Niketan Class 5 Assamese Chapter 3 বামুণী আৰু নেউল

Niketan Class 5 Assamese Chapter 3 বামুণী আৰু নেউল Sankardev Sishu Niketan Chapter 3 বামুণী আৰু নেউল Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class V Assamese Chapter 3 বামুণী আৰু নেউল

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 3 বামুণী আৰু নেউল gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

বামুণী আৰু নেউল

Chapter – 3

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। বামুণীয়ে সৰু ল’ৰাটোক চোতালত শুৱাই থৈ ক’লৈ গৈছিল

উত্তৰঃ পানী আনিবলৈ গৈছিল । 

প্রশ্ন ২। বামুণীয়ে কাক ল’ৰাটোৰ ৰখীয়া পাতি থৈ গৈছিল ? 

উত্তৰঃ নেউলক ।

প্রশ্ন ৩। বামুণীয়ে অধৈর্য হৈ কলহটো দলিয়াই দিওঁতে কি হল ? 

উত্তৰঃ কলহটো গাত পৰি নেউলটো মৰি থাকিল । 

প্রশ্ন ৪। নেউলে মাটিফেটী সাপটোক কিয় মাৰিছিল ? 

উত্তৰঃ মাটিফেঁটী সাপটোৱে কালৰূপ ধৰি ল’ৰাটোৰ গালৈ ফেঁট তুলিছিল।ল’ৰাটোক খুঁটিব বুলি নেউলে সাপটোক মাৰিছিল । 

প্রশ্ন ৫। শেষত বামুণীয়ে কিয় চকুলাে মচিলে ? 

উত্তৰঃ বামুণীয়ে ঘৰলৈ আহি নাচি – বাগি থকা ল’ৰাটো আৰু লৰাটোৰ পৰা অলপ দূৰৈত মৰি পৰি থকা সাপটো দেখি বুজিলে যে নেউলটোৱে তেওঁৰ ল’ৰাটোক মৰা নাই , ল’ৰাটোক বচাবলৈ সাপটোকহে মাৰিছে । এই কথাখিনি বুজি বামুণীয়ে নেউলটোৰ দুখত চকুলাে মচিলে । 

প্রশ্ন ৬। নেউল আৰু সাপৰ মাজৰ যুঁজখনত কোন জিকিল ? 

উত্তৰঃ নেউল জিকিল । 

প্রশ্ন ৭। বাক্য ৰচনা কৰা –

           ধাউতি , কেৰ – মেৰ , থৈয়া-নথৈয়া , নাচি-বাগি , লুতুৰি – পুতুৰি । 

উত্তৰঃ ধাউতি :- পঢ়া – শুনাত ধাউতি থকা ছাত্ৰইহে উন্নতি কৰিব পাৰে ।

কেৰ – মেৰ :- বামুণীৰ চোতাললৈ ফেঁটীসাপটো কেৰ – মেৰকৈ সােমাই আহিছিল । 

থৈয়া-নথৈয়া :- কৌৰৱ আৰু পাণ্ডৱৰ মাজত থৈয়া – নথৈয়া ৰণ লাগিছিল । 

নাচি-বাগি :- সৰু লৰাটোৱে চোতালত নাচি-বাগি খেলি আছে । 

লুতুৰি – পুতুৰি :- নেউলটোৱে তেজেৰে লুতুৰি – পুতুৰি হৈ বামুণীৰ ওচৰলৈ আহিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top