Niketan Class 5 Science Chapter 2 সংক্রামক ৰোগ আৰু ইয়াৰ প্রতিৰোধ

Niketan Class 5 Science Chapter 2 সংক্রামক ৰোগ আৰু ইয়াৰ প্রতিৰোধ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 2 সংক্রামক ৰোগ আৰু ইয়াৰ প্রতিৰোধ and select need one.

Niketan Class 5 Science Chapter 2 সংক্রামক ৰোগ আৰু ইয়াৰ প্রতিৰোধ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 2 সংক্রামক ৰোগ আৰু ইয়াৰ প্রতিৰোধ Solutions for All Subjects, You can practice these here.

সংক্রামক ৰোগ আৰু ইয়াৰ প্রতিৰোধ

Chapter – 2

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। তোমাৰ আশে পাশে থকা পাঁচবিধ পতংগৰ নাম কোৱা।

উঃ মৌ , মাখি , পইতাঁচোৰা , বৰল , ম’হ।

২I কোন বিধ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে ? 

উঃ মাইকী এন’ফিলিছ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে।

৩। বহু সময় ধৰি কাটি থোৱা ফলমূল নোধোৱাকৈ খোৱাটো অপকাৰী কিয় ? 

উঃ ফলমূল বহু সময় ধৰি কাটি থৈ দিলে বায়ুমণ্ডলত থকা বিভিন্ন বেমাৰৰ বীজাণু ফলমূলত বিয়পিব পৰে। সেইবোৰ খালে আমাৰ শৰীৰত নানান ৰোগৰ সৃষ্টি হ’ব পাৰে। সেয়েহে কাটি থোৱা ফল- মূলবোৰ ভাল দৰে ধুই খাব লাগে।

8। হাঁচি বা কাঁহ মাৰোতে আমি নাক , মুখ কিয় ঢাকি ল’ব লাগে ? 

উঃ হাঁচি বা কাঁহ মাৰোতে আমি নাক , মুখ ঢাকি ল’ব লাগে ।তেতিয়া বতাহত ইয়াৰ বীজাণু বিয়পি নাযায়।

৫। প্রস্বাৱগাৰৰ পৰা ওলাই আহি হাত ভাল দৰে ধোঁৱাৰ কিয় প্রয়োজন ? 

উঃ হাতত লাগি থকা বীজাণুবোৰ আঁতৰাবৰ বাবে প্ৰস্বাৱগাৰৰ পৰা ওলাই আহি ভালদৰে হাত ধুব লাগে।

লিখিত কার্য :-

১। দুষিত পানীৰ পৰা হ’ব পৰা বেমাৰ সমূহৰপৰা ৰক্ষা, পাবলৈ তুমি কি কৰিবা ? 

উঃ আমি সদায় উতলাই চেঁচা কৰা পানী খাব লাগে। সেই পানীখিনি বিশুদ্ধ হয়। তাৰোপৰি পানীৰ উৎসক দূষিত হোৱাৰ পৰা প্ৰতিৰোধ কৰিব লাগে। পানীৰ উৎসৰ কাষত জাৱৰ – জোথৰ ৰাখিব নালাগে। পানীৰ উৎসৰ কাষত কাপোৰ কাণি ধুব নালাগে। 

এনেদৰে আমি দূষিত পানীৰ পৰা হ’ব পৰা বেমাৰ সমূহৰ পৰা ৰক্ষা পাব পাৰে।

২। সংক্রামক ৰোগসমূহ বিয়পাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উঃ সংক্রামক ৰোগ সমূহ বিয়পাৰ তিনিটা কাৰণ হ’ল— 

(ক) মাখিৰ দ্বাৰা ৰোগ বিয়পিব পাৰে- যেতিয়া মাখি লেতেৰা আৱৰ্জনাৰ ওপৰত পৰে তেতিয়া মাখিটোৰ ঠেঙ আৰু শৰীৰত বীজাণু লাগি আহে। সেই মাখিটো খাদ্য বস্তুৰ ওপৰত পৰিলে বীজাণু খাদ্য বস্তুলৈ বিয়পে। সেই খাদ্য খালে – মানুহৰ বেমাৰৰ সৃষ্টি হ’ব পাৰে।

(খ) দূষিত পানী আৰু খাদ্যৰ দ্বাৰা বেমাৰ বিয়পে – দূষিত পানী খালে পানীত থকা বীজাণুবোৰ শৰীৰৰ ভিতৰলৈ গৈ বেমাৰৰ সৃষ্টি কৰে ৷ তাৰোপৰি আমি লেতেৰা হাতেৰে খাদ্য খালে তাত থকা বীজাণুবোৰ শৰীৰৰ ভিতৰলৈ যায়। তেতিয়া এজন মানুহ ৰোগত আক্রান্ত হ’ব পাৰে।

(গ)  বায়ু বা বতাহৰ দ্বাৰাও বেমাৰ বিয়পে – যেতিয়া কোনো এজন মানুহ কাঁহত আক্রান্ত হয় , তেওঁৰ নাক আৰু মুখৰ পৰা ওলোৱা বীজাণু বায়ুৰ লগত মিহলি হয়। এই বীজাণু উশাহ লওঁতে। এজন সুস্থ মানুহৰ শৰীৰত সোমাই মানুহজনক বেমাৰী কৰি তোলে।

৩। সংক্রামক ৰোগসমূহ প্ৰতিৰোধ কৰাৰ বাবে তুমি কি কি ব্যৱস্থা গ্ৰহণ কৰিবা ? 

উঃ সংক্রামক ৰোগসমূহ প্ৰতিৰোধ কৰাৰ বাবে আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই ব্যৱস্থাবোৰ হ’ল- 

(ক) আমি সদায় শৰীৰ পৰিষ্কাৰ কৈ ৰাখিব লাগে।

(খ) বিশুদ্ধ খোৱা পানী আৰু পৰিষ্কাৰ আহাৰ খাব লাগে।

(গ) হাঁচি মাৰোতে বা কাঁহিলে ৰুমালেৰে নাক – মুখ ঢাকিব লাগে।

(ঘ) ৰোগীয়ে ব্যৱহাৰ কৰা ৰুমাল , গামোছা আদি সুস্থ লোকে ব্যৱহাৰ কৰিব নালাগে।

(ঙ) সংক্রামক ৰোগৰ প্রতিষেধক ছিটা ল’ ব লাগে।

(চ) ঘৰৰ চাৰিওফাল পৰিষ্কাৰকৈ ৰাখিব লাগে। আৱৰ্জনাবোৰ মুখবন্ধ ডাষ্টবিনত পেলাব লাগে।

(ছ) মহ , মাখিয়ে যাতে বংশ বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ঘৰৰ চাৰিফালে বীজাণুনাশক দ্রব্য ছটিয়াব লাগে।

৪। তিনিবিধ সংক্রামক ৰোগৰ নাম লিখা যাক প্রতিৰোধ কৰাৰ বাবে ছিটা দিয়া হয়। লগতে প্রতিবিধৰ একোটাকৈ লক্ষণ উল্লেখ কৰা। 

উঃ

ৰোগৰ নামলক্ষণ
যক্ষ্মাশৰীৰৰ ওজন কমি যোৱা।
ডিপথেৰিয়াডিঙি খজুওৱা আৰু ওখহা।
হুপিং কাঁহসঘনাই শুকান কাহ হোৱা।

৫। তলৰ শুদ্ধ উত্তৰ সমূহৰ বিপৰীতে  (√)   এই চিন দিয়া 

১। কলেৰা বেমাৰ বিয়পিব পাৰে 

(ক) মহৰ দ্বাৰা।

(খ) মহ আৰু মাখিৰ দ্বাৰা

(গ) দূষিত পানী আৰু খাদ্যৰ দ্বাৰা

(ঘ) বায়ুৰ দ্বাৰা।

উঃ (গ) দূষিত পানী আৰু খাদ্যৰ দ্বাৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

১। সংক্রামক ৰোগ কাক বোলে ? 

উঃ কিছুমান ৰোগ আক্রান্ত ৰোগীৰ সংস্পৰ্শত থাকিলে সুস্থ মানুহজনেও সেই ৰোগত আক্রান্ত হ’ব পাৰে। এনে ৰোগক সংক্রামক ৰোগ বোলে। 

২। এজনী মাইকী মহে এবাৰত কিমান কণী পাৰে ?

 উঃ দুশৰ পৰা তিনিশ পর্যন্ত কণী পাৰিব পাৰে। 

৩। এটা কণীৰ পৰা মহৰ সৃষ্টি হ’বলৈ প্রায় কিমান দিন সময় লয় ?

উঃ সাতৰ পৰা দহ দিন সময় লয়।

৪। মহৰ জীৱন কাল কিমান দিন ? 

উঃ দুই সপ্তাহ।

৫। মেলেৰিয়া ৰোগ কেনেকৈ বিয়পে ?

উঃ যেতিয়া মাইকী এনফিলিছ মহে এগৰাকী বেমাৰীৰ তেজ শেহে তেতিয়া বেমাৰী লোকজনৰ তেজৰ সৈতে বীজাণু মহটোৰ গালৈ আহে। সেইটো মহে এজন সুস্থ লোকক কামুৰিলে সেই জন লোকৰ শৰীৰলৈ সেই বীজাণু বিয়পে। তেতিয়া মানুহজন মেলেৰিয়া ৰোগত আক্রান্ত হয়। 

এনেদৰে মাইকী এন’ফিলিছ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ। এজনৰ পৰা আন এজনৰ শৰীৰলৈ বিয়পে।

৬। দূষিত পানী আৰু খাদ্যৰ ফলত সৃষ্টি হোৱা কেইবিধমান ৰোগৰ নাম লিখা।

উঃ দূষিত পানী আৰু খাদ্যৰ ফলত সৃষ্টি হোৱা কেইবিধমান ৰোগৰ নাম হ’ল কলেৰা , ডিছেনট্ৰী, টাইফয়ড , জণ্ডিছ। 

৭। আমি কেনেদৰে ঘৰতে অ’ আৰ এছ (ORS) প্রস্তুত কৰিব পাৰো ?

উঃ এক লিটাৰ পানী উতলাই চেঁচা কৰিব লাগে। সেই পানী খিনিত এচামুচ নিমখ , চাৰি চামুচ চেনি আৰু নেমুৰস কেইটোপাল মান দি মিশ্ৰণটো ভাল দৰে লৰাব লাগে। এই মিশ্রণটোকে অ ’ আৰ এছ ( ORS ) বোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top