Niketan Class 4 Assamese Chapter 3 হাজোত এদিন

Niketan Class 4 Assamese Chapter 3 হাজোত এদিন, Sankardev Sishu Niketan Chapter 3 হাজোত এদিন Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

হাজোত এদিন

Chapter – 3

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১: উত্তৰ দিয়া :

(ক) ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মিত প্রথম দলংখনৰ নাম কি ? দলংখন কেতিয়া, কোনে মুকলি কৰিছিল ?

উত্তৰ : শৰাইঘাট দলং। এই দলংখন তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহেৰুৱে ১৯৬২ চনত মুকলি কৰিছিল।

(খ) হাজোক কিয় ‘পঞ্চতীর্থ’ বোলা হয় ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ: হাজোেত হয়গ্ৰীৱ মাধৱ, কেদাৰ, কমলেশ্বৰ, কামেশ্বৰ আৰু গণেশ মন্দিৰ তীৰ্থ আছে। হিন্দুসকলৰ এই তাৰ্থস্থান পাঁচখন হাজোত আছে বাবে হাজোক ‘পঞ্চতীর্থ’ বোলা হয়।

(গ) গৰুড়াচল পাহাৰত থকা মছজিদটোক কিয় পোৱামক্কা বোলে ?

উত্তৰ : গৰুড়াচল পাহাৰত থকা মছজিদটোৰ ভেটিত মক্কাৰপৰা এপোৱা মাটি আনি দিছিল বারে এই মছজিদটোক পোৱামক্কা বোলে।

(ঘ) হয়গ্ৰীৱ মাধৱৰ মূৰ্তিটোক কিহৰ মূৰ্তি বুলি বিশ্বাস কৰা হয় ?

উত্তৰ : হয়গ্ৰীৱ মাধৱৰ মূৰ্তিটোক তিব্বত আৰু ভূটানৰ পৰা অহা বৌদ্ধ লামা সম্প্ৰদায়ৰ লোকসকলে বুদ্ধদেৱৰ মূৰ্তি বুলি বিশ্বাস কৰে। গতিকে এই মূৰ্তিটোক বুদ্ধদেৱৰ মূৰ্তি বুলিয়েই বিশ্বাস কৰা হয়।

প্রশ্ন ২: হাজো ভ্রমণ কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে ক’ৰ পৰা গৈছিল ?

উত্তৰ : শঙ্কৰদেৱ শিশু নিকেতন, গুৱাহাটীৰ পৰা গৈছিল।

প্রশ্ন ৩: ছাত্ৰ-ছাত্ৰীসকলে হাজোত কি বস্তু চাই অধিক আনন্দ পাইছিল ?

উত্তৰ : মাধৱ মন্দিৰত থকা পুখুৰীৰ মাছ আৰু কাছবোৰ চাই অধিক আনন্দ পাইছিল।

প্রশ্ন ৪ : হাজোেত ছাত্র-ছাত্রীসকলে বাটত দেখা পোৱা গেৰুৱা সাজ পিন্ধা মানুহবোৰ কোন ?

উত্তৰ : তেওঁলোক তিব্বত আৰু ভূটানৰ পৰা অহা বৌদ্ধ লামা সম্প্ৰদায়ৰ লোক। 

প্রশ্ন ৫ : হাজোলৈ তিবৃত আৰু ভূটানৰ পৰা বৌদ্ধ লামা সম্প্ৰদায়ৰ লোকসকল কিয় আছে ?

উত্তৰ: হাজোত থকা হয়গ্ৰীৱ মাধৱৰ মূৰ্তিটো বৌদ্ধ লামা সম্প্ৰদায়ৰ লোকসকলে বুদ্ধদেৱৰ মূৰ্তি বুলি বিশ্বাস কৰে। সেয়েহে এই মূৰ্তিটো দৰ্শন কৰিবলৈ তেওঁলোক হাজোলৈ আহে।

প্রশ্ন ৬ : মুছলমানসকলৰ বাবে হাজোত থকা পৱিত্ৰ স্থানখনৰ নাম কি ? 

উত্তৰ: ‘পোৱামক্কা’ মছজিদ।

প্রশ্ন ৭ : ছাত্র-ছাত্রীসকলে হাজোলৈ যাওঁতে বাছত বহি গাই যোৱা গানবোৰ তেওঁলোকক কোন শিকাইছিল ? 

উত্তৰ: অণুবাইদেৱে।

প্রশ্ন ৮ : হাজো কি কি ধৰ্মৰ মানুহৰ মিলনভূমি ?

উত্তৰ : হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মানুহৰ মিলনভূমি।

প্রশ্ন ৯ : হাজোত পুৰণিকলীয়া কি বস্তু দেখি ছাত্ৰ-ছাত্ৰীসকল অভিভূত হৈছিল ?

উত্তৰ : পুৰণিকলীয়া ডাঙৰ ডাঙৰ মূৰ্তি, ভীমে পঁইতা ভাত খোৱা চৰিয়া, দবা আৰু বৰকাঁহবোৰ দেখি ছাত্ৰ-ছাত্ৰীসকল অভিভূত হৈছিল।

প্রশ্ন ১০ : শব্দ অর্থ লিখা :

সহযোগ, পুৰণিকলীয়া, স্থানীয়, অভিভূত, বৰকাহ, লহিয়াইছিল।

উত্তৰ :

শব্দঅর্থ
সহযোগসহায়
পুৰণিকলীয়াপ্রাচীন
স্থানীয়থলুৱা
অভিভূতআৱিষ্ট
বৰকাঁহএবিধ বাদ্য
লহিয়াইছিলভটিয়াইছিল

প্রশ্ন ১১ : বচন পৰিৱৰ্তন কৰা :

মই, তুমি, আপুনি, তাই, সি, তেওঁ

উত্তৰ:

মইআমি
তুমিতোমালোক
আপুনিআপোনালোক
তাইতাইহঁত
সিসিহঁত
তেওঁতেওঁলোক

প্রশ্ন ১২ : তলত দিয়াবোৰৰ যুক্তাক্ষৰটো লিখি একোটা শব্দ লিখা :

ঙ + গ, স + ক, ব + ব, শ + ব, দ + ধ [আৰ্হিঃস+হ স্থ (স্থানীয়)]

উত্তৰ :

ঙ + গ = (গঙ্গা) 

স + ক =স্ক (বিস্কুট)

ব + ব =ব্ব(নব্বৈ)

শ + ব =শ্ব (ঈশ্বৰ)

দ+ধ=দ্ধ (বুদ্ধি )

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top