য লিখা।ইহঁতৰ প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

উঃ যিবোৰ উদ্ভিদৰ জীৱন কাল মাত্র এবছৰ তেনে উদ্ভিদক একবর্ষীয় উদ্ভিদ বোলে। যেনে – ধান।

যিবোৰ উদ্ভিদৰ জীৱন কাল দুবছৰ , তেনে উদ্ভিদক দ্বিবার্ষিক উদ্ভিদ বোলে। যেন-কুঁহিয়াৰ। 

কিছুমান উদ্ভিদ বছৰ ধৰি জীয়াই থাকে , তেনে উদ্ভিদক বর্ষীয় উদ্ভিদ বোলে। যেনে – আম।

৫। তৃণজাতীয় আৰু গুল্মজাতীয় উদ্ভিদৰ মাজত পার্থক্য লিখা।

উঃ তৃণ জাতীয় আৰু গুল্ম জাতীয় উদ্ভিদৰ মাজত পার্থক্য 

হ’ল –

তৃণজাতীয় উদ্ভিদগুল্মজাতীয় উদ্ভিদ
কিছুমান উদ্ভিদৰ গা – গছ কোমল আৰু চাপৰ  হয় । তেনেবোৰ উদ্ভিদক তৃণজাতীয় উদ্ভিদ বোলে। যেনে -ঘাঁহ – বন , পদিনা আদি।কিছুমান উদ্ভিদৰ গা-গছ কঠিন হয় আৰু ইহঁতৰ গুৰিৰ পৰাই শাখা প্রশাখা ওলাই জোপোহা হয়।এনেবোৰ উদ্ভিদক গুল্ম জাতীয় উদ্ভিদ বোলে।যেনে -নেমু , জলকীয়া আদি

৬ | খালী ঠাই পূৰ কৰা :

(ক) বীজ উদ্ভিদৰ ——– ভিতৰত থাকে।

উঃ ফলৰ ।

(খ) বিটপ তন্ত্র উদ্ভিদৰ ——– অংশত পোৱা যায়।

উঃ কাণ্ড ।

(গ) বৃক্ষৰ কাণ্ড গুল্মজাতীয় উদ্ভিদৰ কাণ্ডতকৈ ——–।

উঃ ডাঙৰ ।

(ঘ) গুল্মজাতীয় উদ্ভিদৰ কাণ্ড তৃণজাতীয় উদ্ভিদৰ 

কাণ্ডতকৈ ——– ।

উঃ ডাঙৰ ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। জীৱজগত কাক বোলে ?

উঃ উদ্ভিদ আৰু প্রাণীসমূহক একেলগে জীৱজগত বোলে।

২। শিপাৰ প্রধান কামসমূহ উল্লেখ কৰা।

উঃ শিপাৰ প্ৰধান কামসমূহ হ’ল –

(ক) শিপাই গছজোপাৰ বাবে মাটিৰ পৰা পানী আৰু প্রয়োজনীয় পুষ্টিকৰ দ্ৰব্য শোষণ কৰে।

 (খ) শিপাই গছজোপা মাটিত বাগৰি নপৰাকৈ খামুচি ধৰি ৰাখে।

(গ) কিছুমান উদ্ভিদৰ শিপাই ভবিষ্যতৰ বাবে খাদ্য জমা কৰি ৰাখে।

৩। স্থানিক শিপা থকা তিনিবিধ উদ্ভিদৰ নাম লিখা।

উঃ গাজৰ , আম আৰু কঠাল।

৪। অস্থানিক শিপা থকা তিনিধি উদ্ভিদৰ নাম লিখা।

উঃ ধান , কুঁহিয়াৰ আৰু পিয়াঁজ।

৫। তিনিধি উদ্ভিদৰ নাম লিখা যাৰ শিপা আমি খাদ্য হিচাপে গ্রহণ কৰোঁ।

উঃ মূলা , গাজৰ আৰু ছালগোম।

৬। উদ্ভিদৰ কোন খিনি অংশক বিটপ তন্ত্র বোলে ?

উঃ এজোপা গছৰ সৈতে থকা ডাল , পাত , ফল , ফুল সকলো লগ লাগি বিটপ তন্ত্র গঠিত হয়।

৭। মৃদগত কাণ্ড কাক বোলে ?

উঃ কিছুমান উদ্ভিদৰ কাণ্ড মাটিৰ তললৈ আগবাঢ়ে। এনেধৰণৰ উদ্ভিদৰ কাণ্ডক মৃদগত কাণ্ড বোলে। এনেবোৰ উদ্ভিদৰ কিছুমান কাণ্ডই গছজোপাৰ বাবে খাদ্য জমা কৰি ৰাখে।

৮। এনে চাৰিবিধ উদ্ভিদৰ নাম লিখা যাৰ কাণ্ড মাটিৰ তললৈ বাঢ়ি যায় আৰু আমি খাদ্য হিচাপে গ্ৰহণ কৰো।

উঃ আলু , আদা , হালধি , কচু।

৯। গছ এজোপাৰ পাতৰ কাম উল্লেখ কৰা।

উঃ গছৰ পাতে গছজোপাৰ বাবে খাদ্য প্রস্তুত কৰে।

১০। পত্রৰন্ধ্র কাক বোলে ?

উঃ গছৰ পাতৰ পৃষ্ঠভাগত কিছুমান সৰু সৰু ছিদ্র থাকে। এইবোৰক পত্রৰন্ধ্র বোলে।

১১। পত্রৰন্ধ্র কামবোৰ উল্লেখ কৰা।

উঃ পত্রৰন্ধ্রৰ কামবোৰ হ’ল –

(ক) পত্রৰন্ধ্রৰ সহায়ত উদ্ভিদে অতিৰিক্ত পানী ভাগ বাহিৰলৈ উলিয়াই দিয়ে।

(খ) পত্রৰন্ধ্রৰ মাজেৰে বায়ু চলাচল কৰে।

১২। বীজাবৰণ বা বীজত্বক কাক বোলে ?

উঃ উদ্ভিদৰ বহিঃভাগত এখন পাতল আৱৰণ থাকে। ইয়াকে বীজাবৰণ বা বীজত্বক বোলে।

১৩। বীজপত্র কাক বোলে ?

উঃ উদ্ভিদৰ জন্ম কাণ্ডডালত লাগি থকা পাতক বীজপত্র বোলে।

১৪। উদ্ভিদ প্রজনন প্রধান অংগ কি ?

উঃ ফুল।

১৫। “ উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে আগবাঢ়ে ” । এটা পৰীক্ষাৰ সহায়ত কথাষাৰ ব্যাখ্যা কৰা।

উঃ উদ্ভিদৰ কাণ্ড যে পোহৰৰ ফালে আগবাঢ়ে তলত উল্লেখ কৰা পৰীক্ষাৰ সহায়ত বুজোৱা হ’ল-

চিত্র: কাণ্ড পোহৰৰ দিশলৈ আগবাঢ়ে।

দুটা টাবত দুডাল গছ পুলি ৰোৱা হ’ল। এতিয়া এটা বাকচত এটা টাব পুলিটোৰে সৈতে সোমাই দিয়া হ’ল। বাকচটোৰ কেৱল এটা কোণত পোহৰ সোমাব পৰাকৈ ফুটা ৰাখিব লাগে। আনটো টাব মুকলিকৈ ৰাখিব লাগে। দুয়োটা পুলিতে ভালদৰে পানী দি থাকিব লাগে। 

কেইদিন মান পিছত দেখা যাব যে মুকলিকৈ ৰখা গছ পুলিটো পোনে পোনে আগবাঢ়িছে । কিন্তু বাকচৰ ভিতৰত থকা পুলিটো বাকচটোত থকা ফুটাৰে বাহিৰলৈ ওলাই আহিছে কাৰণ সেই ফুটাটোৰে বাকচটোৰ ভিতৰলৈ পোহৰ সোমাইছে। 

এই পৰীক্ষাটোৰ পৰাই বুজা যায় যে উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে আগবাঢ়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top