কৰম পূজা (Karam Puja) অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক জনপ্ৰিয়, সৰ্বজনীন আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ। এই পূজাক মূলতঃ কৃষিৰ সৈতে জড়িত এক অনুষ্ঠান হিচাপে গণ্য কৰা হয়। শস্য উৎপাদনৰ সমৃদ্ধি আৰু কৃষিকাৰ্যত প্ৰাকৃতিক বাধাবিপত্তি নোহোৱাকৈ সহজভাৱে আগবঢ়িবলৈ প্ৰকৃতিক কৃতজ্ঞতা জনাই এই পূজা উদযাপন কৰা হয়। অঞ্চলভেদে এই পূজাৰ আয়োজনত কিছুমান সৰু-সুৰা প্ৰভেদ দেখা গলেও ইয়াৰ আধাৰ প্ৰকৃতিৰ সৈতে গভীৰভাৱে জড়িত।
কৰম পূজা (Karam Puja) মুখ্যতঃ নাৰীকেন্দ্ৰিক উৎসৱ হিচাপে পৰিচিত, য’ত বিশেষকৈ যুৱতীসকলেই মুখ্য ভূমিকা গ্ৰহণ কৰে। এই পূজাৰ অংশগ্ৰহণকাৰী যুৱতীসকলক “কৰমতী” বুলি অভিহিত কৰা হয়। কৰম পূজাৰ প্ৰস্তুতি সাধাৰণতে পূজাৰ পাঁচদিন, তিনিদিন বা সাতদিন আগতে আৰম্ভ কৰা হয়। কৰমতীসকলে দুটি সৰু নতুন বাঁহৰ টুকুৰা (টোপা) লৈ নদীৰ ঘাটলৈ যায়। তাত গা-পা ধুই, এখন পৰিষ্কাৰ ঠাই চাফা কৰি থাপনা কৰে আৰু ধূপ, বন্তি জ্বলাই পূজা কৰে।
তেওঁলোকে পূজাৰ লগত অনা বাঁহৰ টুকুৰাত একাজলিকৈ বালি ভৰাই বুট, ধান, মটৰ, মাটিমাহ, গােমধান, ঘেঁহু, সৰিয়হ, মগুমাহ আদি শস্যৰ বীজ সিঁচি দিয়ে। এই বিশেষ প্ৰথাটোক ঠাইভেদে “জাৱাধৰা” বা “ঝাৱাধৰা” বুলি কোৱা হয়। সেই বীজবোৰ যাতে কীট-পতংগৰ পৰা সুৰক্ষিত থাকে, তাৰ বাবে গণেশ দেৱতাৰ নামত নৈবেদ্য অৰ্পণ কৰা হয়। কৰম পূজাৰ দিনত এই শস্যবোৰ অংকুৰিত হৈ উঠে আৰু পূজাত ব্যৱহাৰ কৰা হয়।
অসমৰ চাহ জনগোষ্ঠীয়ে পালন কৰা কৰম পূজা মূলত উৰ্বৰতাৰ পৰ্ব হিচাপে গণ্য কৰিব পাৰি। চাহ শ্ৰমিকৰ এই পৰ্ব কৃষি আৰু উৰ্বৰতাৰ প্ৰতীকস্বৰূপ। এই পূজাৰ প্ৰধান উদ্দেশ্য হৈছে সকলোৰে কৃষি-কাৰ্য্য সুন্দৰভাৱে আগবাঢ়ি যাওক আৰু শস্য উজন-বদন হোৱাকৈ ফলি উঠক। অসমত কৰম পৰ্ব বা কৰম পূজা বছৰত তিনিবাৰ পালন কৰা হয়—ভাদ, আহিন আৰু আঘোণ মাহত। স্থানভেদে কেতিয়াবা তিনি দিন, কেতিয়াবা পাঁচ দিন আৰু কেতিয়াবা সাত দিন পৰ্যন্ত এই পূজা উদযাপন কৰা হয়। ভাদ মাহৰ শুক্লা একাদশীত উদযাপিত কৰম পূজাক ‘ৰাজ কৰম’ বা ‘ৰাজি কৰম’ নাইবা ‘ডাল কৰম’ বুলি জনা যায়। আহিন মাহত বিজয়া দশমীৰ দিনা উদযাপিত কৰমক ‘বুঢ়ী কৰম’ বোলা হয়। সেয়া আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা কৰম পূজাক ‘জিতিয়া কৰম’ নামেৰে জনা যায়।
কৰম পূজাৰ (Karam Puja) সকলোতকৈ গুৰুত্বপূর্ণ আৰু বিশেষ অনুষ্ঠান হ’ল “কৰম জাৱা”। এই অনুষ্ঠানত মুখ্য ভূমিকা গ্ৰহণ কৰে গাভৰুসকলে, যাক “কৰমতী” নামেৰে সম্বোধন কৰা হয়। পূজাৰ আৰম্ভণিৰ পাঁচ বা সাত দিন আগতেই কৰমতীসকলে ব্ৰত গ্ৰহণ কৰে। তেনে ব্ৰতৰ অংশ হিচাপে ঢোল, তাল, বাঁহী আদি বাদ্যযন্ত্র বজাই, নৈবেদ্যৰে সজ্জিত হৈ নৈৰ পাৰত উপচি যায়। তাতে গা ধুই, আৰতি কৰে আৰু কৃত্যসূচক অনুষ্ঠান সম্পন্ন কৰে।
ইয়াৰ পিছতে, এজোপা নতুন পাচি লৈ সকলো মিলি বালি ভৰাই একো আজলি কৰি তাতে ব্যক্তিগতভাৱে নিয়া মাটিমাহ, বুতমাহ, মগুমাহ, ধান, বজৰা, সৰিয়হ আদি বীজ সিঁচি দিয়ে। এই বীজবোৰ পূজাৰ দিনত সজিব হৈ উঠাৰ সময়ত তাৰ জগোৱা গঁজালি বা অঙ্কুৰিত অৱস্থাটোক “জাৱা” বুলি অভিহিত কৰা হয়। শুক্লা একাদশীৰ দিনা পূজা আৰম্ভ কৰি, পৰম পূজনীয় দেৱতাৰ স্মৰণৰ সৈতে পূজাৰ শুভাৰম্ভ হয়।
এই পূজাৰ উদ্দেশ্য হৈছে ধৰ্ম আৰু কৰ্মৰ মাধ্যমেৰে মানৱ জীৱনৰ উৎকৰ্ষ সাধন। পূজাৰ বিভিন্ন পৰ্যায়ত “ঝুমুই গীত” আৰু নৃত্যৰ বিশেষ পৰিৱেশনৰ মাধ্যমেৰে পূজাৰ আনন্দ আৰু পবিত্ৰতা অধিক বৃদ্ধি কৰা হয়।
কৰম পূজাত, বিশেষকৈ জাৱাত ঝুমুৰ বা ঝুমুই গীত-নৃত্যই এটা বিশেষ স্থান অধিকাৰ কৰে। কৰম জাৱাৰ প্ৰথম দিনটোত, কৰমতী বা নাৰীসকলক কেন্দ্ৰ কৰি ঝুমুই গীত গোৱা হয়। ঝুমুই গীত আৰু নৃত্যৰ আৰম্ভণিত পৰম্পৰাগতভাৱে শ্ৰীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদিক সম্বোধন কৰি গীত গোৱা হয়। এই গীতসমূহত শ্ৰীকৃষ্ণৰ লীলা-খেলা আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনীৰ উল্লেখ থাকে। দিনৰ প্ৰহৰ অনুসৰি ঝুমুই গীতৰ একোটা নিজা বৈশিষ্ট্য থাকে।
কৰম পূজা (Karam Puja) অসমৰ চাহ জনগোষ্ঠীৰ বাবে এক অতি পবিত্ৰ আৰু গুৰুত্বপূর্ণ লোক-উৎসৱ। এই পূজাই চাহ জনগোষ্ঠীৰ জীৱনলৈ এক ন-সঞ্জীৱনীৰ সোঁত আনিছে আৰু সমাজৰ সকলো খাটি-খোৱা লোকৰ মনত এক নতুন উৎসাহৰ জোৱাৰ তুলি দিছে। নাৰীসকলে মূলভাৱে নেতৃত্ব দিয়া এই পূজাটো এক নাৰীকেন্দ্ৰিক উৎসৱৰ ৰূপত পালন কৰা হয়। কৰম পূজাৰ মূল উদ্দেশ্য হৈছে—প্ৰকৃতিত উৰ্বৰা শক্তিৰ বৃদ্ধি, শস্যৰ প্ৰাচুৰ্য, সমাজৰ অকল্যাণৰ অৱসান আৰু সমগ্ৰ সমাজৰ উন্নতি সাধন কৰা। এই পূজাৰ সৈতে এক লোকবিশ্বাস জড়িত থকা কাৰণে যুগ যুগান্তৰে এই পূজা আনন্দ আৰু আস্থাৰে পালন কৰি অহা হৈছে, আৰু আগলৈও এই পবিত্ৰ অনুষ্ঠানটি চলি থাকিব।
Read also: Good Friday | গুড ফ্ৰাইডে
My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.