Niketan Class 4 Assamese Chapter 2 জীৱাণু আৰু অণুবীক্ষণ

Niketan Class 4 Assamese Chapter 2 জীৱাণু আৰু অণুবীক্ষণ, Sankardev Sishu Niketan Chapter 2 জীৱাণু আৰু অণুবীক্ষণ Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

জীৱাণু আৰু অণুবীক্ষণ

Chapter – 2

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ দিয়া : 

(ক) জীবাণু কি ?

উত্তৰ : মাটি, পানী, বায়ু আৰু জীৱদেহকে ধৰি আমাৰ চাৰিওফালে থকা খালি চকুৰে নমনা অতি ক্ষুদ্ৰ জীৱবোৰকে জীৱাণু বোলে। 

(খ) অণুবীক্ষণ যন্ত্র কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : লিউৱেনহুক নামৰ এজন বিজ্ঞানীয়ে।

(গ) লিউৱেনহুক কোন ?

উত্তৰ : লিউৱেনক হলেণ্ড (বর্তমান নেডাৰলেণ্ড)ৰ গীর্জা ঘৰ এটাৰ ৰখীয়া আছিল। তেওঁ বৰ শিক্ষিত মানুহ আছিল। অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰি তেওঁ বিজ্ঞানী হিচাপে পৰিচিত হয়।

(ঘ) লিউৱেনহুকে প্রথমতে কি কৰিছিল ? 

উত্তৰ : গীর্জা ঘৰৰ ৰখীয়াৰ কাম কৰিছিল।

প্রশ্ন ২ : বিপৰীত শব্দ লিখা : 

দেখা, থকা, উপকাৰ, সৰু, ক্ষুদ্র।

উত্তৰ :

শব্দবিপৰীত শব্দ
দেখানেদেখা
থকানথকা
উপকাৰঅপকাৰ
সৰুডাঙৰ
ক্ষুদ্ৰবৃহৎ

প্রশ্ন ৩: অণুবীক্ষণ যন্ত্ৰই মানৱ সমাজৰ কেনেদৰে উপকাৰ কৰিছে লিখা। 

উত্তৰ : অণুৱীক্ষণ যন্ত্ৰই মানৱ সমাজৰ যথেষ্ট উপকাৰ কৰিছে। বিশেষকৈ চিকিৎসা . বিজ্ঞানলৈ ই অপৰিসীম অৱদান আগবঢ়াইছে। অণৱীক্ষণ যন্ত্র আৱিষ্কাৰৰ আগতে মহামাৰীৰ ৰূপ লোৱা মেলেৰীয়া, কলেৰা, বসন্ত আদি ৰোগৰ কাৰণ জানিব পৰা হোৱা নাছিল, ফলত এইবোৰ ৰোগৰ ঔষধো আৱিষ্কাৰ হোৱা নাছিল। আমাৰ সৰহভাগ বেমাৰৰ কাৰণ যে বীজাণু বা অণুজীৱবোৰ, এই কথাটো অণুৱীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিহে পোৱা গৈছিল। চিকিৎসা বিজ্ঞানৰ উপৰি প্ৰাণীকোষ আৰু উদ্ভিদকোষ গঠন সম্পর্কীয় অধ্যয়নতো অণুৱীক্ষণ যন্ত্ৰই যথেষ্ট সহায় কৰিছে।

প্রশ্ন ৪: আমাৰ শৰীৰত প্ৰৱেশ কৰা সকলোবোৰ জীৱাণু অনিষ্টকাৰক নে ? 

উত্তৰ : আমাৰ শৰীৰত প্ৰৱেশ কৰা সকলোবোৰ জীৱাণু অনিষ্টকাৰক নহয়। কিছুমান জীৱাণুৱে আমাৰ শৰীৰত থাকি উপকাৰ সাধনো কৰে।

প্রশ্ন ৫ : খালী ঠাই পূৰ কৰা :

(ক) বসন্তৰ বীজাণুৱে ……..উৰি ফুৰি ৰোগ বিয়পায়।

উত্তৰ : বসন্তৰ বীজাণুৱে বতাহত উৰি ফুৰি ৰোগ বিয়পায়।

(খ)…………… বীজাণু বিস্তাৰিত কৰে পানীয়ে।

উত্তৰ : কলেৰাৰ বীজাণু বিস্তাৰিত কৰে পানীয়ে।

(গ) মেলেৰীয়াৰ জীৱাণু…………থাকে।

উত্তৰ : মেলেৰীয়াৰ জীৱাণু তেজত থাকে।

প্রশ্ন ৬ : তলৰ তালিকাৰ বাঁওফালৰ কথাখিনিৰ বিপৰীতে সোঁফালৰ কথাখিনি মিলোৱা।

বাঁওফালসোঁফাল
লিউৱেনহুকেঅলপ ডাঙৰ দেখি
আতচী কাঁচেৰে চালে বস্তুবোৰৰখীয়াৰ কাম কৰিছিল
আজৰি পৰত তেওঁ আইনা ঘঁহি ঘঁহিঅণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল
লিউৱেনহুকে হলেণ্ডৰ গীৰ্জা ঘৰতআতচী কাঁচ তৈয়াৰ কৰিছিল

উত্তৰ :

বাঁওফালসোঁফাল
লিউৱেনহুকেঅণুৱীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল
আতচী কাঁচেৰে চালে বস্তুবোৰঅলপ ডাঙৰ দেখি
আজৰি পৰত তেওঁ আইনা ঘঁহি ঘঁহিআতচী কাঁচ তৈয়াৰ কৰিছিল
লিউৱেনহুকে হলেণ্ডৰ গীৰ্জা ঘৰতৰখীয়াৰ কাম কৰিছিল

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top