Niketan Class 4 Assamese Chapter 11 চন্দ্ৰপ্ৰভা শইকীয়ানী

Join Telegram channel

Niketan Class 4 Assamese Chapter 11 চন্দ্ৰপ্ৰভা শইকীয়ানী, Sankardev Sishu Niketan Chapter 11 চন্দ্ৰপ্ৰভা শইকীয়ানী Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

চন্দ্ৰপ্ৰভা শইকীয়ানী

Chapter – 11

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১: ডত্তৰ লিখা :

(ক) চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সৰু কালৰ নাম কি আছিল?

উত্তৰ : চন্দ্ৰপ্ৰয়া।

(খ) চন্দ্রপ্রভা কেনে স্বভাৱৰ আছিল ? 

উত্তৰ : চন্দ্ৰপ্ৰভা পঢ়া-শুনাত ধাউতি থকা, কষ্টসহিষ্ণু, নিৰ্ভীক আৰু আত্মনির্ভরশীল স্বভাৱৰ আছিল।

(গ) চন্দ্ৰপ্ৰভাক কাৰ আদৰ্শই অনুপ্রাণিত কৰিছিল ? 

উত্তৰ : মহাত্মা গান্ধীৰ আদৰ্শই।

(ঘ) চন্দ্ৰপ্ৰভাই গঢ়ি তোলা অসমৰ বিখ্যাত নাৰী সংগঠনটোৰ কাম কি ?

উত্তৰ : অসম মহিলা সমিতি। 

(ঙ) চন্দ্ৰপ্ৰভাই স্ত্রীশিক্ষাৰ বাবে কি সেৱা আগবঢ়াইছিল ?

উত্তৰ : চন্দ্ৰপ্ৰভাইস্ত্ৰী শিক্ষাৰ বাবে বহুতো সেৱা আগবঢ়াইছিল। শিক্ষয়িত্ৰী হিচাপে ছোৱালীবোৰক শিক্ষা দান কৰাৰ উপৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে নিজে স্কুল পাতি দিছিল। ভিতকরা অঞ্চললৈ চাইকেল চলাই গৈ সেই অঞ্চলবোৰৰ মহিলাসকলক উলিয়াই আনি ‘অসম মহিলা সমিতি’ নামৰ সংগঠনটো গঢ়ি তুলিছিল। গাঁৱৰ মহিলা সকলক ঘৰতে সূতা কটা, কাপোৰ বোৱা আদি কামত লগাইছিল। 

(চ) চন্দ্ৰপ্ৰভাই কিয় আৰু কেইবাৰ কাৰাবাস খাটিছিল ?

উত্তৰ : ১৯৩১ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনত ইংৰাজৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলনত সক্রিয়ভাবে অংশগ্ৰহণ কৰা বাবে চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীয়ে দুবাৰ কাৰাবাস খাটিব লগা হৈছিল। 

(ছ) চন্দ্ৰপ্ৰভাই ৰচনা কৰা পুথিসমূহৰ নাম কি ?

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ৰচনা কৰা পুথিসমূহ হৈছে— ‘পিতৃ ভিঠা’, ‘শেষ আশ্রয়’, ‘অপৰাজিতা’, ‘কণ্ঠমালা’ আৰু ‘অসম প্রাদেশিক মহিলা সমিতিৰ ইতিবৃত্ত’।

(জ) চন্দ্ৰপ্ৰভাক কি উপাধি প্ৰদান কৰা হয় ?

উত্তৰ : ‘পদ্মশ্রী’ উপাধি প্রদান কৰা হয়।

প্রশ্ন ২ : শুদ্ধ উত্তৰ লিখা :

(ক) চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে স্বদেশী / বিদেশী বস্ত্ৰ পিন্ধিবলৈ লৈছিল।

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে স্বদেশী বস্ত্ৰ পিন্ধিবলৈ লৈছিল।

(খ) চন্দ্ৰপ্ৰভা এগৰাকী অভিনেত্রী/ সুলেখিকা আছিল।

উত্তৰ : চন্দ্ৰপ্ৰভা এগৰাকী সুলেখিকা আছিল।

(গ) চন্দ্ৰপ্ৰভাৰ প্ৰকাশিত পুথিখনৰ নাম পিতৃ ভিঠা / পিতা পুত্র। 

উত্তৰ : চন্দ্ৰপ্ৰভাৰ প্ৰকাশিত পুথিখনৰ নাম পিতৃ ভিঠা।

(ঘ) চন্দ্ৰপ্ৰভা শইকীয়ানীক পদ্মভূষণ / পদ্মশ্রী উপাধি প্ৰদান কৰা হয়।

উত্তৰ : চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীক পদ্মশ্রী উপাধি প্রদান কৰা হয়।

প্রশ্ন ৩ : খালী ঠাই পূৰ কৰা :

(ক) বৰপেটা জিলাৰ বজালীৰ………গাঁৱত চন্দ্ৰপ্ৰভাৰ জন্ম হয়।

উত্তৰ : বৰপেটা জিলাৰ বজালীৰ দৈ-শিঙৰি গাঁৱত চন্দ্ৰপ্ৰভাৰ জন্ম হয়।

(খ) চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে…….চনত……..নামৰ সংগঠন এটি গঢ়ি তোলে।

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৬ চনত ‘অসম মহিলা সমিতি’ নামৰ সংগঠন এটি গঢ়ি তোলে।

(গ) চন্দ্ৰপ্ৰভাই……….আদৰ্শেৰে অনুপ্রাণিত হৈছিল।

উত্তৰ : চন্দ্ৰপ্ৰভাই মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈছিল।

প্রশ্ন ৪ : ভাৰত চৰকাৰে কিহৰ বাবে ‘পদ্ম সন্মান’ প্ৰদান কৰে ? 

উত্তৰ : সাহিত্য, সংস্কৃতি, ক্রীড়া, মানৱ সেৱা আদি বিভিন্ন দিশত খ্যাতি অর্জন কৰা আৰু বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক সন্মান জনাবলৈ ভাৰত চৰকাৰে ‘পদ্ম সম্মান’ প্ৰদান কৰে।

প্রশ্ন ৫ : ‘পদ্ম সম্মান’ চৰকাৰৰ হৈ কোনে প্রদান কৰে ? 

উত্তৰ : ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।

প্রশ্ন ৬ : ‘পদ্ম সম্মান’ ৰ স্মাৰকটোত কিহৰ প্ৰতীক আছে ?

উত্তৰ : পদুম ফুলৰ ৷

প্রশ্ন ৭ : চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি আছিল ?

উত্তৰ : ‘অভিযাত্রী’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top